হেমকোষ এক ঐতিহাসিক পৰিক্ৰমা ৷ হেমচন্দ্ৰ বৰুৱা প্ৰণিত আৰু হেমচন্দ্ৰ গোস্বামী সম্পাদিত অভিধানৰ বিষয়ে লেখা৷ লিখকঃ অৰবিন্দ ৰাজখোৱা

পদ্মনাথ গোহাঞিবৰুৱাই ১৮৯৯ চনত 'হেমচন্দ্ৰ বৰুৱা' শীর্ষক এটি প্রশস্তি কবিতা লিখিছিল। তাত হেমকোষ সম্পর্কে কৈছে এনেদৰে- 

'হেমৰ কোষে'ৰে দুটি দৌল বান্ধি ভাষাক সাৰথি ধৰি, 

নুমাবলগীয়া অসমীয়া নাম জ্বলালে উজ্জ্বল কৰি।'

লক্ষ্মীনাথ বেজবৰুৱাও হেমকোষ সম্পর্কত যথেষ্ট উৎসাহী আছিল। তেওঁ ১৯১৫ চনত বাহী আলোচনীত লিখা 'অসম সংগীত' শীর্ষক দীঘলীয়া গীতি-কবিতাটিত হেমকোষৰ প্ৰসংগ এনেদৰে উত্থাপন কৰিছে-

'হেমকোষ ৰচি হেমচন্দ্ৰ হেৰা ভাষা আকাশৰ জোন, 

স্বদেশ ভাষাত এনে শব্দকোষ ভাৰতত ৰচিলে কোন?'

উক্ত দুয়োটা কবিতাই অনুভৱ কৰায় হেমকোষক লৈ সমসাময়িক বৌদ্ধিক জগত কিমান গৌৰৱান্বিত হৈছিল। ঊনবিংশ শতিকাৰ শেষৰটো দশকত হেমকোষক কেন্দ্ৰ কৰিয়ে অসমীয়া নতুন প্ৰজন্মৰ লেখকসকল সাহসী হৈ উঠিছিল আৰু ভাষিক স্বতন্ত্রতা ৰক্ষা হ'ব বুলি আত্মবিশ্বাস গঢ় লৈ উঠিছিল।

 ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অসমীয়া ভাষাৰ স্বকীয়তা সম্পৰ্কত ইটোৰ পাছত সিটো প্রশ্ন উত্থাপিত হৈছিল। অসমীয়া ভাষাত ছপা পুথিৰ অভাৱ, আধুনিক অসমীয়া ভাষা চৰ্চা কৰা মানুহৰ অভাৱ, শাসক পক্ষৰ অমনোযোগিতা আদি ভালেমান কাৰণত ১৮৩৬-১৮৭৩ লৈ অসমৰ শিক্ষাৰ মাধ্যম হৈ পৰিছিল বাংলা ভাষা। আনকি কাৰ্যালয়-কাছাৰীৰ ভাষা হিচাপেও বাংলাকে বৰণ কৰা হৈছিল। এই শংকাপূর্ণ বর্ষকেইটাত অসমীয়া ভাষাটোক শক্তিশালী কৰিব পৰা কেইবাটাও গুরুত্বপূর্ণ কাম হৈছিল। তাৰে এটা আছিল হেমচন্দ্ৰ বৰুৱা প্ৰণীত অসমীয়া ভাষাৰ ব্যাকৰণ (১৮৫৯)ৰ প্রকাশ। এইখন অসমীয়া ভাষাত লিখাত লিখা প্রথমখন অসমীয়া ব্যাকৰণ।

ইয়াৰ আগত উইলিয়াম ৰবিনছন আৰু নাথান ব্রাউনে ক্রমে ১৮৩৯ আৰু ১৮৪৮৩ ইংৰাজীত অসমীয়া ভাষাৰ দুখন ব্যাকৰণ লিখিছিল। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণখন প্ৰণয়নৰ পাছত অসমীয়া ব্যাকৰণ (১৮৭৩) আৰু অসমীয়া ল'ৰাৰ ব্যাকৰণ (১৮৮২) নামৰ দুখন ব্যাকৰণ লিখে। সমান্তৰালভাৱে তিনি খণ্ডত অসমীয়া ল'ৰাৰ আদিপাঠ (১৮৭৫, ১৮৭৬, ১৮৭৬)ব আৰু পাঠমালা (১৮৮৩) নামৰ পাঠ্যপুথি ৰচনা কৰি বৰুৱাই বিদ্যালয়ত অসমীয়া ভাষা প্রচলনত অবিহনা যোগায়।

হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্রণয়নৰ কাম কেতিয়া আৰম্ভ কৰে সেই সম্পর্কে সঠিক তথ্য পোৱা নাযায়। কিন্তু অসমীয়া ভাষাৰ প্ৰথমখন আধুনিক অভিধান মাইলছ ব্রনছনৰ A Dictionary in Assamese and Englishয়েই যে বৰুৱাক অভিধান এখন কৰাৰ বাবে পৰোক্ষ উদগনি যোগাইছিল সেই কথা বুজিব পাৰি।

 হেমচন্দ্ৰ বৰুৱাই এই প্ৰসংগত লিখিছে- 'যদিও শিৱসাগৰৰ মিস্যনেৰীবিলাকে এই ভাষাৰ এখান অভিধান যুগুত কৰিবলৈ বিস্তৰ দিন যত্ন কৰি বহুত শব্দ গোটোৱাত ১৮৬৭ খ্রীষ্টিয়ান শকত পাদ্রি ব্রন্সন্ চাহাবে তাক সমাপ্ত কৰি ছপালে; কিন্তু তাৰ বর্ণবিন্যাস সমূলি অশুদ্ধ আৰু অৰ্থৰ কথাতো সি যেনে হ'ব লাগে তেনে নোহোৱা হেতু অসমীয়া শিকোঁতাবিলাকৰ তাৰ পৰা একো উপকাৰ হোৱা নাই আৰু নহয়ো।”

 বৰুৱাই তাৎপর্যপূর্ণভাৱে অসমীয়া ভাষাৰ অভিধানৰ অভাৱ সম্পর্কে কৈছে- 'পূর্ব্বকালত হিন্দুবিলাকে সংস্কৃতক আদৰ আৰু দেশী ভাষাক হেয় কৰাই ইয়াৰ কাৰণ।" অৱশ্যে বৰুৱাই মূলতঃ সংস্কৃতীয়া নিয়ম আৰু সংস্কৃতীয়া অর্থকে  হেমকোষত অনুসৰণ কৰিলে। সি যি কি নহওক, ১৪,০০০ শব্দযুক্ত ব্রনছনব অভিধানখন আছিল প্রথম পর্যায়ৰ চেষ্টা, তাতে ব্রনছন আছিল অনা-অসমীয়া, সেয়ে কিছু বিভ্রান্তি থকাটো অস্বাভাৱিক কথা নহয়। বৰুৱাৰ আপত্তিৰ এটা গুৰুত্বপূৰ্ণ হেতু আছিল সৰল বানান। ব্রনছনে ব্যুৎপত্তিৰ পৰিৱৰ্তে উচ্চাৰণক ভিত্তি অভিধানখনত শব্দ সংযোগ কৰিছিল। যেনে- অজোগ্য, কার্জ্য, সইকিয়া আদি। ব্রনছনে শ, য আৰু স- এই তিনি বৰ্ণৰ বিষয়ে লিখিছিল- 'এই তিনি আখৰৰ উচাৰন অসমিয়া ভাসাত একে হোআত কেৱল স ৰখাৰ প্ৰয়োজন। য, স, অন্য ব্যঞ্জনৰ লগত জোগ হলে চৰুপে উচাৰিত হই; জেনে কষ্ট, সাস্ত্র, সিস্য আদি। সব ওপৰত ৰেফ দিলে স ৰূপে উচাৰিত হই; জেনে, দর্সন আদি।" হেমচন্দ্ৰ বৰুৱাই এনে সৰল বানানৰ বিৰোধিতা কৰিছিল। অৰুনোদই আলোচনীত প্রথমাৱস্থাত এনে বানানেই ব্যৱহৃত হৈছিল, কিন্তু হেমচন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টাত ক্ৰমাৎ নতুন বানানৰীতি ব্যৱহৃত হ'বলৈ ল'লে।

হেমকোষ প্রণয়নৰ নেপথ্যত ব্ৰনছনৰ অভিধানখন মূল অনুঘটক আছিল যদিও জাদুৰাম ডেকাবৰুৱাৰ অৱদানৰ কথাও এই প্রসংগত উল্লেখ কৰাটো প্রয়োজনীয়। ডেকাবৰুৱাই হাতে লিখি যুগুত কৰা A Manuscript Bengali Dictionary with Assamese Definitions নামৰ অভিধান এখন ১৮৩৯ চনত তদানীন্তন অসমৰ ছীফ কমিছনাৰ জেনকিন্সক প্রদান কৰিছিল। জেনকিন্সে অভিধানখন আমেৰিকান মিছনেৰীসকলক দিয়ে। সেইখন ছপা হৈ নুলাল আৰু পাছলৈ শুংসূত্রও হেবাল। অৱশ্যে অৰুণোদই ব বানান পদ্ধতি উক্ত অভিধানৰ আর্হিতেই ল আৰম্ভ হৈছিল বুলি কোৱা হয়। আনকি মাইলছ ব্রনছনেও ন ডেকাৰৰৱাৰ অভিধানৰ সহায়তে নিজৰ অভিধানখন প্রণয়ন কৰিছিল বুলি লিখি গৈছে। তেওঁ লিখিছে- 'The system of Orthography adopted in this work, is that of Joduram Borua, a learned Assamese Pundit, which it is 5 believed much better corresponds with the actual pronunciation of the people that any other system met with.' (উক্ত অভিধানৰ পাতনি) জাদুৰামৰ এই অৱদানৰ কথা বৰকৈ চর্চা হোৱা দেখা নাযায়। অসমত আধুনিক অভিধান ই চৰ্চাৰ পাতনি মেলোতা হিচাপে জাদুৰাম- ব্রনছন- হেমচন্দ্র, এই ক্ৰমটো স্বীকৃত হোৱা উচিত। জাদুৰাম ডেকাবৰুৱা আৰু ব্ৰনছনৰ সৰল বানানৰ আৰ্হিক মান্যতা দিবৰ বাবে অসমীয়া জাতীয় অভিধানৰ লগত জড়িত ব্যক্তিসকলে যথেষ্ট দিন ধৰি চেষ্টা কৰি আছে। এয়া মূল ধাৰাৰ বিপৰীতে অন্যমত হ'লেও ন অসমত অভিধান সম্পর্কীয় চর্চা সক্ৰিয় কৰাত ইয়াৰ যথেষ্ট অৰিহনা আছে।

