প্ৰথম অসমীয়া জীৱনী ৷ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত ৷ গুণাভিৰাম বৰুৱা ৷ হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱাৰ গদ্যশৈলী

 

* পৃষ্ঠভূমি

ইউৰোপৰ নৱজাগৰণ ():


ইউৰোপৰ সাংস্কৃতিক আৰু সামাজিক, বৌদ্ধিক আৰু কলাত্মক উত্তৰণ, উন্নয়ন৷ এই উত্তৰণ সৰ্বপ্ৰথমে আৰম্ভ হয় ইটালীত৷ মানৱতাবাদ (হিউমেনিজিম) আৰু বাস্তৱতাবাদ (ৰিয়েলিজিম)ৰ উত্তৰণৰ সময়৷ ধৰ্মীয় দৃষ্টিভংগীলৈ অহা পৰিৱৰ্তন৷ দাৰ্শনিক দৃষ্টিভংগী আৰু উদাৰতাবাদৰ আগমন৷ ছেকুলাৰ দৃষ্টিভংগীৰ আগমন৷ ধৰ্মীয় দৃষ্টিভংগীৰ পৰা বিজ্ঞানৰ দিশলৈ আগমণ৷ সাম্যবাদৰ আৰম্ভণি৷ অৰ্থনৈতিক উন্নয়ন, ব্যৱসায় বাণিজ্যৰ উত্তৰণ৷ মানুহৰ জীৱন প্ৰণালীৰ উন্নয়ন৷ বস্তুবাদী দৃষ্টিভংগীৰ আগমণ৷ 

কলাৰ সাধনা৷ লিউনাৰ্ড দ্য ভিঞ্চি (জন্মঃ১৪৫২)ৰ দৰে চিত্ৰকৰৰ আগমণ৷ চেইক্সপীয়েৰৰ দৰে নাট্যকাৰৰ জন্ম৷ কপাৰনিকাছ, গেলিলিউৰ দৰে ব্যক্তিৰ অৱদান৷ গণিত বিষয়ত কেপলাৰৰ দৰে ব্যক্তিৰ জন্ম৷ ১৫শ শতিকাত জন গুটেনবাৰ্গৰ প্ৰিণ্টিং প্ৰেছৰ আৱিষ্কাৰ৷ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ আৰম্ভণি৷ ইটালীত বেঙ্কৰ আৰম্ভণি৷

১৪৯২ চনত কলম্বাছৰ ভাৰত উদ্‌ঘাটন৷ সাগৰীয় যাতায়াতৰ সফল প্ৰয়োগ৷


ঊনবিংশ শতিকাৰ বংগ (কলিকতা)ৰ নৱজাগৰণ আৰু ক্ৰমে ই ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ প্ৰসাৰ ৷ 

বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন। ইতিহাসবিদৰ মতে এই আন্দোলনৰ গুড়ি ১৭৫৭ চনত ঘটা পলাশীৰ যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিজয় তথা ১৭৭২ৰ চনত জন্ম গ্ৰহণ কৰা সমাজ সংস্কাৰক ৰামমোহন ৰয়ৰ কৰ্মৰাজি, যাক বংগৰ নৱজাগৰণৰ জনকো বোলা হয়।

১৭৫৭ যুদ্ধৰ পলাশী যুদ্ধৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা নৱজাগৰণৰ সময়৷ ১৭৯২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগল অধিকাৰ কৰে৷ 

পলাশী যুদ্ধ ঃ এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ (তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুঁজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব চিৰাজ উদ্ দৌলা আৰু বিপক্ষে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। 

এই যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। 

১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মাণৰ কাৰ্য্যত বাধা প্ৰদান কৰে। ৰবাৰ্ট ক্লাইভ-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ষড়যন্ত্ৰ কৰি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমণ কৰে। ৰবাৰ্ট ক্লাইভয়ে এই যুঁজত নৱাবক হৰুৱাই বংগ দখল কৰে।

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগল অধিকাৰ কৰাৰ আগতেই বংগলৈ আহিছিল ডাচ্চ আৰু পটুৰ্গীজ সকল৷ ১৭৪৩ চনত এই পৰ্টুগীছ মিছনেৰীসকলেই প্ৰথমখন বাংলা পুথি ‘কৃপার শাস্ত্ৰের অৰ্থভেদ’ ছপা কৰে৷ ইয়াৰ ষাঠি বছৰৰ পিছতহে ১৮১৩ চনত অসমত শ্ৰী ৰামপুৰ মিছনৰ পৰা ‘ধৰ্মপুস্তক’ ছপা হয়৷

বংগৰ এই নৱজাগৰণত ছপাশাল আৰু ছপাপুথিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ বংগত ১৭৭৮ চনত হুগ্‌লি নদীৰ পাৰত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হয়৷ এই ছপাশাল প্ৰতিষ্ঠা কৰে মিঃ এ’ন্ড্ৰুজে ৷ অসমত তাৰ ৬৫ বছৰৰ পাছতহে ১৮৪৩ চনত ছপাশাল প্ৰতিষ্ঠা হয়৷

বংগত পলাশী যুদ্ধৰ আগতেই প্ৰায় ১৭৩১-৩২ চনত প্ৰথম স্কুল স্থাপন কৰা হয়৷ কেপ্তেইন বেলামিয়ে ‘চেৰিটি স্কুল’ নাম দি এই স্কুল প্ৰতিষ্ঠা কৰে৷

কোম্পানী চৰকাৰৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল ওৱাৰেন হেষ্টিংছ৷ এওঁ দায়িত্বভাৰ লৈয়ে পাশ্চাত্যৰ শিক্ষাৰ লগতে প্ৰাচ্যৰ শিক্ষাৰো উন্নতিৰ বাবে কাম কৰে আৰু তেওঁৰ নেতৃত্বতেই ১৭৮১ চনত কলিকতা মাদ্ৰাছা, ১৭৮৪ চনত ‘The Asiatic Society of Bengal'. 1791ত বেনাৰস সংস্কৃত কলেজৰ আৰম্ভ হয়৷

১৭৯০ চনত ইউলিয়াম কেৰিৰ ৰামপুৰ মিছনৰ প্ৰতিষ্ঠা৷ বাইবেলৰ অনুবাদ আৰম্ভ৷ ১৮০১ চনত বাংলাত বাইবেলৰ অনুবাদ৷

১৮০০ চনত কলেজ অৱ্ ফৰ্ট উইলিয়াম কলেজৰ প্ৰতিষ্ঠা৷ ব্ৰিটিছৰ শিক্ষানীতিৰ আৰম্ভ৷ অসমত ১৮৩০ চনত গুৱাহাটীত জেমচ ৰে’ৰ নেতৃত্বত প্ৰথমখন স্কুল প্ৰতিষ্ঠা আৰু ১৯০১ চনত কটন কলেজৰ প্ৰতিষ্ঠা৷

ইংৰাজী শিক্ষাই লৈ আহিলে- ভাষিক চেতনা৷ নৱ্য মানৱিকতাবাদী দৃষ্টিভংগী ৷ ধৰ্মনিৰপেক্ষ মনোভাৱ

মিছনেৰীসকলে হিন্দু ধৰ্মৰ বিৰুদ্ধে কৰা কাম-কাজবোৰ ৰুধিবৰ বাবেই ৰামমোহন ৰায়ৰ নেতৃত্বত ১৮১৫ চনত প্ৰতিষ্ঠা কৰা হয় ‘আত্মীয় সভা’৷ এই সভাই আছিলং বংগৰ নৱজাগৰণৰ আনুষ্ঠানিক অভিব্যক্তি৷ ১৮২১ চনত স্থাপন কৰা হ’ল- ‘Unitarian Society’ আৰু ১৮৮২ খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত প্ৰতিষ্ঠা হ’ল ব্ৰাহ্ম সমাজ৷ এই ব্ৰাহ্ম সমাজ আগুৱাই নিয়ে দেৱেন্দ্ৰনাথ ঠাকুৰে৷

এই আত্মীয় সভাৰ জৰিয়তেই বংগৰ কৌলিন্য প্ৰথা, জাতি প্ৰথা, সতীযোৱা প্ৰথা, বাল্য বিবাহ আদিৰ বিৰুদ্ধে মাত মাতি মানৱতাৰ আৰম্ভ কৰা হৈছিল৷

এই সময়তেই ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ নেতৃত্বত হোৱা বিধৱা বিবাহ আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়তে জন্ম হয় কলিকতা বিশ্ববিদ্যালয়ৰ৷ এই বিশ্ববিদ্যালয়ে পশ্চিমীয়া শিক্ষা আৰু সাহিত্য-সংস্কৃতিৰ লগত বংগৰ মানুহক পৰিচয় হোৱাৰ সুযোগ আনি দিলে৷

১৮৬১ চনত ৰবীন্দ্ৰনাথৰ জন্ম আৰু ঠাকুৰৰ সাহিত্যই বংগলৈ কঢ়িয়াই আনিলে নতুন সঞ্জীৱনী মন্ত্ৰ৷ বংগৰ নৱজাগৰণ এই সময়ত হৈ পৰিল বংগীয় জাতীয়তাবাদলৈ পৰিৱৰ্তন৷

বংগৰ এই নৱজাগৰণ আৰু জাতীয়তবাবাদেই অসমলৈ কঢ়িয়াই আনিছিল এক সুস্থ প্ৰতিযোগীতাৰ ভাৱ আৰু এক সাংস্কৃতিক, ভাষিক জাতীয়তাবোধ এই সময়তেই অসমতো জন্ম হয়৷

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিতত অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায়৷ ব্ৰিটিছে শাসন চলাবলৈ বেংগলৰ মানুহ আমদানি কৰিলে৷ ১৮৩৭ চনত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ স্বীকৃতি লাভ৷

এই সময়তে হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাত লিখিলে ‘আসাম বুরঞ্জী’৷

১৮৩৬ চনত খ্ৰীষ্টান মিছনেৰীসকলৰ অসম আগমণ৷ ছপাশাল প্ৰতিষ্ঠা আৰু অৰুনোদইৰ জন্ম৷

আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ আদিৰ মাজত আধুনিক অসমীয়া মনৰ উন্মেষ৷ কলিকতাৰ নৱজাগৰণৰ প্ৰভাৱে এওঁলোককো সমৃদ্ধ কৰে৷ 

(তথ্যউৎস-ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য৷ পৃঃ৭)


আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯)

