বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক, অনুবাদক পৰমানন্দ মহন্তৰ সৈতে সাক্ষাৎকাৰ ৷৷ সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা, ড॰ চন্দনজ্যোতি চুতীয়া


* "মই ভাবোঁ আটাইতকৈ ডাঙৰ অন্ধবিশ্বাস ধৰ্মটোৱেই"

বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক, অনুবাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰমানন্দ মহন্তই ইতিমধ্যে বিজ্ঞান বিষয়ক বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে৷ সমান্তৰালভাৱে অসমীয়া ভাষালৈ অনুবাদো কৰিছে৷ বিজ্ঞান মনস্কতা গঠন আৰু বিজ্ঞান সাহিত্য জনপ্ৰিয়কৰণ বিষয়তো তেওঁ ‘অসম বিজ্ঞান সমিতি’ৰ নেতৃত্বত বহুবোৰ গঠনমূলক কাৰ্য সম্পাদন কৰিছে৷ তেখেতে ‘অসম বিজ্ঞান সমিতি’ৰ উপ-সভাপতি আৰু সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছে৷ তেওঁ গৱেষণা কাৰ্য সম্পাদন কৰিছিল ইম্পেৰিয়েল কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত৷ ৰিচাৰ্ড পি. ফাইনমেনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত এইজন ব্যক্তিয়ে ৰাজনীতিৰ লগতো এটা সময়ত জড়িত হৈ পৰিছিল৷ তেওঁ ‘ইণ্ডিয়ান পিপ’লছ্‌ ফ্ৰণ্ট’ দলৰ হৈ ডিব্ৰুগড় বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল৷ তদুপৰি তেওঁ ‘জন বিজ্ঞান’ বাতৰি কাকতখন সম্পাদনা কৰিছিল৷ সাম্প্ৰতিক সময়তো তেওঁ বিভিন্ন বাতৰি-কাকত, আলোচনী আদিত বিজ্ঞান বিষয়ক লেখা প্ৰকাশ কৰি আহিছে৷ অতি সৰল আৰু নিৰ্জু প্ৰকৃতিৰ এইজন বৰেণ্য সাহিত্যিকৰ সৈতে আমি ২৭/৬/২৪ তাৰিখে ডিব্ৰুগড়স্থিত বাসগৃহত এটি সাক্ষাৎকাৰত মিলিত হৈছিলোঁ৷ সাক্ষাৎকাৰটিৰ অসম্পাদিত ৰূপ পাঠকৰ বাবে আগবঢ়োৱা হ’ল৷

প্ৰশ্ন: আপোনাৰ জন্ম যোৰহাটৰ চিপহা সত্ৰত৷ সত্ৰৰ পৰিৱেশে আপোনাৰ শৈশৱ-কৈশোৰ প্ৰভাৱিত কৰিছিলনে? শিক্ষা বা পঢ়া-শুনাৰ প্ৰতি কেতিয়াৰপৰা আপোনাৰ মনত গভীৰ অনুৰাগৰ জন্ম হৈছিল?
প. ম. : আমাৰ সত্ৰখন মহাপুৰুষীয়া সত্ৰ৷ সত্ৰীয়া পৰিৱেশ এটা সৰুৰে পৰাই পাইছিলোঁ৷ আমাৰ ককাদেউতা খুব নাম কৰা অধিকাৰ আছিল৷ খুব এক্টিভ আছিল৷ সত্ৰীয়া বস্তুবোৰো আছিল তাত, সেইফালৰপৰা মই পোৱা পৰিৱেশটো ভালেই আছিল৷ সত্ৰলৈ অহা বিভিন্ন মানুহ-দুনুহ সেই সময়ত লগ পাওঁ৷ আৰু মোৰ বৰদেউতা এল.পি. স্কুলৰ অংকৰ শিক্ষক আছিল৷ তেখেতে মোক সৰুতে যথেষ্টখিনি শিকাইছিল৷ অৱশ্যে মোৰ মায়ে বেছি পঢ়া নাছিল৷ তৃতীয় শ্ৰেণীলৈকে পঢ়ি বিয়া হৈছিল৷ কিন্তু তেওঁ নিজেই ঘৰত পঢ়িবলৈ চেষ্টা কৰিছিল৷ হয়তো দেউতায়েই চেষ্টা কৰাইছিল নেকি! তাৰপাছত মোকো মায়ে সৰুৰেপৰা শিকাবলৈ আৰম্ভ কৰিছিল৷ আমাৰ ঘৰৰ ওচৰত স্কুল নাছিল৷ দেৰমাইল, দুমাইল মানতহে এখন আছিল৷ গতিকে ইমান দূৰলৈ মোৰ যোৱাৰ প্ৰশ্নই নাছিল৷ মই খুব চাপৰ আছিলোঁ৷ সেই স্কুলখন সম্ভৱ ভাদ মাহমানত আৰম্ভ হ’ল৷ দুমাহ-তিনিমাহ তালৈ গৈছোঁ৷ কোনোবা এটা সময়ত ৰাতিপুৱা বেলা স্কুল হৈছিল৷ সেই কথাটো মোৰ মনত আছে৷ এটা কথা ঠিক যে খুব আগ্ৰহেৰে মই স্কুললৈ গৈছিলোঁ আৰু যিবিলাক কিতাপ-পত্ৰ আছিল সেইবিলাক পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ দেউতা হেডমাষ্টৰ আছিল৷ গতিকে বিভিন্ন গল্প কিতাপো তেখেতে মোক পঢ়িবলৈ নি দিছিল আৰু সাধুও কৈছিল৷ সেইফালৰপৰা ক’বলৈ গ’লে, সৰুৰেপৰাই কিতাপৰ প্ৰতি এটা চখ আছিল৷ যেতিয়া অলপ বুজা হ’লোঁ– হাইস্কুললৈ যোৱাৰ আগৰ পৰাই, তেতিয়া নিজেই যিবিলাক কিতাপ পঢ়িবলৈ পাওঁ বা কোনোবাই দিয়ে, সেইবিলাক গোটাই সৰু লাইব্ৰেৰী এটা কৰিছিলোঁ৷ আৰু মোৰ সৰু মামা– তেওঁ জে. বি কলেজৰ অধ্যাপক আছিল৷ তেওঁ সেই সময়ত আলোচনী আদিও পঢ়িছিল আৰু মই তেওঁলোকৰ ঘৰতেই বেছিভাগ সময় থাকোঁ৷ গতিকে তেওঁৰ পৰাও মই পঢ়াৰ পৰিৱেশ এটা পাইছিলোঁ৷

প্ৰশ্ন: আপুনি চিপহা প্ৰাথমিক বিদ্যালয়, মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট স্কুল, কটন কলেজ, দিল্লী বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰপৰা শিক্ষা গ্ৰহণ কৰিলে৷ চিপহা প্ৰাথমিক বিদ্যালয়ৰপৰা ইম্পেৰিয়েল কলেজলৈকে এই যি শৈক্ষিক যাত্ৰা – তাৰ বিষয়ে কিছু কথা কওকচোন৷ 
প. ম. : তৃতীয় শ্ৰেণীলৈকে মই ঘৰতে পঢ়িছিলোঁ৷ মই আগতেও কৈছোঁ এই কথাটো৷ এখন পাঠ্যপুথিত তৰুণৰাম ফুকনৰ বিষয়ে এটা পাঠ আছিল আৰু এটা আনন্দৰাম বৰুৱাৰ৷ পঢ়িলোঁ যে – আনন্দৰাম বৰুৱাই কটন কলেজিয়েটৰপৰা পাছ কৰিছিল, তাৰপৰা বিলাতলৈ গ’ল৷ তেতিয়াই মই ভাবিছিলোঁ – ময়ো কলেজিয়েট স্কুললৈ পঢ়িবলৈ যাব লাগিব৷ তেতিয়াই মনত ধান্দা এটা সোমালে৷ তাৰ পাছত ফুকনৰ ৰচনাখনত পালোঁ যে ককায়েকে কৈছে– ‘ভালকে পঢ়া, বিলাতলৈ পঠিয়াম পঢ়িবলৈ’– এই বিলাত কি বস্তু – তেতিয়াই এই চিন্তাটো মনত সোমাল৷ যি কি নহওক– মোৰ কটন কলেজিয়েটলৈ যোৱাৰ সপোনটো পূৰ হ’ল৷ দেউতা মানে স্কুল ইন্সপেক্টৰ হৈ গুৱাহাটীলৈ জইন কৰিবলৈ আহিছিল আৰু মোক কলেজিয়েটত দিলে৷ প্ৰথমতে অলপ দিকদাৰ পাইছিলোঁ, যিহেতু গাঁৱৰ ল’ৰা আছিলোঁ৷ লাহে-লাহে এডপ্ট কৰিবগৈ পাৰিলোঁ৷ কলেজিয়েটত যিবিলাক ল’ৰা প্ৰথম হয়, সিহঁতে ষ্টেণ্ড কৰে বুলি ধৰিয়ে লোৱা হয় আৰু৷ গোটেই টাউনখনে জানে৷ তেতিয়া গুৱাহাটীখন সৰুও আছিলে৷ কলেজিয়েটখনেই স্কুলৰ ভিতৰত আটাইতকৈ ভাল আছিল৷ গতিকে সবে জানে আৰু৷ গতিকে মোকো মানুহ বিলাকে অলপমান চিনি পাইছিল৷ কাৰণ এইট, নাইন – সেই দুবছৰত প্ৰথম হৈছিলোঁ৷ সবৰে আশা এটা আছিল যে ‘ই কিবা এটা কৰিব’৷ এই সময়তে এটা ঘটনা ঘটিল জানা– মেট্ৰিক দিওঁতে, টেষ্ট পৰীক্ষা দিয়াৰ সময়তে মোৰ দাদা এজনৰ বিয়া হ’ল আৰু সেইখিনি সময়তে প্লেগ মহামাৰীৰ ৰিউমাৰ এটা চলিলে৷ তামুলপুৰৰ এজন ল’ৰা সেই সময়ত আমাৰ ঘৰতে আছিলে, কাম কৰিছিলে৷ সি মানে উলিয়াই দিলে যে– মানুহ-দুনুহ মৰিছে, হেন-তেন৷ কথাটো শুনি দেউতাৰ ভয় লাগিলে, গতিকে মোক ঘৰলৈ আনিবলৈ মানুহ পঠিয়াই দিলে৷ কাক পঠাব এতিয়া – সেই দৰাটোকে পঠিয়াই দিলে৷ তেওঁৰ বিয়া বৃহস্পতিবাৰে, মোৰ পৰীক্ষা আৰম্ভ হৈছে সোমবাৰৰপৰা৷ তেওঁ সোমবাৰে গৈ পাইছেগৈ৷ তাৰ পাছত তেওঁৰ সৈতে ঘৰলৈ আহিলোঁ যদিও বহু দিনলৈ পঢ়াই নাছিলোঁ৷ টেষ্ট পৰীক্ষাত যেনিবা মোক পাছ কৰাই দিলে, কাৰণ মোৰ আগৰ ৰেকৰ্ড ভাল আছিল৷ আচ্ছা, তাৰ পিছত কটন কলেজত সোমালোঁ৷ তাত সোমাই ইমান ভাল ভাল শিক্ষক কিছুমানক লগ পালোঁ আৰু মোৰ আগৰ পৰাই কটনৰ প্ৰতি এট্ৰেকচন এটা আছিল৷ মানে ফিজিক্সৰ হিৰণ্য ভূঞাছাৰ– তেখেত নাছিল তেতিয়া৷ DPI হৈ গৈছিল তেওঁ তেতিয়ালৈ৷ কিন্তু ভূঞাছাৰৰ কথা ইমান শুনিছোঁ সৰুৰপৰা আনকি মোৰ দেউতাৰ মুখৰপৰাও শুনিছোঁ৷ একধৰণৰ হিৰ’ এজন৷ গতিকে মই খুব আশা কৰি আছিলোঁ– ফিজিক্স পঢ়িব লাগিব তেতিয়া হ’লে৷ আৰু ক্লাছ এইটমানত থাকোঁতে– সেই সময়ত আইনষ্টাইন ঢুকাইছিল ১৯৫৫ চনৰ ১৮ তাৰিখে৷ সাধাৰণতে মই দেওবাৰে ওচৰৰ দোকান এখনত চাহ খাবলৈ যাওঁ৷ অকলে৷ দোকানতে বাতৰি কাগছখনো চাওঁ, চাহো খাওঁ৷ তাতে নিউজটো পালোঁ আইনষ্টাইন ঢুকোৱাৰ৷ তেতিয়াও ভাবিলোঁ– অ’ ফিজিক্সেই ভাল তাৰ মানে৷ ফিজিক্স পঢ়িব লাগিব৷ সেই তেনেকেই ফিজিক্সৰ প্ৰতি এটা আকৰ্ষণ বাঢ়িল৷ তদুপৰি কটন কলেজিয়টেত থাকোঁতেই জিলা পুথিভঁৰালটোলৈ যাওঁ আবেলি আবেলি৷ তাত বাংলা কিতাপ অলপ আছিল সৰু সৰু৷ বিজ্ঞানীৰ জীৱনী বা তেনেধৰণৰ৷ সেইবিলাক খুব পঢ়িছিলোঁ আচলতে৷ তেনেকেও ফিজিক্সৰ প্ৰতি ৰাপ বাঢ়িছিল৷ কটনত কেইবাজনো ভাল ভাল শিক্ষক পাইছিলোঁ৷ তেওঁলোকৰ প্ৰতি আমাৰ আকৰ্ষণ বাঢ়িছিল৷ কেইজনমানক আমি চাই থাকোঁতেই যায়! কেনেকৈ তেওঁলোকে কথাবিলাক কয় সেয়া চাই থাকোঁতেই বহু সময় যায়৷ তাৰ পিছত দিল্লীলৈ গ’লোঁ এইকাৰণতেই কাৰণ কলিকতালৈ যাবলৈ ভয় লাগিছিল; কাৰণ সেই সময়ত ১৯৬০ চনৰ ভাষা আন্দোলনত পুলিচৰ গুলীত মৃত্যুবৰণ কৰা ৰঞ্জিত বৰপূজাৰী মোৰ ৰূমমেটেই আছিল৷ গতিকে কলিকতালৈ যোৱাৰ প্ৰশ্নই নুঠে৷ গতিকে মই ভাবিলোঁ দিল্লীলৈকে যাওঁ৷ সেই সময়ত দিলীপ কুমাৰ দত্ত – তেওঁ আমাতকৈ তিনিবছৰ আগৰ আছিল৷ তেখেত খুব ভাল আছিল৷ সৰু ল’ৰাবোৰৰ লগতো তেওঁ খুব মিলিব পাৰিছিল৷ মোৰ লগত আৰু আছিল– মদনপ্ৰসাদ বেজবৰুৱা, প্ৰদীপ মহন্ত আৰু দৰ্প বড়া৷ সেই সময়ত এটা গণ্ডগোল লাগিল৷ আমাৰ স্নাতক পৰীক্ষাৰ ৰিজাল্ট নিদিয়াত দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিত অসুবিধা আহি পৰিছিল৷ দিলীপদাক ক’লোঁ কথাটো – তেওঁ আৰ .চি মজুমদাৰ বোলা এজন অধ্যাপক, তেওঁ ফিজিক্সৰ হেড আছিল– তেওঁৰ লগত দিলীপদাৰ ভাল৷ গতিকে, তেওঁৰ সহায় লৈ আমাৰ এডমিশ্যন হৈছিল৷ সেইখিনি সময়ত দিল্লী ইউনিভাৰ্চিটিয়ে অলপ নাম কৰিছিল৷ নাম মানে তাত যিজন ফিজিক্সৰ হেড আছিল মজুমদাৰছাৰৰ আগৰ– প্ৰফেচাৰ ডি. এচ. কোঠাৰী, তেখেত থাকোঁতে আৰু দিল্লী চেণ্ট্ৰেল ঠাই, তেওঁলোকে বহু পা-পইচাও পায়৷ গতিকে ভালকে ডিপাৰ্টমেণ্টটো বনাইছিল৷ অৱশ্যে মই তাত সিমান কমপেটিব’ল (Compatible) হ’ব নোৱাৰিলোঁ চাগৈ৷ কাৰণ মানুহবিলাকে মোক লৈ যিমান আশা কৰিছিল, মই সিমান ভাল ৰিজাল্ট নকৰিলোঁ৷ কিন্তু সন্মান সহকাৰে ফাষ্ট ক্লাছ পালোঁ৷ তাৰ পিছত এবছৰ কটনত অস্থায়ী অধ্যাপক ৰূপে কাম কৰিলোঁহি৷ ইতিমধ্যে বাহিৰত গৱেষণাৰ বাবে চেষ্টা কৰিছিলোঁ৷ দুই এখন বিশ্ববিদ্যালয়ৰপৰা ৰিপ্লাই আহিবলৈয়ো লৈছিল৷ কিন্তু ইতিমধ্যে গম পালোঁ অসম চৰকাৰে গৱেষণাৰ বাবে স্কলাৰিশ্বপ দিব আৰু তাৰ যো-যা চলিছে৷ গতিকে তালৈ এপ্লাই কৰিলোঁ আৰু পালোঁও৷ গতিকে ইম্পেৰিয়েল কলেজলৈকে যোৱাটো ঠিক কৰিলোঁ৷ তালৈ যোৱাৰ আৰু এটা কাৰণ আছিল এনেধৰণৰ– আমি মানে M.Sc. পঢ়ি থাকোঁতে সৰু থেচিচ এখন লিখিব লাগিছিল৷ তাত মোৰ যিটো টপিক পাইছিলোঁ তাৰ লগত আব্দুল ছালাম (ইম্পেৰিয়েল কলেজৰ অধ্যাপক)ৰ পেপাৰ এখন জড়িত আছিলে৷ গতিকে মই ছালামৰ লগতে যোগাযোগ কৰিলোঁ৷ ইম্পেৰিয়েল কলেজত নামভৰ্তিৰ বাবে আমি জাহাজত গৈছিলোঁ৷ তেতিয়া পোন্ধৰদিন মান লাগিছিল চাগে৷

