* গোহাঞিবৰুৱা (১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ আৰু সাংবাদিক। স্কুলীয়া সময়ৰে পৰা সাহিত্য চর্চাৰ প্রতি আগ্রহী হোৱা হেতুকে তেওঁ বিভিন্ন বিষয়ৰ গ্ৰন্থ লিখি অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। ১৮৯১ চনত 'ভানুমতী' নামৰ উপন্যাসখন লিখি অসমীয়া সাহিত্যত উপন্যাসৰ বাট মুকলি কৰা গোহাঞিবৰুৱাই বিভিন্ন কবিতা, নাটক, ধর্মীয় গ্রন্থ আদিৰে সমৃদ্ধ কৰি থৈ গৈছে। তেওঁৰ সাহিত্যৰাজি হ'ল-
প্রকাশিত গ্রন্থসমূহঃ
- কবিতা-সংকলন: লীলা (১৮৯৯), জুৰণি (১৯০০), ফুলৰ চানেকি (১৯৪১)
- নাটক : গাঁওবুঢ়া (১৮৯৭), জয়মতী (১৯০০), গদাধৰ (১৯০৭) টেটোন তামুলী (১৯০৯), সাধনী (১৯১১), লাচিত বৰফুকন (১৯১৫), ভূত নে ভ্রম (১৯২৪), বাণৰজা (১৯৩২)
- উপন্যাস: লাহৰী (১৮৯২), ভানুমতী (গ্রন্থাকাৰে প্রথম প্রকাশ ১৯০৮)
- তত্ত্বমূলক গ্রন্থ: শ্রীকৃষ্ণ (১৯৩০), গীতাসাৰ (১৯৩৫)
- সম্পাদনা: সাহিত্য-সংগ্রহ (১৮৯৩), জীবনী-সংগ্রহ (১৯১৫)
- আত্মজীবনী : মোৰ সোঁৱৰণী (গ্রন্থাকাৰে প্ৰথম প্ৰকাশ ১৯৭১)
- পাঠ্যপুথি : ভূগোল দর্পণ (১৮৯৪), নীতি-শিক্ষা (আগছোৱা) (১৮৯৬), নীতি-শিক্ষা (মাজছোৱা) (১৮৯৮), আসামৰ বুৰঞ্জী (১৮৯৯), মহাৰাণী (১৯০০), নীতি-শিক্ষা (শেহছোৱা) (১৯০৩), ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জী (১৯০৩), বুৰঞ্জীবোধ, আদি-শিক্ষা (আগছোৱা), আদি-শিক্ষা (মাজছোৱা), আদি- শিক্ষা (শেষছোৱা), হিন্দু বুৰঞ্জী আৰু মুছলমান বুৰঞ্জী
- ব্যৱহাৰিক শিক্ষণৰ পুথি: শিক্ষাবিধি (১৮৯৭), দেশী কছৰৎ (১৯০৪)
গোহাঞিবৰুৱাৰ সংক্ষিপ্ত জীৱনী
১৮৭১- ১৬ ডিচেম্বৰত লখিমপুৰৰ নকাঁড়ী গাঁৱত জন্ম৷ জন্ম চন সম্পৰ্কে অৱশ্যে বিতৰ্ক আছে৷
- ডিচেম্বৰ মাহত লখিমপুৰৰ নিম্ন প্রাথমিক বিদ্যালয়ত পানীন্দ্রনাথ গগৈৰ সৈতে একেলগে নামভর্তি। পৰৱৰ্তী সময়ত হাইস্কুলীয়া শিক্ষাৰ বাবে শিৱসাগৰ হাইস্কুলত নামভর্তি।
- সহপাঠী কালীপ্রসাদ শর্মা কটকীৰ সৈতে শিৱসাগৰৰপৰা গৈ দুর্গাপূজাৰ সময়ত কামাখ্যাত 'অভিমন্যু বধ' নাটকৰ অভিনয় চায়।
- গুৱাহাটীত তেওঁলোকক সহযোগ কৰে গুৱাহাটীৰ নর্মাল স্কুলত শিক্ষণ প্রশিক্ষণ লৈ থকা পানীন্দ্রনাথ গগৈয়ে।
- শিক্ষাগুক চন্দ্রমোহন গোস্বামী শিৱসাগৰৰপৰা কহিমা হাইস্কুললৈ বদলি হ'লত গোহাঞিবৰুৱাও লগতে কহিমা হাইস্কুললৈ যায়।
- কহিমা হাইস্কুলত এন্ট্রেন্স পৰীক্ষাৰ কেন্দ্র নথকাত শিক্ষাগুৰু চন্দ্রমোহন গোস্বামীৰ উৎসাহত ডিব্ৰুগড়ৰ কেন্দ্ৰপৰা পৰীক্ষাত অবতীর্ণ।
- এন্ট্রেন্স পৰীক্ষাত উত্তীণ হৈ উচ্চ শিক্ষার্থে কলিকতালৈ যাত্রা। গৈয়ে অ.ভা.উ.সা. সভা আৰু 'জোনাকী'ৰ দ্বাৰা প্রভাবিত।
- কৃষ্ণপ্রসাদ দুৱৰাৰ সম্পাদনাত প্রকাশ পাবলৈ লোৱা 'বিজুলী' আলোচনীত ছোৱা ছোৱাকৈ গোহাঞিবৰুৱাৰ 'ভানুমতী' উপন্যাসৰ প্রকাশ আৰম্ভ। এইখনেই প্রথম অসমীয়া উপন্যাস।
- কৃষ্ণপ্রসাদ দুৱৰা অসমলৈ প্রত্যাবর্তন কৰাত দ্বিতীয় বছৰ প্রথম সংখ্যাৰ পৰা 'বিজুলী' আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্রহণ।
- পূজাৰ বন্ধত 'লাহৰী' উপন্যাসৰ প্রকাশ। এইখন গ্রন্থাকাৰে প্রকাশিত প্রথমখন অসমীয়া উপন্যাস।
- উচ্চ ডিগ্রী (বি.এ) লোৱাত বিফল হৈ অসমলৈ প্রত্যাবর্তন।
- পানীন্দ্রনাথ গগৈৰ সৈতে যুটীয়াভাবে সম্পাদনা কৰি অসমীয়া পাঠ্যপুথি 'সাহিত্য সংগ্রহ' প্রকাশ কৰে। এইখন গোহাঞিবৰুৱা আৰু পানীন্দ্রনাথ গগৈয়ে প্রণয়ন কৰা প্রথম পাঠ্যপুথি।
- ১৩ মে' তাৰিখে গোহাঞিবৰুৱাৰ নেতৃত্বত শিৱসাগৰ টাউনত আহোম সভাৰ জন্ম হয়।
- পানীন্দ্রনাথ গগৈৰ সৈতে লগ লাগি শিৱসাগৰৰ আর্হিৰে লখিমপুৰত আহোম সভা গঠন।
- কহিমা চৰকাৰী ইংৰাজী স্কুলত প্রধান শিক্ষক হিচাপে যোগদান।
- কহিমাত গোহাঞিবৰুৱাৰ নেতৃত্বত 'কহিমা সাহিতা সভা' প্রতিষ্ঠা। কহিমাত অ.ভা.উ.সা. সভাৰ এটা শাখা প্রতিষ্ঠা।
- কহিমাৰপৰা আহি তেজপুৰৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ হিচাপে যোগদান।
- শিক্ষা সঞ্চালক জে. উইলচনৰ প্ৰেৰণাত গোহাঞিবৰুৱাৰ 'শিক্ষানিধি' গ্ৰন্থখনৰ প্রকাশ। এইখনেই অসমীয়া ভাষাত শিক্ষণ সম্পর্কীয় প্রথম কিতাপ।
- প্রথমা পত্নী লীলাৱতী দেবীৰ মৃত্যু।
- অভিন্ন বন্ধু পানীন্দ্রনাথ গগৈৰ মৃত্যু।
