প্ৰাচীন চিঠি-পত্ৰৰ গদ্য ৷


* চিঠি হৈছে– প্ৰেৰক আৰু প্ৰাপকৰ মাজত ভাৱ আদান-প্ৰদানৰ বাবে প্ৰাচীন সময়ৰে ব্যৱহাৰ কৰি অহা যোগাযোগৰ এটি মাধ্যম৷ এই চিঠি-পত্ৰৰ লিখিত ইতিহাস ক’ত, কেতিয়া আৰম্ভ হৈছিল; তাৰ প্ৰকৃত তথ্য বিশ্ব ইতিহাসৰ ক’তো পাবলৈ নাই৷ ‘‘প্ৰাচীন ভাৰত, ইজিপ্ত আৰু চীনত চিঠিৰ প্ৰচলন আছিল বুলি বুৰঞ্জীয়ে কয়৷ ইতিহাসৰ তথ্যমতে প্ৰথমখন হাতেলিখা চিঠি লিখিছিল পাৰস্যৰ ৰাণী, চাইৰাছৰ জীয়ৰী এটেছাই (Attossa) খ্ৰীষ্টপূৰ্ব ৫০০ শকাব্দৰ আশে-পাশে৷ ষ্টাম্প বা খামৰ ব্যৱহাৰ চিঠিৰ ক্ষেত্ৰত প্ৰথমাৱস্থাত নাছিল৷ চিঠিৰ প্ৰাপকে সেয়া উপযুক্ত মূল্য দি আহৰণ কৰিব লাগিছিল৷ আজিৰ যি ষ্টাম্পযুক্ত চিঠি, তাৰ প্ৰচলন দেখা হৈছিল ৰাণী ভিক্তোৰিয়াৰ ৰাজত্বকালত ১৮৪০ খৃষ্টাব্দত৷’’১

প্ৰাচীন ভাৰতীয় সাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে মহাকবি কালিদাসৰ ‘মেঘ্‌দূতম্‌’ কাব্যখনি প্ৰকৃততে এখন পত্ৰ সাহিত্য বা চিঠি সাহিত্য৷ মেঘদূত কাব্যৰ নায়কে নিজৰ বিৰহ পত্নীলৈ মেঘৰ হাতত প্ৰতীকাত্মকভাৱে চিঠি প্ৰেৰণ কৰিছিল৷ ইয়াত যক্ষই মেঘক ‘দূত’ ৰূপত নিয়োগ কৰিছিল৷ সেইদৰে মিথ বা পুৰাণৰ সময়ছোৱাতো চিঠিৰ ব্যৱহাৰ আছিল৷ মহাভাৰতৰ নল-দময়ন্তীৰ উপাখ্যানত দময়ন্তীয়ে হাঁহৰ ভৰিত ৰজা নললৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ দুষ্যন্তলৈ শকুন্তলাই পদুম পাতত চিঠি লিখিছিল বুলিও প্ৰবাদ আছে৷ শংকৰদেৱৰ ৰচনাতো ৰুক্মিনীয়ে শ্ৰীকৃষ্ণলৈ দিয়া চিঠি বেদনিধি বাপুৱে কঢ়িয়াই নিয়াৰ উল্লেখ আছে৷ আচলতে মহাকাব্যৰ দিনৰেপৰাই এই চিঠি-পত্ৰ প্ৰদানৰ ব্যৱস্থা আমি দেখি আহিছোঁ৷ সেইদৰে প্ৰাচীন ভাৰতৰ মহাকাব্যিক চৰিত্ৰ নাৰদ হৈছে এই পত্ৰ বাহকৰেই আন এক উদাহৰণ৷

ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চিঠি-পত্ৰৰ ইতিহাসৰ ওচৰ চাপি গ’লে আমি খুব বেছি মধ্যযুগৰ ৰাজতন্ত্ৰৰ ওচৰলৈকে যাব পাৰো৷ ৰজা-মহাৰজাই দেশ শাসন কৰাৰ সময়ছোৱাত ৰাজ-পৃষ্ঠপোষকতাৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰত পত্ৰ সন্দেহৰ বিনিময় হোৱাৰ কথা আমি সকলোৱেই জানো৷ এজন ৰজাই আন ৰজালৈ পত্ৰ প্ৰেৰণ কৰা, যুদ্ধ বিগ্ৰহৰ খা-খবৰ আদান-প্ৰদান কৰা, সন্ধি, চুক্তি বা তেনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যোগাযোগৰ বাবে একমাত্ৰ পত্ৰই আছিল সেই সময়ৰ প্ৰধান মাধ্যম৷ আধুনিক সময়ৰ ডাক সেৱাৰ দৰেই ৰাজতন্ত্ৰৰ সময়ছোৱাত কটকীসকলে ইখন ঠাইৰপৰা সিখন ঠাইলৈ চিঠি-পত্ৰ কঢ়িয়াই নি নিজৰ দায়িত্ব পালন কৰিছিল৷ 

‘‘অসমৰ ৰাজতান্ত্ৰিক ইতিহাসত মোগলৰ আক্ৰমনৰ দিনবোৰত পত্ৰ সন্দেহৰ ব্যাপক বিনিময় হৈছিল৷ এই সময়তে ‘কটকী’ আছিল চিঠি-পত্ৰ-সন্দেহৰ বাৰ্তাবাহক৷ হোমাৰৰ ‘ইলিয়াদ’ত চিঠিৰ প্ৰসংগ আছে৷ হেৰড’টাছ আৰু থুচিডিয়াছৰ বুৰঞ্জীটো আমি চিঠিৰ উল্লেখ পাওঁ৷’’২ আহোম ৰাজতান্ত্ৰিক ইতিহাসত জিলিকি থকা চিঠি-সংস্কৃতিৰ বুৰঞ্জীখন হৈছে– ‘ত্ৰিপুৰাৰ বুৰঞ্জী’৷ মহাৰাজ ৰুদ্ৰ সিংহই (১৬৯৬-১৭১৪) ত্ৰিপুৰাধিৰাজ মহামানিক্যলৈ অজুৰ্ন দাস বৈৰাগী আৰু ৰত্ন কন্দলী শৰ্মা নামৰ দুগৰাকী বিদ্ধান কটকীৰ হাতত পত্ৰ-সন্দেহ প্ৰেৰণ কৰিছিল৷ কটকীদ্বয়ে ত্ৰিপুৰা দেশলৈ বাট-পথৰ বিৱৰণ, ত্ৰিপুৰা দেশৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ বিৱৰণ সম্বলিত যি টোকা লিখিছিল, গ্ৰন্থৰূপত সেয়াই ‘ত্ৰিপুৰা বুৰঞ্জী’৷’’৩ 

