সৰ্বভাৰতীয় প্ৰেক্ষাপটত নৱ বৈষ্ণৱ ধৰ্ম আৰু জনসমাজত অঙ্কীয়া ভাওনাৰ প্ৰভাৱ ৷

* সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱ

সমগ্ৰ ভাৰতবৰ্ষত বিষ্ণু-কেন্দ্ৰিক ভক্তিধৰ্মৰ আন্দোলন আৰম্ভ হয় খ্ৰীষ্টীয় দ্বাদশ-এয়োদশ শতিকামানৰ পৰা৷ মধ্যযুগৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সন্তসকলৰ আৱিৰ্ভাৱ হৈছিল৷ ভাৰতবৰ্ষত পঞ্চদশ-ষোড়শ শতিকাৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে  যিসকল সন্তই ভক্তি আন্দোলনৰ মাজেৰে নৱ-ৱৈষ্ণৱ ধৰ্মৰ জাগৰণ ঘটালে সেইসকলৰ ভিতৰত শঙ্কৰদেৱ হ’ল নিসন্দেহে অন্যতম আৰু অনন্য পুৰুষ৷ কেৱল এগৰাকী ধৰ্ম প্ৰচাৰক বুলিয়েই নহয়, তেওঁ আছিল নৱোন্মেষশালিনী প্ৰতিভাৰ অধিকাৰী কবি, গীতিকাৰ, সুৰকাৰ, সমাজ সংগঠক, নাট্যকাৰ, প্ৰযোজক আৰু পৰিচালক, অভিনেতা, অনুবাদক, নৃত্যবিদ, নৃত্য উদ্ভাৱক, ভাষাবিদ তথা ভাষা উদ্ভাৱক, বাদ্যবিদ, তাল-ৰছক, বাদ্যযন্ত্ৰী আৰু বিশেষভাৱে সমাজ-সংস্কাৰক৷ 

অসমৰ প্ৰেক্ষাপটত সমাজ গঠনৰ সময়ৰ পৰা সাম্প্ৰতিক সময়লৈকে এনে এজন দ্বিতীয় পুৰুষ জন্ম হোৱা নাই যি শঙ্কৰদেৱৰ এই বিশাল প্ৰতিভাৰাজীক ম্লান কৰিব পাৰিছে৷ প্ৰকৃততে শঙ্কৰদেৱৰ ব্যক্তি সত্ত্বাত ইমানবোৰ গুণ একেলগে থকাটোৱেই এটা বিৰল ঘটনাৰ দৰে৷

ভাৰতবৰ্ষৰ অন্যান্য সন্তসকলৰ  লক্ষ্য আৰু উদ্দেশ্যৰ লগত  শঙ্কৰদেৱৰ আদৰ্শ একে হ’লেও তেওঁৰ দৃষ্টিভংগী আৰু পন্থাৰ বৈশিষ্ট্য লক্ষণীয় তথা ইতিবাচক৷ তদুপৰি তেওঁ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সাহিত্য-সংস্কৃতি-পৰিৱেশ্য কলা আদিক মাধ্যম হিচাপে যি আন্তৰিকাৰে গ্ৰহণ কৰিছিল, সেই আন্তৰিকতা অন্য সন্তসকলৰ কৰ্মৰাজীত কিন্তু বিশেষভাৱে প্ৰতিফলিত হোৱা নাছিল৷ শঙ্কৰদেৱেই সম্ভৱ এনে পুৰুষ যি সাহিত্য-কলা-সংস্কতিৰ আদি মাধ্যমবোৰৰ ওপৰিও ভাষা সৃষ্টি (ব্ৰজবুলি ভাষা) আৰু নাটক (অঙ্কীয়া ভাওনা)ৰ মাজেৰে সেই সময়ত ধৰ্ম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল৷ এক দেৱ এক সেৱ, এক বিনে নাই কেৱ- এয়ে আছিল শঙ্কৰদেৱৰ ভক্তিৰ শ্লোগান স্বৰূপ৷

তেওঁ অসমক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতভূমিৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো প্ৰাণীকে একতাৰ বান্ধোনেৰে ৰাখি সৰ্বভাৰতীয় পৰ্যায়ত যি ধৰ্মীয় উদাৰতাৰ সৃষ্টি তথা তাৰ প্ৰচাৰ কৰিছিল, তেনে এজন মহান পুৰুষ আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়তো সম্ভৱ দুনাই নোলাব৷ তেওঁৰ ব্যক্তিসত্ত্বা বিৰল বাবেই তেওঁ মাধৱদেৱে দিয়া অভিধাৰে প্ৰকৃতাৰ্থত ‘সৰ্বগুণাকৰ’৷ শঙ্কৰদেৱ সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ এজন মূল ‘হোতা’ আছিল আৰু তেওঁৰ কৰ্ম পদ্ধতিৰ অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত অসম আৰু সমগ্ৰ ভাৰতবৰ্ষই ভক্তি আন্দোলনৰ বীজ তথা আদৰ্শৰাজী নিজৰ নিজৰ  মন, মনন, চিন্তনত গুজি লৈছিল৷


শঙ্কৰদেৱৰ ভক্তি আন্দোলন আৰু নৱ বৈষ্ণৱ ধৰ্ম সম্পৰ্কে পণ্ডিত গৱেষক সকলৰ কিছু নিৰ্বাচিত মত

অসম তথা ভাৰতবৰ্ষৰ বিষয়ে তিল মাত্ৰ ধাৰণা থকা ব্যক্তিয়েই শঙ্কৰদেৱ কোন বা তেওঁ আচলতে কি সেয়া পৰিচিত৷ প্ৰতিজন প্ৰতিনিধিত্বকাৰী লিখক, সাহিত্যিক, বুদ্ধিজিৱী বা প্ৰাচ্যতত্ববিদ আদিয়ে শঙ্কৰদেৱ আৰু তেওঁৰ কৰ্মৰাজী সম্পৰ্কে নিজৰ নিজৰ মতামত  বিভিন্ন প্ৰসংগত উল্লেখ কৰি গৈছে৷ তেনে কিছু মতামত তথা উক্তিয়ে উল্লিখিত বিষয়টিক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে উল্লেখ কৰা হ’ল-

