‘অহিৰণ’ উপন্যাসত প্ৰতিফলিত শ্ৰমিক জীৱন ৷৷ গীতাশ্ৰী কলিতা

* উপন্যাস সাহিত্যত নিম্নবৰ্গীয় সমাজ চেতনাই বৃহৎ অংশ এটা আগুৰি আছে৷ সেইদৰে একাংশ অসমীয়া উপন্যাসত শ্ৰমিক জীৱনৰ দুখ-দুৰ্দশা, স্থিতি, তেওঁলোকৰ জীৱন-নিৰ্বাহৰপদ্ধতি, মানদণ্ড আৰু সামাজিক অৱস্থাই বিশেষ স্থান দখল কৰি আছে৷ অসমীয়া উপন্যাস সাহিত্যত শ্ৰমিক জীৱনৰ কাৰুণ্য আৰু বাস্তৱতাক চিত্ৰিত কৰাত সফল হোৱা তেনে এগৰাকী সিদ্ধহস্ত ঔপন্যাসিক হ’ল– মামণি ৰয়ছম গোস্বামী৷ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত তেখেতৰ উপন্যাসবোৰত শ্ৰমিক জীৱনৰ জীৱন্ত আৰু বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে৷ গোস্বামীৰ তেনে এখন উপন্যাস হ’ল– ‘অহিৰণ’৷ উপন্যাসখনত মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ একুৱাডাক্টৰ নিৰ্মাণ কাৰ্যৰত শ্ৰমিক শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ত, নিৰ্যাতিত জীৱনটোক বাস্তৱিক ৰূপত তুলি ধৰা হৈছে৷ শ্ৰমিকৰ উপযুক্ত পাৰিশ্ৰমিকৰ অভাৱ, অতিৰিক্ত কামত নিয়োগ, দুৰ্দশাগ্ৰস্ত জীৱন, নাৰী নিৰ্যাতন ইত্যাদি বহু দিশ উপন্যাসখনৰ মাজেৰে উন্মোচিত কৰা হৈছে৷ শোষক শ্ৰেণীয়ে কৰা অন্যায়-অবিচাৰ, অত্যাচাৰ, নিৰ্যাতন আদি শ্ৰমিক শ্ৰেণীয়ে যুগ যুগ ধৰি সহ্য কৰি আহিছে৷ তেওঁলোকৰ ক্ষমতা আৰু অৰ্থসৰ্বস্ব আভিজাত্য শোষিত শ্ৰেণীটোৰ উন্নয়নৰ প্ৰধান অন্তৰায়৷ শোষিত শ্ৰেণীটোৰ দৈনন্দিন জীৱন নিৰ্বাহৰ অন্তৰালত থাকে ক্ষুধা, পেটৰ তাড়না, অৰ্থনৈতিক দুৰাৱস্থা, শিক্ষাৰ অভাৱ আদি কাৰকবোৰ৷ প্ৰস্তাৱিত আলোচনাত ‘অহিৰণ’ উপন্যাসখনৰ মাজেৰে কেনেদৰে শ্ৰমিক শ্ৰেণীটোৰ বাস্তৱিক ৰূপটো তুলি ধৰাৰ চেষ্টা কৰা হৈছে, সেই সম্পৰ্কে আলোচনা কৰাৰ লক্ষ্য ৰখা হৈছে৷

বিষয়ৰ পৰিচয়

সমাজৰ নিম্নবৰ্গৰ নিষ্পেষিত জীৱন চৰ্যা তথা অৱদমিত কণ্ঠক সাহিত্যত ফুটাই তোলা হয়৷ নিম্নবৰ্গৰ প্ৰতিৰোধৰ ভাষ্যক প্ৰতিফলিত কৰি সাহিত্যত শোষক  আৰু শোষিত শ্ৰেণীৰ মাজৰ দ্বন্দ্ব, দমন, প্ৰতিৰোধ আদি অনেক দিশ উন্মোচিত কৰে৷ ইংৰাজী subattern শব্দৰ প্ৰতিশব্দ হিচাপে অসমীয়াত নিম্নবৰ্গ, প্ৰান্তীয়বৰ্গ আদি পৰিভাষা ব্যৱহাৰ কৰা হৈছে৷ এই শব্দই সমাজৰ কণ্ঠহীন, শোষিত, বঞ্চিত তথা অৱহেলিত মানুহৰ শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰে৷ শ্ৰমিক শ্ৰেণীটোও এই নিম্নবৰ্গৰ শ্ৰেণীটোতে পৰে৷

