- * প্ৰথম অসমীয়া ছপা পুথি
- নতুন জাতীয়তাবোধৰ নিৰ্মাণ
অসমক ইষ্ট ইণ্ডিয়া কোম্পেনীৰ অধীন কৰাৰ পাছতে ডেভিড স্কটে অসমত মিছনেৰী কাম-কাজ আৰম্ভ কৰোৱাৰ মনেৰে শ্ৰীৰামপুৰ মিছনক কৰা অনুৰোধৰ ফলতেই মিঃ জেমছ ৰে' ১৮২৯ চনত গুৱাহাটী পায়হি আৰু ১৮৩০ চনত এখন স্কুল আৰম্ভ কৰে। ১৮৩৪ চনত মেজৰ জেনেৰেল জেনকিন্স অসমৰ কমিছনাৰ হোৱাৰ পাছত ১৮৩৫ চনত অসমৰ দ্বিতীয়খন স্কুল প্রতিষ্ঠিত হয়। উল্লেখযোগ্য জেমছ ৰে'ৰ দ্বাৰা প্রতিষ্ঠিত স্কুল আৰু মিছন দুর্বল হোৱাৰ ফলস্বৰূপে জেনকিন্সে কলিকতাৰ বেপ্টিষ্ট মণ্ডলীক খামতিসকলৰ মাজত খ্রিষ্টধর্ম প্ৰচাৰৰ বাবে আহিবলৈ আহ্বান জনোৱাৰ ফলতেই ব্রহ্মদেশৰ মিছনত বাস কৰি থকা ৰেভাৰেণ্ড ড° নাথান ব্রাউন প্ৰমুখ্যে আমেৰিকান মিছনেৰীসকলৰ অসমলৈ আগমন ঘটিল। আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ এই আগমনে অসমৰ জাতীয় জীৱনক গভীৰভাৱে প্ৰভাৱান্বিত কৰিলে। নগেন শইকীয়াই সেয়ে কৈছে, একপ্রকাৰে ক'বলৈ গ'লে আধুনিক অসমীয়া ভাষা-সাহিত্য আৰু নতুন জাতীয়তাবোধ গঢ়ি তুলিলে মিছনেৰীসকলে।
- অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা ৰূপে মিছনেৰী ৷ মৃত-সঞ্জীৱনী দান
ডক্টৰ নাথান ব্রাউন, ওলিভাৰ টমাছ কাটাৰ আদি আমেৰিকান মিছনেৰীসকল জেনকিন্সৰ আমন্ত্রণক্রমে ১৮৩৫ চনৰ মাৰ্চ মাহত শদিয়া পায়হি। চীনা ভাষা শিকি শদিয়াত থিতাপি লৈ তেওঁলোকে গম পালে যে ইয়াত এই ভাষা কোৱা-বুজা মানুহ নাই। বৰং পাহাৰ আৰু ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ভাৱৰ আদান-প্রদানৰ মাধ্যম হ'ল অসমীয়া ভাষা। অসমীয়া ভাষাৰ বিষয়ে কোনো ধৰণৰ পূৰ্বৰ ধাৰণা আমেৰিকান মিছনেৰীসকলৰ নাছিল। এই ভাষাৰ ব্যাৱহাৰিক গুৰুত্ব উপলব্ধি কৰি মিছনেৰীসকলে অনুভৱ কৰিলে যে অসমীয়া ভাষাৰ যোগেদিহে খ্রিষ্ট ধৰ্মৰ পৱিত্ৰ বাণী প্ৰচাৰ কৰিবলৈ আটাইতকৈ সুচল হ'ব। সেইবাবে মিছনেৰীসকলে অসমীয়া ভাষাৰ আনুষ্ঠানিক শিক্ষা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। ইতিপূর্বে ১৮৩৭ চনত অসমৰ শিক্ষা আৰু প্ৰশাসনত অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ব্যৱহাৰ কৰিবলৈ চৰকাৰী নির্দেশ জাৰি কৰা হৈছিল। আমেৰিকান মিছনেৰীসকলে অসমীয়া ভাষাৰ সপক্ষে আন্দোলন গঢ়ি তুলি, অপসাৰিত অসমীয়া ভাষাৰ পুনর্বাসনত সহায় কৰিছিল। সেয়ে মহেশ্বৰ নেওগে মন্তব্য কৰিছে- 'অসমৰ জাতীয় জীৱনত বেপ্টিষ্টসকলৰ ভূমিকা হ'ল মৃত-সঞ্জীৱনী দানৰ, অসমীয়া ভাষাৰ ত্ৰাণ আৰু নিৰ্মাণৰ জীৱদায়ী ভূমিকা।'
