বুৰঞ্জী সাহিত্য ৷৷ ত্ৰিপুৰা বুৰঞ্জী ৷ ত্ৰিপুৰা বুৰঞ্জীৰ গদ্য৷

* ত্ৰিপুৰা বুৰঞ্জীৰ আলোকচিত্ৰ





✓ অৱতৰণিকা

অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাবে সহায়তা কৰা বুৰঞ্জী সাহিত্য আহোমসকলৰ অবিস্মৰণীয় অবদান। আহোমসকলৰ মাজত বুৰঞ্জী ৰচনা কৰা দস্তুৰটো অতি পুৰণি। তেওঁলোকে এই দস্তুৰটো অসমলৈ আহোতেই (১২২৮ চন) লগত লৈ আহিছিল। আহোম স্বৰ্গদেউ চুকাফাই ত্রয়োদশ শতিকাৰ আদি ভাগতেই এই ৰাজ্যত প্রবেশ কৰি লগত অহা পণ্ডিতক বুৰঞ্জী ৰচনা কৰিবলৈ নির্দেশ দিছিল। তেতিয়াৰে পৰা ঊনবিংশ শতিকাৰ শেষলৈকে, ৰজাঘৰীয়া অনুপ্ৰেৰণা আৰু পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্য ৰচিত হৈ আছিল।

ৰজাঘৰীয়া বিবিধ কাম-কাজ, শাসন-নীতি, যুদ্ধ-বিগ্রহ, ৰাজ-বিষয়াৰ অৰিয়া-অৰি আৰু সম-সাময়িক নানান ঘটনাৰ আধাৰত বুৰঞ্জী পুথিসমূহ ৰচনা কৰা হৈছিল। পোনতে এই বুৰঞ্জীসমূহ আহোম ভাষাতেই ৰচিত হৈছিল, যদিও পিছলৈ, অসমীয়া ভাষাক ৰাজকীয় ভাষাৰ মৰ্যাদা দান কৰাৰ লগে লগে অসমীয়াতেই সেই সমূহ ৰচিত হ'বলৈ ধৰে। আহোমসকলে বুৰঞ্জীক পুণ্য বস্তু হিচাপে গ্রহণ কৰিছিল আৰু আহোম ৰজা তথা ডা-ডাঙৰীয়াৰ সন্তানসকলৰ বাবে ইয়াৰ জ্ঞান লাভ কৰাটো আছিল এটা অপৰিহাৰ্য কথা। উল্লেখযোগ্য কথা এই যে, বিয়া-বাৰু আদি সামাজিক অনুষ্ঠানতো বুৰঞ্জীপাঠ এটা প্রয়োজনীয় কার্য হৈ পৰিছিল।

বুৰঞ্জী সাহিত্যই অসমীয়া সাহিত্যক ভাৰতীয় অন্যান্য ভাষাৰ সাহিত্যৰ ভিতৰত এক বিশিষ্ট মর্যাদা দান কৰিছে। যি সময়ত ভাৰতৰ অন্যান্য প্রাদেশিক ভাষাত বুৰঞ্জী ৰচনাৰ কোনো নাম গোন্ধেই নাছিল, তেনে এটা সময়তে, অসমত এইবিধ পুথি ৰচনাৰ সুস্থ আৰু সবল পৰম্পৰা এটা গঢ় লৈ উঠিছিল। 

অসমীয়া ভাষাত বুৰঞ্জী ৰচনাৰ শুভাৰম্ভ সপ্তদশ শতিকাতেই হৈছিল, যদিও সি সণ্টালনি ভাবে ৰচিত হৈ ব্যাপকতা লাভ কৰে অষ্টাদশ শতিকাতহে। আহোমৰ ৰাজত্বকালত ৰচিত বুৰঞ্জীৰ সংখ্যাই প্রায় হাজাৰৰ ঘৰ চুইছিল বুলি অনুমান কৰিব পাৰি; কিন্তু কীৰ্তিচন্দ্ৰ বৰ বৰুৱাৰ বুৰঞ্জী দাহ অপকর্ম, মোৱামৰীয়া বিদ্রোহ, মানৰ আক্রমণ, পোক-পৰুৱাৰ উপদ্ৰৱ আদিত অনেক বুৰঞ্জী ধ্বংস হয়। এনেদৰে ধ্বংসপ্রাপ্ত হোৱাৰ পিছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, কামৰূপ অনুসন্ধান সমিতি আদিয়ে প্রায় দুশখনমান বুৰঞ্জী সংগ্ৰহ কৰিছে আৰু এইবোৰৰ ভিতৰ্ধত ভালেমান প্রকাশিতও হৈছে। প্রকাশিত বুৰঞ্জীসমূহৰ ভিতৰত হৰকান্ত বৰুৱা প্রণীত 'অসম বুৰঞ্জী', 'দেওধাই অসম বুৰঞ্জী', শ্রীনাথ বৰবৰুৱাৰ 'তুংখুঙীয়া বুৰঞ্জী', 'কছাৰী বুৰঞ্জী', 'ত্ৰিপুৰা বুৰঞ্জী', 'অসম বুৰঞ্জী', 'পাদশ্যাহ বুৰঞ্জী', 'অসমৰ পদ্য বুৰঞ্জী', 'সাতসৰী অসম বুৰঞ্জী', 'কামৰূপৰ বুৰঞ্জী' আদি উল্লেখযোগ্য।

পদ্য আৰু গদ্য, উভয় মাধ্যমতে বুৰঞ্জী ৰচিত হৈছিল। গদ্যত ৰচিত বুৰঞ্জীৰ ভাষাৰীতিটোৱে অসমীয়া গদ্য সাহিত্যৰ ক্ৰম বিকাশৰ ধাৰাত এটা বিশিষ্ট মাত্রা সংযোজন কৰিছে।


✓ বুৰঞ্জী আৰু ইতিহাস

বুৰঞ্জী আৰু ইতিহাস - এই শব্দ দুটা সমার্থক হিচাপে প্রয়োগ কৰা হ'লেও বুৰঞ্জী আৰু ইতিহাস অভিন্ন ৰচনা নহয়। 'বুৰঞ্জী' আহোমসকলৰ অৱদান আৰু ই ৰচিত হবলৈ ধৰে ত্ৰয়োদশ শতিকাৰ পৰা। আনহাতে, 'ইতিহাস' শব্দটো বৈদিককালৰ- পৰাই ভাৰতীয় আৰ্যসকলৰ মাজত প্ৰচলিত হৈ আহিছিল আৰু আৰ্যসকলে ইতিহাসক বেদৰ মৰ্যাদা দিছিল। তেওঁলোকৰ মানত ইতিহাস আছিল পঞ্চম বেদ।

ধর্ম, অর্থ, কাম আৰু মোক্ষ- এই পৰমাৰ্থ চাৰিটাৰ শিক্ষা যিবোৰ কাহিনীয়ে দিব পাৰে, তেনেবোৰকেই 'ইতিহাস' হিচাপে গণ্য কৰিছিল।

'ইতিহাস' শব্দটোৰ প্ৰথম উল্লেখ পোৱা যায় অথর্ব বেদত। বেদৰ পিছতেই আৰ্যসকলে ৰচনা কৰে ব্ৰাহ্মণ আৰু উপনিষদসমূহ। ইতিহাস শব্দই এই দুবিধ গ্রন্থতো ঠাই পাইছে। 'শতপথ ব্রাহ্মণ' আৰু 'গোপথ ব্রাহ্মণ' গ্ৰন্থত ইতিহাসক বেদৰ সমানেই মর্যাদা দিয়া হৈছে। ৰচনাৰ ৰীতি-প্ৰকৃতিৰ ফালৰ পৰা ইতিহাস পুৰাণসমূহৰ সমগোত্রীয়। এই দুয়োবিধ ৰচনাতেই অলৌকিক, অপ্রাকৃত আৰু অতি-প্রাকৃত ঘটনাৱলীৰ বিৱৰণ পোৱা যায়। আনহাতে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু অনুপ্ৰেৰণাত ৰচিত বুৰঞ্জীসমূহ হ'ল বস্তুবাদী ৰচনা। দুই চাৰিটা কাল্পনিক কাহিনী বা উপকাহিনী সংযোজিত হলেও, বুৰঞ্জী প্রধানকৈ সত্য ঘটনাৰ বিৱৰণ। মানৱ জীৱন সফল কৰি তুলিবৰ বাবে যিবোৰ নীতি মূলক। শিক্ষা লাভৰ প্ৰয়োজন, সেই শিক্ষাদানব আদর্শ আগত ৰাখি ৰচনা কৰা হৈছিল ইতিহাস সমূহ। সেইদবে, উত্তৰ পুৰুষক প্রয়োজনীয় শিক্ষা দান কৰিবৰ উদ্দেশ্য বুৰঞ্জীসমূহো ৰচিত হৈছিল। এই দৃষ্টিকোণৰ পৰা বুৰঞ্জী আৰু ইতিহাসৰ মাজত এটা মিল নোহোৱাও নহয়, কিন্তু এই মিলৰ বাবেই বুৰঞ্জী আৰু ইতিহাসক সম্পূর্ণ একে পৰ্যায়ৰ ৰচনা বুলি ধৰি ল'লে ভুল হ'ব। বিষয় বস্তু, ৰচনাৰীতি আৰু ৰচকৰ দৃষ্টিভংগী দুয়োবিধ ৰচনাৰেই ভিন্ন হোৱা হেতুকে, বুৰঞ্জী আৰু ইতিহাসক ভিন্ন পৰ্যায়ৰ নির্মিতি বোলাটোহে উচিত হ'ব।