- তেজপুৰত 'অসম চেন্ট্রেল প্রেছ' প্রতিষ্ঠা।
- অসম বস্তি' কাকতৰ প্ৰকাশ আৰম্ভ। চৰকাৰী চাকৰিত থকাৰ বাবে 'বন্তি’ সম্পাদনাত পোনপটীয়াকৈ অংশ ল'ব নোৱাৰিছিল যদিও গোপনে সক্রিয়ভাবে কাকতখনৰ কামত জড়িত হ'ল। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত সম্পাদক হিচাপে লিখিতভাবে নাম প্রকাশ।
- অসম চীফ কমিছনাৰ বেম্পফিল্ড ফুলাৰ আৰু শিক্ষা সঞ্চালক মিঃ বুথৰ নিৰ্দেশত দেশী কছৰতৰ শিক্ষা গ্রহণ কৰি মেনুৱেল লিখিবলৈ ছয় মাহৰ বাবে মধ্য প্রদেশৰ নাগপুৰলৈ যাত্রা।
- প্রথম কন্যা নির্মলা সুন্দৰী দেৱীৰ জন্ম। পৰৱৰ্তী সময়ত তেওঁৰ সিদ্ধশ্বৰ বৰগোহাঞিৰ লগত বিয়া হয়।
- 'দেশী কছৰৎ' গ্রন্থ প্রণয়ন কৰি নাগপুৰৰপৰা তেজপুৰলৈ প্রত্যাবর্তন। ইতিমধ্যে অসম চৰকাৰে নর্মাল স্কুলসমূহ বন্ধ কৰি দিয়াত গোহাঞিবৰুৱাক তেজপুৰ হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়ে।
- চীফ কমিছনাৰ বেম্পফিল্ড ফুলাৰে অসমৰ বিদ্যালয়ৰপৰা বাংলা ভাষা সম্পূর্ণ বিতাড়িত কৰি অসমীয়া পাঠ্যপুথি নিগাজী কৰে। এইক্ষেত্রত গোহাঞিবৰুৱাই প্ৰণয়ন কৰা পাঠ্যপুথিসমূহৰ অৱদান উল্লেখযোগ্য।
- কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশ্নকাকত কাটোতা আৰু উত্তৰ বহী মূল্যায়ন কৰোতা হিচাপে দায়িত্ব লাভ। ১৯৩৩ চনলৈ সেই দায়িত্ব পালন।
- শ্বিলঙৰ অসম সচিবালয়ৰ ছপাশালৰ পৰা 'দেশী কছৰৎ' গ্ৰন্থখনৰ প্রকাশ।
- তেজপুৰ লোকেল বৰ্ডৰ আহোম প্রতিনিধি নির্বাচিত। ১৯৩৫ চনলৈকে এই দায়িত্বত থাকে।
- গোহাঞিবৰুৱাৰ সম্পাদনাত 'ঊষা' (১৯০৬-১৯১২) আলোচনীৰ প্রকাশ আৰম্ভ।
- ৮৩ বছৰ বয়সত পিতৃ ঘিণাৰাম গোহাঞিবৰুৱাৰ মৃত্যু।
- শিক্ষকতাৰপৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ।
- ভাৰত চৰকাৰৰ সাহিত্যিক পেন্সন লাভ। এই পেন্সন অনুমোদন কৰে লণ্ডনৰ ব্ৰিটিছ চৰকাৰে।
- বি.এ. পর্যন্ত কলিকতা বিশ্ববিদ্যালয়ে অসমীয়া বিষয়টো অন্তর্ভুক্ত কৰে। এইক্ষেত্রত বিশেষ অবদান থকা ব্যক্তিকেইগৰাকী হ'ল- কটন কলেজৰ অধ্যক্ষ চুডমার্চন, ব্রহ্মপুত্র উপত্যকাৰ কমিছনাৰ পি.আৰ.টি. গর্ডন, হেমচন্দ্র গোস্বামী আৰু পদ্মনাথ গোহাঞিবৰুৱা।
- অসম বিধান মণ্ডল (কাউন্সিল) লৈ আহোম সম্প্রদায়ৰ মাজৰ পৰা সদস্য মনোনীত।
- গোহাঞিবৰুৱা সম্পাদিত 'জীবনী সংগ্রহ' গ্রন্থখনৰ প্রকাশ।
- অসম বিধানমণ্ডলৰ সদস্য হোৱাৰ পাছত প্রথমবাৰৰ বাবে লখিমপুৰ যাত্রা। লখিমপুৰৰ ৰাইজৰ বিপুল সম্বর্ধনা।
- অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত প্রথমখন অধিবেশনত সভাপতিত্ব।
- এক জানুৱাৰীৰ দিনা অসম চৰকাৰৰ দ্বাৰা 'ৰায়চাহাব' খিতাপ প্রদান।
- অসম চৰকাৰে দিয়া তেজপুৰৰ 'অনাৰেৰী মেজিস্ট্রেট'ৰ পদ গ্রহণ।
- ডিব্রুগড়ত অনুষ্ঠিত অসম ছাত্র সম্মিলনীৰ তৃতীয় বার্ষিক অধিবেশনত সভাপতিত্ব।
- বৰপেটাত অনুষ্ঠিত অসম এছোচিয়েছনৰ সভাত সভাপতিত্ব।
- 'আসাম প্রাদেশিক কাউন্সিললৈ উত্তৰ লখিমপুৰ সাধাৰণ সমষ্টিৰপৰা নিৰ্বাচিত।
- তেজপুৰত অনুষ্ঠিত অসম শিক্ষক সম্মিলনৰ প্ৰথম অধিবেশনৰ সভাপতি।
- তেজপুৰত গোহাঞিবৰুৱাকে প্রমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে মহাত্মা গান্ধীক আদৰণি জনায়।
- ৪ নৱেম্বৰত তেজপুৰ মিউনিচিপালিটীৰ চেয়াৰমেন নির্বাচিত।
- দ্বিতীয়া কন্যা দুর্বা আইদেউৰ হৰিনাথ গগৈৰ সৈতে বিয়া হয়।।।
- সাত গৰাকী কন্যা সন্তানৰ পাছত পুত্র মুনীন্দ্রনাথ গোহাঞিবৰুৱা (দেউতাকণ)ৰ জন্ম।
- ৯৫ বছৰ বয়সত মাতৃৰ বিয়োগ।
- গোহাঞিবৰুৱা হার্ণিয়া ৰোগত আক্রান্ত।
- ব্রিটিছ চৰকাৰে 'ৰায়বাহাদুৰ' খিতাপ প্রদান কৰে।
- শিৱসাগৰত অনুষ্ঠিত সদৌ অসম আহোম এছোচিয়েছনৰ সভাত সভাপতিত্ব। দীর্ঘদিন ধৰি সভাপতি হিচাপে দায়িত্ব বহন।
- ২৮ আগষ্ট তাৰিখে বেণুধৰ শৰ্মালৈ চিঠি লিখে যে তেওঁৰ ৰচনাৱলীৰ (গোহাঞি বৰুৱা গ্ৰন্থাৱলী) ৭টা খণ্ড কলিকতাৰ প্ৰেছত ছপোৱাৰ কাম আৰম্ভ হৈছে৷ কিন্তু দুৰ্ভাগ্যৰ কথা, গোহাঞিবৰুৱাৰ এই গ্ৰন্থাৱলীবোৰৰ এটা খণ্ডও বৰ্তমান বিচাৰি পোৱা নাযায়৷ কেৱল অসম প্ৰকাশন পৰিষদে ১৯৭১ চনত কৰা ৰচনাৱলীখনহে এতিয়া উপলব্ধ৷
- এপ্রিল মাহত দেহাবসান।
পদ্মনাথ গোহাঞিবৰুৱাৰ বিষয়ে কিছু কথা
- শিক্ষকতা
- পাঠ্যপুথি প্রণয়ন