  • মাধৱদেৱে শঙ্কৰদেৱৰ বিষয়ে কৈছে এনেদৰে– ত্ৰিভুৱন বন্ধন দৈৱকী নন্দন৷ যো হৰি মাৰল কংস৷ জগজন তাৰণ  দেৱ নাৰায়ণ ৷ শঙ্কৰ তাকেৰি অংশ ৷ 
  • শঙ্কৰদেৱৰ বিষয়ে প্ৰাচ্যতত্ত্ববিদ  তথা পণ্ডিত ড॰ বাসুদেৱ শৰণ অগ্ৰৱালে কৈছে, ‘‘কবি আৰু শ্ৰষ্টা অনেক আছে, অনেক আছে সন্ত আৰু ধৰ্মগুৰু, সংগীত বিশাৰদ আৰু ধৰ্ম-প্ৰচাৰকো অনেক আছে৷ কিন্তু শঙ্কৰদেৱ হ’ল এনে এক মহৎ প্ৰতিভা যাৰ অকলশৰীয়া ব্যক্তিত্বৰ মাজত এই সকলো গুণৰ সমাহাৰ হৈছিল৷’’
  • পণ্ডিত সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছে, ‘‘ভাৰতবৰ্ষই জন্ম দিয়া সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুসকলৰ ভিতৰত প্ৰশ্নাতীত ভাৱে শঙ্কৰদেৱো এজন, আৰু শঙ্কৰাচাৰ্য, ৰমানুজাচাৰ্য, বাসাভাপ্পা, ৰামানন্দ, কবীৰ, চৈতন্য, মীৰাবাঈ, গুৰু নানক আৰু তুলসীদাসৰ লগত তেওঁৰ নাম একেলগে উল্লেখনীয়৷’’
  • বিংশ শতিকাৰ কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছে এনেদৰে-
  • বোৱালা ভক্তিৰ সোঁত দিলা ধৰ্ম দিলা জ্ঞান ৷ দিলা ভাষা অসমক কৰিলা জীৱন দান৷
  • তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ . গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ
  • লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, ‘‘শঙ্কৰদেৱে অসমক ওখ খাপৰ ধৰ্ম দিলে, অতুল সাহিত্য দিলে, নিৰ্মল চৰিত্ৰ দিলে, সাধু আচাৰ-ব্যৱহাৰ দিলে, অসমীয়াক গীত দিলে, বাজনা দিলে, নাট দিলে, ভাৱনা দিলে, মহৎ আদৰ্শ দিলে৷’’
  • মহাত্মা গান্ধীয়ে কৈছিল, ‘‘যি ধৰ্মৰ অৱলম্বন কৰি মই ৰাম ৰাজ্য কল্পনা কৰিছোঁ তাতোকৈ সুন্দৰ আৰ্হি শ্ৰীশঙ্কৰদেৱে অসমবাসীক দি গৈছে৷ মই কেৱল তাক অনুশীলনহে কৰিছোঁ- মোৰ নতুনত্ব একো নাই৷’’ তেওঁ এইবুলিও কৈ গৈছে, ‘‘যি কাম মই এতিয়া কৰিছোঁ শঙ্কৰদেৱে পাঁচ শ বছৰৰ আগতেই সেই কাম সম্পন্ন কৰি থৈ গৈছে৷ ’’
  • কাকাচাহেব কালেলকাৰৰ দৰে বিদ্বানে কৈছে, ‘‘আটাইতকৈ উল্লেখযোগ্য কথা হৈছে সৰ্বভাৰততে এতিয়াও সম্পূৰ্ণ হৈ নুঠা অস্পৃশ্যতা বৰ্জন কৰি শঙ্কৰদেৱে সুদূৰ ষোড়শ শতিকাতে সকলো মানুহৰ সমস্বত্বৰ এখন সমাজ স্থাপন কৰিছিল৷ তেওঁ পূবৰ নহয়, সমগ্ৰ ভাৰতৰে এগৰাকী মহাপুৰুষ৷’’
  • আচাৰ্য বিনোৱাভাৱে কৈ গৈছে, ‘‘ মই বহুতো ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছোঁ, কিন্তু শঙ্কৰদেৱৰ ধৰ্মৰ দৰে বিশ্ৰবিশ্ৰুত পণ্ডিত এই পৰ্যন্ত ক’তো পোৱা নাই৷’’
  • সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰে ব্যক্তিয়ে গৰ্বৰে কৈছিল, ‘‘শঙ্কৰদেৱ অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক৷ তেওঁ মূৰ্তি পূজা, বলি বিধানৰ আৰু বৰ্ণৰ ভিত্তিত সমাজ বিন্যাসৰ বিৰোধীতা কৰি ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা প্ৰচলন কৰিছিল৷’’
  • ভাৰতৰ ভূতপূৰ্ব ভাইচৰয় চেম্‌ছফোৰ্ডে কৈছিল, ‘‘চাৰিশ পঞ্চাশ বছৰমান পূৰ্বেই বৈষ্ণৱ ধৰ্মৰ আন্দোলনে ভাৰতবৰ্ষৰ সকলোটিকে ঢৌৱাই পেলাইছিল৷ কিন্তু অসমত সেই আন্দোলন যিমান বলিষ্ঠ আৰু গভীৰ আছিল, আন ক’তো সিমান হোৱা নাছিল৷’’

উল্লিখিত উক্তিবোৰেই প্ৰমাণ কৰে যে সৰ্বভাৰতীয় পৰ্য্যায়ত শঙ্কৰদেৱৰ ধৰ্মৰ প্ৰাসংগিকতা কিমান আৰু তেওঁৰ ধৰ্মই ভাৰতীয় ভক্তি আন্দোলনক কিমান দৃঢ়তাৰে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল৷ 


শংকৰদেৱৰ ধৰ্মত মানৱীয় মূল্যবোধৰ প্ৰতিফলন

শঙ্কৰদেৱৰ ধৰ্ম মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত৷ তেওঁৰ ধৰ্মত তথাকথিত গোড়ামী, পৰম্পৰাৰ নামত ব্যভিচাৰ, জাত-পাতৰ বিচাৰ, অন্ধবিশ্বাস আদি একেবাৰে পাবলৈ নাই৷ প্ৰকৃততে বিজ্ঞানৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বাবেই আজি পাঁচ শ বছৰ অতিক্ৰম কৰি যোৱাৰ পাছতো শঙ্কৰদেৱৰ ধৰ্মৰ প্ৰাসংগিকতা আছে ৷ লগতে তেওঁৰ নৱ-বৈষ্ণৱ ধৰ্মৰ যি উদাৰতা, বিশ্বজনীনতা লগতে নিৰপেক্ষতা, তাৰ বাবেই এই ধৰ্ম জনসাধাৰণৰ মাজত বৰ্তি আছে৷ লগতে মানৱীয় মূলবোধৰ প্ৰতি নৱ-বৈষ্ণৱ ধৰ্মৰ যি দায়বদ্ধতা তাৰ বাবেই শঙ্কৰদেৱৰ ধৰ্ম আজিও প্ৰাসংগিক৷