✓ বুৰঞ্জীৰ শ্ৰেণীবিভাজন

বিষয় বস্তু অনুসৰি বুৰঞ্জীসমূহক কেইবাটাও ভাগত ভগাব পাৰি। ড° লীলা গগৈয়ে তলত উল্লেখ কৰা ধৰণে বুৰঞ্জীসমূহক বিভাজন কৰি দেখুৱাইছেঃ 

(ক) প্রাক্‌ আহোম যুগৰ বুৰঞ্জী 

(খ) আহোম যুগৰ বা আহোম ৰজাৰ বুৰঞ্জী 

(গ) দাঁতিঅলীয়া বুৰঞ্জী 

(ঘ) অন্য বাজ্যৰ বুৰঞ্জী 

(ঙ) কটকী বুৰঞ্জী 

(চ) চকীয়ালৰ বুৰঞ্জী 

(ছ) চাং-কং ফুকনৰ বুৰঞ্জী। 

আহোমে অসমত ৰাজত্ব কৰাৰ পূৰ্বে যিসকল ৰজাই এই দেশ (প্রাচীন কামৰূপ) ত ৰাজত্ব কৰিছিল তেওঁলোকৰ বংশাৱলী আৰু কাম-কাজ প্রভৃতিৰ বিৱৰণ লিখি ৰখা হৈছিল। আহোম ৰাজত্ব কালৰ বুৰঞ্জী ৰচকসকলে সেই লিখিত বিৱৰণৰ পৰা সমল সংগ্ৰহ কৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ বুৰঞ্জী ৰচনা কৰিছিল। এনে বুৰঞ্জীৰ সংখ্যা তেনেই তাকৰীয়া।

আহোম ৰজাসকলৰ ৰাজত্বকালত সংঘটিত বিবিধ ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিল আহোম যুগৰ বুৰঞ্জীসমূহ। এনে বুৰঞ্জীৰ সংখ্যা আটাইতকৈ বেছি। এনেবোৰ বুৰঞ্জীৰ তথ্য-পাতি নিৰ্ভৰযোগ্য।

আহোমসকলে দাঁতি কাষৰীয়া ৰাজ্য যেনে, কছাৰী, চুতীয়া, জয়ন্তা, মণিপুৰ, ত্ৰিপুৰা আদিৰ লগত সততে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কোনো কোনো সময়ত সেইবোৰ ৰাজ্যেৰে সৈতে যুদ্ধাদিও সংঘটিত হৈছিল। আহোম ৰাজত্ব কালৰ বুৰঞ্জী- ৰচকসকলে সেইবোৰ কথাও লিপিবদ্ধ কৰি ৰাখিছিল। ফলস্বৰূপে, সৃষ্টি হৈছিল দাঁতিঅলীয়া বুৰঞ্জীসমূহৰ। এনেবোৰ বুৰঞ্জীয়ে দাঁতি-কাষৰীয়া ৰাজ্যসমূহৰ কাম- কাজ, আচাৰ-নীতি, শাসন-প্রণালী প্রভৃতিৰ সম্ভেদ দিয়ে। আহোম ৰজাসকলে দাঁতি- কাষৰীয়া ৰাজ্যৰ উপৰিও আঁতৰৰ অন্যান্য ৰাজ্যলৈ কটকী পঠিয়াইছিল। কটকীয়ে সেইবোৰ ৰাজ্যৰ ৰাজকার্য পৰিচালনাৰ কথাৰ উপৰিও অন্যান্য বিবিধ দিশৰ সম্ভেদো লিখিতভাবে ৰজাক অৱগত কৰিছিল। এনেদৰে ৰচিত হৈছিল অন্য ৰাজ্যৰ বুৰঞ্জী। পাদশাহ বুৰঞ্জী, বর্ধমানৰ বুৰঞ্জী আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত বুৰঞ্জী। অন্যান্য ৰাজ্যৰ লগত যোগাযোগ স্থাপনকাৰী কটকীসকলেও নিজাববীয়াকৈ তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰি ৰজাৰ ওচৰত নিবেদন কৰিছিল। 'কটকী বুৰঞ্জী 'প্রকৃততে কটকীসকলৰ অভিজ্ঞতাৰ বিৱৰণহে। সেইদৰে ৰাজ্যৰ চাৰিসীমাৰ চকীসমূহ থকা চকীয়ালসকলে চকীৰ খৰচ-পাতি, কাম-কাজ আৰু ৰাজনৈতিক কাৰ্যৰ বিষয়ে লিখি ৰখা বিৱৰণেই চকীয়াল বুৰঞ্জী। চাং-ৰুং ফুকনৰ বুৰঞ্জী হ'ল চাং-ৰুং ফুকনে লিখি ৰখা ৰজাৰ কাৰেং ঘৰ, শিঙৰি ঘৰ, বৰঘৰ, চ'ৰাঘৰ, মঠ-মন্দিৰ প্ৰভৃতি নিৰ্মাণৰ আৰু সিবোৰ নিৰ্মাণত হোৱা খৰচ পাতিৰ বিৱৰণ।

এনেদৰে আহোম ৰজাসকলৰ ৰাজত্বকালত ৰচিত বিভিন্ন শ্ৰেণীৰ-বুৰঞ্জী সাহিত্যই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। তদুপৰি, ৰজাসকলে যে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল, সেই কথাও ইয়াৰ পৰা অনুভৱ কৰিব পাৰি।


✓ বুৰঞ্জীৰ সাধাৰণ বৈশিষ্ট্য

বুৰঞ্জী প্রণয়ন কার্যক আহোমসকলে এক পবিত্র কার্য হিচাপে গণ্য কৰিছিল। বুৰঞ্জীত বর্ণিত সকলোবোৰ ঘটনা, উপঘটনাই হ'ব লাগিব বিশুদ্ধ, তথ্য নিৰ্ভৰ আৰু বাস্তৱতাৰ ওপৰত প্ৰপ্রতিষ্ঠিত। সেই কাৰণে ৰাজকীয় মর্যাদা সম্পন্ন উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰাই বুৰঞ্জী লিখোৱা হৈছিল। সাধাৰণতে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্র গোহাঁই- এই তিনিজনা বিষয়াৰ ভিতৰত যিজনাক ৰাজমন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছিল, তেওঁৱেই বুৰঞ্জী লিখোৱাৰ সম্পূৰ্ণ দায়িত্ব গ্রহণ কৰিবলগীয়া হৈছিল। ৰাজমন্ত্ৰীৰ অনুমোদন নোপোৱালৈকে কোনো বুৰঞ্জী প্ৰচাৰিত হ'ব নোৱাৰিছিল।

ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত হোৱাৰ উপৰিও ব্যক্তিগত উদ্যোগতো বুৰঞ্জী ৰচিত হৈছিল। এনেদৰে ৰচিত হোৱা বুৰঞ্জীত মূল ঘটনা অবিকৃত ভাবে ৰাখি প্ৰাসংগিক কথাৰ বঢ়া-টুটা কৰা হৈছিল। সেয়ে, ব‍্যক্তিগত উদ্যোগত ৰচিত বুৰঞ্জীহে অধিক নিৰ্ভৰ যোগ্য বুলি বিবেচনা কৰা হৈছিল। ভাৰতীয় হিন্দুসকলে বেদাদি ধর্মগ্রন্থসমূহক যি পবিত্র দৃষ্টিৰে চাইছিল, যেনে পবিত্রভাবে সংৰক্ষণ কৰিছিল, আহোম সকলেও ঠিক তেনেদৰে বুৰঞ্জীসমূহলৈ চাইছিল আৰু সংৰক্ষণ কৰিছিল। বুৰঞ্জীব প্রতি আস্থাহীনলোক অথবা কোনো শত্রু ভাবাপন্ন ব্যক্তিক বুৰঞ্জী দেখুওৱাবলৈ নিষেধ আৰোপ কৰা হৈছিল। "আক বিশ্বাস ৰাখিব। যদি অবৈৰ মিত্র হয়, বিশ্বাস বক্ষক হয়, তাক দেখাব। ৰাজাৰ ৰহস্য, পণ্ডিতৰ বাধা, মান্য পৰিহাস্য সম হয়। আক জানি হঠাতে নেদিব, নেদেখাব।”