প্ৰশ্ন: সেই সময়ত তাত পঢ়াৰ পৰিৱেশটো কেনেধৰণৰ আছিল বাৰু ?
প. ম. : সেই সময়ত ইম্পেৰিয়েল কলেজ বুলি ক’লে আমি দিল্লীত পোৱাৰ দৰেই Upcoming Instituteৰ দৰেই আগবঢ়া আছিল৷ কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানুহৰ যি শোচনীয় অৱস্থা হৈছিল, খোৱা-বোৱাও নোহোৱাৰ দৰে হৈছিল৷ তেনে পৰিপ্ৰেক্ষিতত মানুহ বিলাকক উৎসাহিত কৰিবলৈ কিছুমান কাম কৰা হৈছিল৷ তেনে কাম বিলাকৰ ভিতৰতে এই কলেজখন প্ৰতিষ্ঠাৰ কথাটোও আছিল৷ কলেজখন অলপ ডাঙৰকে কৰি তাত চায়েন্স, মৰ্ডাণ চায়েন্স, টেকন’লজি আদিত কাম কৰিবপৰাকৈ গঢ়ি দিলে৷ সেইখন আছিল মূলতঃ মানুহবিলাকক উৎসাহ দিবৰ বাবে গঢ়ি তোলা এখন ইনষ্টিটিউট৷ আগেয়ে কলেজখন আছিল যদিও যুদ্ধৰ পাছত চৰকাৰে তাত যথেষ্ট ইনভেষ্ট কৰিলে৷ বেলেগে বেলেগ নতুন নতুন চাবজেক্ট তাত সোমোৱালে৷ তেওঁলোকে এইটোও জানিলে যে কেৱল ইংলেণ্ড বা লণ্ডণৰ মানুহ লৈ কাম নহ’ব৷  Make it International৷ বাহিৰৰ পৰা মানুহ পঢ়িবলৈ আহিব লাগিব৷ তেহে এটা গ্ৰ’থ (Growth) হ’ব৷ সেই কথাটোত তেওঁলোকে যোৰ দিছিল৷ নতুন নতুন বিল্ডিং কিছুমান হৈছিল৷ হোষ্টেল হৈছিল৷ আমি নতুন এটা ডিপাটমেণ্ট দেখিছিলোঁ – হিষ্ট্ৰী অৱ চায়েন্স৷ সেইটো চনত ১৯৬৫ত হৈছিল৷ ইম্পেৰিয়েল কলেজ তেতিয়া ইউৰোপৰ ভিতৰতে আগশাৰীৰ ৰিচাৰ্চ ইনষ্টিটিউট বুলি ক’ব পৰা আছিল৷ আনকি কেমব্ৰীজতকৈয়ো এইখন কলেজক মানুহে আৰু তাৰ চৰকাৰে বেছি গুৰুত্ব দিছিল৷

প্ৰশ্ন: আপুনি কাৰ তত্ত্বাৱধানত গৱেষণা কৰিছিল?
প. ম. : পি. টি. মেথ্যুছৰ তত্ত্বাৱধানত৷ তেওঁ সেই সময়ত বিভাগৰ হেড আছিল৷

প্ৰশ্ন: আপুনি দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাওঁতে দিলীপ কুমাৰ দত্তক লগ পাইছিল৷ তেওঁ আপোনাক সেই সময়ত নামভৰ্তিৰ সময়ত বিশেষ সহায় কৰিছিল৷ তেখেতক সেই সময়ত লগ পোৱাৰ অভিজ্ঞতাৰ কথা ক’বনে? তেওঁতো পাছলৈ ৰড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিলগৈ! আৰু এটা গুৰুত্বপূৰ্ণ তথ্য জনাব বিচাৰিছোঁ - তেখেতেই প্ৰথম অসমীয়া ভাষাৰ ফণ্ট নিৰ্মাণ কৰিছিল৷ কম্পিউটাৰত ডিটিপি কৰি প্ৰস্তুত কৰা প্ৰথমখন কিতাপ তেওঁৰে আছিল৷ তেখেতক লগ পোৱাৰ সময়ৰ কথা কওকচোন৷
প. ম. : দিলীপদা এজন বিৰাট স্ফূৰ্তিবাজ মানুহ৷ তেওঁক চিৰিয়াছ যেন নালাগেই৷ হাঁহিয়েই থাকে৷ মানুহজন খুব ইনফৰমেল৷ আমি দিল্লীত থকা সময়ত বেচ তাৰকা মানুহখিনিয়েই আছিল৷ যেনে– মৃণাল মিৰি আছিল, হীৰেন গোহাঁই আছিল৷ তেওঁ মোতকৈ এবছৰ আগৰ আছিল অৱশ্যে৷ মদন বেজবৰুৱা, প্ৰদীপ মহন্ত, দৰ্প বড়া আছিলেই৷ দিলীপ দাই ৰিচাৰ্চ কৰি আছিল তেতিয়া৷ তেখেতে ৰিমেনিয়েন জ্যামিতি বিষয়ত কাম কৰিছিল৷ তেওঁ খেলা-ধূলাটো ভাল আছিল৷ ফুটবল খেলিছিল, ক্ৰিকেট, টেনিছ, বেডমিণ্টন খেলিছিল৷ মানে খুব পপুলাৰ আৰু৷ ফিজিক্সেই হওক মেথামেথিক্স ডিপাৰ্টমেণ্টতেই হওক তেখেতৰ বহু চা-চিনাকি আছিল৷ তেওঁ খুব ভালকৈ বঙালী ভাষা ক’ব পাৰিছিল৷

প্ৰশ্ন: ভাৰতীয় দাৰ্শনিক উদ্দালক আৰুণীয়ে খৃষ্টপূৰ্ব অষ্টম শতিকাতেই বৈজ্ঞানিক ধাৰণাৰে চিন্তা-চৰ্চা আৰম্ভ কৰা কথাটোৱে আপোনাক চমৎকৃত কৰিছিল বুলি ‘ড॰ শিৱনাথ বৰ্মন স্মাৰক বক্তৃতা’ত আপুনি উল্লেখ কৰিছিল৷ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ এক উপযুক্ত পৃষ্ঠভূমি থকাৰ পাছতো ভাৰতবৰ্ষই বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিছে বুলি আপুনি ভাবেনে? 
প. ম. : মই ভাবোঁ যে আগৰ চায়েন্সখিনি ভাৰতীয়ই হওক বা অন্য ঠাইৰে হওক, আনকি গ্ৰীক চায়েন্সকো মডাৰ্ণ চায়েন্স বুলি ক’ব নোৱাৰি৷ মডাৰ্ণ চায়েন্স বুলি ক’লে আমি ৰেনেচাৰ পিছৰখিনি যেনে– ক’পাৰনিকাছ, নিউটন আদিৰ সময়ৰ পৰাহে ক’ব পাৰোঁ৷ অৱশ্যে গ্ৰীক চায়েন্সতে তাৰ বীজ এটি আছিল৷ মডাৰ্ণ চায়েন্সৰ কথাটো হ’ল প্ৰশ্ন কৰা আৰু অতি প্ৰাকৃতিক কোনো বস্তু নাই৷ সকলো প্ৰাকৃতিক৷ এইধৰণৰ কথা এটা আছিল৷ আৰু এইখিনি কথাৰ ডেভেলপ হৈছে ক’পাৰনিকাছৰ সময়ৰপৰা৷ গতিকে মডাৰ্ণ চায়েন্সৰ ক্ষেত্ৰত ভাৰততো একোৱেই নাছিলে৷ ভাৰতত এই বিষয়বোৰ আৰম্ভ হৈছে ব্ৰিটিছ অহাৰ পাছৰপৰাহে৷ ব্ৰিটিছেও এইবিলাক আনিছে নিজৰ স্বাৰ্থতহে৷ তেওঁলোকে পাশ্চাত্যত যিধৰণৰ বিজ্ঞান আছিল, সেয়া ভাৰতত সুমুৱাব বিচৰা নাছিল৷ ঘাইকৈ ভাৰতীয় বিজ্ঞানৰ বিষয়ে মানুহে জনাকৈ প্ৰথমতে জগদীশ বসু, পি. চি ৰায় – তেওঁলোক দুজনেই প্ৰথমতে কিছু কাম কৰিছিল৷ যিটো আন্তৰ্জাতিকভাৱেও স্বীকৃত হ’বলৈ বাধ্য হ’ল৷ ইয়াৰ কাৰণ কিন্তু মই এতিয়াও ভাবোঁ যে একধৰণৰ চায়েন্সৰ প্ৰতি ভালপোৱা৷ এই যে ডিচক’ভাৰি বিলাক কৰিব পাৰিলে তাৰ কাৰণে তেওঁলোকে বিৰাট ইনচ্‌পিৰেশ্যন এটা পালে৷ আৰু সেইখিনি সময়তে বেংগল যে দুভাগ হৈছিল ১৯০৫ চনত৷ বা ভাৰতত এই ভাবটো আহিছিল যে– আমি স্বাধীনতা পাব লাগে৷ সেই ইনচ্‌পিৰেশ্যনটোৱে তেওঁলোকৰ ওপৰত বহু কাম কৰিলে৷ সেইটো নোহোৱা হ’লে চাগৈ ভাৰতীয় বিজ্ঞান সেই সময়ত আৰম্ভ নহ’লহেঁতেনেই৷ মই তেনেকে ভাবোঁ৷ বিজ্ঞানৰ কামবিলাক অলপ আচহুৱা৷ কোনে ক’ৰ পৰা ইনচ্‌পিৰেশ্যন পাই ধৰিব নোৱাৰি৷ মই পিছতো চাইছোঁ– কোনে কেনেকৈ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহে তেওঁলোকে নিজেও নাজানে৷ তাৰ পিছত – সেই পিৰিয়ড থাকি গ’ল৷ ধৰা তাৰ পিছত ৰামানুজন আহিল, চাহা, চন্দ্ৰশেখৰ আহিলে– তেওঁলোকে খুব ভাল ভাল কাম কৰিলে৷ অন্যবিলাকটো আছিলেই৷ অৱশ্যে তাৰ পিছত ভাৰত স্বাধীন হ’লেই৷ তেতিয়া ৰাজ্যসমূহৰপৰা এটা জোৰ আহিলেই আমি চায়েন্স আৰু টেকন’লজিত আগবাঢ়িবই লাগিব৷ কাৰণ নিউক্লিয়াৰ এনাৰ্জি ওলালে৷ সেইপিনৰপৰা আমি আগবাঢ়িবই লাগিব৷ সেইধৰণৰ চিন্তা এটা হ’লেই৷ ফলত বহুত লেবৰেটৰী স্থাপন হ’ল৷ তেতিয়া গুৰুগম্ভীৰ ভাৱেই চায়েন্স, টেকন’লজিৰ বিকাশৰ কাৰণে চৰকাৰীভাৱে কাম-কাজ আৰম্ভ হৈ গৈছে৷

