* অসমৰ ৰাজনৈতিক বুৰঞ্জী
- খ্ৰীঃপূ ৫ম-৪ৰ্থ শতিকাৰ ভিতৰত ‘ৰামায়ণ’ (বাল্মীকি, ৰামায়ণত ২৪,০০০ শ্লোক ৭টা কাণ্ড আৰু ৫০০ সৰ্গত ভগোৱা হৈছে) আৰু ‘মহাভাৰত’ (ৰচকঃ বেদব্যাস, সাতটা কাণ্ড) ৰচনা কৰা হয় বুলি পণ্ডিতসকলে কয়৷
- খ্ৰীঃ পূঃ পঞ্চম শতাব্দী পাণিনিৰ ‘অষ্ট্যাধায়ী’ ব্যাকৰণ ৰচনাৰ সময়৷ এই ব্যাকৰণত সৰ্বমুঠ ৩৯৯৮টা সূত্ৰৰ মাধ্যমেৰে বৈদিক আৰু লৌকিক সংস্কৃত ভাষাক সামৰি প্ৰাচীন ভাৰতীয় আৰ্যভাষাটোৰ আটাইবোৰ সম্ভাব্য দিশৰ পূৰ্ণাঙ্গ বিৱৰণ সন্নিৱিষ্ট কৰা হৈছে। আধুনিক ভাষাবিজ্ঞানী ব্লুমফিল্ডে অষ্টাধ্যায়ীক ‘মানৱ বুদ্ধিমত্তাৰ সবোৰ্ত্তম কীৰ্তিস্তম্ভ’ হিচাপে অভিহিত কৰিছে।
- খ্ৰীঃপূঃ ৪ৰ্থ শতিকা কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’ ৰচনাৰ সময়৷ ৰাষ্ট্ৰৰ স্বৰূপ, ৰজা আৰু প্ৰজাৰ সম্বন্ধ বিচাৰ আদি ৰাজনৈতিক বিষয়ৰ তাত্বিক আলোচনা, ঘাইকৈ ৰাজ্য শাসনৰ লগত জড়িত সমস্যাৰ সমাধান স্বৰূপে ব্যৱহাৰিক জ্ঞান বিতৰণৰ বাবে গ্ৰন্থখন ৰচিত হৈছে। এই গ্ৰন্থৰ আলোচ্য বিষয় হৈছে- এখন ৰাষ্ট্ৰৰ প্ৰশাসনীয় আৰু অৰ্থনৈতিক যাৱতীয় বিষয়।
- মহাভাৰত, ৰামায়ণ, ৰঘুবংশ, অৰ্থশাস্ত্ৰ আদি প্ৰাচীন কাব্যত এই প্ৰাগ্জ্যোতিষপুৰ স্থানৰ নামোল্লেখ আছে৷ কিম্বদন্তিৰ মতে নৰকাসুৰে দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল। তেওঁ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া পাতিছিল। পাছলৈ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয়। নৰকাসুৰৰ কিংবদন্তি অসমৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ; কাৰণ কামৰূপ শাসন কৰা কেইবাটাও ৰাজবংশ নৰকাসুৰৰ পৰাই হোৱা বুলি কোৱা হয়। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰ আছে। শক্তি দেৱী আৰু উপাসনাৰ স্থান কামাখ্যাৰ সৈতেও তেওঁৰ নাম যুক্ত কৰা হয়।
দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই। কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে। ৰজাসকলৰ সাম্ভাব্য ক্ৰমঃ মহীৰংগ (মৈৰং), হটকাসুৰ, শম্ভাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ৷
কালিকাপুৰাণৰ মতে জনকৰ তোলনীয়া পুত্ৰ নৰকক বিষ্ণুৱে প্ৰাগ্জ্যোতিষপুৰৰ ৰজা পাতে৷
ঐতিহাসিকবীদ ৰাজমোহন নাথৰ মতে- চীনদেশৰ ‘চাও থিয়াচ’ নামৰ এটা জাতি ভাৰতবৰ্ষলৈ প্ৰাচীন কালতে প্ৰব্ৰজন কৰি আহিছিল৷ ভাৰতবৰ্ষত তেওঁলোক ‘ঝুথিচ’ নামে জনাজাত হয় আৰু তেওঁলোকৰ এটা ঠালে আমাৰ দেশলৈ আহি বসাবাস কৰাৰ পাচত এই ঠাইৰ নাম ‘প্ৰাগঝুথিচ’ নাম হয়৷ পিচলৈ ‘ঝুথিচ’ শব্দটো সংস্কৃতায়ন হৈ ‘জ্যোতিষ’ হৈছিল৷
মহাভাৰতৰ ভীষ্মপৰ্বত ঘটোৎকচৰ সৈতে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তৰ যুদ্ধ হোৱাৰ বৰ্ণনা আছে৷
ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত নৰক ৰজা প্ৰাগজ্যোতিষপুৰতো সীতাক বিচাৰিবলৈ বান্দৰ সেনাক সুগ্ৰীৱই নিৰ্দেশ দিছে৷
কৌতিল্যৰ অৰ্থশাস্ত্ৰত প্ৰাগজ্যোতিষপুৰক পাৰ-লৌহিত্য বুলি কোৱা হৈছে৷
কালিকাপুৰাণত প্ৰাগ্জ্যোতিষপুৰ আৰু কামৰূপ দুয়োটা শব্দ ব্যৱহাৰ কৰা হৈছে৷ প্ৰকৃততে খ্ৰীষ্টীয় চতুৰ্থ শতিকামানৰ পৰা এই প্ৰাগ্জ্যোতিষপুৰৰ নাম কামৰূপ হোৱা লক্ষ্য কৰা যায়৷ (অসমৰ সংক্ষিপ্ত ইতিহাস, পৃঃ৩৭)
কালিকাপুৰাণৰ মতে- নৰকাসুৰে কিৰাতসকলক উচ্ছেদ কৰি বেদজ্ঞ ব্ৰাহ্মণসকলক বহুওৱা দিনৰ পৰা প্ৰাগ্জ্যোতিষপুৰৰ নাম কামৰূপ হ’ল বুলি কোৱা হয়৷
কালিকাপুৰাণত আৰু কোৱা হৈছে মিথিলাৰ নৰক ৰজা হোৱাৰ পাচতেই তেওঁৰ হাতলৈ কামাখ্যাৰ দায়িত্ব আহে আৰু তেতিয়াৰে পৰা এই ঠাইৰ নাম ‘কামৰূপ’ হ’ল৷ (অসমৰ সংক্ষিপ্ত ইতিহাস, পৃঃ৩৮)
‘গোপথ ব্ৰাহ্মণ’ পুথিৰ এটি আখ্যান মতে শিৱৰ ধ্যান ভংগ কৰিবৰ বাবে দেৱতাসকলে পঠোৱা কামদেৱক শিৱই খঙত ভস্মীভূত কৰাৰ পাচত কামদেৱৰ পত্নী ৰতী দেৱীৰ আৰাধনাত কামদেৱে এই স্থানতে নৱজীৱন লাভ কৰা বাবে এই ঠাইৰ নাম কামৰূপ হয়৷
প্ৰাচীন গ্ৰন্থসমূহত এই এলেকাত বসতি কৰা লোকসকলক বুজাবলৈ ‘ম্লেছ’, ‘কিৰাত’ আদি শব্দ ব্যৱহাৰ কৰা হৈছিল৷
যোগিনীতন্ত্ৰ আৰু হৰগৌৰী সংবাদ নামৰ গ্ৰন্থত কামৰূপ ৰাজ্যক চাৰিটা ভাগত বিভক্ত কৰা হৈছে৷ সেয়া হ’ল- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ৷
জ্যোতিষচৰ্চা আৰু সূৰ্য পূজাৰ দেশ বুলি প্ৰাগ্জ্যোতিষপুৰৰ পৃথক পৰিচয় আছিল৷
কিম্বদন্তিৰ মতে প্ৰাগ্জ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম আছিল মহীৰংগ দানৱ৷ মেৰাং বা মৈৰাঙ্ক পাহাৰ অঞ্চলত মহীৰঙ্গ দানৱৰ ৰাজধানী আছিল বুলি কোৱা হয়৷ ইয়াৰ পাছত ঘটকাসুৰ বুলি আন এজন ৰজাৰ নামোল্লেখ পোৱা যায়৷
বাস্তৱিকতে প্ৰাগ্জ্যোতিষপুৰৰ প্ৰথম ৰজা হিচাপে আখ্যা দিয়া হয় নৰকাসুৰক৷ তেওঁ বিদেহ ৰাজ্যৰ পৰা আহি ঘটকাসুৰক যুদ্ধত হৰুৱাই এই স্থান দখল কৰে বুলি কোৱা হয়৷
