ঊনবিংশ শতিকাৰ অসমীয়া ব্যংগ সাহিত্য ৷৷ ভাস্কৰ ভূঞা


* সমাজৰ সামগ্ৰিক কৰ্মৰাজিৰ পূৰ্ণ প্ৰতিফলন ঘটাবপৰা সাহিত্যৰ গুৰুত্বপূৰ্ণ ভাগসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বিভাগ হ’ল ‘ব্যংগ’ (Satire)৷ মানুহে বিভিন্ন সময়ত যিকোনো এটা কথা প্ৰত্যক্ষভাৱে নকৈ ৰসলগাকৈ পৰোক্ষভাৱে কয়৷ ব্যক্তি বা সমাজৰ অশুভ, নেতিবাচক দিশ বা বিষয়বোৰৰ সন্দৰ্ভতো কাৰো মনত আঘাত নলগাকৈ হাস্যৰসাত্মকভাৱে বেঁকাকৈ কয়৷ হাঁহিৰ মাজেদি সংস্কাৰ দিব বিচৰা এই ধৰণৰ কথন আৰু লিখনভংগীয়েই মূলত ‘ব্যংগ’৷ পাশ্চাত্য সাহিত্যত সচেতনভাৱে ব্যংগ লিখাৰ পৰম্পৰাৰ শুভাৰম্ভ হৈছিল যদিও অসমীয়া সাহিত্যত কিন্তু ব্যংগ সাহিত্যৰ আৰম্ভণি পাশ্চাত্যৰপৰা পোনপটীয়াকৈ আমদানিকৃত নহয়৷ অসমীয়া মৌখিক সাহিত্যৰ মাজতেই হাস্য-ব্যংগৰ কিছু লক্ষণ দেখা পোৱা যায়৷ অসমীয়া মৌখিক সাহিত্যসমূহ যেনে– প্ৰবাদ-প্ৰবচন-পটন্তৰ, সাঁথৰ, যোজনা, বিয়ানাম, লোককবিতা আদিত ব্যংগ ধৰ্মিতাৰ অনেক লক্ষণ নিহিত হৈ আছে আৰু এইবোৰেই আধুনিক অসমীয়া ব্যংগ সাহিত্যৰ পৃষ্ঠভূমি বুলি চিনাক্ত কৰিব পাৰি৷ 

মৌখিক সাহিত্য ‘কপাহৰ জুনা’ত ব্যঙ্গাত্মক চিত্ৰণ আছে৷ এগৰাকী অকাজী, থুপুৰী মহিলাই সূতা কাটি তাঁত লগাবলৈ গৈ কি দশা হৈছে, তাৰ ব্যঙ্গাত্মক প্ৰকাশ কপাহৰ জুনাত আছে৷ লোককবিতাসমূহৰ ভিতৰত মালিতা বা কাহিনীগীতসমূহে বিশেষ স্থান অধিকাৰ কৰি আছে৷ অসমীয়া ব্যংগাত্মক চেতনা প্ৰকাশ পোৱা মালিতা সমূহৰ ভিতৰত ভূঁইকঁপৰ গীত, বানপানীৰ গীত, ভাউৰাঘৰ, মলুৱাৰ গীত, নাহৰৰ জুনা, যতৰৰ গীত, ওকনিৰ যম, চাহ-পুৰাণ, বেল্পা পুৰাণ, পচলা পুৰাণ, কপাহৰ জুনা, আদিৰ কথা উল্লেখ কৰিব পাৰি৷ ব্যংগাত্মক মালিতাসমূহৰ উদ্দেশ্য, ৰচনা আৰু প্ৰচলনৰ সম্পৰ্কত নবীন চন্দ্ৰ শৰ্মাই মতপোষণ কৰিছে এনেদৰে– ‘‘ব্যংগাত্মক মালিতাৰ উদ্দেশ্য সমাজ সংশোধন বা সমাজ সংস্কাৰ৷ সাধাৰণতে এই জাতীয় মালিতাবোৰ মুখে মুখে ৰচনা কৰে– ভাউৰা, ভাউৰীয়া, ভাইৰা, বহুৱা, ওজাপালি, ঢুলীয়া আদি চৰিত্ৰই৷ ব্যংগাত্মক মালিতাৰ সংখ্যা কম নহয়; কিন্তু পৰম্পৰাত এইবোৰৰ প্ৰচলনহে কম৷ ’’ (নবীন চন্দ্ৰ শৰ্মা, অসমৰ লোক-সংস্কৃতি, পৃষ্ঠা-১২৯)

মধ্যযুগতো প্ৰাক্‌ শঙ্কৰী যুগ, শঙ্কৰী যুগ আৰু শঙ্কৰোত্তৰ যুগৰ কিছু ৰচনাত ব্যংগৰ লক্ষণ দেখা যায়৷ ‘ৰুক্মিনী হৰণ’ নাটকত কৃষ্ণৰ হাতত পৰাজয় বৰণ কৰা ৰুক্মবীৰৰ অৱস্থা, ‘হৰমোহন’ নাটকত বিষ্ণুৰ মোহিনী ৰূপ দেখাৰ পাছত শিৱৰ অৱস্থা, সেই অৱস্থাৰ বৰ্ণনাত হাস্য-ব্যংগৰ বহুতো লক্ষণ বিদ্যমান৷ বৈষ্ণৱ কবিসকলৰ ৰচনাতো ‘শিৱ’, ‘নাৰদ’, ‘বিষ্ণু’ আদি চৰিত্ৰক ব্যংগ ৰূপত বহুবাৰ উপস্থাপন কৰা হৈছে৷ ৰামসৰস্বতীৰ বধকাব্য ‘ভীমচৰিত’, শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ বা সমসাময়িক চৰিত্ৰ সাহিত্য আদিত ব্যংগৰ অনেক উপাদান আছে৷ উল্লেখযোগ্য যে আধুনিক ব্যংগ সাহিত্যত যেনেদৰে সমাজ আৰু ব্যৱস্থাৰ ব্যঙ্গাত্মক উপস্থাপন কৰা হয়, পৌৰাণিক সাহিত্যবোৰত কিন্তু তাৰ পৰিৱৰ্তে একক চৰিত্ৰৰহে বিশেষ কিছু দিশৰ ব্যংগধৰ্মী উপস্থাপন কৰা দেখা পোৱা যায়৷ 

ঊনবিংশ শতিকাত মানৰ অসম আক্ৰমণ, ইয়াণ্ডাবু সন্ধি (১৮২৬), ইংৰাজৰ শাসন, দেশৰ শাসনভাৰৰ পৰিৱৰ্তন আৰু বিভিন্ন ৰাজনৈতিক, ভাষিক আন্দোলন আদিয়ে অসমৰ ভাষা-সাহিত্য সংস্কৃতিলৈ যি অভাৱনীয় পৰিৱৰ্তন আনিলে, সেই পৰিৱৰ্তনৰ সমান্তৰালভাৱে অসমীয়া সাহিত্যলৈ পাশ্চাত্য সাহিত্যৰো আগমন ঘটিলে৷ পৌৰাণিক সাহিত্যৰ ঠাইত আধুনিক সাহিত্য ৰচনাৰ পটভূমি নিৰ্মাণ হ’ল৷ এই সময়ছোৱাতে মিছনেৰীসকলৰ প্ৰচেষ্টাত আৰু কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষা-সাহিত্যয়ো নতুন ৰূপত আত্মপ্ৰকাশ লাভ কৰিবলৈ সক্ষম হ’ল৷ ‘অৰুনোদয়’ কাকতৰ জৰিয়তে অসমীয়া মানুহে পোনপ্ৰথমবাৰৰ বাবে দেশ-বিদেশৰ সংবাদ পোৱাৰ লগতে কাকত-আলোচনীৰ ধাৰণা বুজি পালে৷ সাহিত্য ৰচনাৰ বাবে এখন মঞ্চ পালে৷ বিজ্ঞানৰ নতুন নতুন কথা শিকাৰ সুযোগ পালে৷ ছপাযন্ত্ৰৰ ব্যৱহাৰ শিকিলে৷ উচ্ছ শিক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িল৷ ইফালে কলিকতীয়া ছাত্ৰসকলৰ প্ৰচেষ্টাত অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাৱধাৰাৰ আগমন ঘটিল৷ সাহিত্যৰ নতুন নতুন বিধাৰ আত্মপ্ৰকাশ ঘটিল৷ ইংৰাজসকলেও তেওঁলোকৰ কামে-কাজে পাশ্চাত্য জীৱনধাৰাৰে অসমীয়া মানুহক আধুনিকতাৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ আৰম্ভ কৰিছিল৷ ইফালে এই সময়তে কানি বৰবিহৰ প্ৰচলনে অসমীয়া মানহৰ জীৱন ক্ষতিগ্ৰন্থ আৰু দুৰ্দশাগ্ৰন্থ কৰি তুলিছিল৷ তদুপৰি এই সময়ত অসমীয়া সমাজখনত বিভিন্নধৰণৰ কু-সংস্কাৰ, অন্ধবিশ্বাস আদিয়ে দকৈ শিপাই আছিল৷ সমাজৰ এই দুৰ্বলতাসমূহৰ প্ৰতি সেই সময়ৰ একাংশ লোকৰ বিদ্ৰূপাত্মক দৃষ্টিভংগী প্ৰতিফলিত হৈছিল হাস্যৰসৰ মাধ্যমেৰে৷ সেই হাস্যৰসক সমাজ সংস্কাৰ আৰু সমালোচনাৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিতে ঊনবিংশ শতিকাৰ মাজভাগত অসমীয়া ব্যংগ সাহিত্যৰ আধুনিক পটভূমি নিৰ্মাণ হৈছে বুলি ক’ব পাৰি৷ 

