অসমীয়া সাহিত্য ৷৷ অসমীয়া গদ্য সাহিত্য ৷৷ অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ


* অসমীয়া সাহিত্য বুলি ক’লে অসমীয়া ভাষাত ৰচনা কৰা সাহিত্যৰাজিখিনিক বুজা যায়৷ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষে ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে৷ সেয়েহে অসমীয়া ভাষা আৰ্যভাষা সম্ভূত বুলি অধ্যাপক সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে৷ অৱশ্যে শৰ্মাই অসমীয়া ভাষাত তিৰ্ব্বতবৰ্মী আৰু অষ্ট্ৰিক ভাষাৰ কিছু প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিছে৷ সেইদৰে প্ৰাচীন কামৰূপত কথিত ‘কামৰূপী প্ৰাকৃত’ আৰু অপভ্ৰংশৰ মাজেৰেও অসমীয়া ভাষাৰ বিকাশ হৈছে বুলি আন এটি মতবাদ আছে৷ সেইদৰে মাগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি আন এটি মতবাদ আছে৷ 

এই সন্দৰ্ভত ৰমেশ পাঠকে লিখিছে এনেদেৰে-পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ হিন্দু ৰজাসকলে লিখা তামৰ ফলি কিছুমানত অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শনস্বৰূপ শব্দ কিছুমান পোৱা যায় যদিও দশম-একাদশ শতিকামানৰ পৰাহে মূলতঃ অসমীয়া ভাষাত সৃষ্ট সাহিত্যৰাজিৰ প্ৰমাণ পোৱা যায়৷ তাৰ পূৰ্বে অসমত যিবোৰ সাহিত্য পোৱা যায়, তাৰ ভাষা আছিল সংস্কৃত৷ খ্ৰীষ্টীয় সপ্তম শতিকামানৰ পৰাই অসমীয়া ভাষাই স্বকীয়তা লাভ কৰাৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰাৰ সন্দৰ্ভত প্ৰসিদ্ধ পৰিব্ৰাজক হিউৱেন চাঙৰ এটি মন্তব্য উল্লেখযোগ্য৷ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন ছাঙে কামৰূপ অঞ্চল ভ্ৰমণ কৰি এই অঞ্চলৰ ভাষা বিষয়ত এটি টোকা লিখিছে এনেদৰে— ‘কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাতকৈ কিছু পৃথক আছিল৷’

অসমীয়া সাহিত্যৰ পটভূমি সাহিত্যক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে-

  1. চৰ্যাপদ
  2. প্ৰাক্ বৈষ্ণৱ সাহিত্য
  3. বৈষ্ণৱ সাহিত্য
  4. পাঁচালী সাহিত্য
  5. চৰিত পুথি আৰু বংশাৱলী
  6. বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য
  7. আধুনিক অসমীয়া সাহিত্য

গদ্য সাহিত্য 
- গদ্য কি? পদ্যত কৈ গদ্য কিয় পৃথক? (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ১) 
- গদ্যৰ সংজ্ঞা (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ১) (ক্ৰমিবকাশত অসমীয়া কথাশৈলী, পৃঃ১৫)
- গদ্যত শৈলী বা আংগিকৰ গুৰুত্ব আৰু শৈলী সম্পৰ্কীয় আলোচনা (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৪)
(লেখকৰ মনৰ ভাৱ আৰু চিন্তাধাৰাক ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰা স্বকীয় পদ্ধতি বা নিজস্বতাকে ‘শৈলী’ বুলিব পাৰি৷)

গদ্যৰ বিশেষত্ব (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৯)
- লয়, বৈয়াকৰণিক সংযুতি, স্বাভাৱিকতা, যথাৰ্থতা, স্পষ্টতা
- প্ৰতিজন লেখকৰ লিখাৰ ৰচনানীতিৰ জৰিয়তে তেওঁৰ ব্যক্তিত্ব আৰু সৌন্দৰ্যবোধৰ উমান পাব পাৰি৷
- লেখকৰ ৰুচি-অভিৰুচি
- নিয়মিততা, সমৰূপতা, যথাযথতা, ভাৰসাম্যতা আৰু প্ৰাঞ্জলতা
- শব্দশক্তি (অভিধা, লক্ষণা, ব্যঞ্জনা)
- যতুৱা ঠাচ, খণ্ডবাক্য, ডাকৰ বচন ইত্যাদিৰ প্ৰয়োগ

গদ্যৰ শ্ৰেণী বিভাজন (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ১২) (অসমীয়া গদ্য সাহিত্য, পূণ্যশ্ৰী বেজবৰুৱা, লুণা বৰা, পৃঃ১৯৩)
- প্ৰাচ্যৰ আলংকাৰিকৰ মতে গদ্যৰ শ্ৰণীবিভাজন- মুক্তক গদ্য, বৃত্তগন্ধি গদ্য, উৎকলিকা, চূৰ্ণক গদ্য
- আধুনিক সমালোচকৰ মতে গদ্যৰ ভাগ
১. বিবৃত্তিমূলক গদ্য বা তথ্যমূলক গদ্য
২.সমালোচনাত্মক বা চিন্তাশীল গদ্য
৩. ৰসাশ্ৰয়ী বা সৃষ্টিশীল গদ্য
-প্ৰকাশভংগীৰ আধাৰত গদ্যৰ শ্ৰেণীবিভাগ-
১. নিৰাভৰণ বা অনাড়ম্বৰ গদ্য
২.অলংকৃত বা বাখৰুৱা গদ্য
- শৈলীৰ বিচিত্ৰতা অনুসৰি গদ্যৰ শ্ৰেণীবিভাজন
১.যুক্তিবাদ শৈলীৰ গদ্য
২.ব্যংগাত্মক শৈলীৰ গদ্য
৩.কথোপকথনমূলক গদ্য
৪. নাটকীয় শৈলীৰ গদ্য
- সমালোচক মাৰজোৰাই বোল্টনৰ মতে গদ্যৰ শ্ৰেণীবিভাজন
১. বৰ্ণনাত্মক গদ্য
২. যুক্তিনিষ্ঠ বা বিতৰ্কমূলক গদ্য
৩. নাটকীয় গদ্য
৪. বাৰ্তামূলক গদ্য
৫. চিন্তামূলক গদ্য বা মনন বিষয়ক গদ্য

অসমীয়া গদ্যৰ পৃষ্ঠভূমি

প্ৰাচীন স্তৰঃ

- ভাৰতীয় পটভূমিত অসমীয়া গদ্য (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ২০)
- অসমীয়া গদ্যৰ বিকাশ (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ২৪)
তাম্ৰশাসন, শিলালিপি (আমবাৰিৰ শিলালিপি, ১২৩২ খ্ৰীঃ, নগাঁও ডবকাৰ ওচৰৰ গছতল শিলালিপি, ১৩৬২, চামধৰা গড়ৰ ফলি, ১৬১৬), মোখিক সাহিত্য, লোক-সাহিত্য (যেনে-মন্ত্ৰ সাহিত্য) আদি৷

- শঙ্কৰদেৱ, মাধৱদেৱ সৃষ্ট নাটকৰ গদ্য (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ২৯)

- ভট্টদেৱ (দামোদৰ দেৱৰ নিৰ্দেশত- কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী) (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৩২)
- জন্ম ১৫৫৮-১৬৩৮ ৷৷ পিতৃ-চন্দ্ৰভাৰতী ৷৷ কামৰূপৰ বৰনগৰ অঞ্চলত ঘৰ ৷৷ দামোদৰদেৱৰ শৃষ্য ৷৷ কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য হৈছে তেওঁৰ উপাধিসূচক নাম ৷৷ (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ১৬৪) (অসমীয়া কথা সাহিত্য, প্ৰফুল্ল কুমাৰ নাথ, পৃঃ১১) (মধ্যযুগৰ সাহিত্য, পৃঃ৭৪)

কথাগীতা সম্পৰ্কে আলোচনা (অসমীয়া কথা সাহিত্য, প্ৰফুল্ল কুমাৰ নাথ, পৃঃ১৬), (অসমীয়া গদ্য সাহিত্য, পূণ্যশ্ৰী বেজবৰুৱা, লুণা বৰা, পৃঃ২৭০) (‘শব্দ’ ব্লগত ‘কথা গীতা’ৰ সবিশেষ আলোচনা)

- ভট্টদেৱৰ আদৰ্শত ৰচিত অন্যান্য গদ্য (গোপাল চন্দ্ৰ দ্বিজৰ ‘কথা ভক্তি ৰত্নাকৰ’, ৰঘুনাথ মহন্তৰ ‘কথা ৰামায়ণ’, ভাগৱত ভট্টাচাৰ্যৰ ‘সাত্বত-তন্ত্ৰ কথা’, পৰশুৰাম ৰচিত ‘কথা ঘোষা’, কৃষ্ণানন্দ দ্বিজৰ ‘পুণ্য ভাগৱত’ আদি৷)
অন্যান্য ৰচকসকল- গোপাল আতা,  গোপাল মিশ্ৰ, গোবিন্দ মিশ্ৰ, কবীন্দ্ৰ পাত্ৰ, গোপীনাথ পাঠক, বিদ্যা পঞ্চানন, ৰামমিশ্ৰ আদি) (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ১৬৮)

- বুৰঞ্জীৰ গদ্য (ষোড়শ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজৰচোৱা সময়৷) (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৩৪)  (মধ্যযুগৰ সাহিত্য, পৃঃ৭৪) (অসমীয়া গদ্য সাহিত্য, পূণ্যশ্ৰী বেজবৰুৱা, লুণা বৰা, পৃঃ১৫৯, ১৭৮) (বুৰঞ্জী সাহিত্য, লীলা গগৈ)

- চৰিত সাহিত্য (‘গুৰুচৰিত কথা’ মহেশ্বৰ নেওগ সম্পাদিত) (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৩৭)

- ব্যৱহাৰিক পুথিৰ গদ্য (সপ্তদশ আৰু অষ্টাদশ শতিকাৰ মাজৰ সময়ছোৱাত৷ সুকুমাৰ বৰকাথৰ ‘হস্তীবিদ্যাৰ্ণৱ’, তাৰিণীচৰণ ভট্টাচাৰ্য সম্পাদিত ‘ঘোঁৰা নিদান’, কবিৰাজ চক্ৰৱৰ্তীৰ ‘ভাস্বতী’, শুভঙ্কৰ কবিৰ ‘শ্ৰীহস্তমুক্তাৱলী’, কাশীনাথৰ ‘অঙ্কৰ আৰ্যা’, মধুমিশ্ৰ বাগীশৰ ‘নীতি-লতাঙ্কুৰ’, জ্যোতিষ চূড়ামণিৰ ‘লীলাবতী’, ‘কিতাবত মঞ্জুৰী আদি৷)

-ৰজাঘৰীয়া কাকত, চিঠি-পত্ৰৰ গদ্য (ত্ৰিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী)

আধুনিক স্তৰ
প্ৰাক্ অৰুণোদই স্তৰৰ গদ্য (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৪৩) (ক্ৰমিবকাশত অসমীয়া কথাশৈলী, পৃঃ৫৪)
- মণিৰাম দেৱানৰ ‘বুৰঞ্জী বিবেক ৰত্ন’, কাশীনাথ তামুলিফুকনৰ ‘অসম বুৰঞ্জী সাৰ’, আত্মাৰাম শৰ্মাৰ ‘বাইবেলৰ ভাঙণি নিউ টেষ্টামেণ্ট (১৮১৩)’ হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাৰ ‘আসাম বুৰঞ্জী’, ‘সদৰামিনৰ আত্মজীৱনী’ আদি৷

অৰুণোদই (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৪৬) (অসমীয়া কথা সাহিত্য, পৃঃ৭০)
- অসমীয়া-বাংলা ভাষা বিতৰ্ক (১৮৩৬-১৮৭৩)
- নেথান ব্ৰাউন, অলিভাৰ টি কট্টাৰ, মাইল্চ ব্ৰন্সন, এ.এইচ. ডেনফোৰ্ড, এ.কে গাৰ্ণী, নিধিলেৱি ফাৰৱেল আদি৷
- পাঠ্যপুথি প্ৰণয়ন, পঢ়াশালি স্থাপন, পুৰণি পুথি উদ্ধাৰ, অৰুণোদইৰ জন্ম, মিছনেৰীসকলৰ অৱদান৷
- আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ), 

আধুনিক গদ্যৰ উন্মেষ আৰু বিকাশ

আধুনিক গদ্যৰ উন্মেষ আৰু বিকাশক মূলতঃ ৪টা ভাগত বিভক্ত কৰিব পাৰি৷
ক) প্ৰাৰম্ভিক স্তৰ (অৰুনোদই যুগ আৰু  মিছনেৰী সাহিত্যৰ সময়) (১৮৪৬-১৮৫০ প্ৰায়)

খ) মাৰ্জিত স্তৰ (হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬) গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪)ৰ গদ্যশৈলী, পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৭), লম্বোদৰ বৰা (১৮৬০-১৮৯২), ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩), বলিনাৰায়ণ বৰা (১৮৫২-১৯২৭), কনকলাল বৰুৱা (১৮৭২-১৯৪০), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৫৫), আসাম বন্ধু (১৮৮৬),  মৌ আলোচনীৰ (১৮৮৬) সময়) (১৮৫০-১৮৮৮ প্ৰায়)

গ) উন্নত স্তৰ (জোনাকী আলোচনী (১৮৮৯), বাঁহী (১৯০৭) আলোচনী, ঊষা (১৯০৯) আলোচনী, ইংৰাজী-বাঙালী সাহিত্যৰ প্ৰভাৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, চন্দ্ৰধৰ বৰুৱা, ৰাধানাথ ফুকন, তৰুণৰাম ফুকন, কালিৰাম মেধি, কমলাকান্ত ভট্টাচাৰ্য, সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ আদিৰ সময়) (১৮৮৯-১৯২৮)

ঘ) বৰ্তমান স্তৰ (আৱাহন (১৯২৯), ৰামধেনু (১৯৫০) আলোচনীৰ সময়, দণ্ডিনাথ কলিতা ()১৮৯০-১৯৫৫, মহীচন্দ্ৰ বৰা (১৮৯৪-১৯৬৫),  নীলমণি ফুকন (১৮৮০-১৯৭৮), সূৰ্য্য কুমাৰ ভূঞা (১৮৯৪-১৯৬৪), বেণুধৰ শৰ্মা (১৮৯৪-১৯৮১), অম্বিকাগিৰি ৰায়চৌধুৰী (১৮৮৫-১৯৬৭), দৈৱচন্দ্ৰ তালুকদাৰ (১৯০০-১৯৬৭), দীননাথ শৰ্মা (১৯১৪-১৯৮৮), বিৰিঞ্চি কুমাৰ বৰুৱা (১৯০৮-১৯৬৪), হলিৰাম ডেকা (১৯০১-১৯৬২), বাণীকান্ত কাকতি (১৮৯৪-১৯৫২), লক্ষ্মীধৰ শৰ্মা (১৮৯৭-১৯৩৪), ৰমা দাস (১৯০৯-১৯৮১), ত্ৰৈলোক্য নাথ গোস্বামী (১৯০৬-১৯৮৮), জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩ – ১৯৫১), অতুল চন্দ্ৰ হাজৰিকা (১৯০৩-১৯৮৬), ডিম্বেশ্বৰ নেওগ (১৯০০-১৯৬৬), মহেশ্বৰ নেওগ (১৯১৫-১৯৯৫), সত্যেন্দ্ৰনাথ শৰ্মা, হেম বৰুৱা (১৯১৫-১৯৭৭), শৰৎচন্দ্ৰ গোস্বামী (১৯৯১৫-১৯৮৬), চৈয়দ আব্দুল মালিক (১৯১৯-২০০০), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯২৪-১৯৯৭), মামণি ৰয়ছম গোস্বামী (১৯৪০-২০১১), যোগেশ দাস (১৯২৭-১৯৯৯), শীলভদ্ৰ (১৯২৪-২০০৮), সৌৰভ কুমাৰ চলিহা (১৯৩০-২০১১), হোমেন বৰগোহাঞি (১৯৩২-২০২১) হীৰেন গোহাঁই (১৯৩৯-), নগেন শইকীয়া (১৯৩৯-) আদি৷) (১৯২৯-বৰ্তমান)


গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ সময় (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৫১)
 পূৰ্ণানন্দ শৰ্মা আদি, পদ্মাৱতী দেৱী ফুকননী, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা আদি৷

জোনাকী আলোচনী (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৫৩)
- লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, সত্যনাথ বৰা, কনকলাল বৰুৱা, ৰমাকান্ত কাকতি, ৰত্নেশ্বৰ মহন্ত আদি৷ (অসমীয়া ভাষা উন্নতি সাধিনী সভা (১৮৮৮)
- ৰজনীকান্ত বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য, বেণুধৰ ৰাজখোৱা, আনন্দচন্দ্ৰ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰী, বেণুধৰ শৰ্মা আদি৷

যুদ্ধৰ পূৰ্বৱতী স্তৰৰ গদ্য (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৫৯)
-দণ্ডিনাথ কলিতা, দৈৱচন্দ্ৰ তালুকদাৰ, শৰৎচন্দ্ৰ গোস্বামী, নীলমনি ফুকন, কৃষ্ণকান্ত সন্দিকৈ, সূৰ্য্যকুমাৰ ভূঞা, ডিম্বেশ্বৰ নেওগ, লক্ষ্মীনাথ ফুকন, কৃষ্ণ ভূঞা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিৰিঞ্চি কুমাৰ বৰুৱা, তীৰ্থনাথ শৰ্মা আদি৷