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল। তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল। তেওঁ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া পাতিছিল। পাছলৈ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয়।
ৰামায়ণ আৰু মহাভাৰতৰ উপৰি হৰ-গৌৰী সংবাদ, বিষ্ণুপুৰাণ, ভাগৱত পুৰাণকে আদি কৰি বিভিন্ন পুৰাণ-উপপুৰাণ আৰু আনকি কামৰূপৰ ৰজাসকলে বিভিন্ন সময়ত প্ৰদান কৰা কৰা তাম্রলিপি আদিতো নৰকৰ বাৰম্বাৰ উল্লেখ পোৱা যায়। কালিকাপুৰাণত নৰকাসুৰৰ জন্ম, তেওঁৰ প্ৰাগজ্যোতিষত ৰাজ্য প্ৰতিষ্ঠা আৰু শেষত শ্ৰীকৃষ্ণৰ দ্বাৰা তেওঁৰ নিধন ইত্যাদি সকলো কথা পাঁচটা অধ্যায় ব্যাপী বৰ্ণনা কৰা আছে। প্রাপ্ত তথ্যসমূহৰ পৰা জনা যায় যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় পঁচিশজন ৰজাই সুদীর্ঘকাল জুৰি প্ৰাগজ্যোতিষ-কামৰূপত ৰাজত্ব কৰিছিল।
ড° বাণীকান্ত কাকতি প্রমুখ্যে বহু লেখকে অনুমান কৰিছে যে 'নৰক' নামটো এক ৰাজবংশৰ উপাধি হিচাপেহে ব্যৱহাৰ হৈছিল।১৯ ৰামায়ণৰ যুগত জন্মলাভ কৰা নৰক আৰু মহাভাৰতৰ কালৰ কৃষ্ণই নিধন কৰা নৰক দুজন বেলেগ ব্যক্তি। সেয়েহ প্রথম নৰক, যিজনে প্রাগজ্যোতিষত আর্য বসতি স্থাপন কৰিছিল আৰু কামাখ্যা দেৱী পূজা প্ৰৱৰ্তন কৰি ধৰ্মপ্ৰাণভাৱে দেশ শাসন কৰিছিল, সেইজন নৰক আৰু কালিকা পুৰাণৰ পাছৰ ফালে বৰ্ণনা কৰা অনার্য অত্যাচাৰী নৰক দুজন ভিন্ন ব্যক্তি আছিল। এই কথা যদি গ্রহণযোগ্য হয় তেন্তে 'নৰক' উপাধিধাৰী ভালেসংখ্যক ৰজাই প্রাচীন প্রাগজ্যোতিষ-কামৰূপত শাসন কৰিছিল বুলি ধৰি ল'ব পাৰোঁ। যিহেতু জনক আৰু কৃষ্ণক প্ৰাক-বৌদ্ধ কালৰ ঐতিহাসিক ব্যক্তি ৰূপে গণ্য কৰা হয়। সেয়েহে প্রাচীন অসমত শাসন কৰা নৰকসকলক, বিশেষকৈ শেষৰজন নৰকক সেই কালৰে ঐতিহাসিক শাসক আছিল বুলি আমি মতপোষণ কৰিব পাৰোঁ। কালিকা পুৰাণৰ নৰক (সম্ভৱতঃ প্রথমজন) বিদিহাৰ পৰা অহা ক্ষত্রিয় বুলি কৈছে। তেওঁ বিষ্ণুভক্ত, বেদজ্ঞ আৰু দ্বিজবৰ্ণৰ প্রতি দায়িত্বশীল আছিল বুলি বর্ণনা কৰা হৈছে। জনকৰ ৰাজপুৰোহিত গৌতমে নৰকৰ 'কেশৱপন' ক্রিয়া বা অনুষ্ঠান সম্পন্ন কৰিছিল। এই সকলোবোৰ কথাই নিশ্চিতভাবে প্রমাণ কৰে যে, প্রথমজন নৰক আৰ্য বা আর্যকৃত আছিল। তেওঁৰ বংশধৰ নৰকসকলে কেইবাপুৰুষ ব্যাপী শাসন কৰাৰ পিছত কোনো অনার্য নেতাই ৰাজপাট দখল কৰি পূৰ্বৰ নৰক ৰাজ উপাধিয়েই গ্রহণ কৰিছিল। এই নতুনকৈ ক্ষমতা দখল কৰা অনার্য নৰক বা নৰকসকলে 'অসুৰ' উপাধি ধাৰণ কৰিছিল।
নগেন্দ্ৰনাথ বসু আৰু কনকলাল বৰুৱাই নৰক দ্ৰাবিড় জাতিৰ লোক আছিল বুলি আলোচনা কৰিছে৷ ডম্বৰুধৰ নাথে নৰক আৰ্যকৰণ বা সংস্কৃতিকৰণ হৈ পৰা ম্লেছ বা অনাৰ্য ব্যক্তি হ’ব পাৰে বুলি আলোচনা কৰিছে৷
নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই জীয়েক ভানুমতিৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি এক প্ৰবাদ আছে৷ তেওঁ জীয়ৰী কৌৰৱৰ দুৰ্যোধনলৈ বিয়া দিছিল বুলি প্ৰবাদ আছে৷
ভগদত্তৰ উত্তৰাধীকাৰী ৰজা আছিল ব্ৰজদত্ত৷ ব্ৰজদত্তৰ সময়ৰ পৰা বৰ্মন বংশ প্ৰতিষ্ঠালৈকে এক দীৰ্ঘ সময়ৰ ইতিহাস বা ঘটনাৱলীৰ বিষয়ে কোনো সম্ভেদ পোৱা নাযায়৷
- এই সময়ৰে আৰু দুজন কিম্বদন্তিয় ৰজা হ’ল শোণিতপুৰৰ ৰজা বাণাসুৰ আৰু আনজন হ’ল বিদৰ্ভৰ ৰজা ভীষ্মক৷ বাণাসুৰে তেজপুৰৰ মহাভৈৰৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছে বুলি কোৱা হয়৷ ‘কুমৰ-হৰণ’, ‘ঊষা পৰিণয়’ৰ কাহিনীৰ সৈতে বাণাসুৰ জড়িত হৈ আছে৷ অন্যহাতে এতিয়াৰ শদিয়া অঞ্চলেই তেতিয়া বিদৰ্ভ নামেৰে জনাজাত আছিল৷ অৰুণাচলৰ ‘মালিনী থান’ প্ৰাচীন ভীষ্মক ৰাজ্যৰে অংশ বুলি কোৱা হয়৷ ভীষ্মকৰে জীয়েক ৰুক্মিনী আৰু এই ৰুক্মিনীকে কৃষ্ণই পত্নী ৰূপে লাভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু ৰুক্মিনীক হৰণ কৰি দ্বাৰকালৈ লৈ যায়৷
- এই সময়ৰ পৰা অসমৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জীৰ আৰম্ভ হয়৷ প্ৰাচীন অসমৰ প্ৰতিষ্ঠাৰ যি ধূসৰতা দেখা যায়৷ এই সময়ৰ পৰা তাৰ সমাপ্তি ঘটে৷
- বৰ্মন বংশ, প্ৰথমজন ৰজাঃ পুষ্য বৰ্মা, শেষৰজন ৰজাঃ ভাস্কৰ বৰ্মা (৫৯৪-৬৫০)
- হৰ্ষবৰ্ধন(৬০৬-৬৪৬)ৰ ৰাজত্বকালত প্ৰায় ৬৪২-৪৩ খ্ৰীষ্টাব্দত চীনা পিৰব্ৰাজক হিউৱেন চাং কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণক্ৰামে কামৰূপলৈ আহে৷ তেতিয়াই তেওঁ লিখিছিলঃ ‘‘তেওঁলোকৰ ভাষা মধ্যভাৰতৰ ভাষাতকৈ কিছু পৃথক৷’’
- বলৱৰ্মাৰ ৰাজত্ব কালত কনৌজ, মিথিলা আদি ৰাজ্যৰ পৰা প্ৰাগ্জ্যোতিষপুৰলৈ ব্ৰাহ্মণসকলক আনে৷ আৰ্যধৰ্মৰ প্ৰভাৱৰ আৰম্ভ হয়৷
- মহাকবি কালিদাসৰ সাহিত্য ৰচনাৰ সময়৷ (পঞ্চম-ষষ্ঠ শতিকা)
- ধৰ্মঃ শৈৱ, শাক্ত ধৰ্ম, বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ
- শালস্তম্ভ বংশ, প্ৰথম ৰজাঃ শালস্তম্ভ (৬৫০-৭৫), শেষৰজন ৰজাঃ ত্যাগ সিংহ (৯৭০-৯০)