জাদুৰাম ডেকাবৰুৱাৰ অভিধানখনকে আধাৰ হিচাপে লৈ ব্রনছনে নিজৰ অভিধানখন প্রণয়ন কৰাটোত কোনো সন্দেহ নাই। পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাই বানানৰ ক্ষেত্ৰত সুকীয়া নীতি অনুসৰণ কৰিলেও ব্রনছনৰ অভিধানখনক আধাৰ হিচাপে গ্রহণ কৰে। অর্থাৎ ১৪,০০০ শব্দ তেওঁ তাৰপৰা লাভ কৰিলে বৰুৱাই হেমকোষ প্রণয়ন কৰি থাকোতে ব্ৰনছনৰ পৰা আন সহায় (বোধকৰো বৰ্ণবিন্যাস সম্পর্কীয়) বিচাৰি বিফল হোৱা বুলি উল্লেখ কৰিছে। 

তেওঁ লিখিছে- 'হেমকোষ সংগ্ৰহ কৰোঁতে লেখকে ব্ৰন্চন চাহাবৰ অভিধানৰ সাহায্য বিচাৰিছিল; কিন্তু - ওপৰত কোৱা কাৰণৰ নিমিত্তে তাৰ পৰা অধিক সহায়তা পোৱা নগল; তথাপি তাত বিস্তৰ অসমীয়া শব্দ থকা হেতু লেখকৰ শব্দ সংগ্ৰহৰ পৰিশ্ৰম অনেক গুণে লঘু হল। ই সামান্য লাভ নহয়। অৰ্থৰ কথাত যদিও তাৰ পৰা পোৱা সাহায্য নিচেই কম। তেওঁ সেই বিষয়ত মুঠেই উপকাৰ কৰা নাই বুলিব পৰা নেযায়।”

হেমচন্দ্র বৰুৱাই কিমান দিন ধৰি হেমকোষ ৰচনাৰ কাম কৰিছিল সেই তথ্য স্পষ্টকৈ পোৱা নাযায়। তথাপি তেওঁ ১৮৯২ চনত শব্দ সংগ্ৰহৰ কাম প্রায় শেষ কৰিছিল বুলি কেইবাটাও নথিৰ আধাৰত ঠিৰাং কৰিব পাৰি। পদ্মনাথ গোহাঞিবৰুৱাই উচ্চ ডিগ্রী লোৱাত বিফল হৈ কলিকতাৰপৰা উভতি আহোতে (১৮৯২ চনত) গুৱাহাটীত হেমচন্দ্ৰ বৰুৱাক লগ ধৰিছিল। লগত আছিল বসন্তকুমাৰ গোস্বামী। বিজুলী আলোচনীৰ সম্পাদকৰূপে খ্যাতি অৰ্জন কৰা গোহাঞিবৰুৱাক হেমচন্দ্ৰ বৰুৱাই ইতিপূর্বে চিনি পায়, কিন্তু দেখা সাক্ষাৎ সেইবাৰেই প্রথম হৈছে। গোহাঞিবৰুৱাৰ এটি - আগ্রহ আছিল হেমকোষ খন চোৱা, সেয়া বিনয়েৰে ক'লেও। তেওঁৰ ভাষাৰে- 'সদৌশেষত, বহুপৰৰ মূৰত, আমি উঠাৰ বেলিকা মই বৰ আগ্রহেৰে 'হেমকোষ' অভিধানখনি এবাৰ চাবলৈ ইচ্ছা প্রকাশ কৰিলোঁ। হেমচন্দ্র বৰুৱায়ো অতি আগ্রহেৰে হাতেলিখা  হেমকোষখন আনি দেখুৱালেহি। 

গোহাঞিবৰুৱাই লিখিছে- 'তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰিবলৈ বুলি ততালিকে উঠি গৈ, ভিতৰৰপৰা প্ৰকাণ্ড হাতে লিখা 'হেমকোষ' অভিধান বহীখন বুকুত সাবটি ধৰি হেপোৰ-টেপোৰকৈ লৈ আহি মোৰ আগতে মেজত থলে। দেখা মাত্রকে মই সেই হাতে লিখা প্রকাণ্ড গ্রন্থৰ কর্তাজনৰ প্ৰতি মোৰ ভক্তি কৃতজ্ঞতাৰ উদ্‌গীৰণ অন্তৰত উপচি পৰিল।” গোহাঞিবৰুৱাই শ্রদ্ধাৰে হেমকোষখন চালে। মোৰ সোঁৱৰণীৰ পৃষ্ঠাত সেই অভিজ্ঞতাৰ বিষয়ে তেওঁ সবিস্তাৰে বৰ্ণনা কৰিছে। তাতেই তেওঁ হেমচন্দ্ৰ বৰুৱাৰ আক্ষেপৰ কথাও উল্লেখ কৰিছে। সেই আক্ষেপ আছিল অভিধানখন প্রকাশ কৰিব নোৱৰাৰ বাবে। গোহাঞিবৰুৱাৰ প্ৰতি বৰুৱাই কৈছিল- 'এইভাগেই ভেকুৰিবলগীয়া হয়গৈ নে কি ক'ব নোৱাৰিছোঁ এথোন, মই জীয়াই থকাৰ কালত কিন্তু ই পোহৰলৈ ওলোৱাৰ সম্ভাৱনা দেখা নাই। কথাষাৰ শুনি গোহাঞিবৰুৱাই দুখ অনুভৱ কৰিছিল ('তেখেতৰ সেই আক্ষেপসূচক কথাষাৰে মোৰ হিয়াত বৰকৈ বিন্ধিলে')। গোটেই অভিধানখন তেওঁ পাত লুটিয়াই লুটিয়াই চালে। প্রত্যেকটো পাততে অকণো ঠাই নোহোৱাকৈ লিখিছে, কাটিছে। আনকি পাতে পাতে চাৰি-পাঁচখন পর্যন্ত টুকুৰা কাগজৰ সংযোজন। তেনে অৱস্থাৰ অভিধানখন ছপা ৰূপলৈ নিয়াটো সহজ নহ'ব বুলি হয়তো গোহাঞিবৰুৱাই অনুভৱ কৰিছিল। তাৰ নকল কৰোৱা হ'ব নেকি বুলি বৰুৱাক প্রশ্নও সুধিছিল। কিন্তু ইতিমধ্যেই স্বাস্থ্য পৰি অহা বৰুৱাই সেয়া সম্ভৱ নহয় বুলি জনালে। আন কোনোবাই নকল কৰিলে বিভ্রান্তি সৃষ্টি কৰাৰ সম্ভাবনা থাকিব বুলি তেওঁ ভাবিছিল। সেইদিনাই গোহাঞিবৰুৱাই সংক্ষিপ্ত হেমকোষ বা পঢ়াশলীয়া অভিধানখনো হাতেলিখা অৱস্থাত চাবলৈ পাইছিল। মোৰ সোঁৱৰণীত লিখিছে- 'বিদায়ৰ ক্ষণ বুলি সিমানতে সোঁহাতে 'হেমকোষ 'ত বাঁওহাতে 'পঢ়াশলীয়া অভিধান'ত ছুই পকা বুঢ়া সাহিত্যিক ঋষিৰ ওচৰত মূৰ চোঁৱাই বিদায় ললোঁ।

গোহাঞিবৰুৱাৰ উক্ত কথাখিনিৰ পৰা নিশ্চিত হ'ব পাৰি যে হেমকোষ, প্ৰণয়নৰ কাম ১৯৯২ চনৰ আগে-পাছে সম্পূর্ণ হয়। এই প্রসঙ্গত হেমচন্দ্র গোস্বামীয়ে লিখা এই কথাকেইটায়ো প্রায় একেখিনি সময়কে সূচায়- 'এই অভিধানখনি স্বর্গীয় হেমচন্দ্র বৰুৱাৰ জীৱনব্যাপী পৰিশ্ৰমৰ ফল। তেওঁ ডেকাকালতে এই অভিধান লিখিবলৈ হাতত লয় আৰু তেওঁৰ মৃত্যুৰ কেইবছৰমান আগেয়েই তাক লিখি শেষ কৰে। তেনেতে জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ একাদশ-দ্বাদশ সংখ্যাত (১৮৯২)ত লক্ষ্মীনাথ বেজবৰুৱাই বৰুৱা উত্তেজিত হোৱাকৈ কেইটিমান বাক্য লিখে। তেতিয়া বেজবৰুৱা জোনাকীৰ সম্পাদক। তেওঁ 'পুথিৰ গুণাগুণ বিচাৰ' শিতানত হেমচন্দ্ৰ বৰুৱাৰ Notes on the marriage System of the people of Assam শীর্ষক সৰু পুথিখনৰ গুণাগুণ বিচাৰ কৰি কঠোৰভাৱে লিখিলে- 'একেষাৰ  এয়াকে মাথোন কওঁ যে প্রবীণ লেখকে এনেবিলাক কিতাপ  লেখি তেওঁৰ মূল্যবান সময় শুদাতে ব্যয় নকৰি, অসমীয়া ভাষাৰ নব আৰু অসম দেশৰ উপকাৰ হোৱা পুথি কিতাপত ব্যয় কৰিলে সজ ন হয়। 'বৰটি' চাহাবৰ দিনতে লেখকে দুখন কি এখন চাৰিপতীয়া ও ধেমেলীয়া কিতাপ লেখি দুখীয়া অসমীয়া ভাষাক আশা দি আজিলৈকে টু-টুৰাই আছে। 'শব্দকোষ' অভিধানৰ আজিলৈকে শব্দ শুনোতেই গৈছে, খাটি খাটিও আচল পদাৰ্থ তব হাতৰ পৰা ই কোনেও উলিয়াব পৰা নাই, ভয় হয়, পাছে জগন্নাথৰ মূৰ্ত্তিৰ - নিচিনা সি এধা দুখৰীয়া অৱস্থাতে ৰয়। বেজবৰুৱাৰ এই কথাই - স্বাভাৱিকতে হেমচন্দ্ৰ বৰুৱাক ক্ষোভিত কৰিছিল। কাৰণ তেওঁ ইতিমধ্যে হেমকোষ প্রণয়ন কৰি শেষ কৰিছিল; বিভিন্ন সমস্যাৰ বাবে ছপা কৰিবহে পৰা নাছিল। 'এই কথাত বৰুৱা ডাঙ্গৰীয়াৰ ইমান তমোময় খং উঠিছিল যে 'জোনাকী'ৰ সম্পাদকক আগত নেপাই জোনাকী কাকতৰ সেই সংখ্যাৰ ওপৰতে খঙ্গৰে পোতক তুলিছিল। 

