ডিজিটেল জাতীয়তাবাদ, জাতি-জনগোষ্ঠীসমূহৰ সমাজ-সাহিত্য-সংস্কৃতিৰ ডিজিটেলকৰণ: চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা


* একবিংশ শতিকাৰ যুগটো বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ যুগ৷ এই যুগটোত সমাজ সভ্যতাৰ প্ৰতিটো উপকৰণেই বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ সহায়ত নব্য মাধ্যমসমূহৰ জৰিয়তে সংৰক্ষণ আৰু সংবদ্ধৰ্ন হৈ ন-সাজ পিন্ধাৰ প্ৰতিযোগিতাত নামি পৰিছে৷ বিশ্বৰ যিসমূহ ৰাষ্ট্ৰ, ৰাজ্য বা সৰু-বৰ জাতি-জনগোষ্ঠীয়ে এই প্ৰতিযোগিতাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অন্তঃকৰণেৰে উপলব্ধি কৰিছে আৰু তাৰ সমান্তৰালভাৱে ডিজিটেল মাধ্যমসমূহত নিজৰ অস্তিত্ব প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিছে, সেই সমূহ ৰাষ্ট্ৰ, ৰাজ্য আৰু জাতি-জনগোষ্ঠীয়েই সভ্যতাৰ দৌৰত নিজৰ নাম গৌৰৱেৰে জিলিকাই ৰাখিবলৈ সক্ষম হৈছে আৰু অন্য জাতিৰ সমাজ-সংস্কৃতি-ভাষাৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ বহুকেইখন আগশাৰী ৰাষ্ট্ৰৰ সচেতন জনসাধাৰণে বৰ্তমান সময়ত ডিজিটেল মাধ্যমসমূহত নিজৰ অস্তিত্ব প্ৰতিষ্ঠা কৰা কৰ্মটোক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰা দেখা গৈছে৷ চৰকাৰীভাৱেও এই কামটোক বহুবোৰ ৰাষ্ট্ৰ বা ৰাজ্যত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷ এনে প্ৰচেষ্টাক ‘ডিজিটেল জাতীয়তবাদ’ (Digital nationalism) দৃষ্টিভংগীৰে বিশদভাৱে পৰ্যালোচনা কৰিব পাৰি৷ ইতিমধ্যেই বৌদ্ধিক ক্ষেত্ৰখনত এই সম্পৰ্কীয় অধ্যয়ন, গৱেষণা আদি আৰম্ভ হৈছে৷

আমি জানোৱেই যে– বিশ্বায়ন, গোলকীকৰণ আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ ফলশ্ৰুতিতেই ডিজিটেল মাধ্যমৰ প্ৰসাৰ আৰু প্ৰচাৰ সমগ্ৰ বিশ্বত বাঢ়ি আহিছে৷ বিশ্বৰ শেহতীয়া সমাজিক-সাংস্কৃতিক-ৰাজনৈতিক-ভাষিক উত্থান-পতনৰ সৈতে ডিজিটেল জাতীয়তবাদৰ নিবিড় সম্পৰ্ক আছে৷ ই-মাধ্যমত নিজৰ প্ৰভূত্ব বিস্তাৰ আৰু প্ৰসাৰৰ এই যাত্ৰাই পৃথিৱীৰ ভৌগোলিক মানচিত্ৰত নিজৰ গুৰুত্ব প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে ইণ্টাৰনেটৰ অদৃশ্য পৃথিৱীখনত নিজৰ অস্তিত্ব আৰু প্ৰভূত্ব দাবী কৰে৷ এই অস্তিত্বৰ বাবে ই-সমলৰ যোগান আৰু তাৰ সংৰক্ষণ, সংবদ্ধৰ্নৰ প্ৰক্ৰিয়াটোৰ উপৰত নিৰ্ভৰ কৰে– কোন ৰাষ্ট্ৰ, কোন দেশ, কোন জাতি-জনগোষ্ঠীৰ প্ৰভাৱ আৰু প্ৰভূত্ব বেছি বা কম পৰিমাণৰ৷ ইণ্টাৰনেটৰ পৃথিৱীখনৰ অদৃশ্য আগ্ৰাসনৰ কথাবোৰ যি ৰাষ্ট্ৰ, ৰাজ্য, জাতি-জনগোষ্ঠীয়ে বুজি পাইছে, তেওঁলোক আগুৱাই সততে আগুৱাই গৈছে আৰু যি এতিয়াও ইয়াৰ গুৰুত্ব বুজিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰিছে৷

