বিশ্ববিদ্বান ড° হীৰেন গোহাঁই ৷৷ ড° অখিল ৰঞ্জন দত্ত ৷৷


* (১)

ইংৰাজীৰ Public Intellectual শব্দটোৰ অসমীয়া ভাঙনি কি হোৱা উচিত ? অসমীয়াত সাধাৰণতে ‘ৰাজহুৱা বুদ্ধিজীৱী’ বুলিয়েই ব্যৱহাৰ কৰা হয় । কিন্তু ৰাজহুৱা আৰু বুদ্ধিজীৱী এই দুটা শব্দই ‘Public Intellectual’ ৰ Public আৰু Intellectual শব্দ দুটাৰ গূঢ়াৰ্থক প্ৰতিনিধিত্ব কৰে নে? এই প্ৰশ্নটো আমাৰ বহুতৰে মনত জাগিছিল। অসমত বুদ্ধিজীৱী বুলি ক’লে যথেষ্ট ঠাট্টা-মস্কৰাও কৰা পৰিলক্ষিত হয় । তাৰ অন্যতম কাৰণ এনেও হ’ব পাৰে যে বুদ্ধিজীৱী বুলি ক’লে বুদ্ধি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা বুদ্ধিমান লোক বুলি পৰিকল্পিতভাৱে  এটা ইমেজ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলে। শ্ৰমিকে শ্ৰম বিক্ৰী কৰে, খেতিয়কে পথাৰত খেতি কৰি জীৱিকা নিৰ্বাহ কৰে, দেহোপজীৱিনীয়ে, যাক সম্প্ৰতি Sex worker বোলা হয়, তেওঁলোকেও জীৱিকাৰ তাড়নাত দেহটোৰ ওপৰতেই ভৰসা কৰে। অৰ্থাৎ, ‘জীৱী’ শব্দৰ লগত জীৱিকাৰ বাধ্যবাধকতা জড়িত হৈ আছে। তেওঁলোকৰ দৰেই Public Intellectual- এও জীৱিকাৰ তাড়নাত বুদ্ধি বিক্ৰী কৰে নেকি? Public Intellectual ৰ অৰ্থ যদি তেনে হয় তেন্তে ৰবীন্দ্ৰনাথ ঠকুৰ, মহাত্মা গান্ধী, বাৰ্টাণ্ড ৰাছেল আৰু নৌম ছমস্কিৰ দৰে বিদ্বানক- যিসকলে জীৱিকাৰ তাড়নাৰ পৰিৱৰ্ত্তে সমাজৰ মংগলৰ কাৰণেহে নিজৰ কলম আৰু চেতনাক প্ৰতিপত্তিশীল ৰাষ্ট্ৰব্যৱস্থা আৰু সাম্ৰাজ্যবাদৰ দৰে, য’ত অপশক্তিৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল তেওঁলোকক আমি জীৱিকাৰ তাড়নাত বুদ্ধি ব্যৱহাৰ বা বিক্ৰী কৰা ‘জীৱী’ আখ্যা দিব পাৰিম নে?

আমি এনে বিবুধিত থাকোঁতেই Public Intellectual ৰ এক সুন্দৰ অসমীয়া/ভাৰতীয় ভাষাৰ ভাঙনি আমাক উপহাৰ দিলে অধ্যাপক মনোৰঞ্জন মোহান্তিয়ে। ২০২৩ বৰ্ষৰ আঠ জানুৱাৰী তাৰিখে  ভাৰতবৰ্ষৰ সমাজ বিজ্ঞানৰ গৱেষকসকলক লৈ গঠিত হোৱা ছ’ছিয়েল ছায়েন্স ৰিছাৰ্চ কমিউনিটি, ইণ্ডিয়া (Social Science Research Community, India) ই কটন বিশ্ববিদ্যালয়ত ড° হীৰেন গোহাঁইক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দ্যেশ্যে এখনি সভা অনুষ্ঠিত কৰিছিল। এই সভাত বিশেষ ভাষণ প্ৰদানৰ বাবে আমন্ত্ৰিত হৈছিল দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড° মনোৰঞ্জন মোহান্তি। তেওঁৰ ভাষণৰ  বিষয় আছিল : ‘Role of the Public Intellectuals in a Democracy’ . ভাষণৰ আৰম্ভণীতে তেখেতে ‘Public Intellectuals’ ক ভাৰতীয় বা অসমীয়া ভাষাত কি বুলি ভাঙনি  কৰা হ’ব সেই বিষয়ে এক চিন্তা উদ্ৰেককাৰী মন্তব্য আগবঢ়ালে। তেওঁ আঙুলিয়াই দিলে যে ‘Public’ বুলি কওঁতে ‘জনসাধাৰণ’ বা ‘জনতা’ বুজাইছে ঠিকেই। কিন্তু ‘Public Intellectual’ ৰ  Public ৰ শব্দটোৱে এক বিশেষ বোধ আৰু ব্যাপ্তিক প্ৰতিনিধিত্ব কৰে যাৰ পৰিসৰ বিশ্বজোৰা। অৰ্থাৎ এক সাৰ্বজনীন, সৰ্বজনৰ মংগল কামনা কৰা আৰু জাতি-বৰ্ণ-ধৰ্মৰ গণ্ডীৰ উৰ্দ্ধলৈ গৈ মানুহৰ কল্যাণৰ কথা চিন্তা কৰা এক ব্যাপকতাক ই প্ৰতিনিধিত্ব কৰে। ঠিক সেইদৰে ‘Intellectual’ ৰ মাজত থাকে এনে এক চেতনা, দূৰদৃষ্টি, তীক্ষ্ণতা, সাহস আৰু সহৃদয়তা -যাৰ বাবে তেওঁলোকক দৈনন্দিন জীৱন-জীৱিকাৰ বাধ্যবাধকতাই বান্ধি ৰাখিব নোৱাৰে। তেওঁলোকৰ মাজত থাকে এক বিশ্ববোধ আৰু সকলো পৰিধি অতিক্ৰম কৰি নতুন সমাজ নিৰ্মাণৰ নিষ্ঠা আৰু চেতনা। সেয়েহে অধ্যাপক মোহান্তিয়ে  Public Intellectual ৰ অসমীয়া/হিন্দী/ভাৰতীয় ভাষাৰ ভাঙনি কৰিলে বিশ্ববিদ্বান বুলি। পৃথিৱীৰ যিসকললোকে তেনে সন্মান লাভ কৰিছে তেওঁলোকৰ জীৱন পৰিক্ৰমা আৰু নিষ্ঠাৰ বিষয়েও বহলাই ক’লে অধ্যাপক মোহান্তিয়ে। 

Intellectual, অৰ্থাৎ বিদ্বান বুলি কওঁতে আমি নিৰ্দ্দিষ্ট বিষয়ত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰা ব্যক্তিক বুজাঁও। অধ্যয়ন-অধ্যৱসায়-গৱেষণাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো এক বিষয়ত পাৰদৰ্শিতা অৰ্জন কৰে। সেই অৰ্থত এজন পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী, আইনৰ বিশেষজ্ঞ, কৃষি বিশেষজ্ঞ- এওঁলোক সকলোকে একোজন বিদ্বান বুলিব পাৰি। তেওঁলোকে সেই নিৰ্দিষ্ট বিষয়ৰ ওপৰত কৰা গৱেষণাৰ জৰিয়তে সেই বিষয়ৰ জ্ঞান প্ৰসাৰিত কৰে। কিন্তু তেওঁলোক সকলোকে বিশ্ববিদ্বান বুলিব নোৱাৰি। কাৰণ তেওঁলোকৰ চিন্তা আৰু কৰ্ম নিজৰ বিষয়টোৰ মাজতে সীমাবদ্ধ। বৃহত্তৰ সমাজত কি চলি আছে, দেশৰ ৰাজনীতিয়ে কি মূৰ সলাইছে, সাম্ৰাজ্যবাদে ক’ত কিহৰ জাল তৰিছে- সেইবোৰ বিষয় লৈ তেওঁলোকৰ মূৰ ঘমোৱাৰ ইচ্ছাও নাই, সময়ো নাই। কিন্তু তেওঁলোকৰ সাধনা আৰু কৰ্মইও সমাজৰ মংগলৰ বাবে অৰিহণা যোগায়। উদাহৰণস্বৰূপে কোনো বিশেষ ৰোগ নিৰায়মৰ বাবে কোনো বিজ্ঞানীয়ে যদি বিশেষ ঔষধ প্ৰস্তুত কৰিছে সেইটোৱে সমাজৰ মংগল সাধিব। সেই অৰ্থত তেওঁ বিদ্বান । কিন্তু তেওঁলোকক একমাত্ৰ এই অৰিহণাৰ বাবে বিশ্ব বিদ্বান বা Public Intellectual বুলিব নোৱাৰি। আইনষ্টাইন আছিল এজন বিশ্ববিদ্বান। কাৰণ তেওঁৰ চিন্তা পদাৰ্থ বিজ্ঞানৰ গৱেষণাতেই সীমাবদ্ধ নাছিল। মহাত্মা গান্ধী এগৰাকী বিশ্ববিদ্বান আছিল, কাৰণ তেওঁৰ চিন্তা, নিষ্ঠা, অৱদান আৰু দূৰদৃষ্টিয়ে ভাৰতীয় জীৱনবোধক অলোড়িত কৰিছিল আৰু আজিও কৰি আছে। ৰবীন্দ্ৰনাথো সেই অৰ্থতেই এগৰাকী বিশ্ববিদ্বান যাৰ সাধনাই সাহিত্য বা কবিতাৰ পৰিধি অতিক্ৰম কৰি নতুন চিন্তাৰে সভ্যতা-সংস্কৃতি নিৰ্মাণৰ বাবে নতুন দৃষ্টি প্ৰদান কৰিছিল। বাৰ্টাণ্ড ৰাছেল আৰু নৌম চৌমস্কিৰ ক্ষেত্ৰটো একেই কথা কব পাৰি। 

