অসমীয়া পত্ৰ সাহিত্যত ভাৰতীয় পত্ৰ সাহিত্যৰ প্ৰভাৱ

 


* ‘অসমীয়া পত্ৰ-সাহিত্য’ (Assamese Epistle literature)ৰ পৃষ্ঠভূমি নিৰ্মাণত প্ৰাচীন ভাৰতীয় সাহিত্যই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে৷ ‘জাতক’, ‘অৰ্থশাস্ত্ৰ’ ‘ৰামায়ণ’, ‘মহাভাৰত’, অন্যান্য সংস্কৃত কাব্যসমূহ আৰু দূত-কাব্যসমূহৰ মাজতে চিঠি-পত্ৰৰ আদান-প্ৰদানৰ পৃষ্ঠভূমি লিপিবদ্ধ হৈ আছে৷ সেইদৰে ভাৰতীয় পত্ৰ সাহিত্যৰ পৃষ্ঠভূমি বিচাৰি গ’লে আমি সিন্ধু সভ্যতা সৃষ্টিৰো আগৰ সময়ছোৱালৈ যাব পাৰোঁ৷ গৌতম বুদ্ধৰ পূৰ্ণজন্মৰ জীৱন কাহিনীৰ আধাৰত পালিভাষাত ৰচিত বৌদ্ধধৰ্মীয় গ্ৰন্থ ‘জাতক’ৰ বিভিন্ন খণ্ডবোৰত চিঠি-পত্ৰ, সংবাদ প্ৰেৰণৰ তথ্য আছে৷ ব্ৰহ্মদত্ত ৰজা আৰু বোধিসত্ত্বৰ পূৰ্ণজন্মকেন্দ্ৰিক এই আখ্যানবোৰৰ বিভিন্ন প্ৰসংগত দূত বা চিঠি-পত্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেইদৰে খ্ৰীঃপূঃ চতুৰ্থ শতিকাৰ কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’, সম্ৰাট অশোকৰ শিলালিপি, ভৰতমুনিৰ ‘নাট্যশাস্ত্ৰ’, বাৎসায়নৰ ‘কামসূত্ৰ’ত চিঠি-পত্ৰ প্ৰেৰণ বা পত্ৰচৰ্চাই স্থান লাভ কৰিছে৷

‘অৰ্থশাস্ত্ৰ’ৰ ‘ৰাজপ্ৰবিধি’ শীৰ্ষক ৰচনাত ৰজা আৰু পাত্ৰ মন্ত্ৰীসকলৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে ৰাজকাৰ্য বিষয়ক আলোচনা কৰাৰ কথা আছে৷প্ত  খ্ৰীঃপূঃ চতুৰ্থ, পঞ্চম শতিকাৰ ভিতৰত ৰচনা কৰা ভাৰতৰ প্ৰাচীন মহাকাব্য ‘মহাভাৰত’, ‘ৰামায়ণ’ আদি গ্ৰন্থত বাৰ্তা প্ৰেৰণৰ বাবে দূত আৰু পত্ৰ প্ৰেৰণৰ তথ্য আছে৷ মহাভাৰতৰ ‘নল-দময়ন্তীৰ উপাখ্যান’ত দময়ন্তীয়ে হাঁহৰ ঠেঙত ৰজা নললৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ৰামায়ণ মহাকাব্যত অশোক বনত বন্দী হৈ থকা সীতাৰ কাষলৈ ৰজা ৰামে হনুমানক দূত হিচাপে নিয়োগ কৰি বাৰ্তা প্ৰেৰণ কৰিছে৷জ্জ ‘শ্ৰীমদ্ভাগৱত’ৰ দশম স্কন্ধত ৰুক্মিণীয়ে দ্বাৰকাৰ কৃষ্ণলৈ বেদনিধিৰ হাতত ‘পত্ৰ’ পঠিয়াইছে৷জ্জ্ব ‘শ্ৰীমদ্ভাগৱত’আৰু পৰৱৰ্তী সময়ৰ শঙ্কৰদেৱ বিৰচিত ‘কীৰ্তনঘোষা’ত উল্লেখ থকা মতে– কৃষ্ণই উদ্ধৱক ব্ৰজধামলৈ গোপিনীৰ খবৰ ল’বলৈ দূত হিচাপে নিয়োগ কৰিছিল৷ কালিদাসৰ ‘অভিজ্ঞানম্‌-শকুন্তলম্‌’ নাটকত শকুন্তলাই দূষ্যন্ত ৰজালৈ পদুম পাতত চিঠি লিখিছিল৷ সেইদৰে শকুন্তলা গৰ্ভৱতী অৱস্থাত দূষ্যন্তৰ ৰাজসভালৈ গৈ দূতৰ জৰিয়তে ৰজা দূষ্যন্তলৈ বাৰ্তা পঠিয়াইছিল৷

চতুৰ্থ শতিকাৰ কবি কালিদাসৰ ‘মেঘ্‌দূতম্‌’ কাব্যখনিও এখন দূত-কাব্য৷ এই কাব্যত নায়ক যক্ষই নিজৰ বিৰহ পত্নীলৈ উদ্দেশ্যি মেঘৰ হাতত বাৰ্তা পঠিয়াইছে৷ সংস্কৃত পণ্ডিত বৰৰুচিৰ ‘পত্ৰ-কৌমুদী’ গ্ৰন্থত পত্ৰ ব্যৱহাৰৰ লিখিত নিদৰ্শন আছে৷ৰৰ পৰৱৰ্তী সময়ৰ ষষ্ঠদশ শতিকাৰ প্ৰথমভাগত ৰচনা কৰা শঙ্কৰদেৱৰ ‘ৰুক্মিণী হৰণ’ নাটকত ৰুক্মিণীয়ে লিখা এখন পত্ৰ বেদনিধিয়ে দ্বাৰকাৰ কৃষ্ণলৈ কঢ়িয়াই নিয়াৰ তথ্য আছে৷ ওঠৰ শতিকাত অজ্ঞাত কবিৰ দ্বাৰা ৰচিত ‘কালিকা পুৰাণ’ বা ‘হৰগৌৰী বিবাহ’ গ্ৰন্থতো শিৱই ব্ৰহ্মাৰ লগতে অন্যান্য দেৱ-দেৱতা আদিলৈ দূতৰ হাতত বাৰ্তা পঠিওৱাৰ উদাহৰণ আছে৷ সেইদৰে প্ৰাচীন মিথ, পুৰাণ আদিৰ লগতে অন্যান্য দূত কাব্য সমূহতো চিঠি-পত্ৰ প্ৰেৰণৰ উল্লেখ আছে৷ 