এই লেখাত অৱশ্যে ডিজিটেল জাতীয়তাবাদৰ তাত্বিক প্ৰসংগৰ অৱতাৰণাৰ পৰিৱৰ্তে সহজ-সৰলকৈ আমাৰ অসম আৰু অসমৰ ভূ-খণ্ডত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ ডিজিটেল ক্ষেত্ৰখনত অস্তিত্ব কেনেধৰণৰ বা আমাৰ সমস্যাসমূহ আৰু দুৰ্বলতাসমূহ কেনেধৰণৰ, সেই সম্পৰ্কে আলোচনা কৰা হৈছে৷

একবিংশ শতিকাৰ প্ৰথম দশকৰেপৰা মানৱ সমাজত ডিজিটেল মাধ্যমৰ বিভিন্ন উপকৰণসমূহৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা ইমানেই বাঢ়ি আহিছে যে ইয়াৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তাক উলাই কৰিলে আমাৰ জীৱনবোৰ অচল মুদ্ৰাৰ দৰে হৈছেগৈ৷ বাস্তৱিক ৰূপত এই কথাটো সকলোৱেই অনুধাৱন কৰিছে যে– আধুনিক বিশ্ব মানৱ এতিয়া মোবাইল আৰু কম্পিউটাৰৰ পৃথিৱীত ভৰি দিছেহি৷ এক নতুন ডিজিটেল সংস্কৃতি আমাৰ মাজত গঢ়ি উঠিছে৷ আমাৰ হাতত থকা মোবাইলটোত এতিয়া সমগ্ৰ বিশ্বৰ জ্ঞান-বিজ্ঞান, সমাজ-সংস্কৃতি-অৰ্থনীতি-ৰাজনীতি পুঞ্জীভূত হৈ আছে৷ দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰিক উপযোগিতা সদায়েই বাঢ়ি আহিছে আৰু ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰখন দিনকদিনে বিস্তৃত হৈ গৈ আছে৷ 

ভাৰতবৰ্ষতো বিংশ শতিকাৰ শেষৰফালৰপৰা ডিজিটেল মাধ্যম সম্পৰ্কীয় বিষয়বোৰৰ প্ৰসাৰ-প্ৰচাৰ আৰম্ভ হৈছে আৰু একবিংশ শতিকাটোত সমগ্ৰ ভাৰবৰ্ষতে কম-বেছি পৰিমাণে ডিজিটেল মাধ্যমৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা অনুধাৱন কৰাৰ পৰিৱেশ গঢ়ি উঠিছে৷ চ্ছ্ৰণ্ড নেটৱৰ্কৰ সীমা অতিক্ৰম কৰি দেশ-বিদেশত এতিয়া প্তণ্ড নেটৱৰ্কৰ প্ৰসাৰ ঘটিছে৷ অন্যহাতে ‘Artificial Intelligence’ৰ দৌৰাত্ম্যত মানৱ মগজুৰ চিন্তা-চৰ্চাৰ ক্ষমতাও আনকি মোবাইল-লেপটপে কাঢ়ি নিছে; এনে পৰিপ্ৰেক্ষিতত আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহে নিজৰ ভৱিষ্যতৰ সুৰক্ষা আৰু অস্তিত্ব বৰ্তাই ৰখাৰ কথা চিন্তা কৰাটো আৰু নিজৰ ঐতিহ্যটোক সঠিকৰূপত ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে৷ ডিজিটেল মাধ্যম বৰ্তমান সময়ত যে কেৱল অৱসৰ-বিনোদনৰ মাধ্যম হৈ থকা নাই, ই যে আমাৰ সামগ্ৰিক সমাজ ব্যৱস্থাৰ হৃদপৃণ্ড স্বৰূপ হৈ পৰিছে, সেই দিশটোও আমি গভীৰভাৱে অনুধাৱন কৰাৰ সময় আহি পৰিছে৷

একবিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই ভাৰত ৰাষ্ট্ৰৰ মূল কেন্দ্ৰবিন্দুৰ পৰা নিলগত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইসমূহৰ পৰাও সৰু-বৰ জাতি-জনগোষ্ঠীয়ে ডিজিটেল মাধ্যমত নিজৰ আত্মপ্ৰতিষ্ঠাৰপ্ৰতিযোগিতাখনত কম-বেছি পৰিমাণে অংশগ্ৰহণ কৰিছে আৰু পাৰ্যমানে নিজৰ জাতিটোৰ সাহিত্য-সংস্কৃতি-সমাজ জীৱনৰ বিভিন্ন উপকৰণসমূহ নব্য মাধ্যমসমূহত সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছে৷ অৱশ্যে সংৰক্ষণৰ মাত্ৰা আৰু তাৰ বাবে বৌদ্ধিক, মানসিকভাৱে থাকিবলগীয়া গুৰুত্ব আৰু সচেতনতা উত্তৰ-পূৰ্বাঞ্চলত আজি পৰ্যন্ত আশাপ্ৰদভাৱে গঢ়ি উঠা নাই৷ সেইদৰে চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ অমনোযোগিতা আৰু উদাসীনতাৰ অভাৱত শৈক্ষিক ক্ষেত্ৰখনৰ অদূৰদৰ্শিতাৰ ফলশ্ৰুতিত আজি পৰ্যন্ত আমাৰ সমৃদ্ধিশালী ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন উপকৰণসমূহ নব্য মাধ্যমসমূহত সংৰক্ষণ হ’বলৈ বাকী আছে৷ ইয়াৰ ফলত নতুন প্ৰজন্মই মোবাইল আৰু কম্পিউটাৰত কেৱল পাশ্চাত্য সংস্কৃতিৰ সমল আৰু উপকৰণসমূহৰ সৈতে সততে অভ্যস্ত হৈ পৰাত নিজৰ গৌৰৱময় সংস্কৃতিৰ প্ৰতি পিঠি দিছে৷ ইংৰাজী ভাষাৰ সম্প্ৰসাৰণ আৰু ভাষাভিত্তিক হীনমান্যতা মানুহৰ মনত ইতিমধ্যেই গঢ়ি উঠাৰ দৰে নিজৰ বৰ্ণিল সভ্যতা-সংস্কৃতিৰ প্ৰতিও জনাসাধাৰণৰ মন মননত বিৰাগ ভাৱ জন্মিছে আৰু নিজৰটো এৰি আনৰটো গ্ৰহণ কৰাত উঠিপৰি লাগিছে৷ বিশ্বায়নৰ নেতিবাচক দিশটোৱেই এয়া যে– যি সমাজ ব্যৱস্থাই নিজৰ প্ৰভূত্ব আৰু অস্তিত্ব প্ৰতিষ্ঠাৰ বাবে সময়ৰ সৈতে খোজ নিদিয়াকৈ পাছপৰি আছে, তেনে যিকোনো উপাদান অন্য কোনো প্ৰভাৱশালী উপাদানৰ সন্মুখত নিঃশেষ হৈ যোৱাটোৱেই স্বাভাৱিক৷ অৰ্থাৎ এই প্ৰসংগত বিশ্বায়নক আমি সৰল অৰ্থত ‘যোগ্য ভোগ্য বসুন্ধৰা’ৰ দৃষ্টিৰে চাব পাৰোঁ৷