উল্লেখনীয় কথা এই যে, বুৰঞ্জী সাহিত্য ৰচনা কৰিবলৈ লোৱাৰ পূর্বে অসমীয়া সাহিত্য প্রধানকৈ আছিল ধৰ্মমূলক আৰু তাৰ বিষয়বস্তু আৰু প্রকাশ বীতি আছিল অলৌকিকতাৰে আচ্ছন্ন। তাৰ বিপৰীতে বুৰঞ্জীসমূহ ৰচিত হ'বলৈ ধৰে সমাজ আৰু মানুহৰ জীয়া ঘটনাৰ আধাৰত। বুৰঞ্জীৰচক সকলে ব্যক্তিগত আবেগ-অভিৰুচি পৰিহাৰ কৰি সম্পূৰ্ণ নিৰপেক্ষ দৃষ্টিৰে বাস্তৱৰ সকলো ঘটনা মুকলিভাবে ইয়াত বৰ্ণনা কৰি গৈছে। এনেদবে বর্ণনা কৰোতে ঐতিহাসিক সত্যতাৰ প্রতি বিশেষ দৃষ্টি ৰখাটো বুৰঞ্জীৰচকসকলৰ মন কৰিবলগীয়া বৈশিষ্ট্য। ঠাই বিশেষে দুই এটা কাল্পনিক আখ্যান বুৰঞ্জীত সন্নিবিষ্ট কৰিলেও, সিবোৰে ঐতিহাসিক সত্যক বিকৃত নকৰি তাক ৰসোত্তীর্ণ হোৱাতহে সহায়তা কৰিছে। এই প্রসংগত ড° সূর্য কুমাৰ ভূঞাই দিয়া এটি মন্তরা উল্লেখযোগ্যঃ "বুৰঞ্জীৰ কথাখিনি শুকান হাড়-ছাল নহয়, তাত ভাবৰ সমাবেশ আৰু আবেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূর্ব ত্রিবেণী সংগম বৃটিছৰ পূর্ব যুগৰ কোনো ভাৰতীয় প্রাদেশিক সাহিত্যত দেখিবলৈ পোৱা নাযায় বুলি ক'লেও অত্যুক্তি কৰা নহয়।"

বুৰঞ্জীৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বৰ্ণনাৰ পুংখানুপুংখতা। ঘটনাবিশেষৰ বৰ্ণনাত দণ্ড, পললৈকে উল্লেখ থকা কথাটো এই প্রসংগত উল্লেখযোগ্য? যথাঃ "পাচে ১৫৮৩ শক চৈত্ৰৰ ৯ দিন আছোতে মঙ্গলবাৰে এপৰ বেলি হলত, ৰাজাদেৱে নামৰূপলৈ যাওতে দলগুৰিৰ আলিত ডুমুনী পাহাৰীয়ে বোলে, "স্বর্গদের, তুমি ৰঙ্গ আনন্দকহে মন দিলা।"......"পাচে কলীয়াবৰত সকলো যুক্তি হৈ ১৬০৩ শকৰ শাওণৰ ২০ দিন যাঞোতে বৃহস্পতিবাৰে আঠাৰে দণ্ড বেলি হলত শ্রী শ্রীগদাধৰ সিংহ মহাৰাজক কলীয়াবৰত ৰাজা পাতিলে।" অকল সময়ৰ বৰ্ণনাতে নহয়, বয়-বস্তু আচ-বাব, জীৱ-জন্তু আদিৰ ক্ষেত্ৰতো ইয়াত সঠিক হিচাপে দাঙি ধৰাৰ প্ৰয়াস দেখা যায়। যেনে, "এই যুদ্ধত আমাৰ মানুহে বঙ্গালৰ বস্তু পালে, পিতলীয়া হিলৈ ২, বৰহিলৈ ৮, হাত নাল ২৭, সৰুহিলৈ ২৩, সোণৰ মলমা কৰা মুঠিয়েৰে তৰোৱাল ৭, ঘোঁৰা ৬০, মহ ২০, বলধী ৪০, লোহোৰা, দবা আনো বস্তু বিস্তৰ পালে।""

বুৰঞ্জীত যে অকল ৰজা আৰু ৰাজবিষয়াসকলৰেই কাৰ্যাৱলী বর্ণিত হৈছে, তেনে নহয়; দেশৰ সামাজিক, ধর্মীয়, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰো আভাস ইয়াৰ যোগেদি দাঙি ধৰা হৈছে। এনেবোৰ কাৰণতে আহোমসকলে বুৰঞ্জীৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ড° লীলা গগৈয়ে তেখেতৰ 'অসমীয়া বুৰঞ্জী সাহিত্য' গ্রন্থত লিখিছে, "বুৰঞ্জী একালত শিক্ষাৰ মাধ্যম তথা পাঠ্য পুথি আছিল। বুৰঞ্জী পঢ়ি, পণ্ডিতে অর্থ বুজাই অতীতৰ শিক্ষা, অভিজ্ঞতা আৰু আদর্শলৈ আঙুলিয়াই ভবিষ্যতৰ ইংগিত দিয়ে। এনে কৰোতে, ৰজাঘৰীয়া বুৰঞ্জীৰ নীৰস তথ্য- বহুল ভাগটো বাদ দি শ্ৰোতাৰ আকৰ্ষণৰ অৰ্থে ৰসাল কৈ লিখা হৈছিল।"

বুৰঞ্জীৰ গদ্য সহজ-সৰল যদিও গাম্ভীর্যপূর্ণও। তৎকালীন সমাজৰ কথিত ৰূপৰ লগতে ৰজাঘৰীয়াৰ গাম্ভাৰ্যপূৰ্ণ কথকতাও বুৰঞ্জীৰ গদ্যত পোৱা যায়৷ উদাহৰণ- পাচে বুঢ়াগোহাঁয়ে বোলে বিদ্যানিবাস, ৰাণীৰ ৰূপত সোধ, সি যেখন আহে স্বৰ্গমহাৰাজাৰ বান্দী-বেটা, থাল-পৰ্ব্বতৰ সকলো কুশল, ই আহিবৰ বাবে কতদিন হ'ল, পথত আহোঁতে বা ভয়-সংশয় কি পালে? 

উল্লিখিত বৈশিষ্ট্য সমূহৰ উপৰিও বুৰঞ্জীৰ ভাষাৰ কেতবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু বাক্যগত বৈশিষ্ট্য দেখা যায়। তলত চমুকৈ ইয়াৰ আভাস দিয়া হ'ল-

এনেবোৰ কথাৰ পৰাই বুজিব পাৰি যে, আহোমসকলৰ ওপৰত বুৰঞ্জী সাহিত্যৰ প্রভাব আছিল অপৰিসীম। অসমীয়া জাতীয় জীৱনক মহত্ত্ব দান কৰি তাক জাকতজিলিকা কৰি ৰখাৰ ক্ষেত্ৰতো বুৰঞ্জী সাহিত্যৰ বৰঙণি লেখত ল'বলগীয়া।


✓ বুৰঞ্জী সাহিত্যৰ গদ্যৰীতি

বুৰঞ্জীৰ গদ্য, প্রাচীন অসমীয়া গদ্য সাহিত্যৰ এক অভিনৱ আৰু আপুৰুগীয়া সম্পদ। কথিত ভাষাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হেতুকে বুৰঞ্জীৰ গদ্যই ভট্টদেৱৰ কথা-গীতা আৰু কথা-ভাগৱতৰ গদ্যত কৈ সুকীয়া ৰূপ লাভ কৰিছে। ই বাস্তৱ ধর্মী, সৰল আৰু পোনপটীয়া। ভট্টদেৱৰ গদ্যৰ দৰে ইয়াত কৃত্রিমতাৰ কোনো ছাপ পৰা নাই। ঐহিক জীৱনৰ ঘটনাৱলী ৰূপায়িত কৰিবলৈ যাওঁতে বুৰঞ্জীলেখক সকলে ভাষাৰো ব্যৱহাৰিক ৰূপটোকেই গ্রহণ কৰিছে।

