অৰুনোদই যুগৰ অসমীয়া গদ্য৷ অৰুনোদইৰ গদ্যৰীতি


* পৃষ্ঠভূমি

  • ১৮১৩ চনত ৰামপুৰত মিছনেৰীসকলৰ যত্নত প্ৰকাশ পোৱা বাইবেলৰ অসমীয়া অনুবাদৰ পৰাই অসমীয়া ভাষাৰ আধুনিক যুগটোৰ আৰম্ভ বুলি ক’ব পাৰি৷
  • ১৮২৬ৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজত্বৰ অন্ত আৰু অসমৰ স্কুল আদালতত ১৮৩৬ৰ পৰা ১৮৭৩ চনলৈ বাংলা ভাষাৰ প্ৰভাৱ৷
  • ১৮২৯ চনত অসমত জেমচ্ ৰেৰ প্ৰথম পদাৰ্পণ৷ ধৰ্ম প্ৰচাৰৰ বাবে প্ৰয়াস৷  ১৮৩০ চনত গুৱাহাটীত জেমচ ৰে’ৰ নেতৃত্বত প্ৰথমখন স্কুল প্ৰতিষ্ঠা ৷ বিভিন্ন কাৰণত এই অভিযান বিফল হয়৷
  • ১৮৩৬ চনত উইলিয়াম ৰবিন্সন আৰু ১৮৩৫ চনত ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অ’টি কট্টাৰৰ শদিয়ালৈ আগমণ আৰু পৰৱৰ্তী সময়ত শিৱসাগৰলৈ যাত্ৰা৷
  • এই সময়ছোৱাত প্ৰকাশিত গ্ৰন্থঃ ১৮৩৯ উইলিয়াম ৰবিনছনৰ ' A Grammar of the assamese language, ১৮৪৪ চনত কাশীনাথ তামুলীফুকনৰ 'অসম বুৰঞ্জী', ১৮৪৬ খৃঃত ডঃ নেথান ব্ৰাউনৰ ' Grommatical Notices on The assamese sse language. আৰু ১৮৪০ খৃঃত শ্ৰীমতী অ’টি কট্টাৰৰ ইংৰাজী অসমীয়া ' vocabulary and phrases', ১৮৪০ চনত অ’টি কাট্টাৰৰ পত্নী শ্রীমতী কাট্টাৰৰ 'অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য', বিশ্বেশ্বৰ বিদ্যাধিপতিৰ' 'বেলিমাৰৰ বুৰঞ্জী' (১৮৩৩-৩৮ খ্রী.), যদুৰাম ডেকাবৰুৱাৰ প্ৰথম 'অসমীয়া বঙলা 'অভিধান (১৮৩৯?), মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ (দেৱান), 'বুৰঞ্জী বিৱেকৰত্ন' (১৮৩৮) এই কালছোৱাৰ উল্লেখযোগ্য পুথি। হলিৰাম ঢেকিয়াল ফুকন এই সময়ৰে লেখক যদিও তেওঁ বঙলা ভাষ্যাতহে লিখিছিল।
  • ১৮৩৯ চনত অসমত প্ৰথম মেচিন নাও চলে আৰু ১৮৪৬ চনত প্ৰথম মেচিনচালিত ছপাশাল স্থাপন কৰা হয়৷ এই দুটা তথ্যই আছিল অসমত যন্ত্ৰযুগৰ প্ৰথম আৰম্ভণি৷
  • ১৮৪৪ চনত এই প্ৰেছতে ছপোৱা হয় কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’৷ (অধিক তথ্যঃ  পুৰন্দৰ সিংহৰ নিৰ্দেশত ৰাধানাথ বৰবৰুৱা আৰু আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত 'আসাম বুৰঞ্জী' ৰচনা কৰিছিল। ১৮৪৪ চনত আমেৰিকান বেপ্তিষ্ট মিছনে এই কিতাপখন ছপাই উলিয়ায়। এই 'আসাম বুৰঞ্জী'ৰ আলমতে পৰৱৰ্তী সময়ত হৰকান্ত সদৰামীন ডাঙৰীয়াই 'অসম বুৰঞ্জী' ৰচনা কৰে।)
