বিশ্বনাৰায়ণ শাস্ত্ৰীৰ আত্মকথা ৷৷ পুৰণি লেখা

* লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ মৌজাৰ পাণবাৰী গাঁৱত ১৯১৮ চনৰ ১১ আগষ্টত জন্মগ্ৰহণ কৰা বিশ্বনাৰায়ণ গোস্বামীক সকলোৱেই বিশ্বনাৰায়ণ শাস্ত্ৰীৰূপেহে জানে৷ সমগ্ৰ দেশখনৰ ভিতৰতে তেখেত এগৰাকী আগশাৰীৰ সংস্কৃত পণ্ডিত বলি পৰিচিত আছিল৷ আন এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত ড. মুকুন্দ মাধৱ শৰ্মাই শাস্ত্ৰীদেৱৰ ২০০২ চনৰ ৯ জুলাইত মৃত্যুৰ সময়ত সেই বিৰল পণ্ডিত পণ্ডিতগৰাকীৰ কৰ্ম আৰু জীৱন সম্পৰ্কে থোৰতে কেইটামান কথা প্ৰকাশ কৰিছিল, যিখিনিৰ মাজত বিশ্বনাৰায়ণ শাস্ত্ৰীৰ প্ৰকৃত পৰিচয় পোৱা যায়৷

ড. মুকুন্দ মাধৱ শৰ্মাই কৈছিল,–‘‘কেৱল সংস্কৃত পণ্ডিত অথবা পণ্ডিত বুলি বিচাৰ কৰিলেও দেখা বিষয় যে শাস্ত্ৰীদেৱ এজন ব্যতিক্ৰমধৰ্মী পণ্ডিত আছিল৷ (১) তেখেত অসমীয়া মাধ্যমেৰে এম.ভি পাছ কৰাৰ পাছত সংস্কৃত মাধ্যমেৰে টোলীয় শিক্ষা লাভ কৰিছিল৷ কোনোদিন ইংৰাজী স্কুলত পঢ়া নাছিল আৰু কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিয়মীয়া ছাত্ৰ নাছিল৷ নিজৰ চেষ্টাৰেই ইংৰাজী ভাষাৰ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰি মেট্ৰিক, আই.এ., এম.এ. আদি পৰীক্ষা প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে পাছ কৰিছিল৷ (২) গৱেষণাৰ ক্ষেত্ৰতো কোনো গাইদৰ তলত পি.এইচ.ডি উপাধি লাভ কৰাৰ সলনি গাইডৰ সহায় নোহোৱাকৈ উচ্চতৰ ডি.লিট. উপাধি লাভ কৰিছিল৷ (৩) পৰৱৰ্তী কালত পি.এইচ.ডিৰ গৱেষণা গ্ৰন্থৰ পৰীক্ষকো হৈছিল৷ (৫) ইংৰাজীত নিজে বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল৷ (৪) সমানে সমানে সংস্কৃত উপন্যাস লিখি সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল৷ (৬) আটাইতকৈ ডাঙৰ ব্যতিক্ৰম হ’ল তেখেতৰ ৰাজনীতিত যোগদান৷ সংস্কৃত মাধ্যমেৰে ব্যাকৰণ, স্মৃতি, মীমাংসা, পুৰাণ আদি শাস্ত্ৰৰ অধ্যয়ন কৰিও তেখেতে স্বাধীনতা সংগ্ৰামত যোগ দিছিল৷ কাৰাবৰণ কৰিছিল, সক্ৰীয় ৰাজনীতি কৰি একাধিকবাৰ লোকসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল৷’’

বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যুৰ পাছত তেখেতৰ পৰিয়ালে আৱিষ্কাৰ কৰিলে যে মানুহজনে নিজৰ জীৱন সম্পৰ্কে ভালেমান কথা লিপিবদ্ধ কৰিছিল৷ শাস্ত্ৰী মহোদয়ৰ পত্নী মীৰা গোস্বামীৰ সহযোগত, পণ্ডিতগৰাকীয়ে সম্পূৰ্ণ কৰিবলৈ নোপোৱা আত্মজীৱনীখন প্ৰান্তিকৰ পঢ়ুৱৈসকলৰ বাবে ধাৰাবাহিকভাৱে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে৷ – স. প্ৰা.

(১)

জীৱন বোলে অতিশয় চঞ্চল, পদুম পাতৰ পানীৰ নিচিনা৷ কেতিয়া কোন মুহূৰ্তত পদুম পাতৰ পানী বাগৰি গৈ বিলৰ পানীত পৰে তাৰ ঠিক নাই৷ এবাৰ বিলৰ পানীৰ লগত মিহলি হ’লে পদুম পাতৰ পানীটোপাল সুকীয়াকৈ কোনেও চিনি উলিয়াব নোৱাৰে৷ ভগৱান শংকৰাচাৰ্যই পৰমাত্মাৰপৰা জীৱন উদ্ভৱ হৈ পৃথিৱীত বিচৰণ কৰাৰ পাছত আকৌ সেই পৰমাত্মাতে বিলীন হোৱাৰ মত প্ৰচাৰ কৰিছিল, সেই মতৰে সৈতে তুলনা কৰি দেখুউৱাৰ উদ্দেশ্যেৰেই কিজানি এই নীতিবচনফাকি ৰচনা কৰা হৈছিল৷ নলিনীদলগতয জলমতি, তৰলম্‌,– এই নীতিবচনফাকিয়ে বিলৰ পদুমৰপৰা আমাক অচিন্তনীয় ব্ৰহ্মলৈ নিয়ে৷

