* সংস্কৃত সাহিত্যৰ বিভিন্ন ৰচনা, আখ্যান, কাব্য আদিত দূত বা প্ৰকৃতিৰ বিভিন্ন উপকৰণক দূতৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি নিৰ্দিষ্ট বাৰ্তা বা চিঠি-পত্ৰ প্ৰেৰণৰ উদাহৰণ আছে। এই শ্ৰেণীৰ সাহিত্যৰাজি পোনপটীয়াকৈ ‘পত্ৰ সাহিত্য’ (Epistle Literature) অভিধাটোৰ আওতালৈ আহিব নে নাহে, সেয়া আলোচ্য আৰু বিতৰ্কৰ বিষয় যদিও অসমীয়া পত্ৰ সাহিত্যৰ পৃষ্ঠভূমি এনে প্ৰাচীন সাহিত্যৰাজিৰ মাজতে গঢ় লৈ উঠিছে। তদুপৰি সংস্কৃত সাহিত্যৰ অন্তৰ্গত বিভিন্ন কাহিনী বা ৰচনাৰ অনুবাদ কৰ্ম আৰু এনে কাহিনীক আধাৰ হিচাপে গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সৃষ্টি কৰা সাহিত্যৰ মাজত চিঠি-পত্ৰ প্ৰেৰণৰ বহুবোৰ তথ্য লিপিবদ্ধ হৈ আছে। যোগাযোগ ব্যৱস্থাৰ বাবেই চিঠি-পত্ৰৰ আদান-প্ৰদান কৰা হয় যদিও সাহিত্য আৰু শিল্পকলা হিচাপেও যে চিঠি-পত্ৰসমূহে বিশ্বৰ বিভিন্ন ভাষা-সাহিত্যত পৃথক স্বীকৃতি লাভ কৰিছে আৰু অসমীয়া সাহিত্যও যে এইক্ষেত্ৰত পাছপৰি থকা নাই; সংস্কৃত সাহিত্যত সংৰক্ষিত চিঠি-পত্ৰ প্ৰেৰণৰ তথ্যসমূহে আমাক সেই দিশটো সোঁৱৰাই দিয়ে।
প্ৰাচীন সাহিত্যত চিঠি-পত্ৰ প্ৰেৰণৰ তথ্য বিচাৰি চালে আমি ৰামায়ণ আৰু মহাভাৰতৰ কাষলৈকে যাব পাৰোঁ। এই দুয়োখন মহাকাব্যৰ বিভিন্ন খণ্ডিত কাহিনীত চিঠি-পত্ৰ প্ৰেৰণৰ তথ্য পোৱা যায়। ‘সুন্দৰা কাণ্ড’ত ৰজা ৰামে পত্নী সীতাক বিচাৰি হাবাথুৰি খাই কোটিৰ সংখ্যাত বিভিন্ন অঞ্চললৈ দূত পঠিয়াইছিল। সেই দূতৰ ভিতৰত হনুমান আছিল অন্যতম। কাহিনী অনুসৰি হনুমানে অৱশেষত লংকা ৰাজ্যত সীতাক বিচাৰি পায় আৰু ৰামে দি পঠিওৱা আঙুঠিটো সীতাৰ হাতত প্ৰমাণ হিচাপে অৰ্পণ কৰে। সেইদৰে সীতায়ো পুনৰ হনুমানৰ হাতত ৰামলৈ বাৰ্তা পঠিয়ায়। এজন দূতৰদ্বাৰা লাভ কৰা এই তথ্যই পৰৱৰ্তী সময়ৰ ৰাম-ৰাৱণৰ যুদ্ধৰ সূচনা কৰে। মাধৱ কণ্ডলিৰ অনুবাদিত ৰামায়ণত এই কথাখিনি উল্লেখ আছে এনেদৰ—
ক। সুগ্ৰীৱ প্ৰতিজ্ঞা কৰিলন্ত বিমৰিষ
কৌটি সংখ্যা দূতক পঠাইল দশোদিশ।। ৬৪
খ। সন্দেশক দিয়া মোক সাদৰি পঠাইল
তোমাক অনেক থানে খুজিয়া বেৰাইল।। ৬৭
গ। শুনিয়ো গোসাঁনী আই এৰিয়ো বিকল
ৰামে বুলি পঠাইলন্ত বাৰ্তা সুকুশল।। ১০১(১)
শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ ‘উদ্ধৱ সংবাদ’ অধ্যায়ত শ্ৰীকৃষ্ণৰ আদেশত উদ্ধৱে গোপিনীৰ খবৰ ল’বলৈ ব্ৰজধামলৈ গতি কৰিছে। ‘শ্ৰীমদ্ভাগৱত’ত এই সম্পৰ্কে উল্লেখ আছে এনেদৰে—
শিষ্য বৃহস্পতিৰ বুদ্ধিত নাহি তুল।
মোহোৰ বচনে চলা এখনে গোকুল
পোষ্টা পিতা মাতা সিটো নন্দ যশোদাৰ
সাধা গৈয়া সখি তুমি প্ৰীতি তাসম্বাৰ।। ২২২৭
..................................................