  • এই সময়তে অসমীয়া-বাংলা-হিন্দী আদিৰ খিচিৰি ভাষাৰ সৃষ্টি হয়৷ যাৰ ফলশ্ৰুতিত মিছনেৰীসকলৰ মাতৃভাষা বিষয়ক জ্ঞানৰ উপলব্ধি হয় আৰু মিছেৰীসকলে অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ চেষ্টা আৰম্ভ কৰে৷
  • মহেশ্বৰ নেওগে এই প্ৰসংগত কৈছেঃ অসমৰ জাতীয় জীৱনত বেপ্তিষ্টসকলৰ ভূমিকা হ’ল মৃত সঞ্জীৱনী দানৰ, অসমীয়া ভাষাৰ ত্ৰান আৰু নিৰ্মাণৰ জীৱন দায়ী ভূমিকা৷ 
  • শিৱাগৰৰ পৰা ১৮৪৬ চনত ‘অৰুনোদই সম্বাদপত্ৰ’ প্ৰকাশ৷ এই 'অৰুনোদই সম্বাদপত্র' নামটো ১৮৫০ খ্রীষ্টাব্দলৈকে চলি আছিল; ১৮৫১ ৰ পৰা কৰা হ'ল কেৱল 'অৰুনোদই' এই আখৰ-জোঁটনিত মিছনেৰিসকলে উচ্চাৰণ অনুসৰি কৰা আখৰ-জোঁটনিৰ নিয়ম অনুসৰি দন্ত্য 'ন' আৰু হ্রস্ব 'ই' ব্যৱহৃত হৈছিল।
  • ৯ ম বছৰৰ চতুৰ্থ সংখ্যা অৰুনোদইত প্রকাশিত Style and Mode of spelling লেখাৰ নিৰ্দেশ মতেই 'অৰুনোদই'- এ জ আৰু যৰ ঠাইত জ; চ আৰু ছৰ ঠাইত চ; শ, ষ, সৰ ঠাইত 'স'; ন আৰু ণৰ ঠাইত ন; ই কাৰ আৰু ঈ কাৰৰ ঠাইত হ্রস্ব 'ই' কাৰ; ৰেফযুক্ত দ্বিত্ব ব্যঞ্জনৰ এটা বৰ্জন কৰি সূৰ্য্যৰ ঠাইত সুৰ্জ- এনে আখৰ-জোঁটনি ব্যৱহাৰ কৰি আহিছিল। কিন্তু ১৮৫৯ খ্রীষ্টাব্দত হেমচন্দ্ৰ বৰুৱাৰ 'অসমীয়া ভাষাৰ ব্যাকৰণ' প্রকাশিত হোৱাৰ পিছত ১৮৬০ খ্ৰীষ্টাব্দৰ পৰা 'অৰুনোদই'- এ নিজকে 'অৰুণোদয়' কৰিলে আৰু অন্যান্য আখৰ-জোঁটনিও সলালে। এতেকে, ১৮৪৬ ৰ পৰা ১৮৮০ লৈকে এই ৩৪ বছৰত 'অৰুনোদই' এ তিনিটা নামত নিজকে প্রকাশ কৰিছিল; ১৮৪৬ ৰ পৰা ১৮৫০ লৈকে 'অৰুনোদই সম্বাদপত্র', ১৮৫১ ৰ পৰা ১৮৬০ লৈকে 'অৰুনোদই' আৰু ১৮৬১ ৰ পৰা ১৮৮০ লৈ 'অৰুণোদয়' এই তিনিটা নামত। 
  • ১৮৫১ চনত জন্‌ বানিয়নৰ ‘পিল্‌গ্ৰিমছ প্ৰগ্ৰেছ’ৰ অসমীয়া অনুবাদ ‘জাত্ৰিকৰ যাত্ৰা’ৰ প্ৰকাশ৷
  • ১৮৫৮ চনৰ পৰা গুণাভিৰাম বৰুৱাৰ ‘ৰামনৱমী’ নাটকৰ ধাৰাবাহিক প্ৰকাশ৷ ৰামনৱমী প্ৰথম আধুনিক নাটক৷
  • ১৮৫৯ হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ প্ৰকাশ পায়।

  • অৰুনোদইৰ বৈশিষ্ট ঃ "The ORUNODOI: A monthly paper, devoted to religion, science and general intelligence, is printed and published at the Sibsagar Mission Press, by O.T. Cutter, for the Baptist Mission in Assam."