লিখিত সংবাদ প্ৰেৰণৰ পদ্ধতি ‘পাষাণ যুগ’তেই (খ্ৰীঃ পূঃ ৩০০০-১০০০) আৰম্ভ হৈছিল৷ মিচৰত খ্ৰীঃপূঃ ১২০০ শতিকাৰ কালছোৱাৰ কিছুমান প্ৰাচীৰ চিত্ৰ (Wall Painting) আৰু ফলি পোৱা গৈছে৷ সেই সময়ত ৰোম দেশৰ নাগৰিকসকলে সৰু সৰু কাঠৰ ফলিত বাৰ্তা পঠিয়াবলৈ আৰম্ভ কৰিছিল৷ চীন দেশতো কিছুমান প্ৰাচীন ফলি পোৱা গৈছে, খ্ৰীষ্টজন্মৰ প্ৰায় এহেজাৰ বছৰৰ আগেয়ে তেতিয়া চীনা শাসকবৰ্গই তেওঁলোকৰ চুবাদাৰসকললৈ চিঠিৰ ৰূপত এইবোৰ ফলি পঠিয়াইছিল৷ সেই সময়তে গ্ৰীক দেশত আৰম্ভ হোৱা পাৰস্যৰ ডাকঘৰ নিৰ্মাণৰ প্ৰভাৱৰ কথা ক’ব পাৰি৷ গ্ৰীক বুৰঞ্জীবিদ হেৰো-ডোটাচে (Herodotus) এইবিষয়ে কিছুমান মনোগ্ৰাহী বৃত্তান্ত লিখি থৈ গৈছে৷ তেওঁৰ মতে– সমকালীন সময়ছোৱাত বাৰ্তা প্ৰেৰণৰ বাবে ঘোঁৰাৰ লগতে ষাড় গৰুৰ ব্যৱহাৰ কৰা হৈছিল৷ তাৰ কাৰণে ২০০ মাইলৰ অন্তৰে অন্তৰে ‘চকী’ পাতি থোৱা আছিল৷ আলেকজেণ্ডাৰেও ৰাজ্য শাসনৰ সময়ত এই পদ্ধতিকে অৱলম্বন কৰিছিল৷ তেখেতে বেবিলন চহৰত খ্ৰীঃ পূঃ ৩৫০০ চন মানতে যোগাযোগৰ বাবে বেতনভোগী বাৰ্তাবাহক বা ‘হৰকৰা’ নিযুক্তিৰ প্ৰথা আৰম্ভ কৰে৷ ‘গ্ৰীক দেশৰ পাৰস্যৰ ৰাণী চাইৰাছৰ জীয়ৰী এটেছা (Attossa)ই প্ৰথমখন হাতে লিখা চিঠি লিখিছিল ৫০০ শতিকাৰ আশে-পাশে৷’

ঐতিহাসিকভাৱে প্ৰাচীন ভাৰত, ইজিপ্ত, সুমেৰ, চীন আদিৰ লগতে গ্ৰীচ, ৰোম আদি দেশত চিঠি-পত্ৰৰ ব্যাপক প্ৰচলন আছিল৷ প্ৰাচীন বিশ্বত চিঠি-পত্ৰ লিখিবলৈ শিল, কাঠ, মাটিৰ বাচন-বৰ্তনৰ টুকুৰা, জীৱ-জন্তুৰ চাল আদি ব্যৱহাৰ কৰা হৈছিল৷ ৰোম দেশত দীৰ্ঘকাল ধৰি বাৰ্তা প্ৰেৰণৰ বাবে পাৰ চৰাই ব্যৱহাৰ কৰা হৈছিল৷ খ্ৰীঃ পূঃ ৪০০০ চনতে চীনত এহেজাৰ মাইল দীঘল ডাক পথ তৈয়াৰ কৰা হৈছিল আৰু ভাৰততো ভালেমান ঠাইত খ্ৰীঃপূঃ ৩৫০০ চন মানতেই যোগাযোগৰ সংগঠিত প্ৰণালী আৰম্ভ হৈছিল৷ সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন কালতো (খ্ৰীঃপূঃ ৩২২) এটা সুব্যৱস্থিত ডাক ব্যৱস্থা আছিল৷ সেই সময়ত ভাৰতবৰ্ষত পাৰ চৰাইক বাৰ্তা প্ৰেৰণৰ বাবে কামত লগোৱা হৈছিল৷ সিহঁতৰ ডিঙিত তাবিজ বান্ধি দি তাৰ ভিতৰত গোপন বাৰ্তা প্ৰেৰণ কৰা হৈছিল৷ এই ব্যৱস্থাটো সম্ৰাট অশোকৰ দিনতো (২৬৮-২৭৭) অব্যাহত আছিল৷ মোগল বাদশ্বাহ আকবৰৰ দিনত (১৫৫৬-১৬০৫) ক্ষিপ্ৰ গতিত ডাক অনা নিয়াৰ বাবে সামৰিক প্ৰশিক্ষণ প্ৰাপ্ত বাৰ্তাবাহক নিয়োগ কৰা হৈছিল৷ আকবৰে ঘোঁৰা ব্যৱহাৰ কৰাৰ উপৰি মৰুভূমি অঞ্চলৰ যাতায়াতৰ বাবে উটৰ ব্যৱহাৰ কৰিছিল৷ আলাউদ্দিন খিল্‌জীৰ দিনতো ডাক ব্যৱস্থাৰ যথেষ্ট বিকাশ ঘটে৷ শ্বেৰশ্বাহ সুৰীৰ (১৪৭২-১৫৪৫) সময়ছোৱাক ভাৰতবৰ্ষৰ ডাক ব্যৱস্থাৰ ‘স্বৰ্ণ যুগ’ বুলি অভিহিত কৰিব পাৰি৷ তেওঁৰ দিনতেই ২০০০ মাইল দীঘল‘জী. টী. ৰোড’ (Grand Trunk Road) নিৰ্মাণ কৰা হৈছিল৷

এইসমূহ প্ৰাচীন তথ্যই সমগ্ৰ বিশ্বতে চিঠি-পত্ৰ আদান-প্ৰদানৰ ঐতিহাসিক তথ্য কিছুমান দাঙি ধৰে৷ চিঠি-পত্ৰক সাহিত্য হিচাপে অধ্যয়ন কৰাৰ পৃষ্ঠভূমিৰ ক্ষেত্ৰতো ক’ব পাৰি– ‘গ্ৰীক লেটাৰেচাৰ’তেই চিঠি-পত্ৰক সাহিত্যৰ অন্তৰ্গত বিধা (genre) হিচাপে মান্যতা দিয়া হৈছে৷ গ্ৰীক সাহিত্যৰ প্ৰথম কবি হোমাৰৰ ‘ইলিয়াড’ (অষ্টম শতিকা) মহাকাব্যত চিঠিৰ প্ৰসংগ আছে৷ ইলিয়াডৰ ষষ্ঠ খণ্ডত এখন পত্ৰৰ উদাহৰণ পোৱা যায়৷ খ্ৰীষ্টপূৰ্ব ২০ চনত ৰোমান গীতিকবি হোৰেচৰ দ্বাৰা ৰচিত পত্ৰ কবিতা বা ‘verse epistle’ গ্ৰন্থই এই কথাৰ প্ৰমাণ দাঙি ধৰে৷ হোৰেচৰ দ্বাৰা লিখিত Epistularum liber primus শীৰ্ষক ব্যংগধৰ্মী গ্ৰন্থখন চিঠি সম্পৰ্কীয় প্ৰাচীন লিখিত গ্ৰন্থ বুলি ইতিমধ্যে স্বীকৃত হৈছে৷৩৪ অন্যহাতে গ্ৰীক দেশৰ পাৰস্যৰ ৰাণী চাইৰাছৰ জীয়ৰী ‘এটেছা’ (Attossa)ই প্ৰথমখন হাতে লিখা চিঠি লিখিছিল খ্ৰীঃপূঃ ৫০০ শতিকাৰ আশে-পাশে৷ প্ৰাচীন ইতিহাসবিদ হেলানিকাছৰ মতে এটেছাই এই চিঠিখন লিখিছিল তেওঁৰ প্ৰায় পঞ্চাশ বছৰ বয়সত৷ ট্ৰিনিটি কলেজৰ ইতিহাস আৰু মানৱ বিজ্ঞানৰ অধ্যাপক ব্ৰীড মেকগ্ৰাথে এই চিঠিখনক সৰ্বকালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিঠি হিচাপে উল্লেখ কৰিছে৷

