একবিংশ শতিকাত অসমীয়া ভাষাত শৈলীবিজ্ঞান চৰ্চা ৷৷ ড॰ অনুৰাধা শৰ্মা

* বিংশ শতিকাত আধুনিক ভাষা বিজ্ঞান চৰ্চাৰ সূত্ৰ ধৰি ভাষা অধ্যয়ন আৰু সাহিত্য আলোচনাৰ ক্ষেত্ৰত ‘শৈলীবিজ্ঞান’ নামৰ বিদ্যায়তনিক বিষয়ৰ চৰ্চা আৰম্ভ হৈছিল৷ ভাষাৰ প্ৰায়োগিক দিশ সামৰিয়ে শৈলীচৰ্চাৰ সূত্ৰপাত যদিও  মানুহৰ পাৰস্পৰিক ভাব বিনিময়ৰ মাধ্যম সম্পৰ্কীয় আলোচনাৰ মাজতে সীমাবদ্ধ নাথাকি শৈলীচৰ্চাই সাহিত্যত ভাষা প্ৰয়োগৰ বিস্তাৰিত ক্ষেত্ৰখনকো সামৰি ল’লে৷ সাহিত্যত ভাষাৰ প্ৰয়োগ, বৈচিত্ৰ্য আৰু তাৰ বিচাৰ বিশ্লেষণকো শৈলীবিজ্ঞানৰ আওতাত আলোচনা কৰা হ’ল৷ প্ৰয়োগক্ষেত্ৰত প্ৰসংগভেদে (contexual variation) ভাষা সলনি হৈ যায়৷ শিক্ষকে আমাক শ্ৰেণীকোঠাত পাঠদান কৰোঁতে ভাষা প্ৰয়োগৰ যি ৰীতি প্ৰয়োগ কৰে, বজাৰ কৰিবলৈ গৈ বিক্ৰেতাৰ লগত সেই ৰীতি প্ৰয়োগ নকৰে৷ আনকি ঘৰত থাকোঁতেও তেওঁ সেই ধৰণে কথা নকয়৷ পৰিস্থিতি অনুসৰি ভাষা প্ৰয়োগৰ এই বিভিন্নতাক ‘ৰেজিষ্টাৰ’ (register) বা পৰিস্থিতি নিৰ্ধাৰক ভাষা বোলা হয়৷ সেইদৰে সাহিত্যৰ ক্ষেত্ৰতো প্ৰসংগ (context), বিধা (genre) অনুসৰি ভাষা ৰীতিৰ পৰিৱৰ্তন হয়৷ প্ৰবন্ধৰ ভাষা কবিতাৰ ভাষাতকৈ ভিন্ন৷ সেইদৰে গদ্যৰ ক্ষেত্ৰতো একেগৰাকী লেখকৰে প্ৰসংগ অমুসৰি ভাষা সলনি হৈ যায়৷ বেজবৰুৱাৰ কৃপাবৰী ৰচনাৰ ভাষাৰীতি ‘তত্ত্বকথা’ৰ আলোচনাখিনিতকৈ বেলেগ৷ সেইদৰে বেজবৰুৱাৰ ‘লিতিকাই’ নাটকৰ চৰিত্ৰৰ মাজৰ কথোপকথন ‘জয়মতী’ নাটকত ব্যৱহৃত কথোপকথন ৰীতিতকৈ ভিন্ন৷ কেনেকৈ কোৱা হ’ল, কি কোৱা হ’ল, লেখকৰ অভিপ্ৰায় কি– পাঠ এটাৰ মাজত এই দিশবোৰ অনুসন্ধান কৰাই শৈলীবিজ্ঞানৰ লক্ষ্য৷ ইয়াকে কৰিবলৈ যাওঁতে জ্ঞাপনৰ সকলো কলা-কৌশল অৰ্থাৎ ভাষাৰে নিৰ্মিত সাহিত্যৰ পাঠ এটাৰ সাৰ্বিক ৰীতিগত বিশিষ্টতা উদ্‌ঘাটিত হৈ পৰে৷

বিগত শতিকাৰ মধ্যভাগতেই ইউৰোপ আৰু আমেৰিকাত শৈলীবিজ্ঞানৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশৰ আলোচনা আৰম্ভ হৈছিল৷ আনকি ভাৰতীয় ভাষাৰ ক্ষেত্ৰত আমাৰ প্ৰতিবেশী বাংলা আৰু হিন্দী সাহিত্যতো শৈলী বিষয়ক চিন্তা চৰ্চাৰ আৰম্ভ হৈছিল যোৱা শতিকাৰ আশীৰ দশকৰ পৰাই৷ অসমীয়া সাহিত্যত অৱশ্যে ভাষাবিজ্ঞানৰ আলোচনাৰ প্ৰসংগক্ৰমেহে শৈলীবিজ্ঞানৰ ধাৰণা দিয়া হৈছিল৷ এইখিনিতে উল্লেখনীয় যে বিংশ শতিকাত পাশ্চাত্য শৈলীবিজ্ঞানৰ যি চৰ্চা আৰম্ভ হৈছিল, সেয়া আছিল প্ৰাচীন ৰেট’ৰিক আৰু অলংকাৰ শাস্ত্ৰৰ সীমাবদ্ধতাৰ পৰা মুক্ত৷ লেখকে কি ধৰণে সাহিত্য সৃষ্টি কৰিব লাগিব প্ৰাচীন শাস্ত্ৰই সেই অনুশাসন মানি চলিবলৈ নিৰ্দেশ দিয়ে, অৰ্থাৎ এই শাস্ত্ৰ বহু পৰিমাণে বিধানমূলক৷ আনহাতে, আধুনিক শৈলীবিজ্ঞানে কয় তোমাৰ সৃষ্টিশীলতা তোমাৰ আজাদী, আমি মাত্ৰ তাৰ লক্ষণ আৰু বিশিষ্টতাবোৰহে চিহ্নিত কৰি দিম৷ এক কথাত প্ৰাচীন শাস্ত্ৰ আছিল Prefcriptive আৰু নতুন সমালোচনাৰ এই ধাৰাটো হ’ল defcriptive৷ অৱশ্যেই ভাৰতীয় সাহিত্যৰ ৰীতি বা অলংকাৰ শাস্ত্ৰৰ পৰিসৰত আধুনিক শৈলীবিজ্ঞানৰ বহুবোৰ দিশ সোমাই আছে যদিও দৃষ্টিভংগীৰ ক্ষেত্ৰত বিস্তৰ পাৰ্থক্য আছে৷