বচন সন্দেশে তাসম্বাক কৰা শান্ত।।
নেদেখো তোমাত পৰে ভকত একান্ত।। ২২২৮ (২)
সেইদৰে ‘শ্ৰীমদ্ভাগৱত’ৰ দশম স্কন্ধত ৰুক্মিণীয়ে দ্বাৰকাৰ কৃষ্ণলৈ বেদনিধিৰ হাতত পত্ৰ পঠোৱাৰ তথ্য আছে। এই পত্ৰত ৰুক্মিণীয়ে কৃষ্ণক স্বামী হিচাপে পাবলৈ ব্যাকুল হোৱাৰ লগতে ৰুক্মবীৰে শিশুপালৰ সৈতে ৰুক্মিণীক বিয়া দিবলৈ আগবঢ়াৰ প্ৰসংগ আছে—
প্ৰবন্ধিয়া পত্ৰখান আপুনি লিখিল
মুদ্ৰা দিয়া তাক ব্ৰাহ্মণৰ হাতে দিল। ১৩৫৬০
দ্বাৰকাক লাগি গুৰু যায়োক আপুনি।
কৃষ্ণৰ হাতত নিয়া দিবা পত্ৰখানি।।
ক’তো নেদেখাইবা গুৰু নিয়া আৰ কৰি।
কৃষ্ণকেসে দিবা নিয়া আপুনি সাদৰি।। ১৩৫৬১ (৩)
‘মহাভাৰত’ৰ ওঠৰটা পৰ্বৰ ভিতৰত তৃতীয় পৰ্বটো হৈছে ‘বন পৰ্ব’। এই পৰ্বত ২১টা উপ পৰ্ব আৰু ৩২৪টা অধ্যায় আছে। এই পৰ্বৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হৈছে ‘নল-দময়ন্তীৰ উপাখ্যান’। বন পৰ্বৰ ৬ নম্বৰ উপ পৰ্বত ‘নলোপাখ্যান পৰ্ব’ৰ বিষয়ে উল্লেখ আছে। এই পৰ্বটোৰ উপাখ্যানত দময়ন্তীয়ে ৰজা নললৈ পত্ৰ প্ৰেৰণৰ তথ্য আছে। (৪) পূৰ্ণকান্ত দেৱশৰ্মা ৰচিত ‘নল দময়ন্তী চৰিত্ৰ’ গ্ৰন্থখনতো ‘ঋতুপৰ্ণৰ বিদৰ্ভ যাত্ৰা আৰু নলৰ কলি ত্যাগ’ অধ্যায়ত চিঠি-পত্ৰৰ উল্লেখ আছে এনেদৰে—
সুদেৱক মাতি ভৈমী বুলিলা বচন।
অযোধ্যা ৰাজ্যত প্ৰভু কৰাহা গমন।।
এহি পত্ৰ লৈয়া তুমি যাহা এতিক্ষণ।
পত্ৰ দিয়া ঋতুপৰ্ণে বুলিবা বচন।।
দময়ন্তী ইচ্চিল দ্বিতীয় স্বয়ংবৰ।
যত ৰাজাগণ গৈলা বিদৰ্ভ নগৰ।। (৫)
মহাকবিখ্যাত কালিদাস (চতুৰ্থ-পঞ্চম শতিকা)ৰ ‘মেঘ্দূতম্’ শীৰ্ষক সংস্কৃত গীতি-কাব্যখনত চিঠি-পত্ৰৰ আভাস পোৱা যায়। ‘মেঘদূত কাব্য’ৰ নায়ক যক্ষই নিজৰ বিৰহী পত্নীলৈ মেঘক দূত হিচাপে নিয়োগ কৰি পত্নীলৈ বাৰ্তা প্ৰেৰণ কৰিছে।৬ এই সময়ছোৱাতে অন্যান্য ‘দূতকাব্য’সমূহৰো সৃষ্টি হৈছিল। দূত কাব্যসমূহৰ প্ৰধান বিশেষত্ব হৈছে এই কাব্যত মেঘ, বতাহ, আকাশ, নদ-নদী, চৰাই-চিৰিকটি, পোক-পতংগ (যেনে– ভোমোৰা) আদি প্ৰকৃতি সৃষ্ট উপাদানবোৰক ‘দূত’ হিচাপে ব্যৱহাৰ কৰি এজনে আন এজনলৈ বাৰ্তা প্ৰেৰণ কৰে। তেনে কিছু দূতকাব্য হ’ল– বিক্ৰমাদিত্য ৰজাৰ ৰাজসভাৰ পণ্ডিত এজনৰদ্বাৰা লিখা ‘ঘটকপৰ্ব’, কৃষ্ণমাচাৰ্য্যৰ ‘মেঘসন্দেশবিমৰ্শ’, কৃষ্ণমূৰ্তিৰ ‘যজ্ঞোল্লাস’, ৰামশাস্ত্ৰীৰ ‘মেঘপ্ৰতিসন্দেহ’, ৰামচন্দ্ৰৰ ‘ধনবৃম’, ধোয়ী বিৰচিত ‘পৱনদূত’, সত্যভামা-কৃষ্ণসংবাদ’, বেদান্তৰসিকৰ ‘মেঘ সন্দেশ’, আব্দুল ৰহমানৰ ‘সন্দেশৰাসক’, বিষ্ণুদাসৰ ‘মনোদূত’, মাধৱ কবীন্দ্ৰ ভট্টাচাৰ্যৰ ‘উদ্ধৱ দূত’ আদি। ‘ঘটকপৰ্ব’খন মূলতঃ মেঘদূত কাব্যৰ অনুকৰণত লিখা হৈছে। দূৰস্থিত প্ৰেমিকৰ ওচৰলৈ বিৰহ-ব্যাকুলা ৰমণীয়ে বাৰ্তা পঠিয়াবলৈ মেঘক দূত ৰূপে নিয়োগ কৰিছে। ‘পৱন দূত’ কাব্যত ৰজা লক্ষণসেনাই দক্ষিণফালে দিগ্বিজয় কৰিবলৈ যোৱাত মলয় পৰ্বতৰ গন্ধৰ্বকন্যা কুৱলয়ৱতীৰ প্ৰণয়পাশত আবদ্ধ হয় আৰু দক্ষিণ-পূৱ বতাহক দূতৰূপে পঠায়। প্ৰায় চৈধ্য শতিকামানত উদণ্ড উদয় আৰু বামন ভট্টবানে যথাক্ৰমে ‘কোকিল সন্দেশ’, ‘ময়ূৰ সন্দেশ’ আৰু হংস সন্দেশ’ কাব্য লিখে।(৭) পোন্ধৰ শতিকামানত গৌড়ীয় সম্প্ৰদায়ৰ কবি ৰূপগোস্বামীয়ে ‘উদ্ধৱসন্দেশ’, কৃষ্ণচৈতন্য মহাপ্ৰভুৰ আন এজন শিষ্য ৰূপগোস্বামীয়ে ‘হংসদূত’ আৰু ‘উদ্ধৱ-সন্দেশ’ কাব্য লিখে। ইয়াৰ পৰৱৰ্তী সময়ত ১৭ শতাব্দীত ৰুদ্ৰন্যায় বাচস্পতিৰ ‘পিকদূত’, ভট্টাৰক জ্ঞানভূষণৰ প্ৰশিষ্য বাদিৰাজৰ ‘পৱনদূত’, ‘চাতকদূত’, কোকিলদূত’ আদি অনেক দূত কাব্যৰ ৰচনা কৰা হৈছিল।(৮)
কালিদাসৰদ্বাৰা ৰচিত ‘অভিজ্ঞান শকুন্তলম্’ নাটকত শকুন্তলাই ৰজা দুষ্যন্তলৈ পদুম পাতত নখেৰে বোলাই পত্ৰ লিখিছে। এই পত্ৰত নাৰী মনৰ ব্যাকুলতাৰ সুন্দৰ অভিব্যক্তি প্ৰতিফলিত হৈছে। নাটকখনৰ তৃতীয় দৃশ্যত শকুন্তলাই দুষ্যন্তলৈ পদুম পাতত লিখা প্ৰেমপত্ৰৰ উদাহৰণ–‘ক্লান্তো মন্মথলেখ এষ নলিনীপত্ৰে নখৈৰৰ্পিতঃ’। নীৰাজনা মহন্তই সংস্কৃতৰপৰা অসমীয়া ভাষালৈ অনুবাদ কৰা ‘অভিজ্ঞানম শকুন্তলম্’ নাটকত চিঠি সদৃশ বাক্যকেইটি অনুবাদ কৰি এনেদৰে লিখিছে– ‘‘নেজানো মই তোমাৰ মনৰ গুপুত কথা, কিন্তু হে নিদাৰুণ! মোৰ যে দেহত মন গহনত দিবা-ৰাত্ৰি তোমাক লৈয়ে মদন-ব্যথা।’’(৯) শ্ৰীমদ্ভাগৱতৰ ‘দুষ্মন্ত-শকুন্তলাৰ কাহিনী’ অধ্যায়টো গৰ্ভৱতী শকুন্তলাই দুষ্যন্তৰ ৰাজসভালৈ গৈ নিজৰ পৰিচয় দূতৰ হাতত দিছে এনেদৰে—
কতোক্ষণে পাইলা গৈয়া ৰাজাৰ সভাক
ৰাজাত জনাইলা গৈয়া এহি বচনক।।
