Precis writing ৷ সংক্ষিপ্ত বা ভাৱাৰ্থ লেখা



Precis writing (প্ৰেচি ৰাইটিং) is the art of concise summarization, where you condense a larger text into a shorter form while preserving its essential information, ideas, and meaning. 

সংক্ষিপ্ত বা ভাৱাৰ্থ লেখা হৈছে বিষয় এটা সংক্ষিপ্তকৈ লিখাৰ কলা, য’ত লেখকে এটা বৃহৎ পাঠ বা লেখাক চুটি ৰূপত, সংক্ষিপ্ত  ৰূপত উপস্থাপন কৰিব পাৰে আৰু মূল বিস্তৃত লেখা, ৰচনা, বক্তৃতা, বাতৰি আদিৰ প্ৰয়োজনীয় তথ্য, ধাৰণা আৰু অৰ্থ আদি চুটিকৈ সংৰক্ষণ কৰিব পাৰে।

বা আমি ক’ব পাৰোঁ প্ৰেচি ৰাইটিং হৈছে এটা মূল লেখাৰ সংক্ষিপ্ত ৰূপ৷ প্ৰেচি ৰাইটিং হ’বলৈ এটা মূল লেখাৰ এক তৃতীয়াংশ হ’ব লাগে৷  এইধৰণৰ লেখা স্পষ্ট, তথ্যধৰ্মী আৰু সম্পূৰ্ণ ভাৱ প্ৰকাশক হ’ব লাগে৷ কিন্তু প্ৰেচি ৰাইটিং Abstract (সাৰাংশ) নহয়৷

প্ৰেচি ৰাইটিঙে আমাক বিষয় এটা সংক্ষিপ্তকৈ, সৰলকৈ ভাবিবলৈ আৰু লিখিবলৈ শিকায়৷ জটিল বাক্য পৰিহাৰ কৰিব লাগে৷ নিজাকৈ একো সংযোগ কৰিব নালাগে৷ মূল লেখাটোত কোনটো বিষয়ক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে, তাত মন কৰিব লাগে৷ মূল বিষয়ৰ বিৱৰণবোৰ প্ৰেচি ৰাইটিঙত বাদ দিব লাগে৷ উদাহৰণ, বিৱৰণ, ৰেফাৰেঞ্চ আদিবোৰ পৰিহাৰ কৰিব লাগে৷

  • A Précis is the short form of a passage .It is a miniature replication of the original passage.
  • Précis writing is a process of condensing a passage to its main points.
  • It expresses the theme of the passage as briefly as possible.
  • A Précis must briefly cover all the ideas stated in a passage .


 A Précis is concise, clear and must make a connected whole.

Uses of Précis :
  • It is useful in grasping the ideas of a passage, extract, chapter or book.
  • It aids concentration when reading a passage that has to be summarized.
  • It improves writing skills and teaches the quality of expressing much in few words.
  • Remember : A Précis is concise, clear and must make a connected whole.

সাৰাংশ বা ভাৱাৰ্থ লেখাত মনযোগ দিবলগা ৬টা নীতি এনেধৰণৰ-


Before writing the Précis , we must follow these guidelines:

  • Read the passage a number of times so as to gain an understanding of the passage.
  • Select a suitable title or heading for the passage.
  • The title must reflect the theme of the passage.
  • Irrelevant and incidental points such as examples, illustrations or comments by the author may be omitted.
  • Using the essential points, an outline of the passage may be formed.

Writing. 
(a) Rough Drafts 
(b) Important Points 
  • The precis should be all in your own words. 
  • The precis must be a connected whole. 
  • The precis must be complete and self- contained.

 Guidelines followed during the process of writing a good Précis :
  • A rough draft is written using the outline formed.
  • The essential points must appear in a logical sequence.
  • Avoid using words and sentences from the original passage.
  • Avoid words like ‘In my opinion’, ‘I believe that’ , etc.
  • The Précis must be written in simple and unambiguous language.

বিশেষত্ব
1. Summarizes the main points and key details. (মূল কথা আৰু মূল বিৱৰণৰ সাৰাংশ দাঙি ধৰে।)
2. Omits unnecessary information, examples, and illustrations. (অপ্ৰয়োজনীয় তথ্য, উদাহৰণ, আৰু চিত্ৰ বাদ দিয়ে।)
3. Uses simple language and avoids jargon. (সহজ ভাষা ব্যৱহাৰ কৰে আৰু তাত্ত্বিক দিশবোৰ এৰাই চলে।)
4. Maintains objectivity and neutrality. (বস্তুনিষ্ঠতা আৰু নিৰপেক্ষতা বজাই ৰাখে।)
5. Provides a clear and concise overview of the original text. (মূল পাঠৰ স্পষ্ট আৰু সংক্ষিপ্ত আভাস প্ৰদান কৰে।)


Characteristics of a good precis:
1. Conciseness (সংক্ষিপ্ততা)
2. Clarity (স্পষ্টতা)
3. Accuracy (সঠিকতা)
4. Completeness (সম্পূৰ্ণতা)
5. Objectivity (বস্তুনিষ্ঠতা)

Types of precis:
1. Summary precis (condenses entire text) (সাৰাংশ উপস্থাপন)
2. Analytical precis (examines and interprets text) (বিশ্লেষণাত্মক উপস্থাপন)
3. Critical precis (evaluates and critiques text) (সমালোচনাত্মক উপস্থাপন)