চুটি চুটি বাক্যৰ সহায়ত পোনপটীয়াভাবে বিষয়বস্তু উপস্থাপন কৰাটো বুৰঞ্জীৰ গদ্য ৰীতিৰ বৈশিষ্ট্য। অৱশ্যে এটা কথা ঠিক যে, সকলো বুৰঞ্জীৰে গদ্যৰীতি সমপৰ্যায়ৰ নহয়। বুৰঞ্জীসমূহ ৰচিত হৈছিল সুদীর্ঘ চাৰিশ বছৰৰ ভিতৰত। তদুপৰি ৰজাঘৰীয়া পৃষ্ঠাপোষকতাতে ই ৰচিত হোৱা নাছিল- ৰজাঘৰৰ বাহিৰৰ নানা ঠাইত ব্যক্তিগত উদ্যোগতো ই ৰচিত হৈছিল। আন এটা কথা এই যে, "সকলো বুৰঞ্জীৰে, বিষয় বস্তুও সমস্তৰৰ নাছিল। অ্যাহোম ৰাজশাসনক কেন্দ্ৰ কৰি ৰচিত বুৰঞ্জীত্ব বজা ঘৰত সংঘটিত বিবিধ ঘটনা সন্নিবিষ্ট হৈছিল। আনহাতে দাঁতিকাষৰীয়া তথা অন্যান্য ৰাজ্যৰ বিষয়ে ৰচনা কৰা বুৰঞ্জীত সংশ্লিষ্ট ৰাজ্যৰ ৰাজনৈতিক কার্যাবলীৰ লগতে অর্থনৈতিক, সামাজিক, সাংস্কৃতিক প্রভৃতি নানান দিশৰ কথা বিধৃত হৈছিল। সেয়ে, বুৰঞ্জীৰ গদ্য- বীতিত বৈচিত্ৰাৰ সমাবেশ ঘটিছে।" ড' মহেশ্বৰ নেওগৰ ভাষাত, "অনেক ঠাইত লেখকৰ হাতত পৰা উপাদানে সেই শৈলীক প্রভাবান্বিত কৰিছে। পুৰণি অসম বুৰঞ্জী বা তুংখুঙীয়া বুৰঞ্জীত আহোম ৰাজধানীৰ সম্ভ্রান্ত অসমীয়া কথিত ভাষাৰ নিদর্শন পোৱা যায়। আনফালে পাদশ্যাহ বুৰঞ্জীত বৈদেশিক পৰিক্ৰমাৰ বিষয়ৰ প্ৰভাৱ পৰাত আৰবী-পাচী আধাৰৰ শব্দ-যোজনাই ভাষাশৈলীক ভিন্ন এটি রূপলৈ টানি লৈ গৈছে।" সহজ, দ্ব্যর্থকতাবিহীন শব্দ প্রয়োগেৰে বুৰঞ্জীৰ গদ্যক কেনেদৰে সহজবোধ্য কৰি তোলা হৈছে, তাৰ উদাহৰণঃ "পাচে আমাৰ লোকে চুটিয়া বাজাক খেদি ধৰিলেগৈ। চুটিয়া ৰাজা আমাৰ লোকক খেদি যাবৰ দেখি জাংমুংখেনলৈ কাঁৰ মাৰি পঠালে। পাচে জাংমুংখেনে চুটিয়া বজাক যাঠীয়েৰে খুচি মাৰিলে। শ'টো জুৰিলৈ বগৰাই পেলালে।.... আৰু আমাৰ লোকে পৰ্ব্বত উঠি বিচাৰ কৰি তাৰ ল'ৰা তিৰোতা সকলোকে পাই ধৰি আনিলে।"

ঘৰুৱা ভাষাত ৰচিত হ'লেও বুৰঞ্জীৰ ঠায়ে ঠায়ে সংস্কৃতীয়া শব্দাবলী আৰু প্রকাশ ৰীতিৰো প্রয়োগ ঘটিছে। ইয়াৰ পৰা বুৰঞ্জীলেখকৰ বিষয়বস্তু উপযোগী ভাষা প্ৰয়োগৰ নিপুণতাৰ পৰিচয় পোৱা যায়। যথাঃ "বৰফুকনে বোলে, পণ্ডিতৰাই আমাৰ প্রীতি সহিত আলিয়াৰখা নবাবেৰে যে নিৱন্ধ গোট চলি আছিল, সি অদ্যাবধি ভাসিয়া বহিয়াছে। এখনো যদি ৰাজা ৰামসিংহে সেমত প্রীত্যনুবন্ধন কৰিতে চাহে যাবৎ কাল পৰ্য্যন্ত যেমত ৰহে তেমন কৰিব।"

বুৰঞ্জীত সন্নিবিষ্ট চিঠি পত্রাদিৰ ভাষাও সংস্কৃতগন্ধী। যেনে, "শ্রীযুত নবাব আহলায়াৰ খাঁ শুভাশয়েয়। সহ্লাদ পূর্ব্বক লেখনং উভয়তঃ প্রয়োজনঞ্চ আগে এথা কুশল সতত চাহি বিশেষ লিখন।"

বুৰঞ্জীৰ কোনো কোনো খণ্ড কথোপকথনমূলক। ইয়েই বুৰঞ্জীৰ গদ্যক নাটকীয় গুণবিশষ্ট কৰি তুলিছে। যেনে, "মোৰ পোক ভাটীৰাজ্যলৈ কেলৈ দিম? নিদিও। কোচতে যে ৰণ হাৰিলি ৰজানো কি? ডা-ডাঙৰীয়ানো কি?" গিৰিয়েকক বোলে, "তুমিনো কিহৰ বৰ গোহাঁই? ভাল, তহঁতে যে বণত হাৰিলি, মই যুদ্ধ কৰি চাওঁ। ......পাচে বৰগোহাঁয়ে ৰজাদেৱত ক'লে- "ৰাজ্যৰ নিমিত্তে মোৰ পোক দিলোঁ য'ক।" পুনৰ গাভৰুৱে বোলে, - "মোৰ ল'ৰাক কোনে দিব পাৰে? দিখৌ নৈক ওভোতাই বোৱাব পাৰিলেহে মোৰ ল'ৰাক দিব পাৰে।" পাচে বজাদেবে খং কৰি বুলিলে, - "বৰগোহাঁইৰ পুতেক যাব নালাগে। মোৰ ভাই চুগাম কোঁৱৰ য'ক।" এনেধৰণৰ কথোপকথনৰ প্ৰয়োগৰ বাবে বুৰঞ্জীৰ গদ্য নাটকীয় গুণ বিশিষ্ট হৈছে।

পাচে, বোলে, পূর্ব্বে আদিৰে বুৰঞ্জীৰ বাক্যসমূহ সাধাৰণতে আৰম্ভ হোৱা দেখা যায়। পিচে একেটা শব্দেৰে বাক্য আৰম্ভ কৰাত, ঠাই বিশেষে স্বৰৰ সমৰূপতা বাজি উঠিলেও, সি শ্রুতিমধুৰতা বিনষ্ট নকৰাকৈয়ো থকা নাই। যেনে, "পাচে এবছৰ হ'বলৈ তিনিদিন আছে। পাচে বৌমৰিয়া গণক ভাণ্ডাৰী বৰুৱাৰ ঘৰলৈ ৰাতি বৰুৱা বিশ্বাসে গৈ সুধিলে।.... পাচে বৎসৰ পুৰি হলত বৰুৱাক আনি পূর্ব্ববতে বৰুৱা পতি সকলকে উলিয়াই দি বোলে, "জেঠেৰী, তোৰ মৰিব লগা হৈছিল।" অৱশ্যে আন ঠাইত সমশব্দৰ পৰিৱৰ্ত্তে ই, ইও, এখেলৈ, এখেৰ, আখেক, সিবোৰ, তোমৰা, তৈৰ, আদি নানান সর্বনাম ব্যৱহাৰ কৰা হৈছে।