এই আলোচনাত মানৱীয় মূল্যবোধৰ প্ৰতিফলন সম্পৰ্কে আলোচনা কৰা হ’ল-

  • শঙ্কৰদেৱৰ ধৰ্ম হৈছে সৌন্দৰ্যবোধ আৰু শিল্পবোধৰ আধাৰত নিৰ্মিত৷ তেওঁৰ ধৰ্ম সামাজিক জীৱন-যাপনৰ আধাৰ৷
  • তেওঁৰ দ্বাৰা প্ৰৱৰ্তিত নৱ বৈষ্ণৱ ধৰ্মই যি সামাজিক আৰু সাংস্কৃতিক পৰিমণ্ডলৰ সৃষ্টি কৰিলে তাৰ আধাৰতে পৰৱৰ্তী সময়ত অসমীয়া জাতি-সংস্কৃতি আৰু বিভিন্ন বৰ্ণ-ধৰ্ম-সম্প্ৰদায়ে নিজে পৰিশোধিত হৈ দ্বিজত্ব আৰু সুস্থিৰ পৃষ্ঠভূমি লাভ কৰিলে৷
  • মানৱতাবোধৰ বিকাশ আৰু প্ৰসাৰ হৈছে শঙ্কৰদেৱৰ ধৰ্মৰ আন এক ইতিবাচক দিশ৷
  • সকলো প্ৰাণীকে সম দৃষ্টিৰে চোৱাৰ যি অনুপ্ৰেৰণা দি গৈছে তাতেই শঙ্কৰদেৱৰ মানৱীয় মূল্যবোধৰ উমান পোৱা যায়৷ তেওঁ কৈছিল এনেদেৰে- ‘‘সকল প্ৰাণীকে দেখিবাহা আত্মসম’’ নাইবা ‘‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম.. জানিয়া সবাকো কৰিবা প্ৰণাম’’  নাইবা ‘‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল’’৷ তেওঁৰ এই মহৎ উক্তিবোৰে সমাজলৈ নতুন জীৱন আৰু নব্য দৃষ্টিভংগীৰ ইতিবাচক দিশ কঢ়িয়াই আনিলে৷
  • তেওঁ ব্ৰাহ্মণ্যবাদৰ বিৰোধীতা কৰা কাৰ্যয়ো মানৱীয় মূল্যবোধকে প্ৰতিনিধিত্ব কৰে৷
  • নৱ-বৈষ্ণৱ ধৰ্মৰ উদাৰতা ইমান আছিল যে শঙ্কৰদেৱে জাতিবাদ প্ৰথাৰ তেতিয়াই বিৰোধীতা কৰিছিল৷ সকলো মানুহ তেওঁৰ দৃষ্টিত সম আছিল, আনকি তেওঁ দেশ, ৰাজ্য আদি অভিধা ব্যৱহাৰতো ইমান সতৰ্ক আছিল যে কোনো ৰচনাতে তেওঁ অসম শব্দটো ব্যৱহাৰ নাই কৰা৷ সমগ্ৰ ৰচনাত ভাৰতবৰ্ষ শব্দটোৱেই  ব্যৱহাৰ কৰিছে৷ মানুহক সম্বোধন কৰাৰ ক্ষেত্ৰত ওবা নৰলোক, সমজ্যাৰ লোক, সামাজিক লোক  বুলি সম্বোধন কৰিছে৷
  • বিভেদপূৰ্ণ সমাজত শান্তি নিৰ্মাণ কৰিবলৈ শংকদেৱেই  সৰ্বভাৰতীয় পৰ্যায়ত সমাজৰ সকলো স্তৰতে প্ৰথম কাম কৰিছিল৷ সামাজিক সমতা, মানৱীয় প্ৰমূল্যবোধ আৰn জাতীয়তাবাদৰ বিকাশৰ ক্ষেত্ৰত শংকৰদেৱে যিমান কাম কৰি গৈছে আজি পৰ্যন্ত আন এজন ধৰ্মীয় গুৰুৰ আৱিৰ্ভাৱ ভাৰতবৰ্ষত হোৱা নাই৷ তদুপৰি শঙ্কৰদেৱে সমাজৰ নিৰক্ষৰ আৰু আৰ্থিকভাৱে পিছপৰালোকৰ বাবে কাম কৰিছিল৷
  • তেওঁৰ ধৰ্মই ধৰ্মীয় অসহিষ্ণুতা বা বিভেদৰ সৃষ্টি কৰা নাছিল৷ যিটো সাম্প্ৰতিক সময়ৰ ধৰ্মীয় গোটবোৰৰ ক্ষেত্ৰত সততে দেখা যায়৷ শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰ কৰিও ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ ধৰ্মৰ মাজেৰেই প্ৰকাশ কৰি গৈছে৷ তেওঁ ৰজাকো শৰণ দিব বিচৰা নাছিল৷ কাৰণ তেওঁ বিচৰা নাছিল ৰজা এজনক নিৰ্দিষ্ট ধৰ্মৰ মাজত আৱদ্ধ কৰিবলৈ৷ 
  • নৱ-বৈষ্ণৱ ধৰ্মই জীৱৰ প্ৰতি সমভাৱ দেখুৱাই গৈছে৷ শঙ্কৰদেৱে গাইছিল- য’ত জীৱ জঙ্গম  কীত পতঙ্গ.. আদিৰ দৰে গীত৷ এই গীতৰ দ্বাৰাই তেওঁ বুজাইছিল প্ৰতিটো প্ৰাণীয়েই ঈশ্বৰৰ দান, গতিকে সকলোকে সমান দৃষ্টিৰে চাব লাগে৷
  • সেউজ বিপ্লৱ আৰু প্ৰকৃতি প্ৰেমৰ প্ৰসংগ শঙ্কৰদেেৱ তেতিয়াই তেওঁৰ কাব্য ৰচনাৰ মাজেৰে কৈ গৈছে৷ লোভ আৰু জিঙ¸ঘাসাৰ বিৰুদ্ধাচাৰণ শঙ্কৰদেৱৰ ৰচনাৰ মাজত পোৱা যায়৷ তেওঁ ভাষাৰ আৱিষ্কাৰ, প্ৰতিষ্ঠা কৰিছিল৷ ব্ৰজবুলি ভাষাৰ সৃষ্টিৰে তেওঁ যে এজন ভাষাৰ উদ্ভাৱক আৰু জাতিটোৰ প্ৰতিও যে দায়বদ্ধ, সেই  কথা প্ৰমাণ কৰি গৈছে৷
  • শঙ্কৰদেৱে নামঘৰৰ আধাৰ, আদৰ্শ, আধুনিক দৃষ্টিকোনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিছিল৷ নামঘৰ কেৱল এটা উপাসনা গৃহই নহয়৷ বৰঞ্চ ই এটা লাইব্ৰেৰী, অসমৰ স্থাপত্য-ভাস্কৰ্যৰ সুন্দৰ নিদৰ্শন৷ তদুপৰি নামঘৰে এটা উমৈহতীয়া সাংস্কৃতিক মঞ্চৰ ভূমিকা পালন কৰি আহিছে৷
  • ৰাজনৈতিক  আদৰ্শ আৰু ধৰ্মৰ যি একাত্মতা বৰ্তমান সময়ত দেখা যায়, শঙ্কৰদেৱে কিন্তু সেই সময়ত তাৰ পৰা আঁতৰত আছিল৷ ইচ্ছা কৰা হ’লে তেওঁ নৰণাৰায়নক শৰণ দি ৰাজভোগ কৰিবও পাৰিলেহেঁতেন৷
  • তেওঁ ‘ভকতিত নাহি জাতি-অজাতি বিচাৰ’ বলি মানুহক সম মৰ্যাদা প্ৰদান কৰিছিল৷ চণ্ডালে হৰিকীত্তৰ্ন কৰিছে বুলি নিন্দা কৰা সকলক নিন্দা আৰু শাস্তিৰ যোগ্য বুলি বিবেচনা কৰিছিল৷ ‘‘অসম-কছাৰী, খাছী, মিৰি, যৱন, কংক, গোৱাল... অসম, মুলুক, ৰজক, তুৰুক....যৱন কংক গেৱাল ’’ সকলোকে সম মৰ্যাদাত বহুওৱাৰ কথা ঘোষণা কৰিছিল৷

প্ৰতিটো প্ৰাণীকে নিজৰ অধিকাৰ প্ৰদান আৰু জাতিপ্ৰথাৰ বিৰুদ্ধাচাৰণৰ দ্বাৰা এক ঈশ্বৰৰ উপাশনাৰ মাজেৰে ভক্তি ধৰ্ম প্ৰচাৰ কৰাৰ যি উচ্ছ নৈতিক আদৰ্শ সিয়েই তেওঁৰ ধৰ্মৰ মূল্যবোধৰ দিশটোক এক অনন্য মাত্ৰা প্ৰদান কৰি গৈছে৷

 সাম্প্ৰতিক সময়ত এচাম সুবিধাবাদী ধৰ্ম ৰক্ষকে শঙ্কৰদেৱৰ এই উদাৰ আৰু বিশ্বজনীন আদৰ্শক বিদূৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাস্প মেলি দিছে৷ শঙ্কৰদেৱৰ নাম লৈয়ে জাত-পাতৰ বিচাৰ কৰা হৈছে, দিন কিম্বা ৰাতি ঈশ্বৰৰ চৰণত চাকি বন্তি জ্বলোৱা নজ্বলোৱাক লৈয়ো বিতৰ্ক হৈয়ে আছে৷ এটা নামঘৰতে দুই তিনিটা ‘খেল’ৰ সৃষ্টি হৈছে৷ এচাম সুবিধাবাদী ধৰ্মীয় গুৰুৱে সত্ৰৰ নামত টকা আত্মসাৎ কৰিছে৷ সত্ৰৰ সৈতে সত্ৰৰ মাটি সম্পত্তিক কেন্দ্ৰ কৰি কাজিয়া হৈছে৷ গতিকে শঙ্কৰদেৱৰ ধৰ্মৰ প্ৰকৃত দিশটো বৰ্তমান সময়ত লুপ্ত হৈ এটা সঙ্কীৰ্ণ গণ্ডীৰ মাজত নৱ বৈষ্ণৱ ধৰ্ম জীয়াই আছে৷ এই ক্ষেত্ৰত সাম্প্ৰতিক সময়ৰ নৱ-বৈষ্ণৱ ধৰ্মীয় ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন কৰি প্ৰকৃত দিশটোলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে৷


জনসমাজত অঙ্কীয়া ভাওনাৰ প্ৰভাৱ

শঙ্কৰদেৱৰ আগতে নাটকৰ সমুদায় বৈশিষ্ট্য ৰক্ষা কৰি কোনো সাহিত্য বা দৃশ্য-শ্ৰাব্যৰ উপযুক্ত মাধ্যমৰ সৃষ্টি হোৱা নাছিল বা তেনেধৰণৰ এক উপযুক্ত পৰিৱেশো নাছিল৷ মাত্ৰ প্ৰাক-শঙ্কৰী যুগত স্থানভেদে প্ৰচলিত ওজাপালি, পুতলা-নাচ, ঢুলিয়া ভাওনা, কুশান গান আদি বিশিষ্ট লোক-নাট্যানুস্থানসমূহৰ সৈতে অঙ্কীয়া নাটৰ কেতবোৰ সাদৃশ্যৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি৷ শঙ্কৰদেৱ হৈছে নাট্য সাহিত্যৰ মূল গুৰিধৰোতা, যি বিভিন্ন  লোক-নাট্যানুস্থানসমূহৰ পৰা সমল আহৰণ কৰি অঙ্কীয়া নাটৰ মাধ্যমেৰে নাট্য সাহিত্য আৰু পৰিৱেশ্য কলাৰ এটি সুন্দৰ বাট মুকলি কৰে৷ প্ৰথমেই এটা কথা স্পষ্ট কৰি লোৱা উচিত যে  বাহ্যিক অৰ্থত একে যেন অনুমেয় হ’লেও অঙ্কীয়া নাট  আৰু অঙ্কীয়া ভাওনা  দুটা পৃথক বস্তু ৷ অঙ্কীয়া নাট হৈছে সাহিত্য আৰু সংস্কৃতিৰ সৈতে সম্পৰ্কিত বিষয়বস্তু, অন্যহাতে অঙ্কীয়া নাটৰ যি উপস্থাপন শৈলী তাকে ভাওনা বুলি কোৱা  হয়, যি বিশেষভাৱে সংস্কৃতি আৰু পৰিৱেশ্য কলাৰ সৈতে সম্পৰ্কীত৷  