এই নীতিবচনফাকি সৰুতে মুখস্থ কৰিছিলো, অৰ্থও শিকিছিলো, আজিও নাতিবচন আৰু অৰ্থ আগৰ দৰেই মনত আছে৷ পাছে কথাফাকিৰ তাৎপৰ্য ইমানদিনে অন্তৰৰ অনুভূতিৰে উপলব্ধি কৰিব পৰা নাছিলোঁ৷ জীৱনৰ সায়াহ্নত উপস্থিত হৈ এতিয়া পিছলৈ উলটি চাই দেখোঁ– এক বিৰাট শূণ্য৷ শূণ্যৰ মাজতে নিজকে পথভ্ৰষ্ট পথিকৰ দৰে ঘূৰি ফুৰা যেনহে লাগে৷ পিছলৈ চালে চকুত পৰে এক ব্যৰ্থতা, চৰম ব্যৰ্থতা৷ এই ব্যৰ্থতা লাভৰ বাবেই যেন জীৱনযোৰা দীঘলীয়া জীৱনৰ নিৰৰ্থক সংগ্ৰাম৷ পাছে সাৰ্থকতানো ক’ত বা কিহত তাকো নাজানো৷ সাৰ্থকতাৰ প্ৰকৃত সম্ভেদ নোপোৱা বাবেই কিজানি মোৰ সকলো কাম ব্যৰ্থতাৰ কংকালৰূপে এটাৰ পিছত এটাকৈ চকুৰ আগত জিলিকি উঠিছে৷ পাছে চিনিব নোৱৰা অথচ সুস্পষ্ট মূৰ্তিও তাৰ মাজত আছে৷

পিছলৈ বাৰে-বাৰে ঘূৰি চাই দেখোঁ মনিব নোৱৰা এখন ছবি৷ ছবিখনৰ আকাৰ কেনেকুৱা বুজিব পাৰি তাত থকা ৰঙা, নীলা আঁচৰ উজ্বলতাও চকুত পৰে, কিন্তু ছবিৰ সৰ্বাৱয়ব সমানে জিলিকি নুঠে৷ এনেকুৱা চিনিব নোৱাৰা ছবিৰপৰা লাহেকৈ দৃষ্টি আঁতৰাই আকি ভূমুকি মাৰোঁ, কিজানিবা সুস্পষ্ট কিবা চিত্ৰৰ আভাস পাওঁ বলি, ওহোঁ, সেই একে দৃশ্য যেন লাগে৷ মনত ভাৱৰ ঢৌ উঠে– শব্দবোৰে বাক্যৰূপে দেখা দি কয়– একো নহ’ল, একোকে কৰা নহ’ল৷ হয় কৰিবলৈ বহুত আছিল, বহুত কিবা-কিবি কৰিম বুলিও ভাবিছিলো; দুই এটা ডাঙৰ কামৰ পাতনিও মেলিছিলো– সিমানেই৷ আৰম্ভ কৰা কাম সম্পূৰ্ণ কৰিব পৰা অধ্যয়ন আছিল, প্ৰতিভা নহ’লেও সিমানখিনি বুদ্ধি-বৃত্তিও আছিল৷ পাছে প্ৰয়োগ কৰা নহ’ল৷ এতিয়া আৰু তাৰ  বাবে সময় নাই৷ নাই আৱশ্যকীয় শাৰীৰিক সুস্থতা, নাই মানসিক পটুতা৷ স্মৃতিয়ে বিশ্বাসঘাটকতা কৰিবলৈ কদৰ্য মুখ দেখুৱাইছেই৷ অৰ্থৰ অভাৱ চিৰ সহচৰ৷ স্মৃতি যিহেতুকে মানসিক প্ৰক্ৰিয়া, মনৰ স্বাভাৱিক প্ৰক্ৰিয়া কাৰ্যদক্ষ হৈ থাকিলেহে স্মৃতিয়ে প্ৰকৃত ৰূপত দেখা দিয়ে৷ পাছে মনৰ কাৰ্যক্ষমতা আছে যদিও পাৰ হৈ অহা বছৰবোৰৰ প্ৰভাৱে সেই ক্ষমতাক আৱৰি ধৰিছে৷ সেই দেখি তাহানিৰ দিনৰ কথা সোঁৱৰোঁতে বৰ্তমানৰ পৰিৱেশৰ মাজত দুই-এটাই ৰূপ সলাই দেখা দিব খোজে৷ সাজপাৰ গুচাই আচল ৰূপটো চাব লাগিব৷ 