পত্ৰলেখা গ্ৰন্থত মহেশ্বৰ নেওগে লিখিছে এইদৰে– ‘‘বুৰঞ্জীৰ ৰাজ-ৰাজোৱানৰ চিঠিবোৰ ৰাজনৈতিক পত্ৰ-ব্যৱহাৰৰ অতি উৎকৃষ্ট নিদৰ্শন৷ যোৱা শতিকাৰ আৰম্ভণিত অসমৰ ৰজা, ৰাজবিষয়া, কটকী আদিয়ে কলিকতাৰ বঙালী তৰণী-মহৰীৰ হতুৱাই বঙলাত লেখাই গৱৰ্ণৰ জেনেৰেলৰ ওচৰত দাখিল কৰোৱা আৰ্জিবোৰ তাৰ ফাৰ্চী অনুবাদ বা সাৰাংশৰে চৰকাৰী কাকত-পত্ৰৰ লগত আজিও সংৰক্ষিত হৈ আছে৷ তাৰ বহুখিনি ডক্টৰ সুৰেন্দ্ৰনাথ সেনৰ ‘বাঙ্গালা পত্ৰ-সঙ্কলন’ত গৃহীত হৈছে৷ তাৰ মাজতে চন্দ্ৰকান্ত সিংহই ঘিনাই বদনচন্দ্ৰ বৰফুকনলৈ লেখা অসমীয়া চিঠি এটুকুৰাও আছে ৰজাৰ কাতৰ অৱস্থাৰ প্ৰত্যক্ষ সংৱেদনেৰে৷ ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ মণিৰাম দেৱান আদিৰ পত্ৰ, আৰ্জি আদিৰে নতুন যুগ আৰম্ভ হয়৷’’৪

ঐতিহাসিক দৃষ্টিকোণৰ পৰাও লক্ষ্য কৰিলে ক’ব পাৰি যে আমাৰ গদ্য সাহিত্যৰ বিকাশো চিঠিৰ মাধ্যমেৰে হোৱা৷ ৰজা-মহাৰজাসকলে যিসমূহ চিঠি-পত্ৰ লিখি ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ বাৰ্তা প্ৰেৰণ কৰিছিল, সেই আৰ্হিৰ নমুনাবোৰেই বৰ্তমান আধুনিক গদ্যৰ আৰ্হিৰূপে পৰিগণিত হৈছে৷ ১৫৫৫ খ্ৰীষ্টাব্দত আহোমৰজা নৰনাৰায়ণে স্বৰ্গনাৰায়নলৈ লিখা চিঠিৰ গদ্যৰ নমুনাই বাংলা সাহিত্যৰ গদ্যৰ প্ৰথম নমুনা বুলি কোৱা হৈছে৷ 

উল্লেখ কৰি থোৱা ভাল যে ৰজাঘৰীয়া চিঠি-পত্ৰক ৰাজতান্ত্ৰিক সময়ছোৱাত বুৰঞ্জী ৰচনাৰ সমলৰূপেও গ্ৰহণ কৰা হৈছিল৷৫ এই লেখাত বিষয়ৰ পৰিধিৰ ভিতৰত থাকি মুখ্যভাৱে ৰাজকীয় চিঠি-পত্ৰৰ গদ্যৰ বিষয়ে আলোচনা কৰা হ’ব৷ চিঠিৰ সময়সীমা হিচাপত আহোম ৰাজতান্ত্ৰিক সময়ছোৱাক ধৰি লোৱা হৈছে৷

আহোমসকলৰ শাসনকালত (ত্ৰয়োদশ শতিকাৰমানৰ পৰা) তেওঁলোকৰ শাসনভাৰ বা ৰাজকাৰ্যাৱলী চলাবৰ বাবে বিভিন্ন পত্ৰৰ আদান-প্ৰদান কৰা হৈছিল৷ অৱশ্যে ইয়াৰে গৰিষ্ঠ সংখ্যক চিঠি-পত্ৰই সংৰক্ষণৰ অভাৱত বৰ্তমান কালৰ গৰ্ভত লুপ্ত হৈ পৰিছে৷ ইয়াৰ মাজতো বহুকেইখন চিঠিৰ পাঠোদ্ধাৰ কৰিবপৰা গৈছে৷ এই লেখাত তেনে কেইখনমান চিঠিৰ মাজত প্ৰতিফলিত গদ্য সম্পৰ্কে আলোচনা কৰা হ’ব৷ আহোম ৰাজত্বৰ সময়ত পঠিওৱা চিঠি পত্ৰৰ মাজত সেই সময়ৰ ভাষাটো সংৰক্ষিত হৈ আছে৷ ইয়াৰ ভাষাই সমসাময়িক কথ্য ভাষাক প্ৰতিনিধিত্ব কৰিছে৷ সেইদৰে এই ভাষাবোৰ সাহিত্যিক গুণসম্পন্ন৷ বাক্যৰীতিৰ সৰলতা বৃদ্ধিৰ বাবে এই চিঠি পত্ৰবোৰত বুৰঞ্জীৰ দৰেই অলংকাৰ, উপকথা, দৃষ্টান্ত, প্ৰবাদ বাক্য, যোজনা আদিও প্ৰয়োগ কৰা হৈছে৷ এই চিঠিবোৰত সমকালীন ৰাজতন্ত্ৰ, ৰাজ্য শাসন, সমাজ-সংস্কৃতি, লোকাচাৰ, আহোমসকলৰ জাতীয় জীৱন, কৃত্বিত্ব, গৌৰৱ, বংশাৱলীৰ পৰিচয় আদিৰ বিষয়েও বিভিন্ন তথ্য নিহিত হৈ আছে৷ চিঠি আকাৰে লিখা এই কথা-বতৰাবোৰৰ মাজত অসমীয়া গদ্য সাহিত্যৰ প্ৰাৰম্ভিক সময়ছোৱাৰো যথেষ্ট সম্বন্ধ আছে৷ আচলতে বুৰঞ্জীসমূহৰ গদ্যশৈলী আৰু সেই সমসাময়িক সময়ছোৱাত লিখা চিঠিবোৰৰ গদ্যশৈলী সম্পূৰ্ণ একেই৷ গতিকে এটা কথা সৰলীকৰণ কৰি ক’ব পাৰি বুৰঞ্জীৰ গদ্যশৈলীৰ বৈশিষ্ট্যই আহোম ৰাজত্বকালত প্ৰচলিত চিঠি-পত্ৰবোৰৰ গদ্যশৈলীৰ ক্ষেত্ৰতো খাটে৷

চিঠিবোৰ কথ্যভাষাত লিখাৰ বাবে ইয়াৰ ৰচনাৰীতি সহজ-সৰল কিন্তু ই সাহিত্যিক গুণ সম্পন্ন৷৬ তৎসম শব্দৰ অত্যাধিক প্ৰয়োগ এই চিঠিৰ গদ্যৰ অন্যতম বিশেষত্ব৷ সমান্তৰালভাৱে থলুৱা মাত-কথাৰ সঘন প্ৰয়োগ আৰু সমকালীন অন্যান্য সংশ্লিষ্ট ভাষাৰ (ফাৰ্চী, বঙালী, হিন্দী, আহোম আদি) শব্দৰ প্ৰয়োগ এই চিঠিবোৰৰ গদ্যৰ অন্যতম বিশেষত্ব৷ এই চিঠিৰ বাক্যবোৰ চুটি চুটি৷ কথাবোৰ সংক্ষেপে কোৱা৷ বহু সময়ত শব্দতক্ৰিয়াপদ উহ্য হৈ ৰৈছে৷ তলত কেইখনমান চিঠিৰ উদাহৰণ দিয়া হ’ল৷