- খ্ৰিষ্টীয় সপ্তম শতিকাৰ কবি বাণভট্টৰ ‘হৰ্ষচৰিত’ ৰচনাৰ সময়৷
- অষ্টম শতিকাৰ পৰা ১২শ শতিকাৰ ভিতৰত ‘চৰ্যাপদ’ ৰচনাৰ সময়৷ নেপালৰ ৰাজদৰবাৰৰ ভূমিকা৷
- ‘দেৱীপূৰাণ’ ৰচনাৰ সময়৷
- ধৰ্মঃ শৈৱ, শাক্ত ধৰ্ম, বৈষ্ণৱ ধৰ্ম, বৌদ্ধ ধৰ্ম
- পাল বংশ, প্ৰথম ৰজাঃ ব্ৰহ্মপাল (৯৯০-১০১০), শেষৰজন ৰজাঃ ধৰ্মপাল (১০৯৫-১১২০)
- পালবংশৰ শ্ৰেষ্ঠ ৰজা ৰত্নপাল (১০১০-১০৪০)৷
- কালিকাপুৰাণ (দশম শতিকা) ৰচনাৰ সময়৷
- ধৰ্মঃ শৈৱ, শাক্ত ধৰ্ম, বৈষ্ণৱ ধৰ্ম
- বৈদ্যদেৱ আৰু অন্যান্য ৰজাসকল যেনে- ৰায়াৰিদেৱ, উদয়কৰ্ণ, বল্লভদেৱ, পৃথুপাল আদি৷
- প্ৰাচীন কামৰূপ ৰাজ্যৰ অৱক্ষয়, পতন আৰু তুৰ্কী, আফগানসকলৰ ভাৰত আক্ৰমণ৷ মহম্মদ বিন বখতিয়াৰ খিল্জীৰ নেতৃত্বত মুছলমানসকলৰ প্ৰথম অসম অভিযান৷
- গিয়াছউদ্দিন ইৱাজ খল্জী আৰু নাছিৰউদ্দিনৰ কামৰূপ ৰাজ্য অভিযান৷
- চুলতান মহম্মদ বিন টোগলকৰ কমতা ৰাজ্য অভিযান৷
মধ্যযুগ
- ১২২৮ৰ পিচত কামৰূপ ৰাজ্য ভাগি ৬খন ৰাজ্যত পৰিণত হয়৷ সেয়া হ’ল ক্ৰমে- (১) কমতা ৰাজ্য (১২২৮-১৫১৫), (২) কোচ ৰাজ্য (১৫১৫-৮১), (৩) ভূঞাসকলৰ ৰাজ্য (১৪৯৮-১৫১৫), (৪) কছাৰী ৰাজ্য (১২২৮-১৮৩২), (৫) চুতীয়া ৰাজ্য (১১৮৯-১৫২৩), আৰু (৬) আহোম ৰাজ্য (১২২৮-১৮২৪)।
- কমতা ৰজাসকলঃ পৃথু, আৰিমত্ত, নীলধ্বজ, চক্ৰধ্বজ সিংহ, নীলাম্বৰ, দুৰ্লভনাৰায়ণ, ধৰ্মনাৰায়ণ আদি৷
- কমতাপুৰৰ ৰজাই ‘‘কমতেশ্বৰ” আৰু ধৰ্মনাৰায়ণে "গৌৰেশ্বৰ” উপাধি ধাৰণ কৰে। সেই সময়ত সম্ভৱতঃ দুর্লভনাৰায়ণে গৌড়েশ্বৰৰ পৰা চণ্ডীবৰ প্ৰমুখ্যে ৭ ঘৰ কায়স্থ আৰু ৭ ঘৰ কনৌজীয়া ব্রাহ্মণ উপহাৰ স্বৰূপে লাভ কৰে। তেওঁলোকৰ ভিতৰত চণ্ডীবৰ পণ্ডিত আছিল বাবে দুৰ্লভ নাৰায়ণে তেওঁকে শিৰোমণি ভূঞা পাতিছিল৷ এওঁৰ বংশতে পৰৱৰ্তী সময়ত শঙ্কৰদেৱৰ জন্ম হয়৷
- কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাতে প্ৰাক্-শঙ্কৰী যুগৰ কবি যেনে- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আদিয়ে সাহিত্য ৰচনা কৰে৷
- কছাৰী ৰজাসকলঃ কোনো লিখিত ইতিহাস নাই৷ আহোমে বুৰঞ্জী লিখাৰ পাছৰ পৰাহে কছাৰী ৰাজ্যৰ বিষয়ে কিছু কথা জনা যায়৷ এওঁলোকে নিজকে ‘হিড়িম্বা ৰাজ্য: আৰু ৰজাক ‘হিড়িম্বেশ্বৰ’ বুলিছিল৷
- চুতীয়া ৰজাসকলঃ বীৰপাল, ৰত্নধ্বজপাল, বিজয়ধ্বজ পাল,ধৰ্মধ্বজ পাল, নীতিপাল আদি৷
- ত্রয়োদশ শতিকাত আৰম্ভ হৈ ছশ বছৰ কাল ব্রহ্মপুত্র উপত্যকাত প্রবল পৰাক্ৰমেৰে ৰাজত্ব কৰা শক্তিটোৱেই হৈছে আহোম ৰাজশক্তি। আহোমসকল সমগ্র দক্ষিণ-পূব এচিয়াত বিস্তৃত হৈ থকা টাই জাতিৰ মাও গোষ্ঠীৰ এটা ঠাল। ত্রয়োদশ শতিকাৰ আগ ভাগতে এওঁলোকে ৰাজকোঁৱৰ চ্যু-কা-ফাৰ অধীনত ম্যুং-মাও-লুং দেশৰ পৰা আহি পাট্কাই পৰ্বতৰ পাং-চ্যু গিৰিপথেদি অসমত সোমাই, দিখৌ আৰু বুঢ়ীদিহিং এই দুই নদীকে সীমা কৰি মধ্যৱৰ্তী অঞ্চলত এখন বাজ্য স্থাপন কৰে। এই সৰু আহোম ৰাজ্যখন লাহে লাহে ডাঙৰ হৈ অৱশেষত ওঠৰ শতিকাত ই মানাহ নদীলৈকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা আগুৰি লয়। আহোমসকল অসমলৈ অহাৰে পৰা অসমৰ ধাৰাবাহিক লিখিত বুৰঞ্জী পোৱা যায়। এই বুৰঞ্জীবোৰৰ পৰা অকল যে আহোমসকলৰ কথা জানিব পাৰি এনে নহয়, অসমত বসবাস কৰা আন আন জাতি-উপজাতিৰ বিষয়েও এই বুৰঞ্জীবোৰত পোৱা যায়। (অসমীয়া সাহিত্যৰ বুৰঞ্জী, প্ৰথম খণ্ড, পৃঃ৪৭)
- এই সময়ৰে পৰা কামৰূপৰ নাম গৈ অসম হয়গৈ৷ অৱশ্য এই সন্দৰ্ভত বিতৰ্ক আছে৷ কিছু সংখ্যকে কয়, শঙ্কৰদেৱৰ লেখাতহে প্ৰথম ‘অচম’ শব্দটোৰ ব্যৱহাৰ হৈছে৷
- অসম নামৰ উৎপত্তি সন্দৰ্ভত মতঃ আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে মত পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম ‘অসম’ হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো অঞ্চল নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে। কিন্তু ‘অসম’ শব্দটোৰ পৰা ‘আহোম’ হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ত নোৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ক ইংৰাজীলৈ ‘Assam’ বুলি লিপ্যন্তৰ কৰে।
- আহোম ৰাজ্যৰ প্ৰথম ৰজাঃ চুক্যাফা (১২২৮-১২৬৮)
- আহোমৰ অন্যান্য ৰজাসকলঃ চ্যু-তেওঁ-ফা, চ্যু-বিন্-ফা, চু-খাং-ফা, চ্যু-খ্ৰাং-ফা আদি৷ শেষৰজন পুৰন্দৰ সিংহ
- যোগিনীতন্ত্ৰ (ষোড়শ শতিকা) ৰচনাৰ সময়৷
- এই সময়ছোৱাত লিখিত সমলঃ তাম্ৰফলি, শিলালিপি, সাঁচিপাত আদি৷ ভাষাঃ সংস্কৃত ভাষা, অপভ্ৰংশ, অসমীয়া ভাষা আদি৷
- ১৭৮৪ঃ এছিয়াটিক ছ’চাইটি অব্ বেংগল, ভাৰ্নেকুলাৰ লিটাৰেৰি ছোচাইটি, বংগ হিত সভা, বংগভাষা প্ৰকাশিকা সভা আদি অনুষ্ঠানৰ জন্ম আৰু ইয়াৰ জৰিয়তে বংগত বৌদ্ধিক-সামাজিক দিশৰ অভ্যুত্থান৷
- ১৮০০ঃ ফৰ্ট উইলিয়াম কলেজৰ প্ৰতিষ্ঠা৷
