গীতাৰ অনুবাদ
গেলেলোজ নামে এজন গ্ৰীক পণ্ডিতে ইয়াক গ্ৰীক ভাষালৈ ভাঙ্গিছে, ষ্টেনিশ্লেও নামে এজন ইটালী দেশৰ পণ্ডিতে ইয়াক ইটালীয়ান ভাষালৈ ভাঙ্গিছে, বৰ্নোফ নামে এজন ফ্ৰেঞ্চ পণ্ডিতে ইয়াক ফ্ৰেঞ্চ ভাষালৈ আৰু লেচেন নামে এজন পণ্ডিতে লেটিন ভাষালৈ অনুবাদ কৰিছে। ইংৰাজী ভাষালৈ ইয়াক কেইবা জনো ডাঙ্গৰ পণ্ডিতে তৰ্জমা কৰিছে, যেনে উইলকিন, টমচন, জন ডেভিচ, মেথিউ আৰ্ণন্ড, টেলাঙ্গ আৰু এনি বেচান্ত। যেতিয়া ভাৰতবৰ্ষত ওৱাৰেন হেষ্টিংচ গবৰ্ণৰ জেনেৰেল আছিল, তেতিয়া প্ৰথমে চাৰ্লচ উইলকিনে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ৰচনা কৰি ভাৰত- বৰ্ষৰ আৰ্য ঋষিবিলাকৰ তত্ত্ব-জ্ঞান সম্বন্ধে জগতবাসীক তধা লগায়।
গীতাৰ শিক্ষা
গীতাই শিক্ষা দিছে যে আত্মা অবিনাশী, দেহৰ মৃত্যু আছে কিন্তু আত্মা অমৰ, সুখ দুখ মিচা৷ ই কেৱল বিষয়ৰ লগত ইন্দ্ৰিয়ৰ যোগ, আত্মজ্ঞানেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞান, কৰ্ত্তব্য পালনেই স্বধৰ্ম্ম, হৃদয়ৰ দুৰ্ব্বলতাই কৰ্ত্তব্যৰ পথত বিঘিণি; ঈশ্বৰত আত্ম নিবেদন কৰি কৰ্ম্মত ৰতি, কৰ্ম্মফলত বিৰতি, সিদ্ধি, অসিদ্ধি জয় পৰাজয়ত সমজ্ঞান কৰি সাধন মাৰ্গত আগবাঢ়ি স্থিতপ্ৰজ্ঞহৈ সংসাৰৰ দুখ দুৰ্গতিৰ হাত সাৰি মনত চিৰশান্তি লাভ কৰাৰ উপায়, ইত্যাদি সনাতন আৰ্য্য ধৰ্ম্মৰ সকলো বিষয়কে গীতাই অতি সুন্দৰ আৰু শৃঙ্খলা মতে শিক্ষা দিছে। সংসাৰলৈ পিঠি দি সংসাৰৰ সকলো বিষয়কে তুচ্ছজ্ঞান কৰি কেৱল ধ্যান কৰি বহি থকা গীতাই উপদেশ দিয়া ধৰ্ম্ম কেতিয়াও নহয়। গীতাৰ শিক্ষা মতে নচলা বাবেই আৰ্য্যজাতিৰ এই দুৰ্দ্দশা আৰু আৰ্য্য ধৰ্ম্মৰ এনে দুৰাৱস্থা। আৰ্য্য ধৰ্ম্মৰ পুনৰুত্থানৰ একমাত্ৰ উপায় হৈছে আকৌ গীতাৰ উদাৰ শিক্ষা মানুহৰ মাজত প্ৰচাৰ কৰা।
কথা গীতা, প্ৰথম অধ্যায় (বিষাদ যুগ)
'গীতা'ক অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰাৰম্ভতে ভট্টদেৱে শ্ৰীকৃষ্ণৰ চৰণত কৌটি কৌটি বাৰ প্রণাম জনাইছে। ভগবান শ্রীকৃষ্ণৰ গুণানুকীৰ্ত্তন কৰি তেৰাৰ চৰণত নিজকে সমর্পন কৰাৰ পাছত কৃপাৰ সাগৰ কৰুণাসিন্ধু ভগৱন্তৰ কৃপাতে গীতামৃত কথাবন্ধত ৰচিবৰ ইচ্ছা প্রকাশ কৰিছে। ইয়াৰ পাছত কথাগীতাৰ অনুবাদ কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত শ্রীধৰ স্বামীৰ টীকাৰ সহায় লোৱা বুলি উল্লেখ কৰিছে। কাৰণ শ্রীধৰ স্বামীৰ টীকাই ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই ভক্তি আধাৰিত টীকাই বৈষ্ণৱসকলৰ প্ৰীতি বর্ধনত সহায়ক হ'ব বুলি তেওঁ বিশ্বাস কৰিছে। শ্রীধৰ টীকাৰ প্ৰাৰম্ভতে ইষ্টদেবতা মাধৱক বন্দনা কৰাৰ উপৰি উমাপতি বিশ্বনাথকো আদৰেৰে প্ৰণাম জনাইছে। তেওঁৰ এই গীতাৰ টীকাৰ নাম সুবোধিনী টীকা বুলি উল্লেখ কৰিছে।