মোমাই তামুলী বৰবৰুৱাই আলিয়াৰ খাঁলৈ দিয়া পত্ৰ
‘‘স্বস্তি নিখিল গুণৈক ধামসাৰ্বোপমাযোগ্য শ্ৰীযুত নবাব আহ্লাদ খাঁ সুজাবৰেষু৷ 
সস্নেহপূৰ্বক লেখনং কাৰ্যঞ্চ৷ আগে তোমাৰ কুশল শুনি শ্ৰীল গুণৰ আশ্ৰয় সকলোপমাযোগ্য শ্ৰীযুত শুভচিত্ত স্নেহ কৰি লিখিছোঁ৷ আমাৰ কুশল সৰ্বত্ৰে চাহি৷ পৰং সমাচাৰ তোমাৰ কুশল শুনি পৰম সন্তোষ৷ উকীল চেকমেদা ও কটকী একাদহ এই দুইজন মনুষ্য পঠাইছিলাম৷ সে আসি পহুছিলাম৷ ইহানাৰ মুখে তোমাৰ কুশল শুনিয়া পৰম সন্তোষ হৈলাম৷ আৰ তুমি বুলি আছা উত্তৰে বৰনদী, দক্ষিণে অসুৰ আলি ইতিমধ্যে বন্ধ-নিবন্ধানুক্ৰমে বদকৰাল হৈলে উভয় পক্ষ ৰজ্ঞা হয়৷ সে ধৰ্মে তোমাৰ আমাৰ যশ-প্ৰীতি খ্যাত দিন দিন অৱজ্ঞানৰূপে বাঢ়িতে যাইব, খালি নাহৈবেক৷ এমতে যে পত্ৰ লিখিচে এইগোট উত্তম কৰিছে৷ কিন্তু বৰ মনুষ্যৰ প্ৰীতিৰ কথা কদাচিত নাফিৰিবেক৷ সেই যেমনে উত্তৰোত্তৰে ৰক্ষা কৰিব তাকে কৰিবা৷ তুমি যি বুলিছা দশ-পাঞ্চ ৰোজে উকীল পৌছাইবাঁ সে বচনক থাকি ঁ দেৱৰ চৰণত বুজাই হজুৰ কৰিলে যেমত আজ্ঞা তাকে তোমাৰ উকীলৰ মুখে সকলো শুনিবেক৷ পৰং পূৰ্বাপৰেও নবাবসকলৰে গুৱাহাটীত থাকি কথা-বাৰ্তা অনেক হোৱা যায়৷ অদ্যাপি সেথানৰ কাৰ্যকাৰ ভাৰ তোমাৰ উপৰ, ইঠাইৰ আনাৰো উপৰ আছে৷ তোমাৰ মনে যিমন প্ৰীতি ভাল ৰহে প্ৰত্যুত্তৰ ততকালে লেখিলা৷ এমত হৈলে তোমাৰ আমাৰ প্ৰীতি কিসক নৰহিবেক৷ আৰ বাকী সমাচাৰ সনাতন ও কানু এমৰাৰ মুখে সকলো জ্ঞাত হৈবেক৷ কিমধিকং বিদ্যাবৰেষু৷’’৭ (সপ্তম শতাব্দী)

চুখাম্‌ফা স্বৰ্গদেৱলৈ মহাৰাজ নৰনাৰায়ণৰ পত্ৰ
স্বতি সকল দিগদন্তি কৰ্ণ-তালাস্ফাল-সমীৰণ প্ৰচলিত হিমকৰ-হৰ-হাৰ-হাস-কাশ-কৈলাস-পাণ্ডুৰ-যশোৰাশি-ৱিৰাজিক-ত্ৰিপিষ্টপ-ত্ৰিদশ-তৰঙ্গিনী-সলিল-নিৰ্ম্মল-পৱিত্ৰ-কলেৱৰ ধীষণ-ধীৰ-ধৈৰ্য্য-মৰ্য্যাদা-পাৰাৱাৰ সকল দিক্কামিনী-গীয়মান-গুণ-সন্তান-শ্ৰীশ্ৰী স্বৰ্গনাৰায়ণ-মহাৰাজ প্ৰচণ্ড প্ৰতাপেষু৷৷
লেখনং কাৰ্য্যঞ্চ ৷ এথা আমাৰ কুশল৷ তোমাৰ কুশল নিৰন্তৰে বাঞ্ছা কৰি৷ অখন তোমাৰ-আমাৰ সন্তোষ-সম্পাদক পত্ৰা-পত্ৰি গতায়াত হইলে উভয়ানুকূল প্ৰীতিৰ বীজ অঙ্কুৰিত হইতে ৰহে৷ তোমাৰ-আমাৰ কৰ্ত্তব্যে সে বদ্ধিৰ্তাক পাই পুস্পিতফলিত হইবেক৷ আমৰা সেই উদ্যোগতে আছি৷ তোমাৰো এ গোট কৰ্ত্তব্য উচিত হয়, না কৰ, তাক আপনে জান৷ অধিক কি লিখিম৷ সতানন্দ কৰ্ম্মী, ৰামেশ্বৰ শৰ্ম্মা, কালকেতু ও ধুম্মা সদ্দৰ্াৰ, উদ্ভণ্ড চাউলিয়া, শ্যামৰাই, ইমৰাক পাঠাইতেছি৷ তামৰাৰ মুখে সকল সমাচাৰ বুঝিয়া চিতাপ বিদায় দিবা৷
অপৰ উকিল সঙ্গে ঘুড়ি ২, ধনু ১, চেঙ্গা মৎস্য ১ জোৰ, বালিচ ১, জকাই ১, সাৰি ৫ খান এইসকল দিয়া গৈইছে৷ আৰ সমাচাৰ বুজি কহি পাঠাইবেক৷ তোমাৰ অৰ্থে সন্দেশ গোমচেং ১, ছিট ৫, খাগৰি ১০, কৃষ্ণচামৰ ১০৷৷ ইতি শক ১৪৭৭ মাস আষাঢ়৷৷৮ (চন– ১৫৫৫)