প্ৰশ্ন: আৰু অসমৰ প্ৰেক্ষাপটত ?
প. ম : সেইটোৱেইটো সমস্যা৷ আমি ইমান গাঁৱলীয়া হৈয়ে থাকিলোঁ৷ আমাৰ এটা ডাঙৰ কথা– মানে অসমত গুৰুবাদটো বেছি৷ আমি কোনোবা এজন বয়সীয়াল মানুহে দেখিবা যে কিবা এটা ক’লে তাকে আমি বিশ্বাস কৰি ল’লোঁ৷ ফলত চায়েন্সৰ কাৰণে যিটো লাগে, অনুসন্ধান কৰা– সেই বস্তুটো আমাৰ নহ’লেই৷ গুৰু হ’লেও চেলেঞ্জ কৰিব পাৰিব লাগিব৷ এইটো কি কাৰণে ক’লে? কিয় ক’লে? কাৰণটো উলিয়াব পাৰিব লাগিব৷ আমি এইডোখৰলৈ যাবলৈ নহ’লেই৷ আমাক যাবলৈ নিদিলেও৷ প্ৰশ্ন সোধাৰ শিক্ষা আমাক নিদিলেই৷ প্ৰশ্ন নুসুধিলেতো চায়েন্স নহ’ব৷ গুৰুবাদটোৱেই মুঠতে অসমত মেইন৷ খুব বেছি৷ অৱশ্যে আমাৰ ইয়াৰ বিশেষ পৰিস্থিতি আছে চাগৈ৷ আৰু এটা কথা ক’ব বিচাৰিছোঁ – এই যে সাতলগাৰ কথা৷ এইকেইদিন দেখিছানে? গোটেই বস্তুটো ইমান ফাঁকি এটা – ঠিক আছে এটা কথা মানি লৈছোঁ মই – বহুতে কয় মানে আমাৰ অভ্যাস এটা আছেতো কিছুমান কথাক অন্ধবিশ্বাস বুলি ক’বলৈ টান পায়৷ কয় যে – নহয় হে, এইটো অমুক কাৰণত হে কৰা হয় – কাৰণ এইখিনি সময়তে গৰুবিলাকে অলপ ৰেষ্ট ল’ব লাগে৷ পথাৰখনকো ৰেষ্ট লাগে৷ সেইকাৰণে এই নিয়ম মনা হয়৷ এইধৰণৰ বুদ্ধি এটা উলিয়াই৷ ঋতুমতীৰ কথাকে ধৰা– পৃথিৱী হেনো ঋতুমতী হয়! এইটো কেনে কথা বাৰু! গতিকে মই ভাবোঁ এইটো সময়তে, আমাৰ অন্ধবিশ্বাসটো ভাঙিবৰ বাবে উপযুক্ত মুহূৰ্ত আচলতে৷ মই এইবাৰহে বেছিকৈ চিন্তা কৰিছোঁ– আমি যদি কামাখ্যাত যিটো হয় – মানুহখিনিৰ মাজত যদি আমি সাহসেৰে গৈ ক’ব পাৰোঁ – যে সব ফাঁকি৷ এইটো ৰঙা মাটিৰ বাবেহে পানীখিনি ৰঙা হয়৷ গতিকে পৃথিৱী ঋতুমতী হোৱা বুলি কোনো কথা নাই৷ কিন্তু এইটো কৰিবলৈ গ’লে পিঠি... (হাঁহি)৷ মোৰ মতে এইটো কোনোবাই কৰিব লাগিব জানা৷

প্ৰশ্ন: আপুনি ‘অসম বিজ্ঞান সমিতি’ৰ উপ-সভাপতি আৰু সভাপতি হিচাবে ক্ৰমে ১৯৮৩-৮৪ আৰু ২০০১-০৩ চনত কাৰ্যনিৰ্বাহ কৰিছিল৷ সেই সময়ছোৱাত আপোনালোকে অসমত বিজ্ঞানৰ প্ৰচাৰ, প্ৰসাৰ তথা অগ্ৰগতিৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছিল?
প. ম. : ভাল লাগিছিল আচলতে৷ আমি খুব ইনভলভ্ হৈ গৈছিলোঁ৷ মই প্ৰায় ১৯৮০ চনৰপৰাহে ইনভলভ্ হ’লোঁ৷ তেতিয়া মানুহৰ একধৰণৰ আগ্ৰহ দেখিছিলোঁ৷ মানুহে কিবা এটা কৰোঁ কৰোঁ ভাব লৈ আহিছিল৷ আমি সম্ভৱ ১৯৮১ চনত ‘অসমীয়া বিজ্ঞান সাহিত্য’ নামৰ এখন দুদিনীয়া চেমিনাৰ পাতিছিলোঁ৷ সেইটো এটা ডাঙৰ কাম আছিল৷ বিজ্ঞান সাহিত্য লিখা মানুহবোৰক আমি প্ৰথম একেলগে লগ পালোঁ৷ সেইটো এটা ভাল ডিচকাচন হৈছিল৷ পিছলৈ দিনেশ বৈশ্যই পেপাৰখিনি সম্পাদনা কৰি ‘অসমীয়া বিজ্ঞান সাহিত্য’ নামৰ এখন গ্ৰন্থ কৰিছিল৷ তাৰ পিছত দুই এটা এনেধৰণৰ প্ৰগেম লোৱা হৈছিল যেনে– স্কুলবিলাকত গৈ বিজ্ঞানৰ কথা আলোচনা কৰা – বিজ্ঞান জেউতীখন বিলোৱা বা ডিচকাচ কৰা, সেই সময়ত বিজ্ঞান জেউতী বহুতলৈকে গৈছিল৷ অৰুণাচলৰ ল’ৰায়ো আলোচনীখন পঢ়িছিল৷ লিখিছিলোঁ৷ স্কুল বিলাকৰ শিক্ষকসকলৰো আলোচনীখনৰ প্ৰতি আগ্ৰহ এটা আছিলে৷ আৰু সেই সময়ত যিহেতো বেলেগ Source নাছিলে বিজ্ঞানৰ বিষয়ে জনাৰ৷ গতিকে এই সুবিধাটো লৈ লৈছিলে যে– বিজ্ঞান জেউতীৰ যোগেদি আমি বিজ্ঞানৰ প্ৰচাৰ কৰিম৷ তদুপৰি ১৯৮২-৮৩ চনৰপৰা – ই ধৰা অসম আন্দোলন, জাতীয়তাবাদী চিন্তা-চৰ্চা আদি চলি আছিল, আৰু অলপ দূৰলৈ গ’লে নক্সাল আন্দোলন আদিবোৰ চলিছিল, তেওঁলোকেও কিছুমান ভাৱধাৰাৰে কাম কৰিছিল৷ আৰু ইপিনে কেৰেলাতো ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদ’ বুলি খুব ধুনীয়াকৈ বিজ্ঞানৰ কাম কৰা মানুহ কিছুমান উলাইছিল৷ তাতো লেফ্‌ট চিন্তা এটা আগবাঢ়িছিল৷ মহাৰাষ্ট্ৰতো হৈছিল৷ বেংগলতো আছিল বহুদিন ধৰি৷ বেংগলৰ আলোচনীখন সত্যেন বসুৰ দিনতে আৰম্ভ কৰা৷ তেতিয়া আমি সেইবিলাকৰপৰা, বিশেষকৈ কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে আমাক অনুপ্ৰাণিত কৰিছিল৷ তেতিয়া আমি দেখিলোঁ যে– হয়, বিজ্ঞান অকল ছাত্ৰ-ছাত্ৰীৰ মাজতে নহয়, গাঁৱৰ সাধাৰণ মানুহৰ মাজতো বিজ্ঞানৰ কথাবিলাক নিয়া ভাল৷ তেতিয়া আমি কিছুমান প্ৰগেম ল’বলৈ আৰম্ভ কৰিলোঁ– গাঁৱলৈ যাওঁ ব’লা ধৰণৰ৷ এটা দিনৰ বাবে হয়তো গ’ল, গাঁৱলীয়া মানুহৰ লগত কথা-বতৰা পাতিলে৷ তেওঁলোকৰ প্ৰব্লেম কি জানিলে– এইবিলাক হৈছিল৷ সেই কামটো দৰকাৰী আছিল৷ আৰু অলপ যোৱা হ’লে চাগৈ ভাল হ’লহেঁতেন৷ আমি সিমানতেই শেষ কৰিছিলোঁ৷ আৰু যে নেক্স ষ্টেপ ল’ব পাৰি, ডিচকাচন এটা হওক– সেইধৰণৰ গভীৰতালৈ নগ’লোঁ৷ তদুপৰি আমাৰ এনুৱেল কনফাৰেঞ্চখন যেতিয়া হৈছিল আমি তাত গোট খোৱা মানুহবোৰক ভাগ ভাগ কৰি ওচৰৰ গাঁৱলৈ লৈ গৈছিলোঁ৷ আৰু এটা প্ৰগেম আছিল, তেতিয়া ইউনিভাৰ্চিটিও হৈছেতো, গুৱাহাটী বিশ্ববিদ্যালয়ো আছে, মেডিকেল কলেজো আছে৷ আমি যিবিলাক শিক্ষাৰ্থীয়ে ৰিচাৰ্চ কৰে, তেওঁবিলাকক এনকাৰেজ কৰিবৰ কাৰণে চেমিনাৰ অৰ্গেনাইজ কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ কিছুদিন এনুৱেল কনফাৰেঞ্চখন আৰু এই চেমিনাৰখন আমি মিলাই দিলোঁ৷ সেইটো এইকাৰণেই দিলোঁ যাতে যিবিলাকে ৰিচাৰ্চ নকৰে, যেনে স্কুলৰ শিক্ষক কিছুমান থাকে, ৰিচাৰ্চ নকৰা মানুহ কিছুমান থাকে, আকৌ ৰিচাৰ্চ কৰা মানুহ কিছুমানো আহে এই সভালৈ৷ গতিকে এই দুয়োপক্ষ মানুহৰ মাজত যাতে এটা ইণ্টাৰেকচন হয়, আমি সেইটো বিচাৰিছিলোঁ৷ এইটো কিন্তু তিনি-চাৰি বছৰমান থাকিলে৷ বেচ পপুলাৰ হৈছিল অনুষ্ঠানটো৷ কিন্তু লাহে-লাহে আমাৰ মানুহবিলাকে দেখিলে– মানে যিবিলাকে ৰিচাৰ্চ কৰে, তেওঁবিলাকে চাগৈ অসুবিধা পালে৷ সময় বেছি যায়৷ তেওঁলোকে ক’লে– না, আমি বেলেগে অনুষ্ঠান কৰাই ভাল৷  কিন্তু মই ভাবোঁ দুয়োখিনি মানুহে একেলগে কাম কৰা হ’লে ৰিচাৰ্চ কৰাসকলে সাধাৰণ মানুহৰ লগত মিলা-মিচা কৰাৰ সুবিধা এটা পালেহেঁতেন৷ তদুপৰি স্কুলবিলাকত লেক্‌চাৰ দিয়াৰ প্ৰগেমো কৰা হৈছিল৷ পৰিৱেশ দিৱস বা তেনে দুই এটা দিৱস আমি উদ্‌যাপন কৰিছিলোঁ৷ এইবোৰতো বিনাপইচাতে কৰা হৈছিল৷ সকলোৱে নিজৰ জেপৰ টকা খৰছ কৰি কাম কৰে৷ তাৰ পিছত মাজতে NGO কিছুমান যে উলাইছিল, চৰকাৰৰ কিছুমান প্ৰগেম থাকে, যেনে– আমি যিবোৰ কাম কৰিব খোজোঁ, সেইবোৰ যদি চৰকাৰৰ কামৰ লগত মিলি যায়, ভাল গ্ৰাণ্ট এটা পাওঁ৷ সেইধৰণৰ কামো কৰা হৈছিল৷ বিশেষকৈ অনাময় আঁচনি বিষয়ত বহুবোৰ কাম কৰা হৈছিল৷ কিন্তু সেইটোত এটা অসুবিধা হয়, তাত যিকেইজন ইনভলভ্ হয়, তেওঁলোক কেইজনেই ইনভলভ্ হৈ থাকে৷ কাৰণ বাকীবোৰেতো সুবিধা নাপায়৷ গতিকে সেই অনুষ্ঠানসমূহো অধিক ফলপ্ৰসূ নহ’লগৈ৷ তদুপৰি আমি স্কুলৰ বিজ্ঞান শিক্ষকসকলক ট্ৰেইনিং দিয়াৰ পদক্ষেপ লৈছিলোঁ৷ সেইটোও অগপৰ চৰকাৰৰ দিনতে চৰকাৰৰ পৰা ফাণ্ড পোৱা৷

