(Source: https://medium.com)
* সংস্কৃতি কি? ইয়াৰ সংজ্ঞা
19th-century English anthropologist Edward Tylor এ তেওঁৰ গ্ৰন্থ Primitive Culture (1871)ত সংস্কৃতিৰ সংজ্ঞা দিছে এনেধৰণে- Culture is that complex whole which includes knowledge, belief, art, morals, law, custom, and any other capabilities and habits acquired by man as a member of society.
১৮৬৫ চনত পোন প্ৰথম এডৱাৰ্ড টাইলাৰে ‘Culture’ শব্দটো ব্যৱহাৰ কৰিছে।
'সংস্কৃতি' পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত। যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়৷ গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট। মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে ৷ সেয়ে ই পৰিৱৰ্তনশীল ৷
বিশ্বনাৰায়ন শাস্ত্রীৰ মতে- কৃষ্টি হ’ল এটা জাতিয়ে কৰা সকলো কামৰে সমষ্টি আৰু সংস্কৃতি হ’ল সেই জাতিৰ চিন্তা, কল্পনা আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি। ইয়াৰ প্ৰভাৱ জাতিৰ মনত থাকি যায়। সেই প্ৰভাৱে জাতিৰ জাতীয় আদৰ্শ গঢ় দিয়ে, কামত অনুপ্ৰেৰণা দিয়ে।
- ৰট বা ইজিপ্তীয়: এই বিধ মানুহৰ গাৰ বৰণ ৰঙা। এওঁলোকৰ শাৰীৰিক বৈশিষ্ট্যত সেই সময়ৰ ফেল্লাহ লোকৰ লগত সাদৃশ্য দেখা যায়।
- নামু: এই বিধ লোক পীতবৰ্ণৰ। নাক ভাটোৰ ঠোঁটৰ আকৃতিৰ। ছেমাইট লোকৰ লগত এওঁলোকৰ মিল আছে।
- নাচু: এই প্ৰকাৰ লোক কৃষ্ণবৰ্ণৰ। এওঁলোকৰ চুলি কেঁকোৰা। নিগ্ৰ'ৰ লগত এওঁলোকৰ সাদৃশ্য বিদ্যমান। (৪) টামাহ': এই প্ৰকাৰ লোক উত্তৰ অঞ্চলৰ মানুহৰ আৱয়বিক লক্ষণযুক্ত। চকুৰ বৰণ নীলা।
- ইউৰোপ আৰু পশ্চিম এছিয়াৰপৰা সুদূৰ তুর্কিস্তান আৰু গংগা উপত্যকালৈ বিস্তাৰিত হৈ থকা গৌৰবৰ্ণৰ লোকসকল। এওঁলোকৰ ভিতৰত আৰব, বেৰবেৰ, ইজিপ্তীয়, পাৰ্ছি আৰু হিন্দুসকলৰ গাৰ বৰণ বগা নহয়। কাৰণ, সেইসকলৰ ওপৰত পৰা সূৰ্যৰ প্ৰখৰ কিৰণৰ প্ৰভাৱ।
- আফ্রিকাৰ নিগ্র'।
- পূব এছিয়াৰ বহল আৰু চেপেটা মুখ, বহল নাক, সৰু সৰু চকু, দাড়ি গোঁফ কম থকা আৰু চুটি চাপৰ অধিবাসী।
- লাপ্সকল
লোক সংস্কৃতি কি?