মহাৰাজ নৰনাৰায়ণলৈ চুখাম্‌ফা স্বৰ্গদেৱৰ পত্ৰ–
স্বস্তি ত্ৰিপুৰ-হৰ-চৰণ শ্ৰীপৰ্ণ-সুধা-পান-ভৃঙ্গায়মান-সন্মান-দান-সন্তান-শৌৰ্য্য-ধৈৰ্য্য-গাম্ভীৰ্যে্য দাৰ্য্য-পাৰাৱাৰ-তুহিনকৰ-নিকৰ-তৰঙ্গিনী-তৰঙ্গ-পাণ্ডুৰ-যশোৰাশি-ৱিৰাজিত-কুল-কমল-প্ৰকাশকৈক-ভাস্কৰ-শ্ৰীমন্মল্ল-নাৰায়ণ-ৰাজ মহোদৰ চৰিতেষু৷৷
লিখনং কাৰ্যঞ্চ অত্ৰ কুশল৷ তোমাৰ কুশলবাৰ্ত্তা সুনিয়া পৰমাপ্যাতি হৈলো৷ আৰু যে লিখিছা প্ৰীতিবৃক্ষ অঙ্কুৰিত, সেয়ে তোমাৰ-আমাৰ সাহলাদেত বৃদ্ধিক পায়া ফলিত-পুষ্পিত হৈবাৰ খান জি কহিছ, ইগোট বিশেষ৷ কিন্তু তোমাৰ-আমাৰ প্ৰীতিগোট জিহত হন্তে ঘটিছে, সমস্তে জান৷ সেইৰূপ মৰ্য্যাদা ৱ্যৱহাৰত যদি ৰহিব৷ ফলিত-পুষ্পিত কিসত নহৈব? আমৰা পূৰ্ব্ব অভিপ্ৰায়তে আছি৷ উকিলৰ শঙ্গে জিসকল দ্ৰব্যাদি পঠাইছিলা, ইসকল সভাত দেখাইবাৰ উচিত নহয়, কিন্তু জিসকলে জিহক আচৰি থাকে অনীতি হৈলেও আচৰণীয় লৈ তাকে নীতি স্বৰূপ দেখে৷ এতেকে দিবাৰ পোৱা আৰু সমুচয় সেই সেই দ্ৰৱ্যত প্ৰৱৰ্ত্তনীয় লোকৰ দ্বাৰায়ে জি বুজুৱা গৈছে, সেইৰূপে বুজিবা৷ তোমাৰ উকিলৰ সঙ্গে আমাৰ উকিল শ্ৰী চণ্ডিবৰ ও শ্ৰী দামোদৰ শৰ্ম্মাক পঠোৱা গৈছে৷ এমৰাৰ মুকে সকল সমাচাৰ বুঝিবা৷ তোমাৰ অৰ্থে সন্দেশ নড়া কাপোৰ ২ খান, গজদন্ত ৪, গাণ্ঠিয়ন ২ মেনা পহুছব ৷৷ শক ১৪৭৮ মাস আহাৰ দিনে ১০ ৷৷৯  (চন– ১৫৫৫)

কছাৰী ৰজা কৃষ্ণচন্দ্ৰনাৰায়ণলৈ ভদ্ৰকান্ত বৰবৰুৱাৰ পত্ৰ–
স্বস্তি শ্ৰীমৎ- পুৰন্দৰাদি-দিবিষদ্বৃন্দ-বন্দিত-নগেন্দ্ৰ-নন্দিনী চৰণ-দ্বন্দ্বা-ৰবিন্দ-মকৰান্দামোদানন্দিত-স্বান্তৰালম্ব-হেড়ম্বেশ্বৰ-শ্ৰীশ্ৰী কৃষ্ণচন্দ্ৰ-নৃপ-বৰেষু লিপি-ৰিয়ং বিৰাজতেতৰাং ৷ চিৰমস্মাকং ভৱদ্ভব্যং সমীহামহে৷
বিশেষ সমাচাৰ এহি, আমাৰ দেশ বিভ্ৰাট কালে শত্ৰু-পৰাভৱত থাকি আপনে দেশতে সোমাই আছিল৷ সম্প্ৰতি ঈশ্বৰৰ কৃপাত সেই শত্ৰু দমন কৰিয়া দেশ পাইছি, এবং আপনে দেশত ভাগি গৈ সোমাই থকা জনসকল পূৰ্ব্ব-ধৰ্ম্ম কবল চাইয়া শীঘ্ৰে আমাৰ কটকী ফেদেলা ও বৰা লখীৰাম ইহাৰ সঙ্গেতে ছাৰি দিতে হয়৷ তেবেতো পূৰ্ব্ব পিতা-পুত্ৰ সম্বন্ধ ৰক্ষা হয়, সকল ধৰ্ম্মো ৰক্ষা পায়৷ যদিসাৎ সেই বৰমূৰা এবং ভগনীয়া ছাৰি দেয় না তবে যি হবে তাহা আপনে চাক্ষু দেখিবেন৷ আৰ পুত্ৰ-চিহ্ন দিতেছি, পশ্যিবেন৷ হাতীদাঁতৰ ডাবেৰে সোণৰ মলমা কৰা কটাৰী দুখান, ৰূপৰ মলমা কৰা দুখান, পিত্তলুৱা ৪ খান, মহৰ শিঙ্গৰ ডাবেৰে উকা ২০ খান, ৰঙ্গা পাটৰ ধূতি ৪ খান৷ ইতি– শক ১৭১৭, মাস আঘ্ৰণ তেৰিখ ৫৷৷১০ (১৮শ শতিকা)

বদনচন্দ্ৰ বৰফুকনলৈ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ গোপনীয় পত্ৰ
শ্ৰীৰাম
শ্ৰী শ্ৰী ঁদৈৱ ঈশ্বৰে কৈছে–
শ্ৰী বৰফুক্কনক প্ৰতি মোৰ জি বিপত্তি হৈছে, ৰহস্যে ফুকনলৈ কৈ আছোঁ৷ বুঢ়াগোহাঞি ক্ৰমে সকলোকে মাৰিলে৷ আমাৰ প্ৰাণ ৰক্ষাৰ উপায় নেদেখো৷ এতেকে ফুকনলৈকেইবা জদি আমাত আশা আছে, ফুকনে এই পত্ৰ দেখিতে বুঢ়াগোঞিক দমন কৰি মোক দৃঢ় কৰি ৰাখিব পাৰিব৷ ফুকন শীঘ্ৰে আহক৷ জদি এইপ্ৰকাৰে আহিব নোৱাৰে৷ ফুকন ভটিয়াই গৈ ৰঙ্গপুৰৰ কলিকতাৰ শ্ৰীযুত বৰচাহাবত শৰণাগত হৈ ৰাজদ্ৰোহী বুঢ়াগোহাঞিৰ কথা চাহাবত জনাবিগৈ৷ গৌৰীনাথ সিংহ ঁদেৱক, পিতৃ চাৰিঙ্গীয়া দেৱতাক, ককাই ৰজাদেৱক জেনেকৈ বিহ দি মাৰিছে৷ সম্প্ৰতি ফুকন-বৰুৱা লা-লিগিৰা জিবোৰ মাৰিছে, আৰো মঞি মন পোৱা লোকক খেদি বুঢ়াগোহাঞিৰ পেটৰ মানুহ লগত দি মোক দিন-ৰাত্ৰি ৰাখি থাকে৷ মোহৰ কেইটাও হাত কৈলেগৈ৷ এবেসে মোৰ শৰীৰ-ৰক্ষা কিৰূপে পৰিব? পেহীৰ পুতেকে দেখিছে৷ ফুকনলৈকেই জে সকলো কতা লিখি আজি কৰি শীঘ্ৰে গৈ চাহাবৰ ঠাইত শৰণাগত হবিগৈ৷ আত চাহাবলোক আৱশ্যক অনুগ্ৰহ কৰিব৷ ছয়-সাত কুম্পানি কাপ্তানে পল্টং সহিতে লৈ শীঘ্ৰে আহিব৷ জি খৰচ হয় দিবলৈ কবুল কৰিব৷ এই দৰত জদি চাহাবে খুচি নহয়, বৎসৰেকত এক লক্ষে দিবলৈ লিখি দিবি৷ তেওঁ শত্ৰুক নষ্ট কৰিব পৰাকৈহে আহিবি৷ জদি আমাৰ শৰীৰ ৰক্ষা নপৰা শুন, আমাৰ কোঁৱৰ এটা জি ভাটীত আছেগৈ, সেইটিকে আনি শত্ৰুক নষ্ট কৰি দেশখান ৰক্ষা কৰিবি৷ এই কথা জদি বুঢ়াগোহাঞিএ জানিব লাগিল, ৰাজ বধ, গুৰু-বধ, স্ত্ৰী বধ ফুকনৰ গাত লাগিব৷ ইতি- তাং ২৯ মাস ভাদ্ৰে৷৷১১ (১৮শ - ১৯শ শতিকা)