ডিজিটেল মাধ্যম বুলি ক’লে বৰ্তমান সময়ত পাঠক সমাজৰ আগত নতুনকৈ পাতনি মেলিব নালাগে৷ ইতিমধ্যেই অসমৰ জাতি-জনগোষ্ঠীসমূহেও ইয়াৰ প্ৰয়োগ কম-বেছি পৰিমাণে শিকিছে আৰু তাৰ প্ৰয়োগ কৰিছে৷ কিন্তু এটা জাতি বা এখন সমাজৰ ঐতিহ্য, তেওঁলোকৰ সামগ্ৰিক সংস্কৃতি বা বৈশিষ্ট্য আদিৰ সংৰক্ষণ, তাৰ উপস্থাপন, ভাষাকেন্দ্ৰিক চৰ্চা আৰু বিশ্বৰ আগত নব্য মাধ্যমৰ জৰিয়তে শৃংখলাবদ্ধৰূপত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যিধৰণৰ প্ৰচেষ্টাৰ প্ৰয়োজন, পৰিকল্পনাৰ প্ৰয়োজন, সেয়া বাস্তৱায়িত কৰাত আমাৰ জাতি-জনগোষ্ঠীসমূহ কিমান পৰিমাণে আগবাঢ়ি গৈছে! অসমৰ অসমীয়া ভাষাটোৰ ক্ষেত্ৰতেই আমি ডিজিটেল মাধ্যমত সঠিকৰূপত প্ৰতিষ্ঠা কৰাত সক্ষম হ’লোনে! আমাৰ পাৰিপাশ্বিৰ্কতাই সেইমতে গঢ়ি উঠা নাই৷ আমাৰ জনসাধাৰণৰ মন-মননত সেই তাগিদা গঢ়ি উঠাই নাই৷ ৰাজনৈতিক সদিচ্চা আৰু আগ্ৰহ নাই৷ ফলত বহুবোৰ গুৰুত্বপূৰ্ণ বিষয় এলাগী হৈ পৰি আছে৷

দীৰ্ঘম্যাদী পৰিকল্পনা আৰু চৰকাৰী একান্ত সহযোগিতাৰ অবিহনে সমাজ-সভ্যতা-সংস্কৃতিৰ ডিজিটেলকৰণৰ এই কামটো সততে সম্পাদন হৈ নুঠে৷ অসমৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ ক্ষেত্ৰত এই সমস্যাটো আৰু অধিক জটিল হৈ পৰে৷ আমি যি পৃথক জাতীয়তাবাদৰ কথা সততে কও বা তাৰ অস্তিত্ব ৰক্ষাৰ বাবে আঞ্চলিকভিত্তিত চেষ্টা কৰোঁ, তাৰ পৰিসৰ বিশ্বজনীন কেতবোৰ সংস্কৃতি বা কৰ্মকাণ্ডৰ তুলনাত তেনেই নিশকতীয়া৷ 

ইংৰাজী ভাষাৰ দৰে বিশ্বজনীন ভাষা বা ইউৰোপৰ সভ্যতা-সংস্কৃতিৰ উপকৰণসমূহক ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিবলৈ বা প্ৰসাৰ-প্ৰচাৰ ঘটাবলৈ পাশ্চাত্যৰ জনসাধাৰণে চিন্তা কৰিবলগীয়া হোৱা নাই, যিহেতু ডিজিটেলকৰণৰ প্ৰক্ৰিয়াটোৱেই তেওঁলোকে উদ্ভাৱন কৰা আৰু ইয়াৰ সমৃদ্ধিৰ বাবেও তেওঁলোকৰ মন মানসিকতা আৰু পৃষ্ঠভূমি ইতিমধ্যেই অতি সবল৷ কিন্তু সমস্যা হৈছে সেই বিশ্বজনীন সংস্কৃতিৰ সৈতে একেটা খোজত খোজ মিলাবলৈ যাওঁতে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবোৰে বাৰে-বাৰে সমস্যাৰ সন্মুখীন হ’ব লাগে৷ আমাৰ জাতীয়তাবাদ কাগজ-কলমতেই আজিলৈকে সীমাবদ্ধ হৈ আছে৷ আমাৰ আন্তঃগাঁথনিৰ অভাৱ, সহযোগৰ অভাৱ, পৰিৱেশৰ অভাৱ, শৈক্ষিক প্ৰক্ৰিয়াটোৰ দুৰ্বলতা আছে– এনে অনেক সমস্যাই  উত্তৰ-পূৰ্বাঞ্চলক আগুৰি আছে৷ গতিকে ‘ডিজিটেল জাতীয়তাবাদ’ৰ লক্ষ্য-উদ্দেশ্য আৰু তাৰ গতি-প্ৰকৃতিৰ সন্দৰ্ভত অসমত এতিয়াও আলোচনা কৰাৰ পৰিৱেশ এটা বা সেইমতে কাম কৰাৰ পৰিৱেশ এটা গঢ়ি উঠা নাই৷

