আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯)
- হলিৰাম ঢেকিয়াল ফুকন (তেওঁ বঙালী ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন হ’ল: চাৰিটা খণ্ডৰ ‘আসাম বুরঞ্জী’ (১৮২৮) আৰু সংস্কৃত ভাষাত ‘কামৰূপৰ যাত্ৰা পদ্ধতি’ (১৮৩৩)। )ৰ পৰিয়ালত জন্ম। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাৰ হিন্দু কলেজ, পাছলৈ প্ৰেছিডেন্সী কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল।
- ১৮৪১ চনত জেম্ছ মেথিউ আৰু জেন্কিন্স চাহাবে নিজাকৈ খৰছ বহন কৰি ফুকনক ইংৰাজী বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ পঠিয়ায়৷ ২৫ দিন নাৱেৰে গৈছিল৷ অৱশ্যে শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।
- স্ত্ৰী শিক্ষাত গুৰুত্ব ঃ পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী মাহেন্দ্ৰী দেৱী। বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল।
- ফুকনৰ মাত্ৰ ২৯ বছৰীয়া চুটি জীৱনকাল আছিল৷
- ১৭ বছৰ বয়সৰ পৰাই ঢেকিয়াল ফুকনে ‘অৰুনোদই’ আলোচনীত লিখিবলৈ আৰম্ভ কৰে।
- কৰ্মজীৱন ঃ ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ 'জিম্মাদাৰ' নিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে বৰপেটাৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায়। ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁওৰ Deputy Commissioner পদলৈ বদলি কৰা হয়।
- সাহিত্যঃ 'Estate Administration' , 'ইংলেণ্ডৰ বুৰঞ্জী', 'সদৰেৰ মামলাৰ নিষ্পত্তি', 'দেৱানী মামলাৰ নিষ্পত্তি' , 'A few remarks on the Assamese language, and on the Vernacular education in Assam', "অসমীয়া ল'ৰাৰ মিত্ৰ", "বালকোপদেশ", "ভূগোল বৃত্তান্ত" আদি৷
- তেখেত আছিল প্ৰথমজন অসমীয়া বিষয়ৰ পাঠ্যপুথি প্ৰণেতা৷ অসমীয়া ভাষাত ভূগোল বিষয়ৰ পুথি ৰচোঁতা হিচাপেও তেখেতেই প্ৰথম অসমীয়া৷
- অসমত বঙালী ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা অসমত প্ৰৱৰ্তনত ফুকনৰ দায়বদ্ধতা৷
- ১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
- তেওঁৰে কন্যা আছিল তেওঁৰ কন্যা পদ্মাৱতী দেৱী ফুকননী৷ ( জন্ম ১৮৫৩ চন৷ অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা। ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত আগভাগ লোৱা দেখা নাযায়৷ সুধৰ্ম্মাৰ উপাখ্যান নামৰ উপাখ্যানখন তেওঁ ৩১ বছৰ বয়সত ৰচনা কৰে৷ তেওঁৰ আন এখন গ্ৰন্থ হিতসাধিকা(১৮৮৫)৷ এইখন সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে লিখা এক নৈতিক শিক্ষা তথা উপদেশমূলক পুথি।)
