বিষ্ণুপ্ৰসাদ ৰাভাৰ চিঠি


বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ৰোগ শয্যাৰ পৰা অভিনন্দন জনাই লিখা চিঠিখন।

১৫-৭-৬৯ ইং
ৰাইজৰ অসীম বল। সীমাহীন শকতি। এই জোৰাল কথাষাৰকে বুজা নাছিলোঁ। ভাবিছিলোঁ চহৰৰ, নগৰৰ ভেমপুৰীয়াসকলেই দেশৰ, সমাজৰ আৰু ৰাইজৰ নেতা। দৰাচলতে অসমৰ সীমামূৰীয়া ঠাইত যেতিয়া দ্বিতীয় মহাসমৰৰ কামান গৰজি উঠিল, সৌমাৰৰ সীমান্ত অঞ্চলত জাপানৰ জাকে জাকে উৰাজাহাজ আহি ডেউকা মেলি আকাশ ছানি পেলালে আৰু সীমান্ত ভূমিত জয়াল জাপানী বোমাৰ বিস্ফোৰণ হ'ল, তেতিয়া মোৰ মনত কোটিকলীয়া অসমৰ লাখ লাখ বছৰীয়া সংস্কৃতি আৰু সভ্যতা জানোচা জাপানী আগ্নেয়াস্ত্ৰৰ দাবানলত পহি পুৰি ছাই হৈ যায়; এই চিন্তাই মোৰ হিয়া খুলি খুলি খাইছিল।
অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সভ্যতাৰ সঁচাকৈয়ে যিসকল ধাৰক আৰু বাহক সেইসকলৰ পৰা যদি মই অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ কিছু ধৰি ৰাখিব পাৰোঁ, তেন্তে মোৰ টোপোলাতো হয়তো অসমীয়া ৰাইজৰ কাৰণে কিছু সমল থাকিব পাৰে আৰু ধ্বংসৰ মাজতো অসমীয়া কৃষ্টি-সংস্কৃতি বাচিব পাৰে এনে বলিষ্ঠ সংকল্প প্ৰাণত লৈয়ে অসমীয়া ৰাইজৰ মাজত জঁপিয়াই পৰোঁ।
ৰাইজেই গণদেৱতা৷ এই গণদেৱতাৰ অতীত হিয়াত কিমান দয়া-কিমান কৃপা। অথচ সেই প্ৰাণৰো প্ৰাণ কিমান অজেয় । এই ৰাইজৰ হিয়া-কোঁহৰ পৰা কৃষ্টি অমৃতৰ সুৰৰ টোপালবোৰ বুটলি আনি মই মোৰ নিজৰ মন-কোঁহত ভৰাই লওঁ। সেই মন কোহতে ৰহঘৰা, মৌচাক সাজি তাৰ পৰা নিজৰি নিগৰি ওলোৱা ৰসৰ টোপালবোৰ বিলাই নিবলৈ ধৰোঁ। যিসকল অসমীয়াৰ প্ৰাণস্বরূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালোৱা, হজুৱা, কনুৱা, তল মজলীয়া ৰাইজ ক্লিষ্ট, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত। এই ৰাইজৰে দুখত সমমুখী হৈ ৰাইজৰ হিয়াৰ মৰম- চেনেহৰ অঠাই সাগৰৰ পানীত নাদুৰি-সাঁতুৰি উমলি ফুৰিছিলোঁ।
১৯৪৫ চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা-সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিছিলোঁ। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মার্ক্সীয় দর্শন, মার্ক্সীয় অর্থনীতি, দ্বন্দ্ববাদৰ লগ পৰিচিত হৈ আৰু লেলিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলি-জুলি ৰাইজক মার্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ ।
১৯৪৬ চনৰ শেহৰ ফালে প্ৰসিদ্ধ অসমীয়া বোলছবি “চিৰাজ”ৰ পৰিচালনাৰ একাংশত অসমৰ বাহিৰত ব্যস্ত থকাত সেই কাম প্ৰায় দহমাহৰ পিছত সমাধা কৰি স্বাধীনতাৰ পিছত অসমলৈ আহি দলীয় ৰাজনীতিত ব্যস্ত থাকি সভাই-সমিতিয়ে ঘূৰি ফুৰোঁতে কংগ্ৰেছ চৰকাৰৰ শেন চকুত পৰি অজ্ঞাতবাসৰ “বিৰাট পৰ্ব্ব”ৰ বিৰাট সাধনাত অংশগ্ৰহণ কৰিছিলোঁ। সেই বিৰাট সাধনাত জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ সেৱাত থাকোঁতেই ধৰা পৰি এবছৰ কাৰাবাস খাটি ওলাই আহি কিছুদিনৰ পিছত সেই বিৰাট সাধনাৰ স্বাভাৱিক পথেই মোক লৈ আহে ভাৰতৰ কমিউনিষ্ট পাৰ্টিলৈ বিশ্বজুৰি মহামানৱৰ মুক্তিৰ যি অভিযান। সেই অভিযানৰ অংশভাগী হ'বলৈ। সেই কথা ১৯৫৫ চনত। তেতিয়াৰ পৰা বিশ্বভ্রাতৃত্বৰ শ্রমিক, কৃষক সৃষ্টিকাৰী জনতাৰ শান্তি-প্ৰগতি আৰু নতুন সমাজৰ সাধনাত মোৰ ক্ষুদ্ৰ শক্তিৰে দুখকাৰী জনসাধাৰণৰ পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ সভ্যৰূপে ৰাইজৰ সেৱা কৰি আহিছোঁ। ১৯৬২ চনত চীনা আক্ৰমণৰ আশঙ্কাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোষতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিচে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাত মাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ ৰাখি ৰাইজৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছিল, কিন্তু বিচলিত হোৱা নাছিলোঁ, পাইছিলোঁ নতুন বল।
আজি মই ৰোগ শয্যাত। মোৰ মনত অসীম প্ৰেৰণা যোগোৱা পাৰ্টি আৰু জনসাধাৰণৰ পৰা মই আঁতৰত থাকিব লগা হৈছোঁ। তথাপি মোৰ মন সদায় ৰাইজৰ মাজত। যি আদৰ্শৰ সাধনাত জীৱনৰ সকলো সামৰ্থ্য আগবঢ়াইছিলোঁ সেই আদৰ্শৰ পাৰ্টিৰ অসমত ৰূপালী জয়ন্তী উপলক্ষে ৰোগ শয্যাৰ পৰাই অভিনন্দন জনাইছোঁ।
( উৎসঃ বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, দ্বিতীয় খণ্ড, পৃষ্ঠা-১৩৫০)

Post a Comment

0 Comments