- সপ্তদশ শতিকাৰ শেষৰ পৰা অষ্টাদশ শতিকাৰ দ্বিতীয় দশকৰ ভিতৰত আহোম ৰজা, বিষয়া, ৰাজৈফদ আদিৰ মাজত ক্ষমতাৰ বাবে হোৱা আত্মকন্দল৷ মোৱামৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫)ৰ আৰম্ভ৷ এই বিদ্ৰোহ আছিল মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ১৮শ শতিকাত হোৱা ধৰ্মীয় সংঘাত। ইয়াৰ ফলত আহোম ৰজা আৰু ৰজাঘৰীয়াৰ বিৰুদ্ধে গণ-জাগৰণৰ সৃষ্টি হৈছিল আৰু দুবাৰকৈ আহোম ৰজাই ৰাজধানীৰ অধিকাৰ হেৰুৱাইছিল। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ কৰোঁতে বহু প্ৰজাৰ মৃত্যু ঘটে। এই বিদ্ৰোহৰ পাছত আহোম ৰাজ্য দুৰ্বল হৈ পৰে।
- ১৮১৩ চনত ৰামপুৰত মিছনেৰীসকলৰ যত্নত প্ৰকাশ পোৱা প্ৰথম অসমীয়া ছপা পুথি বাইবেলৰ অসমীয়া অনুবাদ ‘ধৰ্মপুস্তক’ৰ পৰাই অসমীয়া ভাষাৰ আধুনিক যুগটোৰ আৰম্ভ বুলি ক’ব পাৰি৷ উইলিয়াম কেৰিৰ দ্বাৰা৷
- আত্মাৰাম শৰ্মা আছিল প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি বাইবেলৰ অনুবাদ "ধৰ্মপুস্তক"ৰ লেখক। নগাঁও জিলাৰ কলিয়াবৰত তেখেতৰ জন্ম হৈছিল।
- মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতিত দুৰ্বল হৈ পৰা আহোম ৰাজ্যক ১৮১৭-১৮২১ চনৰ মাজত ব্ৰহ্মদেশে (মান সেনাই) উপৰ্যুপুৰি আক্ৰমণ আৰু অমানুষিক অত্যাচাৰ কৰে৷ অসমৰ শাসনকৰ্তা স্বৰূপে মান ৰজাৰ আৱিৰ্ভাৱ৷ এই আক্ৰমণে অসমৰ ৰজা-শক্তি, প্ৰজা-শক্তিৰ কঁকাল ভাঙি পেলালে৷ ১৮২২ চনৰ জুন মাহত মিঙিমাহা তিলোৱা ব্ৰহ্মদেশৰ ৰজাৰ প্ৰতিনিধি হিচাপে অসমৰ শাসনকৰ্তা হয়৷
- এই মানক খেদিবলৈকে অসমলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমণ ঘটে৷ ১৮২২ ৰ পৰা ১৮২৬ লৈ অসম ৰাজ্য ব্ৰহ্মদেশৰ অধীন হৈছিল ৪ বছৰৰ বাবে৷ এই সময়ছোৱা অন্ধকাৰতম সময় বুলি কোৱা হয়৷
- য়াণ্ডাবু সন্ধি৷ ১৮২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ আৰম্ভ৷ ঔপনিবেশিক সাম্ৰাজ্যবাদৰ আৰম্ভ৷
- এই সময়ৰে পৰাই অসমত ঔপনিৱেশিক শাসন বা সাম্ৰাজ্যবাদী স্বাৰ্থৰ আৰম্ভণি ঘটে৷
- মধ্যযুগীয় শাসনতন্ত্ৰৰ অন্ত আৰু আধুনিক শাসনতন্ত্ৰৰ আৰম্ভ৷
- বিনিময় প্ৰথাৰ পৰা মুদ্ৰাভিত্তিক অৰ্থনীতিলৈ পৰিৱৰ্তন৷
- ১৮২৯ঃ হলিৰাম ঢেকিয়াল ফুকনৰ ‘আসাম বুৰঞ্জী’ গ্ৰন্থৰ প্ৰকাশ
- ১৮২৯ঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম (১৮২৯-১৮৫৯)
- ১৮২৯ চনত অসমত জেমচ্ ৰেৰ প্ৰথম পদাৰ্পণ৷ ধৰ্ম প্ৰচাৰৰ বাবে প্ৰয়াস৷ ১৮৩০ চনত গুৱাহাটীত জেমচ ৰে’ৰ নেতৃত্বত প্ৰথমখন স্কুল প্ৰতিষ্ঠা ৷ বিভিন্ন কাৰণত এই অভিযান বিফল হয়৷
- ১৮৩০ চনত গমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্ৰোহ আৰম্ভ৷
- ১৮৩০ চনত গুৱাহাটীত মিছনেৰি জেমচ ৰে’ইৰ নেতৃত্বত এখন স্কুলৰ আৰম্ভ আৰু এবছৰ চলি বন্ধ হয়৷
- ১৮৩৩ঃ খ্ৰীষ্টাব্দত বাইবেলৰ দ্বিতীয় সংস্কৰণৰ অসমীয়া অনুবাদ৷
- হেমচন্দ্ৰ বৰুৱা ( ১৮৩৫-১৮৯৬), গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪)ৰ জন্ম৷
- ১৮৩৩ চনত পুৰন্দৰ সিংহক অসমৰ কৰতলীয়া ৰজা হিচাপে নিযুক্তি৷
- ১৮৩৪ চনত জেনেৰেল জেনকিন্সক অসমৰ আয়ুক্ত হিচাপে নিযুক্তি৷
- ১৮৩৫ঃ আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলৰ অসম আগমণ
- ১৮৩৬-১৮৭৩ চনলৈ অসমীয়া চৰকাৰী ভাষা ৰূপে বাঙালা ভাষাৰ স্বীকৃতি৷ ভাষিক আৰু সাংস্কৃতিক দিশত পেলোৱা সুদুৰপ্ৰসাৰী প্ৰভাৱ৷
- ১৮৩৬ চনত উইলিয়াম ৰবিন্সন আৰু ১৮৩৫ চনত ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অ’টি কট্টাৰৰ শদিয়ালৈ আগমণ আৰু পৰৱৰ্তী সময়ত শিৱসাগৰলৈ যাত্ৰা৷
- ১৮৩৮ চনত পুৰন্দৰ সিংহক ৰজা ভাঙি উজনি অসমৰ সম্পূৰ্ণ ব্ৰিটিছৰ অধীনলৈ আনে৷
- কলিকতাৰ পৰা আমোলা-মহৰীৰ আগমন৷
- এই সময়ছোৱাত প্ৰকাশিত গ্ৰন্থঃ ১৮৩৯ উইলিয়াম ৰবিনছনৰ ' A Grammar of the assamese language, ১৮৪৪ চনত কাশীনাথ তামুলীফুকনৰ 'অসম বুৰঞ্জী', ১৮৪৬ খৃঃত ডঃ নেথান ব্ৰাউনৰ ' Grommatical Notices on The assamese sse language. আৰু ১৮৪০ খৃঃত শ্ৰীমতী অ’টি কট্টাৰৰ ইংৰাজী অসমীয়া ' vocabulary and phrases', ১৮৪০ চনত অ’টি কাট্টাৰৰ পত্নী শ্রীমতী কাট্টাৰৰ 'অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য', বিশ্বেশ্বৰ বিদ্যাধিপতিৰ' 'বেলিমাৰৰ বুৰঞ্জী' (১৮৩৩-৩৮ খ্রী.), যদুৰাম ডেকাবৰুৱাৰ প্ৰথম 'অসমীয়া বঙলা 'অভিধান (১৮৩৯?), মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ (দেৱান), 'বুৰঞ্জী বিৱেকৰত্ন' (১৮৩৮) এই কালছোৱাৰ উল্লেখযোগ্য পুথি। হলিৰাম ঢেকিয়াল ফুকন এই সময়ৰে লেখক যদিও তেওঁ বঙলা ভাষ্যাতহে লিখিছিল।
- ১৮৩৯ চনত অসমত প্ৰথম মেচিন নাও চলে আৰু ১৮৪৬ চনত প্ৰথম মেচিনচালিত ছপাশাল স্থাপন কৰা হয়৷ এই দুটা তথ্যই আছিল অসমত যন্ত্ৰযুগৰ প্ৰথম আৰম্ভণি৷