- শিক্ষা ব্যৱস্থাৰ জৰিয়তে ভাষিক জাতীয়তা প্রতিষ্ঠাৰ চেষ্টা
- চৰকাৰী শিক্ষানীতি নির্ধাৰণত সহযোগিতা
- কলিকতা বিশ্ববিদ্যালয়ৰ প্রশ্নকাকত প্রস্তুত কৰোঁতা আৰু পৰীক্ষক হিচাপে আৰু শিক্ষণ--কলা সম্পর্কীয় চর্চা আৰু গ্রন্থ প্রণয়ন।
- প্রথম প্ৰকাশৰ চনটো ১৯১৫ৰ পৰিৱৰ্তে ১৯২৫ বুলি ছপা কৰিলে।
- কিতাপখন গোহাঞিবৰুৱাই উচৰ্গা কৰিছিল তদানীন্তন চীফ কমিছনাৰ ছাৰ আৰ্চডেল আলৰ প্রতি। তাৰ বাবে তেওঁ আর্লব লিখিত অনুমতি লৈছিল আৰু আর্লে বিশেষ পৃষ্ঠাটো চায়ো দিছিল।** আর্লৰ ফটোও প্রকাশ পাইছিল। কিন্তু প্রকাশন পৰিষদে উচৰ্গা পৃষ্ঠা আৰু আৰ্লৰ ফটো দুয়োটা নোহোৱা কৰিলে।
- গোহাঞিবৰুৱাৰ পাতনিখনো বাদ দিয়া হ'ল। অথচ পাতনিখন অবিহনে গ্রন্থখনৰ ঐতিহাসিক গুৰুত্ব বুজাটো সম্ভব নহয়।
- প্রথম সংস্কৰণত প্রকাশ পোৱা বহুকেইগৰাকী ব্যক্তিৰ জীবনী প্রকাশন পৰিষদৰ সংস্কৰণত বাদ দিয়া হ'ল। তেওঁলোক হ'ল- ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, গোপালকৃষ্ণ গোখলে, গোলাপচন্দ্র বেজবৰুৱা, হেনৰি কটন, জয়মতী কুঁৱৰী, জেনেৰেল বুথ, ডাক্তৰ আওবঙ্গশ্যা, ডব্লিউ, টি. স্টেড, পূর্ণানন্দ বুঢ়াগোহাঁই, পূর্ণানন্দ বৰুবা, বঙ্গিমচন্দ্র চট্টোপাধ্যায়, মহাৰাণী ভিক্টোৰিয়া, মহাৰাজ নৃপেন্দ্রনাৰায়ণ, মুন্সী মচিয়ৎউল্লা, লক্ষ্মীনাথ কাকতী, লম্বোদৰ বৰা, লাচিত বৰফুকন, সপ্তম এডোবার্ড আৰু গদাধৰ সিংহ।
- প্রকাশন পৰিষদে ভালেকেইগৰাকী ব্যক্তিব জীবনী গ্রন্থখনত নতুনকৈ সন্নিবিষ্ট কৰিলে। ডাঙৰ কথাটো হ'ল তাত পদ্মনাথ গোহাঞিবৰুৱাৰ জীবনীও সোমাল। অর্থাৎ গোহাঞিবৰুৱাই নিজে সম্পাদনা কৰা জীবনী গ্রন্থত নিজৰো জীবনী সংকলিত কৰা হ'ল। এতিয়া কথা হ'ল, গোহাঞিবৰুৱাৰ মৃত্যুৰ পাছত জীৱনী সংগ্রহখন অবিকল ৰূপত প্রকাশ কৰা হ'লে তাৰ ঐতিহাসিক মূল্য ৰক্ষিত হ'লহেঁতেন। যদি তাক সংশোধন আৰু পৰিৱর্ধন ঘটোৱা হৈছে, তাৰবাবে আন এজন সম্পাদক থকাটো জৰুৰী আছিল। নতুন সম্পাদকে সংযোগ-বিয়োগ সম্পর্কে ন্যায়সংগত ব্যাখ্যাৰে এখন পাতনি লিখাৰ প্রয়োজন আছিল। পিছে সেইবোৰ একো নকৰাকৈ গ্রন্থখন প্রকাশ কৰা হ'ল আৰু কেইবাবাৰো পুনৰ মুদ্রণো কৰা হ'ল।
শ্ৰী কৃষ্ণ গ্ৰন্থৰ বিষয়ে
কৃষ্ণক ভগৱানৰ শাৰীৰ পৰা আনি মানৱীয় দৃষ্টিভংগীৰে লৌকিক ৰূপত চাবলৈ যত্ন কৰা হৈছে৷
কৃষ্ণ চৰিত কাল্পনিক নে বাস্তৱিক, সেয়া বিচাৰ কৰা কৰা গ্ৰন্থখনৰ আন এটি উদ্দেশ্য৷
পৌৰাণিক তথ্যৰ ভেঁটিত আধুনিক চিন্তা আৰু বিশ্লেষণেৰে কৃষ্ণ চৰিত্ৰটোক বিশ্লেষণ কৰা হৈছে৷
কৃষ্ণ চৰিত্ৰটো আখ্যান নে উপাখ্যান? ই উপন্যাসধৰ্মী নে ইতিহাসশ্ৰয়ী?
নে ই জনশ্ৰুতি?
শ্রীকৃষ্ণ গ্ৰন্থৰ ভাষা তেওঁৰ পূৰ্বৰ সাহিত্যসমূহৰ তুলনাত অধিক প্রাঞ্জল আৰু শক্তিশালী। বিষয়বস্তুৰ গাম্ভীর্য, ব্যাপকতা আৰু বৈচিত্র্যৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰীকৃষ্ণগ্ৰন্থাৱলীক গোহাঞিবৰৱাৰ শ্ৰেষ্ঠ সৃষ্টি ৷
শ্রীকৃষ্ণ গ্ৰন্থখন মুঠ তিনিটা খণ্ডত ৰচনা কৰি প্ৰকাশ কৰা হৈছে- 'আদ্যলীলা খণ্ড', 'মধ্যলীলা খণ্ড' আৰু 'অন্ত্যলীলা খণ্ড'। এই গ্রন্থাৱলীখন সমান্তৰালভাৱে একে সময়তে দুই তৰপীয়া ৰীতিত ৰচিত। প্ৰথমতে, গোহাঞিবৰুৱাই কৃষ্ণৰ সমগ্ৰ জীৱনীক উপন্যাসোপম ৰূপত গঢ়ি তুলিছে। দ্বিতীয়তে, এনে উপন্যাসোপম ৰচনাৰ অন্তৰে অন্তৰে তেওঁ ব্যৱহাৰ কৰা পাদটীকাবোৰে গ্ৰন্থখনক তথ্যসমৃদ্ধ আৰু বিচাৰ-বিশ্লেষণমূলক গ্ৰন্থৰ মাত্ৰা প্ৰদান কৰিছে।
গোহাঞিবৰুৱাৰ শ্রীকৃষ্ণ গ্রন্থ ৰচনাৰ উদ্দেশ্য আছিল বিভিন্ন অলৌকিক আখ্যান- কিংবদন্তীৰে ঢাক খাই ঈশ্বৰৰ শাৰীলৈ উন্নীত হোৱা শ্রীকৃষ্ণৰ চৰিত্ৰৰপৰা অলৌকিকতা আঁতৰাই যুক্তিৰে আদৰ্শবান আৰু অনন্য ব্যক্তিত্বসম্পন্ন ঐতিহাসিক পুৰুষ হিচাপে প্রতিষ্ঠা কৰা। এই কথা তেওঁ আদ্যলীলা খণ্ডৰ পাতনিত কৈছে-'... ভগবান শ্রীকৃষ্ণক বুৰঞ্জীৰ ভেটিত আসন দিয়াটো এই 'শ্রীকৃষ্ণ'ৰ প্ৰথম উদ্দেশ্য। ভগৱানৰ চৰিত্ৰ-কাহিনী নানা গ্রন্থত নানা অংশত নানাভাবে নিহিত ৰৈছে; সেই অংশৰাখি সন্তুলিত কৰি পুঞ্জাকাৰকৈ প্ৰচাৰ কৰাটো শ্রীকৃষ্ণ দ্বিতীয় উদ্দেশ্য।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৫১৭)
আদ্যলীলা খণ্ড:
পদ্মনাথ গোহাঞিবৰুৱাই 'শ্রীকৃষ্ণ' ৰচনা কৰিবলৈ লোৱাৰ সময়ত শ্রীকৃষ্ণক ঐতিহাসিক পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অসমীয়া সাহিত্যততো হোৱাই নাছিল, বৰঞ্চ ভাৰতীয় আন আন ভাষাৰ সাহিত্যতো সি অতি বিৰল আছিল। অলৌকিকতাৰ আশ্চৰ্যৰে যুগৰ পাছত যুগ ধৰি অসমীয়া মানুহে আৰাধনা কৰি অহা ঈশ্বৰ পুৰুষজনৰ পৰা এই অলৌকিকতাসমূহ আঁতৰাই পেলোৱাৰ সাহস তবধ মানিবলগীয়া।
গোহাঞিবৰৱাই শ্রীকৃষ্ণক ঐতিহাসিক পুৰুষ আৰু শ্রীকৃষ্ণ সম্পর্কীয় সকলো কাহিনীক ইতিহাস (তেওঁৰ ভাষাত 'আখ্যান') বুলিয়েই মানিছিল- 'কৃষ্ণ-চৰিত আমি একে-আষাৰে আখ্যান বুলি ডাঠি কওঁ।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.- ৫১৯) ইয়াৰ আগেয়ে বংকিমচন্দ্ৰই ঐতিহাসিক কৃষ্ণ ৰচনাত হাত দিছিল। হয়তো গোহাঞিবৰুৱাই তেওঁৰ অনুকৰণতেই অসমীয়াত শ্রীকৃষ্ণ প্রণয়ন কৰিবলৈ লৈছিল।
'আদ্যলীলা খণ্ড'ত গোহাঞিবৰুৱাই শ্রীকৃষ্ণৰ বংশৰ পূৰ্ব পৰিচয়ৰপৰা আৰম্ভ কৰি চৈধ্য বছৰীয়া শ্রীকৃষ্ণৰ বলৰাম আৰু অক্রুৰ সহিতে মথুৰাগমনলৈকে সামৰি লৈছে। 'আদ্যলীলা খণ্ড'ৰ 'উপক্রমণিকা' অংশ অতি গুৰুত্বপূর্ণ। ইয়াত লেখকে প্রাচ্য-পাশ্চাত্যৰ বিভিন্ন পণ্ডিতৰ মতামত আৰু ৰামায়ণ, হৰিবংশ, পুৰাণআদি প্রাচীন পুথিত প্রাপ্ত তথ্যক চালি-জাৰি কোনোটোক খণ্ডন কৰিছে আৰু আন কোনোটোক যুক্তিসহ প্রতিষ্ঠা কৰিছে।
তদুপৰি, কৃষ্ণ চৰিত্ৰৰ সৈতে ভাৰতৰ বুৰঞ্জীৰ বিভিন্ন আনুষংগিক প্রসংগ আৰু সমল কিদৰে ওতঃপ্রোতভাবে সাঙোৰ খাই আছে আৰু কৃষ্ণ চৰিত্ৰৰ বাস্তৱতা নুই কৰিবলৈ গ'লে কামৰূপকে ধৰি সমগ্ৰ ভাৰত বুৰঞ্জীৰ বহু কথাই যে ইফাল-সিফাল হ'ব, সেই কথা যুক্তিসহকাৰে তুলি ধৰিছে।
শ্রীকৃষ্ণ যে প্রকৃততে এজন আদর্শবান ঐতিহাসিক পুৰুষ, সেই কথা গোহাঞিবৰৱাই 'উপক্রমণিকা' অংশত অতি নিৰহ-নিপানীকৈ প্ৰতিপন্ন কৰিব পাৰিছে। সমগ্র আদ্যলীলা খণ্ডকে গোহাঞিবৰুৱাই ওঠৰটা অধ্যায়ত ভাগ কৰিছে। আকৌ সেই অধ্যায়বোৰকো সৰু সৰু ছেদত ভাগ কৰি শ্ৰীকৃষ্ণৰ জন্মৰ পৰা চৈধ্য বছৰলৈকে এই কালছোৱাৰ প্রতিটো ঘটনা-পৰিঘটনাই সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰিছে।
তেওঁ কৃষ্ণৰ গাৰ পৰা অলৌকিকতা আঁতৰাবলৈ নিজস্ব বিচাৰ আৰু যুক্তি প্রয়োগ কৰাটো উল্লেখযোগ্য কথা। প্রতি পৃষ্ঠাৰ তলে তলে প্রাচীন সংস্কৃত পুথিত সেইকথা কিদৰে বৰ্ণোৱা হৈছে, তাৰো আভাস পাদটীকাৰ সহায়ত দিছে। সেয়েহে গোহাঞিবৰুৱাৰ এই গ্রন্থ চিন্তাশীল পাঠক আৰু সাধাৰণ সাহিত্যবসিক উভয়ৰ বাবেই সুখপাঠ্য। পাদটীকাবোৰৰ পৰা এজন চিন্তাশীল পাঠকে চিন্তা কৰিবলৈ বা মূল বিচাৰিবলৈ যিদৰে আগ্রহী হ'ব পাৰে; সেইদৰে পাদটীকা বাদ দি লেখকৰ মূল বর্ণনা পঢ়িও সাধাৰণ পাঠকে সমানেই আনন্দ লভিব পাৰে।
প্রথম অধ্যায়ৰ দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম ছেদত একাদিক্রমে মথুৰা, গোকুল, ব্ৰজ আৰু বৃন্দাবনৰ ভৌগোলিক আৰু প্ৰাকৃতিক পৰিচয় দিছে। লগতে সেইবোৰত বাস কৰা মানুহৰ সামাজিক-অর্থনৈতিক পৰিচয় এটাও গোহাঞিবৰুৱাই দিছে। যমুনা নদীৰ পাৰৰ এই ঠাইবোৰৰ বৰ্ণনা দিওঁতে বাজকীয় ভাবনাৰ সাজযোৰ খুলি তেওঁ অতি স্বাভাৱিক কৰি তুলিছে। প্রাচীন পুথিত বৃন্দাবনৰ যমুনাত বাস কৰা কালীয় নাগ বংশৰ যি কথা আছে, তাক গোহাঞিবৰুৱাই বাস্তৱ ভিত্তি দিবলৈ নাগসকলক বনত বাস কৰা এটা মানুহৰ জাতি বুলি অভিহিত কৰিছে। ইয়াৰ সত্যতা প্রমাণ কৰিবলৈ গৈ তেওঁ পঞ্চম আধ্যাৰ দ্বিতীয় ছেদৰ পাদটীকাত উল্লেখ কৰিছে যে পুৰাণ আৰু হৰিবংশত নাগবংশৰ বাসস্থান কালিন্দী নদীৰ বুকু হৃদ বুলি উল্লেখ আছে। কিন্তু নদীৰ বুকুত হৃদ থকাটো অতি অসম্ভৱ কথা। (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৫৪৮)
নাগজাতিৰ বৰ্ণনা দিবলৈ গৈ গোহাঞিবৰুৱাই উল্লেখ কৰা বৰ্ণনাৰপৰা অনুমান কৰিব পাৰি যে সম্ভৱতঃ নাগসকল অনার্য আছিল। তেওঁলোকৰ অনুন্নত জীৱন-প্রণালীৰ বাবে তেওঁলোকক হীন বুলি ভবা হৈছিল- 'বৃন্দাবনৰ মাজে মাজে কেইজাতমান বন- মানুহৰ বসতি আছিল; তাৰ মাজত নাগ নামে এজাত বৰ প্ৰতাপী আৰু ভীষণ প্রকৃতিৰ মানুহ আছিল। সিহঁতে আদিতে মথুৰাৰ আশে-পাশে বসতি কৰিছিল; পিচে, আৰ্য্য জাতিয়ে সিহঁতক তাৰপৰা নিলগাই খেদি, সিহঁতৰ দখলত থকা সাৰুৱা মাটিবোৰ কাঢ়ি লোৱাৰ লগতে মধুবন বা মথুৰা ৰাজ্য আৰ্য্যৰ অধিকাৰলৈ আহে। তাৰ পাচত, সেই খেদা-খোৱা বনমানুহবিলাকে বৃন্দাবনৰ মাজে মাজে ঠাইল'লেগৈ। তেতিয়াৰপৰাই নাগ জাতি প্রমুখ্যে এই বনমানুহবিলাক বৃন্দাবনৰ আদিবাসী মানুহ।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৫৩০)