অধ্যাপক মোহান্তিয়ে সেই একে ধাৰাৰেই এগৰাকী প্ৰতিনিধি বুলি আখ্যা দিলে ড° হীৰেন গোহাঁইক। অৱশ্যে তাৰ অৰ্থ ড° গোহাঁইক গান্ধী, ৰবীন্দ্ৰনাথ, আইনষ্টাইন বা ৰাছেলৰ শাৰীত থোৱা নুবুজায়। কিন্তু উল্লিখিত মনিষীসকলে তেওঁলোকৰ বিশেষ পৰিস্থিতিত যি চিন্তা আৰু ভুমিকাৰে সমাজখনৰ বাবে পোহৰৰ বাট কাটিব খুজিছিল ঠিক সেইদৰে অসমৰ বিশেষ পৰিস্থিতিত ড° হীৰেন গোহাঁয়েও তেনে এক ভুমিকাই পালন কৰি আহিছে বিগত ছয়টা দশকজুৰি। সাহিত্যৰ ছাত্ৰ আৰু গৱেষক হিচাপে নিজৰ চিন্তা আৰু কৰ্ম সেই পৰিসৰৰ মাজতে আবদ্ধ নাৰাখি ড° গোহাঁয়ে সমাজৰ সমুখলৈ অহা আৰু তেওঁৰ দৃষ্টিত ধৰা দিয়া সকলোবোৰ প্ৰত্যাহ্বানৰ বিষয়ে নিৰ্ভয়ে কৈছে। তাৰবাবে তেওঁ যে কেৱল ৰাষ্ট্ৰ বা প্ৰতিপত্তিশীল শ্ৰেণীৰেই ৰোষত পৰিছে তেনে কথা নহয়। জাতিপ্ৰেমিক সকলৰো ৰোষত পৰিছে। আনকি একে মতাদৰ্শত বিশ্বাসীসকলকো তেওঁ অস্বস্তিত পেলাইছে। তেওঁৰ চিন্তা আৰু কৰ্মৰ পৃষ্ঠভুমি অসম আৰু উত্তৰ-পূব ভাৰত। কিন্তু তেওঁৰ চিন্তাত আছে এক বিশ্ব মানৱতাবোধ। চৌপাশৰ সমাজখনৰ মংগলৰ কথা চিন্তা কৰোঁতে ড° গোহাঁয়ে বিচৰণ কৰিছে বিশ্ব সাহিত্য, ৰাজনীতি আৰু সংস্কৃতিৰ পথাৰখন। অসমীয়া সাহিত্যক সমৃদ্ধ কৰিবৰ বাবে বিশ্ব সাহিত্যৰ নতুন-নতুন চিন্তা আৰু কৰ্মৰ স’তে পাঠকক পৰিচয় কৰাই দিছে। আধুনিকতাৰ মৰ্মকথা যে সৰ্বজনৰ মুক্তি- সকলোবোৰ প্ৰতিবন্ধকতাৰ পৰা মুক্তি- সেই কথাটো বুজাই দিবৰ বাবে নিৰন্তৰ চেষ্টা কৰিছে। সেইটো কৰিবলৈ যাওঁতে কেতিয়াবা তেওঁৰ ভুল হৈছে। সেই কথা তেওঁ স্বীকাৰ কৰি লৈ পাঠকক সোঁৱৰাই দিছে যে তেৱোঁ এজন তেজ মঙহৰ মানুহ। সাধাৰণ মানুহৰ খং, ৰাগ, অহংকাৰৰ  ঊৰ্ধত তেওঁ নহয়। গতিকে ভুলক ভুল বুলি স্বীকাৰ কৰাত, নিজৰ সামাজিক-ৰাজনৈতিক স্থিতিৰ সংশোধন কৰাত তেওঁৰ কোনো আপত্তি নাই। 

বিগত ছয় দশকৰো অধিক কাল ড° হীৰেন গোহাঁয়ে অসমৰ সমাজ-ৰাজনীতি-সংস্কৃতি আৰু সাহিত্যৰ পথ-পৰিক্ৰমা পৰ্যবেক্ষণ কৰিছে । তাৰ ওপৰত মতামত দিছে । নিজে এক স্থিতি গ্ৰহণ কৰিছে । পৰিৱৰ্তিত পৰিস্থিতিত নিজৰ স্থিতিৰ মূল্যায়ন কৰিছে । তাত ভুল দেখিলে সংশোধন কৰিছে । প্ৰবীণৰ চিন্তাক প্ৰয়োজনত প্ৰত্যাহ্বান জনাইছে, নতুনৰ চিন্তাক উত্তৰণৰ বাট কাটি দিবলৈ চেষ্টা কৰিছে । এই সকলোবোৰৰ মাজেৰে উদ্ভাসিত হৈছে এটাই সত্য- মানুহ আৰু প্ৰকৃতিয়েই আমাৰ ভৰসা, আমাৰ ভৱিষ্যৎ । দুয়োটাৰে মাজত এক সন্তোলন ৰক্ষা কৰি আমি আমাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব লাগিব । আমাক জাতি, ভাষা, স্বাভিমান- এই সকলোবোৰেই লাগে । কিন্তু এই সকলোবোৰৰ ঊৰ্ধতো এক চিৰন্তন সত্য আছে- সেই সত্যই হ’ল মানুহ আৰু প্ৰকৃতি ।

কিন্তু এই চিৰন্তন সত্যক আমি বিমূৰ্ত ৰূপত বা ভাববাদী দৃষ্টিভংগীৰে চালে নহ’ব । তাৰ মূৰ্ত ৰূপটো সমসাময়িক সমাজৰ ৰাজনীতি, অৰ্থনীতি, জাতীয় দৃষ্টিভংগী আৰু ক্ষমতাত থকাসকলৰ লুণ্ঠনকামিতাৰ বিপৰীতে সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ সংগ্ৰামৰ পটভুমিত আলোচনা কৰিব লাগিব । মানুহৰ জীৱন অৰু সংগ্ৰাম যে সৰলৰৈখিক নহয়  সেই কথাও আমি বুজি উঠিব লাগিব । ৰাষ্ট্ৰৰ চৰিত্ৰ নুবুজিলে আমি সত্যৰ আচপ ৰূপটোও বুজিব নোৱাৰিম । ৰাষ্ট্ৰৰ চৰিত্ৰও সোমাই আছে সুদুৰ প্ৰসাৰিত ন্যস্তস্বাৰ্থ মহলৰ কূট-কৌশলৰ মাজত । আমি সেই কথাও বুজি উঠিব লাগিব । জাতিপ্ৰেমো এক নিভাঁজ সৰলতা নহয় । জাতিপ্ৰেমৰ নামত সৃষ্টি  কৰা উন্মাদনাৰ মাজতো লুকাই আছে শাসক শ্ৰেণীৰ ন্যস্তস্বাৰ্থ । ড° হীৰেন গোহাঁয়ে বিগত প্ৰায় ছয়টা দশক ধৰি এই কথাবোৰকেই কৈ আছে আৰু এই বাস্তৱতাই সৃষ্টি কৰা সকলোবোৰ প্ৰতিবন্ধকতা কেনেকৈ অতিক্ৰম কৰিব পাৰি তাৰ নিৰন্তৰ অনুসন্ধান কৰিছে । এই অৰ্থতেই ড° হীৰেন গোহাঁই এজন  বিশ্ববিদ্বান, Public Intellectual । এই সকলোবোৰ কাম তেওঁ জীৱিকাৰ তাড়নাত কৰা নাই, কৰিছে মানুহ আৰু প্ৰকৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ।   

(২)

ড° হীৰেন গোহাঁইৰ জীৱন আৰু চিন্তাৰ পৰিক্ৰমা তেওঁৰ এতিয়ালৈকে প্ৰকাশিত আত্মজীৱনীৰ চাৰিটা খণ্ড ক্ৰমে ‘বতাহত ক’ৰ গধুলি গোপাল’ (২০০৫); ‘হেঙুল আকাশ, ক’লা চাইকেল, এজন আৰোহী’ (২০০৭); ‘সপোনৰ দিকচৌ বনত’  (২০০৯) আৰু ‘সাগৰৰ পানী ইমান তিতা’  (২০১১)ত থুলমূলকৈ প্ৰতিফলিত হৈছে । আত্মজীৱনী হ’লেও এই গ্ৰন্থকেইখনক কেৱল আত্মকথা বুলিব নোৱাৰি । 

আত্মজীৱনৰ চাৰিওটা খণ্ডই ড° গোহাঁইৰ জীৱন পৰিক্ৰমাৰ চাৰিচোৱা সময়ক  প্ৰতিনিধিত্ব কৰিছে । কিন্তু এই আত্মজীৱনীত উজ্জীৱিত হৈছে তেওঁ বাস কৰা সমাজখনৰ চৌপাশ, সেই সমাজৰ সাংস্কৃতিক চেতনা আৰু বৌদ্ধিক পৰিমণ্ডল, মানুহৰ ৰুচিবোধ, খাদ্যাভাস আৰু প্ৰকৃতিৰ স’তে মানুহৰ সম্পৰ্ক, তাত সৃষ্টি হোৱা ধুমুহা-ঢেৰেকনি, আশাবাদ আৰু আশাভংগৰ হা-হুমুনিয়াহ, মানুহৰ মুক্তিৰ বাসনাৰ বিপৰীতে ক্ষমতা লোলুপসকলৰ পাশৱিকতা ইত্যাদি ইত্যাদি । ৰাজনৈতিক কাৰচাজি আৰু ভদ্ৰমানুহৰ মুখাও খুলি গৈছে তেওঁৰ জীৱন কথাৰ মাজেৰে । সেই আত্মকথাত আছে মানৱতাবোধৰ সাৰ্বজনীন অনুৰণন আৰু তাৰ সমান্তৰালভাৱে মানুহে ক্ষমতাৰ লালসাৰে সৃষ্টি কৰা শ্ৰেণীতন্ত্ৰ, বৰ্ণতন্ত্ৰ, সামন্ততন্ত্ৰ, পুৰুষতন্ত্ৰ, সাম্ৰাজ্যবাদ আৰু ৰাষ্ট্ৰ্বাদৰ অনুশীলন আৰু বীভৎসতাৰ কাহিনী । 

চাৰিটা খণ্ডৰ আত্মজীৱনীৰ লগতে ১৯৯৬ চনত প্ৰকাশ পোৱা ‘লস্ত লাগিজ’, ১৯৯৮ চনত প্ৰকাশিত ‘উৰণীয়া হাঁহৰ মাত’ আৰু    ২০০৭ চনত প্ৰকাশিত ‘আখ্যানৰ আঁৰৰ আমেৰিকা’ত আছে মানুহ, সমাজ আৰু প্ৰকৃতিক চিনাৰ অদমনীয় হাবিয়াস ।

আত্মজীৱনীৰ প্ৰথম সংস্কৰণে ড° গোহাঁইৰ শৈশৱৰ পৰা কটন কলেজৰ ছাত্ৰ জীৱনলৈকে- এই ছোৱা সময় সামৰি লৈছে । গোলাঘাটত তেনেই সৰু কালতে কটোৱা সময়খিনিৰ বাহিৰে এই সময়ছোৱাৰ অধিকখিনি সময় তেওঁ পাৰ কৰিছে গুৱাহাটীত । গুৱাহাটীৰ সমাজ আৰু প্ৰকৃতি, সংস্কৃতি আৰু শিক্ষা তথা শৈশৱ, কৈশোৰ অতিক্ৰমি যৌৱনত ভৰি দিয়া এজন তৰুণৰ চিৰ অনুসন্ধিৎসু মনৰ ছবি অংকিত হৈছে এই খণ্ডত । দূৰৈৰ পথাৰত ফুট গধুলিতে শিয়ালে হোৱা দিয়া দৃশ্যক শিয়ালৰ সংকীৰ্তন আখ্যা দি ড° গোহাঁইয়ে দিয়া বিৱৰণ পঢ়িলেহে বুজিব পাৰি এজন মানুহৰ সংবেদনশীল ৰসবোধৰ কথা ।