সমাজত সাধাৰণতে শোষক আৰু শোষিত দুই শ্ৰেণীৰ মানুহ থাকে৷ শোষক শ্ৰেণীয়ে সদায় শোষিত শ্ৰেণীৰপৰা সুবিধা আদায় কৰাত ব্যস্ত৷ শোষিত শ্ৰেণী মানসিকভাৱে, শাৰীৰিকভাৱে শোষণ, অত্যাচাৰ তথা নিৰ্যাতনৰ বলি হৈ আহিছে৷ এই শোষিত শ্ৰেণীৰ ভিতৰতে পৰে শ্ৰমিকসকল৷ সমাজ এখনৰ প্ৰগতিৰ আঁৰত এই শ্ৰমিকসকলৰে শ্ৰম নিয়োজিত হৈ থাকে৷ অথচ তেওঁলোক চিৰ উপেক্ষিত৷ নিজৰ নূন্যতম অধিকাৰৰ পৰাও তেওঁলোক বঞ্চিত৷ সাহিত্যতো শ্ৰমিক শ্ৰেণীয়ে বিশেষ স্থান দখল কৰি আছে৷ অসমীয়া সাহিত্যতো ইয়াৰ অনেক উদাহৰণ উপলব্ধ৷ সাহিত্যৰ প্ৰগতিবাদী ধাৰাত শ্ৰমিকক বিশেষ প্ৰাধান্য দিয়া হৈছে৷ অসমীয়া সাহিত্যত কবিতা, নাটক, গল্প, উপন্যাস আদি সকলো বিধাতে শ্ৰমিক শ্ৰেণীৰ জীৱনে ঠাই পাইছে৷ উপন্যাসৰ ক্ষেত্ৰত দেখা যায় যে দ্বিতীয় মহাযুদ্ধৰ পাছত শ্ৰমিক জীৱনৰ আগমণ ঘটে৷ মাক্সৰ্বাদী চেতনাৰ আগমনেও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়৷নিম্নবৰ্গৰ অন্তৰ্গত শ্ৰমিক শ্ৰেণীৰ জীৱন প্ৰতিফলিত কৰাত সিদ্ধহস্ত এগৰাকী ঔপন্যাসিক গৈছে মামণি ৰয়ছম গোস্বামী৷ নিম্নবৰ্গীয় অৱদমিত ভাষ্যক তেওঁ উপন্যাসৰ মাজেৰে পোহৰলৈ আনিছে৷ নিম্নবৰ্গৰ অন্তৰ্গত শ্ৰমিক শ্ৰেণীৰ শোষিত, নিষ্পেষিত জীৱনক আৰু অৱদমিত কণ্ঠক প্ৰতিফলিত কৰা প্ৰয়াস কৰিছে৷ বিশেষকৈ ‘চেনাবৰ সোঁত’, ‘অহিৰণ’ আৰু ‘মামৰে ধৰা তৰোৱাল’ এই তিনিখন উপন্যাসত নিম্নবৰ্গৰ জীৱন প্ৰণালীটো পূৰ্ণ ৰূপত প্ৰতিফলিত হৈছে৷ আলোচনা পত্ৰখনত ‘অহিৰণ’ উপন্যাসত নিম্নবৰ্গীয় শ্ৰমিক শ্ৰেণীৰ জীৱনটো আলোকপাত কৰা হৈছে৷

 নিম্নবৰ্গীয় চেতনাঃ চমু পৰিচয়

লেটিন ভাষাত Sub (under) আৰু attern (other) শব্দ দুটা লগ লগাই ‘Subaltern’ শব্দটো গঠন কৰা হৈছে৷ Subaltern শব্দটোৰ প্ৰতিশব্দ হিচাপে অসমীয়াত ‘নিম্নবৰ্গ’, ‘প্ৰান্তীয়বৰ্গ’, ‘উপেক্ষিত শ্ৰেণী’ আদি বিভিন্ন পৰিভাষা ব্যৱহাৰ কৰা হয়৷