- ১৮৪৪ চনত এই প্ৰেছতে ছপোৱা হয় কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’৷ (অধিক তথ্যঃ পুৰন্দৰ সিংহৰ নিৰ্দেশত ৰাধানাথ বৰবৰুৱা আৰু আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত 'আসাম বুৰঞ্জী' ৰচনা কৰিছিল। ১৮৪৪ চনত আমেৰিকান বেপ্তিষ্ট মিছনে এই কিতাপখন ছপাই উলিয়ায়। এই 'আসাম বুৰঞ্জী'ৰ আলমতে পৰৱৰ্তী সময়ত হৰকান্ত সদৰামীন ডাঙৰীয়াই 'অসম বুৰঞ্জী' ৰচনা কৰে।)
- এই সময়তে অসমীয়া-বাংলা-হিন্দী আদিৰ খিচিৰি ভাষাৰ সৃষ্টি হয়৷ যাৰ ফলশ্ৰুতিত মিছনেৰীসকলৰ মাতৃভাষা বিষয়ক জ্ঞানৰ উপলব্ধি হয় আৰু মিছেৰীসকলে অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ চেষ্টা আৰম্ভ কৰে৷
- মহেশ্বৰ নেওগে এই প্ৰসংগত কৈছেঃ অসমৰ জাতীয় জীৱনত বেপ্তিষ্টসকলৰ ভূমিকা হ’ল মৃত সঞ্জীৱনী দানৰ, অসমীয়া ভাষাৰ ত্ৰান আৰু নিৰ্মাণৰ জীৱন দায়ী ভূমিকা৷
- শিৱাগৰৰ পৰা ১৮৪৬ চনত ‘অৰুনোদই সম্বাদপত্ৰ’ প্ৰকাশ৷ প্ৰথম সম্পাদক নাথান ব্ৰাউন৷ এই 'অৰুনোদই সম্বাদপত্র' নামটো ১৮৫০ খ্রীষ্টাব্দলৈকে চলি আছিল; ১৮৫১ ৰ পৰা কৰা হ'ল কেৱল 'অৰুনোদই' এই আখৰ-জোঁটনিত মিছনেৰিসকলে উচ্চাৰণ অনুসৰি কৰা আখৰ-জোঁটনিৰ নিয়ম অনুসৰি দন্ত্য 'ন' আৰু হ্রস্ব 'ই' ব্যৱহৃত হৈছিল।
- ১৮৫১ চনত জন্ বানিয়নৰ ‘পিল্গ্ৰিমছ প্ৰগ্ৰেছ’ৰ অসমীয়া অনুবাদ ‘জাত্ৰিকৰ যাত্ৰা’ৰ প্ৰকাশ৷
- ১৮৫৭ঃ কলিকতা বিশ্ববদ্যালয়ৰ প্ৰতিষ্ঠা৷
- ১৮৫৭ঃ চিপাহী বিদ্ৰোহৰ আৰম্ভ৷ মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে এই বিদ্ৰোহ। আৰম্ভ কৰে৷ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত (বৰ্তমানৰ উত্তৰপ্ৰদেশ, বিহাৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু দিল্লী অঞ্চল) বিয়পি পৰিছিল। এই অঞ্চলসমূহত কোম্পানীয়ে যথেষ্ট ক্ষিপ্ৰ বেগত বিদ্ৰোহ দমন কৰিছিল। চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ, মহাবিদ্ৰোহ, ভাৰতীয় বিদ্ৰোহ, ১৮৫৭ চনৰ বিদ্ৰোহ আৰু ১৮৫৮ চন গণ-অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়।
- ১৮৫৮ চনৰ পৰা গুণাভিৰাম বৰুৱাৰ ‘ৰামনৱমী’ (১৮৫৭) নাটকৰ ধাৰাবাহিক প্ৰকাশ৷ ৰামনৱমী প্ৰথম আধুনিক নাটক৷
- ১৮৫৯ হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ প্ৰকাশ পায়।
- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮), চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮)ৰ জন্ম৷
- হেমচন্দ্ৰ গোস্বামীৰ জন্ম (১৮৭২-১৯২৮)
- ১৮৭১ঃ মাজুলীৰ আউনীআটিৰ পৰা শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে প্ৰকাশ কৰা ‘আসাম বিলাসিনী’ কাকতৰ প্ৰকাশ৷ ১৮৮৩ চনলৈকে এইখন প্ৰকাশ হৈছিল৷ খ্ৰীষ্টাধনধৰ্মৰ বিপৰিতে আশলোচনীত হিন্দুধৰ্মৰ কথা-বতৰাৰ প্ৰকাশ হয় এই আলোচনীৰ জৰিয়তে৷ এই সত্ৰতেই ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ৰ প্ৰতিষ্ঠা কৰিছিল৷ এই আলোচনীৰ পাততে ভোলানাথ দাসে ‘সীতাহৰণ কাব্য’ ধাৰাবাহিকভাৱে প্ৰকাশ কৰে৷
- ১৮৭২ঃ অসমত বাংলা ভাষাত কাকতৰ প্ৰকাশঃ ১৮৭২ ঃ ‘আসাম মিহিৰ’ (গুৱাহাটীৰ পৰা প্ৰকাশিত), ১৮৭৬ ‘হিত সাধিনী’ (গোৱালপাৰাৰ পৰা প্ৰকাশিত)
- এই সত্ৰৰ পৰাই ১৮৭৬ চনত ‘আসাম দীপক’ নামৰ এখন কাকত এবচৰ প্ৰকাশ হয়৷ একেটা ছপাশালৰ পৰাই ১৮৮৮ চনত ‘আসাম তৰা’ শ্ৰীধৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ হয় আৰু এবছৰ ছলি এইখনো মৃত্যুমুখত পৰে৷
- ১৮৭৬ঃ দিহিং সত্ৰৰ পৰা ‘আসাম দীপিকা’ প্ৰকাশ হয়৷
- ১৮৮২ঃ হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত প্ৰকাশিত ‘আসাম নিউচ’ প্ৰকাশ হয়৷
- ১৮৮৫ঃ গুণাভিৰাম বৰুৱাৰ দ্বাৰা ‘আসাম বন্ধু’ প্ৰকাশ হয়৷ মাত্ৰ ১৬টা সংখ্যা প্ৰকাশ হৈ আলোচনীখন বন্ধ হৈ যায়৷ এই মাহেকীয়া কাকতখন আছিল ‘জোনাকী’ৰ অগ্ৰদূত স্বৰূপ৷
- ১৮৮৬ চনত বলিনাৰায়ণ বৰাৰ দ্বাৰা ভাতৃ হৰনাৰায়ণ বৰুৱাৰ নামত ‘মৌ’ আলোচনীখন সম্পাদনা কৰি প্ৰকাশ কৰে৷ আলোচনীখনৰ মাত্ৰ ৪টা সংখ্যাহে প্ৰকাশ হৈছিল৷
- ১৮৮৮ অসমীয়া ভাষা উন্নতি সাধিনী সভা, (Assamese Language Development Society), চমুকৈ অভাউসাৰ জন্ম ৷ ১৮৮৮ চনৰ ২৫ আগষ্টৰ (১৮১০ শক) দিনা৷ প্ৰথম সম্পাদকঃ শিৱৰাম শৰ্মা বৰদলৈ৷
- ১৮৮৯ চনৰ মাঘ মাহত জোনাকী আলোচনীৰ প্ৰকাশ৷
- পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনা৷ আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ।
- ১৮৯০ঃহৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনীঃ মুঠ দুখন পুথি আছিল৷ তাৰে ডাঙৰখনি পুথি ১৮১২ শক (১৮৯০ চন)ত আৰু সৰুখনি প্ৰায় ১৮২০ শক (১৯৯৮ চন)ত, মৃত্যুৰ তিনি কি চাৰি বছৰ পূৰ্বে লিখা বুলি ধৰিব পাৰি৷
- ১৯০০ঃ হেমকোষৰ প্ৰকাশ৷
- ১৯০১ঃ কটন কলেজৰ প্ৰতিষ্ঠা৷
- অৰুনোদইৰ বৈশিষ্ট ঃ "The ORUNODOI: A monthly paper, devoted to religion, science and general intelligence, is printed and published at the Sibsagar Mission Press, by O.T. Cutter, for the Baptist Mission in Assam."