নীতিবচনে কয় ল’ৰাকালত বুদ্ধিৰ স্ফুৰণ নহয়, বৃদ্ধৰো নহয়৷ কেতিয়াাবা অজানিতে একোটা নিৰাশভাৱে দেখা দিয়ে আৰু ধাৰণা হয়– মোৰো সেই পিছৰটো অৱস্থা আহিছে৷ হয়, বুঢ়া হৈছোঁ৷ আগৰ উদ্যম আৰু একাগ্ৰতাৰ ক্ষয়িষ্ণু ৰূপ৷ খন্তেকতে আকৌ নতুন ভাৱ-চিন্তাই দেখা দিয়ে৷ নতুন আশাৰে বাসনা সঞ্জীৱিত হয় আৰু নতুন উদ্দীপনাত চকুলৈ নতুন দ্বীপ্তি আহে৷ দ্বীপ্তি আহিলেনো কি হ’ব? চকুত ছানি পৰা বাবে ছানি দূৰ কৰিবলৈ অস্ত্ৰোপ্ৰচাৰ কৰিছোঁৱেই৷ অস্ত্ৰোপ্ৰচাৰে নিশ্চয় হৃত দৃষ্টি ঘূৰাই দিব পূৰ্ণভাৱে, এয়ে আশা৷ অতিক্ৰান্ত যৌবনহে ঘূৰাই পোৱা নাযায়, চকুৰ ৰশ্মিটো যৌবন নহয়, এবাৰ এৰি থৈ গ’লে উভতি অহাৰ বাট বন্ধ৷ আমাৰ প্ৰাচীন সাহিত্যত সেই বন্ধ বাট মুকলি কৰাৰ দুৰ্জয় প্ৰচেষ্টা আৰু কৃতকাৰ্যতাৰ আখ্যান আছে৷ যযাতিয়ে অতীত যৌৱন লাভ কৰি চিৰযৌবনৰ অধিকাৰী হৈ থকাৰ মনোৰম বৰ্ণনা মহাভাৰতৰ আখ্যানত আছে৷ পাছে যযাতিয়ে পুতেক পুৰুক জৰা ভাৰ লবলৈ ঠেলি দি পুৰুৰপৰা ধাৰ কৰা যৌৱনহে লাভ কৰি জীৱন দুনাই উপভোগ কৰিছিল৷ একান্তভাৱে তপস্যানিৰত ভৰদ্বাজৰ কৈশোৰ আৰু যৌবনো পাৰ হৈ গ’ল৷ ইন্দ্ৰই দেখা দি ক’লে– হেৰা তপস্বী ভৰদ্বাজ! তোমাক যদি তোমাৰ বিগত যৌৱন ঘূৰাই দিওঁ, তুমি কি কৰিবা? ভৰদ্বাজে উত্তৰ দিলে, – দুনাই জ্ঞানৰ সাধনাত ব্ৰতী হ’ম, তপস্যা কৰিম৷

আজিৰ বিচাৰে ক’ব– এনে মুৰ্খ ভৰদ্বাজবোৰ সমুলঞ্চে নোহোৱাই ভাল৷ মই নিজকে উৎসাহ-উদ্দীপনাৰে প্ৰতিভাদীপ্ত পুৰুষ যেন লগাৰ কথা কৈছিলো৷ তেনে উদ্দীপনাৰ মুহূৰ্ততে আৰম্ভ কৰি কৰিম-কৰিম বুলি পেলাই থোৱা লেখাবোৰ সম্পূৰ্ণ কৰিবৰ মন যায়৷ লৰালৰিকৈ বিচাৰি-খুঁচৰি দুই এটা কাম সম্পূৰ্ণ কৰিব খোজোঁ৷ এনে পৰিস্থিতিতে বন্ধুজনে উদগনি দিয়া আৰু দুই-চাৰিজনে আক্ষেপৰ সুৰত প্ৰকাশ কৰা উক্তিয়ে খুঁচিবলৈ ধৰাত নিজৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰা কামত হাত দিছোঁ৷ পাছে মিছা, পাৰ হৈ যোৱা ধূলিৰে কাগজ মলিয়ন কৰাৰ দৰে চিন্তাও বিক্ষিপ্ত কৰি থৈ গৈছে৷ যিদৰে, য’ৰপৰা আৰম্ভ কৰি লিখিছিলো, তাৰ লগত যোৰা লগাব নোৱাৰি৷ আৰম্ভণিতে যদি লেখা ৰেঙাই থাকে, পাছলৈ সি অন্য ৰূপহে ল’ব বুলি ভাবি যি অলপ লিখিছিলোঁ ফালি পেলোৱাৰ বাহিৰে অন্য উপায় নাই৷ গতিকে ফালি পেলোৱা কাগজৰ ওপৰতে লিখিবলৈ লৈছোঁ, কাগজ ফালি পেলাইছোঁ যদিও চিন্তা তেনেই মচি পেলাব পৰা নাই৷ এনে অৱস্থাৰ উদ্ভৱ হ’ব বুলিয়েই নীতিবাগীশে দীৰ্ঘসূত্ৰিতাৰ নিন্দা কৰিছিল৷ দীৰ্ঘসূত্ৰিতাই কাম কেৱল পিছ পেলাই নথয়, চিন্তাৰ গতিও সলায়৷

সংসাৰত মানুহে একোটা কাম কেইবাবাৰো কৰে নাইবা একেটা কামেকে আৰম্ভ কৰাৰপৰা মৃত্যুলৈকে কৰিয়েই থাকে৷ পাছে মানুহে সংসাৰত এবাৰহে জন্ম গ্ৰহণ কৰে৷ এবাৰ জন্মগ্ৰহণ কৰে বুলি ক’লে জন্মান্তৰবাদীসকলৰ মতৰ বিৰুদ্ধে কোৱা হয়৷ কেৱল সেয়েই নহয়, এই উক্তিয়ে কাৰ্যৰ প্ৰকৃত ৰূপো প্ৰকাশ নকৰে৷ কোনোজনে নিজৰ ইচ্চাৰে জন্ম নলয় আৰু ল’বও নোৱাৰে৷ কাৰ কেতিয়া কোন বংশত, কোন কুলত জন্ম হ’ল– এই কথা নিতান্ত নাস্তিকসকলেও অচিন্তনীয় বুলিহে কৈছে৷ কোনো লোকৰে জন্মৰ বিষয়ত স্বাতন্ত্ৰ্য নাই৷

পাঞ্চাল দেশৰ ৰাজকন্যা দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত দ্ৰৌপদীৰ ককায়েক ধৃষ্টদ্যুম্নৰ ঘোষণা আছিল– ‘এইখন ধনু, এয়া ধনুৰ শৰ আৰু ওপৰত এয়া লক্ষ্য; যিজনে এপাট দুপাতকৈ পাঁচপাটলৈকে শৰ মাৰি ঘূৰি থকা যন্ত্ৰৰ মাজেদি লক্ষ্য ভেদ কৰিব পাৰিব, তেওঁৰ ডিঙিতে দ্ৰুপদ-ৰাজকন্যাই বৰমালা পিন্ধাব৷’