বন হন্তে আসি আছা ভাৰ্য্যা পুত্ৰ আমি
আমাক ৰাখন্তে তেহে মোৰ নিজ স্বামী।। ১১৭৫
এহিবাক্য দূত মুখে সতী জনাইলেক
হাসিয়া দুষ্মন্তে পাছে বাক্য বুলিলেক।।(১০)
কালিদাসৰ ‘মালবিকাগ্নিমিত্ৰম্’ নাটকখনতো পত্ৰ প্ৰয়োগৰ উদাহৰণ আছে। এই পত্ৰ সেনাপতি পুষ্যমিত্ৰই নিজৰ পুত্ৰ অগ্নিমিত্ৰলৈ লিখিছে। কালিদাসৰ ‘বিক্ৰমোৰ্বসীয়ম্’ নাটকতো উৰ্বশীয়ে নায়কলৈ প্ৰণয় পত্ৰ পঠিয়াইছে। আচাৰ্য দণ্ডীৰ ‘দশকুমাৰ চৰিত্ৰ’, বাণভট্টৰ ‘কাদম্বৰী’ আৰু ‘হৰ্ষচৰিত্ৰ’, ক্ষেমেন্দ্ৰৰ ‘বুদ্ধি সত্তাবদানকল্পলতা’ আৰু কবি হৰিচন্দ্ৰৰ জীৱন্ধৰ সম্পু’ আদি গ্ৰন্থতো প্ৰত্যক্ষ বা পৰোক্ষভাৱে পত্ৰ প্ৰেৰণৰ উল্লেখ আছে।
প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ আৰু সংস্কৃত পণ্ডিত বৰৰুচিয়ে ৰচনা কৰা (প্ৰায় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকা) ‘পত্ৰ-কৌমুদী’ গ্ৰন্থখন পত্ৰ লিখনৰ ব্যাৱহাৰিক শিক্ষা বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থখন বিক্ৰমাদিত্য ৰজাৰ নিৰ্দেশত লিখা হৈছে বুলি বৰৰুচিয়ে গ্ৰন্থখনৰ এটা স্তৱকত উল্লেখ কৰিছে। প্ৰাচীন ভাৰতবৰ্ষত পত্ৰ লিখা কলাটোক যে শিল্প ৰূপত উচ্ছ স্থান দিয়া হৈছিল; সংস্কৃত ভাষাত লিখা এই গ্ৰন্থখনে তাৰে প্ৰমাণ দিয়ে। গ্ৰন্থখনত ৰজা মহাৰজা, পাত্ৰ-মন্ত্ৰী, বিদগ্ধ ব্যক্তি, গুৰু, স্বামী, স্ত্ৰী, পিতা-পুত্ৰ, দাস-দাসী, শত্ৰু-মিত্ৰ আদিলৈ চিঠি লিখোঁতে কেনেদৰে সম্বোধন কৰিব লাগে, সেই বিষয়ে উল্লেখ আছে। সেইদৰে পত্ৰত ব্যৱহাৰ কৰা আখৰৰ ৰং, পত্ৰৰ আকাৰ, পত্ৰখন ভাজ কৰাৰ পদ্ধতি, পত্ৰ লেখকৰ যোগ্যতা, পত্ৰ লিখা, প্ৰাপকৰ কাষলৈ লৈ যোৱা, প্ৰাপকে পঢ়াৰ ধৰণ-কৰণ আদি কেনে পৰ্যায়ৰ হ’ব লাগে সেই সম্পৰ্কে লিখা আছে। পত্ৰৰ আখৰৰ ৰঙবোৰ সোণালী বা ৰূপালী ৰঙৰ হ’ব লাগে বুলি গ্ৰন্থখনত লিখা হৈছে। সেইদৰে উৎকৃষ্ট পত্ৰ এখন এক হাত ছটা আঙুলিৰ সমান ডাঙৰ, মধ্যম পত্ৰখন এক হাত আৰু সাধাৰণ পত্ৰখন হাতৰ মুঠিটোৰ সমান হোৱাটো বাঞ্ছনীয় বুলিও গ্ৰন্থখনত উল্লেখ আছে। ৰাজকীয় পত্ৰ লিখিবৰ বাবে পত্ৰ লেখকৰ থাকিবলগীয়া গুণসমূহৰ কথা গ্ৰন্থখনত উল্লেখ আছে। তাৰ ভিতৰত– পৰামৰ্শ জ্ঞাপনৰ অভিজ্ঞতা, ৰাজনীতি আৰু নৈতিকতাৰ ক্ষেত্ৰত পাৰদৰ্শী, বিভিন্ন ভাষাৰ সৈতে পৰিচয়, মেধাৱী, শান্তি, যুদ্ধ আৰু ৰাজকীয় দায়িত্ব সম্পৰ্কে জ্ঞান থকা, ৰজাৰ শুভাকাংক্ষী, সত্যবাদী, আত্ম-সংযমী আৰু স্পষ্টবাদী হোৱাটো বাঞ্ছনীয়। ৰজাৰ চিঠি লিখাৰ প্ৰক্ৰিয়া সম্পৰ্কেও গ্ৰন্থখনত উল্লেখ আছে। সেই অনুসৰি ৰজাই কোনো ব্যক্তিলৈ চিঠি দিবলগীয়া হ’লে প্ৰথমে লেখাৰুক মাতি পঠিয়াব। লেখাৰুৱে এজন বিদ্বান ব্যক্তিক লগত লৈ চিঠিৰ খচৰা প্ৰস্তুত কৰে। পৰৱৰ্তী সময়ত এই চিঠিখন ৰজাৰ সন্মুখত গোপনে পাঠ কৰা হয়। ৰজাৰ অনুমোদন পোৱাৰ পাছতহে লেখাৰুৱে চূড়ান্তভাৱে চিঠি প্ৰস্তুত কৰে।(১১)
‘পত্ৰ-কৌমুদী’ গ্ৰন্থখনত ৰাজতান্ত্ৰিক সময়ছোৱাৰ চিঠি লিখাৰ শৈলী বা আংগিক সম্পৰ্কেও উল্লেখ আছে। সেইদৰে চিঠি প্ৰেৰণ কৰা নীতি-নিয়ম, চিঠিখন প্ৰাপকে পোৱাৰ পিছত কেনেদৰে পঢ়িব, ৰজালৈ পত্ৰ প্ৰেৰণ কৰিলে ৰজাক কেনেদৰে সম্বোধন কৰিব, প্ৰশস্তি কৰিব, ৰজাৰ গুণ গৰিমা ব্যাখ্যা কৰিব, সেই চিঠিখন প্ৰাপক ৰজাই কেনেদৰে পঢ়িব, চিঠিৰ প্ৰতিক্ৰিয়া কেনেদৰে দিব, স্বামী-স্ত্ৰীয়ে কেনেদৰে এজনে আনজনক সম্বোধন কৰিব, প্ৰশস্তি কৰিব সেই সম্পৰ্কেও উল্লেখ আছে। ‘পত্ৰ-কৌমুদী’ গ্ৰন্থখনত সম্পূৰ্ণৰূপে ভাৰতীয় আদৰ্শত চিঠি লিখাৰ পদ্ধতি সম্পৰ্কে উল্লেখ আছে। এই সংস্কৃত গ্ৰন্থখনৰ আধাৰত এই কথা প্ৰতীয়মান হয় যে— ভাৰতবৰ্ষ বা অসমীয়া ভাষাত চিঠি লিখাৰ আংগিক বা পদ্ধতি পাশ্চাত্যৰপৰা আমদানিকৃত নহয়। এয়া ভাৰতবৰ্ষৰ প্ৰাচীন কলা। অৱশ্যে ৰজাৰ নিৰ্দেশত লিখাৰ বাবে গ্ৰন্থখনত মুখ্যভাৱে ৰাজকেন্দ্ৰিক চিঠি-পত্ৰৰ বিশেষত্ব আৰু উদাহৰণহে বেছিকৈ আছে।
বুদ্ধদেৱৰ জীৱন আধাৰিত জাতকৰ কাহিনীবোৰৰ একাংশ ক্ষুদ্ৰ ক্ষুদ্ৰ কাহিনীৰ মাজত চিঠি-পত্ৰ প্ৰেৰণৰ তথ্য আছে। ব্ৰহ্মদত্ত ৰজা আৰু বোধিসত্ত্বৰ পূৰ্ণজন্মকেন্দ্ৰিক পালিভাষাত ৰচিত এই (পুন্নানদিজাতক আৰু মহাউম্মাগজাতক) আখ্যানবোৰৰ বিভিন্ন প্ৰসংগত দূত বা চিঠি-পত্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।