ভদ্ৰকান্ত বৰবৰুৱালৈ কছাৰী ৰজা কৃষ্ণচন্দ্ৰনাৰায়ণৰ পত্ৰ
স্বস্তি শ্ৰীমদ্ধৃন্দাবন-ৰাস-স্থানাধীষ্ঠিত শ্ৰী শ্ৰীমদ্ৰাধা-গোবিন্দামল চৰণাৰবিন্দয়োঃ গলন্মকৰন্দ-নিষ্পন্দমান-পানানন্দিতমত্ত-মধুব্ৰতানুমানস-শ্ৰীযুক্ত-ভদ্ৰকান্ত বৰবৰুৱা-ৰাজধৰ্ম্মানুশালি-নিয়ম সুৰত সচিববৰেষু৷ ভৱদ্ভ দ্ৰোন্নতীঃ ঁদ্বাৰা সমনিশং ভবেয়মহত্ৰ ক্ষেমমাস্তেতৰাং৷
বিশেষ যখন গাৰ শত্ৰু মধ্য হইতে শ্ৰীৰুদ্ৰসিংহ  ঁএ ৰাজা তাম্ৰধ্বজক উদ্ধাৰ কৰিয়া শ্ৰীশ্ৰীবিশ্বনাথ ক্ষেত্ৰে দক্ষিণ উৰুতে শ্ৰীশিৱসিংহ মহাৰাজাক বৈসায়া ও ৰাজা তাম্ৰধ্বজক উৰুতে বৈসায়া পিতা-পুত্ৰ সম্বন্ধ সত্যধৰ্ম্ম কৰিয়াচিল, তদবধি উভয়দেশ অভেদানুবৎচিহ্ন প্ৰীতিপূৰ্ব্বকমতে গঙ্গাস্ৰোত চলি গেছেন৷ তদনুৰূপ ভাৱ-ভাবনা অন্তস্কৰণেতে আছে, কিন্তু দেশ-কাল সম্যতাৰূপে নাচলেন৷ অতএব পূৰ্ব্বব্যৱহাৰাদি বিপৰ্য্যয় কিঞ্চিত হৈয়া থাকিবে৷ তত্ৰাপি মমান্তস্কৰণীয় পত্ৰী দ্বাৰা বেদ্য হৈয়া কালাকাক্ষণ কৰিয়া প্ৰসাদ হৈতে হই৷ অতএব মম ধৰ্ম্মপুৰ দেশীয় কিয়ৎলোক শ্ৰীমদান্ধ হৈয়া অকাৰ্য্য কৰিল৷ মমাজ্ঞা প্ৰবল্লকাৰণ আত্মপিতা-পুত্ৰ সমন্দোভয়-দেশ এক হৈল৷ ভদ্ৰাভদ্ৰ জ্ঞাপন কৰিতে মমাভিমান চিত্তে নাই৷ মদীয় পত্ৰী প্ৰেৰণ কৰিতেছি৷ আপনে কঁ জ্ঞাপন কৰিয়া মদীয় কিয়ৎ নৰকীট-শ্ৰীমদান্ধজ্ঞান পূৰ্ণ দূৰ কৰিয়া দিবেক, বিজ্ঞোত্তমেষু৷১২ (১৮ শ শতিকা)

আহোম যুগৰ চিঠি-পত্ৰৰ গদ্যশৈলীৰ বৈশিষ্ট্যঃ
আহোম যুগৰ প্ৰাপ্ত চিঠিসমূহ অধ্যয়ন কৰি ইয়াৰ গদ্যশৈলীৰ সম্পৰ্কে কিছুমান সিদ্ধান্ত আগবঢ়াব পাৰি–
ক৷ চিঠিসমূহ কথ্য ভাষাত লিখাৰ বাবে ইয়াৰ ৰচনাৰীতি সহজ-সৰল৷ দ্ব্যৰ্থাত্মক শব্দ বা বাক্যৰ প্ৰয়োগ নাই৷ ঘৰুৱা শব্দও যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছে৷ উদাহৰণ– ‘‘তোমাৰ কুশলবাৰ্ত্তা সুনিয়া পৰমাপ্যাতি হৈলো৷ আৰু যে লিখিছা প্ৰীতিবৃক্ষ অঙ্কুৰিত, সেয়ে তোমাৰ-আমাৰ সাহলাদেত বৃদ্ধিক পায়া ফলিত-পুষ্পিত হৈবাৰ খান জি কহিছ, ইগোট বিশেষ৷ কিন্তু তোমাৰ-আমাৰ প্ৰীতিগোট জিহত হন্তে ঘটিছে, সমস্তে জান৷ সেইৰূপ মৰ্য্যাদা ৱ্যৱহাৰত যদি ৰহিব৷’’ (মহাৰাজ নৰনাৰায়ণলৈ চুখাম্‌ফা স্বৰ্গদেৱৰ পত্ৰ)

খ৷ চিঠিসমূহত ৰজাক উদ্দেশ্য কৰি অত্যধিক সম্বোধন বা সন্মানসূচক শব্দৰ ব্যৱহাৰ কৰা দেখা গৈছে৷ উদাহৰণ– 
‘‘স্বস্তি শ্ৰীমদ্ধৃন্দাবন-ৰাস-স্থানাধীষ্ঠিত শ্ৰী শ্ৰীমদ্ৰাধা-গোবিন্দামল চৰণাৰবিন্দয়োঃ গলন্মকৰন্দ-নিষ্পন্দমান-পানানন্দিতমত্ত-মধুব্ৰতানুমানস-শ্ৰীযুক্ত-ভদ্ৰকান্ত বৰবৰুৱা-ৰাজধৰ্ম্মানুশালি-নিয়ম সুৰত সচিববৰেষু৷ ভৱদ্ভ দ্ৰোন্নতীঃ ঁদ্বাৰা সমনিশং ভবেয়মহত্ৰ ক্ষেমমাস্তেতৰাং৷’’ (ভদ্ৰকান্ত বৰবৰুৱালৈ কছাৰী ৰজা কৃষ্ণচন্দ্ৰনাৰায়ণৰ পত্ৰ)