কৰ্ণ লক্ষ্যভেদ কৰিবলৈ উঠা দেখি দ্ৰৌপদীয়ে চিঞৰি কৈছিল– ‘মই সূতপুত্ৰক স্বমীবৰণ নকৰোঁ৷’ কথাষাৰ শুনি  কৰ্ণই খং আৰু উপহাসৰ হাঁহি মাৰি সূৰ্যলৈ চাই ধনুখন থৈ দিলে৷ ইয়াৰ আগলৈ গ’লে হিৰণ্যধনুৰ পুত্ৰ একলব্যই সমৰাস্ত্ৰ ধাৰণৰ মূলকে অৰ্থাৎ বুঢ়া আঙুলিটোকে দান দিব লগা হোৱা দেখা যায়৷ তাতোকৈ আগলৈ ভূমুকি মাৰিলে এজন ঋষিৰ অসবৰ্ণ স্ত্ৰীজাত পুত্ৰ মহীদাসে ৰচনা কৰা ব্ৰাহ্মণগ্ৰন্থ সকলোৰে গ্ৰহণীয় হৈছিল যদিও ব্ৰাহ্মণগ্ৰন্থখনৰ নামৰ আগত ‘ইতৰাৰ পুত্ৰ বিৰচিত’ বিশেষণ হ’লে আছিল৷ এয়ে ঐতেৰয় ব্ৰাহ্মণ৷ মহাভাৰতৰ পাছৰ যুগত অৱশ্যে পৌৰুষৰ গৌৰৱো স্বীকৃত হৈছিল কিজানি৷ সেইদেখি তুলি লোৱা ধনু হাতৰপৰাই নমাই থোৱা কৰ্ণই (বেণী সংহাৰ নাটকত) উদাসীনভাৱে অথচ দৃঢ়তাৰে কৈছিল– ‘মই সূতেই হওঁ বা সূতপুত্ৰ যিয়েই নহওঁ লাগিলে, মোৰ জন্ম দৈৱৰ অধীন, তাত মোৰ কোনো কতৃৰ্ত্ব নাই; মোৰ হাতত আছে মোৰ পুৰুষত্ব; পৌৰুষ, বল আৰু  বুদ্ধি৷

সংসাৰত কিছুমানক সুখী কিছুমানক দুখী, কিছুমানক সুৰূপ আৰু কিছুমানক কুৰূপ হোৱাৰ কোনো ঐকান্তিক কাৰণ নিৰূপণ কৰিব নোৱাৰি চিন্তাবিদসকলে এনে কাৰ্য কৰ্মফল অনুসাৰে হোৱা বুলি সিদ্ধান্ত কৰিলে, অৰ্থাৎ পূৰ্বজন্মত কৰা ভাল আৰু বেয়া কামৰ পৰিণামৰূপে সুখ-দুখ হয়৷ পূৰ্বজন্ম কোনেও দেখা নাই, নেদেখে৷ গতিকে নেদেখা নজনা অৱস্থাৰ কল্পিত কৰ্মফল৷ কাৰ্যৰ পৰা কাৰণ অনুমানৰ ৰীতিৰে এই জন্মত দেখা কৰ্মফলৰপৰা শুভাশুভ কৰ্মৰ অনুমান৷ যুক্তিৰে বিশ্বাসৰ প্ৰতীতি জন্মোৱাৰ এই প্ৰচেষ্টা যুগে-যুগে চলি আহিছে৷ পূৰ্বজন্মৰ কথা কোনোৱে জনা হ’লে কৰ্মফল অনুসাৰে এনে পৰিণতি হয়নে নহয়, ক’ৰপৰা  হ’লহেঁতেন আৰু এই যুগজয়ী বিশ্বাসো পৰীক্ষাত উত্তীৰ্ণ হ’লহেঁতেন৷ সেই কাৰণই কিজানি পূৰ্বজন্মৰ কথা কোনো প্ৰাণীৰে স্মৃতি বা মনলৈ নাহে৷ পূৰ্বজন্মৰ কথা মানুহে জনা হ’লে সংসাৰৰ ৰূপেই সুকীয়া হৈ পৰিলহেঁতেন৷ পাছে জন্ম জানো এই জন্মৰ আগৰটোৱেই? এইদৰে সিদ্ধান্ত কৰিলে জন্মৰ সংখ্যা কম হৈ যায়, গতিকে সমাধান কৰা হ’ল– জীৱনৰ চৌষষ্টি লক্ষ জন্ম আছে, তাৰে মানৱ জন্মত জীৱনৰ মুক্তি হয়– অৰ্থাৎ মানুহ জন্ম-মৃত্যুচক্ৰৰপৰা ওলাই আহিব পাৰে৷ সেইদেখি ভাৰতীয়সকলো ধৰ্মগ্ৰন্থত মুক্তি চৰম কাৰ্যৰূপে নিৰূপিত আৰু গৃহীত৷ মুক্তিৰ বাবে কৰ্মতকৈ ভক্তিহে প্ৰধান বুলি বৈষ্ণৱসকলে কৈছে৷ যুক্তিযুক্ত বিচাৰত দেখা যায় যে কৰ্মফলৰ কল্পনা সমাজত সকলোকে সৎকাৰ্য প্ৰবৃত্ত হ’বলৈ অৰ্থাৎ ভাল কাম কৰিবলৈ যোগোৱা প্ৰেৰণা মাত্ৰ৷