  • হলিৰাম ঢেকিয়াল ফুকন (তেওঁ বঙালী ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন হ’ল: চাৰিটা খণ্ডৰ ‘আসাম বুরঞ্জী’ (১৮২৮) আৰু ‘কামৰূপৰ যাত্ৰা পদ্ধতি’ (১৮৩৩)। )ৰ পৰিয়ালত জন্ম। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাৰ হিন্দু কলেজ, পাছলৈ প্ৰেছিডেন্সী কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। 
  • ১৮৪১ চনত জেম্‌ছ মেথিউ আৰু জেন্‌কিন্স চাহাবে নিজাকৈ খৰছ বহন কৰি ফুকনক ইংৰাজী বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ পঠিয়ায়৷ ২৫ দিন নাৱেৰে গৈছিল৷ অৱশ্যে শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।
  • স্ত্ৰী শিক্ষাত গুৰুত্ব ঃ পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী। বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল।
  • ফুকনৰ মাত্ৰ ২৯ বছৰীয়া চুটি জীৱনকাল আছিল৷
  • ১৭ বছৰ বয়সৰ পৰাই ঢেকিয়াল ফুকনে ‘অৰুনোদই’ আলোচনীত লিখিবলৈ আৰম্ভ কৰে। 
  • কৰ্মজীৱন ঃ ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ 'জিম্মাদাৰ' নিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে বৰপেটাৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায়। ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে।  ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁওৰ Deputy Commissioner পদলৈ বদলি কৰা হয়। 
  • সাহিত্যঃ 'Estate Administration' ,  'ইংলেণ্ডৰ বুৰঞ্জী', 'সদৰেৰ মামলাৰ নিষ্পত্তি',  'দেৱানী মামলাৰ নিষ্পত্তি' , 'A few remarks on the Assamese language, and on the Vernacular education in Assam', "অসমীয়া ল'ৰাৰ মিত্ৰ", "বালকোপদেশ", "ভূগোল বৃত্তান্ত" আদি৷
  • তেখেত আছিল প্ৰথমজন অসমীয়া বিষয়ৰ পাঠ্যপুথি প্ৰণেতা৷ অসমীয়া ভাষাত ভূগোল বিষয়ৰ পুথি ৰচোঁতা হিচাপেও তেখেতেই প্ৰথম অসমীয়া৷
  • অসমত বঙালী ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা অসমত প্ৰৱৰ্তনত ফুকনৰ দায়বদ্ধতা৷ 
  •  ১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
  • তেওঁৰে কন্যা আছিল তেওঁৰ কন্যা পদ্মাৱতী দেৱী ফুকননী৷ ( জন্ম ১৮৫৩ চন৷ অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা। ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত আগভাগ লোৱা দেখা নাযায় সুধৰ্ম্মাৰ উপাখ্যান নামৰ উপাখ্যানখন তেওঁ ৩১ বছৰ বয়সত ৰচনা কৰে৷ তেওঁৰ আন এখন গ্ৰন্থ হিতসাধিকা(১৮৮৫)৷ এইখন সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে লিখা এক নৈতিক শিক্ষা তথা উপদেশমূলক পুথি।)


গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪) 

একাধাৰে সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ, সমাজ সংস্কাৰক আদি। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰাটো প্ৰকৃততে তেওঁ লিখা "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়

  • ১৮৩৭ চনত, যোৰহাটত গুণাভিৰাম বৰুৱাৰ জন্ম হয়। 
  •  আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্বাৱধানত কলিকতাৰ প্ৰেচিডেন্সি কলেজত দ্বিতীয় বাৰ্ষিকলৈ পঢ়ে৷
  • ১৮৫৮ চনত কলিকতাৰ পৰা আহি বৰুৱাই ব্ৰিটিছ চৰকাৰৰ অধীনত অতিৰিক্ত সহকাৰী উপায়ুক্তৰ চাকৰিত যোগদান কৰে।
  •  ১৮৫৯ চনত একষ্ট্ৰা-এছিষ্টেণ্ট কমিছনাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। 
  •  ১৮৮০ চনত গুণাভিৰাম বৰুৱাই ‘আনন্দৰাম ঢেকিয়াল ফুকন’ৰ জীৱন চৰিত লিখি প্ৰকাশ কৰে।
  • ত্ৰিশ বছৰ চাকৰি কৰাৰ পাছত ১৮৯০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ কলিকতাত নিগাজীকৈ থাকিবলৈ লয়। 
  • ১৮৯৪ চনত কলিকতাতে তেওঁৰ মৃত্যু হয়।
  • কলিকতাত থাকোঁতেই  ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহে আৰু ব্ৰাহ্ম সমাজৰ দ্বাৰা অনুপ্ৰাণিত হয়। 
  • ব্ৰাহ্মণ হোৱা সত্ত্বেও হিন্দু ধৰ্মৰ গোড়ামি দেখি তেওঁ ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰি সমাজ সংস্কাৰমূলক কাম-কাজত আগভাগ লৈছিল।
  • প্ৰথমা পত্নী ব্ৰজসুন্দৰীৰ মৃত্যুৰ পিছত গুণাভিৰাম বৰুৱাই এগৰাকী ব্ৰাহ্মণ বিধবা বিষ্ণুপ্ৰিয়াক বিয়া কৰায়
  •  তেওঁ নিজৰ জীয়েক স্বৰ্ণলতা দেৱীক কলিকতালৈ শিক্ষা গ্ৰহণৰ বাবে পঠাইছিল। (জন্মঃ১৮৭১ – মৃত্যুঃ ১৯৩২, ১৪ বছৰ বয়সত ১৮৮৫ চনত তেওঁ আদৰ্শ তিৰোতাৰ বিৱৰণ দি তেওঁৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ আৰ্হি তিৰোতা ৰচনা কৰিছিল। অসমীয়া মহিলা লেখকে লিখা এইখনেই প্ৰথম জীৱনীগ্ৰন্থ।)
  • ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই "আসাম বন্ধু" নামৰ এখন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে। 
  • তেওঁ ১৮৮৪ চনত আসাম বুৰঞ্জী ৰচনা কৰে৷  গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। গ্ৰন্থখন ১৮৮৪ চনত প্ৰকাশিত হৈছিল।
  • ১৮৮৬ চনত লিখা তেওঁৰ আন এখন নাটক আছিল "বিবাহ ৰহস্য" ৷ এইখনত য'ত কানি-আসক্ত অসমীয়া মানুহৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছিল। তেওঁৰ অন্য এখন গ্ৰন্থ হ’ল- "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা"
  • ১৯১২ চনত মৃত্যুৰ পিছত  "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা" শীৰ্ষকেৰে এখন হাস্যৰসাত্মক পুথি প্ৰকাশ হয়। 
  • তেওঁ "জোনাকী" আলোচনীত "সৌমাৰ ভ্ৰমণ", "অলিখিত বুৰঞ্জী" আদি প্ৰবন্ধ সহজ-সৰল ভাষাৰে লিখি গৈছে। 
  • গুৰুদত্ত ছদ্মনাম লৈ তেওঁ বিজুলী আলোচনীত কেইবাটাও সৰল কবিতা লিখিছিল।
  • তেওঁৰ পত্নী বিষ্ণুপ্ৰিয়া দেৱীয়ে ১৮৮৪ চনত "নীতি কথা" নামৰ এখন নৈতিক সাধু কথাৰ পুথি ৰচনা কৰে। 
  • তেওঁৰ এজন পুত্ৰ কৰুণাভিৰাম বৰুৱাই ১৮৮৮ চনত প্ৰথম অসমীয়া শিশু আলোচনী "ল'ৰা বন্ধু" আলোচনী সম্পাদনা কৰিছিল৷ অন্য এজন পুত্ৰ জ্ঞানদাভিৰাম বৰুৱা পিছলৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল৷



আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত ঃ 

অসমীয়া জীৱনী সাহিত্যৰ প্ৰথম ৰূপ 'চৰিত সাহিত্য' বা 'সন্ত চৰিত' সমূহ। খ্রীষ্ট্রীয় ষোড়শ শতাব্দীত ধর্মগুৰু সকলৰ জীৱনক কেন্দ্ৰ কৰি এই চৰিত সাহিত্যৰ ৰচনা হৈছিল। শিষ্য-প্রশিষ্যসকলৰ ধৰ্ম গুৰুসকলৰ জীৱন কথা লিপিবদ্ধ কৰোঁতে কেৱল গুণানুকীর্তন বা প্রশংসাসূচক দৃষ্টিভংগীৰেহে সেই সমৃদ্ধ ৰচনাত মনোনিৱেশ কৰিছিল। 

চৰিত সাহিত্যসমূহ ধৰ্মগুৰুসকলৰ জীৱনৰ একো একোটা দিশহে উজলি উঠিছিল। কিয়নো ধৰ্মগুৰুসকলক অৱতাৰী পুৰুষৰূপে বা দেৱতা ৰূপে চৰিত সাহিত্যত স্থান দিয়া হৈছিল। কিন্তু আধুনিক জীৱনীত মানুহক মানুহৰ সহজাত প্ৰবৃত্তিবোৰৰ আধাৰতেই উপস্থাপন কৰা হৈছে৷ অতিৰঞ্জিত আৰু অলৌকিক কথা-বাৰ্তাৰ স্থান নাই৷

১৮৮০ চনত, গুণাভিৰাম বৰুৱাৰ হাতত আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমখনি জীৱনী 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ' ৰচিত হয়৷ ভাষা সাহিত্যৰ এজন নায়কক লৈ প্ৰথমবাৰৰ বাবে আধুনিক জীৱনীৰ আৰম্ভ হ’ল৷

অসমীয়া জীৱনী সাহিত্যত ধৰ্ম গুৰুসকলকে পৰম্পৰাগতভাৱে জীৱনীত নায়ক ৰূপত অভিষিক্ত কৰা হৈছিল, কিন্তু আধুনিক অসমীয়া জীৱনী সাহিত্যৰ প্ৰথমখনি জীৱনীত অসমীয়া ভাষা সাহিত্যৰ নায়কৰূপে স্বীকৃতি লাভ কৰা আনন্দৰাম ঢেকিয়াল ফুকনক জীৱনীৰ নায়কৰূপে গ্রহণ কৰা হয়।

জীৱনী মানেই এজন ব্যক্তিৰ জীৱনভিত্তিক কাহিনী। অক্সফ'ৰ্ড ডিক্সনেৰীৰ মতে জীৱনীক "সাহিত্যৰূপত মানুহৰ গাইগুটীয়া জীৱনৰ ইতিহাস" বুলি কোৱা হৈছে।

আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমখনি জীৱনী 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ'ৰ মাজত গুণাভিৰাম বৰুৱা জীৱনীৰ বিষয় ব্যক্তিজনৰ মাজেৰে এছোৱা সময়ৰ ইতিহাসক ধৰি ৰাখিছে। অসমীয়া ভাষা সাহিত্যৰ এগৰাকী পূজ্য ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন, কৰ্মৰ লগত সংপৃক্ত হৈ থকা এছোৱা সময়ৰ ইতিহাসৰ বিভিন্ন দিশসমূহ যেনে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধর্মীয় পৰম্পৰা, আচাৰ-নীতি আদি সু-স্পষ্ট ৰূপত প্রকাশ পাইছে।

গ্ৰন্থখনিৰ বাটচ'ৰাতে উল্লেখ কৰা হৈছেঃ ‘‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’’ অসমীয়া ভাষাৰ প্ৰথমখন জীৱনী গ্রন্থ। ঢেকিয়াল ফুকনৰ জীৱনৰ ঘাত-প্রতিঘাতৰ মাজেৰে ব্ৰিটিছ শাসন কালত অসমীয়া জাতি তথা ভাষাৰ দুৰ্গতি, লাঞ্চনা আৰু অৱমাননাৰ কাহিনী এই পুথিখনত প্রকাশিত হৈছে।