Subaltern শব্দটোৰ অৰ্থ হ’ল– ‘‘any officer in the British army who is lower in rank then a captain ’’ (Oxford Advanced Learner’ Dictionary মিলিটেৰি বিভাগৰ কেপ্তেইনজনৰ তুলনাত তলতীয়া বিষয়াসকল ‘ছাবঅল্‌টাৰ্ণ’৷ গ্ৰামচিয়ে পোনপ্ৰথমে তেওঁৰ ‘Prison’, Notebook’ত নিম্নশ্ৰেণী (inferior rank of people)ৰ মানুহ বুজাবলৈ ব্যৱহাৰ কৰা ‘ছাবঅল্‌টাৰ্ণ’ শব্দটোৱে পাছলৈ নিম্নবৰ্গীয়, কণ্ঠহীন, বঞ্চিত, অৱহেলিত, শোষিত সকলো ধৰণৰ মানুহক বুজাবলৈ ব্যৱহৃত হ’ল৷ প্ৰাচীন কালৰপৰা চলি অহা বৰ্ণভেদ প্ৰথা আৰু শ্ৰেণী বিভাজনে সমাজত উচ্চবৰ্ণ-নিম্নবৰ্ণ, উচ্চ-শ্ৰেণী, নিম্নশ্ৰেণীৰ সৃষ্টি কৰিছে৷ শাসক আৰু শাসিত এই দুই শ্ৰেণীৰ লগতে সৃষ্টি হৈছে শোষক আৰু শোষিত শ্ৰেণী৷ সেয়েহে তুলনাত নিম্ন প্ৰতিটো শ্ৰেণীয়ে ওপৰৰ শ্ৰেণীৰ দমন বা কতৃৰ্ত্ব (domination) মানি লৈ আনুগত্য (subordination) প্ৰকাশ কৰে বা কৰিবলৈ বাধ্য হয়৷২

ঔপনিৱেশিক আৰু বুৰ্জোৱা জাতীয়তাবাদী এই দুই ধৰণৰ ইতিহাসতত্ত্বৰ বিৰোধিতা কৰি ‘ছাবঅল্‌টাৰ্ণ ষ্টাডিজ’ক ইতিহাস অধ্যয়নৰ ধাৰা হিচাপে গ্ৰহণ কৰা হৈছিল৷ ‘ছাবঅল্‌টাণ ষ্টাডিজ’ৰ অগ্ৰণী ব্যক্তি ৰণজিৎ গুহ, গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাৰ্ক, পাৰ্থ চেটাৰ্জী, দীপেশ চক্ৰৱৰ্তী আদি চিন্তাবিদে বৃটিছ ঔপনিৱেশিক আমোলত নিম্নবৰ্গৰ জীৱন পদ্ধতি তথা মানসিকতা সম্পৰ্কে আলোচনা কৰিছে৷ ভাৰতবৰ্ষৰ ইতিহাসত উপেক্ষিত নিম্নবৰ্গীয় শ্ৰেণীৰ কণ্ঠস্বৰ ইতিহাসত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে এই ধাৰাৰ ইতিহাস চৰ্চাত মনোনিৱেশ কৰিছিল৷

১৯৮২ চনত কেনবেভাৰ অষ্টেলিয়ান নেচনেল ইউনিভাৰ্ছিটিৰ অধ্যাপক ৰণজিৎ গুহৰ সম্পাদনাত ‘Subaltern Studies: Writings on South Asian History and Society’ৰ প্ৰথম খণ্ড প্ৰকাশ হয় আৰু বৰ্তমানলৈকে এই গ্ৰন্থমালাৰ দহটা খণ্ড প্ৰকাশিত হৈছে৷ Subaltern Studiesৰ প্ৰথম খণ্ডৰ প্ৰথম প্ৰবন্ধ হিচাপে ৰণজিৎ গুহ ৰচিত ‘Some Aspects of the historiography of colonical India.’ শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশিত হয়৷ পিছলৈ সেই প্ৰবন্ধটো Subaltern historiography বা নিম্নবৰ্গৰ ইতিহাস তত্ত্বৰ ‘মেনিফেষ্টো’ বুলি বহুতে অভিহিত কৰিবলৈ লয়৷ এই প্ৰবন্ধটোৰ প্ৰথম বাক্যটোতে কোৱা হ’ল– ‘ভাৰতীয় জাতীয়তাবাদত উচ্ছবৰ্গৰ আধিপত্য চলি আহিছে৷’ নিম্নবৰ্গৰ ইতিহাস-চৰ্চাৰ উদ্দেশ্য হ’ল এই দুই ধৰণৰ উচ্চবৰ্গীয় আধিপত্যৰ বিৰোধিতা কৰা৷৩

ৰণজিৎ গুহৰ ‘Elementary Aspects of Present Insurgency in colonical India.’ শীৰ্ষক গ্ৰন্থত ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত কৃষক বিদ্ৰোহৰ কাৰক, স্বৰূপ, তথা পৰিণতি আদি আলোচনা কৰি ভাৰতৰ স্বাধীনতা লাভত তাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিছে৷ গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাৰ্কৰ ‘Can the subattern speak?’ নামৰ ৰচনাখনেও ছাবঅল্‌টাৰ্ণ সম্পৰ্কীয় বিভিন্ন দিশ উন্মোচন কৰে৷ পৰৱৰ্তী সময়ত এই বিষয়ত নতুন ধ্যান-ধাৰণাৰ সমাৱেশ পৰিলক্ষিত হয়৷