হেমকোষ সম্পর্কীয় এটা প্রবন্ধত বিশ্বেশ্বৰ হাজৰিকাই অভিধানখনৰ প্রস্তুতিকাল দ্বিধাহীনভাৱে ১৮৬৭-৯২ বুলি লিখিছে। তেওঁ লিখিছে- '১৮৬৭-৯২ খ্রীষ্টাব্দৰ ভিতৰত ৰচিত 'হেমকোষ'ত ২২,৩৪৬ টা শব্দ সংকলিত হয়। ১৮৬৭ চনৰ পৰা ১৮৯২ চনলৈ এই ২৬ বছৰৰ ভিতৰত বছৰে প্রতি ৩২১টাকৈ, প্রায় দিনে ১টাকৈ হেমচন্দ্র বৰুৱাই শব্দ সংগ্রহ কৰিছিল।"

হেমকোষ প্ৰণয়নৰ খবৰে অসমীয়াৰ ভাষিক জাতীয়তাবাদ গঢ় দিওঁতা তৎকালীন প্রত্যেকগৰাকী ব্যক্তিকে উৎফুল্লিত কৰিছিল। বিশেষকৈ কলিকতাত উচ্চশিক্ষা ল'বলৈ যোৱা অসমীয়া ডেকাসকল বিষয়টোত অত্যন্ত উৎসাহী আছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰিকল্পনাসূচীত প্ৰায় প্ৰথমৰে পৰা হেমকোষৰ প্রসংগই ঠাই পাইছিল। প্রথম অৱস্থাত অভিধানখন ছপোৱাৰ কামো সভাই কৰিবলৈ গাত লৈছিল। সভাৰ ১৯৯২ চনত লিখিত কাৰ্যবিৱৰণত আছে- 'গত বছৰত ডাঙ্গৰীয়া শ্ৰীযুত হেমচন্দ্ৰ বৰুৱাৰ অভিধানখনি ছাপিবৰ নিমিত্তে প্রতিনিধি ঠিক হৈছিল। আসামৰ উজনী-ভাটী সকলো ঠাইৰ প্ৰতিনিধিসকলৰপৰা আমি উৎসাহজনক চিঠিও পাইছিলোঁ। আনকি কোনো ইংৰাজ পাদুৰি চাহাবেও আমাক এই শুভ কাৰ্য্যত সহায় কৰিবলৈ আগবাঢ়িব খুজিছিল। অসমৰ আৰু বিশেষকৈ কলিকতাৰ অনেক মহোদয়ে সভাৰ চাঁদাৰ বহিত ২৫০ টকামানৰ চহী কৰিছিল। কিন্তু গ্রন্থকাৰৰ পৰা পুথি নোপোৱাত আৰু আন আন আঁসোৱাহৰ  বাবে সেই কার্যত সম্প্রতি আৰু আগবাঢ়িব পৰা নগ'ল। আশা কৰা গৈছে, এদিন এই সভাই অসমীয়া ডাঙ্গৰ অভিধান প্রকাশ কৰি অসমীয়া ভাষাৰ যাউতীযুগীয়া উপকাৰ কৰিব পাৰিব। 

হেমকোষ প্রকাশ হোৱালৈ সকলোৱে আগ্রহেৰে বাট চাইছিল যদিও কামটো সঠিক ধৰণে আগবঢ়া নাছিল। অৰ্থৰ যোগাৰ নোহোৱাটো তাৰ এটা কাৰণ। সেইখিনি সময়ত অসমত অভিধান ছপাব পৰা ছপাশাল নাছিল, সেয়ে কলিকতাত গৈ ছপাৰ কাম কৰাৰ বাদে কোনো গত্যন্তৰ নাছিল। বৰুৱাই নিজে গৈ ছপাব বা কাম তদাৰক কৰি প্রুফ শুধৰণি কৰাৰ কথা ভাবিছিল। 'তেওঁৰ বিষ বেমাৰ ক্ৰমে বেছি হৈ অহাত তেওঁৰ পক্ষে কলিকতালৈ যোৱা অসম্ভৱ হৈ উঠিল। এনেকুৱা কেইবাটাও কাৰণত তেওঁ জীয়াই থকা কালত আৰু 'হেমকোষ' ছপা হৈ ওলাব নোৱাৰিলে।"

১৮৯৬ চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। হেমকোষ প্রকাশ সম্পর্কীয় ভালেমান জল্পনা-কল্পনাৰ সিমানতে অন্ত পৰিল। এইবাৰ এক নতুন পৰিক্ৰমাৰ মাজেৰে হেমকোষৰ যাত্রা আৰম্ভ হ'ল। বৰুৱাৰ মৃত্যুৰ আগৰ প্ৰায় ছটামান বছৰ হেমকোষ সম্পর্কীয় চর্চাই বৌদ্ধিক জগতক ইমান প্রভাৱিত কৰিছিল যে ইংৰাজ প্রশাসনীয় ক্ষেত্ৰৰ কোনো কোনো ব্যক্তিও বিষয়টোৰ প্রতি আগ্রহী হৈছিল- তেনে এগৰাকী ইংৰাজ বিষয়া হ'ল এডৱার্ড গেইট। এই গেইট চাহাব হেমকোষ প্রকাশৰ লগত জড়িত এগৰাকী গুৰুত্বপূর্ণ ব্যক্তি হৈ উঠে। তেওঁৰ তত্ত্বাৱধানতে ১৮৯৭ চনৰ জানুৱাৰী মাহত শ্বিলঙত অসম চৰকাৰৰ ছপাশালত হেমকোষ ছপাৰ কাম আৰম্ভ হয়। এই প্ৰক্ৰিয়াৰ নেপথ্যত মূল যোগসূত্ৰকাৰী হিচাপে সক্রিয় হৈ আছিল হেমচন্দ্র গোস্বামী। হেমচন্দ্র গোস্বামীৰ উক্ত অৱদান অনুধাৱন কৰিবলৈ হ'লে কিছু আগলৈ উভতি যাব লাগিব।

দ্বিতীয়বাৰ বি.এ. অনুতীর্ণ হোৱাৰ পাছত (১৮৯৪) হেমচন্দ্ৰ গোস্বামী পঢ়া সামৰি অসমলৈ গুচি আহে। কিছুকাল গুৱাহাটীৰ বিদ্যালয় এখনৰ প্রধান শিক্ষক হিচাপে কাম কৰে যদিও বিদ্যালয় স্বত্বাধিকাৰীৰ লগত মনোমালিন্য হোৱাত কাম এৰি দিয়ে। সেইখিনি সময়তে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া এডৱাৰ্ড গেইটে চীফ কমিছনাৰক অনুৰোধ কৰি অসমত জাতিতত্ত্ব (Ethnography)ৰ বিভাগ এটা আৰম্ভ কৰে। তেওঁ নিজে তাৰ অবৈতনিক সঞ্চালক হয়। সঞ্চালক গেইটে অসম অধ্যয়নৰ বাবে সমল গোটাবলৈ আৰম্ভ কৰিলে। কিন্তু পুৰণি অসমীয়া আৰু সংস্কৃত ভাষা-জ্ঞানৰ অভাৱ আৰু অসম বুৰঞ্জীৰ জ্ঞানৰ অভাৱে তেওঁৰ অধ্যয়নৰ পথ ৰুদ্ধ কৰি দিলে। সমস্যাটো জনাজনি হোৱাত ভূৱনৰাম দাসে এখন চিঠিৰে সৈতে হেমচন্দ্ৰ গোস্বামীক গেইটৰ ওচৰলৈ পঠাই দিলে। ১৮৯৪ চনৰ ১ নৱেম্বৰত গোস্বামীয়ে গেইটক লগ ধৰিলেগৈ।” গেইটে পোনপ্রথমে এখন বুৰঞ্জী পুথি ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিলে। গোস্বামীয়ে ন মাহৰ পাছত সম্পূৰ্ণ কৰি জমা দিয়া অনুবাদৰ পাণ্ডুলিপিত চকু ফুৰাই গেইট অভিভূত হ'ল। হেমচন্দ্র গোস্বামীয়ে গেইটক লগ পোৱাৰ পাছতে শ্বিলঙৰ অসম সচিবালয়ত এটা চাকৰি ওলাল। কেইবাজনো বি.এ., এম.এ. ডিগ্রীধাৰী প্রার্থী সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ল যদিও চাকৰিটো লাভ কৰিলে চৌব্বিশ বছৰীয়া আণ্ডাৰ গ্রেজুৱেট ডেকা প্রার্থী হেমচন্দ্ৰ গোস্বামীয়ে। ১৮৯৫ চনৰ ২ ডিচেম্বৰত তেওঁ চাকৰিত যোগদান কৰে। 

কিছুদিনৰ পাছতে গেইটে অসম বুৰঞ্জী অধ্যয়নৰ কাম ত্বৰান্বিত কৰিবৰ বাবে হেমচন্দ্র গোস্বামীক নিজৰ সহযোগী কৰি লয়। তাৰ পাছত প্রায় দুবছৰ ধৰি দুয়োজনে অক্লান্ত পৰিশ্ৰম কৰি অসমৰ ইতিহাস অধ্যয়ন কৰে৷ অসমীয়া উন্নতি-মাধিনী সভাৰ লগত ওতপ্রোতভাবে জড়িত এগৰাকী ব্যক্তি হিচাপে হেমচন্দ্র গোস্বামী কলিকতাত থকা সময়ৰে পৰা হেমকোষ সম্পর্কে সচেতন। হেমচন্দ্ৰ বৰুৱাৰ লগত এই সম্পর্কত ব্যক্তিগত যোগাযোগো কেইবাবাৰো হৈছে। বৰুৱাৰ লগত থকা এই ঘনিষ্ঠতাৰ বাবেই গোস্বামীয়ে এনেকৈ লিখিব পাৰিছিল- 'আচল কথা হৈছে যে অভিধানখন তেওঁৰ ইমান আদৰৰ বস্তু আছিল যে তাৰ বিষয়ে কোনেও একাষাৰ নিমৰমীয়াল কথা কোৱা তেওঁ সহিব নোৱাৰিছিল। তেওঁ ইমান মৰমৰ হেমকোষক, যাক তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে আৰু অসমীয়া মানুহৰ উপকাৰৰ নিমিত্তে বুকুৰ তেজেৰে লিখাৰ নিচিনাকৈ লিখিছিল তাক প্রকাশ কৰি অসমীয়া ৰাইজৰ হাতত নৌ দিবলৈ পাওঁতেই তেওঁ ইহসংসাৰ এৰি যাব লগাত পৰিল। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ সময়ত গোস্বামী শ্বিলঙত গেইটৰ লগত কৰ্মৰত হৈ আছিল। খবৰটো পায়েই তেওঁ গেইটক অনুৰোধ জনাইছিল, বৰুৱাৰ অপ্রকাশিত  গ্রন্থসমূহৰ পাণ্ডুলিপি যেন যিকোনো প্ৰকাৰে ৰক্ষা কৰা হয়। বিশেষকৈ হেমকোষ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে ভূমিকা ল'বলৈ কয়। গেইটে লগে লগে কামৰূপৰ ডেপুটী কমিছনাৰলৈ চিঠি লিখে আৰু চিঠি পায়েই ডেপুটী কমিছনাৰে হেমচন্দ্ৰ বৰুৱাৰ কেউখন কিতাপ নিজৰ জিম্মালৈ আনে। এই পদক্ষেপৰ বাবে গেইট সমকালীন অসমীয়া বৌদ্ধিক জগতৰ প্ৰশংসাৰ পাত্ৰ হৈছিল।