পাছে প্ৰশ্ন উঠে পাঞ্চভৌতিক মানৱ শৰীৰ মৃত্যুৰ লগে-লগে শেষ হয়৷ কাৰ মৃত্যু? শৰীৰৰ? আত্মা অবিনশ্বৰ, আত্মাৰ জন্মও নাই মৃত্যুও নাই৷ তেনেহ’লে ভাল কাম বা বেয়া কাম আৰু তাৰ পৰিণামে মৃত ব্যক্তিক কেনেকৈ অনুসৰণ কৰে আৰু পাছৰ জন্মত কেনেকৈ শুভফল বা অশুভফলৰূপে প্ৰকাশ হয়? এনে অসংখ্য প্ৰশ্নৰ সন্তোষজনক উত্তৰ দেখা নাযায়৷ সৰ্বজন প্ৰতীতিযোগ্য সমাধানৰ প্ৰচেষ্টাহে দেখা যায়৷ কৰ্মফল প্ৰক্ৰিয়াৰ প্ৰথম কেতিয়া আৰম্ভ হ’ল? উত্তৰ অনাদি৷ কেনেকৈ প্ৰত্যেক ব্যক্তিৰ ভৱিষ্যতত প্ৰতিফলিত হয়? উত্তৰ অদৃষ্ট৷ সকলো প্ৰশ্ন, সকলো বিতৰ্কৰ সহজ-সৰল– অদৃষ্ট বা ভাগ্যৰ লিখন৷ অদৃষ্ট শব্দটো বুৎপত্তিগত অৰ্থথ গ্ৰহণ কৰাই ভাল৷ অদৃষ্ট শব্দৰ বুৎপত্তি হৈছে, যিটো দেখা নাযায়, কোনেও কেতিয়া দেখা নাই৷ চকুৰে দেখাক দেখা বুলি ধৰা হয় যদিও যুক্তি প্ৰমাণেৰে জনা বিষয়ো  ‘দৃষ্ট’ অৰ্থৰ ভিতৰুৱা, গতিকে অদৃষ্ট হৈছে চকুৰে নেদেখা আৰু যুক্তি প্ৰমাণৰ সহায়ত বুজিব নোৱৰা৷ সেয়ে হৈছে ব্যক্তিৰ ভাগ্য৷ অদৃষ্ট অৱস্থাৰ ক্ৰিয়া-প্ৰক্ৰিয়া কোনেও নেদেখে, কোনেও নাজানে আৰু সেই অৱস্থাতে ব্যক্তিৰ জীৱন-বৃত্ত ৰচিত হয়৷

এনে সিদ্ধান্তৰ পিছতে প্ৰবল জিজ্ঞাসাই দেখা দিয়ে, যদি ব্যক্তিৰ জীৱন-বৃত্ত আগতে ৰচিত, তেনেহ’লে মানুহে নিজৰ অধ্যৱসায় আৰু বুদ্ধি-বৃত্তিৰে কৰা কামৰ সমষ্টিয়ে জীৱন-বৃত্তৰ মোৰ সলাই নিদিয়ে জানো? যদিহে নিদিয়ে, তেনেহ’লে চৰম অদৃষ্টবাদী হৈ ক’ব লাগিব,– যিটো হ’বলগীয়া আছে সেইটো হ’বই৷ হাজাৰ চেষ্টা কৰিও তাৰ সালসলনি কৰিব নোৱাৰি; কিয়নো চেষ্টাও ভৱিষ্যতৰদ্বাৰা নিয়ন্ত্ৰিত! নহ’লে ক’ব লাগিব,– কাপুৰুষৰহে এনে উক্তি, পৌৰুষক আশ্ৰয় কৰা লোকৰ বাবে এনে উক্তি, দূৰতে বিদূৰ কৰিবলগীয়া৷

ৰংগমঞ্চত অভিনয় কৰিবলৈ ভাৱৰীয়াই মুখত ৰং-বৰণ সানি সাজ-পোচাক পিন্ধি সাজু হৈ যথাসময়ত ওলায়৷ সেইদৰে সংসাৰত অভিনয়ৰ বাবে ব্যক্তিৰ নেপথ্য হ’ল অদৃশ্য৷ অদৃষ্টই ব্যক্তিৰ ভৱিষ্যৎ জীৱনৰ সুখ-দুখ, কাৰ্যকলাপ সকলো নিৰ্দিষ্ট কৰি পঠায়৷ কেনে সুন্দৰ ব্যৱস্থা ! জটিল প্ৰশ্নৰ সহজ সমিধান৷ নাই যুক্তি-তৰ্কৰ অৱকাশ, নাই সন্দেহৰ স্থল, সকলো পৰম্পৰাগত বিশ্বাসত প্ৰতিষ্ঠিত৷ পাছে বহুত পুৰণি কালতে জীৱনৰ শ্বাশ্বত স্বৰূপ অৰ্থাৎ মৃত্যুৰ পাছত জীৱ থাকে নে নাথাকে, থাকে যদি ক’ত থাকে,– এনে প্ৰশ্নই বাৰে-বাৰে ভুমুকি মাৰিছিল৷ অৱশ্যে এনে প্ৰশ্নই প্ৰবল বিশ্বাসৰ সুদৃঢ় ভেটি বৰকৈ কঁপাব পৰা নাছিল৷