সাহিত্যই নিম্নবৰ্গৰ প্ৰতিৰোধৰ ভাষ্যক প্ৰতিফলিত কৰে৷ সাাহিত্যত নিম্নবৰ্গীয় নিষ্পেষিত জীৱন চৰ্যা, তথা অৱদমিত  কণ্ঠক ফুটাই তোলা হয়৷

সাম্প্ৰতিক কালৰ সাহিত্য সচেতনভাৱে আৰু বহলাৰ্থত ৰাজনৈতিক সাহিত্য; কাৰণ সুবিধাভোগী আৰু সুবিধাৰপৰা বঞ্চিত এই দুই শ্ৰেণীৰ মাজৰ দ্বন্দ্ব সংঘাত, দমন-প্ৰতিৰোধক মূল উপজীৱ্য বিষয় কৰি লোৱা বৰ্তমান সময়ৰ বিশ্ব সাহিত্যই অৱদমিত শ্ৰেণীভূক্ত মানুহৰ প্ৰতিৰোধী কণ্ঠক চিনাক্ত কৰি তাক শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ কাৰণে সাহিত্যক শক্তিশালী মঞ্চ হিচাপে ব্যৱহাৰ কৰাৰ পোষকতা কৰিছে৷৪

অহিৰণ উপন্যাসৰ কাহিনীৰ পৰিচয়

মামণি ৰয়ছম গোস্বামীয়ে চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা উপন্যাসত শ্ৰমিকসকলৰ শোষিত নিষ্পেষিত জীৱনটো জীৱন্ত ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে৷ শ্ৰমিক জীৱন প্ৰতিফলিত তেওঁৰ এখন উল্লেখযোগ্য উপন্যাস হ’ল ‘অহিৰণ’৷ মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ একুৱাডাক্ট নিৰ্মাণ কাৰ্যতৰত বিভিন্ন স্তৰৰ এদল লোকৰ পৰস্পৰ আৰু পাৰিপাশ্বিৰ্কতাৰ সৈতে সম্পৰ্কৰ ই এক বৰ্ণনা৷ ইয়াতো এটা কাৰ্যকৰণেৰে পৰিকল্পিত ৰূপত ফুটাই তোলা পূৰ্ণাংগ কাহিনী নাই৷ ইটো সিটো চৰিত্ৰৰ ভাৱ অনুভূতি, আশা-আকাংক্ষা আৰু কথা-কামৰ ই আবেদনশীল বৰ্ণনা মাথোন৷ কিন্তু তাৰ মাজেদিয়ে একুৱাডাক্ট নিৰ্মাণ কাৰ্যৰ বনুৱাসকলৰ দুখ বেজাৰ, বঞ্চনা আৰু শোষণৰ সামগ্ৰিক চেতনা সুন্দৰকৈ ফুটাই তোলা হৈছে৷৫

মধ্যপ্ৰদেশৰ অহিৰণ নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলক ‘অহিৰণ’ উপন্যাসৰ পটভূমি হিচাপে লোৱা হৈছে৷ অহিৰণ নদীত একুৱাডাক্টৰ নিৰ্মাণৰ লগত জডি.ত বিভিন্ন স্তৰৰ শ্ৰমিক জীৱনৰ সৰু-বৰ ঘটনাৰ আধাৰত এই উপন্যাসখন ৰচিত৷ ইঞ্জিনীয়াৰ হশুৰ্ল চাহাবক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনী আগবাঢি.ছে৷ তেওঁ একুৱাডাক্ট নিৰ্মাণ কৰা কোম্পানীটোৰ ইঞ্জিনীয়াৰ যদিও তেওঁ কোম্পানীৰ মালিকৰ শোষণৰ বলি হ’বলগীয়া হয়৷ তেওঁ কোম্পানীৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিও পদোন্নতি লাভ নকৰিলে৷ তথাপি তেওঁৰ জীৱনৰ ধৰ্ম কৰ্মই হৈ থাকিল৷ কৰ্মত এনেভাৱে নিমগ্ন হৈ পৰিল যে ঘৰ-সংসাৰ পতাৰ পৰাও তেওঁ বিৰত থাকিল৷ জীৱনৰ পৌঢ. বয়সত জীৱনৰ সংগী হিচাপে পাণ্ডেৰ বিধৱা পত্নী নিৰ্মলা তেওঁৰ জীৱনলৈ আহিল৷ কিন্তু এই সংগী বেছি দিন তেওঁৰ লগত নাথাকিল৷ হশুৰ্লৰ উদাসীনতা আৰু শাৰীৰিক-মানসিক প্ৰয়োজনীয়তাৰ তাড.নাত নিৰ্মলা ডেকা ইঞ্জিনীয়াৰ মহেশ ঠাকুৰৰ প্ৰতি আকৰ্ষিত হৈ সম্পৰ্ক গঢি. তোলে৷ হশুৰ্লৰ সমান্তৰালভাৱে ঔপন্যাসিকে আজিজ মিঞা নামৰ এজন ধোবাৰ কাহিনীও উপস্থাপন কৰিছে৷ তেওঁ দেশ বিভাজনৰ সময়ত ভাৰতীয় নাগৰিকত্ব হেৰুৱাই পাকিস্তানী নাগৰিক হৈ পৰে৷ অৱশ্যে তেওঁৰ ভাৰতত থাকি যোৱা মাকৰ অসুখৰ খবৰ ল’বলৈ আহি ভাৰততে থাকি গ’ল৷ মাকৰ শেষ ইচ্চা অনুসৰি মাকৰ মকবৰা সঁজাই আজিজ মিঞাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিছিল৷ অৱশ্যে এই ইচ্চা পূৰণ কৰিব নোৱাৰাকৈয়ে আজিজ মিঞাৰ মৃত্যু হয়৷ পিছত হশুৰ্ল চাহাবে এই ইচ্চা পূৰণ কৰিলে৷