এখন ৰাষ্ট্ৰ, ৰাজ্য বা এটা জাতিৰ ডিজিটেল সাক্ষৰতা আৰু সক্ষমতাৰ বাবে একাংশ সচেতন ব্যক্তিৰ নিৰলস সহযোগিতা আৰু ডিজিটেলকৰণৰ কাম-কাজবোৰ হাতে-কামে জনা একাংশ অভিজ্ঞ মানুহৰ সততে প্ৰয়োজন হয়৷ প্ৰয়োজন হয় চৰকাৰৰ সহযোগিতাৰ৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলত এই কামটো আজি একবিংশ শতিকাৰ দ্বিতীয় দশক পাৰ হৈ যোৱাৰ পিছতো আশাপ্ৰদভাৱে সম্ভৱ হৈ উঠা নাই৷ অসমৰপ্ৰেক্ষাপটত ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থা, চৰকাৰ, সচেতন ব্যক্তি-বিশেষ সকলোৱেই সমানে দায়ী৷ কেৱল লোকৰটো গ্ৰহণ কৰোঁতে কৰোঁতে আমি আমাৰ নিজৰখিনি এলাগী কৰি পেলাইছোঁ৷ ভাষাৰ প্ৰতি দায়বদ্ধতা, জাতীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ পৰিৱৰ্তে পাশ্চাত্যৰ বিষয় এটা ভালে-বেয়াই গ্ৰহণ কৰিব পাৰিলেই নিজকে আধুনিক ৰূপত প্ৰতিষ্ঠা কৰাত সফল হৈছোঁ বুলি ধৰি লৈছোঁ৷

আমাৰ কলেজ, বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত আজি পৰ্যন্ত ডিজিটেলকৰণৰ কামটোক মৰ্যাদা সহকাৰে চোৱা নাই বা ইয়াৰ গুৰুত্ব উপলব্ধি কৰা হোৱা নাই৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ পুৰণা গ্ৰন্থ-আলোচনী আদি সংৰক্ষণৰ অভাৱত জহি-পমি নিঃশেষ হৈ গৈছেগৈ৷ ডিজিটেল ৰূপত সেই সম্পদসমূহ সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰখনৰ কোনো সদিচ্চা, আগ্ৰহ আৰু পৰিকল্পনা নাই৷ আনকি এই দিশটো হয়তো কোনোদিন ভাবিও চোৱা নাই৷ জাতি-জনগোষ্ঠীসমূহৰ সংস্কৃতি সমূহৰ দৃশ্য-শ্ৰাব্য ৰূপ সংৰক্ষণ কৰিবলৈ আজি পৰ্যন্ত আমাৰ চৰকাৰী ব্যৱস্থাৰ কোনো সবল পৰিকাঠাম নাই৷ ব্যক্তিগত ছেটেলাইট টিভি চেনেল আৰু শেহতীয়াকৈ বিভিন্ন ইউটিউব চেনেল, ব্লগ, ৱেবচাইট আদিত ব্যক্তিগত পৰ্যায়ত কেতবোৰ বিষয় সংৰক্ষণ হৈছে যদিও ইয়াৰ কোনো সাৰ্বজনীন স্বীকৃতি বা মৰ্যাদা নাই৷ আমাৰ পুৰণা পাণ্ডুলিপিসমূহ, ঐতিহাসিক সমলসমূহ, পুৰণা আলোচনী, গ্ৰন্থসমূহ, গীত-মাত, লোকাচাৰ, খাদ্যাভাস, সাজ-পাৰ, লোক-সংস্কৃতিৰ প্ৰতিটো উপকৰণ ডিজিটেল ৰূপত চৰকাৰীভাৱে সংৰক্ষণ কৰাটো কিমান যে প্ৰয়োজনীয় আৰু প্ৰাসংগিক কৰ্ম আছিল! কিন্তু আজিলৈকে এয়া সম্ভৱ হৈ নুঠিল৷ আনহে নালাগে জাতীয় সংগঠনবোৰো এইক্ষেত্ৰত নিমাতে-নিতালে শুই আছে৷ ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আদিৰ দৰে স্বেচ্চাসেৱী প্ৰকল্পসমূহৰ কথা অসমৰ ৰাইজে আজি পৰ্যন্ত নাজানে৷ যি মুষ্টিমেয় কিছু সংখ্যকে জানে, তেওঁলোকেও সেই প্ৰকল্পসমূহত সেৱা আগবঢ়াবলৈ আগবাঢ়ি নাহে৷ অসমৰ পৰা প্ৰকাশিত বহুবোৰ ই-আলোচনী অৰ্থ আৰু সদিচ্চাৰ অভাৱত এই জন্মিছে, এই মৃত্যু ঘটিছে৷ 