Precis writing is essential in:
1. Academia (research papers, articles)
2. Business (reports, proposals)
3. Journalism (news articles, editorials)
4. Research (abstracts, summaries)


উদাহৰণঃ
ৰাষ্ট্ৰীয়তাবাদঃ চমু পৰিচয় 
ৰাষ্ট্ৰীয়তাবাদ মানে হ’ল এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মতাদৰ্শ৷ জাতি বা ৰাজ্য, ৰাষ্ট্ৰৰ প্ৰতি থকা আনুগত্য বা বহুক্ষেত্ৰত ই একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা৷ (britannica.com) ৰাষ্ট্ৰীয়তাবাদে জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সামূহকি ঐক্য আৰু সম্প্ৰিতীৰ এনাজৰীৰে এই ৰাষ্ট্ৰীয়তাবাদ নিৰ্ণীত হৈছে৷ এখন ৰাষ্ট্ৰ আৰু সেই ৰাষ্ট্ৰত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বিভিন্ন সংজ্ঞা অনুসৰি ৰাষ্ট্ৰীয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়৷ একেখন ৰাষ্ট্ৰ বা দেশত সুদীৰ্ঘ কাল ধৰি বসবাস কৰি থকা বিভিন্ন জনসমষ্টি নিৰ্দিষ্ট ঐতিহাসিক পৰিক্ৰমাৰ জৰিয়তে এটা উমৈহতীয়া মানসিক গঢ়ৰ (Common Psychological Make-up) গৰাকী হৈ পৰে৷ বিভিন্ন দিশত মিল থকা এটা বৃহত্তৰ সাংস্কৃতিক জীৱন তেওঁলোকৰ মাজত উমৈহতীয়া সাঁচেৰে গঢ়ি উঠে৷ তাৰ ফলতেই ‘আমি একে দেশৰ মানুহ’ – এই ভাব নিৰ্দিষ্ট ৰাজ্য, ৰাষ্ট্ৰৰ মাজত অংকুৰিত হয়– এই ভাবনাই হ’ল ৰাষ্ট্ৰীয় চেতনা আৰু সেই ৰাষ্ট্ৰীয় চেতনাই জন্ম দিয়ে ৰাষ্ট্ৰীয় চিনাকীৰ, অথবা জাতীয় সত্তাৰ৷ এনেকৈয়ে একোখন সামন্তীয়, অথবা ক্ষেত্ৰবিশেষে অৰ্ধ জনজাতীয় সমাজত ওচৰা-উচৰিকৈ বহুকাল ধৰি বসবাস কৰা বিভিন্ন জনসমষ্টি একেটা জাতীয় চিনাকীৰ এনাজৰীৰ বান্ধোনেৰে একীভূত হৈ সৃষ্টি কৰে একোটা জাতিৰ৷ সেই জাতিৰ জাতীয় জীৱনৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষা যি আদৰ্শবাদত ঘনীভূত হৈ মতাদৰ্শৰ ৰূপ লৈ প্ৰকাশ লাভ কৰে সেই মতাদৰ্শই হ’ল জাতীয়তাবাদ৷

Stanford Encyclopedia of Philosophyৰ মতে– জাতীয়তবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ দেখাত একে যেন লাগিলেও কিছু ক্ষেত্ৰত উভয়ৰে মাজত কেতবোৰ সম্পৰ্ক থকাৰ লগতে পাৰ্থক্যও আছে৷ জাতীয়তাবাদ জাতি বা ৰাজ্যকেন্দ্ৰিক আৰুই আঞ্চলিকতাবাদৰ ওচৰচপা৷ অন্যহাতে ৰাষ্ট্ৰীয়তাবাদে ৰাষ্ট্ৰ ভিত্তিক এক সামূহিক পৰিচয়ক সূচায়৷ (https://plato.stanford.edu) জাতি এটা নিৰ্মাণ কৰিবলৈ বা সমাজ এখন নিৰ্মাণ কৰিবলৈ এটা জাতিৰ ব্যক্তি বা ব্যক্তি সমষ্টিয়ে কৰা কাৰ্যাৱলীবোৰো জাতীয়তাবাদী দৃষ্টিভঙ্গীৰ অন্তৰ্গত একোটা বিষয়৷ সেই ব্যক্তি বা ব্যক্তি সমষ্টি বিশ্বৰ যিকোনো প্ৰান্তত থাকিব পাৰে৷ কিন্তু তেওঁৰ কাৰ্য-কলাপ বা তেওঁৰ অৱদান যদি সেই নিৰ্দিষ্ট জন্মভূমি বা সেই নিৰ্দিষ্ট জাতিকেন্দ্ৰিক হয়; সেই কৰ্ম জাতীয়তাবাদৰ অংশ হৈ পৰে বা সেই ব্যক্তিজনক আমি জাতীয়তাবাদী বুলি অভিহিত কৰিব পাৰোঁ৷ অন্যহাতে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা সামূহিক আদৰ্শকে আমি চমুকৈ ৰাষ্ট্ৰীয়তাবাদ বুলি অভিহিত কেৰাঁ৷

Thankyou

Post a Comment

0 Comments