- অসমীয়া ভাষাৰ ৰাজহাড় নিৰ্মাণ
একোটা ভাষাৰ স্বকীয়তা আৰু মর্যাদা নিৰ্ণয় কৰাৰ ঘাই আধাৰ হ'ল ব্যাকৰণ আৰু অভিধান। গুৱাহাটীত শ্ৰীৰামপুৰৰ প্ৰতিনিধিৰূপে পোনতে মিছনেৰী কাম কৰি শিক্ষকতাত আত্মনিয়োগ কৰা, অসমীয়া ভাষাৰ স্বতন্ত্রতা 'অস্বীকাৰ' কৰা ইংৰাজ উইলিয়াম ৰবিন্সনে ১৮৩৯ চনত গুৱাহাটীৰ পৰা প্ৰকাশ কৰা Grammer of the Assamese Langauage এই ক্ষেত্ৰত স্মৰণীয়। এই ৰবিন্সনেই ১৮৪৯ চনত Journal of the Asiatic Society of Bengal (Vol. XVIII, pt.1)ত Notes on the languages spoken by the various tribes inhabiting the valley of Assam and its mountain confines শীর্ষক প্রবন্ধ লিখিছিল। তেওঁ তাত অসমীয়া আৰু বাংলা ব্যাকৰণ, শব্দাৱলী আদিৰ সামান্যভাৱে তুলনা দেখুৱাইছিল। অসমীয়া ভাষাৰ স্বকীয় শক্তি আৰু সৌন্দর্য উপলব্ধি কৰা ভাষাতাত্ত্বিক ড° নাথান ব্রাউনে শক্তিশালীভাৱে অসমীয়া ভাষাৰ স্বতন্ত্রতা দেখুৱাই ১৮৪৮ চনত শিৱসাগৰৰ পৰা Grammatical Notices of the Assamese Language নামৰ ব্যাকৰণ প্ৰকাশ কৰিছিল। অসমীয়া ভাষা প্রতিষ্ঠাৰ শৰাইঘাট ৰণৰ 'বৰফুকন' ড° মাইলছ ব্রন্থনে ১৮৬৭ চনত বাৰবছৰ কঠোৰ পৰিশ্ৰম কৰি শিৱসাগৰৰপৰা প্ৰকাশ কৰিছিল ‘অসমিয়া আৰু ইংৰাজি অভিধান’।
ইয়াতেই অসমীয়া ভাষাৰ সম্পৰ্কে দৃঢ় প্রত্যয়েৰে ব্রন্ছনে ঘোষণা কৰিছিল- "সকলো জাতি আৰু মানুহৰ মাজত নিজ মাত্রিভাসা আদৰনিয়। সেয়ে জিমান কি খিন আৰু অসোভিত নহওক, তেও আপোন ভাসা বুলি নেৰে। ৰন বিগ্রহ, ৰাজ্য ভগা আৰু নতুন ৰাজ্য পতা, এনে দুর্ঘটনাৰ পৰা, বা নানা বিদেসি ভাসা সিকাতে মাত্রি ভাসাক গুচাব নোআৰে। ... আৰু বর্তমান কালত এ দেস ইংলণ্ডিয়সকলৰ অধিন হোআত, তেওঁবিলাকে অসমিয়া ভাসাৰ প্রতি বিসেস সহাই নহৈ, বঙ্গালি ভাসাক নিজ মাত্রি ভাসা বুলি, গবর্নমেন্টৰ সকলো কৰম আৰু স্কুল আদিতো সেই ভাসাকে বেৱহাৰ কৰে; ...। এইদৰে প্ৰাই ৩০ বছৰ গল, কিন্তু অসমিয়া ভাসা ব্রহ্মপুত্র নদিৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আচে, আৰু আগলৈকো চলিব।" এনেদৰেই মিছনেৰীসকলে অসমীয়া ভাষা বিষয়ক ব্যাকৰণ আৰু অসমীয়া অভিধান ৰচনা কৰি অসমীয়া ভাষাক শক্তিপ্রদান কৰি থৈ গ'ল।