  • কাকতখন ১৮৪৬ চনৰ পৰা ১৮৫০ চনলৈ বাতৰি কাকতৰূপে চলাৰ পিছত ১৮৫১ চনৰ পৰা ১৮৮০ চনলৈকে একাদিক্রমে আলোচনী ৰূপত প্রকাশিত হয়। কাকতখনৰ অন্যান্য সম্পাদকসকল আছিল অলিভাৰ টি কাট্টাৰ, এ. এইচ. ডেনফোর্থ, চেমুৱেল এম হোৱাইটিং, ড° মাইলচ ব্রহ্মন, শ্রীমতী এচ.আৰ. বার্ড ইত্যাদি।
  • অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনত মিছনাৰীসকলক প্রধানভাবে সহায় কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু নিধিলেৱি ফাৰোৱেলে। অবশেষত মিছনেৰীসকলৰ লগতে অন্যান্য কেইগৰাকীমান স্বদেশহিতৈষী অসমীয়া লোকৰ আশাসুধীয়া চেষ্টাৰ ফলত ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ ন্যায্য স্থানত প্রতিষ্ঠা কৰিলে।
  • এই প্ৰসংগত নগেন শইকীয়াই লিখিছে এনেদৰেঃ 'মিছনেৰীসকল নহা হ'লে সেই সময়ত ইংৰাজ বিষয়া আৰু বঙালী কৰ্মচাৰীসকলৰ অনুগ্ৰহত অসমীয়া ভাষা চিৰদিনৰ বাবে সমাধিষ্ঠ হ'লহেঁতেন।'


'অৰুণোদই'ৰ গদ্যৰীতি:

  • আধুনিক অসমীয়া গদ্য সাহিত্যৰ প্ৰথম নিদর্শন প্রকাশ পায় অৰুণোদইৰ যোগেদি। দৰাচলতে অৰুণোদয় কাকতেই আছিল আধুনিক অসমীয়া গদ্যৰ প্ৰধান ভেটি।
  • মিছনেৰীসকলৰ গদ্য সৃষ্টিৰ মূল আদর্শ আছিল পাশ্চাত্য সাহিত্য। 
  • মিছনাৰীসকলে অতি আন্তৰিকতাৰে অসমীয়া ভাষা শিকিবলৈ যত্ন কৰিছিল যদিও অসমীয়াৰ দৰে এটা সমৃদ্ধিশালী ভাষা ইমান সোনকালে আয়ত্ব কৰাটো তেওঁলোকৰ পক্ষে সহজ নাছিল। সেয়েহে অসমীয়া ভাষা লিখাৰ সময়ত স্বাভাৱিকতেই ইংৰাজী বাক্য-বিন্যাস ৰীতিয়ে তেওঁলোকক অত্যাধিক প্রভাৱিত কৰিছিল।
  • মিছনাৰীসকলৰ বৰ্ণ-বিন্যাস পদ্ধতি আছিল উচ্চাৰণভিত্তিক আৰু কথিত ভাষাৰ অনুকুল। 'অৰুণোদই' কাকতত অসমীয়া বৰ্ণমালাত থকা আখৰবোৰৰ ব্যৱহাৰ থাকিলেও যিটো আখৰ যেনেদৰে লিখিব লাগিছিল সেইমতে লিখিব নোৱাৰাটোৱে 'অৰুণোদই'ৰ বৰ্ণ-বিন্যাসৰ বৈশিষ্ট্য। 
  • হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই 'অৰুণোদই' কাকতত লিখিছিল যদিও তেওঁলোকে মিছনেৰীসকলৰ বৰ্ণ-বিন্যাস ৰীতি সমর্থন কৰা নাছিল। হেমচন্দ্ৰ বৰুৱাই তৎসম আৰু তদ্ভৱ শব্দৰ ভাৰসাম্য ৰক্ষা কৰি অসমীয়া শব্দাৱলীৰ বৰ্ণ-বিন্যাস পদ্ধতিক এটা স্থায়ী ৰূপ দিবলৈ যত্ন কৰিছিল।