* লোক সাহিত্যৰ সংজ্ঞা আৰু স্বৰূপ
- মৌখিক সাহিত্য
- দেশাচাৰ আৰু
- উৎসৱ পৰ্ব তথা শৈল্পিক কর্ম।
- লোকগীত
- ফকৰা-যোজনা
- সাধুকথা
বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়। এইবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়।
উদাহৰণ ঃ
মাৰাৰ অলঙ্কাৰ থোৱা কাতি কৰি, দেউতাৰাৰ অলঙ্কাৰ থোৱাহে
ৰামে দি পঠাইছে৷ বিচিত্ৰ অলঙ্কাৰ৷ হাতে দুয়োভৰি লোৱা হে
আইনামঃ
হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, বিয়ানাম, বিহুগীত আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷
অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত। বসন্ত ৰোগ মানুহৰ গাত ওলালে এই নাম গোৱা হয়। বসন্ত ৰোগ 'সাত গৰাকী আই বা দেৱীৰ' কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায়।[2] সেইদৰে সুবচনী দেৱীকো অসুখ-অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ জ্ঞানেৰে, অতি আপোনজনৰদৰে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব।
আইনামৰ উদাহৰণ :
যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা।
দুখীয়াৰ পুতলা আয়ে তুলি দিলে।
আইৰ মন দয়ালী নাই
আইৰ নাম শীতলা দুখীয়াৰ পুতলা
দি যোঁৱা বুকু জুৰাই।
ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত
ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত হৈছে এক শ্ৰেণীৰ আখ্যানমূলক গীত। শঙ্কৰদেউ ৰজা কোনো কোনোৰ মতে শঙ্কৰদেউৰ পুত্ৰ মণিকোঁৱৰ আৰু মণিকোঁৱৰৰ পুত্ৰ ফুলকোঁৱৰক মূল চৰিত্ৰ হিচাপে লৈ আৰু মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ প্ৰেম কাহিনী দুটাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ৰচিত হৈছে। অসমীয়া লোক কবিতাসমূহৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীতৰ যথেষ্ট গুৰুত্ব আছে।
অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে এই গীতক অসমীয়াৰ উমৈহতীয়া সম্পদ হিচাপে স্থান দিলেও অসমৰ অন্যতম জাতি গোষ্ঠী সোণোৱাল কছাৰীসকলৰ সৈতে এই গীতৰ এৰাব নোৱৰা সম্পৰ্ক এটা দেখিবলৈ পোৱা যায়। গুণেশ্বৰ সোণোৱালে লিখিছে– ‘‘এই গীতবোৰ বৰ বিষাদৰ গীত। ফুলকোঁৱৰৰ গীত গালে বৰষুণ হয় বুলি সোণোৱালসকলে বিশ্বাস কৰে। খৰাং হ’লে এই গীত গাই বৰষুণ মতাৰ লোকবিশ্বাস এটা প্ৰচলিত আছে মৰাণসকলৰ পৰম্পৰাগত ধৰ্ম হুঁচৰিত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত পৰিৱেশন কৰা হয়৷
বনঘোষা
বনঘোষা পুৰণি কালৰে পৰা অসমত চলি অহা গীত। বিহুগীত আৰু বনঘোষা এই গীত দুটিৰ মাজত পাৰ্থক্য আছে। য’ত বনৰীয়া প্ৰকৃতিৰ প্ৰেমৰ সোৱাদ আছে; যত আছে হাবিয়লীয়া গাঁৱলীয়া ডেকাৰ গাভৰুৰ প্ৰতি ভালপোৱাৰ সংবেদন আৰু মিলনৰ আকাংক্ষা। বনঘোষা মাত্ৰেই অনুসন্ধিৎসুমুলক; যৌৱনে যৌৱনক বিচাৰি ফুৰাৰ আশা আকাংক্ষাৰ ভাবব্যঞ্জক।বিশ্বাস আৰু সংশয়ৰ মাজেৰেহে পবিত্ৰ প্ৰেমৰ সূচনা ; এই কথা প্ৰতিশাৰী বনগীততেই নিহিত হৈ আছে। যেনে:
কেলৈ স্ৰজিলা সৰজন ঐ দেৱতা,
উৰনীয়া চৰাইয়ে যোৰ পাতি উৰি যায়,
আমাৰ যোৰ পাঁতোতা নাই।
বনৰ বনে পখী উৰে যোৰে পাতি
পৃথিবীত পৰিলে ছায়া;
সপোন সামাজিকত ফুঁৰো একেলগে,
কোনজন ঈশ্বৰৰ মায়া।
কাকে কৈয়ে যামে মোৰে দুখৰ কথা,
কোনে পাতি শুনে কান,
চেনেহীৰ কথাকে ভাবোতে চিন্তোতে,
দেহালৈ পৰিছে টান।
বোকাৰে গৰৈ মাছ বোকাতে ঘুৰিলে,
পথাৰত ঘুৰিলে বগ,
মনৰ কথাষাৰি মনতে বহিলে,
কবলৈ নেপালো লগ।
মহো-হো গীত বা মহখেদা গীত
মহো-হো গীত বা মহখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। লোক-বিশ্বাসৰ ভেটিতে লোক-সাহিত্য ৰচিত হৈছে। বাঘ-সিংহ, সাপ, ম'হ আদি হিংস্ৰ জন্তুৰ লগতে আধিভৌতিক শক্তিকো মন্ত্ৰ-তন্ত্ৰৰ জৰিড়তে মানুহৰ বশলৈ আনিব পৰি বুলি পুৰণি অসমীয়া সমাজখনত এক লোক-বিশ্বাস আছিল। এনেজন বিশ্বাসৰ আলমতে মহো-হো গীতবোৰ ৰচিত হৈছে। নামনি অসমৰ গাঁওসমূহত মহ খেদিবলৈ বুলি গাঁৱৰ ৰাইজ একত্ৰিত হৈ টাঙোন লৈ মহো-হো গীত গায়। “অ' হৰি মহোহো/ মহ খেইদবা টোকান লো।”
সংগীতেৰে মহ খেদিবলৈ যোৱাটো এক অদ্ভুত কল্পনা যেন লাগিলেও ৰাইজে আঘোণ মাহৰ পূৰ্ণিমা তিথিত মহখেদা গীত গাই চোতালে চোতালে আশীৰ্বাদ দি ফুৰে। এইদৰে কৰিলে মহ আঁতৰি যায় বুলি বিশ্বাস আছে। মহো-হো গীতৰ বিষয়-বস্তু শিশু মনোধৰ্মী আৰু বেছি অংশই কৌতুকপূৰ্ণ। মহো-হো গীত লৌকিক ঋতুকালীন উৎসৱ মহো-হো উৎসৱৰ অংশবিশেষ। নামনি অসমৰ অভিভক্ত কামৰূপ জিলা আৰু দৰং জিলাত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ পুৰুষ প্ৰধান। এই উৎসৱত নাৰীৰ কোনো স্থান নাই। লগতে পূজা-পাতল, নৈবেদ্যৰো কোনো স্থান নাই। ঠাই বিশেষে মহো-হো উৎসৱ পালনৰ উদ্দেশ্য বেলেগ-বেলেগ। গোৱালপাৰা জিলাৰ এউৰী বা অ'ৰি, সোনাৰায় পূজা, দৰঙৰ মহ খেদা উৎসৱ, পূৰ্ববংগৰ ভাল্লাভুল্লা উৎসৱ আদিৰ লগত মহো-হো উৎসৱৰ সাদৃশ্য আছে। নলবাৰী জিলাত এই উৎসৱক ভাল-ভলৌকা আৰু বৰপেটা জিলাত ইয়াক ভাওল দিয়া উৎসৱ বুলি জনা যায়।
বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড। 'ফুলমতী কন্যাৰ শান্তি বাৰমাহী গীত','শান্তি বাৰমাহী','মধুমতী গীত' আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।
বাৰমাহী গীতত প্ৰেমিক-প্ৰেমিকাৰ প্ৰণয় আৰু বিৰহৰ নিদৰ্শন আদি ঋতু বা মাহ পৰিবৰ্তনৰ লগত প্ৰাকৃতিক পৰিবেশত বৰ্ণিত হোৱা দেখা যায়। 'বাৰমাহী গীত'ৰ ৰস- আদি আৰু কৰুণ। ড॰ প্ৰফুল্লদত্ত গোস্বামীয়ে কৈছে, "এজনী গাভৰুৱে হয়তো বিদেশত গিৰিয়েকক স্মৰণ কৰি প্ৰত্যেক মাহৰ নিৰ্সগ-জীৱনৰ পৰিৱৰ্তন আৰু নিজ অন্তৰৰ ক্ৰিয়া বৰ্ণনা কৰি গৈছে নতুবা কোনো সাউদে ঘাটত নাও বান্ধি অজ্ঞাতভাৱে নিজৰ ঘৈণীয়েকক মাহৰ পাছত মাহ প্ৰণয় যাঁচি গৈছে- এয়ে বাৰমাহী গীতৰ সাধাৰণ বিষয় বস্তু। "
পাতিৰাভা সকলৰ সমাজত প্ৰচলিত মাৰেগানৰ ওজা আৰু পালিয়ে গোৱা বেউলা বাৰমাহী নামৰ এটি গীতৰ কথা হৈছে এনেধৰণৰ:
বহাগৰ মাহতে প্ৰভু শিলে বৰহিলে।
সেই ন-পানীৰ গুণে নানা ফুল ফুলে॥
জেঠৰ মাহতে ৰ'দে কৰে হুৰাহুৰি।
বৰ ঘৰটো ভাঙাইলে যে বিনা বাওঁ মুৰালি॥
আহাৰ মাহত প্ৰভু আকাশে কৰে আশা।
বনেৰ ঢলিয়া চোকা সিয়ো বান্ধে বাসা॥
কিছুমান ফকৰা-যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীণ জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
অসমীয়া ভাষাৰ ফকৰা-যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। ইহঁত অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্তা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ’লেও যথেষ্ট সংখ্যক ফকৰা-যোজনাৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা- যোজনাৰ অলংকাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়।
- অতিপাত শলাগনি ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচটনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল।
- অভাৱত স্বভাৱ নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ মানুহ এজনেও অসৎ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।
- অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হ’ব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাছনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।
- অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
- অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা: ঢেৰুৱা ঠাৰি যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই।
- অবাবত তৰ্ক কৰা মূৰ্খৰ চিন: মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।
- ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে।
- জ্বলা জুইত ঘিঁউ ঢলা: জুইত ঘিঁউ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা।
- নীতিশিক্ষামূলক সাধুকথা
- কল্পনামূলক সাধুকথা
- পৌৰাণিক বা পৰম্পৰাগত সাধু
- কাল্পনিক সাধু
- অনুষ্ঠানমূলক
- আখ্যানমূলক
- বিবিধবিষয়ক
- অনুষ্ঠানমূলক বা ধর্মমূলক
- ভক্তি নিৰপেক্ষ বা ধৰ্ম নিৰপেক্ষ
- বুৰঞ্জীমূলক (নাহৰৰ গীত, চিকণ-সৰিয়হৰ গীত আদি)
- কিম্বদন্তিমূলক (মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত আদি)
- কাল্পনিক (কন্যা বাৰমাহী, মধুমতীৰ গীত, দুবলা শান্তিৰ গীত আদি)
- অসমৰ সংস্কৃতি, লীলা গগৈ, বনলতা, নৱম সংস্কৰণ, ২০১২
- অসমীয়া লোক সাহিত্যৰ বুৰঞ্জী, প্ৰথম খণ্ড, নবীন চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয়, নৱেম্বৰ, ২০২১
- অসমীয়া মানুহৰ নৃবৈজ্ঞানীক পৰিচয়, ভূৱন মোহন দাস, অসম বিজ্ঞান সমিতি, মে’, ২০০৩
- উপেন্দ্রনাথ গোস্বামী, ভাষা আৰু সাহিত্য
- বিৰিঞ্চি কুমাৰ বৰুৱা, অসমৰ লোক-সংস্কৃতি
- নবীন চন্দ্ৰ শৰ্মা, অসমৰ লোক-সংস্কৃতিৰ আভাস, পৃ. ৪ ৩.
- The Encyclopaedia Britannica, Vol. IV
0 Comments