- অসমীয়া ভাষাৰ নৱজন্ম
অসমীয়া সাহিত্যত মিছনেৰী ঐতিহ্য সৃষ্টিত আটাইতকৈ ডাঙৰ ভূমিকা লৈছিল ১৮৪৬ চনৰ জানুৱাৰীত শিৱসাগৰৰপৰা প্রকাশিত অৰুনোদই নামৰ কাকত আলোচনীয়ে। নগেন শইকীয়াই কোৱাৰ দৰে, 'নৱজন্মৰ সকলো যন্ত্রণা আৰু আকাংক্ষাই এই সময়ছোৱাতে বাণী-ৰূপ লাভ কৰিবলৈ সমর্থ হয়। এই বাণী-ৰূপ দান কৰে অৰুনোদইয়ে। বহির্বিশ্বৰ লগত অসমীয়া মানুহৰ মানসিক যোগাযোগ স্থাপন কৰি অৰুনোদইয়ে অসমীয়া মানুহক জীৱনৰ নতুন আয়তন দান কৰিলে। 'ড° নাথান ব্রাউনেই অৰুনোদইৰ প্রথমজন সম্পাদক আছিল। ইয়াৰ পাছত এ. এইচ. ডেনফোর্থ, এছ. এম. হোৱাইটিং, উইলিয়াম ব্রার্ড, ই. ডব্লিউ. ক্লার্ক, শ্রীমতী ছুছান আবূ ৱার্ড, এ. কে. গার্নী আদিয়ে বিভিন্ন সময়ত অৰুনোদই সম্পাদনা কৰি অসমীয়া ভাষা-সাহিত্যৰ বহুতো দিশবে বীজ ৰোপণ কৰাৰ উপৰি জ্ঞান-বিজ্ঞানৰ, দেশ-বিদেশৰ, বিশ্বব্রহ্মাণ্ডৰ বহুতো সংবাদ, নীতিশিক্ষা, ইতিহাস, জ্যোতিষ, জীৱন কথা, প্রকৃতি বিষয়ক কথা, লোক- সাহিত্য আদি বিবিধ বিষয় সন্নিবিষ্ট কৰি অসমীয়া মানুহৰ মানসিক দিগন্ত বহল কৰি তুলিছিল। সাংবাদিকতা আৰু তথ্যমূলক ৰচনাৰ লগতে অসমীয়া সাহিত্যৰ সৃষ্টিধর্মী নানা ৰূপৰো সূচনা কৰিছিল এই অৰুনোদই আলোচনীয়েই।
- সাহিত্যৰ বিভিন্ন বিধা সৃষ্টিত পৃষ্ঠভূমি প্ৰদান ৷ প্রস্তুতি পর্ব
- কবিতা
অৰুনোদইত প্রথমৰে পৰা প্ৰকাশিত পদ্য বা কবিতাসমূহ নীতিমূলক হ'লেও পৰৱৰ্তী কালৰ আধুনিক ভাবৰ কবিতা ৰচনাৰ বাবে এটি পথ দেখুৱাই থৈ গ'ল। জগতৰ লগত কবিসত্তাৰ সম্পৰ্ক স্থাপনৰ যি মনোভংগী কবিতাৰ বাবে প্রয়োজন, সেইখিনি অৰুনোদইৰ পদ্যত প্রায় অনুপস্থিত। তথাপি, 'চাপাখানাৰ বিবৰণ' নাইবা 'কলিকতাৰ সুখিয়াতি' আদি কবিতাৰ শিৰোনামে বিষয়বস্তুৰ নতুন দিশৰ উমান দিয়ে। মহেন্দ্র বৰাই সেয়ে কৈছে, 'যন্ত্রৰ ক্ষমতা আৰু নগৰ-জীৱনৰ বিশালতা দুয়োটাৰে প্ৰতি কবিৰ বিমুগ্ধ কৌতূহলে উত্তৰকালৰ কবিসাধকৰ বাবে নতুন দিগন্তৰ সন্ধান দি গ'ল।'
- উপন্যাস