  • হেমচন্দ্ৰ বৰুৱাই বৰ্ণ-বিন্যাসৰ ক্ষেত্ৰত সংস্কৃত আখৰ-জোঁটনিক আদর্শ হিচাপে গ্রহণ কৰিছিল। এই সম্পৰ্কত তেওঁ 'হেমকোষ'ত লিখিছে- "অসমত বর্ণ-বিন্যাস পদ্ধতি তিনিপ্ৰকাৰে কৰা হয়। প্রথমে উচ্চাৰণ অনুসৰি, দ্বিতীয়তে মূল শব্দৰ দৰে আৰু তৃতীয়তে জনা লোকসকলে বহুদিন চলোৱা নিয়মমতে। কিন্তু, বর্ণ-বিন্যাসৰ ক্ষেত্ৰত উচ্চাৰণেই ঘাই বাট দেখাওঁতা। এতেকে যদি মূল শব্দৰ আখৰ ৰাখিলে কোনো অসমীয়া শব্দৰ উচ্চাৰণ লৰে, তেনেহ'লে তাৰ মূললৈ নেচাই উচ্চাৰণৰ অনুগামী হ'ব লাগে। এইকাৰণে সংস্কৃত 'মসুৰ' শব্দক আমাৰ উচ্চাৰণৰ অনুসাৰে 'মচুৰ' লিখা কৰ্তব্য আৰু এই অভিধানত লিখাও হৈছে। সেইকাৰণেই সং. প্রৱীণ, অস. প্রবীন; সং, বেদ, অস. বেদ ইত্যাদি। ফাৰ্চী আদি বিদেশী ভাষাকো আমাৰ উচ্চাৰণৰ দৰে লিখা উচিত। যেনে সটিক, চাহাব ইত্যাদি।" 
  • বানান সম্বন্ধে 'অৰুণোদই'ৰ নীতি সন্দৰ্ভত নাথান ব্রাউনে এনেদৰে ঘোষণা কৰিছে -"...ভাষা লিখোঁতে আখৰৰ জিমান জাতি, তিমানহে লিখিব লাগে, একে জাতিৰ দুই তিনি প্রভেদৰ সকাম নাই। জ য জৰ' এই দুয়োৰে একেটা উচ্চাৰণ, এই হেতুকে অন্তস্থ যৰ বাহিৰে আন য নিলিখোঁ। শ, ষ, স, তিনিটাৰে একে মাত; শ্রী, শ্ৰীৰ একো ভেদ নে দেখোঁ। আমি কেৱল স হে লিখোঁ। ন, ণ আৰু হ্রস্ব দীর্ঘতো এইদৰে বুজিবা। ভাসাত ৰণ নোবোলে, ৰন হে বোলে; পানী হ'লে পানি বোলে, পাপীৰ ঠাইত পাপি; কুলৰ ঠাইত কুল; সূৰ্য্যৰ ঠাইত সূর্জ বা সুৰুয। আৰু ৰেফৰ পাচত এটা আখৰ দুটাকৈ নুফুটে; পৰ্ব্বত নোবোলে, পর্বতহে বোলে...।"
  • আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ ভাঙনি কৰোঁতে শ্ৰীৰামপুৰীয়া মিছনেৰী ডঃ কেৰীৰ নিৰ্দেশ অনুসৰণ কৰি সংস্কৃত বর্ণ-বিন্যাস পদ্ধতি মতে সংস্কৃত ব্যাকৰণসম্মত ৰূপত ভাঙিছিল। গতিকে দেখা যায় যে শ্ৰীৰামপুৰীয়া মিছনেৰীৰ ভাষা বিশেষভাৱে সংস্কৃতীয়া আৰু শিৱসাগৰীয়া মিছনাৰীৰ ভাষা জনসাধাৰণৰ কথিত ভাষাৰ অনুগামী।