অঙ্কীয়া ভাওনাই শঙ্কৰী যুগতে আত্মপ্ৰকাশ কৰি তেতিয়াৰে পৰা সাম্প্ৰতিক সময়লৈ সুদীৰ্ঘ সময়ছোৱাত নানা পৰিবৰ্তন আৰু  ক্ৰমবিকাশ  লাভ কৰি আহিছে৷ অঙ্কীয়া ভাওনাৰ পৃষ্টভূমিতেই  নিৰ্মাণ হৈছে আধুনিক নাটক৷ অঙ্কীয়া ভাওনাৰ বিভিন্ন ধৰণৰ প্ৰভাৱ অসমৰ সমাজ জীৱনত বাৰুকৈয়ে পৰিলক্ষিত হয়৷ অৱশ্যে সময় পৰিবৰ্তনৰ লগে-লগে এই ভাওনা আৰু নাট্য ধাৰাৰ প্ৰভাৱ কমি অহা যেন পৰিলক্ষিত হৈছে৷ অঙ্কীয়া শব্দটো আধুনিক যুগৰহে  সৃষ্টি৷ অঙ্কীয়া ভাওনাৰ সৃষ্টি আৰু তাৰ অভিনয়ে ধম¹য় দিশটোত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ভাওনাত ভক্তি ৰসে প্ৰাধান্য লাভ কৰিলেও তাৰ লগতে আনুসংগিক বহুতো দিশ জড়িত হৈ আছে৷ ভাওনা মঞ্চস্থ কৰিবলৈ ব্যৱহাৰ কৰা নানা কৌশল, সঁজুলি আৰু উপস্থাপন পদ্ধতি আদিয়ে পৰৱত¹ সময়ত আধুনিক নাটক নিমাৰ্ণ আৰু মঞ্চ নিমাৰ্ণত অভূতপূৰ্ব  বৰঙণি যোগাইছে৷ প্ৰকৃততে শঙ্কৰ-মাধৱকে আদি কৰি শঙ্কৰী যুগ বা শঙ্কৰোত্তৰ যুগৰ বহুতো নাট্যকাৰে অঙ্কীয়া ভাওনা আৰু পৰৱৰ্তী সময়ত অঙ্কীয়া শ্ৰেণীৰ নাটক ৰচনাৰ জৰিয়তে এটা মসৃণ পথ নিমাৰ্ণ কৰিলে, যি পথৰ গইনা লৈ পৰৱত¹ সময়ৰ নাট্য চৰ্চাৰ এটি ধাৰা উদ্ভৱ হ’ল আৰু এতিয়ালৈকে এই  ধাৰা অব্যাহত আছে৷ ঊনবিংশ শতিকাত আৰু বিংশ শতিকাৰ আগভাগলৈকে অঙ্কীয়া ভাওনাই অসমীয়া সমাজলৈ আগবঢ়োৱা বৰঙণি অতুলনীয় আছিল৷ সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰভাৱ কিছু পৰিমানে স্তিমিত হোৱা যেন অনুভৱ হয়৷ অঙ্কীয়া নাট ৰচনা কৰা হৈছিল মূলত ঃভক্তিধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে৷ গতিকে আধ্যাত্মিক উপলব্ধি আৰু দৰ্শকৰ মনত ভক্তিৰসৰ উদ্ৰেক কৰাৰ ওপৰতেই  এই  নাটসমূহত বিশেষ গুৰুত্ব দিয়া হৈছিল৷ অঙ্কীয়া ভাওনাত গীত-মাতেই  সৰহ, সংলাপ সেৰেঙা৷ গীত-মাতত যি কথা অৱতাৰণা কৰা হয়, সংলাপত মাত্ৰ সেইবোৰ পুনৰুক্তি কৰা হয়৷  ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে- ‘অঙ্কীয়া নাট আকৃতি বিচাৰতহে নাটক কিন্তু প্ৰকৃতি বিচাৰত গীতিকাব্য৷’ 

শঙ্কৰদেৱ হৈছে  নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু অসমীয়া সমাজ-সংস্কৃতিৰ  পিতৃ-পিতামহ  স্বৰূপ৷ ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে  অৱলম্বন কৰা বিভিন্ন উপায়সমূহৰ ভিতৰত অঙ্কীয়া নাট হৈছে অন্যতম৷ শঙ্কৰ মাধৱে এই নাটসমূহৰ  মাধ্যমেৰে জনসাধাৰণৰ মাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল৷ লগতে তাৎপৰ্যপূৰ্ণ কথা এএয় যে সেই তাহানিতেই শঙ্কৰদেৱে ভাওনাক গণসংযোগৰ মাধ্যম  হিচাপে ব্যৱহাৰ কৰিছিল৷ প্ৰাচীন কালৰে পৰা অসম এখন ধৰ্ম পৰায়ণ ৰাজ্য আছিল যদিও শঙ্কৰী যুগৰ প্ৰথম পৰ্যায়ত অসমৰ সামাজিক অৱস্থা অস্থিৰ আছিল; শঙ্কৰৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰতাই অসমৰ অৰাজক সমাজ ব্যৱস্থালৈ এক সুস্থিৰ বাতাৱৰণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ সামাজিক সমতা আৰু প্ৰমূল্যবোধ নিৰ্মাণৰ প্ৰসংগত অঙ্কীয়া ভাওনাৰ অৱদান যথেষ্ট৷ এটা সময়ত অঙ্কীয়া ভাওনাই জনসাধাৰণৰ মন মনন চিন্তনত প্ৰৱলভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ আধ্যাত্মিক, গুৰুগম্ভীৰ ভাৱ বিশিষ্ট, ৰাগ-তাল যুক্ত উচ্ছস্তৰীয় ভাওনাসমূহে ভক্তি ধৰ্ম প্ৰচাৰ কৰাৰ ওপৰিও অসমীয়া কলা-সংস্কৃতিক দৃঢ় ভাৱে প্ৰতিফলিত  আৰু প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ গ্ৰাম্য সমাজ-ব্যৱস্থাত এই নাটসমূহৰ  উপস্থাপন শৈলীক অতি উচ্ছ স্থান দিয়া হৈছিল আৰু আজি পৰ্যন্ত  কিছু কিছু  স্থানত ইয়াৰ মৰ্যদা অক্ষুন্ন হৈ আছে৷ অৱশ্যে নতুনকৈ অঙ্কীয়া ভাওনা জীয়াই ৰখাৰ স্বাৰ্থত জনসাধাৰণৰ মাজত এটা ইতিবাচক সচেতনতা দেখিবলৈ পোৱা গৈছে৷ এটা কথা উল্লেখ কৰিব লাগিব যে জনসমাজত এই  নাটসমূহে সাহিত্য হিচাপে  প্ৰভাৱ বিস্তাৰ  কৰাতকৈ পৰিবেশ্য কলা হিচাপেহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ 


অঙ্কীয়া ভাওনাৰ ধৰ্মীয় প্ৰভাৱ 

অঙ্কীয়া ভাওনাৰ সবাটোতকৈ শক্তিশালী প্ৰভাৱটোৱেই হৈছে ধৰ্মীয় প্ৰভাৱ৷  অঙ্কীয়া ভাওনাৰ চৰ্চা আৰু অভিনয়ৰ মূল উদ্দেশ্য বা লক্ষ্যই আছিল ধৰ্মীয় শিক্ষা প্ৰদান আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি  জনসাধাৰণক আসক্তি কৰাৰ প্ৰচেষ্টা৷ অসমত শঙ্কৰ-মাধৱৰ তিৰোধানৰ পৰৱৰ্তী সময়ত অঙ্কীয়া ভাওনাক কেন্দ্ৰ কৰি বিভিন্ন নামঘৰ, সত্ৰ আদিত এই ভাওনাবোৰ সঘনাই অনুষ্ঠিত  হৈছিল৷ সমাজৰ সৰ্বস্তৰত ভাওনাৰ মাজেৰেই গুৰুদুজনাক জীয়াই ৰখাৰ এক চেষ্টা কৰা দেখা গৈছিল৷ সাধাৰণ ৰাইজেও ভাওনা বিষয়টোক গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছিল, যেন ভাওনাৰ মাজতেই শঙ্কৰ-মাধৱ নিহিত হৈ আছে৷ 