কথা-গীতাৰ মূল সম্পর্কে এক সুন্দৰ আভাস দাঙি ধৰিবলৈ ভট্টদেৱ সক্ষম হৈছে। সৰ্বগুণাকৰ ভগৱান শ্রীকৃষ্ণই কিদৰে সখা অর্জুনক তত্ত্বকথাৰ অজ্ঞানতাৰ ফলত ওপজা শোক, মোহ, নিজ ধর্ম ত্যাগ, পৰধৰ্মত অভিসন্ধি আদিৰ পৰা ধৰ্মজ্ঞান, ভক্তি উপদেশেৰে উদ্ধাৰ কৰিছে, তাকেই প্ৰাৰম্ভতে উল্লেখ কৰিছে। এই প্রসংগত তেওঁ বেদব্যাসৰ সাতশ শ্লোকত নিবদ্ধ হোৱা ভগৱানৰ শ্ৰীকৃষ্ণৰ গীতাৰ অমৃত বাণীৰ কথা উল্লেখ কৰাত লগতে স্কন্দ পুৰাণত উল্লেখিত গীতামাহাত্ম্যৰো বর্ণনা দিছে।
কথা-গীতাৰ বিষাদ যোগৰ মূল কথাখিনি এনেধৰণৰ জন্মান্ধ কুৰুৰাজ তথা কুৰুবংশৰ পিতৃ ধৃতৰাষ্ট্ৰই তেওঁৰ আজ্ঞাকাৰী বাৰ্তাদাতা সঞ্জয়ক তেওঁৰ পুত্ৰসকল আৰু পাণ্ডু পুত্ৰসকলে ধর্মভূমি কুৰুক্ষেত্ৰত যুদ্ধৰ বাবে সমবেত হৈ কি কৰ্ম কৰি আছে, সেয়া জানিব বিচাৰিছে। দিব্যদৃষ্টিৰ অধিকাৰী সঞ্জয়েও তেতিয়া ক'বলৈ আৰম্ভ কৰিলে যে, পাণ্ডৱৰ সেনাক বেহুৰূপে সজ্জিত হৈ থকা দেখা পাই তেখেতৰ পুত্র দুর্যোধনে দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে যে- হে আচাৰ্য্য পাণ্ডৱসকলৰ বিস্তৰ সেনাসকল চাওঁক; দ্রুপদৰ পুত্ৰ আপোনাৰ ধীমান শিষ্য ধৃষ্টদ্যুম্নই বেহু সাজি আছে, য'ত ভীমার্জুনৰ নিচিনা মহাধনুৰ্দ্ধৰ বীৰসকল আছে। সাত্যকী, বিৰাট, চেকিতান, কাশিবাজ, পুৰুজিত, কুস্তিভোজ, শৈব্য, যুধামন্যু, সুভদ্রাৰ পুত্র অভিমন্যু আৰু দ্রৌপদীৰ পঞ্চপুত্র সম্বন্ধিতে সকলোৱেই মহাৰথী। মহাৰথীৰ লক্ষণ শুনা-- যিজনে এখন এখন ৰথেৰে দহহেজাৰ ৰথীৰ লগত যুদ্ধ কৰে তেওঁকেই মহাৰথী বুলি কয়, যিজন ৰথীয়ে একেলগে অপৰিমিত ৰথীৰ লগত খুঁজে তেওঁক অতিৰথী বুলি, এজন ৰথীয়ে আন এজন ৰথীৰ লগত যুদ্ধ কৰিলে ৰথী বুলি আৰু দুজন ৰথীয়ে এজন ৰথীৰ লগত যুদ্ধ কৰিলে অৰ্ধৰথী বুলি কয়। হে দ্বিজ শ্রেষ্ঠ, আমাৰ পক্ষৰ (কুৰুপক্ষ) বিশিষ্ট সেনাপতিসকলৰ কথা সাবধানে শুনক, আপুনি, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, সমৰ বিজয়ী কৃপ, অশ্বত্থমা, বিকৰ্ণ সোমদত্তৰ পুত্ৰ ভুৰিশ্ৰৱা। মোৰ কাৰেণ প্ৰাণত্যাগ কৰিবলৈ আৰু বহুতো বীৰ অস্ত্র-শস্ত্ৰৰে সজ্জিত হৈ আছে। সকলো নিপুন, নানা অস্ত্ৰত