  • অৰুণোদয় যুগৰ প্ৰধান বিশেষত্ব হ'ল হেমচন্দ্ৰ বৰুৱা সমর্থিত সংস্কৃত বর্ণ- বিন্যাসৰ প্রাধান্য। বৰুৱাই আত্মজীৱনীত লিখিছে যে তেওঁ 'অৰুণোদই'ৰ বৰ্ণ-বিন্যাস সংশোধন কৰিবলৈ যাওঁতে নিধিৰাম ফাৰোৱেলৰ পৰা প্ৰচণ্ড বাধা পাইছিল। বৰুৱাৰ মতে- "সি (নিধিলেবি ফাৰোৱেল) তাৰ গুৰু ব্রাউন চাহাবৰ বৰ্ণ-বিন্যাস প্রণালীৰ পৰা এক আঙ্গুলো লৰচৰ হোৱাক মহাপাপ বুলি ভাবিছিল।"
  • ১৮৬৭ চনত প্রকাশিত ব্ৰন্সনৰ 'অসমীয়া অভিধান'ত পাতনিত উল্লেখ কৰা কথাখিনিৰ পৰা সেইসময়ৰ মিছনাৰীসকলৰ বৰ্ণ-বিন্যাসৰ আদৰ্শৰ বিষয়ে অনুমান কৰিব পাৰিঃ অভিধানখনত লিখিছে এনেদৰে- 'সকলো জাতি মানুহৰ মাজত নিজ মাত্রি ভাসা আদৰনিয়। সেয়ে জিমান কি খিন আৰু অসোভিত নহওক, তেওঁ আপোন ভাসা বুলি নেৰে। ৰন বিগ্রহ, ৰাজ্য ভগা আৰু নতুন ৰাজ্য পতা এনে দুর্ঘটনাৰ পৰা বা নানা বিদেসি ভাসা সিকাতে মাত্রি ভাসাক গুচাব নোৱাৰে। আমাৰ এই অসম দেশত ইয়াৰ প্ৰমাণ দেখা গৈচে। পূর্বে আহোম ৰজাসকলে এই দেস জই কৰি, স স বছৰ ভোগ কৰিলে। তেওঁবিলাকৰ ভাসা খাম্‌তি জাতিৰ সমন্ধিয় এক ভাসা আচিল। কিন্তু এনে অতি আচৰিত যে ৰজা সকলৰ ভাসাই অচমিয়া ভাসাৰ একো হানি নকৰি, এতিয়া প্রাই সেই ভাসা আপুনি লোপ হ'ল। এইদৰে মান আৰু মুচলমানৰ সৈতে বাৰে বাৰে এই দেসত ৰণ কৰি দেসৰ বহুত উতপাত কৰিলে; তথাপি ভাসাৰ একো লৰ নহ'ল। আৰু বৰ্তমান কালত এই দেস ইংলণ্ডিয় সকলৰ অধিন হোআত, তেওঁবিলাকে অচমিয়া ভাসাৰ প্রতি বিসেস সহাই নহৈ, বঙ্গালি ভাসাক নিজ মাত্রি ভাসা বুলি, গৱৰ্ণমেণ্টৰ সকলো কৰম আৰু স্কুল আদিতো সেই ভাসাকে ব্যৱহাৰ কৰে, তাতে আমাৰ অচমিয়া মানুহ এভাগে জিবিকাৰ উপাইৰ নিমিত্তে বহু শ্ৰমেৰে বিদেসি ভাসা শিকে; আৰু কিছু বঙ্গালি কথা লিখিব বুজিব পাৰিলে, কাচাৰিলৈ গৈ, তাত বঙ্গালি অচমিয়া দুয়োকে মিহলাই আর্জি আদি লিখি জিবিকাৰ উপাই উলিয়াই।"
  • অৰুণোদয় যুগৰ ভাষা আছিল সেই সময়ৰ কথিত ভাষাৰ অনুগামী। এই যুগৰ ভাষাৰ শব্দমালাত ব্যবহৃত শব্দভাণ্ডাৰৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে তৎসম, অৰ্দ্ধতৎসম, তদ্ভব, দেশী (ভাৰতীয়-হিন্দী, বাংলা ইত্যাদি) বিদেশী (ইংৰাজী, আৰবী, পাচী, পর্তুগীজ ইত্যাদি) বিবিধ শব্দই ঠাই পাইছে। ঠায়ে ঠায়ে প্রয়োজন সিন্ধিৰ উদ্দেশ্যে অন্যান্য ভাষাৰ পৰা শব্দ ধাৰ নকৰি কিছুমান নতুন শব্দৰো সৃষ্টি কৰিছে।