- উত্তৰাধিকাৰ ৰূপে পোৱা সমল আৰু সুবিধা৷
- কলিকতা চহৰত শিক্ষা লাভৰ অভিজ্ঞতা৷
- ইংৰাজ বিষয়াৰ গভীৰ সান্নিধ্য (মেথি আৰু জেনকিন্স চাহাবৰ সান্নিধ্য)৷
- নিজৰ অনলস অধ্যয়ন৷
আনন্দৰাম ঢেকিয়াল ফুকনে 'অৰুনোদই' কাকতত প্ৰথম প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছিল। তেখেতৰ প্ৰথম প্ৰবন্ধটো হ’ল 'ইংলণ্ডৰ বিৱৰণ' ৷ এই প্রবন্ধটি 'অৰুনোদই' কাকতৰ দ্বিতীয় বছৰৰ (১৮৪৭ খৃষ্টাব্দত) চতুর্থ (এপ্রিল) সংখ্যাত প্রকাশ পায়। ঊনবিংশ শতিকাত ৰচিত এই প্রবন্ধটিত মুঠ ১৩টা পৰিচ্ছেদ আছে। প্রথম পৰিচ্ছেদত 'ইংলণ্ডৰ বিবৰণ' প্রবন্ধটিৰ ভূমিকা দাঙি ধৰিছে। আৰু পাছৰ সাতোটা পৰিচ্ছেদত ইংলণ্ডৰ বিৱৰণ পুংখানুপুঙ্খভাৱে দাঙি ধৰিছে। বাকী পাঁচোটা পৰিচ্ছেদত স্বদেশানুৰাগী আনন্দৰাম ঢেকিয়াল ফুকনে অসমবাসীসকলক সভ্য, জ্ঞানী, বিদ্যাৱন্ত হ'বলৈ কিছুমান দিশত মনোযোগ দিবলৈ আহ্বান জনাইছে৷
ইতিহাস অধ্যয়নে এটা জাতিক আত্মজ্ঞানেৰে সচেতন কৰি তোলে; এনে উদ্দেশ্য আগত ৰাখিয়ে বোধকৰোঁ আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ জনগণৰ মনত আত্মসচেতনতা জাগ্ৰত কৰিবলৈ 'ইংলণ্ডৰ বিবৰণ' প্রবন্ধটিত ইংলণ্ডৰ সভ্যতা-সংস্কৃতিৰ, এই দেশৰ মানুহৰ আত্মসচেতনতা আদিৰ বিষয়ে উল্লেখ কৰিছে।
প্ৰবন্ধটোৰ প্ৰথম পৰিচ্ছেদতে এই কথাৰ আভাস দাঙি ধৰিছে- প্রিথিবিত আন আন জি সকল বৰ বৰ আচে তাৰ একো কথাৰ ভু নে পাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেস অতি দুৰ অৱস্থাত আচে বুলি নেজানে; এতেকে সম্প্রতি প্রিথিবিৰ ভিতৰত অতি আচৰিত জে ইংলণ্ড দেস তাৰে সংখেপ বিৱৰন তলত লেখিলোঁ, তাক পর্হি মানিলে অনেক উপকাৰ দর্সিব। (অৰুনোদই পৃঃ ১২৮)
প্ৰবন্ধটোৰ প্ৰথমতে ইংলণ্ড দেশখন অসমৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আৰু এই দেশখনৰ দীঘলে ৪৪৪ মাইল আৰু আৰু প্রস্থে ২৮০ মাইল বুলি উল্লেখ কৰিছে। অতীতত ইংলণ্ড দেশখনৰ ভালেমান ঠাই হাবি-বননিয়ে ভৰা, দুর্গম আলি-পদূলি আৰু একোখনি সৰু সৰু নগৰহে আছিল। এটা সময়ত এই দেশত পঢ়াশলি, জ্ঞানৰ সভা চিকিৎসালয়, দুখীয়া লোকক উপকাৰ কৰিবলৈ কোনো সুবিধা নাছিল। কিন্তু আজি এই দেশ হাবি গুচি ফুলনিৰ দৰে মনোহৰ হ'ল। বর্তমান এই দেশখনৰ নানাবিধ শস্যৰে ভৰি