সেইদৰে শঙ্কৰ-মাধৱৰ পৰৱৰ্তী সময়ৰ একাংশ নাট্যকাৰে নিজস্ব  সৃষ্টিশীল প্ৰতিভাৰে অঙ্কীয়া ভাওনাবোৰ জনসাধাৰণৰ হৃদয়ত গভীৰভাৱেৰোপণ কৰিবলৈ সক্ষম হৈছিল; যাৰ ফলশ্ৰুতিত ভাওনাই শঙ্কৰী যুগ আৰু শঙ্কৰোত্তৰ যুগত অতি উচ্ছাসন লাভ কৰিছিল৷ মূলতঃ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ প্ৰতি থকা অকৃত্ৰিম ভক্তি, শ্ৰদ্ধা আদিৰ বাবেই তেওঁলোকৰ দ্বাৰা ৰচিত  ভাওনাবোৰ জনসাধাৰণে অতি আত্মীয়তাৰে আকোৱালি লৈছিল৷ বিংশ শতিকাৰ শেষৰফালেহে সমাজ ব্যৱস্থালৈ অহা নানা পৰিৱৰ্তন আৰু যুগ পৰিৱৰ্তনে এই ভাওনাসমূহৰ জনপ্ৰিয়তাত কিছু ব্যাঘাত জন্মায়৷ সেইদৰে ভাওনাৰ প্ৰদৰ্শনৰ দিশটো সমাজ ব্যৱস্থাৰ সৈতে বহু ক্ষেত্ৰত খাপ নোখোৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ’ল৷ সেইদৰে একাংশ শিক্ষিত লোক আৰু বিশেষকৈ যুক্তিবাদ আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ ক্ৰমবিকাশৰ ফলশ্ৰুতিত বৰ্তমান সময়ত ভাওনাৰ ধৰ্মীয় প্ৰভাৱ  কিছু পৰিমানে কমি আহিছে৷ আধুনিক নাটকৰ প্ৰসাৰ আৰু ভ্ৰাম্যমাণ নাটকৰ প্ৰসাৰো এই ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে৷ প্ৰকৃত শিকাৰু আৰু শিক্ষক তথা


সমাজ সংগঠক ৰূপে অঙ্কীয়া ভাওনা

শঙ্কৰদেৱে ৰচনা কৰা অঙ্কীয়া ভাওনা আৰু পৰৱৰ্তী সময়ৰ অঙ্কীয়া শ্ৰেণীৰ ভাওনাই  অসমখনক একতাৰ দোলেৰে বান্ধি ৰখাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ বিভিন্ন ধৰ্মালম্বী লোকসকলক সমান অধিকাৰ প্ৰদান কৰি  প্ৰকৃততে শঙ্কৰদেৱেই আধুনিক গণতন্ত্ৰৰ ভেঁটি প্ৰতিস্থা কৰিছিল৷ অঙ্কীয়া ভাওনাৰ দ্বাৰা শঙ্কৰদেৱে একশ্ৰেণীৰ কলাকুশলী সৃষ্টি কৰাৰ লগতে কৰ্ম-সংস্কৃতিৰ পাতনি মেলিছিল; য’ত শঙ্কৰদেৱে জনসাধাৰণৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ লগতে পাৰস্পৰিক ঐক্য আৰু সম্প্ৰীতিৰ সেতু বান্ধিছিল৷ বৰ্তমান সময়তো  কিছু কিছু ঠাইত ভাওনাক অতি উচ্ছ আসন প্ৰদান কৰি অহা হৈছে৷ সাম্প্ৰতিক সময়তো বহুতো ঠাইত  বৰসবাহ, গোপিনী সবাহ, বিভিন্ন ধৰ্মীয়মূলক অনুস্থান আদিত এই  ভাওনাবোৰ প্ৰদৰ্শন কৰা হয়৷ এনে অনুস্থানসমূহলৈ বিভিন্ন ঠাইৰ ভকতসকল আৰু গোপিনীসকল আহে আৰু তেওঁলোকৰ মাজত আন্তঃ সম্পৰ্ক  স্থাপন হয়৷ তদুপৰি বৰ্তমান সময়ত অনুষ্ঠিত কৰা অসম ভিত্তিকভাওনা সমাৰোহ  বা জিলা ভিত্তিত অনুষ্ঠিত হোৱা সমাৰোহসমূহে  সমগ্ৰ অসমখনকে ঐক্য আৰু সম্প্ৰীতিৰে  বান্ধি ৰাখিবলৈ সক্ষম হৈছে৷  অঙ্কীয়া ভাওনাবোৰ নামঘৰত সাধাৰণতে ‘আখৰা’ কৰা হয়৷ এই আখৰালৈ গাঁৱৰ বৃদ্ধসকলকে আদি কৰি প্ৰায়সংখ্যক লোক আহে, সমূহীয়াকৈ যিকোনো সিদ্ধান্ত এই অনুষ্ঠানসমূহতে লোৱা হয়৷ এনেদৰে এই  নাটবোৰে পৰোক্ষভাৱে সমাজখনৰ সকলোকে এক কৰি ৰখাত সহায় কৰিছে৷


আৰ্থিক দিশৰ মাধ্যম ৰূপে অঙ্কীয়া ভাওনা

অঙ্কীয়া ভাওনা প্ৰদৰ্শন কৰিবলৈ বিভিন্ন সা-সঁজুলি [যেনে ঃ পোছাক-পৰিচ্ছদ, বাদ্যযন্ত্ৰ, মুখা শিল্প, বাঁহৰ অস্ত্ৰ-সস্ত্ৰ আদি]ৰ প্ৰয়োজন হয়৷ এনে সা-সঁজুলিসমূহ  নিৰ্মাণ কৰি অসমৰ একাংশ লোকে জীৱিকা নিৰ্বাহ কৰি আছে৷ আমি সঘনাই  ব্যৱহাৰ কৰি থকা খোল, ঢোল, নাগ্‌ৰা আদি প্ৰস্তুত কৰি বহু লোকেজীৱিকা নিৰ্বাহ  কৰি আছে৷ মাজুলীৰ বহুতো সত্ৰত এতিয়াও মুখা শিল্প বৰ্তমান সময়তো বৰ্তি আছে৷ তদুপৰি সাম্প্ৰতিক সময়ত ৰঙ্গমঞ্চত ভাওনা মঞ্চস্থ কৰিবলৈ অনেক উপকৰণৰ প্ৰয়োজন হয়, মুখা নিৰ্মাণ কৰা একাংশ লোক আৰু ডেছ ভাণ্ডাৰ খুলি জিৱীকা নিৰ্বাহ কৰা লোকসকলৰ কথাও এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি৷ তদুপৰি মঞ্চ নিৰ্মাণ, পোহৰ, বাদ্য-যন্ত্ৰ আদিৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ এই সকলো দিশতে আৰ্থিক দিশটো জড়িত হৈ আছে৷ অঙ্কীয়া সমাৰোহ [উদাহৰণ- জামুগুৰি হাটৰ বাৰেচহৰীয়া ভাওনা]ক কেন্দ্ৰ কৰি তাৰ আশে-পাশে এখন বজাৰ গঢ়ি উঠে, ইয়াৰ জৰিয়তেও অনেক লোকৰ অৰ্থ উপাৰ্জনৰ বাবে পথ মুকলি হয়৷  সাম্প্ৰতিক সময়ত ভ্ৰাম্যমান নাট্য-গোষ্ঠীৰ দৰে অঙ্কীয়া ভাওনাবোৰো বিভিন্ন গোষ্ঠীসমূহে বিভিন্ন ঠাইত মঞ্চস্থ কৰা পৰিলক্ষিত হয়৷ এই দলসমূহেও ইয়াৰ জৰিয়তে যথেষ্ট অৰ্থ সংগ্ৰহ কৰে৷ তদুপৰি অসমৰ জনসাধাৰণ ভক্তি ধৰ্মত ইমানেই নিমজ্জিত যে নামঘৰ, সত্ৰসমূহত অনুষ্ঠিত হোৱা ভাওনাত অনেক লোকে দান-বৰঙণি আগবঢ়াই  আৰু ইয়াৰ দ্বাৰা সেই  সমাজখনৰ আৰ্থিক দিশটো টনকিয়াল হয়৷ 