কেইবাটাও সন্তানেৰে ভৰি থকা আৰু আৰ্থিক অনাটনে জুৰুলা কৰা এটা পৰিয়ালৰ সংগ্ৰাম আৰু হা-হুমুনিয়াহ আৰু তাক অতিক্ৰম কৰিবৰ বাবে সন্তানে চলোৱা চেষ্টাৰ সম্ভেদ দিছে ড° গোহাঁয়ে । দ্বিতীয় বিশ্বযুদ্ধই সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ বাবে সৃষ্টি কৰা বিভিষীকাৰ বিপৰীতে এচামলোকৰ হাতলৈ কঢ়িয়াই আনিছিল প্ৰাচুৰ্য্য । সেই প্ৰাচুৰ্যই সমাজৰ চকু কিদৰে জলক তবক লগাই দিছিল তাৰো কথা কৈছে এই খণ্ডত । ১৯৫০ চনৰ ভুমিকম্পই সৃষ্টি কৰা ত্ৰস্তমান পৰিস্থিতিৰ বিষয়ে কৈছে । লগতে কৈছে যৌন জীৱনে সৃষ্টি কৰা ধুমুহাৰ কথা- নিজৰ লগতে সমনীয়াসকলৰ বিষয়েও । এই পৰিস্থিতিত কেনেকৈ এচাম উদণ্ড ল’ৰাই সমকামিতাৰ শৰণ লৈছে তাৰো ইংগিত আছে তেওঁৰ আত্মকথাত । স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে সাহিত্যৰ অনুশীলন তেওঁ কিদৰে আৰম্ভ কৰিছিল, অধ্যয়নৰ পৰিসৰ কেনে আছিল সেই দিশবোৰৰ ওপৰতো আলোকপাত কৰিছে । কটন কলেজিয়েট স্কুল আৰু কটন কলেজৰ বৌদ্ধিক চিন্তা-চেতনাৰো উমান পাওঁ তাত । ধৰ্ম-কৰ্ম, সাহিত্য-সংস্কৃতিৰ লগতে সেই সময়ৰ গুৱাহাটীৰ বৌদ্ধিক জীৱনক নেতৃত্ব দিয়া মহীৰূহসকলৰ স’তেও পৰিচয় কৰাই দিছে ড° গোহাঁইয়ে । বেণুধৰ শৰ্মা, অম্বিকাগিৰী ৰায়চৌধুৰী, বীৰেন্দ্ৰ কুমাৰ ভট্টাছাৰ্য, চন্দ্ৰ প্ৰসাদ শইকীয়া, হেম বৰুৱা, ভৱানন্দ দত্ত, গৌৰীশংকৰ ভট্টাচাৰ্য, অমলেন্দু গুহ, হেমাংগ বিশ্বাস, ড° ভুপেন হাজৰিকা- আদিসকলৰ জীৱন আৰু চিন্তাৰ জিলিকনি আছে এই খণ্ডটিত । মোৰ দৃষ্টিত ‘বতাহত ক’ৰ গধুলি গোপাল’ ফুটি উঠিছে গুৱাহাটীৰো আত্মকথাৰ ৰূপত । এই চহৰখনে যেন ড° হীৰেন গোহাঁইৰ কলমৰ আলমত নিজৰ জীৱন-পৰিক্ৰমা বিষয়েও এছোৱা ক’ব খুজিছে পাঠকক ।

‘হেঙুল আকাশ, ক’লা চাইকেল, এজন আৰোহী’ প্ৰধানত: কলিকতাৰ প্ৰেছিডেন্সী কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ত কটোৱা সময়ৰ ৰেঙনি । আত্মকথাৰ ভৰ ইয়াত কম । তাতকৈ বেছি ভিৰ কৰিছেহি দুয়োখন ঠাইৰ সমাজ-সংস্কৃতি আৰু বৌদ্ধিক বাতৱৰণেহে । সেই সময়ত তেওঁ দেখা, লগপোৱা আৰু আত্মীয়তাৰ সম্পৰ্ক গঢ়ি তোলাসকলৰ যিবোৰ ছবি অংকন কৰিছে তাৰ মাজেৰেও উদ্ভাসিত হৈ উঠিছে সেই সমাজ । 

সাহিত্য-সংস্কৃতি আৰু বৌদ্ধিক চিন্তাৰ হেন্দুলনিয়ে ড° গোহাঁইৰ অনুসন্ধিৎসু মনটোত কেনে চিন্তাৰ জোৱাৰ সৃষ্টি কৰিছিল তাৰো উমান পাওঁ এই খণ্ডটিত । কিন্তু চমকপ্ৰদ কথাটো হ’ল তেওঁৰ সমাজ নিৰীক্ষণৰ গভীৰতা । তাৰ মাত্ৰ এটা উদাহৰণ দিব খুজিছোঁ । কলিকতাত স্বতন্ত্ৰ ব্যক্তিত্ব আৰু চাৰিত্ৰিক বৈশিষ্টৰ বিকাশৰ ৰেহৰূপ ডাঙি ধৰি তেওঁ লিখিছে : ‘কলিকতাত এনে স্বতন্ত্ৰ ব্যক্তিত্ব আৰু চাৰিত্ৰিক বৈচিত্ৰৰ বিকাশ সম্ভৱ হৈছিল মফচলৰ সৰু চহৰবোৰৰ তুলনাত । তাৰ অন্তহীন বিশাল ব্যস্ত জনস্ৰোতত মিলি গৈ মনৰ সৰু-সুৰা দুখ যন্ত্ৰণা যেন পাহৰিব পৰা গৈছিল । আকৌ তাৰ বিভিন্ন বৃত্তিৰ বিকাশে মানুহৰ আচাৰ-আচৰণ, চিন্তা, মাত-কথা, পোছাক-পাতিত স্বয়ংক্ৰিয়ভাৱে বিভিন্নতা আনি দিছিল । আৰু এই বিভিন্নতাৰ সংস্পৰ্শলৈ অহা মননশীললোকে শৈশৱৰ পৰা বেলেগ ধৰণে ভাৱিবলৈ উৎসাহ পাইছিল । চখ বা Hobby আছিল প্ৰচুৰ অৱসৰ থকা সম্ভ্ৰান্ত ভদ্ৰলোকৰ সময় কটোৱাৰ উপায় । শুনিছিলোঁ যে ঊনবিংশ শতাব্দীৰ নিষ্কৰ্মা জমিদাৰবৰ্গৰ আটায়ে আছিল লম্বোদৰ, আৰু সকলোৰে স্বকীয়তাৰ চিনস্বৰূপে নিজৰ সুপুষ্ট পেটতোক তৰমুজ বা ৰঙালাওৰ দৰে ঘূৰণীয়া কৰিবলৈ প্ৰাণপণ চেষ্টা কৰিছিল ।‘ (পৃষ্ঠা ৪৫) । 

খাদ্যৰসিক আৰু মৎস্য-ৰসিক ড° গোহাঁয়ে বঙালী খানাৰ কি অপূৰ্ব বিৱৰণ ডাঙি ধৰিছে ! ‘বঙালী খানাৰ যিপদ বস্তুত মই প্ৰথমে উজুটি খালোঁ, সেইপদ হৈছে ‘মাছেৰ ঝোল’- যাক লৈ বঙালী খাদ্য-ৰসিকৰ গৰ্বৰ অন্ত নাই । উত্তৰ কলিকতাৰ পুৰণা মেছৰ কাষে কাষে বহু যুগৰ সঞ্চিত মাছৰ বাকলি, পেটু, মাছধোৱা পানীৰ মিশ্ৰিত গোন্ধ এটা স্থায়ীভাৱে বতাহত ভাসমান হৈ আছিল । কোনো কোনো পথিক পৰিতৃপ্ত হৈছিল, মোৰ কিন্তু প্ৰথমতে ওকালি আহিছিল । আমি ঘৰত মাছৰ আঞ্জাখনত শাক বা পাচলি পাইছিলোঁ, মছলাৰ পৰিমাণো কম আছিল । কিন্তু বঙালী ‘মাছেৰ ঝোল’ মানে মছলাৰে ডাঠ হৈ থকা কজলা পানীত সিজোৱা সামান্য পৰিমাণে ভজা মাছৰ ডাঙৰ টুকুৰা বা বেছ জোখৰ ভেট্কি বা শিঙৰা মাছ । এইটো কফিৰ দৰে একোয়াৰ্ড টে’স্ত (Acquired Test) । প্ৰথমে প্ৰথমে পেটত সোমালে আকৌ ওলাই আহিব খোজে- এতিয়া কিন্তু বেছ ভালেই লাগে , আৰু কলিকতালৈ গৈ তাৰ সোৱাদ নাপালে কিবা এৰি থৈ অহা যেন লাগে ।‘ (পৃষ্ঠা ৪৬ ) । 

দিল্লী বিশ্ববিদ্যালয়ে কেনেকৈ তেওঁৰ চিন্তালৈ পৰিপক্কতা আনিছিল তাৰো সম্ভেদ পাওঁ এই খণ্ডটিতে । তেওঁৰ সহপাঠীসকল আৰু শিক্ষকসকলৰ লগতে দিল্লীৰ সেইসময়ৰ বৌদ্ধিক পৰিমণ্ডলৰ স’তে চিনাকি কৰি দিছে ড° গোহাঁয়ে । তাৰ লগতে অৱশ্যে যৌৱনকালত ‘অপৰূপ মুখশ্ৰীৰ আয়তলোচনা শ্যামাংগী সুঠাম দেহৰ পাঞ্জাৱ-দুহিতাৰ’ প্ৰতি গঢ়ি উঠা প্ৰৱল মোহৰ কথাও স্বীকাৰ কৰিছে লেখকে । সেই যুৱতীৰ প্ৰতি গঢ়ি উঠা দুৰ্বলতা বেছিদিন নিটিকিল । কিন্তু ৰসিক ড° গোহাঁইয়ে ৰসিকতা এৰা নাই । সেয়েহে কৈছে :’পাঞ্জাৱৰ জোঁৱাই হোৱা হ’লে মই পিচলৈ অসমৰ বহুত মানুহক জ্বলাব নোৱাৰিলোঁহেঁতেন ।“ (পৃষ্ঠা ১৪১) । 