আছে, আলি-পদূলি উন্নত হ'ল, অনেক অট্টালিকা, শিল ইটাৰে সজোৱা পকী ঘৰ, নৈবোৰত বৰ বৰ জাহাজ চলে, দেশৰ ঠায়ে ঠায়ে পঢ়াশলি, চিকিৎসালয়, জ্ঞানৰ সভা আছে, দুখীয়া লোকক উপকাৰ বাবে নানা ঠাই আছে, নৰীয়া লোকক বিনা ধনে শুশ্রূষা কৰি দুখীয়া লোকৰ দুখ মোচন কৰাৰ ব্যৱস্থা কৰা হয়। টেম্চ নদীৰ ওপৰত ডাঙৰ দলং হ'ল, লিবৰপুল, ব্ৰিষ্ট.... আদি ডাঙৰ ডাঙৰ নগৰ আছে। হাতেৰে কাপোৰ বোৱাৰ পৰিৱৰ্তে ভিন ভিন কপাহৰ পৰা ভাপৰ কলেৰে কাপোৰ তৈয়াৰ কৰে। খেতি- বাতি কৰা মাচিবোৰৰ উৰ্বৰা শক্তি কম যদিও খেতিয়কসকলে অধিক পৰিশ্ৰম কৰি খেতি কৰাৰ বাবে অধিক শস্য উৎপাদন কৰে। বাণিজ্যতো অধিক পাৰ্গত। ইংলণ্ড দেশৰ এনেবোৰ উন্নতিৰ কথা এই প্রবন্ধটিত উল্লেখ আছে।
ঢেকিয়াল ফুকনে অসমৰ জনগণক বিদ্যা শিক্ষাত মন দিবলৈ আৰু বিদ্যা শিক্ষাৰ দ্বাৰা যাতে জীৱনত নিজকে একোজন সভ্য আৰু গুণী ব্যক্তিৰূপে গঢ়ি তুলিব পাৰি তাৰ বিধান প্রবন্ধটিৰ জৰিয়তে দিব বিচাৰিছে এনেদৰে -
হে মোৰ অসমীয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে ন হই; কিন্তু জদি সভ্য আৰু সুখি হব খোজা তেন্তে ক্রিসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হবলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যা ভু নো পোআ, আৰু জানিবলৈকো স্রম ন কৰা। (অৰুনোদই, পৃষ্ঠা ১২৮)
প্রবন্ধটোত ঢেকিয়াল ফুকনে পাশ্চাত্য শিক্ষা আৰু আধুনিক প্রমূল্যক আন্তৰিকতাৰে আদৰণি জনালেও কিন্তু তেওঁ অসমৰ প্ৰাচীন ঐতিহ্যক উপলুঙা কৰা নাই। এই সম্পর্কে পাঠটিত এনেদৰে উল্লেখ আছে-
তোমালোকৰ পূৰ্ব পুৰুষসকলে এক প্ৰকাৰ বিদ্যাৰ আলোচনা কৰিছিল আৰু সেই নিমিতে সিবিলাকৰ অনেক গিয়ানি আচিল কিন্তু এতিয়া তোমালোকে কি সংস্কিত কি ইংৰাজি একো বিদ্যা ন পৰ্হি পুবৰ হোজা স্বভাও এৰি অগিয়ান আৰু টেঙ্গৰ স্বভাও লবৰ উপক্ৰম কৰিচা।
অসমৰ দুৰৱস্থাৰ কাৰণ হৈছে- অসমৰ নিৱাসীসকল। অসমৰ নিৱাসীসকলে বিদ্যা-শিক্ষা ল'বলৈ অৱহেলা কৰে, দেশৰ লোকসকলে নিজ দেশৰ হিতৰ বাবে চিন্তা নকৰি কেৱল নিজৰ ভালৰ কথাহে সদায় চিন্তা কৰে। আমাৰ দেশত যথেষ্ট সংখ্যক ধনৱন্ত লোক আছে যদিও তেওঁলোকে ধন খৰচ নকৰি মাটিৰ তলত পুতি থয়, আনকি দেশৰ হিতৰ বাবে অলপো ধন ভাঙিব নোখোজে। সেয়ে ফুকনে অসমৰ নিৱাসীসকলক জ্ঞানী হ'বলৈ কৈছে আৰু নিজ নিজ সাধ্যানুসাৰে আনক উপকাৰ কৰিবলৈ উপদেশ দিছে এনেদৰে-