আৰু যুদ্ধত বিশাৰদ। তথাপি এই মহাবীৰ সকল আৰু ভীষ্মৰ দৰে দুৰ্দান্ত যোদ্ধা সেনাপতি ৰূপত সৈন্যবাহিনীৰ পৰিচালনাত থকা সত্ত্বেও আমাৰ একাদশ অক্ষৌহিনী সেনা (২,৪০৫,৭০০ যোদ্ধা) (এক অক্ষৌহিনী=218,700 যোদ্ধাঃ ২১৮৭০ হাতি + ২১৮৭০ ৰথ + ৬৫৬১০ ঘোড়া + ১০৯৩৫০ সাধাৰণ সৈনিক) পাণ্ডৱৰ প্ৰতিদ্বন্দ্বী ৰূপত যুঁজিবলৈ অসমর্থ যেন বোধ হৈছে। পাণ্ডৱপক্ষৰ ভীম সেনাপতিৰ নেতৃত্বত থকা মাত্র সাত অক্ষৌহিনী সেনা (১,৫৩০,৯০০ যোদ্ধা)ৰ সৈতে আমাৰ সৈন্যই যুদ্ধ কৰাটো অসমৰ্থ যেন লাগিছে। সেইবাবে সকলোরে মিলি ভীষ্মক ভালদৰে ৰক্ষা কৰাৰ প্ৰয়োজন যাতে তেওঁক সম্মুখ এবি পিছফালৰপৰা প্ৰহাৰ কোনেও কৰিব নোৱাৰে। কাৰণ ভীমৰ বলেই আমাৰ বল। তেতিয়া কুৰুবংশৰ ৰজা দুর্যোধনৰ হৰ্ষৰ নিমিত্তে মহাপ্রতাপী কুৰুবৃদ্ধ ভীষ্মই সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহৰ দৰে যুদ্ধনাদ কৰি উচ্চ স্বৰত শংখ বজালে। কুৰুক্ষেত্ৰৰ ৰণভূমিত তেনেতে চৌদিশে শংখ, ভেৰী, পণব, গোমুখ আদি বাদ্য বাজি উঠি মহাশব্দৰ সৃষ্টি হ'ল। তাৰ পাছত পাণ্ডৱ পক্ষত কেনেদৰে প্রাকযুদ্ধ ক্ষণৰ সৃষ্টি হ'ল তাক বর্ণনা কৰিছে এনেদৰে- শুক্লবর্ণ অর্থাৎ বগা ঘোঁৰাই টনা মহাৰথত উঠি শ্রীকৃষ্ণ আৰু অর্জুনে ক্রমে পাঞ্চজন্য আৰু দেবদত্ত নামৰ শঙ্খ বজালে। ভীমে পৌণ্ড্র, যুধিষ্ঠিৰে অনন্তবিজয়, নকুলে সুঘোষ আৰু সহদেবে মণিপুষ্পক শঙ্খ ধ্বনি কৰিলে। তাৰোপৰি কাশিবাজ, শিখণ্ডী, ধৃষ্টদ্যুম্ন, বিৰাট, সাত্যকি, দ্রুপদ, দ্রৌপদীৰ পাঁচপুত্ৰ আৰু সুভদ্রাব পুত্র অভিমন্যু সকলো বীৰে পৃথক পৃথককৈ শংখধ্বনি তুলিলে। এই সমস্ত শংখ ধ্বনিৰ শব্দই আকাশ পৃথিবী চৌদিশ কঁপাই তুলি যেন কৌৰৱ সেনাৰ মাজত মহাভয়ৰ জন্ম দিলে আৰু তেওঁলোকৰ যেন হৃদয় বিদাৰণহে কৰিলে।
আকৌ সঞ্জয়ে ৰাজন ধৃতৰাষ্ট্ৰক ক'লে যে, কুৰুপক্ষীয় বীৰসকলৰ ফালৰ পৰা অস্ত্ৰবৃষ্টি হ'বলৈ ধৰাত কপিধ্বজ অর্জুনে হাতত গাণ্ডীৱ ধনু লৈ হৃষিকেশ ভগৱন্তক এই বুলি ক'বলৈ ধৰিলে। অচ্যুত সম্বোধনেৰে উভয় সেনাৰ মাজত তেওঁৰ ৰথখন ৰখাবলৈ ক'লে। যাতে তেওঁ যোদ্ধাসকলক এবাৰ চাই ল'ব পাৰে। তেওঁ কাৰ কাৰ লগত যুদ্ধ কৰিব লগতে দুর্বুদ্ধি বজা দুর্যোধনৰ শুভকাংক্ষী কোন কোন বীৰ আহিছে তাকো চাব বিচাৰিলে। সেয়েহে দুয়োপক্ষৰ সেনাৰ মধ্যমস্থানত তেওঁলোকৰ ৰথ ৰাখিবলৈ ক'লে।
