"বিজ্ঞান, ধৰ্ম আৰু অন্ধবিশ্বাস" ।। প্রথম ড° শিৱনাথ বৰ্মন স্মাৰক বক্তৃতা


মাননীয় সভাপতি, ড° শিৱনাথ বৰ্মনৰ পৰিয়ালৰ সদস্যসকল, ড° শিৱনাথ বৰ্মন স্মৃতি সুৰক্ষা সমিতিৰ মাননীয় সদস্যসকল আৰু ড° শিৱনাথ বৰ্মনৰ অনুৰাগী সুধীবৃন্দ—

আজি ড° বৰ্মনৰ দেহাৱসানৰ এবছৰ পূৰ্ণ হ'ল। সেই উপলক্ষে আয়োজিত এই সভাত তেখেতৰ স্মৃতিত স্মাৰক বক্তৃতা দিবলৈ মোক আমন্ত্ৰণ কৰি মোক এক দুর্লভ সন্মান যাচিছে খোলাখুলিকৈ ক'বলৈ গ'লে এই সন্মানৰ যোগ্য ম‍ই নহওঁ। কিন্তু ড° বৰ্মনৰ পৰিয়ালৰ অনুৰোধ ৰক্ষা কৰি ম‍ই দুআষাৰ কবলৈ মুখ মেলিবলৈ আহিছো— যদিও ৰাজহুৱা বক্তৃতামঞ্চত থিয় হ'লে এতিয়াও কথা পাহৰি যাওঁ, মুখৰ মাত নোলোৱা হয়। মোক এই বক্তৃতা দিবলৈ মতাৰ এটা প্ৰধান কাৰণ হ'ব পাৰে, মই ড° বৰ্মনৰ একালৰ কটন কলেজৰ হোষ্টেলত সহ-আবাসী আছিলোঁ। মই তৃতীয় বাৰ্ষিকত থাকোতে তেখেত প্ৰথম বাৰ্ষিকৰ আৱাসী হৈ কটন কলেজৰ দ্বিতীয় ছাত্ৰাবাসত সোমাইছিলহি। আৰু আনটো কাৰণ, তেখেতৰ স্নাতকোত্তৰ শ্ৰেণীৰ বিষয় পদার্থবিজ্ঞানৰ মইয়ো এজন ছাত্র আছিলো। এই দুয়োটা বিষয়ত সমানেই উত্তীর্ণ হোৱা আন এজন লোক আছিল— তেখেত ড° বৰ্মনৰ দ্বিতীয় বৰ্ষৰ সহ-আবাসী আৰু মোৰ সহপাঠী বন্ধু ড° অখিল কুমাৰ ডেকা। যাহওক সামান্য ভাৱে অসুস্থ ড° ডেকাক চেৰ পেলাই মই এই নিমন্ত্রণ গ্রহণ কৰিবলগীয়া হ'ল। 

তেতিয়াৰ কটন কলেজত থাকোতে দুটা বছৰৰ ব্যৱধান মানে যেন এক দুর্লংঘ্য ব্যৱধান তেনে অনুভৱ হয়— তলৰ শ্ৰেণীৰ ছাত্ৰই ওপৰৰ শ্ৰেণীৰ ছাত্ৰৰ লগত এক নিৰ্দিষ্ট ব্যৱধান ৰাখিহে কথা কোৱা বা চলাফিৰা কৰাৰ অঘোষিত নিয়ম। তেনে পৰিৱেশত বন্ধুত্বৰ এনাজৰী ডাল ভালদৰে বান্ধ নলয় । আমাৰ দুয়োৰো মাজত তেনে এটা সম্বন্ধই দুটা বছৰ চলি থাকিল । তাৰ পিছত স্বাভাৱিক ৰীতি অনুসৰি কোন ক'লৈ গৈছে, কিছুবছৰলৈ কাৰো লগত যোগাযোগ নোহোৱা অৱস্থা । পাছত যেনিবা কর্ম সংস্থাপন কৰ্মস্থান আদিৰ সংযোগ ঘটিলে পুনৰ লগ পোৱাৰ সুবিধা আহে। আমাৰো তেনেকুৱাই হ'ল। কলেজৰ পৰা এৰা এৰি হোৱাৰ আঠ দহ বছৰৰ মূৰত ড° বৰ্মন লগত যোগাযোগ আৰম্ভ হ'ল। ইতিমধ্যে তেখেতৰ দুই এখন ৰচনাও পঢ়িবলৈ পাইছো। অৱশ্যে চাওঁতে চাওঁতে তেখেত এগৰাকী আগশাৰী লেখক হৈয়েই উঠিল, বিশেষকৈ অসম আন্দোলনৰ সময়ত প্ৰসেনজিৎ চৌধুৰীৰ লগ লাগি ৰচনা কৰা 'বাস্তৱ নে বিভ্ৰম' খনৰ যোগেদি এই দুয়ো উদীয়মান গৱেষণাকাৰীয়ে যোগ্য স্বীকৃতি লাভ কৰিলে— লগতে অৱশ্যে এচাম লোকৰ উদণ্ড আচৰণৰ বলি হোৱাৰ ভাগ্যও। বহু বিচিত্র বিষয়ৰ অধ্যয়ন-অভিজ্ঞ এজন poly- glot ড° বৰ্মনৰ বৌদ্ধিক ক্ষেত্ৰত বিচৰণভূমি অতি বিস্তৃত। তেখেতৰ 'আইনষ্টাইন আৰু পদার্থজগত' নামৰ আইনষ্টানৰ জীৱনী গ্ৰন্থখন অসমীয়া ভাষাত লিখা বিজ্ঞানীৰ শ্ৰেষ্ঠ জীৱনী গ্রন্থ বুলি সহজেই দাবী কৰিব পাৰি। মই মাথো আন দুটা বিষয়ে তেখেতে ৰচনা কৰা তিনিখন গ্রন্থ উল্লেখ কৰিম— তাৰে 'অসমীয়া জীৱনী-সাহিত্য খন অসমীয় ভাষাত প্ৰকাশ পোৱা এই ধৰণৰ প্ৰথমখন কিতাপ যত শংকৰী যুগৰ পৰা আধুনিক সময়লৈ অসমীয়া জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ মূল্যবান অৱদান আগবঢ়োৱা লোকৰ চমু জীৱনী সন্নিৱিষ্ট কৰা হৈছে, আৰু আন দুখন 'অসমীয়া ব্যাকৰণ অভিধান' আৰু 'অসমীয়া আখৰ জোঁটনিৰ কথা'। এই তিনিওখন গ্রন্থই তেখেতৰ অসমীয়া ভাষা আৰু জাতি প্ৰেমৰ দহদহীয়া প্ৰমাণ দিয়ে। স্বকীয় ভাষা সংস্কৃতিয়েই এটা জাতিক জীয়াই থকাৰ প্রাথমিক অৱলম্বন আৰু ড° বৰ্মনৰ এই কিতাপ কেইখনে সেই বাণী কঢ়িয়াই আনিছে।

