হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱা ৷ সদৰামীনৰ আত্মজীৱনী ৷ হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱাৰ বিষয়ে কিছু কথা৷ প্ৰথম অসমীয়া আত্মজীৱনী


* পৃষ্ঠভূমি (তথ্য উৎসঃ অৰুনোদইৰ পৰা জোনাকীলৈ, পৃঃ১)
  • সপ্তদশ শতিকাৰ শেষৰ পৰা অষ্টাদশ শতিকাৰ দ্বিতীয় দশকৰ ভিতৰত আহোম ৰজা, বিষয়া আদিৰ মাজত ক্ষমতাৰ বাবে হোৱা আত্মকন্দল৷ মোৱামৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫)ৰ আৰম্ভ৷ এই বিদ্ৰোহ আছিল মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ১৮শ শতিকাত হোৱা ধৰ্মীয় সংঘাত। ইয়াৰ ফলত আহোম ৰজা আৰু ৰজাঘৰীয়াৰ বিৰুদ্ধে গণ-জাগৰণৰ সৃষ্টি হৈছিল আৰু দুবাৰকৈ আহোম ৰজাই ৰাজধানীৰ অধিকাৰ হেৰুৱাইছিল। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ কৰোঁতে বহু প্ৰজাৰ মৃত্যু ঘটে। এই বিদ্ৰোহৰ পাছত আহোম ৰাজ্য দুৰ্বল হৈ পৰে।
  • ১৮১৩ঃ বাইবেলৰ অনুবাদ৷ প্ৰথম অসমীয়া ছপা পুথি৷ উইলিয়াম কেৰিৰ দ্বাৰা প্ৰকাশিত৷ আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক। নগাঁও জিলাৰ কলিয়াবৰত তেখেতৰ জন্ম হৈছিল।
  • মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতিত দুৰ্বল হৈ পৰা আহোম ৰাজ্যক ১৮১৭-১৮২১ চনৰ মাজত ব্ৰহ্মদেশে (মান সেনাই) কৰা উপৰ্যুপুৰি আক্ৰমণ আৰু অমানুষিক অত্যাচাৰ, অসমৰ শাসনকৰ্তা স্বৰূপে মান ৰজাৰ আৱিৰ্ভাৱ৷ ১৮২২ চনত অসম ৰাজ্য ব্ৰহ্মদেশৰ অধীন হৈছিল ৪ বছৰৰ বাবে৷ এই সময়ছোৱা অন্ধকাৰতম সময় বুলি কোৱা হয়৷
  • য়াণ্ডাবু সন্ধি৷ ১৮২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ আৰম্ভ৷ ঔপনিবেশিক সাম্ৰাজ্যবাদৰ আৰম্ভ৷
  • মধ্যযুগীয় শাসনতন্ত্ৰৰ পৰা আধুনিক শাসনতন্ত্ৰলৈ গতি৷
  • বিনিময় প্ৰথাৰ পৰা মুদ্ৰাভিত্তিক অৰ্থনীতিলৈ পৰিৱৰ্তন৷
  • ১৮৩০ চনত গমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্ৰোহ আৰম্ভ৷
  • ১৮৩৩ চনত পুৰন্দৰ সিংহক অসমৰ কৰতলীয়া ৰজা হিচাপে নিযুক্তি৷
  • ১৮৩৪ চনত জেনেৰেল জেনকিন্সক অসমৰ আয়ুক্ত হিচাপে নিযুক্তি.
  • ১৮৩৮ চনত পুৰন্দৰ সিংহক ৰজা ভাঙি উজনি অসমৰ সম্পূৰ্ণ ব্ৰিটিছৰ অধীনলৈ আনে৷
  • কলিকতাৰ পৰা আমোলা-মহৰীৰ আগমন৷
  • ১৮৩০ চনত গুৱাহাটীত মিছনেৰি জেমচ ৰে’ইৰ নেতৃত্বত এখন স্কুলৰ আৰম্ভ আৰু এবছৰ চলি বন্ধ হয়৷
  • ১৮৩৫ চনত অসমীয়া চৰকাৰী ভাষা ৰূপে বাঙালা ভাষাৰ স্বীকৃতি৷  ভাষিক আৰু সাংস্কৃতিক দিশত পেলোৱা সুদুৰপ্ৰসাৰী প্ৰভাৱ৷
  • ১৮২৯ঃ হলিৰাম ঢেকিয়াল ফুকনৰ ‘আসাম বুৰঞ্জী’ গ্ৰন্থৰ প্ৰকাশ
  • ১৮২৯ঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম (১৮২৯-১৮৫৯)
  • ১৮৩৩ঃ খ্ৰীষ্টাব্দত বাইবেলৰ দ্বিতীয় সংস্কৰণৰ অসমীয়া অনুবাদ৷
  • হেমচন্দ্ৰ বৰুৱা ( ১৮৩৫-১৮৯৬), গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪)ৰ জন্ম৷
  • ১৮৩৫ঃ আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলৰ অসম আগমণ
  • ১৮৪৬ঃ অৰুনোদই আলোচনীৰ প্ৰকাশ৷ প্ৰথম সম্পাদক নাথান ব্ৰাউন৷
  • ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮), চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮)ৰ জন্ম৷
  • গুণাভিৰাম বৰুৱাৰ "ৰাম-নৱমী" (১৮৫৭) নাটকৰ জন্ম৷
  • হেমচন্দ্ৰ গোস্বামীৰ জন্ম (১৮৭২-১৯২৮)
  • ১৮৮৮ অসমীয়া ভাষা উন্নতি সাধিনী সভা, (Assamese Language Development Society), চমুকৈ অভাউসাৰ জন্ম ৷ ১৮৮৮ চনৰ ২৫ আগষ্টৰ (১৮১০ শক) দিনা৷ প্ৰথম সম্পাদকঃ শিৱৰাম শৰ্মা বৰদলৈ৷
  • ১৮৮৯ জোনাকী আলোচনীৰ জন্ম৷
  • পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনা৷ আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ।
  • ১৮৯০ঃহৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনীঃ মুঠ দুখন পুথি আছিল৷ তাৰে ডাঙৰখনি পুথি ১৮১২ শক (১৮৯০ চন)ত আৰু সৰুখনি প্ৰায় ১৮২০ শক (১৯৯৮ চন)ত, মৃত্যুৰ তিনি কি চাৰি বছৰ পূৰ্বে লিখা বুলি ধৰিব পাৰি৷ 
  • ১৯০১ঃ কটন কলেজৰ প্ৰতিষ্ঠা৷

■ প্ৰস্তাৱনা

‘সদৰামীনৰ আত্মজীৱনী’খন হৈছে হৰকান্ত শৰ্মা বৰুৱা সদৰ-আমিনে অসমীয়া ভাষাত লিখা এখন আত্মজীৱনী। ১৮১৫ চনত জন্মগ্ৰহণ কৰা হৰকান্তই প্ৰথমে ১৮৩৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত প্ৰথমবাৰৰ বাবে গৌহাটীস্থিত কালেক্টৰৰ কাৰ্যালয়ত মাহে বিশ টকাকৈ কপিকাৰ (লিপিকাৰ) হিচাপে যোগদান কৰে। নিজৰ আনুগত্য আৰু সততাৰ ফলত তেওঁ মাহে চাৰিশ টকাৰ দৰমহা লৈ পৰৱৰ্তী সময়ত ডেপুটি কালেক্টৰ পদলৈ উন্নীত হৈছিল। প্ৰায় ১৮৭৭ চনত তেওঁ চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু বিংশ শতিকাৰ প্ৰথমছোৱা সময়তে উত্তৰ গৌহাটীত তেওঁ মৃত্যুবৰণ কৰে।

হৰকান্ত শৰ্মা বৰুৱা আছিল বিখ্যাত সোণামুৱা দৈৱজন পৰিয়ালৰ বংশধৰ, যাৰ কেইবাজনো সদস্যই আহোম ৰাজ্যৰ অধীনত মজিন্দাৰ বৰুৱাৰ পদত অধিষ্ঠিত হৈছিল। এই কাৰ্যালয়টো ৰজাৰ ব্যক্তিগত সচীবৰ দৰে আছিল৷ স্বৰ্গদেউ আৰু ডাঙৰীয়া বা কেবিনেট মন্ত্ৰীৰ মাজত সচৰাচৰ মধ্যস্থতাকাৰী আছিল মজিন্দাৰ বৰুৱা, আৰু তেওঁ আহোম দৰবাৰলৈ কূটনৈতিক দিশবোৰ চোৱা-চিতা কৰিব লাগিছিল, আৰু প্ৰয়োজন অনুসৰি বিদেশী শক্তিলৈ চিঠি-পত্ৰ আৰু উপহাৰ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগিছিল। সেইবাবেই এই পদটো অতি ক্ষমতাসম্পন্ন আৰু বিচক্ষণ লোকক প্ৰদান কৰা হৈছিল। হৰকান্তই তেওঁৰ পূৰ্বপুৰুষৰ পৰা ৰাজনৈতিক কাম-কাজ সফলভাৱে চম্ভালিব পৰাৰ ক্ষমতা উত্তৰাধিকাৰী সূত্ৰেও লাভ কৰিছিল।

আত্মজীৱনীখনৰ প্ৰস্তাৱনা অধ্যায়ত অসমত বাৰ্মিজ আক্ৰমণৰ লগত জড়িত পৰিঘটনা আৰু তেতিয়া অসমত প্ৰচলিত বিভ্ৰান্তি আৰু অৰাজকতাৰ পৰা পলায়ন কৰিবলৈ বংগত আশ্ৰয় লোৱা লেখকৰ পৰিয়ালটোৰ উত্থান-পতনৰ সাধাৰণ সাৰাংশ উল্লেখ কৰা হৈছে। 

আত্মজীৱনীখনৰ সময়সীমাঃ ১৮৩৪-৩৫ চনৰ পৰা আৰম্ভ হৈ ১৮৮৯-৯০ চনত শেষ হৈছে৷

আত্মজীৱনীখনত জেনেৰেল জেনকিন্স, এ জে মফেট মিলছ, ঘনকান্ত সিংহ, কেছাবকান্ত সিংহ, কন্দৰ্পেশ্বৰ সিংহ, বলোৰাম ফুকন আৰু ডিননাথ বেজবৰুৱা আদিৰ দৰে উল্লেখযোগ্য ব্যক্তিৰ সৈতে হোৱা যোগাযোগৰ সবিশেষ লিপিবদ্ধ কৰি চিপাহী বিদ্ৰোহৰ প্ৰতিক্ৰিয়াৰ চমু বিৱৰণ দিয়া হৈছে৷ আনকি তেওঁ মহান সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যুৰ কথাও আত্মজীৱনীখনত লিপিবদ্ধ কৰিছে৷ 

হৰকান্ত বৰুৱাৰ আত্মজীৱনীখনে ঊনবিংশ শতিকাৰ অসমৰ বাস্তৱসন্মত আৰু অন্তৰংগ ইতিহাসটো উন্মোচন কৰিছে৷ 

এই গ্ৰন্থখন সম্পাদনা কৰিছে হৰকান্ত বৰুৱাৰ আজু নাতিনী কুমুদ চন্দ্ৰ বৰদলৈয়ে। তেওঁ ককাক প্ৰয়াত বিদ্যাকান্ত বৰুৱাৰ পৰা দুয়োটা পাণ্ডুলিপি লাভ কৰিছিল। 

■ পাতনি

উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধৰ অসমৰ এজন বিখ্যাত পুৰুষ সদৰামীন হৰকান্ত মজুন্দাৰ বৰুৱাই লিখি থৈ যোৱা আত্মজীৱনীখন তেখেতৰ মৃত্যুৰ প্রায় তিনি কুৰি বছৰৰ পিছত প্রকাশন পৰিষদৰ অর্থ-সাহায্যত প্রকাশ হৈছে। সদৰামীনৰ আজু নাতিয়েক কুমুদচন্দ্ৰ বৰদলৈ দেৱে অশেষ পৰিশ্ৰম কৰি এই আত্মজীৱনীখন সম্পাদন কৰি উলিয়াইছে।

অসমীয়া ভাষাত লেখত ল’ব পৰা জীৱনী সাহিত্যৰ সংখ্যা তাকৰ, আত্মজীৱনীৰ সংখ্যা তাতোকৈ কম। একোজনা কৃতীপুৰুষৰ আত্মজীৱনী তেওঁৰ সময়ৰ সমাজৰ মানদণ্ডস্বৰূপ, ভাৰ-চিন্তা, ৰীতি-নীতিৰ মূর্ত্তিমান আলেখ্যৰ নিচিনা। মুঠতে নিজক কেন্দ্র কৰি বা উপলক্ষ্যৰূপে লৈ আত্মজীৱনী লিখোঁতেই সমসাময়িক ৰাজনীতি, অর্থনীতি, শিক্ষা-দীক্ষা, সামাজিক সবলতা-দুর্ব্বলতাৰ একোটা মন্ময়াত্মক বিশ্লেষণ দাঙি ধৰিবৰ চেষ্টা কৰে। তন্ময়াত্মক বর্ণনা আৰু বিশ্লেষণতকৈ এনেধৰণৰ আলোচনা আৰু বিশ্লেষণ অধিক মনোগ্রাহী, অন্তৰঙ্গ আৰু নিৰ্ভৰযোগ্য। সেই গুণে একোজনা পুৰুষৰ একোখন সুলিখিত আত্মজীবনীয়ে চিন্তাৰাজ্যত যুগান্তৰৰ সৃষ্টি কৰি কালজয়ী হৈ থাকে। সদৰামীনৰ আত্মজীৱনীখনৰ-পৰাও সেই সময়ৰ শাসন ব্যৱস্থা আৰু সামাজিক ৰীতি-নীতিৰ লগতে ভাষাৰ গঢ়ৰো কিছু সম্ভেদ পোৱা যাব। ইয়াৰ আগতে প্রকাশ হোৱা সদৰামীনৰ ‘অসম বুৰঞ্জী’খনেও অনেক বিষয় পোহৰলৈ আনিছে।

আত্মজীৱনীখনত সদৰামীনে জন্মৰপৰা (১৮১৫ খৃঃ) ১৮৮৯ খৃষ্টাব্দলৈকে এটা বিৱৰণ দিছে। আত্মজীৱনীখন সম্ভৱ চৰকাৰি চাকৰিৰপৰা অৱসৰ লোৱাৰ পিছত লিখিছিল আক পিছত বছৰি বছৰি যোগ কৰি গৈছিল। প্রথম জীৱনৰ কথাখিনি সুৱঁৰি লিখা আৰু চাকৰি জীৱনৰ কথাখিনি দিনলিপিৰপৰা লিখা বুলি অনুমান কৰিব পাৰি।
প্রথমৰ এছোৱা বাদ দিলে বাকী গোটেইখন আত্মজীৱনী বৰ্ষলিপিৰ আর্হিত লিখা। সদৰামীনে একো বছৰৰ ঘটনা এনেকৈ আৰম্ভ কৰিছে--"অতঃপৰ ১৭৫৬ শক ও বাঙ্গালা ১২৪১ সন প্রবেশ হ'ল,ও ইংৰেজী ১৮৩৪।৩৫ সন হ'ল। জিনিকিঞ্চন কমিচনৰ ও বগল সাহেব কলেক্টৰ আছিল।"

সদৰামীনৰ জন্ম হয় ১৮১৫ খৃষ্টাব্দত উজনিৰ যোৰহাটত। স্বাধীন অসমৰ শেষ ৰাজধানীত জন্মগ্রহণ কৰিলেও সদৰামীনে স্বাধীনতাৰ বা-বতাহ বেছি দিন উপভোগ কৰিবলৈ নাপালে। অন্যান্য বহুত সম্ভ্রান্ত অসমীয়া লোকৰ লগতে হৰকান্তৰ পিতৃ ৰাধাকান্ত পলাই গৈ বঙ্গপুৰৰ চিলামাৰিত আশ্রয় লৈ থাকে আৰু ইংৰাজে দেশ লোৱাৰ পিছত ঘুৰি আহি হাজোত থিতাপি লয়। এই ছোৱা কালতে হৰকান্তৰ বাল্য আৰু কৈশোৰ কাল অতিবাহিত হয়। তাৰ পিছতহে উত্তৰ গুৱাহাটীলৈ আহি বসতি কৰে।

বৃটিছ ৰাজত্বৰ আৰম্ভণিতে ১৮৩৬ খৃষ্টাব্দত গুৱাহাটীৰ কাছাৰীত নকল-নবিচ (লিপিকাৰ)ৰূপে কামত সোমাই চল্লিশ বছৰ বিভিন্ন ঠাইত বিভিন্ন দায়িত্ব বহন কৰি ১৮৭৬ খৃঃত সদৰামীনে ডেপুটি ম্যাজিষ্ট্রেট পদৰপৰা অৱসৰ লয়। তেখেতৰ দীঘলীয়া কর্মজীৱনত, সদৰামীনে ইংৰাজ ৰাজত্বই দকৈ শিপা মেলাৰ প্রত্যক্ষ অভিজ্ঞতা লাভ কৰিছিল; সেই অভিজ্ঞতাৰ চিন আত্মজীৱনীত আছে।

তেওঁ এফালে যেনেকৈ বিশ্বস্ত চৰকাৰী কৰ্ম্মচাৰী আছিল, আনহাতে যুৱৰাজ ঘনকান্তৰো অনুৰক্ত আছিল। সেইবাবে তেওঁ যুৱৰাজৰ পত্নী পদ্মৰেখাৰ সৈতে কমিচনৰ জেনকিঞ্চন চাহাবৰ মেমৰ দেখা-সাক্ষাতৰ আয়োজনৰ দ্বাৰা যুৱৰাজৰ প্ৰতি ইংৰাজ চৰকাৰৰ সহানুভূতি লাভৰ চেষ্টা কৰিছিল।

সেইদৰে লেঃ গৱৰ্ণৰৰ গুৱাহাটীৰ সভাৰ আৰু শিৱসাগৰৰ সভাৰ বিৱৰণো সামাজিক ৰীতি-নীতিৰ ফালৰপৰা উল্লেখযোগ্য।

সদৰামীন হৰকান্ত মজুন্দাৰ বৰুৱাৰ আত্মজীৱনীখনে বহুত নজনা আৰু পাহৰি যাবলৈ ধৰা কথা সোৱঁৰাই দিব বুলি আশা কৰোঁ।

১৪ নবেম্বৰ ১৯৬০ গুৱাহাটী
শ্রীবিশ্বনাৰায়ণ শাস্ত্রী সচিব, প্রকাশন পৰিষদ

সদৰামীনৰ আত্মজীৱনী ‘পাতনি’

মোৰ স্বৰ্গগতা মাতৃ ইন্দুমতী দেবীৰ মুখে তেখেতৰ পিতৃ সম্বন্ধে ‘‘মূৰদেউতাক” স্বৰ্গীয় হৰকান্ত শৰ্ম্মা সোণামুৱা মজুন্দাৰ বৰুৱা সদৰামীনৰ বিষয়ে শুনি শুনি, আৰু সদৰামীনে কেইবাখনো নিজে লিখা পুথি এৰি থৈ যোৱা বুলি মাতৃৱে কোৱাত, সদৰামীনৰ প্ৰতি শ্ৰদ্ধা বঢ়াৰ লগে লগে, তেখেতৰ পুথি সংগ্ৰহ কৰিবলৈ মোৰ আগ্ৰহ হয়৷ মোৰ আগ্ৰহৰ কথা শুনিয়েই বোধকৰোঁ, মোক এজন আপোন লোকে, সদৰামীনৰ আত্মজীৱনী বিষয়ক দুখনি হাতে লিখা পুথি দিয়ে৷ এখনি সৰু, আনখনি ডাঙৰ৷ ডাঙৰখনিকে, সৰুখনিৰ পৰা আৱশ্যক মতে কেইটামান পাত লৈ, সম্পাদিত কৰি ’সদৰামীনৰ আত্মজীৱনী’ নামে প্ৰকাশিত কৰা হ’ল৷ সৰুখনি জেপৰ টোকা বহীৰ সমান৷ পৃষ্ঠা সংখ্যা ১ৰ পৰা ১০৪ লৈ আছে৷ ১৭৩৭ (চন ১৮১৫) শকত হৰকান্ত বৰুৱাৰ জন্মৰ পৰা মহাৰাণী ভিক্টোৰিয়াৰ পুত্ৰ ১৭৯৮ (১৮৭৬) শকত কলিকতালৈ অহা আৰু সেই শকৰে ১৫ পুহত আউনীআটীয় শ্ৰীশ্ৰীধৰ্ম্মেশ্বৰ ডেকা অধিকাৰ গোস্বামী, গুৱাহাটী অশ্বক্ৰান্তৰ পৰা গয়া তীৰ্থ অভিমুখে যোৱালৈকে আছে৷ আখৰ কঁপা, অস্থিৰ হাতৰ আৰু অস্পষ্ট৷ ডাঙৰ খনিৰ আখৰ, স্পষ্ট, সুন্দৰ, আৰু সুস্থিৰ হাতেৰে লিখা৷ পৃষ্ঠা সংখ্যা, ৩১০ লৈকে আছে কিন্তু পৃষ্ঠা ১ৰ পৰা ৮ লৈ, ১১৩ৰ পৰা ১১৬ লৈ, আৰু ২২৯ৰ পৰা ২৪৪ লৈ পোৱা নহ’ল৷ ঢিলাকৈ বন্ধাৰ কাৰণে হেৰোৱা অনুমান হয়৷ ১৭৪ আৰু ১৭৫ পৃষ্ঠাত আঁচ মৰা আছে, কিন্তু একো লিখা নাই৷ বোধকৰোঁ জাপি খোৱাতে থাকিল, লিখিবলৈ পাহৰিলে৷ ৯ পৃষ্ঠাত নকুচিত, কানুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰত শব্দ আৰু সন্ধি পঢ়াৰ পৰা, ১৮১১ শকত কেম্বল চাহাবে চাৰ্জ লোৱা, কেশৱকান্ত যুৱৰাজৰ ঘৰ পোৰা আদি কথা কৈ, সদৰামীনৰ দ্বিতীয় পুত্ৰৰ কাৰণে উজনিৰ “বাপুটি”ৰ ছোৱালী ধৰা কথাৰে ৩১ চ’তত শেষ হৈছে৷ ডাঙৰখনি পুথি ১৮১২ শক (১৮৯০ চন)ত, আৰু সৰুখনি প্ৰায় ১৮২০ শক (১৮৯৮ চন)ত, মৃত্যুৰ তিনি কি চাৰি বছৰ পূৰ্বে লিখা বুলি ধৰিব পাৰি৷ অসুস্থতা আৰু বৃদ্ধত্ব হেতুকে পুথিখন কঁপা হাতেৰে লিখি শেষ কৰিব নোৱাৰিলে৷ আখৰৰ গঢ় আৰু লিখন-ভঙ্গী অসমীয়া পুৰণি সাঁচি-পতীয়া পুথিৰ দৰে, কিন্তু দুয়োখনি পুথি তুলাপাতত লিখা৷ 