‘অৰুণোদয়’ (১৮৪৬) কাকত আৰু পৰৱৰ্তী সময়ত প্ৰবল জনপ্ৰিয়তাৰে আত্মপ্ৰকাশ হোৱা ‘জোনাকী’ (১৮৮৮) কাকতৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যত শিক্ষা, বিজ্ঞান, ধৰ্ম, ভ্ৰমণ আদি বিষয়ক প্ৰবন্ধ-পাতিৰ লগতে অনেক সৃষ্টিশীল সাহিত্যৰ ৰচনা হৈছিল৷ ইয়াৰে কিছুমান গহীন আৰু কিছুমান ধেমেলীয়া ৰূপত ৰচনা কৰা হৈছিল৷ এই সময়ছোৱাতে দুতিৰাম হাজৰিকা, বলৰাম ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, ৰুদ্ৰৰাম বৰদলৈ, ভোলানাথ দাস, বলিনাৰায়ণ বৰা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদিয়ে গহীন ৰচনাৰ সমান্তৰালভাৱে ব্যংগ ৰচনাত হাত দিছিল৷ অন্যহাতে জোনাকী যুগত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে পৰৱৰ্তী সময়ত চন্দ্ৰকুমাৰ আগৰৱালা, দণ্ডিনাথ কলিতা, চন্দ্ৰধৰ বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, সত্যনাথ বৰা আদিয়ে অন্যান্য সৃষ্টিশীল ৰচনাৰ লগতে ব্যংগ সাহিত্য ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যত সাহিত্যৰ এটি নতুন বিষয়ৰ আত্মপ্ৰকাশ ঘটাইছিল৷ এনেদৰেই অসমীয়া সাহিত্যত ঊনবিংশ শতিকাত সাহিত্যৰ অন্যান্য বিধাসমূহৰ সৃষ্টিৰ সমান্তৰালভাৱে ব্যংগ সাহিত্যৰো পৃষ্ঠভূমি নিৰ্মাণ হৈছিল৷ অৱশ্যে ব্যংগ সাহিত্যৰ পৃষ্ঠভূমি ঊনবিংশ শতিকাতে সৃষ্টি হৈছিল যদিও অসমীয়া সাহিত্যত ইয়াৰ বিস্তাৰ আৰু প্ৰচাৰ বিংশ শতিকাৰ প্ৰথমভাগৰেপৰাহে অধিকভাৱে লক্ষ্য কৰা দেখা যায়৷ বিষয়ৰ পৰিধিৰ আধাৰত্ত ভিত্তি কৰি এই লেখাত কেৱল ঊনবিংশ শতিকাটোত অসমীয়া ব্যংগ সাহিত্যৰ বিকাশ আৰু ইয়াৰ পৃষ্ঠভূমি নিৰ্মাণৰ বিষয়ে আলোচনা কৰা হৈছে৷ 


ব্যংগ সাহিত্যৰ সংজ্ঞা 

Satire শব্দটোৰ অসমীয়া প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত ‘ব্যংগ’ শব্দটো ব্যৱহাৰ কৰা হয়৷ ব্যংগ মানে শ্লেষ বা বিদ্ৰূপ৷ Satire শব্দৰ আভিধানিক অৰ্থ হ’ল– ব্যক্তি বিশেষৰ ক্ৰুটী-বিচ্যুতি, কাজ-কৰ্ম, ধ্যান ধাৰণা ইত্যাদিক উপলুঙা কৰি লিখা বক্ৰোক্তিমূলক, গ্যঞ্জনাপূৰ্ণ সাহিত্যকৰ্ম৷ জুচেল হলৰ মতে ব্যংগৰ ধাৰণা এনেধৰণৰ– ব্যংগ হৈছে কেঁটেলা পহুৰ দৰে, যাৰ প্ৰতিটো শাৰীয়ে কাঁইট বৰ্ষণ কৰে আৰু তাৰ আঘাতে পঢ়ুৱৈক দি যায় মিচিকিয়া হাঁহি আৰু জ্বলন্ত চকু, তাৰ লগত অন্তৰ্লীন হৈ তাকে এক দোষী দোষী ভাব৷ (কুমুদ গোস্বামী আৰু ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন, ভূমিকা, পৃষ্ঠা- ৭)

পাশ্চাত্যৰ সাহিত্যিক এম. এইচ আব্ৰাহাম্‌চেৰ মতে – ‘ব্যংগ হৈছে কোনো এটা বিষয়বস্তুক হাস্যকৰ কৰি তোলা আৰু বিষয়বস্তুটোক আমোদজনক, উপহাসজনক বা ধিক্কাৰজনকভাৱে উপস্থাপন কৰা একপ্ৰকাৰৰ সাহিত্যিক অভিব্যক্তি৷ ’ (কুৰি শতিকাৰ অসমীয়া ব্যঙ্গ গল্প সঙ্কলন, পৃষ্ঠা-৭) ছেমুৱেল জনচনৰ মতে ‘ছেটায়াৰ’ হৈছে– ‘অপৰাধ বা ধূৰ্তালিক ৰ্ভৰ্ৎসনা কৰি লেখা এবিধ পদ্যই হৈছে ব্যংগ৷ ’ 

জনাথন চুইফ্‌টৰ মতে–‘ব্যংগ ভাৱটো এনে এক ভাৱ, য’ত এটা শব্দই হেজাৰটা ভাৱৰ বিনিময় কৰে৷ ’ জৰ্জ মেৰিডিথৰ মতে–‘প্ৰহাৰ কৰিবলগা বিষয়ত যদি আপুনি অধিক উপহাস কৰিব পাৰে আৰু সহানুভূতিৰে সমাপ্ত কৰিব পাৰে, তেতিয়াই আপোনাৰ লেখাই ব্যংগৰ মৰ্যাদা লাভ কৰিব৷ ’ ম্যেথিউ হাগাৰ্থৰ মতে– ‘ব্যংগই সকীয়নি দিয়ে যে মানুহৰ বিপদজনক মুৰ্খতা কৰিব পৰা অপৰিসীম ক্ষমতা আছে আৰু যদি ব্যংগৰ দ্বাৰা সত্যৰ স্পষ্ট অভিব্যক্তি বৰ্ণনা কৰিব পাৰে তাতেই ব্যংগ লিখকৰ সাৰ্থকতা৷ ’ পাশ্চাত্যৰ সাহিত্যিক জনচনৰ মতে– ‘ব্যংগই ব্যক্তি বিশেষ নহয়, ব্যক্তিৰ দোষ-দুগুৰ্ণহে ব্যংগৰ বিষয়৷ ’ ছাদাৰলেণ্ড নামৰ আন এজন পাশ্চাত্যৰ পণ্ডিতৰ মতে– ‘ব্যংগ মানে কেৱল গালি-গালাজ নহয়৷ ’ (কুৰি শতিকাৰ অসমীয়া ব্যঙ্গ গল্প সঙ্কলন, পৃষ্ঠা-৭)

সাধাৰণ অৰ্থত ব্যংগ মানে হ’ল–‘কোনো দোষ বা দুগুৰ্ণক উপলুঙা কৰি লিখা ৰচনা৷ শৰাইঘাট অভিধানৰ মতে ব্যংগ মানে হ’ল– বিদ্ৰূপ; ঠাট্টা; ইতিকিং, উপহাস বা আনক হহুৱাবলৈ কৰা মস্কৰা, কৌতুক৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ গৱেষণা গ্ৰন্থত ব্যংগ সাহিত্যৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে– ‘ব্যংগাত্মক ৰচনা মূলতঃ সমালোচনাত্মক৷ আদৰ্শ আৰু বাস্তৱতাৰ মাজত যি ফাঁক ৰৈ গ’ল, ব্যক্তিবিশেষৰ কথা আৰু কাৰ্যৰ মাজত যি প্ৰভেদ থাকিল, সেই ফাঁক সেই প্ৰভেদেই মূলতঃ ব্যংগাত্মক ৰচনাৰ বিষয়বস্তু৷ বিভ্ৰান্তজনক শুদ্ধ পথলৈ অনাটোৱেই ব্যংগাত্মক ৰচনাৰ উদ্দেশ্য বুলি বহুতে ভাবে৷ ’ (প্ৰফুল্ল কটকী, সাহিত্য সংজ্ঞা-কোষ, পৃষ্ঠা-১৮৫)

মদন শৰ্মাই ব্যংগ সম্পৰ্কে মন্তব্য আগবঢ়াইছে এনেদৰে– ‘ব্যংগত থাকিব পাৰে শ্লেষ বা আয়ৰণি, অলপ ঠাট্টাৰ ভাব-চাৰকাজ্‌ম, পেৰিডি বা হাস্যকৰ অনুকৰণ, অতিৰঞ্জন, নিমিলা বস্তু বা কথাৰ মাজত জোৰকৈ মিল দেখুওৱা বা তুলনা কৰা, এটা কথা বুজাবলৈ গৈ আন এটা আনকি একেবাৰে বিপৰীত ভাবৰ কিবা এটা বুজোৱাৰ ব্যৱস্থা ইত্যাদি৷ ’ (মদন শৰ্মা, হাস্য ব্যংগ আৰু অসমীয়া সাহিত্য, পৃষ্ঠা-২৬)