সম্পূর্ণ 'উপন্যাস' বুলি ক'ব নোৱাৰিলেও, মিছনেৰীসকলৰ হাততেই ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা উপন্যাসৰ দুই-এটি লক্ষণ থকা খ্রিষ্টধর্ম প্রচাৰৰ উদ্দেশ্য থকা কেইবাখনিও আখ্যানধর্মী ৰচনা প্রকাশিত হৈছিল। বেপ্টিষ্ট মিছনেৰীসকল য'লৈকে গৈছিল, ত'তে বাইবেলৰ অনুবাদৰ লগতে নিজৰ ধৰ্মমতৰ বাবে বাৰ বছৰ কাৰাবাসৰ যন্ত্রণা ভোগ কৰা জন্ বানিয়ানৰ The Pilgrim's Progressৰ ভাঙনি কৰি স্থানীয় ভাষাত প্রস্তুত কৰিছিল। অসমৰ মিছনেৰীসকলেও ১৮৪৮ চনৰ নৱেম্বৰ সংখ্যা অৰুনোদই কাকতত এই উপন্যাসখনক 'জাত্ৰিকৰ জাত্রা' নামে অনুবাদ কৰি প্ৰথম আধ্যাৰ এক খণ্ড প্রকাশ কৰিছিল। পিছত ১৮৫১ চনত শিৱসাগৰ মিছনৰপৰা জাত্রিকৰ জাত্রা গ্রন্থাকাৰে প্রকাশ পাইছিল। অষ্টাদশ শতিকাত গঢ় লোৱা উপন্যাসৰ বাবে কাহিনী, ঘটনা, চৰিত্ৰ আদিৰ যি বাস্তৱতাৰ প্রয়োজন, বানিয়ানে তেনে নিপুণতাৰে The Pilgrim's Progress ৰচনা কৰি গ'ল। ১৬৭৮ চনত প্রকাশিত ইংৰাজী সাহিত্যৰ এই ৰচনাৰ অনুবাদেৰে অসমীয়া ভাষাতো আধুনিক কথাশিল্পৰ এই ধাৰাটিৰ উন্মেষ ঘটিল। তদুপৰি জাত্ৰিকৰ জাত্ৰাৰ মাজেদিয়েই প্রাক্ বেষ্টোৰেচন্ যুগৰ পছিমীয়া সাহিত্য আৰু আধ্যাত্মিক জীৱন-দর্শনৰ লগত অসমীয়া মানুহক চিনাকি কৰাই দিলে। গ্রন্থাকাৰে প্ৰকাশৰ সময়তো 'জাত্ৰিকৰ জাত্রা'ৰ অনুবাদকৰ নাম দিয়া হোৱা নাছিল। এই অনুবাদ আছিল ড° নাথান ব্রাউনৰ। ড° ব্রাউন আমেৰিকালৈ যাওঁতে শেহৰফালে এ. এইচ. ডেনফোর্থে এই 'জাত্ৰিকৰ জাত্ৰা'ৰ অনুবাদ শেষ কৰিছিল। সত্যেন্দ্র নাথ শর্মাই সঠিক মন্তব্যই কৰিছে, 'মিছনেৰীসকলে ৰূপকাত্মক কাহিনীটো কথিক গদ্যত অনুবাদ কৰি দীর্ঘায়তন গদ্যৰ কাহিনীৰ বা উপাখ্যানৰ পথৰ সম্ভেদ দি যায়।' ইয়াৰ পিছত প্রকাশ পাইছিল এ. কে. গাৰ্নীৰ কামিনীকান্তৰ চৰিত্ৰ (১৮৭৭), তেওঁৰ পত্নী মেৰী এফ, লৰেঞ্চৰ ফুলমণি আৰু কৰুণা (১৮৭৭), কুমাৰী এম. ই. লেছলীৰ 'এলোকেশী বেশ্যাৰ বিষয়' (১৮৭৭) আৰু এ. কে. গার্নীৰেই কানিবেহেৰুৱাৰ বিষয় (১৮৭৭)। এলোকেশীৰ সমস্যাটোৰে ঊনবিংশ শকিতাৰ হিন্দু সমাজৰ কিছুমান বালবিধৱাৰ সমস্যা প্রতিনিধিত্ব কৰিছে বুলি প্রফুল্লদত্ত গোস্বামীয়ে Fiction of Assamese (1963) গ্রন্থত উল্লেখ কৰিছে। অসমীয়া উপন্যাসৰ প্রস্তুতি পর্বত মিছনেৰীসকলে যি অৰিহণা যোগালে, তাৰ ফলস্বৰূপেই হেমচন্দ্র বৰুৱাই বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী (১৮৭৬) আৰু পদ্মাৱতী দেবী ফুকননীয়ে সুধর্মাৰ উপাখ্যান (১৮৮৪) ৰচনা কৰিবৰ বাবে আৰ্হি অনুপ্ৰেৰণা লাভ কৰিলে বুলি অনুমান কৰিব পাৰি।
- প্ৰবন্ধ