গৱেষণাৰ বাবে কেম্বিজত কটোৱা সময়খিনিৰ বিষয়ে কৈছে ‘সপোনৰ দিকচৌ বন’ত । এই খণ্ডটিৰ পাতে পাতে জিলিকি আছে ইউৰোপৰ, বিশেষকৈ বৃটেইনৰ সমাজ আৰু শৈক্ষিক ব্যৱস্থাৰ বিকাশ তথা উত্তৰণৰ ছবি; বৌদ্ধিক পৰিমণ্ডলৰ ব্যাপ্তি আৰু অনুসন্ধিৎসু মনৰ জ্ঞানপিয়াসি বিচৰণৰ কথা । বিশ্বৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ ‘সপোনৰ দিকচৌ বন’ তকেম্ব্ৰিজৰ বৌদ্ধিক গভীৰতা, তাৰ চৌপাশৰ সমাজখনৰ ৰেহৰূপ আৰু সংস্কৃতি, মানুহৰ চেতনাত জোৱাৰ সৃষ্টি কৰা বহু বিদ্বানৰ বৌদ্ধিক সৃষ্টি-সংস্কৃতিৰ বৰ্ণনা, ড° গোহাঁইৰ গৱেষণা পৰিক্ৰমাৰ তিতা-মিঠা অভিজ্ঞতা আৰু বিশ্বৰ বহু দেশৰ পৰা আহি সমাবেশিত হোৱা গৱেষকসকলৰ বিচিত্ৰ চিন্তা আৰু সংস্কৃতিৰ বৰ্ণনাই ইয়াত ঠাই পাইছে । ইয়াতো ড° গোহাঁইতকৈ বেছিকৈ জিলিকি উঠিছে সেইসময়ৰ বৃটেইনৰ সমাজখন । 

গৱেষণা কি এক গভীৰ প্ৰক্ৰিয়া, সি কিমান প্ৰত্যাহ্বানমূলক সেই কথা ড° গোহাঁইৰ গৱেষণা প্ৰক্ৰিয়াৰ পাকচক্ৰৰ বিষয়ে তেওঁ কোৱা কথাখিনি পঢ়িলেই বুজা যায় । তেওঁ গৱেষণা কৰিছিল মিল্টনৰ ওপৰত । এই প্ৰক্ৰিয়াত তেওঁ সম্মুখীন হৈছিল বিভিন্ন ঘাট-প্ৰতিঘাটৰ । গৱেষণা যে আলংকাৰিক আৱৰণ নহয়, ই প্ৰচুৰ অধ্যৱসায় আৰু সাধনাৰ বস্তু- এই কথাৰ গূঢ়াৰ্থও বুজা যায় ড° গোহাঁইৰ নিজা অভিজ্ঞতাৰ পৰা । তেওঁ লিখিছে : ‘কে’ম্বিজলৈ নোযোৱা হ’লে বিদ্যা-চৰ্চা আৰু সাস্বত সাধনা সম্পৰ্কে মোৰ ধাৰণা অসম্পূৰ্ণ আৰু তৰাং হৈ থাকিলহেঁতেন ।….বিভিন্ন বিষয়ৰ সূক্ষ্মাতিসূক্ষ্ম তথ্য আহৰণ কৰাৰ বাবে যি গভীৰ মনোযোগ আৰু ধৈৰ্য লাগে, সেই কষ্টসহিষ্ণুতা আৰু ধৈৰ্যৰে যেনে বিস্তাৰিত জ্ঞান আহৰণ কৰিব পাৰি, সেইবোৰ গুণ কেৱল মানসিক নহয়, শাৰীৰিক শৃংখলা আৰু একাগ্ৰতাৰো ফল ।‘ (পৃষ্ঠা ৪১-৪২) ড° গোহাঁইৰ গৱেখনা পত্ৰ পৰৱৰ্তীকালত গ্ৰন্থৰূপত প্ৰকাশ পাইছে । তাৰ শিৰোনাম ‘Tradition & Paradise Lost: A Heretical View.’ ১৯৭৭ চনত লয়াৰ্ছ বুক ষ্টলৰ পৰা প্ৰকাশিত এই গ্ৰন্থৰ পাতনিতে ড° গোহাঁয়ে লিখিছে: ‘Broadly speaking it sees Paradise Lost  as a mirror of radical intellectual and ideological currents. Anglo-American literary criticism from the thirtees to the early sixties was dominated by conservative political and social attitude. Indeed it was afortress from where powerful counter-attack was mounted against so-called progressive ideas and values. Milton was the embodiment of everything that the neo-conservatives hated.’ পশ্চিমীয়া সাহিত্যৰ বৈপ্লৱিক ধাৰাটোৰ এগৰাকী অগ্ৰণী মিল্টনৰ সমাজ চিন্তাই ড° গাহাঁইৰ সমাজ বীক্ষা নিৰ্মাণটো যে অৰিহণা যোগালে সেই কথা বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই ।   

ইংৰাজসকলৰ মাজত, তেওঁলোকৰ চিন্তা আৰু কৰ্মত প্ৰচুৰ সতৰ্কতাৰ লগতে আছিল শ্লেষমিহলি বিদ্ৰূপৰ সংস্কৃতি । তাৰ ওপৰত আলোকপাত কৰি ড° গোহাঁয়ে লিখিছে : ‘কথোপকথনৰ পৰা সাহিত্যলৈকে সেয়ে Irony ৰ (ব্যাজস্তুতি?) সৰ্বগ্ৰাসী প্ৰভাৱ । পৰস্পৰক অনবৰত পৰ্যবেক্ষণ কৰি থকা সংগীসকলৰ মাজতো কথোপকথনে কেতিয়াবা মোলায়েম ছুৰী মৰামৰিৰ ৰূপ লোৱা দেখিছোঁ ।   আলাপৰ মাজতেই দ্যৰ্থবোধক প্ৰশংসা বা আলংকাৰিক ভাষাৰ পেকেজ’ত তীব্ৰ শ্লেষ শুনি কেতিয়াবা মজা পাইছিলোঁ , কেতিয়াবা অস্বস্তিবোধ কৰিছিলোঁ । আনহাতে শ্ৰমিক সমাজত কাৰোবাক বেয়া পালে বা ঘৃণা কৰিলে একেবাৰে সুস্পষ্ট ভাষাত তাৰ প্ৰকাশ হৈছিল । আৰু আমাৰ দেশৰ চহাসমাজৰ দৰে যৌনগন্ধী গালি-গালাজো প্ৰচুৰ । ‘ (পৃষ্ঠা ১৩৮ ) । 

প্ৰকৃতি আৰু বসন্ত, গ্ৰীষ্ম অথবা হেমন্ত ঋতুৰ প্ৰতি ড° গোহাঁইৰ কি আকুলতা ! ‘কে’ম্বিজত যেতিয়া বসন্তৰ ভৰপকৰ ঠাইত গ্ৰীষ্মকাল (Summer) আহে, তেতিয়া মনত পৰে শ্বেইক্সপীয়াৰৰ ছ’নেটৰ প্ৰেমবিহ্বল উক্তি- “Shall I compare thee to a Summer’s day?’ ঘাঁহনিৰ পৰা মৌবৰণীয়া ৰ’দ ছিটিকি পৰে। হথৰ্ণ, ডগ্উড্, চ্চে’ৰি আদি সৰু সৰু গছ ভৰি থকা নানা ৰঙৰ ফুলৰ শোভাই মন উচাটন কৰে । কোনো কোনো জোপোহাৰ পৰা জাক জাক অদৃশ্য মৌ-মাখিৰ গুঞ্জনৰ লগত মিহলি হৈ থাকে ফুলৰ সুগন্ধ । গ্ৰীষ্মকালৰ পিছত যেতিয়া হেমন্ত কাল আহে, লাহে লাহে ডাঙৰ ডাঙৰ গছৰ অজস্ৰ পাত ৰঙা, হালধীয়া, বেগুনীয়া, কমলা ৰং ধৰি সৰি তলৰ মাটি অদৃশ্য কৰে, সি আৰু এক অপূৰ্ব দৃশ্য । মাজে মাজে তাত বতাহে ঢৌ তোলে । প্ৰকৃতিৰ আসন্ন পট পৰিবৰ্ত্তনৰ এনে মোহনীয় আভাস আৰু ক’তো দেখা নাই । ভাবুক প্ৰকৃতিৰ পণ্ডিতসকলে সেই এফুট-দুফুট পৰ্যন্ত দকৈ পৰি থকা ৰঙীণ গছৰ পাতৰ স্তুপৰ মাজেৰে অভিভূত হৈ খোজকাঢ়ি ফুৰা দৃশ্য দেখি নিজেও যেন ভাবমগ্ন হৈছিলোঁ । ‘( পৃষ্ঠা   ১৪৫) । 


আত্মজীৱনীৰ এই খণ্ডটোতে ড° গোহাঁয়ে তেওঁৰ যৌৱন কালৰ ‘পাহৰণিৰ পেৰাত বহুদিন হেঁচা মাৰি ৰখা নিতান্তই ব্যক্তিগত, অন্তৰংগ কথা এটা’ মুকলি কৰি দিছে ‘হৃদয়ৰ এন্ধাৰ কন্দৰত’ শীৰ্ষক অধ্যায়ত । মনত অমানিশাৰ দৰে সংশয় থকাৰ পাছতো সেই যৌৱনকালত আৰু ‘বসন্তৰ বতাহৰ উন্মাদনা’ৰ মাজতেই ছুইডে’নৰ যুৱতী আইনা হালিনৰ স’তে হোৱা প্ৰেমৰ বিস্তাৰিত বিৱৰণ দিছে । ‘সাহিত্য আৰু চিনে’মাৰ পৰা প্ৰেমৰ ধাৰণা আহৰণ কৰা’ ড° গোহাঁয়ে কিদৰে ‘প্ৰেমৰ থাপনাত নিজকে উজাৰ কৰি অঞ্জলি’ দিবলৈ বিচাৰিছিল, আৱেগৰ ঢৌত উঁটিভাহি ফুৰিছিল তাৰ স্বীকাৰুক্তি এই পৰ্ব । এই খণ্ডটি প্ৰকাশৰ পাছতেই অসমীয়া পাঠকৰ মাজত ড° গোহাঁইৰ যৌৱনকালৰ এই প্ৰেমপৰ্বই বেচ্ আলোড়ন সৃষ্টি কৰিছিল । 

যিবোৰ ঘটনা প্ৰৱাহৰ মাজেৰে আহি অসম আজিৰ ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক পৰিস্থিতিত উপনীত হ’লহি, যিবোৰ ৰাজনৈতিক ঘটনাই অসম আৰু অসমীয়া সমাজ জীৱনক এক অৰ্থত থানবান কৰি থৈ গ’ল- তাৰ বিপৰীতে প্ৰচুৰ নিষ্ঠাৰে সমাজখন ধৰি ৰখাৰ বাবে যিসকলে জীৱনপাত কৰিলে- সেই সময়ছোৱাৰেই প্ৰতিবিম্ব দেখা পাওঁ ড° হীৰেন গোহাঁইৰ আত্ম-জীৱনীৰ চতূৰ্থখণ্ড ‘ইমান তিতা সাগৰৰ পানী’ত ।  এই সময়ছোৱা আছিল ড° গোহাঁইৰ সাংসাৰিক আৰু সামাজিক-ৰাজনৈতিক জীৱনৰ ‘খকাখুন্দা আৰু খেলিমেলিৰ সাঁতুৰি-নাদুৰি’ পাৰ হোৱাৰ সময়, ঢোকাঢোকে পানী খোৱা আৰু চাকনৈয়াত পাকঘুৰণি খোৱাৰ সময় । সেয়েহে এই পৰ্বৰ বিৱৰণত আছে বহু তিক্ততা আৰু তিতা অভিজ্ঞতা । জীৱনৰ বহু স্বীকাৰুক্তিও আছে এই খণ্ডটোত । কথাৰম্ভতেই তেওঁ কৈছে ‘এক মোৰ নিজৰ বাবেই অপ্ৰিয় সত্য এইখিনিতে স্বীকাৰ কৰিছোঁ । ‘মাৰ্ক্সবাদ’ৰ প্ৰভাৱত নতুনকৈ ধৰ্ম গ্ৰহণ কৰা (Neophyte) লোকৰ দৰে যিমান সহজে আৰু শীঘ্ৰে সমাজবাদ প্ৰতিষ্ঠা হ’ব বুলি ভাৱিছিলোঁ, তাৰ অভিজ্ঞতা নহ’ল । বৰং প্ৰায় ওৰে জীৱন উগ্ৰ জাতীয়তাবাদ, সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজ দি কটালোঁ । ভুল মাৰ্ক্সবাদৰ নহয়, আমাৰ অনুশীলনৰ । শ্ৰমজীৱি ৰাইজৰ সংগ্ৰামখনও বহল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে অধিক আন্তৰিকতা আৰু অধিক সময় ধৰি চলাই যাবলৈ আমি সচেষ্ট হ’ব লাগিব ।‘ (পৃষ্ঠা ১৫) ।