অসমীয়া সমাজ-সংস্কৃতি নিৰ্মাণত অঙ্কীয়া ভাওনাৰ ভূমিকা

অসমীয়া  সংস্কৃতি এক বৃহৎ সমন্বয়ৰ সংস্কৃতি৷ এই বৃহৎ সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ আছে অসমৰ স্বাভিমান, প্ৰমূল্যবোধ, ঐতিহ্য, ইতিহাস চেতনা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ৷ এই  সংস্কৃতি একেদিনাই  সৃষ্টি হোৱা পৰিঘটনা নহয়৷ সময় পৰিৱৰ্তনৰ লগে-লগে অসমৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন, উত্তৰণ আদিৰ বিভিন্ন প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত হে এনে বৰ্ণিল সংস্কৃতি গঢ়ি উঠিছে৷ 

সেইদৰে অন্যান্য জাতি-জনজাতিৰ সংস্কৃতিৰ প্ৰভাৱো অসমীয়া সমাজ-সংস্কৃতিত বহু পৰিমানে পৰিছে৷ বৃহত্তৰ অসমীয়া সভ্যতাৰ সমাজ-সংস্কৃতি নিৰ্মাণ প্ৰক্ৰিয়াত শঙ্কৰদেৱৰ প্ৰভাৱেই সৰ্বাধিক আছিল৷ তেওঁৰ দ্বাৰা সৃষ্ট অঙ্কীয়া ভাওনাই এই সংস্কৃতি নিৰ্মাণ  প্ৰক্ৰিয়াটোত গুৰnত্বপূৰ্ণ  ভূমিকা গ্ৰহণ কৰিছে৷  অসমীয়া সমাজখনক মূৰ্তি পূজাৰ কৱলৰ পৰা মুক্ত কৰি শঙ্কৰদেৱেই সৰ্বপ্ৰথমে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱত্তৰ্ন কৰে৷ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত অঙ্কীয়া ভাওনাৰ ভূমিকাই  সৰ্বাধিক৷ অসমৰ সমাজ জীৱনৰ আপুৰুগীয়া সম্পদ কেইপদমান যেনে- খোল, তাল, নাগ্‌ৰা, ডবা, শঙ্খ, মৃদং, বৰকাঁহ  আদি বাদ্য-যন্ত্ৰসমূহ  অঙ্কীয়া ভাওনাৰ অপৰিহাৰ্য অংগ৷ তদুপৰি  বৰগীত, সত্ৰীয়া নৃত্য আদিতো অঙ্কীয়া ভাওনাৰ প্ৰভাৱ জড়িত হৈ আছে৷ মানুহৰ মৃত্যুৰ পিছতো মৃতকৰ সন্মানাৰ্থে গায়ন-বায়নেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ তেনেদৰে কোনো ঠাইলৈ বিশিষ্ট ব্যক্তিসকলৰ আগমন হ’লে মনোৰঞ্জনৰ বাবেও বহু ঠাইত অঙ্কীয়া ভাওনা প্ৰদৰ্শন কৰা হয়৷ গ্ৰাম্য সমাজত শিল্পী, কলা-কুশলী নিমাৰ্ণ আদিতো অঙ্কীয়া ভাওনাৰ ভূমিকা যথেষ্ট পৰিমানৰ৷ সত্ৰসমূহত এটা সময়ত এখন অঙ্কীয়া নাট ৰচনা কৰিলেহে এজন ব্যক্তিয়ে সত্ৰাধিকাৰ হোৱাৰ অৰ্হতা অৰ্জন কৰিছিল৷


দৰ্শকৰ চিন্তা-অনুভূতি বিস্তাৰত অঙ্কীয়া ভাওনাৰ প্ৰভাৱ

অঙ্কীয়া ভাওনাৰ এটা ধনাত্মক গুণ হ’ল জনসাধাৰণ বা অশিক্ষিত লোকসকলক নিজাকৈ চিন্তা-চৰ্চা কৰিবলৈ এটি বাট দেখুৱাই  দিয়ে৷ অঙ্কীয়া ভাওনা এক অংক বিশিষ্ট; গতিকে ভাওনাত সকলোবোৰ নাটকীয় পৰিবেশ দৃশ্যৰ মাধ্যমেৰে দেখুৱাই দিয়াটো সম্ভৱ নহয়৷ ফলস্বৰূপে সূত্ৰধাৰৰ দ্বাৰা বহুতো পৰিবেশ কেৱল  বৰ্ণনাৰ দ্বাৰা সম্পাদন কৰা হয় আৰু এনে ধৰণৰ বৰ্ণনাৰ সমান্তৰালভাৱে দৰ্শকে মনোজগতত এক ধৰণৰ পৰিবেশ তৈয়াৰ কৰি ল’ব পাৰে৷ উদাহৰণ স্বৰূপে- সূত্ৰধাৰৰ বচনত এনেধৰণে থাকে- ‘‘হে সামাজিক লোক, জনক নন্দিনী সীতা, কিঞ্চিত স্বস্থ হুয়া, সখীসৱ সহিত এক পাশ হুয়া ৰহল৷ [ৰামক চৰণ চিন্তি, বয়নে হাত চৰাই, অধোমুখে হুয়া ৰহল৷] তদনন্তৰে দশৰথ ৰাজাক প্ৰৱেশ দেখহ৷’’ এই  বৰ্ণনাৰ পৰা আমি একধৰণৰ পৰিবেশ মনৰ মাজতে তৈয়াৰ কৰি ল’ব পাৰো আৰু সূত্ৰধাৰৰ কথাৰ লগে লগে সেই পৰিবেশটো কেনে হ’ব আমি মনৰ মাজতে নিজ নিজ চিন্তা অনুভূতিৰে তৈয়াৰ কৰি লব পাৰো৷ সেইদৰে  স্বৰ্গ, মত্য, পাতাল, বৃন্দাৱন আদি শব্দবোৰ জনসাধাৰণৰ মানসপটত নিজা নিজা ধৰণে উপলব্ধি হয়৷ মুঠতে ক’ব পাৰি অঙ্কীয়া ভাওনাই  দৰ্শকক চিন্তা-অনুভূতিৰ এখন মায়াময় জগতত খোজ দিয়াব পাৰে৷


অঙ্কীয়া ভাওনাৰ প্ৰতি বৰ্তমান প্ৰজন্মৰ দৃষ্টিভংগী

অঙ্কীয়া ভাওনাৰ প্ৰভাৱ সম্পৰ্কে  পৰ্যালোচনা কৰোতে আমি জনসাধাৰণৰ মতামত আৰু দৃষ্টিভংগী সম্পৰ্কেও গুৰুত্ব দিয়া উচিত৷ নিৰপেক্ষ দৃষ্টিৰে পৰ্যবেক্ষণ কৰিলে এই কথা প্ৰতীয়মান হয় যে অঙ্কীয়া ভাওনাও সমালোচনাৰ উধবৰ্ত নহয়৷ বিচাৰ কৰিলে এই ভাওনাবোৰৰো ঋণাত্মক গুণ উলাই পৰিব৷  কিন্তু শঙ্কৰদেৱে যি সময়ত এই নাটসমূহ ৰচনা কৰিছিল সেই সময়ত এনে নাটবোৰেই সমাজৰ বাবে হৈ পৰিছিল ভক্তিধৰ্মৰ বিকাশ আৰু মনোৰঞ্জন অৰ্জনৰ প্ৰধান মাধ্যম৷ 