অহিৰণ উপন্যাসত প্ৰতিফলিত শ্ৰমিক জীৱন

বিভিন্ন কাহিনীৰ উপস্থাপন কৰি তাৰ মাজতে উপন্যাসৰ মূল বিষয়টোক অৰ্থাৎ শ্ৰমিক জীৱনৰ চিত্ৰক জীৱন্ত ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে৷ উপন্যাসখনৰ উপন্যাসখনৰ হশুৰ্ল, নিৰ্মল কাহিনী তথা আজিজ মিঞাৰ কাহিনীয়ে শ্ৰমিক জীৱনটো ফুটাই তোলাত বাধাৰ সৃষ্টি কৰা নাই, বৰঞ্চ ই সহায়কহে হৈ পৰিছে৷ আলোচ্য উপন্যাসখন শ্ৰমিক জীৱনৰ নানা দিশ চিত্ৰিত কৰিছে৷

উপযুক্ত পাৰিশ্ৰমিকৰ অভাৱ

অহিৰণ একুৱাডাক্টত কামৰ বাবে চাৰাপৰা আৰু ৰক্সিপাৰাৰ পৰা অহা শ্ৰমিকসকলে উপযুক্ত পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল৷ মধ্যপ্ৰদেশৰ লেবাৰ ৰেট জম্মু কাশ্মীৰ, দিল্লী নাইবা ইউ পিৰ লেবাৰ ৰেটতকৈ যথেষ্ট কম আছিল উপন্যাসখন এনেধৰণে পোৱা যায়৷

“... সিহঁতৰ দৈনিক ৰেট আছিল দুটকা৷ যেতিয়া এই ৰেট দুটকা বুলি গম পালে কোম্পানিয়ে আৰু আঠ অনা বঢ়াই দিবলৈ সাজু হ’ল কিন্তু এইখিনি সময়তে কোম্পানিৰ লগত ইউনিয়নৰ খকাখুন্দা লাগি পৰিল৷ কাৰণ কোম্পানি আন আন ব্ৰাঞ্চৰ লেবাৰ ৰেট তিনি টকা পঞ্চাশ পইচা আছিল৷” (‘অহিৰণ’, পৃ.২) কেৱল উপযুক্ত পাৰিশ্ৰমিকৰ পৰাই নহয়, কেতিয়াবা পাৰিশ্ৰমিকৰ পৰাই বঞ্চিত হৈছিল৷

শ্ৰমিকক অতিৰিক্ত কামত নিয়োগ

নিৰ্দিষ্ট কামৰ উপৰিও শ্ৰমিকবোৰক চাহাব-মেমচাহাবহঁতে অতিৰিক্ত কামতো নিয়োগ কৰে৷ অনিচ্চাস্বত্বেও শ্ৰমিকে সেই কাম কৰিবলৈ বাধ্য হয়৷ তেওঁলোকে তাৰ প্ৰতিবাদো কৰিব নোৱাৰে কাৰণ ভোকৰ তাড.নাতকৈ এইবোৰ গৌণ হৈ পৰে৷“শুনিছোঁ ভৰিৰ মেম চাহাবহঁতে আজিকালি লেবাৰহঁতৰ হতুৱাই নিজে কাপোৰ ধোৱাই লয়৷ চাৰপাৰাৰ খাব নোপোৱা প্ৰেতহঁতক এসাঁজ ভাত আৰু এটা পিঁয়াজ দলি মাৰি দিবা... সিহঁতে চব কৰি দিব৷” (‘অহিৰণ’, পৃ.৩)