সঞ্জয়ে ধৃতৰাষ্ট্ৰক তাৰ পৰৱৰ্তী ঘটনাৱলী বৰ্ণনা কৰি কৈ গ'ল যে, অর্জুনৰ কথামতেই শ্রীকৃষ্ণই সকলো সেনাৰ মাজত ভীষ্ম দ্ৰোণৰ সন্মুখত দুয়োপক্ষৰ সেনাৰ মধ্যমস্থলত উত্তম ৰথ ৰখালে আৰু ক'লে- হে পাৰ্থ তোমাৰ দৃষ্টিগোচৰ হোৱা কুৰুপক্ষৰ বীৰসকলৰ মাজত সেয়া পিতৃসম, পিতামহ, আচার্য্য, মাতুল, ভাতৃ, ভাতৃপুত্র, পুত্র, সখী, শহুৰ, সুহৃদ সকলো দুয়োপক্ষতে দেখা পাবা। তাৎক্ষণিকভাবে সমুখ সমৰত এইসকলক দেখা পাই পৰম কৃপালু কুন্তিপুত্র অর্জুনে মহাদুখত ভাগি পৰিল আৰু লগে লগে শ্রীকৃষ্ণক ক'বলৈ ধৰিলে যে- তেওঁৰ জ্ঞাতি-কুতুম্বসকলক সন্মুখত উপস্থিত হৈ থকা দেখি তেওঁৰ সৰ্বশৰীৰ অৱশ হৈ পৰিছে, আৰু মুখ শুকাই গৈছে। সৰ্বশৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে গাৰ নোম শিহৰি উঠিছে, হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে আৰু গাৰ ছালো তাপত দগ্ধ হৈ পৰিছে। তেওঁ কৃষ্ণক ইয়াকো ক'লে যে তেওঁ অস্থিৰ হৈ পৰিছে। ৰথৰ ওপৰত আৰু থাকিব নোৱাৰে। মহাভ্ৰম সদৃশ মনে চাটি-ফুটি কৰিবলৈ আৰম্ভ কৰিছে। চৌদিশে কেৱল অমঙ্গল দেখা পাইছে। এই অশুভ লক্ষণ স্বৰূপে তেওঁ আকাশত শগুন উৰা যেন দেখা পাইছে আৰু শিয়ালৰ বিকট চিঞৰৰ শব্দ যেন শুনা পাইছে। যুদ্ধভূমিত তেওঁৰ আত্মীয় স্বজনক বধ কৰি একো ফল নাপায়। এনে বিজয় তেওঁ কেতিয়াও কামনা নকৰে। ৰাজ্য, ধন, সুখ-সম্ভোগ সর্বস্ব নিষ্প্রয়োজন। তেওঁৰ ইচ্ছা আৰু বাঞ্ছা সকলোবোৰ নোহোৱা হৈ গৈছে, তদুপৰি অর্জুনে গোবিন্দক ৰাজ্য ভোগ জীৱনত কিহৰ প্ৰয়োজন ইয়াকো প্রশ্ন কৰিলে। কাৰণ যিসকল বন্ধুৰ বাবে তেওঁৰ ৰাজ্যভোগৰ সুখৰ কামনাই কৰে সেইসকল প্রাণধন সদৃশ বন্ধু এতিয়া ত্যাগক অঙ্গীকাৰ হিচাপে লৈ যুদ্ধস্থলীত উপস্থিত হৈ আছে। সেইসকল বন্ধু হ'ল আচার্য্য, পিতামহ, পিতৃব্য, পুত্র, মোমাই, শহুৰ, নাতি আদি। তেওঁ মধুসুদনক ইয়াকো ক'লে যে, বন্ধুসকলে যদি তেওঁক মাৰেও তথাপি তেওঁ বন্ধুসকলক মাৰিবলৈ ইচ্ছা নাই।
আকৌ তেওঁ জনাৰ্দ্দনক প্রশ্ন কৰি কৈছে- ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰিলে তেওঁলোকৰ কি লাভ হ'ব যদিও কুৰুকুলে পাণ্ডৱক বিষ দি মৰিবলৈ অগ্নি দি পুৰিবলৈ চেষ্টা কৰিছে, সৰ্বস্ব ধন কাঢ়ি লৈছে, ৰাজ্যভাৰ হৰণ কৰিছে, ভাৰ্যাক অপকাৰ কৰিছে অস্ত্র-শস্ত্ৰলৈ যুঁজিছে। এই ছয়টা দোষ কৰাৰ বাবে তেওঁলোক আততায়ী আৰু অস্ত্রশাস্ত্ৰৰ মতে এই আততায়ীক বধিলেও দোষ নহয়। তথাপি ধর্মশাস্ত্ৰৰ দোহাই দিলে তেওঁলোকক বধ কৰিলে দোষে চুব। গতিকে অর্জুন এই দোষৰ সমভাগী হ'ব নোৱাৰে। তেওঁৰ মতে, ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল তেওঁৰ বান্ধৱ সদৃশ লগতে ভাতৃও। এই সকলৰ অন্যায় অধর্ম দেখিও তেওঁ তেওঁলোকক বধ কৰিবলৈ ইচ্ছুক নহয়। বন্ধুসৱ অবিহনে ইহলোকত সুখী হ'ব নোৱাৰে। এনেদৰে বিষণ্ণ মনোৰথ লৈ অর্জুনে দুখত ভাগি পৰিলে আৰু যুদ্ধৰ ফলত হ'ব পৰা সম্ভাব্য ক্ষয়-ক্ষতি আৰু তেওঁৰ ওপৰত পৰা পাপৰ বোজাৰ কথা ভাবি শ্রীকৃষ্ণক এনেদৰে ক'লে- ৰাজ্যলোভৰ মোহত অন্ধ হৈ কুলক্ষয় ৰোধ নকৰিলে কুলধৰ্ম নষ্ট হ'ব। ধর্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধর্মই বেৰি ধৰিব। এই অধৰ্মৰ বাবে কুলস্ত্ৰীৰসকল দুষ্ট হ'ব। ফলত বৰ্ণসঙ্কৰ (জাৰজ সন্তান) হ'ব আৰু বৰ্ণসঙ্কৰ হ'লে কুল (বংশ) নৰকত পৰিণত হ'ব। তেতিয়া পিতৃ পুৰুষসকলে জল, পিণ্ড আদি খাবলৈ নাপাব। এই দোষৰ ফলত জাতিধর্ম, কুলধর্ম, বর্ণাশ্রমধর্ম নষ্ট হৈ সকলো মনুষ্যই নৰকত বাস কৰিব। নৰক সদৃশ ৰাজ্যৰ ছবি মানসপটত ভাঁহি উঠাৰ লগে লগে অর্জুনে মানসিক দ্বন্দ্বত ভাগি পৰিল আৰু তাৰ পৰিণতি স্বৰূপে তেওঁ এই মহাপাপৰ পৰা বিৰত থাকি, ৰাজ্য, সুখ, লোভ, মোহ সকলো ত্যাগ কৰি অস্ত্ৰ নধৰি মনে মনে থাকিবলৈ স্থিৰ কৰিলে আৰু তেতিয়া যদি দুর্যোধনে অস্ত্র লৈ তেওঁক বধ কৰে তাতেই তেওঁৰ মহা আনন্দ মিলিব বুলি ক'লে। কিয়নো তেতিয়া তেওঁৰ দ্বাৰা কোনো পাপ নহ'ব। এনেতে কৃষ্ণ অর্জুনৰ মাজত হোৱা সংবাদৰ পৰিণতিত অর্জুনে অৱশেষত ধনুশৰ এৰি শোকত কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল বুলি সঞ্জয়ে ৰাজন ধৃতৰাষ্ট্ৰক জনালে। এনেদৰে ভট্টদেবে কথা- গীতাৰ প্ৰথম অধ্যায়ৰ শেষত শ্ৰীকৃষ্ণৰ পুনৰ বন্দনা কৰি তেওঁৰ চৰণপদ্মত সহস্র কৌটিবাৰ দণ্ডৱত হৈ সৰ্বজনক হৰি বন্দনা কৰিবলৈ কৈ সামৰণি মাৰিছে -
ভট্টদেৱৰ গদ্যশৈলীৰ বিশেষত্ব
ক) নিজস্ব শৈলীক প্রকাশিত কৰি ভট্টদেৱে চাৰিগৰাকী টীকাকাৰ শংকৰী, ভাস্কৰী, দামোদৰী আৰু শ্রীধৰী ভাষ্য লগতে ভাগৱত, গীতা আৰু ৰত্নাৱলী শাস্ত্র পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে হৃদয়ংগম কৰি প্ৰকাশ কৰিছে। ভাব আৰু ভাষাক অনুভূতিৰ উষ্মাৰে ৰঞ্জিত কৰি কথ্যবস্তুক কথা ভাগৱতত দিছে সংক্ষিপ্ত ৰূপ, কথাগীতাত বিস্তৃত ৰূপ আৰু কথা ৰত্নাৱলীত দিছে মধ্যমৰূপ। মূল শাস্ত্ৰৰ সংস্কৃত শ্লোকৰ যথার্থ অনুবাদ পৰিহাৰ কৰাৰ বাবে সংক্ষিপ্ত ৰূপ আৰু কথাগীতাত মূল আৰু টীকাৰ অনুগামী হোৱাৰ বাবে বিস্তৃত ৰূপ লাভ কৰিছে বুলি ক'ব পাৰি। কথা ৰত্নাৱলীত দুয়োবিধ শৈলী অর্থাৎ পৰিমিত আৰু বিস্তৃত দুয়োবিধ থকাৰ বাবে ই মধ্যমৰূপ লাভ কৰিছে।