সংৰক্ষণৰ পাছৰে পৰা হেমকোষ প্রকাশৰ কেইবাতৰপীয়া চেষ্টা হেমচন্দ্র গোস্বামীয়ে চলাই গ'ল। মৃত্যুৰ আগত হেমচন্দ্ৰ বৰুৱাই এখন 'উইল' কৰি সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ স্বত্ব কেইগৰাকীমান ব্যক্তিক দি গৈছিল। সেই ব্যক্তিসকলৰ মাজৰে দুলালচন্দ্র চৌধুৰীক গোস্বামীয়ে অনুৰোধ কৰিলে, সকলো স্বত্বাধিকাৰীয়ে হেমকোষ প্ৰকাশৰ বাবে অনুৰোধ জনাই অসম চৰকাৰলৈ এখন চিঠি লিখাৰ ব্যৱস্থা কৰক, তেতিয়া পৰৱৰ্তী কাম কাম - আগবঢ়াই নিয়াত সুবিধা হ'ব। কিন্তু দুলালচন্দ্ৰ চৌধুৰীয়ে স্বত্বাধিকাৰীসকলৰ মাজত হোৱা আলোচনাৰ ফল জনাই কয় যে তেওঁলোকে চৰকাৰক হেমকোষ ছপাবলৈ দিব নোখোজে। যদি সম্ভৱ হয় পৰিয়ালে ছপা কৰিব আৰু সম্ভৱ নহ'লে কলিকতাৰ অসমীয়া ছাত্রসকলক ছপা কৰিবলৈ অনুমতি দিব। ইতিমধ্যে কলিকতাৰ অসমীয়া ছাত্ৰসকলে হেমকোষ ছপাবৰ বাবে ধন সংগ্ৰহ কৰি থকাৰ কথাটো জনাজনি হৈয়ে আছিল। অসমীয়া ভাষা উন্নতি-সাধিনী সভাৰ সম্পাদক ৰত্নকান্ত বৰকাকতিক হেমচন্দ্ৰ বৰুৱাই একপ্ৰকাৰ ছপাৰ দায়িত্বভাৰ অৰ্পণেই কৰিছিল। সেয়ে হেমচন্দ্ৰ বৰুৱাৰ কনিষ্ঠ ভাতৃ তুলসীৰাম বৰুৱাই উক্ত ইচ্ছাক উলাই কৰি চৰকাৰক অনুৰোধ জনোৱাটো অযুগুত বুলি ভাবিছিল। তেওঁ দুলালচন্দ্ৰ চৌধুৰীলৈ চিঠিত লিখিলে- 'অভিধানখন পূর্ব্বে ককাইদেৱে শ্ৰীৰমাকান্ত কাকতিক ছাপা কৰিবৰ কাৰণ দি গৈছে। যদি ইতিয়া সিবিলাক ছাপা কৰিবৰ কাৰণ অসমর্থ হয় তেহে গেইট সাহাবলৈ জনাব পাৰি। 

সেইখিনি সময়ত অ.ভা.উ.সা. সভাৰ লগত জড়িত এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল সত্যনাথ বৰা। সত্যনাথ বৰাক চৌধুৰীয়ে যোগাযোগ কৰাত (১১ জুলাই, ১৮৯৬) ইতিবাচক উত্তৰ পোৱা গ'ল। চৰকাৰে প্ৰকাশ কৰিলে ভালহে হয় বুলি সত্যনাথ বৰাই জনালে। এই কথাটো অ.ভা.উ.সা. সভাৰ ১৯৯৬ চনৰ মাজভাগত (২১ ভাদ)) অনুষ্ঠিত হোৱা সভাত আলোচিত হয় আৰু সকলোৱে সহমত পোষণ কৰে। সভাৰ কাৰ্যবিৱৰণিত এনেদৰে লিখা আছে- 'স্বর্গীয় হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ 'হেমকোষ' অভিধানখন প্রকাশ কৰিবলৈ দুজনমান বন্ধুক অনুৰোধ কৰাত তেওঁবিলাকে ছপাবলৈ একৰকম ঠিক কৰিছিল। কিন্তু এনেতে গ্রন্থকাৰ ডাঙৰীয়া ধুকুৱাত বৰ শোকেৰে তেওঁবিলাক দুদিনমানলৈ ক্ষান্ত হ'ল। তাৰ পাছত 'গবর্নমেন্টে' সেই কামলৈ আগবাঢ়িছে বুলি শুনি বৰ ৰঙেৰে গৱৰ্নমেণ্টক ধন্যবাদ দি সেই ডাঙৰ কাম যথাবিহিত সম্মানেৰে উপযুক্ত কাৰ্য্যকাৰকৰ হাতত শোধাই দি আমি বর্তমান ইয়াক স্থগিত ৰাখিলোঁ। ... আমাৰ গবর্নমেন্টে আমাৰ ভাষাক মৰম কৰা দেখিলে আমি বৰ ভাল পাওঁ; এতিয়াও অভিধানখনত হাত দিব খোজা দেখি আমি তেওঁবিলাকৰ নথৈ শলাগ লৈছোঁ।'

ইতিমধ্যে ১৮৯৬ চনৰ জুন মাহত কামৰূপ জিলাৰ উপাযুক্ত হিচাপে যোগদান কৰিছে ফিলিপ ৰিচাৰ্ড গর্ডনে। বিদ্যানুৰাগী গৰ্ডনে হেমচন্দ্ৰ বৰুৱাৰ আটাইকেইখন হাতেলিখা গ্রন্থ আগ্রহেৰে গ্ৰহণ কৰিলে। ইতিমধ্যে অসমত দহ বছৰৰো অধিক কাল চাকৰি কৰা গৰ্ডনে অসমীয়া প্রবচন সংগ্রহ কৰি এখন গ্রন্থও (Some Assamese proverbs, 1996) প্ৰস্তুত কৰিছে। সেয়ে হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডুলিপিসমূহৰ গুৰুত্ব তেওঁ সঠিকভাৱেই অনুধাৱন কৰিলে। উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ সেই কথা বুজি দুলালচন্দ্র চৌধুৰীয়ে হেমচন্দ্ৰ গোস্বামীলৈ চিঠিত লিখিলে- 'গর্ডন সাহাবে অভিধানৰ হস্তলিপি তিনি খণ্ড খুজি নি বৰ মনোযোগেৰে ছাব লাগিছে আৰু তাৰ প্ৰশংসা কৰিছে। গর্ডনে অভিধানখনৰ মোল বুজা দেখি চৌধুৰীয়ে চৰকাৰলৈ হেমকোষ ছপাবৰ বাবে অনুৰোধ কৰি লিখা চিঠিখনত গর্ডনৰো টোকা এটা গাঁঠি দিব পাৰিলে ভাল বুলি ভাবিলে। অনুৰোধ ৰক্ষা কৰি কামৰূপৰ ডেপুটী কমিছনাৰ গর্ডনে (হেমচন্দ্র গোস্বামীয়ে নামটো লিখা নাই, কিন্তু চৌধুৰীৰ পত্ৰৰ পৰা আৰু কামৰূপৰ উপায়ুক্তসকলৰ তালিকাৰপৰা গৰ্ডন বুলিয়ে ঠিৰাং কৰিব পাৰি) এটি টোকাসহ হেমকোষৰ পাণ্ডুলিপি শ্বিলঙলৈ পঠাই দিয়ে। শ্বিলঙত থকা গেইটেও হেমকোষ প্রকাশৰ সপক্ষে মত দিলে। কিন্তু আটাইবোৰ যোগাত্মক মতেৰে সৈতে প্ৰস্তাৱটো চীফ কমিছনাৰৰ টেবুল পোৱাৰ আগত পুনৰ কেইবাটাও সমস্যাই দেখা দিলে।

কামৰূপৰ উপায়ুক্তই হেমকোষ পাণ্ডুলিপিৰ লগত যিখন চিঠি পঠালে তাত এটা পৰামৰ্শও গাঁঠি দিলে। পৰামর্শটো হ'ল- 'কিতাপখন প্ৰকাশ কৰাৰ আগতে এজন উজনিৰ, এজন নামনিৰ আৰু এজন মাজ-অসমৰ মানুহৰ হতুৱাই তাক ভালকৈ চোৱাই- চিতাই সংশোধন কৰাই ছপা কৰোৱাহে ভাল। এগৰাকী উপায়ুক্তই পঠোৱা পৰামৰ্শ চীফ কমিছনাৰৰ কাৰ্যালয়ে অগ্রাহ্য কৰাৰ প্ৰশ্নই নুঠে। তদুপৰি পৰামৰ্শটো আছিল ব্যৱহাৰিক দিশৰ পৰাও গ্রহণযোগ্য। গেইটেও সেয়া কাৰ্যকৰী কৰাত মত দিলে। কিন্তু তেনে তিনিজন উপযুক্ত মানুহ বিচৰাটো সম্ভৱ নহ'লত বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰা হ'ল।

চীফ কমিছনাৰৰ কাৰ্যালয়ে বিকল্প হিচাপে অভিধানখন নগাঁৱৰ টেক্সট বুক কমিটীলৈ প্ৰেৰণ কৰি মত লোৱাৰ সিদ্ধান্ত ল'লে। সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ আগত গেইটে হেমচন্দ্র গোস্বামীক মাতি নি মত বিচাৰিলে। গোস্বামীয়ে এই প্রস্তাৱৰ ঘোৰ বিৰোধিতা কৰে। গোস্বামীৰ মতে- 'তাত অসমীয়া ভাষা ভালকৈ জনা মানুহ এজনো নাই। টেক্সট বুক কমিটীৰ ওপৰত হেমচন্দ্ৰ বৰুৱাৰ ইমান তুচ্ছ ভাব আছিল যে সেই কমিটীক তেওঁৰ কিতাপ চাবলৈ -দিব লাগিব বুলি তেওঁ পাঠ্য বিষয়ে কোনো কিতাপকে লিখিবলৈ - এৰি দিলে।