(১২) অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা আৰু থানেশ্বৰ শৰ্মাই অনুবাদ কৰা ‘জাতক’ৰ প্ৰথম খণ্ডত থকা এটা কাহিনীত চিঠি-পত্ৰ ব্যৱহাৰৰ উদাহৰণ এনেধৰণৰ— বাৰাণসী ৰাজ্যত ব্ৰহ্মদত্ত ৰজাৰ দিনত বোধিসত্ত্বই জন্ম গ্ৰহণ কৰিছিল। বোধিসত্ত্বই ৰাজ্যভাৰ গ্ৰহণ কৰাৰ সময়তে কোশল ৰাজ্যই বাৰাণসী ৰাজ্য আক্ৰমণ কৰিলে। সেই আক্ৰমণৰ সময়ত বোধিসত্ত্বই কোশল ৰজালৈ এনেদৰে চিঠি লিখিছিল— ‘হয় ৰাজ্য এৰি যোৱা, নহয় যুদ্ধ কৰা’। তেতিয়া কোশল ৰজাই উত্তৰ দিলে ‘যুদ্ধ কৰিম’। ৰাজকুমাৰৰ গৰ্ভধাৰিণী মাতৃয়ে গোপনে পুত্ৰলৈ লিখি পঠিয়ালে ‘যুদ্ধৰ প্ৰয়োজন নাই’।(১৩)
‘শ্ৰীমদ্ভাগৱত’ৰ দশম স্কন্ধত ৰুক্মিণীয়ে কৃষ্ণলৈ বেদনিধিৰ হাতত পঠোৱা চিঠিৰ প্ৰসংগটো শংকৰদেৱৰদ্বাৰা বিৰচিত ‘ৰুক্মিণী হৰণ’ নাটকতো উল্লেখ আছে। ৰুক্মিণীৰ এই প্ৰেমপত্ৰখন শংকৰদেৱৰ যুগৰ চিঠিৰ নিদৰ্শন বুলি মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘পত্ৰলেখা’ গ্ৰন্থত উল্লেখ কৰিছে। ‘ৰুক্মিণী হৰণ’ নাটকত চিঠিখনৰ তথ্য এনেদৰে আছে—
‘‘ৰুক্মিণী বোল।। হে স্বামী শ্ৰীকৃষ্ণঃ সিসুপাল পাপীত হন্তে নিজ দাসীক ৰক্ষা কৰি নেৱসিয়া।
বিপ্ৰক বোল।। হে গুৰু, হামাৰ এক গাছি খেৰ কৃষ্ণত আগু দিয়া কাতৰ কয়ে সত্বৰে আনহ, যৱ বিলম্ব হয়, কৃষ্ণক প্ৰাণ সুম্পিয়ে হামু মৰব।। অঃ বিস্তৰ কি কহব, এক পতিয়া লেখি দেঞু তাহে লৈয়া যাৱঃ যৱ বিস্তৰ বিলম্ব হয় হামু মৰব।।
সূত্ৰ।। ওহি বুলি ৰুকমিণী স্বহস্তে পত্ৰ লেখি ব্ৰাহ্মণক হাতে দেলহঃ বেদনিধি হাত পাতি লেলহ, ৰাজ কুমাৰীক প্ৰৱোধ বুলিয়ে বিপ্ৰ চলল।।’(১৪)
‘ৰুক্মিণী হৰণ’ নাটৰ অন্তৰ্গত ৰুক্মিণীৰ প্ৰেমপত্ৰৰ মূলপাঠ—
‘স্বস্তি শ্ৰীপৰমেশ্বৰঃসকল সুৰাসুৰ বন্দিত পাদপদ্মঃ প্ৰপন্নজনতাৰণ নাৰায়ণঃ শ্ৰীশ্ৰীকৃষ্ণচৰণসৰোৰুহেষু। ৰুক্মিণ্যাঃ সহস্ৰপ্ৰণাম-লিখনংঃ কাৰ্যংকঃ শিৱমিহ নিৱেদনঞ্চ।।
হে স্বামিঃ ভিক্ষুক মুখে তুয়া গুণ ৰুপ সুনিত্ৰঃ কায়বাক্যমনে তোহাক পতিভাৱে বৈৰতি। তথি পাপি সিসুপালঃ হামাক বিবাহ কৰিতে আৱল থিকঃ জৈচে সিংহক ভাৰ্য্যা নিতে ঃ শৃগাল চুম্পি ৰহয় থিক। তাঁহে দেখি ভয়ে দণ্ডে জুগ জাইঃ জানি হামি নিজ দাসিক সত্বৰে নেৱসিয়া স্বামি। জব বোল তুহু অন্তেষপুৰে ৰহঃ কুন পৰকাৰে ভেণ্ট পাঞুঃ ততোচিত উপায় কহুঃ হেনাথ তা সুনহঃ বিবাহক পুৰ্ব দিৱসেঃ ভৱানীক মঠে চলবঃ সে সময়ে হামাক হৰি নিয়া জায়। জেবে তুহু হেলা কয়ে নাহি নেৱবঃ তেবে তোহাত বধ দিয়েঃ হামু প্ৰাণ চাড়ব। পাপি সিসুপালকঃ ছায়াক হামু কবহু পাৱে নাহি পৰক্ষু ওহি জানি দিন দাসিকঃ হে নাথ উদ্ধৰ উদ্ধৰ। তব চৰণসৰোৰুহে কিং বহু লেখ্যমিতি পত্ৰামিদম্।’ (১৫)
ওঠৰ শতিকামান (প্ৰায়)ত অজ্ঞাত কবিৰদ্বাৰা ৰচিত ‘কালিকা-পুৰাণ বা হৰগৌৰী বিবাহ’ গ্ৰন্থখনত শিৱৰদ্বাৰা ব্ৰহ্মাৰ ওচৰলৈ দূত প্ৰেৰণৰ তথ্য আছে। গ্ৰন্থখনৰ প্ৰতিপাদ্য বিষয়— শিৱ-শক্তিৰ সম্পৰ্ক আৰু সম্বন্ধ প্ৰদৰ্শন কৰা। গ্ৰন্থখনৰ ষষ্ঠ অধ্যায়ত শিৱই নিজৰ বিবাহৰ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে ব্ৰহ্মাৰ কাষলৈ ‘নন্দী’ৰ হাতত বাৰ্তা পঠিয়াইছে আৰু ব্ৰহ্মাক শিৱৰ কাষলৈ মাতিছে। সেইদৰে শিৱৰ অন্য এজন বিশ্বস্ত দূত ‘ভৃংগী’কো দশদিকপাল অৰ্থাৎ দহোটা দিশলৈ পঠিয়াই প্ৰয়োজনীয় দেৱতাসকলক মাতি পঠিয়াইছে। পাতালপুৰৰ ‘বাসুকী’কো মাতিবলৈ শিৱই আদেশ দিছে। গ্ৰন্থখনত উল্লেখ আছে এনেদৰে—
পাচে গুণি মহাদেৱে কৰিলা উপায়
ব্ৰহ্মাৰ পাশক দূত দিলন্ত পঠাই।। ১১৬
...........................................
এহিমতে দূত পাঞ্চি দিলা ভাগে ভাগে
কহিলন্ত দূতে গৈয়া তাসম্বাৰ আগে।। ১১৬ (১৬)
শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ ভাৰতবৰ্ষত পূৰ্ণ ৰূপত চিঠি-পত্ৰৰ লিখিত ইতিহাস বিচাৰিলে মধ্যযুগৰ ৰাজতন্ত্ৰৰ সময়ছোৱালৈ নিৰ্দেশ কৰিব পাৰি। ৰজা-মহাৰজাই দেশ শাসন কৰাৰ সময়ছোৱাত ৰাজ-পৃষ্ঠপোষকতাকেন্দ্ৰিক সাহিত্য, ৰাজনীতি, সমাজনীতি, ধৰ্ম, কূটনৈতিক সম্বন্ধ স্থাপন আদি বিভিন্ন ক্ষেত্ৰত চিঠি-পত্ৰৰ বিনিময় কৰা হৈছিল। এজন ৰজাই আন এজন ৰজাৰ সৈতে যোগাযোগ কৰা, যুদ্ধ-বিগ্ৰহৰ খা-খবৰ আদান-প্ৰদান কৰা, বিভিন্ন সন্ধি, চুক্তি বা তেনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদিৰ বাবে চিঠি-পত্ৰ আছিল প্ৰধান মাধ্যম। এই সময়ছোৱাতে চিঠি-পত্ৰ প্ৰেৰণৰ বাবে এটা সুচিন্তিত পৰিকাঠামোৰ সৃষ্টি হৈছে। আহোম যুগত ৰচনা কৰা বহুকেইখন বুৰঞ্জী যেনে— ত্ৰিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদিত ৰজা-মহাৰজাৰ চিঠি-পত্ৰসমূহ সংকলিত কৰা হৈছে। ৰজা-মহাৰজাৰ ৰাজত্বৰ দিনত সামূহিক যোগাযোগৰ বাবে ১২ মাইল দূৰে দূৰে ‘নাগেৰা ঘৰ’ সজোৱা হৈছিল আৰু ৰজাৰ মৃত্যু, ৰাজকীয় অনুষ্ঠান, ৰাজকুমাৰৰ জন্ম, ৰাজকীয় সমাৰোহ, বিদ্ৰোহ, যুদ্ধ বা কোনো বিপদৰ আগজাননীৰ বেলিকা বিভিন্ন ধ্বনি সংকেতৰ ব্যৱহাৰ কৰা হৈছিল। এনেদৰেই সংস্কৃত সাহিত্যৰপৰা আহোম ৰাজত্বৰ সময়ছোৱালৈকে চিঠি-পত্ৰ প্ৰেৰণৰ তথ্য সংৰক্ষিত হৈ আছে। অৱশ্যে আহোম ৰাজত্বৰ সময়ছোৱাত প্ৰচলিত চিঠি-পত্ৰসমূহে সমাজ-সাহিত্যৰ এটি বৃহৎ পৰিসৰ সাঙুৰি আছে। এই বিষয়ে পৃথক অধ্যয়নৰ অৱকাশ আছে।
প্ৰসংগসূত্ৰ:
১.অসমীয়া সাতকাণ্ড ৰামায়ণ, সুন্দৰাকাণ্ড সম্পা. প্ৰসন্নলাল চৌধুৰী, ১৭ অধ্যায়, ৬৪, ৬৭, ১০১সংখ্যক স্তৱক
২.নবীন চন্দ্ৰ শৰ্মা (সম্পা.): শ্ৰীমদ্ভাগৱত, পৃ.৯৩০
৩.হৰিনাৰায়ণ দত্ত বৰুৱা (সম্পা.): শ্ৰীমদ্ভাগৱত, পৃ.১০২৪
৪.পূৰ্ণকান্ত দেৱশৰ্মা: নল দময়ন্তী চৰিত্ৰ, পৃ.৯৪
৫.প্ৰাগুক্ত, পৃ.৯৪
৬.কাম্যখ্যাচৰণ ভাগৱতী: সংস্কৃত সাহিত্যৰ জিলিঙনি, পৃ.১১৮
৭.প্ৰাগুক্ত, পৃ.১২০
৮.প্ৰাগুক্ত, পৃ.১৮১
৯.নীৰাজনা মহন্ত বেজবৰা (সম্পা.): অভিজ্ঞানম-শকুন্তলম্, পৃ.৩৮
১০.নবীন চন্দ্ৰ শৰ্মা (সম্পা.): শ্ৰীমদ্ভাগৱত, পৃ.৭৫২
১১.সুপ্ৰসন্ন বন্দোপাধ্যায়: বাংলা পত্ৰ সাহিত্য, পৰিচ্চেদ ক, পৃ.৩, (‘পত্ৰ-কৌমুদী’ৰ মূল পাণ্ডুলিপি এটা গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰত সংৰক্ষণ হৈ আছে, পাণ্ডুলিপিটোৰ সবিশেষ– পাণ্ডুলিপি শাখা, এ.চি.চি নং-২৮৯২, মেটেৰিয়েল-টি.পি., আলমাৰি-২২, চেল্ভচ-১)
১২.Cowell, E.B.: The Jataka or Stories of the Buddha's Former Births, Vol. II, p.112
১৩.থানেশ্বৰ শৰ্মা (অনু.): জাতক, প্ৰথম খণ্ড, পৃ.৩২০
১৪.কেশৱানন্দ দেৱগোস্বামী, অংকমালা, পৃ.১৯
১৫.মহেশ্বৰ নেওগ (সম্পা.): স্নাতকৰ কথাবন্ধ, পৃ.৪
১৬.নবীন চন্দ্ৰ শৰ্মা: কালিকা-পুৰাণ বা হৰগৌৰী বিবাহ, চন্দ্ৰ প্ৰকাশ, প্ৰথম প্ৰকাশ, ১৯৯৭
সাহিত্য.অৰ্গ আলোচনীখনত লেখাটো পঢ়িবলৈ ক্লিক কৰক
ভাস্কৰ ভূঞা, অতিথি অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ফোন- ৮৭৫১৯৪৩৩৮৭
0 Comments