ব্যংগ সাহিত্যৰ অন্যতম বিশেষত্ব হ’ল সমাজ এখনত এই শ্ৰেণীৰ সাহিত্যই প্ৰশাসকৰ দৰে ভূমিকা ল’ব পাৰে৷ এই শ্ৰেণীৰ সাহিত্যই¸ ব্যংগধৰ্মিতাৰ সুষম সমাহাৰেৰে সজ্জিত হৈ সমাজৰ সামগ্ৰিক কৰ্মৰাজিক নিৰীক্ষণ কৰাৰ লগতে ব্যক্তিৰপৰা আৰম্ভ কৰি সমাজৰ সামগ্ৰিক বিষয়বস্তুৰ দোষ-ভুল আদিক মাৰ্জিত অথচ সাৱলীল ৰূপত তুলি ধৰি সমাজ সংশোধনৰ ভূমিকা ল’ব পাৰে৷ ব্যংগ সাহিত্য গদ্য-পদ্য উভয়তে ৰচিত হ’ব পাৰে আৰু ই সাহিত্যৰ বিভিন্ন বিধা যেনে– নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ, কবিতা আদিৰ মাধ্যমেৰে বহিৰ্প্ৰকাশ হ’ব পাৰে৷  ‘ব্যংগাত্মক ৰচনা মূলতঃ সমালোচনাত্মক৷ আদৰ্শ আৰু বাস্তৱৰ মাজত যি ফাঁক ৰৈ গ’ল, ব্যক্তি বিশেষৰ কথা আৰু কাৰ্যৰ মাজত যি প্ৰভেদ থাকি গ’ল, সেই ফাঁক, সেই প্ৰভেদেই মূলতঃ ব্যংগাত্মক ৰচনাৰ বিষয়বস্তু৷ ’ (সাহিত্য-সংজ্ঞা-কোষ, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৮৫) পাশ্চাত্যৰ আদৰ্শ আৰু প্ৰভাৱতে আধুনিক ব্যংগ সাহিত্যৰ বৈশিষ্ট্য, লক্ষণ আদি অসমীয়া সাহিত্যতো নিৰূপণ কৰা হৈছিল৷ ব্যংগ সাহিত্যত হাস্যৰস পোৱা যায়; কিন্তু হাস্যৰস থকা সাহিত্য মানেই ব্যংগ নহয়৷ সেইদৰে প্ৰহসন, লঘু ৰচনাৰ লগতো ব্যংগ সাহিত্যৰ যথেষ্ট্য পাৰ্থক্য আছে৷ 


অসমীয়া ব্যংগ সাহিত্যৰ উদ্ভৱ আৰু বিকাশ 

মৌখিক সাহিত্যৰ পৰৱৰ্তী সময়ত ‘অৰুণোদয়’ (১৮৪৬) আলোচনীৰ জৰিয়তে ব্যংগ সাহিত্যই অসমীয়া সাহিত্যত চেগাচুৰুকাকৈ আত্মপ্ৰকাশ লাভ কৰে৷ অৰুনোদই আলোচনীৰ বিভিন্ন সংখ্যাত যিবোৰ সমাজ সচেতনতাৰ লেখা প্ৰকাশ হৈছিল, তাৰে কিছুমান লেখাত ব্যংগধৰ্মিতাৰ গুণ বিচাৰি পোৱা যায়৷ ‘অৰুণোদয়’ত প্ৰকাশিত তেনে কিছু লেখা হ’ল– কানিৰ বিবৰণ (জানুৱাৰী, ১৮৪৬), পৃথিৱীৰ আকাৰৰ বিসই (ফেব্ৰুৱাৰী, ১৮৪৬), কএদি এজনক ফাঁচি দিয়া কথা (এপ্ৰিল, ১৮৪৬), ফটিকাৰ বিবৰণ (জুন, ১৮৪৬), গিয়ান সভা আৰু স্কুলৰ বিবৰণ (চেপ্টেম্বৰ, ১৮৪৬), প্ৰাৰ্থনা কৰা কল (অক্টোবৰ, ১৮৪৬), বাঘৰে মেৰ পোআলিৰে দ্ৰিষ্টান্ত (ডিচেম্বৰ, ১৮৪৬), লুভিয়া ধনৱন্তৰ কথা (জানুৱাৰী, ১৮৪৭), বিবাহ নোহোৱাকৈ চোআলি অনা (ডিচেম্বৰ, ১৮৪৭), আ. ছদ্মনামত লিখা বিভিচাৰ বিসয়ক’ (এপ্ৰিল, ১৮৪৮), খেক সিয়ালৰে লগতা পনিয়লৰ কথা [আগষ্ট, ১৮৪৮], কাউৰিৰে খেক সিয়ালৰে কথা [আগষ্ট, ১৮৪৮], এটা কনাৰে এটা খোৰাৰে কথা (আগষ্ট, ১৮৪৮), কাউৰিৰে মেৰ চাগলিৰে কথা (ছেপ্তেম্বৰ, ১৮৪৮), গিআনিৰে মুখৰে কথা (মাৰ্চ, ১৮৪৯), দুটা দুষ্ট মানুহৰ কথা (এপ্ৰিল, ১৮৪৯), কুকুৰৰে সিয়ালৰ কথা (এপ্ৰিল, ১৮৪৯), সাখিৰ নিমিত্তে গছ মতোআৰ কথা (জুলাই, ১৮৪৯), কুকুৰ আৰু সিয়ালৰ কথা (আগষ্ট, ১৮৪৯), দুটা কুকুৰাৰ কথা (চেপ্টেম্বৰ, ১৮৪৯), আপোনাৰ হিত চিন্তাৰ কৰা কুকুৰ (জুন, ১৮৫৩), ল’ৰাৰ মিত্ৰ ছদ্মনাত লিখা ‘সোণতকৈ শ্ৰম ভাল’ (নবেম্বৰ, ১৮৫২) আদি৷ 

বক্ৰোক্তিৰ জৰিয়তে হাস্য ৰস সৃষ্টি কৰি এই লেখাবোৰত সমাজৰ বিভিন্ন বিষয়বস্তু উত্থাপন কৰি সমাজৰ সংস্কাৰ সাধনৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছিল৷ এইধৰণৰ লেখাবোৰৰ মাজতে আধুনিক অসমীয়া ব্যংগ সাহিত্যৰ ভেটি নিৰ্মাণ হৈছিল বুলি ক’ব পাৰি৷ অৰুণোদয়ৰ এই লেখাবোৰক সম্পূৰ্ণ ৰূপে ব্যংগ লেখা বুলি কোৱাৰ সলনি ব্যঙ্গধৰ্মী লেখা বুলিহে কোৱাটো সমীচীন হ’ব৷ 

ব্ৰিটিছ ৰাজত্বৰ প্ৰাৰম্ভতে ৰচিত ব্যংগ সাহিত্যৰ অন্যতম নিদৰ্শন হ’ল দুতিৰাম হাজৰিকা [১৮০৬-১৯০১]ৰ ‘ৰসিক পুৰাণ’৷ ‘ইতিহাস কথা ইটো ৰসিক পুৰাণ৷ ‘কাণি ভাং ধঁপাতৰ কহো বিৱৰণ’ বুলি আৰম্ভ কৰা হাজৰিকাৰ পুৰণি পদৰ আৰ্হিৰ ‘ৰসিক পুৰাণ’ (অসম্পূৰ্ণ) মৌলিক ৰচনা৷ ইয়াৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬)ৰ সৃষ্টি যেনে– ‘কানীয়াৰ কীৰ্ত্তন’ (১৮৬১) নাটক, ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি’ (১৮৭৬) উপন্যাসধৰ্মী গ্ৰন্থৰ সৃষ্টিৰ মাজেৰেঅসমীয়া সাহিত্যত বুদ্ধিনিষ্ঠ হাস্য- ব্যংগই বিকাশ লাভ কৰে৷ অৱশ্যে ব্যংগ সাহিত্যৰ সমূদায় লক্ষণ নথকাৰ বাবে পৰৱৰ্তী সময়ত ‘কানীয়াৰ কীৰ্ত্তন’ক পণ্ডিত, সমালোচক সকলে নাটক নুবুলি কেৱল প্ৰহসনহে বুলিছে৷ 

‘কানীয়াৰ কীৰ্ত্তন’ নাটকত অসমীয়া সমকালীন সমাজত কানি বৰবিহৰ প্ৰচলন আৰু ইয়াৰ ফলশ্ৰুতিত অসমীয়া সমাজখনত কেনে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, সমাজ ব্যৱস্থাত কেনেধৰণৰ অৰাজকতাৰ সৃষ্টি হৈছিল তাৰ বিৱৰণ আছে৷ এইখন এখন উদ্দেশ্যধৰ্মী প্ৰহসন বুলি সমালোচকসকলে উল্লেখ কৰিছে৷ আনহাতে ‘বাহিৰে ৰং চং ভিতৰে কুৱাভাতুৰী’ পুথিখনত তথাকথিত ধাৰ্মিক ব্যক্তিৰ ভণ্ডামিৰ প্ৰতি লিখকৰ বিষেদগাৰ প্ৰকাশ হৈছে৷ এটা সুপৰিকল্পিত কাহিনী নাই বাবে এইখন ৰচনাক উপন্যাসধৰ্মী ৰচনা বুলি উল্লেখ কৰা হৈছে৷ এই ৰচনাখনৰ জৰিয়তেও অসমীয়া সমাজৰ ভণ্ডামি, ব্যভিচাৰ, দুৰ্নীতি, কু-সংস্কাৰ, গোড়ামী আদি নেতিবাচক দিশবোৰৰ সমালোচনা কৰি সংস্কাৰ সাধনৰ চেষ্টা কৰা হৈছে৷ ৰচনাখনত উচ্চ জাত্যভিমানী, সুবিধাবাদী শ্ৰেণীটোক ব্যংগ কৰা হৈছে৷ জন্মসূত্ৰে উচ্চ বংশত স্থান লাভ কৰা একশ্ৰেণী লোকে সমাজৰ বিভিন্ন অপকৰ্মত লিপ্ত হৈ থাকে৷ কিন্তু তেওঁলোক উচ্চ বুলিয়েই কোনেও তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে৷ লেখকে এই দিশটোও লেখাটোত ব্যংগ কৰি বৰ্ণনা কৰিছে৷ মুঠ ছয়টা খণ্ডত বিভক্ত ৰচনাখনৰ ছয়টা পৃথক শিৰোনাম দিয়া হৈছে৷ শিৰোনামবোৰ হ’ল– স্বৰ্গৰ দুৱৰী গোৱদ্ধৰ্ন দেউ আতাৰ চৰিত্ৰ, মৰ্কটেশ্বৰ ফুকন, ভণ্ডেশ্বৰ বৰুৱা, বীৰেন্দ্ৰ বৰুৱা, মাজেষ্টাৰ চাহাব আৰু ষষ্ঠ খণ্ডত মহাজন, আইচুদেউ মহন্ত আদি৷ 