এই খণ্ডটিত প্ৰধানত: অসমত বামপন্থী আন্দোলনৰ গতিপথ, তাৰ সম্ভাৱনা আৰু সীমাবদ্ধতা; অসম আন্দোলনে সৃষ্টি কৰা ধুমুহা, যাক ড° গোহাঁইয়ে ‘কাল ধুমুহাৰ তাণ্ডৱ’ আখ্যা দিছে; সংযুক্ত মুক্তি বাহিনী, অসমৰ সশস্ত্ৰ সংগ্ৰামৰ পটভুমিত সৃষ্টি হোৱা নাৰকীয় পৰিস্থিতি, যাক ড° গোহাইয়ে ‘অন্ধযুগৰ আগমন’ আখ্যা দিছে; আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছত কটোৱা সময়ৰ তিতা মিঠা অভিজ্ঞতাৰ লগতে সমসাময়িক অসমৰ বিদ্বৎ সমাজৰ বিচিত্ৰ চৰিত্ৰৰ কিছু ৰেঙণি এই খণ্ডত সন্নিৱিষ্ট হৈছে । পাৰিবাৰিক আৰু সাংসাৰিক জীৱনৰ তিক্ততাই তেওঁক কিদৰে অস্থিৰ আৰু অশান্ত কৰি তুলিছিল তাৰো  বহল বিৱৰণ আছে এই খণ্ডটোত । কিন্তু ব্যক্তিগত জীৱন কাহিনীতকৈও এই খণ্ডটিৰ গুৰুত্ব অসমৰ ৰাজনৈতিক-সামাজিক জীৱনৰ এক জীয়া ছবি হিচাপেহে । এইয়া এজন ভাৱপ্ৰৱণ আৰু সংবেদনশীল মানুহ, অথচ নিষ্ঠা আৰু বস্তুনিষ্ঠতাৰে  অঁকা এখন ছবি । তাত কৰবাত হীনদেঢ়ি হ’ব পাৰে । কিন্তু আমাৰ আজিৰ সাংস্কৃতিক-ৰাজনৈতিক পৰিস্থিতি বুজি উঠাৰ বাবে এই খণ্ডটি অত্যন্ত গুৰুত্বপূৰ্ণ । 

অসম আন্দোলন সম্পৰ্কে ‘‘কাল ধুমুহাৰ তাণ্ডৱ’ত বিশদ বিৱৰণ আছে। কথাৰম্ভতে ড° গোহাঁইয়ে কোৱা কথাকেইটাই তাৰ স্পষ্ট ইংগিত দিয়ে । ‘অসম আন্দোলনৰ বিশাল ব্যাপকতাই বাহিৰৰ, আনকি বিদেশী মাধ্যমতো, অসমক এক বিশেষ গুৰুত্ব আৰু প্ৰভাৱ দান কৰিছিল কেইবছৰমানৰ বাবে । কিন্তু মধ্যবিত্ত স্বাৰ্থৰ হেঁচাই আন্দোলনটোৰ যোগেদি দেশ সম্পৰ্কে ৰাইজৰ মনত এনে এক সংকীৰ্ণ ধাৰণাৰ জন্ম দিছিল যে পূৰ্বৰ দেশপ্ৰেমৰ ধাৰণাটোৱেই বহু পৰিমাণে সংকুচিত আৰু বিকৃত হৈ পৰিছিল । বিভিন্ন ব্যক্তিয়ে বাকপটুতা আৰু চতুৰালিৰে বিভিন্ন স্তৰত নেতৃত্বৰ স্থান দখল কৰি নিজৰ-নিজৰ ভৱিষৎ উন্নতিৰ পথ সুগম কৰাত লাগি গৈছিল, আৰু বুনিয়াদী অসমীয়া ৰাইজৰ নানা মৌলিক সমস্যাবোৰ বিবেচনাৰ বাহিৰত ৰৈ গৈছিল ।‘ (পৃষ্ঠা ১৬) ।

সংযুক্ত মুক্তি বাহিনী, অসমে কিদৰে এক অন্ধকাৰৰ মাজলৈ অসমক ঠেলি দিছিল, বিপ্লৱী সন্ত্ৰাস আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ মাজত পৰি অসমীয়া সমাজ জীৱন কি বিভীষিকাৰ মাজলৈ গতি কৰিছিল তাৰো বিস্তৰ আলোচনা আগবঢ়াইছে এই খণ্ডটিত। ৰাজনৈতিক পৰিপক্কতাৰ পৰিৱৰ্ত্তে সামৰিক পন্থাৰে বিপ্লৱ নিৰ্মাণৰ কি ভয়াৱহ পৰিণতি আৰু মধ্যবিত্ত সুবিধাবাদে এটা মুক্তিৰ দেউল সাজিব খোজা গণ প্ৰত্যাশাক কিদৰে তচনচ কৰি দিব পাৰে তাৰ অন্তৰ্ভেদী আলোচনা পোৱা যায় এই খণ্ডটিত । 

১৬০ পৃষ্ঠাৰ দৈঘ্যৰ ‘আখ্যানৰ আঁৰৰ আমেৰিকা’ত ড° গোহাঁইয়ে অনুধাৱন কৰিব খুজিছে ৰাজনৈতিক ভণ্ডামি আৰু মিথ্যাচাৰ তথা সাম্ৰাজ্যবাদী লুণ্ঠনকামিতাৰ সমান্তৰালভাৱে থকা আন এখন মাৰ্কিন সমাজ। মাৰ্কিন নাগৰিকসকল আত্মকেন্দ্ৰিক, কিন্তু স্বাৰ্থপৰ নহয় । আইন শৃংখলাৰ প্ৰতি তেওঁলোকৰ এক নিষ্ঠা আছে । তাৰ কাৰণ শতিকাজুৰি গঢ়ি তোলা গণতন্ত্ৰৰ আন্ত:গাঁথনি । ৰাজনৈতিক স্বেচ্ছাচাৰিতা আৰু শঠকাৰিতাত লেকাম লগাব পৰাকৈ মাৰ্কিন সাংবিধানিক ব্যৱস্থাত বহু সুবিধা এতিয়াও বৰ্তি আছে । ধন কুবেৰসকলে চাৰিওফালে ভোগবাদৰ বেহা মেলি দিবলৈ চলোৱা প্ৰচেষ্টাৰ বিপৰীতেও মাৰ্কিন জনতাৰ মাজত সুষ্ঠ গণতন্ত্ৰ সম্পৰ্কে এক চেতনাৰ সোঁত এতিয়াও প্ৰৱাহিত হৈ আছে । 

যিসকলে ড° গোহাঁইৰ বাতৰি কাকতৰ লেখা পঢ়ি, ৰাজনৈতিক হঠকাৰিতাৰ বিপৰীতে তেওঁ লোৱা স্থিতিত কম্পমান হৈ ‘হীৰেন গোহাঁই কোন’ বুলি অথবা হীৰেন গোহাঁয়ে অসমত বৌদ্ধিক ব্যভিচাৰ কৰিছে বুলি আস্ফালন কৰিছে তেওঁলোকে অন্তত: ড° গোহাঁইৰ আত্মজীৱনীৰ আটাইকেইটা খণ্ড পঢ়া উচিত । ড° হীৰেন গোহাঁইক বীৰ সাজি পূজা কৰিবৰ বাবে নহয়, আত্মজীৱনীৰ মাজেৰে ওলাই অহা বৌদ্ধিক-সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক প্ৰৱাহৰ চৰিত্ৰ বুজিবৰ বাবে, সাধনা আৰু বিজ্ঞাপনৰ মাজত থকা গুণগত পাৰ্থক্য বুজিবৰ বাবে, ক্ষমতাৰ ভেম আৰু সমাজ নিষ্ঠাৰ মাজত থকা বিশাল পাৰ্থক্য নো কি তাক অনুধাৱন কৰিবৰ বাবে ড° গোহাঁইৰ আত্মজীৱনীৰ আটাইকেইটা খণ্ড পঢ়া উচিত । 

(৩)

ড° হীৰেন গোহাঁইৰ সমাজ অন্বেষণৰ শুভাৰম্ভ হৈছিল সাহিত্য সমালোচনাৰ মাজেৰে । সাহিত্যৰ চিন্তাক যে সমাজ উত্তৰণৰ বীক্ষাৰ পৰা নিলগাই চাব নোৱাৰি; সাহিত্যৰ নিৰ্মাতাসকলক যে ৰাজনীতিবিমুখ সমাজহিতৈষী নিৰপেক্ষ মহামানৱৰ শাৰীত থব নোৱাৰি; সাহিত্যৰো যে এক শ্ৰেণী চৰিত্ৰ, বৰ্ণ চৰিত্ৰ আছে- এই সত্যৰেই অনুসন্ধান চলিছে  সাহিত্যৰ সত্য (১৯৭০), সমাজ আৰু সমালোচনা (১৯৭২), সাহিত্য আৰু চেতনা (১৯৭৬), বিশ্বায়তন (১৯৮৩), কালভ্ৰমৰ (১৯৭৭), ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ (১৯৯৩); কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫), নৈৰাজ্য আৰু নিৰ্মাণ (১৯৯৮), সাহিত্য, সত্তা আৰু সাধনা, মানৱতাৰ সন্ধানত (২০০১), কালান্তৰৰ দোমোজাত (২০১৩), প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ (২০১৪), শিল্প-সংস্কৃতিৰ ৰণাংগন (২০২১) আদি গ্ৰন্থত । ১৯৭০ চনত প্ৰকাশিত ‘সাহিত্যৰ সত্য’ৰ বাদে অন্য সকলোবোৰ সাহিত্য বিষয়ক গ্ৰন্থত সমাজ আৰু ৰাজনীতিৰ প্ৰশ্নসমূহেও ভিৰ কৰিছেহি ।