শ্ৰমিক শ্ৰেণীৰ দুৰ্দশা

‘অহিৰণ’ উপন্যাসত শ্ৰমিক শ্ৰেণীৰ দুখ, দুৰ্দশা, নিৰ্যাতন তথা কষ্টৰ অনেক টুকুৰা ছবি চিত্ৰণ কৰিছে৷ যাৰ জৰিয়তে শ্ৰমিক দুৰ্দশা উপলব্ধি কৰিব পাৰি৷ শুকান বতাহ, নদী পানীৰ তৰাং, অৱস্থা আদিয়ে পানীত হাঁহ নচৰা অৱস্থা কৰি পেলাইছে৷ নলাৰী আৰু বফৰা গাঁৱৰ আকালৰ বিষয়ে ডাম্পাৰ ড্ৰাইভাৰটোৱে কৈছিল–

“...ডাম্পাৰ ড্ৰাইভাৰটোৱে কৈছিল পলাৰী আৰু বফৰা গাঁৱত আকাল হৈছে৷ আগেয়ে এই ‘পানীয়’ বিক্ৰী কৰি সিহঁতে দুপইচা উপাৰ্জন কৰিছিল৷ এতিয়া বন ৰাষ্ট্ৰীয়কৰণ কৰাৰ পাছত সেইপিনেও মুদা মৰিল৷... পৰিস্কাৰ কাপোৰ পিন্ধা নাইবা চৰকাৰী পোছাক পিন্ধা মানুহ দেখিলে সিহঁতে দুৱাৰ-ঘৰ মাৰি ভিতৰত সোমোৱা হ’ল৷” (‘অহিৰণ’, পৃ.৩)

নূন্যতম বস্তুকেইপদ গোটাবলৈও গাঁৱৰ শ্ৰমিকসকল অক্ষম৷ গাঁৱৰ ল’ৰা-তিৰোতাই সৰৈৰ বীজৰ বিনিময়তহে নিমখ আনিবলগীয়া অৱস্থা হৈছে৷ প্ৰয়োজনতকৈ কষ্টই শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটাইছে৷ আজিজ মিঞাই শতচ্চিন্ন বনিয়নটি দাঙি জেং খৰিৰ দৰে ওলাই পৰা হাড.বোৰ হশুৰ্ল চাহাবক দেখুওৱা দৃশ্যটোৱে অত্যাধিক কষ্টৰ পৰিণতিকে নিৰ্দেশ কৰিছে৷ ভাটাপাৰা বলদীপাৰা পেণ্ড্ৰ ৰ’ডৰ পৰা অভাৱবশতঃ মানুহবোৰ কোৰাবলৈ উঠি আহিছে৷ সেই ঠাইৰ দুৰাৱস্থাৰ চিত্ৰ এনেদৰে তুলি ধৰিছে৷

“সিহঁতৰ খেতিপথাৰ শুকাই গৈছে৷ গৰু-গাই মৰি গৈছে– কোম্পানিত সিহঁতে যিকোনো মূল্যত কাম কৰিবলৈ সাজু আছিল– এনেকুৱা কম ৰেটত কাম কৰিবলৈ অহা শ্ৰমিক কোম্পানিয়ে আগে-পিছে পোৱা নাছিল৷ কিন্তু কোম্পানীয়ে ৰাখে কেনেকৈ?” (‘অহিৰণ’, পৃ.৪৯)

শিক্ষা, উপযুক্ত চিকিৎসা অভাৱ

শ্ৰমিকসকলৰ ল’ৰা-ছোৱালীবোৰে শিক্ষাৰপৰাও বঞ্চিত হ’বলগীয়া হয়৷ স্কুল আছে যদিও শিক্ষকৰ অভাৱ৷ শিক্ষকৰ এজন আনিবলৈও সেই অঞ্চলত শিক্ষিত মানুহৰে অভাৱ৷ ঠাকুৰক মাষ্টৰ আনিবলৈ কোৱাত কৈছে– “এই চাৰপাৰা আৰু ৰক্সিপাৰাত শিক্ষিত মানুহ এটাও নাই৷ ভৰিত আছে, কিন্তু তাৰপৰা এই আঠমাহলৈ বাটকুৰি বাই কোন আহিব?”

শ্ৰমিকসকল উপযুক্ত চিকিৎসাৰ পৰাও বঞ্চিত৷ নিৰ্মলাই গাঁৱৰ মানুহক সোধা এটা প্ৰশ্নতে ইয়াৰ স্বৰূপ প্ৰকাশ পাইছে–

-এইখন গাঁৱত বেমাৰী মানুহ কিমান আছে?

-শোৱা পাটী লোৱা মানুহ?

-এৰা শোৱা পাটী লোৱা মানুহ৷...

-ভিৰৰ মাজৰপৰা এটাই আঙুলিয়াই দেখুৱালে–

সৌটো মানুহ মৰৈৰ তলত পৰি আছে দেখা নাই? সকলোৱে মূৰ তুলি চালে৷ হয়, মানুহ এটা পৰি আছে৷ শতচ্চিন্ন কাপোৰৰ দ’মৰ মাজত তাৰ মূৰৰ এটা অংশ দেখা গৈছে৷ ওচৰত সিঁচৰতি হৈ পৰি আছে তাৰ ভাত ৰন্ধা সৰঞ্জাম৷

-তাক হস্পিতালৈ নিয়া হোৱা নাছিল?

-কোৰবাৰ হস্পিতালৰপৰা খেদি পঠিওৱা বেমাৰী৷

 নাৰী নিৰ্যাতন

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰীৰ নিম্নবৰ্গীয় অভিজ্ঞতাৰ স্বৰূপ উদ্‌ঘাটনৰ প্ৰয়াস পৰিলক্ষিত হৈছে৷ আলোচ্য উপন্যাসখনত কোম্পানীৰ বাবুবোৰে দুৰ্ভিক্ষ জৰ্জৰিত অঞ্চলত শ্ৰমিকৰ ওপৰত নানা অত্যাচাৰ কৰাৰ লগতে গাভৰু ছোৱালীবিলাককো শাৰীৰিক নিৰ্যাতন কৰিছিল৷ আজিজ মিঞাই হশুৰ্ল চাহাবক এই বিষয়ে এনেদৰে বৰ্ণনা দিছে– “মিঞাই ফুচফুচাই কোৱাৰ দৰে ক’ল, “একো একোটা পৰিয়ালত চাৰি-পাঁচজনীকৈ গাভৰু জীয়েক আছে... আৰু এই জীয়েকবোৰৰ দেখাদেখিকৈয়ে চাৰি-পাঁচটা জাৰজ সন্তান আছে... পেটৰ ভোক ইয়াত সকলোতকৈ ডাঙৰ কথা– দেখা নাই, কেনেকুৱা শুকান কৰ্কশ মাটি... সৰৈৰ ফুলৰ ৰং দেখিছা? বিবৰ্ণ মাটিত অহৰহ যেন শগুণৰ ছায়াহে পৰি থাকে৷... চাহাব সৰৈ গছৰ ফুল দেখিছানে?” (‘অহিৰণ’, পৃ.২)

তদুপৰি এনে নিৰ্যাতনৰ পাছতো হসদেও বেৰেজৰ কাম সাং হ’লত সেই বন বিভাগৰ ৰাক্ষসটোৱে ছাৰাপাৰাক ‘ছিফিলিছ’ বেমাৰে ছাটি ধৰিছে বুলি অপবাদ উলিয়াইছে৷

শ্ৰমিক তিৰোতাবোৰ আৰ্থিক অভাৱ-অনাটনত পৰি বেশ্যাবৃত্তি গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিও সৃষ্টি হোৱাৰ উদাহৰণ উপন্যাসখনত পোৱা যায়৷ দুৰ্যোধন ঠাকুৰ, জীৱৰামৰ দৰে বাহি্যকভাৱে ভদ্ৰতাৰ মুখা পিন্ধা মানুহে বনকৰা মহিলা ননীক ধৰ্ষণ কৰা কাৰ্যই নাৰীৰ শাৰীৰিক নিৰ্যাতনৰ নমুনা দাঙি ধৰে৷ “দুৱাৰ খুলি দুকুৰি চাৰি বছৰীয়া হশুৰ্ল চাহাব স্তব্ধ হৈ গ’ল, লগে লগে বাঘ দেখা হৰিণীৰ ননীয়ে এক পিশাচৰ বাহুবন্ধনৰ পৰা মুক্ত হৈ লৰ মাৰিলে৷ গুলি খোৱা হৰিণীৰ দৰে তাই যিপিনে লৰি গ’ল, তেজৰ শাৰী এটিও সেই পিনে লৰি গ’ল... বিস্ময়কৰ! বিস্ময়কৰ! এয়া নিজৰ উলঙ্গ দেহ ঢাকিবলৈ জীৱৰামে ডাইনিং টেবুলৰ কাপোৰখন টান মাৰি আনিলে৷” (‘অহিৰণ’, পৃ.৫৯)