মধ্যযুগ (১২২৮-১৮২৬) সময়ছোৱাত ৰজা-মহাৰজাই দেশ শাসন কৰিবৰ সময়ত ৰাজ-পৃষ্ঠপোষকতাৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰত চিঠি-পত্ৰৰ ব্যাপক বিনিময় কৰা হৈছিল৷ এজন ৰজাই আন ৰজালৈ পত্ৰ প্ৰেৰণ কৰা, যুদ্ধ বিগ্ৰহৰ খা-খবৰ আদান-প্ৰদান কৰা, সন্ধি, চুক্তি বা তেনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যোগাযোগ আদিৰ বাবে চিঠি-পত্ৰ আছিল সেই সময়ৰ প্ৰধান মাধ্যম৷ চিঠি-পত্ৰ আদান প্ৰদানৰ বাবে সেই সময়ত ‘কটকী’, ‘দূত’ আদি পদবীৰ সৃষ্টি হৈছিল৷ আহোম যুগ (ত্ৰয়োদশ শতিকাৰ পৰা-অষ্টাদশ শতিকালৈ)ত ৰজাৰ চিঠি লিখি দিয়াৰ বাবে ‘কাকতি’, ‘মজিন্দাৰ বৰুৱা’ নামেৰে ৰাজনৈতিক পদবীৰ সৃষ্টি হৈছিল৷ এনেদৰেই যুগ যুগ ধৰি চিঠি-পত্ৰই বিশ্বৰ লগতে ভাৰতীয় সভ্যতা-সংস্কৃতিত স্থান লাভ কৰি আহিছে আৰু এই চিঠি-পত্ৰসমূহে সাহিত্য হিচাপেও স্বীকৃতি লাভ কৰিছে৷ এনে সাহিত্যৰ পৃষ্ঠভূমিতেই অসমীয়া পত্ৰ সাহিত্যৰ আধুনিক ৰূপটোৱে বিকাশ লাভ কৰিছে৷

অসমীয়া পত্ৰ সাহিত্য নিৰ্মাণত পাশ্চাত্য সাহিত্যৰো কিছু প্ৰভাৱ আছে৷ বিশেষকৈ পত্ৰ উপন্যাস ৰচনা কৰাৰ ধাৰাটো অসমীয়া ভাষালৈ পাশ্চাত্যৰ পৰাই আহিছে৷ পাশ্চাত্য সাহিত্য (Western Literature)ত ওঠৰ শতিকাৰ সময়ছোৱাক ‘চিঠি লিখাৰ সোণালী যুগ’ বুলি স্বীকৃতি দিয়া হৈছে৷ এই সময়ছোৱাতে পত্ৰোপন্যাস (Epistolary Novel)ৰ ধাৰাটিৰ বিকাশ ঘটে৷ ইংৰাজী সাহিত্যত আফ্ৰা বেহেন (Aphra Behn)ৰ ‘লভ লেটাৰ্চ বিটুইন এ নৱেলমেন এণ্ড হিচ চিষ্টাৰ’ (Love-Letters Between a Nobleman and His Sister) শীৰ্ষক তিনিটা খণ্ডত প্ৰকাশিত উপন্যাসধৰ্মী গ্ৰন্থখন পত্ৰোপন্যাসৰ ধাৰাটোৰ প্ৰথম পৰ্যায়ৰ এখন গ্ৰন্থ৷ অৱশ্যে পত্ৰ সাহিত্যৰ সম্পূৰ্ণ বৈশিষ্ট্য ৰক্ষা হোৱা ছেমুৱেল ৰিচাৰ্ডচন (Samuel Richardson)ৰ ‘পামেলা’ (Pamela) উপন্যাসখনকহে প্ৰথমখন পত্ৰোপন্যাসৰ স্বীকৃতি দিয়া হৈছে৷ ৰিচাৰ্ডছনে লিখা এই পত্ৰোপন্যাসৰ ধাৰাটোতেই পৰৱৰ্তী সময়ৰ ভাৰতীয় সাহিত্যতো পত্ৰোপন্যাস ৰচনা হ’বলৈ আৰম্ভ কৰে৷ 

ইংৰাজী কাব্য সাহিত্যত পত্ৰ সাহিত্যৰ ক্লাছিকেল ৰূপ পোৱা যায় খ্ৰীঃপূঃ ১৫ শতিকাত ‘হোৰেচ’ (Horace)ৰ ‘এপিস্তুলে’ (Epistulae) গ্ৰন্থত৷ এই কাব্যত ইটালীৰ গ্ৰামীণ জীৱনৰ পৰা আৰম্ভ কৰি ৰোমান সাহিত্যৰ অৱস্থা সম্পৰ্কে নানা পৰ্যবেক্ষণ পোৱা যায়৷ হোৰেচৰ এই ‘Epistulae’ গ্ৰন্থৰ ৰীতি পৰৱৰ্তীকালৰ ইউৰোপীয় সাহিত্য– ‘ৰেনেচা যুগ’ৰ পৰা আৰম্ভ কৰি ওঠৰ শতিকা পৰ্যন্ত বহু কবিৰ প্ৰিয় সাহিত্যৰূপ আছিল৷