অসমাপিকা ক্ৰিয়াৰ প্ৰচুৰ ব্যৱহাৰ বুৰঞ্জীৰ গদ্যৰীতিৰ এটি মনকৰিবলগীয়া বৈশিষ্ট্য। ইয়াৰ ফলত বুৰঞ্জীৰ গদ্যই মাধুর্য লাভ কৰিছে। যেনে, "পাছে বঙালে হিলৈ-কাঢ় মাৰি, ঘোঁৰা মেলি, কোঠত দুই চাৰি মানুহক চোৰাং কৰি ঘালি যাবৰ দেখি চুকুনফা তিপাম ৰজা কোঠৰপৰা ওলাই পানী পাৰ হৈ খেদি গৈ কচোৱাত যুদ্ধ ধৰিলেগৈ।" একাধিক দীঘল বাক্যেৰে কোনো এটা ভাব প্রকাশ কৰাৰ পিচত চুটি বাক্যেৰে তাৰ সামৰণি মৰাটো বুৰঞ্জীৰ গদ্যৰ আন এটি বৈশিষ্ট্য। তদুপৰি একেটা কৰ্ত্তাৰ লগত একাধিক ক্ৰিয়াৰ বাক্য গঠন কৰা ৰীতি বুৰঞ্জীৰ গদ্যৰ অন্যতম উল্লেখনীয় দিশ। যেনে, "ফাগুণৰ দিনত ৰজাদেৱো নগৰলৈ আহিল। বৈহাগৰ দিনত চৰাইদেউ কৰিলেগৈ। জেঠৰ দিনত গড়গাঁৱত চৰাইদেউ পুজিলে।"

শ্রুতিমধুৰতা বঢ়াবলৈ অসমাপিকা ক্রিয়াৰে বাক্য শেষ কৰা কৌশলো বুৰঞ্জীৰ ৰচনাৰীতিত লক্ষ্য কৰা যায়। যেনে, "নৰা ৰজা সেই কুঁৱৰীৰ হাতত চুৰি দিলে, আমাৰ ৰজাক মাৰিবলৈ।'

বুৰঞ্জীৰ গদ্য ৰীতিক প্রাঞ্জল আৰু সৰস কৰিবৰ বাবে তাত উপমা, উপকথা, সাদৃশ্য আদি নান্দনিক সমলৰ ব্যৱহাৰ কৰা হৈছে। কোৱা নিষ্প্রয়োজন যে, এনেবোৰ সমলৰ সংযোগৰ বাবেই বুৰঞ্জীৰ গদ্য সাহিত্যিক গুণেৰে সমৃদ্ধ হৈছে। স্বৰ্গদেউ বুজাবলৈ চন্দ্রবিন্দুৰ ব্যৱহাৰ-বীতি বুৰঞ্জীৰ ৰচনাৰ এটি লেখত ল'বলগীয়া বিশেষত্ব। ই সংক্ষিপ্ততাৰ নিদর্শন।

বুৰঞ্জীৰ ভাষাৰ শব্দ আৰু ধাতুৰূপবোৰ আধুনিক অসমীয়াৰ লগত মিলিলেও কোনো কোনো ক্ষেত্ৰত বুৰঞ্জীত আধুনিক অসমীয়াত অপ্রচলিত ৰূপৰো প্রয়োগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে পঞ্চমী বিভক্তিৰ চিনৰূপে ব্যবহহৃত 'হস্তে' লৈ আঙুলিয়াব পাৰি। 'পৰা' পৰসৰ্গ বুৰঞ্জীত 'পিছত অর্থত ব্যৱহৃত হৈছে। "আছ" আৰু যা (জা) ধাতু বুৰঞ্জীত অকলে ব্যবহৃত হৈছে। যেনে আছোতে। 'নাপা', 'গেচিল' আদি ক্রিয়াপদৰ সংক্ষিপ্ত ৰূপবোৰ কথ্য ভাষাৰ আদৰ্শত প্রয়োগ কৰা হৈছে। বহুবচনাত্মক প্রত্যয় হিচাপে 'গণ' আৰু 'বোৰ' বুৰঞ্জীত সণ্টালনি ভাবে ব্যবহৃত হৈছে। 'নেকি', 'নিকি' আদি প্রশ্নবোধক ৰূপৰ প্ৰয়োগ বুৰঞ্জীত দেখা যায়। বুৰঞ্জীত ব্যৱহৃত 'খেদ-কোৰ', 'ডোল-ডাকুৰ', 'হাট-বাট', 'সত-সপত', 'খেলন-ভুলন', 'কব- কাটল', 'চাউল-কানি', 'জেঙ্গা-জঞ্জাল', 'বটা-প্রসাদ' আদি যুৰীয়া শব্দই তদানীন্তন কথ্য ভাষাৰ নমুনা দাঙি ধৰে।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে, লেখকসকলে সততে বুৰঞ্জীৰ গদ্যৰীতিত এটি সমতা ৰক্ষা কৰিবলৈ যত্নবান হৈছিল। তদুপৰি লেখকসকলে জনসাধাৰণৰ গ্ৰহণ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি বুৰঞ্জীৰ গদ্য-ৰীতি গঢ়ি তুলিবৰ বাবেও চেষ্টাৰ ত্রুটি কৰা নাছিল। ড° হৰিনাথ শৰ্মাদলৈয়ে লিখিছে, "এইবিধ গদ্যৰ ভাষা আৰু প্রকাশ ৰীতি জনসাধাৰণৰ জীৱন যাত্ৰাৰ লগত খাপ খোৱা।.... শেষতম বুৰঞ্জীৰ ভাষা আৰু গদ্যৰীতিক প্রথম আধুনিক গদ্যৰ অব্যৱহিত পূৰ্বৰূপ বুলি ধৰি ল'বও পৰা যায়।"


ধ্বনিগত বৈশিষ্ট্যসমূহ:
আহোমসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যিমানবোৰ অৱদান আগবঢ়াইছে তাৰ ভিতৰত সৰ্বশ্রেষ্ঠ দান হ'ল বুৰঞ্জীসমূহ। এই বুৰঞ্জীসমূহৰ ভাষাৰ আলোচনাত ধ্বনি, ৰূপ, শব্দ, বাক্য আদিৰ আলোচনা অপৰিহাৰ্য। বুৰঞ্জীত পৰিলক্ষিত হোৱা ধ্বনিগত বৈশিষ্ট্যসমূহ হ'ল-

বুৰঞ্জীসমূহত স্বৰধ্বনিৰ বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে কোনো কোনো ক্ষেত্রত ধ্বনি প্রয়োগত পৰিৱৰ্তন হৈছে যদিও মান্য ভাষাৰ প্ৰায় সকলোবিলাক স্বৰ বুৰঞ্জীৰ গদ্যত ৰক্ষিত হৈছে। অৱশ্যে কেতিয়াবা দীর্ঘ স্বৰৰ ঠাইত হস্ব, হস্ব স্বৰৰ ঠাইত দীর্ঘ, দুটা 'আ' ধ্বনিৰ অৱস্থিতি দেখা যায়। উদাহৰণ-
ঈ> ই : হাতী > হাতী
এ > ই : এন্দুৰ > ইন্দুৰ
অ > আ : দয়া > দায়া, ৰজা> ৰাজা
ই > ঈ : হাবি > হাবি, ষাঠি > ষাঠী

বুৰঞ্জীৰ ভাষাত স্বৰধ্বনিৰ দৰে ব্যঞ্জন ধ্বনিৰ বৈশিষ্ট্যও লেখত ল'বগীয়া। বুঞ্জীৰ ভাষা সহজ-সৰল আৰু পোনপটীয়া হোৱাৰ বাবে খেনো ঠাইত স্বধ্বনিৰ দৰে ব্যঞ্জন ধ্বনিৰো পৰিৱৰ্তন হৈছে। ধ্বনিৰ ক্ষেত্ৰত বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে উল্লেখ কৰে- 'প্রকাশিত পুৰণি বুৰঞ্জীত সকলো প্ৰকাৰৰ বিৰাম চিহ্ন ব্যৱহাৰ কৰা হৈছে। এই চিনসমূহ পুথিত পূৰ্বৰে পৰা আছিল নে সম্পাদকে পিছত সংযোগ কৰি দিছে তাৰ কোনো উল্লেখ নাই। পুথিৰ আখৰ জোঁটনিত সম্পাদকৰ হাত নেলাগিলেও ছপাখানাৰ ভূতে নিশ্চয়. দৌৰাত্ম্য কৰিছে বুলি অনুমান হয়। আখৰ জোঁটনিত শিখিলতা আছে। ন, ণ, ঘ, স, জ, ঝ, য, ধ, ত, ট, ড, ছ, উ, ঊ, ই, ঈ আদি অনিয়মিতভাবে প্রয়োগ গৈছে। গতিকে একেটা একেটা বিভিন্ন ঠাইত ভিন্নভাবে লিখা হৈছে।, ৰণ, বন; সোণ, সোন; কন্যা, কণ্যা; শইকীয়া, সইকীয়া; পাসা, পাশা; জুদ্ধ, যুদ্ধ; জাবৰ, যাবৰ; জি, ঝি; ধেকেৰি, ঢেকেৰি; পাছে, পাচে; আহিছে, আহিচে; মুৰ, মূৰ; প্রিতি, প্রীতি; সি, সী;  ইয়াৰ বাহিৰেও ৰি আৰু ঋ-ৰ সালসলনি পৰিলক্ষিত হয়। যথা- পৃতি, প্রিতি, ৰাত্ৰি, ৰাতৃ।