প্ৰশ্ন: বৰ্তমান সময়ত ‘অসম বিজ্ঞান সমিতি’য়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি ভাৱে? 
প.ম.: মই ভাবিছোঁ কথাটো৷ সময়বিলাক একে নহয়তো৷ কাৰণ তেতিয়া টিভিটো আছিল যদিও ইণ্টাৰনেট নাছিলে৷ ইণ্টাৰনেটৰ সহায়ত এতিয়া মানুহে যিদৰে যিকোনো বস্তু সহজে জানিব পাৰে, তেতিয়া পৰা নাছিলে৷ গতিকে তেতিয়া বিজ্ঞান সমিতিৰ অলপ ভূমিকা এটা থকা বুলি মানুহে ভাবিছিল৷ কিন্তু এতিয়া যে বিভিন্ন মাধ্যমবোৰ হ’ল, গতিকে সেইটো এটা প্ৰব্লেম৷ আৰু এইবিলাক হোৱাৰ কাৰণে মানুহবিলাক এইবিলাকতে ব্যস্ত হৈ গ’ল৷ আৰু শিক্ষকবিলাকো বিশেষকৈ এতিয়া– ইমান হেঁচা এটা হৈছে কলেজ শিক্ষক বা ইউনিভাৰ্চিটিৰ শিক্ষকৰ– আজৰি সময় নাপায়৷  মই এটা ইণ্টাৰেষ্টিং কথা ক’ব খুজিছোঁ৷ আমি মেণ্ডেলৰ Sentini পাতিছিলোঁ৷ তেতিয়া মই অসম বিজ্ঞান সমিতিৰ সম্পাদক আছিলোঁ৷ আৰু বাৰটোও শনিবাৰ পৰিছিল৷ মেডিকেল কলেজত পাতিলোঁ৷ মই অনুষ্ঠানৰ কাৰণে গুচি গ’লোঁ৷ তাৰ পিছত হেডে মোক জেৰা কৰিলে– আপুনি শনিবাৰে নাছিলে নেকি? মই বোলো চায়েঞ্চ চ’চাইটিৰ কামত গৈছিলোঁ৷ বোলে– ছুটি লোৱা নাই? – মই বোলো নাই লোৱা৷ মোৰ ক্লাছো নাছিলে তাতে৷ – তাৰ মানে তেওঁ যেনেকে ক’লে যে মই ছুটি ল’ব লগা হ’ল৷ এনেকুৱা ধৰণৰ কথা৷ অথচ পিচত যেতিয়া বিশ্ববিদ্যালয়লৈ ‘NAAC’ আহিছে৷ ‘NAAC’ত এটা কথা থাকে যে তোমালোকে ওচৰে-পাজৰে কি কাম কৰিছা, সেইটো দেখুৱাব লাগে– অৱশ্যে সেইখন মিটিঙত মই নাছিলোঁ৷ তেতিয়া আমাৰে এজনে ক’লে– পৰমানন্দ মহন্তই যিবিলাক কাম কৰিলে সেইখিনি ইয়াত সোমোৱাই দিলোঁ, নহ’লে নহ’লহেঁতেনেই৷ 

প্ৰশ্ন: মানে এটা মুক্ত পৰিৱেশ বিশ্ববিদ্যালয়খনৰ পৰা আপুনি পোৱা নাছিল?
প.ম.: এৰা, এটা মুক্ত পৰিৱেশ আশা কৰা যায়৷ এতিয়াতো আৰু হেঁচা পৰিছে৷ শিক্ষকসকল হঠাতে ওলাই যাব নোৱাৰে৷ আৰু স্কুলবিলাকো ফ্ৰী নহয়৷ আমি ক্লাছত লেকচাৰ দিবলৈ যাম বুলি ক’লেও তেওঁলোকে অসুবিধা পায়৷ যে আপোনালোকে সেইবোৰ কৰিলে আমি সময়মতে চিলেবাছ শেষ কৰিব নোৱাৰিমগৈ ইত্যাদি ইত্যাদি৷ সেইবিলাক কাৰণে আমাৰো বাধা এটা পৰি গৈছে৷ কিন্তু তথাপি মই ভাবো চায়েঞ্চ চ’চাইটিৰ কাম বুলি ক’লে বিশেষকৈ ‘বিজ্ঞান জেউতী’খন আমি ভাল কৰিব লাগিব৷ সেইখনৰ প্ৰতি মানুহৰ আগ্ৰহ এটা বঢ়াব লাগিব আৰু প্ৰচাৰতো মনোযোগ দিব লাগিব৷ আৰু পাৰিলে ভাল ভাল সৰু সৰু বিজ্ঞানৰ কিতাপ প্ৰকাশ কৰিব লাগিব৷ যাতে মানুহে পঢ়া-শুনা কৰিব পাৰে৷ আৰু এটা কথা যে অলপ আগতে ক’লোঁ যে সাত লগাৰ সময়ৰ কথাটো– আমি হাতে-কামে যদি কৰিব পাৰোঁ৷ গ্ৰহণ লগাৰ সময়তে যদি আমি তাৰ বিজ্ঞানসন্মত কাৰণবোৰৰ কথা মানুহক বুজাই দিব পাৰোঁ– সেইবিলাক কামটো বিজ্ঞান সমিতিয়ে কৰিব পাৰে৷

প্ৰশ্ন: এনেধৰণৰ কামবোৰ বাংলাৰ প্ৰবীৰ ঘোষে যথেষ্ট পৰিমাণে কৰিছিল৷ তেওঁ এখন কিতাপো কৰিছিল সেই বিষয়ক৷ ‘অলৌকিক নহয় লৌকিক’ বুলি অসমীয়ালৈও তাৰ অনুবাদ হৈছে৷ আমাৰ অসমৰ ক্ষীৰধৰ বৰুৱা, ৰিপুঞ্জয় গগৈয়েও এই কামবোৰ কিছু পৰিমাণে কৰিছিল৷
প. ম. : হয় কথাটো৷ কিন্তু এতিয়াতো এইটোও বন্ধ হৈ থাকিল৷ অৱশ্যে একেখিনি কাম সদায় কৰিও থাকিব নোৱাৰি৷ কিন্তু তেনেকুৱা কামেই বহু সময়ত কৰিব পাৰিব লাগিব৷ নতুন প্ৰজন্মটোৰ মাজলৈ এই বিষয়বোৰ যাবই লাগিব৷ আৰু আমাৰ মেল-মিটিঙো আয়োজন কৰি লাভ নাই– সেইবিলাকলৈ মানুহ নাযায়েই! তেন্তে কেনেদৰে বিষয়বোৰ প্ৰচাৰ হ’ব– এইটো এটা চিন্তনীয় কথা! চায়েঞ্চ চ’চাইটিয়ে এতিয়াও দুই এক কাম কৰি আছে যদিও এইবিলাকক লৈ মই সুখী নহয়৷ তেওঁলোকে যিদৰে কামবোৰ কৰিব লাগিছিল, সেয়া কৰিব পৰা নাই৷ এইটোৱেই সমস্যা৷ আগতে বিজ্ঞান সমিতিৰ যিটো পৰিৱেশ আছিল, এতিয়া নাই৷ আৰু সিমান সময় দিবও নোৱাৰে চাগৈ৷ বাধ্যবাধকতা আছে৷ স্কুল বিলাকেও আগৰ দৰে সময় দিব নোৱাৰে৷ গতিকে আমি নতুন ধৰণে ভাবিব লাগিব৷ ৰাইজৰ মাজলৈ আৰু সাধাৰণ মানুহৰ মাজলৈ যাব পাৰিব লাগিব৷ এইটোৱেই ডাঙৰ কথা৷ আৰু এইখিনি কাম ক্ৰিয়েটিভলি কৰিব পাৰিব লাগিব৷,

প্ৰশ্ন: আপুনি এটা সময়ত কমিউনিষ্ট ধ্যান-ধাৰণাৰ প্ৰতিও আগ্ৰহী হৈছিল৷ ‘জন-বিজ্ঞান’ বাতৰি কাকতখন আপুনি সেই আদৰ্শৰে অনুপ্ৰাণিত হৈয়ে প্ৰকাশ কৰিছিল৷ তদুপৰি আপুনি ‘ইণ্ডিয়ান পিপ’ল্‌ছ ফ্ৰণ্ট’ দলৰ পৰা নিৰ্বাচনতো প্ৰাৰ্থীত্ব আগবঢ়াইছিল৷ এই বিষয়ে কিছু কথা কওকচোন৷
প. ম. : ইলেক্‌চনৰ সময়ত যে তৰোঁ– সেই বেনাৰখন মই ৰাখি থৈছোঁ জানা– মই দুটা পাতৰ চিম্বল লৈছিলোঁ৷ লিখিছিলোঁ বেনাৰত– পৰমানন্দ মহন্তক ভোট দিয়ক বুলি৷

প্ৰশ্ন : বিধানসভাৰ নিৰ্বাচন আছিল? কোন সমষ্টিৰপৰা?
প. ম. : অ’ বিধান সভাৰ৷ ডিব্ৰুগড় সমষ্টিৰপৰা৷

প্ৰশ্ন : কওকচোন, ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেদৰে আহিল৷
প. ম. : কথাটো এনেকুৱা যে –  ১৯৭০ত মই কনফাৰেঞ্চ এখন এটেণ্ড কৰিবলৈ গৈছিলোঁ৷ কলিকতাত এদিন থাকিব লগা হ’ল৷ তাত দেখিছোঁ যে– এখন লেনিনৰ ফটো আছে– আৰু তাত মালা-চালা দিছে– অলপ হূলস্থলীয়া কাৰবাৰ এটা৷ মই দূৰৰপৰা চাইছোঁ৷ তাৰপাছত ভাবিলোঁ কিনো হ’ল– গম পালোঁ যে নক্সালসকলৰ সমৰ্থকসকলে তাত প্ৰতিবাদ কৰিছে৷ গতিকে অলপ আগ্ৰহী হ’লোঁ– তেনেকেই আগ্ৰহী হোৱাৰ কাৰণে দুই এজনৰ লগত কথা-বতৰাও পাতিবলৈ সুবিধা পালোঁ৷ এই বিষয়ে অলপ পঢ়া-শুনাও কৰিলোঁ৷ এই যে ইণ্ডিয়ান পিপ’ল্‌ছ ফ্ৰণ্ট দলটো– তেওঁলোকৰে দল এটা৷ মাৰ্ক্সবাদীৰ দল এটা– অ’ সেইখিনি সময়তে তেওঁলোকৰ ওপৰত খুব অত্যাচাৰ চলিছিল৷ বিহাৰত বিশেষকে৷ তেওঁলোকে পুলিচকো মাৰিছে আৰু পুলিচেও গুলিয়াইছে৷ তেনেকুৱা ধৰণৰ ঘটনাও ঘটিছে৷ এইখিনি কথা ইমাৰজেঞ্চিৰ আগে-আগে৷ এইবোৰ নিউজ কাগজত প্ৰকাশ পাইছে৷ গতিকে তেওঁলোকৰ প্ৰতি একধৰণৰ এটা সহানুভূতি আছিল৷ তাৰ পিছত তেওঁলোকেই দেখিলে যে Banned Organisation এটা হৈ থাকি লাভ নাই৷ এটা দল লাগিব৷ সেয়েহে তেওঁলোকৰে মাজত এটা দল খোলা হ’ল৷ বহুতকে Inspire কৰিলে যে আহা আমি চায়েঞ্চ, আৰ্টচ্‌ৰ বেলেগ বেলেগ ক্ষেত্ৰৰ বহুত মানুহ গোট খোৱাও আৰু তেওঁলোকৰ সৈতে আলোচনা কৰি আগবাঢ়ি যাওঁ৷  দলটোত সব ধৰণৰ মানুহ আছিল৷ শিক্ষক, ইঞ্জিনিয়াৰ, খেতিয়ক, লেবাৰ মানে সব আৰু৷ তেওঁলোকৰ প্ৰথমখন মিটিং হৈছিল দিল্লীত৷ তালৈ ময়ো গৈছিলোঁ৷ তাৰ পাছত যেতিয়া ইলেকচন হ’ল, তাত আমি যোগ দিম বুলি ঠিক কৰিলোঁ৷ তাৰ পাছত আৰু এখন ডাঙৰ মিটিং হৈছিল৷ তাতে ইন্দিৰা গান্ধীৰ স্বৈৰতন্ত্ৰ ধ্বংস হওক বুলি আমি ঝাণ্ডা লৈ লৈ ৰাস্তাত ঘূৰিছোঁ৷ এইবাৰ ইলেকচনৰ আগে আগে মই ভাবিছোঁ কথাটো– তেতিয়া ঝাণ্ডা লৈ ঘূৰাৰ দৰে এতিয়াৰ পৰিৱেশত ঘূৰিলে সবকে চাগে ‘UAPA’ত সোমোৱাই থ’লেহেঁতেন৷ কিন্তু সেই সময়ত কোনেও একো কৰা নাছিল৷ আনকি পুলিচো নাই৷ এনেই ওচৰত আছিল যদিও আমি যাতে ল’ এণ্ড অৰ্ডাৰ ভংগ নকৰোঁ– আৰু আমাক যাতে কোনেও নামাৰে, তেনেকুৱা ধৰণৰ পুলিচহে আছিল (হাঁহি)৷ সেইদিনা খুব বৰষুণ দিছিল৷ আমি তিতি তিতি প্ৰতিবাদ কৰিছিলোঁ৷ 