উনৈশ শতিকাৰ অসম অসমীয়াৰ বুৰঞ্জী, জন-জীৱন, গ্রাম্য সমাজ আৰু সাংস্কৃতিক জীৱনৰ এক নির্লোভ যুগান্তকাৰী দলিল যেন ঢেকিয়াল ফুকনৰ জীৱন- চৰিতৰ মাজত নিহিত আছে। ফুকন তদানীন্তন অসম দেশত কাম কৰা বঙালী আৰু অসমীয়া সকলোতকৈ ডাঙৰ বিষয়বাবত থকা আৰু উচ্চ বেতন পোৱা প্রধান বিষয়া আছিল।”

মুঠ আঠোটা অধ্যায়ৰ মাজেৰে ঢেকিয়াল ফুকনৰ জীৱন কথা লিপিবদ্ধ কৰাৰ উপৰি জীৱনীখনৰ 'আৰম্ভণ'ত ঢেকিয়াল ফুকনৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা, কেনেকৈ আহি অসমত থিতাপি লাগিছিল, সেই কথা সবিস্তাৰে বৰ্ণনা কৰা হৈছে। 

১৭০২ শকত লক্ষ্মীসিংহ স্বৰ্গদেৱৰ পৰলোকপ্ৰাপ্তি হোৱাৰ পৰাই আৰম্ভ হৈছে ঢেকিয়াল ফুকনৰ পূৰ্বপুৰুষসকলৰ জীৱন কথা। বুৰঞ্জী প্রসিদ্ধ মোৱামৰীয়া বিদ্রোহ, সেই বিদ্ৰোহৰ কাৰণ, দমন, আহোম ৰজাৰ কঠোৰ শাস্তি আদিৰ বিৱৰণ দাঙি ধৰা হৈছে। ১৭০৯ শকত লক্ষ্মীসিংহ স্বৰ্গদেৱৰ পুত্ৰ গৌৰীনাথ সিংহৰ ৰাজত্বত মোৱামৰীয়াসকলৰ অত্যাচাৰ, গুৱাহাটীলৈ স্বৰ্গদেউ ভটিয়াই যোৱাৰ কথা মোৱামৰীয়াৰ উপদ্ৰৱ দমনৰ বাবে ৰজাই ব্রিটিছ গৱৰ্ণমেন্টলৈ সাহাৰ্য বিচৰা আৰু গৱৰ্ণমেন্টে কেপ্টেইন বেলছ চাহাবৰ অধীনত স্বৰ্গদেউৰ সহায়ৰ বাবে সাহায্য প্ৰেৰণ কৰা এই উল্লেখনীয়, তাৎপর্যপূর্ণ ঘটনাৰাশিক জীবনীখনত লিপিবদ্ধ কৰিছে।

কেপ্টেইন বেলছ চাহাব গুৱাহাটী আহি পোৱাৰ পাছত মোৱামৰীয়াৰ উপদ্ৰৱ দমন, ৰজাক পুনৰ সিংহাসন অর্পণ - এই কথাৰ লগতে আহোম ৰজাৰ শাস্তিত আঘাতপ্রাপ্ত লোকৰ বাবে বেজৰ প্রয়োজন হোৱাত চন্দ্ৰশেখৰৰ কনিষ্ঠ সন্তান লক্ষ্মীনাৰায়ণে ব্রহ্মচাৰী বেশেৰে অসমত প্ৰৱেশ কৰাৰ বিৱৰণ আছে। 

এই ব্ৰহ্মচাৰীৰ ছত্রছায়াতে ডাঙৰ-দীঘল হোৱা পৰশুৰাম বৰুৱাই আছিল হলিৰাম ঢেকিয়াল ফুকনৰ পূৰ্বপুৰুষ। হলিৰাম আৰু তেওঁৰ ভাতৃ যজ্ঞোৰাম কৰ্মপটু আৰু বিচক্ষণ ব্যক্তি আছিল। সেই কথা তেতিয়াৰ ব্ৰিটিছ গৱৰ্ণমেণ্টৰ প্ৰধান কাৰ্যকাৰক মেং ইস্কাট চাহাবে স্বীকাৰ কৰি গৈছে। 

অন্যহাতে ব্রিটিছ শাসনাধিষ্ঠিত অসমত স্বৰ্গদেউ চন্দ্রকান্ত সিংহ যেতিয়া নামতহে গুৱাহাটীত ৰজা হৈ আছিল, তেতিয়া ৰজাই হলিৰাম বৰুৱাক 'ঢেকিয়াল ফুকন' আৰু যজ্ঞোৰাম বৰুৱাৰ 'খাৰঘৰীয়া ফুকন' বিষয়বাব দিছিল। অসমৰ এইছোৱা সময়ৰ ঘটনা, পৰিঘটনাসমূহৰ বিস্তৃত বিৱৰণৰ মাজেৰে গুণাভিৰাম বৰুৱাই আন্দৰাম ঢেকিয়াল ফুকনৰ বংশ ইতিবৃত্তৰ পৰিচয় দিবলৈ যত্ন কৰিছে। 

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনকথা লিখিবলৈ লৈ জীৱনীকাৰে আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকনৰ ব্যক্তিসত্বা আৰু কৰ্মৰাজিৰ পৰিচয় দাঙি ধৰিছে। কর্মোদ্যমী, বিচক্ষণ, ঈশ্বৰ বিশ্বাসী এইগৰাকী ব্যক্তিৰ জীৱন কথাৰ আধাৰতে লক্ষ্মীসিংহ স্বৰ্গদেউৰ পৰা অসমত ব্ৰিটিছ শাসনলৈকে এছোৱা সময়ৰ সংঘাত সমস্যাৰ বৰ্ণনা আছে। ইয়াৰ পাছৰ পৰাহে জীৱনীকাৰে জীৱনী বিষয়ৰ জীৱন কথা গ্রন্থখনিত লিপিবদ্ধ কৰিছে। 

গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণৰ পাতনিত আনন্দৰাম ঢেকিয়াল ফুকনৰ ব্যক্তিসত্তাৰ এটি থুলমূল পৰিচয় দাঙি ধৰিছেঃ "দেশ আৰু জাতিৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত নিজৰ সকলো জলাঞ্জলি দি দুর্যোগৰ সন্মুখীন হোৱা নিজ দেশ তথা নিজ জাতিক উদ্ধাৰ কৰিবলৈকে যেন একোজন মহান ব্যক্তিৰ আবির্ভাৱ হয়। আমাৰ অসমৰ জাতীয় জীৱনলৈও তেনে এক দুর্যোগপূর্ণ সন্ধিক্ষণ আহিছিল। ব্রিটিছ শাসনৰ সেই দুর্যোগপূর্ণ কালছোৱাত অসমৰ অফিচ-কাছাৰী-আদালত-স্কুল আদিত চলিছিল ইংৰাজী আৰু বঙলা ভাষা। অসমতে জন্মগ্রহণ কৰি অসমীয়াই ক'ব লগা হৈছিল নিজ মাতৃভাষা অসমীয়াৰ পৰিৱৰ্তে বঙলা ভাষা, ... অসমীয়া জাতিৰ তেনে এক সন্ধিক্ষণতে জন্ম হৈছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ। 

তেওঁ নিজ প্রতিভা, সাহস, অধ্যবসায়, পাণ্ডিত্য আৰু বুদ্ধিমত্তাৰে অসমীয়া ভাষাক পুনৰুজ্জীৱিত কৰি জাতীয় স্বাৰ্থৰ হকে নিজৰ জীৱন উচৰ্গা কৰি চিৰদিনলৈ নিজৰ নাম অসমীয়া জাতি আৰু সাহিত্যৰ বুৰঞ্জীত অমৰ কৰি থৈ গৈছে।... সেইজনা মহাপ্ৰাণৰ জীৱন আলেখ্য এই জীবন চৰিতত তেখেতৰ জীৱনৰ ঘাত-প্রতিঘাত, ব্রিটিছ শাসনৰ লৌহ শিকলিত আবদ্ধ অসমীয়া জাতি থতা অসমীয়া ভাষাৰ দুৰ্গতি, লাঞ্ছনা আৰু নিৰ্যাতনৰ কাহিনী লিপিবদ্ধ হৈছে।"

আঠোটা অধ্যায়ৰ মাজেৰে ৰচনা কৰা 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীবন চৰিত্ৰ'ৰ প্ৰথম অধ্যায়ত ঢেকিয়াল ফুকনৰ জন্মৰ সবিশেষ বর্ণনা দাঙি দৰা হৈছে। ঢেকিয়াল ফুকনৰ শৈশৱ কালৰ বৰ্ণনাৰ মাজেৰে প্ৰকাশ পাইছে তেখেতৰ মৰমীয়াল স্বভাৱ। সৰুতেই পিতৃৰ বিয়োগ হোৱাত পিতৃৰ সতে কটোৱা মধুৰ সময়ৰ সোঁৱৰণীৰ ছবি তেওঁৰ দুচকুত ভাহি উঠিছিল। 

পাঁচ বছৰ বয়সৰ পৰা ঢেকিয়াল ফুকনৰ বিদ্যাৰম্ভ হয়। সংস্কৃত ভাষাৰ শিক্ষা গ্রহণ কৰা ঢেকিয়াল ফুকনে সমান্তৰালভাৱে বঙলা আৰু ইংৰাজী ভাষা অধ্যয়নৰ শিক্ষাও গ্রহণ কৰে। 

১৮৩৫-চনত গুৱাহাটীত সেই সময়ৰ গৱৰ্ণমেণ্টৰ সহায়ত এখন ইংৰাজী আৰু এখন বঙলা ভাষাৰ বিদ্যালয় স্থাপন হৈছিল। ১৮৩৭ চনৰ পৰা ঢেকিয়াল ফুকনে সেই ইংৰাজী স্কুলতে শিক্ষা গ্রহণ কৰিছিল। আন্দৰাম ঢেকিয়াল ফুকনৰ খুড়াক যজ্ঞোৰাম খাৰঘৰীয়াক ফুকনক ইংৰাজসকলে সমভাবে ব্যৱহাৰ কৰিছিল। কেপ্টেইন জেনকিনছ কমিছনাৰ আৰু কেপ্টেইন জেমছ মেথী ডেপুটী কমিছনাৰ চাহাব দুয়োজন তেওঁলোকৰ পৰম বন্ধু হোৱাৰ বাবেই ঢেকিয়াল ফুকনৰ ঘৰৰ সৈতেও তেওঁলোকৰ অহা-যোৱা আছিল। পঢ়া-শুনাত মেধাৱী আৰু উৎসাহী ছাত্র ঢেকিয়াল ফুকনে মেথী আৰু জেনকিনছ চাহাবৰ পৰামৰ্শ মতে কলিকতালৈ গৈ তাত শিক্ষা গ্রহণ কৰিছিল। 

জীৱনীখনৰ প্ৰথম অধ্যায়ত সেই সময়ৰ নৌকা পথৰ যাত্ৰা কিমান ভয়াৱহ আৰু কষ্টকৰ আছিল, সেই কথাৰ বৰ্ণনা সাবলীলভাবে দাঙি ধৰা হৈছে। সেয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা গ্ৰহণৰ বাবে কলকাতা যাত্ৰাত তেওঁৰ মাতৃয়ে প্রথমে সহযোগিতা আগবঢ়াব পৰা নাছিল। 