যুদ্ধোত্তৰ স্তৰৰ গদ্য (প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃঃ৬১)
-হেম বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, সৌৰভ কুমাৰ চলিহা, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, ভবেন্দ্ৰনাথ শইকীয়া, হীৰেন গোহাঁই, চন্দ্রপ্রসাদ শইকীয়া, মহেশ্বৰ নেওগ, সত্যেন্দ্রনাথ শৰ্মা, লীলা গগৈ, পদ্ম বৰকটকী, লুম্বেৰ দাই, নগেন শইকীয়া, ভবেন বৰুৱা, স্নেহ দেবী, নিৰুপমা বৰগোহাঞি, ইমৰান শ্বাহ, মামণি ৰয়চম গোস্বামী, শীলভদ্র, অতুলানন্দ গোস্বামী, প্ৰহ্লাদ কুমাৰ বৰুৱা আদি। 


অসমত আধুনিক গদ্যৰ ইতিহাস৷ মিছনেৰীসকলৰ অৱদান

অসমত আধুনিক গদ্যৰ সৃষ্টিকৰ্তা হিচাপে আমি মূলতঃ মিছনেৰীসকলৰ অৱদানৰ কথা ক’ব লাগিব৷ মিছনাৰীসকলে অসমলৈ আহি দেখিলে যে, ভাষা-সমস্যাই অসমীয়া জনসাধাৰণৰ জীৱন-যাত্রাত ব্যাপক বেমেজালি ঘটাইছে। অফিচ-আদালত আৰু শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ ফলস্বৰূপে অসমীয়া-বঙালী, হিন্দী, ইংৰাজী আদি ভাষাৰ শব্দমিশ্রিত যি খিচ্‌ৰি ভাষাৰ প্ৰচলন হৈছিল, সিয়েই অসমীয়া-জনমানস অস্থিৰ কৰি তুলিছিল। বিজ্ঞ স্বতন্ত্র ভাষা; আৱহমান কালৰে পৰা অসম-ভূমিত ই প্রচলিত হৈ আহিছে। ইংৰাজ শাসকগোষ্ঠীয়ে ওপৰচকুৱা গৈ স্বার্থান্বেষী কিছুমানৰ প্ৰৰোচনাত এই ভাষাবিভ্রাটৰ সৃষ্টি কৰিছে। লগতে মিছনাৰীসকলে এই কথাও অনুভৱ কৰিলে- কোনো জনগোষ্ঠীৰ মাজত ধৰ্ম্মৰ বাণী প্ৰচাৰ কৰিবলৈ মাতৃভাষাৰ মাধ্যমত বহিৰে উত্তম উপায় নাই। সেয়েহে, তেওঁলোকে ভাবিলে- স্থানচ্যুত আৰু লুপ্তপ্রায় অসমীয়া ভাষাৰ পুনুৰুদ্ধাৰেই তেওঁলোকৰ প্ৰথম কর্তব্য। অকল ভাবায়েই নহয়- তাৰ কাৰণে তেওঁলোক এক হাত বুক হল, উঠি পৰি লাগিল অসমীয়া ভাষাৰ ঐতিহ্য বিচাৰিলে, পুৰণি পুথিৰ উদ্ধাৰ-কার্যত হাত দিলে। আৰু ধৰ্মৰ প্ৰচাৰ পত্রিকাও বিতৰণ কৰিছিল; কিন্তু বিশে, ভাবে সফলতা লাভ কৰিব নোৱাৰিলে। ইফালে ১৮৩৬ চনত মার্চ মাহত আমেৰিকাৰ মিচনাৰী বেভাবেও নাথান ব্রাউন আৰু টি-কাট্টাৰ সপবিয়ালে আহি সদিয়াত ভবি দিয়ে। তাৰপাছতে ডক্টৰ মাইল্ল্ফ ব্রন্সন আৰু জেকব থমাছো আহিছিল; কিন্তু দুর্ভাগ্যক্রমে ব্রহ্মহ্মপুত্ৰত নাও ডুবি জেকব থমাছৰ মৃত্যু হয়। কিছুকাল তেওঁলোকে সেই অঞ্চলৰ পাহাৰুৱা জাতিবিলাকৰ মাজত ধৰ্ম্মপ্রচাৰ কৰিবলৈ যত্ন কৰিছিল যদিও শেষত কেইবাটাও কাৰণত বাধ্য হৈ ভৈয়ামলৈ নামি আহে। ব্রাউন, ব্রন্সন, বাৰ্কাৰ আদি মিছনাৰীসকলে ১৮৪১ খৃঃত শিৱসাগৰত আহি স্থায়ীভাবে খোপনি পোতে। ইয়েই হয় তেওঁলোকৰ ঘাই কৰ্ম্মক্ষেত্র। ইয়াৰ কিছুকাল পাছতেই, অর্থাৎ ১৮৪১ খৃঃৰ ২ অক্টোবৰত আৰু ১৮৪৩ খৃঃত যথাক্রমে তেওঁলোকে নগাঁও আৰু গুৱাহাটীত মিছনৰ আস্থান প্রতিষ্ঠা কৰে। শিৱসাগব, গুৱাহাটী আৰু নগাও- এই তিনি ঠাই মিছনাৰীসকলৰ ধৰ্ম্মপ্ৰচাৰ আৰু কৰ্ম্মসম্পাদনৰ কেন্দ্ৰস্থান হৈ পৰে।

মিছনাৰীসকলে দেখিলে যে, ভাষা-সমস্যাই অসমীয়া জনসাধাৰণৰ জীৱন- যাত্রাত বেমেজালি ঘটাইছে। অফিচ-আদালত আৰু শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা উঠাই দিয়াৰ ফলস্বৰূপে অসমীয়া-বঙালী, হিন্দী, ইংবাজী আদি ভাষাৰ শব্দমিশ্রিত যি খিচ্ছি ভাষাৰ প্ৰচলন হৈছিল, সিয়েই অসমীয়া-জনমানস অস্থিৰ কৰি তুলিছিল। বিজ্ঞ স্বতন্ত্র ভাষা; আৱহমান কালৰে পৰা অসম-ভূমিত ই প্রচলিত হৈ আহিছে। ইংৰাজ শাসকগোষ্ঠীয়ে ওপৰচকুৱা গৈ স্বার্থান্বেষী কিছপমানৰ প্ৰৰোচনাত এই ভাষাবিভ্রাটৰ সৃষ্টি কৰিছে। লগতে মিছনাৰীসকলে এই কথাও অনুভৱ কৰিলে- কোনো জনগোষ্ঠীৰ মাজত ধৰ্ম্মৰ বাণী প্ৰচাৰ কৰিবলৈ মাতৃভাষাৰ মাধ্যমত বহিৰে উত্তম উপায় নাই। সেয়েহে, তেওঁলোকে ভাবিলে- স্থানচ্যুত আৰু লুপ্তপ্রায় অসমীয়া ভাষাৰ পুনুৰুদ্ধাৰেই তেওঁলোকৰ প্ৰথম কর্তব্য। অকল ভাবায়েই নহয়- তাৰ কাৰণে তেওঁলোক এক হাত বুক হল, উঠি পৰি লাগিল অসমীয়া ভাষাৰ ঐতিহ্য বিচাৰিলে, পুৰণি পুথিৰ উদ্ধাৰ-কার্যত হাত দিলে। অসমীয়াত নানাবিধ পুথি-পত্র লিখিলে আৰু লগে লগে অসমীয়া ভাষাৰ ন্যায্যপ্ৰতিষ্ঠাৰ কাৰণে ইংৰাজ কৰ্তৃপক্ষক বহুপ্ৰকাৰে জনালে। 

ইতিমধ্যে মিছনাৰীসকলে শিৱসাগৰত এটা প্রেছো স্থাপন কৰে। সেই প্ৰেছৰ পৰা তেওঁলোকে ১৮৪৬ খৃঃত এখন মাহেকীয়া কাকত প্রকাশ কৰে নাম "অৰুণোদই সংবাদপত্র"। এই কাকতখন ১৮৫০ খৃঃলৈ বাতৰিকাকতৰূপে চলাৰ পিছত ১৮৫১ খৃঃৰ পৰা আলোচনীৰ ৰূপত একাদিক্রমে ১৮৮০ খৃঃলৈ ওলাইছিল বুলি বুজা যায়। অসমীয়া ভাষা-সাহিত্যৰ উদ্ধাৰ আৰু পুনঃসংস্থাপন-কাৰ্যৰ প্ৰথমাৱস্থাত মিছনাৰীসকলক দুজ অসমীয়া লোকে বিশেষভাবে অনবৰত সহায় কৰিছিল। তেওঁলোকৰ এজন আনন্দৰাম ঢেকিয়ালফুকন আৰু আনজন খ্রীষ্টধর্মত দীক্ষিত হোৱা নিধিলেৱি ফাৰোৱেল।অসমীয়া-ভাষা-সাহিত্যৰ উদ্ধাৰ আৰু ইয়াৰ পুনঃসংস্থাপনৰ যাত্ৰাত আগবাঢ়োতা মিছনাৰীসকলে বহুত কাম কৰিবলগীয়া হৈছিল। তেওঁলোকে পাঠ্যপুথি ৰচনা কৰিলে, দেশ-বিদেশৰ নানাবিধ বিষয়ক লৈ বিবিধ প্রবন্ধ লিখিলে, বাইবেল আদি গ্ৰন্থৰ অনুবাদ কৰিলে, বুৰঞ্জী আদি কিছুমান পুৰণি পুথি সংগ্ৰহ কৰি প্ৰকাশ কৰিলে, বিস্মৃত হৈ যাব খোজা বহুত অসমীয়া শব্দ উদ্ধাৰ কৰিলে আৰু লগতে ইংৰাজী শব্দৰ অৰ্থ মিছনেৰীসকলৰ বুজাবলৈ কিছুসংখ্যক নতুন শব্দৰো সৃষ্টি কৰিলে। এই ধৰণৰ প্ৰায়বোৰ ৰচনাই ছপা হৈছিল "অৰুণোদই'ত। 

ইয়াৰ উপৰিও, অসমীয়া ভাষাৰ ভেটি সুদৃঢ় কৰিবৰ উদ্দেশ্যে ডঃ নাথান ব্রাউনে লিখে "অসমীয়াৰ অভিধান”। এইবোৰ কামৰ অন্তৰালত মিছনাৰীসকলৰ স্বকীয়-স্বার্থ সিদ্ধিৰ পথ সুগম কৰি তোলা, অর্থাৎ খ্রীষ্টধর্ম প্ৰচাৰৰ পথ মুকলি কৰাটোৱেই আছিল অৱশ্যে প্রধান উদ্দেশ্যতা। কার্যতঃ কিন্তু তেওঁলোকৰ নিজ স্বাৰ্থতকৈ অসমীয়া জাতিৰ স্বাৰ্থৰক্ষাৰ পথহে সুগম হৈ উঠে অধিক পৰিমাণে। 

প্রায় ডেৰ-দুশ বছৰ আগৰে পৰা অসমীয়া গদ্য সাহিত্যৰ যিকেইটা ধাৰা সবল দুর্বলভাবে নামি আহিছিল, ঊনবিংশ শতিকাৰ চতুৰ্থ-দশকৰ সংকটময়- কালেডাখৰত সি শুকাই লুপ্তপ্রায় হয়। লগে লগে মিছনাৰীসকলৰ প্ৰচেষ্টাত উক্ত-ধৰণৰ ৰচনাসমূহ যি গদ্যৰূপত দেখা দিছিল, সি সৃষ্টি হৈছিল পাশ্চাত্য-সাহিত্যৰ আদৰ্শত। এই গদ্যৰচনাসমূহেই আধুনিক অসমীয়া গদ্য সাহিত্যৰ প্রথম-নিদর্শন। মিছনাৰীসকলৰ প্ৰায়বোৰ ৰচনাই "অৰুণোদই”ৰ যোগেদি প্ৰচাৰিত হৈছিল কাৰণে এই আলোচনীখনকেই প্রকৃতার্থত বুলিব পাৰি আমাৰ আধুনিক-গদ্যৰ ভেটি। ইয়াক অৱলম্বন কৰিয়েই গদ্যনির্মাতাসকলে সৃষ্টিকাৰ্যৰ উন্নতি আৰু বিকাশ সাধন কৰে। এই প্রাথমিক অৱস্থাত অসমীয়া-গদ্যৰ ভেটি নির্মাণত শিল-মাটি পেলাওতাসকলৰ ভিতৰত আছিল ডক্টৰ নাথান ব্রাউন, ডক্টৰ মাইলছ ব্রন্সন, এ-কে-গার্ণি, নিধিলেৱি ফাৰোৱেল, শ্রীমতী এচ্-আ-ৱার্ড, শ্রীমতী কাট্টাৰ, শ্রীমতী গার্ণি আদি প্রধান। আনন্দৰাম ঢেকিয়ালফুকন আছিল তেওঁলোকৰ অন্যতম অনা-খ্রীষ্টিয়ান প্রধান সহযোগী। 

বিশেষ যত্ন আৰু আন্তৰিকতাৰ সৈতে মিছনাৰীসকলে অসমীয়া শিকিছিল। কিন্তু অসমীয়াৰ নিচিনা সমৃদ্ধিশালী ভাষা এটা কেইবছৰমানৰ ভিতৰতে বিদেশী লোকৰ কাৰণে সম্পূৰ্ণৰূপে আঁৰ নোহোৱাকৈ আয়ত্ব কৰি লোৱা অৱশ্যে বৰ সহজ নহয়। সেয়েহে, স্বাভাৱিক-ঠাচত জতুৱা-ঠাচপূর্ণ অসমীয়াৰ বাক্যৰীতি সৃষ্টি কৰাত তেওঁলোক একেবাৰে ত্রুটি-বিচ্যুতিৰ ওপবত উঠিব পৰা নাছিল। অসমীয়া লিখাৰ সময়তো ইংৰাজী-বাক্য-বিন্যাস-বীতিয়ে অজ্ঞাতসাৰে বহু সময়ত তেওঁলোকক প্রভাবিত কৰিছিল। গতিকে, তেওঁলোকৰ ভাষা সহজ- সৰল আৰু লগতে জনসাধাৰণৰ কথিত-ভাষাৰ লগত মিল থকা সত্ত্বেও বাক্য-গঠন-ৰীতি সকলো সময়তে নিভাঁজ অসমীয়া-ঠাচত দেখা দিয়া নাছিল। এই প্রসঙ্গত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মন্তব্য উল্লেখযোগ্য: "তেওঁবিলাকৰ (মিচনৰীসকলৰ) ভাষা তেওঁবিলাকতো লাগি ৰ'ল; তেওঁবিলাকৰ ভাষাৰ যিটো Spirit, সিহে অসমীয়া সাহিত্য গোটেইটোত বিয়পাইছে। 

পাদুৰি চাহাবসকলে অসমীয়া সাহিত্যৰ আৰু এটা উপকাৰ কৰি গ'ল; সি তেওঁবিলাকে কৰা সকলোবোৰ কামতকৈ ডাঙৰ। সেইটি আৰু আন একো নহয়। তেওঁবিলাকে আমাৰ ভাষাক এটা সুৰ শিকাই গ'ল। ‘‘এই সুৰটি আগেয়ে অসমীয়া ভাষা নেজানিছিল। .... এই সুৰৰ তাঁৰডালিয়ে ভাৰতবর্ষীয়-সভ্যতা আৰু পাশ্চাত্য-সভ্যতা দুইৰো মাজত লগুণ গাঁঠিৰ নিচিনা হৈছে। (অসমীয়া ভাষা, প্ৰবন্ধ, হ.গ.ৰ) (ক্ৰমশ... সবিশেষঃ অসমীয়া গদ্য সাহিত্যৰ গতিপথ, পৃঃ১০৭)


আধুনিক গদ্যৰ বিশেষত্ব
  • থলুৱা শব্দৰ প্ৰয়োগ
  • ব্যাখ্যাত্মক গদ্যশৈলীৰ প্ৰভাৱ
  • ভাষা প্ৰাঞ্জল, বুদ্ধিদীপ্ত আৰু সংযত
  • বক্ৰোক্তিমূল্যক আৰু লঘু হাস্যৰসসিক্ত গদ্য
  • ব্যঙ্গাত্মক আৰু সমালোচনাত্মক  শৈলী
  • সংক্ষিপ্ত সাৰগৰ্ভতা
  • সমাসসিদ্ধ শব্দৰ প্ৰয়োগ
  • বৰ্ণনাৰ সাৱলীলতা, ভাৱৰ সহজ স্ফুৰণ
  • পদ্যগন্ধী
  • বিশ্লেষণাত্মক আৰু বিদ্বজ্জনোচিত
  • যুক্তিনিষ্ঠ গদ্য
  • স্বগতোক্তি আৰু কথোপকথনমূলক গদ্য ৰীতিৰ প্ৰয়োগ
  • চিন্তামূলক গদ্য
  • সূক্ষ্ম বিশ্লেষণমূলক গদ্য
  • শ্ৰুতিমাধুৰ্য গদ্য
  • ব্যঞ্জনাসমৃদ্ধ, সংবেদনশীল আৰু সৃষ্টিশীল গদ্য
  • থলুৱা ভাৱ-ভাষাৰ প্ৰয়োগ
  • বিবৃত্তিমূলক গদ্য
  • আধুনিক নাটকীয় গদ্য
  • কাব্যিক ব্যঞ্জনাসমৃদ্ধ
  • স্বয়ংসম্পূৰ্ণ ভাবজ্ঞাপক বাক্যৰ প্ৰয়োগ
  • ইংৰাজী চেতনা প্ৰৱাহ শৈলীৰ প্ৰয়োগ

অৰ্পণা কোঁৱৰৰ ‘আধুনিক অসমীয়া গদ্যশৈলী’ গ্ৰন্থৰ পৰা 

গদ্যৰ ভাগ:
আধুনিক সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা গদ্যক বিচাৰ কৰি ভিন্ন ধৰণে ভাগ কৰা দেখা যায়। বিষয়বস্তু আৰু মৌলিক প্রকৃতিৰ ভিত্তিত গদ্যক তিনি ভাগত ভগাব পাৰি। যেনে-