প্ৰশ্ন: তাৰ পাছত সেই দলেই আপোনাক টিকট দিলে? ডিব্ৰুগড়ত তেতিয়া সংগঠনৰ ভেটি কেনেধৰণৰ আছিল?
প.ম.: ভেটিটো ক’তোয়েই ভালকে নাছিলে৷ ভেটিনো কেনেকৈ হ’ব– আমাৰ মানুহখিনি গোট খাইছেহে মাত্ৰ৷ আৰু আমি ভাবিলোঁ যে এইটো সুযোগেই – মানে এনেকুৱা প্লেটফৰ্ম এখন যে লাগে– য’ত মুক্তভাৱে মানুহে বিভিন্ন কথা পাতিব পাৰে৷ সেইকাৰণেই আমি এই সুবিধাটো ল’বলৈ ইলেকচন খেলাৰ দৰে হ’ল আৰু৷ তিনিচুকীয়াৰ অনিল বৰুৱা বুলিও এজন আছিল৷ তেখেত লোকসভাৰ কাৰণে উঠিছিল আৰু মোক ডিব্ৰুগড়ত দিলে৷ অসমত আৰু পাঁচজন মান ক’ৰবাত দিছিলে৷

প্ৰশ্ন: কিমানমান ভোট পাইছিল, মনত আছেনে?
প.ম.: সেইটোও ইণ্টাৰেষ্টিং৷ মইনো কেনেকৈ মানুহৰ ঘৰে ঘৰে গৈ ভোট খুজিমগৈ– যিবিলাক অচিনাকী মানুহ তেওঁবিলাকৰ ঘৰলৈ গৈছোঁ– কোনোবাই গাড়ী এখনো দিছিলে কেইদিনমানৰ কাৰণে৷ মোৰ স্কুটাৰখনো কাৰোবাক দিলোঁ৷ চাইকেলখন হেৰালে৷ বাৰু যি কি নহওক– পাছত মই গম পালোঁ– ৪২৬ টা ভোট মই পালোঁ৷ তাৰে ৬টা ভোট আহিল কেম্পাছৰপৰা নহ’লেতো মই ফ’ৰ টুৱেণ্টিয়েই হ’লোঁহেঁতেন (হাঁহি)৷

প্ৰশ্ন: বেলেগ এটা প্ৰসংগলৈ আহিছোঁ– আপুনি ‘বিজ্ঞানৰ সোণালী যুগৰ কাহিনী’ (১৯৯৩), ‘ভৌতিক ৰীতিৰ চৰিত্ৰ’ (১৯৯৩), ‘নীল্‌চ ব’ৰ আৰু পদাৰ্থজগত (১৯৯৮), ‘বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য’ (২০০১), ‘ভাৰতত আধুনিক বিজ্ঞান’ (২০০৮), ‘সাহিত্য বিজ্ঞান আৰু অন্যান্য’ (২০১০), ‘সত্যেন্দ্ৰ নাথ বসু’ (২০১৪) আদি কেইবাখনো গ্ৰন্থৰে অসমীয়া বিজ্ঞান সাহিত্যক সমৃদ্ধ কৰিছে৷ কিন্তু সামগ্ৰিকভাৱে, অসমীয়া বিজ্ঞান সাহিত্যই আজিও আমাৰ বৌদ্ধিক মহলত এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে প্ৰতিষ্ঠা লাভ কৰা পৰিলক্ষিত হোৱা নাই৷ এই আক্ষেপটো আপুনিও আপোনাৰ লেখাৰ মাজেৰে কৰিছে৷ ইয়াৰ কাৰণ কি বুলি ভাৱে? 
প. ম. : মই যে অলপ আগতে ক’লোঁ– গুৰুবাদেই আচলতে৷ মই ভাবোঁ সাহিত্যৰ বুৰঞ্জী যিহেতু সাহিত্যৰ মানুহেই লিখে৷ গতিকে তেওঁলোকে বিজ্ঞানক ভাল পাবি লাগিব৷ আধুনিক যুগত বিজ্ঞান নহ’লেই যিহেতু নচলে৷ গতিকে বিজ্ঞানক তেওঁলোকে যথেষ্ট ভাল পাব লাগিব৷ একধৰণৰ আসক্তি এটা আহিব লাগিব৷ সেইটো দুৰ্ভাগ্যবশত আমাৰ নাই অহা৷ কাৰণ বিজ্ঞান মানেই যুক্তিৰ কথা আহে আৰু যুক্তি আহিলেই গুৰুবাদটো শেষ হৈ যাব চাগে৷ তেনেকুৱা ভয় কিছুমান থাকে আৰু কি জানা–  এম. এ পাছ কৰি যোৱা মানুহেই কলেজত পঢ়ায়গৈ৷ সেইখিনিৰ মানুহৰপৰাই বিজ্ঞানৰ কথাবোৰ তলৰ শ্ৰেণীবোৰলৈ যায়গৈ৷ গতিকে এইখিনি মানুহৰ ওপৰত বহুত ৰেচপনচিবিলিটি আছে৷ বিজ্ঞানৰ প্ৰচাৰৰ ক্ষেত্ৰত এই অসমীয়া বিষয়টো যিসকলে পঢ়ায় তেওঁবিলাকৰ বিশেষ দায়িত্ব আছে৷ এইটো তেওঁলোকে বুজা নাই৷ হয়তো আমিও বুজাবলৈ পৰা নাই৷ তেওঁবিলাকে কি ভাৱে মই নাজানো৷ কিন্তু বিজ্ঞানৰ প্ৰতি শ্ৰদ্ধাতো নায়েই আনকি বিজ্ঞাননো কি সেয়া জানিবলৈকো আগ্ৰহী নহয়৷ অৱশ্যে ব্যতিক্ৰম কেইজনমান আছে৷ সাধাৰণ কথা এটা– গণেশে গাখীৰ খোৱা কথাটো৷ এইটোতো কেপিলেৰি এক্সন৷ এই কথাটোকে মানুহে কাৰোবাক সুধিছে জানো! এইটো কেলৈ হ’ল অ’ বুলিওতো সুধিব পাৰে৷ এই ধৰা ফ্লটিং– ফ্লটিঙত কিছুমান বস্তু তললৈ গুছি যায় আৰু কিছুমান উপঙি থাকে কিয়! এই কথাটো কোনেও কাহানিও সোধা নাই– এইবোৰ সৰু কথা কিন্তু মানুহৰ মনলৈ নাহে৷ মানুহে যিবিলাক বস্তু এক্সপ্লেইন কৰিব নোৱাৰে– ধৰি লৈছে সেইবোৰ ঈশ্বৰে কৰা৷ ঈশ্বৰলৈ ঠেলি দিও৷

প্ৰশ্ন: বিজ্ঞান সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত বিজ্ঞান লেখকসকলে কেনেধৰণৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ প্ৰয়োজনীয়তা আছে?
প.ম.: এইক্ষেত্ৰত এটা ভাল কথা দেখিছোঁ৷ বিজ্ঞান লেখক সংস্থা বুলি এটা সংস্থাৰ সৃষ্টি হ’ল৷ এইটো ১৯৯৯ চনতে আৰম্ভ কৰা৷ দীনেশ চন্দ্ৰ গোস্বামীয়ে ইনিচিয়েটিভ ল’লে৷ এতিয়া সংস্থাটো এক্টিভ হৈয়ে আছে৷ গোস্বামীয়ে হাতপুথি এখনো কৰিলে– ‘বিজ্ঞান লেখকৰ হাতপুথি’ বুলি৷ ক্ষীৰধৰ বৰুৱাই ডিক্সেনেৰীখনো কৰিলে – এইখনো কামত অহা৷ এনেদৰে কাম কৰা হৈছে৷ কিন্তু সহজভাৱে লেখাবিলাক দেখিবা– যে আমি অন্য ভাষা এটাত হে যেন পঢ়িছোঁ ! পঢ়িবলৈ টান টান লাগে৷ কাৰণ সবেই বিজ্ঞানৰ কথাবোৰ সহজে বুজিব পৰাকৈ লিখিব পৰা নাই৷ কেইজনমান এচেপচনেল আছে৷ ধৰা বিপুলজ্যোতি– তেওঁ কিমান ধুনীয়াকৈ লিখে৷ আগৰ পবিত্ৰ বুঢ়াগোহাঁই– ইমান ধুনীয়া কিতাপ কিছুমান লিখি গ’ল– এই কিতাপবোৰৰ কথাটো মানুহে এপ্ৰিচিয়েট নকৰিলে৷ আলোচনালৈ নাহিলেই৷ এতিয়া মই ভাবোঁ যে বিজ্ঞান সাহিত্যিক আৰু অন্যান্য সাহিত্যিকবোৰৰ মাজত এইধৰণৰ কথাবোৰ আলোচনা হ’ব লাগে৷ বিষয়বোৰ বুজাত ক’ত কি অসুবিধা হৈছে– তাৰ আলোচনা লাগে৷ এইটো বৰ দৰকাৰ৷ বিজ্ঞান সাহিত্যই কি কৰে– আমাক কিছুমান ধাৰণা দিয়ে৷ ধাৰণাবিলাক নহ’লে আমি ভাবিম কিদৰে– চিন্তা কৰিবলৈতো ধাৰণা লাগিব৷ ধাৰণাৰ বাবে শব্দ লাগিব৷ শব্দইহে প্ৰকাশ কৰিব৷ গতিকে এই শব্দখিনি যাতে প্ৰচলন হৈ থাকে– শব্দবোৰ আমাক অসমীয়া সাহিত্যই দিব৷ এই কথাখিনি আলোচনা কৰাটো খুব দৰকাৰ আচলতে৷