অৰুনোদইৰ যোগেদিয়েই অসমীয়া সাহিত্যত মিছনেৰিসকলে প্রবন্ধ বা Essay ধাৰাটি আৰম্ভ কৰিছিল। এনে প্রবন্ধ আছিল প্রায়ে গহীন ধৰণৰ আৰু খ্রিষ্টান ধর্ম বিষয়ক। হিন্দুৰ সংস্কৃত শাস্ত্ৰ আৰু বাইবেলৰ ভাব আনি লেখা 'অনন্ত কাল' (Eternity) নামৰ ৰচনাখনি ১৮৪৯ চনৰ এপ্রিল সংখ্যাত প্রকাশ পাইছিল। ই কথা-কবিতাৰ ৰূপ লৈছে: 'পৰকালেই অনন্ত কাল। ইহকালে সৈতে পৰকালৰ কিমান পর্জন্ত বেলেগ হৈছে। প্রিথিবিত মানুহৰ আয়ুস চাঁয়াৰ নিচিনা, অস্থাই, আৰু জল বিন্ধুৰ সদ্রিস কাল জাপন হই। কিন্তু ইহকালেই জে তাৰ সেস কাল হব এনে ন হই, মৰনৰ পাচে অসেস পৰকাল আচে। আৰু মানুহৰ জিবন কেবল সামান্য বা লঘুতৰ এনে ন হই, কিয়নো অলপ দিনৰ নিমিতে স্রিষ্টি কৰা ন হই, অনন্ত কাল পর্জন্তে স্রিষ্টি কৰিচে।' নিধি লিবাই ফাৰোৱেলে গদ্যত লিখা 'তিনিজন ভাইৰ মিস্যনেৰি জাত্রা' আধুনিক অসমীয়া ভ্রমণ-বিষয়ক ৰচনাবোৰৰ বাটকটীয়া। 'অৰুনোদই'ত 'ডিমস্থেনিছ' (ডিচেম্বৰ, ১৮৪৯), 'ডিউক অফ ওএলিংতন' (অক্টোবৰ, ১৮৫২), 'জর্জ ওআচিংটন' (মার্চ, ১৮৫৩) আদিৰ জীৱনৰ আভাস দিছিল। তদুপৰি ১৮৫৭ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা 'মহম্মদৰ জিবন চৰিত্ৰ' আৰু জুন মাহৰপৰা 'লুথৰৰ জিবন চৰিত্ৰ' ক্রমিকভাবে প্রকাশিত হৈ আধুনিক অসমীয়া জীৱনীমূলক ৰচনাৰো অংকুৰণ ঘটাইছিল।
- সামাজিক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান
সামাজিক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে মিছনেৰীসকলে অভিযান চলাইছিল। অৰুনোদই কাকত-আলোচনীয়ে অসমীয়া সমাজত বিজ্ঞান-মানসিকতা আৰু যুক্তিগ্রথিত চেতনা প্ৰসাৰত বিশেষ অৰিহণা যোগাইছিল। এই আলোচনীত ভূগোল, প্রাণীবিজ্ঞান, সৌৰজগত, পদার্থবিজ্ঞান, ডাৰউইনৰ তত্ত্ব, ভূতত্ত্ব, স্বাস্থ্য-চিকিৎসা আদি বিষয়ৰ তথ্যমূলক ৰচনা আৰু বিজ্ঞানৰ বিচিত্ৰ বাতৰি প্ৰকাশ কৰিছিল। এই অৰুনোদইৰ মাজতেই বৰ্তমান বিজ্ঞানৰ দুটা শাখা নৃতত্ত্ব আৰু মুদ্রাবিজ্ঞানৰো আৰম্ভ কৰিছিল। এনে বিষয়ক কিছুমান ৰচনাৰ উদাহৰণ হ'ল: 'আমেৰিকা প্রথমে দর্সন হোআৰ কথা' (মার্চ, ১৮৪৬), 'চীনৰ মহাগৰ' (আগষ্ট, ১৮৪৬), 'তিমি মাছ' (অক্টো, ১৮৪৬), 'নেগুৰ বজোৱা সাপ' (ফেব্রুৱাৰী, ১৮৫০), 'দোদো চৰাই' (এপ্রিল, ১৮৫০), 'ক্ল'বফর্ম' (মার্চ, ১৮৪৮), 'অতি দূৰৈ ঠাইলৈ দেখা জন্ত্ৰৰ কথা' (অক্টোবৰ, ১৮৫৩), 'আবৰ, বৰ আবৰ, মিৰি, ডফলাৰ বিবৰন' (নবেম্বৰ, ১৮৪৮) ইত্যাদি। মুঠতে, মিছনেৰীসকলেই অৰুনোদই আৰু বিভিন্ন বিজ্ঞানমূলক গ্রন্থ ৰচনা যোগেদি আধুনিক ধাৰাৰ অসমীয়া বিজ্ঞান-সাহিত্যৰ আৰম্ভণী ঘটাইছিল।