অসমৰ বিজ্ঞানৰ বুৰঞ্জীৰ অধ্যয়নৰ ক্ষেত্ৰত অসমীয়া ভাষাত ড° বৰ্মন বাটকটীয়া স্বৰূপ। তেখেতৰ লেখাৰ মাজত ‘গ্ৰীক চায়েন্স' নামৰ পুথিখনৰ সম্ভেদ পোৱাৰ পাছতে ম‍ই বিজ্ঞানৰ বুৰঞ্জীৰ প্ৰতি অধিক আগ্ৰহী হৈছিলো। মোৰ অনুৰোধ ৰক্ষা কৰি মোক তেখেতে সেই আপুৰুগীয়া “গ্রীক চায়েন্স” খন পঢ়িবলৈ দিছিল। পাছলৈ দেবীপ্রসাদ চট্টোপাধ্যায়ৰ পুৰণি ভাৰতীয় বিজ্ঞান বিষয়ক গ্ৰন্থসমূহৰ অধ্যয়নও তেনেকৈয়ে সম্ভৱ হৈছিল। চমৎকৃত হৈছিলো যেতিয়া দেখিছিলো উদ্দালক আৰুণীয়ে খৃষ্টপূর্ব অষ্টম শতিকাতেই বৈজ্ঞানিক ধাৰণাৰে চিন্তা চৰ্চা আৰম্ভ কৰিছিল। তাৰ মানে আমি অত দিনে জানি অহা গ্ৰীছৰ থালিজতকৈ (খৃঃপূঃ৬২৬-৫৪৮) প্ৰায় এশ শতিকাৰ পূর্বেই ভাৰতীয় দার্শনিক উদ্দালক আৰুণীয়ে পৰমাণুবাদৰ কথা কৈ গৈছে। অৱশ্যে খালিজ পৰমাণুৰ দৰেই আৰুণীৰ পৰমাণুবাদৰো আধুনিক বিজ্ঞানৰ পৰমাণুৰ লগত বিশেষ সম্পর্ক নাই। কিন্তু বিজ্ঞানৰ অংকুৰো তাতেই যেতিয়া প্ৰাকৃতিক ঘটনাৰ ব্যাখ্যা বিচাৰ কৰোতে অতিপ্রাকৃতিক শক্তিৰ প্রভাৱ নহয়, কিছুমান প্রাকৃতিক বল বা শক্তিৰ ক্ৰিয়াকলাপৰ পৰিণতি বুলিয়ে লোৱা হয়। অবশ্যে খ্রীষ্টপূর্ব সপ্তম বা অষ্টম শতিকাতেই এনে বৈজ্ঞানিক চিন্তা ভাৱনা ওলালেও সমসাময়িক সমাজ বিজ্ঞানৰ চিন্তা চৰ্চাৰ অনুকুলে নথকাত বিজ্ঞানৰ আধুনিক স্তৰ পাবলৈ প্ৰায় দুহেজাৰ বছৰ লাগিল। খৃষ্টীয় ষোল্ল-শোতৰ শতিকাতহে কোপার্নিকাচ, গেলিলিঅ', নিউটনৰ গৱেষণাৰাজিৰ জৰিয়তে আধুনিক বিজ্ঞানৰ পূৰ্ণ বিকাশ ঘটিল। 

এই বিষয়ে গ্ৰীক চায়েন্সৰ প্ৰণেতা ফেৰিংটনেই মত আগবঢ়াই গৈছে যে— ভেকুৱামত বিজ্ঞানৰ সৃষ্টি নহয়— There is no science in vacuuo. বিজ্ঞানৰ বিকাশ সমাজৰ বৈষয়িক উন্নতি আৰু ৰাজনৈতিক গাঁথনি সাপেক্ষেহে সম্ভব। কাৰণ এতিয়াৰ অৱস্থাত বিজ্ঞানৰ বিকাশ যিমানেই নহওক কিয়, মনত ৰাখিব লাগে যে আদিম যুগত বিজ্ঞানৰ আৰম্ভণি হৈছিল বাস্তৱ অভিজ্ঞতাৰ জৰিয়তেই— জে.ডি. বাৰ্ণালৰ কথাৰে ক'বলৈ হ'ল— 'সভ্যতাৰ কাহিলি পুৱাত বিজ্ঞান যাদুকৰ, ৰান্ধনি আৰু কমাৰসকলৰ কামৰ মাথো এটা দিশ আছিল' সোতৰ শতিকাৰ পৰাহে বিজ্ঞানক এক স্বাধীন নতুন শক্তি হিচাপে পোৱা গ'ল। এই কেইটা শতিকাৰ ভিতৰতে বিজ্ঞান সমাজৰ প্ৰতিটো স্তৰতে সোমাই পৰিছে আৰু কম বেছি পৰিমাণে সমগ্ৰ বিশ্বৰ প্ৰতিজন লোককে, প্ৰতিটো অনুষ্ঠানকে লাগে সি সামাজিক, ৰাজনৈতিক, অর্থনৈতিক যিয়েই নহওক— গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে। লগে লগে অৱশ্যে বিজ্ঞানৰ নিজা চৰিত্ৰৰো সলনি হৈছে। বিজ্ঞানৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ দুটা দিশ আছে। 