সম্পাদনাত, পুথিখনিৰ ভাষাৰ কোনো পৰিবৰ্ত্তন নকৰি, আধুনিক অসমীয়া বৰ্ণবিন্যাসৰ লগত পৰা পক্ষত মিল ৰাখি, ইকাৰ, উকাৰ, ণত্ব, ষত্ব, ট ত, ড দ, ঢ ধ, চ ছ, আৰু ড় ঢ় ৰ, শুধৰাই দিয়া হৈছে কিন্তু য’ত শুধৰণীত উচ্চাৰণৰ ব্যতিক্ৰমৰ সম্ভাবনা, তেনে ঠাইত মূল পুথিৰ বৰ্ণবিন্যাসকে ৰখা হৈছে৷ যেনেঃ-- ফোকন, বুড়া গোঁহাঞীৰ সলনি, ফুকন, বুঢ়া গোহাঁই কৰা হোৱা নাই৷ ’ওা’ৰ ঠাইত ’ৱা’ কৰা হৈছে, কাৰণ উচ্চাৰণ একে থাকে৷ ভাষাৰ গঢ়ৰ লগত মিলাই, বঙ্গলা সন, সাহেব, তেনেদৰে ৰখা হ’ল৷ কিন্তু ঠাইৰ নাম, ডেপুটী কমিসনৰ, সীবপুৰ, চিলিং বা চিলঙ, লেপণ্টণ্ট, গবৰ্ণৰৰ সলনি ডিপুটী কমিচনৰ, শিৱপুৰ, শ্বিলং আৰু লেফটেনাণ্ট্ গৱৰ্ণৰ কৰা হৈছে৷ সীব কমিসনৰ ঠাইত চীফ্ কমিচনৰ লিখা গ’ল৷ 

মূল পুথি ’আত্মজীৱনী’ দুই খণ্ডত বিভক্ত৷ অধ্যয়ন আৰু উল্লেখৰ সুবিধাৰ্থে সম্পাদিত পুথিত অধ্যায়, পৰিচ্ছেদ, স্তবক আদি ভাগ কৰি দেখুওৱা হৈছে৷ মূল পুথিত দীৰ্ঘ যতিৰ ব্যৱহাৰ আছে, তাৰ লগতে লঘু যতি আদি ঠাই বুজি দিয়া গ’ল৷ পুথিখনিত আমি বিস্তৃত সূচীপত্ৰ দিয়াৰ বাহিৰেও পুথিৰ ভিতৰত অধ্যায়, পৰিচ্ছেদৰ তলে তলে, সংক্ষিপ্তকৈ মূল বিষয়ৰ টোকা সন্নিবেশ কৰা গ’ল৷ পৰিশিষ্টত সময় অনুসাৰে ইংৰেজ বিষয়া সকলৰ ইংৰাজীত নাম, আৰবী পাৰ্চী আদি পুথিত ব্যৱহৃত অনা-অসমীয়া শব্দাৱলী আৰু বিশেষ নামৰ নিৰ্ঘণ্ট বৰ্ণানুক্ৰমে সংযোজিত কৰা হৈছে৷ মূল পুথিৰ পৰা অলাগতিয়াল দুই এটা কথা বাদ দিয়া হৈছে৷ মুঠতে, ’সদৰামীনৰ আত্মজীৱনী’ আমাৰ শক্তি সামৰ্থ্য অনুসৰি সুধীবৃন্দ সমন্বিতে ৰাইজৰ গ্ৰহণযোগ্য কৰিবলৈ যত্নৰ অলপো ত্ৰুটী কৰা হোৱা নাই৷ তথাপি ভুল-ভ্ৰান্তি দুই এটা থাকি গ’ল৷ আশা কৰোঁ গুণগ্ৰাহীসকলে ’আত্মজীৱনী’ৰ গুণখিনিহে গ্ৰহণ কৰিব৷ 

’সদৰামীনৰ আত্মজীৱনী’ খনি, পুৰণি অসমৰ সমাজ, সংস্কৃতি, ভাষা, সাহিত্য, অৰ্থনৈতিক পৰিস্থিতি আৰু ৰাজনৈতিক দৃষ্টিভঙ্গীৰ উৎকৃষ্ট নিদৰ্শন, উনৈশ শতিকাৰ এগৰাকী বিশিষ্ট লোকৰ জীৱনী আৰু সংশ্লিষ্ট ঘটনাৰ বুৰঞ্জী হিচাপেহে ৰাইজৰ হাতলৈ আগবঢ়োৱা হ’ল৷ ইয়াত কোনো লোকৰ প্ৰতি ধনিষ্ঠামানো আমাৰ ঈৰ্ষা ভাৱ নাই৷ তথাপি কোনো লোকৰ যদি কিবা আপত্তিজনক ভাৱ মনত উদয় হয় তাৰ বাবে আগতে খেমা খোজা হ’ল৷ আত্মজীৱনীত উল্লিখিত লোকসকলৰ বেছি ভাগ এই পুৰীত নাই৷ তেখেতসকল সিপুৰীত সুখে-শান্তিৰে থাকক আৰু এই পুৰীত থকা ’সকলো সুখে-শান্তিৰে কাল অতিবাহিত কৰক, আমি ইয়াকেহে কামনা কৰিলোঁ৷ ’সদৰামীনৰ আত্মজীৱনী’ ’অসম প্ৰকাশন পৰ্ষদে’ অনুগ্ৰহ কৰি, বিচাৰ কৰি নি, আমাক অৰ্থসাহায্য নকৰা হ’লে, আমি এতিয়াই পুথিখনি প্ৰকাশ কৰা টান হলহেঁতেন৷ প্ৰকাশন পৰ্ষদে উত্তৰোত্তৰ অসমীয়া নতুন পুৰণি, উপযুক্ত পুথি সমূহ প্ৰকাশিত কৰি আৰু প্ৰকাশত আৰ্থিক সাহায্য কৰি অসমীয়া ভাষা, কৃষ্টি, সাহিত্য, বুৰঞ্জী, জ্ঞান-বিজ্ঞান প্ৰকাশ আৰু প্ৰচাৰত সহায় হৈ দেশৰ উন্নতিত ব্ৰতী হওক আৰু জয়যুক্ত হওক, ইয়াকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ৷ লগতে পৰ্ষদলৈ আমাৰ কৃতজ্ঞতাও জনালোঁ৷ 

’সদৰামীনৰ আত্মজীৱনী’ৰ মূল হাতে লিখা পুথি দুখনি দেখুৱাত শ্ৰদ্ধেয় ডাক্তৰ শ্ৰীসূৰ্য্যকুমাৰ ভূঞা এম-এ, বি-এল, পি-এইচ-ডি (ইত্যাদি) মহোদয়ে পুথি দুখনি ছপা কৰা সম্পৰ্কে মোক বহু মূল্যবান উপদেশ দিছে৷ দৰাচলতে, তেখেতৰ সম্পাদিত হৰকান্ত সদৰামীনৰ “অসম বুৰঞ্জী” খনৰ গঢ়-গতি, মই বহুখিনি অনুকৰণ কৰিছোঁ; তাৰ কাৰণে, আৰু তেখেতৰ অসমৰ পুৰণি বুৰঞ্জী উদ্ধাৰ আদি বহু দেশহিতকৰ মহৎ কাৰ্য্যাৱলী স্মৰণ কৰি, তেখেতলৈ কৃতজ্ঞ অন্তৰৰ শলাগনী আগবঢ়ালোঁ৷ সুপৰিচিত সাহিত্যিক, বুৰঞ্জীবিদ, অসমৰ মুখ উজ্জ্বলকাৰী সকলৰ এজন, শ্ৰদ্ধেয় শ্ৰীবেণুধৰ শৰ্ম্মাদেৱে ’সদৰামীনৰ আত্মজীৱনী’ প্ৰকাশত মোক, কাৰ্যতঃ কেইটামান কথাত বিশেষ সহায় কৰিছে৷ প্ৰকাশন পৰ্ষদৰ সচিব, সাহিত্যিক, পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰী এম-এ দেবে, সময়ে সময়ে উপদেশ আৰু কাৰ্য্যেৰে সহায় কৰিছে৷ এই দুই জনালৈকো মোৰ শলাগনী যাচিলোঁ৷ 

পুথিখনিৰ সম্পাদনাত কেতবোৰ আৰবী আদি অনা-অসমীয়া শব্দৰ অৰ্থ কৰাত, গুৱাহাটী কলেজিয়েট স্কুলৰ শিক্ষক শ্ৰীমহিউদ্দীন আহমদ আৰু শ্ৰীখেইৰুল হুচেইন, বন্ধু দুজনে সহায় কৰিছে৷ উত্তৰ গুৱাহাটী কমলদেৰ হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰীকামিনীকুমাৰ বৰুৱা এম-এ; এল-এল-বি, মোৰ ডেকা বন্ধুজনে, সেই স্কুলৰে ডেকা শিক্ষক শ্ৰীবদৰুদ্দীন আলিৰ হতুৱাই এই বিষয়ে সহায় কৰিছে৷ মোৰ লৰা কালৰে বন্ধু, অসমৰ পুৰণি বুৰঞ্জীৰ খবৰ ৰাখোঁতা শ্ৰীৰমেশ চন্দ্ৰ বৰকাকতী আৰু কলেজিয়েট স্কুলৰ কিছুদিন আগৰ প্ৰধান শিক্ষক শ্ৰীসুশীলকুমাৰ লাহিড়ী বি-এচ-চি, বি-টি বন্ধুজনে আবশ্যকীয় কিতাপ-পত্ৰ দি মোক সহায় কৰিছে আৰু কিতাপ-পত্ৰ বিচাৰা কাৰ্য্যত, সেই স্কুলৰ অফিচৰে প্ৰধান কেৰাণী শ্ৰীকুল বৰুৱাই মোক সহায় কৰিছে৷ এওঁ সকলো মোৰ শলাগৰ পাত্ৰ৷ 

পুস্তকখনিৰ লিখক হৰকান্ত সদৰামীনৰ বংশ-পৰিচয় দিয়াত, সাহিত্যিক, সঙ্গীতজ্ঞ ’বাসন্তীৰ অভিষেক’ আদি ৰচোঁতা স্বৰ্গীয় পণ্ডিত কীৰ্ত্তিনাথ শৰ্ম্মা বৰদলৈৰ সঙ্কলিত ’সন্দীপিকা’ৰ পৰা সহায় লৈছোঁ৷ তেখেতৰ স্বৰ্গত আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিলো৷ বৰ্তমান ’সন্দীপিকা’ দুষ্প্ৰাপ্য গ্ৰন্থ৷ সোণামুৱা মজুন্দাৰ বৰুৱা বংশৰে এটা ডালৰ, বয়োবৃদ্ধ শ্ৰীনৰকান্ত শৰ্ম্মা বৰুৱা আৰু শ্ৰীসূৰ্য্যকান্ত শৰ্ম্মা বৰুৱাৰ পৰা পুথিখনি মাজে সময়ে চাবলৈ পাই উপকৃত হৈছোঁ, তাৰ বাবে দুয়োজনাকে ধন্যবাদ দিলো৷ মোৰ মাতৃৰ সহোদৰা ভগ্নীৰ পুত্ৰ মৰমৰ শ্ৰীমান দেবেন্দ্ৰকুমাৰ শৰ্ম্মা বৰদলৈ বি-এ, বি-এল উকীল ভাইটিয়ে, অনা-অসমীয়া শব্দ কেইটামানৰ অৰ্থৰ সন্ধান দি মোক উপকাৰ কৰিছে৷ তেওঁকো ধন্যবাদ দিলো৷ ডাক্তৰ ভূঞাৰ Anglo-Assamese Relations, ’গেইট’ চাহাবৰ A History of Assam-ৰ পৰা আৰু ’হেমকোষ’ৰ পৰিশিষ্টৰ পৰাও সহায় লোৱা হৈছে৷ ’আত্মজীৱনী’খনিৰ সম্পাদনাত, শব্দাৱলীৰ বৰ্ণ- বিন্যাসত, আগৰ পৰা গুৰিলৈ ’হেমকোষ’কে অনুসৰণ কৰিছোঁ৷ সংশ্লিষ্ট পুথিসমূহৰ লিখক, সম্পাদক আৰু প্ৰকাশক সকললৈ মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ৷ 

মহাপুৰুষ শঙ্কৰদেৱ আৰু শঙ্কৰী যুগৰ কলা-কৃষ্টি, সাহিত্য, ধৰ্ম্ম আৰু দৰ্শনৰ স্বীকৃত পণ্ডিত সকলৰে দুজন, ডাক্তৰ মহেশ্বৰ নেওগ এম-এ, ডি-ফিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া সাহিত্যৰ অধ্যাপক, আৰু বৰ্ত্তমান ভাটীৰ ’বৃন্দাবন বিশ্ববিদ্যালয়’ৰ শঙ্কৰী সাহিত্যাদিৰ গুৰি ধৰোঁতা শ্ৰীউপেন্দ্ৰচন্দ্ৰ লেখাৰু এম-এ, বি-এল দেৱে, মোক পুথিখনি ছপোৱাত বহুখিনি উৎসাহ আৰু উদগণি দিছে৷ মোৰ ভাতৃস্থানীয় এই দুজনলৈ মোৰ মৰম আৰু শলাগ দিলোঁ৷ 

সৰ্ব্বশেষত কলিকতাৰ নবজীৱন প্ৰেছৰ গৰাকী আৰু চলাওঁতা শ্ৰীকালীচৰণ পাল মহাশয়ে ’সদৰামীনৰ আত্মজীৱনী’ৰ ছপা কাৰ্যত এজন যথাৰ্থ বন্ধুৰ কাম কৰিছে৷ তেখেতৰ প্ৰেছৰ উন্নতি কামনা কৰি তেখেতকো মোৰ আন্তৰিক ধন্যবাদ দিলোঁ৷ ইতি-

উত্তৰ গুৱাহাটী
৩০/ ৮/ ৬০



সোণা মুৱাৰ সদৰামীন হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱাৰ বিষয়ে কিছু কথা

গুৰি-গছ: - যি সকল বিদ্বান আৰু গুণীলোক, অসমলৈ আহি অসমকে মাতৃবোধে, হাড়ে-হিমজুৱে অসমীয়া হৈছিল, স্বৰ্গীয় হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱাৰ পূৰ্ব্বপুৰুষসকল তেনে লোকসকলৰ ভিতৰত পৰে৷ বংশাৱলী মতে কনৌজপুৰৰ চাৰিজনা সিদ্ধপুৰুষৰ নন্দনাথ পাণ্ডে নামৰ এজন ব্ৰাহ্মণে, গঙ্গাৰ উত্তৰ পাৰে ’হৰিপ্ৰিয়া’ বোলা গাওঁখন লক্ষ্ণৌৰ নৱাবৰ পৰা ’ইজাৰা’ লৈ, বংশ-পৰিয়াল সমন্বিতে তাতে বাস কৰি আছিল৷ কালক্ৰমে, নন্দনাথৰ পুত্ৰ হৰিকান্ত, হৰিকান্তৰ পুত্ৰ গঙ্গাধৰ, গঙ্গাধৰৰ পুত্ৰ চক্ৰধৰ আৰু চক্ৰধৰৰ পৰা মঞ্জীৰৰ জন্ম হৈছিল৷ মঞ্জীৰৰ পুত্ৰ নন্দীনাথে নৱাবৰ পৰা পাণ্ডিত্য গুণত ’মহাৰাজ’ উপাধি পাইছিল৷ নন্দী মহাৰাজৰ পুত্ৰ ৰামানন্দ৷ ৰামানন্দৰ পুত্ৰ দয়াশীল পণ্ডিত, ব্যাকৰণ স্মৃতিত বিদগ্ধ পণ্ডিত আৰু ভূত-ভবিষ্যত-বৰ্তমান কব পৰা বিখ্যাত জ্যোতিষী বুলি প্ৰখ্যাত হৈছিল৷ ১৪৩০ শকত দিহিঙ্গীয়া কোঁৱৰ গঙ্গাস্নানলৈ যোৱাত দয়াশীল পণ্ডিতক লগ পায়, আৰু পণ্ডিতজনাৰ গুণত আকৃষ্ট হৈ অনুৰোধ কৰি, সপৰিয়ালে সৌমাৰ দেশলৈ আনি স্বৰ্গদেউ দিহিঙ্গীয়া ৰজাক ভেট কৰায়৷ স্বৰ্গদেৱে দয়াশীল পণ্ডিতক, কলীয়াবৰত মাটি-বৃত্তি দি, সংস্কৃত, জ্যোতিষ, নাগেৰী শিকাবলৈ, টোল পাতি দিয়ে৷ ১৪৫২ শকত পিতৃৰ মৃত্যুৰ পিছত দয়াশীলৰ পুত্ৰ সূৰ্য্যবৰে পিতৃৰ টোলতে অধ্যাপনা কৰি আছিল৷ এনেতে ১৪৮৫ শকত কোছানৰ বীৰ চিলাৰায় বা শুক্লধ্বজৰ হাতত স্বৰ্গদেউ চুখাম্পখা যুঁজত হাৰি পলাই যায়৷ তত্থাম বৰগোঁহাই সেই সময়ত কলীয়াবৰত চকী দি আছিল৷ উজানৰ বা-বাতৰি নেপাই, সূৰ্য্যবৰ পণ্ডিতক মতাই আনি “বাপু তোমাৰ জ্যোতিষে কি কয়?’’ বুলি সোধাত সূৰ্য্যবৰে, ভূত-ভবিষ্যত-বৰ্তমান কয় বুলি কলে৷ ৰজাৰ খবৰ সোধাত সূৰ্য্যবৰে জ্যোতিষ গণানামতে কলে- “শত্ৰুৰ হাতত ৰাজাৰ পৰাজয় আৰু স্থান নাশ৷ বৰ্তমান ৰাজা ভগ্ন হৈ পূৰ্ব্বদিশে পৰ্ব্বত আৰোহণ কৰিছে৷ শত্ৰুৱে ৰাজ্য দখল কৰিছে কিন্তু শীঘ্ৰে ৰাজ্যভ্ৰষ্ট হব৷ স্বৰ্গদেৱৰ ৰাজ্য স্বৰ্গদেৱৰ হব৷ বৰগোঁহায়ে- “কেতিয়া হব’’ বুলি সোধাত কলে, “আজিৰ পৰা ৩ মাস ২৪ দিবস পৰে হব৷” সূৰ্য্যবৰক স্বৰ্গদেৱৰ বাহৰ, চৰাইখোবোং পৰ্ব্বতলৈ পঠোৱাত, তাকে কলে৷ সূৰ্য্যবৰে কোৱামতে কোছানে ৰাজ্য এৰি গ’ল৷ সন্তুষ্ট হৈ স্বৰ্গদেৱে পুনৰ শিঙ্গৰী ঘৰত উঠি, “সূৰ্য্যবৰৰ মুখ সোণৰ মুখ” বুলি কৈ “গাম খাৰু, পঢ়িদোলা, সোণৰ লগুণ আৰু সোণৰ মুখা সহিত, অনেক মাটি-বৃত্তি, গোলাম-বান্দী দি মৰ্য্যাদা কৰিলে৷ সকলো বৰদলৈৰ ওপৰত বৰ চ’ৰাত ৰাখিলে৷ সূৰ্য্যবৰ পণ্ডিত তেতিয়াৰ পৰা ‘সোণামুৱা বৰদলৈ’ হ’ল৷ সূৰ্য্যবৰ স্বগী হোৱাত পুত্ৰ জয়ানন্দই স্বৰ্গদেউ (১) খোৰাৰজা আৰু বুঢ়া (২) ৰজাৰ বৰচ’ৰাত সোণামুৱা বৰদলৈৰ বিষয় খাই আছিল৷ জয়ানন্দৰ পুত্ৰ ময়ূৰধবজে ভাটী দেশত নাগেৰী, ফাৰ্চী, সংস্কৃত, ব্যাকৰণত অগাধ পণ্ডিত হৈ দেশলৈ উভতি সোণামুৱা ডেকা দলৈ হল৷ জয়ানন্দৰ মৃত্যুৰ পিছত ময়ূবধ্বজ, ৰজাৰ বৰচ’ৰাত ‘সোণামুৱা বৰদলৈ’ হৈ বহিল৷ ১৫৪৮ শকত গৌড়ৰ সত্ৰাজিত নৱাবে বিশ্বনাথ পৰ্যন্ত উত্তৰ পাৰ দখল কৰাত, স্বৰ্গদেৱে বেকা বৰগোহাঁইক সেনাপতি আৰু ময়ূৰধ্বজক তেওঁৰ প্ৰধান মন্ত্ৰী পাতি যুঁজলৈ পঠায়, আক ময়ূৰধৰজৰ মন্ত্ৰণাক্ৰমে বৰগোহাঁয়ে সত্ৰাজিতৰ মন্ত্ৰী চৈয়দ বাবৰক কাটিলে আৰু গুৱাহাটী পৰ্যন্ত স্বৰ্গদেৱৰ কৰি ললে৷ সেই আপাহতে স্বৰ্গদেৱে বৰগোঁহাইৰ নাতি পানসিঙ্গীয়া গোহাঁইক গুৱাহাটীৰ বৰফুকন পাতিলে৷ 

“ময়ূৰধ্বজ ৰাজকুলীয়া নাছিল কাৰণে মজিন্দাৰ বৰুৱা পাতি, বৰচ’ৰাত স্বৰ্গদেৱৰ খুটাৰ দক্ষিণে, ছল কৰি, তিনিজনা ডাঙৰীয়াৰ শাৰীৰ পৰা অলপ হোহকাই খেৰ-সোতা কুশাসন দি বহুৱাই ৰাখিলে৷” এইদৰে, কনৌজৰ পাণ্ডে ব্ৰাহ্মণ বংশৰ ময়ূৰধ্বজ, ওৰফে দৈত্যাৰি সোণামুৰা বৰদলৈয়ে, স্বাধীন অসমৰ স্বৰ্গদেউ সকলৰ বৰচ’ৰাৰ সোণামুৱা মজিন্দাৰ বা মজুন্দাৰ বৰুৱা বংশৰ পাতনি মেলে৷ ময়ূৰধ্বজৰ পৰা দয়াশীল, দয়াশীলৰ চাৰুচন্দ্ৰ, চাৰুচন্দ্ৰৰ অম্বৰীশ আৰু অম্বৰীশৰ পুত্ৰ ৰাধাকান্ত, চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ দিনৰ শেষজন সোণামুয়া মজুন্দাৰ বৰুৱা আছিল৷ মান ভগনত ভগনীয়া ৰাধাকান্ত বৰুৱা, পৰিয়ালৰ ভৰণ-পোষণৰ কাৰণে, গোৱালপাৰাত ইংৰাজৰ অধীনে সদৰামীন হৈছিল বুলি জনা যায়৷ ’সদৰামীনৰ আত্মজীৱনী’ লিখক, বুৰঞ্জীবিদ, সোণামুৱাৰ সদৰামীন হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱা, ওপৰত উল্লেখ কৰা ৰাধাকান্ত বৰুৱাৰে এজন পুত্ৰ৷ 

