জীৱনী ৷ অসমীয়া জীৱনী৷ জীৱনীৰ বিশেষত্ব

*
জীৱনী কি ? What is Biography

  • জীৱনী শব্দটো বুজাবলৈ সংস্কৃতত ‘বৃত্ত’ শব্দ বা আখ্যায়িকা (ক্ষুদ্ৰ ইতিহাস) শব্দটো ব্যৱহাৰ কৰা হৈছে৷
  • আলংকাৰিক অমৰ সিংহই ‘কথা’ (গল্প, উপন্যাস) আৰু বৃত্ত (জীৱনী)ৰ মাজৰ পাৰ্থক্য দেখুৱাই কৈছেঃ কথা হ’ল কল্পনাপ্ৰসূত কাহিনী আৰু বৃত্ত হ’ল বাস্তৱ কাহিনী৷ (জীৱনী আৰু আত্মজীৱনী, পৃঃ১)
  • ১৬৮৩ চনত ইংৰাজী সাহিত্যত ‘বায়োগ্ৰাফী’ শব্দটো ব্যৱহাৰ কৰা হয়৷ বিশ্বৰ প্ৰথম জীৱনী প্লুটাৰ্কৰ ‘পেৰেলল্‌ লাইভ্‌ছ্‌’৷ আৰু এই গ্ৰন্থৰ পাতনিতে সমালোচক ড্ৰাইডেনে ‘বায়োগ্ৰাফী’ শব্দটো ব্যৱহাৰ কৰে৷
  • জীৱনীও যে একপ্ৰকাৰৰ সাহিত্যই৷ এই কথাটো প্ৰথম আলোচনা কৰে জন্‌ছনে৷ ইংৰাজী সাহিত্যত সপ্তদশ শতাব্দীৰ শেষতহে জীৱনী সাহিত্যই প্ৰাৰম্ভিকভাৱে ‘বায়োগ্ৰাফী’ হিচাপে নামকৰণ লাভ কৰে আৰু অষ্টাদশ শতাব্দীৰ দ্বিতীয়াৰ্ধতহে ই স্বীকৃত হয়৷
  • জীৱনী সাহিত্য হৈছে কেৱল ইয়াৰ কলাত্মক উপস্থাপনৰ বাবে৷
  • জীৱনী মানুহৰ জীৱনৰ পৰিচয়৷ ই মানুহৰ পৰিচয়জ্ঞাপক বৃত্তান্ত৷
  • জন. এ. গেৰেটিৰ মতেও জীৱনী হৈছে ‘জীৱন এটিৰ অভিলেখ’৷ বা এগৰাকী মানুহৰ জীৱনৰ ইতিহাস৷ (জীৱনী আৰু আত্মজীৱনী, পৃঃ৩)
  • অক্সফোৰ্ড ডিক্সেনেৰীৰ মতে- জীৱনী হ’ল, সাহিত্যৰূপত মানুহৰ গাইগুটীয়া জীৱনৰ ইতিহাস৷
  • জীৱনীৰ তিনিটা বিশেষত্বঃ ‘ইিতিহাস’, ‘মানুহৰ গাইগুটীয়া জীৱন’, ‘সাহিত্যৰূপ’৷
  • জীৱনী কোনো ব্যক্তিবিশেষৰ জীৱনৰ সত্য বিৱৰণ আৰু ই কলাকুশল ৰচনা৷
  • গোৱিন্দ প্ৰসাদ শৰ্মাৰ মতে- জীৱনী হ’ল কোনো বাস্তৱ ব্যক্তিবিশেষৰ জীৱনৰ বৃত্তান্ত, যুগে তেওঁৰ ওপৰত পেলোৱা আৰু তেওঁ যুগৰ ওপৰত পেলোৱা প্ৰভাৱৰ কলাকুশলৰ লিখিত বৰ্ণন আৰু লগতে সেই ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ চিত্ৰণ ৷ (জীৱনী আৰু আত্মজীৱনী, পৃঃ৫)
  • জীৱনী কোনোো বাস্তৱ ব্যক্তিৰ জীৱনৰ চিত্ৰণ, তেওঁ আৰু তেওঁৰ যুগৰ মাজত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অংকন৷
  • জীৱনীকাৰে বাহ্য অভিজ্ঞতা আৰু কল্পনাৰ সংযোগত এখন জগতৰ সৃষ্টি কৰি তাত মোহজালৰ বাস্তৱতা (reality of illusion) দান কৰে৷
  • ভাল জীৱনী এখনত বিষয় অবিকৃত আৰু স্পষ্ট ৰূপত প্ৰতিফলিত হোৱাৰ উপৰি সি এক কলাকুশল কৰ্মলৈকো উত্তীৰ্ণ হয়৷

জীৱনী ৰচনাৰ পূৰ্বপ্ৰস্তুতি কেনে হোৱা উচিত?