হেমচন্দ্ৰ বৰুৱাৰ সমাজ চেতনা সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে এনেদৰে –‘বুদ্ধিনিষ্ট, বঙ্গাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি হয় প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ লেখনীত৷ বাক্‌-চাতুৰ্যপূৰ্ণ হাস্যৰস, সহানুভূতিপূৰ্ণ কৰুণামিশ্ৰিত হাস্যৰস আৰু বিদ্ৰূপাত্মক হাস্যসৰ– এই তিনিশ্ৰেণীৰ হাস্যৰসে হেমচন্দ্ৰ গুণাভিৰামৰ যুগতে অসমীয়া সাহিত্যত প্ৰকাশ লাভ কৰে৷ হেমচন্দ্ৰ বৰুৱাই ব্যংগ সাহিত্যৰ যোগেদি সেই সময়ৰ অধঃপতিত অসমীয়া সমাজৰ স্বৰূপ উদঘাটন কৰি সমাজ-শুধৰণিৰ পথ বিচাৰিছিল৷ তেওঁৰ হাস্যৰস প্ৰকাশ পাইছে সহানুভূতিহীন ব্যংগৰ মাজেদি৷ (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, দশম সংস্কৰণ, পৃষ্ঠা-২৬৫) এই প্ৰসংগত সমালোচক অপূৰ্ব বৰাই অসম সাহিত্য সভা পত্ৰিকাত উল্লেখ কৰিছে এনেদৰে– ‘‘অসমীয়া সাহিত্যত বুদ্ধিনিষ্ঠ হাস্য-বংগৰ আৰম্ভণি হয় আধুনিক যুগতহে৷ ঊনবিংশ শতিকাত হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ আৰু ‘কানীয়াৰ কীৰ্তন’ নামৰ গ্ৰন্থ দুখনে অসমীয়া সাহিত্যত ব্যংগৰ আৰম্ভণি ঘটালে৷ ’’ (অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যা, পৃষ্ঠা-৪৫)

১৮৭১ চনত প্ৰকাশিত ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল বঙালনী’ নাটকখনতো কম-বেছি পৰিমাণে ব্যংগৰ লক্ষণ দেখা যায়৷ এই সময়ছোৱাতে বলিনাৰায়ণ বৰাৰ ‘ডাঙৰীয়া’, ‘অসমীয়া বাবু’, লম্বোদৰ বৰাৰ ‘সদানন্দৰ কলাঘূমতি’, ‘সদানন্দৰ সমাচাৰ’, ‘সদানন্দৰ নতুন অভিধান’, ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩)ৰ ‘গাঁৱলীয়া বোৱাৰী’ আদিৰ দৰে ব্যংগ ৰচনা সমূহৰ সৃষ্টি হৈছিল৷ উল্লেখ্য যে পুৰণি ব্যংগ ৰচনাৰ আৰম্ভ হৈছিল পদ্যৰে আৰু আধুনিক ব্যংগ ৰচনা কৰা হ’ল গদ্যৰে৷ ‘মৌ’ আলোচনীত বলিনাৰায়ণ বৰাই ১৮৮৬ চনত লিখা ‘ডাঙৰীয়া’ কবিতাটিয়েই অসমীয়া প্ৰথম ব্যংগ কবিতা সম্ভৱত৷ তেখেতে একেখন আলোচনীতে ১৮৮জ্জ চনত বাংলা ভাষাত ‘অসমীয়া বাবু’ শীৰ্ষক ব্যংগ কবিতা এটিও লিখিছিল৷ বলিনাৰায়ণ বৰাৰ ‘ডাঙৰীয়া’ কবিতাত ব্ৰিটিছৰ আমোলত চাকৰি কৰি এচাম অসমীয়া মানুহে সাজপাৰ, কথা-কৰ্মই কেনেদৰে নিজৰ অহমিকা প্ৰকাশ কৰিছিল, সেই বিষয়ে আছে৷ কবিতাটোত লিখিছে এনেদৰে–

‘ডাঙৰ ডাঙৰ ভূমি মাৰা মূৰত ডাঙৰ পাগ

বিয়াই সভায় ডাঙৰ চৰুত পায় ডাঙৰ ভাগ৷ ৷ 

ডাঙৰ জাপিৰ তলত খায়, ডাঙৰ পিৰাত বহে

ডাঙৰ হোকাত ধপাত খায়, ডাঙৰ ডাঙৰ কাহে৷ ৷ 

ডাঙৰ খাহি, ডাঙৰ মাছ ডাঙৰ ভেটি ভাৰ

খোচৰ শোধাত, জগৰ ভঙাত সদায় লাগে তাৰ৷ ৷ 

(হেমচন্দ্ৰ গোস্বামী (সম্পা.) ‘অসমীয়া সাহিত্যৰ চানেকি’, ষষ্ঠ খণ্ড, পৃ. ৩০৩)

বলিনাৰায়ণ বৰাৰ আন এটি ব্যংগ কবিতা হ’ল ‘অসমীয়া বাবু’৷ কবিতাটোৰ বিষয়বস্তু আৰু প্ৰকাশভঙ্গী ‘ডাঙৰীয়া’ কবিতাটোৰ সৈতে প্ৰায় মিল আছে৷ ব্ৰিটিছৰ আমোলত এচাম ব্যক্তিয়ে সুবিধা লাভ কৰি কেনেদৰে সাধাৰণ অসমীয়া শ্ৰেণীতকৈ নিজকে পৃথক কৰি ৰাখিছিল আৰু ইংৰাজ চৰকাৰৰ সেৱা কৰি বিশেষ সা-সুবিধা লাভ কৰিছিল, তাৰ বৰ্ণনা এই কবিতাটোত আছে৷ কবিতাটোত এঠাইত অসমীয়া বাবুৰ পৰিচয় আছে এনেদৰে–

লোদোৰ পোদোৰ, ডাঙৰ দীঘল, টেৰি কাটা চুলি

নাক খৰা তাৰ গোফ পাতল, দাড়ি পেলাই তুলি

দুই চকু তাৰ পুঠি মাছ সদাই ধৰফৰ

খোপাৰপৰা ফুটি ওলাই, মাৰিব খোজে লৰ৷ 

(হেমচন্দ্ৰ গোস্বামী (সম্পা.) ‘অসমীয়া সাহিত্যৰ চানেকি’, ষষ্ঠ খণ্ড, পৃ. ৩০৪)

লম্বোদৰ বৰাই সদানন্দ ছদ্মনামত ‘সদানন্দৰ কলা ঘূমটি’ শীৰ্ষক ৰচনাৰে ‘আসাম বন্ধু’ (১৮৮৫) কাকতৰ প্ৰথম সংখ্যাত এটি ব্যংগ লেখা লিখিছিল৷ তদুপৰি তেওঁৰ ‘সদানন্দৰ নতুন অভিধান’, ‘সদানন্দ সমাচাৰ’, ‘সদানন্দৰ সানমিহলি’ আদি লেখাও উল্লেখযোগ্য৷ এই ৰচনাসমূহৰ জৰিয়তে লেখকে ঊনবিংশ শতিকাৰ কানি আসক্ত সমাজ, নব্য শিক্ষিত মানুহৰ মানসিকতা, স্ত্ৰী শিক্ষাৰ প্ৰকৃত স্বৰূপ আদি দিশৰ প্ৰতি তীব্ৰ ব্যংগ প্ৰকাশ কৰিছে৷ 

‘সদানন্দৰ কলাঘূমতি’ ৰ বিষয়বস্তু অনুসৰি ‘আসাম বন্ধু’ৰ সম্পাদকে এটা লেখা বিচাৰি চিঠি দিছে, কিন্তু সদানন্দই লিখিবলৈ নিৰ্দিষ্ট এটা বিষয় বিচাৰি পোৱা নাই৷ কিয়নো তেওঁ ‘কলাঘূমতি’ৰ মহাসুখত থাকে৷ এনে মহাসুখ এৰি তেওঁ লিখিবলৈ বিষয় বিচাৰি ফুৰা কামটো পচন্দ নকৰে৷ সেয়েহে তেওঁ ৰচনাখনৰ প্ৰথমতেই লিখিছে– ‘কেতিয়াবা কানি টিকিৰাৰ চাট মাৰি ধোঁৱাৰে ঘৰ গোটেইটো ভৰাই দিছিলো৷ কেতিয়াবা টিকিৰা এড়ি পায়স, কুঁহিয়াৰ, গুড়, গাখীৰ, মালভোগ কল, বৰা চাউলৰ পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলোঁ, কেতিয়াবা বা লগৰীয়া ভকতসকলে সইতে নানা বিষয়ৰ মেল পাতিছিলো৷ ... এনে সময়ত এনে সুখৰ সময়ত কিয় আপুনি মোলৈ সেই চিঠিখন লিখিলে? বোলো সম্পাদক মহাশয় কিয় আপুনি কলামটীয়া টোপনিটো ভাঙ্গি মোক দুখ সমুদ্ৰত ডুবাব ধৰিলে৷ আহা! কেনে ঘমুতি! কেনে সুখৰ কলাঘূমতি!  যাক দেৱতায়ো নাপায় কিন্তু বিধতাৰ বৰত, কানিৰ গুণত অসমীয়াৰ হ’লে ঘৰে ঘৰে৷ এই কলাঘূমতিৰ গুণত অসমীয়া মানুহ কিমান সুখী! ’ (নন্দ তালুকদাৰ, লম্বোদৰ বৰা ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ১৯৮৩, পৃষ্ঠা-৪৫-৪৬) – যদিও এইখিনি কথা ব্যংগ ৰূপত প্ৰকাশ কৰিছে, তথাপি এই কথাখিনিৰ মাজেৰেই সমকালীন অসমৰ সমাজ জীৱনৰ বাস্তৱিক ছবিখন প্ৰতিফলিত হৈছে৷ অসমীয়া মানুহখিনি কেনেদৰে কানিগ্ৰস্থ হৈ নিজক ধ্বংসৰ পথলৈ লৈ গৈছিল, তাৰ আভাস এই লেখাটোত আছে৷ 

লম্বোদৰ বৰাৰ এখন উল্লেখযোগ্য ব্যংগ ৰচনা সংকলন হ’ল ‘সদানন্দৰ নতুন অভিধান’৷ এই ৰচনাখন গুণাভিৰাম বৰুৱা সম্পাদিত ‘আসাম বন্ধু’ৰ অষ্টম বছৰৰ অষ্টম সংখ্যাত প্ৰকাশ হৈছিল৷ লেখকে অভিধানখনৰ সন্দৰ্ভত নিজে লিখিছে– ‘তাত (অভিধানত) সকলো নতুন কথাই থাকিব৷ তাৰ নিয়ম নতুন, অৰ্থ নতুন, ধাতু, প্ৰত্যয় সকলো নতুন; কেৱল শব্দবিলাক পুৰণি৷ আগেএ যি শব্দৰ যি অৰ্থ আছিল, এতিয়া শিক্ষা আৰু সভ্যতাৰ কোবত তাৰ সেই অৰ্থ নাই, এতেকে সদানন্দৰ এই নতুন অভিধানৰ বড় আৱশ্যক হইছে, ইয়াকো সকলোৱে মানিব৷ যি নামানে সি মুৰ্খ নাইবা কপটীয়া, এনে ভাল, উত্তম, উৎকৃষ্ট, সৰ্বাঙ্গসুন্দৰ, দৰকাৰী লাগতিয়াল, প্ৰয়োজনীয়, অত্যাৱশ্যকীয় অভিধান কোনেও কেতিয়াও লিখা নাই আৰু আগলৈকো লিখিব নোৱাৰে৷ (নন্দ তালুকদাৰ (সম্পা.) লম্বোদৰ বৰাৰ ৰচনাৱলী, পৃষ্ঠা-৫৯)

‘আসাম বন্ধু’ৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পোৱা লম্বোদৰ বৰাৰ ‘সদানন্দৰ সমাচাৰ’ নামৰ ৰচনাখনতো স্ত্ৰী শিক্ষা সম্পৰ্কীয় বিচাৰ-বিশ্লেষণ আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ আগৰ সময়ছোৱাত স্ত্ৰী শিক্ষাৰ গুৰুত্ব নাছিল বা সমাজখনো এইক্ষেত্ৰত উদাসীন আছিল৷ ছোৱালীক শিক্ষা দিয়াটোক একপ্ৰকাৰৰ ব্যভিচাৰ বুলিহে গণ্য কৰা হৈছিল৷ শিক্ষা লাভ কৰা মানেই ছোৱালী নষ্ট বুলি ভবা হৈছিল৷ সমকালীন সমাজৰ এনে নেতিবাচক মানসিকতাক ব্যংগ কৰি লম্বোদৰ বৰাই সদানন্দ ছদ্মনামত লিখিছে–

‘ছোৱালীৰ বাপেক-মাক বিলাকে ছোৱালীৰ শিক্ষাতকৈ নাম ল’বলৈহে বেছিকৈ হেঁপাহ কৰে৷ কেনেকৈ আচল মানুহ হ’ব লাগে, কেনেকৈ গৃহস্থালি চলাব লাগে, ছোৱালীয়ে তাৰ ওচৰলৈকে নাচাপে৷ এনে স্ত্ৰীশিক্ষাৰ কি ফল হইছে, তাৰ জানিবৰ নিমিতেতে ময় আজি এবছৰমান বড় পুৰুষাৰ্থ কৰিছোঁ৷ ছোৱালীবিলাকৰ আন বিদ্যা হওক নহওক তেওঁলোক দুটা বিদ্যাত অতি উত্তম ৰূপে পকিছে; কোনোবোৰ সৰেহে লাগে; এটা দৰা নিন্দোৱা, আনটো সমনীয়া ল’ৰাবিলাকলৈ চিঠি লিখা৷ ময় এশজনীমান লেখা পঢ়া শিকা ছোৱালীয়ে দৰা এঙ্গোৱা দেখিছো৷ (নন্দ তালুকদাৰ (সম্পা.) লম্বোদৰ বৰাৰ ৰচনাৱলী, পৃষ্ঠা-৫৮)

লম্বোদৰ বৰাৰ ব্যংগ ৰচনাৰ সৈতে বেজবৰুৱাৰ ব্যংগ ৰচনাৰ সাদৃশ্য আছে বুলি ‘আসাম বন্ধু’ৰ পাতনিত সম্পাদক নগেন শইকীয়াই উল্লেখ কৰিছে এনেদৰে– সদানন্দ যেন কৃপাবৰ বৰুবৰুৱাৰ অগ্ৰজ, সহোদৰ ‘সদানন্দৰ কলাঘূমতি’ৰ মুখেৰে বক্তৃতা দিবলৈ, ‘ভাৰতৰ জয় ভাৰতৰ জয়’ কৰি চিঞৰিবলৈ, আসামৰ উন্নতি কৰিবলৈ, অসমীয়া বাতৰি কাকতক সাহায্য কৰিবলৈ, আসামৰ পৰা অত্যাচাৰী বিদেশীবিলাকক এক দমসে নিকাল কৰি দিবলৈ– আনক উপদেশ দিয়াত এফেৰিও ত্ৰুটি নকৰো’’ ইত্যাদিৰ মাজত ‘কৃপাবৰ’ৰ সাদৃশ্য সহজেই অমনুমেয়৷ (নগেন শইকীয়া, আসাম বন্ধু, পাতনি, পৃষ্ঠা-৩৩) ভদ্ৰ বৰা সম্পাদিত ‘ৰাজমোহন নাথ ৰচনাৱলী’ৰ সম্পাদকীয় পৃষ্ঠাত ভদ্ৰ বৰাই লম্বোদৰ বৰাকে অসমীয়া ব্যংগ ৰচনাৰ প্ৰতিষ্ঠাতা ব্যক্তি বুলি উল্লেখ কৰিছে৷ 

ৰত্নেশ্বৰ মহন্তৰ ‘গাঁৱলীয়া বোৱাৰী’ কবিতাটোত গাঁৱলীয়া বোৱাৰীৰ সৰল স্বভাৱ অংকন কৰি তেনে অলাগতিয়াল, যুক্তিহীন সৰলতা, নীতি-নিয়মক ব্যংগ কৰিছে৷ গাঁৱলীয়া তিৰোতা শিক্ষিতা নহয়, কিন্তু অন্তৰ সহজ-সৰল, চল চাতুৰী নাজানে, শিক্ষাগত তৰ্কৰে জীৱনৰ দুখ নাশিবলৈ নাযায়, তেওঁলোক বিলাসী নহয়, এলাহ ভাগৰো নাই, সভ্যতা কি বুজি নাপায়, কাপোৰৰ চখ নাই, মেখেলা-চাদৰযোৰেই সকলো, জোতা-মোজাৰ প্ৰয়োজন নাই, শাহুৱেকৰ অমান্য নহয়৷ মুঠতে গাঁৱলীয়া বোৱাৰী যেন লক্ষ্মীৰ অৱতাৰহে৷ কবিতাটোত লিখিছে–

গাঁৱলীয়া বোৱাৰীৰ অন্তৰ এন্ধাৰ

শিক্ষাৰ পোহৰ নাই যত সুসংস্কাৰ

কু সংস্কাৰে বশ হই

শাহু আইৰ বাক্য লই

সাংসাৰিক কাৰ্য কৰে এলাহ নকৰি

কাৰ্যক্ষম নাই গাঁৱলীয়া সৰি বৰি৷ 

(হেমচন্দ্ৰ গোস্বামী (সম্পা.) ‘অসমীয়া সাহিত্যৰ চানেকি’, ষষ্ঠ খণ্ড, পৃ. ৪০৮)

কবিয়ে কবিতাটোত গাঁৱলীয়া বোৱাৰীৰ এনে সৰলতাৰ কথাবোৰ উল্লেখ কৰি একাংশ সুবিদাবাদীয়ে কেনেদৰে তেওঁলোকক অন্যায় কৰিছে, তেওঁলোকৰপৰা সুবিধা আদায় কৰিছে, সেইবোৰ দিশৰ ব্যংগ কৰিছে৷ গ্ৰাম্য বোৱাৰীসকলক নিজৰ অধিকাৰ আৰু স্বাধানতাৰ বিষয়ে সজাগ সচেতনতা কৰাত এই কবিতাটিৰ গুৰুত্ব অনেক৷ 

চন্দ্ৰধৰ বৰুৱাৰ কবিতাপুথি ‘ৰঞ্জন’ত মুঠ ২০টা ব্যংগ কবিতা ছপা কৰিছিল৷ এই সময়তে গুণাভিৰাম বৰুৱাই ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা’ নামেৰে বিজুলী (১৮৯০) আলোচনীত কেইটামান হাস্যৰসাত্মক ৰচনা লিখিছিল৷ এই ৰচনাকেইখনত হাস্যধৰ্মিতা আছিল যদিও ব্যংগৰ লক্ষণ বেছি তীব্ৰ নাছিল৷ সত্যেন্দ্ৰনাথ শৰ্মাই গ্ৰন্থখনৰ সন্দৰ্ভত কৈছে এনেদৰে– ‘কঠিন শব্দ ৰহস্য ব্যাখ্যা’ ব্যংগ বৰ্জিত হাস্যৰসৰ সুন্দৰ নিদৰ্শন৷ ’ (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, পৃষ্ঠা-২৬৯) অসমীয়া লোকৰ শ্ৰমবিমুখতা, ভেম, ফিতাহি, খৰাধুন, এলাহ, পৰশ্ৰীকাতৰতা আদি দোষবোৰ এইসকল লেখকে ঘুঁকুতিয়াই দিছিল৷ এনে কৰোঁতে তেওঁলোকে তৰল হাস্যৰসৰ আশ্ৰয় লৈছিল৷ সমান্তৰালভাৱে অসমীয়া জাতি আৰু ভাষাটোৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম আৰু স্বদেশানুৰাগে সেই সময়ৰ অসমীয়া সাহিত্যিকসকলক সাহিত্যৰ নিশকতীয়া এটি ধাৰা ব্যংগ সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰিবলৈ অনুপ্ৰেৰণা দিছিল৷ 