  • বিষয়বস্তুৰ ব্যাপকত্ব এই যুগৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। সমসাময়িক ৰাজনীতিৰ পৰা আৰম্ভ কৰি পৌৰাণিক কথা আৰু কাহিনী, জ্যোতিষ, চিকিৎসা, আইন কানুন ইত্যাদি নানান বিষয় ইয়াত সামৰি লোৱা হৈছিল। 'অনেক দেসৰ সংবাদ'ত দেশ- বিদেশৰ বিবিধ খবৰ পৰিৱেশন কৰা হৈছিল।
  •  হেমচন্দ্ৰ গোস্বামীয়ে মিচনাৰীসকলৰ গদ্যৰ বিষয়ে উল্লেখ কৰি এনেদৰে মন্তব্য কৰিছে- "তেওঁবিলাকৰ (মিছনাৰীসকলৰ) ভাষা তেওঁবিলাকতে লাগি ৰ'ল, তেওঁবিলাকৰ ভাষাৰ যিটো Spirit, সিহে অসমীয়া সাহিত্য গোটেইটোত বিয়পাইছে।... পাদুৰিচাহাবসকলে অসমীয়া সাহিত্যৰ আৰু এটা উপকাৰ কৰি গ'ল; সি তেওঁবিলাকে কৰা সকলোবোৰ কামতকৈ ডাঙৰ.....সেইটি আৰু আন একো নহয়। তেওঁবিলাকে আমাৰ ভাষাক এটা সুৰ শিকাই গ'ল। এই সুৰটিৰ তাঁৰ ডালিয়ে ভাৰতবৰ্ষীয় সভ্যতা আৰু পাশ্চাত্য সভ্যতা দুইৰো মাজত লণ্ডণ গাঁঠিৰ নিচিনা হৈছে।"

অৰুনোইদৰ গদ্যৰ বিষয়ে নগেন শইকীয়াৰ মন্তব্য এনেধৰণৰ ঃ

অসমীয়া ভাষাৰ আধুনিক গদ্যশৈলী গঢ়ি তুলিলে 'অৰুনোদই'এ। এই গদ্যশৈলী প্রধানকৈ উজনি অসমৰ কথিত গদ্যৰ আৰু বুৰঞ্জীৰ গদ্য ভিত্তিত গঢ় লৈ উঠিল। হেমচন্দ্র গোস্বামীয়ে আৰু বেণুধৰ শৰ্মাই এই গদ্যশৈলীক কেঁচুৱাৰ মৰমলগা থুনুক-থানাক মাতৰ লগত তুলনা কৰিলেও, যথার্থতে কিন্তু এই গদ্যশৈলী তেনে নহয়, বৰং ই এক পৈণত গদ্যশৈলীৰে নিদর্শন। মিছনেৰিসকলে অসমীয়া লিখোঁতে কেইটামান নীতি অনুসৰণ কৰিছিল। তেওঁবিলাকে যিমান পাৰে ভাষাৰ ব্যৱহাৰ সিমানে ঘৰৱা কৰিবলৈ যত্ন কৰিছিল যদিও, অসমীয়া ভাষাৰ জতুৱা ঠাঁচৰ গদ্য ৰচনা কৰা টান হৈছিল। মিছনেৰিসকলৰ ভাৱ-প্ৰকাশৰ আৰু বাক্য গাঁথনিৰ ৰীতি ইংৰাজী ভাষাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। ফলত অসমীয়া ভাষাত সংযোজন অব্যয়ৰ অধিক ব্যৱহাৰ, যৌগিক বাক্যৰীতিৰ প্ৰৱৰ্তন আৰু আধুনিক যতি চিহ্নৰ প্ৰচলনৰ দুৱাৰ মুকলি হ'ল। ঘৰুৱা অসমীয়া কৰিবলৈ গৈ তেওঁবিলাকে 'বৰফ'ক 'পানীসিল' আৰু