বুৰঞ্জীসমূহত সংযুক্ত ব্যঞ্জন ধ্বনি একক ৰূপত দেখা যায় যদিও কেতিয়াবা কেতিয়াবা মধ্যবর্তী ব্যঞ্জন ধ্বনি লোপ হোৱাও পৰিলক্ষিত হয়। উদাহৰণ
নিশ্চয় > নিছয়, খন্দাই > খনাই
মাজনিশা > মা-নিশা

বুৰঞ্জী গদ্যত 'ং'ৰ ব্যৱহাৰ পোৱা যায় যদিও কেতিয়াবা 'ং'ৰ সলনি 'ঙ্গ'ৰ ব্যৱহাৰ হয়। অৱশ্যে 'ং'ৰ ব্যৱহাৰেই অধিক। যেনে -
চাংমাই > চাঙ্গমাই

'ং' ৰ উদাহৰণ - মাইহাং, চফলং, হেংদাং, বংস আদি। বুৰঞ্জী পুথিবোৰত সততে 'য়' আৰু 'র' শ্রুতি ধ্বনিকেইটা 'ও', 'ঞ' হিচাপে প্রয়োগ হোৱা দেখা যায়। উদাহৰণ-
  

ইয়াৰ উপৰিও বুৰঞ্জী পুথিবোত অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনি আৰু মহাপ্রাণ ধ্বনিৰ ঠাইত অল্পপ্রাণ ধ্বনিৰ প্ৰয়োগ হোৱা দেখা যায়। যেনে-
খ > ক খিনি > ... যত আগৰ কিনি আছিলোঁ।

আকৌ ঘোষ ধ্বনিৰ ঠাইত অঘোষ আৰু অঘোষ ধ্বনিৰ ঠাইত ঘোষ ধ্বনিৰ ব্যৱহাৰো বুৰঞ্জী পুথিত পৰিলক্ষিত হয় এনেদৰে-
  

আনকি অপনিহিতিৰ প্ৰয়োগ, স্বৰভক্তিৰ জৰিয়তে ধ্বনি পৰিৱৰ্তন, অনুনাসিকতা বুজাবলৈ 'ঞ' ধ্বনিৰ প্ৰয়োগৰ বৈশিষ্ট্যও বুৰঞ্জীৰ গদ্যত দেখা যায়। মুঠৰ ওপৰত বুৰঞ্জীসমূহৰ ধ্বনিতাত্বিক দিশ বিশ্লেষণ কৰিলে প্রত্যেকখন বুৰঞ্জীৰেই সুকীয়া সুকীয়া বৈশিষ্ট্যই বিশ্লেষকৰ সন্মুখত ধৰা দিয়ে।

ৰূপতাত্ত্বিক বৈশিষ্ট্য: 
ধ্বনিতত্ত্বৰ দৰে বুৰঞ্জীৰ ৰূপতাত্ত্বিক দিশটোওবৈশিষ্ট্যপূর্ণ। ভাষাৰ ৰূপতাত্ত্বিক আলোচনাত বিশেষ্য, বিশেষণ, সর্বনাম, ক্রিয়া, প্রত্যয়, বচন, লিংগৰ বিশেষত্বসমূহ পৰিলক্ষিত হয়। এনে বিশেষত্বই বুৰঞ্জীৰ গদ্যক আধুনিক অসমীয়া ভাষাৰ ওচৰ চপাই আনিছে। তলত বুৰঞ্জীৰ গদ্যৰ ৰূপতাত্ত্বিক দিশসমূহ আলোচনা কৰা হ'ল-
অসমীয়া সাহিত্যৰ বুৰঞ্জীত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা বুৰঞ্জী সাহিত্যসমূহত বিশেষ্যপদৰ বহুল প্রয়োগ দেখিবলৈ পোৱা যায়। বিশেষ্য পদে মানুহ, বস্তু, জাতি, ব্যৱসায়, জী-জন্তুৰ নাম আদি বুজায়। তলত বুৰঞ্জীত ব্যৱহৃত বিশেষ্যপদৰ উল্লেখ কৰা হ'ল -

সাধাৰণে দেখা যায় যে বুৰঞ্জী সাহিত্যত আধুনিক অসমীয়া ভাষাত ব্যৱহাৰ নোহোৱা কিছুমান বিশেষণৰ প্ৰয়োগ আছে। অৱশ্যে আধুনিক অসমীয়া ভাষাত ব্যৱহৃত বিশেষণৰ সংখ্যাও অধিক। যেনে
  

সৰ্বনামৰ ব্যৱহাৰৰ ক্ষেত্ৰত বুৰঞ্জীসমূহত সাধাৰণতে তিনিটা ৰূপ দেখা যায়। পুৰণি অসমীয়া, কামৰূপী আৰু আধুনিক অসমীয়া। বুৰঞ্জীত ব্যৱহৃত কেইটমামান সৰ্বনামৰ উদাহৰণ তলত উল্লেখ কৰা হ'ল
মঞিহে ৰাজা হ'ব পাঞি
তোৰ সপ্তম পুৰুষ
ফুকন, তই দুৱাৰৰ ঘৰ
আমি বৰঢাক কাটিব নোৱাৰিলো৷

অব্যয়ৰ ব্যৱহাৰো বুৰঞ্জী পুথিসমূহত দেখা যায়। অৱশ্যে আমি আধুনিক অসমীয়া ভাষাত ব্যৱহাৰ কৰা অব্যয়বোৰকে বুৰঞ্জীকাৰসকলে প্রয়োগ কৰা দেখা পাওঁ। যেনে-
যদি বাজিল, চাৰিকড়া কড়িকো দিয়ে, চৰুকো নিয়ে। সেই যদি হাতত নাবাজে নিয়ে নেকি?
আকৌ যে জীক পলুৱাই নিবলৈ ...।
   

বুৰঞ্জী পুথিৰ ভাষাৰ লিংগ সাধন প্রক্রিয়া আধুনিক অসমীয়া ভাষাৰ সৈতে সাদৃশ্য থকা দেখা যায়। আনকি বচনৰ ক্ষেত্ৰতো আধুনিক অসমীয়াৰ দৰে প্ৰায় একেই।

বুৰঞ্জীৰ গদ্যত বচনৰ ক্ষেত্ৰত একবচন বহুবচন দুয়োটাই পোৱা যায় যদিও মধ্যযুগৰ বুৰঞ্জীসমূহত বিশেষ্য শব্দৰ পাছত নিদিষ্টতাবাচক প্রত্যয় যোগ কৰি একবচনৰ ৰূপ সাধন কৰা দেখা যায়। এনে দৃষ্টান্ত-চলা = আচলাভাৰ =  দুভাৰটা  =  পাঁচোটাজনা = সৰুজনা


✓ ত্ৰিপুৰা বুৰঞ্জীৰ পৃষ্ঠভূমি

মধ্যযুগ (১২২৮-১৮২৬)ৰ সময়ছোৱাত ৰজা-মহাৰজাই দেশ শাসন কৰিবৰ সময়ত ৰাজ-পৃষ্ঠপোষকতাৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰত চিঠি-পত্ৰৰ ব্যাপক বিনিময় কৰা হৈছিল৷ এজন ৰজাই আন ৰজালৈ পত্ৰ প্ৰেৰণ কৰা, যুদ্ধ বিগ্ৰহৰ খা-খবৰ আদান-প্ৰদান কৰা, সন্ধি, চুক্তি বা তেনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যোগাযোগ আদিৰ বাবে চিঠি-পত্ৰ আছিল সেই সময়ৰ প্ৰধান মাধ্যম৷ আধুনিক সময়ৰ ডাক সেৱাৰ দৰে ৰাজতন্ত্ৰৰ সময়ছোৱাত কটকীসকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি-পত্ৰ কঢ়িয়াই নি নিজৰ দায়িত্ব পালন কৰিছিল৷ চিঠি-পত্ৰ আদান প্ৰদানৰ বাবে সেই সময়ত ‘কটকী’, ‘দূত’ আদি পদবীৰ সৃষ্টি হৈছিল৷ আহোম যুগত ৰজাৰ চিঠি লিখি দিয়াৰ বাবে ‘কাকতি’, ‘মজিন্দাৰ বৰুৱা’ নামেৰে পদবীৰ সৃষ্টি হৈছিল৷ ত্ৰিপুৰা বুৰঞ্জীখনত এইধৰণৰ চিঠি-পত্ৰই সংৰহ সংখ্যক ঠাই আগুৰি আছে৷