শ্ৰীমদ্ভাগৱদগীতাত এনে হাজাৰ প্ৰশ্নৰ পাতনি মেলা হৈছে৷ ব্যক্তিৰ জন্মৰ আগৰ কথা আমি নাজানো, মৃত্যুৰ পাছৰ কথাও আমি নাজানো৷ জন্মৰ পূৰ্বে জীৱ ক’ত আছিল, ক’ৰপৰা আহি মাতৃৰ ভ্ৰুণত থিতাপি ল’লে কোনোবাই দেখিছে জানো? নেদেখিলেও প্ৰমাণ কৰিব পাৰিছে জানো? নাই দেখা, নাই শুনা আৰু সেই কাৰ্য প্ৰমাণৰো অতীত৷ মৃত্যুৰ পাছত জীৱ ক’লৈ যায়, ক’ত থাকে, কি হয় কোনেও নাজানে, জানে কেৱল সংসাৰত থকা সময়ছোৱাৰ কথা৷ গতিকে পাণ্ডৱ বাহিনীয়ে যুদ্ধ কৰক৷ বৰ্তমান সময়ত ৰাজ্যলাভেই কাম্য৷ শ্ৰীকৃষ্ণৰ এনে উপদেশত নাস্তিকতাৰ গোন্ধ আছে; আছে ৰাজ্য লাভৰ উদগ্ৰ প্ৰচেষ্টা৷ এনে মতৰ প্ৰবল্য সমাজত নি(য় আছিল৷ পাছে এইখিনিয়েই গীতাৰ তাৎপৰ্য নহয়, তাৎপৰ্য হৈছে–‘সকলো পৰিত্যাগ কৰি মোতেই আশ্ৰয় লোৱা৷’

গীতাৰ জীৱ আৰু জগত সমীক্ষাৰ আগতে উপনিষদত বজশ্ৰৱা ঋষিৰ পুত্ৰ বালক নচিকেতাৰ আত্মা বিষয়ৰ পোনপটীয়া প্ৰশ্ন আৰু আত্মা সম্বন্ধে হোৱা আলোচনাৰো বিৱৰণ আছে৷

বাজশ্ৰৱা ঋষিয়ে সৰ্বস্ব দান যজ্ঞ কৰিছিল৷ ঋষিয়ে যজ্ঞত সকলো দান কৰিলে৷ তাকে দেখি ঋষিৰ পুত্ৰ নচিকেতাই পিতাক ওচৰলৈ গৈ পিতাকক সুধিলে– পিতাদেউ, মোকনো কাৰ হাতত দিবা? ঋষিয়ে উত্তৰ দিলে– ‘তোমাক যমৰ হাতত দিছোঁ৷’ পিতাকৰ কথামতে নচিকেতা যমৰ ঘৰলৈ গ’ল৷ যম ঘৰত নাছিল৷ ঋষিপুত্ৰ নচিকেতাই যমলৈ বাট চাই যমৰ ঘৰত অনাহাৰ-অনিদ্ৰাত তিনি ৰাতি পাৰ কৰি তেওঁৰ ঘৰতে পৰি আছে৷ যমে আহি লৰালৰিকৈ অতিথি শুশ্ৰূষা কৰি তিন ৰাতিয়ে পোৱা দুখ-কষ্ট পাহৰি যাবলৈ নচিকেতাক মিনতি জনালে৷ নচিকেতাক সন্তুষ্ট কৰিবলৈ তেওঁক তিনিটা বৰ  দিবলৈকো যম আগবাঢ়িল৷ যমে ক’লে– ‘ঋষিপুত্ৰ নচিকেতা৷ তুমি তিনি ৰাতি বৰ কষ্ট কৰি মোৰ ঘৰত আছিলা৷ সেই দেখি মই তিনিটা বৰ তোমাক দিও; তুমি তোমাৰ ইচ্চামতে তিনটা বৰ খোজা৷ যিহকে খোজা তাকে দিম৷’

যমৰ কথা শুনি নচিকেতাই প্ৰথমটো বৰ খুজিলে যাতে তেওঁ ঘৰ এৰি তিনি ৰাতি বিদেশত কটোৱা বাবে তেওঁৰ পিতাকৰ মনৰ খং-ৰাগ, শোক-দুখ সকলো দুৰ হয়৷ এনে বৰৰ প্ৰতিধ্বনি মাতৃহত্যা কৰাৰ পাছত পিতৃ যমদগ্নিয়ে পৰশুৰামক দিয়া বৰত শুনিবলৈ পোৱা যায়৷ পৰশুৰামে যমদগ্নিৰ ওচৰত বিচাৰিছিল তেওঁৰ মাক যাতে জী উঠে আৰু মনৰপৰা তেওঁক হত্যা কৰাৰ সকলো ঘটনাৰ কৰুণ-বিষাদৰ স্মৃতি সম্পূৰ্ণ পাহৰণিত পৰে৷ মৃতকক জীয়াই তোলাৰ অসাধ্য সাধনৰ প্ৰচেষ্টা; পুৰাণৰ আখ্যানে এফালে সতীত্বৰ সীমাৰেখা আৰু আনফালে স্বামীৰ অধিকাৰ প্ৰতিষ্ঠা কৰিছে৷

নাচিকেতাই তৃতীয় বৰ খুজিলে এইবুলি,–‘যমৰাজ মোক কওকচোন মানুহৰ মৃত্যুৰ পাছত আত্মা থাকে নে নাথাকে?  কোনোৱে কয়, আত্মা মৃত্যুৰ পিচতো থাকে; কোনোৱে আকৌ কয় আত্মা নাথাকে, এই বিষয়ত মানুহৰ মাজত সন্দেহ প্ৰবল৷ এই সন্দেহ দূৰ কৰিব পৰা ব্যক্তি আপোনাৰ বাহিৰে দ্বিতীয় এজন আৰু এই সংসাৰত নাই৷ আপুনি মৃত্যুৰ অধিপতি, গতিকে মৃত্যুৰ পাছত আত্মাৰ কি হয় সেই বিষয়ে আপুনিহে নিশ্চিতকৈ ক’ব পাৰিব৷’

নাচিকেতাই কৰা তৃতীয় প্ৰশ্ন শুনি যম বিমোৰত পৰিল৷ তেওঁ লাহে-লাহে ভাৱি-চিন্তি ক’বলৈ ধৰিলে,– ঋষিপুত্ৰ নচি৷ আত্মাৰ অস্তিত্বৰ প্ৰশ্নত দেৱতাসকলো এসময়ত বৰ বিমোৰত পৰিছিল৷ তেওঁলোকেও তৰ্ক-বিতৰ্ক কৰিছিল৷ গতিকে এি বৰৰ সলনি তুমি অন্য বৰ লোৱা৷ ৰাজ্য, ধন-সম্পদ, গো-অশ্ব, এশ বছৰ জীয়াই থকা পুত্ৰ-পৌত্ৰ আৰু টিমান পাৰ্থিৱ সম্পদ আছে সেইবোৰ বিচাৰা, সকলো তোমাক দিম৷ কিয় মিছাতে আত্মাৰ লগত লাগি আছা?