জন্ম আৰু মান-ভগণিত হৰকান্তঃ
স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত, মানৰ আগমন, আক্ৰমণ আৰু অত্যাচাৰৰ আগে আগে, ১৭৩৭ শকৰ (ইং ১৮১৫ চনৰ) আঘোণৰ ২৮ তাৰিখে নিশা, উজানৰ যোৰহাটত, হৰকান্ত বৰুৱাৰ জন্ম হয়৷ ১৭৪০ শক (১৮১৮চন)ত মানৰ অত্যাচাৰত বহু দুৰ্ভগীয়া অসমীয়া লোক দেশ এৰি, যেনি পায় তেনি, পলাই যায়৷ তেনেতে ৰুচিনাথ বুঢ়াগোহাঁই প্ৰমুখ্যে বহু সম্ভ্ৰান্ত লোক ভগনীয়া হৈ, ইংৰাজ কোম্পানীৰ ৰাজ্য, ভাটীৰ ৰংপুৰ জিলাৰ চিলমাৰিত আশ্ৰয় লৈছিল৷ হৰকান্তৰ পিতৃ ৰাধাকান্ত বৰুৱায়ো সপৰিয়াল আৰু সবংশে, কেচুৱা হৰকান্তক কোলাত লৈ চিলমাৰিৰ ’নন্দবাবুৰ’ আশ্ৰয়ত আছিলগৈ৷ মানৰ বিৰুদ্ধে ৰুচিনাথ ডাঙৰীয়াই ৰাধাকান্ত বৰুৱাক লগত লৈ কলিকতাত ইংৰাজ কোম্পানীৰ সহায় খুজিছিল, কিন্তু নেপালে৷ পিছত মানৰ সাহ বাঢ়ি যোৱাত ইংৰাজে মানক ১৭৪৩ শকত হাদিৰাচকীত ভেটে৷ ১৭৪৪ শকত ডেভিদ্‌ স্কট্ চাহাবে মানক খেদি কামৰূপত প্ৰবেশ কৰে৷ এই সাহতে বহু ভগনীয়া লোকৰ লগে লগে, ৰাধাকান্তয়ো উজানমুৱা হৈ, গোৱাল- পাৰাৰ পগলাটেকত এবছৰ মান ঘৰ কৰি আছিল৷ 

১৭৪৫ শকত মাৰ্চ মাহত গুৱাহাটীত ইংৰাজে শাসন প্ৰবৰ্তন কৰে, আৰু মানৰ ভয় দূৰ হোৱাত বহু ভগনীয়া পৰিয়াল উজানৰ নিজ নিজ ঘৰলৈ গতি কৰে৷ বংশপৰিয়াল সহ ৰাধাকান্ত বৰুৱায়ো উজাই আহি কামৰূপৰ হাজোৰ ওচৰৰ চেঁচামুখ পায়হি৷ তাতে, ওচৰৰে স্মৃতি গ্ৰামত, ভগনীয়া মাতৃবংশৰ লোকসকলক লগ পায়৷ তেওঁলোকে ইংৰাজৰ গতি ধৰণ বুজি দুই এক বৎসৰ বাদে গুৱাহাটীলৈ আহিবলৈ উপদেশ দিয়াত, বৰুৱা পৰিয়াল স্মৃতি গ্ৰামৰ ভাগতী ব্ৰাহ্মণৰ আশ্ৰয় ললে৷ কিছুদিন পিছত ঠাই অকুলন হোৱাত, তাৰ পৰা তলীয়া গ্ৰামত মাধব দেৱালয়ৰ মাটি এক খণ্ড লৈ, তালৈকে উঠি আহিল৷ ১৭৪৬ শকত (ইং ১৮২৪ চনত) ইংৰাজে কামৰূপত জমাজমি বন্দবস্ত কৰাতে ৰাধাকান্তই নিজৰ দুৰ্দশাৰ কথা কৈ ডেভিদ্‌ স্কট্ চাহাবৰ পৰা হাজোৰ হিডলা দলত ১২ পুৰা ৰূপিত মাটি জীৱদ্দশা পৰ্য্যন্ত নিষ্কৰকৈ পায়৷ তাৰে অন্নমুঠিৰ সংস্থান হয়৷ ১৭৫০ শকৃত চৈধ্য বছৰত ভৰি দিয়াতে হৰকান্তক, ৰাধাকান্ত বৰুৱাই শাস্ত্ৰমতে উপনয়ন দিয়ে কিন্তু তাৰ চাৰি মাহ পাছতে ৰাধাকান্তৰ মৃত্যু হয় আৰু ঘৰখনক শোকে-দুঃখে আগুৰি ধৰে৷ সেই সময় সৰ্ব্বজ্যেষ্ঠ পুত্ৰ গোপীকান্ত উজানত থকাত, কোনোমতে হৰকান্তৰ সহোদৰ জ্যেষ্ঠ শিৱকান্তই, শাস্ত্ৰমতে অন্তেষ্টি ক্ৰিয়া, শ্ৰাদ্ধাদি কৰি, মুখৰ ছাইখিনি গুচায়৷ ঘৰখনৰ ‘প্ৰবৰ্ত্তন কঠিন’ হোৱাত শিৱকান্তই নগাঁৱৰ বহাচকীত তহচীলদাৰৰ মহৰী হ’ল৷ গোপীকান্তই উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত পাম ধৰিলে৷ ইয়াৰ আগতে গোপীকান্ত আৰু শিৱকান্তই, উজান মাজুলীৰ কমলাবাৰী সত্ৰত মান ভগণিত এৰি থৈ অহা কিছু কিছু সম্পত্তি আৰু গোলাম-বান্দী উদ্ধাৰ কৰি আনিছিল৷ তেতিয়া হৰকান্তৰ সৰ্ব্বকনিষ্ঠ ভ্ৰাতৃ গৌৰীকান্ত নাবালক৷ তলীয়া গ্ৰামত থকাত পিতৃৰ দিনৰে বন্ধু মৰঙ্গীয়াল ভকত নামৰ কলিতা জাতীয় বৈষ্ণৱ এজনৰ পৰা সেই সময়ত তেওঁলোকে সততে সজ উপদেশ পাই আছিল৷ 

উত্তৰ গুৱাহাটীলৈ উঠি অহাঃ
১৭৫৪ শকত তলীয়া গ্ৰামত ডকাইতৰ উপদ্ৰৱ হোৱাত, বৰুৱাৰ ঘৰখন উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ গোপী- কান্ত বৰুৱাৰ পামলৈ উঠি আহে৷ এই কাৰ্যত তেওঁলোকৰ তিনিপুৰুষীয়া শাক্ত গুৰু সৰুজনা ন-গোসাই যোগেশ্বৰ গোস্বামীয়ে দুটা হাতী দি সহায় কৰিছিল৷ বানপানী আৰু জুইৰ ভয়ত ক্ৰমাৎ তেওঁলোক উত্তৰ গুৱাহাটীৰ মধ্যখণ্ডৰ নৈৰ কাষলৈ উঠি আহে৷ ইয়াতেই হৰকান্ত বৰুৱাৰ দীঘলীয়া কৰ্মজীৱন আৰম্ভ হয়৷ 

শিক্ষা:
ভগনীয়া অৱস্থাতে পগলাটেকত, অনেক দুখ-দুৰ্গতিৰ মাজতো পিতৃ-মাতৃয়ে লৰা হৰকান্তক শাস্ত্ৰমতে ’ফলি’ দি কান্দুৰা কটকীৰ হতুৱাই ক,খ শিকাইছিল৷ সুতী গ্ৰামৰ ‘ভাগতী’ ব্ৰাহ্মণৰ আশ্ৰয়ত থকাত, ককায়েক শিৱকান্তই হৰকান্তক ‘উত্তৰ-গোগ্ৰাহ’ পুথি পঢ়াইছিল৷ হৰকান্তই পুথি পঢ়িব নোৱাৰাত লিখিছে-- “পৌষ মাহে মঞি মাতিব নোৱাৰা দেখি পিঠিত এটা চেকনি দ্বাৰা কোব মাৰিলে; তাতে মঞি ৰোদন কৰিব ধৰিলোঁ৷ মাতৃ তৎকালে ভাত বান্ধিব ধৰিছিল৷ ক্ৰন্দন শুনি ত্ৰস্থমতে আহিল; জেষ্ট জনাই দেখি দাউৰি পলাল৷ মোক সোধাত ককায়ে মাৰিলে বুলি কলোঁ৷ ...... ’গৰ্হি খোৱা লৰা, কিয় লৰাক মাৰে৷’-এই বুলি-’পঢ় মাতিব পাৰিবি’- কৈ চক্ষুৰ লোতক মচি দিলে৷ পুথিলৈ চাওঁ, দেখি, মাতিব পাৰিলোঁ৷ মাতৃয়ে দেখি আনন্দিত হৈ, -‘আপুনি পঢ়িব পাৰ, নালাগে পাঠ দিব৷ ’- এই বুলি কোৱাতে, আমি তেতিয়াই, চাৰিপাতমান সুন্দৰ মাতিব পাৰিলোঁ৷ তদপৰ, অন্যান্য ঠাইৰ পৰা পুথি বিচাৰি আনি পঢ়িব ধৰিলোঁ৷’’ ইয়াতে ৰঙা ৰিহা-মেখেলা পিন্ধা, ৰন্ধনশালাৰ জুইৰ তাপত ৰঙা-মঙা পৰা, জলজলীয়া চকুৰে, সন্তান-দুঃখ-কাতৰা মহিমাময়ী মাতৃ-মূৰ্ত্তি এগৰাকী, উধাতু খাই পুত্ৰৰ কাষলৈ লৰি অহা দেখিবলৈ পাওঁ৷ তাড়না কৰা হেতু, শিৱকান্তক তিৰস্কাৰ কৰিছে আৰু স্নেহময় হাতেৰে চক্ষুৰ লোতক মচি দি সন্তানক সান্ত্বনা দি পঢ়িবলৈ কৈছে৷ সন্তানে পঢ়িব পাৰিছে৷ এই চিত্ৰখনি অকল মনমুগ্ধকৰেই নহয়, শিক্ষাপ্ৰদো৷ কুমলীয়া পোনাহঁতক মৰমেৰে শিকোৱাহে উচিত৷ 

সৰ্ব্বজ্যেষ্ঠ ককায়েক গোপীকান্তই, ঘৰতে হৰকান্তক অঙ্ক শিকাইছিল৷ আৰু নকুচি গ্ৰামৰ কানুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰলৈ গৈ হৰকান্ত, বিষ্ণুকান্ত আৰু বংশৰ অন্যান্য লৰাই ’শব্দ আৰু সন্ধি’ পঢ়িছিল৷ পিছলৈ উত্তৰ গুৱাহাটীত থকাত, কনিষ্ঠ ভ্ৰাতৃ গৌৰীকান্তক ঘৰতে পণ্ডিত ব্ৰাহ্মণৰ দ্বাৰা শব্দ আৰু সন্ধি পঢ়োৱালৈ চাই, লৰা কালত হৰকান্তয়ো, সংস্কৃত ব্যাকৰণৰ শব্দ আৰু সন্ধি পঢ়া বুলি অনুমান হয়৷ হৰকান্ত বৰুৱাই ইংৰাজী নেজানিছিল আৰু শিকিবলৈ সুবিধাও নেপাইছিল৷ মঙ্গলদৈত হাকিম হৈ থকাত তেখেতৰ দৰমহা ৪০০ টকা হোৱা চৰকাৰী চিঠিখন, ইংৰাজ মেজিষ্ট্ৰেটৰ দ্বাৰা পঢ়াইহে অৰ্থ বুজিছিল৷ সদৰামীনৰ আত্মজীৱনীত আৰবী, ফাৰ্চী, হিন্দী, ইংৰাজী, আৰু বঙলা শব্দৰ ব্যৱহাৰলৈ চাই, সেই সেই ভাষা লিখিব আৰু পঢ়িব নেজানিলেও কিছু পৰিমাণে বুজিছিল আৰু কবলৈ পাৰিছিল যেন লাগে৷ বঙলা ভাষা তেখেতে কব আৰু পঢ়িব পাৰিছিল৷ সেই সময়ত উচ্চ জাতীয় হিন্দুসকলে যত্ন কৰি সংস্কৃত শিকিছিল৷ হৰকান্ত বৰুৱায়ো ঘৰতে সংস্কৃত শিকিছিল, এই অনুমান উত্তৰ গুৱাহাটীৰ সংস্কৃত স্কুলৰ সম্পৰ্কত: তেখেতৰ উৎসাহ আৰু আগ্ৰহলৈ চাই সত্য যেন লাগে৷ 

গাৰ্হস্থ্য আৰু কৰ্ম্ম জীৱনঃ
উত্তৰ গুৱাহাটীলৈ অহাৰ সময়তে বৰুৱাৰ পৰিয়াল্লুৰ ’কঠিন প্ৰবৰ্তন’ হেতুকে ’বৰমাতা’ ধীব দেব্যাৰ নেৰা- নেপেৰা ইচ্ছাত সম্পত্তি আদি ভাগ হৈ, এখন ঘৰ দুখন হয়৷ সম্পত্তিৰ লগতে পৈতৃক গোলাম বান্দী, সকলো ভাগ হয়৷ শিৱকান্ত, হৰকান্ত আৰু কিশোৰ গৌৰীকান্তক লৈ সুকীয়া ঘৰ এখন হোৱাত, নতুন দায়িত্ব আৰু নতুন সমস্যাই দেখা দিলে-শিৱকান্ত বহা চকীৰ পৰা আহি ২০ টকাত কালেক্টৰিত নকল-নবীচ হয়৷ এই সময়ত কমিচনাৰ জেনকিঞ্চ আক কালেক্টৰ বগল চাহাবে কামৰূপত জমি খণ্ড খণ্ড কৰি, পৰগণা বন্দবস্ত কৰিবলৈ ধৰিছিল৷ এই সুযোগতে ককায়েক শিৱকান্তই হৰকান্তৰ নামে হাজো পৰগণা বন্দবস্ত কৰি, নিজে চলোৱাৰ ভাৰ ললে আৰু হৰকান্তক নকল-নবীচ মকৰল কৰালে৷ তেতিয়া টকাৰ মূল্য এতিয়াৰ তুলনাত বহুত বেছি আছিল৷ দৰমহা আৰু হাজো পৰগণাৰ উৎপন্নই তেওঁলোকৰ ’কঠিন প্ৰবৰ্তন’ গুচালে৷ বেছি বয়সলৈ থাকিলে লোকে নিন্দা কৰিব বুলি, দুই ভাতৃয়ে বিবাহলৈ উদ্যোগ কৰিলে৷ আউনীআটীৰ, পূৰ্ব্বৰ ভগনীয়া আৰু পিতৃ-বন্ধু ঘিণাই চৰন্ধোৱাৰ পৰামৰ্শত, গুৱাহাটীৰ দেৱবৰ বৰদলৈৰ জীয়েক পদ্মাদেৱীৰ লগত শিৱকান্তৰ, আৰু দেৱদত্ত বৰদলৈৰ জীয়েক সাবিত্ৰী দেৱীৰ লগত হৰকান্তৰ বিবাহৰ আয়োজন হ’ল৷ বিবাহৰ আগতে দেশাচাৰ মতে শিৱকান্ত আৰু হৰকান্তই আউনীআটীৰ শ্ৰীশ্ৰীকুশদেৱ অধিকাৰত ধৰ্ম্মৰ শৰণ ললে৷ ১৭৫৮ শকৰ বহাগ মাহত সা’দিন অগাপিছাকৈ দুই ভাতৃৰ বিবাহ সম্পন্ন হ’ল৷ শিৱকান্তৰ বিবাহত ’পীৰাটনা’ ধেমালি আৰু হৰকান্তৰ বিবাহত শুক্ৰেশ্বৰত ধুমুহা বতাহ বৰষুণে পাই নাও বুৰোৱা, কানি-কাপোৰ তিৱোৱা, তিতা কাপোৰ জুই ধৰি শুকাই পিছত বিবাহ কৰাবলৈ যোৱা, ’আত্মজীৱনী’ত বঢ়িয়াকৈ বৰ্ণোৱা আছে৷ কুৰি বছৰ বয়সত হৰকান্ত বৰুৱাই প্ৰথম বিবাহ কৰে৷ ১৭৫৫ শকত পুৰন্দৰ সিংহ ৰজাই উজানখণ্ড লালবন্দী হিচাপে ইংৰাজৰ পৰা গ্ৰহণ কৰাত সৰ্ব্বজ্যেষ্ঠ গোপীকান্ত বৰুৱা ৰাজাৰ মজুন্দাৰ বৰুৱা হৈছিলগৈ৷ কিন্তু শিৱকান্ত আৰু হৰকান্তই গুৱাহাটীতে থকা বেছি ভাল বুলি ভাবিলে৷ পিছৰ ঘটনাসমূহলৈ চাই, তেওঁলোকে ভালকে কৰিছিল, কব পাৰি৷ 

১৭৫৯ শকত, গুৱাহাটীত, শহুৰেকৰ ঘৰতে ককায়েক শিৱকান্তৰ মৃত্যু হোৱাত, শোকত আতুৰ হৰকান্ত আৰু তেওঁৰ মাতৃৰ “মূৰত আকাশখন ভাঙ্গি যেন হেঁচা মাৰি ধৰিলে৷’’ তাতে আকৌ উত্তৰ গুৱাহাটীৰ ঘৰত, মৃতকৰ শ্ৰাদ্ধাদি কৰ্ম্ম নকৰাত ভাগী-বঙহে তেওঁলোকৰ পৰা ফালি গৈ সুকীয়া খেল পাতিলে৷ ’ব্ৰাত্য’ হোৱাৰ ভয়ত গৌৰীকান্তক লগুণ দিব লগা হ’ল৷ এনেতে ধৰ্মগুৰু শ্ৰীশ্ৰীকুশদেৱ আউনীআটীয়া অধিকাৰ প্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণে ধৰ্ম্মপ্ৰাণ দুই ভাতৃক শোকত মৃতপ্ৰায় কৰিলে৷ ’আত্মজীৱনী’ত ঈশ্বৰ পুৰুষৰ বৈকুণ্ঠ প্ৰয়াণ, সবল অথচ আবেগময়ী ভাষাত বৰ্ণোৱা আছে৷ তেখেতৰ নতুনকৈ অধিকাৰ পতা অনুষ্ঠান আদিৰ বৰ্ণনাও মনোৰম৷ 

উন্নতিঃ
ককায়েক শিৱকান্তৰ মৃত্যুত হাজো পৰগণা হাতৰ পৰা যাওঁ যাওঁ অৱস্থাত, কোনোমতে কনিষ্ঠ ভাতৃ গৌৰীকান্তৰ নামে মঞ্জুৰ কৰাই, হৰকান্ত বৰুৱাই নিজে চলোৱাৰ ভাৰ ললে৷ অধ্যবসায়ী আৰু সাধু স্বভাবী ডেকা হৰকান্ত বৰুৱাই ক্ৰমাৎ ২০ টকীয়া কালেক্টৰিৰ নকল-নবীচৰপৰা ২৫- টকীয়া ৰোবকাৰী নবীচ, আৰু ৪০ টকীয়া পেচকাৰ হওঁতে ১৭৬৬ শক পালে৷ ১৭৬৮ শকত প্ৰথম পুত্ৰ কমলাকান্তৰ জন্ম হয় কিন্তু উপজিয়েই টান নৰীয়াত পৰাত ধাৰ্মিক হৰকান্ত বৰুৱাই একলক্ষ তুলসী মাধৱলৈ আগবঢ়াইছিল৷ পেচকাৰ হৰকান্তই, ১৭৬৮ শকত ঘৰৰ টকা চুৰ কৰা বৈদক ক্ষমা কৰি এৰি দিবলৈ বিচাৰকক কোৱা কাৰ্য্যই তেখেতৰ ক্ষমাশীল আৰু মহৎ মনৰ পৰিচয় দিয়ে৷ নকুচিৰ লৰাকালিৰ শিক্ষক কানুৰাম শৰ্ম্মাক বংশৰ পুৰুহিত কৰি, তদুপৰি, নিজে কৈ-মেলি শৰ্ম্মাক হাজোৰ দলৈ নিযুক্ত কৰোৱা কাৰ্য্যই, বৰুৱাৰ কৃতজ্ঞ স্বভাব জ্ঞাপন কৰে৷ 

জন্মস্থান উজানখণ্ডই, বিশেষকৈ স্বাধীন অসমৰ স্বৰ্গদেউ সকলৰ কীৰ্ত্তিস্থান আৰু ধৰ্ম্মস্থান সমূহে তেখেতৰ স্মৃতিৰ আবেশে ভৰা কোমল হিয়াখনি আৰু অনুসন্ধিৎসু মনটিক বিশেষকৈ আকৰ্ষণ কৰিছিল৷ সেয়েহে ১৭৬৯ শকত কৰ্ম্মৰ পৰা ছুটি লৈ আউনীআটী আৰু দক্ষিণপাট সত্ৰ দুখন চাইছিল৷ অন্যান্য কীৰ্ত্তিস্থান চোৱাৰ লগতে নাজিৰাত ময়ূবধ্বজ মজুন্দাৰ বৰুৱাই ৰোৱা বকুলগছ চাইছিল৷ গৰগাঞৰ তলতল ঘৰ চাই মন্তব্য কৰিছিল যে ইয়াৰ আকৃতি শঙ্খৰ দৰে৷ তলাতল ঘৰৰ ইটা খহাই, ভাঙি আনি পুখুৰীত দুই, কিঞ্চিৎ সোণ বাখৰলৈ লোভ কৰি প্ৰাচীন কীত্তি সমূহ নষ্ট নকৰিবলৈ তেওঁ লোকসকলক ’কৈছিল৷ এই কথাই, পিছত ভাৰত চৰকাৰৰ প্ৰাচীন কীৰ্ত্তি ৰক্ষা বিষয়ক আইনলৈ মনত পেলাই দিয়ে৷ সেই সময়ত স্বজাতীয় উপযুক্ত লোক পালেই কন্যাদায়গ্ৰস্থ পিতৃসকলে ছোৱালী বিয়া দিছিল৷ লোক সংখ্যাও আছিল তাকৰীয়া৷ প্ৰথমা ভাৰ্য্যা সাবিত্ৰী দেৱীৰ সঘনে অসুখ হৈও আছিল৷ সাতে-পাঁচে, শিৱসাগৰ-ৰংপুৰৰ দদায়েকৰ উপদেশ মতে কাকডঙ্গালৈ আহি বৰুৱাই গুলঞ্চী দেৱীক বিবাহ কৰাইছিল৷ তেখেতে আৰু এগৰাকী ভাৰ্য্যা ’ওকীলৰ জীয়েকক’, বোধ কৰো, কন্যাদায়গ্ৰস্ত উকীলে কন্যা উপযাচি বৰকৈ ধৰাত বিবাহ কৰাবলৈ বাধ্য হৈছিল৷ সাবিত্ৰী দেৱীয়ে বৃদ্ধকালত, স্বামীৰে সৈতে বৃন্দাবনলৈ যাবলৈ ইচ্ছা কৰি তাতে স্বামীৰ সমুখত মৃত্যু কামনা কৰিছিল৷ আৰু অন্তিম সময়ত, নিজ ঘৰতে, স্বামী গুৰুক বিহুৱান এখন দি শেষ সেৱা জনাই চিৰবিদায় লৈছিল৷ এই সমন্ধে ’আত্মজীৱনী’ত উল্লিখিত হৰকান্ত বৰুৱাৰ সৰল আৰু সংযত বৰ্ণনাই, তেখেত আৰু সাবিত্ৰী দেৱীৰ, পৃথিবীৰ গন্ধহীন পৱিত্ৰ প্ৰেম আৰু শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ কৰে৷ 