ভাৰতবৰ্ষৰ হিন্দী সাহিত্যতো চিঠি-পত্ৰ লিখা কৰ্মটো প্ৰাচীন সাহিত্যিক পৰম্পৰা হিচাপে বিবেচিত হৈ আহিছে৷ হিন্দী সাহিত্যত পদ্য ৰচনাৰ মাজতেই চিঠি-পত্ৰৰ আংগিক ব্যৱহাৰ কৰি সৃষ্টিশীল সাহিত্য ৰচনাৰ আভাস পোৱা যায়৷ সমালোচক প্ৰেমশঙ্কৰ গুপ্তৰ মতে– ‘‘প্ৰাচীন কালত পদ্যৰ প্ৰাধান্যতা আৰু গদ্যৰ গৌণতা আছিল৷ ৰাজনীতি, বৈদ্য, জ্যোতিষী, গণিত আদি ব্যৱহাৰিক আৰু বৈজ্ঞানিক বিষয়বোৰো সেই সময়ত পদ্যতে ৰচনা কৰা হৈছিল৷ আনকি পত্ৰ লিখিবলৈও সেই সময়ত পদ্যৰ আশ্ৰয় লোৱা হৈছিল৷ অৱশ্যে এই পদ্যাত্মক চিঠি-পত্ৰসমূহ উপলব্ধ নোহোৱাৰ বাবে ইয়াৰ বিদ্যায়তনিক অধ্যয়ন সম্ভৱ হৈ উঠা নাই৷’’

আব্দুল ৰহমানৰ ‘সন্দেহৰাসক’ (১১০০-১২০০) গ্ৰন্থত পত্ৰ লিখাৰ উদাহৰণ আছে৷ ‘পৃথিৱীৰাজ ৰাচো’ৰ ‘পদ্মাৱতী’ গ্ৰন্থত পত্ৰ আদান-প্ৰদানৰ আভাস পোৱা যায়৷ মধ্যকালীন হিন্দী সাহিত্যত প্ৰায় ১৫৪০ চনত চুফী কবি ‘মালিক মহম্মদ জায়চী’ৰ ‘পদ্মাৱত’ কাব্যত নাগমতিৰ দ্বাৰা নিজৰ প্ৰেমিকলৈ পত্ৰ পঠিওৱাৰ বৰ্ণনা আছে৷ তুল্‌সী দাস (১৫৫৪)ৰ ‘বিনয় পত্ৰিকা’তো সেৱকৰ দ্বাৰা স্বামীৰ কাষলৈ পঠিওৱা পত্ৰৰ উদাহৰণ আছে৷ কিম্বদন্তিৰ মতে ৰজাৰ অত্যাচাৰত সহিব নোৱাৰি মীৰাই আধ্যাত্মিক মাৰ্গ দৰ্শনৰ বাবে তুল্‌সী দাসলৈ পত্ৰ লিখিছিল৷ তুল্‌সী দাসে প্ৰত্যুত্তৰত কবিতা লিখি মীৰালৈ হৰিভজনৰ বাৰ্তা পঠিয়াইছিল৷

‘কৰ্ণেল টদ্‌’ৰ দ্বাৰা লিখিত ইংৰাজী গ্ৰন্থ ‘Annals & Antiquities of Rajas'than’ (১৮২৯) গ্ৰন্থত ‘পৃথিৱীৰাজ ৰাচো’ৱে মহাৰাণা প্ৰতাপলৈ লিখা পত্ৰৰ উল্লেখ আছে৷ মহাৰাজ প্ৰতাপৰ দ্বাৰা পঠিওৱা চিঠিৰ প্ৰত্যুত্তৰ সম্পৰ্কেও বহুবোৰ ইতিহাসবিদে পৰৱৰ্তী সময়ত হিন্দী সাহিত্যত আলোচনা কৰিছে৷ সেইদৰে আধুনিক যুগটোত হিন্দী পত্ৰ সাহিত্যৰ ক্ষেত্ৰখনত সৰ্বাধিক অৰিহণা আগবঢ়োৱা এজন ব্যক্তি হ’ল– ভাৰতেন্দু হৰিচন্দ্ৰ (১৮৫০-১৮৮৫)৷ তেখেতে ‘প্ৰশস্তি সংগ্ৰহ’ অথবা ‘পত্ৰ বোধ’ শীৰ্ষক এখন পত্ৰ সাহিত্য বিষয়ক গ্ৰন্থ প্ৰকাশ কৰিছিল৷ গ্ৰন্থখনত অন্যান্য প্ৰসংগৰ উপৰি প্ৰাচীন পত্ৰ লিখন কলাৰ সমীক্ষা আৰু কলাত্মক বৈশিষ্ট্য আদিৰ বিষয়ে আলোচনা কৰা হৈছে৷৬৬ দ্বিবেদী যুগ (১৯০০-১৯২০)ত হিন্দী পত্ৰ সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশ অধিকভাৱে হয়৷ ডক্টৰ নগেন্দ্ৰৰ দ্বাৰা সম্পাদিত ‘হিন্দী সাহিত্য কা ইতিহাস’ত পত্ৰ সাহিত্যতো দ্বিবেদী যুগকেই হিন্দী পত্ৰ সাহিত্যৰ মূল সময় বুলি অভিহিত কৰা হৈছে৷ হিন্দী সাহিত্যৰ প্ৰথম পত্ৰ সাহিত্য বিষয়ক গ্ৰন্থখন হ’ল– মহাত্মা মুুন্সীৰাম সম্পাদিত ‘ঋষি দয়ানন্দ কা পত্ৰ ব্যৱহাৰ’ (১৯০৪) শীৰ্ষক গ্ৰন্থখন৷ এইখন গ্ৰন্থত স্বামী দয়ানন্দ সৰস্বতীৰ ব্যক্তিত্ব আৰু জীৱন দৰ্শন, বৌদ্ধিক পৰিচয় তথা চিন্তনৰ পৰিচয় পোৱা যায়৷ তদুপৰি তেওঁৰ চিঠি-পত্ৰৰ মুঠ চাৰিটা সংকলন প্ৰকাশ হৈছে৷ 

মধ্যযুগৰ বাংলা কাব্য আৰু জীৱনী সাহিত্যত পত্ৰ ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়৷ ষোড়শ শতাব্দীৰ সময়ছোৱাত কবি মুকুন্দৰাম চক্ৰৱৰ্তীয়ে তেখেতৰ ‘অভয়ামঙ্গল’ কাব্যত দুখন পত্ৰৰ ব্যৱহাৰ কৰিছে৷ কবি দাৰ্শনিক কৃষ্ণদাস কবিৰাজৰ দ্বাৰা ৰচিত সন্তজীৱনী (Hagiography) ‘চৈতন্যচৰিতামৃত’ৰ অন্ত্যলীলাত এখন পত্ৰ সঙ্কলিত হৈছে৷ মধ্যযুগত বাংলা ভাষাত গদ্যৰ প্ৰচলন নাছিল৷ গদ্যত সাহিত্য ৰচনা কৰাৰ বাবেও সেই সময়ত পৃষ্ঠভূমি নিৰ্মাণ হোৱা নাছিল৷ সেয়েহে চিঠি-পত্ৰও পদ্যতে ৰচনা কৰা হৈছিল৷