১২২৮ চনত আহোমসকলে অসমত আহি থিতাপ লোৱাৰ পৰা প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল৷ উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ আহোমসকলেই অসমত বুৰঞ্জী লিখাৰ প্ৰথাটোৰ আৰম্ভ কৰে৷ প্ৰায় ত্ৰয়োদশ শতিকামানৰ পৰা আহোম বুৰঞ্জী আৰু সমসাময়িক অন্যান্য বুৰঞ্জীসমূহৰ কিছু সংখ্যক বুৰঞ্জীত ৰজা-মহাৰজা, ডা-ডাঙৰীয়াসকলে লিখা চিঠি-পত্ৰ আদি সংৰক্ষিত হৈছে৷ চিঠি-পত্ৰই একাংশ বুৰঞ্জী গ্ৰন্থৰ মুখ্য বিশেষত্ব হৈ পৰাৰ বাবে সেইসমূহ বুৰঞ্জীক ‘কটকী বুৰঞ্জী’ নামেৰেও নামকৰণ কৰা হৈছিল৷ বুৰঞ্জীত উল্লেখ থকাৰ উপৰি সেই আহোম ৰাজত্বৰ সময়ছোৱাৰ আন বহুবোৰ চিঠি প্ৰত্নতত্ত্ববিদসকলে উদ্ধাৰ কৰিছে৷ বুৰঞ্জীৰ পুনঃঅধ্যয়ন (re-study of History) তথা সাহিত্যৰ দৃষ্টিভঙ্গীৰে এই চিঠি-পত্ৰসমূহৰ পৰ্যালোচনা কৰাৰ পূৰ্ণ অৱকাশ আছে৷ ৰজা-মহাৰজাসকলে লিখা চিঠি-পত্ৰৰ মাজত সেই সময়ছোৱাৰ গদ্য শৈলী, ভাষা-শৈলী, সমকালীন সমাজ-সাহিত্য-সংস্কৃতি, ৰাজনৈতিক, কূটনৈতিক দিশ, ভৌগোলিক অৱস্থিতি, প্ৰাকৃতিক সা-সম্পদ, জাতি-জনগোষ্ঠীভেদে থকা সাদৃশ্য-পাৰ্থক্য, ৰাজ্য শাসনৰ বিভিন্ন ৰীতি-নীতিসমূহ সংৰক্ষিত হৈ আছে৷

আহোম ৰাজত্বৰ সময়ত আদান-প্ৰদান হোৱা চিঠি-পত্ৰৰ মাজত সেই সময়ৰ ভাষাটোৰ ভাষাতাত্ত্বিক দিশবোৰ সংৰক্ষিত হৈ আছে৷ এই সময়ৰ বুৰঞ্জীৰ ভাষাই সমসাময়িক কথ্য ভাষাক প্ৰতিনিধিত্ব কৰিছে৷ সেইদৰে এই চিঠি-পত্ৰৰ ভাষাবোৰ সাহিত্যিক গুণসম্পন্ন৷ বাক্যৰীতিৰ সৰলতা বৃদ্ধিৰ বাবে এই চিঠি পত্ৰবোৰত বুৰঞ্জীৰ দৰেই অলংকাৰ, উপকথা, দৃষ্টান্ত, প্ৰবাদ বাক্য, যোজনা আদি প্ৰয়োগ কৰা হৈছে৷ চিঠিবোৰত সমকালীন ৰাজতন্ত্ৰ, ৰাজ্য শাসন, সমাজ-সংস্কৃতি, লোকাচাৰ, ৰজা-মহাৰজাসকলৰ জাতীয় জীৱন, কৃত্বিত্ব, গৌৰৱ, বংশাৱলীৰ পৰিচয়, যুদ্ধ বিগ্ৰহ, দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৰজা-মহাৰজাসকলৰ সংযোগ, ৰাজনৈতিক বুজাবুজি, সন্ধি আদিৰ বিষয়ে বিভিন্ন প্ৰাসংগিক তথ্য নিহিত হৈ আছে৷ চিঠি আকাৰে লিখা এই কথা-বতৰাবোৰৰ মাজত অসমীয়া গদ্য সাহিত্যৰ প্ৰাৰম্ভিক সময়ছোৱাৰো লিখিত উদাহৰণ লিপিবদ্ধ হৈ আছে৷ প্ৰকৃততে বুৰঞ্জীসমূহৰ গদ্যশৈলী আৰু সমসাময়িক সময়ছোৱাত লিখা চিঠিবোৰৰ গদ্যশৈলী সম্পূৰ্ণ একে আছিল৷ এই চিঠি-পত্ৰবোৰৰ মাজেৰে ৰজা-মহাৰজাসকলৰ ৰাজ্য শাসনৰ নীতি-নিয়ম, সামাজিক পৰম্পৰা, ৰাজনৈতিক দৃষ্টিভঙ্গী, কূটনৈতিক সম্পৰ্ক, ৰজা-মহাৰজা, ডা-ডাঙৰীয়া আদিৰ অস্তিত্ব, সন্মান, প্ৰশস্তি আদি দিশবোৰ স্পষ্টৰূপত প্ৰতিফলিত হৈছে৷


✓ ত্ৰিপুৰা বুৰঞ্জীৰ বিষয়ে

১৯৩৮ চনত প্ৰকাশ পোৱা ‘ত্ৰিপুৰা বুৰঞ্জী’ গ্ৰন্থখন সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰিছে৷ গ্ৰন্থখনৰ মূল লেখক ৰত্নকন্দলী আৰু অজুৰ্ন দাস কটকী৷ গ্ৰন্থখনৰ মূল ৰূপটোৰ উদ্ধাৰৰ সন্দৰ্ভত সূৰ্য্যকুমাৰ ভূঞাই পাতনিত উল্লেখ কৰা মতে তেখেতে সাঁচিপাতৰ পাণ্ডুলিপিটোৰ ফটোষ্টেট কপি এটা ১৯৩৬ চনত ব্ৰিটিছ মিউজিয়ামৰপৰা লাভ কৰে৷ ভূঞাই এই কপিটো লাভ কৰিছিল ড॰ লিয়নেল ডি বাৰ্ণেট (Dr. Lionel D. Barnett)ৰ পৰা৷ পৰৱৰ্তী সময়ত ১৯৩৮ চনত ‘ত্ৰিপুৰা বুৰঞ্জী’খন কিতাপ আকাৰে প্ৰকাশ কৰা হয়৷ বুৰঞ্জীখনৰ সাঁচিপতীয়া পাণ্ডুলিপিটো ব্ৰিটিছ মিউজিয়ামে সংগ্ৰহ কৰিছিল ১৮৪২ চনত৷ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ নাম আছিল– ‘ত্ৰিপুৰা দেশৰ কথাৰ লিখা’৷ পাণ্ডুলিপিটোত সৰ্বমুঠ ১৪৬খন সাঁচিপাত আছে৷ অন্যহাতে সাঁচিপাতৰ মূল পাণ্ডুলিপিটো লিখা হৈছিল ১৭২৪ চনত  (১৬৪৬ শক)৷৮ লীলা গগৈয়ে এই সন্দৰ্ভত লিখিছে– ‘‘স্বৰ্গদেৱ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪)ৰ দিনত অসমৰ পৰা দুজন কটকী, ৰত্ন কন্দলী আৰু অজুৰ্ন দাস ত্ৰিপুৰালৈ গৈছিল আৰু ৰামেশ্বৰ ন্যায়¸-অলঙ্কাৰ ভট্টাচাৰ্য আৰু উদয়নাৰায়ণ বিশ্বাস নামেৰে দুজন ত্ৰিপুৰাৰ কটকীৰ যোগেদি স্থাপন হোৱা কূটনৈতিক সম্পৰ্কৰ উপৰি তেওঁবিলাকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ বিৱৰণী আছে৷ তদুপৰি ৰত্ন কন্দলী আৰু অজুৰ্ন দাসে বিশ্বাসযোগ্য ব্যক্তিৰ মুখে শুনিও বহুতো কথা ইয়াত সন্নিৱিষ্ট কৰিছে৷’’