দুয়োপক্ষৰ বিপৰীত স্থিতিত গেইট বিমোৰত পৰিল। গোস্বামীয়েও বিষয়টো নিষ্পত্তি কৰিবলৈ কোনো যুক্তি নোপোৱা হ'ল। তেনে সময়তে শিলঙলৈ যোৱা তৎকালীন  অসমৰ এগৰাকী সম্মানীয় ব্যক্তি জগন্নাথ বৰুবাক গোস্বামীয়ে এ সমস্যাটো বিৱৰি ক'লে। জগন্নাথ বৰুৱাই গেইটক লগ ধৰি হেমকোষখন কোনো ধৰণৰ সম্পাদনা নকৰাকৈ অবিকল ৰূপত ছপা কৰাৰ সপক্ষে মত দিলে। তেনেতে কলিকতাৰ অসমীয়া ডেকাসকলে হেমকোষৰ কেইটামান পৃষ্ঠা আর্হি হিচাপে ছপা কৰিলে। সেয়া দেখি গেইটে ভাবিলে তেওঁলোকে হেমকোষ প্ৰকাশৰ কাম আৰম্ভ কৰিলেই যেতিয়া চৰকাৰে সেই কাম নকৰিলেও হ'ব। হেমচন্দ্র গোস্বামীয়ে কলিকতালৈ চিঠি লিখি তাৰ ছাত্ৰসকলৰ পৰা লিখিত ৰূপত চৰকাৰক দায়িত্ব দিয়া সম্পর্কত চিঠি অনোৱালে। সেয়া গেইটক দিয়াৰ পাছত গেইট পুনৰ আগৰ সিদ্ধান্তলৈ আহিল। তাতে সমস্যাৰ অন্ত নপৰিল৷ 

আকৌ এটা নতুন সমস্যাই দেখা দিলে। হেমকোষৰ শব্দসমূহৰ বানান মাইলছ ব্রনছনৰ অভিধানৰ বানানতকৈ পৃথক। হেমচন্দ্ৰ বৰুৱাই নতুনকৈ গঢ় দি লোৱা এই ন বানান-পদ্ধতি অসমীয়া ডেকাচামে আদৰি ল'লেও ব্রনছনৰ অভিধাধানক আদর্শ হিচাপে লোৱা কোনো কোনো ব্যক্তিয়ে মানি লোৱা নাছিল। তেনে মতাৱলম্বী এজন মিছনেৰীয়ে গেইটলৈ এখন চিঠি লিখি হেমকোষৰ বানান-পদ্ধতি ব্রনছনৰ অভিধান অনুসৰি হোৱা উচিত বুলি মত জনালে। গেইট পুনৰ বিপাঙত পৰিল। মিছনেৰীজনৰ যুক্তিত পতিয়ন গৈ গেইটেও সেয়া কৰা হ'ব বুলিয়ে মত দিলে। তেতিয়া হেমচন্দ্র গোস্বামীয়ে অশেষ কষ্ট ন কৰি অসমীয়া আখৰ-জোঁটনি যে উচ্চাৰণ অনুসৰি কৰাটো সম্ভৱ নহয় সেই কথা গেইটক বুজালে। গেইট গোস্বামীৰ বুজনিত মাস্তি হ'ল। এই সমগ্র পৰিক্ৰমাৰ অন্তত গেইটে অভিধানৰ ফাইলটো নি টেবুল পোৱালেগৈ৷ 

তেতিয়া অসমৰ চীফ কমিছনাৰ আছিল উইলিয়াম ওৱার্ড। ওৱার্ডে ইতিমধ্যে ১৮৮৫-৮৭ লৈ অসমৰ চীফ কমিছনাৰ হিচাপে প্রশাসন চলাইছিল। পুনৰ তেওঁ ১৮৯১-৯৬লৈ একে দায়িত্ব লাভ কৰে। ইমান দীঘলীয়া সময় দায়িত্বত থাকিলেও তেওঁ অসমৰ জাতীয় জীৱনৰ প্ৰতি বিশেষ আগ্রহ নেদেখুৱাইছিল। তেওঁ পোনচাটেই অভিধান প্ৰকাশ কৰাটো চৰকাৰৰ কাম নহয় বুলি গেইটক নিৰাশ কৰিলে। গেইটেও চেষ্টা নেৰিলে। দ্বিতীয়বাৰ চেষ্টা কৰি ওৱাৰ্ডৰ পৰা তেওঁ অনুমতি আদায় কৰিলে আৰু হেমকোষ ছপাৰ কাম আৰম্ভ হ'ল। অৱশ্যে ১৯৯৬ চনৰে শেষৰফালে হেনৰি কটনে অসমৰ চীফ কমিছনাৰ হিচাপে যোগদান কৰে। কটন সাহিত্যানুৰাগী হোৱাৰ লগতে অসমৰ প্ৰতি আন্তৰিকতা থকা ব্যক্তি আছিল। তেওঁ নিযুক্ত হোৱাৰ সময়ত জোনাকীত দেৱেশ্বৰ চলিহাই লিখিছিল- 'তেওঁৰ নিচিনা এজন মৰমীয়াল গুণী মানি আৰু সাহিত্যনুৰাগী লোকক আমাৰ দেশলৈ শাসনকৰ্ত্তা কৰি পঠোৱা বাবে আমি ভাৰত গৱৰ্নমেণ্টৰ ওচৰত কৃতজ্ঞ হ'ব লাগে। মিঃ কটন চাহাবৰ দিনত যে আমাৰ নিচলা ভাষাৰ গুৰি শকত হ'ব, আমাৰ সাহিত্য সকলোপিনে চহকী হ'ব তাত আমাৰ দৃঢ় বিশ্বাস।... মিঃ গেইট চাহাবে এতিয়া যিবিলাক সাহিত্য আৰু ভাষা সম্পর্কীয় কামত হাত দিছে তাক যেন আমাৰ মিঃ কটন চাহাবে সম্পূর্ণ অনুমোদন কৰে এই আমাৰ মিনতি।' 

কলিকতাত থকা অসমীয়া ডেকাসকলে কটনক যোগদানৰ আগেয়ে সম্বর্ধনাও জনালে। পৰবৰ্তী সময়ত কটন অসমীয়া ভাষা-সাহিত্যৰ প্রতি সহৃদয়তা প্রদর্শন কৰি সকলোৰে আস্থাভাজনো হৈছিল। গেইট আৰু গোস্বামীৰ পৰিকল্পনা আছিল হেমকোষৰ ইংৰাজী অংশটো গেইটে চাব আৰু অসমীয়াখিনি গোস্বামীয়ে চাব। কিন্তু হেমকোষ ছপাৰ কাম আৰম্ভ হোৱাৰ আগে আগে গোস্বামী ডিব্রুগড়লৈ ট্রেন্সফাৰ হ'ল। গেইটে হাৰ নামানিলে। তেওঁ হেমকোষ প্রথম ফৰ্মা শ্বিলঙৰ পৰা ডিব্ৰুগড়লৈ এখন চিঠিৰে সৈতে প্ৰেৰণ কৰিলে। ১৮৯৭ চনৰ ৩০ জানুৱাৰীত লিখা উক্ত চিঠিত তেওঁ ইংৰাজী অংশ নিজেই শুধৰণি কৰি থকাৰ কথাও জনালে। গোস্বামীক ক'লে, যিমান পাৰি সোনকালে যেন প্রুফ চাই ঘূৰাই পঠোৱা হয় ('Please revise it carefully and return the proof with the manuscript to this office at a very early date,**)। কিন্তু কামটো ভবাৰ ধৰণে খৰতকীয়া হোৱা নাছিল। তাৰ মূল কাৰণ আছিল ছপাশালত কিছুমান বৰ্ণৰ অভাৱ আৰু অসমীয়া উচ্চাৰণ বুজোৱা কিছুমান চিহ্নৰ অভাৱ। যিটো সমস্যা বিভিন্ন সময়ত কলিকতাত অসমীয়া গ্রন্থ ছপা কৰোঁতে হৈছিল। ফলত 'ব', 'ৱ'ৰ ঠাইত 'র', 'ব' দিয়েই কাম চলোৱাৰ দৰে কথা হৈছিল। কিন্তু অভিধানৰ ক্ষেত্ৰত সেইসমূহৰ লগত আপোচ কৰিলে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা নপৰে। সেয়ে গেইটে উক্ত বর্ণ বা চিহ্নসমূহ নতুনকৈ কটাই আনিছিল। 

এইবাৰ হেমকোষ মুখামুখি হ'ল আটাইতকৈ ডাঙৰ সমস্যাটোৰ। ১৮৯৭ চনৰ ১২ জুনত সমগ্র অসমজুৰি প্ৰৱল ভূমিকম্প হয়। শ্বিলঙৰ অসম সচিবালয়কে ধৰি প্ৰায়বোৰ কার্যালয় গৃহ ভাগি পৰে। হেমকোষৰ কপিও হেৰাল। হেমচন্দ্র গোস্বামীয়ে গেইটক চিঠি লেখি হেমকোষৰ খবৰ সুধিলে, গেইটে বিচাৰি পোৱা নগ'ল বুলিয়ে দুখেৰে উত্তৰ দিলে। গোস্বামী শোকত কাতৰ হৈ পৰিল। তেওঁৰ মতে- 'ভুঁইকপৰ ঠিক পিছতে লিখকৰ প্রথম পুত্ৰৰ মৃত্যু হয়; কিন্তু বৰপো মৰাত তেওঁ যিমান বেজাৰ পোৱা নাছিল, 'হেমকোষ' নষ্ট হোৱা বাতৰিত তিমান বেজাৰ পালে।' কিন্তু এমাহমানৰ পাছত গেইটে হেমকোষ পাণ্ডুলিপিটো বিধ্বস্তপ্রায় অৱস্থাত ভগা ঘৰৰ তলত বিচাৰি পালে। তেওঁ নিজহাতে জাবৰ গুচাই, খান্দি হেমকোষ বিচাৰি ফুৰিছিল। বাৰিষাৰ বোকাৰ মাজত বৰষুণত তিতি তেনেদৰে যে এগৰাকী ইংৰাজে হেমকোষ উদ্ধাৰৰ বাবে কষ্ট কৰিছিল ভাবি আচৰিত হোৱা যায়। অবশেষত প্ৰাপ্তিৰ খবৰটোৱে গোস্বামীকে ধৰি সকলো শুভাকাংক্ষীক আশ্বস্ত কৰিলে। হেমকোষ উদ্ধাৰৰ খবৰ জোনাকীতো প্রকাশ পাইছিল- 'আমাৰ পাঠকসকলে শুনি ৰঙ্গ পাব যে 'হেমকোষ' অভিধান যদিও ভুঁইকঁপে পুতি পেলাইছিল তাৰ একো হানি বিঘিনি নোহোৱা কৰি খানি পোৱা হল। কিন্তু সমগ্র অসম তেতিয়া ইমান দুর্যোগৰ মুখামুখি হৈছিল যে হেমকোষ প্ৰকাশৰ কামটো তাৰ তুলনাত গৌণ হৈ পৰিছিল আৰু কামটো ৰৈ গৈছিল।