খ) উপযুক্ত শব্দৰ মাধ্যমেৰে যথার্থ অর্থবোধক বাক্য সৃষ্টিৰে চুটি চুটি বাক্যৰ ব্যৱহাৰে ভট্টদেৱৰ গদ্য সৃষ্টি নিপুন আৰু অনুকৰণীয় কৰি তুলিছে। তুলনামূলকভাৱে কথাগীতাৰ বাক্যসমূহ কথা ভাগৱতৰ বাক্য সমূহৰ তুলনাত আপেক্ষিকভাৱে দীঘলীয়া আৰু ইয়াৰ গদ্য ভাগো অধিক উন্নত। কথা ৰত্নাৱলীৰ গদ্য তুলনামূলকভাবে পৈনত ৰচনাহেতু অধিক উন্নত আৰু শ্রুতিমধুৰ।
গ) কথাবস্তুৰ উপস্থাপনত কৌশলপূর্ণভাবে ভট্টদেবে কথোপকথন ৰীতিৰ সহায় লোৱা দেখা যায়। প্রশ্নৰ অৱতাৰণাৰে পাঠকৰ মনত কৌতূহল সৃষ্টি কৰি যুক্তিৰ সহায়ত কোনো এটা সিদ্ধান্ত উপনীত হ'ব পৰা গুণ তেওঁৰ তিনিওখন গ্রন্থতে দেখা যায়। এই ক্ষেত্ৰত শ্রীধৰ স্বামীৰ টীকাৰ প্ৰভাৱ বিদ্যমান।
ঘ) গদ্যত ৰচিত হ'লেও কেতিয়াবা ভট্টদেৱৰ ৰচনাত ছন্দোময় কাব্যিক লালিত্যৰ আভাষ দেখা যায়। গদ্য সাহিত্যৰ বাক্য বিন্যাস প্ৰকৰণ পৰিহাৰ কৰি এনে গদ্যৰ ৰূপলোৱা কথা ভাগৱতৰ ঠায়ে ঠায়ে লক্ষ্য কৰা যায় যদিও কথা গীতা আৰু কথা ৰত্নাৱলীত ইয়াৰ ভাষা পাবলৈ টান।
ঙ) ভট্টদেৱৰ গদ্যৰ ভাষা বিচাৰ কৰিলে আমি দেখা পাও যে ইয়াত প্রাক্ শংকৰী যুগৰ সাহিত্যিকসকলে ব্যৱহাৰ কৰা ভাষা, লোক ভাষা আৰু সংস্কৃতমূলীয় শব্দৰ সুবিন্যাস ঘটিছে। লগতে সংস্কৃত ব্যাকৰণৰ নিয়মৰ অনুকৰণত এক কৃত্রিম গদ্যৰ সৃষ্টি হৈছে। তিনিখন অতি প্রসিদ্ধ, পৱিত্ৰ আৰু তত্ত্বপ্রধান গ্ৰন্থৰ অনুবাদত হয়তো ইয়াৰ তাত্ত্বিক গুণৰ মানদণ্ড ৰক্ষা কৰিয়েই তেওঁ এনে প্ৰকাৰৰ কৃত্রিম ভাষাৰ গহীন গদ্য সৃষ্টি কৰিলে। তেওঁৰ ভাষা অন্যান্য সাহিত্যিকসকলৰ ভাষাতকৈ কিছু পৃথক।
চ) ব্যাকৰণিক বৈশিষ্ট্যৰ ক্ষেত্ৰত ভট্টদেৱৰ গদ্যৰ স্বকীয়তা বিৰাজমান। তেখেতৰ ৰচনাত ছন্দোবদ্ধ ৰচনাত প্রয়োগ নোহোৱা উত্তম পুরুষ ভবিষ্যত কালৰ প্রত্যয় 'ম' আৰু তৃতীয় পুরুষ 'ব' প্রত্যয় প্রয়োগ দেখা যায়। পঞ্চমী বিভক্তিৰ চিন 'ব' আৰু 'হন্তে'ৰ ব্যৱহাৰ পূৰ্ব কবিলকলৰ নিচিনাকৈ কৰা দেখা যায়। তৃতীয়া বিভক্তিৰ বাবে 'এ' চিনৰ ব্যৱহাৰ আৰু তৃতীয় পুৰুষৰ কৰ্তাত দ্বিতীয়, পুৰুষৰ ক্ৰিয়াৰ প্রয়োগ দেখা যায়। কোনো কোনো ঠাইত কাৰক বিভক্তিৰ 'পৰা' প্রত্যয়ৰ ব্যৱহাৰ হোৱা দেখা যায়। চতুর্থী বিভক্তি 'লৈ'ৰ অৰ্থত 'ক' আৰু 'লাগি' প্রত্যয়ৰ প্ৰয়োগ দেখা যায়।