বাংলা গদ্য সাহিত্যৰ আৰম্ভণিতো চিঠি-পত্ৰৰ ভূমিকা আছে৷ ১৫৫৫ খ্ৰীষ্টাব্দত আহোমৰজা চুকাম্‌ফা স্বৰ্গদেউলৈ কোচবিহাৰৰ ৰজা নৰনাৰায়ণে দিয়া পত্ৰখনক বাংলা গদ্য সাহিত্যৰ প্ৰথম উদাহৰণ বুলি কোৱা হয়৷৬৯ আধুনিক যুগৰ প্ৰাৰম্ভতে পত্ৰৰ আংগিক ব্যৱহাৰ কৰি গ্ৰন্থ ৰচনা কৰা বাংলা সাহিত্যিকৰ ভিতৰত ৰামৰাম বসু (আনুমানিক ১৭৫৭-১৮১৩ খ্ৰীঃ) অন্যতম৷ তেখেতে লিখা ‘লিপিমালা’ (১৮০২) গ্ৰন্থখনত চল্লিশখনমান পত্ৰ সংযোগ কৰা হৈছে৷ অৱশ্যে গ্ৰন্থখন পত্ৰৰ আকাৰত লিখা হ’লেওপূৰামাত্ৰাই পত্ৰলিখনৰ ৰীতি অনুসৰি লিখা হোৱা নাই৷ পৰৱৰ্তী সময়ত ৰাজনাৰায়ণ ভট্টাচাৰ্যৰ ‘বিজ্ঞানাঞ্জন’ (১৮৪০), ৰাজেন্দ্ৰলাল মিত্ৰৰ সম্পাদনাত প্ৰকাশ পোৱা ‘পত্ৰ-কৌমুদী’ (১৮৪৭) আৰু বিংশ শতিকাৰ প্ৰথম দশকত প্ৰকাশিত আনন্দলাল সেনগুপ্তৰ ‘আদৰ্শ লিপিমালাৰ সংকলন’ আদি গ্ৰন্থৰ নাম উল্লেখ কৰিব পাৰি৷ মাইকেল মধুসুদন দত্তৰ ‘বীৰাঙ্গনা কাব্য’ (১৮৬২) গ্ৰন্থখন পত্ৰ কাব্যৰ শৈলীৰে লিখা৷ এই কাব্যৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছে গ্ৰীক-পূৰাণ আৰু মহাকাব্যৰপৰা৷ কাব্যগ্ৰন্থখনত ভাৰতীয় পুৰাণৰ কিছু নাৰী চৰিত্ৰই তেওঁলোকৰ প্ৰেমিক বা স্বামীক উদ্দেশ্যি কল্পনাৰেচিঠি লিখিছে৷ 

ঊনৈশ শতিকাৰ তৃতীয় দশকত ব্ৰাহ্মধৰ্ম প্ৰতিষ্ঠা আৰু প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত মানৱতা আৰু ব্যক্তি স্বতন্ত্ৰতাৰ ক্ষেত্ৰত ৰাজা ৰামমোহনৰায়ৰ চিঠি-পত্ৰসমূহে ব্যাপক ভূমিকা গ্ৰহণ কৰিছিল৷ সেইদৰে দেবেন্দ্ৰনাথ ঠাকুৰৰ চিঠি-পত্ৰবোৰত আছিল আধ্যাত্মিকতাৰ ভাৱ৷ মহিলা কবি গিৰীন্দ্ৰমোহন দাসীৰ পদ্যত ৰচিত পাঁচখন পত্ৰ সম্বলিত গ্ৰন্থ ‘জনৈকা হিন্দু মহিলাৰ পত্ৰাবলী’ (১৮৯২) গ্ৰন্থখনতো কবিত্বশক্তিৰ পৰিস্ফূৰণ ঘটিছে৷ ‘প্ৰবাসেৰ পত্ৰ’ (১৮৯২) গ্ৰন্থত কবি নবীনচন্দ্ৰ সেনৰ কবিত্বগুণৰ প্ৰতিফলন ঘটিছে৷ এনে সময়তে ১৮৮২ চনত নটেন্দ্ৰনাথ ঠাকুৰে প্ৰথম বাংলা পত্ৰোপন্যাস ‘বসন্তকুমাৰেৰ পত্ৰ’ ৰচনা কৰে৷ বাংলা পত্ৰ সাহিত্যত ৰবীন্দ্ৰনাথৰ চিঠি-পত্ৰৰ গুৰুত্ব সবাৰ্ধিক৷ একাশী বছৰীয়া জীৱনকালত তেখেতে ব্যক্তিগত আৰু সামাজিক দুয়োপ্ৰকাৰৰ অনেক চিঠি-পত্ৰ ৰচনা কৰিছিল৷ তেখেতৰ গৰিষ্ঠ সংখ্যক চিঠি-পত্ৰই সাহিত্য হিচাপে গুৰুত্বপূৰ্ণ৷ পত্ৰ সাহিত্য বিষয়ক তেখেতৰ গ্ৰন্থসমূহ হ’ল– ‘য়ুৰোপপ্ৰবাসীর পত্ৰ’ (১৮১১), ‘ৰাশিয়াৰ চিঠি’ (১৮৮২), ‘ছিন্নপত্ৰ’ (১৮৮৫), ‘ভানুসিংহেৰ পত্ৰাবলী’ (১৮৮৮), ‘জাপানযাত্ৰীৰ পত্ৰ’ (১৮৮৯), ‘ছিন্নপত্ৰাৱলী’, ‘পথে ও পথেৰ প্ৰান্তে’ আদি৷

১২২৮ চনত আহোমসকলে অসমত আহি থিতাপ লোৱাৰ পৰা প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল৷ উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ আহোমসকলেই অসমত বুৰঞ্জী লিখাৰ প্ৰথাটোৰ আৰম্ভ কৰে৷ প্ৰায় ত্ৰয়োদশ শতিকামানৰ পৰা আহোম বুৰঞ্জী আৰু সমসাময়িক অন্যান্য বুৰঞ্জীসমূহৰ কিছু সংখ্যক বুৰঞ্জীত ৰজা-মহাৰজা, ডা-ডাঙৰীয়াসকলে লিখা চিঠি-পত্ৰ আদি সংৰক্ষিত হৈছে৷ চিঠি-পত্ৰই একাংশ বুৰঞ্জী গ্ৰন্থৰ মুখ্য বিশেষত্ব হৈ পৰাৰ বাবে সেইসমূহ বুৰঞ্জীক ‘কটকী বুৰঞ্জী’ নামেৰেও নামকৰণ কৰা হৈছিল৷ আহোম ৰাজত্বৰ সময়ত আদান-প্ৰদান হোৱা চিঠি-পত্ৰৰ মাজত সেই সময়ৰ ভাষাটোৰ ভাষাতাত্ত্বিক দিশবোৰসংৰক্ষিত হৈ আছে৷ এই সময়ৰ বুৰঞ্জীৰ ভাষাই সমসাময়িক কথ্য ভাষাক প্ৰতিনিধিত্ব কৰিছে৷ সেইদৰে এই চিঠি-পত্ৰৰ ভাষাবোৰ সাহিত্যিক গুণসম্পন্ন৷ চিঠিবোৰত সমকালীন ৰাজতন্ত্ৰ, ৰাজ্য শাসন, সমাজ-সংস্কৃতি, লোকাচাৰ, ৰজা-মহাৰজাসকলৰ জাতীয় জীৱন, কৃত্বিত্ব, গৌৰৱ, বংশাৱলীৰ পৰিচয়, যুদ্ধ বিগ্ৰহ, দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৰজা-মহাৰজাসকলৰ সংযোগ, ৰাজনৈতিক বুজাবুজি, সন্ধি আদিৰ বিষয়ে বিভিন্ন প্ৰাসংগিক তথ্য নিহিত হৈ আছে৷ চিঠি আকাৰে লিখা এই কথা-বতৰাবোৰৰ মাজত অসমীয়া গদ্য সাহিত্যৰ প্ৰাৰম্ভিক সময়ছোৱাৰো লিখিত উদাহৰণ লিপিবদ্ধ হৈ আছে৷ 