এই কথা আলোচনা কৰিবলৈ থোৰতে বিজ্ঞানৰ বিষয়ে ফাইনমেন-এ দিয়া সূত্ৰটোৰ কথা কৈ ল'ব লাগিব। তেওঁৰ মতে প্ৰকৃতিৰ ঘটনাৰাজি বুজিবলৈ এটা নিৰ্দিষ্ট পদ্ধতিৰে আগবাঢ়িব লাগে। এইটোৱেই বিজ্ঞান বা বৈজ্ঞানিক পদ্ধতি। আকৌ বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰি যি কথা জনা যায় সেয়াই বৈজ্ঞানিক সত্য বা বিজ্ঞান। আনহাতে এনে জ্ঞানৰ প্রয়োগেৰে মানুহৰ কামত অহা অনেক আহিলা পাতি সাজি ল'ব পাৰি। ইও বিজ্ঞান, যদিও প্রযুক্তি বুলিও ইয়াক কোৱা হয়। সাধাৰণতে এজন বিজ্ঞানী বিজ্ঞানৰ সত্যৰ সন্ধান পালেই সুখী, তেওঁ তাৰ পৰা সম্ভৱ হোৱা ব্যৱহাৰৰ সম্পৰ্কে নিৰ্বিকাৰ। ব্যৱহাৰৰ আহিলা উলিওৱা উদ্ভাৱকৰ কাম, আন লোকেই কৰে। সমস্যা হ'ল বৈজ্ঞানিক তত্ত্ব বা বৈজ্ঞানিক সত্যৰ প্ৰয়োগেৰে নানা তৰহৰ আহিলা সৃষ্টি কৰিব পাৰি কেতবোৰ মানুহৰ সুখ, স্বাচ্ছন্দ্য বৃদ্ধিকাৰক তথাকথিত উপকাৰী আহিলা, আনবিধ আহিলা মানুহৰ ক্ষয়ক্ষতি কাৰক যেনেকৈ হাসুলি বাকেৰ উপকথাৰ সেই বিখ্যাত গানৰ কলিটো—'যে বাঁসেতে বাঁসী হয় ভাই, সেই বাঁসে হয় লাঠি'। পৰমাণুৰ শক্তিৰে কেন্সাৰ ৰোগীকো ভাল কৰা যায়, বিজুলিও উৎপাদন কৰিব পাৰি, আৰু একে নিমিষতে হাজাৰ হাজাৰ লোকৰ প্ৰাণও ল'ব পাৰি। কিন্তু দূর্ভাগ্যবশতঃ বিজ্ঞানৰ প্ৰয়োগৰ ক্ষেত্ৰত বিজ্ঞানী গৰাকীৰ হাত ভৰি বন্ধা । 

ভাললৈ প্ৰয়োগ কৰিব নে বেয়ালৈ সেইয়া নিৰ্দিষ্ট কৰিব নিয়োগৰাকীয়ে। এতিয়া বিপর্যয় আহিছে প্ৰয়োগৰ দিশত হোৱা বা হব পৰা অসংখ্য অপপ্ৰয়োগৰ পৰা। অৱশ্যে এই দিশটোৰ বিষয়ে বিজ্ঞানৰ প্ৰয়োগেৰে সংঘটিত কৰা শিল্প বিপ্লৱৰ দিনৰ পৰাই সমাজ চিন্তিত হৈ আহিছে। যোৱা তিনি চাৰিটা দশকৰ ভিতৰতে বিজ্ঞানৰ নিজা চৰিত্ৰ বা বিজ্ঞানৰ দৰ্শন সম্পর্কেও বিশ্বজোৰা আলোচনা পৰ্য্যালোচন চলি আহিছে। এই বিষয়ে আৰু আগ নাবাঢ়ো।

ভাৰতবৰ্ষৰ বিজ্ঞানৰ কথালৈ মন কৰিলে ঊনৈশ শতিকাৰ মাজ ভাগৰ পৰাহে, অৰ্থাৎ প্ৰায় ড্ৰেশ বছৰৰ আগৰপৰাহে ভাৰতত আধুনিক বিজ্ঞানৰ চৰ্চা আৰম্ভ হয়। তাকো বৃটিছৰ প্ৰত্যক্ষ প্ৰভাৱত। ১৮৫৭ চনত ভাৰতীয় ৰাইজে আধুনিক বিজ্ঞানৰ যাদু প্ৰত্যক্ষ কৰে, যেতিয়া বৃটিছ সকলে সদ্যস্থাপিত টেলিগ্ৰাফৰ সংকেতৰ সহায়েৰে বৃটিছ সৈন্যক ক্ষিপ্ৰ গতিৰে যুদ্ধক্ষেত্ৰত অৱতৰণ কৰাই ভাৰতৰ প্ৰথম মুক্তি যুদ্ধৰ পৰিণতি ওলোটাই পেলালে। তাৰ পাছতে ১৮৭৬ চনত ভাৰতীয় লোকে নিজা উদ্যোগত স্থাপন কৰে ইণ্ডিয়ান এচছিয়েশান ফৰ কাল্টিভেশ্যন অৱ চায়েন্স – যা নামৰ লগত ভাৰতৰ বিদ্বৎ সমাজ পৰিচিত হোৱাৰে কথা, যিহেতু ১৯০৭ চনত কলিকতাত বিত্ত বিভাগৰ এজন ডেকা উচ্চপদস্থ বিষয়াই এই কাৰ্য্যালয়তে পদাৰ্থ বিজ্ঞানৰ গোন্ধ পাই গৱেষণা আৰম্ভ কৰি অচিৰেই আন্তর্জাতিক খ্যাতি লাভ কৰাই নহয় ১৯৩০ চনত পদার্থ বিজ্ঞানত নবেল বঁটা লাভ কৰি এই সন্মানৰ প্ৰথম গৰাকী ভাৰতীয় বিজ্ঞানী ৰূপে পৰিচিত হ'ল। সেয়েহে চি.ভি.ৰমনৰ অতি সফল গৱেষক বিজ্ঞানী জীৱন আৰম্ভ হয় এই ইণ্ডিয়ান এচছিয়েশ্যন ফল কাল্টিভেশ্যন অৱ চায়েন্সতেই। ই বর্তমান ও উচ্চস্তৰৰ গৱেষণা কেন্দ্ৰ হৈয়ে আছে। 