কেতিয়াবা সপ্তমী বিভক্তি দ্বিতীয় বিভক্তিৰ হৈ প্রয়োগ হয়। তাৰ বিপৰীতে দ্বিতীয়া 'এ' বিভক্তিয়ে সপ্তমী বিভক্তিৰ হৈ প্রয়োগ হয়। ভট্টদেৱৰ গদ্যৰ ই এক স্বকীয় বৈশিষ্ট্য। তদুপৰি বহুবচন প্ৰত্যয় যেনে গণ, সব, সাক, চৌচ আদি উপসৰ্গ হিচাপে ব্যৱহাৰ কৰা হয়৷
বিভিন্ন পুৰুষত সৰ্বনামৰ স্বকীয় ভাষিক প্রয়োগ যেনে- মই, মঞি, মোত, তুমি, তোমাক, তেঞো, আশা, আপুনি, আমৰা আদি শব্দৰ প্ৰয়োগ দেখা যায়।
নঞার্থক 'ন'ৰ প্ৰয়োগত আধুনিক অসমীয়াত ব্যৱহৃত ন প্রত্যয়ৰ সমীভূত ৰূপ দেখা পোৱা যায়। যদিও বহুক্ষেত্ৰত ন প্রত্যয়ৰ অসমীভূত ৰূপতো ব্যৱহাৰ দেখা যায়।
তদুপৰি বিশেষণযুক্ত শব্দ, কাল অনুযায়ী বিভিন্ন ক্ৰিয়াৰূপৰ প্ৰয়োগ, নামধাতু, উপসৰ্গ আদিৰ প্ৰয়োগে ভট্টদেৱৰ গদ্যক অধিক বৈশিষ্ট্যপূর্ণ আৰু শক্তিশালী ৰূপত দাঙি ধৰিছে।
ছ) গদ্যশৈলীৰ ক্ষেত্রত বাক্যবিন্যাস প্রণালীৰ গুৰুত্ব অত্যন্ত বিচার্য বিষয়। ভট্টদেৱৰ গদ্যতো বাক্যবিন্যাস প্রণালী বিচাৰ কৰিলে আধুনিক অসমীয়া ভাষাত ব্যৱহৃত সুসংগঠিত অর্থাৎ কর্তা + কর্ম + ক্রিয়া সজ্জিত বাক্য পোৱাৰ উপৰিও কর্তাহীন, ক্রিয়াহীন বাক্য, অসমাপিকা ক্রিয়াযুক্ত দীঘলীয়া বাক্য, একে অর্থত বেলেগ বেলেগ ক্রিয়াপদৰ ব্যৱহাৰ হোৱাও দেখা যায়।
গাঁথনিক আৰু ভাবৰ ফালৰ পৰা সৰল, মিশ্র, যৌগিক, বর্ণনাত্মক, প্রশ্নসূচক, সম্বোধনাত্মক, ইচ্ছাসূচক, আজ্ঞাসূচক আৰু নিষেধাজ্ঞাসূচক বাক্যৰ ব্যৱহাৰ দেখা যায়।
তদুপৰি যদি, বোলা, এতেকে, তাত, তেবে, পাচে, এখনে, শুনা আদি শব্দৰে বাক্যৰ আৰম্ভণি হোৱাৰ লগতে জানা, বাজা আদি সন্মানসূচক শব্দৰে বাক্যৰ আৰম্ভণি মন কৰিবলগীয়া। লগতে বাক্য সংযোগত যেমনে, যেখনে, তেখনে, এমনে, তেমনে আদি শব্দৰ প্রয়োগ হোৱা দেখা যায়।
কথাগীতাৰ গদ্যশৈলীৰ বিশেষত্ব
- কিছু পৰিমাণে কাব্যিকতাৰ আশ্ৰয় গ্ৰহণ কৰা হৈছে৷ (বাণীকান্ত কাকতিয়ে কৈছে৷)
- সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হৈছে৷
- ভট্টদেৱৰ গদ্যশৈলী কথিত ভাষাৰ ওচৰ চপা৷
- সংস্কৃত ব্যাকৰণ ৰীতি মানি চলা দেখা গৈছে৷
- অঙ্কীয়া নাটৰ গদ্যৰ দৰে ভট্টদেৱৰ গদ্যও মাজে মাজে লয়গন্ধী হৈছে৷
- ব্যাকৰণৰ ৰূপবোৰ আধুনিকতাৰ ফালে সৰলীকৰণ হোৱা নেদেখুৱায়৷
- কথিত ভাষাৰ প্ৰয়োগ অতি কম পৰিমাণে দেখা যায়৷
- উপেন্দ্ৰনাথ গোস্বামীৰ মতে-কামৰূপী উপভাষাৰ অনেক শব্দ ভট্টদেৱৰ ৰচনাত পোৱা যায়৷ যেনে- অধৰ, আন্ধাৰ, উপৰত, কুনে, তুমাৰ তুমাক আদি৷
- কথোপকথন ৰীতিৰ প্ৰয়োগ দেখা গৈছে৷
- গদ্য ৰচনাত ব্যাখ্যাত্মক নীতিৰ প্ৰয়োগ কৰিছে৷
গীতাৰ বাণী