- ৯ ম বছৰৰ চতুৰ্থ সংখ্যা অৰুনোদইত প্রকাশিত Style and Mode of spelling লেখাৰ নিৰ্দেশ মতেই 'অৰুনোদই'- এ জ আৰু যৰ ঠাইত জ; চ আৰু ছৰ ঠাইত চ; শ, ষ, সৰ ঠাইত 'স'; ন আৰু ণৰ ঠাইত ন; ই কাৰ আৰু ঈ কাৰৰ ঠাইত হ্রস্ব 'ই' কাৰ; ৰেফযুক্ত দ্বিত্ব ব্যঞ্জনৰ এটা বৰ্জন কৰি সূৰ্য্যৰ ঠাইত সুৰ্জ- এনে আখৰ-জোঁটনি ব্যৱহাৰ কৰি আহিছিল। কিন্তু ১৮৫৯ খ্রীষ্টাব্দত হেমচন্দ্ৰ বৰুৱাৰ 'অসমীয়া ভাষাৰ ব্যাকৰণ' প্রকাশিত হোৱাৰ পিছত ১৮৬০ খ্ৰীষ্টাব্দৰ পৰা 'অৰুনোদই'- এ নিজকে 'অৰুণোদয়' কৰিলে আৰু অন্যান্য আখৰ-জোঁটনিও সলালে। এতেকে, ১৮৪৬ ৰ পৰা ১৮৮০ লৈকে এই ৩৪ বছৰত 'অৰুনোদই' এ তিনিটা নামত নিজকে প্রকাশ কৰিছিল; ১৮৪৬ ৰ পৰা ১৮৫০ লৈকে 'অৰুনোদই সম্বাদপত্র', ১৮৫১ ৰ পৰা ১৮৬০ লৈকে 'অৰুনোদই' আৰু ১৮৬১ ৰ পৰা ১৮৮০ লৈ 'অৰুণোদয়' এই তিনিটা নামত।
- কাকতখন ১৮৪৬ চনৰ পৰা ১৮৫০ চনলৈ বাতৰি কাকতৰূপে চলাৰ পিছত ১৮৫১ চনৰ পৰা ১৮৮০ চনলৈকে একাদিক্রমে আলোচনী ৰূপত প্রকাশিত হয়। কাকতখনৰ অন্যান্য সম্পাদকসকল আছিল অলিভাৰ টি কাট্টাৰ, এ. এইচ. ডেনফোর্থ, চেমুৱেল এম হোৱাইটিং, ড° মাইলচ ব্রহ্মন, শ্রীমতী এচ.আৰ. বার্ড ইত্যাদি।
- অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনত মিছনাৰীসকলক প্রধানভাবে সহায় কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু নিধিলেৱি ফাৰোৱেলে। অবশেষত মিছনেৰীসকলৰ লগতে অন্যান্য কেইগৰাকীমান স্বদেশহিতৈষী অসমীয়া লোকৰ আশাসুধীয়া চেষ্টাৰ ফলত ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ ন্যায্য স্থানত প্রতিষ্ঠা কৰিলে।
- এই প্ৰসংগত নগেন শইকীয়াই লিখিছে এনেদৰেঃ 'মিছনেৰীসকল নহা হ'লে সেই সময়ত ইংৰাজ বিষয়া আৰু বঙালী কৰ্মচাৰীসকলৰ অনুগ্ৰহত অসমীয়া ভাষা চিৰদিনৰ বাবে সমাধিষ্ঠ হ'লহেঁতেন।'
প্ৰাচীন অসমৰ সাহিত্যিক সমল
- বৈদিক সাহিত্য (শতপথ ব্ৰাহ্মণ, ঐত্ৰেয় ব্ৰাহ্মণ, গোপথ ব্ৰাহ্মণ, সংখ্যায়ন গৃহ সংগ্ৰহ, ৰামায়ণ, মহাভাৰত৷)
- ধ্ৰুপদী সাহিত্য (কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’, কালিদাসৰ ‘ৰঘুবংশ’, দণ্ডিনৰ ‘দশকুমাৰ চৰিত’, বানভট্টৰ ‘হৰ্ষচৰিত’, বিলহনৰ ‘বিক্ৰমাংকদেৱ চৰিত’, সন্ধ্যাকৰ নন্দীৰ ‘ৰামচৰিত’, কলহনৰ ‘ৰাজতৰংগিণী’, বৰাহ মিহিৰৰ ‘বৃহৎসংহিতা’, বিশাখাদত্তৰ ‘মুদ্ৰাৰাক্ষস’, কাকপতিৰ ‘গৌড়বহ’, ৰাজশেখৰৰ ‘কাব্য মীমাংসা’, সোমদেৱৰ ‘কথাচৰিতসাগৰ’ আদি৷)
- পুৰাণসমূহ (গৰুড় পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, নাৰদেয় পুৰাণ, ব্ৰহ্ম পুৰাণ, স্কন্দ পুৰাণ, অগ্নি পুৰাণ, বিষ্ণু পুৰাণ আদি৷)
- তান্ত্ৰিক-বৌদ্ধ আৰু সাহিত্য (তিব্বত, নেপাল আৰু পূব ভাৰতৰ তান্ত্ৰিক সাহিত্যসমূহৰ উদাহৰণ- ‘তীখা-কল্প’, ‘কামাখ্যাতন্ত্ৰ’, ‘পাগ চোম জোন জন’, ‘গোৰক্ষ সংহিতা’, ‘কামৰূপতন্ত্ৰ’, ‘অকুলবীৰতন্ত্ৰ’, ‘সাধনমালা’ আদি৷)
- প্ৰাচীন অসমৰ সাহিত্যৰাজি (পালকাপ্য মুনিৰ ‘হস্তায়ুৰ্বেদ’, সংস্কৃত নাটক ‘মুদ্ৰাৰাক্ষস’ আৰু ‘ৰত্নাৱলী’ আদি৷ অন্যান্য গ্ৰন্থঃ ‘কামৰূপ যাত্ৰা’, ‘হৰগৌৰী সংবাদ’, ‘হৰগৌৰী বিলাস’, ‘ধৰ্মপুৰাণ’, ‘স্বল্পমৎস্য পুৰাণ’, ‘হেবজ্ৰতন্ত্ৰ’, ‘ডাকচৰিত’ আদি৷ )
- প্ৰাচীন ভাৰতীয় আৰ্যভাষা (খ্ৰীঃপূঃ দ্বাদশ শতিকাৰ পৰা-খ্ৰীঃপূঃ ষষ্ঠ শতিকালৈ)
- মধ্য ভাৰতীয় আৰ্যভাষা (খ্ৰীঃপূঃ ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকা)
- নব্য ভাৰতীয় আৰ্যভাষা (খ্ৰীষ্টীয় দশম শতিকাৰ পৰা)
- মধ্য ভাৰতীয় আর্য-ভাষাক আৰু তিনিটা স্তৰত বিভক্ত কৰা হয়। প্রথম স্তৰৰ সময় খ্রিষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্রিষ্টীয় প্রথম শতিকালৈ। দ্বিতীয় স্তৰৰ সময় খ্রিষ্টীয় প্রথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ আৰু তৃতীয় স্তৰৰ সময় খ্রিষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ। প্রথম স্তৰৰ প্রধান নিদর্শন পোৱা হৈছে অশোকৰ শিলালিপিত, খ্রিষ্টপূর্ব শতিকাৰ আন শিলালিপিত, আৰু বৌদ্ধসকলৰ পালি গ্রন্থত। দ্বিতীয় স্তৰৰ নিদৰ্শন পোৱা যায় খ্রিষ্টীয় প্রথম তিনি শতিকাৰ শিলালিপিত, সাহিত্যিক প্রাকৃতত (মাহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী) আৰু বৌদ্ধ সংস্কৃতত। তৃতীয় স্তৰৰ নিদৰ্শন আছে অপভ্রংশ আৰু অপভ্রষ্টত। ৩। অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অর্থত ব্যবহৃত হৈছে। ইয়াৰ প্রয়োগ পোন প্রথমে পতঞ্জলিৰ (খ্রিষ্টপূর্ব প্রথম শতিকা) মহাভাষ্যত পোৱা হয়।