আধুনিক ভাৰতৰ বিজ্ঞান গৱেষণা অতিশয় গৌৰৱোজ্জল। আচার্য জগদীশ চন্দ্ৰ বসুৰ বেতাৰ আৰু জীৱ বিজ্ঞানৰ গৱেষণাই বিশ্বক চমক খুৱায়। একেদৰে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ ৰাসায়নিক বিজ্ঞানৰ গৱেষণাইয়ো সমাদৰ পায়। আচার্য প্রফুল্ল চন্দ্ৰ ৰায় আন কাৰণেও ভাৰতীবাসীৰ প্ৰিয়। কাৰণ জাতীয়তাবাদী এই গৰাকী মনীষীয়ে ৰাসায়নিক উদ্যোগ প্রতিষ্ঠা কৰি ভাৰতবাসীৰ আগত স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল। আনহাতে এক অৰ্থত তেওঁ প্ৰথমগৰাকী ভাৰতীয় গৱেষক বিজ্ঞানী যেয়ে ভাৰতত বিজ্ঞান ইতিহাসৰ বিষয়তো গৱেষণা কৰি “A History of Hindu Chem istry” নামৰ সুবৃহৎ গ্ৰন্থ ৰচনা কৰি গৈছে। সেয়েহে বিজ্ঞানৰ ইতিহাসবিদ হিচাপে পুৰণি ভাৰতৰ উজ্জীৱিত ৰাসায়নিক গৱেষণাৰ ক্ৰমশঃ পতন সম্পর্কে তেখেতে আগবঢ়োৱা মন্তব্য নিশ্চয় দলিয়াই পেলাবলগীয়া নহয়। তেখেতেই কৈছিল যে শংকৰৰ বেদান্ত দর্শনৰ প্রভাৱেই ভাৰতত বিজ্ঞানৰ চৰ্চাৰ পতনৰ ঘাই কাৰণ। দেৱীপ্রসাদ চট্টোপাধ্যায়ে উল্লেখ কৰিছে হিন্দু ধৰ্মৰ অপৰিহাৰ্য জাতিভেদ প্রথাত হস্তশিল্পৰ লগত জড়িত লোকসকলৰ সামাজিক স্থানৰ অবনমনৰ কাৰণেই ভাৰতত বিজ্ঞানৰ প্ৰসাৰত যতি পৰিল। একেদৰে ড° শিৱনাথ বৰ্মনেও ভক্তিধৰ্মৰ মূল আদর্শ দুটা— বাস্তৱৰ প্ৰতি অনুৰাগবিহীনতা আৰু যুক্তিৰ প্ৰতি বিৰোধিতা বিজ্ঞানৰ পৰিপন্থী হোৱাৰ কাৰণেই বিজ্ঞানৰ প্ৰসাৰ অসমৰ মাটিত সুচল নহয় বুলি কৈছে।