চৰকাৰৰ ফালৰপৰা এসময়ত ‘বিকাশপিডিয়া’ শীৰ্ষক এটি ই-প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছিল যদিও এতিয়া সেইটো প্ৰকল্পও মৃতপ্ৰায়৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সাধুকথা, লোকগীত, লোকাচাৰ, উৎসৱ-পাৰ্বণসমূহৰ দৃশ্য-শ্ৰাব্যভাৱে সংৰক্ষণ কৰিবলৈ অসমত চৰকাৰীভাৱে এটা ভাল ৱেবচাইট নাই! অসমৰ বিশ্ববিদ্যালয়কেইখনৰ এনে এখন ই-আলোচনী নাই, য’ত নেকি আমাৰ সমাজ-সভ্যতা-সাহিত্য-সংস্কৃতিৰ কথাবোৰ সংৰক্ষণ হৈ থাকিব পাৰে! অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ইমানবোৰ গীত-মাত, লোক-পৰিৱেশ্য কলা আছে, চৰকাৰীভাৱে বা ৰাজহুৱাভাৱে তাৰ সংৰক্ষণৰ বাবে কিধৰণৰ ব্যৱস্থা আজিলৈকে আমাৰ সম্ভৱ হৈ উঠিছে? ‘অসম সাহিত্য সভা’ৰ দৰে জাতীয় সংগঠনৰেই এটা ভাল ৱেবচাইট নাই৷ শেহতীয়াকৈ ২০২২ চনত যিটো ৱেবচাইট সভাই মুকলি কৰিছে, সেইটোতো পৰ্যাপ্ত সমল নাই৷ জাতি-জনগোষ্ঠীবোৰৰ প্ৰসংগ বাদেই, সাহিত্য সভাৰ নিজৰ ইতিহাসটোও সম্পূৰ্ণৰূপে নাই৷

অসমত যিমানবোৰ ভাষা-ভাষীৰ লোক আছে, তেওঁলোকৰ পৃথক সংস্কৃতি আছে, সমাজ ব্যৱস্থা আছে; সেইবোৰৰ ডিজিটেলকৰণ সম্ভৱ হৈ উঠিলে আমাৰ জাতিটোৱেই বিশ্বৰ আগত সগৌৰৱে জিলিকি থাকিব পাৰিলেহেঁতেন! জাতি-জনগোষ্ঠীসমূহৰ বৰ্ণিল সাজ-পাৰবোৰে বিশ্বমানৰ বজাৰ দখল কৰিব পাৰিলেহেঁতেন, আমাৰ লোক খাদ্যাভাসে, বিশ্ব প্ৰেক্ষাপটত গুৰুত্ব লাভ কৰিলেহেঁতেন! এনে হোৱা হ’লে আমাৰ সামাজিক-সাংস্কৃতিক আধিপত্যও বিস্তাৰ হ’লহেঁতেন, আমাৰ ঐতিহ্যও বিশ্বই বিস্তৃত ৰূপত জনাৰ সুবিধা পালেহেঁতেন৷ কিন্তু এইবোৰৰ উপযুক্ত মূল্যায়ন আৰু তাৰ শৃংখলাবদ্ধ ৰূপায়ণ আজিলৈকে আশাপ্ৰদভাৱে হৈ নুঠিল৷ শঙ্কৰদেৱ বা বেজবৰুৱাৰ সাহিত্যৰাজিখিনিকে আমি আজি পৰ্যন্ত সম্পূৰ্ণৰূপত ডিজিটেলৰূপত সংৰক্ষণ কৰিবগৈ নোৱাৰিলোঁ! অসমৰ সাধুকথাসমূহ ইউটিউবত নতুন প্ৰজন্মৰ বাবে আটকধুনীয়াকৈ উলিয়াই দিব পাৰিব লাগিছিল, কিন্তু আমি পাৰিলোঁনে? দুই একে ব্যক্তিগত পৰ্যায়ত কাম কৰি আছে যদিও গৰিষ্ঠসংখ্যকেই এই বিষয়ে নাজানে৷ 