- নব্য-ভাৰতীয় আৰ্য-ভাষাবোৰক কিছুমান প্রাকৃত বা সেইবোৰৰ পৰৱৰ্তী অপভ্রংশ পৰা উদ্ভৱ হোৱা ভাৱেও দেখুৱা হয়, যেনে- মাহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী, শৌৰসেনীৰ পৰা পশ্চিমী হিন্দী, ৰাজস্থানী, গুজৰাটী; মাগধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া, অসমীয়া; অর্ধমাগধীৰ পৰা পূৰ্ব হিন্দী; শৌৰসেনীৰ দ্বাৰা প্ৰভাৱিত পাহাৰী, পাঞ্জাবী আদি।
- অসমীয়া ভাষাটোক সচৰাচৰ মাগধী অপভ্রংশৰ পৰা উদ্ভৱ হোৱা বুলি কৈ অহা হৈছে। ডঃ বাণীকান্ত কাকতিয়ে লেখিছে: অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰ সৈতে সম্পর্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্রংশৰ উপভাষা। এনে উক্তিৰ দ্বাৰা অসমীয়া ভাষাটোৰ জন্ম-কাল দশম শতিকাৰ পাচৰ বুলি ধাৰণা হোৱাটো স্বাভাৱিক। অসমীয়া ভাষাৰ ইতিহাসে কিন্তু কথাটো সমর্থন নজনায়। অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। মগধ-বিদেহ-অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আর্য-ভাষাই প্রাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকামানৰে পৰা অসমৰ সুকীয়া ভাষাৰূপে গঢ় লয়। হিউৱেন চাঙৰ বিৱৰণিয়ে ইয়াৰ প্ৰমাণঃ “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য-ভাৰতৰ ভাষাতকৈ অলপ বেলেগ।” হিউৱেন চাঙৰ এই উক্তিয়ে অসমীয়া ভাষা সম্পর্কীয় প্রথম উক্তি। এই উক্তিয়ে অসমীয়া ভাষাৰ মগধীয় ভাষাৰে সৈতে সম্পৰ্ক স্পষ্টভাবে দেখুৱায়। প্ৰিয়াৰ্চনৰ ভাষাত “মগধৰ পৰা মাগধী প্রাকৃতে তিনি দিশলৈ গতি কৰিছে। দক্ষিণৰ পিনে ই উড়িয়া ভাষাত পৰিণত হৈছে। দক্ষিণ-পূবৰ পিনে ই প্ৰথমতে পশ্চিম আৰু পিচত পূর্ব বঙলা আৰু পূবৰ পিনে প্ৰথমতে উত্তৰ-বঙলা আৰু পিছত অসমীয়াৰ ৰূপ লৈছে '।
- হিউৱেন চাঙৰ উক্তিয়ে মগধীয় ভাষাটোৱে অসমত সুকীয়া গঢ় লোৱা কথাৰ ইঙ্গিত দিয়ে। পিচত প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ (ষষ্ঠ-সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ) তামৰ ফলিৰ ভাষাই সেই ভাষাটোৰ ৰূপটো আৰু স্পষ্ট কৰি তোলে। এই তামৰ ফলিবোৰত অসমৰ কিছুমান ঠাইৰ নাম, কিছুমান অসমীয়া গছ-গছনিৰ নাম, মানুহৰ নাম, অসমীয়া আন শব্দ আৰু অসমীয়া ভাষাৰ বৈশিষ্ট্যসূচক ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক নিদর্শন কিছুমান সংৰক্ষিত হৈ অসমত সুকীয়া প্ৰাকৃত এটাই গঢ় লোৱাৰ প্ৰমাণ দাঙি ধৰিছে৷
- দেবানন্দ ভৰালীৰ মতেঃ কামৰূপীয়া, সৌমাৰ প্ৰাকৃত
- বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগৰ মতেঃ কামৰূপী প্ৰাকৃত
- কালিৰাম মেধিৰ মতেঃ প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ
- নাথান ব্ৰাউনৰ মতেঃ অধুনালুপ্ত অনা-আৰ্য ভাষাৰ ওপৰত সংস্কৃত ভাষা জাপি দিয়াত তাৰ ফলত বিকৃত অসমীয়া ভাষাৰ জন্ম বুলি মত পোষণ কৰিছে৷
- কনকলাল বৰুৱাৰ মতেঃ পৈশাচী প্ৰাকৃত
- গীয়াৰ্ছন, বাণিকান্ত কাকতিৰ মতেঃ মাগধী প্ৰাকৃত
অসমীয়া সাহিত্যৰ যুগ বিভাজন
- আদিযুগ : আৰম্ভণিৰ পৰা দ্বাদশ শতিকা (৮০০- ১২০০ খৃ:)
- প্রাগবৈষ্ণৱ যুগ : ত্রয়োদশৰ পৰা পঞ্চদশ শতিকাৰ মাজভাগলৈ (১২০০-১৪০০ খৃ:)
- বৈষ্ণৱ যুগ : পঞ্চদশৰ মাজৰ পৰা সপ্তদশ শতিকাৰ মাজভাগলৈ (১৪৫০- ১৬৫০ খৃ:)
- বিস্তাৰ যুগ : সপ্তদশৰ মাজৰ পৰা ঊনবিংশ শতিকাৰ আগছোৱালৈ (১৬৫০- ১৮৩০ খৃ:)
- বর্তমান যুগ : ঊনবিংশ শতিকাৰ আগছোৱাৰ পৰা এতিয়ালৈকে ( ১৮৩০- ১৯৪০ খৃ:)
- আদি যুগ বা উদ্ভৱ কালৰ সাহিত্য (৯৫০-১৩০০)
- মধ্য যুগ (১৩০০-১৮৩০)
- বর্তমান যুগ (১৮২৬-১৯৪০)
- প্রাক্শংকৰী যুগৰ সাহিত্য (১৩০০-১৪৯০)
- শংকৰী যুগৰ সাহিত্য (১৪৯১-১৭০০)
- উত্তৰ শংকৰী যুগৰ সাহিত্য (১৭০০-১৮৩০)
- মিছনেৰী সাহিত্য (১৮২৬-১৮৩০)
- হেমচন্দ্ৰ-গুণাভিৰামৰ যুগ (১৮৭০-১৮৯০)
- ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ (১৮৯১-১৯৪০)
- সাম্প্ৰতিক কাল (১৯৪০-বৰ্তমান)
- বৌদ্ধযুগ (অষ্টমৰ পৰা দ্বাদশ শতিকালৈ)
- প্রাক্শংকৰী যুগ (ত্রয়োদশৰ পৰা পঞ্চদশ শতিকালৈ)
- শংকৰীযুগ (পঞ্চদশ শতিকাৰ পৰা ষষ্ঠদশলৈ)
- শংকৰোত্তৰ যুগ (সপ্তদশৰ পৰা ঊনবিংশ শতিকাৰ দ্বিতীয় দশকলৈ)
- আধুনিক যুগ (১৮২৬ চনৰ পৰা বৰ্তমানলৈ)
(ক) ১৮২৬-১৮৭০ মিচনেৰী সাহিত্যৰ যুগ।
(খ) ১৮৭০-১৮৯০ হেমচন্দ্ৰ গুণাভিৰামৰ যুগ।
(গ) ১৮৯০-১৯৪০ ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ।
- আদি যুগ বা উদ্ভৱ কালৰ সাহিত্য (৯৫০-১৩০০)
- মধ্য যুগ (১৩০০-১৮২৬)
শংকৰী যুগৰ সাহিত্য (১৪৯০-১৭০০)
উত্তৰ শংকৰী যুগৰ সাহিত্য (১৭০০-১৮২৬)
- বর্তমান বা আধুনিক যুগ (১৮২৬-বৰ্তমান)