উপসংহাৰঃ

পৰিশেষত উল্লেখ কৰিব পাৰি– আলোচ্য উপন্যাসখনত শ্ৰমিক শ্ৰেণীৰ অৱদমিত কণ্ঠক পোহৰলৈ অনা হৈছে৷ মামণি ৰয়ছম গোস্বামীয়ে ‘অহিৰণ’ উপন্যাসত মধ্যপ্ৰদেশৰ ‘অহিৰণ’ নদীৰ একুবেডাক্ট নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ দুৰ্দশাগ্ৰস্ত, নিৰ্যাতিত তথা শোষিত জীৱনৰ জীৱন্ত চিত্ৰ উপস্থাপন কৰিছে৷ উপন্যাসখনত শ্ৰমিকসকল কিদৰে প্ৰাপ্য নূন্যতম অধিকাৰৰ পৰাও বঞ্চিত হ’বলগীয়া হয়, সেয়া চিত্ৰিত কৰিছে৷ অৰ্থনৈতিকভাৱে, সামাজিকভাবে শ্ৰমিকশ্ৰেণী ইমান পিছপৰা যে তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও অপৰাগ৷ কেতিয়াবা প্ৰতিবাদ কৰিলেও সেয়া ফলপ্ৰসূ নহয়৷ পেটৰ তাড.নাতকৈ শোষণ, নিৰ্যাতন গৌণ হৈ পৰে শ্ৰমিকসকলৰ বাবে৷ অৰ্থনৈতিক দুৰাৱস্থা, উপযুক্ত শিক্ষাৰ অভাৱ আদিৰ কাৰণে তেওঁলোকৰ প্ৰতিবাদী মন এটা গঢ় লৈ উঠাত বাধাৰ সৃষ্টি কৰে৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি শোষক শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ ওপৰত শোষণ নিৰ্যাতন চলাই যায়৷


পাদটীকা

১. হোমেন ৰাজবংশী, “মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত দৃষ্টিপাত’’, অসমীয়া উপন্যাস পৰিক্ৰমাঃ পৃ-৩০৯ 

২. লক্ষ্মীনন্দন বৰা, ‘‘গৰীয়সী’’, বিংশ বছৰ, নৱম সংখ্যা, জুন, ২০১৩, পৃ.২১

৩. কমল কুমাৰ তাঁতী, ‘নিম্নবৰ্গৰ সমাজ ঐতিহ্য’, পৃ. ১

৪. লক্ষ্মীনন্দন বৰা, ‘‘গৰীয়সী’’, ঊনবিংশ বছৰ, ফেব্ৰুৱাৰী, ২০১২, পৃ.১৮

৫. গোবিন্দ প্ৰসাদ শৰ্মা, “অসমীয়া উপন্যাসৰ ধাৰা’’, ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীঃ ষষ্ঠ খণ্ড, পৃ. ১৫৭


গ্ৰন্থপঞ্জী 

গোস্বামী, মামণি ৰয়ছম৷ অহিৰণ৷ গুৱাহাটী চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, ২০১১৷ মুদ্ৰিত

কটকী, প্ৰফুল্ল৷ স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা৷ গুৱাহাটী বীণা লাইব্ৰেৰী, ২০১১৷ মুদ্ৰিত

ঠাকুৰ, নগেন৷ সম্পা৷ এশ বছৰৰ অসমীয়া উপন্যাস৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা সম্পাদিত৷ গুৱাহাটীঃ জ্যোতি প্ৰকাশন৷ ২০১২৷ মুদ্ৰিত৷

তাঁতী, কমল কুমাৰ৷ ‘নিম্নবৰ্গৰ সমাজ ঐতিহ্য’৷ আখৰ প্ৰকাশন৷ প্ৰথম প্ৰকাশ৷ ছেপ্তেম্বৰ, ২০০৭৷ মুদ্ৰিত

বৰগোহাঞি, হোমেন৷ সম্পা৷ অসমীয়া সাহিত্য বুৰঞ্জী, ষষ্ঠ খণ্ড, পৰিবদ্ধিৰ্ত সংস্কৰণ৷ গুৱাহাটীঃ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা, অসম, ২০১৭৷ মুদ্ৰিত৷

Guha, Ranajit: Elementary Aspects of Present Insurgency in colonical India, Duke University Press, London, ১৯৯৯, Printed

Spivak, Gayatri Chakravorty: Can the subaltern speak, Basingstoke, Macmillan, ১৯৮৮, Printed


আলোচনী

 বৰা, লক্ষ্মীনন্দন৷ গৰীয়সী৷ ঊনবিংশ বছৰ, ফেব্ৰুৱাৰী, ২০১২৷ মুদ্ৰিত

 বৰা, লক্ষ্মীনন্দন৷ গৰীয়সী৷ বিংশ বছৰ৷ নৱম সংখ্যা, জুন, ২০১৩৷ মুদ্ৰিত


গীতাশ্ৰী কলিতা, গৱেষক ছাত্ৰী, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

Post a Comment

0 Comments