গ্ৰন্থখনত আহোম ৰজা ৰুদ্ৰসিংহ আৰু ত্ৰিপুৰাৰ ৰজা মহামাণিক্যৰ মাজত প্ৰীতি আৰু যোগাযোগ হোৱা এছোৱা সময় (১৭০৯-১৭১৫)ৰ বুৰঞ্জী লিপিবদ্ধ হৈ আছে৷ ত্ৰিপুৰাৰ কটকীদ্বয়ে ত্ৰিপুৰা দেশলৈ বাট-পথৰ বিৱৰণ, ত্ৰিপুৰা দেশৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ বিৱৰণ সম্বলিত বহুতো টোকা এই গ্ৰন্থত উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত, বিভিন্ন প্ৰসংগত ৰজা, মহাৰজাসকলে আদান-প্ৰদান কৰা চিঠি-পত্ৰসমূহৰ উদাহৰণ দিয়া হৈছে৷ এই বুৰঞ্জীখনত ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰসাৰৰ বিৰুদ্ধে হিন্দু ৰজাসকলক একত্ৰিত কৰাৰ লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে মহাৰাজ ৰুদ্ৰসিংহই কৰা প্ৰয়াসৰ কথা বৰ্ণিত হৈছে৷ বুৰঞ্জীখনত ত্ৰিপুৰাৰ ইতিহাসৰ কিছুমান ঘটনা বৰ্ণনা কৰাৰ লগতে নৈ, বিল, পাহাৰ, পৰ্বতৰ আদিৰ কথা অৱতাৰণা কৰা হৈছে৷ সেমেকা বতৰ, বানপানী আদি বিষয়ৰ উল্লেখ থকাৰ উপৰি পূজা-পাৰ্বণ, মঠ-মন্দিৰ, দৌল-দেৱালয়, স্থাপত্য-ভাস্কৰ্য, উৎসৱ আদিৰ বিষয়ে উল্লেখ আছে৷ উল্লেখযোগ্য যে ত্ৰিপুৰা ৰজাসকলে পূৰ্বতে ‘ফা’ উপাধি লিখিছিল যদিও পিছলৈ ‘মাণিক্য’ উপাধি গ্ৰহণ কৰে৷

উল্লেখ্য যে এই ৰজা-মহাৰজাসকলে উকীল বা কটকীৰ মুখেৰে ‘সন্দেহ’ (বাৰ্তা) পঠিয়ায় আৰু সমান্তৰালভাৱে তেওঁলোকৰ হাততে চিঠিতো একেখিনি কথা লিখি পঠিয়ায়৷ অৱশ্যে একাংশ এনে চিঠিও আছে, যিবোৰ চিঠি গুৰুত্বপূৰ্ণ আৰু গোপনীয়, সেইবোৰ চিঠি কটকীৰ হাতত কেৱল দিহে পঠিয়ায়৷ মুখেৰে ক’বলৈ একো সম্ভেদ নিদিয়ে৷ ‘ত্ৰিপুৰা বুৰঞ্জী’খনৰ ভাষা আন আন বুৰঞ্জীসমূহৰ দৰে সৰল আৰু আকৰ্ষণীয়৷ বুৰঞ্জীখনত ঘটনাসমূহ পৰ্যায়ক্ৰমে বৰ্ণিত কৰা হৈছে৷ ইয়াত আধুনিক কথন নীতিক সৰলীকৰণৰ আৰ্হিৰে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ বুৰঞ্জীখনত বাংলা তথা বিভিন্ন বিদেশী শব্দৰ লগতে পুৰণি অসমীয়া শব্দৰ ব্যৱহাৰ কৰা দেখা যায়৷ বাক্যৰ আৰম্ভণিতে ‘পাছে’, ‘আৰু’ আদি শব্দৰ বহুল প্ৰয়োগ ঘটিছে৷ মাজে মাজে বাক্য গঠনত মিশ্ৰ ৰীতি মানি চলা পৰিলক্ষিত হৈছে৷ সেইদৰে এই বুৰঞ্জীখনৰ চিঠি-পত্ৰবোৰত ৰজাৰ প্ৰশস্তি, গুণানুকীৰ্তন বিশেষভাৱে কৰা হৈছে৷


✓ ত্ৰিপুৰা বুৰঞ্জীৰ গদ্যৰ উদাহৰণ

  • শ্রীকৃষ্ণায় নমঃ॥ ৰত্নকন্দলী, অর্জুন এই দুই কটকীএ লেখা ই ত্ৰিপুৰা দেশৰ কথা। ৰুদ্ৰসিংহ মহাৰাজাদেৱতাএ জয়ন্তা কছাৰী দুই দেশক মাৰি পাছে বঙ্গালৰ দেশক মাৰিবলৈ উদ্যম কৰিলে। পাছে তাৰ দেশৰ মৌৰঙ্গৰ ৰাজ।, বনবিষ্ণুপুৰৰ ৰাজা, নদিয়াৰ ৰাজা, বেহাৰৰ ৰাজা, বৰ্দ্ধমানৰ কীৰ্ত্তিচন্দ্ৰ জমীদাৰ, বৰনগৰৰ উদয়নাৰাণ জমীদাৰ এইসকলৰ ঠাইক বৰফুকনৰ নামে মানুহ পঠাই, সিহঁতৰো মানুহ অনাই, বৰফুকনে মহাৰাজাত জনোৱাৰূপ কৰি সিহঁতৰ মানুহক মহাৰাজাৰ ঠাইক অনাই সেই ৰাজা জমীদাৰ সকললৈ বঁটা প্রসাদ দি হিতে প্রীতিপূর্ব্বক পত্র দি আমাৰ মানুষ সঙ্গত দি সিহঁতক পঠাই দিলে। এই ক্রমে মনুষ্য গতায়াত কৰাই সেইসকলক বশ কৰি লৈ পাছে সেইসকললৈ কৈ পঠালে, বোলে,-“আমি হিন্দুধৰ্ম্মস্থ ৰাজাসকল বিদ্যমানে থাকিতে যৱনে ধৰ্ম্ম নষ্ট কৰে। এই কারণে সকলো একবাক্য হয়া যৱনক নিগ্রহ কৰি ধৰ্ম্ম ৰক্ষা কৰিলে যিখান হয় তাহাক তেম্রা জ্ঞাত আছে।” এইৰূপে সকলৰো ঠাইক মানুষ পঠাই জনালে। সিহঁতেও অনুমোদন কৰিলে। (ত্ৰিপুৰা বুৰঞ্জী, পৃঃ১)
  • চিঠিত সম্বোধনৰ উদাহৰণঃ ‘স্বস্তি সকলগুনচয়-সমুদ্দে্যাতিত-কলেবৰ নানা দান-প্ৰমোদীকৃত-মাৰ্গাগণন-প্ৰতাপ-তপন-বিগলিত-ৰিপুনিকৰানুকাৰ-শ্ৰীযুত-সুৰতসিংহ বৰুৱা-বিমলশীলেষু৷ প্ৰেমসম্পাদকো লেখবৃত্তান্তএষঃ৷ শ্ৰীৰত্নকন্দলী, শ্ৰীঅজ্জুৰ্নদাস-প্ৰমুখ্যাৎ ত্বদীয়াং সৰ্ব্বান্বত্তিন্বিজ্ঞায় পৰমানন্দযুতোহং৷ অতএব ভবদধিপং সমীড়ে, পত্ৰী প্ৰহীয়তে সভ্যাবাপ্তাবপি দ্বৌ, কিন্বহুনা তদুক্তিবশতঃ সৰ্ব্বন্বিজ্ঞাতব্যমিতি৷ যুগৰামৰ্ত্তু-শীতাংশুগণিতে শক-বৎসৰে৷ পঞ্চম্যাং ধৱলে পক্ষে পত্ৰীচৈষা প্ৰহীয়তে৷৷

গ্ৰন্থপঞ্জী ঃ
ত্ৰিপুৰা বুৰঞ্জী, সূৰ্য্যকুমাৰ ভূঞা
মধ্যযুগৰ সাহিত্য, বসন্ত কুমাৰ ভট্টাচাৰ্য
লীলা গগৈৰ ৰচনাৱলী, বনলতা প্ৰকাশন
অসমীয়া গদ্য সাহিত্য, পুণ্যশ্ৰী বেজবৰুৱা, লুনা বৰা, অসম বুক ট্ৰাষ্ট, ২০২১
বুৰঞ্জী সাহিত্য, লীলা গগৈ, বনলতা, তৃতীয় প্ৰকাশ, ২০১৪






Post a Comment

0 Comments