১৮৯৭ চনত গেইটৰ বংগলৈ ট্রেন্সফাৰ হয়। ৪ নৱেম্বৰত তেওঁ অসম এৰি যায়। হেমকোষৰ কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনাও কমি যায়। গোস্বামীৰ মতে- 'মিষ্টৰ গেইটৰ প্ৰস্থানৰ লগতে 'হেমকোষ' ছপাৰ কথা একেবাৰেই তল পৰি যায়। ভুঁইকঁপত গৱৰ্নমেণ্টৰ ইমান ক্ষতি হ'ল, গৱর্নমেন্টে আকৌ হেমকোষ ছপা কৰাই উলিয়াব এনে আশাই নাছিল। এই সংকটকালত ৰিচার্ড ফিলিপ গর্ডন হেমকোষৰ লগত সংযুক্ত হয়। ইতিমধ্যে কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে গর্ডনে হেমকোষৰ পাণ্ডুলিপি চাবলৈ পাইছিল আৰু চৰকাৰলৈ প্রকাশ সম্পর্কত - চিঠিও লিখিছিল, সেয়ে তেওঁৰ সহহৃদয়তা হেমকোষ প্রতি আছিলেই। 

গেইটে অসমত জাতিতত্ত্ব (Ethnography) বিভাগৰ জন্ম দিছিল। গেইট যোৱাৰ পাছত ১৮৯৮০ এপ্রিল মাহৰ পৰা উক্ত বিভাগৰ অবৈতনিক সঞ্চালকৰ দায়িত্ব দিয়া হয় গর্ডনক। গেইটৰ আধৰুৱা কামসমূহ গর্ডনে চোৱাচিতা কৰিবলৈ লয়। সেই সূত্রে হেমকোষৰ পৰবর্তী কাম আগবঢ়াই নিয়াৰ দায়িত্বও গর্ডনৰ ওপৰতে পৰে। শ্বিলঙৰ সচিবালয়ৰ ইমানবোৰ ক্ষতি হোৱাৰ পাছতো হেমকোষ ছপাৰ কাম চৰকাৰে পুনৰ হাতত লোৱাৰ নেপথ্যত গেইট, গর্ডনৰ শুভাকাংক্ষাৰ লগতে তদানীন্তন চীফ কমিছনাৰ হেনৰি কটনৰো আগ্রহ জড়িত হৈ আছিল। গর্ডনে হেমচন্দ্ৰ গোস্বামীৰ সহযোগত হেমকোষৰ সম্পাদনা আৰম্ভ কৰিলে। কিন্তু গোস্বামী ডিব্ৰুগড়ত থকাৰ বাবে কামটো ভবাৰ দৰে সঠিক ৰূপত আগবঢ়া নাছিল।

কেৱল হেমকোষ সম্পাদনাৰ কাম সুকলমে আগবঢ়াবৰ বাবেই গর্ডনে ঊর্ধ্বতন কর্তৃপক্ষক অনুৰোধ জনাই হেমচন্দ্ৰ গোস্বামীক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ট্রেন্সফাৰ কৰাই আনে। হেমকোষ সম্পর্কীয় চর্চাত এই কথাবোৰ প্ৰায়ে অনালোচিত হৈ ৰয়। আনকি ১৯১৭ চনত গর্ডনে অসম ছাত্র সম্মিলনৰ সভাপতিৰ আসনৰ পৰা প্ৰদান কৰা ভাষণতো হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষৰ গুৰুত্ব সম্পর্কে ক'বলৈ পাহৰা নাছিল। তেওঁ কৈছিল- "হেমকোষ' তেওঁৰ ঘাই কর্ম আছিল- এইখন বৰ মূল্যবান অসমীয়া অভিধান। এই বিষয়ে মই নিজে ক'ব পাৰোঁ, কেলেইনো শ্রীযুত হেমচন্দ্র গোসাঁই আৰু মই-এই দুজন এই অভিধানৰ সম্পাদক আছিলোঁ। গর্ডন আৰু গোস্বামীয়ে এক যজ্ঞকৰ্মৰ দৰে হেমকোষ সম্পাদনাৰ কাম আৰম্ভ কৰিলে। কিন্তু সমস্যা পুনৰ ওলাল। ভুমিকম্পই শ্বিলঙৰ অসম চৰকাৰৰ ছপাশাল বিকল কৰি পেলাইছিল। তাৰ মেৰামতি হয় মানে হেমকোষৰ কাম ৰাখি থ'বলৈ তেওঁলোকে নিবিচাৰিলে। চীফ কমিছনাৰ কটনৰ নেতৃত্বত অসম চৰকাৰে হেমকোষ ছপাৰ বাবে প্ৰেৰণ কৰিলে কলিকতাৰ বেপ্টিষ্ট মিছনেৰী প্ৰেছলৈ। তাতে ছপাৰ কাম সম্পন্ন হ'ল। সেয়ে হেমকোষৰ প্ৰথম সংস্কৰণত 'Baptist Mission Press, Calcutta' বুলি লিখা আছে। লগতে লিখা আছে- 'Published under the authority of the Assam Administration'।

হেমচন্দ্র গোস্বামীয়ে লিখিছে- 'দুয়োজন যুটীয়া সম্পাদকৰ অশেষ পৰিশ্ৰমৰ ফলত ১৯০০ চনৰ আগষ্ট মাহত 'হেমকোষ'ৰ ছপা কাম শেষ হয়। হেমকোষৰ হাতে লিখা কপিখন কেনেকৈ তাপলিৰ ওপৰত তাপলি মৰা আছিল তাক পূর্বেই কোৱা হৈছে। ভূঁইকঁপত ইটা-মাটিৰ তলত অনেক দিন পৰি থকাত আৰু - বৰষুণত তিতাত, তাৰ অৱস্থা দেখিলেই জ্বৰ উঠা হৈছিল আৰু তেনেকুৱা কপিৰ লগত মিলাই অভিধানৰ নিচিনা এখন কিতাপৰ প্রুফ চোৱাটো যে কিমান টান কাম আছিল, তাক আনক বুজাবলৈ যোৱা মিছা। ... এনে এটা জাতীয় সম্পত্তিক ৰক্ষা কৰা কামত অলপ হাত-উজান দিব পৰা বাবে লিখকে নিজকো কম ভাগ্যৱান বুলি বিবেচনা কৰা নাই।' 'হেমকোষ'ৰ বেটুপাতত প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ নামৰ লগতে সম্পাদক হিচাপে গর্ডন আৰু গোস্বামীৰ নামো ছপা কৰা হ'ল। গর্ডনে ইংৰাজীত এখন পাতনি - লিখিলে। উক্ত পাতনিত তেওঁ হেমচন্দ্ৰ বৰুৱাৰ বিভিন্ন অৱদান আৰু কাৰ্যাৱলী সম্পর্কে লিখাৰ উপৰি গেইট আৰু কটনকো কৃতজ্ঞতা জনালে- 'The dictionary, which never have appeared had not it been for the exertions of Mr. Gait, Indian Civil Service, who warmly advocated its cause before the chief Commissioner. Thanks to the Hon'ble Mr. Cotton, C.S.I., I.C.S., the present Chief Commissioner of Assam, Whose leaning towards learning anf its encouragement is so well known, funds have been provided by Assam Administration. for passing the work through the press. 

কিন্তু হেমকোষৰ শেহতীয়া সংস্কৰণসমূহত সম্পাদক হিচাপে আনন্দৰাম বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ নামহে ৰখা হৈছে, গর্ডন-গোস্বামীৰ নাম আঁতৰ কৰা হ'ল। ২০০৬ চনৰ সংস্কৰণটোলৈকে গর্ডনৰ পাতনিখন আছিল; ২০১১ ৰ সংস্কৰণত সেয়াও বাদ দিয়া হ'ল। ঐতিহ্যৰ প্ৰতি সন্মানবোধ নথকা অসমীয়া জাতিয়ে 'হেমকোষ' উদ্ধাৰৰ সেই গাৰ নোম শিয়ৰি উঠা দীর্ঘদিনীয়া শ্রম আৰু ত্যাগৰ ইতিহাসক তেনেকৈয়ে বিস্মৃতিৰ গৰ্ভলৈ ঠেলি দিলে। ২০০০ চনত অসম সাহিত্য সভাই প্রকাশ কৰা 'হেমকোষ স্মৰণ' নামৰ কিতাপখনতো গেইট-গোস্বামী-গর্ডনৰ এই চাৰি বছৰীয়া শ্ৰমৰ ওপৰত আলোকপাত কৰা হোৱা নাই।

হেমকোষ প্রকাশ হোৱাৰ খবৰে স্বাভাৱিকতে শিক্ষিত অসমীয়াসকলক আনন্দিত কৰিছিল। জোনাকী আলোচনীয়ে এক ৰচনা প্রতিযোগিতাৰ আয়োজন কৰিলে আৰু তাৰ শ্রেষ্ঠ ৰচনাৰ লেখকক হেমকোষ পুৰস্কাৰ হিচাপে দিব বুলি ঘোষণা কৰিলে। যোৰহাটৰ তাৰানাথ শৰ্মাই শ্রেষ্ঠত্ব অর্জন কৰিলে। জোনাকীত লিখা হ'ল- 'এই সম্বন্ধে প্রকাশকৰ জাননীৰ উত্তৰত আমি সাতখন ৰচনা পাইছোঁ। পৰীক্ষকবিলাকে সাতখনৰ ভিতৰত যোৰহাটৰ শ্ৰীযুত তাৰানাথ শৰ্ম্মা মহাশয়ৰ ৰচনাখান বঁটাৰ যোগ্য বুলি স্থিৰ কৰিছে। তাৰানাথ শৰ্মাৰ উক্ত ৰচনাখন জোনাকীত প্রকাশো পালে। অসমৰ চীফ কমিছনাৰ কটনো হেমকোষ প্রকাশত উৎসাহিত হৈছিল। তেওঁ এইক্ষেত্রত প্রথম অৱস্থাৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থকা কলিকতাৰ অ.ভা.উ.সা. সভাৰ পুথিভঁৰাললৈ একপি হেমকোষ প্ৰেৰণ কৰিলে। জোনাকীত সেই কথাৰ শলাগো লোৱা হ'ল- 'শ্রীযুত চীফ কমিছনাৰ চাহাব বাহাদুৰে অ.ভা.উ.সা. সভাৰ পাঠাগাৰলৈ এখান হেমকোষ পুৰস্কাৰ দিছে, সেইবাবে সভাই তেওঁৰ শলাগ লৈছে।