কলকাতাত বসবাস কৰা আঢ্যৱন্ত লোকসকল আৰু গৰ্বণমেণ্টে অর্থ সংগ্ৰহ কৰি 'হিন্দু কলেজ' নামৰ এখন বিদ্যালয় প্রতিষ্ঠা কৰিছিল। জেনকিনছ আৰু মেথী চাহাবৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰ ঢেকিয়াল ফুকনে হিন্দু কলেজৰ 'জুনিয়ৰ ডিপার্টমেন্ট'ত নাম ভর্তি কৰিছিল। কলকাতাত থকা সময়ছোৱাত তেওঁ গঙ্গা নদী, কালীঘাট আদি দর্শন কৰিছিল। সেই সময়ছোৱাত জেনকিনছ আৰু মেথী চাহাবৰ সহযোগত বহু অসমীয়া ছাত্র কলকাতালৈ শিক্ষা গ্ৰহণৰ বাবে গৈছিল। 

আনন্দৰাম ঢেকিয়াল ফুকনৰ সহযোগী দুর্গাৰাম ফুকনৰ নৰীয়া হৈ কলকাতাত মৃত্যু হয়। তেওঁৰ মৃত্যুত ঢেকিয়াল ফুকনে মর্মান্তিক আঘাত পায় আৰু তেওঁ অকলশৰীয়া হৈ পৰে। সেই সময়ৰ সামাজিক পৰম্পৰাসমূহ মানি চলি ঢেকিয়াল ফুকনে শিক্ষা গ্রহণ কৰি পুনৰ মাতৃভূমিলৈ উভতি আহে। তেওঁ আৰু দুটা বছৰ কলকাতাত থকা হ'লে 'জুনিয়ৰ স্কলাৰশ্বিপ'ৰ পৰীক্ষাও দিব পাৰিলেহেঁতেন। ঢেকিয়াল ফুকন অসমলৈ উভতি অহাৰ বিস্তৃত বর্ণনা জীৱনীখনত আছে।

জীৱনীখনৰ দ্বিতীয় অধ্যায়ত ষোল্ল বছৰত কলকাতাৰ পৰা মাতৃভূমিলৈ উভতি অহাৰ পাছত ঢেকিয়াল ফুকনৰ পশুপতি ফুকনৰ কন্যা মাহিন্দ্ৰীৰ সৈতে বিবাহৰ আয়োজন, পাঁচদিনীয়াকৈ বিবাহ সম্পন্ন নোহোৱাৰ বৰ্ণনা দাঙি ধৰা হৈছে। ঢেকিয়াল ফুকনৰ স্ত্রী শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ কথা গুণাভিৰাম বৰুৱাই জীৱনীখনত বৰ্ণনা কৰিছে। 

ঢেকিয়াল ফুকনে মেথী আৰু জেনকিনছ চাহাবৰ পৰামৰ্শমতে আদালতৰ প্ৰধান সদৰামীনৰ ওচৰত আইন আৰু আদালতৰ শিক্ষা গ্রহণ কৰিছিল। তেওঁ ইংৰাজী ভাষাটো শুদ্ধভাৱে ক'ব আৰু লিখিব পৰাৰ বাবেও তেওঁৰ সেই কামত বিশেষ সহায় হৈছিল। 

১৮৪৬ চনত শিৱসাগৰৰ পৰা অৰুণোদয় নামৰ মাহেকীীয় পত্রিকাখনি প্রকাশ হোৱাত তেওঁ সেই পত্রিকাত লিখিবলৈ আৰম্ভ কৰিলে। কাৰণ সেই সময়ত অসমীয়া ভাষাৰ দুৰৱস্থা দেখি ভাষাটোৰ ৰক্ষা আৰু উন্নতিৰ বাবে ঢেকিয়াল ফুকন যত্নপৰ হ'ল নানান উপদেশেৰে

ঢেকিয়াল ফুকনে ইংৰাজলৈ আগবঢ়োৱা প্ৰস্তাৱৰ পৰা 'অসমীয়া ল'ৰাৰ মিত্র' নামৰ এখনি পুস্তিকা প্রকাশ কৰে। অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ বাবে অশেষ যত্ন কৰা ঢেকিয়াল ফুকনৰ দিনত অসমীয়া ভাষাৰ বিশেষ উন্নতি হোৱা নাছিল। কিন্তু নানান বাধা-বিঘিনি অতিক্রমী ১৮৭২ চনত ছাৰ জৰ্জ কেম্বল লেফটেনেণ্ট গৱৰ্ণৰ চাহাবৰ আজ্ঞাত অসমৰ স্কুল আদালতত অসমীয়া ভাষা পুনৰ প্ৰচলন হয়। সেইচোৱা সময়ত মিছনেৰীসকলেও অসমীয়া ভাষা পুনৰ প্ৰচাৰৰ অৰ্থে অশেষ যত্ন কৰে। 

মিছনেৰীসকলৰ সৈতেও ঢেকিয়াল ফুকনৰ আত্মীয়তা গঢ়ি উঠিছিল। ঢেকিয়াল ফুকনৰ চিন্তা-চর্চা, অশেষ শ্রম, অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা আৰু উৎকর্ষ সাধনত নিজকে নিয়োজিত কৰাৰ বাবে আৰু তেওঁৰ ৰচনাসমূহৰ বাবেই অমৰ ব্যক্তিৰূপে চিৰদিনলৈ খ্যাতি ৰৈ যাব। 

ৰণৰাম বৰুৱাৰ পুত্ৰ গুণাভিৰাম বৰুৱাক ঢেকিয়াল ফুকন আৰু তেওঁৰ মাতৃয়ে অশেষ মৰম কৰিছিল ঢেকিয়াল ফুকনৰ দৰে গুণাভিৰাম বৰুৱাইয়ো জেনকিনছ চাহাবৰ পৰা বিশেষভাৱে মৰম আৰু সহায় লাভ কৰিছিল। এই অধ্যায়ত সেই সময়ৰ সমসাময়িক সময়ৰ সমাজ ছবি আৰু ঢেকিয়াল ফুকনৰ বিদ্যা-শিক্ষা, সামাজিক ৰীতি-নীতি, সকলো ধৰ্মৰ প্ৰতি উদাৰ মনোভাবৰ স্পষ্ট ছবি প্রকাশ হৈছে। 

তৃতীয় অধ্যায়ত ঢেকিয়াল ফুকনৰ আৰ্থিক সংকটৰ বাবে হোৱা দুৰৱস্থাৰ কথা জনা যায়। সেই সময়তে তেওঁ মেথী আৰু জেনকিনছ চাহাবৰ সহায় পুনৰ লাভ কৰে। সেই সময়ত ইংৰাজসকলে পাতি দিয়া পৰগণাৰ চৌধুৰী বা মৌজাদাৰসকলে অকাৰণতে প্ৰজাসকলৰ দোষ উলিয়াই দণ্ড বিহিছিল। সেয়ে মেথী আৰু জেনকিনছ চাহাবে ঢেকিয়াল ফুকনক পৰগণাৰ জিম্মাদাৰ হোৱাৰ বিষয়ত মনোযোগ দিবলৈ অনুৰোধ কৰিছিল। কিন্তু প্ৰথম অৱস্থাত এই বিষয়ৰ প্ৰতি তেওঁ অনিচ্ছুক আছিল। 

১৮৪৭ চনত ৰঙিয়াল মুন্সিফ দিগম্বৰ বৰুৱাৰ মৃত্যু হোৱাত ৰাধাকান্ত বৰুৱাই মুন্সিফ পদবী লাভ কৰে আৰু ঢেকিয়াল ফুকনৰ পৰগণাৰ জিম্মাদাৰ নিযুক্ত হয়। এই দায়িত্ব গ্ৰহণ কৰাৰ পৰাই তেওঁৰ কৰ্মৰ মাজেৰে বিচক্ষণতা, কর্মপটু ভাব বিশেষভাৱে উজলি উঠে আৰু কাৰ্যসমূহ সম্পাদন কৰে। তেওঁৰ এনে কাৰ্যসমূহেও 'অসমীয়া ল'ৰাৰ মিত্ৰ' ৰচনা কৰাত বিশেষ অৰিহণা যোগাইছিল। 

ব্যাপক বিষয় জ্ঞান আৰু শিক্ষাই আছিল ঢেকিয়াল ফুকনৰ জনসমাজত আকৰ্ষণৰ মূল কাৰণ। পৰগণাৰ জিম্মাদাৰ পদবীৰ পৰা তেওঁ মুন্সিফ পদবীলৈও পদোন্নতি হৈছিল। এইক্ষেত্রত মেথী চাহাবে ঢেকিয়াল ফুকনক বিশেষভাবে সহায় কৰিছিল। এই মুন্সিফ পদবীৰ কাম-কাজতো কোনো আউল নলগাকৈ ঢেকিয়াল ফুকনে বিচক্ষণতাৰে সম্পাদন কৰিছিল। মোকদমাৰ নিষ্পত্তি পত্র তেওঁ নিজেই লিখিছিল আৰু হুকুম দিয়াৰ ভাৰো তেওঁ কান্ধ পাতি লৈছিল। ঢেকিয়াল ফুকনৰ এই কাৰ্যই উকিল, আমোলা, হাকিম সকলোকে চমৎকৃত কৰিছিল। ইয়াৰ পাছত তেওঁ 'চাব এছিষ্টেণ্ট' পদৰ বাবে পৰীক্ষা দি তাতো সফলতাৰে উত্তীর্ণ হৈছিল। 

ব্রিটিছ গৱৰ্ণমেণ্টে দেশৰ শাসনজৰী নিজৰ হাতলৈ নিয়াৰ পাছত পৰগণা আৰু মৌজাসমূহ পিয়ল কৰোৱাইছিল। পাছলৈ এনেবোৰ কামত সহায়ৰ বাবে ব্ৰিটিছ গৱৰ্ণমেন্টে ঢেকিয়াল ফুকনক 'ছাব এছিষ্টেণ্ট' ৰূপে মনোনীত কৰে। কোঁচ ৰজা বিশ্ব সিংহৰ দিনৰে পৰা বিজনীত প্ৰজাসকলে মাটি-সম্পত্তিৰ বাবে ৰজাক খাজনা আদি নিদিয়া আৰু দিলেও কম পৰিমাণে দিয়াৰ যি নিয়ম প্রচলন হৈ আহিছিল, ব্রিটিছ শাসনকালত গোৱালপাৰাৰ কালেক্টৰ আৰু অসমৰ কমিছনাৰ জেনকিনছ চাহাবে সেই কাৰ্যৰ উচিত সম্পাদনৰ বাবে ঢেকিয়াল ফুকনক যোগ্য ব্যক্তি বুলি নির্বাচন কৰিছিল। ঢেকিয়াল ফুকনেও সেই কাৰ্য নিষ্ঠাৰে সম্পাদন কৰিবলৈ যত্ন কৰিছিল। 

এই অধ্যায়ত জীৱনীকাৰ গুণাভিৰাম বৰুৱাই ব্ৰিটিছসকলে মাটি পিয়ল, খাজনা আদিৰ কাৰ্যসমূহ জীৱনীখনৰ চতুৰ্থ অধ্যায়ত কলকাতাত থকা কালছোৱাত ঢেকিয়াল ফুকন বিজনী ৰজাৰ কাৰ্যসমূহত ব্যস্ত হৈ পৰে। এই অধ্যায়ত ঢেকিয়াল ফুকনৰ কৰ্মৰাজিৰ লগতে সেই সময়ৰ কলকাতাৰ ৰং-ৰূপ, সৌন্দর্য, উৎসব-পার্বণৰ আদিৰ বৰ্ণনা বিশদভাবে দাঙি ধৰিছে। ইয়াৰ লগতে কলকাতাৰ গুৰুত্বপূৰ্ণ সম্পদসমূহৰো পৰিচয়মূলক বর্ণনা আছে। 