বৰ্তমান প্ৰজন্মই সততে অঙ্কীয়া ভাওনাৰ বিপক্ষে উত্থাপন কৰা অভিযোগসমূহ এনেধৰণৰ-

অঙ্কীয়া ভাওনাক পৰিবেশ্য কলাৰ অন্তৰ্ভূক্ত কৰা হয়৷ কিন্তু এবিধ কলা হিচাপে অঙ্কীয়া ভাওনা প্ৰদৰ্শনত ভাৱৰীয়া ৰূপত আজিৰ সময়তো মহিলাসকলক দেখা পোৱা নাযায় [অতি সাম্প্ৰতিক কালত মুষ্টিমেয় দুই-এজন নাট্যকাৰে ৰঙ্গমঞ্চত নাৰী চৰিত্ৰবোৰ নাৰীৰ দ্বাৰা উপস্থাপন কৰাবলৈ সক্ষম হৈছে, তাকো বহু  বিতৰ্কৰ পাছত]৷  অৰ্থাৎ ভাওনাই নাৰীবাদী চিন্তাচৰ্চাক অগ্ৰাধিকাৰ নিদিয়ে৷  আজিৰ সমাজতো নাৰীৰ চৰিত্ৰ পুৰুষে ৰূপায়ন কৰা পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত আমি ক’ব পাৰো যে পুৰুষ-নাৰীৰ সম-মৰ্যদাৰ দিশটো অঙ্কীয়া  ভাওনাত উপেক্ষিত হৈ ৰৈছে৷

অঙ্কীয়া ভাওনা কেৱল ধৰ্মীয় আৱেষ্টনীৰ মাজতে আৱদ্ধ৷ ইয়াত বাস্তৱতা নাই, মাথো অলৌকিকতাৰে পৰিপূৰ্ণ৷ তেনেকৈ বিজ্ঞান বা যুক্তিৰে এই  ভাওনাৰ  কাহিনীসমূহৰ যথাৰ্থতা বিচাৰ কৰিব নোৱাৰি৷

অঙ্কীয়া ভাওনা যি দৃঢ় নীতি নিয়মৰ মাজত আৱদ্ধ আৰু পৰম্পৰাৰ মাজৰ সীমাবদ্ধ, সেইয়া অতিক্ৰম কৰি বৰ্তমান সময়ত সৰহসংখ্যক লোকেই লগতে¸ নাট্যকাৰসকলে এটা ৰিক্স লব নোখোজে, ফলত আজিৰ পৰা পাচশঁৰো অধিক বছৰৰ আগতে ৰচনা কৰা অঙ্কীয়া ভাওনাই আজিৰ একাংশ নৱ-প্ৰজন্মক আকৰ্ষিত কৰিব নোৱাৰে৷

বৰ্তমান সময়ত অঙ্কীয়া ভাওনাৰ চৰ্চা গ্ৰাম্য সমাজত হে  বৰ্তি আছে৷ তেনেদৰে সত্ৰানুস্থান আৰু সংঘসমূহে  ভাওনা সংৰক্ষণৰ বাবে যেনে ধৰণে কাৰ্যপণ্ঠা হাতত ল’ব লাগে সেয়া কিন্তু দৃষ্টিগোচৰ হোৱা নাই৷ তদুপৰি শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ অভিজ্ঞতা পুষ্ট লোক [আধুনিক পৰিভাষাত-পৰিচালক]ৰ অভাৱ৷ যাৰ ফলশ্ৰুতিত অঙ্কীয়া ভাওনা ঠাই ভেদে ভিন্ন ৰূপত উপস্থাপন কৰা দেখা যায়৷ অৱশ্যেশেহতীয়াকৈ দুই এক নাট্যকাৰে অঙ্কীয়া নাটকক আধুনিক পৰিৱেশত আধুনিক মাধ্যমেৰে চৰ্চা কৰা পুনৰ দেখিবলৈ পোৱা গৈছে৷ সেইদৰে নগৰকেন্দ্ৰীক সভ্যতায়ো ভাওনাক আকোৱালি লোৱা দেখা গৈছে৷ কলেজ, মহাবিদ্যালয় পৰ্যায়ত ভাওনা মঞ্চস্থ কৰা পৰিলক্ষিত হৈছে৷

সূত্ৰধাৰৰ অবাধ আহ-যাহ  আৰু শ্লোকৰ অতিমাত্ৰিকতা অঙ্কীয়া ভাওনাত লক্ষ্য কৰা দেখা যায়৷ একেটা সংলাপকে সূত্ৰধাৰ, শ্লোক আৰু ভাৱৰীয়াই তিনি ধৰণে ক’ব লগা হয়৷ 

ওপৰৰ আলোচনাৰ পৰা এই  কথা স্পষ্ট হয় যে শঙ্কৰী যুগ  বা শঙ্কৰোত্তৰ যুগৰ সময়চোৱাত ভাওনাক জনসাধাৰণে ভক্তি ভাবেৰে গ্ৰহণ কৰিছিল  আৰু ভাওনাক লৈ কাৰো মতভেদ নাছিল যদিও সাম্প্ৰতিক সময়ত ভাওনাক লৈ মতানক্য বা সমালোচনা নোহোৱা নহয়৷


অঙ্কীয়া ভাওনাৰ ভৱিষ্যত

এই কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ একাংশ জনসাধাৰনৰ প্ৰাণত সাম্প্ৰতিক সময়তো অঙ্কীয়া ভাওনাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বৈষ্ণৱ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে সমগ্ৰ অসমখনক একতাৰ দোলেৰে বান্ধি ৰখাত অঙ্কীয়া নাটসমূহৰ অৱদান যথেষ্ট পৰিমাণৰ৷ প্ৰসিদ্ধ  নাট্যকাৰ যুগল দাসে তেওঁৰ  বায়নৰ খোল নাটকৰ এটি সংলাপত অঙ্কীয়া নাট সম্পৰ্কত এনেদৰে কৈছে- ‘‘ভাওনা আমাৰ বাপতি সাহোন,গুৰুজনাই দি থৈ যোৱা সম্পদ, ইয়াত পৰম্পৰা আছে, মাটিৰ গোন্ধ আছে৷ লাগিলে ধূলি-মাকটি গুচুৱাই ধুই পখালি লবি৷’’ অৰ্থাৎ নাট্যকাৰে অঙ্কীয়া ভাওনাক প্ৰয়োজন অনুশৰি সময়োপযোগী কৰি দৃশ্যায়ন কৰাৰ পোষকতা কৰিছে৷ যিটো বিষয় আজিৰ সচেতন নৱ-প্ৰজন্মই সততে সমৰ্থন কৰে৷

ভাওনাসমূহ  সময়ৰ সৈতে  গতিশীল কৰি নিবলৈ বৰ্তমান সময়ত বহুতো কাৰ্য হাতত লোৱা হৈছে৷ সাম্প্ৰতিক সময়ত  দুই এজন আগ্ৰহী নাট্যকাৰে অঙ্কীয়া নাটকক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে, বহু কেইখন নাট  বিদেশত মঞ্চস্থ হৈছে, বিদেশী কলা-কুশলীয়ে ভাওনা মঞ্চস্থ কৰিছে, অঙ্কীয়া ভাওনাৰ অনুবাদ হৈছে; এইয়া আমাৰ বাবে সুখবৰ৷ পৰিৱৰ্তনশীল সমাজত  কলা-সংস্কৃতিবোৰকো আমাৰ সৈতে গতিশীল কৰি  ল’বই  লাগিব ৷ অৱশ্যে গতিশীল আৰু পৰিবৰ্তনশীল অভিধা দুটাই  ইতিবাচক দৃষ্টিভংগীক হে  বুজাব৷ অঙ্কীয়া ভাওনা বৰ্তমান সময়ত ৰঙ্গমঞ্চ (প্ৰছেনিয়াম)তো মঞ্চস্থ  কৰা হৈছে৷ তেনেদৰে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আধুনিক প্ৰযুক্তিৰ সহায়ত ভাওনা প্ৰদৰ্শন হৈছে ৷ এনে পৰিপেক্ষিত্ৰত অঙ্কীয়া ভাওনাত কিছু-কিছু  ক্ষেত্ৰত যেনে- দৃশ্যসজ্জা, সংলাপ প্ৰক্ষেপন, আধুনিক পোহৰ ব্যৱস্থা, সাজ-পোছাক আদি নৱ্য কৌশল প্ৰয়োগ কৰিবই লাগিব আৰু ই  স্বাভাৱিক ৷ এনে কৰাৰ ফলশ্ৰুতিত দৰ্শকেও ভাওনাক  নতুনকৈ আকোৱালি লৈছে৷ তাকে নকৰি মাথোঁ পৰম্পৰাকে সাৰোগত কৰি থাকিলে  ভাওনাই আধুনিক সমাজ ব্যৱস্থাত তিষ্ঠি থাকিব নোৱাৰিব৷ গতিকে অঙ্কীয়া ভাওনাৰ ভৱিষ্যত সুদৃঢ় কৰি ৰাখিবলৈ এনেধৰণৰ কাৰ্যপণ্ঠাবোৰ গ্ৰহণ কৰা উচিত লগতে প্ৰয়োজনীয়ও৷ 