- প্ৰাচীন পুথি সংগ্রহ আৰু প্রকাশন
অসমীয়া সাহিত্যত মিছনেৰীসকলৰ এটি গুৰুত্বপূৰ্ণ বৰঙণি হ'ল: অসমৰ প্ৰাচীন পুথি সংগ্রহ আৰু প্রকাশন। মিছনেৰী পণ্ডিতসকলে অসমৰ ইতিহাস উদঘাটনৰ বাবে যত্ন কৰিছিল, বহুতো বুৰঞ্জী সংগ্ৰহ কৰিছিল। কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী প্রকাশ কৰিছিল (১৮৪৪)। ১৮৫০ চনৰ আগষ্ট মাহৰ পৰা 'অৰুনোদই'ত পুৰনি অসম বুৰঞ্জিখনি ধাৰাবাহিক প্রকাশ কৰিছিল। প্রাচীন গ্রন্থৰ পাঠ গ্রহণ কৰোঁতে নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। কামৰূপৰ বুৰঞ্জিৰ আঠটা অধ্যায় অৰুনোদইত প্রকাশ পাইছিল। ড° নাথান ব্রাউনকে মুখ্য কৰি মিছনেৰীসকলে শিৱসাগৰত থাকি পোনপ্ৰথম পুৰণি পুথি সংগ্ৰহৰ কাম আৰম্ভ কৰে। ড° সূৰ্য্য কুমাৰ ভূঞাই ব্রাউনে সংগ্ৰহ কৰা এনে পুথিৰ এখন তালিকা যুগুতাইছিল। সেই পুথিবোৰৰ ভিতৰত আছিল ৰাম-সৰস্বতীৰ মণিচন্দ্র ঘোষ, শংকৰদেৱৰ ভাগৱত, একাদশ স্কন্ধ; বৈদ্যনাথ দ্বিজৰ তুলসী-দূত কাব্য, ৰঘুনন্দনৰ জ্যোতিষ-তত্ত্ব, জয়ধ্বজ সিংহৰ পৰা ৰুদ্ৰসিংহৰ দিনলৈ এখন খণ্ডিত বুৰঞ্জী: লক্ষ্মীসিংহৰ বুৰঞ্জী (যিখনক ড° ভূঞাই বৰপাহি বুৰঞ্জী নাম দিছিল), দেওধাই বুৰঞ্জী ইত্যাদি।
- নতুন গদ্যশৈলীৰ প্ৰৱৰ্তন
অসমীয়া সাহিত্যলৈ মিছনেৰীসকলৰ এটি ডাঙৰ দান হ'ল- নতুন গদ্যশৈলীৰ প্ৰৱৰ্তন। শিৱসাগৰকেই মিছনেৰীসকলে ঘাই কর্মক্ষেত্র হিচাপে লৈ, ইয়াতেই ছপাশাল প্রতিষ্ঠা কৰি ইয়াৰপৰাই 'অৰুনোদই' প্রকাশ কৰিছিল। আধুনিক জ্ঞান-বিজ্ঞান, সাহিত্য, সাংবাদিকতাৰ বাবে মিছনেৰীসকলে এটি গদ্যৰীতি নিৰ্মাণ কৰি লৈছিল। এই গদ্যৰীতি শিৱসাগৰ অঞ্চলৰ কথিত ভাষাটোক আধাৰ হিচাপে লৈ গঢ়ি তুলিছিল। ইংৰাজ ভাষী মিছনেৰীসকলৰ যোগে অসমীয়া ভাষাত নতুন আভিধানিক আৰু বৈয়াকৰণিকৰূপ স্বাভাৱিকতে বাক্য-গাঁথনিত প্রৱেশ কৰিলে। বর্ণ-বিন্যাসৰ ক্ষেত্ৰত মিছনেৰীসকলে সৰলীকৰণ ৰীতি মানি চলিছিল আৰু উচ্চাৰণ-অনুসৰিহে লিখিছিল। 