বিজ্ঞানৰ স্থান য'ত দূর্বল, অপবিজ্ঞান আৰু অন্ধবিশ্বাস তাত সবল। অন্ধবিশ্বাসৰ কথা ওলালে দুটামান ঘটনা চাকৈ মনত পৰে। পঞ্চাশোর্ধ আটাইৰে মনত থাকিব পায় ১৯৮০ চনৰ ১৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা সর্বগ্রাস সূর্যগ্ৰহণৰ কথা। ভাৰতবৰ্ষৰ অনেক ঠাইত এই বিৰল ঘটনা পৰিদৃশ্যমান হৈছিল। কিন্তু কোনেও ভাবিব নোৱাৰাকৈ তাৰ কিছু দিনৰ আগৰে পৰা কি যেন এক ভয়াবহ পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে তেনে আতংকৰ সৃষ্টি কৰি আহিছিল বাতৰি কাকতবোৰে। আজিকালিৰ দৰে টেলিভিশ্যন আৰু ইন্টাৰনেট সঁজুলি নথকাৰ দিনতো কাগজবিলাকেই এনে আতংক সৃষ্টি কৰিছিল যাৰ ফলত সমগ্ৰ দেশতেই চৰকাৰী বেচৰকাৰী স্কুল, কাৰ্য্যালয় আদি বন্ধ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল, বাতৰি মাধ্যম ইমানে প্ৰভাৱশালী বুলি পৰিগণিত হ'ল তাকো সূৰ্য্যগ্ৰহণৰ দৰে এটা স্বাভাৱিক প্ৰাকৃতিক ঘটনাক কেন্দ্ৰ কৰি। সূৰ্য গ্ৰহণৰ বিৰল দৃশ্য এটা মনোৰম প্ৰাকৃতিক দৃশ্য প্রত্যক্ষ কৰিবলৈ আহ্বান জনোৱা দূৰৈৰ কথা কাকতবোৰে সূর্যগ্ৰহণৰ লগত প্ৰচলিত অন্ধবিশ্বাসৰ ওপৰত গুৰুত্ব দি লিখাবোৰে জনসাধাৰণৰ ওপৰত প্ৰচণ্ড প্রভাৱ পেলালে। ঘৰৰ চিলিং, আইনাৰ খিৰিকী কলা কাপোৰে ঢাকি গ্ৰহণৰ সময়ছোৱাত যাতে সূৰ্যৰ পোহৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰে ব্যৱস্থা কৰাৰ বাৰংবাৰ নিৰ্দেশ কাগজ বিলাকত ভৰি আছিল। সম্ভৱ চৰকাৰী বিজ্ঞাপনো দিয়া হৈছিল। ইয়াৰ বিপৰীতে মুম্বাই, পুণে, কলকতা, বাঙ্গালুৰু আদি ঠাইত হয় মুকলি পার্ক নহয় সাগৰৰ পাৰত কিছুমান উদ্যোগী বিজ্ঞানানুৰাগীয়ে খোৱা আহাৰ মুকলিকৈ ৰান্ধি বাঢ়ি খাই, খুৱাই অন্ধবিশ্বাসৰ বেৰ ভাঙিবলৈ কৰা দৃশ্যৰাজি পৰৱৰ্তী দিনৰ কাগজবোৰত প্ৰকাশ পাইছিল। কিন্তু ‘গ্ৰহণৰ সময়ত অন্ন গ্ৰহণ নকৰিবা' বিশ্বাসটোৰ আজিও  তেজ নকমিল। সেই দিনবোৰত সাধাৰণ ৰাইজৰ কৰ্মকাণ্ড দেখি সন্দেহ হৈছিল ই এটা mass hysteria সৃষ্টিৰ এক প্ৰয়াস বুলি। সেই সন্দেহ আজিও মাৰ যোৱা নাই, বৰঞ্চ আন এটা ঘটনাই সন্দেহটো ঘনীভূতহে কৰিলে।
(শিৱনাথ বৰ্মনৰ স্মাৰক গ্ৰন্থৰ উন্মোচন৷ উন্মোচন কৰে হেমেন দাস আৰু সতীৰ্থবৃন্দই)
এইয়া আছিল ১৯৯৫ চনৰ ২১ চেপ্তেম্বৰ। দুপৰীয়া ডিব্ৰুগড়ৰ বজাৰত হুলস্থুল, শুনিলো গণেশৰ মূৰ্তিবোৰে হেনো গাখীৰ খাইছে। গিলাছে গিলাছে গাখীৰ পি খোৱা গণেশৰ মূৰ্তিৰ কাহিনীৰে গোটেই ৰৌজাল বৌজাল হৈ আছে। পাছত গম পোৱা গ'ল, আমেৰিকা, নেপাল, ইন্দোনেছীয়া আদি বিভিন্ন দেশৰ গণেশৰ মূৰ্তি বিলাকেও গাখীৰ খাইছে হেনো। এনেয়ে এটা হৈ চৈ সৃষ্টি কৰা হ'ল, হৈ চৈ ভাল পোৱা জাতি এটাক এক প্ৰকাৰৰ চমকেৰে মোহাচ্ছন্ন কৰাৰ প্ৰয়াস । পাছত সন্দেহ কৰা গৈছিল হেনো দিল্লীৰ ঝাণ্ডেৱালান পাৰ্কৰ মন্দিৰ এটাৰ পৰা টেলিফোন যোগে এই ঘটনা কেউপিনে বিয়পায় দিয়া হৈছিল। অন্ধবিশ্বাসত নিমজ্জিত সমাজ এখন এনে দুর্দশাত এনেদৰে সহজেই পতিত হয়গৈ। মত্সবী লোকে এনে অৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। নতুন আৰু অতি উন্নত কাৰিকৰী জ্ঞানেৰে আৰু বা কিমান এনে আজব কাণ্ড ঘটাব বা ঘটোৱাৰ প্ৰচেষ্টা চলিব সেইয়া ঠাৱৰ কৰা টান। সাধাৰণ মানুহক ধৰ্মৰ নামত চমক সৃষ্টিৰে আভুৱা ভৰাৰ এনে প্ৰয়াসবোৰ ধৰ্মভীৰু লোকৰ মাজত সহজেই সফল হয়।

আচৰিত নহৈ নোৱাৰি যে অন্ধবিশ্বাস সম্পর্কে এতিয়াও আলোচনা কৰিবলগীয়া হৈয়েই আছে, যি সময়ত গাঁৱে-ভূঞেও বিজ্ঞানৰ সাসঁজুলিৰ হাতোৰা প্ৰসাৰণশীল। অন্ধবিশ্বাস সাধাৰণভাৱে তেনেবোৰ বিশ্বাস বা ধাৰণাকে বুলিব পাৰি যিবোৰ ধাৰণাৰ লগত কোনো কাৰ্যকৰণ প্ৰক্ৰিয়া অনুপস্থিত, কোনো যুক্তিৰে যিবোৰ বিষয় ব্যাখ্যা কৰিব নোৱাৰি। দেখদখেকৈ ই এটা বিজ্ঞানৰ পৰিপন্থী বিশ্বাস।