বয়সত বালক হ’লেও নচিকেতা নাচোঁৰবান্দা৷ তেওঁ বুজিছিল যে যমক যেতিয়া পাইছে, তেতিয়া এই প্ৰশ্নৰ প্ৰকৃত উত্তৰ শুনিহে তেওঁ ঘৰলৈ উভতিব৷ এইদৰে স্থিৰ কৰি যমে আগবঢ়োৱা সকলো পাৰ্থিৱ সম্পদৰ সলনি নিজে সোধা প্ৰশ্নৰ উত্তৰ পাবলৈহে নচিকেতাই যমক নেৰানেপেৰাকৈ ধৰিলে৷ যমেও নচিকেতাৰ হাত সাৰিব নোৱাৰি ঘূৰাই-পকাই বহুত কথাৰে আত্মাৰ বিষয়ে ক’লে৷

যমৰ উত্তৰতকৈ নচিকেতাৰ মুখেদি প্ৰকাশ হোৱা আত্মা থাকনে নাথাকে এই প্ৰশ্নহে প্ৰধান৷ সমাজত প্ৰবল ৰূপ ধাৰণ কৰা এই প্ৰশ্নৰ উদ্ভৱ নি(য় কঠোপনিষদৰ সময়তকৈ আগৰ৷

ক্ষিতি (মাটি), অপ (পানী), তেজঃ (শক্তি), মৰুৎ (বায়ু) আৰু ব্যোম (শূন্য, আকাশ) এই পাঁচোটাৰ পঞ্চ মহাভূত বুলি কোৱা হয় আৰু এই পাঁচোটাৰ সমষ্টিয়েই সকলো প্ৰাণীৰ শৰীৰ৷ পঞ্চ মহাভূতৰ সমন্বয়ত যি পাৰ্থিৱ শৰীৰ উৎপত্তি, তাতে আত্মাই বিৰাজ কৰে, এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল এদল যুক্তিবাদীয়ে৷ তেওঁলোকে কৈছিল,–‘ দেহাতিৰিক্ত, অৰ্থাৎ দেহাতকৈ বেলেগ আত্মা নাই৷ পঞ্চমহাভূতৰ সমষ্টিৰ ঠাইত তেওঁলোকে  ভূত বা ‘এলিমেণ্ট চাৰিটা বুলিহে কৈছিল আৰু নেদেখা শূন্যক বাদ দিছিল৷ খুব সম্ভৱ এই দলৰ প্ৰথম মুখিয়ালজনৰ নাম আছিল বৃহস্পতি৷ এই দলে এইদৰে আত্মা নাই বুলি কোৱাত নাস্তিক নাম পাইছিল৷ সাংখ্য, মীমাংসা আদি দৰ্শন শাস্ত্ৰৰ প্ৰচলন এই সময়তে হয়৷ সাংখ্যই চৌবিছ তত্ত্বৰ, পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত জীৱজগতৰ উৎপত্তিৰ তথ্য প্ৰচাৰ কৰাত আৰু মীমাংসাই যাগ-যজ্ঞৰ যোগেদি অপূৰ্বৰদ্বাৰা স্বৰ্ণ লাভৰ কথা প্ৰচাৰ কৰাত ঈশ্বৰ আৰু লগতে আত্মাৰো অস্তিত্বৰ প্ৰশ্ন পাছলৈ যায়৷ সেইদেখি পাছৰ কালত নাস্তিকৰ নতুন সংজ্ঞা দিয়ে মনুৱে–‘যি বেদৰ নিন্দা কৰে তেৱেই নাস্তিক৷’ বেদান্তদৰ্শনৰ বাহিৰে আন দৰ্শনত সৃষ্টিকৰ্তা সৰ্বশক্তিমান ঈশ্বৰ আছেনে নাই এই বিষয়ে আলোচনা প্ৰায় নাই৷ য’ত আছে তাতো গুৰুত্বপূৰ্ণ নহয়৷ যুক্তিবাদী এই দলে আত্মাৰ অস্তিত্ব নাই বুলি প্ৰচাৰ কৰাত চিন্তা জগতত তোলপাৰ লাগিছিল৷ এই দলৰে এটা ঠাল আছিল চাৰ্বাক৷

উল্লেখ কৰিব পাৰি যে এই সময়ৰ কিছু পাছত গ্ৰীছ দেশৰ দাৰ্শনিক এম্পেডক্লেছেও (Empedocles) পঞ্চ মহাভূতৰ সলনি চাৰিভূতহে গ্ৰহণ কৰিছে৷