'হে ধনৱন্ত সকল তোমালোকে নিচই জানিবা জে ইস্বৰে ধন সাঁচি থবলৈ, নাইবা আপোন সুখলৈ দিয়া নাই, কিন্তু তাৰে পৰৰ উপকাৰ কৰিবলৈহে দিচে; এই ভর্তসনা বাক্য সুনি অনেক সদ লোকৰ চিতে উত্সাহ পাই, দেসৰ দুৰ্ভাগ্য গুচাবলৈ উঠিব পাৰে, কিন্তু অকলে কি কৰিম বুলি, নৈৰাস ন হৈ স্ব স্ব সাধ্যানুসাৰে হিত কৰিব, এতেকে আনেও সিবিলাকক দেখি সেই ৰূপে হিত কৰিব।
ফুকনে বিদ্যাক অমূল্য ৰতন বুলিছে আৰু বিদ্যা-শিক্ষাক বন্ধুৰ লগত তুলনা কৰিছে। বিদ্যাৰ দ্বাৰা জ্ঞানী হয় আৰু জ্ঞানী হ'লে আদৰ সন্মানৰ অধিকাৰী হ'ব পাৰে বুলিও প্রবন্ধটিত উল্লেখ কৰিছে এই জগতত বিদ্যাৰ সমান মিত্র নাই, কিয়নো তাক জানিলে আমি গিয়ান পাওঁ, আৰু গিয়ানি হলে ইহকালত আদৰ সন্মান পাম এনে যে অমূল্য ৰতন বিদ্যা তাৰ তোমালোকে একো মুল নে পাই নিচইকৈ অবহেলা কৰিচা।
আনন্দৰাম ঢেকিয়াল ফুকনে অসমখন আধুনিকীকৰণ কৰাৰ সপোন দেখিছিল আৰু এখন আধুনিক অসম গঢ়ি তুলিবলৈ ইংলণ্ড দেশলৈ গৈ তাৰ দৰে তাৰ আৰ্হি ল'বলৈ উপদেশ দিছে এনেদৰে- 'ইংলণ্ড দেসলৈ গৈ চোআ, গোটেই খন দেসেই ফুল বাৰি খনৰ নিচিনা মনোহৰ, এখামোচ হাৰিও নো পোআ, নানা বিধৰ সস্য হোআ পথাৰে ঢাকি আচে; পর্বত জি আচে তাতো মানুহৰ বসতি, আৰু জত হাবি সিও আপুনি হোআ' ন' হই, কিন্তু বৰ লোকসকলৰ শ্রিগয়াৰ নিমিত্তে ভালেমান পুৰুসার্থ কৰি মানুহে ৰুইচে।'
এনেদৰে ঢেকিয়াল ফুকনে ইংলণ্ড দেশখনৰ কিয় আৰু কেনেদৰে উন্নতি কৰিছে, তেনে দিশসমূহ চালি-জাৰি চাই অসমৰ লোকসকলকো তেনেবোৰ কামত প্রবৃত্ত হ'বলৈ উদগনি জনাইছিল। আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ শিক্ষাৰ উন্নতিৰ বাবে যৎপৰোনাক্তি চেষ্টা কৰিছিল। অসমৰ গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি গঢ়ি উঠাৰ কল্পনা কৰিছিল, চিকিৎসালয় পতা আৰু অসমৰ তথা অসমীয়া লোকসকলক শিক্ষা আৰু সাংস্কৃতিক দিশত আগুৱাই যাবলৈ আহ্বান কৰিছিল। অসম হাবি গুচি ফুল বাৰি হ'ব, নদীত জাহাজ চলিব, এনেধৰণেৰে বহু আশাব্যঞ্জক তথা এখন সপোনৰ অসমৰ কথা আনন্দৰাম ঢেকিয়াল ফুকনৰ 'ইংলণ্ডৰ বিৱৰণ'ত পোৱা যায়।
তেওঁ উল্লেখ কৰিছে- 'যি সময়ত অসম হাবি গুচি, ফুলবাৰি হব, নৈত ডোঙ্গা গুচি জাহাজ হব, ঘৰ বাঁহৰ গুচি সিল ইটাৰ হব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পহা সালি, গিয়ানৰ সভা, চিকিতসালাই, দুখীয়া দৰিদ্ৰ পৰিত্ৰাণৰ আলই হব, আৰু যি কালত লোকসকলে পৰস্পৰ হিংসা ন কৰি, আটায়ে আটাইক ভাত্রিবত চেনেহ কৰিব, কেরে দুটকা কানিৰ সলনি মিচা সাখি নিদি, লাখ টকাকো কাতি কৰি থব, কোটি টকা ভেটি পাইও কাবো অন্যাই ন কৰিব, বেস্যা, কানি আৰু সুৰা এই কথা দেস লোকে ভূ নো পোআ হব, সেই সমই, হে পৰম পিতা, জাগদিস্বৰ, সিয়ে ঘটোআ।' (অৰুণোদই, পৃষ্ঠা ১৩১)