ইয়াণ্ডাবু সন্ধিৰ পাছত ভাৰতবৰ্ষৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ হস্তান্তৰ হোৱাৰ সমসাময়িক সময়ছোৱাতো চিঠি-পত্ৰৰ ব্যাপক প্ৰচলন আছিল৷ এই সময়ৰ বহুবোৰ চিঠি-পত্ৰই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দেশ-ৰাজ্য বিস্তাৰৰ কাহিনী, কূটনৈতিক কৌশল, ভাৰতৰ ৰজা-মহাৰজাৰ সৈতে সম্বন্ধ, চুক্তি আদিৰ তথ্য দাঙি ধৰিছে৷ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বাধীনতাৰ বাবে এটা পৰিৱেশ ৰচনা কৰাৰ সময়ছোৱাৰ পৰা পৰৱৰ্তী ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ সময়ছোৱাৰ ভিতৰতো ভাৰতীয় আৰু ব্ৰিটিছসকলৰ মাজত যথেষ্ট সংখ্যক চিঠি-পত্ৰৰ আদান-প্ৰদান হৈছিল৷ অৱশ্যে এই চিঠি-পত্ৰবোৰ অসমীয়া ভাষাত লিখা হোৱা নাছিল৷ মূলতঃ ইংৰাজী, হিন্দী ভাষাত লিখা হৈছিল৷ ইয়াৰে কিছু সংখ্যক চিঠি বাংলা, অসমীয়া আদি ভাষালৈ পৰৱৰ্তী সময়ত অনুবাদ কৰা হৈছে৷ স্বামী বিবেকানন্দ, গোপাল কৃষ্ণ গোখ্‌লে, ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰোজিনী নাইডু, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, বল্লৱভাই পেটেল, শ্যামা প্ৰসাদ মুখাৰ্জী, ইন্দিৰা গান্ধী, আবুল কালাম আজাদ, বলদেৱ সিং আদিৰ উপৰি ইংৰাজসকলে লিখা সেই সময়ৰ চিঠি-পত্ৰবোৰ ভাৰতবৰ্ষৰ সমাজ জীৱনৰ বাবে আপুৰুগীয়া সম্পত্তি৷ H.D. Sharma সম্পাদিত, ইংৰাজী ভাষাত চিঠি-পত্ৰ সংৰক্ষিত হোৱা তেনে এখন বিখ্যাত গ্ৰন্থ হ’ল– ‘100 Best Letters 1847-1947’৷

মিছনেৰীসকল অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে আহি অসমীয়া ভাষাত সাহিত্য ৰচনা কৰাৰ সময়তো তেওঁলোকৰ সাহিত্যত চিঠি-পত্ৰৰ ব্যৱহাৰ কৰিছে৷ এ.কে. গাৰ্ণীৰ ‘কামিনীকান্তৰ চৰিত্ৰ’ (১৮৭৭) শীৰ্ষক উপন্যাসধৰ্মী গ্ৰন্থখনত কাহিনীৰ মাজত কিছু সংখ্যক চিঠি-পত্ৰ সন্নিৱিষ্ট হৈ আছে৷ গ্ৰন্থখন উপন্যাসধৰ্মী যদিও সম্পূৰ্ণৰূপত উপন্যাস সাহিত্যৰ বৈশিষ্ট্য ৰক্ষা হোৱা নাই৷ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আৰু অসমীয়া লোকসকলৰ চেতনাত সাহিত্যৰ জৰিয়তে ধৰ্মীয় বিষয়বস্তুবোৰ আৰোপ কৰিবলৈ এ. কে. গাৰ্ণীয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল৷ 

মহাত্মা গান্ধী ১৯২১ চনত অসমলৈ আহোতে অসমৰ পৰা এজন চাহ খেতিয়কে তেখেতলৈ চাহ জনগোষ্ঠীটোৰ সমস্যা আৰু আনুষংগিক বিষয় জনাই চিঠি লিখাৰ উপৰি অসমৰ বিভিন্ন দল, সংগঠন যেনে– গুৱাহাটীৰ লোকেল বৰ্ডৰ নবীনচন্দ্ৰ বৰদলৈ, নগঞা ৰাইজ, গোলাঘাটৰ মহিলা সমিতি আদিয়ে তেখেতলৈ অভিনন্দন জনাই চিঠি লিখিছে৷ স্বাধীনতা আন্দোলনত গান্ধীৰ ভূমিকা আৰু দায়বদ্ধতাৰ প্ৰশংসা কৰাৰ উপৰি তেখেতৰ নেতৃত্বৰ প্ৰতি আস্থাপ্ৰকাশ কৰি এই পত্ৰ লিখা হৈছে৷

বিংশ শতিকাৰ মধ্য দশক আৰু শেষ দশকৰ সাহিত্যৰ মাজত চিঠি-পত্ৰই গুৰুত্ব লাভ কৰাৰ সমান্তৰালভাৱে ব্যক্তিগত পৰ্যায়ত চিঠি-পত্ৰৰ গুৰুত্ব তথা প্ৰাসংগিকতা আছিল সৰ্বাধিক৷ স্বাধীনতাৰ পূৰ্ৱৱতী সময়ছোৱাত যিসকল ব্যক্তিৰ ব্যক্তিগত চিঠি-পত্ৰই অসমীয়া সমাজ জীৱনক প্ৰভাৱিত কৰিছে আৰু পত্ৰ সাহিত্যক সমৃদ্ধিশালী কৰিছে, তেওঁলোকৰ ভিতৰত– জ্ঞানদাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, লক্ষীৰাম বৰুৱা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা, মফিজুদ্দিন আহমদ হাজৰিকা, পদ্মনাথ গোহাঞি বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিৰ নাম উল্লেখযোগ্য৷ স্বাধীনতাৰ আগৰ আৰু স্বাধীনতাৰ পাছৰ বিশ-ত্ৰিছ বছৰমানলৈকে সক্ৰিয়তাৰে চিঠি-পত্ৰ লিখনৰ সৈতে জড়িত হৈ থকা সাহিত্যিকসকলৰ ভিতৰত– চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, কালিৰাম মেধি, ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ ফুকন, মিত্ৰদেৱ মহন্ত, সূৰ্য্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, নলিনীবালা দেৱী, কৃষ্ণকান্ত সন্দিকৈ, প্ৰসন্নলাল চৌধুৰী, লক্ষ্মীধৰ শৰ্মা, ডিম্বেশ্বৰ নেওগ আদিৰ নাম উল্লেখযোগ্য৷ এইসকল বৰেণ্য ব্যক্তিয়ে জীৱন কালত লিখা বিভিন্ন চিঠি-পত্ৰ আৰু তেওঁলোকলৈ বিভিন্নজন ব্যক্তিয়ে লিখা চিঠি-পত্ৰবোৰে ব্ৰিটিছ শাসনাধীন সময়ছোৱাৰ অসমীয়া পত্ৰ সাহিত্যক সমৃদ্ধিশালী কৰিছে৷ এই বৰেণ্য ব্যক্তিসকলৰ চিঠি-পত্ৰসমূহ তেওঁলোকৰ ৰচনাৱলী, স্মৃতিগ্ৰন্থ, অভিনন্দন গ্ৰন্থ আদিত প্ৰকাশ হৈছে৷ 