গ৷ এই চিঠিসমূহৰ বাক্যবিন্যাস অসমীয়া ভাষাৰ দৰেই সৰল আৰু চুটি চুটি বাক্যৰ প্ৰয়োগ বেছি৷ উদাহৰণস্বৰূপে– ‘‘কিন্তু তোমাৰ-আমাৰ প্ৰীতিগোট জিহত হন্তে ঘটিছে, সমস্তে জান৷ সেইৰূপ মৰ্য্যাদা ৱ্যৱহাৰত যদি ৰহিব৷ ফলিত-পুষ্পিত কিসত নহৈব?’’ (মহাৰাজ নৰনাৰায়ণলৈ চুখাম্‌ফা স্বৰ্গদেৱৰ পত্ৰ)

ঘ৷ এই চিঠিসমূহৰ ভাষা নিৰস নহয়৷ ইয়াত কাহিনীধৰ্মিতা আছে৷ ইয়াত ভাৱৰ সমাৱেশ আৰু প্ৰেৰকৰ আৱেগ আছে৷ উদাহৰণস্বৰূপে– ‘‘শ্ৰী বৰফুক্কনক প্ৰতি মোৰ জি বিপত্তি হৈছে, ৰহস্যে ফুকনলৈ কৈ আছোঁ৷ বুঢ়াগোহাঞি ক্ৰমে সকলোকে মাৰিলে৷ আমাৰ প্ৰাণ ৰক্ষাৰ উপায় নেদেখো৷ এতেকে ফুকনলৈকেইবা জদি আমাত আশা আছে, ফুকনে এই পত্ৰ দেখিতে বুঢ়াগোঞিক দমন কৰি মোক দৃঢ় কৰি ৰাখিব পাৰিব৷ ফুকন শীঘ্ৰে আহক৷ জদি এইপ্ৰকাৰে আহিব নোৱাৰে৷ ফুকন ভটিয়াই গৈ ৰঙ্গপুৰৰ কলিকতাৰ শ্ৰীযুত বৰচাহাবত শৰণাগত হৈ ৰাজদ্ৰোহী বুঢ়াগোহাঞিৰ কথা চাহাবত জনাবিগৈ৷’’ (বদনচন্দ্ৰ বৰফুকনলৈ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ গোপনীয় পত্ৰ)

ভাষিক বৈশিষ্ট্যঃ
চিঠিসমূহ অধ্যয়ন কৰি ইয়াৰ ভাষিক বৈশিষ্ট্য সম্পৰ্কেও কিছুমান সিদ্ধান্ত আগবঢ়াব পাৰি–
ক৷ আহোম যুগত প্ৰচলিত হোৱা এই গদ্যবোৰৰ অন্য এক বিশেষত্ব হৈছে ইয়াত প্ৰয়োগ হোৱা ভাষা৷ এই  গদ্যবোৰত সাধাৰণতে তিনিপ্ৰকাৰৰ ভাষাৰ সমাৱেশ ঘটিছে৷ সেয়া হ’ল– সংস্কৃত ভাষা, সমসাময়িক কথিত অসমীয়া ভাষা আৰু বঙলুৱা ঠাঁচৰ অসমীয়া ভাষা৷১৩ চিঠিসমূহৰ ভাষাতো এই একেধৰণৰ ভাষাৰ সমাৱেশেই দেখা যায়৷ আহোম ভাষাৰ প্ৰভাৱো এই চিঠিৰ অন্যতম এতি বিশেষত্ব৷

ধ্বনিগতঃ
স্বৰধ্বনিঃ
‘ঈ’ৰ পৰিৱৰ্তে ‘ই’ প্ৰয়োগ: উকীল> উকিল
উদাহৰণ - তোমাৰ উকিলৰ সঙ্গে আমাৰ উকিল শ্ৰী চণ্ডিবৰ ও শ্ৰী দামোদৰ শৰ্ম্মাক পঠোৱা হৈছে৷
এ’ ৰ পৰিৱৰ্তে ‘ই’ৰ প্ৰয়োগ: এঠাইৰ > ইঠাইৰ, এতিয়া > ইতিয়া 
উদাহৰণ- অদ্যাপি সেথানৰ কাৰ্যকাৰ ভাৰ তোমাৰ উপৰ, ইঠাইৰ আনাৰো উপৰ আছে৷
‘ও’ৰ ঠাইত ‘উ’ৰ প্ৰয়োগ: ওপৰ > উপৰ
উদাহৰণ- অদ্যাপি সেথানৰ কাৰ্যকাৰ ভাৰ তোমাৰ উপৰ, ইঠাইৰ আনাৰো উপৰ আছে৷
‘অ’ৰ ঠাইত ‘ঐ’ৰ প্ৰয়োগ: হ’ল > হৈল
উদাহৰণ– মমাজ্ঞা প্ৰবল্লকাৰণ আত্মপিতা-পুত্ৰ সমন্দোভয়-দেশ এক হৈল৷

ব্যঞ্জন ধ্বনি:
‘গ’ৰ ঠাইত ‘স’: একলগ> একলস 
‘ষ’ৰ ঠাইত ‘হ’ : শেষ> শেহ 
‘স’ৰ ঠাইত হ :  সিপাৰে> হিপাৰে
‘ছ’ৰ ঠাইত ‘চ’ : লিখিছে> লিখিচে 
‘ত’ৰ ঠাইত ‘ত্ৰ’ : ৰাতি> ৰাত্ৰি 
‘জ’ৰ ঠাইত ‘ঝ’ : যুঁজ> যুঝ 
‘হ’ৰ ঠাইত ‘স’ :  মাহ> মাস
‘ব’ৰ ঠাইত ‘ভ’ : এইবোৰ> ইভোৰ 

উষ্ম ধ্বনিৰ অভেদ প্ৰয়োগ: 
শ > স: আৰু পূৰ্ব্বে ১৬৪ সঁকত মটকৰ বদৌচা ৰজা..
য > জ: জি (যি), জদি (যদি), জেনেকৈ (যেনেকৈ), জিসকলে (যি সকলে)
উদাহৰণ– জি হয় দিবলৈ কবুল কৰিব, জদি এইপ্ৰকাৰে আহিব নোৱাৰে৷
ষ > স: তথাপি আমাৰ মনে বিসম নালাগে ৷

দ্বিত্ব ব্যঞ্জনৰ প্ৰয়োগ: 
চিঠিসমূহত ব্যৱহৃত কিছুমান শব্দত দ্বিত ব্যঞ্জনৰ প্ৰয়োগ ঘটা দেখা যায়৷ উদাহৰণ– বৰফুক্কন, সৰ্দ্দাৰ, দিক্কামিনী, শ্ৰীমন্মল্ল আদি৷