অন্ধবিশ্বাসৰ কথা ওলালেই মোৰ মনত পৰে প্ৰখ্যাত পদার্থ বিজ্ঞানী ডেনমার্কৰ নীচ বঃৰৰ লগত জড়িত এটি ঘটনালৈ। সহকর্মী এগৰাকীয়ে বঃৰৰ বহা কোঠাৰ পৰা ওলাই আহিবলৈ লওঁতে হঠাতে বাহিৰলৈ ওলোৱা দুৱাৰৰ ওপৰতে এডাল ঘোঁৰাৰ খুৰা (horse shoe) ওলমি থকা দেখিলে। ইউৰোপত প্রচলিত এটা জনবিশ্বাস মতে ঘোঁৰাৰ খুৰাই ঘৰলৈ শ্ৰীবৃদ্ধি আনে। সেয়েহে অভ্যাগতে বঃৰক সুধিলে তেখেতেও কথাটো বিশ্বাস কৰে নেকি? স্বাভাবিক সৰলতাৰে বঃৰে কলে— এহ, সকলোয়ে কয় অশ্বখুৰাই ঘৰলৈ শ্ৰীবৃদ্ধি আনে হেনো। ম‍ই নিজে বিশ্বাস কৰো বা নকৰিলেও যদি সঁচাই শ্ৰীবৃদ্ধি আনে, এইডাল আৰি থোৱাত আপত্তি কৰোনো কিয় ? বহুতো অন্ধবিশ্বাস এনেকুৱাই সৰল আৰু নিৰাপদজনক যেন দেখি এনেবোৰ অন্ধবিশ্বাস প্রায় আওকাণ কৰাই যায়, আৰু লাহে লাহে ইবোৰ লোপ পাইয়ো যায়। নহ'লে গুৰুত্বহীন হৈয়ো পৰে। কিন্তু বিপদ হয় যেতিয়া অন্ধবিশ্বাস ঘোৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত হৈ পৰে। মনত আছেনে এমাহৰ আগত ক্রিকেট ৱৰ্ল্ড কাপৰ ফাইনেলৰ আগে আগে মন্দিবে, মছজিদে ভাৰতীয় দলটোৰ জয় কামনা কৰি কৰা প্ৰাৰ্থনাবোৰৰ কথা। যেন ভাৰতীয় দলটোক ঈশ্বৰেহে জয়ী কৰাই দিব। খেল পথাৰত দুটা দলৰ মাজত খেলা হ'ব, তাত ঈশ্বৰৰ হস্তক্ষেপ হ'ব কেনেকৈ? কিমান বিমূঢ় হলে মানুহে এনে পৰ্যায় পায়গৈ সেইটো ভাব তেতিয়া সম্পূর্ণ বাবে অন্তর্হিত। একে অৱস্থা আমাৰ লাভলীনা বৰগোঁহাইয়ে জাপানৰ অলিম্পিকত খেলোতেও হোৱা মনত আছে। এনেবোৰ ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা ৰেহাই পোৱা টান, যেনেকৈ চন্দ্ৰযান-৩ ৰ সফলতাৰ কাৰণে চন্দ্ৰযানৰ নিক্ষেপৰ আগদিনা, আৰু সফল হোৱাৰ পাছদিনা ভাৰতীয় মহাকাশ গৱেষণাৰ অধ্যক্ষ ডাঙৰীয়াই দুটা বেলেগ বেলেগ মন্দিৰত প্ৰাৰ্থনা জনাইছিলগৈ। এই ঘটনাক কেন্দ্ৰ কৰিও অসমৰ বাতৰি কাকতত তুমুল বাকবিতণ্ডা হৈ থকা দেখিছিলো। সেই বিষয়ত সদ্যহতে মূৰ নুসুমুৱাই ভাল। এইটোও ঠিক যে ৰুচিসম্মত ভাৱে আলোচনা হলে বিষয়বোৰ স্পষ্ট হয়। বিষয়টোৰ বিভিন্ন দিশৰ সম্পৰ্কে অবহিত হৈ সাধাৰণ পঢ়ুৱৈও উপকৃত হয়। বিজ্ঞানীৰ ঈশ্বৰ বিশ্বাস এটা ঔৎসুক্যৰ বিষয় হ'লেও ই বিজ্ঞানী গৰাকীৰ গৱেষণাত কিমান প্রভাৱ পেলায় সি সন্দেহৰ বিষয়। আইনষ্টাইনে নিজে কোৱাৰ দৰে তেঁও কোনো মূৰ্তিমান ঈশ্বৰত বিশ্বাস নকৰিলেও বিশ্বব্ৰহ্মাণ্ড জুৰি পৰিব্যাপ্ত এটা শক্তিৰ অস্তিত্বত বিশ্বাসী— অর্থাৎ প্ৰকৃতিৰ শক্তিৰ ওপৰত বিশ্বাস কৰিছিল। আইনষ্টাইনতকৈ সত্তৰ বছৰৰ আগৰ আন এজন গণিত বিজ্ঞানী পিয়েৰে চিমন লাপলাচে (১৭৪৯-১৮২৭)- স্বৰ্গীয়া আকাশী বলবিদ্যাৰ ওপৰত গৱেষণা কৰিছিল। তেওঁৰ লেখনিত কিয় ঈশ্বৰৰ উল্লেখ নাই বুলি নেপলিয়নে সোধা প্ৰশ্নৰ উত্তৰত কৈছিল— সেইটো অনুমান মোৰ বাবে প্ৰয়োজনীয় নহয়, হলেও তেওঁ কৰবাত থাকিব পাৰে। আইনষ্টাইনৰ ষাঠি বছৰৰ পাছত আন এজন বিখ্যাত বিজ্ঞানী ষ্টিফেন হরকিঙেও তেওঁৰ লেখনিত ঈশ্বৰৰ কথা আনে। পিছে ধাৰণা হয়, ঈশ্বৰ সম্পৰ্কে এনেবোৰ মন্তব্য তেওঁ পঢ়ুৱৈৰ/শ্রোতাৰ মনোৰঞ্জনৰ কাৰণেহে কৰিছিল। কিন্তু লাপ্লাছে ধৰ্মৰ সম্পর্কে কোৱা আন এটা মন্তব্য মন কৰিবলগীয়া, তেওঁ কৈছিল—মই যথেষ্ট দীর্ঘকাল ধৰি জীয়াই থাকি এটা কথা বিশ্বাস কৰিবলৈ ল'লো, যে ধৰ্মৰ অনুভূতি নোহোৱাকৈ কোনো সমাজে সুখ আৰু সন্মান ধৰি ৰাখিব নোৱাৰে, যিটো কথা এসময়ত মই বিশ্বাস কৰা নাছিলো। এইয়া বাৰ্দ্ধক্যৰ প্ৰজ্ঞা নে প্রৌঢ়ত্বৰ অসহায়তাবোধে জন্ম দিয়া অনুভৱ ? আপোনালোকেই বিচাৰ কৰক। (I have lived long enough to know what I did not at one time believe- that no society can be upheld in happiness and honour without the sentiment of religion) এই ক্ষেত্ৰত আইষ্টাইনতকৈ দুকুৰি বছৰৰ সৰু আৰু প্ৰখৰ প্ৰতিভাশালী তাত্বিক পদার্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ মন্তব্য অধিক সৈদ্ধান্তিক যেন লাগে। ধর্ম-বিশ্বাস একাচেকা ধৰণৰ, ই সম্পূৰ্ণতা দাবী কৰে। কিন্তু বিজ্ঞানীৰ বিজ্ঞানৰ ওপৰত বিশ্বাস তেনে নহয়, ই সোপাটিলা ধৰণৰ, প্ৰতি খোজতে বিশ্বাসৰ লগত এক প্ৰকাৰৰ সন্দেহ জড়িত থাকে। উপলব্ধ পৰিণামৰ লগতো এক প্ৰকাৰৰ অনিশ্চয়তা থাকিয়েই যায়। সেয়েহে বিজ্ঞানৰ কোনোবোৰ বিষয়েই সম্পূৰ্ণ নহয়, কৰবাত নহয় কৰবাত অনিশ্চয়তা থাকেই। কাৰণ সম্পূৰ্ণ নিশ্চিত তত্ত্ব এটা এক প্ৰকাৰৰ মৃত, কিয়নো সেই বিষয়ে কৰিবলৈ আৰু একো নাথাকে । এনে হ'লে দেখোন বিজ্ঞানৰ যাত্ৰাই স্তব্ধ হৈ গ'লহেঁতেন। বিজ্ঞানৰ এনে চৰিত্ৰ হোৱাৰ কাৰণেই ফাইনমেনে অনুমান কৰিছে— অনুমানহে যে কোনো বিজ্ঞানীয়েই কিজানি প্ৰকৃতাৰ্থত ধাৰ্মিক হ'ব নোৱাৰে।