ঢেকিয়াল ফুকনৰ কৰ্ট-কাছাৰী, আইন-আদালত আদি বিষয়বোৰৰ লগতে তেওঁৰ বন্ধু-বান্ধৱৰ সৈতে থকা সু-সম্পৰ্কৰো আভাস পোৱা যায়। ঢেকিয়াল ফুকনৰ কাম-কাজৰ প্ৰতি থকা আগ্ৰহৰ মাজতে তেওঁৰ দক্ষতা আৰু কর্মনিষ্ঠা ফুটি উঠিছে। ঢেকিয়াল ফুকনে কলকাতাত তেওঁৰ কার্যসমূহ সম্পূৰ্ণৰূপে সম্পাদন কৰি অসমলৈ উভতি অহাৰ সময়তে বিজনীৰ ৰজাৰ পৰা বার্তা পাইছিল যে বিজনীত ৰজা, প্ৰজা আৰু ব্ৰিটিছ গৱৰ্ণমেণ্টৰ মাজত যি বুজা পৰাৰ অভাৱ ঘটিছে, সেই সকলো ঢেকিয়াল ফুকনে নিষ্পত্তি কৰিব লাগে। ঢেকিয়াল ফুকনেও বিজনীৰ ৰজাক সকলো প্ৰকাৰে সহায় কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈ পৰে। এই সম্পর্কে তেওঁ মেথী আৰু জেনকিনছ চাহাবৰ লগত আলোচনাও কৰে। এই বিবাদৰ অন্ত পেলাবলৈ গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাব হাৱৰাঘাট পৰগণালৈ যায়। সেই সময়তে ঢেকিয়াল ফুকনৰ সাত বছৰীয়া কন্যা ৰাসেশ্বৰীৰ মৃত্যু হয় আৰু তেওঁ শোকত মর্মাহত হৈ পৰে। 

বিজনীৰ ৰজা আৰু প্ৰজাসকলৰ মাজত গঢ় লৈ উঠা বিৰোধৰ কথা ঢেকিয়াল ফুকনে ভালদৰে জানিছিল। অন্যহাতে সৰ্বসাধাৰণে বুজিব পৰাকৈ সেই সময়ত মোকদমা সম্পর্কীয় পুথিৰ অভাৱ আছিল। সেয়ে ঢেকিয়াল ফুকনে 'মেক্ ফৰ্চন'ৰ 'চিবিল প্ৰচিডৰ' নামৰ ইংৰাজী গ্ৰন্থখনৰ আধাৰত বিচাৰ সম্পৰ্কীয় পুথি এখন ৰচনা কৰিবলৈ মন কৰিলে। এই কাৰ্যতো জেনকিনছ চাহাবে ঢেকিয়াল ফুকনক বিশেষভাৱে সহায় কৰিছিল।

সেইখিনি সময়তে মেথী চাহাবে কৰ্মৰ পৰা অৱসৰ লয় আৰু গুৱাহাটীৰ পৰা কলকাতালৈ যায়। তেওঁ উভতি যোৱাৰ সময়ত ঢেকিয়াল ফুকন অতিশয় দুঃখিত হৈ পৰিছিল। কাৰণ ঢেকিয়াল ফুকনৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ মূলতে আছিল মেথী চাহাব।

পঞ্চম অধ্যায়ত ঢেকিয়াল ফুকনক গৱৰ্ণমেণ্টে বৰপেটাৰ চাব এছিষ্টেণ্ট নিয়োগ কৰাত তেওঁ সন্তোষিত হয়। জেনকিনছে এইক্ষেত্রত তেওঁক বিশেষভাবে সহায় কৰে। কলকাতাত থকা মেথী চাহাবেও তেওঁৰ উন্নতিত সন্তোষ প্রকাশ কৰে। এই পদবীয়ে ঢেকিয়াল ফুকনক অনেক ক্ষমতা প্রদান কৰে। ইয়াৰ কিছুদিনৰ পিছত তেওঁ ১৮৩৩ চনত ডেপুটী কালেক্টৰৰূপে ক্ষমতা লাভ কৰে। তেতিয়ালৈকে, এনে দৰঙৰ প্ৰধান এছিষ্টেণ্ট কমিছনাৰৰ বিনচেণ্ট চাহাবে তেওঁক সমর্থন জনাইছিল। ইয়াৰ লগে লগে এই অধ্যায়ত ইংৰাজৰ শাসন ব্যৱস্থা, ঢেকিয়াল ফুকনৰ কৰ্মৰাজি আৰু কর্মসূত্ৰে তেওঁক ইঠাইৰ পৰা সিঠাইলৈ কৰা বদলিকৰণৰ কথা সবিস্তাৰে বৰ্ণনা কৰা হৈছে।

সপ্তম অধ্যায়ত নগাঁৱৰ কাৰ্যভাৰ কোম্বৰ চাহাবৰ হাতত দি ঢেকিয়াল ফুকন তেজপুৰলৈ আহে। বাটত তেওঁ সীমা বিৰোধসম্পন্ন কৰে। তেজপুৰত তেওঁ জেনকিনছ চাহাবক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ বন্ধু পৰশুৰাম বৰুৱাক লগ পাই আনন্দিত হৈ পৰে। সেই সময়তে তেওঁ কলকাতাৰ জীৱন বীমা কোম্পানীৰ দ্বাৰা তেওঁৰ জীৱন বীমা কৰোৱায়। 

তেজপুৰৰ পৰা তেওঁ পুনৰ নগাঁৱলৈ আহে। নগাঁৱলৈ অহাৰ কিছুদিনৰ পিছতে তেওঁ অসুখত আক্রান্ত হয়। সেই অসুখতে তেওঁ মাত্র ২৯ বছৰ ৯ মাহ ২৯ দিনত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি চাৰিওফালে বিয়পি পৰে।

অষ্টম অধ্যায়ত ঢেকিয়াল ফুকন মানুহজন সম্পর্কে পুনৰ আলোচনা দাঙি ধৰা হৈছে। এই অধ্যায়ত ঢেকিয়াল ফুকনৰ শাৰীৰিক ৰূপ, শিক্ষা-দীক্ষা, সামাজিক সম্পৰ্ক, কর্মদক্ষতা, তেওঁৰ পাৰিবাৰিক জীৱনৰ এটি আলোকপাত কৰিছে। সেইদৰে জীৱনী গ্ৰন্থখনৰ পৰিশিষ্টত আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ পৰিয়ালবৰ্গৰ জীৱন সম্পর্কীয় তথ্য দিয়া হৈছে।

আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমখন জীৱনীগ্রন্থ 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ' - গুণাভিৰাম বৰুৱাই তথ্যসম্বলিত ৰূপত প্ৰকাশ কৰি উলিয়াইছে। ঢেকিয়াল ফুকনৰ ২৯ বছৰীয়া চুটি জীৱনটোৰ বৰ্ণনা দাঙি ধৰোঁতে সেই সময়ৰ সমসাময়িক জীৱন ছবি, সমাজ ব্যৱস্থা, ব্ৰিটিছৰ শাসন, ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি সম্পৰ্কীয় বিষয়বোৰৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰিছে। সেইফালৰ পৰা গ্ৰন্থখনক সেই সময়ৰ দলিলৰূপে আখ্যা দিব পাৰি। 

জীৱনী সাহিত্যত জীৱনীৰ বিষয়ৰ গাইগুটীয়া জীৱনটিৰ ইতিহাসক সাহিত্য ৰূপত প্ৰতিষ্ঠা কৰা হয়। সেই দৃষ্টিভংগীৰে চালে গুণাভিৰাম বৰুৱা ৰচিত এই জীৱনীখনত ঢেকিয়াল ফুকনৰ গাইগুটীয়া জীৱনৰ ৰূপ সু-স্পষ্টভাৱে উজলি উঠা নাই। 

তেওঁৰ জীৱন কথাৰ লগতে ব্ৰিটিছ বিষয়া মেথী আৰু জেনকিনছ চাহাবেও সমানে গুৰুত্ব লাভ কৰিছে। জীৱনীখন প্রত্যক্ষভাবে এই দুয়োগৰাকীয়ে কেনেদৰে সহায়-সহযোগিতা আগবঢ়াইছে তাৰ সৱিশেষ বর্ণনা আছে। এই দুয়োগৰাকী ব্যক্তিৰ সান্নিধ্য, পৰামৰ্শ আৰু সহযোগিতাৰে ঢেকিয়াল ফুকন তেওঁৰ জীৱন আৰু কৰ্মৰ দিশে ধাৱমান হৈছে। এনে বর্ণনাৰ মাজেৰে ঢেকিয়াল ফুকনৰ জীৱন কথা কোনো কোনো ঠাইত যেন ব্রিটিছ শাসনাৱলীৰ মাজত নিষ্প্রভ হৈ পৰিছে। 

কিন্তু জীৱনীখনৰ মাজেৰে জীৱনীৰ নায়কৰ জীৱন কথা ইতিহাসৰ ৰূপত উদ্ভাষিত হৈ উঠিছে। চন, তাৰিখ, মাহ আদিৰ উল্লেখেৰে নিৰ্ভৰযোগ্যভাৱেৰে ঢেকিয়াল ফুকনৰ কৰ্মৰাজিৰ বর্ণনা দাঙি ধৰোঁতে তাৰ মাজেদি সেই সময়ৰ বহুবোৰ দিশ জীৱনীখনত স্পষ্ট ৰূপত প্রতিফলিত হৈছে। 

ঢেকিয়াল ফুকনৰ পূৰ্বপুৰুষৰ বিশদ বর্ণনাৰ মাজত আহোম ৰাজত্বৰ এছোৱা সময়, ৰাজকীয় শাসন ব্যৱস্থা, মোৱামৰীয়া বিদ্রোহ, আহোম স্বৰ্গদেউৰ শাস্তি প্রদান, কেপ্টেইন বেলছ চাহাবৰ অসম আগমন, মোৱামৰীয়াসকলৰ বিদ্রোহ দমন, আহোম ৰজাক ৰংপুৰত ৰাজসিংহাসন প্রদান, গৌৰীনাথ সিংহৰ পিছত কমলেশ্বৰ সিংহৰ ৰাজপাট আৰোহণ আদিৰ বিষয়ে জনা যায়। অৱশ্যে এনে বর্ণনাৰ মাজেৰে জীৱনীকাৰে ঢেকিয়াল ফুকনৰ বংশসূত্ৰৰ আঁত ধৰিবলৈ প্ৰয়াস কৰিছে। অৱশ্যে এনে প্রয়াসৰ মাজত গুৰুত্বপূৰ্ণ কথাৰ লগতে জীৱনীৰ বাবে অপ্রয়োজনীয় কিছু বৰ্ণনাৰ বাবে বংশসূত্ৰৰ সাৱলীল পৰিচয় প্রদানত আঘাত হানিছে। 