অসমীয়া ভাষাৰ কিপেইড, ফণ্ট আদিৰ নিৰ্মাণৰ কথাবোৰ ব্যক্তিগত প্ৰচেষ্টাতহে সম্ভৱ হৈ উঠিছে৷ চৰকাৰৰ এই বিষয়ত মনোযোগ নাই! অন্তত কিপেইড আৰু ফণ্ট নিৰ্মাণ কৰা ব্যক্তিসকলৰ কথা, তেওঁলোকৰ প্ৰচেষ্টাৰ কথা অসমৰ সচেতন ৰাইজে জনাটো খুব প্ৰয়োজনীয় আছিল৷ তেওঁলোকক চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন আছিল৷ কিন্তু সেয়াও হৈ উঠা নাই৷ ৱিকিপিডিয়াত বহুকেইজন অসমীয়া যুৱক-যুৱতীয়ে নিৰৱে অসমীয়া ভাষাত প্ৰবন্ধ লিখি আছে৷ ৱিকিউৎসৰ দৰে প্ৰকল্পত পুৰণা গ্ৰন্থ ডিজিটেল ৰূপত সংৰক্ষণ কৰিবলৈয়ো তেওঁলোকে নিষ্ঠাৰে কাম কৰি আছে৷ তেওঁলোকৰ এই নিৰৱ অৱদানৰ কথা অসমৰ ৰাইজে জানেনে? 

অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠী বা তেওঁলোকৰ ভাষাৰ কথা বাদেই, মান্যভাষা হিচাপে স্বীকৃত অসমীয়া ভাষাটোৱেও আজিলৈকে ইউনিক’ডত সন্মান সহকাৰে স্থান লাভ নকৰিলে! অসমৰ কিছু সংখ্যক সচেতন ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত গুগ’ল ট্ৰেন্সলেটৰত অসমীয়া ভাষাই শেহতীয়াকৈ স্থান লাভ কৰিলে যদিও এতিয়াও অসমীয়া ভাষাত এটা ভাল ‘Spell checker’ নাই, ‘Voice Typing’ৰ সুবিধা নাই৷ শেহতীয়াভাৱে বহুল প্ৰচলিত ‘ChatGPT’(https://chat.openai.com)ৰ দৰে অত্যাধুনিক সা-সুবিধাৰ কথা অসমীয়া ভাষাতো যে এদিন সম্ভৱপৰ হৈ উঠিব, সেয়া ভাবিব পাৰিমনে আমি! অসমৰ চৰকাৰখন সচেতন ব্যক্তিসকলে এই কথাবোৰ অনুধাৱন কৰাটো খুব জৰুৰী আছিল৷ নতুন প্ৰজন্মটোৱেও ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকৰো নিজৰ ঐতিহ্য সংৰক্ষণৰ প্ৰতি দায়িত্ববোধ নাই৷ তেওঁলোকৰ সদিচ্চা দেখা নাই! ফলশ্ৰুতিত ইয়াৰ প্ৰতিক্ৰিয়া অসম আৰু অসমৰ জাতি-জনগোষ্ঠীসমূহে ইতিমধ্যেই ভূগিবলৈ আৰম্ভ কৰিছে৷ নৱ প্ৰজন্মটোৰ কথা-কাণ্ডলৈ লক্ষ্য কৰিলেই এই কথা প্ৰমাণ হ’ব৷ শিশু এটিৰ জন্ম হোৱাৰে পৰা কেৱল মোবাইল মেনিয়াত অভ্যস্ত হৈ পৰিছে৷ ইয়াৰ ইতিবাচক-নেতিবাচক প্ৰভাৱটোৰ কথা বাৰু বেলেগকৈ আলোচনা কৰাৰ থল আছে৷ কিন্তু শিশুসকলে নিজৰ মাতৃভাষাত একো সমল বিচাৰি নোপোৱাত বা ৰাজ্যখনৰ মান্যভাষাটোতে বিচৰাধৰণে সমল বিচাৰি নোপোৱাত ইংৰাজী আৰু হিন্দীৰ ওপৰত তেওঁলোক অধিক নিৰ্ভৰশীল হৈ পৰিছে৷ আজিৰ অসমৰ শিশুৱে বেজবৰুৱাৰ সাধু নাজানে, আইনাম, ধাইনাম নাজানে৷ সিহঁতৰ চিন্তাৰ ক্ষমতা চুজুকা-ডৰিমনৰ মাজেতই সীমিত হৈ ৰৈছে৷ এটা বাক্য কওতে দুই তিনিটা হিন্দী, ইংৰাজী শব্দৰ ব্যৱহাৰ নকৰিলে বাক্যটোকে সম্পূৰ্ণ কৰিব নোৱাৰাৰ দৰে অৱস্থা হৈছেগৈ৷ সমাজ ব্যৱস্থাটোৱে এনেদৰেই গতি কৰি থাকিলে আমাৰ নিজস্ব বুলি কিবা থাকিবগৈনে?