উপসংহাৰ 

অসমীয়া সমাজ আৰু সাহিত্যলৈ শঙ্কৰদেৱৰ বহুমূলীয়া অৱদান হ’ল অঙ্কীয়া ভাওনাৰ সৃষ্টি৷ পাচশঁ বছৰ অতিক্ৰম কৰাৰ পিছতো সাম্প্ৰতিক সময়তো ভাওনাৰ মূল্য প্ৰাসংগিক হৈ আছে৷  গ্ৰাম্য সমাজৰ আবাল-বৃদ্ধ-বনিতা সকলোৰে মন মগজুত অঙ্কীয়া ভাওনাসমূহে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে, এই ভাওনাৰ আৰ্হি লৈয়ে বঙলুৱা নাট আৰু তাৰ পৰৱৰ্তী সময়ত আধুনিক  নাটকৰ সৃষ্টি হৈছে ৷ বৰ্তমান সময়ত ভাওনাক লৈ কৰ্মশালা, প্ৰশিক্ষণ আদি অনুষ্ঠিত হৈছে৷ অসমৰ সমাজ ব্যৱস্থাত শঙ্কৰদেৱক যিমান উচ্চাসন দিয়া হয় তেনেদৰে  ভাওনাকো সমানেই গুৰুত্ব দিয়া হয়৷ 

পৰিশেষত উপৰোক্ত আলোচনাৰ পৰা আমি নিম্নোক্ত সিদ্ধান্তসমূহত উপনীত হ’ব পাৰো-

  • জনসমাজত অঙ্কীয়া নাটৰ সাহিত্যিক মূল্যতকৈ কলা  হিচাপেহে জনপ্ৰিয়তা সৰ্বাধিক৷ বিশেষকৈ অনাখৰীলোকসকল
  • অঙ্কীয়া নাটৰ উপস্থাপন শৈলীটো (ভাওনা)ৰ প্ৰতিহে  অধিক আগ্ৰহী৷
  • অঙ্কীয়া ভাওনা বৰ্তমান সময়ত আধুনিক নাটকৰ সমান্তৰালকৈ প্ৰচলিত হ’বলৈ হ’লে উপস্থাপন পদ্ধতিৰ কিছু উন্নত হোৱাটো আৱশ্যকীয়৷ তেনেদৰে পৰম্পৰাৰ লগতে পাৰ্যমানে আধুনিক প্ৰযুক্তিৰো ব্যৱহাৰ কৰিব লাগিব৷
  • অঙ্কীয়া ভাওনাই অসমৰ আৰ্থ-সামাজিক দিশ আৰু সমাজ-সংস্কৃতিলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছে৷
  • সামাজিক সমতা ৰক্ষা আৰু অসমৰ গ্ৰাম্য সমাজ ব্যৱস্থাৰ পদবী নিৰ্ণয়তো ভাওনাৰ অৱদান আছে৷
  • অঙ্কীয়া ভাওনাই এখন শান্তি-সম্প্ৰীতিৰ সমাজ নিৰ্মাণৰ পৃষ্ঠপোষক ৰূপে ভূমিকা গ্ৰহণ কৰি আহিছে৷
  • এটা কথা নিশ্চিতভাৱে ক’ব পাৰি যে সাম্প্ৰতিক সময়ৰ যান্ত্ৰিক সমাজ আৰু যুক্তিবাদী সমাজ  ব্যৱস্থাই অঙ্কীয়া ভাওনাক পূবৰ্ৰ ধৰণেৰে একে মৰ্যদা নিদিয়ে৷
  • সাম্প্ৰতিক সময়ত কিছুসংখ্যক এনে নাট্যকাৰ আছে যি এই  ভাওনালৈ নতুনত্ব অনাৰ প্ৰচেষ্টা হাতত লৈছে৷ কেৱল নামঘৰৰ মজিয়াতে আৱদ্ধ নাথাকি ৰঙ্গমঞ্চত ভাওনা মঞ্চস্থ কৰাৰ ফলত দৰ্শকেও আকোৱালি লোৱা দেখা গৈছে৷
  • অঙ্কীয়া ভাওনা সংৰক্ষণ কৰিবলৈ আৰু জনসাধাৰণৰ মাজত প্ৰচলন কৰিবলৈ বিজ্ঞানসন্মত কাৰ্যপণ্ঠা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে৷ নতুবা এসময়ত ভাওনাৰ চৰ্চা বিলুপ্ত হৈ পৰিব৷ এই ক্ষেত্ৰত জাতীয় দল-সংগঠন, সচেতন ব্যক্তি বা শঙ্কৰ-সং¸ঘৰ দৰে অনুষ্ঠানসমূহে আগভাগ ল’ব লাগে৷ 
  • ধৰ্মীয় আৱেষ্টনীৰ পৰা মুক্ত হৈ নিৰপেক্ষ ভাৱে অঙ্কীয়া ভাওনাৰ পৰ্যালোচনা, সমালোচনা কৰা উচিত৷
  • সাহিত্য হিচাপে এই  নাটসমূহক জনসমাজত প্ৰতিষ্ঠা কৰিবলৈ সাহিত্যিক, সমালোচকসকলে কাৰ্যপন্থা গ্ৰহণ কৰিব  লাগে৷ অঙ্কীয়া নাটসমূহ একেলগে পাব পৰাকৈ সম্পাদনা কৰিব লাগে৷

অঙ্কীয়া ভাওনাত প্ৰকৃততে অসমীয়াৰ  স্বাভিমান নিহিত হৈ আছে৷ সময় পৰিৱৰ্তনৰ  সমান্তৰালভাৱে এই  অঙ্কীয়া ভাওনালৈ যি পৰিৱৰ্তন আহি পৰিছে সেইয়া সংশয়ৰ কাৰণ যদিও আমি এৰা-ধৰাৰ মাজত থাকি অঙ্কীয়া ভাওনাক সময়ৰ সৈতে গতিশীল কৰি নিবলৈ চেষ্টা কৰা উচিত৷ পৰম্পৰা আৰু আধুনিক সমাজ ব্যৱস্থাৰ শীতলযুদ্ধত যাতে অঙ্কীয়া ভাওনাৰ স্বকীয়তা হেৰায় নাযায় তাৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে৷


গ্ৰন্থপঞ্জী

ভৰালী, শৈলেন ঃ  নাটক আৰু অসমীয়া নাটক, প্ৰথম প্ৰকাশ, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড

 ভট্টাচায্যৰ্, শ্ৰীহৰিচন্দ্ৰ ঃ  অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি, সেৱাকুটীৰ,শুক্ৰেশ্বৰ, দ্বিতীয় প্ৰকাশ৷

 মহন্ত, পোনাঃ ঃ  নাটকৰ ৰং-ৰূপ, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০০৮ চন৷

শইকীয়া নগেন ঃ বিষয়  শঙ্কৰদেৱঃ কৌস্তুভ প্ৰকাশন,  প্ৰথম সংস্কৰণ৷

শৰ্মা, সত্যেন্দ্ৰ নাথ  ঃ  অসমীয়া নাট্য সাহিত্য, নৱম সংস্কৰণ, সৌমাৰ প্ৰকাশ৷

 শৰ্মা, বসন্ত কুমাৰ ঃ  অসমীয়া নাটকঃ প্ৰাচীন আৰু আধুনিক, প্ৰথম প্ৰকাশ, কৌস্তভ প্ৰকাশন

শৰ্মা, সত্যেন্দ্ৰ নাথঃ ঃ  অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, দশম প্ৰকাশ, সৌমাৰ প্ৰকাশন

শৰ্মা, শ্ৰীবসন্ত কুমাৰঃ  ৰামবিজয় নাট [সম্পাদনা], প্ৰথম প্ৰকাশ, কৌস্তভ প্ৰকাশন

শইকীয়া, অজিৎঃ  ছশ বছৰৰ¸ অসমীয়া নাটক পৰম্পৰা আৰু পৰিবৰ্তন৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাক্যামৃত, সঙ্কলক- শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, প্ৰথম প্ৰকাশ৷


ৰচনাকালঃ ২০১৬




Post a Comment

0 Comments