প্ৰশ্ন: আপোনাৰ লেখা আৰু বক্তৃতাৰ জৰিয়তে এইটো প্ৰতিপন্ন হয় যে, আপুনি ৰিচাৰ্ড পি ফাইনমেনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত অথবা প্ৰভাৱিত৷ চিন্তাবিদ, দাৰ্শনিক, বিজ্ঞানী ফাইনমেন পদাৰ্থ বিজ্ঞানৰ শিক্ষক হিচাবেও আছিল যথেষ্ট খ্যাতিসম্পন্ন৷ চিত্ৰশিল্পী, বাদক হিচাপেও তেওঁ পৰিচিতি লাভ কৰিছিল৷ ১৯৬৫ চনত পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা পোৱা এই ফাইনমেনৰ বিষয়ে চমুকৈ কিছু কথা কওকচোন৷ তেওঁৰ কোনবোৰ কথা বা দিশে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে? 
প.ম.: ফাইনমেনৰ কথা মই প্ৰথম শুনিছিলোঁ দিল্লী ইউনিভাৰ্চিটিত৷ সেই সময়ত মই যিখন ৰিচাৰ্চ পেপাৰত কাম কৰি আছিলোঁ তাত মুঠতে তিনিজন মানুহ– ছালাম, ফাইনমেন আৰু গেলমান বুলি৷ এই তিনিজন সেই সময়ৰ আটাইতকৈ মুধাফুটা থিয়ৰিটিকেল ফিজিক্সৰ বিজ্ঞানী আছিল৷ অ’ আৰু এজন আছিল জৰ্জ সুদৰ্শন বুলি, তেওঁ ভাৰতীয়, তেওঁৰ লগত পাছলৈ মোৰ চিনাকিও হৈছিলে৷ তেতিয়া অৱশ্যে মোৰ খং উঠিছে যে সুদৰ্শনে কৰি থকা কামটো এওঁলোক তিনিজনে আগতেই কৰি উলিয়াই দিলে৷ তেনেকে প্ৰথম ফাইনমেনৰ লগত চিনাকি৷ সেই সময়ত ফাইনমেনৰ নামটো বেচ ভালকে উলাইছে৷ তেওঁ কি কৰিলে জানা, ১৯৪৮ত কুৱাণ্টাম ইলেক্ট’ডাইনেমিক্স বুলি কয়– সেইটো তিনিজন মানুহে একে সময়তে কৰি উলিয়ালে৷ মেথডবিলাক বেলেগ বেলেগ৷ কিন্তু ফাইনমেনৰটো আটাইতকৈ বিচিত্ৰ আৰু সহজ ধৰণৰ আছিল৷ তেওঁ একধৰণৰ ৰিভউলোচন এটা আনিলে৷ আমি বেচ চমৎকৃত হৈছিলোঁ তেতিয়া৷ আৰু ইতিমধ্যেই লাহে-লাহে শুনিবলৈ লৈছিলোঁ– মানে তেওঁ বেলেগ ধৰণৰ কেৰেক্টাৰ এটা৷ একদম ব্যতিক্ৰমী চৰিত্ৰ৷ সেইকাৰণেই বোধহয় তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়িলে৷ সাধাৰণতে ফিজিক্সৰ মানুহবিলাক গহীন, গম্ভীৰ কিন্তু তেওঁটো সেইটো নহয়৷ তাব্‌লা বজায় কেতিয়াবা নাচে– সেইবিলাক৷ গতিকে খুব এটা আকৰ্ষণ বাঢ়িল৷ আৰু পিছতো দেখিছোঁ ফিজিক্সৰ বহুকেইটা ইণ্টাৰেষ্টিং প্ৰব্লেম তেওঁ নিজৰ ধৰণে কৰিলে৷ আটাইকেইটা ন’বেল প্ৰাইজ পোৱাৰ দৰেই হৈছে৷ চুপাৰ ফ্লুইড বুলি এটা, পাৰ্টন মডেল বুলি এটা–এইখিনি বস্তু তেওঁ নিজৰ ধৰণে কৰিবলৈ ল’লে৷ সেইফালৰপৰা তেওঁ ইউনিক৷ তেওঁ কোন মুহূৰ্তত কি কৰে তাৰ ঠিকনা নাই৷ আৰু ১৯৬৩-৬৪ মানৰপৰা তেওঁ কেলিফৰ্ণিয়া ইনষ্টিটিউটত গৈ তিনিবছৰ কাল ধৰি ল’ৰা-ছোৱালীবিলাকক পঢ়ুৱাবলৈ ল’লে৷ হায়াৰছেকেণ্ডেৰী, বি. এৰ ক্লাছবিলাক পঢ়াবলৈ ল’লে৷ কাৰণ তেওঁ ভাবিলে যে শিক্ষা ব্যৱস্থাটো অলপ ঠিক-ঠাক কৰিব লাগে৷ শিক্ষাৰ মান উন্নত কৰিব লাগে৷ তেতিয়াই তেওঁ এটা এক্সপেৰিমেণ্ট হিচাপে ফিজিক্স পঢ়াবলৈ ল’লে৷ আৰু কিতাপো লিখিলে৷ তিনিটা খণ্ডৰ৷ সেই কিতাপখন ইমান ফেমাছ হ’ল যে সবেই হাতত লৈ ফুৰে৷ যেনেকৈ মাও চে টুঙৰ ‘ৰেড বুক’ৰ গুৰুত্ব৷ এইখনো যেন ফিজিক্সৰ ‘ৰেড বুক’ধৰণৰহে আছিল৷ তাৰ পিছত তেওঁ কেইখনমান কিতাপ লিখিলে আত্মজীৱনী ধৰণৰ– Surely You're Joking, Mr. Feynman!, What Do You Care What Other People Think?, The Meaning of It All , The Pleasure of Finding Things Out  আদি৷ বহুকেইটা গুৰুত্বপূৰ্ণ লেকচাৰ দিছিল৷ বিবিচিৰ লেকচাৰ এটা দিছিল৷ ইয়াৰ আধাৰতে মই কিতাপ এখন অনুবাদ কৰিছিলোঁ– ‘ভৌতিক ৰীতিৰ চৰিত্ৰ’ বুলি৷ আচলতে মানুহজনক ভাল পাওঁ বাবে এইখন অনুবাদ কৰাৰ সাহস কৰিলোঁ৷ মানুহজনৰ সাধাৰণ মানুহৰ প্ৰতি এটা অনুকম্পা আছিল৷ মৰম এটা আছিল৷ তেওঁৰ প্ৰথম কিতাপখনতে আছে, তাতে মানে আছে– তেওঁ ছোৱালী এজনী ভাল পাইছিল আৰ্লিন বুলি৷ আৰ্লিনৰ সৈতে পাছলৈ তেওঁৰ বিয়া বাৰুও হ’ল৷ ইতিমধ্যে তেওঁ আমেৰিকাৰ মানহাট্টানপ্ৰজেক্টত কাম কৰিবলৈ আহিছিল– আমেৰিকাৰ যিটো নিউক্লিয়াৰ ব’মৰ প্ৰজেক্ট আছিল– তেওঁ তাতে আছিল৷ তেতিয়া তেওঁৰ ঘৈণীয়েক মৃত্যুৰ শয্যাত – কেঞ্চাৰ হৈছিল ঘৈণীয়েকৰ৷ এই আৰ্লিনৰ কথাখিনি পঢ়িলে চকুপানী ওলাব আৰু ইমান ধুনীয়া মৰমলগা এটা লাভ্‌ ষ্টৰী যেন লাগে মোৰ৷ কিমান যে আৰ্লিনক ভাল পাইছিল৷ মই চাগে অকণমান ৰোমাণ্টিক, সেইকাৰণে এইবিলাক কথাৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল৷ মই বহুতকে লগ পালোঁ– এওঁক অৱশ্যে লগ নাপালোঁ৷ ফাইনমেন এনেকুৱা আছিল– কেতিয়াও কেয়াৰ নকৰে কথা ক’বলৈ৷ কোনোবাই কিবা এটা কৈ আছে ধৰা– যদি তেওঁ বিসংগতি দেখে চিধাই কৈ দিব– ‘It is Nosence’ বা তেনেকুৱাধৰণৰ৷ আনকি প্ৰখ্যাত বিজ্ঞানী নীল্‌চ্‌ ব’ৰ-এ তেওঁৰ আলোচনা বিলাকলৈ ফাইনমেনক সেইকাৰণেই মাতি আনিছিল৷ এটা নিৰ্ভীক চৰিত্ৰ আছিল৷ আৰু এটা কথা– তেওঁ ফিজিক্সৰ একদম ভিতৰলৈকে জানিছিল৷ বস্তুবিলাক ফিজিকেলি চাইছিল৷ সেইকাৰণেই তেওঁ সহজভাৱে কামবোৰ কৰিব পাৰিছিল৷ একধৰণৰ অগতানুগতিক আছিল৷

প্ৰশ্ন: ৰিচাৰ্ড পি ফাইনমেনে বিজ্ঞান বিষয়ক বক্তৃতা দিবলৈ ব্ৰাজিললৈ গৈ তাত দীৰ্ঘদিন থাকি উপলব্ধি কৰিছিল যে– ব্ৰাজিলত প্ৰকৃত অৰ্থত বিজ্ঞান শিকোৱা নহয়৷ কেৱল মুখস্থ বিদ্যাতহে তেওঁলোকে অত্যধিক গুৰুত্ব দিছিল৷ ফাইনমেনে ব্ৰাজিলৰ বিজ্ঞান শিক্ষাৰ ব্যৱস্থাটোৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ এতিয়া আহোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ৷ আপোনাৰ দৃষ্টিত ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষাৰ পৰিকাঠাম বা ব্যৱস্থাটো কেনে? আমাৰ ব্যৱস্থা আৰু পাঠ্যক্ৰমক লৈ আপুনি সন্তুষ্টনে?
প.ম.: মই এক্টিভ হৈ থকালৈকে যিখিনি দেখিলোঁ– ব্ৰিটিছবিলাক আহি ভাৰতত যেনেদৰে বিজ্ঞানৰ কামবোৰ আৰম্ভ কৰিছিল, তেনেকেই চলিছিল৷ কেৱল নতুন নতুন চাবজেক্টবিলাক আমি ভৰাই দিলোঁ–কিন্তু বাকীবিলাক মেথড যে একেধৰণৰে কামবোৰ কৰিছে– মুখস্থ বিদ্যাটো বেছিকৈ আছিল৷ আনকি ফিজিক্সৰ বহুত টিচাৰ আছে, আমি দিয়া নোটবিলাক লৈয়ে কেৱল ক্লাছ কৰে৷ গতিকে ভাবাচোন! কি হ’ব পাৰে৷ আমাৰ এতিয়াও পৰিৱেশ খুবেই বেয়া৷ এই যে নতুন শিক্ষানীতিও আহিছে– মই দুই এজনক সুধিছোঁ, খবৰ কৰিছোঁ – এই নীতিয়েও আমাৰ শিক্ষা ব্যৱস্থাটো ক’লৈ নিয়ে– বৰ সন্দেহজনক৷

প্ৰশ্ন: সাম্প্ৰতিক সময়ত ভাৰতত মৌলিক বিজ্ঞানৰ গৱেষণা ব্যাহত হৈছে বুলি শুনিবলৈ পোৱা যায়৷ এই সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ? 
প. ম. : তুমি ঠিকেই কৈছা চাগে এফালৰপৰা৷ কাৰণ আজি বিজ্ঞানৰ অৱস্থা খুব ভাল নহয় ভাৰতত৷ এইটো পলিটিচিয়ানবিলাকেও গম পাইছিলে৷ সেইকাৰণে এই চেঞ্চুৰিটোৰ ঠিক আগতে ২০১০ চনৰ ভিতৰতে চিৰিজ অৱ ইন্‌ষ্টিটউট খুলিছিল৷ IISER বুলি কয়৷ Indian Institutes of Science Education and Research৷ বোধহয় সাতটামান খুলিলে এই IISER৷ এইকেইটাত মানে ভাল শিক্ষক আৰু ছাত্ৰ লৈ গৱেষণা কৰিব৷ আৰু তাৰ কাৰণে ষ্টুডেণ্টবোৰকো ভাল স্কলাৰশ্বিপ্‌ দি প্ৰতিযোগিতা কৰালে৷ কাৰণ বেছিভাগেই আই. আই. টিলৈ গুচি যায়গৈ৷ ভাল ল’ৰা নাথাকে৷ গতিকে, এওঁলোকক ভাল স্কলাৰশ্বিপ দিয়ে৷ যাতে ভালকৈ থাকিব পাৰে৷ গৱেষণাত একান্তভাৱে মনোযোগ দিব পাৰে৷ সেই মতে কৰিছিল৷ সেই বুলি খুলিলে৷ তাৰ পিছত বহুত ল’ৰা গৈছে৷ মই শুনিছোঁ৷ অসমৰ পৰাও গৈছে বোধহয়৷ কিন্তু এটা কথা দেখিলোঁ৷ তাতো এটাই প্ৰব্লেম হ’ল যে তেওঁলোকে তাত পঢ়ে; সেইবিলাক ইন্‌ষ্টিটিউটৰ লগত এমেৰিকান বা অন্য ঠাইৰ ভাল ইনষ্টিটিউটৰ এটা যোগাযোগ থাকে৷ গতিকে কোনোবা এটা বছৰৰ ফাইনেল ইয়েৰ বা তাৰ আগতে ছমাহ বা তিনিমাহৰ কাৰণে তেওঁলোকক লৈ যায়৷ তাত ট্ৰেইনিং দিয়ে৷ তেনেধৰণৰ ব্যৱস্থা এটা হ’ল৷ কিন্তু তাত দেখিলে তেওঁলোকে কি সুবিধা আছে৷ কেনেকুৱা কাম বন চলে৷ বহুত ল’ৰা-ছোৱালীৰ তাতে কনট্ৰেক এটা হৈয়ে যায়৷ যেতিয়া ফাইনেল ইয়েৰ পাছ কৰি যায় তেওঁলোক তালৈ গুচি যায়৷ কিমান ঘুৰি আহে মই গম নাপাওঁ এতিয়া৷ মই যিকেইজনক চিনি পাওঁ এতিয়ালৈকে এজনো ঘূৰি অহা নাই৷ গতিকে, সেইটো এটা আশা আছিলে যে, যদিও বাকীবিলাক ইন্‌ষ্টিটিউটত মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বোলা অন্য ইন্‌ষ্টিটিউটত বিলাকত বিজ্ঞান শিক্ষা আমি যিমান ভাল হ’ব বুলি ভাবিছিলোঁ নাই হোৱা৷ সেইকাৰণে এনেকুৱা বচা বচা ইন্‌ষ্টিটিউটত লোৱা হৈছে৷ আৰু আশা কৰিম যে, তেওঁলোকে ভাৰতত থাকি ভাৰতীয় বিজ্ঞানৰ উন্নতি কৰিব৷ এই ঘটনাটো ঘটাৰ কাৰণে মোৰ শংকা হৈছে এইটো কিমান দিন তেওঁলোকে কৰিব পাৰিব৷  আৰু এটা কথা তুমি মন কৰিবা যে মৌলিক বিজ্ঞানৰ কথা যোৱা কেইবছৰমান ধৰি; মানে দুখ লাগে কথা এই যে নতুন ৰেজিম বুলি ক’ব পাৰোঁ৷ তেওঁলোকে আহিয়ে চিধা বিজ্ঞান কংগ্ৰেছত কেনেকুৱা কথা কৈছে? আমাৰ প্ৰাইম মিনিষ্টাৰ মোডীয়ে প্ৰথমেই বাংগালোৰত যিখন চাইন্স কংগ্ৰেছ দিছিল তাত অদ্ভূত কথা কিছুমান ক’লে৷ ভাৰতত কেতিয়াবাই চিজাইন কৰা হৈছিল বা অপাৰেচন হৈছিল৷ এইবিলাক কথা অহা পাছত মানুহ হতাশ হ’বলৈ বাধ্য৷ আৰু নেহৰুৱে যি বুলি চায়েন্স কংগ্ৰেছৰ নিয়ম বান্ধি দিছিল; নিয়ম ঠিক নহয় আৰু আগ্ৰহ প্ৰকাশ কৰিছিল যে স্বাধীনতাৰ পাছত যেতিয়া প্ৰাইম মিনিষ্টাৰ হয় তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল যে আপোনালোকে চায়েন্স কংগ্ৰেছৰ এনুৱেল কনফাৰেন্সলৈ মোক মাতিবই৷ মই গৈ ভাল পাওঁ৷ সেইকাৰণে তেওঁলোকে সদায় এটা নিৰ্দিষ্ট সময়ত জানুৱাৰী তিনি, চাৰি তাৰিখ মানে চায়েন্স কংগ্ৰেছৰ মিটিংখন পাতে৷ আৰু নেহৰু যায়৷ নেহৰুৰ পিছত যিকেইজন প্ৰাইম মিনিষ্টাৰ হ’ল প্ৰতিজনে এইটো কাম কৰি আহিছে৷ মোডীও গ’ল৷ যোৱাবাৰ এওঁলোকৰ মানে কি হ’ল, সব কথাতে ভাগ লাগে৷ ভাগ লাগে মানে য’ত সোমাই সেইখিনি কণ্ট্ৰ’ল কৰিব খোজে৷ চায়েন্স কংগ্ৰেছখন এখিনিয়ে কৰি আছে কিন্তু পইছা পাতি তেওঁলোকৰ ইমান নাই৷ চৰকাৰৰ পৰাই ল’ব লাগে৷ তেতিয়া তেওঁলোকে কয় যে নহয় অমুকে আমোক কৰা তমুক কৰা ইত্যাদি৷ সেইবিলাক কথাত এওঁলোকৰ দিগ্‌দাৰ হয়৷ যোৱাবাৰ পইছাই নিদিলে৷ ফলত প্ৰথমবাৰৰ কাৰণে আজি কিমান বছৰ ১৯১৪ পৰা জানা চায়েন্স কংগ্ৰেছৰ অধিৱেশন হৈ আছে প্ৰতিবছৰে; Except যুদ্ধকালীন সময়ছোৱাত এবছৰমান নাই হোৱা চাগে৷ এইবাৰ প্ৰথমবাৰৰ বাবে এই বছৰ চায়েন্স কংগ্ৰেছ নহ’লে৷ চৰকাৰৰ এনেকুৱাধৰণৰ নীতিৰ কাৰণে৷ আৰু মৌলিক গৱেষণা কি হ’ল, সাধাৰণতে গৱেষণা বিলাক হয় কেনেকৈ? পইচা-পাতিটো দৰকাৰ হয়৷ সেইবিলাক ফাণ্ড আহে চায়েন্স এণ্ড টেকন’লজি বা চৰকাৰৰ বিভিন্ন হেল্‌থ বা টেন্সপৰ্ট বা বেলেগ বেলেগ ভাগত তেওঁলোকে পইচা দিয়ে৷ কিন্তু এই কেইবছৰমান ধৰি তেওঁলোকে হঠাতে আৱিস্কাৰ কৰিলে গো মূত্ৰ৷ এইবিলাকত যেন সাংঘাটিক চায়েন্স লুকাই আছে৷ পুৰণা চায়েন্স৷ সেইবিলাকৰ বিষয়ে গৱেষণা কৰিবলৈ বহুত বহুত গ্ৰাণ্ট দিবলৈ ধৰিলে আৰু ইবিলাক গ্ৰাণ্ট ক’ৰ পৰা আহিব৷ এটা লিমিটেড ফাণ্ডহে থাকে৷ গতিকে অন্যৰ পৰা ফাণ্ডবোৰ লৈ লৈ গুচি গ’ল৷ 