এনে অনিশ্চয়তাৰে ভৰা কাৰণেই ফাইনমেনে সিদ্ধান্ত কৰিব পাৰিছে যে বিজ্ঞানীৰ বাবে এটা অতি প্রয়োজনীয় অৱস্থা হ'ল সন্দেহ প্ৰকাশ কৰাৰ অধিকাৰ। তাৰ মানেই চিন্তাৰ স্বাধীনতাৰ অধিকাৰ, এই চিন্তাৰ প্ৰকাশৰ অধিকাৰ । য'ত এনে অধিকাৰ নাথাকে তেনে পৰিৱেশত বিজ্ঞানৰ মুক্ত বিকাশ অসম্ভব। কিন্তু দুর্ভাগ্যবশতঃ আধুনিক ভাৰতত যোৱা কেইটামান বছৰৰ ভিতৰত মুক্ত চিন্তা প্ৰকাশৰ ক্ষেত্ৰত না না প্ৰকাৰৰ বাধা নিষেধ প্রয়োগ কৰা দেখা গৈছে। ইয়াৰে কিছুমান পৰোক্ষ আৰু কেতবোৰ প্ৰত্যক্ষ। উদাহৰণ স্বৰূপে কেইবাটাও গুরুত্বপূর্ণ গবেষণা প্রতিষ্ঠান বহুত বছৰ ধৰি মুৰব্বীৰ নিযুক্তি নিদিয়াকৈ চলাই থকা হৈছে। কেতবোৰ অনুষ্ঠানত বৈদিক বিজ্ঞান, গো-বিজ্ঞান, জ্যোতিষশাস্ত্ৰ আদি বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ দিয়া হৈছে, আৰু সাধাৰণভাৱে বাজেটৰ ধনৰাশি বহু পৰিমাণে হ্ৰাস কৰা হৈছে— অশোকা বিশ্ববিদ্যালয়ৰ দুজন গবেষক শিক্ষকে আনকি ইস্তফা দিবলগীয়াও হৈছে। ইয়াৰ উপৰিও ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ বাৰ্ষিক সভা এখনত হেজাৰ হেজাৰ দেশী-বিদেশী বিজ্ঞানী গৱেষকৰ উপস্থিতিত ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য এটাত সকলো হতচকিত হৈছিল। তেখেতে কৈছিল —– পৌৰাণিক যুগতেই প্লাষ্টিক চাৰ্জাৰিৰ বিকাশ ভাৰতত হৈছিল, যাৰ পৰিণতিত গণেশৰ মূৰত হাতীৰ মূৰ স্থাপন কৰিব পৰা হৈছিল। ইয়াৰ পাছত আন ভালেকেইজন কেন্দ্রীয় মন্ত্রীয়ে একেধৰণৰ উদ্ভৎ মন্তব্য দিয়া দেখা গৈছিল। খোদ প্রধানমন্ত্রীয়ে যেতিয়া এনে মন্তব্য কৰে আন বহুতেও প্রায় অসংলগ্ন কথা লিখিবলৈ সংকোচ নকৰে, আৰু আচৰিত কথা বাতৰি কাকতৰ সম্পাদকেও এনেবোৰ কথা প্ৰকাশ কৰে। একেবাৰে শেহতীয়াকৈ অসমীয়া বাতৰি কাকত এখনৰ মাজৰ পৃষ্ঠাৰ লেখা এটাত পাইছিলো ২৩,০০০ বছৰৰ আগতেই ভাগৱত পুৰাণত আধুনিক পদার্থ বিজ্ঞানৰ অনু পৰমাণু সম্পৰ্কীয় তথ্য প্রকাশ কৰি গৈছে— দস্বৰমত পংক্তিৰ উল্লেখেৰে শ্লোকৰ উদ্ধৃতিৰে “গৱেষণা” কৰি লেখাটো প্ৰকাশ কৰিছে। ‘তেইশ হাজাৰ বছৰৰ আগতে ৰচনা কৰা ভাগৱত পুৰাণ' বাক্যাংশ মনত ৰাখক। বৌদ্ধিক কথাকাণ্ডত এনেবোৰ বিভ্ৰান্তিৰ সৃষ্টিৰ ৰহস্য কি ? জ্ঞানক উপলুঙা কৰা নহয়নে ? এনে পৰিৱেশত বৌদ্ধিক চিন্তা চৰ্চাৰ বাবে কোনেনো উৎসাহ পাব? ইয়াৰ উপৰিও উচ্চ শিক্ষা আৰু গবেষণা খণ্ডত উদ্বেগজনক প্ৰৱণতা এটা হৈছে বৈদিক গণিত, জ্যোতিষ শাস্ত্র অধ্যয়ন, গৱেষণাৰ প্ৰতি অত্যাধিক উৎসাহ যোগাই কেইবাখনো বিশ্ববিদ্যালয়ত এনেবোৰ বিষয় পাঠ্যক্ৰম অন্তর্ভুক্ত কৰা হৈছে। এখন নে দুখন আগশাৰীৰ আই.আই.টি.ত ২০১৬ চনৰ পৰাই কেইবালানিও গো-মূত্ৰ আৰু গোবৰৰ গৱেষণাৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। প্ৰচাৰ চলোৱা হৈছে গো-মূত্ৰৰ, কেন্সাৰ, ক'ৰণা ভাইৰাছ আদি বেমাৰৰ প্ৰতিৰোধী ক্ষমতা থকা বুলি। 'পঞ্চগব্য'ৰ ওপৰত গৱেষণাৰ কাৰণে মুক্তহস্তে অনুদান দিয়া হৈছে। আনহাতে আন আন গৱেষণাৰ ক্ষেত্ৰত বিত্তীয় অনুদান যথেষ্ঠ হ্ৰাস পাইছে। হাঁহি উঠা কথাটো হ'ল যি আধুনিক বিজ্ঞানক পাশ্চাত্যৰ বিজ্ঞান বুলি অৱহেলা কৰিব খোজা হৈছে, সেই বিজ্ঞানক ভিত্তি কৰিয়েই স্বাধীনতাৰ লগে লগে স্থাপন কৰা নিউক্লিয় শক্তি গৱেষণা কেন্দ্ৰৰ তত্ত্বাৱধানত নিৰ্মিত হোৱা পৰমাণুবোমা বা ষাঠি বছৰৰ আগতে স্থাপন কৰা ভাৰতীয় মহাকাশ গৱেষণা সন্থা (ISRO) ই সাজি উলিওৱা চন্দ্ৰযানৰ সাফল্যৰ গৌৰৱ গোটেই ভাৰতবাসীকে ভগাই দিছে যোৱা কেই বছৰত সেই বিজ্ঞানকে অস্বীকাৰ কৰিবলৈ উঠি পৰি লাগিছে। ওপৰত উনুকিওৱা বিষয় সমূহ— বৈদিক গণিত, জ্যোতিষ শাস্ত্ৰ বা গো-গৱেষণাক প্ৰাধান্য দিয়াৰ মানেই হ'ল ভাৰতত আধুনিক বিজ্ঞানৰ ডেৰশ বছৰীয়া বৈজ্ঞানিক পৰম্পৰাক ধ্বংসৰ মুখলৈ ঠেলি দিয়া। ১৯১২ চনতে কলিকতাত স্থাপিত হোৱা ভাৰতীয় বিজ্ঞান কংগ্ৰেছ গোটেই ভাৰতৰে বিজ্ঞানীসকলৰ এক উমৈহতীয়া অনুষ্ঠান। প্রথমখন অধিৱেশন গণিতজ্ঞ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আশুতোষ মুখাৰ্জীৰ সভাপতিত্বত ১৯১৪ চনত অনুষ্ঠিত হয় আৰু প্ৰতি বছৰে জানুৱাৰী মাহৰ প্রথম সপ্তাহত অনুষ্ঠিত হৈ আহিছে। ২০২৪ বৰ্ষত অনুষ্ঠিতব্য অধিৱেশনখনৰ স্থান সম্পৰ্কে ভাৰত চৰকাৰৰ বিজ্ঞান প্রযুক্তি বিদ্যা দপ্তৰে আপত্তি দর্শাই অনুষ্ঠানটোক অনুদান নিদিয়াৰ ভাবুকি দিছে। ভাৰতীয় বিজ্ঞান বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত এইবোৰ অশুভ বার্তাই ইংগিতবাহক ঘটনা যেন অনুভূত হয়।