জীৱনীখন পঢ়ি থকাৰ সময়ত এনে আঁহযুক্ত কথাবোৰৰ বাবে মাজে মাজে যেন বৰ্ণনাৰ ধাৰাবাহিকতা ৰক্ষা হোৱা নাই, এনে অনুভৱ নোহোৱাকৈ নাথাকে। কিন্তু আটাইবোৰ বর্ণনাই যে আঁহযুক্ত এনে নহয়। আৰম্ভণিৰ বৰ্ণনাত ব্ৰহ্মচাৰীৰ কাৰ্য-কলাপে আন আন কিছু উল্লেখনীয় কথাক ম্লান কৰি পেলাইছে।

জীবনী এখনত গাইগুটীয়া জীৱনৰ ইতিহাসৰ লগতে সাহিত্যৰ কলাত্মক দিশটোও উজ্জীৱিত হয়। ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰত সাহিত্য ৰূপৰ অভাৱ ঘটিছে। ঢেকিয়াল ফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে দাঙি ধৰোঁতে কথাবোৰ দিনলিপিৰ দৰে ৰচনা কৰাৰ বাবে সাহিত্যৰ কলাত্মক দিশটো স্পষ্ট ৰূপত প্রকাশ ঘটা দেখা পোৱা নাযায়।

জীৱনীখনত জীৱনীকাৰে ঢেকিয়াল ফুকনৰ জীৱন-কথাৰ লগতে ব্রিটিছ গৱৰ্ণমেণ্টৰ কৰ্মৰাজি, অসমত তেওঁলোকৰ শাসন ব্যৱস্থা, ভূমি-পিয়ল-খাজনা সম্পর্কীয় নিয়ম প্রচলন, হিন্দু কলেজ প্রতিষ্ঠাৰ দৰে গুৰুত্বপূৰ্ণ তথ্য, আইন-আদালত, বিচাৰ- ব্যৱস্থাৰ গুৰুত্বক প্ৰকাশ কৰিছে। এনেবোৰ বিষয়ৰ মাজত যেন জীৱনীৰ ঘটনাৱলী জীৱনোপম ৰূপত উপস্থাপন কৰাত থমকি ৰ'ব লগা হৈছে।

আধুনিক জীবনী সাহিত্য বুলিলে সাধাৰণতে জীৱনীৰ যিসমূহ দিশত বিশেষ দৃষ্টি দিয়া হয়, তেনে দৃষ্টিভংগীৰ অভাৱক নুই কৰিব নোৱাৰি। জীৱনীখনৰ পাতনিতে উল্লেখ আছে, সন্তসকলৰ জীৱন কথাৰে ৰচিত চৰিত সাহিত্যৰ পিছত অসমীয়া ভাষাত ভাষা-সাহিত্যৰ এগৰাকী একান্ত সেৱক, বীৰ নায়কৰ জীৱন কথাক লৈ জীৱনীখন ৰচনা কৰা হৈছে। কিন্তু জীৱনীখনত ঢেকিয়াল ফুকন অসমীয়া ভাষা-সাহিত্যৰ উদ্ধাৰ কৰ্তাৰ ৰূপত উজলি উঠাতকৈ ব্রিটিছ গবর্ণমেণ্টৰ এজন বিচক্ষণ কর্মী ৰূপতহে বিশেষভাৱে উজলি উঠিছে।

মাজে মাজে বর্ণনাই মূলসুঁতি এৰি যোৱাৰ বাবে পাঠকৰ মনোযোগ ধৰি ৰখাত যেন ব্যর্থ হৈ পৰিছে। শেষৰ ফাললৈ ঢেকিয়াল ফুকনৰ অসুখৰ বর্ণনাতে সমবেদনা প্রকাশ পায় যদিও কোনো কোনোতো বর্ণনা নোহোৱা হ'লেও জীৱনীখনৰ গুৰুত্ব কমিব বুলি ভাবিব নোৱাৰি। 

জীৱনীখনৰ প্ৰাৰম্ভতে কোৱো হৈছিল, ব্ৰিটিছ শাসনৰ লৌহ শিকলিত আবদ্ধ অসমীয়া জাতি তথা অসমীয়া ভাষাৰ দুৰ্গতি লাঞ্ছনা আৰু নিৰ্যাতনৰ কাহিনী এই জীৱনীত লিপিবদ্ধ হৈছে। কিন্তু জীৱনীখন পঢ়ি চোৱাৰ পিছত অনুভৱ হয়, ব্রিটিছ শাসনৰ লৌহ পিঞ্জৰাৰ ভয়াবহ ছবিৰ বিপৰীতে ঢেকিয়াল ফুকনৰ প্ৰতি ব্ৰিটিছ শাসক অধিক সহানুভূতিশীল হে। কিয়নো জীৱনীৰ নায়কৰ সৈতে থকা মেথী আৰু জেনকিনছ এই দুয়োগৰাকী ইংৰাজ আমোলাৰ সৎ ভাব আৰু সহযোগিতাই ঢেকিয়াল ফুকনক ব্রিটিছ শাসনাধিষ্ঠিত অসমৰ এগৰাকী উচ্চ পদবীধাৰী আৰু অধিক বেতন লাভ কৰা একমাত্র অসমীয়াৰূপে স্বীকৃতি প্রদান কৰিছে। 

কিন্তু তাৰ মাজতে ঢেকিয়াল ফুকনে অসমীয়া ভাষা-সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে যি কাৰ্যপন্থা হাতত লৈছে তাৰ বিৱৰণে অসমীয়া মানুহৰ একালৰ ভাষা বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ ইতিহাস নিৰ্ভৰযোগ্যভাবে প্রকাশ পাইছে।

অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত এইখন জীৱনীয়েই হ'ল প্রথমখন আধুনিক অসমীয়া জীৱনী। অসমীয়া ভাষাত জীৱনীৰ আদি ৰূপটো পূৰ্বেও আছিল কিন্তু জীৱনী সাহিত্যৰ নিৰ্দিষ্ট বৈশিষ্ট্য, নিৰীক্ষণ দৃষ্টিভংগী আদি সেইসমূহত নাছিল। গতিকে তেনে কোনো আর্হি নথকাকৈ, সম্পূর্ণ স্বকীয় ধাৰণাৰে সাহিত্যৰ এটি নতুন দিশ উন্মোচিত কৰাটো সহজ বা সাধাৰণ কথা নহয়। 

আধুনিক অসমীয়া জীৱনী সাহিত্যৰ বাটকটীয়াৰূপে এইখন জীৱনীৰ গুৰুত্ব অধিক। গুণাভিৰাম বৰুৱাই প্ৰায় ডেৰ শতিকাৰ আগতেই আধুনিক অসমীয়া জীৱনী সাহিত্য ৰচনাৰ পথটো মুকলি দিলে। সেই পথেৰে অগ্ৰসৰ হোৱা জীৱনীকাৰসকলৰ হাতত বর্তমানে আধুনিক অসমীয়া জীৱনী সাহিত্যই এক শক্তিশালী আৰু সমৃদ্ধিশালী ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে৷


জীৱনীখনৰ সন্দৰ্ভত গোৱিন্দ প্ৰসাদ শৰ্মাই কৈছে এনেদৰেঃ  

ঢেকিয়াল ফুকন মানুহজনৰ জীৱনটো ইয়াত যেনেকৈ ফুটাই তোলা হৈছে, ঢেকিয়াল ফুকন মানুহজন সিমান স্পষ্টকৈ ইয়াত ফুটি উঠা নাই। কলাৰ দিশটো বৰ উন্নত নহয় বাবেই ই এনে হৈছে।

ঢেকিয়াল ফুকনে অসমীয়া ভাষাক তাৰ ন্যায্য স্থানত প্রতিষ্ঠা কৰাৰ বাবে যি প্রচেষ্টা চলাইছিল, তাৰ বাবে তেওঁৰ সমসাময়িক আৰু পৰৱৰ্তী কালৰ অসমীয়াসকলৰ মানত তেওঁ হৈ উঠিছিল এজন পূজ্য বীৰ (Hero)। 

প্রতিবেশী দেশ বংগৰ ভাষা-সাহিত্য- সংস্কৃতিৰ গ্ৰাসত অসমীয়া ভাষা সাহিত্য-সংস্কৃতি ক্ষতিগ্রস্ত নাইবা লুপ্ত হোৱাৰ ভয় এটি ব্ৰিটিছ যুগৰে পৰা অসমীয়াৰ মনত সদায়েই আছে। এই বাবে অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিৰ প্রতিষ্ঠা বা উন্নতিৰ বাবে যিসকল ব্রতী হৈছে, সেইসকলে সদায় অসমীয়াৰ মাজত বীৰৰ আসন পাইছে। 


হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাৰ গদ্যশৈলী

আধুনিক অসমীয়া গদ্যশৈলীক চাৰিটা স্তৰত বিভক্ত কৰা হয়৷ প্ৰাৰম্ভিক স্তৰ, মাৰ্জিত স্তৰ, উন্নত স্তৰ আৰু বৰ্তমান স্তৰ৷ প্ৰাৰম্ভিক স্তৰ আৰম্ভ হয় মিছনেৰী সাহিত্যৰ পৰা৷ হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ গদ্যশৈলী মাৰ্জিত স্তৰৰ৷ উন্নত স্তৰ আৰম্ভ হয় জোনাকী আলোচনী প্ৰকাশৰ পাছৰ পৰা৷ আৰু বৰ্তমান স্তৰৰ গদ্যৰ সময়সীমা আৰম্ভ হয় আৱাহন (১৯২৯) আলোচনীৰ সময়ৰ পৰা৷ - এই বিভাজন হৰিনাথ শৰ্মা দলৈৰ৷

হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাও আধুনিক সাহিত্যৰ প্ৰথম সচেতন-গদ্য-শিল্পী। তেওঁলোকৰ ৰচনাৰ মাজেদি সাহিত্যিক গদ্য-ৰীতি (prose style) ক্রমশঃ উন্নত ৰূপত প্রকাশ হ'বলৈ আৰম্ভ হয়। সংস্কৃত শব্দ আৰু সংস্কৃতীয়া-ৰীতিৰ পৰা তেওঁলোক মুক্ত হোৱা নাছিল যদিও তেওঁলোকৰ সুস্পষ্ট দৃষ্টি আছিল পাশ্চাত্য গদ্যৰীতিৰ যথার্থতা, সৰলতা আৰু যুক্তিনিষ্ঠতাৰ ওপৰত। 

১৮শ শতিকাৰ ইংৰাজী সাহিত্যৰ বিশিষ্ট- গদ্যকাৰসকলৰ ৰচনাৰ মাজত বিশেষকৈ দেখিবলৈ পোৱা যায় তিনি প্ৰকাৰৰ ষ্টাইল- সৰল, মধ্যগ আৰু অলঙ্কৃত। এই তিনিবিধৰ ভিতৰত মধ্যগ স্টাইল (Middle style) শ্রেষ্ঠ। এই ৰীতিৰ গদ্যত মেৰপাক নাই, ই যথার্থ, সহজ, বাহুল্যবর্জিত আৰু বাক্য-বিন্যাসত সুসঙ্গত। প্রবন্ধ, জীবনী, নাটক, ইতিহাস, সাংবাদিকতা এইবিধ গদ্যৰীতিয়ে। 