অসমীয়া শিক্ষিত লোকসকলক হেমকোষে দিয়া আত্মবিশ্বাস আৰু প্ৰেৰণাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। অৱশ্যে এই অভিধান ডাঙৰ আৰু দামো বেছি হোৱাৰ বাবে সকলো স্কুলীয়া ছাত্ৰৰ ওচৰ পোৱাটো সম্ভব নাছিল। সেয়ে হেমচন্দ্ৰ বৰুৱাৰ ভাতৃ তুলসীৰাম বৰুৱাই দায়িত্ব লৈ ১৯০৬ চনত হেমচন্দ্র প্রণীত পঢ়াশলীয়া অভিধানখনো প্রকাশ কৰে। কলিকতাত থকা অসমীয়া ডেকাসকলে হেমকোষক লৈ ব্যস্ততা এৰি দিয়া নাছিল। তেওঁলোকে নতুন শব্দ সংগ্ৰহৰ চেষ্টাও আৰম্ভ কৰিছিল। তাৰে মাজৰ অম্বিকানাথ বৰাই ১৯১০ চনত আলোচনী (২য় বছৰ, ১৮৩২ শক) নামৰ আলোচনীখনত হেমকোষৰ পৰিশিষ্ট শিৰোনামেৰে নতুন এলানি শব্দ প্রকাশ কৰিছিল।

হেমকোষৰ এনে গভীৰ প্ৰভাৱৰ বাবে অসমীয়া মানুহে তৃতীয় এখন অসমীয়া অভিধানৰ কথা ভবা নাছিল। ইতিমধ্যে ১৯২২ চনত ৰায়চাহাব গোলাপ চন্দ্র বৰুৱাই The Ahom: Assamese-English Dictionary প্রণয়ন কৰে। এই কামত গেইট আৰু গর্ডনৰো উদগনি জড়িত হৈ আছে। আনকি অভিধানখনৰ বিষয়ে এটা সমালোচনামূলক টোকা গর্ডনে The Journal of the Royal Asiatic Society of Great Britain and Irelandত লিখিছিল (এপ্রিল, ১৯২৩)। ১৯২৩ চনতে দানবীৰ ৰাধাকান্ত সন্দিকৈৰ দুই পুত্র ক্রমে চন্দ্ৰকান্ত আৰু - ইন্দ্রকান্তৰ টাইফয়দ জ্বৰত ভুগি মৃত্যু হয়। সেই সন্দিকৈৰ পত্নী - আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ ভগ্নী নাৰায়ণী সন্দিকৈ আৰু প্রথম পুত্র হ'ল কৃষ্ণকান্ত সন্দিকৈ। পদ্মনাথ গোহাঞিবৰুৱাৰ লগত থকা নিকট সম্পৰ্কৰ বাবে তেওঁলোক অসম সাহিত্য সভাৰ প্ৰতিও আন্তৰিক আছিল। প্রয়াত দুই পুত্রৰ স্মৃতিত -ৰাধাকান্ত সন্দিকৈয়ে অসম সাহিত্য সাহিত্য সভালৈ যথেষ্ট পুঁজি আগবঢ়ায়। তাৰে চন্দ্ৰকান্ত সন্দিকৈ ভৱন নিৰ্মাণ হয় আৰু চন্দ্রকান্ত অভিধান (১৯৩৩) প্রকাশ পায়। 

চন্দ্রকান্ত অভিধানৰ পৰিকল্পনা হোৱাৰ পাছৰে পৰা অসমৰ বিদ্যৎ সমাজৰ কোনো কোনোৰ মাজত ক্ষোভ আৰম্ভ হৈছিল এইবুলি যে হেমকোষৰ দৰে অভিধান থকাৰ পাছত নতুন অভিধানৰ আৱশ্যকেই বা ক'ত? আনকি লক্ষ্মীনাথ বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত চন্দ্রকান্ত অভিধানৰ বিৰোধিতা কৰি দীঘলীয়া ব্যাখ্যা আগবঢ়ায়। তাৰে একাংশ এনেধৰণৰ- 'এই' লেচুতে, সম্প্রতি এই সভাই হাতত লোৱা এটি কাৰ্যৰ বিষয়ে একাষাৰ কথা কব খুজিছোঁ- অৱশ্যে ভয়ে ভয়ে। কাৰো মনত আঘাত দিবৰ মনেৰে নহয়। কিন্তু কিবা স্বৰূপে কেনেবাকৈ কাৰো মনত এটি আঁচোৰো যদি লাগে, তেন্তে কৰযোৰে সেইজনৰ ওচৰত মই আগেয়েই ক্ষমা মাগিছোঁ। আমাৰ অসমীয়াৰ গৌৰৱ শ্রদ্ধাস্পদ ৰায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াই ঈশ্বৰৰ ইচ্ছাত দুটি সাহিত্যনুৰাগী গুণৱন্ত পুত্র হেৰুৱালে। তেওঁলোকৰ নাম চিৰস্মৰণীয় কৰিবৰ নিমিত্তে তেখেতে মুক্তহস্তে টকাৰ এটি ডাঙৰ দান দিছে। সাহিত্য, সভাই সেই টকাৰে তেখেতৰ পুতেক দুটিৰ নামেৰে এখন ব্যাকৰণ আৰু এখন - অভিধান ৰচনা কৰিবলৈ কাৰবাৰ কৰিছে। মন খুলি ক'বলৈ গ'লে, ডাঙৰ দানটোৰ জোখাই এই কাৰ্য্যৰ দ্বাৰাই ডাঙৰ ফল লাভ হ'ব নে নহয়, মোৰ হ'লে সন্দেহ আছে। প্রথম কথা, সম্প্রতি ব্যাকৰণ আৰু অভিধানৰ যে আমি একেবাৰে দুখীয়া হৈ আছোঁ, এইটো কোনোপধ্যে মানিব নোৱাৰোঁ। অসমীয়া ভাষাত দিগগজ পণ্ডিত ডাঙৰীয়া হেমচন্দ্ৰ বৰুৱাৰ যহত সেই দুই বিষয়ত আমি চহকী। ইয়াৰ ভিতৰতে আমাৰ কলেবৰ ইমান বৃদ্ধিপ্রাপ্ত হল  যে সেই দুখনে আমাক ঢাকিবলৈ নটা হল? মোৰ হলে দেখোন মনে নধৰে। কাৰণ, মই হলে সেই দুখনকে আজিলৈকে সামৰি-সুতৰি গাত মেৰাই লব পৰা নাই- ঢিলা হৈ ওলমি-জোলমি আছে।... সেই দেখি ভয় হয়, সাহিত্যৰ চাপ্ৰাছ নোহোৱা মানুহে অভিধান প্রণয়ন কৰি ডাক দিলে, সিও যদি সাহিত্য-সাধাৰণৰ ৰাজ্যত নির্ব্বাক হয়। যদি মই ভয় কৰা কথা ঘটে, তেতিয়া দেখোন সহৃদয় পুত্রশোকাতুৰ সন্দিকৈ ডাঙৰীয়া সন্দিকৈ ডাঙৰীয়াৰ ইমানখিনি টকাৰ এই দানটোৰ মুখ্য উদ্দেশ্য বিফলে যায়। আৱশ্যক হ'লে 'হেমকোষ'তে পৰিশিষ্টস্বৰূপে নতুনকৈ সঙ্কলিত বা সংগৃহীত শব্দবোৰ লগাই দি 'হেমকোষ'ৰে কলেৱৰ বঢ়াই যাব পাৰি। 

এনে নিৰুৎসাহৰ পাছতো অসম সাহিত্য সভাৰ তদানীন্তন প্রধান সম্পাদক দেৱেশ্বৰ চলিহাৰ তত্ত্বাৱধানত ১৯৩৩ চনত ৩৬,৮১৯ টা শব্দসহ চন্দ্রকান্ত অভিধান প্রকাশ হৈ ওলাল। হেমকোষ প্রথম সংস্কৰণত শব্দ সংখ্যা আছিল ২২,৩৪৬ টা। নিঃসন্দেহে নতুন অভিধানখন হেমকোষকে আধাৰ হিচাপে লৈ প্রণয়ন কৰা হৈছিল। পাতনিত সেয়া লিখাও হ'ল- "হেমকোযেই ইয়াৰ ঘাই ধৰণী, আৰু তাৰ বিধানমতেই ইও চলিবলৈ যত্ন কৰিছে।' গৰ্ডনে লণ্ডন বিশ্ববিদ্যালয়ৰ Bulletin of the School of Oriental Studies নামৰ পত্রিকাখনত ১৯৩৫ চনত চন্দ্রকান্ত অভিধানৰ বিষয়ে এটা প্রবন্ধও লিখিলে। তাত তেওঁ হেমকোষৰ ইতিবৃত্তও উল্লেখ কৰিছে।

নতুনকৈ প্রকাশিত কেইবাখনো অসমীয়া অভিধানত যথেষ্টসংখ্যক ব্যাখ্যাচিত্র আছে। হেমকোষত একমাত্র মাছ এটাৰ চিত্ৰৰ বাহিৰে আন কোনো ব্যাখ্যাচিত্র নাই। তাৎপর্যপূর্ণ কথা এয়ে যে এই মাছৰ চিত্ৰটি ১৯০০ চনত প্রকাশিত প্রথমটো সংস্কৰণতো আছিল। অনুমান কৰিব পাৰি হেমচন্দ্ৰ বৰুৱাই হয়তো আন কিছুমান চিত্র সংযোগৰো পৰিকল্পনা কৰিছিল। কিন্তু তেওঁৰ অকাল মৃত্যুত সেয়া কার্যত পৰিণত নহ'ল। আনহাতে তেতিয়া ব্লক কাটি চিত্র প্রকাশ কৰাটো ব্যয়বহুল আৰু কষ্টসাধ্য কাম আছিল, সেয়ে গেইট, গর্ডন আৰু গোস্বামীয়ে সেয়া বাদ দিছিল। তেন্তে একমাত্ৰ মাছৰ চিত্ৰটি থাকি গ'ল কেনেকৈ? এই সম্পর্কে বিশ্বেশ্বৰ হাজৰিকাই লিখিছে- 'কিন্তু সেই সময়ত অসমত চিত্ৰকৰ নথকাত আৰু চিত্ৰ ছপোৱা খৰচ অধিক হোৱাৰ ভয়ত সেই চিত্ৰবোৰ সংযোগ কৰাৰ পৰা প্ৰকাশক বিৰত হ'ল। কেৱল হেমচন্দ্রই নিজে অঁকোৱা মাছৰ ছবিখনকে আৰ্হিৰূপে সংযোগ কৰা হ'ল। কিন্তু প্রথম সংস্কৰণৰ মাছটোৰ চিত্ৰখন নাৰাখি পাছৰ সংস্কৰণবোৰত অলপ সুকীয়া গঢ়ৰ চিত্র এখন সংযোগ কৰা হ'ল। 