দীক্ষিত কৰা কাৰ্যক 'বুৰপোৱা' কৰিছিল যদিও এনেবোৰ শব্দ পিছলৈ আপোনা আপুনি অপ্রচলিত হৈ পৰিল। কিন্তু মিছনেৰিসকলৰ গদ্যৰ বিশেষকৈ সংযোজন অব্যয়ৰ, যতিচিহ্নৰ আৰু যৌগিক বাক্যৰ ব্যৱহাৰ সণ্টালনি হৈ পৰিল আৰু এইবিলাকে অসমীয়া ভাষাক এটা আগতে নোহোৱা নতুন চৰিত্ৰ দান কৰিলে। ইংৰাজী বাক্য গাঁথনিৰ ৰীতিৰ প্ৰভাৱে এই গদ্যক বুৰঞ্জীৰ গদ্য বা পূৰ্বৰ কথিত গদ্যৰ ওচৰৰ পৰা আঁতৰাই আনিলে। অসমীয়া লেখকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ মাজতে এই বিশেষত্ববোৰে প্ৰথম 'অসমীয়াত্ব' লাভ কৰিলে। মিছনেৰিসকলে জেনেৰেল জেনকিন্সৰ যোগেদি পোৱা জাদুৰাম ডেকা বৰুৱাৰ হাতে লিখা অভিধানৰ আখৰ-জোঁটনি গ্ৰহণ কৰিছিল যদিও, আনন্দৰাম ঢেকিয়াল ফুকনে কিন্তু তৎসম আৰু তদ্ভৱ শব্দৰ স্বাভাৱিক ব্যৱহাৰ কৰিছিল। এই ধাৰাটোৱেই আখৰ-জোঁটনিৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ হাতত পূর্ণতা লাভ কৰিলে। কিন্তু বাক্য-গাঁথনি আৰু প্ৰকাশ-ভংগীৰ ক্ষেত্ৰত মিছনেৰিসকলৰ গদ্যই আধুনিক অসমীয়া গদ্যৰ আৰ্হি আৰু ভেটি হৈ পৰিল। এখন 'সম্বাদ-পত্র'ই এটা ভাষাক এনেভাবে নতুন ৰূপ আৰু প্ৰকৃতি দান কৰাটো নিঃসন্দেহে এটা উল্লেখযোগ্য ঘটনা৷

অৰুনোদইৰ লেখকসকলঃ ডক্টৰ নাথান ব্রাউন, ডক্টৰ মাইলচ ব্রন্সন, ডেন ফোর্থ, নিধিলেবি ফাৰোৱেল, আনন্দৰাম ঢেকিয়াল ফুকন, পূর্ণানন্দ শর্মা, হেমচন্দ্ৰ বৰুৱা, দয়াৰাম চেতিয়া, নিধিলেবি ফাৰোৱেল, এ.কে. গাণি, উইলিয়াম বার্ড, গুণাভিৰাম বৰুৱা, পদ্মাৱতী দেৱী ফুকননী, বলৰাম ফুকন, কিনাৰাম সত্ৰীয়া আদি।


সহায়ক গ্ৰন্থপঞ্জী

  • অসমীয়া কথা সাহিত্য, পৰম্পৰা আৰু পৰিৱৰ্তন, প্ৰফুল্ল কুমাৰ নাথ, বান্ধৱ,  ২০১৪, পৃঃ৭০
  • ক্ৰমবিকাশত অসমীয়া কথাশৈলী, প্ৰফুল্ল কটকী, বীণা লাইব্ৰেৰী, মে’, ২০১৫, পৃঃ৫৭
  • ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য, কৌস্তুভ প্ৰকাশন,  এপ্ৰিল, ২০১৪, পৃঃ১৭
  • অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ, হৰিনাথ শৰ্মা দলৈ, সপ্তম প্ৰকাশ, জানুৱাৰী, ২০২৪, পৃঃ১০৩





    Post a Comment

    0 Comments