সাহিত্যৰ ভাষা দৈনন্দিন ব্যৱহাৰৰ ভাষাতকৈ যে ভিন্ন সেই দিশটো পুৰণি লেখকসকলেও আওকাণ কৰা নাছিল৷ অসমীয়া সাহিত্যত শংকৰদেৱৰ শব্দ প্ৰয়োগৰ ৰীতি সম্পৰ্কে বেজবৰুৱাই উল্লেখ কৰিছে এইদৰেঃ হৰমোহনত ঋষিসকলে শঙ্কৰৰ বিপৰ্যয়ৰ অৱস্থা দেখি ‘‘বিষ্ণু বিষ্ণু সবে চাপৰাইলা মাথ৷ কিনো বিপৰ্যয় ভোল ভৈল গৌৰীনাথ৷’’ শঙ্কৰদেৱৰ শব্দ যোজনা কেনে স্থানোপযোগী চোৱা৷ দ্বিতীয়, তৃতীয় শ্ৰেণীৰ কবিয়ে ইয়াত গৌৰীনাথ শব্দটো ব্যৱহাৰ নকৰি কিজানি ভূতনাথ বা তেনে আন শব্দ ব্যৱহাৰ কৰিলেহেঁতেন৷ কিন্তু শঙ্কৰদেৱে জানে যে গৌৰীনাথ শব্দটোহে এই সময়ত (Expressive) অৰ্থ প্ৰকাশক৷ ... লোকালোকৰ সিভিতিৰ ঘোৰ অন্ধকাৰত প্ৰৱেশ কৰিলত যেতিয়া ঘোঁৰা আৰু যাব নোৱাৰা হ’ল তেতিয়া আগলৈ চক্ৰ হানিলে৷ কোনে? যোগেশ্বৰে৷ মনোজয় গতি আৰু লোকালোকৰ সিভিতিৰ অন্ধকাৰ ভেদি পোহৰ উলিওৱা কাম যোগবলেৰে বলী যোগেশ্বৰহে; সেই দেখি কৃষ্ণ বা তেওঁৰ আন নামব্যঞ্জক শব্দ ব্যৱহাৰ নকৰি এইখিনিত শঙ্কৰদেৱে যোগেশ্বৰ শব্দ ব্যৱহাৰ কৰিলে৷ সাধাৰণ কবিয়ে এনেবোৰ (Nice distinction) সূক্ষ্ম প্ৰভেদলৈ দৃষ্টি নাৰাখে৷’’ শঙ্কৰদেৱৰ শব্দ প্ৰয়োগৰ এনে বিশিষ্টতাবোৰ স্পষ্টকৈ আলোচনা কৰিলেও বেজবৰুৱাৰ সময়ত শৈলীবিজ্ঞানৰ চৰ্চাৰ আৰম্ভণি ইয়াত হোৱাই নাছিল৷ কিন্তু সাহিত্যত লেখকৰ শব্দ নিৰ্বাচন বা শৈলীবিজ্ঞানৰ তাত্ত্বিক ধাৰণা ‘foregrounding’ সম্পৰ্কে স্বাভাৱিকভাৱে তেওঁ অৱগত আছিল৷ অৰ্থাৎ ভাষিক সমলৰ মাজেৰে সাহিত্যৰ ‘শিল্পৰূপ’ নিৰ্মাণৰ বিষয়ে বিচাৰ কৰাৰ ক্ষেত্ৰত পদ্ধতিগত এটা বিষয় হিচাপে শৈলীবিজ্ঞানৰ চৰ্চা হোৱা নাছিল৷ তথাপিও বেজবৰুৱাৰ দৰে উচ্ছখাপৰ  লেখকে ভাষা প্ৰয়োগৰ এনে সূক্ষ্মাতিসূক্ষ্ম দিশবোৰক এক স্বাভাৱিক বোধ আৰু অনুভৱৰ পৰাই বিচাৰ কৰিছিল৷ অসমত বিংশ শতিকাৰ শেষৰ ফালেহে ভাষাবিজ্ঞান সম্পৰ্কীয় পুথিত এই সম্পৰ্কীয় দুই এটা প্ৰবন্ধ সন্নিৱিষ্ট হ’বলৈ ধৰে৷ ইয়াৰ ভিতৰত নাহেন্দ্ৰ পাদুনৰ দ্বাৰা সম্পাদিত ‘চিন্তা-প্ৰৱাহ’ (১৯৯৬-৯৭) পুথিত ড॰ মদন শৰ্মাৰ ‘শৈলীবিজ্ঞান আৰু কথা বিশ্লেষণ’ নামৰ প্ৰবন্ধটোৰ কথা উল্লেখ কৰিব পাৰি; ইয়াত শৈলীবিজ্ঞান আৰু বাগধাৰা বিশ্লেষণ (discourse analysis) সম্পৰ্কে আলোচনা কৰা হৈছে৷ প্ৰবন্ধটোৰ আৰম্ভণিতে  শৈলী (Style) সম্পৰ্কে ধাৰণা দিয়াৰ লগতে পাঠ (text) আৰু কথা (discourse) সম্পৰ্কেও স্পষ্ট কৰে৷ শৈলীবিজ্ঞান, সাহিত্য সমালোচনা আৰু শৈলীবৈজ্ঞানিক বিশ্লেষণ, কথা বিশ্লেষণ– এই তিনিটা ভাগত ভগাই প্ৰবন্ধটোৰ বিষয়বস্তু উপস্থাপন কৰা হৈছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ‘সাহিত্য আৰু সংজ্ঞা’ শীৰ্ষক অসমীয়া ভাষাত সাহিত্যিক পৰিভাষাৰ (Literary terms) পুথি প্ৰণেতা ড॰ প্ৰফুল্ল কটকীদেৱে আৰ্থাৰ স্বপেনাৱাৰ (Arthur Schopenhauer)ৰ ‘On Style’ শীৰ্ষক প্ৰবন্ধ এটি অসমীয়া ভাষাত ‘ষ্টাইল বা শৈলী’ নামেৰে অনুবাদ কৰিছিল৷ ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তেখেতৰ সাতোটা প্ৰবন্ধৰ অনূদিত সংকলন ‘প্ৰবন্ধ সপ্তক’ত এই প্ৰবন্ধটি সন্নিৱিষ্ট আছে৷ প্ৰবন্ধলানিৰ অনুবাদ সম্পৰ্কে কটকীদেৱে ‘অনুবাদকৰ নিবেদন’ত উল্লেখ কৰিছে এইদৰে ঃ ‘‘এই প্ৰবন্ধটোৰ প্ৰতিটোকে ‘ক্লাছিক’ বুলি অভিহিত কৰিব পাৰি৷ সাহিত্যানুৰাগী পাঠকৰ মনোজগতৰ প্ৰসাৰণত প্ৰবন্ধকেইটা সহায়ক হ’ব বুলি আশা কৰিব পাৰি৷ বস্তুনিষ্ঠ সমালোচনাৰ আদৰ্শ আৰু পদ্ধতি আৰু সমালোচকৰ গুণগত যোগ্যতা সম্পৰ্কে প্ৰবন্ধকেইটাত সিঁচৰতি হৈ থকা কিছুমান মন্তব্যই মনোযোগী পাঠকৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ নাথাকে৷ এতিয়াও চালুকীয়া অৱস্থাতে থকা বুলি ক’ব পৰা আমাৰ ভাষাৰ সাহিত্য সমালোচনাৰ ক্ষেত্ৰত এইবোৰ মন্তব্য দিকদৰ্শক হ’ব পাৰে বুলি ক’লে অসংগত নহ’ব৷’’ ঊনবিংশ শতিকাৰ জাৰ্মান দাৰ্শনিক Arthur Schopenhauer-ৰ ৰচনাখনৰো পাশ্চাত্য শৈলীচৰ্চাৰ দিগদৰ্শনত বিশেষ ভূমিকা আছে৷ সেয়ে এনে এখন ৰচনা অসমীয়াত অনুবাদ হোৱা কাৰ্যকো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰি৷