অসমীয়া সাহিত্যত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে ‘বাঁহী’ আলোচনীত চিঠি-পত্ৰৰ শৈলীৰে এলানি লেখা লিখিছিল৷ ‘বাঁহী’ আলোচনীৰ প্ৰথম বছৰ, দ্বিতীয় সংখ্যা (১৯০৯)ৰ পৰা এই চিঠি-পত্ৰবোৰ প্ৰকাশ হৈছিল৷ এইলানি পত্ৰ ‘বিলাতৰ চিঠি’ নামেৰে ১৯৩৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ হয়৷ সেইদৰে অসমীয়া সাহিত্যত প্ৰথম পত্ৰোপন্যাস (Epistolary Novel) বিষ্ণু কিংকৰ কলিতাৰ ‘চিন্তা’ (১৯৩৮) উপন্যাসখন প্ৰাক্‌ স্বাধীনতাকালৰ পত্ৰ সাহিত্যৰ অন্যতম উদাহৰণ৷ ‘চিন্তা’ উপন্যাসখনেই অসমীয়া সাহিত্যত প্ৰথম পত্ৰোপন্যাস৷ এই উপন্যাসখন সৃষ্টিৰ আঁৰত ৰিচাৰ্ডচনৰ ‘পামেলা’ গ্ৰন্থৰ নিশ্চয়কৈ প্ৰভাৱ আছে৷ 

অসমীয়া চিঠি-পত্ৰৰ প্ৰথম সমালোচনামূলক সংকলন ডিম্বেশ্বৰ নেওগৰ ‘পত্ৰৰেখা’ (১৯৪৩) গ্ৰন্থখন ব্ৰিটিছ শাসনাধীন কালৰ এখন উল্লেখযোগ্য গ্ৰন্থ৷ সমান্তৰালভাৱে ললিত বৰুৱাৰ– ‘ইলা ভনীটিলৈ মুকলি চিঠি’ (তিনিটা খণ্ড), ইলা বৰুৱাৰ (ললিত বৰুৱাৰে ছদ্মনাম) ‘ককাইদেউলৈ মুকলি চিঠি’ (১৯৪৬) শীৰ্ষক প্ৰবন্ধমূলক গ্ৰন্থ কেইখনো এই সময়ছোৱাৰ উল্লেখযোগ্য চিঠি-পত্ৰৰ সংকলন৷ অসমৰ প্ৰথমখন আলোচনী ‘অৰুনোদই’ প্ৰকাশেও অসমীয়া চিঠি-পত্ৰক সাহিত্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাত এটি গতি প্ৰদান কৰিছে৷ এই আলোচনীখনলৈ সেই সময়ত ভাৰতৰ বিভিন্ন ঠাই, বিশেষকৈ কলিকতাৰ পৰা অসমীয়া ভাষাতে চিঠি লিখা হৈছিল৷ তাৰ ভিতৰত পূৰ্ণানন্দ শৰ্মা আছিল অন্যতম৷

স্বাধীনতাৰ (১৯৪৭) পৰৱৰ্তী সময়ৰ পৰা একবিংশ শতিকাৰ দ্বিতীয় দশকলৈ অসমীয়া পত্ৰ সাহিত্যৰ ধাৰাটোক মূলতঃ দুটা দিশত বিভাজন কৰি আলোচনা কৰিব পাৰি৷ এই সময়ছোৱাত সামাজিক মূল্য থকা একাংশ মৌলিক চিঠি-পত্ৰ ছপা মাধ্যমৰ জৰিয়তে প্ৰকাশিত হৈছে৷ ব্যক্তিগত পত্ৰকেন্দ্ৰিক সংকলন, ৰচনাৱলী, চিঠি-পত্ৰৰ সংকলন, আলোচনী, বাতৰি-কাকত, অভিনন্দন গ্ৰন্থ, স্মাৰক গ্ৰন্থ আদিত এই চিঠি-পত্ৰবোৰ প্ৰকাশ হৈছে৷ চিঠি-পত্ৰবোৰৰ বিশ্লেষণধৰ্মী লেখা বা সেই সম্পৰ্কীয় গ্ৰন্থও এই সময়ছোৱাত প্ৰকাশ হৈছে৷ 

পত্ৰৰ আংগিক বা শৈলী ব্যৱহাৰ কৰি স্বৰাজোত্তৰ কালত অসমীয়া সাহিত্যৰ বিভিন্ন বিধাবোৰত বহুসংখ্যক সৃষ্টিশীল সাহিত্য যেনে– পত্ৰপ্ৰবন্ধ, পত্ৰোপন্যাস, পত্ৰগল্প, পত্ৰকবিতা আদি প্ৰকাশ হৈছে৷ স্বৰাজোত্তৰ কালত বহু সংখ্যক চিঠি-পত্ৰকেন্দ্ৰিক সংকলন প্ৰকাশ কৰা হৈছে৷ এই সংকলনবোৰ দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি৷ সেয়া হ’ল– মৌলিক চিঠি-পত্ৰৰ সংকলন আৰু প্ৰবন্ধধৰ্মী চিঠি-পত্ৰৰ সংকলন৷ মৌলিক চিঠি-পত্ৰৰ সংকলনবোৰত  বৰেণ্য ব্যক্তিসকলে এজনে আনজনলৈ লিখা, বাতৰি-কাকত, আলোচনী আদিলৈ লিখা মৌলিক চিঠি-পত্ৰসমূহৰ একত্ৰ সংগ্ৰহ কৰা হৈছে৷ ইয়াৰে কিছু সংকলন চিঠিৰ প্ৰাপকে নিজে সম্পাদনা কৰি প্ৰকাশ কৰিছে আৰু কিছু সংকলন সম্পাদনা কৰা হৈছে৷ প্ৰবন্ধধৰ্মী সংকলনবোৰত মূলতঃ চিঠি-পত্ৰৰ শৈলীত লিখা ভ্ৰমণ কাহিনী, বিজ্ঞান মনস্কতা বিষয়ক লেখা, কিশোৰ উপযোগী লেখা, আত্মজীৱনী, প্ৰেমিকে প্ৰেমিকালৈ লিখা চিঠি, বাপেকে জীয়েকলৈ লিখা চিঠি, ককায়েকে ভনীয়েকলৈ লিখা চিঠি, ভনীয়েকে ককায়েকলৈ লিখা চিঠি, মাতৃয়ে জীয়েকলৈ লিখা চিঠি, বন্ধুৱে বান্ধৱীলৈ লিখা চিঠি আদি বিভিন্ন বিষয় সংকলিত কৰা হৈছে৷ 