অসমীয়া ব্যংগ সাহিত্যই পত্ৰ-পুষ্পে বিকাশ লাভ কৰে জোনাকী (১৮৮৮) আলোচনীৰ পাতত৷ ব্যক্তি হিচাপে লক্ষ্মীনাথ বেজবৰুৱাই এই সময়ছোৱাত আটাইতকৈ বেছি পৰিমাণে ব্যংগ সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল৷ প্ৰকৃততে অসমীয়া ব্যংগ সাহিত্যক জনপ্ৰিয় কৰা আৰু পাঠকৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হোৱা জনপ্ৰিয় ব্যংগ লেখকজনেই হ’ল– লক্ষ্মীনাথ বেজবৰুৱা৷ অসমীয়া ভাষাৰ সচেতন ব্যৱহাৰ আৰু বিষয়ৰ গভীৰতাই বেজবৰুৱাৰ ব্যংগ ৰচনাক আজিও প্ৰাসংগিক কৰি ৰাখিছে৷ তেওঁৰ দ্বাৰা ৰচনা কৰা কবিতা, নাটক, গল্প আদিত প্ৰচুৰ পৰিমাণে ব্যংগধৰ্মিতা পোৱা যায়৷ ব্যংগ সাহিত্যৰ উপৰি প্ৰহসন, ৰস ৰচনা, পেৰডী প্ৰমুখ্যে ব্যংগ সাহিত্যৰ ক্ষিণ লক্ষণ নিহিত হৈ থকা প্ৰতিটো বিষয় পৰিপুষ্ট কৰাত বেজবৰুৱাৰ বৰঙনি অতুলনীয়৷ ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, ‘চিকৰপতি-নিকৰপতি’, ‘গদাধৰ’, ‘হযবৰল’, ‘বাৰেমতৰা’ আদি নাটকত বেজবৰুৱাৰ ব্যংগ অতি স্পষ্টৰূপত প্ৰতিফলিত হৈছে৷ এই নাটককেইখন মূলতঃ প্ৰহসন বা ধেমেলীয়া নাটক যদিও এই নাটককেখিনতো ব্যংগাত্মক চেতনা প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়৷ সেয়ে সম্পূৰ্ণৰূপে নাটক বুলি ক’ব নোৱাৰিলেও নাটককেইখনত প্ৰকাশিত হাস্য মিহলি ব্যংগ চেতনাই নাটককেইখনৰ গুৰুত্ব বৃদ্ধি কৰিছে৷ সেইদৰে তেওঁ ‘কদমকলি’ কবিতা পুথিৰ বহুকেইটা কবিতাত ব্যংগ চেতনা প্ৰকাশ কৰিছে৷ বেজবৰুৱাই ৰচনা কৰা পেৰডী আৰু চনেটৰ মাজতো ব্যংগ চেতনা প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়৷ 

বেজবৰুৱাই নিজৰ আত্মজীৱনীতো নিজৰ জীৱনটোক লৈ ব্যংগ কৰি গৈছে৷ সম্ভৱতঃ আত্মজীৱনীত ব্যংগ আৰম্ভ কৰা বেজবৰুৱাই অসমত প্ৰথম৷ ব্যংগ লেখাৰে সমৃদ্ধ বেজবৰুৱাৰ গ্ৰন্থকেইখন হ’ল– ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ (১৯০৪), ‘কৃপাবৰ বৰবৰুৱাৰ ওভতনি’ (১৯০৯), ‘বৰবৰুৱাৰ বুলনি’ (মৰনোত্তৰ প্ৰকাশ, ১৯৬৪), বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি’ (প্ৰথম খণ্ড, ১৯৫১), ‘বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড, ১৯৬৮), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’ (অতুল চন্দ্ৰ হাজৰিকাৰ দ্বাৰা সম্পাদিত, ১৯৬৮), বৰবৰুৱাৰ সাহিত্যিক ৰহস্য (যতীন্দ্ৰনাথ গোস্বামী আৰু সত্যৰঞ্জন কলিতাৰ দ্বাৰা সম্পাদিত, ১৯৬৮), ‘কৃপাবৰ বৰুৱাৰ সামৰণি (শশী শৰ্মা আৰু কৰ্ণেশ্বৰ চলিহাৰ দ্বাৰা সম্পাদিত, ১৯৬৮)৷ এই গ্ৰন্থকেইখনত প্ৰকাশ হোৱা বেছিভাগ লেখাই ‘বাঁহী’, ‘আসাম বন্তি’, ‘আবাহন’ আদি কাকতত প্ৰকাশ হৈছিল৷ 

তদুপৰি তেখেতৰ (ক) আত্মজীৱনীধৰ্মী লেখা– কৃপাবৰ বৰুৱাৰ উইল, মোৰ জন্ম ৰহস্য, বৰবৰুৱাৰ বৰ বক্তৃতা (খ) গল্পধৰ্মী লেখা– বৰবৰুৱাৰ হাঁহ চুৰিৰ মোকদ্দৰ্মা (গ) সাধুকথাধৰ্মী– লাট চাহাবৰ ওচৰত লগুৱাৰ ওপৰত গোচৰ, বৰাৰ সাধু, ফুকনৰ সাধু (ঘ) প্ৰবন্ধধৰ্মী– সামাজিক, ৰাজনীতি, জীৱিকাৰ উপায় (ঙ) আড্ডাধৰ্মী– মোক নুছুবি নুছুবি, ৰুছ দেশত তিনিমাহ (চ) পদ্যধৰ্মী– অসমীয়াৰ দুখ, খোলৰ বোল, যুগধৰ্ম, ভাদৈৰ বিলাপ (ছ) নাট্যধৰ্মী– ভগৱন্তৰ অৱতাৰ আদি বিভিন্ন লেখাবোৰত অসমীয়া সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস, কু-প্ৰথা, স্বভাৱ, সামাজিক-ভাষিক চেতনা, নাৰীৰ স্বাধীনতা আৰু অধিকাৰ, কানিৰ প্ৰতি সচেতনতা, আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহ, কাকত-আলোচনীৰ প্ৰতি সচেতনতা আদি লেখাবোৰত গভীৰ চিন্তা-চেতনাৰ বহিৰ্প্ৰকাশ ঘটাৰ লগতে উল্লিখিত বিষয়বোৰৰ সন্দৰ্ভত বেজবৰুৱাৰ ক্ষুৰধাৰ ব্যংগ প্ৰকাশ পাইছে৷ 

বেজবৰুৱাৰ গল্পসমূহতো ব্যংগধৰ্মিতাৰ অনেক গুণ আছে৷ তেখেতৰ ব্যংগ গল্প সম্পৰ্কে ‘অসমীয়া চুটিগল্প, ঐতিহ্য আৰু বিৱৰ্তন’ গ্ৰন্থত উল্লেখ আছে এনেদৰে– ‘‘সুৰভি আৰু জোনবিৰিৰ গল্পসমূহৰ ক্ষেত্ৰত বৰ বেছি বিতৰ্ক নাই৷ আলোচনাৰ পাতে পাতে থকা কেহোকলি, ললিতী কাকতি, জুৰমন, ৰাইডঙীয়া ইত্যাদিও আধুনিক গঢ়ৰ চুটিগল্প৷ কিন্তু চুটিগল্পই হওক বা সাধুকথাই হওক বেজবৰুৱাৰ লেখনিৰ মূল চালিকাশক্তি সদায়েই হাস্য আৰু ব্যংগ৷ তত্ত্বকথা, গুৰুদুজনৰ চৰিত্ৰক বাদ দি তেওঁৰ বিষয়ভিত্তিক সকলো লেখাতেই হাস্য আৰু ব্যংগৰ প্ৰাধান্য৷ বেজবৰুৱাৰ সাধুকথাবিলাকে যদি ধৰি ৰাখিছে হাস্যৰস; তেন্তে চুটিগল্পবিলাকৰ এটা অংশই ধৰি ৰাখিছে বুদ্ধিদীপ্ত ব্যংগ (Wit and satire)৷ তাৰ মাজতে– ভদৰী, মুক্তি, নকওঁ, ৰতনমুণ্ডা, জলকুঁৱৰী, পুত্ৰবান পিতা, কাশীবাসী, মৈদাম, মালতী, সেউতী, জয়ন্তী, কনকলতা, কন্যা, ধোঁৱা খোৱা, এৰাবাৰী লাওখোলা, কেকো ককা, চেনিচম্পা, জাতিৰামৰ জাত, ভোম কেৰোলা, ভোকেন্দ্ৰ বৰুৱা, ঘণ্টাকৰ্ণ শৰ্মা, মলক গুইন গুইন, নাঙলু চন্দ্ৰ দায় আদি গল্পই চিৰিয়াছ বিষয়ৰ অৱতাৰণা কৰিছে৷ কিন্তু তাৰ মাজতো তেওঁ যে ৰসৰাজ আৰু ব্যংগৰাজ, এই কথাষাৰ পাহৰি যোৱাৰ সুযোগ ৰখা নাই৷ ’’

বেজবৰুৱাৰ ৰচনাসমূহত অসমীয়া জাতিৰ প্ৰতি গভাৰ দায়বদ্ধতা দেখিবলৈ পোৱা যায়৷ ঊনবিংশ শতিকাৰ অসমৰ সমাজ ব্যৱস্থাই বেজবৰুৱাক ব্যংগ সৃষ্টিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱিত কৰিছিল আৰু ঔপনিৱেশিক শাসনৰ সময়ছোৱাত অসমৰ সমাজ ব্যৱস্থাত হোৱা পৰিৱৰ্তনৰ দিশসমূহ উপস্থাপন কৰিবলৈ বেজবৰুৱাই ইচ্চকৃতভাৱেই ব্যংগ সাহিত্যৰ ৰচনা কৰিছিল৷ বেজবৰুৱাই অসমৰ জাতীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা দিশসমূহৰ সমালোচনা কৰি সংস্কাৰ সাধন কৰিব বিচাৰিছিল৷ 

