‘প্ৰেমত পৰিলো নেকি’ আৰু ‘ভূপেন হাজরিকা সঙ্গীত ও জীবন চক্ৰ’ শীৰ্ষক গ্ৰন্থ দুখনৰ পৰিচয় আৰু সবিশেষ ৷৷ ভাস্কৰ ভূঞা

* অসমীয়া ভাষাৰ ঐতিহাসিক গুৰুত্ব থকা এখন গ্ৰন্থ।
দিলীপ কুমাৰ দত্তৰ ‘প্ৰেমত পৰিলো নেকি’ (১৯৮৭) গ্ৰন্থখন ‘ভাৰতীয় ভাষাত কম্পিউটাৰেৰে প্ৰস্তুত কৰা প্ৰথমখন পুথি’।
দিলীপ কুমাৰ দত্তই আমেৰিকাৰ ৰড আইলেণ্ড বিশ্ববিদ্যালয়ত গণিত বিভাগত অধ্যাপনা কৰিছিল আৰু তেওঁৱেই সৰ্বপ্ৰথম ভাৰতীয় ভাষাত কম্পিউটাৰৰ ফণ্ট সৃষ্টি কৰিছিল। অৰ্থাৎ ভাৰতীয় ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষাতে প্ৰথম কম্পিউটাৰ ফণ্টৰ সৃষ্টি কৰা হৈছিল। তেখেতে সৃষ্টি কৰা অসমীয়া ফণ্ট পাঁচটাৰ নাম আছিল ‘ডিবৰু’, ‘বেঁকী’, ‘কপিলী’, 'ব্ৰহ্মপুত্ৰ' আৰু ‘দিহিং’৷ এই ফণ্টকেইটাৰ জৰিয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়া ভাষাত লিখাটো সম্ভৱপৰ হৈছিল৷ তদুপৰি তেখেতে বাংলা ভাষাত ১৯৯১ চনত ‘জাহ্নবী’ ফণ্টৰ সহায়ত ‘ভূপেন হাজরিকা সঙ্গীত ও জীবন চক্ৰ’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিছিল৷
এটা শুধৰণি
উল্লিখিত প্ৰথম তিনিটা ফণ্ট ব্যৱহাৰ কৰি দত্তই ১৯৮৫ চনত ‘প্ৰেমত পৰিলোঁ নেকি?’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিছিল বুলি দুই এক তথ্য অসমৰ আলোচনী বা গ্ৰন্থ আদিত পূৰ্বে পোৱা গৈছে যদিও এই তথ্য শুদ্ধ নহয়। দত্তৰ গ্ৰন্থখনত স্পষ্টভাৱে প্ৰথম প্ৰকাশৰ চন ১৯৮৭ বুলি লিখা আছে আৰু ‘ব্ৰহ্মপুত্ৰ’ ফণ্টৰ দ্বাৰা গ্ৰন্থখন ডিটিপি কৰা বুলি তেখেতে লিখি থৈ গৈছে৷ এইখন গ্ৰন্থ হৈছে কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ৷



দিলীপ কুমাৰ দত্তই ১৯৯১ চনত ‘জাহ্নবী’ ফণ্টৰ সহায়ত ডিটিপি কৰা ‘ভূপেন হাজরিকা সঙ্গীত ও জীবন চক্ৰ’ শীৰ্ষক গ্ৰন্থখনৰ বেটুপাত আৰু সম্পাদনা পৃষ্ঠাৰ আলোকচিত্ৰ



Post a Comment

0 Comments