ৰূপগত:

সৰ্বনাম: মঞি, তঞি, তৎকাল, যেনেৰূপে, এইৰূপে, কেমন, তেবে, যতেক  আদি শব্দৰ প্ৰয়োগ৷
বিশেষণ: গোবিন্দামল, শ্ৰীযুক্ত, শ্ৰীমদ্ৰাধা, প্ৰচণ্ড চৰিত্ৰ, মহা মহিমা, মহা তেজস্বী, শ্ৰীমন্মল্ল আদি৷
অব্যয়: যেমনে, হেন, পুনু, এতেকে, সহিতে, নিমিত্তে আদি৷

বচন:
একবচন আৰু বহুবচনৰ ৰূপ কৰোঁতে– -বোৰ, -ভোৰ, -ভুৰ, -বিলাক, -গিলা, -বোলাক, হঁত, -হেঁত, -সকল, -সমস্ত আদিৰ প্ৰয়োগ–
-হঁত: ইহেঁত
-বোলাক: ইবোলাকেও
-ভোৰ: ইভোৰ
-ভুৰ: যিভুৰ
-সকল: ডাঙ্গৰীয়া সকল

নিৰ্দিষ্টতাবাচক প্ৰত্যয়:
     -খান, -খন, -টো, -জনা, -গোট, -জনী, -খিনি, -হালি, -সাজ, -পোন, -গুচি, -চলু আদি প্ৰত্যয়ৰ প্ৰয়োগ–
-জনী: বৰকুঁৱৰী জনী
-জনা: সৰুজনা গোঁহাই
-খান: দেশখান, কটাৰী দুখান
-খন: আঠখন

লিংগ:
    তিনি ধৰণে লিংগ নিৰ্ণয় লক্ষ্য কৰা যায়–
(ক) পুৰুষবাচক শব্দৰ পিচত -ঈ, -অনী, -নী আদি স্ত্ৰী প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ ৰূপ নিৰ্ণয়–
-ঈ: সুন্দৰী, জহৰী
-নী: গোসানী
-অনী: মিকিৰণী

শব্দগত:
তৎসম শব্দ: মনুষ্য, বৃক্ষ, কাৰ্য, ধৰ্ম্ম, ভাতৃ, হন্তে, গৰ্ভ, কায়স্থ, চক্ষু, স্বৰ্গ, জন্ম, মৃত্যু ইত্যাদি
অদ্ধৰ্তৎসম শব্দ: মুকুতা, কিৰিষি, খুদিলা, জনম, বৰিষন আদি
তদ্ভৱ শব্দ: মই, তুমি, হাতী, ঘোঁৰা, বাঘ ইত্যাদি৷
সংযুক্ত শব্দ: তোমাৰ-আমাৰ, ফলিত-পুস্পিত, কথী-বাৰ্তা, ভাৱ-ভাৱনা, গো-ব্ৰাহ্মণ, শত-সহস্ৰ, নৃত্য-গীত ইত্যাদি৷

প্ৰতিধন্যাত্মক শব্দ:
    চা-চকী, লা-লিগিৰা, ডা-ডাঙৰীয়া, আহিলা-পাতি, সোধ-পোছ, অমুক-তমুক, হাট-বাট ইত্যাদি৷

ব্ৰজাৱলী শব্দৰ প্ৰয়োগ:
এমতে, শুনিবেক, নিৰন্তৰে, হন্তে, দিবেক, সঙ্গে, তবে, কৰিতে, দেখিবেন, ততকালে, পাঠাইবেক, দেখাইবাৰ আদি৷

বাক্যগত দিশ:
বুৰঞ্জী সাহিত্যৰ দৰে ৰাজকীয় পত্ৰ বোৰতো বিভিন্ন বাক্য যেনে– সৰল, মিশ্ৰ, যৌগিক, বৰ্ণনাত্মক, সন্দেহসূচক, আজ্ঞাসূচক বাক্যৰ প্ৰয়োগ দেখা যায়৷ সেইদৰে কিন্তু, এতেকে, পাচে, জদি, আৰু আদি শব্দেৰে বাক্যৰ আৰম্ভণি হোৱা দেখা যায়৷ 
কিন্তু, এতেকে, পাচে, জদি, আৰু আদি শব্দেৰে বাক্যৰ আৰম্ভণি:
পাচে সি সেই দেশৰ এক গিৰিহতে সৈতে থাকিলগৈ...
কিন্তু জিসকলে জিহক আচৰি থাকে...
এতেকে ফুকনলৈকেইবা জদি আমাত আশা আছে৷
জদি আমাৰ শৰীৰ ৰক্ষা নপৰা শুন...
আৰু যে লিখিছা প্ৰীতিবক্ষ অঙ্কুৰিত...
চুটি-চুটি বাক্য:
ক৷ লিখনং কাৰ্যঞ্চ অত্ৰ কুশল৷ তোমাৰ কুশলবাৰ্ত্তা সুনিয়া পৰমাপ্যাতি হৈলো৷
খ৷ লেখনং কায্যৰ্ঞ্চ এথা আমাৰ কুশল৷ তোমাৰ কুশল বাঞ্চা কৰি৷
সৰল বাক্য:
ক৷ ফুকন শীঘ্ৰে আহক৷ জদি এইপ্ৰকাৰে আহিব নোৱাৰে৷ 
খ৷ এবেসে মোৰ শৰীৰ-ৰক্ষা কিৰূপে পৰিব? পেহীৰ পুতেকে দেখিছে৷
মিশ্ৰ বাক্য:
ক৷ এই দৰত জদি চাহাবে খুচি নহয়, বৎসৰেকত এক লক্ষে দিবলৈ লিখি দিবি৷ 
খ৷ অতএব মম ধৰ্ম্মপুৰ দেশীয় কিয়ৎলোক শ্ৰীমদান্ধ হৈয়া অকাৰ্য্য কৰিল৷ 
যৌগিক বাক্য:
ক৷ বিশেষ যখন গাৰ শত্ৰু মধ্য হইতে শ্ৰীৰুদ্ৰসিংহ  ঁএ ৰাজা তাম্ৰধ্বজক উদ্ধাৰ কৰিয়া শ্ৰীশ্ৰীবিশ্বনাথ ক্ষেত্ৰে দক্ষিণ উৰুতে শ্ৰীশিৱসিংহ মহাৰাজাক বৈসায়া ও ৰাজা তাম্ৰধ্বজক উৰুতে বৈসায়া পিতা-পুত্ৰ সম্বন্ধ সত্যধৰ্ম্ম কৰিয়াচিল, তদবধি উভয়দেশ অভেদানুবৎচিহ্ন প্ৰীতিপূৰ্ব্বকমতে গঙ্গাস্ৰোত চলি গেছেন৷ 
বৰ্ণনাত্মক বাক্য:
ক৷ ফুকন ভটিয়াই গৈ ৰঙ্গপুৰৰ কলিকতাৰ শ্ৰীযুত বৰচাহাবত শৰণাগত হৈ ৰাজদ্ৰোহী বুঢ়াগোহাঞিৰ কথা চাহাবত জনাবিগৈ৷ গৌৰীনাথ সিংহ ঁদেৱক, পিতৃ চাৰিঙ্গীয়া দেৱতাক, ককাই ৰজাদেৱক জেনেকৈ বিহ দি মাৰিছে৷ সম্প্ৰতি ফুকন-বৰুৱা লা-লিগিৰা জিবোৰ মাৰিছে, আৰো মঞি মন পোৱা লোকক খেদি বুঢ়াগোহাঞিৰ পেটৰ মানুহ লগত দি মোক দিন-ৰাত্ৰি ৰাখি থাকে৷ মোহৰ কেইটাও হাত কৈলেগৈ৷ এবেসে মোৰ শৰীৰ-ৰক্ষা কিৰূপে পৰিব?
আজ্ঞাসূচক বাক্য:
ক৷ জদি আমাৰ শৰীৰ ৰক্ষা নপৰা শুন, আমাৰ কোঁৱৰ এটা জি ভাটীত আছেগৈ, সেইটিকে আনি শত্ৰুক নষ্ট কৰি দেশখান ৰক্ষা কৰিবি৷