পদ্মনাথ গোহাঞিবৰুৱায়ো কেইবাখনো নাটক ৰচনা কৰি অসমীয়া ব্যংগ সাহিত্যক সমৃদ্ধ কৰিছিল৷ তাৰ ভিতৰত ‘গাঁওবুঢ়া’ (১৮৯৭), ‘টেটোন টামুলী’ (১৯০৯), ‘ভূত নে ভ্ৰম’ (১৯১৫) উল্লেখযোগ্য৷ 

‘গাঁওবুঢ়া’ নাটকত ভোগমন নামৰ চৰিত্ৰটিৰ জৰিয়তে গাঁওবুঢ়া শ্ৰেণীটোৰ দুখ-দুৰ্দশা, কষ্ট আদিৰ কথা উল্লেখ কৰাৰ লগতে সমকালীন অসমীয়া সমাজখনৰ কেতবোৰ কৰ্ম-কাণ্ডৰ কথাও হাস্যৰসাত্মক আৰু ব্যংগ কৰি উল্লেখ কৰা হৈছে৷ ইংৰাজৰ গোলামী কৰি এচাম অসমীয়াই নিজৰ মনোবৃত্তি কেনে পৰ্যায়লৈ লৈ গৈছিল, তাক নাটকখনত ব্যংগাত্মকভাৱে উপস্থাপন কৰা হৈছে৷ ‘টেটোন টামুলী’ নাটকখনতো পুৰণি লোক সাহিত্যৰ টেটোন টামুলী কাহিনীটোকে অলপ ইফাল-সিফাল কৰি সজাই পৰাই তোলা হৈছে৷ কথাৰ জহতেি টেটোনে ৰাজকন্যা আৰু অৰ্ধৰাজ্য লাভ কৰাৰ পৰা আৰম্ভ কৰি কেনেদৰে সুবিধাবাদী চৰিত্ৰ ৰূপে নিজকে প্ৰকাশ ঘটাইছে, তাৰ বৰ্মনা আছে৷ অৱশ্যে এইখন নাটকত ব্যংগতকৈ হাস্যৰসাত্মক উপাদানহে বেছি আছে৷ ভূত নে ভ্ৰম নাটকতো অসমীয়া সমাজত ভূতৰ বিশ্বাস কেনে গভীৰ পৰ্যায়ৰ সেই কথাৰ ৰসিক বৰ্ণনা আছে৷ এইখন নাটকতো ব্যংগতকৈ অৱশ্যে হাস্যৰসাত্মক উপাদানৰহে প্ৰভাৱ বেছি৷ 

গোহাঞি বৰুৱাৰ সমসাময়িক আন এগৰাকী লেখক সত্যনাথ বৰাৰ ‘কেন্দ্ৰসভা’ (১৯২৪) গ্ৰন্থখনত প্ৰকাশিত প্ৰবন্ধসমূহতো ব্যংগ চেতনাৰ প্ৰকাশ ঘটিছে৷ অন্যহাতে সমসাময়িক নাট্যকাৰ দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ ‘মহৰী’, বেণুধৰ ৰাজখোৱাৰ ক্ৰমে– ‘দৰবাৰ’, ‘তিনী ঘৈণী’, ‘চোৰৰ সৃষ্টি’ আদি নাটবোৰত অসমীয়া সমাজখনৰে বিভিন্ন দিশবোৰ ব্যংগ ৰূপত বৰ্ণিত হৈছিল৷ 

ঊনবিংশ শতিকাৰ ব্যংগ লেখকসকলে তেওঁলোকৰ ব্যংগ লেখাৰ জৰিয়তে সেই সময়ত অসমীয়া মানুহৰ মনত সুপ্ত হৈ থকা আত্মসন্মান আৰু জাতীয়তাবোধক জগাই তোলাৰ প্ৰচেষ্টা হাতত লোৱাৰ সমান্তৰালভাৱে অসমীয়া মানুহৰ এলেহুৱা স্বভাৱ, কাণিৰ প্ৰতি আসক্তি, অন্ধবিশ্বাস, কপটতা, লোলুপ চৰিত্ৰ, জাতি আৰু সমাজৰ প্ৰতি জনসাধাৰণ সজাগ নোহোৱা আদি বিভিন্ন বিষয়ত কলম তুলিছিল৷ সমাজ-সংস্কাৰৰ দিশটো সেই সময়ৰ ব্যংগ সাহিত্যৰ অন্যতম বিশেষত্ব আছিল৷ 

ঊনবিংশ শতিকাৰ শেষৰফালে বেজবৰুৱা, গোহাঞিবৰুৱাৰ সমসাময়িক আনকেইবাজনো লেখকে সংখ্যাত কম-বেছি পৰিমাণে ব্যংগ সাহিত্য ৰচনা কৰি থৈ গৈছে৷ অৱশ্যে তেওঁলোকক বিংশ শতিকাৰ ব্যংগ লেখক হিচাপেহে আলোচনা কৰিবলৈ সুবিধাজনক হয়৷ বিংশ শতিকাৰ প্ৰথমছোৱা সময়ত ব্যংগ ৰচনা কৰা লেখকসকলৰ ভিতৰত– চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি– ‘চাকৰি স্ত্ৰোত’,  দণ্ডিনাথ কলিতাৰ কাব্যপুথি– ‘ৰহঘৰা’ (১৯১৬), ‘ৰগৰ’ (১৯২২), ‘বহুৰূপী’ (১৯২৬) চন্দ্ৰধৰ বৰুৱাৰ কাব্যপুথি– ‘ৰঞ্জন’, দণ্ডিনাথ কলিতাৰ আত্মজীৱনীধৰ্মী লেখা– ‘আত্মানন্দৰ কাহিনী’ (১৯৩৫), সত্যনাথ বৰাৰ প্ৰবন্ধধৰ্মী গ্ৰন্থ– ‘কেন্দ্ৰসভা’ (১৯২৪), কমলাকান্ত ভট্টাচাৰ্যৰ প্ৰবন্ধধৰ্মী গ্ৰন্থ – ‘গুটিদিয়েক চিন্তাৰ ঢৌ’, ‘টুপীৰ দোকান’ আদিৰ কথা উল্লেখ কৰিব পাৰি৷ ঊনবিংশ শতিকাৰ শেষৰফালে আত্মপ্ৰকাশ কৰা দণ্ডিনাথ কলিতাই বিংশ শতিকাটোত ভালেখিনি ব্যংগ ৰচনা কৰে৷ তেখেতৰ ব্যংগ কবিতা সন্দৰ্ভত ভদ্ৰ বৰাই মত পোষণ কৰিছে এনেদৰে– ‘মুঠ ৫৩টা ব্যংগ কবিতা, বিষয় বিস্তৃতি, ছন্দ বৈচিত্ৰ্য্য আৰু পৰিৱেশনাৰ বাবে অসমীয়া ব্যংগ সাহিত্যৰ তেওঁ সম্ৰাটস্বৰূপ৷ (অনুৰাধা শৰ্মা পূজাৰী (সম্পা.) সাদিন বসন্ত সম্ভাৰ ২০১৬, ভদ্ৰ বৰা, ‘অসমীয়া ব্যংগ কবিতাৰ ধাৰা আৰু দণ্ডিনাথ কলিতা’ শীৰ্ষক প্ৰবন্ধ, পৃষ্ঠা-৩৯৭) কলিতাই ‘নগৰৰ বিহুতলী’ (১৯৪৯),  ‘পোহনীয়া কুকুৰ’ (১৯৪৬), ‘কাচীবধ’ (১৯৫০) আৰু ‘শেষ পৰীক্ষা’ নামৰ চাৰিখন ব্যংগ নাটকো ৰচনা কৰে৷ 

তেনেদেৰ বিংশ শতিকাৰ প্ৰথম সময়ছোৱাৰে পৰা অসমীয়া ব্যংগ সাহিত্যক সমৃদ্ধ কৰা আন কেইজনমান সাহিত্যিক হৈছে– দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা, বেণুধৰ ৰাজখোৱা, মহীচন্দ্ৰ বৰা, হলীৰাম ডেকা, লক্ষ্মীনাথ ফুকন, লক্ষ্মীধৰ শৰ্মা, মিত্ৰদেৱ মহন্ত, ডাঃ হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, ত্ৰৈলোক্যনাথ গোস্বামী, চৈয়দ আব্দুল মলিক, প্ৰেমনাৰায়ণ দত্ত, শ্ৰী পীতাম্বৰ ৰাজমেধি, কেৰপাই শৰ্মা, জ্ঞানন্দ যাগতী, শূলপানী ফুকন, হলধৰ কাকতি বৰা, ৰাজমোহন নাথ, নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা, ত্ৰৈলোক্যনাথ গোস্বামী, চৈয়দ আব্দুল মালিক, ৰাজমোহন নাথ আদি৷ 

স্বাধীনতাৰ আগৰছোৱা সময়ত ৰচনা কৰা ব্যংগ সাহিত্যৰ সৈতে স্বাধীনতাৰ পৰৱৰ্তী ব্যংগ সাহিত্যখিনিৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হ’ল৷ বিষয়বস্তু আৰু ব্যংগৰ উপস্থাপনৰ দিশলৈয়ো ব্যাপক পৰিৱৰ্তন আহিল৷ এই সময়ছোৱাত ব্যংগ সাহিত্য চৰ্চা কেইজন মান লেখক হ’ল– কুমাৰ মধুসুদন হেম বৰুৱা, তিলক হাজৰিকা, হেমচন্দ্ৰ শৰ্মা, কিৰণ শৰ্মা, ভদ্ৰ বৰা, কীৰ্তিনাথ হাজৰিকা, লীলা গগৈ, নৱকান্ত বৰুৱা, মহেশচন্দ্ৰ দেৱগোস্বামী, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ড॰ বিকাশ বৰুৱা, পুণ্য শইকীয়া, চৈয়দ আব্দুল মালিক, ক্ষেত্ৰধৰ বৰগোহাঞি, পৱিত্ৰ কুমাৰ ডেকা, ভদ্ৰ বৰা,  মহেন্দ্ৰ বৰঠাকুৰ, ভৃঙ্গেশ্বৰ শৰ্মা আদি৷ 