  • কাৰোবাৰ জীৱনী লিখিবলৈ ল'লে তেওঁৰ জীৱনৰ সমস্ত ঘটনা আৰু কাৰ্যাৱলীৰ সৈতে জীৱনীকাৰ পৰিচিত হ'ব লাগে; আৰু লগতে তেওঁৰ ডায়েৰি আৰু তেওঁৰ সকলো চিঠি- পত্র জীবনীকাৰে ভালদৰে পঢ়ি ল'ব লাগে। তেওঁৰ বিষয়ে মানুহৰ মুখৰপৰা জানিবপৰা সকলো খবৰো সংগ্ৰহ কৰা উচিত। এনেকৈ মানুহজনৰ বিষয়ে আহৰণ কৰা জ্ঞানখিনিয়েই হ'ল প্ৰস্তাৱিত জীৱনীৰ পণ্যদ্রব্য বা কেঁচা মাল। এইখিনি সংগ্ৰহৰ পিছত তাক ভালকৈ চালি-জাৰি তাৰ মাজৰ জাবৰ-জোঁথৰবোৰ আঁতৰাই পেলাব লাগে। অর্থাৎ মানুহজন সম্পর্কে যিবোৰ তথ্য বা খবৰ নির্ঘাত সত্য, যিবোৰ তথ্য বা খবৰে মানুহজনৰ স্বৰূপ দাঙি ধৰিব পাৰে, মানুহজনে নিজে লিখি যোৱা যিবোৰ ডায়েৰি, চিঠি-পত্র বা অন্য কথাই তেওঁৰ জীৱন আৰু ব্যক্তিত্ব প্রতিফলিত কৰিব পাৰে- সেইবোৰহে একমাত্র গ্রহণ কৰি, আনবোৰ কথা আঁতৰাই পেলাব লাগে। এনে কৰাৰ পিছত যিখিনি সামগ্রী হাতত বয়, সেইখিনিও কেতিয়াবা জীৱনী এখন লিখাৰ বাবে প্রয়োজনাধিক হ'ব পাৰে। এইক্ষেত্ৰত জীৱনীকাৰৰ দায়িত্ব  আৰু ভূমিকা অনেক৷

জীৱনীকাৰৰ বাবে প্ৰয়োজনীয় পাঁচটা নীতি

আন্দ্ৰে ম'ৰৱাই তেওঁ 'জীৱনীৰ নীতিশাস্ত্র' (Ethics of Bi- ography)' নামৰ প্ৰবন্ধত জীৱনীকাৰৰ বাবে পাঁচটা নীতি বান্ধি দিছেঃ 