* বিবৃত্তিমুলক গদ্য বা তথ্যমূলক গদ্য।
* সমালোচনাত্মক বা চিন্তাশীল গদ্য।
* ৰসাশ্ৰয়ী গদ্য বা সৃষ্টিশীল গদ্য।

বিবৃত্তিমূলক গদ্য বা তথ্যমূলক গদ্যক কোনো সাহিত্যিক মূল্য দিয়া নহয়। এই শ্ৰেণীৰ গদ্যক ব্যৱস্থাপক বা নির্দেশাত্মক গদ্য বুলিও অভিহিত কৰা হয়। আনহাতে সাহিত্যিক মূল্যৰ ভিত্তিত অর্থাৎ সাহিত্যিক গদ্যৰ ভিতৰত সৃষ্টিশীল গদ্য বা ৰসাশ্রয়ী গদ্য আৰু সমালোচনাত্মক বা চিন্তাশীল গদ্যক ধৰা হয়।

সৃষ্টিমূলক বা সৃষ্টিশীল গদ্যক আকৌ তিনিটা ভাগত বিভক্ত কৰিব পাৰি৷ সেয়া হ’ল-
বিৱৰণমূলক
আবেগপ্রধান
কল্পনাপ্রধান 

চিন্তাশীল গদ্যকো যুক্তিনিষ্ঠ, তত্ত্বমূলক, বিশ্লেষণাত্মক, ব্যাখ্যাসূচক ইত্যাদি ভাগত ভগাব পাৰি। তদুপৰি গদ্যক ভাববাদী আৰু বস্তুনিষ্ঠ-এই দুটা বহল ভাগতো ভাগ কৰিব পাৰি।

আনহাতে প্রকাশভংগীৰ ভিত্তিতো গদ্যক দুটা ভাগত ভগাব পাবি। যেনে-
* নিবাভৰণ বা অনাড়ম্বৰ গদ্য।
* অলংকৃত বা বাখৰুৱা গদ্য।

কোনো কোনো গদ্যৰচকে নিৰাভৰণ বা অনাড়ম্বৰ গদ্যৰ পোষকতা কৰে আৰু কোনো কোনোৱে অলংকৃত বা বাখৰৱা গদ্যৰ শ্ৰেষ্ঠতা দাবী কৰে। বাখৰুৱা বা অলংকৃত গদ্যত সাধাৰণতে ভাব আৰু অনুভূতিক স্পষ্টৰূপত সজাই তুলিবলৈ, মনোগ্রাহী আৰু আকর্ষণীয় কৰি তুলিবৰ বাবে উপমা, ৰূপক, অনুপ্রাস, যমক, শ্লেষ, উৎপ্রেক্ষা আদি অলংকাৰ প্ৰয়োগ কৰে; যোজনা, পটন্তৰ, খণ্ডবাক্য, জতুবা ঠাঁচ, প্রতীক, চিত্রকল্প আদিৰো প্রয়োগ কৰা হয়। অৱশ্যে কোনো কোনো লেখকৰ গদ্যত নিৰালংকাৰ অর্থাৎ অলংকাৰময়তাৰ প্ৰৱণতা নাথাকিলেও শ্রেষ্ঠতা দাবী কৰিব পাবে। কিন্তু লেখকে তেওঁৰ বক্তব্য পাঠকৰ প্রত্যয় জন্মাকৈ উপস্থাপন কৰিব পাৰিব লাগিব। উপযুক্ত শব্দচয়নৰ সহায়ত ভাবসমৃদ্ধ কৰি তুলিব লাগিব, অর্থাৎ ভাব প্রকাশৰ উপযুক্ত হ'ব লাগিব।

'শৈলী'ৰ বিচিত্ৰতা অনুসৰি গদ্যক তলত দিয়াৰ দৰে ভগাব পাৰি। যেনে-
* যুক্তিবাদ শৈলীৰ গদ্য।
* ব্যংগাত্মক শৈলীৰ গদ্য।
* কথোপকথনমূলক শৈলীৰ গদ্য।
* নাটকীয় শৈলীৰ গদ্য।

পাশ্চাত্য সমালোচক মাৰজোৰাই বোল্টন (Marjoorie Boulton)-এ গুণ আৰু ধর্ম অনুসৰি গদ্যক পাঁচটা ভাগত ভাগ কৰিছে।'
* আখ্যানমূলক গদ্য
* যুক্তিনিষ্ঠ বা বিতর্কমূলক গদ্য (Argumentative Prose)
* নাটকীয় গদ্য
* তথ্যসমৃদ্ধ গদ্য
* চিন্তাশীল গদ্য

অসমীয়া গদ্যৰ বিকাশ:
ষোড়শ শতিকাৰ আদিভাগত মহাপুৰুষ শংকৰদেৱৰ হাততেই অসমীয়া গদ্যৰ শুভ আৰম্ভণি ঘটে। এই সময়ছোৱাৰ অসমীয়া গদ্যৰ দৰে প্রাঞ্জল গদ্য ৰচনা আন ভাৰতীয় প্রাদেশিক ভাষাসমূহত ৰচনা কৰাৰ প্ৰমাণ পোৱা নাযায়। সেয়ে আন প্রাদেশিক ভাষাসমূহৰ তুলনাত অসমীয়া ভাষা-সাহিত্য গৌৰৱৰ অধিকাৰী। শংকৰদেৱে নাটসমূহ গদ্যত লিখিছিল। শংকৰদেৱে তেওঁৰ পূৰ্বসূৰী প্রাক্‌-শংকৰীযুগৰ মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, কবিৰত্ন সৰস্বতী আদি পদ্য ৰচকসকলৰ কাব্যৰীতিৰ পৰা আঁতৰি আহি অংকীয়া নাট্যশৈলীৰ গদ্যৰ জন্ম দিয়ে। অংকীয়া নাট্যশৈলীৰ গদ্যৰ ভাষা ব্ৰজাৱলী যদিও এই গদ্যই লিখিত সাহিত্যৰ গদ্যৰ চানেকি স্পষ্টভাবে দাঙি ধৰে। 

ষোড়শ শতিকাৰ শেষভাগত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ হাতত অসমীয়া গদ্যই বিকশিত হৈ এক নৱৰূপ লাভ কৰে। আনহাতে সপ্তদশ শতিকাত অসমীয়া গদ্যৰ উদ্ভৱ, ক্রমবিকাশ আৰু প্রস্ফুটনত সত্ৰীয়া সমাজৰ গুৰু-শিষ্যসকলৰ মাজত হোৱা কথোপকথনৰ পৰা চৰিত পুথিৰ গদ্য আৰু আহোম ৰাজশাসনৰ পৃষ্ঠপোষকতাত বুৰঞ্জীৰ গদ্য সৃষ্টি হয়। আহোম ৰাজচ'ৰাত সৃষ্টি হোৱা বুৰঞ্জীৰ গদ্য আৰু সত্রানুষ্ঠানসমূহত সৃষ্টি হোৱা চৰিত পুথিৰ গদ্যই অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশত অৰিহণা যোগায়। 

ভট্টদেৱৰ হাতত অসমীয়া গদ্যই বিকাশ লাভ কৰাৰ পাছত প্রায় ডেৰশ বছৰ মানৰ পাছত তেওঁৰ আদৰ্শত এক শ্ৰেণীৰ ধৰ্মপুথিৰ গদ্য সৃষ্টি হয়। আনহাতে এই সময়ছোৱাতে কেইজনমান লেখকৰ হাতত ৰচনা হোৱা ব্যাৱহাৰিক পুথিসমূহত আৰু ৰজাঘৰীয়া কাকত-পত্র, চিঠি-পত্র, তাম্রশাসন আৰু প্ৰস্তৰশাসন আদিতো অসমীয়া গদ্যৰ নিদর্শন পোৱা যায়। এনেদৰে অসমীয়া গদ্যই বিভিন্ন স্তৰত বিভিন্ন ৰূপ পৰিগ্ৰহ কৰি বিকশিত হৈ উঠে। এই কালছোৱাতে মুখ বাগৰি অহা মৌখিক সাহিত্যৰাজিয়েও লিখিত ৰূপ লাভ কৰে।

আহোম ৰাজত্বৰ শেষছোৱাত অসমীয়া ভাষা-সাহিত্যৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছিল বুলি ক'ব পাৰি। এই সময়ছোৱাত তেনে লেখত ল'বলগীয়া গদ্যৰ জন্ম হোৱা নাছিল যদিও অসমলৈ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে অহা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত ১৮৪৬ চনত প্রকাশ পোৱা 'অৰুনোদই' কাকতে অসমীয়া ভাষা-সাহিত্যলৈ এক নতুন যুগৰ প্রতিশ্রুতি কঢ়িয়াই আনে। 'অৰুনোদই'ত প্রকাশিত লেখনীসমূহ পদ্য আৰু গদ্য উভয়তে প্রকাশ হৈছিল। কিন্তু পদ্যতকৈ গদ্যৰ ব্যৱহাৰ বেছি আছিল। মুঠতে এই সময়ছোৱাত মিছনেৰীসকলে অসমীয়া গদ্যৰ আধুনিক ৰূপৰ সূচনা কৰে। আনহাতে উনবিংশ শতিকাৰ শেষৰফালে 'জোনাকী'ৰ পাতত জন্ম হোৱা কেইজনমান লেখক বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱাৰ হাতত আধুনিক অসমীয়া গদ্যই পূৰ্ণ পৰিপুষ্টি লাভ কৰে।

অসমীয়া গদ্যৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে যিবোৰ গদ্যই অসমীয়া গদ্যৰ বিকাশত বিশেষ অৰিহণা যোগাইছে আৰু অসমীয়া গদ্যশৈলীৰ স্বাক্ষৰ বহন কৰিছে, তেনেবোৰ গদ্যক একাদিক্রমে সজাই অসমীয়া গদ্যৰ আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। অসমীয়া গদ্যৰ আলোচনাৰ সুবিধাৰ বাবে ক্ৰম অনুসৰি দুটা বহল ভাগত ভাগ কৰি লোৱা হৈছে। এই ভাগ দুটা হৈছে-

প্রাচীন অসমীয়া গদ্য: মন্ত্রপুথিৰ গদ্য, অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ গদ্য, বুৰঞ্জীৰ গদ্য, চৰিত পুথিৰ গদ্য, ভট্টদেৱৰ গদ্য ৰচনাৰ আদৰ্শত সৃষ্ট গদ্য আৰু অন্যান্য গদ্য (ব্যাৱহাৰিক পুথিৰ গদ্য, ৰজাঘৰীয়া কাকত-পত্র, চিঠি-পত্র, তাম্রশাসন আৰু প্রস্তৰশাসন আদিৰ গদ্য)।

আধুনিক অসমীয়া গদ্য: প্রাক্-অৰুনোদই স্তৰৰ গদ্য, অৰুনোদইৰ স্তৰৰ গদ্য, হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ সময়ৰ গদ্য, জোনাকী স্তৰৰ গদ্য, যুদ্ধৰ পূৰ্ব স্তৰৰ গদ্য আৰু সাম্প্ৰতিক কালৰ গদ্য।

আধুনিক অসমীয়া গদ্যঃ
প্রাক্‌-অৰুনোদই স্তৰৰ গদ্যঃ
ষোড়শ শতিকাৰ আদিভাগৰ পৰা প্ৰায় ঊনৈশ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া গদ্যৰ প্ৰসাৰণৰ যুগ বুলি ধৰা হয়। এই গোটেই কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ লগতে বিস্তৃতিও লাভ কৰে। প্রাচীন অসমীয়া গদ্যই পৰিপুষ্ট অসমীয়া ভাষা-সাহিত্যই কিন্তু ১৮২৬ চনত ইংৰাজে অসম দেশ অধিকাৰ কৰাৰ পাছত এক সংকটময় অৱস্থাৰ সন্মুখীন হয়। বিশেষভাৱে মন কৰিবলগীয়া যে, ঊনবিংশ শতিকাৰ এই আদিভাগত অসমীয়া ভাষা-সাহিত্যৰ সংকটময় অবস্থাৰ আগে আগে গদ্যৰ মাধ্যমত কেইখনমান উল্লেখযোগ্য গ্রন্থ ৰচিত হয়। 

গদ্যৰ মাধ্যমত ৰচিত হোৱা গ্ৰন্থকেইখনৰ ভিতৰত- মণিৰাম দেৱানৰ 'বুৰঞ্জি বিবেকৰত্ন', কাশীনাথ তামুলিফুকনৰ 'আসাম বুৰঞ্জি পুথি', আত্মাৰাম শৰ্মাৰ 'বাইবেলৰ ভাঙনি' আৰু হৰকান্ত শৰ্মা বৰুৱাৰ 'আসাম বুৰঞ্জি' আৰু 'সদৰামিনৰ আত্মজীৱনী' বিশেষভাবে উল্লেখযোগ্য। আত্মাৰাম শৰ্মাৰ বাহিৰে বাকীকেইজন গদ্যৰচক বুৰঞ্জী গদ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু পূৰ্বৰপৰা চলি অহা বুৰঞ্জীৰ গদ্যৰীতিকে কিছু পৰিৱৰ্তিত আৰু পৰিমার্জিত ৰূপ দি তেওঁলোকে গ্রন্থকেইখন ৰচনা কৰে। কাশীনাথ তামুলিফুকনৰ গদ্যৰ বিষয়বস্তু ঐতিহাসিক, সেয়ে তেওঁৰ গদ্যৰীতিত বিশেষকৈ বর্ণনাত্মক ৰীতি পৰিলক্ষিত হয়। গ্রন্থখনৰ বিষয়বস্তু অসম বুৰঞ্জীৰ অন্তৰ্গত হোৱাৰ কাৰণে মাজে মাজে টাই-আহোম ভাষাৰ শব্দৰ প্রয়োগ পোৱা যায়। 

তলত কাশীনাথ তামূলিফুকনৰ গদ্যৰ নমুনা দাঙি ধৰা হৈছে।
"আৰু পূর্ব্বে ১১৬৪ সঁকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুদ্ধা ৰজা, এই দুই ৰজাৰ মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোআ কৰি ললে। এই মটককে মৰান বোলে। বৰাহিক কাঠকটিয়া চাঙ্গমাই ও ৰান্ধনি চাঙ্গমাই ও ভৰালি ও জৰাধৰা ও বেজ ও কুকুৰাচোআ, এনে বনুৱা কৰি ললে।” (অসম বুৰনজি পুথি)

আনহাতে মণিৰাম দেৱানৰ 'বুৰঞ্জি বিবেক ৰত্ন'ৰ ভাষা ঠায়ে ঠায়ে সংস্কৃতীয়া, ঠায়ে ঠায়ে বুৰঞ্জীৰ দৰে, কোনো কোনো অংশত সৰল কথিত অসমীয়া ভাষা আৰু মাজে মাজে অসমীয়া মিশ্রিত বঙলা ভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। বিষয়বস্তুৰ পৰিচয় অংশটি সংস্কৃতত দিয়া হৈছে, ঠিক ইয়াৰ পিছতে অসমীয়া আৰু বঙলা মিশ্রিত ভাষা আৰু অসমীয়া ভাষাৰ প্ৰয়োগ কৰিছে। 

তলত 'বুৰঞ্জি বিবেক ৰত্ন'ৰ গদ্যৰ নিদৰ্শন দাঙি ধৰা হৈছে:
সংস্কৃত ভাষাৰ প্ৰয়োগঃ
"অথ বুৰঞ্জি বিবেক ৰত্ন গ্রন্থে দ্বিতীয় খণ্ডে কামৰূপীয় ব্রাহ্মাণাদি নিখিল জ্যাত্যাচাৰ বিবেচনং তদ্দেশীয় ধৰ্ম্ম প্রচাৰক-সাধুনাং আগমমার্গ প্রদর্শক গোস্বামীনশ্চ বিশিষ্টং জ্ঞানম্ অমাত্যপ্রমুখোৎপত্যাদিকমপি যথামত্যহং ব্যাখ্যাস্যে।" (বুৰঞ্জি বিবেকৰত্ন, পৃ.১)

বুৰঞ্জীৰ দৰে ভাষাৰ প্ৰয়োগঃ
পাচে দেৱ বুলিলে- 'ককাইদেৱ তুমি ৰজা হোৱা' গোহাঞিদেৱে বোলে, 'মই আগতেই ৰজা হব নোৱাৰিলো এতিয়া কি ৰজা হুম। মনৰ মানহাৰ কাৰণেহে আহিছো।' (বুৰঞ্জি বিবেকৰত্ন, পৃ. ১২৪) 

আত্মাৰাম শৰ্মাই 'নিউ-টেষ্টামেন্ট' অসমীয়া গদ্য ভাষাত অনুবাদ কৰে। ১৮১৩ চনত শ্ৰীৰামপুৰৰ মিছনেৰীসকলৰ চেষ্টাত প্ৰকাশ পোৱা এইখন প্রথম অসমীয়া ছপাপুথি। আত্মাৰাম শৰ্মাৰ বাহিৰে বাকী তিনিওজন গদ্যৰচকে মিছনেৰীৰ দ্বাৰা প্রভাবিত হোৱা নাছিল, প্রত্যেকেই পূৰ্বৰে পৰা চলি অহা গদ্যৰীতিক নিজাববীয়াকৈ পৰিমার্জিত আৰু পৰিশীলিত কৰি গদ্য ৰচনা কৰিছিল। কিন্তু আত্মাৰাম শৰ্মাই মিছনেৰীৰদ্বাৰা প্ৰভাৱিত হৈ তেওঁলোকৰ দৰে গদ্য ৰচনা কৰিছিল। বিশেষকৈ কেৰীৰ নির্দেশ আৰু আদর্শ মানি চলিছিল। শৰ্মাৰ এই অনুবাদ গ্রন্থ অর্থাৎ বাইবেলৰ অসমীয়া ভাঙনিৰ গদ্যই অসমীয়া গদ্যৰ মৌলিকতা প্রদর্শন কৰিব পৰা নাই যদিও অসমীয়া গদ্যৰ ক্রমবিকাশত ইয়াৰ মূল্য যথোচিত। 