সাহিত্যৰ আলোচনা-সমালোচনাত আধুনিকতাৰ গুৰুত্বক একমাত্ৰ ড° হীৰেন গোহাঁয়েই অসমীয়া ভাষাত ইমান বিস্তাৰিতভাৱে আলোচনা কৰিছে । শোণিত বিজয় দাস আৰু মুনীন বায়নৰ সম্পাদনাত ২০০৯ চনত ‘কথা’ প্ৰকাশনে প্ৰকাশ কৰা হীৰেন গোহাঁই ৰচনাৱলীৰ প্ৰথম খণ্ডৰ বিষয় সাহিত্য । তাৰ প্ৰথমভাগেই হ’ল ‘সাহিত্য তত্ব আৰু দৰ্শন’ । এই ভাগত অন্তৰ্ভূক্ত হৈছে ড° গোহাঁইৰ আধুনিকতা আৰু সমালোচনাৰ তত্ব আৰু দৰ্শন বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ লেখা । তাৰ ভিতৰত অন্যতম হ’ল ‘ আধুনিকতাৰ সংজ্ঞা’, উত্তৰ-আধুনিকতাবাদত এভুমুকি’, ‘আধুনিক আৰু আধুনিকতাবাদ’, ‘আধুনিকতাবাদৰ বিতৰ্কিত তাৎপৰ্য’, ‘আধুনিকতাৰ পিছত’, ‘অতীত আৰু অত্যাধুনিক’, ‘কবিতাৰ উৎস সন্ধানত মতাদৰ্শ আৰু কল্পনা’, ‘কবিতাৰ ভৱিষ্যৎ আৰু সমাজৰ ভৱিষ্যৎ’ ইত্যাদি তত্বগধুৰ এলানি লেখা। দুটা খণ্ডত প্ৰকাশিত ‘উপন্যাসৰ আধুনিক সমালোচনা’ শীৰ্ষক আলোচনাই বিশ্বসাহিত্যৰ পৰা আঞ্চলিক সাহিত্যলৈকে উপন্যাস সমালোচনাৰ বেলিকা গঢ়ি উঠা বিতৰ্কৰ গভীৰতালৈ লৈ যায় পাঠকসমাজক ।

সাহিত্য তত্ব আৰু সমালোচনাৰ এই বিশাল পৰিধি আৰু দৰ্শনৰ আধাৰতেই ড° গোহাঁয়ে অসমীয়া সমালোচনা সাহিত্যক এটা নতুন স্তৰলৈ লৈ গ’ল । তাৰ মাজেৰে ড° গোহাঁয়ে অসমীয়া ভাষাৰ কালিকা শক্তিও উদ্ভাৱন কৰিলে । আমাৰ ভাষা যে কেৱল গীত-কবিতা-উপন্যাসৰহে মাত্ৰ উপযোগী ভাষা নহয়, অসমীয়া ভাষাই বিশ্ব সমালোচনা সাহিত্যৰ তত্বকো পৰীক্ষণ- নিৰীক্ষণ কৰিব পাৰে তাৰ সাৰ্থকতা প্ৰমাণ কৰি দিলে ড° হীৰেন গোহায়ে ।

অসমীয়া সাহিত্যৰ সমালোচনাৰ সমান্তৰালভাৱে ড° গোহাঁয়ে অসমীয়া পাঠকক চিনাকি কৰি দিছে ভাৰতীয় সাহিত্য আৰু বিশ্ব সাহিত্যৰ ধাৰাবোৰৰ স’তে । উদাহৰণ স্বৰূপে ড° গোহাঁয়ে ৰবীন্দ্ৰনাথৰ সাহিত্য আৰু দৰ্শনৰ বিষয়ে অতি বহলকৈ আলোচনা কৰিছে । ঠিক সেইদৰে আহিছে জীৱনানন্দৰ সাহিত্য । শ্বেক্সপিয়েৰ অথবা মিলান কুণ্ডেৰা আৰু অজস্ৰ বিশ্ব সাহিত্যৰ খনিকৰৰ স’তে চিনাকি কৰি দিছে অসমীয়া সাহিত্যৰসিক সকলক ।

কিন্তু এইক্ষেত্ৰত ড° গোহাঁইৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হ’ল অসমীয়া সাহিত্যৰ মহাৰথীসকলৰ সাহিত্যৰ গভীৰ বিশ্লেষণ । এইক্ষেত্ৰত তেওঁ হকে বিহকে প্ৰতিষ্ঠিত সাহিত্যকক তোষামোদ কৰাৰ নীতি পৰিহাৰ কৰিছে । ১৯৬২ চনত প্ৰকাশিত ‘অম্বিকাগিৰী আৰু মানৱায়তন’ ড° গোহাঁইৰ প্ৰথমাৰ্দ্ধৰ সমালোচনা সাহিত্যৰ অন্যতম চানেকি । এই সমালোচনা পঢ়িলেই বুজা যায় ভাষাৰ কালিকা আৰু ভাৱৰ ঘনত্বৰ কি যাদুকৰী শক্তি । বীণা বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’ৰ ৰসোত্তীৰ্ণ আৰু ভাৱঘন আলোচনা আগবঢ়াইছে ড° গোহাঁয়ে । অজিৎ বৰুৱা আৰু নীলমণি ফুকনৰ কবিতা, নৱকান্ত বৰুৱা, ছৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদি সকলৰ উপন্যাস, মহিম বৰা অথবা সৌৰভ চলিহাৰ গল্প- এইবোৰৰ আলোচনা-সমালোচনাই অসমীয়া সমালোচনা সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিলে । 

ঐতিহ্যৰ বস্তনিষ্ঠ বিচাৰ ড° গোহাঁইৰ সমালোচনা সাহিত্যৰ অন্যতম অৱদান । শংকৰদেৱৰ চিন্তা আৰু কৰ্মক মানুহমুখী চিন্তাৰে বিশ্লেষণ কৰি তেওঁ শংকৰদেৱৰ অসমীয়া জাতীয় জীৱনৰ ওপৰত থকা চিৰ প্ৰৱাহমান প্ৰভাৱৰ বিচাৰ কৰিছে । একেই কাম কৰিছে অসমীয়া ভাষা সাহিত্যৰ প্ৰায়সকল খনিকৰৰ বেলিকা । লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, যতীন দুৱৰা আদিসকলৰ অৱদানৰ পুনৰীক্ষণ কৰি তেওঁলোকৰ সাহিত্যৰ মাজত থকা চেতনাৰ স’তে অসমীয়া পাঠকক পৰিচয় কৰাই দিছে । 

এই সমগ্ৰ আলোচনা-সমালোচনাক ড° গোহাঁয়ে বাস্তৱ ৰাজনীতিৰ পৰা পৃথক কৰি চোৱা নাই । তাৰ প্ৰমাণ উল্লিখিত গ্ৰন্থসমূহত সন্নিৱিষ্ট ৰাজনীতি বিষয়ক লেখাসমূহ । অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ আলোচনাৰ বাট কাটি দিছে সাহিত্য সমালোচনাৰ সমান্তৰালভাৱে ।

নতুনৰ সাহিত্যকো ড° গোহাঁয়ে গভীৰভাৱেই লৈছে আৰু তাৰ যথোচিত বিচাৰ কৰিছে । নন্দিতা দেৱীৰ ‘বঙল বহুদূৰ’ উপন্যাসৰ ড° গোহাঁয়ে লেখা পাতনি তাৰ অন্যতম নিদৰ্শন ।  

(৪)

আচৰিতভাৱে ড° গোহাঁইৰ এই সকলো অৱদানক অস্বীকাৰ কৰি সম্প্ৰতি তেওঁৰ হিন্দুত্ববাদ-সাম্ৰাজ্যবাদ বিৰোধী ৰাজনৈতিক অৱস্থানৰ ওপৰতহে আলোচনা হৈছে । হিন্দুত্বৰ ৰাজনীতি বিৰোধিতা কৰাৰ বাবেই ড° গোহাঁইক অসম বিদ্বেষী, খিলঞ্জীয়া স্বাৰ্থ বিদ্বেষী সজোৱাৰ বাবে অবিৰত প্ৰচেষ্টা চলিছে । 

সেয়েহে আমাৰ মনলৈ অহা প্ৰশ্নটো হ’ল বিশ্ববিদ্বান এইজন ড° হীৰেন গোহাঁইক চিনি পাওঁ নে আমি ? মোৰ বিশ্বাস আমি তেওঁক খণ্ডিত ৰূপতহে চিনি পাওঁ । আমি আমাৰ প্ৰয়োজন অনুসাৰে ড° গোহাঁইৰ চিন্তা আৰু কৰ্মৰ বিচাৰ কৰোঁ, কিন্তু তেওঁৰ সামগ্ৰিকতাৰ বিচাৰ নকৰোঁ । তাৰ পৰিণতিতেই ড° গোহাঁই সম্পৰ্কে সমাজত বহু বিভ্ৰান্তি । ড° গোহাঁইয়ে ৰাজনীতি সম্পৰ্কে লেখা প্ৰবন্ধসমূহ অথবা তাৰ সংকলিত গ্ৰন্থসমূহ ড° গোহাঁইৰ ৰাজনৈতিক সমালোচকসকলে যে পঢ়িছে তাৰো কোনো নিশ্চয়তা নাই । ‘তেজৰ আখৰে লিখা’ (১৯৮২); Assam: a Burning Question (1985); ‘স্বাধীনতাৰ সপোন আৰু দিঠক’ (১৯৯১); ‘গণতন্ত্ৰৰ নতুন জীৱন’ (১৯৯৪); ‘সুৰ্যোদয়ৰ প্ৰতীক্ষাত’ (২০০৮), ‘অগ্নিগৰ্ভা অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা’ (২০১০) আদি গ্ৰন্থ পঢ়িলেহে বুজা যায় ড° গোহাঁইৰ দীৰ্ঘকালীন ৰাজনৈতিক বিচাৰৰ গভীৰতা । 