হেমকোষৰ দ্বিতীয় সংস্কৰণৰ কাম হাতত লয় আনন্দৰাম বৰুৱাই। আনন্দৰাম হ'ল হেমচন্দ্ৰ বৰুৱাৰ ভাতৃ তুলসীৰাম বৰুৱাৰ পুত্র। আনন্দৰামে ১৯৪০ চনত ৮,৬৭৪ টা নতুন শব্দ সংযোজিত হোৱা হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে। এই সংস্কৰণৰ বাবে নতুন শব্দ সংগ্ৰহৰ কাম তুলসীৰাম বৰুৱাই আৰম্ভ কৰিছিল। 

তেওঁৰ মৃত্যুৰ পাছত এই কামত সহযোগিতা কৰিছিল উমাকান্ত শর্মা, গোলাপ চন্দ্র গোস্বামী আৰু বেণুধৰ শৰ্মাই। উল্লেখযোগ্য যে দ্বিতীয় সংস্কৰণত সংযোজিত শব্দসমূহৰ সংশোধনৰ কাম কৰি দিছিল স্বয়ং লক্ষ্মীনাথ বেজবৰুৱাই। সেই সম্পর্কত বেজবৰুৱাই আনন্দৰামলৈ দিয়া চিঠিত (১৫-০৬- ১৯৩৬) লিখিছিল- 'প্রয়াত হেমচন্দ্ৰ বৰুৱাই লিখি যোৱা শব্দৰ মানেত বা আখৰ-জোঁটনিত হাত দিবৰ আমাৰ অধিকাৰ নাই। ... তাত নতুন শব্দ অনেক সুমাই দিয়া হৈছে সঁচা, কিন্তু সেইদৰে দিয়া হৈছে বুলি কোৱাও হৈছে আৰু দিয়াটো অনুচিতও হোৱা নাই।”

 বেণুধৰ শৰ্মা আৰু পূৰ্ণেশ্বৰ দিহিঙ্গীয়াৰ সহযোগত ১৯৫৫ চনত হেমকোষৰ তৃতীয় সংস্কৰণ প্ৰকাশ পায়। আনন্দৰাম বৰুৱাই হেমকোষৰ চতুর্থ সংস্কৰণ প্ৰকাশৰ চেষ্টা কৰিছিল যদিও ১৯৬০ চনত তেওঁ প্রয়াত হয়। আনন্দৰামৰ পুত্ৰ দেৱানন্দ বৰুৱাৰ যত্নত ১৯৬৫ চনত হেমকোষৰ চতুৰ্থ সংস্কৰণ প্রকাশ পায়। তাৰ পৰৱৰ্তী সংস্কৰণসমূহ দেৱানন্দ বৰুৱাৰ সম্পাদনাতে প্রকাশ পাইছে। 

প্রত্যেকটো সংস্কৰণতে হেমকোষৰ পৰিৱর্ধন ঘটিছে যদিও চতুর্দশ সংস্কৰণত (২০১১) ইয়াৰ শব্দ সংখ্যা বৃহৎ পৰিমানলৈ বৃদ্ধি পায়। এই সংস্কৰণত হেমকোষৰ শব্দ সংখ্যা হয়গৈ ১,৫৪,৪২৮ টা। অসমৰ বিভিন্ন ঠাইৰ অন্ততঃ ৫০ গৰাকী পাৰদৰ্শী ব্যক্তিয়ে নতুন শব্দ সংযোজনত সহায় কৰে। পাতনিত দেৱানন্দ বৰুৱাই এয়া সবিস্তাৰে উল্লেখ কৰিছে। অৱশ্যে চতুর্থশ সংস্কৰণ প্ৰকাশৰ পাছতে দেৱানন্দ বৰুৱাৰ মৃত্যু হয়। সেয়ে ইয়াৰ পাছত হেমকোষৰ নতুন সংস্কৰণ প্ৰকাশৰ পৰিৱৰ্তে পুনর্মুদ্রণহে হৈছে।

২০২২ চনৰ ১৬ ছেপ্টেম্বৰত দেৱানন্দ বৰুৱাৰ পুত্র জয়ন্ত বৰুৱাৰ উদ্যোগত হেমকোষৰ ব্ৰেইল সংস্কৰণ প্রকাশ পায়। ইমান বৃহৎ দ্বিভাষিক অভিধানৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে প্রথম বুলি ইতিমধ্যে স্বীকৃত হৈছে আৰু এয়া এক বিশ্বৰেকৰ্ড হিচাপে 'গীনিজ ৱৰ্লড ৰেকৰ্ডছ' কর্তৃপক্ষই মান্যতা দিছে। ২০২৩ চনৰ এপ্রিল মাহত সেই সম্মান ঘোষিত হয়। এই বিশ্বৰেকর্ডে হেমকোষ সম্পর্কীয় চর্চাক পুনৰ প্ৰাসংগিক কৰি তুলিছে। অসমৰ বিভিন্ন প্রতিষ্ঠান, আনকি চৰকাৰেও এই সম্মান প্রাপ্তিত জয়ন্ত বৰুৱাক অভিনন্দন জনাইছে। এই চর্চাসমূহ সিমান গভীৰ নহ'লেও হেমকোষৰ লগত বর্তমান প্রজন্মটোক চিনাকি কৰাই দিছে। 

অৱশ্যে দুই এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত হেমকোষ সম্পর্কে 'অধিক তথ্য' দিবলৈ দি ভ্রান্তিকৰ তথ্য দিয়াও দেখা গ'ল। ইয়াৰো কাৰণ নথকা নহয়। আমাৰ ভাষাত হেমচন্দ্র গোস্বামীয়ে এশ বছৰৰ আগতে লিখা হেমকোষ নামৰ প্ৰবন্ধটোৰ বাদে হেমকোষৰ ঐতিহাসিক পৰিক্ৰমা সামৰি কোনো গভীৰ চর্চা হোৱা নাই। বৰঞ্চ কোনো কোনো ঠাইত হেমকোষ আৰু অংগাংগী অভিধান সম্পর্কে ভুল তথ্য গ্রন্থিত হৈছে। সত্যেন্দ্রনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্রন্থত লিখিছে- '১৮৯২ চনত 'পঢ়াশালীয়া অভিধান' আৰু তাৰ দুবছৰৰ পিছত 'সংক্ষিপ্ত হেমকোষ' প্রকাশ পায়' (পৃঃ ৩০৪)। সেয়ে হ'লে হেমকোষ চতুর্থখন অসমীয়া অভিধানহে হ'ব। ডিম্বেশ্বৰ নেওগে নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্রন্থত সংক্ষিপ্ত হেমকোষ প্রকাশৰ সময় ১৮৯২ চন বুলিয়ে লিখি গৈছে (পৃঃ ৩০৬)। কিন্তু সত্যটো হ'ল পঢ়াশলীয়া অভিধান তুলসীৰাম বৰুৱাৰ তত্ত্বাৱধানত ১৯০৬ চনত প্রকাশ পায়, সংক্ষিপ্ত হেমকোষ প্রকাশ নহ'লেই। 

হোমেন বৰগোহাঞিয়ে অভিধান, ব্যাকৰণ মনুষ্যত্ব ইত্যাদি প্রবন্ধত লিখিছিল- 'কাছাৰীৰ ছিৰস্তাদাৰ হেমচন্দ্ৰ বৰুৱাই চৰকাৰী কামৰ মাজতো সময় উলিয়াই সম্পূর্ণ একক প্রচেষ্টাৰে ৪০ হাজাৰ শব্দ-যুক্ত এখন অভিধান লিখি উলিয়ালে। কিন্তু বৰুৱা প্রণীত অভিধানখনৰ শব্দসংখ্যা - আছিল ২২,৩৪৬। বহুতেই আকৌ প্রণেতা হেমচন্দ্ৰ বৰুৱা আৰু সম্পাদক হেমচন্দ্ৰ গোস্বামীক একাকাৰ কৰি পেলায়। এনেদৰে - হেমকোষ সম্পর্কীয় চৰ্চাত মাজে মাজে ৰৈ যোৱা বিভ্রান্তিৰ বাবেও সম্প্রতি হোৱা কিছুমান আলোচনা ভ্রান্তিৰে আক্রান্ত হৈছে।

১৮৬৭ চনৰ পৰা আৰম্ভ হোৱা হেমকোষৰ দীঘলীয়া পৰিক্ৰমা সম্পৰ্কে অধিক চর্চা হোৱাৰ অৱকাশ আছে। উনবিংশ শতিকাৰ শৈক্ষিক-সামাজিক-ৰাজনৈতিক প্রেক্ষাপটত হেমচন্দ্ৰ বৰুৱাৰ অভিধান প্রণয়নৰ বিষয়টোৰ বিশেষ গুৰুত্ব আছে। কুৰি শতিকাত কেইবাটাও স্তৰ অতিক্ৰম কৰি আজিও প্রাসংগিক হৈ থকা হেমকোষৰ চৰ্চাই অসমীয়া ভাষা-সাহিত্য সম্পর্কীয় চর্চাত ন ন দিশ মুকলি কৰিব। হেমকোষত ঊনবিংশ শতিকাৰ মধ্যবিত্ত শ্ৰেণীৰ মাজত বর্তি থকা জাতিভেদ আৰু কৰ্মৰ ভিত্তিৰ উচ্চ-নীচ বিচাৰ কৰাৰ প্ৰৱণতা স্পষ্ট ৰূপতেই প্রকাশ পাইছিল। এই সম্পর্কে অসমীয়া জাতীয় অভিধানৰ প্রণেতা দেৱব্ৰত শৰ্মাই সবিস্তাৰে আলোচনা কৰিছে। ইয়াৰ আধাৰতো সমকালীন সমাজ-সংস্কৃতিৰ প অধ্যয়ন হ'ব পাৰে।

লেখকৰ ঠিকনা: 

মুৰব্বী, অসমীয়া বিভাগ, নর্থ লখিমপুৰ কলেজ (স্বায়ত্তসাসিত), ফোন: ৯৪৩৫১-৮৯১৭৪

পূৰ্ব প্ৰকাশঃ জুলাই, ২০২৩ সাতসৰী ২১

Post a Comment

0 Comments