ভাৰতীয় বিজ্ঞান কিয় গোটেই সমাজৰ কাৰণেই আন এটা বেয়া খবৰ হৈছে ভাৰতীয় শিক্ষাখণ্ডৰ পাঠ্যক্ৰমসমূহৰ ওপৰত এক প্ৰকাৰৰ অস্ত্ৰোপচাৰ চলোৱা হৈছে। মূল লক্ষ্য হেনো ভাৰতীয় চিন্তাৰ পৰা ঔপনিৱেশিক কালৰ চিন্তাৰ প্ৰভাৱমুক্ত কৰা। আন বিষয়ৰ কথা নকও, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ দুটা মৌলিক আৱিষ্কাৰ যথাক্ৰমে ডাৰৱিনৰ বংশগতি বা জীৱৰ ক্ৰমবিকাশৰ তত্ত্ব আৰু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন The Periodic Table পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া এই দুই বিষয়ে কি জগৰ লগাইছে মোৰ যুক্তিৰে ঢুকি নাপায়। ডাৰৱিনৰ তত্ত্ব ভাৰতীয় শিক্ষাজগতৰ পৰা অৱলুপ্তিৰ এটাই কাৰণ মই বিচাৰি পাওঁ যে এই তত্ত্বই বিশ্বৰ সকলো মানুহৰ উৎপত্তি কেৱল এক প্ৰজাতিৰ বান্দৰৰ পৰাই হোৱা বুলি কোৱা ধাৰণাটোয়ে ধৰ্মই নিৰ্দ্ধাৰণ কৰা ভাৰতীয় সমাজ ব্যৱস্থাৰ জাতি-বর্ণ ভেদৰ যুক্তিটোকেই নাকচ কৰিব। DNA ৰ সাক্ষ্য গ্রহণ কৰিলেতো জাতিভেদ প্রথাৰ শুমৰ ফাঁক হৈ পৰিব। সেয়েহে কলিতেই ডাৰৱিনৰ তত্ত্বক বাহিৰ কৰি দিয়া হওক আৰু উচ্চবৰ্ণৰ এচামে নিবিঘ্নে নিম্নজাতিৰ লোকৰ মুখত প্ৰস্ৰাৱ কৰি তাৰ ফটো ইন্টানেটত ভাইৰেল কৰি বীৰত্ব প্ৰকাশ কৰি থাকক।

অতপৰে মোৰ কথা ধৈৰ্য্যৰে শুনাৰ কাৰণে আপোনালোক শ্রোতাসৱক আৰু ড° শিৱনাথ বৰ্মনৰ প্ৰথমটো স্মাৰক বক্তৃতা দিবলৈ সুযোগ দিয়াৰ কাৰণে ড° বৰ্মনৰ পৰিয়ালকে ধৰি আয়োজক সকলৰ প্ৰতি কৃতজ্ঞতা জনাইছো।

পৰমানন্দ মহন্ত
গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৩

Post a Comment

0 Comments