গোহাঞিবৰৱাই বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, বায়ু পুৰাণ, কাশ্মীৰৰ বুৰঞ্জী আদি বিভিন্ন উৎসৰপৰা প্ৰাপ্ত তথ্য চালি-জাৰি চাই শ্রীকৃষ্ণৰ জন্মৰ সময় ১৯২৯ চনৰপৰা ৫৪২৯ বছৰৰ আগৰ বুলি নির্ণয় কৰিছে। এই ঘটনাৰ লগত জড়িত সকলোবোৰ অলৌকিক প্ৰসংগকে আঁতৰাই ৰাখিছে। বসুদেৱক নন্দৰ ঘৰৰপৰা তেওঁৰ একেদিনাই জন্মা কন্যা সন্তানৰ সৈতে কৃষ্ণৰ সাল-সলনি কৰাৰ ক্ষেত্ৰত অত্যাচাৰী ৰজা কংসৰ প্ৰতি ক্ষোভিত নাগজাতিৰ মানুহেহে সহায় কৰা বুলি তেওঁ উল্লেখ কৰিছে। পাদটীকাৰ বাহিৰে উপন্যাসোপম অংশত তেওঁ যোগমায়াৰ নাম আৰু ইয়াৰ সৈতে জড়িত কোনো অলৌকিক কথাই উল্লেখ কৰা নাই।
গোহাঞিবৰুৱাই কৃষ্ণৰ সৈতে গোকুলবাসীৰ সম্পৰ্ক এটি মৰমলগা শিশুৰ প্রতি মানুহৰ যি সাধাৰণ মোহ, তাকহে তুলি ধৰাৰ চেষ্টা কৰিছে। ভক্ত আৰু ভগৱানৰ সম্পৰ্কৰ কথা তেওঁ কোৱা নাই। সেইদৰে পুতনাই গাখীৰ খুৱাই কৃষ্ণৰ প্ৰাণ ল'বলৈ কৰা চেষ্টাক তেওঁ স্বাভাৱিক নৰিয়া বুলিহে কৈছে। সহজ-সৰল গোকুলবাসীয়ে ইয়াক ৰাক্ষস- অপদেৱতাৰ কাৰ্য বুলি বিশ্বাস কৰিছিল বুলি তেওঁ ক'ব খোজে।
গোহাঞিবৰৱাৰ মতে, 'শ্রীকৃষ্ণ মানুহেই, কিন্তু তেওঁ সাধাৰণ মানুহ নহয়- তেওঁ অনন্য সাধাৰণ মানুহ। বাস্তৱতে, চালুকীয়া কৃষ্ণত অতিস্ফূর্তি, অতিপ্রীতি, অতিতুষ্টি, অতিবল, অতিদৃষ্টি, অতিভক্তি, অতিআশা, অতি-আকাঙ্খা ইত্যাদি অতিচাৰ গুণাৱলী সন্নিৱিষ্ট দেখি তেওঁৰ প্রতি অতিপ্রাকৃতিক আৰু অলৌকিক ভাব মানৱ অন্তৰত অযাচিতে উদ্ভাসিত হয়। এতেকে, সেই ভাব নন্দ-যশোদা প্রমুখ্যে ব্রজবাসীৰ অন্তৰত থিত্ লোৱাটো নিচেই স্বাভাৱিক। বিশেষকৈ, এই দৈৱকীনন্দন বাসুদেরক ভাবী কংসাৰী বুলি যিসকলে আগৰেপৰা আভাস আৰু সম্ভেদ পাই আহিছে, সি সকলৰ পক্ষে সেইভাব ততোধিক স্বাভাবিক।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৫৪৬)
গোহাঞিবৰুৱাই শ্রীকৃষ্ণৰ গোপিনীসকলৰ সৈতে ৰাসলীলাকো নৃত্য-গীত, ৰং- ধেমালিৰে পৰিপূর্ণ স্বাভাৱিক প্রণয়ৰ ৰূপ দিছে। মনোমুগ্ধকৰ, প্ৰখৰ বুদ্ধিসম্পন্ন আৰু সর্বজনপৰিচিত এজন পুৰুষৰ প্রতি নাৰীৰ আকর্ষণ অতি স্বাভাৱিক ৰূপেই তেওঁ দেখুৱাইছে আৰু ৰাসলীলা সম্পর্কীয় অলৌকিক কথাবোৰক তেওঁ পাৰ্যমানে বাস্তব রূপ দিবলৈ চাইছে। শংখচূড় (বনমানুহ) বধ, কেশী (ঘোঁৰাচানেকীয়া সিংহ বা জেব্রা) বধ, ব্যোমাসুৰ (বনমানুহসদৃশ চোৰ) বধ আদিকো স্বাভাবিক ৰূপ দিয়া হৈছে। ৰাসযাত্রা, দৌলযাত্রা কৰি বৃন্দাবনবাসীৰ মনত আনন্দ দিয়া কৃষ্ণ মানৱ পুৰুষ হ'লেও তেওঁ যে সাধাৰণ মানৱ নহয়, সেই কথা গোহাঞিবৰুৱাই আদ্যলীলা খণ্ডত প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিছে।
কংসই ধনুর্যজ্ঞৰ দোহাই দি অসুৰক ৰাম-কৃষ্ণক আনিবলৈ বৃন্দাবনলৈ পঠিওৱা, পিতৃ নন্দৰ সাহায্যত বাম-কৃষ্ণই কংসব বিপক্ষে সামৰিক শক্তিসহ সাজু হৈ মথুৰালৈ গমন কৰা আদি দিশবোৰো অতি বাস্তৱ ৰূপত ফুটি উঠিছে। অৱশ্যে বাসুদেৱ-দৈৱকীৰ বিয়াৰ সময়ত হোৱা আকাশবাণী, কৃষ্ণৰ সান্নিধ্য পাবলৈ আশা কৰি গোপিনীসকলৰ কাত্যায়নী ব্রত পালন, বৃন্দাবনলৈ ৰাম- কৃষ্ণক আনিবলৈ যোৱা অক্ৰুৰে পাৰত ৰথত বহি থকা ৰাম-কৃষ্ণক পানীত বুৰ মাৰি কালিন্দীৰ বুকুত দেখা আদিৰ পৰা অলৌকিকতাৰ সাজযোৰ খুলি পেলোৱাৰ যত্ন কৰিলেও তাৰ উপযুক্ত বাস্তব ভিত্তি আৰু যুক্তি প্রতিষ্ঠা কৰিব পৰা নাই।
মধ্যলীলা খণ্ডঃ
শ্রীকৃষ্ণৰ মধ্যলীলা খণ্ডত কৃষ্ণৰ ১৫ বছৰৰ পৰা ৭০ বছৰ বয়সলৈকে মাজৰ সময়ছোৱা তুলি ধৰা হৈছে। 'শ্রীকৃষ্ণলীলা' মর্ত্যলোকত আদর্শ মানৱ-চবিত্র। সেই আদর্শ চৰিত্ৰবৃক্ষৰ আদ্যলীলাছোৱাত তাৰ গা-গছ গঠন। (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ. ৬১১)। সমগ্র মধ্যলীলা খণ্ড গোহাঞিবববাই ৪৯ টা আধ্যাত ভাগ কৰিছে। আকৌ প্রতিটো আধ্যাকে কিছুমান ছেদত ভাগ কৰি লৈছে। ৰাম-কৃষ্ণই গো-পালক কেইজনমানক লৈ ছদ্মৱেশেৰে মথুৰা নগৰত প্ৰৱেশ কৰাৰ পৰা আৰম্ভ কৰি কুৰুক্ষেত্ৰ ৰণৰ পৰিকল্পনা আৰু অনিৰুদ্ধ নিৰুদ্দেশ হোৱাৰ বাতৰি অহাত কিছুদিনৰ বাবে দ্বাৰকাপুৰীলৈ যাবলৈ সাজু হোৱালৈকে এই খণ্ডত সামৰি লোৱা হৈছে।