ঢেকিয়াল ফুকনৰ 'ইংলণ্ডৰ বিৱৰণ' নামৰ প্ৰবন্ধৰ সন্দৰ্ভত বীবেন্দ্র কুমাৰ ভট্টাচার্যই মন্তব্য কৰিছে যে-নতুন আমোলা শ্ৰেণীৰ পুৰোধা ঢেকিয়াল ফুকনে এই প্রবন্ধৰ মাজেদি 'অসমৰ এক উদাৰনৈতিক পুঁজিবাদৰ বিকাশ কৰাৰ বাবে অসমীয়া মানুহলৈ এক উদাত্ত আহবান জনাইছিল।'
ঢেকিয়াল ফুকনে ইচ্ছা কৰিছিল যে অসমীয়া ল'ৰা জ্ঞানী হওক, কৃষি আৰু উদ্যোগত যন্ত্ৰৰ প্রয়োগ কৰি উন্নতি সাধিব লাগে। বাণিজ্য কর্ম বঢ়াবলৈও ধনবন্তসকলৰ সঞ্চিত ধন খটুৱাবলৈ কৈছে। পুৰুষার্থক তেওঁ ঈশ্বৰ বিশ্বাসৰ পৰা নিলগাই চোৱা নাছিল। সেয়ে ঢেকিয়াল ফুকনে 'ইংলণ্ডৰ বিবৰণ' প্রবন্ধত ঈশ্বৰ মিনতি জনাইছিল এইদৰে-
'হে ক্রিপামই জগদিস্বৰ, এই অসম দেসৰ লোকসকলক স্বদেস সভ্য গিয়ানি আৰু ধার্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাব আৰু দুৰঅৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া, আৰু তোমাৰ বিচিত্ৰ সক্তিৰে সিবিলাকক সভ্য কৰা আৰু তোমাক জানিবৰ আৰু আগ্যা পালিবৰ জোগ্য কৰা৷’
আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰাজিয়ে এহাতেদি যেনেদৰে জাতীয় স্বার্থ পূৰণ কৰিছে আনহাতেদি তেওঁৰ ৰচনাসমূহে স্বদেশপ্রীতি, অসমীয়া ভাষা-প্রীতি আৰু অধ্যয়নলব্ধ জ্ঞানৰ প্ৰকাশ ঘটাইছে। ঢেকিয়াল ফুকনে অসমত জন্ম লাভ কৰিও অসমীয়া ভাষাৰ মাধ্যমৰ বিপৰীতে বাংলা ভাষাৰ মাধ্যমেৰে শিক্ষা গ্রহণ কৰিবলগীয়া হোৱাৰ বাবেও তেওঁ মর্মাহত হৈছিল আৰু মনত এটা ক্ষোভ আছিল। সেয়ে ফুকনে অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু অসমীয়া ভাষাৰ হকে লগা যুঁজখনত মিছনেৰীসকলৰ লগতে ফুকনেও জঁপিয়াই পৰিছিল।
এফালেদি চৰকাৰী বিষয়া হৈও চাকৰিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য চর্চাকো জীৱনৰ ব্ৰতৰূপে গ্রহণ কৰিছিল। ফুকনে ঊনত্রিশ বছৰীয়া জীৱন কালত অসম আৰু অসমীয়া ভাষা-সাহিত্যৰ বাবে যিখিনি দি গ'ল, দীর্ঘ জীৱন পায়ো বহুতে সেইখিনি কৰিব পৰা নাছিল। এনে কম সময়ছোৱাত অসমীয়া জাতি আৰু অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ পৰা ফুকনৰ জাতীয় প্রীতি আৰু ভাষা-প্রীতি কিমান প্রগাঢ় আছিল, তাক সহজে অনুমান কৰিব পাৰি।
সহায়ক গ্ৰন্থপঞ্জী
অন্বেষণঃ ঊনবিংশ শতিকা, মিলন নেওগ, পূৰ্বায়ন, ২০২০
0 Comments