তলত 'নিউ-টেস্টামেন্ট' অর্থাৎ বাইবেলৰ অসমীয়া ভাঙনিৰ গদ্যৰ নমুনা দাঙি ধৰা হ'ল-
"এক মানুহৰ দুই পুতেক আছিল। সৰু পুতেকে আপোনাৰ বাপেকক বুলিলে, হে বুপায় ময় জি ধনৰ ভাগ পাম তাকে মোক দিয়া। তাতে সি অপোনাৰ সম্পত্তি বাটি সিহঁতক দিলে। অল্পদিনৰ পাচে সৰু পুতেকে আপোনাৰ এটাই ধন অকাৰ্য্যতে ভাঙিলে।"

হৰকান্ত শৰ্ম্মা বৰুৱাই লেখক হিচাপে আত্মপ্রকাশ কৰিছিল অৰুণোদয় যুগতহে। তেওঁৰ 'সদৰামিনৰ আত্মজীৱনী' গ্ৰন্থৰ ভূমিকাত বিশ্বনাৰায়ণ শাস্ত্রীয়ে গ্ৰন্থখনৰ সম্পর্কে এনেদৰে লিখিছে- 'আত্মজীৱনী সম্ভৱ চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত লিখিছিল। ...... প্রথম জীৱনৰ কথাখিনি সুঁৱৰি লিখা আৰু চাকৰি জীৱনৰ কথাখিনি দিনলিপিৰ পৰা লিখা বুলি অনুমান কৰিব পাৰি।' এই মন্তব্যৰ আধাৰত ক'ব পাৰি যে, শৰ্ম্মা বৰুৱাৰ 'সদৰামিনৰ আত্মজীৱনী' গ্রন্থখন ছোৱা ছোৱাকৈ লিখা, একে সময়তে লিখা নহয়। শৰ্ম্মা বৰুৱাৰ এই গ্ৰন্থখনৰ সময় যদিও অৰুনোদয় যুগৰ আৰু সেই সময়ছোৱাতে হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ হাতত অসমীয়া গদ্যৰীতিয়ে ব্যাকৰণ-সন্মত এক মার্জিত ৰূপ গ্রহণ কৰিছিল যদিও ইয়াত অৰুণোদয় যুগৰ গদ্যৰ মাৰ্জিত ৰূপৰ ঠাঁচতকৈ প্ৰাক-অৰুণোদয় যুগৰ অৰ্থাৎ পূর্ব প্রচলিত গদ্যৰীতিৰ চাপহে দেখিবলৈ পোৱা যায়। তথাপিও ক'ব লাগিব হৰকান্ত শৰ্ম্মা বৰুৱাৰ গদ্য অধিক তথ্য প্রকাশক আৰু সহজ-সৰল, ইয়াত কোনো কৃত্রিমতাৰ চাপ পৰিলক্ষিত নহয়। 

তলত হৰকান্ত শৰ্ম্মা বৰুৱাৰ 'সদৰামিনৰ আত্মজীৱনী' গ্রন্থত ব্যৱহৃত গদ্যৰ নমুনা দিয়া হৈছে-
"কিন্তু মঞি বিবেচনা বৰিলোঁ, মঞি বর্তমানে ইমান। মঞি অবর্তমানে মোৰ ল'ৰাহতে মাটি-বাৰী পাবনে? এতেকে মঞি বর্তমানে বিভাগ এটা কৰি এটি ফৰ্দ্দ কৰি দিয়া ভাল। এই বুলি ফৰ্দ্দ এটি কৰি শ্রীকমলাকান্ত, এটি মহাফেজ ও এটি গৌৰীকান্তক দি কলো, 'এইমতে নামজাৰি কৰি দিয়া।" (সদৰামিনৰ আত্মজীৱনী, পৃ. ১৬১)

'অৰুনোদই' স্তৰৰ গদ্য:
অসমীয়া ভাষাৰ সংকটময় অৱস্থাৰ কালছোৱাত উল্লিখিত চাৰিজনৰ গদ্য ৰচনাই অসমীয়া ভাষাৰ দুৰৱস্থাৰ স্বৰূপটো স্পষ্ট ৰূপত প্ৰকাশ কৰিব পৰা নাই, বৰঞ্চ অসমীয়া ভাষাৰ লগত আন আন ভাষাৰ সংমিশ্রণ ঘটাই এটা মিশ্রিত ৰূপ সৃষ্টি কৰিলে বুলি ক'ব পাৰি। ষোড়শ শতিকাৰ আদিভাগৰ পৰা প্রায় দুশবছৰ অসমীয়া গদ্য- সাহিত্যৰ ধাৰা এটা সবল-দুর্বলভাবে চলি আহিছিল যদিও ঊনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ প্রায় চাৰিটা দশক অসমীয়া গদ্যই এক দুর্যোগপূর্ণ অৱস্থা অতিক্রম কৰিব লগা হয়। 

এই সময়ছোৱাত ইংৰাজ শাসকগোষ্ঠীৰ দ্বাৰা অৰ্থাৎ ১৮৩৬ চনত অসম অফিচ-আদালত আৰু বিদ্যালয়সমূহৰ পৰা অসমীয়া ভাষা উঠাই তাৰ ঠাইত বঙলা ভাষা প্ৰৱৰ্তন কৰাৰ ফলত অসমীয়া ভাষা-সাহিত্যৰ অতি শোচনীয় অবস্থাপ্রাপ্ত হয়। কিন্তু সৌভাগ্যৰ কথা যে, অসমত খ্ৰীষ্টধর্ম প্ৰচাৰৰ বাবে ১৮৩৬ চনৰ মাৰ্চ মাহত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে পদার্পণ কৰে। এই লোকসকলৰ ভিতৰত ৰেভাৰেণ্ড নাথান ব্রাউন, ও. টি. কাট্টাৰ, মাইলছ ব্রন্সন, এ. এইচ.ডেনফোর্ড, এ.কে. গার্ণী আদি আছিল। 

মিছনেৰীসকলে অসমলৈ আহিয়েই অসমীয়া ভাষাৰ সমস্যাই অসমীয়া জনসাধাৰণৰ জীবনযাত্রাত যে বেমেজালি ঘটাইছে এই কথা উপলব্ধি কৰিছিল। তদুপৰি মিছনেৰীসকলে অসমত বঙলা ভাষাৰ প্রভাৱৰ ফলত অসমীয়া জনসাধাৰণৰ মনত সৃষ্টি হোৱা অস্থিৰতাৰ কথাও চিন্তা কৰি অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ চেষ্টা চলায়। এই উদ্দেশ্যে তেওঁলোকে শিৱসাগৰত মিছন প্রেছ স্থাপন কৰি ১৮৪৬ চনত 'অৰুনোদই সম্বাদ পত্র' প্রকাশ কৰে। আনহাতে মিছনেৰীসকলে অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰৰ কাম হাতত ল'লে আৰু এই উদ্দেশ্যে যথেষ্ট কাম কৰিছিল। এইক্ষেত্রত 'অৰুনোদই' কাকতেও বহু পৰিমাণে সহায় কৰিছিল। বিশেষকৈ দেশ-বিদেশৰ জ্ঞান, বিজ্ঞান, খ্রীষ্ট ধর্ম সম্পর্কীয় অনেক বিষয়, বিভিন্ন দেশৰ সংবাদ, নৈতিক শিক্ষা, বুৰঞ্জী বিষয়ক লেখনী, জীৱনী আৰু নানা সাৰুৱা ভাঙনি কৰি গদ্যৰ মাধ্যমত প্রকাশ হৈছিল। মিছনেৰীসকলৰ যত্নতে ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰ নিবাসী আত্মাৰাম শৰ্মাৰ দ্বাৰা অনূদিত হৈ ধর্মগ্রন্থ 'বাইবেল'ৰ প্রথম অসমীয়া অনুবাদ প্রকাশিত হয়। এই গ্রন্থখনেই আধুনিক অসমীয়া গদ্যৰ প্ৰথম পদক্ষেপ বুলি কোৱা হয়। 

অসমীয়া ভাষাৰ ঐতিহ্য বিচাৰিলে, পাঠ্যপুথি প্রণয়ন, পঢ়াশালি স্থাপন, পুৰণি পুথি উদ্ধাৰ কাৰ্য আদি নানা কামত হাত দিলে, তদুপৰি অসমীয়া ভাষাৰ ন্যায্য প্রতিষ্ঠাৰ কাৰণে ইংৰাজৰ ওচৰত দাবী জনালে। 'অৰুনোদই'ত বিবিধ বিষয়ক ৰচনা গদ্য আৰু পদ্য উভয় মাধ্যমতে প্রকাশ পাইছিল। অৱশ্যে পদ্যতকৈ গদ্যৰ সংখ্যা বেছি আছিল। অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান ৰচনা কৰি ভাষাৰ প্ৰাণ প্রতিষ্ঠা কৰাৰ লগতে অসমীয়া সাহিত্যিক গদ্যক নতুন ৰূপ দিয়ে আৰু 'অৰুনোদই' কাকতে একশ্রেণীৰ নতুন গদ্যলেখকৰ সৃষ্টি কৰে। 

এই যুগৰ অসমীয়া গদ্যৰ ভেটি নির্মাতা মিছনেৰীসকলৰ ভিতৰত ৰেভাৰেণ্ড নাথান ব্রাউন, ও. টি. কাট্টাৰ, মাইলছ ব্রন্সন, এ. এইচ. ডেনফোর্ড, এ. কে. গার্নী ইত্যাদি আৰু অসমীয়া লেখকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলেবি ফাৰোএল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি অন্যতম। 'অৰুনোদই' কাকতে আধুনিক অসমীয়া গদ্যৰ বিকাশৰ সুঁতিটোত এক উল্লেখযোগ্য বৰঙণি আগবঢ়ালে। দেশ-বিদেশৰ নানাবিধ প্রবন্ধ লিখিলে, বাইবেল গ্রন্থ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিলে, বুৰঞ্জী আৰু পুৰণি পুথি উদ্ধাৰ কৰি 'অৰুনোদই'ত প্রকাশ কৰিলে, লুপ্ত হৈ থকা বা অপ্রচলিত অসমীয়া শব্দ উদ্ধাৰ কৰি অৰ্থ বুজাবলৈ তাৰ সমার্থক ইংৰাজী শব্দ বিচাৰি উলিয়ালে, কিছু সংখ্যক নতুন শব্দৰ সৃষ্টি কৰিলে। যেনে-পানীসিল (বৰফ), লতা পনিয়ল (আঙুৰ), পহুসাল (চিৰিয়াখানা), ভাপৰ ৰথ (ৰে'ল গাড়ী), বিজুলীবাতি, ধৰম পুথি, গিয়ানৰ সভা, ভাপৰ নাও, চাপাখানা, নাগমাটি (কয়লা) ইত্যাদি।

মিছনেৰীসকলে অসমীয়া ভাষাক পুনৰ উদ্ধাৰ কৰি নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। আনহাতে 'অৰুনোদই' কাকতৰ জৰিয়তে বিকাশ লাভ কৰা আধুনিক অসমীয়া গদ্য প্রাঞ্জল, সহজ-সৰল আৰু সাৱলীল ৰূপত আত্মপ্রকাশ কৰিলে। 'অৰুনোদই'ৰ গদ্য উজনি অসমত প্রচলিত তদানীন্তন কথিত ভাষাৰ ভেটিত গঢ় লৈ উঠিছিল। জনসাধাৰণৰ বোধগম্যতাৰ কাৰণেই মিছনেৰীসকলে সৰলীকৃত গদ্যৰ প্ৰসাৰত অধিক গুৰুত্ব দিছিল। 

মিছনেৰীসকলৰ সৰলীকৃত গদ্যৰ উদাহৰণ-
"এইদৰে ইস্বৰৰ সক্ৰ হৈ, তেওঁক নষ্ট ন কৰি আপোনাক তুষ্ট কৰিবলৈ ধৰিলে। আপোনাৰ সুখৰ জন্যে পৰম ইস্বৰক নি-বিচাৰি, সাংসাৰিক বিসয়ৰ বিচাৰ কৰিলে, এনে দুষ্ট স্বভাবেৰে আমি সকলো জন্মি আচো।"

'অৰুনোদই'ৰ গদ্য ভাব প্রকাশৰ বাহকহে, সেয়ে ইয়াত চুটি চুটি অথচ গহীন ভাব প্রকাশক বাক্যৰ প্ৰয়োগ পোৱা যায়। তদুপৰি 'অৰুনোদই'ৰ বাক্য আড়ম্বৰহীন, পোনপটীয়া, সহজ-সৰল আৰু বোধগম্য। 'অৰুনোদই'ৰ গদ্যত মিছনেৰীসকলে অসমীয়া ভাষাৰ জতুৱা ঠাঁচটো নিখুঁতভাবে আয়ত্ত কৰিব পৰা নাছিল। 'অৰুনোদই'ৰ গদ্য ভাষাৰ লগত জনসাধাৰণৰ কথিত ভাষাৰ মিল আছে যদিও বাক্যগঠন ৰীতিত নিভাঁজ অসমীয়া ঠাঁচটো দেখিবলৈ পোৱা নাযায়। সেয়ে তেওঁলোকৰ বাক্যবিন্যাস ৰীতিত ইংৰাজী ব্যক্যবিন্যাস ৰীতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। 

তলত ইংৰাজী ব্যক্যবিন্যাস ৰীতিৰ নমুনা দাঙি ধৰা হৈছে-
"এই জগতত অৰন্যৰ মাজত মই ফুৰি জাঁওতে জি এখন ঠাইত এটা গাঁত আছিল, এনে ঠাই পালোহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। সেই সমাজিকত গাত ফটা চটা কাপোৰ পিন্ধি আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি হাতত এখন পুঠি ধৰি, পিঠিত বৰ গধুৰ বোকোচা বন্ধা থিয় হৈ থকা এটা মানুহক দেখিলোঁ।"

মিছনেৰীসকলে ব্যৱহাৰ কৰা 'অৰুনোদই'ৰ গদ্যৰ মাজত এক সহজ-সৰল ভাব প্রকাশক ৰীতি (simple style) পোৱা যায়। এনে ভাব প্রকাশক সহজ-সৰল ৰীতি ইংৰাজী সাহিত্যৰ মাজেৰে 'অৰুনোদই'ৰ গদ্যৰীতিত প্ৰৱেশ ঘটিছে বুলি ক'ব পাৰি। অৰুনোদই'ৰ গদ্যৰীতিৰ মাজে মাজে ঘৰুৱা শব্দৰ ব্যৱহাৰ, একাধিক যুৰীয়া শব্দ আৰু মাজে-মাজে উপমা আদিৰ প্ৰয়োগ মন কৰিবলগীয়া। 'অৰুনোদই'ৰ যিকোনো পাততে এনে গদ্যৰীতিৰ নিদর্শন পোৱা যায়। 

তলত এনে ৰীতি প্রকাশক গদ্যৰ নমুনা দাঙি ধৰা হৈছে।
"অসম দেসত জেনে হিম, তেনে হিম ন হই। ওপৰৰ পানী গোট খাই, জাৰত হিম হৈ বখলা বখলে পৰে। তুলাৰ নিচিনা লঘু, বগাও, আৰু বৰ চেচা; দেস খনতে পৰে, মাটি পোত জাই। তাৰ ওপৰে ওপৰে খোজ কার্হিলে বালিত সোমোআৰ দৰে ভৰি সোমাই।" (অৰুনোদই, মেই, ১৮৪৮)

মিছনেৰীসকলৰ গদ্যৰচনাৰ বৰ্ণবিন্যাস ৰীতি আছিল উচ্চাৰণভিত্তিক। জনসাধাৰণৰ কথিত ভাষাৰ ভিত্তিত গদ্য ৰূপ দিবৰ বাবে অসমীয়া ভাষাৰ শব্দবোৰ যেনেদৰে উচ্চাৰণ হৈছিল তেনেদৰে শব্দৰ বানান লিখিবলৈ যত্ন কৰিছিল। উদাহৰণ স্বৰূপে মিছনেৰীসকলে অসমীয়া উচ্চাৰণত হ্রস্বস্বৰ আৰু দীর্ঘস্বৰৰ পাৰ্থক্য নথকাৰ বাবে কেৱল হ্রস্বস্বৰ 'ই' ব্যৱহাৰ কৰিছিল। 'শ', 'য', 'স' উচ্চাৰণৰ পাৰ্থক্য পৰিলক্ষিত নহয় বাবে কেৱল 'স' হে ব্যৱহাৰ কৰিছিল, 'ন' আৰু 'ণ'ৰ ঠাইত 'ন' ৰ ব্যৱহাৰ কৰিছিল। 'ক্ষ আৰু 'খ'ৰ মাজত উচ্চাৰণৰ প্ৰভেদ পোৱা নাছিল, 'চ' আৰু 'ছ'ৰ ঠাইত 'চ'ৰ ব্যৱহাৰ কৰিছিল। 'ঙ'ৰ ঠাইত 'ঙ্গ' ব্যৱহাৰ মন কৰিবলগীয়া বৈশিষ্ট্য। একেধৰণে উচ্চাৰণ হোৱা বৰ্ণযুক্ত শব্দবোৰ লিখোঁতে মিছনেৰীসকলে এটা ৰূপেই ব্যৱহাৰ কৰিছিল; যেনে- অচমিয়া, ৰাত্রি, ভাসা, সব্দ, গ্যান, গিয়ানি, নিমিতে, জতন, উতপন, দিঘল, মুৰ ইত্যাদি।