মধ্যলীলাৰ পাতনিত পদ্মনাথ গোহাঞিবৰুৱাই এই খণ্ডত অলৌকিকতাক প্রায় এৰাই চলা হৈছে বুলি উল্লেখ কৰিছে- 'শ্রীকৃষ্ণ-চৰিত্ৰৰ মধ্যলীলাত অলৌকিকতা বিকাশৰ আভাস নাই বুলিবও পাৰি; যৎকিঞ্চিত যি ৰৈছে, সিও লৌকিকতাত মজি গৈছে। শ্রীকৃষ্ণ স্বয়ং প্রকৃতিবাদী; গতিকে তেওঁৰ মানত লৌকিক কৰ্ম্মজীৱনত অলৌকিকতা দেখুওৱাটোৱেই অপ্রাকৃতিক, অপ্রাকৃতিকৰ অর্থ অসত্য, বা সৃষ্টি-স্থিতি-বিৰোধী।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ-৬১১)।
পুৰণি সংস্কৃত পুথিত যিবোৰক জীৱ-জন্তু, ইতৰ প্ৰাণীৰ স্থান দিয়া হৈছে তেনে বহুতকে গোহাঞিবৰৱাই যুক্তিসহকাৰে আৰ্যভিন্ন জাতিৰ পৰিচয় দিছে। এই দিশটো গ্রন্থখনৰ অতি উল্লেখযোগ্য দিশ। প্রসেনক বধ কৰি স্যমন্তক মণি নিয়া সিংহটোক নাশ কৰি জাম্ববানে সেই মণি লৈ যায়। এই জাম্ববানক গোহাঞিবৰুৱাই 'ভালুক সদৃশ আঁকৰা জাতীয় আবৰী ৰজা' হেবুলিছে, ভালুক বোলা নাই। যাদৱ পক্ষৰ হাতত হাৰ মানি নিজৰ জীয়ৰী জাম্বৱতীক জাম্ববানে কৃষ্ণলৈ বিয়া দিয়া সম্ভৱ হৈছে মানুহ বাবেহে। অন্যথা ভালুক আৰু মানুহৰ মাজত বিবাহ বাস্তবত সম্ভৱ বুলি ধৰিব নোৱাৰি।
গ্ৰন্থখনৰ আন এটা উল্লেখযোগ্য দিশ হ'ল- হৰিবংশ, বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, মহাভাৰত আদিত পোৱা বিভিন্ন তথ্যক লেখকে চালি-জাৰি চাই যুক্তিপূর্ণ কথাবোৰ গ্ৰহণ কৰিছে আৰু সকলো ঘটনাকে শৃংখলাবদ্ধভারে সময়ানুক্রমে সজাই উলিয়াব পাৰিছে। উদাহৰণস্বৰূপে, শ্রীকৃষ্ণৰ পত্নী সম্পর্কে বিভিন্ন গ্রন্থত বিভিন্নধৰণে পোৱা যায় যদিও গোহাঞিবৰুৱাই আঠগৰাকী বুলিহে নিৰ্ধাৰণ কৰিছে। কৃষ্ণৰ প্ৰাগজ্যোতিষপুৰ আক্ৰমণ, পৌণ্ড্রবর্দ্ধনৰ ৰাজ্য আক্রমণ, সিন্ধু ৰাজ্য আক্রমণ, গান্ধাৰ আক্ৰমণ, কলিংগ আক্রমণ, পাণ্ড্য আক্রমণ, শোণিতপুৰ আক্ৰমণ আদি দিগ্বিজয়ৰ আভাস দিয়া হৈছে। ইয়াৰ পৰা অপ্রয়োজনীয় আৰু অলৌকিকতাখিনি আঁতৰাই কেৱল প্রয়োজনীয়খিনিহে গ্রহণ কৰা হৈছে।
অধর্ম আঁতৰাই ধর্ম স্থাপন কৰাই আদর্শবান কৃষ্ণ চৰিত্ৰৰ মূল উদ্দেশ্য বুলি প্রতিপন্ন কৰিছে দিগ্বিজয়ৰ উল্লেখৰ মাজেৰে- 'গান্ধাৰ জয়, কলিঙ্গ জয়, পাণ্ড্য জয়, একলব্য সংহাৰ ইত্যাদি- শ্রীকৃষ্ণৰ দিগ্বিজয়ৰ ভিতৰত আৰু ভালেমান বিষয় লেখত পৰে। কিন্তু হৰিবংশত তাৰ বহুল বর্ণনা নাই, মহাভাৰততো নাই। এইবোৰ এতিয়া যদিও কিংবদন্তীমূলক তথাপি স্বৰূপ ঘটনা। সেই আটাইবোৰ ধৰ্ম্ম-ভেটীৰ ওপৰত প্ৰতিষ্ঠিত; কিয়নো অন্যায়, অধৰ্ম্ম, অনীতি নাশ কৰি তাৰ ঠাইত ন্যায়, ধৰ্ম্ম, নীতি স্থাপন কৰাৰ উদ্দেশ্যেই ন্যায়বান, ধৰ্ম্মপ্রাণ, নীতিপাল ভগবান শ্রীকৃষ্ণই সেইবোৰ দিগ্বিজয়ত ভাৰত-ভ্ৰমণ কৰিছিল।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৬৫২)
যাদৱকুলৰ মাজৰ ক্ষমতাৰ অৰিয়াঅৰি, পাৰস্পৰিক হিংসা-দ্বেষ আৰু সেইবোৰ আঁতৰাবলৈ লোৱা আদর্শবান নেতাস্বরূপ কৃষ্ণই সম্মুখীন হোৱা লঘু-লাঞ্ছনাৰ ছবিখনো লেখকে সাধাৰণ মানুহৰ ঠাইত ৰাখি অংকন কৰিছে। মধ্যলীলাৰ একাদশ আধ্যাৰ পৰা ঊনপঞ্চাশ আধ্যালৈকে কুৰু, পাঞ্চাল আৰু পাণ্ডৱসকলৰ কাহিনী সন্নিবিষ্ট হৈছে। এইবোৰ শ্রীকৃষ্ণৰ দিগ্বিজয়ৰ অংশ হিচাপেই গোহাঞিবৰুৱাই দেখুৱাইছে। অধর্ম আঁতৰাই ধর্ম প্রতিষ্ঠা কৰিবলৈ যাওঁতে শ্রীকৃষ্ণই এছোৱা দীঘলীয়া সময় পাণ্ডৱসকলৰ দিক্দর্শক হৈ কিদৰে কটাইছিল তাৰ বৰ্ণনা আছে। এইখিনি কাহিনীৰ বাবে গোহাঞিবৰুৱাই যে মূলতঃ মহাভাৰতৰ সহায় লৈছিল, সেয়া পাদটীকাসমূহৰপৰা জানিব পাৰি।
ধৃতৰাষ্ট্ৰৰ মাজত শকুনি সোমাই তেওঁলোকৰ মাজৰ মিলা-প্রীতি নোহোৱা কৰি কিদৰে কন্দল লগাইছিল, তাৰ ফলত কৌৰৱ আৰু পাণ্ডৱৰ মাজত কিদৰে চিৰবৈৰীতাৰ পোখা মেলিছিল আৰু পৰস্পৰৰ সংঘাতত কৌৰৱ বংশ কিদৰে নিঃচিহ্ন হৈছিল- এই গোটেই মহাভাৰতৰ কাহিনীভাগ গোহাঞিবৰুৱাই তুলি ধৰিছে। মানৱ জাতিৰ মাজত ধর্ম আৰু শান্তি প্রতিষ্ঠাৰ বাবে শ্রীকৃষ্ণই কৌৰৱ, পাণ্ডৱ আৰু আৰু পাঞ্চালসকলৰ মাজলৈ গৈ কিদৰে তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু দিক্ নিৰ্ণায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছিল, তাক তুলি ধৰাই আছিল গোহাঞিবৰুৱাৰ উদ্দেশ্য। গতিকে এই খণ্ডকেইটাক মহাভাৰতৰ ক্ষুদ্রতম সংস্কৰণ বুলিব পাৰি।