অসম আন্দোলনৰ ক্ষেত্ৰত ড° গোহাঁইৰ ভুমিকাৰ আলোচনাৰে এই পৰিকল্পিত বিভ্ৰান্তিৰ কিছু বিচাৰ কৰিব খুজিছোঁ । অসম আন্দোলনৰ আৰম্ভণীতেই এই আন্দোলনৰ হিংস্ৰ ৰূপটো যিসকলে আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল ড° হীৰেন গোহাঁই । উত্তৰ গুৱাহাটীত আন্দোলনকাৰী সকলৰ হাতত নিহত হৈছিল দুগৰাকী বড়ো সম্প্ৰদায়ৰ লোক । তাৰ পৰিণতিত সৃষ্টি হৈছিল গভীৰ উত্তেজনা । এক অশান্ত জৰ্জৰ পৰিস্থিতি । অসমক বহিৰাগতৰ কবলৰ পৰা ৰক্ষা কৰিব লাগে । তেওঁলোকে আমাৰ মাটিবাৰীৰ ওপৰত আগ্ৰাসন চলাইছে । তেওঁলোকক উচ্ছেদ নকৰিলে আমাৰ ভৱিষ্যৎ অ-সুৰক্ষিত । কোন এই বহিৰাগত ? কেনেকৈ আমি তেওঁলোকক উচ্ছেদ কৰিম? উচ্ছেদ কৰাৰ কতৃত্ব কাৰ হাতত? এই প্ৰশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ নাছিল । গতিকে জাতিপ্ৰেমৰ উন্মাদনাই সৃষ্টি কৰিলে এক ধূসৰতা । এনে উন্মাদনা- ধূসৰতাৰ মাজতেই  ১৯৭৯ চনৰ নৱেম্বৰ মাহৰ ২৫-২৬ নৱেম্বৰ তাৰিখে উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত উচ্ছেদ বিৰোধী অভিযানত নিহত হৈছিল দুজন খিলঞ্জীয়া লোক- হাবিৰাম বড়ো আৰু বিহুৰাম বড়ো । এই ঘটনাৰ চৰজমিন তদন্তৰ ভিত্তিত ড° হীৰেন গোহাঁইয়ে প্ৰস্তুত কৰি উলিওৱা  ‘ফুলুং চাপৰিৰ তেজৰঙা কাহিনী’ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ পাইছিল তেওঁৰ দ্বাৰা সম্পাদিত ‘কলাখাৰ’ৰ ১৫ ডিচেম্বৰ ১৯৭৯ তাৰিখৰ সংখ্যাত । এই প্ৰতিবেদনৰ শেষৰ দফা দুটাত ড° গোহাঁয়ে লিখিছে :

’চহৰত কোট-পেণ্ট পিন্ধি অসম আৰু অসমীয়াৰ দুৰ্গতিৰ ওপৰত লে’কচাৰ দিয়া অসমীয়া বিহুৰাম আৰু হাবিৰাম নহয় । এওঁলোক হ’ল তেনে অসমীয়া মানুহ, যাৰ পৰিশ্ৰমে জীয়াই ৰাখিছে অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি । আমাৰ দেশপ্ৰেম কিহে ইমান উন্মত্ত কৰিলে যে এনে লোকৰ ভৰিৰ ধূলি শিৰত সানিব নেজানি তেওঁলোকৰ তেজেৰে আমাৰ হাত ৰাঙলী কৰিলোঁ ? 

নে  আমাৰ দেশপ্ৰেমৰ সাম্প্ৰতিক জোৱাৰত বহু সৎ সম্ভাৱনাৰ লগত লুকাই আছে এনে এক ভয়ংকৰ ফেচিবাদৰ বীজ, যি দেশৰক্ষাৰ নামত দেশৰ সাধাৰণ মানুহৰ ডিঙি ভৰিৰে গচকিব খোজে, যি সেৱাৰ আদৰ্শৰ ঠাইঅত প্ৰতিষ্ঠা কৰিব খোজে ক্ষমতালোলুপ দম্ভ আৰু বৰ্বৰতাৰ ৰাজত্ব ? (উৎস: হীৰেন গোহাঁই (২০১১), ইমান তিতা সাগৰ পানী, পৃষ্ঠা ১৬৭) ।

ড° গোহাঁইৰ এনে আশংকাৰ বাস্তৱ প্ৰতিফলন আমি অসমৰ ৰাজনীতিত দেখা নাপালোঁ নে? কোনজন অসম আন্দোলনৰ নেতাক আজি অসমৰ মানুহে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে? বিদেশী বিতাড়ন দূৰৰে কথা, অসমৰ স্বকীয় সম্পদৰ ওপৰত অসমৰ জনগণৰ অধিকাৰ সাব্যস্ত হ’ল নে? জাতীয় উন্মাদনাৰ মাজেৰে প্ৰবেশ কৰা হিন্দুত্বৰ বীজ বৰগছ হৈ অসমক আজি কি পৰিবেশৰ মাজলৈ লৈ গ’ল? এইবোৰ কথা আমি অস্বীকাৰ কৰিব পাৰোঁ নে?

অসম আন্দোলনৰ ইমানবোৰ সীমাবদ্ধতা স্বত্তেও এই আন্দোলনৰ মাজেৰে ওলাই অহা গণ প্ৰত্যাশাক ড° গোহাঁইয়ে অস্বীকাৰ কৰিছিল নে? আত্ম জীৱনীৰ চতূৰ্থ খণ্ড ‘ইমান তিতা সাগৰৰ পানী’ৰ দ্বাদশ অধ্যায়ত সন্নিৱিষ্ট ‘কালধুমুহাৰ তাণ্ডৱ’ (পৃষ্ঠা ১৫৫-১৮২) ত অসম আন্দোলনৰ চৰিত্ৰ, গণ প্ৰত্যাশা আৰু ড° গোহাঁইৰ অৱস্থান বিশদভাৱে আলোচিত হৈছে । আজি যিসকলে অসম আন্দোলনৰ বিৰোধিতা কৰা ড° গোহাঁইৰ অসমীয়া জাতিৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই বুলি আস্ফালন কৰিছে তেওঁলোকে এই বিশেষ অধ্যায়টো গভীৰভাৱে পঢ়া উচিত । এই আন্দোলনৰ মাজত সোমাই থকা হিংস্ৰ চৰিত্ৰ উন্মোচন কৰি দিয়াৰ ক্ষেত্ৰত ড° গোহাঁয়ে অলপো কুণ্ঠাবোধ কৰা নাই । ড° গোহাঁইয়ে উল্লেখ কৰা হিংস্ৰতাৰ সেইবোৰ ঘটনা এই গ্ৰন্থ প্ৰকাশৰ এটা দশকৰ পাছতো কোনেও অস্বীকাৰ কৰা নাই । হিংস্ৰতাৰ অজস্ৰ উদাহৰণ ডাঙি ধৰি ড° গোহাঁইয়ে লিখিছে:

‘..কিমান যে নিকৰুণ ঘটনা ঘটিছিল অসমত তাৰ ঠিকনা নাই । এপিনে দিকবিদদিক জ্ঞানশূন্য হৈ পুলিচে গুলি চলাই শই-শই ডেকা ল’ৰা নিপাত কৰিছিল, আনপিনে উগ্ৰ জাতীয়তাবাদী জনতাই পাশৱিক হিংস্ৰতাৰে বামপন্থীসকলক হত্যা কৰিছিল, নিৰ্যাতন কৰিছিল, তেওঁলোকৰ ঘৰ জুই জ্বলাই ভস্মীভূত কৰিছিল । কেউপিনে যেন কেৱল নৰৰক্তৰ ফাকু খেল ।‘ 

অসম আন্দোলনৰ মাজত সোমাই থকা এনে হিংস্ৰতা আৰু উন্মাদনাৰ দিশটো আঙুলিয়াই দি প্ৰস্তুত কৰি উলিওৱা ‘Cudgel of Chauvinism’ লেখাটো ১৯৮০   চনৰ ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে  ভাৰতবৰ্ষৰ অতি গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক গৱেষণা আলোচনী ‘Economic & Political Weekly’ত প্ৰকাশ পালে । এই প্ৰবন্ধত অসম আন্দোলনৰ চৰিত্ৰৰ সমালোচনাৰ চোক ইমান বেছি আছিল যে এই প্ৰবন্ধ প্ৰকাশ পোৱাৰ লগে লগে দেশৰ ৰাজনৈতিক-বিদ্যায়তনিক মহলৰ মাজত হুৱাদুৱা লাগিল । জাত্যাভিমানৰ গুৰিকথা যে শাসক শ্ৰেণীৰ শ্ৰেণীস্বাৰ্থ সেই কথাটো ড° গোহাঁইয়ে এই প্ৰবন্ধত অতি স্পষ্টকৈ উল্লেখ কৰিলে । তেওঁ আঙুলিয়াই দিলে: ‘ The Assamese ruling elite lack both the economic resources and cultural strength to be able to integrate non-Assamese groups into Assamese society. Yet it has not abandoned its dream of national resurgence in a capitalist set up. Hence it uses from time to time the cudgel of chauvinism to beat into submission of non-Assamese groups who might resist the domination. Chauvinism is by nature authoritarian and fascist, and an ally of the Indian ruling class as a whole.’ (পৃষ্ঠা ২৫৭-৫৮) 

এই প্ৰবন্ধক কেন্দ্ৰ কৰিয়েই সেই আলোচনীৰ পাতত অসমৰ জাতীয়তাবাদ সম্পৰ্কে আটাইতকৈ দীঘলীয়া বিতৰ্ক অনুষ্ঠিত হ’ল । সেই বিতৰ্কক ‘Little Nationalism Turned Chauvinist’ নামেৰে জনা যায়। ড° হীৰেন গোহাঁইৰ প্ৰবন্ধৰ আঁত ধৰিয়েই অসমলৈ ঘটি থকা প্ৰব্ৰজন সম্পৰ্কীয় উল্লিখিত শিৰোনামাৰ বিস্তৃত প্ৰবন্ধটো লিখিছিল ড° অমলেন্দু গুহই । অন্যসকলৰ লগতে আমেৰিকাত কৰ্মৰত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ড° সঞ্জীৱ কুমাৰ বৰুৱাই ড° গোহাঁইক সমালোচনা কৰি লিখা আৰু ১৫ মাৰ্চ ১৯৮০ তাৰিখে প্ৰকাশ পোৱা ‘Cudgel of Chauvinism or Tangled Nationality Question?’  শীৰ্ষক প্ৰবন্ধটোৱে এই বিতৰ্কলৈ আৰু কেতবোৰ প্ৰশ্ন টানি আনিলে । ড° গোহাঁইয়ে সেই লেখাৰ এক শক্তিশালী প্ৰত্যুত্তৰ দিলে সেই আলোচনীৰ পাততেই ।