অসমীয়া সাহিত্যত মিছনেৰীসকলে 'অৰুনোদই'ৰ জৰিয়তে কেৱল যে এক নতুন গদ্যৰীতিৰ সূচনা কৰিলে এনে নহয়, 'অৰুনোদই'ৰ জৰিয়তে এচাম অসমীয়া সাহিত্যিকৰো জন্ম দিলে। 'অৰুনোদই'ৰ জৰিয়তে সাহিত্যিক জীৱনৰ পাতনি মেলা গদ্য ৰচকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলেৱি ফাৰোএল, হেমচন্দ্র বৰুৱা, গুণাভিৰাম বৰুৱা আদি অন্যতম। 

'অৰুনোদই'ৰ কোলাত ডাঙৰ-দীঘল হোৱা থুনুক-থানাক অসমীয়া গদ্যই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্র বৰুৱা আদিৰ হাতত বিশুদ্ধ অসমীয়া গদ্যৰ চানেকিৰূপে প্রতিষ্ঠিত হয়। প্রত্যেকগৰাকী লেখকৰ ৰচনাত প্ৰতিফলিত হোৱা তেওঁলোকৰ বিশিষ্ট ৰীতিয়ে আধুনিক অসমীয়া গদ্যক সমৃদ্ধ কৰি তোলে।

'অৰুনোদই' ৰ বিকাশ সাধনত গদ্য-পদ্য উভয় দিশতে নিধিলেবি ফাৰোএলৰ অৱদান যথেষ্ট আছিল। কিন্তু নিধিলেবি ফাৰোএলে মিছনেৰীসকলে মানি চলা বর্ণবিন্যাস অনুযায়ী তেওঁৰ ৰচনাৰাজি লিখিছিল। মিছনেৰীসকলে উচ্চাৰণ অনুযায়ী বর্ণবিন্যাস লিখা পদ্ধতিত নিধিলেৱিয়ে পূর্ণৰূপত সমর্থন কৰিছিল। নিধিলেবিৰ এনে কার্যত বিতুষ্ট হৈ হেমচন্দ্ৰ বৰুৱাই তেওঁৰ আত্মজীবনীত এনেদৰে লিখিছে- "সি (নিধিলেৱি ফাৰোৱেল) তাৰ গুৰু ব্রাউন চাহাবৰ বর্ণবিন্যাস প্রণালীৰ পৰা এক আঙ্গুলো লৰচৰ হোৱা মহাপাপ যেন ভাবিছিল।"

'অৰুনোদই'ৰ কাকতৰ গদ্য লেখক নিধিলেৱি ফাৰোএলৰ বচনাত অসমীয়া লেখক হিচাপে তেওঁৰ গদ্যৰীতি মিছনেৰীসকলৰ গদ্যৰীতিতকৈ বিশেষ পার্থক্য দেখিবলৈ পোৱা নাযায় যদিও অসমীয়া গদ্যৰ স্বাভাবিক ঠাঁচ এটা আৰু মিছনেৰীসকলৰ গদ্যতকৈ কিছু পৰিমাণে উন্নত ৰূপ এটাও পৰিলক্ষিত হয়। 

ফাৰোএলৰ গদ্যৰ নমুনা-
"খ্রিষ্টিয়ান ধৰমৰ বিসয়ে নানা প্রকাৰ পুথি প্রকাস কৰিবৰ নিমিতে 'কলিকতা খ্রিষ্টিয়ান ব্রেক্ত বুক চচায়িটি' নামে এক ধৰম সমাজ ডেৰ কুৰিমান বচৰৰ আগেয়ে থাপন কৰা হল।" (ধৰম কথা সম্বাদ, অৰুনোদই)

আধুনিক গদ্যৰ প্ৰাৰম্ভিক স্তৰত অৰিহণা যোগোৱা ব্যক্তিসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম বিশেষভাবে উল্লেখযোগ্য। দুটা খণ্ডত ৰচিত 'অসমীয়া ল'ৰাৰ মিত্র' আৰু 'অৰুনোদই'ত প্রকাশিত প্রবন্ধসমূহত তেওঁৰ গদ্যৰ পৰিচয় পোৱা যায়। এই ৰচনাৰাজিৰ মাজেৰে ঢেকিয়াল ফুকনৰ গদ্যই পূর্ণতা লাভ কৰিছিল বুলি একেষাৰে ক'ব নোৱাৰি যদিও তেওঁক আধুনিক অসমীয়া গদ্য সৃষ্টিৰ পথ প্রদর্শক বুলি ক'ব পাৰি। মিছনেৰীসকলৰ সৃষ্ট গদ্যত আনন্দৰাম ঢেকিয়াল ফুকনে সাৰ-পানী যোগাই নতুন ৰূপত প্রতিষ্ঠা কৰিলে। 

ডিম্বেশ্বৰ নেওগে আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্য সম্পর্কে দাঙি ধৰা মন্তব্য এই ক্ষেত্রত প্ৰণিধানযোগ্য- "আনন্দৰাম অকল বৰ্তমান অসমীয়া গদ্যৰ প্ৰথম প্ৰৱৰ্ত্তকেই নহয়, বর্তমান অসমীয়া ভাষাৰ আদি অৱস্থাৰ অনেক অপায়-অমঙ্গলৰ বিৰুদ্ধে যুজা প্রথম আগৰণুৱা তেওঁ, অসমীয়া সাহিত্যৰ আৰু জাতিৰ নতুন আদর্শ দাঙি ধৰোতা তেওঁ।”

আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ কোনো মেৰপাক নাই, ই যথার্থ সহজ- সৰল, বাহুল্য বৰ্জিত আৰু বাক্যবিন্যাস সুসংহত। ফুকনে 'অৰুনোদই' কাকতৰ জৰিয়তে সাহিত্যিক  ৰূপে আত্মপ্রকাশ কৰিছিল যদিও তেওঁ 'অৰুনোদই'ৰ বৰ্ণবিন্যাস নীতি মানি চলা নাছিল। অৰুনোদইৰ গদ্য আৰু ঢেকিয়াল ফুকনৰ গদ্য সমান্তৰাল গতিত আগবাঢ়িছিল যদিও দুয়োবিধ গদ্যৰ মাজত পার্থকা পৰিলক্ষিত হয়। 

ডিম্বেশ্বৰ নেওগে এই প্ৰসংগত মন্তব্য দাঙি ধৰিছে এনেদৰে-
"মিছনেৰী গদ্যৰ ভাষা কেঁচুৱাৰ থুনুক-থানাক মাতৰ দবে মিঠা আৰু স্বাভাবিক, কিন্তু ইংৰাজী ভাব ভাষা যেতিয়াই কোনোজনে গোটে-পাতে অসমীয়াত ভৰাবলৈ গৈছে, তেতিয়াই সেই সাহিত্যৰ পৰা এটা আঁহীয়া গোন্ধ ওলাইছে।"

কিন্তু নেওগে উল্লেখ কৰা মিছনেৰী গদ্যৰ দৰে আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্য ভাষাত কেঁচুৱাৰ থুনুক-থানাক মাতৰ পৰিৱৰ্তে পূৰঠ অসমীয়া ভাষাৰ নিদৰ্শন পোৱা যায়। মিছনেৰীসকলে আধুনিক অসমীয়া গদ্যৰ প্ৰতিষ্ঠাৰ বাবে যি চেষ্টা কৰিছিল ঢেকিয়াল ফুকনে সেই চেষ্টাত সহায় কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ হাতত নতুন ভাব আৰু কথনৰীতিৰ সমন্বয়ত নতুন সাহিত্যৰ সৃষ্টি হৈছিল। মিছনেৰীৰ গদ্যৰ দৰে ঢেকিয়াল ফুকনৰ গদ্য ভাষাতো ইংৰাজী ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়। তেওঁৰ শব্দগঠন আৰু বাক্যবিন্যাসত ইংৰাজী বাক্যবিন্যাসৰ সৈতে সাদৃশ্য থকা অনেক বাক্য পোৱা যায়। উদাহৰণ-

"কিন্তু যদি শিশুকালৰে পৰা বিদ্যা নিশিকা ডাঙৰ হলেও নিশিকা, কিন্তু তুমি নিজেই জানিবা জে ইস্বৰে তেনেবুদ্ধি দিয়ক নিদিয়ক শ্রম কৰিলে তাৰ পৰা একো গুণ নহয়।" (অসমীয়া ল’ৰা মিত্ৰ গ্ৰন্থৰ পৰা.)

আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাত ইংৰাজী, সংস্কৃত আৰু থলুৱা ভাষাৰ শব্দ সম্ভাৰৰ সংমিশ্রিত ৰূপ এটা পৰিদৃষ্ট হয়। তদুপৰি ঢেকিয়াল ফুকনৰ গদ্যৰ বাক্যবিন্যাস পদ্ধতিয়ে আধুনিক অসমীয়া গদ্যৰ আত্মপ্রতিষ্ঠাত বিশেষভাবে অৰিহণা যোগাইছে। মুঠতে ঢেকিয়াল ফুকনৰ হাততেই ঊনবিংশ শতিকাৰ অসমীয়া গদ্যই মার্জিত স্তৰৰফালে অগ্ৰসৰ হ'বলৈ সুবিধা পালে।


হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ সময়ৰ গদ্য:
আনন্দৰাম ঢেকিয়াল ফুকনৰ পাছতেই হেমচন্দ্র বৰুৱা আৰু গুণাভিৰাম বৰুৱাক আধুনিক গদ্য-সাহিত্যৰ মাৰ্জিত ৰূপ দিওঁতা বুলি অভিহিত কৰিব পাৰি। সময়ৰ ফালৰ পৰা হেমচন্দ্ৰ বৰৰুৱা আৰু গুণাভিৰাম বৰুৱা 'অৰুনোদই' কাকতৰ সমসাময়িক লেখক হ'লেও তেওঁলোকৰ ৰচনাতহে অসমীয়া গদ্যৰ প্ৰকৃত ৰূপ এটাই থিতাপি পালে। মিছনেৰীৰ হাতত জন্মলাভ কৰা অসমীয়া গদ্যই হেমচন্দ্ৰ বৰুৱাৰ হাতত নতুন ৰূপ পায়। হেমচন্দ্ৰ বৰুৱাৰ হাতত সৃষ্ট 'অসমীয়া ব্যাকৰণ' আৰু 'হেমকোষ অভিধান'- এই দুই মূল আধাৰে অসমীয়া ভাষা আৰু গদ্যৰীতিৰ শুদ্ধতা আৰু স্থিৰতা ৰক্ষা কৰাত যথেষ্ট সহায় কৰে। হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰবা দুয়োজনেই অসমীয়া সাহিত্যৰ সচেতন গদ্য শিল্পী। তেওঁলোক দুয়োজনৰে গদ্যৰীতি সহজ-সৰল, বাহুল্যবর্জিত আৰু বাক্যবিন্যাস ৰীতি সুসংগত। দুয়োজন লেখকে অৰুনোদইৰ কালতে আত্মপ্রকাশ কৰিছিল যদিও আধুনিক অসমীয়া গদ্যৰ ভেটিক শৃঙ্খলাবদ্ধ, সুগঠিত আৰু মার্জিত ৰূপ প্রদান কৰাত যথেষ্ট ভূমিকা পালন কৰিছিল। হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা দুয়োজনেই শব্দৰ চাতুৰ্ষৰ দ্বাৰা হাস্যৰস সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। অৱশ্যে দুয়োজন গদ্য লেখকৰ ৰচনাৰীতিৰ পার্থক্য বিদ্যমান। ডিম্বেশ্বৰ নেওগে দুয়োজন গদ্যৰচকৰ বিষয়বস্তুৰ বিৱৰণ, শব্দ ব্যঞ্জনা আদি প্রয়োগৰ মাজত পার্থক্য আছে বুলি উল্লেখ কৰিছে।

হেমচন্দ্ৰ বৰুৱাৰ লেখনী অতি গহীন, গম্ভীৰ। বৰুৱাৰ গদ্যৰীতি ব্যঙ্গাত্মক। তেওঁৰ ৰচিত 'বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী'ত ব্যঙ্গাত্মক গদ্যৰ প্ৰয়োগ লক্ষ্য কৰা যায়। তেওঁ শ্লেষ, ব্যাজস্তুতি, মূল শব্দৰ বিকৃতকৰণ, অৰ্থৰ বিকৃত ব্যাখ্যা, গহীন কথাৰ সুৰত লঘু উপস্থাপন, সুকীয়া শব্দৰ সৃষ্টিৰ জৰিয়তে ব্যঙ্গ সৃষ্টি কৰিছে। এনে ব্যঙ্গাত্মক গদ্যৰ জৰিয়তে বৰুৱাৰ সংস্কাৰধৰ্মী সমাজ সচেনতা, পর্যবেশনশীলতাৰ পৰিচয় স্পষ্টভাবে পাব পাৰি। 

হেমচন্দ্ৰ বৰুৱাৰ ব্যঙ্গাত্মক গদ্যৰীতিৰ নিদর্শন হিচাপে 'বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী'ৰ পৰা নমুনা দাঙি ধৰা হৈছে-
"কোৰখনীয়া সত্ৰৰ গোবৰ্দ্ধন-দেউ-আতা পৰম বৈষ্ণৱ, কংসৰজাৰ চন্দন- যোগাঁতী কুঁজী বাইৰ বংশৰ জাত, সাক্ষাত গুৰুজনৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ-দেউআতাৰ পৰি-নাতি; ঘোষা, কীৰ্ত্তন, ৰত্নাবলী এই তিনিখানি শাস্ত্ৰ প্ৰভুৰ ওষ্ঠগ্র, ইয়াত বাজে গুণমালা, ভটিমা, টোটয় এইবিলাক হলে মুখে আখৈ ফুটাদি ফুটে।" ('বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী', পৃ.২৯)

মূল বিষয়ৰ বিকৃতকৰণৰ জৰিয়তেও বৰুৱাই ব্যঙ্গৰস সৃষ্টি কৰিব বিচাৰিছিল। উদাহৰণ-
"ভকত- ভাল, শাস্ত্রত লিখিছে, 'শংখ, চক্র, গদা, পদ্ম, করত তোমাৰ,' পৰমেশ্বৰ যদি চতুর্ভুজ, তেন্তে শংখ, চক্র, গদা, পদ্ম, এই চাইটি বস্তু চাৰি খনি হাতত লয়, পাচে কৰত খনি নো লয় ক'ত?” ('বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী', পৃ. ৩৩) 

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেটি নির্মাণত গুণাভিৰাম বৰুৱাৰ অবদান যথেষ্ট। বৰুৱাৰ 'ৰাম নবমী নাটক', 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ', 'আসাম বুৰঞ্জী' আদি গদ্যৰচনাই তেওঁক এজন সচেতন গদ্যৰচক হিচাপে সুপ্রতিষ্ঠিত কৰে। মিছনেৰীৰ গদ্যত ব্যৱহাৰ কৰা বানান পদ্ধতিক এই দুয়োজন লোকেই বিৰোধিতা কৰিছিল। সেয়ে 'অৰুনোদই' কাকতৰ দৰে উচ্চাৰণ অনুযায়ী কৰা আখৰ জোঁটনি হেমচন্দ্ৰ আৰু গুণাভিৰাম বৰুৱাৰ ৰচনাত ক'তো পোৱা নাযায়। দুয়োজনৰ গদ্য ৰচনাত কিছু পৰিমাণে সংস্কৃতীয়া ৰীতি ব্যৱহাৰ কৰিছে যদিও তেওঁলোকৰ গদ্যৰীতি বহু পৰিমাণে সৰল, পোনপটীয়া। দুয়োজন গদ্যৰচকে তৎসম, তদ্ভৱ আৰু দেশজ শব্দ পর্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিছে। দুয়োজনে গদ্যৰচনাত কিছু পৰিমাণে সংস্কৃতীয়া ৰীতি পৰিহাৰ কৰিছে যদিও হেমচন্দ্র বৰুৱাতকৈ গুণাভিৰাম বৰুৱাৰ গদ্যৰীতি বহু পৰিমাণে সৰল, পোনপটীয়া। অৱশ্যে সৰলতা আৰু যুক্তিনিষ্ঠতাৰ আধাৰত প্ৰতিষ্ঠিত দুয়োজন লেখকৰ গদ্যই অসমীয়া মাৰ্জিত গদ্যৰীতিৰ ভেটি নির্মাণ কৰাত যথেষ্ট ভূমিকা গ্রহণ কৰে। প্ৰকৃততে দুয়োজনৰ ৰচনাই অসমীয়া ভাষা-সাহিত্যৰ নৱযুগ সৃষ্টিত বিশেষভাবে অৰিহণা যোগালে। মিছনেৰীসকলে আৰম্ভ কৰা আধুনিক অসমীয়া গদ্যৰীতিক আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা তিনিওজনেই নতুনকৈ সাৰ-পানীৰ যোগান ধৰি পূৰঠ কৰি তুলিলে। সামৰণিত ক'ব পাৰি যে, আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা, স্বদেশ আৰু স্বজাতিক আত্মবোধৰ চেতনা জগাই তুলিবলৈ চেষ্টা কৰিলে। হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা দুয়োজনে আধুনিক সাহিত্যৰ বিবিধ শাখা সৃষ্টি কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ ভেটি স্থাপন কৰিলে। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণ, অভিধান প্রণয়ন কৰি অসমীয়া ভাষালৈ সুস্থিৰতা অনাৰ লগতে আধুনিক অসমীয়া গদ্যশৈলী নির্মাণ কৰিলে। 

হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ পাছত কেইজনমান গদ্যানুৰাগীয়ে অসমীয়া গদ্য- সাহিত্যলৈ অৱদান আগবঢ়ায়। এই গদ্যানুৰাগীসকলৰ ভিতৰত পদ্মাবতী দেবী ফুকননী, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা আদি বিশেষভাবে উল্লেখযোগ্য। সাহিত্যৰ মাপকাঠিৰে বিচাৰ কৰিলে সত্যনাথ বৰাৰ বাহিৰে বাকীকেইজন লেখকৰ গদ্য ৰচনাৰাজি বিশেষভাবে উচ্চপর্যায়ৰ নহ'লেও সময় নিৰপেক্ষ দৃষ্টিৰে চালে তেওঁলোকে অসমীয়া গদ্যক আৰু এখোপ আগবঢ়ালে বুলি ক'ব পাৰি। 

পদ্মাৱতী দেৱী ফুকননীৰ 'সুধৰ্মাৰ উপাখ্যান'ৰ ভাষা ইংৰাজী আৰু বঙলাৰ প্ৰভাৱযুক্ত আছিল যদিও থলুৱা শব্দ প্রয়োগ কৰি ভাষা সহজ-সৰল আৰু মনোগ্রাহী কৰিবলৈ যত্ন কৰিছে। লম্বোদৰ বৰা আৰু সত্যনাথ বৰা দুয়োজনেই হেমচন্দ্ৰ আৰু গুণাভিৰাম যুগৰ শক্তিশালী গদ্যশিল্পী। 

লম্বোদৰ বৰাই 'আসাম বিলাসিনী', 'আসাম বন্ধু' আদিত প্রবন্ধ লিখি আত্মপ্রকাশ কৰে। লম্বোদৰ বৰাৰ গদ্য মার্জিত স্তৰৰ এক শক্তিশালী গদ্য। তেওঁ চুটি জীৱন কালছোৱাতে বহুবিধ গদ্য সৃষ্টি কৰি অসমীয়া গদ্যৰ স্বৰূপ আৰু ৰীতিক স্পষ্ট কৰি তুলিলে বুলি ক'ব পাৰি। ব্যংগাত্মক ৰচনাৰীতি, সংহত ভাষাশৈলীৰে পৰিমিত গদ্যবীতি বৰাৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। সদানন্দৰ কলাঘুমটি', 'সদানন্দৰ সানমিহলি টোকা', 'সদানন্দৰ নতুন অভিধান', 'সদানন্দৰ সমাচাৰ' আদি বৰাৰ কেতবোৰ প্ৰবন্ধ এই শ্ৰেণীৰ গদ্যৰ ভিতৰত ধৰিব পাৰি। বৰাৰ বাক্যৰীতিত জতুৱা ঠাঁচৰ প্ৰয়োগ তুলনামূলকভাৱে কম যদিও তেওঁৰ গদ্যত ব্যবহৃত নানাবিধ অলংকাৰ আৰু ওজস্বিতাসম্পন্ন ভাষাই আধুনিক অসমীয়া গদ্যলৈ আলঙ্কাৰিক ষ্টাইল (Rhetoric style)ৰ প্ৰৱেশ ঘটাইছে বুলি ক'ব পাৰি।

জোনাকী স্তৰৰ গদ্যঃ বা উন্নত স্তৰ (১৮৯০-১৯৩০) 
'অৰুনোদই' কাকতৰ পৰৱৰ্তী সময়ত অর্থাৎ ১৮৮৯ চনত কলকাতাত 'জোনাকী' মুখপত্র প্রকাশ পোৱাৰ পাছৰে পৰা আধুনিক অসমীয়া গদ্যৰ শক্তিশালী প্রবাহ এটা আৰম্ভ হয়। এই সময়ছোৱাত কলকাতাত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা অসমীয়া ছাত্র লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা, ৰমাকান্ত কাকতি আদিয়ে একগোট হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কেন্দ্ৰ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' নামেৰে ১৮৮৮ খ্রীঃত এটা সাহিত্যিক গোষ্ঠী সৃষ্টি কৰে। এই সাহিত্যিক গোষ্ঠীয়ে 'জোনাকী' কাকতৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যলৈ নতুন নতুন ধ্যান-ধাৰণাৰে, নতুন নতুন বৈশিষ্ট্য সম্বলিত লেখনী আগবঢ়াই অসমীয়া গদ্যক এক উন্নত স্তৰত প্ৰতিষ্ঠা কৰাত সহায় কৰে। 

এই যুগৰ প্ৰত্যেকজন গদ্যৰচকে সাহিত্যৰ সকলো দিশত প্রধানকৈ কবিতা, গল্প, প্রবন্ধ, উপন্যাস, নাটক, চিন্তাশীল ৰচনাত হাত বুলাই অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁলোকৰ গদ্য ৰচনাত বিষয় অনুসৰি ভিন্ন গদ্যৰীতিৰ প্রয়োগ দেখিবলৈ পোৱা যায়। সহজ-সৰল প্রকাশভঙ্গীৰে গভীৰ ভাব প্রকাশ কৰাৰ দক্ষতা লক্ষণীয়। অৱশ্যে প্রত্যেকজন গদ্যশিল্পীৰে বচনাৰীতিত এক নিজস্ব স্টাইল পৰিলক্ষিত হয়।

'আসাম বন্ধু'ৰ পাততেই গদ্যলেখক হিচাপে ভুমুকি মৰা লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা আদিয়েও জোনাকীৰ পাততো গদ্য-চর্চা অব্যাহত ৰাখিছিল। 'জোনাকী'ৰ আৰম্ভণি কালৰ সাহিত্যিকসকলৰ ভিতৰত সত্যনাথ বৰাৰ হাতত আধুনিক অসমীয়া গদ্যই বিশেষভাবে সমৃদ্ধি আৰু পৰিপুষ্টি লাভ কৰে। বিবিধ সৃষ্টিকৰ্মৰ মাজেৰে সচেতনভাবে অসমীয়া গদ্যৰীতিক এক নিটোল ৰূপ দি উৎকর্ষ সাধন কৰিবলৈ অহোপুৰুষাৰ্থ কৰা ব্যক্তিসকলৰ ভিতৰত সত্যনাথ বৰা অন্যতম। সত্যনাথ বৰাৰ গদ্য ৰচনাসম্ভাৰক বিষয়ভেদে বেলেগ বেলেগ। বৰাৰ গদ্য ৰচনাসম্ভাৰ, যেনে- ভাবগধুৰ আৰু চিন্তামূলক গ্রন্থ 'সাৰথি', 'চিন্তাকলি', বিজ্ঞান আৰু তত্ত্বমূলক গ্রন্থ 'আকাশ ৰহস্য', ব্যঙ্গ আৰু হাস্যৰসাত্মক গ্রন্থ 'কেন্দ্রসভা', সমালোচনামূলক গ্রন্থ 'সাহিত্য বিচাৰ', 'আত্মকথা' বা 'সম্পাদকীয় কথা' আৰু অন্যান্য গ্রন্থ আৰু আলোচনীত প্রকাশিত- অপ্রকাশিত প্রবন্ধ আদি ভিন্ন বিষয়বস্তু আৰু ভাষিক বৈচিত্র্যৰে সমৃদ্ধ। 

মাতৃভাষাৰ প্রতি থকা গভীৰ প্রেম, বস্তুনিষ্ঠ সাৰগৰ্ভ ৰচনাশৈলী, মৃদু ব্যঙ্গ হাস্যৰসৰ প্ৰকাশ আদি গুণৰ প্ৰতি দৃষ্টি ৰাখি গদ্য-সাহিত্য ৰচনা কৰাৰ বাবে বৰাৰ গদ্য ৰচনাসম্ভাবে পাঠকক সহজেই আকর্ষণ কৰে। বৰাৰ গদ্যত শব্দ ব্যৱহাৰৰ অন্যতম বৈশিষ্ট্য হৈছে মিতব্যয়িতা। প্রয়োজনাধিকভাবে এটাও অতিৰিক্ত শব্দ ব্যৱহাৰ নকৰাৰ বাবে বৰাৰ গদ্যত এক পৰিমিত আৰু নিটোল ৰূপ পোৱা যায়। যিমান পাৰে খুব কম কথাৰ মাজত অধিক ভাব প্রকাশ কৰাৰ ক্ষমতা সত্যনাথ বৰাৰ গদ্য লেখনীসমূহত দেখিবলৈ পোৱা যায়। ইংৰাজ লেখক বেকনৰ লেখনীত এনে বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। 

সত্যনাথ বৰাৰ গদ্যৰচনাতো এনে বৈশিষ্ট্য বিদ্যমান হোৱাৰ বাবে তেওঁক অসমৰ 'বেকন' বুলি অভিহিত কৰিব পাৰি। বৰাৰ গদ্য ৰচনাসম্ভাৰৰ গদ্যশৈলী পাঠকৰ বাবে অধিক মনোগ্রাহী। বৰাই গদ্যৰচনাত ভাব প্রকাশৰ বাবে সদায় জুখি-মাখি শব্দ প্রয়োগ কৰাৰ বাবে প্ৰকাশৰীতিত কোনো মেৰপাক দেখা নাযায় আৰু বাক্যবোৰ চুটি চুটি। সেয়ে সত্যনাথ বৰাক অসমীয়া গদ্যৰ পৰিমিত শৈলী ব্যৱহাৰ কৰা এজন স্টাইলিস্ট (stylist) বুলিও অভিহিত কৰিব পাৰি। 

তেওঁৰ গদ্যত অন্তর্নিহিত হৈ থকা এনে পৰিমিত শৈলীৰ ব্যৱহাৰ দেখিয়েই ড° গোবিন্দ প্রসাদ শমাই এনেদৰে মতপোষণ কৰিছে- "গদ্য চর্চাকেই এটি সাধনা হিচাপে লৈ গদ্যৰ উৎকর্ষ সাধন কৰা যিজন প্রথম আধুনিক অসমীয়া লেখক, সেইজনেই হ'ল সত্যনাথ বৰা। অসমীয়া গদ্যৰ উন্নতি, অসমীয়া গদ্যৰ বিকাশ বা অসমীয়া গদ্যৰ কৰ্ষণৰ বাবেই এইজন সাহিত্যিকে পৰম নিষ্ঠাৰে গদ্য ৰচনা কৰিছিল।"

ড° মহেশ্বৰ নেওগে সত্যনাথ বৰাৰ গদ্যৰীতি সন্দর্ভত এনেদবে মন্তব্য দাহিঙ ধৰিছে-
"যিসকলে সচেতনভাবে বস্তুনিষ্ঠ আধুনিক অসমীয়া গদ্যৰীতি সৃষ্টি কৰিবৰ যত্ন কৰিছে, তাৰ ভিতৰত সত্যনাথ বৰাই (১৮৬০-১৯২৫) সকলোতকৈ অধিক কৃতকার্যতা লাভ কৰিছিল যেন লাগে।"

তদুপৰি বৰাৰ গদ্যত ব্যৱহৃত অসমীয়া জতুৱা ঠাঁচ আৰু প্রবাদ-প্রবচন আক অনাড়ম্বৰ বাক্যবিন্যাসৰ সুপ্রয়োগে অসমীয়া গদ্য-সাহিত্যত তেওঁক এখন আছুতীয়া আসন অধিকাৰ কৰাত অৰিহণা যোগাইছে। 

সত্যনাথ বৰাৰ গদ্যৰ উদাহৰণ- 
"মনুষ্য সমাজো এটা বৃহৎ যন্ত্ৰৰ নিচিনা, আৰু প্ৰত্যেক মনুষ্য সেই যন্ত্ৰৰ একোটা অঙ্গ বিশেষ। যিমান দিন এই অঙ্গবিলাকে কর্ত্তব্য কৰ্ম্ম কৰি থাকে, সিমান দিন সমাজ সুকলমে চলি থাকে, তেতিয়া কোনো এটা অঙ্গই তাৰ কৰ্ত্তব্য কৰ্ম্মৰ ক্ৰটী কৰে, তেতিয়া সমাজত বিভ্রাট উপস্থিত হয়, অর্থাৎ সমাজ শৃঙ্খলাত আউল লাগে।" (জীৱনৰ অমিয়া)

জোনাকী যুগৰ আৰম্ভণি কালৰ অসমীয়া গদ্য-সাহিত্যৰ আন এজন গদ্যলেখক হ'ল ৰত্নেশ্বৰ মহন্ত। 'আসাম বন্ধু'ৰ পাততে গদ্য চৰ্চা কৰা মহন্তই জোনাকী কাকততো গদ্য চর্চা অব্যাহত ৰাখিছিল। বিষয়ৰ আকর্ষণীয় উপস্থাপনৰ বাবে মহন্তৰ গদ্যত মাজে মাজে আলঙ্কাৰিক-ৰীতিবদ্ধ শৈলী আৰু ৰসাত্মক আবেদন দেখিবলৈ পোৱা যায়। ব্যাকৰণৰ প্ৰতি সদা সচেতন মহন্তই অসমীয়া ভাষাৰ শুদ্ধতা অক্ষুণ্ণ ৰখাৰ প্রতিও সদায় যত্ন লৈছিল। তদুপৰি বাক্যবিন্যাসৰীতি আৰু বর্ণবিন্যাসত যথেষ্ট গুৰুত্ব প্রদান কৰিছিল। সংস্কৃতানুগত ভাষাৰীতি, ইংৰাজী শব্দৰ প্রয়োগ তেওঁ গদ্যত ব্যৱহাৰ কৰিলেও প্রবচন, ফকৰা যোজনা আদিৰ প্ৰয়োগে তেওঁৰ গদ্যৰীতিত লোকজীৱনৰ প্রভাৱ যে স্পষ্ট সেই কথাকে উনুকিয়াই দিয়ে। নিজৰ বক্তব্যক প্রতিষ্ঠা কৰিবলৈ বহল  পৰিমাণে উদ্ধৃতি, উদাহৰণ আদিৰ ব্যৱহাৰৰ জৰিয়তে যুক্তিমূলকভাবে দাঙি ধৰাৰ চেষ্টা কৰিছিল। সেয়ে মহন্তৰ গদ্যত যুক্তিনিষ্ঠ গদ্যৰীতি (logical style) আৰু বিশ্লেষণাত্মক দৃষ্টিভঙ্গী (analytical viewpoint) পৰিলক্ষিত হয়।

'জোনাকী' সময়ছোৱাত অসমীয়া গদ্যক সমৃদ্ধিশালী কৰি তোলা গদ্য লেখকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধাৰী, বেণুধৰ শৰ্ম্মা, মফিজুদ্দিন আহমদ হাজৰিকা, হেমচন্দ্র গোস্বামী, কমলাকান্ত ভট্টাচার্য, কনকলাল বৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা আদি। 

লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্য-সাহিত্যৰাজিৰ ৰূপ ইমানেই বৈচিত্র্যপূর্ণ যে সমস্ত ৰচনাৰাজিত একেধৰণৰ গদ্যৰীতিৰ প্রয়োগ ঘটিছে বুলি ক'ব পৰা নাযায়। বেজবৰুৱাৰ ৰচনাত বিষয় অনুসৰি ভিন্নধৰণৰ গদ্যৰীতি ব্যৱহাৰ কৰা দেখা যায়। শিশুৰ কাৰণে লিখা ৰচনাত এক নিজস্ব ভঙ্গী লক্ষ্য কৰা যায়। আনহাতে তত্ত্বমূলক ৰচনাৰ গদ্যৰীতিৰ লগত উপন্যাস অথবা গল্পৰ গদ্যৰীতি একে নহয়। তথাপিও বিষয় অনুসৰি ৰচনাৰীতিৰ ঠাঁচ সুকীয়া সুকীয়া যদিও এটা কথা ঠিক যে, সমগ্ৰ ৰচনাৰাজিতেই অসমীয়া ভাষাৰ বিশুদ্ধ জতুৱা ঠাঁচ আৰু নিভাঁজ ঘৰুৱা শব্দৰ ব্যৱহাৰত এক সমৰূপতা দেখিবলৈ পোৱা যায়। বেজবৰুৱাৰ ৰচনাৰ গদ্যই প্রায়েই বিষয়ৰ পৰা বিষয়ান্তৰলৈ জঁপিয়াই ফুৰে। এটা বিষয় বর্ণনা দিবলৈ গৈ একেটা অনুচ্ছেদতে হঠাতে অন্য এটা বিষয় আৰম্ভ কৰি দিয়াটো বেজবৰুৱাৰ গদ্যৰ অন্যতম বিশেষত্ব। অসমীয়া সমাজ-জীৱনৰ লগত সম্পর্ক নথকা পঢ়ুৱৈয়ে বেজবৰুৱাৰ ভাষা সহজে বুজি পোৱাটো কঠিন। বেজবৰুৱাই প্রবন্ধ, উপন্যাস, গল্পসমূহত বর্ণনাত্মক আৰু জ্ঞানজ্ঞাপক গদ্যৰীতি, কৃপাবৰী বৰুৱাৰ ৰচনাসমূহত ব্যংগাত্মক বা হাস্যৰসাত্মক গদ্যৰীতি, তত্ত্বমূলক ৰচনাত বিশ্লেষণাত্মক ৰীতি প্রয়োগ কৰিছে। বেজবৰুৱাই কৃপাবৰী ৰচনাসমূহত হাস্যৰস যোগান ধৰাত যেনেদৰে সফলতা অর্জন কৰিছে, সমসাময়িক অন্যান্য লেখকসকলে তেনেদৰে সফলতা অর্জন কৰিব পৰা নাই। 

বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ গুৰুত্ব সম্পর্কে অতুল চন্দ্ৰ হাজৰিকাই এনেদৰে বক্তব্য দাঙি ধৰিছে- "বেজবৰুৱাৰ কবিতা আৰু নাটসমূহ যদি ভষ্মীভূত হৈ যায় তেন্তে অসমীয়া সাহিত্যৰ কিছু ক্ষতি হ'লেও সেই ক্ষতি অপূৰণীয় নহয়, কিন্তু তেখেতৰ হাস্যৰসৰ প্ৰধান ৰচনাখিনি যদি কিবা কাৰণত নষ্ট হয়, তেন্তে সাহিত্যৰ ভঁৰালৰ এটা অংশ অপূৰণীয়ভাবে শূন্য হৈ ৰ'ব।"

বেজবৰুৱাৰ গদ্যৰচনাৰাজিত বিবিধ প্ৰকাৰৰু শব্দৰ সমাবেশ ঘটিছে। অসুখীয়া গালি, গেৰেলা গালি, অতি চোলোঙা, অতি খোলা, অতি আদৰ, থেকেৰাপতীয়া পাগুৰি, বাখৰপতোৱা চুমা, শিয়ালকটহীয়া ফেকুন্দা, সাঁচতীয়া চুমা, ফেটলেঙা ডিঙি, ফেকুন্দা মুখেৰে, ফেদেলা জিভা, ফেচেৰ কৰে, ৰাঙলী হাঁহি, সোণালী আকাশ, ফাপৰে খোৱা আলহী, চুণাগলীয়া বৰচাহাব, কুচিটীয়াখন, তীখামোখৰা মানুহ, গেমেহা কিল, কাঠিয়ক ছাতৰ, শালচকুৱা ইত্যাদি।

পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচনাৰীতি পোনপটীয়া আৰু বিশ্লেষণধর্মী। গোহাঞিবৰুৱাৰ উপন্যাসৰ গদ্য প্রধানকৈ বর্ণনাত্মক। তেওঁৰ বৰ্ণাত্মক গদ্যৰ মাজতে বিষয়ানুগ ভাবৰ আবেগ, সৃষ্টিশীলতা আৰু চালিকাশক্তি বিদ্যমান। গোহাঞিবৰুৱাব ৰচনাত অসমীয়া জতুৱা ঠাঁচ, ঘৰুৱা শব্দ, প্রবাদ-প্রবচনৰ প্রয়োগ দেখিবলৈ পোৱা যায়; যেনে- মৌচেপা বৰষুণ, হেপোৰ-টেপোৰ, নাকনি-কাকনি, গজলীয়া গাজ যেন, আও মৰণে মৰা, ভূ-ভা নোপোৱা ইত্যাদি। বাক্য গঠনৰীতিতো অঙ্কীয়া নাট, ভট্টদেৱৰ গদ্য, বুৰঞ্জীৰ গদ্য আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। গোহাঞিবৰুৱাই তেওঁৰ ৰচনাত বহু পৰিমাণে ইংৰাজী শব্দৰ প্রয়োগ ঘটাইছে আৰু প্রয়োজন সাপেক্ষে ইংৰাজী শব্দব অনুকৰণত কিছুমান শব্দ নিজে সৃষ্টি কৰি লৈছে। এনে শব্দৰ উদাহৰণ দাঙি ধৰা হৈছে অনুগ্রহ বিদায় (priviledge leave), নৰিয়া বিদায় (sick leave), ভিতৰ বিশ্বাস (confidential), হাত জোকাৰণী চালামী (handsake), আগবাছনি (preference) ইত্যাদি। 

চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনাৰীতিত পাণ্ডিত্যপূৰ্ণ ৰচনাশৈলীৰ নিদর্শন পোৱা যায়। এই যুগৰ লেখকসকলে অসমীয়া জতুৱা ঠাঁচ, ঘৰুৱা শব্দ, যোজনা-পটন্তৰ আদিৰ প্রয়োগ কৰি অসমীয়া গদ্যৰ ঠাঁচটো পূর্ণমাত্ৰাই ৰক্ষা কৰিছে। এই যুগটোতে আধুনিক অসমীয়া গদ্যই পূর্ণতা লাভ কৰিছে বুলিব পাৰি।

ৰজনীকান্ত বৰদলৈয়েও তেওঁৰ উপন্যাসৰ মাজেৰে অসমীয়া গদ্যক সৌষ্ঠবশালী কৰি তুলিছে। বিষয়বস্তুৰ উপস্থাপন, সৰল বৰ্ণনাৰীতি, জতুৱা ঠাঁচ, প্রবচনৰ বহুল প্রয়োগ তেওঁৰ গদ্যত দেখা যায়। তদুপৰি জনজাতীয় ভাষাৰ শব্দৰ ব্যৱহাৰৰ লগতে পৰিবেশ আৰু ব্যক্তিভেদে সুকীয়া সুকীয়া ভাষাৰ প্রয়োগ তেওঁ গদ্যৰ অন্যতম বৈশিষ্ট্য বুলিব পাৰি।

মফিজুদ্দিন আহমদ হাজৰিকাৰ গদ্যত জতুৱা ঠাঁচ, খণ্ডবাক্য, পটন্তৰ আদিৰ প্রয়োগৰ লগতে আলংকাৰিক ভাষাৰীতি আৰু ধ্বন্যাত্মক শব্দৰ ব্যৱহাৰে তেওঁৰ গদ্যক আকর্ষণীয় আৰু মাধুর্য প্রদান কৰিছে। হাজৰিকাৰ দৰে হেমচন্দ্ৰ গোস্বামীৰ গদ্যটো খণ্ডবাক্য, জতুৱা ঠাঁচ, প্রবচন, নিভাঁজ অসমীয়া শব্দব প্রয়োগ দেখা যায়। অৱশ্যে গোস্বামীৰ গদ্যত ইংৰাজী শব্দৰ প্রয়োগ লক্ষ্য কৰা যায়। তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য হ'ল- বিষয়বস্তুৰ স্পষ্ট ৰূপত তুলি ধৰিবলৈ তুলনাৰ আশ্রয় লোৱাটো। অৱশ্যে এই তুলনাত তেওঁৰ অসমীয়া মাটিৰ গোন্ধ পোৱা যায়। বর্ণনাত্মক ৰীতিৰে বিষয়বস্তু উপস্থাপন কৰিলেও কোনো কোনো ক্ষেত্রত যুক্তিনিষ্ঠ ৰীতিৰ প্রয়োগো তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায়। 

কমলাকান্ত ভট্টাচার্যৰ গদ্য অলংকাৰবিহীন, পোনপটীয়া, সহজ-সৰল আৰু ভাষাৰীতি প্রাঞ্জল। হেমচন্দ্ৰ গোস্বামীৰ দৰে তেওঁৰ গদ্যতো কম-বেছি পৰিমাণে বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত তুলনাৰ আশ্রয় লোৱা দেখিবলৈ পোৱা গৈছে। বেণুধৰ ৰাজখোৱাব নাটকৰ গদ্যৰীতি কৃত্রিম যদিও প্রবন্ধ-সাহিত্যৰ ক্ষেত্ৰত এনে কৃত্রিমতা লক্ষ্য কৰা নাযায়। বিষয়বস্তু যুক্তিনিষ্ঠতাৰে প্ৰতিপন্ন কৰিবৰ বাবে বিবিধ প্রসংগ, উদ্ধৃতি আদি ব্যৱহাৰ কৰা তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায়। কনকলাল বৰুৱাই বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত পোনপটীয়া ভাষাৰীতি ব্যৱহাৰ কৰিছে। অৱশ্যে প্রয়োজনভেদে ইংৰাজী শব্দৰ প্রয়োগো তেওঁৰ গদ্যত পৰিলক্ষিত হয়। আনন্দচন্দ্ৰ আগৰৱালাৰ গদ্যত বিষয়বস্তু প্রকাশৰ ক্ষেত্ৰত সংস্কৃত আৰু ইংৰাজী ভাষাৰ উদাহৰণৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। তদুপৰি বিষয়বস্তু অনুসৰি ন ন প্রকাশভংগী ব্যৱহাৰ কৰাটো তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য।

'জোনাকী'ৰ পৰৱৰ্তী সময়ত নিজস্ব দৃষ্টিভঙ্গীবে আধুনিক অসমীয়া গদ্য-সাহিত্যক এক নিটোল ৰূপ দিবলৈ চেষ্টা কৰা লেখকসকলৰ ভিতৰত অম্বিকাগিৰী ৰায়চৌধাৰী আৰু বেণুধৰ শৰ্ম্মা বিশেষভাবে উল্লেখযোগ্য। অম্বিকাগিৰী ৰায়চৌধাৰী আছিল এজন গভীৰ স্বদেশপ্রেমী আৰু জাতীয়তাবাদী লেখক। তেওঁৰ প্ৰায়বোৰ লেখনীতে গভীৰ দেশাত্মবোধৰ ভাবধাৰা প্ৰকট হৈ উঠিছে। বিভিন্ন উৎসব ভিন্ ভিন্ শ্ৰেণীৰ শব্দ প্রয়োগ কৰাৰ বাবে ৰায়চৌধাৰীৰ গদ্য সমৃদ্ধিশালী হৈ পৰিছে। বিশেষকৈ তেওঁৰ বচনাত কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগৰ উপৰি কিছুমান হেৰাই যাবলৈ ধৰা শব্দ বুটলি আনি প্রয়োগ কৰা দেখিবলৈ পোৱা যায়। ৰায়চৌধাৰীয়ে স্বদেশৰ উন্নতিৰ বাবে সাহিত্য ৰচনা কৰি যেনেকৈ এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল ঠিক তেনে বিষয়বস্তু প্ৰকাশৰ বাবে শক্তিশালী আৰু তেজস্বী গদ্যও সৃষ্টি কৰিছিল।

অসমীয়া গদ্যৰ জতুৱা ৰূপটোক ধৰি ৰাখিবৰ বাবে চেষ্টা কৰা অন্যতম গদ্য লেখকজন হৈছে বেণুধৰ শৰ্ম্মা। তেওঁৰ গদ্যৰ এক প্রধান বৈশিষ্ট্য হৈছে- জতুৱা শব্দ প্রয়োগৰ বৈশিষ্ট্য। শম্মাই তেওঁৰ ৰচনাত বর্তমান সমাজত অপ্রচলিত পুৰণি শব্দবোৰক বুটলি আনি প্রয়োগ কৰাৰ উপৰি তৎসম, তদ্ভৱ, ইংৰাজী ভাষাৰ শব্দ, টাই ভাষাৰ শব্দ প্রয়োগ কৰি অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিছে। অকৃত্রিম জাতীয় প্রীতি আৰু অতীত প্রীতিৰ বাবে শৰ্ম্মাৰ ভাব-ভাষাতো নির্ভাঁজ অসমীয়া ঘৰুৱা ৰূপ এটা প্রকাশ পাইছে। শৰ্ম্মাৰ গদ্যত যথেষ্ট সংখ্যক খণ্ডবাক্য, প্রবাদ-প্রবচন আৰু উপমা আদিৰ প্ৰয়োগ মন কৰিবলগীয়া। কুঁজৰ মূৰত কিলটো দিব পৰাকৈ শম্মাই এই জতুৱা ৰূপসমূহৰ সঘনে ব্যৱহাৰ কৰাত তেওঁৰ গদ্য আকর্ষণীয় হোৱাৰ লগতে সফলতা অর্জন কৰিছে আৰু হাড়ে-হিমজুৱে অসমীয়া ৰূপটোক পাঠকৰ আগত দাঙি ধৰাতো সফল হৈছে। অসমীয়া জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ বিশুদ্ধতা ৰক্ষা কৰা ব্যক্তিৰ ভিতৰত শৰ্ম্মাৰ স্থান বেজবৰুৱাৰ পাছতেই।

যুদ্ধৰ পূৰ্বস্তৰৰ গদ্যঃ
বিংশ শতিকাৰ ত্রিশৰ দশকলৈকে অসমীয়া গদ্য-সাহিত্যত, বিশেষকৈ উপন্যাসত বিৱৰণধর্মী গদ্যৰ প্ৰবাহ এটা দেখিবলৈ পোৱা যায়। দণ্ডিনাথ কলিতা, দৈবচন্দ্র তালুকদাৰ আদিৰ ৰচনাত এই নিদর্শন পোৱা যায়। দণ্ডিনাথ কলিতাই চুটিগল্প, উপন্যাস আদিৰ বচনাৰে অসমীয়া গদ্য-সাহিত্যৰ বিকাশত অৰিহণা আগবঢ়ায়। কলিতাৰ গদ্যত বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত সহজ-সবল, সাৱলীল ভাষা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। তদুপৰি খণ্ডবাক্য, ফকৰা যোজনা, নির্দিষ্টতাবাচক প্রত্যয়, বিবিধ অলংকাৰ আদিৰ প্রয়োগে তেওঁৰ গদ্যক সৌন্দর্যময় কবি তুলিছে। দৈৱচন্দ্ৰ তালুকদাৰেও নাটক, উপন্যাস ৰচনাৰে অসমীয়া গদ্যক পৰিপুষ্ট কৰিছে। সহজ-সৰল ভাষা আৰু চুটি চুটি বাক্যৰ প্রয়োগ তেওঁৰ গদ্যত ব্যৱহাৰ কৰিলেও কোনো কোনো ক্ষেত্রত নাটকত ব্যৱহাৰ কৰা দীঘলীয়া সংলাপসমূহে তেওঁৰ গদ্যৰ মান অৱনমিতহে কৰিছে।

চল্লিশৰ দশকত ভালেকেইজন গদ্যলেখকে অসমীয়া গদ্য-সাহিত্যত আত্মপ্রকাশ কৰে। এই গদ্যৰচকসকলৰ ভিতৰত শৰৎচন্দ্ৰ গোস্বামী, নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগ, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, অতুলচন্দ্ৰ হাজৰিকা, সূর্যকুমাৰ ভূঞা, ত্রৈলোক্যনাথ গোস্বামী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, কৃষ্ণ ভুঞা, লক্ষ্মীনাথ ফুকন, জ্যোতিপ্রসাদ আগৰৱালা, বিৰিঞ্চি কুমাৰ বৰুৱা, তীর্থনাথ শর্মা আদি উল্লেখযোগ্য। 

বিংশ শতিকাৰ প্ৰথমতে শৰৎ চন্দ্ৰ গোস্বামীৰ গাল্পিক প্রতিভা স্ফূৰিত হয়। গোস্বামীয়ে গল্পত ব্যৱহাৰ কৰা চুটি চুটি বাক্য আৰু ঔপভাষিক শব্দাবলীয়ে তেওঁ গদ্যৰ স্বকীয় প্রতিভাৰ নিদর্শন দাঙি ধৰিছে। গোস্বামীৰ প্রবন্ধসমূহ বিশেষকৈ বিশ্লেষণাত্মক আৰু যুক্তিনিষ্ঠ। অনাৱশ্যকীয় কথাৰ বৰ্ণনা তেওঁৰ ৰচনাত দেখা নাযায়। তেওঁৰ ৰচনাৰাজিত ইংৰাজী শব্দৰ প্ৰয়োগ কৰিলেও অসমীয়া লোকজীৱনৰ নিভাঁজ শব্দৰাজিৰ প্ৰয়োগে তেওঁৰ গদ্যক আকর্ষণীয় কৰি তুলিছে। বিৰিঞ্চি কুমাৰ বৰুৱাই ছদ্মনামত গল্প আৰু উপন্যাস ৰচনা কৰি গদ্যশিল্পীৰূপে খ্যাতিমান হয়। তেওঁৰ গদ্যত আলংকাৰিক ষ্টাইলৰ সলনি সুস্পষ্ট ৰমণীয় ষ্টাইল (sonorous style) পবিদৃষ্ট হয়। 

বাণীকান্ত কাকতিয়ে যুক্তিনিষ্ঠ আৰু তথ্যনিৰ্ভৰ গদ্য ৰচনা কৰি থৈ গৈছে। যুক্তিৰ লগতে থকা আবেগপ্রবণ ভাবো তেওঁৰ সাহিত্যৰাজিৰ মাজত প্রকট হৈ উঠিছে। ফলত কাকতিৰ ৰচনাৰ শৈলীয়ে স্বাভাৱিক পৰিমিত শৈলীৰ বান্ধোন ছিঙিছে। আনহাতে কাকতিৰ সাহিত্য-আলোচনামূলক প্রবন্ধৰাজিত যুক্তিনিষ্ঠতাৰ লগতে সাহিত্যিক মনোহাৰিত্বৰ এক বৈশিষ্ট্যপূর্ণ প্রকাশ ঘটিছে। তেওঁ ইমান শুৱলাকৈ আলোচনাৰ বিষয়বোৰ প্ৰতিপাদন কৰিছে আৰু ঠায়ে ঠায়ে কাব্যিক মাধুর্যই ইমান মনোৰম আৱেশ আনি দিছে যে কাকতিৰ প্রবন্ধ-সাহিত্যৰ গদ্য এক আৰ্হি স্বৰূপ হৈ পৰিছে।

নীলমণি ফুকনক এজন চিন্তাশীল অসমীয়া গদ্যৰ নায়কৰূপে পোৱা যায়। অসমীয়া শব্দৰ সমন্বয় আৰু বাক্য গঠনৰ কৌশল তেওঁৰ গদ্যৰীতিত পৰিলক্ষিত হয়। তদুপৰি বিবিধ অলংকাৰ, খণ্ডবাক্যৰ লগতে বিষয়বস্তু সজীর উপস্থাপনৰ বাবে প্রয়োগ কৰা আবেগ-অনুভূতিয়ে তেওঁৰ গদ্যত কাব্যিকতা প্রদান কৰিছে। চিত্ৰকল্পৰ মনোৰম বৰ্ণনা তেওঁ গদ্যৰ অন্যতম বৈশিষ্ট্য বুলিব পাৰি। আকর্ষণীয় গদ্যৰীতি, অলংকাৰ প্ৰয়োগৰ মাধুৰ্যৰ বাবে তেওঁৰ গদ্যই অসমীয়া সাহিত্যত এখন উচ্চ আসন দখল কৰি আছে। 