১৭৭৬ শকত হৰকান্ত বৰুৱা ৮০ টকীয়া চিৰস্তাদাৰ পদত নিগাজী হয়৷ এই সময়তে জ্যোতিষৰ মতে বিধবা হব লগীয়া অতি মৰমৰ জীয়েক বসন্তীক, সিদ্ধপুৰুষ বুলি জনাজাত, পূৰ্ব্বতীয়া গোসাই কালীচৰণ ন্যায়ৰত্নৰ উপদেশ আৰু আশীৰ্ব্বাদ মতে, উত্তৰ গুৱাহাটীতে বিবাহ দিয়ে-এই বিবাহত তেখেতে লিখিছে “কুশছেদন সময় মোৰ চক্ষুৰ লোতক সৰ্সৰ কৰি পৰিব ধৰিলে৷ পাচে বিবেচনা কৰা গ’ল-এই ছোৱালীটিৰ মাক ক’ৰ আছিল! পৰৰ জীয়ৰী আনি গৃহাশ্ৰম হ’ল৷ এতিয়া এই ছোৱালী পৰৰ ঘৰলৈ আবশ্য যাব৷ এহাত, শোক কৰাৰ আবশ্যক কি? এই বিধাতাৰ সৃষ্টি ও সংসাৰ! এই ভাবি চক্ষুৰ লোতক মুচি দৃঢ়ভাবে কৰ্ম্ম সম্পাদন হ’ল৷’’ এই কথাখিনিৰে, হৃদয়ৰ আবেগ আৰু সান্ত্বনাৰ, ভাৰতীয় ভাবধাৰাৰ এটি সুন্দৰ চানেকি, চকুৰ লোতকৰ দৰে সৰ্-সৰ্‌কৈ ওলোৱা সৰল ভাষাৰে, চকুৰ আগত বৰুৱাই ডাঙ্গি ধৰিছে৷ বিধবা নহৈ বিবাহৰ কিছুকাল পিছতে বসন্তীৰ মৃত্যু হৈছিল৷ 

হৰকান্ত বৰুৱাৰ অসমৰ জমা-জমিৰ বিষয়ক জ্ঞান-অসম ৰজাৰ দিনৰ পৰা ইংৰাজৰ আগমনলৈকে, তেখেতে ১৭৭৫ শকত ইং ১৮৫৪ চনত ১৫ মেইত, জুডিচিয়াল কমিচনাৰ মিল চাহাবৰ আগত দিয়া সাক্ষ্যই প্ৰমাণ কৰে৷ তেখেতে অসমৰ জমা-জমি ২০ চনা বা মিয়াদী বন্দবস্তৰ সপক্ষে কোৱাটোৱে তেখেতৰ দূৰদৰ্শিতাৰ পৰিচয় দিয়ে৷ মিল চাহাবে, প্ৰদেশে প্ৰদেশে স্থানীয় উপযুক্ত লোকক চৰকাৰী কামত নিযুক্ত কৰা, ভাৰত চৰকাৰৰ নীতিলৈ আঙুলিয়াই দিয়াতো, কামৰূপত উপযুক্ত সংখ্যক অসমীয়া লোক চৰকাৰী কৰ্ম্মত নাছিল কাৰণে, উপযুক্ত কৈফিয়ৎ ৰৌলট ডিপুটী কমিচনাৰে দিব নোৱাৰাত, বৰুৱাই কৈছিল “আপুনি লাজ পাব পায়! “তেখেতে আৰু কৈছিল যে অসমীয়া লোক কোনো গুণে আন দেশীয় লোকতকৈ বুদ্ধি-বৃত্তিত কম নহয়৷ তাৰ প্ৰমাণ, তেজপুৰ আৰু শিৱসাগৰৰ চৰকাৰী অসমীয়া কৰ্ম্মচাৰীসকল৷ হৰকান্ত বৰুৱাই অসমৰ যথাৰ্থ স্বাৰ্থৰ কথা কবলৈ কেতিয়াও ওচ্‌ নকৰিছিল৷ তেখেতৰ আত্মনিৰ্ভৰশীল আৰু সতৰ্ক মনৰ পৰিচয় পোৱা যায়, কামৰূপৰ জমা-জমিৰ হিচাপ, মিল চাহাবক দিয়া কথাত৷ বৰুৱাই দিয়া হিচাপৰ সৈতে কমিচনৰ চাহাবৰ হিচাপ অমিল হোৱা বুলি মিল চাহাবে আপত্তি কৰাত, চিৰস্তাদাৰ হৰকান্ত বৰুৱাই কৈছিল যে তেওঁৰ হিচাপত ভুল নাই৷ পিছত কমিচনৰ চাহাবেও বৰুৱাৰ হিচাপ শুদ্ধ, তেওঁৰ হিচাপহে অশুদ্ধ বুলি স্বীকাৰ কৰিছিল! 

আহোম ৰাজত্বৰ শেহছোৱাত ৰজা, মন্ত্ৰী আৰু বিষয়াসকলৰ মাজত ক্ষমতাৰ কাৰণে খোৱা-কামোৰা, মোৱামৰীয়া বিদ্ৰোহ, আৰু সৰ্ব্বশেষত মানৰ অত্যাচাৰে অসমক জুৰুলা কৰিছিল৷ শেষ সম্বল দুৰ্ভগীয়া পুৰন্দৰ ৰাজাৰ, ’লালবন্দী’ও হৰকান্ত বৰুৱাই শুনা মতে, বিষয়াসকলৰ অত্যাচাৰত অন্ত পাইছিল৷ মান ভগণিত প্ৰজাৰ বিলৈ, অসমে তেতিয়াও পাহৰা নাছিল৷ এই অৱস্থাত ইংৰাজৰ মনত যিয়েই নাথাকক, দেখাত ইংৰাজে মানক খেদি, দেশত শান্তি শৃঙ্খলা স্থাপিত কৰাত অসমৰ লোকে বিলৈ-বিপত্তি, দুখ-ভাগৰৰ পিছত কিছুকাল শান্তিৰে জিৰণি লবলৈ পাৰিছিল৷ সাধাৰণ প্ৰজা-বৰ্গ আৰু বহু মুখ্য অসমীয়া লোকেও দেশৰ মঙ্গল চিন্তি ইংৰাজৰ শাসনকে আঁকোৱালি ধৰিছিল, আৰু চিপাহী বিদ্ৰোহ বা শতাব্দী আগৰ স্বাধীনতা যুঁজত মণিৰাম পিয়লী ফুকন আদি দেশপ্ৰেমিক লোকসকলৰ দেশপ্ৰেম অন্তৰেৰে শলাগিলেও তেখেতসকলৰ কাৰ্য্যপন্থাৰ ভাবী ফলত সন্দেহ কৰিছিল৷ এই কাৰণে মণিৰাম দেৱান আদিয়ে দেশপ্ৰেমৰ বলি হৈ দেশক প্ৰেৰণাহে দি গ’ল, সেই প্ৰেৰণাৰ ফল তেতিয়াই নফলিল৷ মণিৰাম দেৱানৰ কাৰ্য্যপন্থাই সুফল নধৰিব বুলি হৰকান্ত বৰুৱায়ো, মণিৰাম দেৱান আৰু দেৱানৰ ফলীয়া লোকৰ লগত নিজেও যোগ দিয়া নাছিল আৰু ঘনকান্ত যুৱৰাজক, যুৱৰাজৰ মঙ্গল চিন্তিয়েই মণিৰাম দেৱানৰ পৰা আঁতৰত ৰাখিছিল৷ যুৱৰাজৰ গাত বিদ্ৰোহৰ ছাঁ পৰে বুলি, দেৱান মণিৰামে যুৱৰাজৰ দেবীঘৰত আশ্ৰয় লোৱা কথা, কমিচনৰ আদি ইংৰাজ বিষয়াসকলে সন্দেহৰ চকুৰে চোৱাত, তেওঁ- লোকক এনেদৰে বুজাইছিল যে যুৱৰাজৰ গাত অলপো দোষ নাই৷ হৰকান্ত বৰুৱাই দূতীৰাম চিৰস্তাদাৰকো চাহাব কৰ্ম্মচাৰীসকলৰ আগত নিৰ্দোষী বুলি কৈছিল৷ তেখেতে কমিচনৰ চাহাবক এই বুলি কৈ আক্ষেপ কৰিছিল যে বহু নিৰ্দোষী লোক এই বিদ্ৰোহত মিছাকৈয়ে শাস্তি ভুগিলে৷ মণিৰাম দেৱানৰ মৃত্যুদণ্ডত, তেখেতে বেজাৰেৰে কৈছিল যে মণিৰাম নিজেও (মিছাতে) নষ্ট হ’ল, লগতে আন লোক সকলকো নষ্ট কৰিলে! 

স্বাধীন অসমৰ ৰাজ্যভ্ৰষ্ট আহোম ৰাজবংশৰ লোকসকললৈ হৰকান্ত বৰুৱাৰ বিশেষ শ্ৰদ্ধা সহানুভূতি আৰু প্ৰীতিৰ ভাব আছিল৷ যুবৰাজ ঘনকান্ত সিংহ আৰু ৰাণী পদ্মৰেখাক কেন্দ্ৰ কৰিয়েই যেন অসমৰ অতীত, বৰ্তমান আৰু দূৰ ভবিষ্যতলৈ চকু ফুৰাই চাইছে, এনে ভাব “আত্মজীৱনী”ত দেখা যায়৷ বাস্তবিকতে যুবৰাজ আৰু ৰাণীৰ জৰিয়তে স্বাধীন আৰু গৌৰবময় অসমৰ উজ্জ্বল স্মৃতি, স্বৰ্গদেউ সকলৰ গাতে লাগি থকা সোণামুৱা মজুন্দাৰ বৰুৱা সকলৰ, শ্ৰদ্ধা আৰু সহানুভূতিৰে আত্মজীৱনীত প্ৰতিফলিত হৈছে৷ ঘনকান্ত যুৱৰাজক দিয়া উপদেশ, কমিচনৰ চাহাবৰ মেমৰ সৈতে ৰাণীক সাক্ষাৎ কৰোৱা কাৰ্য্য, কমিচনৰক যুৱৰাজৰ মঙ্গলৰ অৰ্থে কোৱা, যুৱৰাজৰ মৃত্যুৰ কাৰণ সম্বন্ধে মিছা সন্দেহ আঁতৰোৱা, শ্ৰাদ্ধাদিৰ খৰচৰ কাৰণে কমিচনৰক কোৱা, পদ্মৰেখা ৰাণীৰ পেন্‌চিন মঞ্জুৰ কৰোৱা, কমিচনাৰক কৈ কেশবকান্ত সিংহক ’যুৱৰাজ’ উপাধি দিওৱা, আৰু শ্ৰাদ্ধত নিজে দিহা-দৰা দিয়া কাৰ্য্যাৱলী হৰকান্ত বৰুৱাৰ তেনে মনোভাবৰে জ্বলন্ত প্ৰমাণ৷ 

১৭৮৬ শকত ভোটৰ লগত ইংৰাজৰ যুঁজত হৰকান্ত বৰুৱা ইংৰাজৰ এজেণ্ট হৈ ৰঙিয়াৰ পৰা চিপাহীৰ ৰচদ-পাতিৰ যোগান ধৰিছিল৷ তালৈ যাবলৈ ওলোৱাত তেখেতৰ মাতৃ আৰু ’বৰঘৈণী’য়ে কৈছিল “কামকো নেলাগে, যাবও নেলাগে৷” কিন্তু তাহানি মোগলৰ লগত অসমৰ যুঁজত, আহোম সেনাপতিৰ লগত প্ৰধান উপদেষ্টা হৈ ৰণ জিকি আহা ময়ূৰধ্বজ বৰুৱাৰ বংশৰ হৰকান্ত বৰুৱা মাতৃ আৰু ঘৈণীক নিৰ্ভয় দি তালৈ গৈছিল৷ 

চৰকাৰী কাৰ্য্যত থকা কালত, হৰকান্ত বৰুৱাই, অসমীয়া লোকসকলৰ কৰ্ম্মৰ সংস্থান আৰু উন্নতিৰ কাৰণে ডিপুটী কমিচনৰ আৰু কমিচনৰক কৈছিল৷ তেখেতৰ লৰাকালৰ বন্ধু মুন্সীক পেচকাৰ কৰ্ম্মৰ পৰা ২৫০ টকীয়া আচিচৰ্ কৰ্ম্ম দিয়াইছিল৷ তেতিয়া হৰকান্ত বৰুৱা ডিপুটী কলেক্টৰ৷ ঘটনাক্ৰমে মুন্সীব সেই কৰ্ম্মটি যায়৷ পেচকাৰী কৰ্ম্মাটও নাছিল৷ বৰুৱাই বন্ধুৰ কাৰণে ডিপুটী কমিচনৰক বহুত কৈ-মিলি বন্ধুজনক আকৌ পেচকাৰী কৰ্ম্ম দিয়াইছিল৷ 

হৰকান্ত বৰুৱাৰ বঙ্গালী বন্ধুও আছিল৷ গুৱাহাটীৰ পৰা বদলি হৈ তেখেতে কোনো সময়ত বঙ্গালী বন্ধুৰ ঘৰতহে আছিলগৈ৷ নিজে নৈষ্ঠিক ব্ৰাহ্মণ হৈও তেওঁৰ উত্তৰ গুৱাহাটী ঘৰত ‘ব্ৰেনবিল চাহাব’ৰ অসমীয়া খৃষ্টান মেমৰ অভ্যৰ্থনা কৰিছিল৷ কমিচনৰ চাহাবৰ মেমে তেওঁক নিজৰ ’বেটা’ বুলি মাতিছিল৷ কিন্তু মেমে দিয়া অৰ্থাৎ খৃষ্টানে দিয়া আচাৰ তেখেতে খাব নোৱাৰে বুলি সবল ভাবেই কৈছিল৷ হৰকান্ত বৰুৱাৰ নৈষ্ঠিকতাত অইনধৰ্মী লোকৰ প্ৰতি ঘৃণাভাব নাছিল৷ ই আছিল নিজ ধৰ্ম্মত আৰু ধৰ্ম্মাচৰণত আস্থা ৰখা নিষ্ঠা আৰু নৈতিকতা৷ 

হৰকান্ত বৰুৱাই গোলাম-বান্দী খালাছ হোৱাত মধ্যবিত্ত আৰু ৰজাদিনীয়া সম্ভ্ৰান্ত লোকসকলৰ দুখ-দুৰ্গতিৰ কথা মিল চাহাবৰ আগত স্বীকাৰ কৰিছে৷ গোলাম-বান্দী মুক্তকৰা আইন শুদ্ধকাৰ্য্যই হৈছে আৰু তাৰ দ্বাৰা পৃথিবীৰ বহু দুখ-দুৰ্গতি নোহোৱা হৈছে৷ কিন্তু অসমৰ গোলাম-বান্দী, ইংলণ্ডৰ বুৰঞ্জীৰ ’চাৰ্ফ’ (serf) বা তাহানিৰ আফ্ৰিকাৰ দাসৰ লগত তুলনা কৰা উচিত নহয়৷ অসমৰ গোলাম-বান্দীৰ লগত সি সকলৰ স্বৰ্গ-মৰ্ত্যৰ প্ৰভেদ আছিল৷ অসমত তেওঁলোকক গৃহস্থই নিজৰ পৰিয়ালৰ লোকৰ ভিতৰ গণ্য কৰিছিল৷ তথাকথিত গোলাম-বান্দীৰ বিবাহ, গৃহস্থ ঘৰৰ উদ্যোগতে হৈছিল৷ গৃহস্থই তেওঁলোকক বস্তি আৰু ৰূপিত মাটিও দিয়া উদাহৰণ পোৱা যায়৷ বহুতে গৃহস্থৰ মৰমত, আইনে মুক্ত কৰাতো, আজীৱন গৃহস্থৰ ঘৰতে কটাইছিল৷ 

কৰ্ম্মকুশলতা আৰু সাধুতা গুণত হৰকান্ত বৰুৱাই ক্ৰমে উন্নতি কৰি, গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ আৰু নগাঁৱত সদৰামীন, মুচিফ আৰু ৪০০- টকীয়া ডিপুটী মেজিষ্ট্ৰেট হৈ “৩১ আষাৰ (১৭৯৮ শক ইং ১৮৭৬ চনত ছিল্টলৈ) বদলাবদলি ৰেপট শুনি“ ছমাহৰ ছুটী লোৱাৰ পিছত, ৬১ বছৰ পাৰ হৈ যোৱাত চৰকাৰী কৰ্ম্মৰ পৰা অৱসৰ লৈছিল বুলি কব পাৰি৷ 

চৰকাৰী কৰ্ম্মৰপৰা অৱসৰ লৈ, হৰকান্ত বৰুৱাই উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মিউনিচিপালিটীৰ মেম্বৰ হৈ দেশ-সেৱা কৰা উল্লেখ আছে৷ তেখেতে অৱসৰ লোৱাৰ পিছত কৃতকাৰ্য্যতাৰে নগাওঁ বাহৰত আউনীআটীৰ অধিকাৰ, আৰু উত্তৰ-গুৱাহাটী দিহিং সত্ৰৰ এজনা গোসাইক কবিৰাজি চিকিৎসাৰে আৰোগ্য কৰালৈ চাই, সদৰামীন বৰুৱা এগৰাকী অভিজ্ঞ চিকিৎসকো আছিল বুলি ধাৰণা হয়৷ 

হৰকান্ত বৰুৱা পেচকাৰ হৈ থকাতে যত্ন কৰি তেখেতসকলৰ বন্দবস্তী পৰগণাৰ অন্তৰ্গত হাজোত এখন স্কুল স্থাপন কৰাৰ উল্লেখ আছে৷ উত্তৰ-গুৱাহাটীৰ সংস্কৃত স্কুলৰ (টোলৰ) কাৰণে মঞ্জুৰী আনিছিল; আৰু নিজৰ পুত্ৰসকলক ইংৰাজী পঢ়িবলৈ দিছিল৷ নববিবাহিত নাতি-জোৱাই তিলক চন্দ্ৰ চাংকাকতীক দ্বিতীয় পুত্ৰ ৰত্নকান্তৰ লগলৈ নগাৱঁত ইংৰাজী শিকিবলৈ পঠাইছিল৷ এইদৰে তেখেতে প্ৰাচীন ভাৰতীয় ভাষা সংস্কৃত, আৰু নতুন বিদেশী ৰজাৰ ভাষা ইংৰাজী শিক্ষাত, আগ্ৰহ দেখুৱাই, নতুন আৰু পুৰণিৰ লগত সকলোৱে যাতে নিজক খাপ খুৱাই আগবাঢ়িব পাৰে, তাকে ইচ্ছা কৰিছিল৷ 

ঘৰুৱা জীৱনত হৰকান্ত বৰুৱা সকলো পিনে অতি নিয়মিত, শৃঙ্খলাপ্ৰিয় কিন্তু উদাৰ আৰু সহিষ্ণু আছিল৷ খাদ্যবিষয়ত, তেখেতে জাঁহা চাউল, মণ্ডৰ ডাইল, গৰু ঘিঁউ, পালেং আদি শাক, বাকলি থকা সৰু মাছ গ্ৰহণ কৰিছিল৷ মাছৰ পেটা, অইনকি ৰৌ মাছৰ পেটাকো ঘিণাইছিল৷ সময়ে সময়ে তিতা কেঁহা ভাল পাইছিল৷ খাৰ আৰু জ্বলা বেয়া পাইছিল৷ ঘৰুৱা জন্তুৰ মঙহ নেখালেও ফান্দ পাতি ধৰা, কোঢ়া, হাইঠা আদি চৰাইৰ মঙহ খাদ্যৰ অন্তৰ্গত হৈছিল৷ বন্দুকেৰে মাৰা চৰাই ’চুৱা’ বুলি ভাবিছিল৷ প্ৰতিদিন দুই সাজত তেখেতে প্ৰায় আধাসেৰ গৰু গাখীৰত, দুটামান ভাত সানি খাই, ভোজন সমাপন কৰিছিল৷ মুখশুদ্ধিৰ কাৰণে তেখেতে ’বুঢ়া’ তামোলৰ সলনি শুকান অৰ্থাৎ চুফাৰি তামোল ব্যৱহাৰ কৰিছিল আৰু ভোজনান্তে, গুড়গুড়ীত নলৰ নলিচা লগাই, মচলা দিয়া ধপাতৰ ধোঁৱা খাই খাই, দুপৰীয়াৰ জিৰণি লৈছিল৷ পুৱা, বেলি উঠাৰ আগতে উঠি, তেখেতে শৌচাচাৰৰ লগে পদ্মফুলৰ নলী বা অইন নলীৰে প্ৰায় দুসেৰমান পৰিষ্কাৰ পানী নাকেৰে উজাইছিল৷ তাৰ পিছত স্নান কাৰ্য্য শেষ কৰি গোসাই ঘৰত এঘণ্টামান সময় পূজা সেৱা কৰি তেখেতৰ বৈঠকখানাত বহিছিল৷ তাৰপৰা উঠি গৈ যথাস্থানত ঘৰত তৈয়াৰী আখৈ বা চিৰা গৰু-গাখীৰ সহিত পুৱাৰ জলপান লৈছিল৷ তাৰ পিছত ভাত হোৱা সময়লৈ ঘৰৰ হিচাপপত্ৰ, চাকৰ আদিৰ কাম বটাই দিয়া, চিঠিপত্ৰ লিখা, আৰু আন আন লিখা কাৰ্য্য কৰিছিল৷ আবেলি পুথিপঢ়া বা লিখা, অভ্যাগত সকলৰ লগত কথা-বতৰা হোৱা, বন্ধু-বান্ধব, জ্ঞাতি-গোত্ৰ, পৰিয়ালৰ লোকৰ ঘৰলৈ গৈ খা-খবৰ কৰা অভ্যাস আছিল৷ সন্ধিয়াৰ আগতে কিঞ্চিৎ জলপান গ্ৰহণ কৰি পণ্ডিত আৰু পুৰুহিতৰ সৈতে ভাগৱত পাঠ, ব্যাখ্যা আৰু আলোচনাত যোগ দিছিল৷ তাৰ আগতে গোসাই ঘৰত সন্ধিয়াৰ পূজা-অৰ্চ্চনা শেষ কৰি আহিছিল৷ নিশা ন’ মান বজাত ভোজন কৰি তামোল ধপাত গ্ৰহণৰ পিছত ভগৱানৰ নাম লৈ লৈ নিদ্ৰা গৈছিল৷ আবেলি কেতিয়াবা ভাৰ্য্যা, পুত্ৰ, বোৱাৰী, নাতি-নাতিনী, বিধবা দুহিতৃ জয়ন্তী দেবীক লৈ উমানন্দ আদি দেৱস্থান দৰ্শন কৰিছিল৷ কেতিয়াবা গুৱাহাটীলৈ পাৰ হৈ পুৰণি বন্ধু-বান্ধব, দেশী বা বিদেশী কৰ্ম্মচাৰীসকলৰ সৈতে দেখাসাক্ষাৎ কৰিছিল৷ হৰকান্ত বৰুৱা কি সমাজত, কি ঘৰত অতি মিষ্টভাষী আছিল৷ সৰু সৰু লৰা-ছোৱালীকো ‘তুমি’ বুলিহে সম্বোধন কৰিছিল৷ ঘৰ-ওপজা, লিগিৰাৰ কেচুৱা লৰাকো, মাকৰ পিয়াহ শুকুৱাত, যথেষ্ট গাখীৰ খাবলৈ দিয়াইছিল৷ 