পৰিশেষত ক’ব পাৰি এই চিঠি পত্ৰৰ গদ্যবোৰত সেই সময়ৰ সমকালীন সমাজৰ ভাষাশৈলীৰ প্ৰতিটো উপাদানেই কম-বেছি পৰিমাণে পৰিলক্ষিত হয়৷ আহোম ৰাজত্বৰ সময়ৰ কথিত গদ্যও আৰু অন্যান্য দেশী-বিদেশী ভাষাৰ শব্দ ব্যৱহাৰো এই চিঠি পত্ৰবোৰৰ অন্যতম বিশেষত্ব৷ এই আলোচনাত ৰজা-মহাৰজাৰ সময়ছোৱাত লিখা মাত্ৰ কেইখমান চিঠিৰ আধাৰতহে গদ্যশৈলীৰ আলোচনা কৰা হৈছে৷ ইতিমধ্যেই বিভিন্ন ঠাইত সংৰক্ষিত হৈ থকা বা কালৰ গৰ্ভত লুপ্ত হৈ থকা অন্য চিঠি-পত্ৰসমূহ সময়ত উদ্ধাৰ হ’লে বা সেই চিঠি-পত্ৰবোৰ বিশ্লেষণ কৰিলে এই চিঠি-পত্ৰবোৰৰ গদ্যশৈলীৰ অধিক বিশেষত্ব প্ৰতিফলিত হ’ব৷ আধুনিক অসমীয়া গদ্যৰ বিকাশ আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো এই চিঠি-পত্ৰৰ গদ্য এক বিশিষ্ট মাইলৰ খুঁটি৷

প্ৰসংগসূত্ৰঃ
১ চিঠি (সম্পা.) চিঠি... লেটাৰ গোট, পাতনি-প্ৰহাস কুমাৰ ভট্টাচাৰ্যৰ পৰা সংগ্ৰহীত
২ উল্লিখিত– পাতনি
৩ লক্ষ্মীনাথ বেজবৰুৱা (সম্পা.) অৰিন্দম বৰকটকী, অজিত ভৰালী, পৃঃ২১২
৪ পত্ৰলেখা, ভূমিকা, মহেশ্বৰ নেওগ, পৃষ্ঠা-১৬
৫ প্ৰাচীন অসমীয়া গদ্য শৈলী, পৃষ্ঠা-১২৩
৬ উল্লিখিত, পৃষ্ঠা-১২৪
৭ ক্ৰমবিকাশত অসমীয়া কথাশৈলী, প্ৰফুল্ল কটকী, পৃষ্ঠা-৪৬
৮ স্নাতকৰ কথাবন্ধ, মহেশ্বৰ নেওগ, পৃষ্ঠা-৬
৯ উল্লিখিত, পৃষ্ঠা-৭
১০ উল্লিখিত, পৃষ্ঠা-৬০
১১ উল্লিখিত, পৃষ্ঠা-৬১
১২ উল্লিখিত, পৃষ্ঠা-৬২
১৩ উল্লিখিত, পৃষ্ঠা-১৩৩

গ্ৰন্থপঞ্জীঃ
কটকী, প্ৰফুল্লঃ ক্ৰমবিকাশত অসমীয়া কথাশৈলী, বীণা লাইব্ৰেৰী, সপ্তম প্ৰকাশ, মে, ২০১৫
কোঁৱৰ, অৰ্পণাঃ প্ৰাচীন অসমীয়া গদ্য শৈলী, বনলতা,  চতুৰ্থ প্ৰকাশ, নৱেম্বৰ, ২০১৪ চন
ডেকা, প্ৰণৱজ্যোতিঃ হলীৰাম ডেকাৰ সাহিত্য সম্ভাৰ, অসম বুক ডিপো, পানবজাৰ, জানুৱাৰী, ২০০১
নেওগ, মহেশ্বৰঃ পত্ৰলেখা [১৯৬৮], অসম সাহিত্য সভা, হৰিপ্ৰসাদ নেওগ, প্ৰধান সম্পাদক, অঃসাঃসঃ
ঐঃ স্নাতকৰ কথাবন্ধ, গুৱাহাটী ইউনিভাৰ্ছিটি প্ৰেছ, গুৱাহাটী, ষষ্ঠদশ প্ৰকাশ, ২০১৮
বৰকটকী, উপেন্দ্ৰঃ পত্ৰ সাহিত্যৰ সুবাস, চন্দ্ৰ প্ৰকাশ, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১১
মহন্ত, কেশদাঃ উত্তৰ ৰামচৰিত আৰু মেঘদূত কাব্য, বনলতা, প্ৰথম প্ৰকাশ, ২০০০
দত্ত, মনোহৰঃ চিঠি, চিঠি... লেটাৰ গোট, প্ৰথম প্ৰকাশ, ২০১৮
ৰাজখোৱা, অৰবিন্দঃ অসমীয়া বিজ্ঞান সাহিত্য, অসম বিজ্ঞান লেখক সন্থা, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১৮
শৰ্মা, গোবিন্দ্ৰপ্ৰসাদঃ উপন্যাস আৰু অসমীয়া উপন্যাস (১৯৯৫), ষ্টুডেণ্টছ ষ্টোৰ্চ, দ্বিতীয় সংস্কৰণ, ২০০৯
সৌঃ কুঃ চঃ অনুঃ সমাজঃ চলিহাৰ চিঠি আৰু অন্যান্য, বনলতা, নতুন সংস্কৰণ, ২০১৭
যোগেন্দ্ৰ নাথ দত্তঃ দেউতাৰ চিঠি, প্ৰকাশক- মৰ্ডাণ পাবলিছিং হাউছ, জি.এন.বি. ৰোড, গুৱাহাটী, প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০১১

Post a Comment

0 Comments