লেখকে ইয়াত শ্রীকৃষ্ণক ৰাজনৈতিক দক্ষ, সুনিপুণ, সূক্ষ্মদৃষ্টিসম্পন্ন মানৱী পুৰুষ হিচাপেই তুলি ধৰাৰ চেষ্টা কৰিছে আৰু প্ৰতিটো ঘটনাকে বাস্তব ভিত্তি দিবলৈ চেষ্টা কৰিছে। কিন্তু কোনো প্ৰকাৰে তেওঁ মহাভাৰতৰ মূল সত্যৰপৰা ওলাই আহিবলৈ চেষ্টা কৰা নাই আৰু কোনো ঘটনাকো তেওঁ নতুন দৃষ্টিৰেও চাবলৈ চেষ্টা কৰা নাই। মাথোঁ শ্ৰীকৃষ্ণৰ সৈতে জড়িত অলৌকিক বিষয়বোৰকহে গোহাঞিবৰুৱাই বাস্তৱ ৰূপ দিব বিচাৰিছে। খাণ্ডৱ বন দাহ আৰু দ্রৌপদীৰ বস্ত্ৰহৰণৰ দৰে ঘটনাবোৰক তেওঁ যি নতুন দৃষ্টিৰে চোৱাৰ চেষ্টা কৰিছে, সেই কথাই সকলো পাঠককে আকৃষ্ট কৰে।
কৃষ্ণৰ ইহলীলা সম্বৰণ- বিষয়খিনিক লৈ অন্ত্যলীলাত অধ্যায়টো সামৰি লোৱা হৈছে। শ্রীকৃষ্ণগ্ৰন্থৰ মধ্যলীলাখণ্ড লিখাৰ পাছত গোহাঞিবৰুৱাই গীতাসাৰলিখিছিল। সেই গীতাসাবখনকেই তেওঁ অন্ত্যলীলাৰ এটা বৃহৎ অংশ হিচাপে অন্তর্ভুক্ত কৰি দিছে৷ তেওঁ লিখিছে - 'শ্রীকৃষ্ণ' অন্ত্যলীলা গর্ভত, ইতিপূর্বতে সুকীয়াকৈ প্ৰচাৰিত হোৱা যি 'গীতাসাৰ' সন্নিৱিষ্ট হৈছে, তাক মূলৰ পৰা ভাঙোতে আমি কৃষ্ণানন্দ স্বামীৰ শ্ৰীমদ্ভাগৱদগীতা আৰু স্বর্গীয় শ্রীধৰ কন্দলিৰ গভীৰ গৱেষণাপূর্ণ টীকাব্যাখ্যাৰ পৰা বিস্তৰ সাহায্য গ্রহণ কৰিছোঁ।' (পাতনি, অন্ত্যলীলা খণ্ড, গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৭৫৬)
গোহাঞিবৰুৱাই গীতাসাৰ অন্ত্যলীলাত সন্নিৱিষ্ট কৰাৰ বাবে এই খণ্ড শ্রীকৃষ্ণৰ জীৱনকেন্দ্ৰিক হৈ নাথাকি বিভিন্ন তত্ত্বমূলক কথাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। তদুপৰি, মধ্যলীলা ৰচনাৰ পৰা অন্ত্যলীলা ৰচনালৈ মাজত সময়ৰ ব্যৱধানো আছিল বহুবছৰ। সেই সময়ছোৱাত শাৰীৰিক অসুস্থতাই গোহাঞিবৰুৱাৰ শৰীৰ-মন অধিক দুর্বল কৰি তুলিছিল। তদুপৰি, জীৱনৰ শেষ বয়সত ভগৱৎ তত্ত্ব আৰু অলৌকিকতাই মনোজগত অধিক অধিকাৰ কৰাটোত কোনো অস্বাভাৱিকতা নাই।
এনেবোৰ কাৰণতে অন্ত্যলীলা খণ্ডই অলৌকিকতা আৰু তত্ত্বৰ পৰা মুক্তি পাব নোৱাৰিলে। সেয়েহে গোহাঞিবৰুৱাই যি উদ্দেশ্যৰে শ্ৰীকৃষ্ণৰচনাত হাত দিছিল, সেই উদ্দেশ্য অন্ত্যলীলা খণ্ডলৈ বহুখিনি শিথিল হৈ পৰিছে আৰু বহুক্ষেত্ৰত অলৌকিকতাক আঁতৰাবলৈ লেখকে উপযুক্ত যুক্তি স্থাপন কৰিব পৰা নাই। ফলস্বৰূপে শ্রীকৃষ্ণ মানৱ পুৰুষ নহৈ মাজে মাজে ঈশ্বৰৰ শাৰীলৈ উন্নীত হৈছে।
গোহাঞিবৰুৱাই অন্ত্যলীলা খণ্ডৰ পাতনিতে নিজেও এই কথা উপলব্ধি কৰি লিখিছে- 'শ্রীকৃষ্ণ চৰিত্ৰৰ অন্ত্যলীলা খণ্ডত কিন্তু ভগৱন্তৰ অলৌকিকতা ঢাকিবলৈ আমাৰ লৌকিকতাৰ আঁৰকাপোৰৰ নাটনি পৰিছে। কিয়নো, কোনো কোনো প্রসঙ্গত মানৱী সমস্যা সাঁতুৰি পাৰ হ'ব নোৱাৰি শ্রীকৃষ্ণদেৱ স্বয়ং ধৰা পৰিছে। কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণত মহাৰথ অর্জুনৰ বৈৰাগ্যতাই সাৰথি কৃষ্ণক বিষম সমস্যাত পেলাইছিল। বাসুদেবে সেই সমস্যা সাঁতুৰি পাৰ হ'ব নোৱাৰি, কৃষ্ণপৰায়ণ সর্বশ্রেষ্ঠ ভক্ত সখি-শিষ্য অর্জুনৰ আগত তেওঁৰ ঈশ্বৰত্ব স্বীকাৰ কৰি, বিৰাট মূৰ্ত্তি ধাৰণ কৰিবলৈ বাধ্য হৈছিল।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৭৫৬)
অন্ত্যলীলাত গোহাঞিবৰুৱাই শ্রীকৃষ্ণক বিষ্ণুৰ অৱতাৰী ৰূপ বুলিয়েই উল্লেখ কৰিছে। শ্রীকৃষ্ণৰ বিশাল ব্যক্তিত্ব আৰু অসাধাৰণ কাৰ্যাৱলীৰ প্রতি গোহাঞিবৰুৱা এইছোৱা সময়ত দুর্বল হোৱা যেন বোধ হয়। শ্রীকৃষ্ণ আৰু বাণ ৰজাৰ মাজত হোৱা যুদ্ধক গোহাঞিবৰুৱাই বিষ্ণু আৰু ৰুদ্ৰৰ মাজত হোৱা যুদ্ধ বুলিয়েই উল্লেখ কৰিছে। অন্ত্যলীলা খণ্ডৰ সমল লেখকে মূলতঃ হৰিবংশ, মহাভাৰত আৰু শ্রীমদ্ভাগৱতৰ পৰাই সংগ্ৰহ কৰিছে। কিন্তু আদ্য আৰু মধ্যলীলা খণ্ড দুটাৰ দৰে ইয়াত লেখকৰ নিজস্ব যুক্তি আৰু বিশ্লেষণতকৈ অন্ত্যলীলাত ফুটি উঠিছে ভগবৎ ভক্তি আৰু আনুগত্য।
সেইদৰে কৃষ্ণৰ মৃত্যুকো লেখকে স্বাভাৱিক মৃত্যু কৰি ৰখা নাই। এজন সর্বজ্ঞ, ঈশ্বৰৰ মহাপ্রয়াণ হিচাপেই এই মৃত্যুক তুলি ধৰা হৈছে- 'যদুবংশ ধ্বংসৰ পৰা সপ্ত-অহোৰাত্ৰৰ অন্তত, পৃথিৱীত ধৰ্মৰাজ্য সংস্থাপনৰ সমল সুখ অনুভৱ কৰি, অত্মতত্ত্বজ্ঞানৰ পুনৰাবৃত্তিত ধৰি থাকোঁতেই, সেই সমাধিস্থ অৱস্থাতে নিস্পৃহ, বিষয়-সুখত উদাসীন আৰু পৰমানন্দস্বৰূপ ভগৱন্ত শ্রীকৃষ্ণই আত্ম-ইচ্ছা প্রয়োগেৰে অলৌকিকভাৱে নৰতনু আৰু নৰবিগ্রহ বিসর্জন দি, ঐশ্বৰিক জ্যোতিৰে জ্যোতিষ্মান হৈ, বৈকুণ্ঠলৈ মহাপ্রয়াণ কবি, পুনৰপি পৰমাত্মাত বিলীন হ'লগৈ।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৮৭০)