প্ৰশ্ন: আনকি গো-মূত্ৰ সম্পৰ্কে গৱেষণা পত্ৰও প্ৰকাশ পাইছে৷
প.ম.: অ’৷ আচৰিত লাগে যে বহুতে পইছাখিনি পাবৰ বাবে এইবোৰৰ সম্পৰ্কে ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে৷ এইটোতো কথা হ’ব নোৱাৰে৷ এইবিলাক কথাই গৱেষণাৰ পৰিৱেশটোৱে নষ্ট কৰি দিছে৷ 

প্ৰশ্ন: বিজ্ঞানৰ ক্ষেত্ৰত পাৰদৰ্শিতা থকা বহুতো বিদ্বান লোক, আনকি অনেক বিজ্ঞানীও অন্ধবিশ্বাসী হোৱা দেখা যায়৷ এই সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ?
প. ম.: মই ভাবোঁ আটাইতকৈ ডাঙৰ অন্ধবিশ্বাস ধৰ্মটোৱেই৷ আমি যেতিয়ালৈকে ধৰ্মৰ বান্ধোনৰ পৰা মুক্ত হ’ব নোৱাৰিম তেতিয়ালৈ চায়েন্স কৰিব নোৱাৰিম৷ ৱেষ্টতো চায়েন্স বহুদিনলৈ এইকাৰণেই হোৱা নাছিল৷ ধৰ্মৰ বান্ধোন খুব কট্‌কটীয়া আছিল৷ আনকি ক’পাৰনিকাছেতো তেওঁৰ কথাবোৰ প্ৰকাশ কৰা নাছিল৷ ভয়তে৷ লিখাটো লিখে, কিন্তু প্ৰকাশ কৰা নাছিল৷ গেলিলিওৱে সাহস কৰিলে৷ যি হয় হ’ব৷ সেইখিনি এক্সপেৰিমেণ্ট কৰি দেখুৱাই পেলাই কৰিলে৷ গতিকে তেওঁ ধৰ্মৰ পৰা অলপ মুক্তি পালে৷ কিন্তু তাৰ ফল তেওঁ পালেও৷ তেওঁক গৃহবন্দী কৰি ৰাখিলে৷ ইমান কষ্ট দিলে৷ ইংলেণ্ডখন এখন প্ৰটেষ্টাণ্ট দেশ৷ তাতো যথেষ্ট উন্মোক্ত পৰিৱেশ৷ জাৰ্মানীতো বিজ্ঞানৰ প্ৰসাৰ খুব বেছিকৈ চলিলে৷ ইটালিতো চায়েন্স আগ নাবাঢ়িছিল ধৰ্মৰ গোড়ামীৰ কাৰণেই৷ ধৰ্মৰ বান্ধোন যেতিয়ালৈকে ইমান কটকটীয়া হৈ থাকে– তেতিয়ালৈকে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম৷ 

প্ৰশ্ন : শেহতীয়া পৰিৱেশ আৰু হতাশাজনক হৈ পৰাহে দেখা গৈছে৷ এনে পৰিৱেশত বিজ্ঞানৰ প্ৰসংগবোৰ মানুহৰ ওচৰলৈ গৈ নাপাবগৈ৷ 
প. ম. : এতিয়া ভাৰতত বিজ্ঞানৰ কৃষ্ণপক্ষ চলি আছে৷ এইটোত কোনো সন্দেহ নাই৷ গতিকে ইয়াৰ বিৰুদ্ধে মানে বিজ্ঞান যে দৰকাৰী এইটো প্ৰচাৰ কৰিব লাগিব৷ বিজ্ঞান নহ’লে একোৱেই নহ’ব আৰু বিজ্ঞান নহ’লে গণতন্ত্ৰৰ চিন্তা-চৰ্চা বিলাকো ধ্বংস হ’ব৷ বিজ্ঞানৰ লগত ডেম’ক্ৰেচিৰ আইডিয়াটো খুব ওতপ্ৰোতভাৱে জড়িত৷ মুক্ত চিন্তাধাৰা ধৰা৷ ইটোৰ লগত সিটো খুব জড়িত৷ গতিকে সেইটোৱে এতিয়া আটাইতকৈ বিপদ হৈছে৷ মৌলিক গৱেষণা কিয় হোৱা নাই ইয়েই তাৰ প্ৰধান এটা কাৰণ আৰু এটা হ’ল চৰকাৰৰ যিটো বাধা৷ দেখ দেখ বাধা৷ সিয়ে আমাক বিপদত পেলাইছে৷   

প্ৰশ্ন : আৰ্থ-সামাজিক দিশসমূহৰ আলোচনা-বিলোচনাত পৰিলক্ষিত হোৱা ভাববাদ আৰু বস্তুবাদৰ বিৰোধ আৰু পাৰ্থক্যৰ কথা সৰ্বজনবিদিত৷ তেনে বিৰোধৰ প্ৰসংগতেই আপোনাৰপৰা আমি এটা চিত্তাকৰ্ষক কথা জনাবলৈ পালে বৰ উপকৃত হ’ম৷ প্ৰশ্নটো হৈছে, বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত তেনে দৰ্শনগত বিৰোধ-পাৰ্থক্য পৰিলক্ষিত হয়নে?
প. ম. : এই কথাটো মই ভাবি চাইছোঁ৷ মই যেতিয়া বিজ্ঞানৰ বুৰঞ্জী পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া এইবিলাক কথা মাজে মাজে ওলায়৷ বিজ্ঞানৰ বুৰঞ্জীত দেখিলোঁ যে, বিজ্ঞান কৰা মানুহবিলাকৰ এটা দৰ্শন থাকে৷ কোনে কেনেকৈ কামটো আৰম্ভ কৰিছে৷ তেওঁলোকৰ যিটো চিন্তাধাৰা যিটো মাইণ্ডচেট্‌ তাৰপৰা আচলতে এইবিলাক কথা ওলাই যায়৷ কিন্তু যিটো ভাববাদ বা বস্তুবাদ সেইবিলাকৰ কথা চাগে মানে বিজ্ঞান কৰোঁতে সাংঘাটিকভাৱে প্ৰভাৱ নেপেলায় যেন পাইছোঁ৷ এবাৰেই কৰিছিল৷ ৰাছিয়াত লাইফ চায়েন্সৰ ক্ষেত্ৰত হৈছিল৷ তেওঁলোকে অলপ বস্তুবাদৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ একধৰণৰ নতুন থিয়ৰী দিছিলে লাইফ চায়েন্সৰ ক্ষেত্ৰত৷ Lysenko Affaire বুলি কয়৷ বিজ্ঞানীজনৰ নাম Lysenko আছিল৷ কিন্তু সেইটোৱে পিছত গম পোৱা গ’ল যে ৰাছিয়ান চায়েন্সক বহুত পিছলৈ লৈ গ’ল৷ সেইটোৱে একমাত্ৰ মই জনাত বিবাদ এটা হৈছিল৷ তাৰ উপৰিও দুটামান বিবাদ হয়৷ সেইটো ঠিক ভাববাদ বা বস্তুবাদৰ সম্পৰ্কে নহয়৷ যেনেকৈ নিউটন আৰু অইলাৰ তেওঁলোকে একেটা বস্তুকে উদ্ভাৱন কৰিছিল৷ কেলকুলাছ৷ কেলকুলাছে আধুনিক বিজ্ঞানক বহুত ওপৰলৈ লৈ গ’ল৷ এতিয়া নিউটনে ক্লেইম কৰিলে ইজনে ক্লেইম কৰিলে প্ৰথম বুলি৷ এনেকৈ বহুদিন চলি থাকিল৷ এওঁলোক দুজনৰ মাজত৷ মানে এতিয়াও চলি থাকে৷ কিছুমানে অইলাৰৰ কথা কয়৷ কিছুমানে নিউটনৰ কথা কয়৷ তাৰ পাছত বোধহয় ঊনৈশ শতিকাৰ শেষৰফালে জাৰ্মানী আৰু ইংলেণ্ডত৷ ইলেকট্ৰন৷ ইলেকট্ৰনৰ আৱিষ্কাৰ হৈছে ১৯০৩ চনত৷ ব্ৰিটিছ এজনে কৰিছে৷ থমচন বুলি এজনে কৰিছে৷ কিন্তু তাৰ আগতে যিখিনি এক্সপেৰিমেণ্ট কৰিলে, ব্ৰিটিছবিলাকে এইটো ঠিক এইটো পাৰ্টিকুল হিচাপে চাবলৈ বুলি এক্সপেৰিমেণ্টটো কৰিছে৷ জাৰ্মানীত বস্তুটো ওলোটা হ’ল৷ তেওঁলোকে ভাবিছিল যে এইটো পাৰ্টিকুল নহয় এটা ওৱেভহে বা বেলেগ এটা এনটিটি এইটো পাৰ্টিকুল হ’বই নোৱাৰে৷ গতিকে সেইধৰণৰ৷ এক্সপেৰিমেণ্টবিলাক তেনেকৈয়ে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে৷ আৰু দুই-এটা হৈছে৷ যেতিয়া বেছিকৈ নোৱাৰে তেতিয়া ধৰা এইটো এক্সপেৰিমেণ্টৰ কিবা ভুল আছিল৷ তেনেকৈ কৈ থয়৷  কিন্তু সেই যুঁজ এখন লাগি আছিল৷ আৰু চায়েন্সৰ আটাইতকৈ ডাঙৰ কথা হ’ল এক্সপেৰিমেণ্টয়ে যি কয় সেইটোৱেই ডিচাইডাৰ৷ এক্সপেৰিমেণ্ট যাৰ পক্ষে যাব তেওঁলোকেই জয়ী হ’ব৷ সেইফালৰপৰা মানে আমাৰ ফালৰপৰা কাজিয়া কৰি থাকিলেও বৰ বেছি লাভ নহ’ব৷ যি জন শুদ্ধ বুলি এক্সপেৰিমেণ্ট ডিটাৰমিন কৰিব তেওঁলোকেই আগবাঢ়ি যায়৷ আনহাতে ইণ্টাৰনেল যিটো সাহিত্যতে বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক যিটো দ্বন্দ্ব সেইটো ইয়াত দেখা নাযায়৷ মই ভাবোঁ৷ মানুহবিলাক অনুপ্ৰাণিত হয় বেলেগ বেলেগ চ’ৰ্চৰ পৰা৷ ধোঁৱা দেখি উতলি থকা বাষ্প দেখি ষ্টিফেনচনে ৰেলৰ ইঞ্জিনৰ কথা ভাবিলে৷ নহয় জানো? তেনেকুৱাধৰণৰ৷ তেনেদৰেই বহুতে অনুপ্ৰেৰণা কিছুমান পায়৷ সেইমতে কাম কৰি সফল হয়৷ 

প্ৰশ্ন: আপুনি মাতৃভাষা মাধ্যমতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল৷ ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০য়ে মাতৃভাষাত শিশুক শিক্ষাদানৰ পোষকতা কৰিছে৷ এয়া নিসন্দেহে ইতিবাচক পদক্ষেপ বুলি ক’ব পাৰি৷ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিজ্ঞান শিক্ষালৈও নতুনত্ব অনাৰ প্ৰয়াস কৰিছে৷ এতিয়া প্ৰশ্ন হ’ল, মাতৃভাষাত বিজ্ঞান শিক্ষা কিমানদূৰলৈ সম্ভৱ? আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ জৰিয়তে ভাৰতবৰ্ষৰ বিজ্ঞান শিক্ষা আৰু চৰ্চাৰ ক্ষেত্ৰখনলৈ এক ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছেনে?
প. ম. : এইটো সম্ভৱ নহ’ব বৰ্তমান৷ ভাষাটো অলপ আগবাঢ়িব লাগিব৷ মই আগতেই কৈছোঁ যে বিজ্ঞানৰ ধাৰণা শব্দৰ জৰিয়তে প্ৰকাশ কৰা যায়৷ যেতিয়া তাৰ উপযুক্ত শব্দই নাথাকিব ধাৰণাটো প্ৰকাশ কৰিম কেনেকৈ? আত্মস্থ কৰিম কেনেকৈ? মাতৃভাষাত শিকাবলৈ লোৱাটো খুবেই ভাল৷ কিন্তু টেকনিকেলি তেওঁলোকে কৰিব জানো? যিখিনি দেখিছোঁ সেইটো কৰিবলৈ আগ্ৰহ নাই অকণো৷ বিশেষকৈ অসমত৷ কিন্তু এটা কথা ঠিক অতি কমেও ক্লাচ টেইনলৈকে যদি বিজ্ঞান পাৰি অসমীয়াতে পঢ়াব লাগে৷ এইটো কৰিলে আন নহ’লেও ল’ৰাবিলাকৰ বিজ্ঞানৰ প্ৰতি এটা ধাউতি আহিব৷ নিজে চিন্তা কৰিব পাৰিব৷ 