জোনাকী যুগ, ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ (১৮৮৮-১৯৪০)
১৫ শতিকাৰ কমতাৰাজ দুর্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা 'কবিৰত্ন সৰস্বতী' প্রাক্-শংকৰ যুগৰ আন এজন কবি। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত তেখেতৰ জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল। আৰু পুত্ৰ কবিৰত্ন দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ সমসাময়িক আছিল। কৱিয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ 'জয়দ্ৰথ বধ' অনুপৰ্বৰ ভাঙনি কৰিছিল। মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ কৱিৰত্নৰ বংশধৰ। কবিৰত্ন সৰস্বতীৰ বংশধৰ হ'ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন সৰস্বতীৰ পৰা ৰামচৰণ ঠাকুৰলৈ সাত পুুৰুষৰ ব্যৱধান আছে বুুলি জানিব পৰা যায়।
কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্রোণপৰ্বৰ 'জয়দ্রথ বধ'ৰ কাহিনীটো কাব্য আকাৰে বৰ্ণনা কৰিছে। 'কৈলাস বর্ণনা' অংশটোত কবিৰ কাব্যিক প্রতিভাৰ কিছু আভাস পাব পাৰি।
হৰৰ কৈলাস পুৰীৰ বৰ্ণনা দিবলৈ গৈ অসমৰ বিবিধ গছ, ফুল, ফল আদিৰ নামোল্লেখ কৰিছে। আম, জাম, চাম, শাল, তাল, গুৱা, নাৰিকল, জৰা, পনিয়ল, লেটেকু, দাড়িম্ব (ডালিম), মধুৰী, জৰা, কল, লবংগ, মালতী, সেউতী, কুন্দ, কুৰুবক, জাই, চম্পা, নাগেশ্বৰ, শিৰিষ, তগৰ, জয়ন্তী, মালী, বকুল, বন্দুলি, কদম্ব, কেতেকী, নেৱালি, শেৱালি, মন্দাৰ, পাৰিজাত আদি ফুল আৰু হংস, চক্রৱাক আদি জাক জাক জলচৰ পক্ষীৰ নামোল্লেখ কৰিছে। অগৰু গছক কল্পতৰু সদৃশ বুলি উল্লেখ কৰিছে-
তাত কল্পতৰু আছয় অগৰু
শুনা তাত কেন কথা৷
মহা তৰুবৰ মাগি পাই ফল
মনে অভিলাষি তথা৷৷
বিভিন্ন ঋতুৰ বিভিন্ন ফুলৰ সমাহাৰ ঘটাইছে হৰ কৈলাসধামত। শিৱৰ অনুচৰবোৰৰ বৰ্ণনা, নাগৰিকসকলৰ ৰূপ-যৌৱন আৰু মদন-চঞ্চল হাব-ভাবৰ সুন্দৰ বিৱৰণ কৈলাস বর্ণনাত পোৱা যায়; কিন্তু মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰৰ নিচিনা ঘৰুৱা চিত্ৰ আৰু জতুৱা-ঠাচ কবিৰত্ন সৰস্বতীৰ ৰচনাত বিশেষ পৰিস্ফুট নহয়।
ৰুদ্ৰ কন্দলি
প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ অংশৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ বৰ্ণনাখিনিৰ অনুবাদেৰে ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰৱেশ ৰচনা কৰিছে।
সংস্কৃত মূলৰ আশ্ৰয়ত ৰচিত হ'লেও কাব্যখনিত দিয়া জতুৱা উপমাৰ প্রয়োগে কাব্যখনক পাঠকৰ ওচৰ চপাই নিয়াত সহায় কৰিছে, যেনে 'বতাসে ভাঙয় যেন বৃক্ষ চম্পকৰ', 'লালছিণ্ডা পদ্ম যেন কৰয় প্ৰকাশ', 'কেটলা পশুৰ যেন ভৈলা কলেবৰ', 'পিম্পৰাৰ দল যেন দিল পটোৱাৰ', 'সুপুত সিংহক যেন জগাইল চৰণে', 'বাঘৰ আগত যেন মৃগৰ ছৱাল' ইত্যাদি। সজীৱ বর্ণনা, ঘৰুৱা ভাষা আৰু উপমাদিৰ প্রয়োগে কবিৰত্নৰ কাব্যখন উপভোগ্য কৰি তুলিছে। অৱশ্যে কাব্যখনিৰ যুদ্ধৰ বৰ্ণনা কেতিয়াবা ক'ৰবাত দীঘল, ক'ৰবাত চুটি আৰু কেতিয়াবা মূলৰপৰা আঁতৰি অহা পৰিলক্ষিত হয়। দ্রোণৰ প্ৰতি চেদি, সৃঞ্জয় আৰু সোমক সৈন্যবোৰৰ মাজত বিদ্রূপ বাণীৰ ঠাইত ইতৰ খাপৰ লোকৰ ঘৰৱা গালি-শপনি প্রয়োগ কৰিছে।
হৰিবৰ বিপ্ৰ
চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ৷ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।
মাধৱ কন্দলি
১৪শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষা সমুহৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল। হিন্দু ধৰ্মত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। (শঙ্কৰদেৱৰ উত্তৰা কাণ্ড আৰু মাধৱদেৱৰ আদিকাণ্ড সংযোগ৷)
মাধৱ কন্দলিৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়।
"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলিৰ ভণিতা পোৱা যায়। ইয়াত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়।
হৰিণীক নিতে যেন বাঘিনীয়ে জাম্পে।।
সপিনীৰ আগে যেন মণ্ডুকীৰ গতি।
শেনীৰ আগত যেন কম্পে কপোৱতী।।
(২) নযাইবাহা প্রভু বুলিয়া জননী আঞ্চলন্ত ধৰিলন্ত
যেন লক্ষ্মীদেবী ঈশ্বৰ বিষ্ণুৰ চৰণত পৰিলন্ত।।
(৩) সিংহৰ ভাৰ্যায়ে ছাগ প্রসবিল মোক। মোহোৰ কাৰণে কৈকেয়ীৰ এত শোক।।
- অসমীয়া সাহিত্যৰ বুৰঞ্জীঃ প্ৰথম খণ্ড, সম্পাদকঃ শোভা ব্ৰহ্ম, এবিলাক, ২০০৩
- অসমৰ সংক্ষিপ্ত ইতিহাসঃ তচদ্দুক আমানুল হুছেইন, বনলতা, ২০১৬
- ঐতিহ্য, অসমীয়া সাহিত্যঃ হেৰিটেজ অসম, মে’, ২০০৭
- সপ্তকাণ্ড ৰামায়ণঃ অজন্তা প্ৰকাশ, ২০০৪
0 Comments