'ভাষাৰ ফালৰপৰা এই সম্পৰীক্ষা স্থায়ী নহ'ল যদিও, আধুনিক অসমীয়া গদ্য আৰু পদ্য ৰচনাৰ বাহনৰ বাবে আধুনিক অসমীয়া ভাষাৰ অভ্যুদয়ত' মিছনেৰীসকলে এটি স্থায়ী সিদ্ধান্ত দি গ'ল। পণ্ডিত হেমচন্দ্র গোস্বামীয়ে কোৱাৰ দৰে, "এই বিলাতী সুৰটিৰ গুণগুণনি" অসমীয়া সাহিত্যৰ চৌদিশে শুনিবলৈ পোৱা যায়। মিছনেৰীসকলে সৃষ্টি কৰা বৌদ্ধিক- আন্দোলনৰ ফলস্বৰূপে অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত আবির্ভাব হ'ল আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ দৰে শক্তিশালী যুগনায়কৰ। প্রাচীন অসমীয়া পুথি সংগ্রহ, সংৰক্ষণ আৰু প্ৰকাশৰ ক্ষেত্ৰত মিছনেৰীসকল যেনেকৈ বাটকটীয়া আছিল, তেনেদৰে অসমীয়া লোক-সাহিত্যক আধুনিক পৰিবেশত পোন- প্রথমে দাঙি ধৰাৰ কৃতিত্বও আছিল মিছনেৰীসকলৰ। নীতি-শিক্ষামূলক সাধুকথাৰ লগতে অৰুনোদইৰ কেইবাটাও সংখ্যাত উত্তৰেৰে সৈতে অসমীয়া সাঁথৰ আৰু সাধুকথা প্রকাশ কৰিছিল। তদুপৰি এলিজা ব্রাউনে শিশু উপযোগীকৈ লিখা এখন সাধুকথাৰ পুথিও প্রকাশ কৰিছিল।
- গীতি-সাহিত্য
প্রাচীন অসমীয়া গীতি-সাহিত্যৰ ইতিহাস বিচাৰি খ্রিষ্টীয় দশম শতিকাৰপৰা দ্বাদশ শতিকামানৰ ভিতৰত ৰচিত বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাগীতৰ কাষ চপা হয়। আধুনিক অসমীয়া গীতি-সাহিত্যৰ উদাহৰণ দিবলৈ অসমত বেপ্টিষ্ট ধর্ম স্থাপন কৰোঁতা নাথান ব্রাউন, মাইলছ ব্রনছন, নিধি লিবাই ফাৰোৱেল আদিৰ অসমীয়ালৈ অনুবাদ কৰা খ্রিষ্টীয় প্রার্থনা-গীতৰ (Christial Hymnal) ওচৰ চাপিব পাৰি। তেওঁলোকে ৰচনা কৰা এই 'তুতি-গীত'বোৰ অসমীয়া খ্রিষ্টীয়ান সমাজে এতিয়াও গীর্জাত পৰিবেশন কৰি আছে। গীতসমূহৰ প্ৰায়খিনিয়েই ইংৰাজীত চল্লি হৈ থকা গীতৰপৰা অনূদিত আৰু সিবিলাক মূল পাশ্চাত্য সুৰতে গোৱা হয়। নিধি লিবাই ফাৰোৱেলে সেই কালৰ খ্রিষ্টীয়সকলৰ প্রিয় গীত এটি ১৮৫১ চনৰ এপ্রিল সংখ্যাত উদ্ধাৰ কৰি প্ৰকাশ কৰিছিল: আকাসৰ ওপৰত আচে/এক মহা দিপ্তিৰ থান/সুকুলা বস্ত্র পিন্ধা লোক/জত গাই সুললিত গান। Oh where shall rest be found গীতৰ অনুবাদ ১৮৫২ চনৰ আগষ্ট সংখ্যাত প্রকাশ পাইছিল। তাৰ আৰ্হি মই কত জিৰনি পাওঁ, / ক্লান্ত হৈ মনৰ বিশ্রাম/সাগৰ বা দিপৰ সিমালৈ / বিচাৰিলে নে পাম।
- মিছনেৰী ঐতিহ্যক সমৃদ্ধ কৰা লেখক-লেখিকা