- যি হৈছে ভালৰ বাবে হৈছে৷ যি হ’ব ভালৰ বাবে হ’ব৷
- পৃথিৱীত নিজৰ বা আনৰ যিকোনো ব্যক্তিৰ অন্যায় সহ্য কৰিব নালাগে৷
- বিপদত যি সহায় কৰে, সিহে আপোন৷
- যি অন্যায়ৰ পক্ষত থাকে, তেওঁহে পৰ৷ যি ন্যায়ৰ পক্ষত থাকে, তেওঁ হে আপোন৷
- আত্মা অবিনশ্বৰ৷ শৰীৰৰ হে মৃত্যু হয়, আত্মাৰ নহয়৷ জন্ম আৰু মৃত্যু প্ৰকৃতিৰ নিয়ম৷ আমি যেনেকৈ কাপোৰ সলনি কৰোঁ, আত্মাই শৰীৰ সলনি কৰে৷
- যিটো তোমাৰ হাতৰ পৰা গুছি গ’ল, তাৰ বাবে দুখ নকৰিবা৷ তুমি শুণ্য হাতেৰে আহিছা, শূণ্য হাতেৰেই যাব লাগিব৷
- যি পাৰা বৰ্তমানতে কৰা৷ অতীত আৰু ভৱিষ্যতৰ কথা ভাবি সময় নষ্ট নকৰিবা৷ আমি হৈ যোৱাটোও সলনি কৰিব নোৱাৰোঁ আৰু আহিবলগীয়াটোও নোহোৱা কৰিব নোৱাৰোঁ৷
- সময়তকৈ ডাঙৰ শিক্ষক আৰু শিক্ষা একো নাই৷
- জীৱনতকৈ ডাঙৰ কোনো বিদ্যালয় একো নাই৷
- কষ্টতকৈ ডাঙৰ কোনো পৰীক্ষা নাই৷
- ভোকাতুৰ মানুহৰ বাবে নীতিৰ কথা আৰু খঙাল মানুহৰ বাবে উচিত-অনুচিত একো নাই৷
- শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহ’বা৷ দয়ালু হোৱা, দুৰ্বল নহ’বা৷ গৰ্ব কৰা, অহংকাৰ নকৰিবা৷
- মৃত্যুৰ বাবে ভয় নকৰিবা৷ ই আহিবই৷ জন্ম হৈছা যেতিয়া মৃত্যু হ’বই৷ আৰম্ভ হ’লে শেষ থাকিবই৷
- মন আৰু বিচাৰৰ সঠিক ব্যৱহাৰৰ অবিহনে জীৱনত শান্তি পোৱা নাযায়৷
- মোহ ত্যাগ কৰিব পাৰিলেহে জীৱনত শান্তি পাবা৷
- তুমি সেইটো কাম নকৰিবা, যিটো সকলোৱে কৰে, তুমি সেইটো কৰা, যিটো তোমাৰ বাবে আটাইতকৈ উপযুক্ত৷
- জীৱনত আপোনসকলেহে তোমাক প্ৰৱঞ্চনা কৰিব৷ অচিনাকিসকলে তোমাৰ বিষয়ে নাজানে৷ নাজানে বাবে তোমাৰ একো অপকাৰ কৰিব নোৱাৰে৷
- যি নিজৰ ৰক্ষা নিজে কৰিব নোৱাৰে, তেওঁক কোনোৱেই ৰক্ষা কৰিব নোৱাৰে৷
- দুখ স্থায়ী, সুখ ক্ষণস্থায়ী৷ সুখৰ মাজলৈ দুখ নাহে৷ দুখৰ মাজলৈহে সুখ আহিব৷
- এনেকুৱা আপদীয়া আৰু বেয়া অভ্যাসক জীৱনত পশ্ৰয় নিদিবা, যি তোমাৰ ধ্ংস সাধিব পাৰে৷
- জীৱনত যদি কিবা পাব বিচাৰিছা, প্ৰথমতে এলাহক বিদায় দি লোৱা৷
- জীৱনত সুখ বিচাৰিলে মনতকৈ বিবেকৰ কথা শুনা৷
- যি মানুহে কথাই প্ৰতি খং কৰে, তেওঁৰ জীৱনত সুখ, শান্তি কেতিয়াও নাহে৷
সহায়ক গ্ৰন্থপঞ্জী
প্ৰাচীন অসমীয়া গদ্যশৈলীঃ অৰ্পণা কোঁৱৰ, বনলতা, ২০১৪
অসমীয়া গদ্য সাহিত্যঃ পূণ্যশ্ৰী বেজবৰুৱা, লুণা বৰা, অসম বুক ট্ৰাষ্ট, ২০২১
অসমীয়া কথা সাহিত্যঃ প্ৰফুল্ল কুমাৰ নাথ, বান্ধৱ, ২০১৪
মধ্যযুগৰ সাহিত্যঃ বসন্ত কুমাৰ ভট্টাচাৰ্য
0 Comments