গতিকে আলোচনাৰ অন্তত ক’ব পাৰি– অসমীয়া পত্ৰ সাহিত্য সৃষ্টিত ভাৰতীয় পত্ৰ সাহিত্যৰ এক গভীৰ প্ৰভাৱ পৰিছে৷ ভাৰতীয় পত্ৰ সাহিত্যৰ অনুকৰণ, অনুশীলনৰ মাজেদি আৰু সামাজিক, ৰাজনৈতিক প্ৰভাৱৰ ফলত অসমত আধুনকি পত্ৰ সাহিত্যৰ পৃষ্ঠভূমি গঢ়ি উঠিছে৷ এইক্ষেত্ৰত কিছু পৰিমাণে পাশ্চাত্য পত্ৰ সাহিত্যয়ো ভূমিকা গ্ৰহণ কৰিছে৷


গ্ৰন্থপঞ্জী 

  • গোস্বামী, যতীন্দ্ৰনাথ: বেজবৰুৱা গ্ৰন্থাৱলী, তৃতীয় খণ্ড, সাহিত্য-প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ, প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০০৫  
  • গগৈ, লীলা: বুৰঞ্জী সাহিত্য, বনলতা, তৃতীয় প্ৰকাশ, ডিব্ৰুগড়, ২০১৪
  • চট্টোপাধ্যায়, হীৰেণঃ সাহিত্য প্ৰকৰণ, প্ৰকাশক- দেৱাশিস ভট্টাচাৰ্য, বঙ্গীয় সাহিত্য সংসদ, মুদ্ৰণ- অজন্তা প্ৰিটাৰ্স, প্ৰথম প্ৰকাশ, ১৪০২ শক, পুনমুদ্ৰৰ্ণ, মহালয়া, ২০১৭
  • চট্টোপাধ্যায়, তপনকুমাৰঃ সাহিত্যেৰ ৰূপৰীতি ও তত্ত্ব, প্ৰকাশক- বিকাশ সাধুখাঁ, মুদ্ৰক- স্পেকটাৰ্ম অফ্‌সেট, কলকাতা, প্ৰথম প্ৰকাশ-২০১১, পুনৰ্মুদ্ৰণ, মে, ২০১৭
  • চট্টোপাধ্যায়, তপনকুমাৰঃ ভাৰতীয় ঐতিহ্য ও ৰবীন্দ্ৰনাথ, প্ৰকাশক-সুধাংশুশেখৰ দে, মুদ্ৰক- স্বপনকুমাৰ দে, প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০৪
  • ডেকা, প্ৰণৱজ্যোতিঃ হলীৰাম ডেকাৰ সাহিত্য সম্ভাৰ, অসপ বুক ডিপো, পানবজাৰ, জানুৱাৰী, ২০০১
  • তৈয়বউল্লাঃ কাৰাগৰৰ চিঠি, লয়াৰ্ছ বুক ষ্টল, দ্বিতীয় সংস্কৰণ, প্ৰকাশক-খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, হৰাইজন প্ৰিণ্টাৰ্ছ, জুলাই, ১৯৯২ 
  • পাৰবীন, পৰীঃ শব্দৰ এলজোলামবোৰ, প্ৰকাশক-Techino ed, প্ৰথম প্ৰকাশ, ২০১৬
  • বসু, অৰুণকুমাৰঃ ৰাশিয়াৰ চিঠি ও ৰবীন্দ্ৰনাথেৰ ৰাশিয়া-ভাৱনা, প্ৰজ্ঞাবিকাশ, কলিকতা, প্ৰিণ্টম্যাক্স, পুনৰ্মুদ্ৰণ-২০০৮
  • বৰকটকী, উপেন্দ্ৰঃ পত্ৰ সাহিত্যৰ সুবাস, চন্দ্ৰ প্ৰকাশ, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১১
  • বৰুৱা, জ্ঞানদাভিৰামঃ বিলাতৰ চিঠি, সাৰদা প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০০৫ 
  • বৰুৱা, ইলাঃ ককাইদেউলৈ মুকলি চিঠি, প্ৰকাশক- কুসুম কুমাৰী বৰুৱা, নগাওঁ, শেৱালী প্ৰেছ, কমল চন্দ্ৰ বড়াৰ দ্বাৰা মুদ্ৰিত, ১৯৪৫
  • বৰুৱা, ললিতঃ ইলা ভনিটীলৈ মুকলি চিঠি, তৃতীয় খণ্ড, এল বি এছ পাব্লিকেশ্যন, ১৯৮৫
  • ভট্টাচাৰ্য, প্ৰহাস কুমাৰ, মনোহৰ দত্তঃ চিঠি, চিঠি... লেটাৰ গাট, প্ৰথম প্ৰকাশ, ২০১৮
  • ভূঞা, সূৰ্যকুমাৰঃ ত্ৰিপুৰা বুৰঞ্জী, (মূল ৰত্ন কণ্ডলী আৰু অজুৰ্ন দাস বৈৰাগী) বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, তৃতীয় প্ৰকাশ, ফেব্ৰুৱাৰী, ১৯৯০ 
  • ৰাজখোৱা, অৰবিন্দঃ অসমীয়া বিজ্ঞান সাহিত্য, অসম বিজ্ঞান লেখক সন্থা, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১৮
  • শইকীয়া, নগেনঃ বেণুধৰ শৰ্মা ৰচনাৱলী, প্ৰথম খণ্ড, অসম প্ৰকাশন পৰিষদ, প্ৰকাশক- হেমাঙ্গ কিশোৰ শৰ্মা, মুদ্ৰক- জেনেচিছ প্ৰিণ্টাৰ্চ, প্ৰথম সংস্কৰণ, ডিচেম্বৰ, ২০১৪
  • উল্লিখিতঃ বিৰিঞ্চি কুমাৰ ৰচনাৱলী, প্ৰথম খণ্ড, বীণা লাইব্ৰেৰী, মুদ্ৰক- জেনেছিছ প্ৰিণ্টাৰ্ছ, প্ৰথম প্ৰকাশ, গুৱাহাটী, ২০১৫
  • শইকীয়া, পূৰেন্দ্ৰ প্ৰসাদঃ প্ৰতিমাক পালানে পৰাণ, বনলতা, নতুন সংস্কৰণ, ২০০৭

Post a Comment

0 Comments