অসমীয়া সাহিত্যৰ মিছনেৰী ঐতিহ্য প্রৱাহত যিসকল লেখক-লেখিকাই ভূমিকা গ্রহণ কৰিছিল সেইসকলৰ ভিতৰত ড° নাথান ব্রাউন, এলিজা ব্রাউন, ওলিভাৰ টমাচ্ কাটাৰ, মাইলছ ব্রনছন, শ্রীমতী কাটাৰ, এডোৱাৰ্ড ডব্লিউ ক্লার্ক, এ. কে. গানি, ডেনফোর্থ, নিধি লিবাই ফাৰোৱেল, এছ. এম. হোৱাইটিং আদি উল্লেখযোগ্য। অ-খ্রিস্টীয়ান লেখকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্র বৰুৱা, গুণাভিৰাম বৰুৱা, বলৰাম ফুকন, কিনাৰাম সত্রিয়া, দয়াৰাম চেতিয়া, ধর্মকান্ত বুঢ়াগোহাঁই, গোবিন্দৰাম ভূঞা আদিয়ে 'অৰুনোদই'ৰ লেখকৰ শাৰীত যোগ দিছিল। খ্রিষ্টীয়ান আৰু অ-খ্রিষ্টীয়ান এই দুই লেখকগোষ্ঠীৰ বহুমূলীয়া বৰঙণিয়ে অসমীয়া ভাষা-সাহিত্যৰ স্বকীয় অস্তিত্বৰ প্রতিষ্ঠাত সফলকাম হৈছিল।
- জাতীয় জীৱনৰ চৈতন্য সঞ্চাৰ
মোৱামৰীয়া বিদ্রোহ, মানৰ তিনিটা আক্রমণ আৰু ভয়াবহ মানৰ দিন, ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ হাতলৈ যোৱাৰ লগে লগে আহোম ৰাজত্বৰ অৱসান ঘটে। ১৮৩৩ চনত ভগাৰজা পুৰন্দৰ সিংহক উজনি খণ্ড অসম ৰাজ্য লালবন্দীকৈ দিয়া হয় যদিও পাছত সেই বন্দবস্ত নাকচ কৰি গোটেই ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হস্তগত কৰে। গমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱানৰ বিদ্ৰোহৰ মাজেদি দেশ উদ্ধাৰৰ প্ৰয়াস চলিছিল যদিও সফল হ'ব নোৱাৰিলে। ১৮৩৭ চনৰ আইন অনুসৰি ইংৰাজ চৰকাৰে বেংগল প্রশাসনত বাংলা ভাষা প্ৰৱৰ্তন কৰে। সেই সুযোগতে অসমৰ শিক্ষানুষ্ঠান আৰু প্ৰশাসনৰপৰা অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষা জাপি দিয়া হ'ল। এনে তমসাচ্ছন্ন অৱস্থাত অসমীয়া ভাষাৰ হৈ মাত মাতোঁতা কোনোৱেই নাছিল। আনন্দৰাম ঢেকিয়াল ফুকন তেতিয়া সাত বছৰীয়া শিশু, ভাষাৰ ওজা হেমচন্দ্র বৰুৱা আৰু গুণাভিৰাম বৰুৱা তেতিয়া পানী কেঁচুৱা!! ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিকভাৱে মৃতপ্রায় হৈ পৰা ঊনবিংশ শতিকাৰ এনে এটি ক্ষণতে মিছনেৰীসকলৰ আগমনে অসমৰ জাতীয় জীৱনলৈ চৈতন্য সঞ্চাৰ কৰিলে। আধুনিক অসমৰ আদি-পৰ্বত মিছনেৰীসকল সেয়ে অবিচ্ছেদ্যভাবে জড়িত হৈ আছে। পাশ্চাত্যৰ আধুনিক সভ্যতা আৰু সংস্কৃতিবোধৰ সৈতে অসমীয়া মনক তেওঁলোকেই সংযুক্ত কৰিলে। সেয়ে ক'ব পাৰি, ঔপনিৱেশিক খহতা-শিকলিৰে বন্দী অসমে বিভিন্ন সংঘাতৰ মাজেদি আধুনিকতালৈ খোজ দিওঁতে মিছনেৰীসকলেই জাতীয়-জীৱনক আলোকৰ মন্ত্র শিকাই থৈ গ’ল৷
সহায়ক উৎসঃ সাহিত্য অভিৰূপা, জয়ন্ত কুমাৰ বৰা, বাণী মন্দিৰ, ২০১৩
0 Comments