  • জীৱনীকাৰে তেওঁৰ প্ৰস্তাৱিত জীৱনীৰ নায়কৰ জীৱনৰ কোনো দিশ উদ্ভাসিত কৰিব পৰা একাধিক তথ্য পালে, তাৰে আটাইতকৈ তাৎপর্যপূর্ণ তথ্যটো ৰাখি বাকীবোৰ তেওঁ গুপ্ত কৰিব পাৰে। উদাহৰণ দি ম'ৰৱাই দেখুৱাইছে যে জীৱনীৰ বিষয় যদি এজন মদপী আছিল আৰু তেওঁৰ এই দিশ পোহৰলৈ আনিবলৈ যদি জীবনীকাৰৰ হাতত দহটা তথ্য আছে, তেন্তে তাৰে ভিতৰত সৰ্বাধিক অর্থপূর্ণ তথ্যটো ৰাখি বাকী নটা তথ্য লুকুৱাবলৈ জীৱনীকাৰৰ নীতিগত অধিকাৰ আছে। অৱশ্যে বাদ দিবপৰা নটা ঘটনাৰো যদি কোনোটোরে আকৌ জীৱনীৰ বিষয়ৰ চৰিত্ৰৰ বা ব্যক্তিত্বৰ অন্য এটা দিশ পোহৰলৈ আনিব পাৰে, যিটো পূৰ্বৰ নিৰ্বাচিত ঘটনা বা তথ্যই নোৱাৰে, তেন্তে এই দ্বিতীয় তথ্যটোও আকৌ জীৱনলৈ আহিব পাৰে।
  • জীৱনীকাৰে নায়কৰ চিঠি-পত্র ডায়েৰিৰ আটাইবোৰ কথাকেই জীৱনীত স্থান দিব নোৱাৰে বা দিয়াৰ প্ৰয়োজনো নাই। বিষয়ৰ সমস্ত চিঠি-পত্ৰ ডায়েৰিত দৰাচলতে কেইটামান নির্দিষ্ট কথাইহে বেলেগ বেলেগ ভাষাত বা কথাত প্রকাশিত হৈ থাকে। গতিকে নায়কৰ লিখিত সমস্ত চিঠি-পত্র ডায়েৰি সাৱধানে পঢ়ি লৈ মূল যিবোৰ কথা এনেদৰে পুনঃপুনঃ প্রকাশিত হৈছে, সেইবোৰ বাছি উলিয়াব লাগে। এনেবোৰ কথাই লেখকৰ জীৱনৰ, ব্যক্তিত্বৰ বা চৰিত্ৰৰ কেতবোৰ দিশৰ সাধাৰণতে সন্ধান দিয়ে। এইবোৰৰ তাৎপর্য এই দিশৰ পৰাই বিচাৰি উলিয়াব লাগে। নায়কৰ জীৱনৰ বিভিন্ন দিশৰ প্ৰকাশক এই কথাবোৰৰ সোৱাদ পাঠকক দিবলৈ বছা বছা কেতবোৰ শাৰীৰ যথাস্থানত উল্লেখেই যথেষ্ট। অৱশ্যে নায়কৰ দ্বাৰা লিখিত কোনোখন চিঠি বা নথি বা ডায়েৰিৰ অংশ যদি সাহিত্যিক গুণত হওক বা অন্য কিবা বিশেষ কাৰণত হওক, সম্পূর্ণ উল্লেখ কৰাৰ যোগ্য, তেন্তে তাক সম্পূর্ণ ৰূপতেই স্থান দিব পাৰি।
  • নায়কৰ জীৱনৰ বৰ বৰ ঘটনাবোৰহে জীৱনীত স্থান পাবৰ যোগ্য, সৰু সৰু ঘটনাবোৰ অর্থহীন- এনে কথা কেতিয়াও হ'ব নোৱাৰে। জীৱনৰ এটা অতি সামান্য কথাই কেতিয়াবা এজন মানুহৰ ব্যক্তিত্বৰ কোনোটো দিশ সুন্দৰকৈ পোহৰাই তোলে। অথচ জীৱনৰ এটা অতি ডাঙৰ ঘটনাবো এইপিনৰ পৰা বহু সময়ত একো অর্থ নাথাকিব পাৰে। গতিকে জীৱনৰ এনে তাৎপর্যপূর্ণ সৰু কথাবোৰো জীৱনীকাৰৰ বাবে মূল্যৱান সামগ্রী। এই পিনৰ পৰা নায়কৰ প্রিয় খাদ্য, অংগী-ভঙ্গী, মুদ্রাদোষ, কথনভঙ্গী- এইবোৰ কথা জীৱনীকাৰৰ বাবে বিশেষভাবে প্রণিধানযোগ্য।