প্ৰশ্ন: মানে প্ৰাৰম্ভিক পৰ্যায়ত পাৰি বুলি আপুনি ক’ব বিচাৰে৷ তাত্ত্বিক কথাবোৰ ?
প.ম.: বেচিকেলি জানা, চায়েন্স বহুত যে আগবাঢ়ি গৈছে সেইটো নহয়৷ হৈছে হয় কিন্তু ওপৰৰখিনি কমপ্লিকেটেড হ’লেও প্ৰাথমিক যিখিনি ধাৰণা সেইখিনি আচলতে এইখিনি সময়তে শিকা যায়৷ গতিকে এইখিনি সময়ত যদি ধাৰণাটো ভালকৈ মনত থাকে বা বুজি পায় তেতিয়া হ’লে পাছত সহজে আগবাঢ়ি যাব পাৰি৷ মই ভাবোঁ ক্লাছ টেইনলৈকে অসমীয়াত বা মাতৃভাষাত বিজ্ঞান শিকোৱাটো খুব দৰকাৰ৷  

প্ৰশ্ন: আজিৰ তাৰিখতো আমি অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিষয়ে আলোচনা কৰিবলগা হৈছে৷ এয়া নিশ্চয়কৈ হতাশাজনক৷ আপুনি এটি বক্তৃতানুষ্ঠানত সঠিকভাৱেই কৈছিল যে, বিপদ তেতিয়া হয় যেতিয়া অন্ধবিশ্বাস ঘোৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত হৈ পৰে৷ এনে ধৰ্মীয় অন্ধবিশ্বাসৰপৰা ৰেহাই পোৱাৰ বা মুক্ত হোৱাৰ বাট আছেনে?
প. ম.: মই কোনো আশা দেখা নাই আচলতে৷ যিধৰণে ধৰ্মই হেঁচা দিছে আনকি ষ্টেটেও যিধৰণে ধৰ্মক আনিছে মানুহৰ জীৱনলৈ৷ এটা কথা বিজ্ঞান ভালপোৱা মানুহ বা গণতন্ত্ৰক ভালপোৱা মানুহে ইয়াৰ বিৰুদ্ধে কিবা এটা কৰিবই লাগিব৷ কিবা ষ্টেপ ল’ব লাগিব কিছুমান৷ অন্ধবিশ্বাস আতঁৰাবৰ কাৰণে৷ এয়া বোধহয় প্ৰাথমিক কামৰ নিচিনাই হ’ব৷ 

প্ৰশ্ন : ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ?
প. ম. : এইটো আটাইতকৈ টান প্ৰশ্ন৷ কিন্তু মই এইটো ক’বলৈ ভালে পাম চাগে৷ মই হ’লোঁ সত্ৰত উপজা৷ সেইকাৰণে মানে কৃষ্ণ থাকেই৷ ককাই ৰাতিপুৱা ৰাতিপুৱা গাখীৰ লৈ কৃষ্ণ ধুৱাই৷ দেখিছোঁ৷ তাতকৈ মাহ-চাউলৰ লোভতে (হাঁহি) হয়তো তালৈ গৈছোঁ৷ ভাওনা দেখিছোঁ৷ কিন্তু মই চিৰিয়াছলি চিন্তা কৰিছোঁ আচলতে৷ চিৰিয়াছলি মানে এটা ডিচ্‌কাচন আৰু৷ এবাৰ ১৯৮৭ত আমি Schrodinger বুলি এজন বিজ্ঞানী আছিল৷ তেওঁৰ চেণ্টিনেৰি পাতিছিলে মধ্যপ্ৰদেশৰ এখন ইউনিভাৰ্চিটিত৷ আহোঁতে আমি কেইবাজনো উত্তৰ ভাৰতৰ একেলগে একেটা ডবাতে আহিলোঁ৷ মোৰ লগত আহিছিল সিন্‌হা বুলি এজন৷ পিছত তেওঁ খুব ফেমাছ হ’ল৷ ‘কনচেপ্ত অৱ্‌ ফিজিক্স’ বুলি এখন কিতাপ লিখিছে৷ এইখন খুব পপুলাৰ৷ এইখনৰপৰা তেওঁ কোটি কোটি টকা লাভ কৰিছে৷ এতিয়াও সেইখন চলি আছে৷ সেই মানুহজন খুব আড়ম্বৰহীন৷ ধুনীয়াকৈ কথা-বতৰা পাতে৷ তেওঁ মোক সুধিলে৷ কেলৈ মোক টাৰ্গেট কৰিলে ক’ব নোৱাৰোঁ৷ তুমি বিশ্বাস কৰা ঈশ্বৰ? এনেকৈ ডাইৰেক্‌ট প্ৰশ্ন কৰিলে দিগদাৰ হয়তো৷ (হাঁহি) পাছত দেখিছোঁ যে ঈশ্বৰ তুমি নাই বুলি ক’লেও কেতিয়াবা কি হয় যেতিয়া খুব সাংঘাটিক বিপদ এটা আহে তুমি নিজে একো কৰিব নোৱাৰা তেতিয়া গৈ থৈ ঈশ্বৰকে খাটিৰ কৰিবলগা হয়৷ তেনেকুৱা মুহূৰ্ত মোৰ জীৱনলৈ দুই-তিনিবাৰ আহিছে৷ আচ্চা৷ সেইটো বাদ৷ নৰমেলি, মই এইটো কৈছিলোঁ যে ঈশ্বৰ বুলি কোনো এক ঠিক একজেক্ট বিশ্বাস কৰিবলৈ টান পাওঁ৷ নোৱাৰোঁ৷ কিন্তু তেতিয়া তেওঁলোকে কয় যে এইবিলাক কেনেকৈ হৈছে৷ ইমান ঘটনা ঘটিছে এইবিলাক কেনেকৈ হ’ল? কি কথা? কিবা এটাটো থাকিব লাগিব৷ স্ৰষ্টা৷ স্ৰষ্টা বুলি কথা নাই৷ আমি ফিজিক্সৰ Law বিলাক জানো৷ পৃথিৱীৰ আচৰণবিলাক দেখিছোঁ৷ Nature's Law সেইবিলাকেইতো আমাক বান্ধি ৰাখিছে৷ গতিকে সেইবিলাকৰ বাহিৰে একো থাকিব নোৱাৰে৷ আমি যেনেকৈ সৃষ্টি হৈছোঁ তেনেকৈ Law বিলাকৰ প্ৰয়োগৰ ফলতে আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখনো সৃষ্টি হৈছে৷ মানুহৰো বা জীৱৰ তেনেকৈ সৃষ্টি হৈছে৷ সেইফালৰপৰা ঈশ্বৰ নোহোৱাকৈও চলি যায় আমাৰ৷ এইখিনি কথা৷ কিন্তু মোক যদি কোনোবাই কয় যে, তুমি ঈশ্বৰ নামানিলে কেনেকৈ হ’ব? এটাই কথাই ক’ব লাগিব যে এইযে এই Law বিলাকেই ঈশ্বৰ৷ শক্তি৷ সাধাৰণতে Law বিলাক শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে৷ শক্তিয়ে অনা-নিয়া কৰে বা Conserve হৈ থাকে৷ গতিকে, শক্তিটোকেই ঈশ্বৰ বুলি ধৰি লোৱা মানে প্ৰকৃতিৰ Law বিলাকেই যদি ঈশ্বৰ তেতিয়া হয় that is God৷ তুমি ঈশ্বৰ বোলা যি বোলা মোৰ কোনো আপত্তি নাই৷ সেইটো ময়ো বিশ্বাস কৰোঁ nature’s laws are there৷ সেইবিলাক নোহোৱাকৈ পৃথিৱীখন নচলে৷ সেইফালৰ পৰা যদি মোক কোনোবাই ঈশ্বৰৰ কথা সোধে আৰু ঠেলি হেঁচি লৈ যায় বিশ্বাস কৰক নকৰক, তেতিয়া মই এইটোৱে কৰোঁ৷ 

প্ৰশ্ন: নতুন প্ৰজন্মক লৈ আপুনি আশাবাদী নে? এখন প্ৰগতিশীল, সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মক আপুনি কি পৰামৰ্শ আগবঢ়াব?   
প.ম.: মই ডেকা শক্তিক ভালেই পাওঁ৷ বেছ সপ্ৰতিভ মানুহবিলাক আজিকালি৷ আৰু আমাতকৈ বহুত কথা জানে তেওঁলোকে আচলতে জনাৰ উপায়ো আছে৷ ইণ্টাৰনেট হ’ল৷ আৰু তেওঁলোক নিজৰ মাজতে চাগৈ বহু চিন্তিতও হয় যে– ভৱিষ্যতে কি কৰিব নকৰিব, কোনটো ভাল বা বেয়া৷ এইবিলাক তেওঁলোকে ভাবি ল’ব পৰা হৈছে যেন পাইছোঁ৷ এইবিলাক কিমান শুদ্ধ বা অশুদ্ধ সেইটো ক’ব নোৱাৰোঁ৷ কিন্তু তেওঁলোকে এইটো জানে যে তেওঁলোকে নিজক ডিচাইড কৰিব পাৰে৷ সেইমতে বহুতে গৈছে৷ বহুতে খুবেই ভাল কৰিছে ৷ কিছুমান হয়তো বিপথে গৈছে৷ সেইফালৰপৰা পূৰা বিশ্বাস আছে৷ কিন্তু তাৰ মাজতে যে কিছুমান ঘটনা ঘটে ধৰা কেইজনেনো সমাজৰ ভালবোৰ কৰিব পাৰিছে৷ কমসংখ্যক ল’ৰা-ছোৱালীয়েহে এইবোৰ সা-সুবিধা পায় নিজৰ মতে কৰিব পাৰে৷ বাকীবিলাকে, যিবিলাকে সুবিধা পোৱা নাই– তেওঁলোকে কি কৰিব! হা-হুমুনিয়াহত ভূগিব৷ সেইকাৰণে মোৰ বৰ চিন্তা লাগে৷ গাঁৱৰ স্কুল কলেজবিলাকত যিবিলাকে পঢ়ি আছে তেওঁলোকৰ মন-চনবোৰতো দুখ কৰি থাকে৷ তেওঁলোকলৈ মোৰ বৰ দুখ লাগে৷ আমি যেন কৰিবপৰা একোৱেই উপায় নাই৷ অথচ যিবিলাক আগবাঢ়ি যাব পাৰিছে, তেওঁলোকৰ প্ৰতি মই খুব আশাবাদী৷ আৰু এটা কথা, মই নতুন প্ৰজন্মটোক ক’ব খুজো আচলতে– ভাষাটো এৰি নিদিবা তোমালোকে৷ আমাৰ গোটেই জাতিটোক জীয়াই ৰাখিছে ভাষাটোৱে৷ আমি যদি ভাষাটো এৰি দিওঁ, ভাষাটোৰ প্ৰতি যদি আমাৰ কোনো আৱেগ নাথাকে– তেন্তে জাতি হিচাপে আমি থাকিব নোৱাৰিম৷ আৰু জাতিক লৈ আমাৰ যিটো চিন্তা সেইটো যদি আমি এৰি দিওঁ– আমাৰ দেখোন পোতন নাইকিয়া হ’ব৷ গতিকে আমাক এইটোৱে কিন্তু বিৰাট অসুবিধাত পেলাব৷ এই কথাটো অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ৷

প্ৰশ্ন: ‘মুক্ত চিন্তা’ আলোচনীখনে অসমত নব্য মাধ্যমত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ-প্ৰচাৰৰ অৰ্থে পাৰ্যমানে কাম কৰি আছে, আলোচনীখনৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ বা ক’বলগীয়া?
প. ম. : মই বিশেষ পৰামৰ্শ দিবলগীয়া নাই৷ আলোচনীখন অলপতে চাইছোঁ আৰু দেখিছোঁ৷ প্ৰতিটো ইছ্যুতে বিজ্ঞানৰ ভাল ভাল প্ৰবন্ধ প্ৰকাশ পাইছে৷ সেইখিনি দৰকাৰী কথা আৰু এটা কাম কৰিব পাৰি চাগৈ, ভাবিবাচোন– ছাত্ৰ-ছাত্ৰীৰ কাৰণে পৃথক শিতান এটা– তেওঁলোকৰ পৰা প্ৰবন্ধ পাতি প্ৰকাশ কৰা বা কমপিটিশ্যনৰ নিচিনা কিবা যদি কৰিব পৰা যায়, তেন্তে মানুহে ভাল পাব৷ তেতিয়া মানুহৰ মাজত আৰু অলপ প্ৰচাৰ হ’ব৷ কিন্তু মই এতিয়ালৈকে যিখিনি দেখিছোঁ, তোমালোকে খুব ধুনীয়াকৈ বিজ্ঞানৰ বহুতো দৰকাৰী কথা সংৰক্ষণ কৰিছা৷ শুভকামানা জনাইছোঁ৷
‘মুক্ত চিন্তা’ আলোচনীখনত লেখাটো চাবলৈ ক্লিক কৰক

Post a Comment

0 Comments