অসমীয়া ভাষাত শৈলীবিজ্ঞান সম্পৰ্কীয় আলোচনাই প্ৰসাৰ লাভ কৰিছে একবিংশ শতিকাত৷ এই আলোচনাক আমি দুটা ভাগত ভগাব পাৰোঁ এটা তাত্ত্বিক আলোচনা আৰু আনটো হৈছে প্ৰায়োগিক৷ অৱশ্যেই এই বিভাজন পানী নসৰকা নহয়৷ তদুপৰি, তাত্ত্বিক বিষয় স্পষ্ট কৰিবলৈ প্ৰায়োগিক ৰূপবোৰো দেখুওৱা হৈছে৷ সেইদৰে, প্ৰায়োগিক কাৰ্যৰ প্ৰয়োজনীয়তাত তাত্ত্বিক প্ৰসংগৰ অৱতাৰণা কৰা হৈছে৷ আমি পোনতে তাত্ত্বিক চৰ্চা সম্পৰ্কে আলোচনা কৰি প্ৰায়োগিক চৰ্চাৰ উল্লেখেৰে আলোচনাটি সামৰিম৷

নগেন ঠাকুৰ আৰু খগেশ সেন ডেকাৰ দ্বাৰা সম্পাদিত ‘ভাষা চিন্তা বিচিত্ৰা’ (২০০০) শীৰ্ষক গ্ৰন্থত মালিনী গোস্বামীৰ ‘ভাৰতীয় আলংকাৰিকৰ ভাষা চিন্তা আৰু শৈলীবিজ্ঞান’ শীৰ্ষক প্ৰবন্ধ এটি পোৱা যায়৷ ইয়াত ভাৰতীয় জ্ঞানৰ প্ৰাচীন পৰম্পৰা সম্পৰ্কে বিস্তাৰিত আলোচনা কৰি আধুনিক শৈলীবিজ্ঞানৰ ধাৰাটোক ষ্টাইলিষ্টিক নামৰ নব্য সমালোচনাৰ ধাৰাই সমালোচকক সূত্ৰ-বন্ধনৰ পৰা মুক্ত কৰি চিন্তা আৰু কল্পনাৰ স্বাধীনতা দিলে বুলি উল্লেখ কৰিছেঃ ‘‘সমালোচনা কিছুমান ধৰা-বন্ধা সূত্ৰৰ ভিত্তিত সাহিত্যৰ বিচাৰ পদ্ধতি হৈ নাথাকি এক মুকলি পৰ্যালোচনা হৈ পৰিল, যি সৃষ্টিৰ লগতে স্ৰষ্টাকো সহৃদয়ৰ অন্তৰংগ কৰি তোলাত সহায় কৰিলে৷ সৰ্বোপৰি ষ্টাইলিষ্টিকছ নামৰ এই নব্য সমালোচনাধাৰাই সমালোচককো সূত্ৰবন্ধনৰ পৰা মুক্ত কৰি চিন্তা আৰু কল্পনাৰ স্বাধীনতা দিলে৷’’

নগেন ঠাকুৰৰ ‘ভাষা আৰু ভাষাচিন্তা’ (২০০৩) নামৰ গ্ৰন্থতো ‘শৈলী আৰু শৈষলী বিজ্ঞান’ শীৰ্ষক প্ৰবন্ধ এটি সন্নিৱিষ্ট আছে৷ ইয়াত শৈলী সম্পৰ্কে পাশ্চাত্য আৰু ভাৰতীয় চিন্তাৰ আভাস দিয়া হৈছে৷ লগতে প্ৰায়োগিক ভাষা বিজ্ঞানৰ গুৰুত্বপূৰ্ণ অংগ বুলি বিবেচনা কৰা এই বিষয়টো আধুনিক ভাষাবিজ্ঞান আৰু সাহিত্য সমালোচনা– এই দুটা সমান্তৰাল ধাৰাৰ অনুসন্ধানত প্ৰতিষ্ঠা লাভ কৰাৰ দিশটোও উল্লেখ কৰিছে৷ আনকি ‘নতুন সমালোচনা’ (New Criticism) পদ্ধতিক প্ৰকাৰন্তৰে ‘সাহিত্যিক শৈলীবিজ্ঞান’ৰ লগতো জড়িত কৰিছেঃ ‘‘বিংশ শতাব্দীৰ প্ৰথমাৰ্ধৰ ভিতৰত I.A. Richards, T.S Eliot, F.R Leaves, William Empson আদিৰ জৰিয়তে এই নতুন সমালোচনাৰ যি অগ্ৰগতি হৈছিল সি সমালোচনাৰ এক নব্য ধাৰা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল৷ ইয়াক বুজাবলৈ ‘ষ্টাইলিষ্টিকছ্‌’ শব্দ ব্যৱহাৰ কৰা নাছিল যদিও সি প্ৰকৃততে ‘সাহিত্যিক শৈলীবিজ্ঞান’ (Literary Stylistics) চানেকি, – ভাষাবিজ্ঞান নিৰ্ভৰ শৈলীবিজ্ঞানক যিদৰে ‘ভাষা শৈলীবিজ্ঞান’ বা ‘ভাষা বৈজ্ঞানিক শৈলী বিজ্ঞান’ (Linguistics Stylistics) বুলি ক’ব পাৰি৷ কবিতকৈ কবিতাৰ অন্তৰংগ পাঠত (close reading) গুৰুত্ব আৰোপ কৰিপাঠকৰ মনত যি সংবেদনৰ সৃষ্টি হয় তাক অনুসন্ধান কৰি কবিতাৰ সূক্ষ্ম বিশ্লেষণৰ প্ৰতি মনোযোগ দিয়া হ’ল আৰু ফলস্বৰূপে সমালোচনা সাহিত্যত এক নতুন দৃষ্টিভংগী আহি পৰিল৷’’ সাহিত্য সমালোচনাৰ ক্ষেত্ৰত শৈলী অনুসন্ধানে পাঠৰ (text) বেলেগ বেলেগ মাত্ৰা যে উন্মোচন কৰিব পাৰে সেই দিশটো এই প্ৰবন্ধত উল্লেখনীয় হিচাপে ধৰা দিছে৷

ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাৰ ‘প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা’ (২০০৫) গ্ৰন্থত ‘শৈলীবিজ্ঞান বা ৰীতিতত্ত্ব’ নামৰ প্ৰবন্ধ এটি সন্নিৱিষ্ট কৰা হৈছে৷ উল্লেখযোগ্য যে, দত্তবৰুৱাদেৱে শৈলীবিজ্ঞানৰ বিকল্প পৰিভাষা হিচাপে ‘ৰীতিতত্ত্ব’ ব্যৱহাৰ কৰিছে৷ সম্ভৱতঃ ভাষা প্ৰয়োগৰ ধৰণ, ঢং বা ৰীতিৰ বিষয়ে বিশ্লেষণ কৰা বাবেই ‘ৰীতিতত্ত্ব’ শব্দটিক স্থান দিছে; ইয়াৰ কোনো স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নাই৷ পৰৱৰ্তী সময়ত Stylistics শব্দৰ পৰিভাষা হিচাপে ‘শৈলীবিজ্ঞান’ শব্দটোৱে প্ৰতিষ্ঠিত হৈছে; অৱশ্যে প্ৰায়োগিক আলোচনাত ‘ভাষাৰীতি’, ‘গদ্যৰীতি’ আদিৰ ব্যৱহাৰো পোৱা গৈছে, যিবোৰত ‘ৰীতি’ শব্দই শৈলী বা ষ্টাইলকে নিৰ্দেশ কৰিছে৷ দত্তবৰুৱাই প্ৰবন্ধটিত আলোচ্য বিষয় কেতবোৰ শিৰোনামাত ভগাই আলোচনা কৰিছে৷ এইবোৰৰ প্ৰধান শীৰ্ষকবোৰ হ’ল এনেধৰণৰঃ শৈলী বা ৰীতি কি? শৈলী অধ্যয়নৰ ইতিবৃত্ত, শৈলীবিজ্ঞান বা ৰীতিতত্ত্বৰ সংজ্ঞা, শৈলীবিজ্ঞান আৰু সাহিত্য, শৈলী বিচাৰৰ উপাদানসমূহ, শৈলীবিজ্ঞান আৰু বাক্যবিন্যাস বা কথাবিন্যাস, মাতৃভাষা বা প্ৰথম ভাষা শিক্ষাত শৈলীবিজ্ঞানৰ ভূমিকা ইত্যাদি৷ ভাষা আৰু সাহিত্য আলোচনাত শৈলীবিজ্ঞানৰ ভূমিকাৰ উপৰিও ভাষা আহৰণত শৈলীবিজ্ঞানৰ ভূমিকাকো এই আলোচনাত সামৰি লোৱা হৈছে৷ প্ৰয়োগ ভাষাবিজ্ঞানৰ অংগ হিচাপেই শৈলীবিজ্ঞানৰ সৈতে ছাত্ৰ-ছাত্ৰীক সম্যক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেই এই আলোচনা আগবঢ়োৱা হৈছে বুলি লেখকে প্ৰবন্ধটিৰ সামৰণিত উল্লেখ কৰিছে৷

২০০৪ চনত সপোন দুৱৰাৰ দ্বাৰা ৰচিত ‘ভাষা আৰু শৈলী’ গ্ৰন্থখন প্ৰকাশ পাইছে৷ গ্ৰন্থখনত ওঠৰটা প্ৰবন্ধৰ উপৰিও গ্ৰন্থপঞ্জী, পৰিশিষ্ট আৰু নিৰ্ঘণ্ট সন্নিৱিষ্ট আছে৷ গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধবোৰ হ’ল এনেধৰণৰঃ শৈলীবিজ্ঞানঃ ইয়াৰ প্ৰকৃতি আৰু পৰিধি, সাহিত্য আৰু শৈলীবিজ্ঞান, পাঠৰ ধাৰণা, কবিতাৰ ভাষাঃ এটি পৰ্যালোচনা, কবিতাৰ সজ্জা আৰু কবিৰ স্বাধীনতা, শৈলী নিৰ্বাচনত কবিৰ স্বাধীনতা, কবিতা আৰু কাব্যিকতা, ফ’ৰগ্ৰাউণ্ডিং বা অগ্ৰভূমিতাৰ ধাৰণা, কবিতাৰ ভাষাৰ সৃষ্টিশীলতা, পেৰেলেলিজম বা সমান্তৰালবাদ, পুনৰুক্তি আৰু কবিতাৰ ভাষা, কবিতাৰ শৈলী আৰু ব্যাকৰণ, সংযুতিৰ ধাৰণা, পাঠৰ গাঁথনি, সংহতি আৰু পাঠৰ ধাৰণা, কথন আৰু লেখনৰ ভাষাঃ এটি তুলনামূলক পৰ্যালোচনা, নাট্য সাহিত্যৰ ভাষা, নাটকৰ ভাষা বিশ্লেষণৰ কেইটিমান দিশ৷ লেখকৰ ‘কৃতজ্ঞতা’ প্ৰকাশৰ পৰা জনা যায় ইয়াৰ কেইটামান প্ৰবন্ধ ইতিপূৰ্বে ‘আজিৰ অসম’ কাকতত প্ৰকাশিত৷ সম্ভৱতঃ সেইবাবেই ভাষা আৰু শৈলী বিষয়ক হ’লেও প্ৰতিটো লেখাই সুকীয়া৷ ‘কবিতাৰ শৈলী’- শীৰ্ষকত ইয়াৰ ভিতৰৰ বহুকেইটা প্ৰবন্ধ সামৰিব পাৰি৷ লেখকে ‘আগকথা’খনৰ শেষৰফালে পাঠ বিশ্লেষণৰ আৰ্হি ডাঙি দৰাৰ বাবেই এই গ্ৰন্থ ৰচনা কৰিছে বুলি উল্লেখ কৰিছেঃ ‘‘শৈলীবিজ্ঞানৰ দিশত নিতৌ নতুন নতুন চিন্তা-চৰ্চা হ’ব ধৰিছে৷ প্ৰখ্যাত শৈলীবিজ্ঞানী লীছ (Leech), ৱিডৌচন (Widdowson), হেলিডে (Halliday) আদি বিশেষজ্ঞৰ তত্ত্বসমূহৰ প্ৰয়োগৰ জৰিয়তে পাঠ বিশ্লেষণৰ এটা দিশ দাঙি ধৰাই এই কিতাপখনৰ ঘাই উদ্দেশ্য’’৷ সেয়ে উল্লিখিত প্ৰবন্ধসমূহৰ অধিকাংশই পাঠ বিশ্লেষণক সামৰি লৈছে৷ পৰিশিষ্টত সেয়েহে কেইটামান ‘পাঠ’ সন্নিৱিষ্ট কৰা হৈছে, যাতে পাঠকে গ্ৰন্থখন অধ্যয়নৰ পিছত পাঠ বিশ্লেষণত অনায়াসে মনোনিৱেশ কৰিব পাৰে৷

২০১০ চনত ড॰ অনুৰাধা শৰ্মাৰ ‘শৈলী আৰু শৈলীবিজ্ঞান’ পুথিখন প্ৰকাশ পায়৷ এই পুথিখনত শৈলী আৰু শৈলী বিজ্ঞানৰ সংজ্ঞা, স্বৰূপ, মাত্ৰা, শৈলী চৰ্চাৰ ভাৰতীয় আৰু পাশ্চাত্য প্ৰেক্ষাপট; শৈলী প্ৰসংগ আৰু ভাষাবৈজ্ঞানিক প্ৰেক্ষাপট; সমাজভাষাবিজ্ঞানৰ প্ৰেক্ষাপটত শৈলী প্ৰসংগ আৰু অনুবাদত শৈলী সমস্যা এই অধ্যায়কেইটা সন্নিৱিষ্ট কৰাৰ লগতে পৰিভাষাৰ তালিকা এখন আৰু পৰিশিষ্টত প্ৰায়োগিক দিশৰ আলোচনাও সংযোজন কৰিছে৷ এই পুথিখনৰ পাতনি লিখিছে ভাৰতৰ এগৰাকী বিশিষ্ট ভাষাবিজ্ঞানী, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য পবিত্ৰ সৰকাৰে৷ তেখেতৰ মতে ‘‘Dr. Sarma's monograph, therefore, comes as a pleasant surprise. I am delighted to find that she has been able to keep her discussion conducive to the facile understanding of the general reader, with copious examples, leading her/him from the known to the unknown. Her method is somewhat inductive, as she lets the reader feel comfortable with the lines s(he) knows, and from them she leads her/him to the intricacies of theory. This is a sound strategy with the minimum risk of failure.’’ অৱশ্যেই গ্ৰন্থখনত শৈলী সম্পৰ্কে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আৰু ব্যাখ্যাৰ প্ৰয়োজন আছিল৷ এতিয়াৰপৰা প্ৰায় বাৰ বছৰ আগতে প্ৰকাশ হোৱা কিতাপখনে শৈলী আৰু শৈলীবিজ্ঞান সম্পৰ্কে এক চমু আভাস দিবলৈহে মাত্ৰ সক্ষম হৈছে৷

শৈলীবিজ্ঞান সম্পৰ্কীয় আন এখন উল্লেখযোগ্য পুথি হৈছে ড॰ সুব্ৰতজ্যোতি নেওগৰ ‘শৈলীবিজ্ঞান আৰু অসমীয়া সাহিত্যৰ শৈলী’৷ ২০১৫ চনত  প্ৰকাশ হোৱা পুথিখনত বিষয়বস্তুক সাতোটা অধ্যায়ত ভাগ কৰি আলোচনা কৰা হৈছে৷ ‘শৈলী আৰু শৈলীবিজ্ঞানঃ এক পৰিচয়’– শীৰ্ষক প্ৰথম অধ্যায়ত শৈলীবিজ্ঞানৰ তাত্ত্বিক দিশৰ পৰিচয় দিয়া হৈছে৷ পৰৱৰ্তী চাৰিটা অধ্যায়ত চুটিগল্প, উপন্যাস, নাটক আৰু প্ৰবন্ধ সাহিত্যই এই চাৰিবিধ বিধাৰ (Genre) শৈলী সম্পৰ্কেদুটাকৈ প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে৷ ষষ্ঠ অধ্যায়টো হৈছে ‘বিজ্ঞাপনৰ ভাষা শৈলী’; ইয়াত বাণিজ্যিক ক্ষেত্ৰত পণ্য বিক্ৰীৰ কৌশল হিচাপে ভাষাক কেনেদৰে ব্যৱহাৰ কৰা হয় সেই দিশটো বিশ্লেষণ কৰা হৈছে৷ সপ্তম অধ্যায় ‘চলচ্ছিত্ৰৰ ভাষা শৈলী’ত কলাৰ এক শক্তিশালী মাধ্যম হিচাপে চলচ্ছিত্ৰত প্ৰয়োগ কৰা ভাষাশৈলী সম্পৰ্কে আলোচনা কৰিছে৷ নিঃসন্দেহে গ্ৰন্থখনৰ শেষৰ দুটা অধ্যায়ে সাহিত্যৰ পাঠৰ উপৰিও দুটা বেলেগ কলা ৰূপৰ (দুয়োটাৰ লগত অৱশ্যেই সাহিত্য জড়িত) শৈলী বিচাৰে ভাষা ব্যৱহাৰৰ বিস্তাৰিত ক্ষেত্ৰক সামৰি লৈছে আৰু বিশ্লেষণৰ নতুন আধাৰৰ অৱকাশ দিছে৷ কিন্তু গ্ৰন্থখনত সাহিত্যকলাৰ অতি পুৰণি বিধা কবিতাৰ ভাষা শৈলী বাদ পৰি গ’ল৷ অথচ কবিতাত ব্যৱহাৰ কৰা ভাষাৰ কৌশল (device) অতি তাৎপৰ্যপূৰ্ণ আৰু বিষয়টো আকৰ্ষণীয়ও৷

চলিত শতিকাৰ দ্বিতীয় দশকত শৈলীবিজ্ঞানৰ তাত্ত্বিক আৰু প্ৰায়োগিক আলোচনাই বিশেষ প্ৰসাৰ লাভ কৰে৷ বিভিন্ন গ্ৰন্থৰ অধ্যায়, গৱেষণা পত্ৰিকা তথা আলোচনীত শৈলী সম্পৰ্কীয় আলোচনা প্ৰকাশ হয়৷ তাত্ত্বিক দিশৰ আলোচনাৰ ভিতৰত ড॰ অনুৰাধা শৰ্মাৰ ‘কবিতাৰ শৈলী’ ( ড॰ তিলক বৰাৰ সম্পাদনাত প্ৰকাশিত ‘কাব্য আৰু কাব্যতত্ত্ব’ গ্ৰন্থঃ ২০১২), ২০১২-১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক গোটৰ দ্বাৰা প্ৰকাশিত ‘প্ৰজ্ঞা’ (Prajna) শীৰ্ষক পত্ৰিকাত সন্নিৱিষ্ট ‘শৈলীবিজ্ঞান আৰু গঠনবাদী সমালোচনাতত্ত্ব’ নামৰ প্ৰবন্ধৰ কথা আমি উল্লেখ কৰিব পাৰোঁ৷ পিছত প্ৰবন্ধটিত পাঠ এটাৰ গঠনতন্ত্ৰ কি ধৰণে শৈলীৰ ওপৰত নিৰ্ভৰ কৰে তাৰ ধাৰণা দিয়াৰ লগতে গঠনবাদী সমালোচনাৰ ঐতিহাসিক ধাৰা সম্পৰ্কেও উল্লেখ কৰা হৈছে৷ নিঃসন্দেহে বিষয়টোৰ বিস্তৃত আলোচনাৰ অৱকাশ আছে৷ ২০১৩ চনৰ ডিচেম্বৰত ‘সাতসৰী’ত প্ৰকাশিত ড॰ বিভা ভৰালীৰ ‘ভাষাবিজ্ঞানৰ প্ৰেক্ষাপটত শৈলীবিজ্ঞান’ প্ৰবন্ধও শৈলীবিজ্ঞানৰ তাত্ত্বিক আলোচনাত উল্লেখযোগ্য৷ সেইদৰে, পল্লৱিকা শৰ্মাৰ ‘শৈলী আৰু শৈলীবিজ্ঞান’ (ড॰ দেৱপ্ৰতিম হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘ভাষা অন্বেষণ গ্ৰন্থঃ ২০১৬), ৰাতুল ডেকাৰ ‘সাহিত্য সমালোচনা তত্ত্ব পৰিচয় আৰু প্ৰয়োগ’ (২০১৭) গ্ৰন্থৰ ‘শৈলীবিজ্ঞান আৰু সাহিত্য’ নামৰ প্ৰবন্ধ আদিৰ কথা উল্লেখ কৰিব পাৰি৷

অসমীয়া ভাষাত শৈলীবিজ্ঞানৰ তাত্ত্বিক আলোচনা সণ্ঢালনিকৈ প্ৰকাশ পোৱাৰ আগেয়ে ইয়াৰ প্ৰায়োগিক দিশে গুৰুত্ব লাভ কৰিছিল৷ ১৯৮৮ চনত ড॰ প্ৰফুল্ল কটকীৰ ‘ক্ৰমবিকাশত অসমীয়া কথাশৈলী’ গ্ৰন্থত লেখক এগৰাকীৰ গদ্যৰ নমুনা দাঙি ধৰি অতি চমুকৈ সেই গদ্যৰ বিশিষ্টতা উদঘাটন কৰিছে৷ লেখক এগৰাকীৰ কথা বা ভাষাৰ এক সামগ্ৰিক বৈশিষ্ট্য নিৰূপণৰ প্ৰচেষ্টাই আচলতে শৈলী বিচাৰৰ পৰৱৰ্তী সম্ভাৱনাক সমুজ্জ্বল কৰি তুলিছে৷ অৱশ্যে, এই গ্ৰন্থৰ আলোচনাত লেখকৰ ব্যক্তিত্বৰ নিজস্বতাক শৈলী বিচাৰত অধিক গুৰুত্ব দিয়া হৈছে৷ এটা পাঠ (text) বিশ্লেষণৰ আৰ্হি হিচাপে প্ৰস্তুত কৰা নাই৷ দৰাচলতে কথা সাহিত্যৰ ক্ৰমবিকাশৰ ধাৰা উন্মোচনহে এই গ্ৰন্থৰ সামগ্ৰিক উদ্দেশ্য৷ তদুপৰি, যিটো সময়ত শৈলী চৰ্চাই আমাৰ সাহিত্য আলোচনাত কোনো ধৰণৰ গুৰুত্ব লাভ কৰা নাছিলস, তেনে সময়তে এনে এখন গ্ৰন্থ প্ৰকাশৰ ঐতিহাসিক তাৎপৰ্য লক্ষণীয়৷ আন এক মনকৰিবলগীয়া কথা, পোনপটীয়াকৈ শৈলীবিজ্ঞান সন্মত আলোচনাত প্ৰবৃত্ত নহ’লেও প্ৰাচ্য সাহিত্যৰ আলোচনাত গুৰুত্ব লাভ কৰা শব্দ শক্তি, ৰীতি, অলংকাৰবাদ বা ৰস অভিব্যঞ্জনাই আমাৰ সাহিত্য আলোচনাত ঠাই পাইছিল যিবোৰে ভাষা প্ৰয়োগৰ অভিনৱত্বকে উপলক্ষ্য কৰিছিল৷ আমাৰ সাহিত্য আলোচনাত ভাষাৰদিশটো সমালোচকে আওকাণ কৰা নাছিল, অৱশ্যেই এয়া পাশ্চাত্য শৈলীবিজ্ঞানৰ পদ্ধতিগত আলোচনা নাছিল৷ একবিংশ শতিকাতহে আচলতে শৈলীবিজ্ঞানৰ তাত্ত্বিক ভিত্তিত প্ৰায়োগিক সমালোচনাই গুৰুত্ব লাভ কৰিছে৷ এই সন্দৰ্ভত ‘গৰীয়সী’ আলোচনীত প্ৰকাশিত কেইটামান উল্লেখযোগ্য প্ৰবন্ধ হ’লঃ ড॰ বসন্ত কুমাৰ গোস্বামীৰ ‘ড॰বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ভাষাশৈলী’ (নৱেম্বৰ, ১৯৯৭), ড॰ অৰ্পণা কোঁৱৰৰ ‘শৈলীবিজ্ঞান আৰু বেণুধৰ শৰ্মাৰ ৰচনা’ (আগষ্ট, ২০০০), পলি বৰাৰ ‘নৈ বৈ যায়; এক ব্যতিক্ৰমী শৈলীৰ সুনিৰ্দশন’ ইত্যাদি৷ ড॰ অনুৰাধা শৰ্মাৰ ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদাৰ নিৰ্মাণ শৈলী’ (প্ৰান্তস্বৰ, নৱেম্বৰ, ২০১১) শৈলীবিজ্ঞানৰ তাত্ত্বিক আধাৰত ৰচিত প্ৰবন্ধ৷ ২০১০ চনত প্ৰকাশিত স্মৃতিৰেখা ভূঞাৰ ‘অসমীয়া গদ্যৰীতিঃ জোনাকীৰপৰা ৰামধেনুলৈ’ পুথিখনতো অসমীয়া সাহিত্যৰ এটি বিশেষ কাল পৰিসৰৰ গদ্যৰ ধাৰাটো বিচাৰ কৰা হৈছে৷ অৱশ্যে শৈলী বিজ্ঞানৰ তাত্ত্বিক দিশটোক ভিত্তি কৰাৰ পৰিৱৰ্তে গদ্যৰ বিকাশৰ ধাৰাটোকহে গ্ৰন্থখনত বিবেচনা কৰা হৈছে৷ ২০১৬ চনত প্ৰকাশিত ড॰ অৰ্পণা কোঁৱৰ সম্পাদিত ‘আধুনিক অসমীয়া গদ্যশৈলী’ গ্ৰন্থখন আধুনিক অসমীয়া গদ্যকাৰৰ বিশিষ্টতা সামৰি প্ৰণয়ন কৰা এখন বৃহৎ কলেৱৰৰ পুথি৷ ভূমিকাখনৰ উপৰিও ইয়াত একচল্লিশটা প্ৰবন্ধ আছে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যক  কেন্দ্ৰবিন্দু হিচাপে লৈ লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্বসূৰীৰ গদ্য আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ উত্তৰসূৰীৰ গদ্য হিচাপে সূচীপত্ৰখন সজোৱা হৈছে৷ বেজবৰুৱাৰ গদ্য বিষয়ক পাঁচোটা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে৷ সময়ৰ হিচাপত বেজবৰুৱাতকৈ পিছত জন্ম লাভ কৰাসকলক উত্তৰসূৰী হিচাপে ধৰা হৈছে; নিঃসন্দেহে এই তালিকাখন অতি দীঘল, সকলো লেখকক সামৰা সম্ভৱ নহয়৷ অৱশ্যে পূৰ্বসূৰীৰ গদ্যত এগৰাকী শক্তিশালী গদ্যকাৰ হিচাপে কমলাকান্ত ভট্টাচাৰ্য বাদ পৰি গৈছে৷ এই গ্ৰন্থখনত একো একোগৰাকী লেখকৰ গদ্যৰ সামগ্ৰিক বৈশিষ্ট্যৰ আভাস দিবৰ যত্ন কৰা হৈছে৷

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমীয়া সাহিত্যৰ গৱেষণাত শৈলীবিজ্ঞান চৰ্চাই গুৰুত্ব লাভ কৰাটো এক বিশেষ তাৎপৰ্যপূৰ্ণ বিষয়৷ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ‘অসমীয়া’ বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত ‘শৈলীবিজ্ঞান’ সম্পৰ্কীয় পৰিচয়মূলক পাঠ্যক্ৰমে স্থান পোৱাৰ পিছৰপৰাই ক্ৰমান্বয়ে আলোচনাৰ এই ধাৰাটোৰ প্ৰতি ছাত্ৰ আৰু গৱেষকৰ আগ্ৰহ বৃদ্ধি পায়৷ সাহিত্যক নতুন ধৰণে চোৱাৰ প্ৰতি তেওঁলোকৰ মনত জিজ্ঞাসাৰ উদয় হয়৷ ইয়াৰ ফলস্বৰূপে ডিব্ৰুগড় আৰু গুৱাহাটী দুয়োখন বিশ্ববিদ্যালয়তে এম.ফিল আৰু পিএইচ.ডি ডিগ্ৰী লাভৰ বাবে কেবাখনো গৱেষণা গ্ৰন্থ প্ৰস্তুত হয়৷  ডিগ্ৰী লাভ কৰা অধিক সংখ্যক গৱেষণা গ্ৰন্থই পুথি আকাৰে প্ৰকাশ লাভ কৰা নাই৷ আমি সংগ্ৰহ কৰিবলৈ সমৰ্থ হোৱা গৱেষণা গ্ৰন্থ কিছুমানৰ নাম উল্লেখ কৰা হ’ল–

২০১৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধীনত এম.ফিল ডিগ্ৰী প্ৰাপ্তিৰ বাবে পলি বৰাই মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ ভাষাশৈলী (মামৰে ধৰা তৰোৱাল আৰু দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত) শীৰ্ষক ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ (Dissertation) প্ৰস্তুত কৰে৷ শৈলীবিজ্ঞানৰ তাত্ত্বিক আধাৰত প্ৰস্তুত কৰা এই গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ ভাষিক প্ৰসংগৰ প্ৰয়োগ, বাগধাৰা আদিৰ বিষয়ে আলোচনা কৰিছে৷ এই একে বিভাগতে প্ৰস্তুত কৰা আন কেইখনমান ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ হ’লঃ দেৱাশ্ৰী বৰুৱাৰ ‘মহিম বৰাৰ চুটিগল্পৰ ভাষাশৈলী বিশ্লেষণ’ (২০১৫), গীতা হাজৰিকাৰ ‘জনজাতীয় মূলৰ ঔপন্যাসিকৰূপে ৰং বং তেৰাঙৰ উপন্যাসঃ শৈলীবৈজ্ঞানিক অধ্যয়ন’ (২০১৮), টুলুমনি গগৈৰ ‘বিষ্ণুপ্ৰসাদ ৰাভাৰ গদ্যৰ ভাষাশৈলী’ (২০১৮) ইত্যাদি৷ 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া আৰু আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত পিএইচ.ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা গ্ৰন্থকেইখনমান হ’ল এনেধৰণৰঃ সুব্ৰতজ্যোতি নেওগৰ ‘হোমেন বৰগোহাঞিৰ গদ্য সাহিত্যৰ ভাষাঃ শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন’ (২০১৫), ছাহনাজ বেগমৰ ‘চৈয়দ আব্দুল মালিকৰ কথাশৈলীঃ এটি অধ্যয়ন’ (২০১৬), ভাস্কৰ পাটগিৰিৰ ‘লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাশৈলী’ (২০১৬), পল্লৱিকা শৰ্মাৰ ‘মহিম বৰাৰ গদ্যশৈলীঃ বিশ্লেষণাত্মক অধ্যয়ন’ (২০১৬), কৰুণাকান্ত ডেকাৰ ‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ গদ্যৰ ভাষাঃ এক শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন’ (২০১৭), পূৰবী মিশ্ৰৰ ‘মহিম বৰাৰ সাহিত্যৰ ভাষাশৈলীঃ এটি অধ্যয়ন’ (২০১৭), আমিনা বেগমৰ ‘নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ৰচনাৰাজিৰ ভাষাঃ এক শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন’ (২০২১), ভাস্বতী দেৱীৰ ‘মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ গদ্যশৈলীঃ এক শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন’ (২০২১) ইত্যাদি৷ 

সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত পিএইচ.ডি ডিগ্ৰীৰ প্ৰাপ্তিৰ বাবে প্ৰস্তুত কৰা গৱেষণা গ্ৰন্থ কেইখন হ’লঃ শান্তনা দুৱৰা সন্দিকৈৰ ‘বেণুধৰ শৰ্মাৰ গদ্য ৰচনাঃ এক শৈলীবৈজ্ঞানিক বিশ্লেষণ’ (২০১৫), পলি বৰাৰ ‘মামণি ৰয়ছম গোস্বামীৰ চুটিগল্প আৰু উপন্যাসৰ শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন’ (২০২০), দীপশিখা বুঢ়াগোহাঞিৰ ‘অসমীয়া সাধুকথাৰ ভাষাশৈলী’ (২০২১), শ্ৰৱণিকা বৰুৱাৰ ‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ ভাষাশৈলী’ (২০২১) ইত্যাদি৷ এই তালিকাখন নিঃসন্দেহে আৰু দীঘল; অন্যান্য বিশ্ববিদ্যালয়তো ইতিমধ্যে অসমীয়া বিষয়ত গৱেষণা হৈছে, সকলো তথ্য সময়ত গোটাব পৰা হোৱা নাই, সীমাবদ্ধতা স্বীকাৰ কৰিছোঁ৷ কিন্তু এই গৱেষণা গ্ৰন্থসমূহ প্ৰকাশ হৈ পাঠকৰ হাতত নপৰা বাবেই ইয়াৰ মূল্যায়নে যথাযথ গুৰুত্ব লাভ কৰা নাই অথবা যথাৰ্থ আলোচনাৰ সুবিধা হোৱা নাই৷ কিন্তু একবিংশ শতিকাৰ দ্বিতীয় দশকত শৈলীবিজ্ঞানৰ আলোচনাৰ ধাৰাটোৱে আমাৰ সাহিত্যত যে বিশেষ গুৰুত্ব লাভ কৰিছে সেইটো এনে প্ৰকাশিত, অপ্ৰকাশিত বিভিন্ন গৱেষণাকৰ্মই প্ৰমাণ কৰিছে৷

একবিংশ শতিকাত শৈলীবিজ্ঞানভিত্তিক আলোচনাই বিশেষ চৰ্চা লাভ কৰাটোৱেই ইয়াৰ এক সমৃদ্ধ ধাৰাৰ সম্ভাৱনা কঢ়িয়াইছে বুলি ক’ব পাৰি৷ লগতে এইটোও ক’ব লাগিব যে সাহিত্যৰ শৈলী চৰ্চাৰ মাজত পাঠ বিশ্লেষণে যি ধৰণে গুৰুত্ব পোৱাৰ অৱকাশ আছিল, সেই দিশটো কিন্তু উপযুক্ত ধৰণে উপলব্ধ নহ’ল৷ সাহিত্যত ভাষা ব্যৱহাৰৰ বৈচিত্ৰ্য আৰু কৌশল  সম্পৰ্কীয় আলোচনাৰে পাঠ [text] এটাক নতুন ধৰণে বিশ্লেষণ কৰাৰ যিবোৰ সম্ভাৱনা শৈলীবিজ্ঞানে আমাক দেখুৱাইছে সেই বাটবোৰ যথাৰ্থ ৰূপত মুকলি হোৱা নাই৷ তাত্ত্বিক আলোচনাও আৰম্ভণিৰ স্তৰতে ৰৈ গৈছে আৰু প্ৰায়োগিক দিশৰ আলোচনা তথা গৱেষণাও একোটা নিৰ্দিষ্ট ফ্ৰেমতেই সীমাবদ্ধ আছে৷ অৱশ্যেই অনালোচিত বিষয় এটাই অসমীয়া সাহিত্য আলোচনাৰ ধাৰাত গুৰুত্ব পাইছে এই দিশটোও মুঠেই উপেক্ষা কৰিব পৰা বিধৰ নহয়৷ নিশ্চিতভাৱে এনে ধৰণৰ আলোচনাৰে অসমীয়া সাহিত্য সমালোচনা অধিক সমৃদ্ধ হোৱাৰ বাবে এখন ক্ষেত্ৰ তৈয়াৰ হৈছে আৰু এই ক্ষেত্ৰখনত উপলব্ধ সমলৰ সদ্‌ব্যৱহাৰ তথা অধিক নতুন আলাপ-আলোচনাৰ চৰ্চাৰে এই ধাৰাটি সমৃদ্ধ হৈ উঠিব৷ আমাৰ এই আলোচনাত থিতাতে পোৱা তথ্য-পাতিৰ আধাৰত শৈলী চৰ্চাৰ এক ৰূপৰেখাহে দাঙি ধৰাৰ চেষ্টা কৰা হৈছে– এয়াও একপ্ৰকাৰ অসম্পূৰ্ণ; দূৰৈৰ পাহাৰৰ সেউজীয়া আৰু শিলাৱৰ্ণ ৰূপটোৰে দৰেই; পাহাৰখনৰ নিজৰা, বনৰীয়া ফুল, সৰু-ডাঙৰ গছ-লতিকা আদিকে ধৰি জীৱ-বৈচিত্ৰ্যৰ সামগ্ৰিক অনুসন্ধান যথাযথভাৱে তুলি ধৰিব পৰা হোৱা নাই৷ তথাপিও আমি দাঙি ধৰা এই ৰূপৰেখাই পাহাৰখনৰ এক নিটোল সামগ্ৰিক ৰূপৰ আভাস দিব পাৰিব বুলি আমাৰ বিশ্বাস৷

Post a Comment

0 Comments