  • জীৱনীৰ নায়কৰ ব্যক্তিত্বৰ বা চৰিত্ৰৰ বিষয়ে জীৱনীকাৰৰ মনত গঢ় লোৱা যি ধাৰণা, তাৰ বিপক্ষে যোৱা কোনো তথ্যও যদি জীৱনীকাৰৰ অৱগত হয়, জীৱনীকাৰে তাক লুপ্ত কৰিব নাপায়। সেই তথ্যকো মূল্যৱান তথ্য বুলি গণ্য কৰি, তাৰ সত্যাসত্য ভালকৈ বিচাৰ কৰি, প্ৰয়োজন হ'লে বিষয় সম্পর্কে জীৱনীকাৰৰ পূৰ্বধাৰণা বদলাবলৈ জীৱনীকাৰ পৰাত্মখ হ'ব নালাগে। ম'ৰৱাই উদাহৰণ হিচাপে কৈছে যে, বৰ্ডছৱৰ্থৰ জীৱনী লিখিবলৈ ওলোৱা এজন লোকৰ এই প্রখ্যাত প্রকৃতি-কবি এগৰাকী ঋষিতুল্য লোক আছিল বুলি এক পূৰ্ব-ধাৰণা থকা স্বাভাৱিক। কিন্তু জীৱনীখন ৰচনা কৰাৰ বাবে সমল গোটোৱাৰ পিছত জীৱনীকাৰে এনে তথ্য হয়তো পাব, যিয়ে দেখুৱাব যে এই মহান ঋষিতুল্য কবি গৰাকী প্রকৃততে ঋষিতুল্য নাছিল- তেওঁৰ চৰিত্ৰত আছিল মানুহৰ সাধাৰণ দুর্বলতা। এনে তথ্যৰ পিছত জীৱনীকাৰৰ বৰ্ডৱর্থ সম্পর্কে পূর্বধাৰণা সলনি হ'বলৈ বাধ্য। তথাপি পূর্বধাৰণাৰ সলনি নঘটাই বৰ্ডছৱৰ্ক এক ঋষিতুল্য লোক কৰিয়েই দেখুওৱাটো জীৱনীকাৰৰ বাবে হ'ব অন্যায়। নায়কৰ ভুৱা চৰিত্ৰ অংকন কৰা কোনো জীৱনীকাৰৰেই উদ্দেশ্য হোৱা অনুচিত। এনে চিত্রই কাকো আমোদ নিদিয়ে। কিয়নো সি কোনো 'অমানৱীয় লোকৰহে কল্পিত চিত্র' (abstract design of an inhuman figure)।
  • কেতিয়াবা নৈতিকতাৰ খাতিৰত অৱশ্যে জীৱনীকাৰে তেওঁৰ বিষয়ৰ জীৱনৰ দুই-এটা কথা ঢাকি ৰাখিব লাগিব পাৰে। যেনেঃ জীৱনীৰ বিষয় যদি জীবনী প্রকাশৰ সময়ত জীবিত আৰু তেনে অৱস্থাত তেওঁৰ জীৱনৰ কোনোটো ঘটনা বা কথা প্রকাশিত হ'লে সি বিষয়ৰ বা অন্য কোনো তৃতীয় ব্যক্তিৰ বিশেষ অনিষ্ট সাধন কৰে, তেন্তে তেনে কথা বা ঘটনা ঢাকি ৰখাই ভাল৷ কেতিয়াবা ৰাজহুৱা বা সামাজিক স্বাৰ্থতো এনেদৰে কথা গুপ্ত কৰাৰ প্ৰয়োজন হ’ব পাৰে৷
ভেজাল আৰু নিভাঁজ জীৱনী কি?
  • বিষয় এটা হুবহু ৰূপত উপস্থাপন কৰা হৈছে নে? নে প্ৰকৃত ৰূপতকৈ ভাল বা বেয়া ৰূপত উপস্থাপন কৰা হৈছে৷ উদাহৰণঃ চৰিতপুথি ? শঙ্কৰদেৱ? হীৰেন গোঁহাই? প্ৰণৱজ্যোতি ডেকা? ৰুবুল মাউত?
  • চলচিত্ৰত এজন ব্যক্তিৰ জীৱনী দেখুৱাওতে কোনবোৰ কথাত গুৰুত্ব দিয়া হয়?
জীৱনীৰ বাবে প্ৰয়োজনীয় সমল
  • নায়কৰ ব্যক্তিগত জীৱনৰ বিভিন্ন প্ৰমাণ পত্ৰ, নথি-পত্ৰ, ব্যক্তিগত কাগজ, ব্যক্তিগত সংগ্ৰহ, চিঠি-পত্ৰ, ৰচনাৱলী, লেখা, ৰাজহুৱা কাম-কাজত জড়িত হ’লে নায়কৰ লগত সম্পৰ্কিত ব্যক্তিৰ সাক্ষাৎকাৰ, ৰাজহুৱা নথি-পত্ৰ, স্মৃতি বা আত্মজীৱনী ধৰণৰ লেখা আদি৷
মূল গ্ৰন্থঃ জীৱনী আৰু আত্মজীৱনী, বনলতা প্ৰকাশন, তৃতীয় সংস্কৰণ, ২০১৯

Post a Comment

0 Comments