এনেদৰেই ঊনবিংশ শতিকাটোত অসমীয়া ব্যংগ সাহিত্যই আত্মপ্ৰকাশ, বিস্তাৰ লাভ কৰি বিংশ শতিকাৰ সময়ছোৱাত পত্ৰপুষ্পে বিকাশ লাভ কৰে৷ ঊনবিংশ শতিকাটোত সংখ্যাত তাকৰ হ’লেও বহুকেইজন ব্যংগলেখকে নিজৰ সৃষ্টিৰাজিৰ মাধ্যমেৰে অসমীয়া সাহিত্যৰ এটি নুতন ধাৰাৰ সৃষ্টি কৰিছিল৷ এই ধাৰাটোৱে অসমীয়া জাতি আৰু সমাজখনক নিজস্ব চিন্তা-চেতনাৰে চিকূটি চাবলৈ, ভাল আৰু বেয়াৰ সাদৃশ্য-বৈসাদৃশ্য অনুধাৱন কৰিবলৈ আৰু সত্য-অসত্যৰ পাৰ্থক্য অনুধাৱন কৰিবলৈ সাহিত্যৰ জৰিয়তে অনুপ্ৰাণিত কৰিছিল৷ অসমীয়া মানুহৰ চিন্তা-চেতনাক বুদ্ধিদীপ্তভাৱে সংস্কাৰ সাধন কৰিবৰ বাবে, শিক্ষিত আৰু জ্ঞানী কৰি তুলিবৰ বাবে ঊনবিংশ শতিকাৰ লেখকসকলে তেওঁলোকৰ কলমৰ মাধ্যমেৰেই এইধৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ সমান্তৰালভাৱে এই সময়ছোৱাত লেখকসকলে প্ৰত্যক্ষভাৱে বিষয়ৰ উপস্থাপন নকৰি পৰোক্ষভাৱে উপস্থাপন কৰা ব্যংগধৰ্মী বিষয়বোৰে অসমীয়া সমাজ-সংস্কৃতিৰ ক্ষেত্ৰখনত পথ প্ৰদৰ্শকৰ ভূমিকাও গ্ৰহণ কৰিছিল৷ 


অসমীয়া ব্যংগ সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা 

‘অৰুণোদয়’ আলোচনীৰ বিভিন্ন সংখ্যাত প্ৰকাশিত কিছু লেখাত ব্যংগৰ উপাদান পোৱা গৈছে বুলি ইতিমধ্যেই আলোচনা কৰি অহা হৈছে৷ সেইদৰে সেই সময়ছোৱাত মৌ (১৮৮৬), জোনাকী (১৮৮৮) আদিৰ দৰে অন্যান্য গুৰুত্বপূৰ্ণ আলোচনীসমূহতো ব্যংগ লেখা প্ৰকাশ হৈছে৷ কিন্তু কেৱল ব্যংগ বিষয়ক অসমীয়া সাহিত্যত আলোচনী প্ৰকাশৰ যাত্ৰা আৰম্ভ হয় বিংশ শতিকাতহে৷ প্ৰথম অসমীয়া হাস্য-ব্যংগ আলোচনীখনৰ নাম আছিল কুমাৰ মধুসুদন (মহেশ চন্দ্ৰ দেৱগোস্বামী) সম্পাদিত ‘বিহলঙনি’ (অক্টোবৰ, ১৯৪৯)৷ কিন্তু সম্পূৰ্ণ ব্যংগ বিষয়কেন্দ্ৰিক আলোচনী প্ৰকাশৰ সময়সীমা তাৰো বহুকেইবছৰ পাছত৷ ১৯৯৮ চনত অভিজিৎ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰথমখন ব্যংগ আলোচনী ‘চিচিংফাঁক’ প্ৰকাশ হয়৷ এই আলোচনীখন প্ৰকাশ হোৱাত অসমীয়া ব্যংগ সাহিত্যই আন এক গুৰুত্ব আৰু সন্মান লাভ কৰে৷ সেই আলোচনীতে ভদ্ৰ বৰা, মহেন্দ্ৰ বৰঠাকুৰ আদিয়ে নিয়মিত ৰূপত ব্যংগ লিখিছিল৷ আনহাতে ৰবীন বৰুৱা সম্পাদিত ‘অবিকল’ আলোচনীখনো ব্যংগ সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত বাটকটীয়া৷ সেইদৰে হাস্যধৰ্মিতাক গুৰুত্ব দিয়া আন এখন আলোচনী হ’ল– ‘বিস্ময়’ (১৯৬৮)৷ এই আলোচনীখনে ‘চিৰঞ্জীৱ’ শিতানটোত কম কথাত চিত্ৰ আৰু সংলাপেৰে বিনোদন আৰু মনোৰঞ্জনৰ বাবে কাম কৰি আহিছে৷ বৰ্তমান সময়ত ব্যংগ সাহিত্যক গুৰুত্ব প্ৰদান কৰি প্ৰকাশ কৰা এখন আলোচনী হ’ল ‘গিৰজনি’ (১৯৮৭)৷ অন্যহাতে ‘প্ৰান্তিক’ (১৯৮১) আলোচনীৰ ‘দৈনন্দিন’ শিতানটোৱেও অসমীয়া ব্যংগ সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে৷ 


গ্ৰন্থপঞ্জী

কটকী, প্ৰফুল্লঃ সাহিত্য-সংজ্ঞা-কোষ, জ্যোতি প্ৰকাশন, পৰিবদ্ধিৰ্ত দ্বিতীয় সংস্কৰণ, ২০০৯

কটকী, চন্দ্ৰঃ অসমীয়া কবিতাৰ বৰ্ণালী, মণিকা প্ৰকাশন, যোৰহাট, প্ৰথম প্ৰকাশ, ১৯৯৪

গোস্বামী, কুমুদ আৰু ভূপেন্দ্ৰ নাৰায়ন ভট্টাচাৰ্যঃ কুৰি শতিকাৰ অসমীয়া বিজ্ঞান গল্প সংকলন, প্ৰথম প্ৰকাশ, ময়ূৰ প্ৰকাশ

গোস্বামী, হেমচন্দ্ৰ (সম্পা), অসমীয়া সাহিত্যৰ চানেকি, ষষ্ঠ খণ্ড, বাণী মন্দিৰ, ডিব্ৰুগড়, ২০০৫

ৰাজখোৱা, অৰবিন্দঃ ককা আৰু নাতিৰ উত্তৰ আধুনিক সংলাপ, নিৰীক্ষণ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৩

ঐঃ অসমীয়া কাব্য পৰিক্ৰমা, দত্ত প্ৰকাশন, তৃতীয় পৰিৱৰ্ধিত সংস্কৰণ, ২০১৩

তালুকদাৰ, নন্দঃ লম্বোদৰ বৰা ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ১৯৮৩

বৰা, ভদ্ৰ (সম্পা), ৰাজমোহন নাথ ৰচনাৱলী, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১৩

বৰা, ভদ্ৰঃ ৰম্যকথা, আঁক-বাক, প্ৰথম প্ৰকাশ, ২০১৫

বৰগোহাঞি, হোমেনঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম দ্বিতীয় সংস্কৰণ, মাৰ্চ, ২০১২

বৰকটকী, অৰিন্দম আৰু অজিত ভৰালীঃ লক্ষ্মীনাথ বেজবৰুৱা, আনন্দিৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কোষ, প্ৰথম প্ৰকাশ, ২০১২

শইকীয়া, চন্দ্ৰপ্ৰসাদঃ পদ্মনাথ গোহাঞিবৰুৱা, অসম প্ৰকাশন পৰিষদ, দ্বিতীয় সংস্কৰণ, ডিছেম্বৰ, ২০০৭

শইকীয়া, নগেনঃ আসাম-বন্ধু, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, তৃতীয় প্ৰকাশ, জুন, ২০১৫

শৰ্মা, নবীন চন্দ্ৰঃ অসমৰ লোক-সংস্কৃতি, চন্দ্ৰ প্ৰকাশ, তৃতীয় সংস্কৰণ, অক্টোবৰ, ২০১৩

শৰ্মা, মদনঃ হাস্য ব্যংগ আৰু অসমীয়া সাহিত্য, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মাৰ্চ, ২০১২

হাজৰিকা, অতুলচন্দ্ৰঃ বেজবৰুৱা ৰচনাৱলী, প্ৰথম খণ্ড, দ্বিতীয় প্ৰকাশ, সাহিত্য প্ৰকাশ

ঐঃ বেজবৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড, দ্বিতীয় প্ৰকাশ, সাহিত্য প্ৰকাশ


আলোচনী 

পূজাৰী, অনুৰাধা শৰ্মা (সম্পা.) সাদিন বসন্ত সম্ভাৰ, গুৱাহাটী, ২০১৬

হাজৰিকা, জ্যোতিৰেখাঃ অসম সাহিত্য সভা পত্ৰিকা, ষট্‌ষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যা, জুলাই, ২০১১


গৱেষণা গ্ৰন্থ

শৰ্মা, ধনশ্ৰীঃ একবিংশ শতিকাৰ অসমীয়া হাস্য-ব্যঙ্গ সাহিত্যঃ এটি অধ্যয়ন, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬

নাথ, দ্বীপেনঃ অসমীয়া ব্যঙ্গ সাহিত্যত সমাজিক চেতনাঃ এক বিশ্লেষণাত্মক অধ্যয়ন (অৰুণোদয়ৰপৰা জোনাকীলৈ), অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ, ২০১৫ 

Post a Comment

0 Comments