শ্রীকৃষ্ণ গ্ৰন্থৰ গদ্যশৈলী:
ঊনবিংশ শতিকাৰ শেষার্ধৰ অসমীয়া ভাষা-সাহিত্যৰ সংকটময় কালছোৱাত লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে গোহাঞিবৰুৱাৰ নেতৃত্বই অসমীয়া ভাষা-সাহিত্যক এক সবল পৃষ্ঠভূমি দান কৰে। বেজবৰুৱাৰ দৰে গোহাঞিবৰুৱায়ো সাহিত্যৰ বিবিধ ধাৰাৰ মাজেৰে গদ্যৰ চৰ্চা কৰে। এইক্ষেত্ৰত তেওঁৰ বুৰঞ্জীমূলক ৰচনা, পাঠ্যপুথি, নাটক, উপন্যাস, বিভিন্ন অভিভাষণ, প্রবন্ধ, তত্ত্বমূলক ৰচনা আদিৰ কথা উদাহৰণস্বৰূপে দাঙি ধৰিব পাৰি। গোহাঞিবৰুৱা নিজৰ ভাষা আৰু সাহিত্যৰ প্ৰতি আছিল সদা সচেতন। সেয়েহে তেওঁ কৈছিল- 'শুদ্ধ ভাষা আয়ত্ত কৰিব নোৱাৰিলে শুদ্ধ সাহিত্য সৃষ্টি কৰা কথাটো বেলেগেই জাতীয় জীৱনৰ শুচিতাও আশা কৰিব নোৱাৰি।' (চন্দ্ৰপ্ৰসাদ শইকীয়া, ভূমিকা, পদ্মনাথ গোহাঞিবৰুৱা, পৃ-১১)
শ্রীকৃষ্ণ গ্ৰন্থৰ গদ্যশৈলী সম্পৰ্কত সমালোচক মহেন্দ্ৰ বৰাই এনেদৰে উল্লেখ কৰিছে- 'এনে এক গদ্যশৈলী, য'ত কাব্য আৰু কথাৰ ভাষাই ইটোৱে সিটোক চুমা খাই গৈছে। ইয়াত আৰু আবেগৰ বিৰল আত্মীয়তা গঢ়ি উঠিছে। 'শ্রীকৃষ্ণ'ক গোহাঞিবৰুৱাৰ সৰ্বশ্রেষ্ঠ সাহিত্যকর্ম বুলি ক'ব পাৰি। এই গ্রন্থতে গোহাঞিবৰুৱাৰ গদ্যৰীতিয়ে পূর্ণতা লাভ কৰিছে।' (পদ্মনাথ গোহাঞিবকরা, পৃ-২৫১)। শ্রীকৃষ্ণগ্রন্থ ৰচনা কৰাৰ পূৰ্বতে গোহাঞিবৰুৱাই কৃষ্ণ সম্পর্কীয় বহু গ্ৰন্থ আৰু পুৰাণ অধ্যয়ন কৰিছিল। উদাহৰণস্বৰূপে- ভাগৱত পুৰাণ, হৰিবংশ, বিষ্ণুপুৰাণ আদি গ্রন্থসমূহৰ কথা ক'ব পাৰি। এই গ্ৰন্থবোৰত থকা কৃষ্ণ সম্পর্কীয় সকলো বিৱৰণ আৰু তত্ত্ব তেওঁ নিজা চিন্তাৰে বিশ্লেষণ কৰি চাইছিল। শ্রীকৃষ্ণ গ্রন্থৰ শব্দচয়ন, বিশেষণ প্রয়োগ আৰু বৰ্ণনাৰ ক্ষেত্ৰত পুৰাণৰ ছাপ পৰিলক্ষিত হ'লেও সেয়া লেখকৰ পুৰাণৰ ভাষাৰ সচেতন আৰু সস্তীয়া অনুকৰণ নহয়; পুৰাণৰ বৰ্ণনাক তেওঁ আত্মসাৎ কৰি ঘঁহি- পিহি নিজৰ মতে গঢ় দিছিল। আন এটা কথাও এইখিনিতে স্বীকার্য যে পুৰাণৰ অধ্যয়ন আৰু চৰ্চাই গোহাঞিবৰুৱাৰ গদ্যক এক নতুন গতি প্রদান কৰিছিল।
শক্তিশালী গদ্য নির্মাণত গোহাঞিবৰুৱাৰ দক্ষতাৰ উমান পোৱা যায়। বাক্য বচনাৰ ক্ষেত্ৰতো তেওঁ পাঠকৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে। ওজস্বী বর্ণনাশৈলীয়ে তেওঁৰ গদ্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰিৱেশ বা অৱস্থাৰ চিত্ৰণৰ ক্ষেত্ৰত তেওঁ বিশেষ সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে-'মথুৰা নগৰী যমুনা নৈৰ পাৰত এটা সুগঠিত দুৰ্গৰ মাজত অৱস্থিত। দুৰ্গৰ বাহিৰে, চকুৰে মনিব পৰালৈকে, গোটেই ৰাজ্যজুৰি চউপাশে ঘনশ্যাম আৰু সেউজীয়া ঘাঁহনিৰে চামনি মৰা অপাৰ চাপৰি, ঠায়ে ঠায়ে একো একোটা ওখ টঙ্গি, মাজে মাজে দুই-চাইটা টাম্বুঘৰ, অ'ত-ত'ত দুখন-চাৰিখনকৈ অঘৰী গাঁও; চাই থাকিলে চকু জুৰাই যায়, দুখ ভাগৰৰ বোধ নোহোৱা হয়।' (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ.-৫২৮)।
গোহাঞিবৰুৱাৰ গদ্যৰীতিলৈ মন কৰিলে দেখা পোৱা আন এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হ'ল- বস্তুনিষ্ঠতা। শ্রীকৃষ্ণত আবেগৰ স্থান নাই। দীঘল বাক্যৰ অধিক ব্যৱহাৰ থাকিলেও শ্রীকৃষ্ণই বসগ্ৰাহী পাঠকৰ মনত বিৰক্তিৰ জন্ম নিদিয়ে। বৰঞ্চ আটিল আৰু প্ৰভাৱশালিতাই তেওঁৰ বাক্যক এক নতুন মাত্রা প্রদান কৰিছে। শ্রীকৃষ্ণত নিভাঁজ অসমীয়া শব্দৰ উপৰিও প্রয়োজনত তেওঁ তৎসম, তদ্ভৱ আদি শব্দৰো ব্যৱহাৰ কৰিছে। এই শব্দবোৰৰ ব্যৱহাৰে তেওঁৰ গদ্যৰীতিক অধিক আকর্ষণীয়তা দান কৰিছে। উপমাকে আদি কৰি বিভিন্নধৰণৰ অলংকাৰৰ সুষম প্রয়োগে শ্রীকৃষ্ণৰ গদ্যক এক কাব্যিক মর্যাদা দান কৰিছে।
তথ্যউৎসঃ
পদ্মনাথ গোহাঞি বৰুৱা, যাত্ৰা আৰু মাত্ৰাঃ টুনুজ্যোতি গগৈ৷ প্ৰবন্ধ লিখকঃ বিদ্যুৎ দত্ত, মনিষা হালৈ৷
দেশী কছৰৎঃ সম্পাদনা-অৰবিন্দ ৰাজখোৱা, অসম পাবলিছিং কোম্পানী, নৱেম্বৰ, ২০২১
0 Comments