হেমচন্দ্ৰ বৰুৱা ("কোৱাভাতুৰী" গ্ৰন্থখনৰ বাহিৰে) আৰু গুণাভিৰাম বৰুৱাৰ প্ৰায়বোৰ ৰচনাই আতিশয্যবিহীন, যথার্থ আৰু বহু পৰিমাণে সুবিন্যস্ত। সেয়েহে, তেওঁলোকৰ বচনা- বিশেষৰ মাজত উক্ত ধৰণৰ মধ্যগ ষ্টাইল লক্ষ্য কৰা যায়। 

গুণাভিৰাম বৰুৱাৰ সংস্কৃত ভাষাৰ যথোচিত জ্ঞান নাছিল বুলি ক’ব নোৱাৰি। সেইদৰে তেওঁৰ সংস্কৃত-গদ্যৰীতিৰ লগতো আছিল সুপৰিচয়। সেই ৰীতিয়ে কিন্তু মাতৃভাষাৰ গদ্যসৃষ্টিত তেওঁলোকক বহতীয়া কৰিব পৰা নাই। 

প্রয়োজনবিশেষে তৎসমশব্দ প্রয়োগ কৰিলেও অর্দ্ধতৎসম, তদ্ভৱ, দেশীয় আৰু কিছুমান বিদেশী শব্দও উপযুক্ত স্থানত ব্যৱহাৰ কৰি তেওঁলোকে গদ্যৰীতি সুস্থ আৰু অর্থপূর্ণ কৰি তুলিছে। 

মিছনাৰীসকলেই অসমীয়া ভাষাত নানাবিধ যতিচিহ্ন প্রয়োগ কৰি গদ্য কিছু শৃঙ্খলিত আৰু অৰ্থপ্রকাশক কৰি তুলিছিল যদিও হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাই যতিচিহ্নৰ প্ৰয়োগ আৰু অধিক উন্নত কৰি তোলে৷ 

সংস্কৃতীয়া-ৰীতি পৰিহাৰ কৰি উভয়েই সৰলতা, যুক্তিনিষ্ঠতা আৰু যাথ্যৰ ওপৰত প্রতিষ্ঠিত আৰু লগতে সুবিন্যস্ত সাধু-গদ্যৰীতিৰ ভেটি নিৰ্ম্মাণ কৰে। এই বিধ গদ্যই তেওঁলোকৰ প্ৰৱন্ধ, আত্ম-জীৱনী, ভ্রমণ-কাহিনী আদিত প্রাধান্য লাভ কৰিছে। 

এই দুয়ো গৰাকী ব্যক্তিয়েই কথ্য-ভাষা আৰু কথ্য-ৰীতিক সাহিত্যৰ মাধ্যম কৰি তোলে। বিশেষকৈ তেওঁলোকৰ নাটকত ইয়াৰ বহুল প্ৰয়োগ দেখা যায়৷ সেইদৰে ভকতীয়া কথনভঙ্গীৰ প্ৰয়োগো দেখা যায়৷

হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যত ব্যঙ্গাত্মক গদ্যৰীতি আৰু গুণাভিৰাম বৰুৱাৰ সাহিত্যত ব্যঙ্গাত্মক শৈলীৰ প্ৰয়োগ৷

হৰিনাথ শৰ্মা দলৈৰ মন্তব্যঃ হেমচন্দ্ৰ বৰুৱাৰ গদ্যৰীতিত আছে কৰতৰ ৰেপণি আৰু গুণাভিৰাম বৰুৱাৰ গদ্যত আছে খুৰৰ আকস্মিক খোঁচনি৷ (অসমীয়া গদ্য সাহিত্যৰ গতিপথ, পৃষ্ঠা-১৩৪) 


হেমচন্দ্ৰ গুণাভিৰামৰ অভ্যুদয় (১৮৭০-১৮৯০)

পৃষ্ঠভূমি

অৰুনোদইয়ে অসমীয়া সাহিত্যৰ ভেটি নিমাৰ্ণৰ বাবে মাটি মোকলালে আৰু সেই মাটি চহালে হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬) আৰু গুণাভিৰাম বৰুৱাই (১৮৩৪-১৮৯৪)৷

অৰুনোদই ১৮৪৬ৰ পৰা ১৮৮০ লৈ প্ৰচলন হৈ আছিল যদিও পিছৰ ১২বছৰ কালত আলোচনীখনৰ অগ্ৰগতি লেখত ল’বলগীয়া নাছিল৷ ব্ৰাউন, ব্ৰন্সন কাট্টাৰৰ হাতৰ গৌৰৱ পাছলৈ নাছিল৷ ১৮৬৭ ৰ পৰা আলোচনীখন নিয়মীয়াকৈ প্ৰকাশো হোৱা নাছিল৷

এই সময়তে দুই এখনকৈ অসমীয়া আলোচনী প্ৰকাশ হ’বলৈ ধৰে৷ উদাহৰণঃ আসাম বিলাসিনী (১৮৭১), আসাম মিহিৰ (১৮৭২), আসাম দৰ্পণ (১৮৭৪), চন্দ্ৰোদয় (১৮৭৬), আসাম দীপক (১৮৭৬), আসাম নিউজ (১৮৮২), আসাম বন্ধু (১৮৮৫), মৌ (১৮৮৬) আদি৷

অৰুনেদইৰ লেখাৰ দুৰ্বলতা কেৱল ধৰ্মীয় দৃষ্টিভংগী৷ সামাজিক দিশৰ প্ৰভাৱ অত্যন্ত তাকৰ আছিল৷

বিভিন্ন সামাজিক-আৰ্থনৈতিক-ৰাজৈনিতক সমস্যাৰ আৰম্ভ ঃ পছিমীয়া আদপ-কায়দা, আচাৰ ব্যৱহাৰ আৰু ভাবধাৰাৰ লগত প্রাচীন আচাৰ-ব্যৱহাৰ আৰু ভাবধাৰাৰ সংঘৰ্ষ আৰু ৰক্ষণশীল সমাজত তাৰ প্ৰতিক্রিয়া, ইংৰাজ ৰাজত্বৰ প্ৰথমছোৱাৰ প্রশাসন বেমেজালি, চাহ শিল্পৰ আৰম্ভ আৰু অসমীয়া সমাজত তাৰ প্ৰভাৱ, কানি বৰবিহৰ প্ৰচলন, অসমীয়া সামাজিক আৰু ধার্মিক জীৱনত পঙ্কীলতা আৰু অন্ধসংস্কাৰৰ ডাঠ চামনি আদি ( অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ২৬৫)

অৰুনোদইৰ দুৰ্বলতাঃ খ্রীষ্টীয়ান নীতি আৰু ধৰ্মমূলক ৰচনা, সাধু আৰু দেশ-বিদেশৰ সংবাদ আৰু বুৰঞ্জীহে প্রকাশ পাইছিল। খ্রীষ্টীয়ান ধর্মত আশ্রয় কৰিলেই সকলো দুখৰ অৱসান ঘটিব এনে ভবৰ বশৱৰ্তী হৈয়ে পুথি প্রণয়ন কৰিছিল। অসমীয়া জাতিৰ দেশাত্মবোধ জগোৱা, ঐক্য সাধন কৰা নাইবা সমাজ-সংস্কাৰ (খ্রীষ্টীয়ান ধৰ্মৰ আশ্রয় নোলোৱাকৈ) তেওঁলোকৰ ৰচনাৰ উদ্দেশ্য নাছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে দূৰদর্শী আৰু দেশহিতৈষী লোকৰ ৰচনাত অসমীয়া সমাজক সৎপথলৈ অনাৰ আহ্বানৰ ধ্বনি শুনা যায় যদিও কিন্তু তেনে ধ্বনি 'অৰুনোদই' সাহিত্যৰ সমস্বৰ-ধ্বনি নহয়, ই ফুকনৰ সাহিত্যৰ অকলশৰীয়া সুৰ।

হেমচন্দ্ৰ-গুণাভিৰামৰ অভ্যুদয়ৰ কালতহে স্বদেশ-প্রীতি আৰু জাতীয়তাবোধৰ স্পষ্ট ধ্বনি শুনিবলৈ পোৱা যায়।

প্রকৃত সৃষ্টিধর্মী সাহিত্যৰ (Creative literature) অৰুণোদয়ৰ অভ্যুদয়ৰ দিনত সৃষ্টি হোৱা নাছিল; সেই সাহিত্য বস্তুধর্মী আছিল। এটা পৃষ্ঠভূমিহে অৰুনোদইয়ে প্ৰদান কৰিছিল৷

মধ্যবৃত্ত শ্ৰেণীৰ বিকাশঃ নতুনকৈ সৃষ্টি হোৱা শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ সৰহভাগেই বৃটিছ চৰকাৰৰ প্ৰশাসনৰ লগত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিল। তেওঁলোক স্বদেশ-প্রীতৰদ্বাৰা উদ্বুদ্ধ হৈছিল যদিও চৰকাৰৰ বিৰুদ্ধবাদী নাছিল। তেওঁলোকে ইংৰাজ শাসন নিমিত্ত অনুসৰি সমালোচনা কৰিলেও ইংৰাজ শাসন উঠি যোৱাটো কামনা কৰা নাছিল। তাৰো কাৰণ অনেক৷ কাৰণবোৰ এনেধৰণৰ-

  • তেওঁলোক সৰহভাগেই বৃটিছৰ শাসনৰদ্বাৰা ব্যক্তিগতভাৱে উপকৃত হৈছিল। 
  • দ্বিতীয়তে, মানৰ দিনৰ ভয়াবহ অৱস্থাৰ কথা তেতিয়াও মানুহে পাহৰিব পৰা নাছিল। ইংৰাজ গুচি গ'লে পুনৰ তেনে অৱস্থাত পৰিব লগা হয় বুলি মনত সন্দেহ আছিল। 
  • অন্য নহ'লেও ইংৰাজে দেশত আইন আৰু শৃঙ্খলা অব্যাহত ৰাখিব পাৰিছিল। সেই কাৰণে ইংৰাজৰ শোষণ নীতিৰ কথা জানিও তাক উচ্ছেদ কৰিব খোজা নাছিল। 
  • এইচাম মানুহে অসমীয়া মানুহৰ অজ্ঞতা, নিৰক্ষৰতা, কুসংস্কাৰ আদি লক্ষ্য কৰি তেওঁলোকক পোহৰৰ বাটলৈ প্রথমতে অনাটোহে প্রধান কর্তব্য বুলি বিবেচনা কৰিছিল ৷ কাৰণ শিক্ষাইহে উন্নতিৰ পথ প্রশস্ত কৰে। অন্ধকাৰ, অজ্ঞ দেশত স্বাধীনতা অর্থহীন হৈ পৰে। গতিকে ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আদিয়ে অসমীয়া সমাজৰ সংস্কাৰ অধিক কাম্য বুলি বিবেচনা কৰিছিল।

অৱশ্যে এই সমস্যাবোৰলৈ অসমীয়া শিক্ষিত ডেকাৰ দৃষ্টি নপৰাকৈ আছিল বুলি ক'লে ভুল হ'ব। ঢেকিয়াল ফুকন, গুণাভিৰাম, হেমচন্দ্ৰ বৰুৱাকে আদি কৰি সংখ্যাত মুষ্টিমেয় হ'লেও, দুই-চাৰিজন অসমীয়াৰ ৰচনাত সমস্যাবোৰ ভূমুকি মাৰিছিল আৰু তেওঁলোকে নিজস্ব দৃষ্টিৰে সেইবোৰক ৰূপ দি পাঠকৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অসমীয়া সামাজিক সমস্যালৈ চকু দিয়া আৰু সৃষ্টিধর্মী সাহিত্যৰ সূচনা কৰা লেখকসকলৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ স্থান সকলোৰে আগত।