‘আত্মজীৱনী’ত বৰুৱা ডাঙৰীয়াই মহৎ আৰু বিখ্যাত লোক-সকলৰ কথা উল্লেখ কৰোঁতে, লগুৱা, লিচৌ, লিগিৰী আদিৰ কথাও পাহৰা নাই৷ পিন্ধা-উৰা তেখেতৰ সাধাৰণ হলেও অতি পৰিষ্কাৰ আছিল৷ প্ৰায় অন্তিম সময়লৈকে তেখেতৰ মুকুতাৰ পান্তি যেন পৰিষ্কাৰ দাঁত, লৰা নাছিল৷ তেখেতৰ বাহু আছিল আজানুলম্বিত৷ মৃত্যুৰ এবছৰ আগৰে পৰা তেখেতৰ হাতৰ আঙুলিৰ নখ-চন্দ্ৰ নোহোৱা হৈছিল৷ চৰকাৰী কৰ্ম্মৰ পৰা অৱসৰ লোৱাৰ পিছত, তেখেতৰ দীৰ্ঘজীৱনত চৰকাৰৰ সন্দেহ হোৱাত, তেখেতক গুৱাহাটীত হাকিমৰ আগত উপস্থিত হৈ জীবিত থকাৰ প্ৰমাণ দিব লাগিছিল৷ ইং ১৮৯৬ চনৰ ভূমিকম্পৰ পিছতো তেখেত ৬-৭ বছৰমান জীবিত আছিল বুলি জনা যায়৷ এই সূত্ৰে সদৰামীন ডাঙৰীয়া ১৯০২-৩ চনৰ ভিতৰত স্বৰ্গী হোৱা বুলি অনুমান হয়৷ ছকুৰি বছৰ আগত জন্মা অসমীয়া মানুহ এনেকুৱাই স্বাস্থ্যবান, দীৰ্ঘজীবী, মৰমিয়াল, বিনয়ী আৰু ধৰ্ম্মপৰায়ণ আছিল৷ 

বুৰঞ্জীবিদ আৰু সাহিত্যিক হৰকান্ত বৰুৱাৰ প্ৰতিভা বংশগত৷ ৰজা-দিনীয়া মজুন্দাৰ বৰুৱা হিচাপে বিচক্ষণ বুদ্ধিৰ পূৰ্ব্বপুৰুষ সকলে ৰাজ-আজ্ঞাত, ৰাজ্যৰ গুৰুতৰ বিষয়ৰ দলীল-পত্ৰাদি, বিদেশলৈ কটকীৰ হাতে পঠোৱা সন্ধি-বিগ্ৰহ, সন্দেশৰ পত্ৰাদি অতি সন্তৰ্পণে ডাঙৰীয়া সকলৰ লগত আলোচনা কৰি লিখি, স্বৰ্গদেউ সকলৰ হাত ছোৱাই শীলমোহৰ মাৰি উপযুক্ত আধাৰত সুমুৱাই পঠাইছিল৷ বহু গোপন চিঠি-পত্ৰ ৰাজ-আজ্ঞাত লিখিব লাগিছিল আৰু ৰজা, ডাঙৰীয়া, বৰমূৰীয়া, বিষয়া আৰু প্ৰজাসকলৰ স্বাৰ্থত আঘাত নকৰি আৰু নিজৰ বিবেকলৈ চকু ৰাখিও, লিখিব লাগিছিল৷ তাকে কৰোঁতে নিজৰ বুদ্ধি-বৃত্তিৰ পৰীক্ষা ভালকৈয়ে হৈছিল৷ তেনে বুদ্ধি-বৃত্তি আৰু বিবেকৰ হৰকান্ত বৰুৱা উত্তৰাধিকাৰী হৈছিল, জন্মসূত্ৰে৷ শিশুকালৰে পৰা ডেকা বয়সলৈ ভগনীয়া অৱস্থাৰ দুৰ্দশা আৰু সৰ্ব্বস্বান্ত পৰিয়ালৰ দুখ-দৈন্যৰ পাৰিপাৰ্শ্বিকতাৰ মাজেদি, জন্মগত গুণৰাশি দিনক দিনে বৰ্দ্ধিত আৰু পৰিমাৰ্জিত হৈ, সেয়ে তেওঁক নকল-নবীচৰ পৰা যেনেকৈ এফালে সদৰামীন, মুচিফ আৰু মেজিষ্ট্ৰেট কৰি তুলিছিল, আনফালে স্মৃতিৰ উচ্ছ্বাস আৰু দুখ-দৈন্যৰ শিক্ষাই, আহৰণশীল মন, আৰু অনুভূতিশীল হৃদয়খনিৰে, তেখেতক বুৰঞ্জীবিদ্‌ আৰু তেখেতৰ অজ্ঞাতেই, সাহিত্যিক কৰিছিল৷ তেখেতৰ নিৰ্ভীক, নিৰপেক্ষ স্বভাৱ আৰু সৰলতাই ’অসম বুৰঞ্জী’ৰ নিচিনা সৰল, সত্যগ্ৰাহী পুথি এখন লিখিবলৈ সক্ষম কৰিছিল৷ 

হৰকান্ত সদৰামীনে তেখেতৰ ঘৰ, সমাজৰ, সন্দৰ্ভত জন্ম-মৃত্যু-বিবাহ, মিত্ৰতা-বৈৰিতা, উৎসব-ব্যসন, দৰবাৰ-শাসন আদি বহু বিষয়ৰ প্ৰকাশ, যুক্তি আৰু বৰ্ণনা এনে ধৰণে ‘আত্মজীৱনী’ত লিখিছে যে তাৰ মাজে মাজে চিৰন্তন সত্য আৰু সুন্দৰৰ ভাব, সৰল লিখন ভঙ্গীৰ মাজেদি জিলিকি উঠিছে৷ শিৱকান্ত ককায়েকে তাড়না কৰাত মাক লৰি অহা, শিৱকান্তৰ মৃত্যুত শোক, ভোটৰ যুঁজত ৰঙিয়ালৈ যাবলৈ মাক আৰু ঘৈণীৰ মানা, দুই ভাতৃৰ গুৱাহাটীত বিবাহ, কুশদেৱ অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ, ৰাণী পদ্মৰেখাক কমিচনৰৰ মেমক সাক্ষাৎ কৰোৱা ঘটনা, ঘনকান্ত যুবৰাজৰ মৃত্যু, ৰাণী পদ্মৰেখাৰ শোক, সত্ৰৰ অধিকাৰ পতা উৎসব, লেফটেনাণ্ট গবৰ্ণৰৰ সভাৰ বিৱৰণ আদিত, তেখেতৰ বুৰঞ্জীবিদ্‌ মনটি আৰু সাহিত্যিকৰ হৃদয় খনিৰ আভাস পোৱা যায়৷ বৰ ঘৈণীৰ তীৰ্থত মৃত্যু কামনা আৰু অন্তিম কালৰ শেষ সেৱাই যেনেকৈ পাঠকৰ মন দ্ৰবীভূত কৰিব, সেইদৰে চোৰ বৈদৰ কাণ্ড-কাৰখানাই আচৰিত কৰিব আৰু ইংৰাজ বিষয়াই ‘বেজীয়া’ৰ বিবাহ পতা কাৰ্য্যই হঁহুৱাব৷ কমিচনৰৰ মেম আৰু পদ্ম-ৰেখা বাণী সংক্ৰান্তত, মেমচাহাব, ৰখি ৰখি বিৰক্ত হোৱাত, সদৰামীনে কৈছে, “আপুনিও ৰাণী, পদ্মৰেখা ৰাণীও ৰাণী, ৰাজা ৰাজনেৰ কথাই বেলেগ৷” পাঠকে ইয়াত বহু কথা আৰু মিশ্ৰিত ৰসৰ সন্ধান পাব৷ ধাৰ্ম্মিক, বিনয়ী, গম্ভীৰ প্ৰকৃতিৰ সদৰামীন বৰুৱাই, সময়ত নিজৰ কথা কৈয়ে হঁহুৱায়৷ -ৰাণী পদ্মৰেখা কমিচনৰৰ মেমক দেখা কৰিবলৈ অহাত পলম হ’ল৷ হৰকান্ত বৰুৱা কাছাৰীত চৰকাৰী কামত ব্যস্ত৷ এনেতে নাৰায়ণ লগুৱাই খবৰ দিলে, ৰাণী আহিছে, বৰুৱাইহে মেমক দেখা কৰোৱাব লাগিব৷ ৰাণীয়ে মাতিছে! মহা মস্কিল! ডিপুটী কমিচনৰে ছুটী নিদিয়ে৷ নগলেও নহয়! এতেকে “সৰ্ব্বনাশে সমত্পান্নে অৰ্ধং ত্যজন্তী পণ্ডিত৷’’ “আপদে নিমো নাস্তি’’ লৈ আনি ভাব লৈ, চাহাবক, পেটবেয়া বুলি কৈ, লৰি ৰাণীৰ ওচৰ পালে আৰু মেমক সাক্ষাৎ কৰালে৷ ‘সদৰামীনৰ আত্মজীৱনী’ত সাহিত্যৰ উচ্ছ্বাস, বুৰঞ্জীৰ বাণী আৰু উপন্যাসৰ নিচাই, পাঠকক মাজে মাজে অভিভূত কৰিব৷ স্বগীয় সদৰামীন ডাঙৰীয়াৰ প্ৰথম পুত্ৰ কমলাকান্ত বৰুৱা মৌজাদাৰ আছিল আৰু পিছত বিখ্যাত কবিৰাজ নামে জনাজাত হৈছিল৷ মোৰ মাতৃৰ মুখে শুনামতে ডেকাকালত তেখেত অতি বলশালী পুৰুষ আছিল৷ এবাৰ ঘৰপোৰা জুইৰ মাজৰ পৰা, প্ৰকাণ্ড লোহাৰ পেৰা অকলৈ চোতাললৈ দলিয়াই দিছিল৷ তেখেতৰ পুৱাৰ জলপান আছিল- কিনা হালগিৰীয়ে তপতে তপতে খীৰাই আনি দিয়া দুসেৰ গৰুৰ গাখীৰ! মই দেখাত, বৃদ্ধ- কালতো তেখেতৰ নিচিনা দীঘলে ডাঙৰে, নাকে-মুখে ঘুনীয়া, নিপোটল পুৰুষ, এতিয়া বিৰল৷ 

দ্বিতীয় পুত্ৰ ৰত্নকান্ত বৰুৱা তহচীলদাৰ (পিছলৈ চব্‌ ডিপুটী কালেক্টৰ), নাক, মুখ, চকু, তললৈ ওলমি থকা প্ৰকাণ্ড গোফ আৰু গালপাট্টাৰে থাওকাল ধৰণৰ, মাতৃ সম্বন্ধে মোৰ মূৰদেউতাক, মই এজন পশ্চিমীয়া জমিদাৰ যেন দেখিছিলোঁ৷ তেখেতে ৰবি বৰ্ম্মাৰ দৰে জল-বঙৰ (water colour) ছবি আঁকিছিল -নিজ যত্নত ঘৰতে শিকি! তেখেতৰ ছবি উত্তৰ গুৱাহাটী, গুৱাহাটী, আউনীআটী সত্ৰ আদিত আছে বুলি জানোঁ ৷ বিলাতলৈ (লণ্ডনলৈ) পঠোৱা বুলিও শুনিছিলোঁ৷ তেখেতৰ অতি সুন্দৰ হাতী-দাঁতৰ কামৰ নমুনা এতিয়াও দুই এঘৰত পোৱা যাব৷ তেখেতৰ প্ৰকাণ্ড চেতাৰৰ আওৱাজ, আৰু মধুৰ ’গত’ৰ ধ্বনিয়ে বহুতক মোহিত কৰিছিল৷ তেখেতৰ, চৰাই আৰু পশুৰ এখন সৰু চিৰীয়াখানা আছিল৷ তেখেতে বাঘ এটাও পুহিছিল কিন্তু ভয়ঙ্কৰ হৈ উঠাত গুলিয়াই মাৰিছিল৷ তেখেতে বাঁহ আৰু বেতেৰে, চৰাইৰ সজাবোৰ, ধুনীয়াকৈ নিজে সাজিছিল৷ মোৰ মাতৃয়ে তেখেতৰ পৰা গান গাবলৈ, ফটাকানিৰ ধুনীয়া পুতলা সাজিবলৈ আৰু ছবি আঁকিবলৈ শিকিছিল৷ ময়ো লৰাকালত তেখেতৰ ওচৰত ছবি আঁকা আৰু চেতাৰ বজোৱা শিকিছিলোঁ৷ তেখেতৰ তৃতীয় পক্ষৰ জীয়াৰী বিধবা ৰেবতী মাহী এতিয়াও জীবিত, তেখেতেও কিছু ছবি আঁকিব জানিছিল৷ তহচীলদাৰ মূৰদেউতাৰ, স্বৰ্গীয় ললিতমোহন লাহিড়ী উকীল প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট বঙ্গালী বন্ধু আছিল৷ 

সদৰামীনৰ মৰমৰ পুত্ৰ দুৰ্গাকান্ত বৰুৱা কলিকতাত শিক্ষা লাভ কৰি আহি অলপ কালতে স্বৰ্গী হৈ সদৰামীনক বৰ শোক দিছিল৷ তেখেতে ’কপৌ-কপৌৱনীৰ বিলাপ’ বুলি কবিতাপুথি এখনি ৰচিছিল বুলি মাতৃয়ে কোৱা শুনিছো৷ সদৰামীনে দুৰ্গাকান্তৰ ’দ্বাদশ স্বন্ধ’ ভাগৱত এখনৰ কথা উল্লেখ কৰিছে৷ সদৰামীনে নিজৰ কৃত ‘গীতাগ্ৰন্থ’ৰ কথাও উল্লেখ কৰিছে৷ ’হৰিস্মৃতি সুধাঙ্কুৰ’ পুস্তকৰ কথাও আত্মজীৱনীত লিখিছে৷ এইখনি বোধ কৰো সংস্কৃত বা বঙালী৷ আত্মজীৱনীত উল্লিখিত ’ৰামৰাজ্যাভিষেক’ নাটক নিঃসন্দেহে অসমীয়া গ্ৰন্থ৷ 

সদৰামীনৰ আৰু এজন পুত্ৰ ধৰ্ম্মকান্ত বৰুৱাৰ বিষয়ে বিশেষ নেজানো আৰু কব নোৱাৰিলোঁ৷ তেখেতৰ ’পুতুলী’ নামৰ নাতিনী, বিবাহিত ছোৱালী এজনীহে আছে৷ সৰ্ব্বকনিষ্ঠ দেৱকান্ত বৰুৱা জজ-কাছাৰীত কেৰাণী কাম কৰিছিল যদিও, আচলতে তেখেত এজন সন্ন্যাসী আৰু সাধক শ্ৰেণীৰ লোক আছিল৷ তেখেতৰ জীয়েক ধৰিত্ৰী দেবীৰ পুতেক শ্ৰীমান ’বাপলু’ এতিয়া এজন মহকুমাৰ ভাৰপ্ৰাপ্ত ডাক্তৰ৷ 

কালৰ গতিত হৰকান্ত বৰুৱাৰ নিজৰ ঘৰখন সম্পূৰ্ণকৈ লয় পালে৷ নিজৰ নাতিনী সকলৰ সন্তান-সন্ততি সকলহে আছে৷ সোণামুৱা মজুন্দাৰ বৰুৱাৰ বংশৰ ঠালঠেঙলি, কেবা ঘৰো, উত্তৰ গুৱাহাটীত আৰু শিৱসাগৰ যোৰহাট আদি ঠাইত আছে৷ সোণামুৱাৰ সদৰামীন হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱা আজোককাৰ স্বৰ্গত আত্মাৰ প্ৰতি শ্ৰদ্ধা আৰু সেৱা জনাই আমাৰ পাতনিৰ সামৰণি মাৰিলো৷ ’পৰিশিষ্ট’ত তেখেতৰ বংশাৱলী দিয়া হৈছে৷ ইতি-
উত্তৰ গুৱাহাটী
(৩০/ ৮/ ৬০)

শ্ৰীকুমুদ চন্দ্ৰ বৰদলৈ

শুধৰনী
বিশেষ দ্ৰষ্টব্য: “সদৰামীনৰ আত্মজীৱনী“ৰ সম্পাদনাত চন-তাৰিখ, অন্যান্য বুৰঞ্জীৰ সৈতে দুই এঠাইত নিমিলিলেও শুধৰোৱা হোৱা নাই-কাৰণ, সেইটো বিচাৰ সাপেক্ষ৷ য’ত, যোগ-বিয়োগত ভুল স্পষ্ট, তাতহে শুধৰোৱা হৈছে আৰু লগে লগে টোকা দিয়া হৈছে৷ 

পৃষ্ঠা-৮, পংক্তি ১৪--- ১৭৫৭ শক নহৈ ১৭৫৩ শক হব৷ 
পৃষ্ঠা-৪৬, পংক্তি ১--- ’গৌৰীকান্ত’ৰ ঠাইত ’গোপীকান্ত’ হব৷       -- সম্পাদক

  • * 'হৰকান্ত সদৰামীনৰ আত্মজীৱনীৰ প্ৰথম প্ৰকাশঃ ১৯৬০
  • সম্পাদকঃ কুমুদ চন্দ্ৰ বৰদলৈ
  • প্রকাশক- সম্পাদক নিজে, উত্তৰ গুৱাহাটী, ১৯৬০

■ হৰকান্ত সদৰামীনৰ আত্মজীৱনী' বৈশিষ্ট্য

ক৷ ঐতিহাসিক মূল্য৷
খ৷ বিৱৰণধর্মী (descriptive) বা বৃত্তান্তধর্মী (narrative) গদ্য৷
গ গ্ৰন্থখনৰ বেটুপাতত 'সদৰামীনৰ আত্মজীৱনী' আৰু ভিতৰৰ বিৱৰণী পৃষ্ঠাত 'সোণামুৱা সদৰামীন স্বর্গীয় হৰকান্ত শৰ্মা মজুন্দাৰ বৰুৱাৰ লিখিত আত্মজীৱনী' বুলি লিখা আছে। দৰাচলতে দুটি খণ্ডৰ এই গ্ৰন্থখনৰ প্ৰথম খণ্ডহে আত্মজীৱনী; দ্বিতীয় খণ্ড ডায়েৰি বা দিনলিপিৰ দৰেহে।
ঘ৷ গ্ৰন্থখনৰ প্ৰথম খণ্ডই দৈনন্দিন জীৱন ১৮৫৬ চনৰ পৰা ১৮৭২-৭৩ চনলৈ আগুৰিছে। দ্বিতীয় খণ্ডই ১৮৭৩-৭৪ চনৰ পৰা ১৮৮৯-৯০ চনলৈ আগুৰিছে। অর্থাৎ প্রথম খণ্ডই লেখকৰ জীৱনৰ ১৬ বছৰ সামৰাৰ বিপৰীতে দ্বিতীয় খণ্ডই তাৰ পৰৱৰ্তী ১৬ বছৰ সামৰিছে।
ঙ৷ এই আত্মজীৱনীখন ঊনবিংশ শতাব্দীৰ সামাজিক, ৰাজনৈতিক, প্রশাসনিক আৰু আনকি অর্থনৈতিক, বৌদ্ধিক দিশবো অনেক কথাৰ এক আপুৰুগীয়া ভঁৰাল৷
চ৷ এই আত্মজীৱনীখন হৰকান্তৰ নিৰন্তৰ আৰু অবিশ্রান্তভাবে টুকি টুকি ৰখা দৈনন্দিন ঘটনাৰ বিৱৰণ বা সংগ্ৰহ৷
ছ৷ তেওঁ লিখা গদ্যৰ বিষয়ে গোৱিন্দ প্ৰসাদ শৰ্মাই কৈছে এনেদৰে- হৰকান্ত শৰ্মা মজুন্দাৰ বৰুৱা এক সহজ সৰল মোহনীয় ব্যক্তিত্বৰ লোক আছিল বাবে এই পুথিত ধৰা পৰা তেওঁৰ গদ্যৰীতিও বেছ সহজ-সৰল; নিতান্ত পোনপটীয়া হৈও মোহনীয় (charming)। 