আশাৰ কথা এয়ে যে ইমান নেতিবাচক পৰিৱেশৰ মাজতো মুষ্টিমেয় কিছু সংখ্যক সচেতন ব্যক্তিৰ নিজৰ একক আৰু নিৰৱ প্ৰচেষ্টাত জাতি-জনগোষ্ঠীসমূহৰ কিছুমান সমল ইতিমধ্যেই সত্য আৰু শুদ্ধভাৱে নব্য মাধ্যমসমূহত সংৰক্ষিত হৈছে আৰু ইয়াৰ প্ৰসাৰ-প্ৰচাৰো কম-বেছি পৰিমানে সম্ভৱপৰ হৈ উঠিছে৷ একবিংশ শতিকাৰ দ্বিতীয় দশকটোৰ বাবে আশাৰ কথা যে চৰকাৰখনেও ৰাজ্যবোৰৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ডিজিটেলকৰণৰ বাবে কিছু কিছু পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বৰ্তমান ৱিকিপিডিয়াৰ দৰে জনপ্ৰিয় প্ৰকল্পত প্ৰায় ১১৬০০ (এপ্ৰিল, ২০২৩ চন পৰ্যন্ত)তকৈ অধিক প্ৰবন্ধ লিখা হৈছে৷ ৫০০ কৈ অধিক অসমীয়া গ্ৰন্থ, ২০০০ত কৈ অধিক গুৰুত্বপূৰ্ণ লেখা ইউনিক’ড ৰূপত সংৰক্ষণ কৰা হৈছে৷ (এপ্ৰিল, ২০২৩ চন পৰ্যন্ত) অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ বিষয়ে এই গ্ৰন্থ আৰু প্ৰবন্ধবোৰত সংৰক্ষিত হৈছে৷ সেইদৰে ৱিকিকমন্সত অসমৰ জাতি-জনগোষ্ঠীবোৰৰ বহুবোৰ সমল দৃশ্য-শ্ৰাব্য ৰূপত সংৰক্ষণ কৰা হৈছে৷ ব্যক্তিগত পৰ্যায়তো বহু ব্যক্তিয়ে ই-আলোচনী, ব্লগ, ইউটিউব, ফেচবুক আদিৰ মাধ্যমেৰে সমল সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে৷ কিন্তু ইয়াৰ মাত্ৰাটো বৃদ্ধি হোৱাৰ প্ৰয়োজন আছে৷ বৃদ্ধি হ’বলৈ নিৰ্দিষ্ট পৰিকল্পনাৰ দৰকাৰ আছে৷ এইক্ষেত্ৰত চৰকাৰ, উচ্ছ শিক্ষানুষ্ঠান, জাতীয়-দল সংগঠন আদিৰো কৰণীয় অনেক৷ ইমানবোৰ নেতিবাচক চিন্তাৰ পাছতো আশা ৰাখিছোঁ অনাগত  সময়ত অসমৰ জাতি-জনগোষ্ঠীসমূহৰ এই সামাজিক-সাংস্কৃতিক-ভাষিক সমলসমূহ ই-মাধ্যমত উপযুক্তভাৱে সংৰক্ষণ হ’ব আৰু আমাৰ ৰাজ্যখনো ডিজিটেল মাধ্যমত সমৃদ্ধিশালী ৰাজ্য হিচাপে জিলিকি থাকিব৷

ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments