ঐতিহ্যৰ বিস্তাৰ আৰু অনন্ত আকাশ ৷৷ মহেশ্বৰ নেওগ বিষয়ক লেখা ৷৷ লিখকঃ জ্যোতি খাটনিয়াৰ

* জাতি এটাই পাণ্ডিত্যৰ নিদৰ্শনৰূপে কিছুমান মানুহৰ নাম লয়। ইংৰাজী ভাষাত ড° জনছন , ভাৰতীয় চিন্তাত  ৰাহুল সাংকৃত্যায়ন তেনে নাম । অসমীয়া মানুহে পাণ্ডিত্যৰ নিদৰ্শনৰূপে যিকেইটা মুষ্টিমেয় নাম ল'ব পাৰে, তাৰ ভিতৰত ড° মহেশ্বৰ নেওগ অন্যতম। দৰাচলতে অসমীয়া মানুহে যি চাৰিজন ব্যক্তিক উমৈহতীয়াভাৱে পণ্ডিতৰূপে গ্ৰহণ কৰিছে, সেই চাৰিজন ব্যক্তি হ'ল কৃষ্ণকান্ত সন্দিকৈ, বাণীকান্ত কাকতি, তীৰ্থনাথ শৰ্মা আৰু মহেশ্বৰ নেওগ।  মানৱ জ্ঞানৰ নানান ঐশ্বৰ্য্যৰে ভৰা জগতখনত অনায়াস বিচৰণেৰে নিজৰ জীৱন দশাত ড° নেওগে যি সমীহ আৰু খ্যাতি লাভ কৰিছিল, সেয়া আমাৰ সকলোৰে বাবে পৰম আশ্বৰ্যৰ বিষয়। ইউৰোপৰ নৱজাগৰণে যি পূৰ্ণ মানুহৰ ধাৰণা আমাৰ মনত জগাই তুলিছিল, তাৰ বিশেষ নিদৰ্শনৰূপে ড° মহেশ্বৰ নেওগৰ নামটো আমাৰ মনলৈ আহে। 

নেওগৰ জন্ম হৈছিল ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত। তেওঁৰ জেষ্ঠ্য ভাতৃ ডিম্বেশ্বৰ নেওগে অসমীয়া সাহিত্যত এই নামটো অমৰ কৰি গৈছে। দৰাচলতে অসমীয়া মানুহে কিদৰে নিজৰ গাঁওখনৰ যোগেদি জীৱন আৰু জগত সম্পৰ্কে এক ধাৰণাক মনৰ মাজৰ বহন কৰে, সেয়া ডিম্বেশ্বৰ নেওগৰ 'মোৰ গাওঁ' কবিতাটোৱে তুলি ধৰিছে কৰিছে : " কমাৰফদীয়া! / এই/ সৰু গাঁওখনি মোৰ/ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ। " ড° নেওগে পৰৱৰ্তী সময়ত কমাৰফদীয়াৰ সাংস্কৃতিক জীৱনক এনে ধৰণেৰে স্মৰণ কৰিছিল : "বছৰৰ কত উৎসৱ - মহোৎসৱে কমাৰফদীয়াক মতলীয়া কৰি যায় - খৰিৰ ওখ মেজি, কলঠহুৰাৰ ভেলা ঘৰৰে, গাঁৱৰ ডেকাৰ মাল - যুঁজেৰে , দূৰণিৰ পথাৰৰ ম'হ যুঁজ, গৰু যুঁজেৰে, পিঠাপনাৰ ন জলপানেৰে মাঘৰ বিহু; বকুলতলত থিয় শিলটোত হাত দি ভিতৰ সোমোৱা ৰাজহুৱা নামঘৰৰ বৰসবাহ, ভাওনা আৰু পিছৰ কালৰ থিয়েটাৰ অভিনয় । সবাতোকৈ চৰা কিন্তু ব'হাগৰ বিহু। "কমাৰফদীয়াৰ প্ৰাণ হ'ল দিখৌ নদী। পুনৰ ড° নেওগৰ ভাষাত " ঋতুৱে ঋতুৱে তাৰ কৰি কি গঢ়। " স্বাভাৱিকতে এই গাঁওখনৰ লগত জড়িত হৈ আছে নানান সহজ সৰল বিশ্বাসৰ কাহিনী :" পকা থেকেৰাৰ দৰে তেজে -ফুটা মুখখনি / চুলিসুপি বগৰীৰ দৰে লৈ বুঢ়া ডাঙৰীয়া, আমৰ তলতে টুক টুক চাপৰি বোৱা যখিনী -ছোৱালী, পোতা পুখুৰীত বাক, বাৰিৰ চুকৰ পুখুৰীৰ পাৰতে জোৰটাঁৰ জলাই লৈ পথাৰৰ ফালে ঢাপলি মেলা ধন - গুলৈতো যি সাঁজৰ বেলাৰপৰা পুৱতীলৈকে থাকেই" । নিঃসন্দেহে এনে পৰিবেশৰ মাজেৰে ওলাই অহা বাবেই ড° নেওগে লিখিব পাৰিছিল অসমৰ ধৰ্মৰ বুৰঞ্জী : আন্ধাৰ আৰু পোহৰ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, শ্ৰীশ্ৰীশঙ্কৰদেৱ, অসমীয়া গীতিসাহিত্য, পবিত্ৰ অসমৰ দৰে জীৱনৰ প্ৰাণ স্পন্দনৰে সমৃদ্ধ ,আৰু সাংস্কৃতিক ঐশ্বৰ্যৰে সিক্ত অথচ ওজন থকা আৰু পঢ়িবলৈ সাৱলীল নানান ব্যাখ্যাৰ পৰিপাটি উপস্থাপনৰ কিতাপসমূহ।

ড° নেওগৰ স্কুলীয়া শিক্ষাৰ সৈতে জড়িত হৈ আছে তিনিখন ঠাই: শিৱসাগৰ , উত্তৰ লক্ষীমপুৰ আৰু যোৰহাট। তেওঁৰ শিক্ষকসকলৰ মাজত আছে কেইবাটাও প্ৰথিতযশা নাম।  দুৰ্গানাথ বৰগোহাঁই, পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সভাপতি হোৱা মিত্ৰদেৱ মহন্ত, তাৰানাথ বৰপূজাৰী, আব্দুল লটিফ বৰুৱা, তোষেশ্বৰ ঠাকুৰ, মহেন্দ্ৰনাথ গোহাঁই ( প্ৰখ্যাত অসমীয়া সমালোচক ড° হীৰেন গোহাঁইৰ পিতৃ) এইসকলৰ ভিতৰত অন্যতম। ছাত্ৰ জীৱনত তেওঁ মেলেৰিয়াৰ কবলত পৰিছিল আৰু  ই তেওঁ স্বাস্থ্য একেবাৰে ভাঙি পেলাইছিল। উজনি অসমৰ প্ৰসিদ্ধ হেডমাষ্টৰ জেহিৰুদ্দিন আহমদে তেওঁৰ স্বাস্থ্যৰ বিশেষ যত্ন লৈছিল। খেলিবলৈ আনি দিছিল বেডমিন্টন ছেট এটা।  উল্লেখ্য যে জেহিৰুদ্দিন আহমদক এটা যুগৰ শিক্ষা জগতৰ এটা প্ৰতীক বা কিংবদন্তি বুলি উল্লেখ কৰি গৈছে। এই সময়তে তেওঁ এটা প্ৰবন্ধ স্কুলৰ মুখপত্ৰ ' জেউতি ' ত লিখি উলিয়াইছিল। প্ৰবন্ধটোৰ নাম  হেডমাষ্টৰ জেহিৰুদ্দিন আহমদেই ঠিক কৰি দিছিল । প্ৰবন্ধটোৰ নাম আছিল " My Rambles in the Realm of Literature" । সেই সময়ত বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই অনুষ্ঠিত কৰা কবিতা আৰু সাহিত্যৰ সন্মিলন ' বাণী - সন্মেলন '('সন্মিলন' নহয়), নীলমণি ফুকনৰ সাৱলীল বক্তৃতা আদিয়ে তেওঁক জগোৱা অনুপ্ৰেৰণা ড° নেওগে পৰৱৰ্তী সময়ত গভীৰ আৱেগেৰে স্মৰণ কৰিছিল। মেট্ৰিক পৰীক্ষাত নেওগ খ্যাতিৰে উত্তীৰ্ণ হয় আৰু অসম উপত্যকাৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। ইংৰাজী বিষয়ত তেওঁ অসম উপত্যকাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে। ইয়াৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰে। কটন কলেজত তেওঁ প্ৰথমে বিজ্ঞান পঢ়ে আৰু পৰৱৰ্তী সময়ত ইংৰাজীত অনাৰ্ছ লৈ বি. এ ডিগ্ৰী লাভ কৰে।

ইংৰাজীৰ অধ্যাপক পি. চি ৰায় আৰু আশুতোষ চেটাৰ্জীয়ে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। অধ্যাপক ৰায়ৰ পৰা তেওঁ পাঠ - সমীক্ষাৰ কৌশলসমুহক যেন তেতিয়াই আয়ত্ব কৰিবলৈ যত্ন কৰিছিল : " অনাৰ্ছ ক্লাছতে ৰায় ছাহাবে Variorum Shakespeare পঢ়িবলৈ শিকাই মোৰ মনত পাঠ - সমীক্ষাৰ প্ৰথম অংকুৰটি স্থাপন কৰিছিল, যাৰ ফলত শেক্সপীয়েৰৰ পাঠ কোৱাৰ্টো, ফলিও আদি সংস্কৰণে কেনেকৈ ভেদ সৃষ্টি কৰিছিল, সেইটো চোৱাত ব্যগ্ৰ হৈছিলোঁ। " অধ্যাপক আশুতোষ চেটাৰ্জীয়ে পঢ়োৱা মেকবেথ নাটকখনৰ স্মৃতি তেওঁ পৰৱৰ্তী সময়ত শ্ৰদ্ধাৰে স্মৰণ কৰিছিল। ছাত্ৰ জীৱনত অধ্যাপক সূৰ্য কুমাৰ ভূঞাৰ পৰা পোৱা সহায় আৰু সহযোগিতাকো ড° নেওগে পাহৰি যোৱা নাছিল। ইয়াৰ বাহিৰেও অধ্যাপক ড° বাণীকান্ত কাকতিৰ ভাষাতত্ত্ব সম্পৰ্কীয় ক্লাছসমূহক ড° নেওগে স্মৃতিচাৰণত বিশেষ ভাৱে উল্লেখ কৰি গৈছে। এই ক্ষেত্ৰত ড° নেওগে Otto Jesperson ৰ Growth and Structure of the English Language নামৰ কিতাপখনক কিদৰে বাণীকান্ত কাকতিয়ে ক্লাছত সুৱদি কৰি তুলিছিল তাৰ উল্লেখ কৰিছে। উল্লেখ্য যে ১৯২৫ চনত শিক্ষকতাৰ পৰা আনুষ্ঠানিক বিদায় লৈ পণ্ডিত Jespersen এ তেওঁৰ ক'পেনহাগেন বক্তৃতাত কৈছিল : "Speech is the noblest instrument to bind man to man, and it is by speech as by literature, or best by both combined, that one comes to understand from whom they emananted." ক'ব পাৰি যে Jespersen ৰ গ্ৰন্থখনে ভাষা তত্ত্ব আৰু সমাজ চেতনাৰ যি বীজ তেওঁৰ মনত তেতিয়াই ৰোপন কৰিছিল, তাৰ অনেক চানেকি তেওঁৰ পৰৱৰ্তী সময়ৰ বিভিন্ন ৰচনাত সিঁচৰতি হৈ আছে। অধ্যাপক পি. চি. ৰায়ৰ পাঠ -সমীক্ষাকেন্দ্ৰিক সচেতনতাক আমি বিচাৰি পাওঁ  ড° নেওগৰ তেওঁৰ গুৰু - চৰিত কথাৰ অসাধাৰণ সম্পাদনাত। শিক্ষক আৰু অসমীয়া জাতীয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ নাম ড ° বাণীকান্ত কাকতিৰ প্ৰতি ড° নেওগৰ শ্ৰদ্ধা আৰু কাকতিৰ ৰচনা সম্ভাৰৰ সম্পাদনাত তেওঁৰ দক্ষতা তথা আন্তৰিকতা সিক্ত হৈ আছে তেওঁ লিখা পাতনিখনত। 

উল্লেখ্য যে নানান ব্যক্তিগত কাৰণত ড° নেওগে প্ৰাইভেট শিক্ষাৰ্থী হিচাপে কলিকতা বিশ্ববিদ্যালয়ত এম. এ পৰীক্ষাৰ বাবে বহিবলগীয়া হয় আৰু তাত  সুখ্যাতিৰে উত্তীৰ্ণ হয় । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰত ড° নেওগৰ আশাশুধীয়া প্ৰচেষ্টা আছিল। ইয়াৰ বাবে যাৱতীয় ভূমি আবন্টনৰ দিশটোতো তেখেত বিশেষ ভাৱে জড়িত হৈ আছিল। বিশ্ববিদ্যালয় এখন স্থাপন কৰিবলৈ যাওঁতে যি ধৰণৰ কাগজ পত্ৰ, টোকা পৰামৰ্শৰ প্ৰয়োজন হয়, সেইবোৰতো তেওঁৰ হাতৰ স্পষ্ট ছাপ আছে। বিশ্ববিদ্যায়খনৰ ট্ৰাষ্ট বোৰ্ডৰ সদস্যৰূপে জড়িত হৈ থকাৰ ফলত তাক সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ সুযোগ তেওঁ লাভ কৰিছিল। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় ট্ৰাষ্ট বোৰ্ডৰ সচিবৰূপে ১৯৪৬ চনৰ ২ ফেব্ৰুৱাৰীত দায়িত্ব লোৱাৰে পৰা বিশ্ববিদ্যালয়ৰ মাটি চমজি লোৱা লৈকে তেওঁৰ বিশেষ ভূমিকা আছিল। পৰৱৰ্তী সময়ত নীলমণি ফুকনলৈ লিখা এখন চিঠিত জ্যোতি প্ৰসাদ আগৰৱালাই গুৱাহাটী বিশ্ববিদ্যালয় ন্যাসৰক্ষা সমিতিত তেওঁৰ পৰিকল্পনা আৰু নক্সা  প্ৰেৰণ কৰা কথাটোৰ সন্দৰ্ভত সুদীৰ্ঘ দিনৰ পিছতো ৪ জানুৱাৰী, ১৯৮০ ত নিজৰ মত ড° নেওগে স্পষ্টকৈ ক'ব পাৰিছিল। ড° নেওগৰ মতে জ্যোতি প্ৰসাদে বিশ্ববিদ্যালয় ন্যাসৰক্ষা সমিতিৰ সৈতে কোনো ধৰণৰ আনুষ্ঠানিক যোগাযোগ কৰা নাছিল। প্ৰসংগতঃ ক'ব পাৰি যে জ্যোতি প্ৰসাদৰ নামঘৰৰ স্থাপত্য সম্পৰ্কীয় কথা-বতৰাখিনিৰ ক্ষেত্ৰতো ড° নেওগে মত আগবঢ়াই গৈছে। 

এইকথাও এইখিনিতে স্মৰণ কৰিব পাৰি যে ড° নেওগৰ ৰাজনৈতিক ভাৱে এটা সক্ৰিয় মন আছিল।  দেশ বিভাজনৰ সময়ত অসমৰ বাবে গ্ৰুপিংৰ কথাটোৱে এক জীৱন মৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত ড° নেওগে ১৯৪৬ চনৰ ডিচেম্বৰ মাহত 'Assam Opposes Grouping' নামৰ এটা প্ৰবন্ধ লিখি কংগ্ৰেছ ছোচিয়েলিষ্ট পাৰ্টীৰ মুখপত্ৰ 'জনতা' ত প্ৰকাশ কৰে। এই মুখপত্ৰৰ সম্পাদনাৰ দায়িত্বত আছিল অৰুণা আছফ আলী, জয়প্ৰকাশ নাৰায়ন, ৰাম মনোহৰ লোহিয়া দৰে স্বাধীনতা সংগ্ৰামৰ স্বনাম ধন্য লোকসকল। ড° নেওগৰ প্ৰবন্ধৰ সন্মুখত সম্পাদনা কক্ষৰ পৰা এটা টোকা ছপা কৰা হৈছিল  : "An Assamese patriot states in this article the reason for his province's determined opposition to the scheme of grouping with Bengal." পৰৱৰ্তী সময়ত ড° নেওগৰ এই প্ৰবন্ধটো নেছনেল প্ৰেছ ছিন্দিকেটৰ দ্বাৰা দেশৰ অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ পত্ৰিকাতো প্ৰকাশ পায়। একে সময়তে গ্ৰুপিংৰ প্ৰতিবাদ ৰূপে ' Stay Out'নামৰ আন এটা শক্তিশালী প্ৰবন্ধ প্ৰকাশ কৰে। দেশে স্বাধীনতা লাভ কৰা পিছতে ড° নেওগে এই স্বাধীনতাৰ মূল্যায়ন আৰু গণতন্ত্ৰৰ প্ৰকৃতিৰ সন্দৰ্ভত আন এটা প্ৰবন্ধ লিখে । At the Threshold নামৰ এই প্ৰবন্ধটোৰ উপলব্ধিখিনিৰ এক সুকীয়া মূল্য আছে। ড° নেওগৰ বিশাল পাণ্ডিত্য আৰু তেওঁৰ বৌদ্ধিক আগ্ৰহৰ মূল্যায়ন কৰাটো এই চমু টোকাৰ উদ্দেশ্য নহয়। বিভিন্ন সময়ত ড° নেওগে লিখা প্ৰবন্ধ পাতি আৰু তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহে অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰতি তেখেতৰ সীমাহীন প্ৰেম আৰু আগ্ৰহকে সূচাইছে। ড° কপিলা ৱাৎচায়নৰ সৈতে তেওঁ যুটীয়া ভাৱে সম্পাদনা কৰা গীত - গোবিন্দ নামৰ গ্ৰন্থখনৰ সুচিন্তিত পাতনিয়ে ড° নেওগৰ কলা সচেতন আৰু সাংস্কৃতিক মনটোক প্ৰতিনিধিত্ব কৰিছে। হস্তমুক্তাৱলী নামৰ নাচৰ পুথিখনৰ সন্দৰ্ভত ড° নেওগে তাহানিতে লিখা শ্ৰীশ্ৰীশঙ্কৰদেৱ ( ১৯৪৯) নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা টোকা দুটা তেওঁৰ বৌদ্ধিক সতৰ্কতাৰ পৰিচয়। অসমীয়া গীতি সাহিত্যৰ প্ৰতি তেওঁৰ আগ্ৰহৰ পৰিণতিত ১৯৪৬ ৰ পৰা ১৯৫৫ চনৰ ভিতৰত ৰচিত প্ৰবন্ধ সংকলনসমূহত ড° নেওগৰ অসমীয়া জনজীৱনৰ প্ৰতি আগ্ৰহ সংৰক্ষিত হৈ ৰৈছে।

 লোক সাহিত্যৰ দুটা দিশক ড° নেওগে স্পষ্ট ভাৱে স্বীকাৰ কৰি লৈছে : লোকগীতিৰ স্বাভাৱিক সৌন্দৰ্য আৰু সামাজিক তাৎপৰ্য । ড° নেওগৰ সুকুমাৰ মনটোৰ পৰিচয় পোৱা যায় তেওঁৰ কবিতাবোৰত। মুছাফিৰখানাত ড° নেওগৰ বিশ্বমুখী মনটোৰ পৰিচয় আছে। মৃত্যুৰ কিছুদিন আগেয়ে ড° নেওগে ক্ষন্তেক জিৰণি নামৰ এটা কবিতাত লিখিছিল " পথৰ দাঁতিৰ জৰীগছ জোপা / তাৰ তলতে ক্ষন্তেক জিৰাওঁ / তাৰ কুঁহি কুঁহি পাতৰ তলত তোমাৰ বাতৰি কোৱা / নতুন জীৱনৰ বাতৰি কোৱা/ মোৰ ভাগৰ লাগিছে / তোমাৰ বাতৰি কোৱা।"  নিজৰ ভাগৰ লাগিলেও ড° নেওগে আনৰ বাতৰি শুনিব খুজিছিল। এক দায়বদ্ধ মন আৰু আত্ম প্ৰেৰণাৰে উদুদ্ধ নহ'লে এই গুণৰ অধিকাৰী হোৱা টান। ড° নেওগ বৌদ্ধিক ভাৱে আত্মকেন্দ্ৰিক নাছিল; তেওঁ আছিল আত্মসচেতন আৰু অসমীয়া মানুহৰ আত্মাক ধৰ্ম, সংস্কৃতি আৰু সাহিত্যৰ মাজত বিচাৰি ফুৰা এজন মানুহ।  তেওঁ ধৰ্মক অতি বহল অৰ্থত ব্যৱহাৰ কৰিছিল। ঊনবিংশ শতিকাৰ নৱজাগৰণৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বাবেই হয়তো পাঠ - সমীক্ষাৰ দৰে এক কাৰিকৰী বিদ্যাকো তেওঁ ধৰ্ম বুলি অভিহিত কৰিব পৰিছিল। আমাৰ পৰম সৌভাগ্য যে ড° নেওগৰ দৰে সমৰ্পিত আত্মাই অসমভূমিত জন্ম লৈ ইয়াৰ মাটি আৰু পানীক সমৃদ্ধ কৰিছিল । ড° নেওগৰ কলা সচেতন মনটো সদায়ে আছিল জীৱন মুখী। পাণ্ডিত্যৰ আপাততঃ নিৰস আৰু কঠোৰ জগতখনৰ আঁৰত তেওঁৰ কবি মনটোৱে মানুহজনৰ চিন্তা চেতনাক সদায়ে প্ৰাণৱন্ত আৰু সক্ৰিয় কৰি ৰাখিছিল : "হেমন্তৰ ধূসৰ খোজত যি বন মৰহে শুকায়/ তাৰ জানো শুনা নাই মুমুৰ্ষু প্ৰতিজ্ঞা / কুলিৰ গানৰ ঢৌ লাগি / ফাগুনত আকৌ নাচিম? " 

লেখকৰ ফোন - ৮৪৭২০৫১৩৩৯

( ড° মহেশ্বৰ নেওগৰ মৃত্যু তিথি উপলক্ষে দৈনিক অসম বাতৰি কাকতত প্ৰকাশিত লেখা)

Post a Comment

0 Comments