সত্যেন্দ্ৰনাথ শৰ্মাই সেয়েহে কৈছেঃ ঊনবিংশ শতাব্দীৰ শেষৰ কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ নাওখনৰ গুৰি বঠা ধৰি চলাই নিছিল যি দুজন পুৰুষে, তেওঁলোক হ’ল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা৷ (অঃসাঃসঃইঃ পৃ.২৬৯)

এই সময়ছোৱাতে হাস্যৰসাত্মক সাহিত্যৰ উদ্ভৱ ঘটে৷ পুৰণি অসমীয়া সাহিত্য আছিল ধৰ্ম প্ৰধান৷ এই সময়ৰ পৰা সাহিত্যলৈ সমাজ আৰু সাংস্কৃতিক বিষয়সমূহৰ পূৰ্ণ আগমণ ঘটে৷

এই সময়ছোৱাতে বুদ্ধিদীপ্ত, ব্যঙ্গাত্মক আৰু সমাজ-সচেতন হাস্যৰসৰ সৃষ্টি হয় হেমচন্দ্ৰ বৰুৱাৰ লেখনিত৷ তেওঁ হাস্যৰসৰ যোগেদি অধপতনে যোৱা অসমীয়া সমাজৰ দোষ-দুৰ্বলতাসমূহ উদঙাই দেখুৱাইছিল৷ সমান্তৰালভাৱে সমাজ সংশোধণৰ পথবোৰো দেখুওৱাইছিল৷ 

হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যকৃতিসমূহঃ


এই সময়ছোৱাৰ অন্যান্য সামাজিক অৱদান

মিছেনেৰীৰ দ্বাৰা উপন্যাসৰ পৃষ্ঠভূমি নিৰ্মাণ হয়৷ ১৮৭৭ চনত শ্ৰী মতী মূলেনৰ ‘ফুলমণি আৰু কৰুণা’ৰ অসমীয়া অনুবাদ আৰু এ. কে গাৰ্ণীৰ ‘কামিনীকান্তৰ চৰিত’ৰ মাজেদি অসমীয়া উপন্যাসৰ জুমুঠি তৈয়াৰ হয়৷

ইয়াৰ পাছত আনন্দৰাম ঢেকিয়াল ফুকনৰ জীয়েক পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪)ৰ সৃষ্টিয়ে অসমীয়া উপন্যাস সৃষ্টিত আৰু এখোজ আগুৱাই নিয়ে আৰু পৰৱৰ্তীয় সময়ত ১৮৯১ চনত গোহাঞি বৰুৱাৰ দ্বাৰা ‘ভানুমতি’ আৰু ১৮৯২  চনত ‘লাহৰী’ৰ প্ৰকাশ৷ বেজবৰুৱাই ১৯০৫ চনত  পদুম কুঁৱৰী  ৰচনা কৰে৷

এই সময়ছোৱাতে প্ৰাচীন সাহিত্যৰ পুনঃপ্ৰকাশ আৰু মুদ্ৰণত গুৰুত্ব দিয়া হয়৷ প্ৰাচীন সাহিত্যৰ সংগ্ৰহো এই সময়ছোৱাত কৰা হয়৷ হৰিবিলাস আগৰৱালা, হেমচন্দ্ৰ বৰুৱা আদিয়ে এইক্ষেত্ৰত আগভাগ লয়৷ ১৮৭৬ত আগৰৱালাই ‘কীৰ্তন পুথি’ ছপা কৰে৷ 

এই সময়তে আউনীআটি সত্ৰৰ ছপাশালৰ পৰাও ধৰ্মীয় গ্ৰন্থৰ প্ৰকাশ হ’বলৈ ধৰে৷ এইক্ষেত্ৰত দত্তদেৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ কীৰ্তন, ৰুক্মিনী হৰণ আদি পুথি এই সময়তে ছপা কৰা হয়৷ গুৱাহাটীৰ পৰা কালিৰাম বৰুৱায়ো নিজা গৃহতে প্ৰেছ স্থাপন কৰি বিভিন্ন পাঠপুথিৰ লগতে দশম, কীৰ্তন, গীতগোবিন্দ, নামঘোষা আদি পুথি প্ৰকাশ কৰিছিল৷

এই সময়ছোৱাতে ৰমাকান্ত চৌধুৰীৰ অভিমন্যু বধ (মাইকেল মধুসূদন দত্তৰ অমৃত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ) আৰু ‘সীতাহৰণ নাট’ (প্ৰথম অসমীয়া পৌৰাণিক কাহিনী আধাৰতি নাটক)ৰ ৰচনা হয়৷

ভোলানাথ দাস এই সময়ৰে লেখক৷  এওঁ ‘সীতাহৰণ কাব্য’ (মাইকেল মধুসূদন দত্তৰ অমৃত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ) ৰচনা কৰে৷ এওঁৰ সাহিত্যকৃতি -- কবিতা-মালা: প্ৰথম ভাগ, কবিতা-মালা: দ্বিতীয় ভাগ, চিন্তা-তৰঙ্গিনী: প্ৰথম ভাগ, চিন্তা-তৰঙ্গিনী: দ্বিতীয় ভাগ, সীতাহৰণ কাব্য আৰু পৰিমিতি ও জৰিপ৷

লম্বোদৰ বৰা ৷ ব্যঙ্গ লেখাত পাকৈত আছিল৷ ‘লম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ আসাম বিলাসিনী, "আসাম তৰা", আসাম নিউজ আদি কাকত আলোচনীত নিয়মিতভাৱে লিখামেলা কৰিছিল৷ আসাম বন্ধুত প্ৰকাশিত ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ ’সদানন্দৰ সমাচাৰ’ আদি ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ ’শকুন্তলা’ নাটকখন তেখেতে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল৷ ’ল’ৰাবোধ’ আৰু ’জ্ঞানোদয়’ বৰাৰ দুখন প্ৰকাশিত পাঠ্যপুথি৷ ’ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আৰু ’সমাজ দৰ্পন’ নামৰ পুথি দুখন অসমাপ্ত অৱস্থাত থাকোতেই ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে

কমলাকান্ত ভট্টাচাৰ্য ৷ চিন্তানল, চিন্তাতৰঙ্গ, কঃপন্থা আদি তেওঁৰ কাব্য পুথি৷ ভট্টাচাৰ্য্য ‘আসাম বান্ধৱ’ আৰু ‘টাইমচ অৱ আসাম’ কাকত দুখনৰ অন্যতম উদ্যোক্তা আছিল। ১৯২৪ ৰ পৰা তেখেত কলকতাত থাকি, ১৯২৫ চনত কুমাৰ দেব মুখোপাধ্যায়ৰ লগ লাগি তেখেতে ‘আসাম হিতৈষী’ পষেকীয়া আলোচনী প্ৰকাশ কৰে। এই আলোচনীৰ তেখেত এবছৰ সহযোগী সম্পাদক আছিল। তেখেতে ইংৰাজী-অসমীয়া সংবাদপত্ৰৰ ‘আসাম বন্তি’ৰ অসমীয়া ভাগৰ সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱাও এই অসমীয়া ভাগৰে আন এগৰাকী সম্পাদক আছিল। কমলাকান্ত ভট্টাচাৰ্য্যৰ প্ৰথম ৰচনা অৰুণোদইত প্ৰকাশ পোৱা বুলি জনা যায়। ‘টাইমচ অৱ আসাম’, ‘এডভোকেট অৱ আসাম’, ‘জোনাকী’, ‘Bengalee’(বেংগলী)‘বন্দে মাতৰম’, ‘আসাম বান্ধৱ’, ‘বাঁহী’, ‘চেতনা’ আদিত তেখেতে ইংৰাজী আৰু অসমীয়াত এলানি চিন্তাগধুৰ প্ৰ্ৱন্ধ ৰচনা কৰিছিল।

ৰত্নেশ্বৰ মহন্ত ৷ দুটা খণ্ডত প্ৰকাশ পোৱা গ্ৰন্থ ‘কবিতাহাৰে’৷ নাটক- দ্ৰৌপদীৰ বেণীবন্ধন, দ্ৰোপদীহৰণ আৰু হৰিশ্বন্দ্ৰ। ‘জোনাকী’ আলোচনীত তেওঁ 'ৰাম দাস গোস্বামী' নামৰ ছদ্মনামত প্ৰবন্ধ লিখিছিল।

এই সময়ছোৱাৰ মহিলা অসমীয়া লেখিকা ঃ পদ্মাৱতী দেৱী ফুকননী (সুধৰ্মাৰ উপাখ্যান আৰু হিতাধিকা), বিষ্ণুপ্ৰিয়া দেৱী (গুণাভিৰাম বৰুৱাৰ পত্নী, গ্ৰন্থঃ নীতি-কথা) আৰু স্বৰ্নলতা বৰুৱা (আৰ্হি তিৰোতা)

স্বৰ্ণলতা বৰুৱা ঃ  গুণাভিৰাম বৰুৱা আৰু  বিষ্ণুপ্ৰিয়া দেৱীৰ সন্তান। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা আছিল।  মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনসত্যাগ্ৰহ আন্দোলনভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল। বিদ্ৰোহৰ অভিযোগত তেখেতেক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছিল। ১৪ বছৰ বয়সত তেওঁ আদৰ্শ তিৰোতাৰ বিৱৰণ দি তেওঁৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ আৰ্হি তিৰোতা ৰচনা কৰিছিল। অসমীয়া মহিলা লেখকে লিখা এইখনেই প্ৰথম জীৱনীগ্ৰন্থ। অসমৰ পৰা কলিকতালৈ গৈ শিক্ষা লাভ কৰা প্ৰথম দুগৰাকী ছোৱালী আছিল স্বৰ্ণলতা আৰু সৰলা। সৰলা দেৱী লোকনায়ক অমিয় কুমাৰ দাসৰ মাতৃ।

স্বৰ্ণলতা বৰুৱা এগৰাকী বঙালী চিকিৎসক ডাঃ নন্দকুমাৰ ৰায়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু, স্বামীৰ অকাল মৃত্যুৰ পিছত সেই সময়ৰ হুগলী কলেজৰ অধ্যক্ষ সাহিত্যিক ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰী সৈতে স্বৰ্ণলতা বৰুৱা দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। 



সহায়ক গ্ৰন্থপঞ্জী

  • ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য, কৌস্তুভ প্ৰকাশন,  এপ্ৰিল, ২০১৪
  • আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত, গুণাভিৰাম বৰুৱা, পঞ্চম সংস্কৰণ, ২০০৭
  • অসমীয়া জীৱনী আৰু আত্মজীৱনী অধ্যয়ন, সম্পা. অমল চন্দ্ৰ দাস, প্ৰবন্ধ লেখকঃ ৰুবী বৰা, পৃঃ৩৭
  • জীৱনী আৰু অসমীয়া জীৱনী, লেখকঃ গোবিন্দ প্ৰসাদ শৰ্মা, বনলতা, তৃতীয় সংস্কৰণ, ২০১৯

Post a Comment

0 Comments