■ 'হৰকান্ত সদৰামীনৰ আত্মজীৱনী'ৰ বিষয়ে গোৱিন্দ প্ৰসাদ শৰ্মাৰ লেখা

'হৰকান্ত সদৰামীনৰ আত্মজীৱনী' অসমীয়া সাহিত্যৰ এখন অপূর্ব আত্মজীবনী। অসমীয়া সাহিত্যৰ প্ৰথমখন আত্মজীৱনী হিচাপে প্রায় ডেৰ শ বছৰৰ পুৰণি যদিও, ই প্রকাশিত হয় ১৯৬০ চনতহে ('সদৰামীনৰ আত্মজীৱনী', সম্পাদক- কুমুদ চন্দ্ৰ বৰদলৈ, প্রকাশক- সম্পাদক নিজে, উত্তৰ গুৱাহাটী, ১৯৬০)। ইয়াক অপূর্ব আত্মজীৱনী বুলি ক'লোঁ ইয়াৰ ৰূপগত কাৰণত ঠিক নহয়, ইয়াৰ গুণগত কাৰণত আৰু ইয়াৰ ঐতিহাসিক মূল্য বা গুৰুত্বৰ বাবে। লেখকৰ ব্যক্তিগত আৰু পেছাগত জীৱনৰ বৃত্তান্তৰ ই এক সুসমন্বয়। এই প্রকৃতিগত দিশৰ পৰা ই এক আত্মজীৱনী। কিন্তু ৰূপৰ (form) পিনৰ পৰা ই এক নিভাঁজ আত্মজীৱনী নহয়। বৰং মূলতঃ ই এক ডায়েৰি বা দিনলিপিহে। ইয়াৰ প্ৰথম খণ্ড অৱশ্যে আত্মজীৱনীৰ ৰূপতেই বিৱৰণধর্মী (descriptive) বা বৃত্তান্তধর্মী (narrative)। কিন্তু এই খণ্ডও লেখকৰ দিনতীয়া অভিজ্ঞতাবোৰৰে অৰ্থাৎ ডায়েৰি বা দিনলিপিৰ প্রবিষ্টিবোৰৰে (entries) লেখকে নিজে পিছত দিয়া বিৱৰণধর্মী ৰূপ। সেইপিনৰ পৰা আৰু ইয়াত সন্নিৱিষ্ট কথাবোৰ লেখকৰ ব্যক্তিগত, ৰাজহুৱা আৰু পেছাগত জীৱনৰ প্রশাসনিক অভিজ্ঞতাৰ বিৱৰণৰ সুসমন্বয়াত্মক জীৱনকাহিনী হিচাপে, ই এক বিশুদ্ধ আত্মজীৱনী। ইয়াৰ দ্বিতীয় খণ্ডটোতো যদিও লেখকৰ ব্যক্তিগত, ৰাজহুৱা আৰু প্ৰশাসনিক বিষয়ৰ জীৱন-অভিজ্ঞতাৰ কথাই আছে, সিবোৰ লেখকৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ সংক্ষিপ্ত ৰূপতেই আৰু চন-তাৰিখৰ সঠিক উল্লেখেৰেই কালানুক্রমিকভাৱে সজ্জিত হৈ আছে বাবে, দ্বিতীয় খণ্ডটি দৰাচলতে লেখকৰ ডায়েৰি। কিতাপখন সযত্নে, নিষ্ঠা সহকাৰে, পদ্ধতিগতভাবে টীকা-টিপ্পনী আৰু সুদীর্ঘ পাতনিৰে সম্পাদন আৰু প্ৰকাশ কৰি উলিওৱা কুমুদ চন্দ্ৰ বৰদলৈয়েহে ইয়াক একত্রে বুলিছে, বেটুপাতত 'সদৰামীনৰ আত্মজীৱনী' আৰু ভিতৰৰ বিৱৰণী পৃষ্ঠাত 'সোণামুৱা সদৰামীন স্বর্গীয় হৰকান্ত শৰ্মা মজুন্দাৰ বৰুৱাৰ লিখিত আত্মজীৱনী'। দৰাচলতে দুটি খণ্ডৰ এই গ্ৰন্থৰ প্ৰথম খণ্ডহে আত্মজীৱনী; দ্বিতীয় খণ্ড ডায়েৰি বা দিনলিপি। গ্ৰন্থখনৰ প্ৰথম খণ্ডই দৈনন্দিন জীৱন ১৮৫৬ চনৰ পৰা ১৮৭২-৭৩ চনলৈ আগুৰিছে। দ্বিতীয় খণ্ডই ১৮৭৩-৭৪ চনৰ পৰা ১৮৮৯-৯০ চনলৈ আগুৰিছে। অর্থাৎ প্রথম খণ্ডই লেখকৰ জীৱনৰ ১৬ বছৰ সামৰাৰ বিপৰীতে দ্বিতীয় খণ্ডই তাৰ পৰৱৰ্তী ১৬ বছৰ সামৰিছে। ইয়াত প্রকাশিত পৃষ্ঠাবোৰত বাহিৰে সম্পাদক বৰদলৈয়ে আমাক জানিব দিয়ামতে আৰু অধিক কিছু পৃষ্ঠাত তেওঁ দিনতীয়া অভিজ্ঞতাবোৰৰ কথা লিপিৱদ্ধ কবি থৈছিল। কিন্তু সেইবোৰ হেৰাই গ'ল। যিহওক, প্রকাশিত আৰু সম্পাদিত ৰূপৰ এই কিতাপখনৰ প্ৰথম খণ্ডৰ তৃতীয় অধ্যায়ৰপৰা দশম অধ্যায়লৈ এই অংশটিয়ে আগুৰিছে ৮৫ পৃষ্ঠা। প্রথম আৰু দ্বিতীয় অধ্যায়ে আনহাতে লৈছে কিতাপখনৰ আটাইতকৈ দীঘলীয়া অংশটো- ৯৬ পৃষ্ঠা। মূল গ্রন্থখন মুঠতে হৈছে ২৮৩ পৃষ্ঠাৰ। প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ এই দীর্ঘতম অংশটো সম্পূৰ্ণ ৰূপে লেখকৰ জীৱন কালৰ, আৰু বিশেষকৈ জন্মৰ আগৰ ঐতিহাসিক বিৱৰণ। ই সম্পূর্ণ বিৱৰণধর্মী আৰু প্ৰথম খণ্ডৰে পৰৱৰ্তী অধ্যায়বোৰৰ লেখীয়াকৈ দিনলিপিৰ পৰা বিৱৰণলৈ ৰূপান্তৰিত নহয় প্রাথমিকভাবেই এনে ঐতিহাসিক বিৱৰণৰ ৰূপত ই লিখিত। সেইবুলি বিৱৰণীধর্মী এই অধ্যায় দুটাতো তীব্র ইতিহাস চেতনাৰ আৰু সততে তথ্যানুগ এই লেখকে চন-তাৰিখৰ উল্লেখৰ পিনে পিঠি দিয়া নাই। বৰং সযত্নে প্রয়োজনীয় স্থানত চন-তাৰিখ দি গৈছে। দ্বিতীয় খণ্ডৰ তৃতীয় অধ্যায়ৰ পৰা (পৃ. ২১৮ৰ পৰা পৃ. ২৮৩ লৈ) কিতাপখনৰ এই শেষ অংশটো অৱশ্যে লেখকৰ ডায়েৰিৰ প্রবিষ্টি। এই অংশ অৱশ্যে লেখকৰ শেষ বয়সৰ আঠোটা বছৰহে আগুৰা। এই ডায়েৰি অংশটোও বা প্রতিদিনৰ অভিজ্ঞতাৰ চুটি চুটি উল্লেখস্বৰূপ। টোকাবোৰো অৱশ্যে আমাৰ কাৰণে লেখকৰ যুগৰ এইছোৱা কালৰ ঐতিহাসিক তথ্যৰ ভঁৰাল আৰু গতিকে পূৰ্বৰ দুটি অংশৰ দৰে সমানে গুৰুত্বপূর্ণ। সমগ্র ঊনবিংশ শতাব্দীৰ সামাজিক, ৰাজনৈতিক, প্রশাসনিক আৰু আনকি অর্থনৈতিক, বৌদ্ধিক দিশবো অনেক কথাৰ এক আপুৰুগীয়া ভঁৰাল হিচাপে এই আত্মজীবনীমূলক গ্রন্থখন আমাৰ সাহিত্যৰ এক আপুৰুগীয়া সম্পদ- এক নির্ভযোগ্য ঐতিহাসিক দলিল।

এই গ্রন্থত আমি এজন প্রত্যক্ষদর্শীৰ বৰ্ণনাত আহোম ৰাজত্বৰ বেলিমাৰৰ সময়, ব্রিটিছ শাসনৰ প্রতিষ্ঠা কালৰ বহুতো তথ্যই অকল নহয়, এক সংক্ষিপ্ত অথচ মনত দাগ বহুৱাব পৰা ছবিও পাওঁ। ১৮৫৭ চন আৰু তাৰ আগ-পাছৰ অসমৰ ৰাজনৈতিক সংঘাতময় পৰিস্থিতিৰ পৰিচয়, মণিৰাম দেৱানৰ ফাঁচি, উজনিত কন্দপেশ্বৰ সিংহৰ ৰাজনৈতিক অবস্থা আৰু নামনিত যুৱৰাজ ঘনকান্ত সিংহৰ আৰু তেওঁৰ পৰিয়ালৰ শোকাবহ অৱস্থাৰ কথাও এই আত্মজীৱনীতে হৃদয়স্পর্শী ৰূপত আমি পাওঁ। কেতিয়া কোম্পানীৰ শাসনৰ পৰা অসম ব্ৰিটিছ চৰকাৰৰ শাসনৰ অন্তৰ্ভুক্ত হ'ল, আৰু তাৰ পিছত কেতিয়া গৱৰ্ণৰ জেনেৰেলৰ বংগদেশৰ সৈতে যুটীয়া শাসনৰ পৰা পৃথক হৈ চীফ কমিশ্যনাৰৰ শাসনৰ অধীনলৈ আহিল, কেনেকৈ ৰাণী ভিক্টোৰিয়াৰ পুত্ৰৰ ভাৰত ভ্ৰমণত ব্ৰিটিছ চৰকাৰৰ উদ্যোগতে দেশব্যাপী উৎসৱৰ ঢৌ উঠিল আৰু তাত অসমেও ভাগ ল'লে, কেনেকৈ অসমত কাৰ শাসনকাল আৰু উদ্যোগত মাটি পিয়ল হ'ল, কেতিয়া কোন অঞ্চলত কেনেভাবে চৰকাৰে খাজনাৰ বন্দোবস্ত কৰিলে, কেতিয়া কোম্পানীৰ শাসনকালৰ চৌধুৰী, পাটোৱাৰী আদি ৰাজহ আদায়ৰ টেকেলাৰ ঠাইত মৌজাদাৰ, মণ্ডল আদি নিযুক্ত হ'ল- এই ধৰণৰ ঐতিহাসিক আটাইবোৰ কথা সঠিকভাৱে চন-তাৰিখেৰে ইয়াত উল্লিখিত হৈছে।

সাংস্কৃতিক, শৈক্ষিক আদি দিশৰ খবৰ বা তথ্য যদিও ইয়াত হৰকান্ত সদৰামীনৰ নিজৰ ক্ষেত্ৰ প্ৰশাসনিক দিশৰ দবে পর্যাপ্ত নহয়, তথাপি এইবোৰ দিশৰ তথ্যও গোটেই কম নহয়। যজ্ঞোৰাম ফুকনৰ ('ফোকন') উল্লেখ, হলীৰাম ঢেকিয়াল ফুকনৰ মৃত্যু আৰু তেওঁৰ পুত্ৰ ৰাধিকাৰাম ফুকনৰ দ্বাৰা অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ কথা, আনন্দৰাম বৰুৱাৰ মৃত্যুৰ কথা- এইবোৰো সংক্ষিপ্ত ৰূপত ইয়াত পোৱা যায়। মণিৰাম দেৱানৰ চাহখেতি আৰম্ভৰ কথাও ইয়াত বাদ পৰা নাই। লেখকৰ ব্যক্তিগত জীৱনৰ বহুতো ঘটনাবো সংক্ষিপ্ত ৰূপত হ'লেও ইয়াত সমাবেশ ঘটিছে। তাৰে বহুতোৰ মাজেদি সমসাময়িক অসমৰ সামাজিক ৰীতি-নীতি, দা-দস্তুৰ আদিৰ কথা জানিব পাৰি। যেনে- লেখকৰ কোনজনী জীয়েকৰ বিয়াত কি কি কাপোৰ-কানি, আ-অলংকাৰ দিছিল, সেইবোৰৰ কোনবিধৰ দাম কিমান আছিল, অভ্যাগতক কি খুৱাইছিল, তাত খৰচ কিমান পৰিছিল- ইত্যাদি বহুত কথা বিতং ৰূপত, আনকি প্রয়োজন বুজি তালিকাৰ ৰূপতে ইয়াত স্থান পাইছে। বিয়া উপলক্ষে তেতিয়া মাতিছিল ঢুলীয়া-কালীয়া। যাতায়াতৰ বাবে সদৰামীনৰ দবে আর্থিকভাবে স্বচ্ছল লোকে তেতিয়া ব্যৱহাৰ কৰিছিল হাতী। হৰকান্ত সদৰামীনে মাজুলীলৈ গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুৰে নাৱত। মাজুলীৰপৰা ওলাই শিৱসাগৰ, যোৰহাট ঘূৰি ফুৰোঁতে খবৰ পালে তেওঁৰ সৈতে বিবাহৰ উপযুক্ত এগৰাকী পাত্ৰীৰ। দ্বিতীয় পত্নী হিচাপে তেওঁ সেই পাত্রীক বিয়া কৰাই ঘৰলৈ আনিলে। সমাজত তেতিয়া চলা বহুবিবাহ প্রথাৰ ই এটা ভাল উদাহৰণ।

এই ধৰণে সমসাময়িক অসমৰ সামাজিক, ৰাজনৈতিক, আর্থিক দিশবোৰৰ এই আত্মজীৱনীয়ে উমান দি ঊনবিংশ শতাব্দীৰ অসমৰ ইতিহাসৰ লাগতিয়াল তথ্যৰ এক অমূল্য উৎস হিচাপে ধৰা দিলে; কিন্তু লেখকে ইয়াত তেওঁৰ বিভিন্ন কথা-কাম, ভাব অনুভূতিৰ মাজেদি নিজৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ কিবা পৰিচয় দিলেনে? আৰু যদি দিছে, সি কেনে পৰিচয়? এই বিষয়তো আত্মজীৱনীমূলক এই গ্রন্থ বেছ চহকী।

হৰকান্ত সদৰামীনৰ নিজক লৈ গৌৰৱ কৰিব পৰা অনেক কথাই আছিল। পাশ্চাত্য শিক্ষা-দীক্ষা, আনকি ইংৰাজী ভাষাত জ্ঞান নোহোৱা সত্ত্বেও, নকৈ প্রবর্তিত হোৱা ব্রিটিছ চৰকাৰৰ আদালতত এটা সৰু নকল নবীচী কামত প্রথমে সোমাই তাৰ পৰাই নিজব দক্ষতা আৰু সততাৰ বলত চিবস্তাদাৰ, সদৰামীন আদি পদলৈ উঠি অস্থায়ীভাবে হ'লেও ডেপুটি কমিশ্বনাৰ পদলৈকে উধাও হ'ব পাৰিছিল। সমসাময়িক গুৱাহাটী চহৰৰ লেখত ল'বলগীয়া লোককেইগৰাকীৰ মাজত তেবোঁ এজন বুলি পৰিগণিত হৈছিল। সিপিনে নিজৰ কৰ্মস্থানৰ ঊর্ধ্বতন বিষয়া ডেপুটি কমিশ্যনাৰ আদিৰ বিশ্বাসভাজন আৰু প্রিয়পাত্র হোৱাৰ উপৰি তেওঁলোকৰ পৰিয়াল বা মেমচাহাবসকলৰো স্নেহভাজন আছিল। ইপিনে ভঙা যোৱা আহোম ৰাজবংশৰ গুৱাহাটীস্থ যুবৰাজ ঘনকান্ত সিংহ আৰু তেওঁৰ পত্নী পদ্মৰেখাৰো প্রীতিভাজন তথা হিতাকাংক্ষী হৈ উঠিছিল। এইবোৰ বৰ বৰ পৰিয়ালৰ লগত তেওঁৰ অকল সঘন আহ-যাহ থকাই নহয়, নিজৰ নিজৰ ঘৰত উৎপন্ন শাক- পাচলি, ফল-মূলৰ আদান-প্রদানৰ সম্পৰ্কও আছিল। যুৱৰাজ ঘনকান্ত আৰু পদ্মৰেখাৰ দুখৰ দিনত বিপদৰ বন্ধু হিচাপে তেওঁ ধৰা দিছিল। সৎ উপদেশেৰে তেওঁলোকৰ উপকাৰ সাধিছিল; নিজৰ সাধ্যৰ বলত তেওঁলোকক ব্রিটিছ চৰকাৰৰ ঘৰৰ পৰা আর্থিক সাহায্যও দিয়াইছিল। এই আটাইবোৰ কথা আত্মজীৱনীখনত আছে, কিন্তু ক'তোৱেই তেওঁ এনে স্থানত থকা বাবে গৌৰৱৰ ভাব বা নিজৰ সামৰ্থ্যক লৈ গৌৰৱ প্ৰকাশ পোৱা নাই। বৰং ক্ষমতাশালী লোকসকলৰ আগত নিজৰ সাধাৰণ অৱস্থাৰ আত্মজ্ঞানহে যে তেওঁৰ আছিল, সেই কথা সততে বুজা যায় কিতাপখনৰ পঠনৰ পৰা। মণিৰাম দেৱানে ভঙা ৰজা কন্দপেশ্বৰ সিংহৰ পৰা শকত ধনৰ মোনা সৰকাই তাৰে কলিকতাত থকা ব্ৰিটিছ চৰকাৰৰ বৰমূৰীয়াক তুষ্ট কৰি কন্দপেশ্বৰ সিংহৰ লুপ্ত ক্ষমতা উদ্ধাৰৰ কাৰণে গুৱাহাটী হৈ কলিকতালৈ যাওঁতে ঘনকান্ত সিংহকো একে উপকাৰকে কৰি দিওঁ বুলি এওঁৰ পৰাও ধনৰ মোনা বিচাৰিলে। যুৱৰাজৰ হিতাকাংক্ষী হৰকান্ত সদৰামীনে মণিৰামক বিশ্বাস নকৰি তেওঁলৈ তেনেকৈ ধনৰ মোনা আগবঢ়োৱা উচিত নহ'ব বুলি উপদেশ দিলে। তথাপি মণিৰাম দেৱানৰ বিষয়ে বা তেওঁৰ চৰিত্ৰ আৰু উদ্দেশ্যৰ বিষয়ে বিৰূপ কোনো মন্তব্য আত্মজীৱনীখনত নাই।

আনহাতে নিজৰ নেতিবাচক কথা বা দিশবোৰো এই আত্মজীৱনীতে ধৰা পৰিছে। তেওঁৰ জন্ম আত্মজীৱনীখনৰ মতে ১৭৩৭ শকত (১৮১৫ খৃঃত) হয়। এই সময়ত ব্রিটিছ চৰকাৰৰ ইংৰাজী শিক্ষা যদিও সকলোৰে বাবে সহজলভ্য হোৱা নাই, তথাপি হলিৰাম ঢেকিয়াল ফুকন (জন্ম ১৮০২), যজ্ঞৰাম ফুকন (জন্ম ১৮০৫), হেমচন্দ্ৰ বৰুৱা (জন্ম ১৮৩৫), আনন্দৰাম ঢেকিয়াল ফুকন (জন্মৰ ১৮১৯) আদিয়ে তেতিয়াতে ইংৰাজী শিক্ষাৰ সহায়ত অসমীয়া সাহিত্য-সংস্কৃতিৰ একো একোজন অগ্রণী পুৰুষ হিচাপে প্রতিষ্ঠা লাভ কৰিব পাৰিছিল। হৰকান্তৰ বা এওঁৰ পৰিয়ালৰ তেনে বিষয়ৰ কোনো খ্যাতি নাছিল বুলি এই আত্মজীৱনীৰ পৰা বুজা যায়। সেই সময়ৰ অসমীয়া মধ্যবিত্তৰ জ্ঞানৰ বাহন স্বৰূপ 'অৰুণোদই'ৰ লগত এওঁৰ কোনো পৰিচয় বা সম্পর্ক থকাৰ কথা জানিব নোৱাৰি। আনন্দৰাম বৰুৱা ডেপুটি কমিশ্যনাৰৰ মৃত্যুৰ সংবাদ ইয়াত আছে, কিন্তু তেওঁৰ বিৰল প্রতিভা আৰু পাণ্ডিত্যৰ প্ৰকাশক গ্ৰন্থাৱলীৰ কথা একো নাই। 'দুর্গাকান্তৰ গদ্য ছন্দৰ দ্বাদশস্কন্ধ ভাগৱত' কলিকতাত ছপা' হৈ তেওঁৰ হাতত পৰাৰ কথা আছে, দীননাথ বেজবৰুৱাই (লেখকৰ বানানত 'দিননাথ') গুৱাহাটীলৈ আহি ৰজা কন্দর্পেশৰ সিংহক চিকিৎসা কৰাৰ কথা আছে আৰু হৰকান্তই তেতিয়া তেওঁক তেওঁৰ ঘৰলৈকো নি '৩ টাকা' দি দেৱকান্তৰ বেমাৰ দেখুওৱাৰ কথাও আছে। কিন্তু দীননাথ বেজবৰুৱাৰ ঘৰ বা পৰিয়ালৰ কোনো পৰিচয় নাই। তেওঁৰ নিজৰ দ্বাৰা "কৃত 'গীতাগ্রন্থ" পঢ়ি অন্য আহ্লাদিত হোৱাৰ খবৰ আছে; পিছে নিজৰ দ্বাৰা 'কৃত' এই গীতাখনৰ কোনো পৰিচয় বা বিৱৰণ নাই।