কিন্তু সমান্তৰালভাৱে এই আন্দোলনৰ মাজেৰে ওলাই অহা অসমৰ সৰ্বস্তৰৰ জনতাৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰব্যৱস্থাৰ হঠকাৰিতা বিৰোধী স্বত:স্ফূত আৱেগ-আৱেদনকো তেখেতে অনুধাৱন কৰিবলৈ চেষ্টা কৰিছে । ‘কালধুমুহাৰ তাণ্ডৱ’ তাৰ স্বাক্ষৰ । অসম আন্দোলনৰ মাজেৰে ওলাই অহা জাত্যাভিমানী প্ৰৱণতা আৰু তাৰ মাজেৰে অসমৰ ৰাজনীতিত দকৈ শিপাব ধৰা ফেচিবাদী শক্তিৰ ভয়াৱহতা সম্পৰ্কত তেওঁ নিজৰ স্থিতিত অটল থাকিও  লাহে লাহে এই কথা উপলব্ধি কৰিলে যে অসম আন্দোলনৰ মাজেৰে ওলাই অহা জন বিতুষ্টি আৰু জন প্ৰত্যাশাক আমি অৱজ্ঞা কৰিলে নচলিব । অসম আন্দোলনৰ মাজেৰে যে অসমীয়া জাতীয়তাৰ প্ৰশ্নটো শক্তিশালী ভাৱে উপস্থাপিত হৈছে সেই কথাটো বামপন্থী ৰাজনৈতিক দল বিলাকে যথাযথ গুৰুত্ব নিদিয়া দিশটোও তেখেতে মুকলিকৈ উপস্থাপন কৰিলে । ১৯৮৩ চনৰ ৬-১২ মাৰ্চ তাৰিখৰ Sunday আলোচনীত ড° হীৰেন গোহাঁইৰ ‘Against the Prejudiced View of the Assam Movement’ শীৰ্ষক লেখাটো প্ৰকাশ পায় । অসম আন্দোলনৰ প্ৰতি তেখেতৰ দৃষ্টিভংগীৰ উত্তৰণক আপোচকামিতা বুলি এচামে চলোৱা অপপ্ৰচাৰৰ উত্তৰত উল্লিখিত প্ৰবন্ধত ড° গোহাঁইয়ে ক’লে: ‘True, the middle-class leadership in its class-interest has distorted the national protest into chauvinist and communal forms. Further, this Assamese chauvinism has in its turn oppressed other minorities. But the Assam movement has not been confined to the middle class alone. It has a fairly broad-based rural support.  Land-pauperism, indebtedness, unemployment among rural youth, have all contributed to rousing the peasantry to solid support to the movement.’ (উৎস: Gohain, Hiren. 1985. Assam: A Burning Question. Guwahati, Spectrum Publications. P31)

এই সময়ত দেশৰ আগশাৰীৰ কাকত আৰু গৱেষণা পত্ৰিকাত ইংৰাজীত লিখা তেখেতৰ এলানি লেখাৰ মাজত ড° গোহাঁইৰ এই সাহস আৰু নিষ্ঠা প্ৰতিফলিত হৈছে । পাঠকৰ সুবিধাৰ্থে মই কেইটামান লেখাৰ কথা মাত্ৰ উল্লেখ কৰিব খুজিছোঁ: ‘Cudgel of Chauvinism’.  Economic & Political Weekly, February 23, 1980; ‘Fall-Out of Underdevelopment’. Economic & Political Weekly, 22 March, 1980. 15(22): 589-90. ; ‘Tangled Theories’. Economic & Political Weekly.  19 April. 1980. 15 (16): 733-735; ‘Little Nationalism Turned Chauvinist- A Comment’. Economic & Political Weekly. 28 February, 1980. 16(9): 339-40.

অসম আন্দোলনৰ সময়ত ড° গোহাঁইৰ ভুমিকাৰ বিষয়ে উল্লেখ কৰি মই এই কথাই ক’ব খুজিছোঁ যে বৌদ্ধিক চিন্তাৰ কাণ্ডাৰীসকলৰ নিজা চিন্তাৰ পুনৰীক্ষণৰো সাহস আৰু নিষ্ঠা থাকিব লাগিব । এনে বহু উদাহৰণ মই ডাঙি ধৰিব পাৰো । বাহুল্যৰ দোষে চোৱাৰ শংকা কৰি মই তাৰ পৰা বিৰত থাকিলোঁ । কৈ থোৱা ভাল হ’ব যে এনে গতিশীল চিন্তাৰ প্ৰাথমিক চৰ্ত হ’ল ন্যস্তস্বাৰ্থমহলৰ অভিপ্ৰায় আৰু কূটকৌশলৰ বিৰুদ্ধে সদাসচেতনতা আৰু সেইক্ষেত্ৰত লোৱা আপোচহীন স্থিতি । ন্যস্তস্বাৰ্থমহল সদায়েই ৰাষ্ট্ৰ অথবা পুঁজিপতিয়েই হ’ব তেনে কথা নাই । শাসকশ্ৰেণীয়ে সমাজৰ অন্য অংশকো তেওঁলোকৰ স্বাৰ্থৰ বাবে নিৰন্তৰ ব্যৱহাৰ কৰে- যিদৰে কৰিছিল অসম আন্দোলনৰ নেতৃত্বক । গতিকে সকলো সময়তে ৰাষ্ট্ৰবিৰোধী জনজাগৰণ জনহিতাৰ্থেই যাব তাৰ কোনো নিশ্চয়তা যে নাই তাৰ জ্বলন্ত উদাহৰণ অসম আন্দোলন আৰু আলফাৰ শসস্ত্ৰ সংগ্ৰাম ।  এই দুই আন্দোলনৰ মাজেৰে যে অসমৰ জাতীয় চেতনাই উদ্গীৰণমূখী পৰ্যায়লৈ যাব খুজিছিল তাত সন্দেহৰ অৱকাশ নাই । কিন্তু প্ৰতিক্ৰিয়াশীল মতাদৰ্শ, ন্যস্তস্বাৰ্থ আৰু বিশেষকৈ অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ৰাষ্ট্ৰৰ স’তে চলি থকা আপোচকামী সম্পৰ্কই এনে জন আৱেগক জনহতাশা আৰু গণ আন্দোলনক নৈৰাজ্যৰ শাৰীলৈ অৱনমিত কৰিছে । এনে আন্দোলনক কঠোৰৰ পৰা কঠোৰতম ভাষাৰে সতৰ্ক কৰিবলৈ গৈ জাতিশত্ৰুৰ অভিধাৰাৰে নিন্দিত হোৱাৰ পিছতো ড° গোহাঁই নিজৰ স্থিতিত অটল । সংক্ষেপে উল্লেখ কৰি থওঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ঔপনিৱেশিককালৰ ইতিহাসৰ সম্পদ লুণ্ঠনৰ পটভুমিৰে বিশ্লেষণ কৰি এই পঞ্জী অসমৰ বাবে কিয় প্ৰয়োজন তাৰ সমৰ্থনত ড° গোহাঁইয়ে গ্ৰহণ কৰা স্থিতিক ৰাষ্ট্ৰ অথবা শাসকশ্ৰেণীৰ ন্যস্তস্বাৰ্থৰ বিপৰীতে অৱস্থান লোৱা ভিন্ন শিবিৰেও তীব্ৰ আক্ৰমণ কৰিলে । হিন্দুত্বৰ তাত্বিকে তেখেতক পূৰ্ববংগমূলীয়মূলৰ বাঙালী মুছলমানৰ পৃষ্ঠপোষক আৰু খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী জাতিদ্ৰোহী আখ্যা দিলে; আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত  সক্ৰিয় আৰু বিমূৰ্ত মানৱতাবাদত বিশ্বাসীমহলে তেখেতক জাত্যাভিমানী বুলি অভিহিত কৰিলে। এনে আক্ৰমণৰ পাছতো ড° গোহাঁই নিজৰ স্থিতিত অটল থাকিলে । এই সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমৰ্থনত ড° গোহাঁইয়ে ‘The Wire’; The Hindu; Economic and Political Weekly, Frontline আদি কাকত আলোচনীত বিস্তৰ লেখামেলা কৰিলে । মই তাৰ কেইটামান লেখাৰ মাত্ৰ উদাহৰণহে দিব খুজিছোঁ : ‘Debate: The NRC Is What Will Allow Assam to Escape from the Cauldron of Hate’.  The Wire. 13 August, 2018; ‘It’s Important to Know the History of the NRC Before Passing Judgment on It’. The Wire. 8 August, 2018; ‘Colonial Policy Created the Northeast's Citizenship Problem’; The Wire, 8 February, 2019. ; ‘It is important to contextualise the NRC’, The Hindu, 5 September, 2109.; ‘Discussion: Linking Excesses in NRC Process to Assamese Xenophobia Is Unwarranted’. Economic and Political Weekly. 29 February. 2019. 55(9).. 

(৫)

ড° হীৰেন গোহাঁয়ে বিশ্বাস কৰে যে মানৱ অধিকাৰ এক বিমূৰ্ত চেতনা নহয় । ইয়াৰ এক মূৰ্ত ৰূপ আছে । ঐতিহাসিক আৰু ৰাজনৈতিক পটভুমিৰ সঠিক বিচাৰ অবিহনে মানৱ অধিকাৰৰ ওকালতি কৰাটো বৌদ্ধিক পণ্ডশ্ৰম মাত্ৰ । ড° গোহাঁইৰ বৌদ্ধিক সততাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এইটোৱেই যে তেখেতে সদায়ে নিজৰ চিন্তা আৰু কৰ্মৰ পুনৰীক্ষণ কৰিছে । ভুল বুলি পতিয়ন গ’লে নিজৰ স্থিতি সলনি কৰিছে । কিন্তু শাসক শ্ৰেণীৰ বিভাজনকামী নীতি তথা ঘৃণা আৰু হিংসা বিয়পোৱা অশুভ শক্তিৰ বিৰুদ্ধে অধিক সাহস আৰু নিষ্ঠাৰে অৱস্থান গ্ৰহণ কৰিছে । ৰাষ্ট্ৰ শক্তিৰ প্ৰভাৱত পৰি অতি সম্প্ৰতি অসমৰ প্ৰতিষ্ঠিত গণমাধ্যমেও ড° হীৰেন গোহাঁইক বৰ্জন কৰিছে । অসমীয়া জাতীয় জীৱনৰ এনে অৱক্ষয় দেখি ড° গোহাঁই নিৰাশ হৈছে । কিন্তু এনে নিৰাশাই তেওঁক এখন গণতান্ত্ৰিক, সহনশীল আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত সমাজ নিৰ্মাণৰ প্ৰতি থকা নিষ্ঠাৰ পৰা এখোজো আঁতৰ কৰিব পৰা নাই । হাজাৰটা প্ৰত্যহ্বানৰ মাজতো মানুহৰ জয়গান গাবলৈ আৰু এগছি আশাৰ চাকি জ্বলাই ৰাখিবলৈ সক্ষম হোৱা বাবেই ড° হীৰেন গোহাঁই এজন বিশ্ববিদ্বান ।


(’দৈনিক জনমভুমি’ কাকতে শাৰদীয়  সংখ্যাৰ  বাবে ড°  হীৰেন গোহাঁইৰ স’তে তেওঁৰ বৌদ্ধিক বিচৰণ আৰু ব্যাপ্তিৰ বিষয়ে এটা দীঘলীয়া সাক্ষাৎকাৰ লোৱাৰ দ্বায়িত্ব দিছিল এই লেখকক ৷ কিন্তু উৎকট গৰমৰ বাবে গোহাঁই ছাৰৰ স’তে যথাসময়ত  সাক্ষাৎকাৰটো লোৱা নহ’ল ৷ কাকতৰ ফালৰ পৰা মোক হেঁচা মাৰি ধৰিলে যে মই এই বিষয়ে এটা লেখা লিখি দিব লাগে ৷ ৷ সময় এসপ্তাহৰো কম ৷ খৰধৰকৈ লিখা  বাবে সকলোবোৰ দিশ সামৰিব নোৱাৰিলোঁ ৷)

Post a Comment

0 Comments