বৰ্ধমান মহাবীৰে কঠোৰ ব্ৰত আচৰণ কৰি বাৰ বছৰ কাল যাযাবৰ জীৱন অতিবাহিত কৰিছিল৷ বৰ্ধমানৰ যাযাবৰ জীৱনৰ প্ৰথম ছবছৰ কালৰ সংগী আৰু সহযোগী আছিল মস্কৰী বা মাঙ্খ খলী পুত্ৰ গোশাল৷ ছবছৰ কাল একেলগে তপশ্চৰ্যাত কটোৱাৰ পাছত গোশালৰ মহাবীৰৰ সৈতে মতভেদ হোৱাত তেওঁ কাজিয়া কৰি তেওঁৰ ওচৰৰপৰা আঁতৰি আহিছিল আৰু সুকীয়াকৈ নিজৰ ধৰ্মমত প্ৰতিষ্ঠা কৰিলে৷ গোশালৰ অনুগমাীসকলে আজীৱক নামেৰে খ্যাতি লাভ কৰিলে৷ বৰ্ধমান মহাবীৰ আছিল ৰাজপুত্ৰ আৰু ৰাজপুত্ৰৰ ধৰ্ম কালক্ৰমতজৈন ধৰ্ম হয় আৰু প্ৰায় সমগ্ৰ ভাৰতত  বিশেষকৈ দাক্ষিণাত্যত বিষপি পৰিছিল৷ গোশাল আছিল সাধাৰণ ঘৰৰ ল’ৰা, তেওঁৰ পৰিচয় প্ৰথমে আছিল মস্কৰীপুত্ৰ৷ মস্কৰী হৈছে প্ৰব্ৰাজিকা জাতীয় ৰমণী৷ এসময়ত গোশাল মহাবীৰ সমকক্ষ হ’লেও তেওঁ প্ৰৱৰ্তিত আজীৱক সম্প্ৰদায় ক্ৰমে ক্ষীণ হৈ পৰিল৷ তামিলনাডুত খৃষ্টীয় চতুদৰ্শ শতকমানলৈকে আজীৱক সম্প্ৰদায়ৰ অস্তিত্বৰ কথা জনা যায়৷ 

এই ঐতিহাসিক কাহিনীয়ে কয় যে এসময়ত মহাবীৰৰ সমকক্ষ মস্কৰীপুত্ৰ গোশালৰ বিৰাট অনুসৰণকাৰী দল ভাৰতীয় প্ৰধান চিন্তাধাৰাৰপৰা আঁতৰি যোৱা বাবে ক্ৰমে-ক্ৰমে ক্ষীণ গৈ হ’ল আৰু আজি দুই-চাৰিজন ঐতিহাসিকৰ বাহিৰে কোনেও গোশাল আৰু আজীৱক সম্প্ৰদায়ৰ নাম নাজানে৷ আনহাতে মহাবীৰৰ জৈনসকল সাংস্কৃতিক জীৱনত ভাৰতীয় পৰম্পৰাৰ অনুগামী হোৱাৰ বাবে ব্যাপকভাৱে বৰ্তি আছে৷

উল্লেখযোগ্য যে আজীৱক সম্প্ৰদায়ৰ প্ৰবৰ্তক মাখখলী গোশাল বা মস্কৰী গোশালৰ উপৰিও মহাবীৰৰ সমসাময়িক আৰু পাঁচজন ধৰ্মপ্ৰচাৰকৰ নাম পালি বৌদ্ধ গ্ৰন্থত পোৱা যায়৷ তেওঁলোকৰ প্ৰচাৰিত মতৰো উল্লেখৰ পৰা দেখা যায় যে এই পাঁচজনৰ অজিত কেশ কম্বলী অৰ্থাৎ যা চুলিকোঁছাই কম্বলৰ কাম কৰিছিল, এনে এজন সম্পূৰ্ণ নগ্ন অসৎ আছিল নাস্তিক৷ টাৰ্বাকৰ  উক্তিৰূপে প্ৰচলিত কোনো কোনো উক্তি অসিতৰ৷ অসিতৰ সমতাৱলম্বী পুৰাণ কাশ্যপো আছিল নাস্তিক৷ বাকী তিনিজন হৈছে– এেওঁলোকো প্ৰচলিত বৈদিক সত্ৰৰ মতৰ সকলো কথা মানি চলাবিধৰ নাছিল৷ প্ৰত্যেকৰে শিষ্য-প্ৰশিষ্য আছিল যদিও কালক্ৰমত সেইসকলৰ অস্তিত্ব নোহোৱা হ’ল৷ ইয়াৰ পৰা দেখা যায় যে ভাৰতীয় সনাতন ধৰ্ম, যি ধৰ্মই সৃষ্টিকৰ্তা পৰমেশ্বৰ বা পৰমাত্মাৰ অংশ বা স্ফুলিংগ বুলি সংসাৰ চক্ৰৰ আবৰ্তন শিকায় আৰু কৰ্ম, জ্ঞান তথা ভক্তিৰ যোগেদি পৰমাত্মাৰপকা বিচ্চিন্ন জীৱনাত্মাৰ পৰমাত্মা লাভ (বিলীন আদি) তত্ত্বৰ প্ৰসাৰ কৰে, সেই সনাতন ধৰ্ম যুগে-যুগে নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু সকলো আলোচনা-সমালোচনা অতিক্ৰম কৰি যুগজয়ী ৰূপত বিৰাজ কৰিছে৷

সৰ্বভাৰতীয় ৰূপৰ বহু মত আৰু পথ থকা এই সনাতন ধৰ্মই অসমতো স্থিতি লাভ কৰে বৈদিক বা উত্তৰ বৈদিক যুগত আৰু ভাৰতব্যাপী হোৱা মধ্যযুগীয় বৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ অংশৰূপেই অসমতো নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে মহাপুৰুষ শহকৰদেৱ আৰু তেৰাৰ শিষ্য-প্ৰশিষ্যসকলে তাৰে প্ৰবৰ্তন কৰে৷

Post a Comment

0 Comments