কিন্তু এনে দিশবোৰৰ উল্লেখ বা অনুল্লেখৰ মাজেদিও আমি যিজন মানুহক ইয়াত লগ পাওঁ, সেইজন মানুহ এক সহজ-সৰল মোহনীয় ব্যক্তিত্বৰ অধিকাৰী; দয়া-সহানুভূতিবে ভৰা এক হৃদয়বান ব্যক্তি। উচ্চ শিক্ষা নোপোৱা, পাশ্চাত্য সাহিত্য-সংস্কৃতিৰ সৈতে পৰিচয় নথকা এই ব্ৰিটিছ চৰকাৰী বিষয়া গৰাকীয়ে ব্রিটিছ প্রশাসক বা বিষয়াসকলৰ নামবোৰো আনকি অসমীয়া উচ্চাৰণেৰেহে লিখিব পাবে। 'চীফ কমিশ্বনাৰ ফিটজপেট্রিক' (Fitzpatrick) চাহাব হয় তেওঁৰ লেখাত 'শ্রীশ্রী ফিষ্টপ্যাটী', 'ডেপুটি কমিচনাৰ ডনিছন (Donison)' চাহাব হয় তেওঁৰ লেখাত ‘ডনেচন সাহেব’ ডিপুটি কমিচনাৰ ইত্যাদি। কিন্তু এনে এজন এপিনৰ পৰা অর্ধশিক্ষিত লোকেই তেওঁৰ থলুৱা সীমিত শিক্ষা-দীক্ষাৰে ৰচি উলিয়ালে এনে এখন অসাধাৰণ ঐতিহাসিক মূল্যৰ আত্মজীৱনী- যিজন লোক আৰু তেওঁৰ যিখন গ্ৰন্থৰ তুলনা সূর্যকুমাৰ ভূঞাৰ দৰে পণ্ডিত বা ঐতিহাসিকেও যথার্থভাবে কৰিছে ইংৰাজী সাহিত্যৰ সেই অপূর্ব ডায়েৰি- পেপিজৰ ডায়েৰি লগত। পেপিজৰ ডায়েৰি নিৰন্তৰ আৰু অবিশ্রান্তভাবে টুকি টুকি ৰখা দৈনন্দিন ঘটনাৰ বিৱৰণ বা সংগ্ৰহ- যি পিছত নিজৰ জীৱনকালৰ সমস্ত দেশখনৰে ইতিহাসৰ অভ্রান্ত সমল হ'ল গৈ। এই কথাত আমাৰ হৰকান্ত সদৰামীনৰ আত্মজীৱনী আৰু ইংলেণ্ডৰ ছেমুৱেল পেপিজৰ ডায়েৰি সঁচাই সমতুল্য। কেৱল ছেমুৱেল পেপিজৰ ডায়েৰি বৃহৎ 'কে'বাখগুলৈ বিয়পা আৰু আমাৰ হৰকান্ত সদৰামীনৰ আত্মজীৱনী একেটা নাতিবৃহৎ খণ্ডতে সমাপ্ত।

হৰকান্ত শৰ্মা মজুন্দাৰ বৰুৱা এক সহজ সৰল মোহনীয় ব্যক্তিত্বৰ লোক আছিল বাবে এই পুথিত ধৰা পৰা তেওঁৰ গদ্যৰীতিও বেছ সহজ-সৰল; নিতান্ত পোনপটীয়া হৈও মোহনীয় (charming)। তাৰে দুটামান উদাহৰণ দিওঁহক। এয়া তেওঁৰ বৰ জীয়েকক বিয়া দি শেহনিশা উলিয়াই দিয়া মুহূৰ্তৰ বৰ্ণনাঃ

আৰু সাতখন দোলাৰ দ্বাৰা পানী তোলা হৈছিল। বিবাহ মঞি নিজে দিয়া হ'ল। কুশছেদ সময় মোৰ চক্ষুৰ লোতক সৰ সৰ কৰি পৰিব ধৰিলে। পাচে বিবেচনা কৰা গ'ল, এই ছোৱালীটিৰ মাক ক'ৰ আছিল! পৰৰ জীয়াৰী আনি গৃহাশ্রম হ'ল। এতিয়া এই ছোৱালী পৰৰ ঘৰলৈ আবশ্য যাব। এহাত শোক কৰাৰ আবশ্যক কি? এই বিধাতাৰ সৃষ্টি ও সংসাৰ। এই ভাবি চক্ষুৰ লোতক মুচি দৃঢ়ভাবে কৰ্ম সম্পাদন হ’ল৷ (পৃষ্ঠা ৬৭)

এয়া বৰঘৈণীয়েক টান নৰিয়াত পৰা অৱস্থাৰ বিৱৰণ:

এবং ৰাতি বৰঘৈণীয়ে ভাত বান্ধি সকলোকে খুৱালে ও তেওঁ খাই শয়ন কৰিব গৈছিল। মঞো শয়ন কৰিছোঁ, কিন্তু নিদ্রা হোৱা নাই। এনেতে মঞি শয়ন কৰা চালপীৰাৰ কাখত থিয় হৈ, ভৰিৰ পৰা জিন জিনাই আহিছে বুলি, পানী দে, বুলি বিলাহী বেটীক আৰ্ত্তৰাৱে মাতিব ধৰাত, কাঁহৰ কলহৰে পানী দিয়াতে গোটেই কলহ পানী খালে। আৰু পানী আন বুলি কোৱাত তৎক্ষণাৎ আনি দিয়াতে, আৰু আন বুলি কোৱাতে খালে। ও পুৰিছে পুৰিছে বুলি সেই শোৱনিঘৰতে পানী পাৰেমানে মূৰত ঢালি মাটিত অচেতন হৈ পৰিল। বিলাহীয়ে আটাহ পাৰিব ধৰিলে। মঞি উঠা নাই; মানুহৰো হঠাৎ এনে নৰিয়া হয়নে! (পৃ. ৪৪-৪৫)

আৰু এয়া তেওঁৰ শ্রদ্ধা, ভালপোৱা, সহানুভূতিৰ পাত্ৰ, পূৰ্বৰ আহোম ৰাজবংশীয় আৰু এতিয়াৰ ব্ৰিটিছ শাসন ব্যৱস্থাত দুর্যোগত পতিত ঘনকান্ত যুৱৰাজক সহায় কৰাৰ মানসে ব্ৰিটিছ কমিচনাৰ ৰাওলাট চাহাবৰ পত্নীৰ লগত হোৱা কথা-বতৰাৰ সময়ৰ বিৱৰণঃ

মঞি কমিচনৰ সাহেব আৰু তেওঁৰ মেম, বেগম পাশ, মাজে মাজে যাওঁ। একদিন মেমসাহেবত কলো 'যুৱৰাজৰ ৰাণী আপুনাৰ পাশ অহাৰ তাৎপর্য এই, - আপুনি আজেন্ট নৱাব গৱৰ্ণৰৰ ৰাণী। ইচ্ছা কৰিলে, কি কর্ম কৰিব নোৱাৰে! তেওঁলোকৰ পিতা ও পিতামহসকল আসাম দেশ ৰাজত্বি কৰিছিল। এতিয়া একো নাই। কেৱল ৪৬০ টাকা পেনচিন্ মাত্র পায়, খৰচা নোজোৰে। চাৰি পাঁচ হাজাৰ টাকাৰ ধাৰ হৈছে, এতেকে আপুনি অনুগ্রহ কৰি, সাহেবত কৈ এক জেলা বা কয়েক মৌজা দি ৰাজাক ৰক্ষা কৰিলে আপুনাৰ নাম ও যশস্যা থাকে।' মেসাহেবে ক'লে, 'তোমি সাহেবত ক'বা।' মঞি কলো, 'মঞি সাহেবত কম, কিন্তু আপুনাতহে ভাৰসা।' (পৃ. ১০৮)

পিছে আমাৰ সাহিত্যৰ এনে এক লুপ্তপ্রায় ৰত্নও উদ্ধাৰ হ'ল লেখকৰ মৃত্যুৰ প্ৰায় অর্ধ শতাব্দী কাল পিছতহে, তেওঁৰে পৰিয়ালৰ মাতৃপক্ষৰ আজোনাতি আৰু আজিৰ এই গ্ৰন্থৰ সম্পাদক কুমুদ চন্দ্ৰ বৰদলৈৰ সুমতিত আৰু যত্নত আৰু এই গ্ৰন্থৰ উচিত মূল্যায়নেৰে ইংৰাজী পাতনি লেখক, তীব্র ইতিহাস চেতনাসম্পন্ন পণ্ডিত সূর্যকুমাৰ ভূঞাৰ উৎসাহ- উদ্‌গনিত। গ্ৰন্থখনৰ কুমুদ চন্দ্ৰ বৰদলৈয়ে কৰা সম্পাদনা বেছ পৰিশ্ৰম সাধ্য আৰু সার্থক। আনহাতে ড° ভূঞাৰ ইংৰাজী পাতনি চুটি হৈয়ো কিতাপখনৰ মূল্যায়ন আৰু গ্ৰন্থকাৰৰ উচিত পৰিচয় দানৰ বাবে অতি মূল্যৱান। গোৱিন্দ প্ৰসাদ শৰ্মাৰ সবিশেষ এই লিংকত ক্লিক কৰক৷


■ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ লেখাৰ কিয়দংশ

ঊনবিংশ শতিকাত অফিচ-আদালত আৰু পঢ়াশালিৰ পৰা অপসাৰিত হয় আৰু তাৰ ঠাইত বঙালী ভাষা প্রচলিত হ'বলৈ ধৰে। এই শতিকাতে মিছনেৰী সকলৰ অসমত প্ৰৱেশ ঘটে আৰু তেওঁলোকৰ উদ্যোগত প্রথম মাহেকীয়া আলোচনী 'অৰুণোদয়' ছপা হৈ ওলায়। এইখন কাকতৰ সহায়ত মিছনেৰীসকলে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেটি নির্মাণত সহায়তা কৰাৰ লগতে অসমীয়া ভাষাকো ন্যায্য স্থানত পুনৰ প্ৰতিষ্ঠিত কৰিলে। এই শতিকাৰে শেষৰফালে 'জোনাকী' কাকতৰ যোগেদি পশ্চিমীয়া সাহিত্যৰ আর্হিত সৃষ্টিশীল অসমীয়া সাহিত্যৰ উন্মেষ আৰু বিকাশ হ'বলৈ ধৰে।

অকল ভাষা-সাহিত্যৰ ক্ষেত্ৰতেই নহয়, অসমৰ শৈক্ষিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশতো এই শতিকাত নানান পৰিৱৰ্তনে দেখা দিয়ে। হৰকান্ত বৰুৱা সদৰামীন এই শতিকাতে উপজি ডাঙৰ-দীঘল হৈ শিক্ষা-দীক্ষা গ্রহণ কৰি জীৱন অতিবাহিত কৰা ব্যক্তি। সেয়ে, তেওঁৰ জীৱনলেখাত শতিকাটোৰ অসমৰ সমাজ জীৱনৰ নানান দিশ উদ্ভাসিত হৈছে।

আমি ইতিমধ্যে কৈ আহিছোঁ যে হৰকান্ত বৰুৱাই আসন্ন দুৰ্যোগৰ মুহূৰ্ত এটাত জন্ম গ্রহণ কৰিছিল। জন্মলভাৰ তিনি বছৰ পিছতেই ১৭৪০ শক (১৮১৮ চন)ত মানৰ অত্যাচাৰত ৰুচিনাথ বুঢ়াগোহাঞি প্রমুখ্যে দেশৰ অলেখ ভাগ্যহীন লোক ভগনীয়া হৈ ইংৰাজৰ ৰাজ্যত প্ৰৱেশ কৰি ৰংপুৰ জিলাৰ চিলামাৰিত আশ্রয় লৈছিল। কেঁচুৱা হৰকান্তক কোলাত লৈ পিতৃ ৰাধাকান্তও সপৰিয়ালে গৈ চিলামাৰিৰ নন্দবাবু নামৰ জনৈক ব্যক্তিৰ আশ্রয় প্রার্থী হৈছিলগৈ। মানে উজনিৰ পৰা অসম দখল কৰি হাদিৰাচকী গৈ পোৱাত তাতেই ইংৰাজে তেওঁলোকক বাধা দিয়ে আৰু স্কট চাহাবে মানক খেদি কামৰূপ দখল কৰে। লগে লগে ভগনীয়া অসমীয়া লোকসকলৰ মনৰ পৰা মানৰ ভয় দূৰ হ'ল আৰু ইংৰাজৰ সাহসেৰে সাহসী হৈ তেওঁলোকো নিজ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ধৰিলে। হৰকান্তৰ পিতৃ ৰাধাকান্তও সপৰিয়ালে উভতি আহি হাজোৰ ওচৰৰ চেঁচামুখ পায়, আৰু তাৰ ওচৰৰে সুঁতিগ্ৰামৰ ভাগৱতী ব্ৰাহ্মণৰ আশ্রয়ত থাকিবলৈ লয়। ইয়াৰ পিছত তেওঁ হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ মাটি এটুকুৰা লৈ তাতেই নিগাজীকৈ বসতি কৰিবলৈ লয়। ইতিমধ্যে ইংৰাজ চৰকাৰে কামৰূপত শাসন প্ৰৱৰ্তন কৰি জমাজমি বন্দৱস্ত কৰিবলৈ আৰম্ভ কৰাত ৰাধাকান্তই নিজৰ দুখ-দুর্দশাৰ কথা ডেভিদ স্কট চাহাবক অৱগত কৰোৱাই তেওঁৰ পৰা হাজোৰ হিডলাদলত ১২ পুৰা মাটি নিষ্কৰকৈ লয়। হৰকান্ত বৰুৱাই তেওঁৰ জীৱন লেখাত এই সকলোবোৰ কথাকে নিয়াৰিকৈ উল্লেখ কৰিছে। ইয়াৰ পৰা ডেভিদ স্কট চাহাবৰ উদাৰতা আৰু মহানুভৱতাৰ উমান পোৱা যায়। কমিছনাৰ জেনকিন্স আৰু কলেক্টৰ বগল চাহাবে কামৰূপৰ জমি খণ্ডিত কৰি পৰগণা বন্দৱস্ত কৰা হৰকান্তৰ নকল নবিচৰ কামত নিযুক্তি কৰা কথাও 'আত্মজীবনী'ত উল্লিখিত হৈছে। হৰকান্ত বৰৰুৱাৰ পূৰ্বপুৰুষৰ আহোম ৰজাদিনীয়া খিতাপ আছিল। সেয়ে তেওঁলোকে উজনিৰ মাজুলীৰ কমলাবাৰী সত্ৰত সা-সম্পত্তি আৰু গোলাম-বান্দীও পাইছিল। হৰকান্তৰ ককায়েক গৌৰীকান্ত আৰু শিৱকান্তই মানৰ আক্ৰমণৰ পিছত পুনৰ প্ৰতিষ্ঠিত হৈ সেই সম্পত্তি আৰু গোলাম- বান্দীসকলক উদ্ধাৰ কৰিছিল আৰু পৰিয়ালটো পৃথক হোৱাৰ সময়ত গোলাম- বান্দীসকলকো পণ্য দ্রব্যৰ দৰে ভগাই লৈছিল। এনে কার্যই, সেই সময়ৰ অভিজাত পৰিয়ালৰ আভিজাত্য তুলি ধৰাৰ লগতে সমাজত গোলাম-বান্দীৰ পৰাধীনতা সম্পর্কেও সম্যক আভাস দিয়ে। অৱশ্যে অসমত গোলাম-বান্দীসকলক গৃহস্থই পৰিয়ালৰ সদস্য হিচাপেই গ্রহণ কৰিছিল আৰু তেওঁলোকৰ বিয়া-বাৰু আদিও গৃহস্থৰ উদ্যোগতে সমাপন হৈছিল। হৰকান্ত বৰুৱাই লিগিৰাৰ শিশুক, মাকৰ গাখীৰ নোহোৱা হোৱাত পর্যাপ্ত পৰিমাণে গৰুৰ গাখীৰ খুৱাই তাক সুস্থ সবল কৰি তোলা কার্যই তেওঁৰ হৃদয়ৰ বিশালতা আৰু মহত্ত্বৰ ইংগিত দিয়ে।

ইংৰাজে মানক খেদি ঔপনিৱেশিক শাসন প্ৰৱৰ্তন কৰাত ইয়াত শান্তি স্থাপিত হৈছিল আৰু তাৰ বাবে অসমীয়া এচাম অভিজাত আৰু সাধাৰণ লোকসকলে ইংৰাজ চৰকাৰৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ নতুন শাসনো নির্বিবাদে মানি লৈছিল। হৰকান্ত বৰুৱায়ো ইংৰাজ শাসনকে সুখকৰ বুলি অনুভৱ কৰিছিল আৰু সেই কাৰণে তেওঁ মণিৰাম দেৱানৰ বিদ্ৰোহৰো সমর্থন কৰা নাছিল। অৱশ্যে মণিৰামক মৃত্যু দণ্ডেৰে দণ্ডিত কৰাত তেওঁ গভীৰ সন্তাপ পাইছিল। 'আত্মজীৱনী'ত বর্ণিত এনেবোৰ কথাই হৰকান্ত বৰুৱাৰ জীৱন দৃষ্টিৰ পৰিচয় দিয়াৰ লগতে সমসাময়িক ৰাজনৈতিক দিশটোকো প্রতিফলিত কৰিছে।

ইংৰাজৰ তলত চাকৰি কৰিলেও আহোম বংশৰ উত্তৰাধিকাৰীসকলৰ প্ৰতি হৰকান্ত বৰুৱাৰ আছিল অপৰিসীম শ্রদ্ধা আৰু সহানুভূতি। যুৱৰাজ ঘনকান্ত সিংহ আৰু ৰাণী পদ্মৰেখাৰ স্মৃতি তেওঁ সততে বহন কৰি আছিল আৰু ঘনকান্তৰ মৃত্যুত তেওঁৰ শ্রাদ্ধাদিৰ খৰচৰ বাবে ইংৰাজ কমিছনাৰক কৈ-মেলি ধন আদায় কৰি দিয়াৰ উপৰি ৰাণী পদ্মৰেখাৰ বাবে পেন্সনৰো ব্যৱস্থা কৰিছিল।

সেইকালত শাস্ত্ৰৰমতে 'ফলি' দি ল'ৰাৰ বিদ্যাৰম্ভ কৰা হৈছিল। উচ্চ বৰ্ণৰ হিন্দুসকলে সংস্কৃত শিকাৰ দস্তুৰ প্ৰচলিত আছিল। শিক্ষা গ্ৰহণৰ বাবে পণ্ডিতৰ ঘৰলৈ যাবলগীয়া হৈছিল, কোনো কোনো ক্ষেত্রত পণ্ডিতেও ছাত্ৰৰ ঘৰলৈ আহি পাঠদান কৰিছিল। সেইকালত সংস্কৃতৰ উপৰি অংকৰো শিক্ষাদান কৰা হৈছিল। হৰকান্ত বৰুৱাক ৰীতি অনুসৰি 'ফলি' দি, ভগনীয়া হৈ থকা কালতে কান্দুৰা কটকীৰ হতুৱাই আখৰ শিকাইছিল। হৰকান্ত, বিষ্ণুকান্ত আৰু তেওঁলোকৰ বংশৰ আন আন ল'ৰাই নকুছিগ্রামৰ কাণুৰাম শৰ্মা বৰদেউৰীৰ ওচৰত সংস্কৃতৰ শব্দ আৰু সন্ধিৰ পাঠ গ্রহণ কৰিছিল। কনিষ্ঠ ভায়েক গৌৰীকান্তকো ঘৰতে, 'শব্দ আৰু সন্ধি' শিকাবৰ নিমিত্তে পণ্ডিত ৰখাই দিছিল।

পেচ্‌কৰ হৈ থাকোঁতে হৰকান্ত বৰুৱাই হাজোত এখন স্কুল প্রতিষ্ঠা কৰিছিল। সংস্কৃত টোল এখনো তেওঁৰ যত্নতে উত্তৰ গুৱাহাটীত স্থাপিত হৈছিল। ইংৰাজে দেশ লোৱাৰ পিছত ইয়াত ইংৰাজী শিক্ষা প্ৰৱৰ্তিত হয়। হৰকান্তই ইংৰাজী শিক্ষাৰ সুবিধা পোৱা নাছিল, কিন্তু পুতেক ৰত্নকান্ত আৰু নাতি জোঁৱাই তিলকক ইংৰাজী শিক্ষা গ্ৰহণৰ বাবে নগাঁৱৰ স্কুললৈ পঠিয়াইছিল। পুৰণি আৰু নতুন শিক্ষা ব্যৱস্থাৰ সহাৱস্থান যাতে সম্ভৱপৰ হয়, তাৰ প্ৰতি সেই কালত শিক্ষানুৰাগীসকলে লক্ষ্য ৰাখিছিল। হৰকান্ত বৰুৱাই সংস্কৃত আৰু ইংৰাজী দুয়োটাৰে শিক্ষাত গুৰুত্ব আৰোপ কৰিছিল।

সেই সময়ত কম বয়সত বিয়া কাৰোৱাটো এটা সামাজিক দস্তুৰ আছিল। বেছি বয়সলৈ বিয়া নকাৰোৱাকৈ থাকিলে মানুহে নিন্দা কৰিছিল। সামাজিক প্রথা অনুসৰি বিয়াৰ আগতে ধৰ্মত শৰণ ল'ব লাগিছিল। হৰকান্ত বৰুৱাই কুৰি বছৰ বয়সতে প্রথমে বিয়া কৰাইছিল আৰু বিয়াৰ আগতে আউনীআটী সত্ৰৰ প্ৰয়াত শ্রী শ্রী কুশদেৱ অধিকাৰত শৰণ লৈছিল। তেওঁৰ ককায়েক শিৱকান্তয়ো তেনেদৰে শৰণ লৈ পিছত বিয়া পাতিছিল। বিয়াত জোৰণ দিয়া দস্তুৰ প্ৰচলিত আছিল। শিৱকান্তৰ বিয়াৰ জোৰণত "সোণৰ খাৰু ১ যোৰ, সোণৰ হাৰ ১ ধাৰ, বাখৰ পতা কেৰু ১ যোৰ, সোণৰ বাখৰ পতা আঙঠি ৫গোট, ছোট নামচাব সহিত মুকুতা ১ ধাৰ, সোণৰ চিপত মণি ১ ধাৰ, থুপীয়া মণি ১ ধাৰ, সোণৰ উকা বিৰি ১ ধাৰ, প্ৰবাল মণি সোণৰ সহিত, কিংখাপৰ মেখেলা ১, মুগাৰ ২যোৰ" দিয়া হৈছিল। দৰাৰ গায়ন-বায়ন, ঢুলীয়া, তালীয়া আদিও নিয়া হৈছিল। শিৱকান্তৰ বিয়াত 'পীৰাটনা' ধেমালি কৰা হৈছিল।

সেই সময়ত জনসংখ্যা তাকৰীয়া হোৱা হেতুকে একেজন পুৰুষে একাধিক পত্নী গ্ৰহণ কৰিবলগীয়া হৈছিল আৰু সেইটো একো লাজৰ কথা বুলি কোনেও নাভাবিছিল। হৰকান্ত বৰুৱাই তিনিবাৰ বিয়া কৰাইছিল। তেওঁৰ তৃতীয়া পত্নী আছিল এজন উকীলৰ জীয়েক। কন্যাদায়ৰ পৰা মুক্ত কৰিবৰ কাৰণেই উকীলে টানি ধৰাত সম্ভৱতঃ তেওঁ তৃতীয় বিয়াত সন্মতি দিছিল। এইখন বিয়াৰ সন্দৰ্ভত হৰকান্ত বৰুৱাই লিখিছে, "ইতিমধ্যে লখিমপুৰৰ বিষ্ণুৰাম আৰু জীউৰাম পেচকাৰৰ পত্ৰ পালোঁ যে উকীলৰ জীয়েকক গহনা পিন্ধাই, নি মঞি বিবাহ কৰাবৰ কাৰণে। সেই পত্র পাই গহনা আনিবৰ কাৰণে বগা টেকেলাক গোহাটী পঠাই নিয়ালোঁ।... ও লাউ খোৱা ঘাটে বিবাহ কৰাই, ভটীয়াই মঙ্গলদৈ যাবৰ স্থিৰ কৰি ১৮৭০ ইংৰেজীৰ ২মার্চ, ১২৭৬ সনৰ ২০ ফাগুণ চম্পক নাৰায়ণ মনচুফৰ চাৰ্জ দি, লাউ খোৱা ঘাট পহুচি, ২৪ ফাগুণ উকীলৰ জীয়েকক লগত লৈ অহা ব্রাহ্মণ, দ্ৰব্যৰ দ্বাৰা ভোজনী উৎসর্গা বিবাহ কৰাই, ২৬ ফাগুণ উকীলক বিদায় দি, মঞি তেজপুৰ পৰা কুমাৰহঁতৰ নাও মানুহ লৈ ব্রহ্মপুত্রে ভটিয়াই শিঙ্গৰী পৰ্বতৰ কাখত ৰাতি থাকিলোঁ।"

বিয়াৰ ক্ষেত্ৰত দৰা-কইনাৰ ৰাশিজোৰা চোৱা নিয়ম আছিল। সদৰামীনৰ কন্যা বাসন্তীক, ৰাশিজোৰা নহাত প্রথমতে এটকা সুবর্ণ উৎসর্গ কৰি পিছত বিয়া দিছিল। সুৱৰ্ণ দান কৰিলে দোষ খণ্ডন হয় বুলি সেই কালত মানুহৰ মনত এটি বিশ্বাস আছিল।

বিয়াত দৰাক বিবিধ দ্রব্য দান কৰা প্ৰথাও প্রচলিত আছিল। বাসন্তীৰ বিয়াত দৰাক "সোণৰ আঙঠি এক, পাটৰ ধূতী ১, তাম-পিতলৰ এক সঁজুলি আৰু কোষা অৰ্ঘ্য ১ যোৰ, চালপীৰা ১, তুলী ১, পাটী ১, তলৰ পৰা ১, আঠুৱা ১, গাৰো ১, বানত ১, খনীয়া কাপুৰ ১, দক্ষিণা ৰূপ ৫ টকা, সুৱৰ্ণ ।। অনা" দান কৰা হৈছিল।

সেই সময়ত, নিজ ধর্ম আচৰণত অসমৰ উচ্চ বৰ্ণৰ লোকসকল আস্থাশীল আছিল আৰু আন ধৰ্ম বা বৰ্ণৰ লোকৰ হাতে পাগে নাখাইছিল। হৰকান্ত বৰুৱাই খ্রীষ্টান মেমক অভ্যর্থনা কৰাত কার্পণ্য কৰা নাছিল যদিও তেওঁ দিয়া আচাৰ গ্ৰহণ কৰা নাছিল।

সেই কালত ভিন্ন জাতিৰ লোকৰ শৱ দাহন কৰাটো নিষিদ্ধ আছিল। সেয়ে শৱ দাহনৰ বাবে নিজকুলীয়া লোকৰ প্ৰয়োজন হৈছিল। এই প্ৰসংগত মৰঙ্গীয়াল ভকতৰ সন্দৰ্ভত 'আত্মজীবনী'ত উল্লিখিত কথাখিনি প্রণিধানযোগ্য: "মৰঙঙ্গীয়াল ভকত আমাৰ বৰা হিতৈষী লোক আছিল। বুদ্ধি ও যুক্তিতে বৰ নিপুণ। তেওঁ উদাসিন। ইতঃপূর্বে, সঙ্গ ল'বৰ ইচ্ছা হৈ, যাবৰ কাৰণ মোত কৈছিল, তাতে মঞি বৰ দুঃখিত হ'লো। তদপৰ ক'লে 'মঞি মৰিলে, কৰ্মাকাণ্ডৰ কথা নকওঁ, কিন্তু নিবৰ ও অগ্নিকৰ্মৰ লোক নাই, সেহেতু মোৰ কুলীয়া দুই তিনৰ সঙ্গতি কৰিব পাৰিলে ভাল; সেহেতু মঞি উদাসিন দুই তিনিজন মান ভকতক ৰাখি গোসাঞী ঘৰৰ নাম প্রসঙ্গ কৰি থকাকৈ ৰাখিবৰ মন কৰিছিলো। কিন্তু (ইচ্ছা) কৃতকর্ম কোনো মতে সিদ্ধি কৰিব নোৱাৰিলোঁ। পাচে একদিন এই কথা লখীৰাম লেখাৰুত কোৱাতে তেঞো স্বীকাৰ কৰিলে যে 'দেৱতা একো সংশয় নকৰিবা, কলিতা ভকতৰ অন্তিম কাল হ'লে, মঞি পুত্র সহিত নিম ও সংস্কাৰাদি কৰ্ম কৰিম। এহাতে মঞি বৰ সন্তোষ হ'লো এবং ভকতেও ভাল বুলিলে।” সেই সময়ত বেমাৰ-আজাৰ হ'লে স্থানীয় বৈদ্যৰ দ্বাৰা চিকিৎসা কৰোৱা হৈছিল, নিদানী ঔষধ প্রয়োগ কৰা হৈছিল। সদৰামীনৰ ডাঙৰজনী পত্নীৰ বেমাৰত "নানা ঠাইৰ নানা বৈদ্য আৰু ঔষধ আনি, নানামত চিকিৎসা কৰা হৈছিল।” শেষত আঠগঞা বৈদ্যই ঘৰত থাকি চাৰি-পাঁচ মাহ চিকিৎসা কৰাত তেওঁ আৰোগ্য লাভ কৰিছিল আৰু তাৰ বাবে বৈদ্যক "কাপুৰ এক জোৰা, আৰো সোণা কাণত, হাতত ৰূপৰ খাৰু ও কয়েক টাকা ৰূপ দি ঘৰলৈ যাবৰ বিদায়" দিছিল। এইখন 'আত্মজীৱনী'ৰ পৰাই সেইকালৰ অসমীয়া মানুহৰ কুসংস্কাৰ আৰু অন্ধ বিশ্বাসৰ আভাসো পোৱা যায়। ধৈমাল ভকতে ভূত জপাই শিৱকান্তৰ বেমাৰ বঢ়োৱা বুলি ভবা কথা অন্ধ বিশ্বাসৰ বাহিৰে আন একো নহয়। ৰোগাদিৰ আৰোগ্যৰ বাবে ঔষধ পাতি খুওৱাৰ উপৰি পাঠ-পার্বণ আদিৰো ব্যৱস্থা কৰা হৈছিল। সদৰামীনে লিখিছে, "উমানন্দৰ শ্রীগোপীচন্দ্ৰ দলৈদ্বাৰা, শ্ৰীঘনকান্তী বেমাৰ হৈতে আমাৰ জনা শতাবৰ্জন বটুক, ৰাতি অন্য ব্রাহ্মণ একজন সহিত পাঠ কৰান যায়।"

আজিকালিৰ দৰে সেই সময়ত গাড়ী-মটৰৰ ব্যৱস্থা নাছিল। মানুহে ই ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে হাতী বা নাও ব্যৱহাৰ কৰিছিল। সদৰামীনৰ ঘৰখন তলীয়া গ্ৰামৰ পৰা উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ গোপীকান্তৰ পামলৈ উঠি আহোঁতে তেওঁলোকৰ তিনি পুৰুষীয়া নগোসাঁই প্রয়াত যোগেশ্বৰ গোস্বামীয়ে দুটা হাতী দি সহায়তা কৰিছিল। গোপীকান্তই নাওত উঠি বিয়া কৰাবলৈ গৈছিল। বিয়াত দোলাও ব্যৱহাৰ কৰা হৈছিল। হৰকান্ত বৰুৱাই দোলাৰে গৈ বিয়া কৰাইছিল।

ইংৰাজে অসম লোৱাৰ পিছত ইয়াত যি নতুন শাসন প্রৱৰ্তিত হ'ল আৰু তাৰ ফলত ইয়াৰ অৰ্থনৈতিক, বাণিজ্যিক, প্রশাসনিক আদি দিশত যিবোৰ পৰিৱৰ্তনে দেখা দিলে, সিবোৰৰ সুন্দৰ আভাস 'আত্মজীৱনী'খনে দাঙি ধৰিছে। ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ লগে লগে মাটি পট্টন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিল। ইংৰাজ চৰকাৰে আহোম ৰজাদিনীয়া মাটি বন্দৱস্তিৰ পৰম্পৰাগত প্ৰথা উঠাই দিলে। উপঢৌকন বন্ধ কৰিলে। নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে সাধাৰণ প্ৰশাসন আৰু আইন-শৃংখলা ৰক্ষাৰ নিয়ম কানুনৰো সলনি হ'ল। মামলা-মোকদমা বিচাৰৰ নতুন ৰীতি প্ৰৱৰ্তিত হ'ল আৰু সিবোৰৰ বাবে নতুন বিষয়া-কর্মচাৰীৰ প্ৰয়োজন হ'ল। পোনতে ইংৰাজ চৰকাৰে বংগদেশৰ পৰা বঙালী লোকক বিষয়া-কৰ্মচাৰী হিচাপে নিয়োজিত কৰি অসমলৈ আনিছিল। পিছত অসমীয়া লোককো নিয়োজিত কৰা হৈছিল। হৰকান্ত বৰুৱা অসমীয়া লোকক কর্মসংস্থান দিয়াৰ পক্ষপাতী আছিল আৰু অসমীয়া লোকেও যে কর্ম চলাব পাৰে, সেই কথা স্পষ্টভাবে ৰৌলট চাহাবক কৈছিল, "... ইতঃপূর্বে বাঙ্গালী নহ'লে কর্ম নচলিছিল হয়, কিন্তু মঞি ১৮৪৯ ইংৰেজী ও ১২৫৫ সনে উজান শিৰপুৰ প্রভিতি জেলাত দেখি আহিলোঁ, শিৱসাগৰত সকল লোক অসমীয়া, ও তেজপুৰ ৩/৪ জন মাত্র বাঙ্গালী, সকল অসমীয়া, তেওঁলোকৰ দ্বাৰা কর্ম চলিছে। ইদানিক বাঙ্গালীৰ অপেক্ষা নকৰে।"

'আত্মজীৱনী'ৰ পৰা জনা যায় যে ইংৰাজ চৰকাৰে অসমীয়া খেতিয়কক "তিচী ও গেওঁ ও যব ধানৰ খেত কৰিবৰ কাৰণে উৎসাহ দিছিল। কিন্তু প্রকৃততে তেওঁলোকে খেতিৰ উন্নতিৰ ব্যৱস্থা কৰাতকৈ বেছি গুৰুত্ব দিছিল মাটি বন্দৱস্তি আৰু খাজনা তোলাৰ ওপৰতহে। শইচ উৎপাদনৰ সা-সৰঞ্জামৰ উন্নতিৰ প্ৰতিও ইংৰাজৰ কোনো লক্ষ্য নাছিল। ইংৰাজসকলে বেপাৰ-বাণিজ্যৰ বিস্তাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল আৰু তাৰ বাবে শিল্প-উদ্যোগ গঢ়ি তোলাত তেওঁলোকে মনোনিৱেশ কৰিছিল। তেওঁলোকে অসমত চাহ খেতি আৰম্ভ কৰি চাহৰ উদ্যোগ গঢ়ি তোলে। হৰকান্ত বৰুৱাই 'আত্মজীৱনী'ত লিখিছে "তদপৰ এই সনে (১৮৩৯/৪০) উজনি চাহৰ খেতি ওলিয়াই চাং কাকতীৰ ঘৰৰ মণিৰামক দেৱান পাতিলে। তাৰে পৰাহে চাহৰ খেতি চলিল।" অসমৰ মাটি পাথৰ আৰু অন্যান্য উৎপন্ন বস্তু বিলাতলৈ পঠিয়াই ইংৰাজে যে বাণিজ্যৰ প্ৰসাৰ ঘটাবৰ নিমিত্তে যত্নবান হৈছিল, সেই কথাও 'আত্মজীৱনী'ৰ পৰা জনা যায়। হৰকান্ত বৰুৱাই লিখিছে, "আৰো, এই সনতে (১৮৫০ চন) ডিবৰৰ বি এছ সাহেব শদিয়া ফালৰ পৰা ৰূপৰ মাটি ও সোণ মাটি, ৰঙা পাথৰ, ক'লা পাথৰ ও পীত পাথৰ ও বগা পাথৰ উলিয়াই আসাম দেশৰ উৎপন্ন অন্যান্য বস্তু সহিতে বিলাতে পঠায়।”

ইংৰাজ চৰকাৰে ঠাকুৰীয়া, কাকতী উঠাই তাৰ ঠাইত মণ্ডল নিযুক্তি দিয়া আৰু চৌধাৰীসকলৰ নাম উঠাই মৌজাদাৰ নাম দিয়া কথাও আত্মজীৱনীত উল্লিখিত হৈছে। তদুপৰি অসমলৈ প্রথম জাহাজ অহা (১৮৩৮/৩৯চন) কথা, মহাৰাণী "ভিক্টোৰিয়া কোইন'ৰ মুখাকৃতি মুণ্ডৱালা কম্পানী টাকা" (১৮৩৯) প্রচলন হোৱা, 'উমানন্দৰ দক্ষিণে গুৱাহাটীত পকী গির্জা ঘৰ নিৰ্মাণ (১৮৪৫), ভূমিকম্পত উমানন্দ, কামাখ্যা, ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয়ৰ মঠ ভগ্ন হোৱা, ১৮৪৬/৪৭ চনৰ শাওণ মাহত অনাবৃষ্টি হেতু খেতিৰ হানি হোৱা, চিপাহী বিদ্রোহত মণিৰামৰ যোগদান, আফিং মহলৰ ডাক আদি বিবিধ ঘটনাৰ সম্ভেদো 'আত্মজীৱনী'ৰ পৰা পোৱা যায়। সেয়ে, এই গ্রন্থখনক উনবিংশ শতিকাৰ অসমৰ সমাজ-জীৱনৰ সকলো দিশকে সামৰি লোৱা এখন কালবিজয়ী ঐতিহাসিক দলিল বুলিব পাৰি। 

হৰকান্ত বৰুৱা ইংৰাজ চৰকাৰৰ এগৰাকী বিষয়া আছিল যদিও তেওঁৰ আছিল এটা স্বাধীনচিতীয়া শৈল্পিক মন আৰু আছিল জাতীয় চেতনাবোধ। সৰলতা আৰু অমায়িকতা আছিল তেওঁৰ অংগৰ ভূষণ। নিষ্ঠা আৰু সততাৰো তেওঁৰ তুলনা নাছিল। এনেবোৰ গুণৰ অধিকাৰী হোৱা বাবেই তেওঁ নকল নবিচৰ পৰা ক্ৰমে পদোন্নতি লাভ কৰি ডেপুটী মেজিষ্ট্ৰেটৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। কুমুদ চন্দ্র বৰদলৈয়ে 'আত্মজীৱনী'খনৰ পাতনিত যথার্থভাবে লিখিছে, "তেখেতৰ নির্ভীক- নিৰপেক্ষ স্বভাৱ আৰু সৰলতাই 'অসম বুৰঞ্জী'ৰ নিচিনা সবল, সত্যগ্রাহী পুথি এখন লিখিবলৈ সক্ষম কৰিছিল। হৰকান্ত সদৰামীনে ঘৰ, সমাজৰ সন্দৰ্ভত জন্ম, মৃত্যু, বিবাহ, মিত্ৰতা-বৈৰিতা, উৎসৱ-ব্যসন, দৰবাৰ-শাসন আদি বহু বিষয়ৰ প্ৰকাশ, যুক্তি আৰু বৰ্ণনা এনে ধৰণে লিখিছে যে তাৰ মাজে মাজে চিৰন্তন সত্য আৰু সুন্দৰৰ ভাব, সৰল লিখন ভংগীৰ মাজেদি জিলিকি উঠিছে।" 
(তথ্যউৎসঃ অসমীয়া জীৱনী আৰু আত্মজীৱনী, সম্পাদকঃ অমল চন্দ্ৰ দাস, পৃঃ১৭১)


■ সদৰামীনৰ আত্মজীৱনীৰ ভাষা: গদ্য ৰীতি
হৰকান্ত বৰুৱা সদৰামীন আছিল অৰুণোদয় প্রভাবমুক্ত লেখক। তেওঁৰ ভাষা তথা গদ্য ৰীতিও অৰুণোদয়ৰ প্ৰভাৱৰ পৰা মুক্ত। তেওঁৰ গদ্যৰ সাধাৰণ বিশেষত্বকিছুমান হ’লঃ
  • 'সদৰামীনৰ আত্মজীৱনী'ৰ ৰচনা ৰীতি সবল। ইয়াত কথিত ভাষাৰ ঠাঁচৰ প্ৰভাৱ স্পষ্ট। 
  • বঙালী ভাষাৰ প্রভাৱৰ ফলত ইয়াত যথেষ্ট পৰিমাণে বঙালী শব্দৰো ব্যৱহাৰ হৈছে। 
  • আৰবী, ফাৰ্চী, ইংৰাজী আদি ভাষাৰ শব্দৰ প্রয়োগো আত্মজীৱনীত দেখা যায়। ড' প্রফুল্ল কটকীয়ে লিখিছে, "অসমত ইংৰাজ শাসন প্ৰৱৰ্তনৰ অব্যৱহৃত কালত সামাজিক আৰু ৰাজনৈতিক বিধি-ব্যৱস্থাৰ সালসলনি হোৱাৰ ফলত অসমীয়া গদ্যই ব্যক্তি বিশেষৰ ৰচনাত কি গঢ় লৈছিল তাৰ প্ৰমাণ সদৰামীনৰ আত্মজীৱনীয়ে যোগায়।" সেয়ে 'আত্মজীৱনী'ৰ ভাষা তথা ৰচনা ৰীতিক আমি ক্রান্তিকালৰ অসমীয়া ভাষাৰ নিদৰ্শনৰূপে গণ্য কৰিব পাৰোঁ। এফালে পৌৰাণিক আৰু আনফালে 'অৰুণোদয়- এই দুই যুগৰ ভাষাৰ মাজত 'আত্মজীৱনী'ৰ ভাষাক স্থাপন কৰিব পাৰোঁ।
  • আত্মজীৱনীত প্রয়োগ হোৱা বিবিধ ভাষাৰ শব্দ কেতবোৰ তলত উল্লেখ কৰা 
  1. ইংৰাজী: যেনে, ইনকম, ইনচপেক্টৰ, ইস্পিচিয়েল, কমিছন, কমিছনাৰ, কালেক্টৰ, চার্টিফিকেট, টিকট, জজ, স্কুল ইত্যাদি। 
  2. আৰৱী, ফার্চী: যেনে, আখেৰিতে, আদালত, আমানত, ইজাৰা, ইনতাহান, ইস্তাহাৰ, ৱাৰিচ, কবুল, কবুলিয়ৎ, কৈফিয়ৎ, খানা, খেৰাজি জমি, চাপৰাছি, তলব, তহচীল, তামাম, দায়েৰ, নজৰ, ফৌত, ফয়চলা, বাতিল, বাহাল, বেজায়, মহল, মেজাজ, সাকিন, সদৰামীন, হাইৰাণ ইত্যাদি। 
  3. বাংলা: যেনে আৰু, আৰু, তাৰ পিছত, কিছুমান, আগতে, লগত, পিছদিনা, বাবে, এটা ইত্যাদি।
  4. কামৰূপী: দাউৰি, কাখ, হাবা-ৰাৱা, কাপুৰ, ভিজা, এহোল-মোল, নাউ (নাও), হাক, গধূল (গধূলি), আত তাত, বেলা, ভাঠী (বেলা অলপ ভাঠী দিছে), বেগদি (এই বুলি ৰাজবাটলৈ বেগদি আহি দেখিলোঁ...) ইত্যাদি।
  • আত্মজীৱনীখনত সংস্কৃতমূলক শব্দৰ ব্যৱহাৰো প্ৰচুৰ। ইয়াত ফকৰা, যোজনা, পটন্তৰ, প্রবচন আদিৰ প্ৰয়োগ কম। 
  • আত্মজীৱনীখনৰ বাক্যবোৰ ক'তো ক'তো চুটি আৰু ক'তো ক'তো দীঘলীয়া। সৰহভাগ বৰ্ণনাই তথা নিষ্ঠ আৰু বিষয়ানুগ হ'লেও ক'তো ক'তো ভাবৰ উচ্ছ্বাসো পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে তলত এটি অনুচ্ছেদ তুলি দিয়া হ'ল: "আৰু সাতখন দোলাৰ দ্বাৰা পানী তোলা হৈছিল। বিবাহ মঞি নিজে দিয়া হ'ল। কুশছেদৰ সময় মোৰ চক্ষুৰ লোতক সৰু সৰ কৰি পৰিব ধৰিলে। পাচে বিবেচনা কৰা গ'ল, এই ছোৱালীটিৰ মাক ক'ৰ পৰা আহিল। পৰৰ জীয়াৰী আনি গৃহাশ্রম হ'ল। এতিয়া এই ছোৱালী পৰৰ ঘৰলৈ অৱশ্যে যাব। এহাত শোক কৰাৰ আৱশ্যক কি? এই বিধাতাৰ সষ্টি ও বিধান। এই ভাবি চক্ষুৰ লোতক মুচি দৃঢ়ভাৱে কর্ম সম্পাদন হ'ল।"
  • ড° হৰিনাথ শৰ্মাদলৈয়ে তেওঁৰ 'অসমীয়া গদ্য সাহিত্যৰ গতি পথ' গ্রন্থত হৰকান্ত বৰুৱাৰ আত্মজীৱনীৰ ৰচনা ৰীতিৰ বিষয়ে এনেদৰে লিখিছে: "... তেওঁ অৰুণোদয় যুগৰ আদি ভাগৰ অতি শোচনীয় আৰু শেষ ভাগৰ কিছু মাৰ্জিত অসমীয়া ভাষাশৈলী অনুসৰণ কৰা নাছিল। সাময়িক প্ৰভাৱৰ চিহ্ন অলপ অচৰপ থাকিলেও হৰকান্ত সদৰামীনৰ ভাষাশৈলী আছিল প্রধানতঃ পূর্ব প্রচলিত ৰীতিৰেই অনুকৰণ।তেওঁৰ গদ্য তথ্য প্ৰকাশক আৰু সৰল; ইয়াত কৃত্ৰিমতাও নাই৷” (অসমীয়া গদ্য সাহিত্যৰ গতি পথ, পৃঃ৯৯)
সহায়ক উৎসঃ
  • ড° গোবিন্দ প্রসাদ শর্মা: জীৱনী আৰু অসমীয়া জীৱনী, ১ম সংস্কৰণ ১৯৮৬; পৃঃ ৭৯।
  • ড° সত্যেন্দ্র নাথ শর্মা: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, চতুর্থ প্রকাশ ১৯৮৯,

Post a Comment

0 Comments