জ্যোতিপ্রসাদ আগৰৱালাৰ গদ্য যুক্তিবাদী, অৱশ্যে কেতিয়াবা অতি দীর্ঘায়বী হোৱাৰ কাৰণে তেওঁৰ বাক্যবোৰ দুৰান্বয়ী হৈ পৰিছে। সূৰ্য্যকুমাৰ ভূঞাৰ গদ্যয়েও অসমীয়া সাহিত্যত স্বকীয় আসন দখল কৰি আছে। বুৰঞ্জীৰ আধাৰত প্ৰবন্ধ ৰচনা কৰা ভূঞাৰ গদ্যসম্ভাৰত ওজস্বী ভাষাৰ প্ৰয়োগ প্রত্যক্ষ কৰা যায়। চুটি চুটি বাক্যৰে স্পষ্ট, সংযত আৰু বলিষ্ঠ প্রকাশভংগীৰে পোনপটীয়াকৈ বক্তব্য দাঙি ধৰিব পৰাটো তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। জতুৱা ঠাঁচ, খণ্ডবাক্যৰ প্ৰয়োগৰ লগতে উপমা, অনুপ্রাস আদি অলংকাৰৰ প্ৰয়োগে তেওঁৰ গদ্যক মাধুর্য প্রদান কৰিছে। কৃষ্ণ ভূঞাৰ গদ্যটো অসমীয়া প্রবাদ-প্রবচন আদিৰ প্ৰয়োগৰ লগতে ইংৰাজী শব্দৰ ব্যৱহাৰ কৰা দেখা যায়। মিতব্যয়ী ভাষা ব্যৱহাৰে তেওঁৰ গদ্যক সৌষ্ঠৱতা প্রদান কৰিছে।

নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গদ্যও সহজ-সৰল আড়ম্বৰপূৰ্ণ। তেওঁৰ গদ্যত নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগৰ লগতে ইংৰাজী, হিন্দী, ঔপভাষিক শব্দ আদিৰ প্রয়োগ দেখা যায়। তদুপৰি উপমা, অনুপ্রাস আদি অলংকাৰৰ প্ৰয়োগে তেওঁৰ গদ্যৰীতিক মনোৰম কৰি তুলিছে। লক্ষ্মীনাথ ফুকনৰ গদ্যত বিবিধ শব্দৰ প্ৰয়োগৰ লগতে অলংকাৰ আদিব ব্যৱহাৰ দেখিবলৈ পোৱা যায়। নাট্যকাৰ তথা শিশু-সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাৰ গদ্যৰীতিৰ ভাষা বৈচিত্র্যপূর্ণ। তেওঁৰ গদ্যত পৰিৱেশ পৰিস্থিতিৰ সজীৱ উপস্থাপনৰ বাবে হিন্দী, ইংৰাজী, বাংলা, কামৰূপী উপভাষাৰ শব্দও বহুল পৰিমাণে ব্যৱহাৰ কৰিছে। তদুপৰি জতুৱা ঠাঁচ, খণ্ডবাক্য, প্রবচনৰ লগতে নির্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰে তেওঁৰ গদ্যক শক্তিশালী কৰি তুলিছে। লগতে চুটি চুটি সৰল বাক্যৰে বিষয়বস্তুৰ আকৰ্ষণীয় ৰূপৰ প্রকাশে তেওঁৰ গদ্যক সমৃদ্ধিশালী কৰি তুলিছে।

নৱকান্ত বৰুৱা আৰু ডিম্বেশ্বৰ নেওগ দুয়োজন গদ্যলেখকৰ গদ্যত নিভাঁজ অসমীয়া জতুৱা ঠাঁচ, খণ্ডবাক্য, প্রবাদ আদিৰ প্ৰয়োগ দেখা যায়। বৰুৱাৰ গদ্যত চিন্তাশীল আৰু ৰসাশ্রয়ী দুয়োবিধ ৰচনাতে সাবলীল বৰ্ণনাৰীতি প্রয়োগ কৰিছে যদিও তেওঁ প্রয়োজন অনুসৰি প্রতীকাত্মক ভাষাও ব্যৱহাৰ কৰা দেখা যায়। ত্রৈলোক্যনাথ গোস্বামীৰ গল্প আৰু সাহিত্য আলোচনা অসমীয়া গদ্য-সাহিত্যলৈ এক অপূর্ব সংযোজন। গোস্বামীৰ গল্প আৰু প্ৰবন্ধ দুয়োবিধ ৰচনাই গাম্ভীর্যপূর্ণ। বর্ণনামূলক গদ্যৰীতি আৰু তৎসম শব্দৰ প্রয়োগ তেওঁৰ গদ্যত দেখিবলৈ পোৱা যায়।

পঞ্চাশ আৰু ষাঠিৰ দশকত অসমীয়া গদ্য-সাহিত্যই আদর্শগত আৰু কৌশলগত ক্ষেত্রত এক নতুন মাত্রা আনিলে। এই সময়ছোৱাত গদ্যৰ বিষয়বস্তুৰ পৰিসীমা সম্প্ৰসাৰিত হয়। বিশেষকৈ 'আৱাহন যুগ'ৰ লক্ষ্মীধৰ শৰ্মা, মহম্মদ পিয়াৰ, চৈয়দ আব্দুল মালিক, হিতেশ ডেকা, নৱকান্ত বৰুৱা, দীননাথ শর্মা, প্রফুল্লদত্ত গোস্বামী আদিৰ গল্প-উপন্যাসত ৰোমাণ্টিক আৰু আধুনিক ভাবাদর্শই গুৰুত্ব লাভ কৰে। বিষয়বস্তু আৰু শৈলীৰ ক্ষেত্ৰতো সংক্রান্তিকালৰ বৈচিত্র্য অনুভৱ কৰিব পাৰি। 

লক্ষ্মীধৰ শৰ্মাৰ প্ৰবন্ধ আৰু গল্পসমূহ সহজ- সৰল আৰু প্ৰকাশৰীতি পোনপটীয়া। তেওঁৰ গদ্যত কেনো জটিলতা প্রত্যক্ষ কৰা নাযায়। সীমিত পৰিসৰত বিষয়বস্তু স্পষ্টৰূপত দাঙি ধৰিব পৰাটো তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। আৱাহন যুগত প্রতিষ্ঠা লাভ কৰা অসমীয়া সাহিত্যৰ আন এজন অন্যতম গদ্যলেখক হ'ল- চৈয়দ আব্দুল মালিক। গল্প, উপন্যাস, প্ৰবন্ধৰ জৰিয়তে গদ্য লেখক হিচাপে পৰিচিত মালিকৰ গদ্যৰ ৰীতি অনাড়ম্বৰ, সহজ-সৰল আৰু স্পষ্ট। জতুৱা ঠাঁচ, প্রবাদ, প্রবচন আদিৰ আকৰ্ষণীয় প্রয়োগ তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। তেওঁৰ গদ্যৰীতিত ব্যংগাত্মক, গাম্ভীর্যপূর্ণ আৰু চিন্তামূলক আটাইকেইবিধ ৰচনাৰীতিৰ প্ৰয়োগে তেওঁৰ গদ্যক সার্থক ৰূপত প্রকাশ ঘটাইছে। হিতেশ ডেকাৰ গদ্য সাধাৰণতে বর্ণনামূলক। তেওঁ গদ্যত গহীন যুক্তিনিষ্ঠ, ৰোমাণ্টিক, প্রতীকাত্মক, হাস্যৰসাত্মক আৰু বিদ্রূপ এই আটাইকেইবিধ ভাবৰ প্রয়োগ দেখা যায়। তদুপৰি ডেকাৰ গদ্যত চৰিত্ৰ অনুসৰি ঔপভাষিক শব্দৰ লগতে বাংলা আৰু হিন্দী ভাষাৰ শব্দৰ প্রয়োগো দেখিবলৈ পোৱা যায়। মহিম বৰাৰ পৰিশীলিত, সংবেদনশীল আৰু চিত্তাকর্ষক গদ্য সজীৱভাবে প্রকাশ পাইছে।

যুদ্ধোত্তৰ স্তৰৰ গদ্যঃ
যুদ্ধোত্তৰ স্তৰৰ বিশিষ্ট অসমীয়া গদ্যলেখকসকলৰ ভিতৰত হেম বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, সৌৰভকুমাৰ চলিহা, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, ভবেন্দ্রনাথ শইকীয়া, হীৰেন গোহাঁই, চন্দ্রপ্রসাদ শইকীয়া, মহেশ্বৰ নেওগ, সত্যেন্দ্রনাথ শর্মা, লীলা গগৈ, পদ্ম বৰকটকী, লুম্মেৰ দাই, নগেন শইকীয়া, ভবেন বৰুৱা, স্নেহ দেৱী, নিৰুপমা বৰগোহাঞি, ইমবান শ্বাহ, মামণি বয়চম গোস্বামী, শীলভদ্র, অতুলানন্দ গোস্বামী, প্রহ্লাদ কুমাৰ বৰুৱা আদি অন্যতম। প্রত্যেকজন গদ্যলেখকৰ ৰচনাত চিন্তাশীল, সমালোচনাত্মক আৰু সৃষ্টিশীল প্রতিভাই আত্মপ্রকাশ কৰিছে।

বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ গদ্যত নিভাঁজ অসমীয়া শব্দৰ লগতে জনজাতীয় ভাষাব প্রয়োগ দেখা যায়। তদুপৰি তৎসম, তদ্ভৱ, ইংৰাজীৰ লগতে বিবিধ ভাৰতীয় ভাষাৰ সমাহাৰ তেওঁৰ গদ্যত পৰিলক্ষিত হয়। আকর্ষণীয় সাৱলীল আৰু আবেদনময়ী উপস্থাপন ৰীতিয়ে তেওঁৰ গদ্যক মনোৰম কবি তুলিছে। ভবেন্দ্রনাথ শইকীয়াৰ গদ্যইও অসমীয়া গদ্যক পৰিপুষ্টি যোগায়। শইকীয়াৰ গদ্যৰীতি সৰল আৰু পৰিচ্ছন্ন। সমাজৰ সৰু সৰু ঘটনাক সজীৱ আৰু বসাত্মকভাবে উপস্থাপন কৰাৰ লগতে বিষয়বস্তু সংক্ষিপ্ত আৰু সংবেদনশীল ৰূপত প্রকাশ কৰিব পৰাটো তেওঁৰ গদ্যৰ কৃতিত্বৰ পৰিচায়ক।

যোগেশ দাসৰ গদ্যৰীতি সহজ-সৰল, প্রকাশভঙ্গী মার্জিত। গল্প, উপন্যাস আৰু চিন্তামূলক সাহিত্যালোচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰা এইজন গদ্যলেখকৰ ৰচনাত প্রয়োজন বিশেষে ইংৰাজী শব্দ ব্যৱহাৰ কৰিলেও নিভাঁজ অসমীয়া জতুৱা ঠাঁচৰ প্রয়োগ দেখা যায়।

মহেশ্বৰ নেওগৰ গদ্যই অসমীয়া সাহিত্যত এটা শক্তিশালী ৰূপ ধাৰণ কৰিছে। তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য হ'ল- সংক্ষিপ্ততা আৰু শিষ্টতা। তদুপৰি অসমীয়া ভাষাৰ শুদ্ধ ৰূপটো ব্যৱহাৰৰ ক্ষেত্ৰত থকা সচেতনতা তেওঁৰ গদ্যৰ আন এক উল্লেখনীয় গুণ। সহজ-সৰল আৰু গাম্ভীর্যপূর্ণ দুয়োবিধ গদ্য ৰচক নেওগৰ গদ্যত উপমা ৰূপ আদি অলংকাৰ প্রয়োগৰ লগতে তৎসম শব্দ, অসমীয়া ভাষাৰ জতুৱা ঠাঁচ, খণ্ডবাক্য, প্রবাদ আদিৰ সুন্দৰ প্রয়োগ দেখা যায়।

সত্যেন্দ্ৰনাথ শৰ্মাৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য হ'ল- সহজ-সৰল ভাষাৰীতি। তেওঁৰ গদ্যত কোনো আউল লগা বা জটিল বাক্য ব্যৱহাৰ নাই। সহজ-সৰল, পোনপটীয়া বিষয়বস্তু উপস্থাপনে তেওঁৰ গদ্যক জনপ্রিয় কৰি তুলিছে। যুদ্ধোত্তৰ যুগৰ আন এজন গদ্য লেখক হ'ল লীলা গগৈ। অসমীয়া জতুৱা প্রকাশভঙ্গীৰ ব্যৱহাৰেৰে গগৈয়ে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। তেওঁৰ গদ্যত বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত বুদ্ধিনিষ্ঠতা, ওজঃধর্মিতাৰ পৰিৱৰ্তে ব্যাখ্যাত্মক ৰীতি অবলম্বন কৰা দেখা যায়। 

মামণি ৰয়চম গোস্বামীৰ গদ্যৰচনা বিশেষকৈ গল্পসমূহৰ উপস্থাপনত এক নজস্ব ৰচনাৰীতি পৰিলক্ষিত হয়। তেওঁৰ ৰচনাৰীতি যথেষ্ট সৰল আৰু নিভাঁজ। তদুপৰি তেওঁৰ ৰচনাত প্রতীকধর্মী ভাষাৰ উপৰি উপমা, চিত্রকল্প, বিবিধ অলংকাৰ প্ৰয়োগ কৰাৰ বাবে বেছি সংবেদনশীল হৈ পৰিছে। সাৱলীল কথনভঙ্গীৰে গল্পসমূহৰ বিষয়বস্তুক অতি স্পষ্ট কৰি তোলাৰ লগতে পাঠকক আনন্দ দান কৰিছে। অসমীয়া গদ্যৰীতিত নতুনত্ব সূচনাৰ ক্ষেত্ৰত সৌৰভ কুমাৰ চলিহাব অৱদান উল্লেখনীয়। তেওঁৰ গদ্যত হিন্দী, বাংলা, ইংৰাজী আৰু বিভিন্ন বিজ্ঞান সম্বন্ধীয় পাৰিভাষিক শব্দৰ ব্যৱহাৰ দেখা যায়। ইঙ্গিতময় প্রতীকাত্মক ভাষাৰ ব্যৱহাৰ তেওঁৰ গদ্যত পৰিলক্ষিত হয়। চলিহাৰ গদ্য গাম্ভীর্যপূর্ণ আৰু সংযম। তেওঁৰ গদ্যত ব্যৱহাৰ কৰা কঠিন ভাষাৰীতি কেতিয়াবা সাধাৰণ পাঠকৰ অৰ্থ উপলব্ধিত দুর্বোধ্য হৈ পৰে। 

সাহিত্য-সমালোচনাৰ বাবে 'লক্ষ্যভেদী ঘন-সন্নিবদ্ধ আৰু শক্তিশালী' গদ্যৰীতিৰ উদ্ভাৱক হীৰেন গোহাঁইৰ অন্যতম বৈশিষ্ট্য। গোহাঁয়ে বিষয়বস্তু উপস্থাপন কৰোঁতে অকাট্য যুক্তিৰে নিজৰ বক্তব্য দাঙি ধৰিবলৈ যাওঁতে পোনপটীয়া, যুক্তিসম্মত আৰু প্রণালীবদ্ধ উপস্থাপনশৈলী প্রয়োগ কৰা পৰিলক্ষিত হয়। নতুন সমাজ গঢ়াৰ স্বপ্নত আশাবাদী গোহাঁইৰ ৰচনাৰ মাজত এহাতেদি প্রতিবাদী, ক্ষুৰধাৰ ভাষাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় আৰু আনহাতেদি ভাব প্ৰকাশৰ প্ৰয়োজন সাপেক্ষে সৃষ্টিশীল ভাষা প্রয়োগতো গোহাঁই সুনিপুণ কাৰিকৰ। নিৰ্বাচিত শব্দচয়নেৰে বিষয়বস্তুৰ যিদৰে যুক্তিসম্মত বিশ্লেষণ দাঙি ধৰে সেইদৰে ব্যঞ্জনাধর্মী ভাষাও সুন্দৰভাৱে প্ৰয়োগ কৰি প্রতিপাদ্য বিষয়ৰ নান্দনিক দিশটোও তেওঁৰ ৰচনাৰ মাজত পৰিলক্ষিত হয়।

কীর্তিনাথ হাজৰিকাৰ গদ্যত বৈজ্ঞানিক সূত্র, শব্দ আদিৰ প্ৰয়োগৰ লগতে নিভাঁজ অসমীয়া ভাষাৰ শব্দ, বিবিধ অলংকাৰ আদিৰ প্রয়োগ দেখা যায়। নির্মলপ্ৰভা বৰদলৈৰ গদ্যটো সহজ-সৰল সাবলীল ভাষাৰ ব্যৱহাৰৰ লগতে প্রয়োজন অনুসৰি প্রতীকাত্মক ভাষা, চিত্রকল্প আদিৰ প্ৰয়োগ কৰাৰ বাবে তেওঁৰ গদ্যৰ মাজত এক শ্রুতিমধুৰ কাব্যিক লয় অনুভূত হয়।

অসমীয়া গদ্যক সমৃদ্ধিশালী কৰি তোলা গদ্য লেখকসকলৰ ভিতৰত হোমেন বৰগোহাঞি অন্যতম। বৰগোহাঞি এজন সচেতন গদ্যলেখক। উপন্যাস, চুটিগল্প, সমালোচনা, চিন্তাশীল প্রবন্ধ আদি ৰচনাৰে আত্মপ্রকাশ কৰা বৰগোহাঞিৰ গদ্য সুস্পষ্ট, সংক্ষিপ্ত আৰু প্রাঞ্জল। ভাব প্রকাশক শক্তিশালী ভাষাৰে সমাজৰ বাস্তৱ চিত্রক স্পষ্ট ৰূপত প্ৰকাশ কৰা তেওঁৰ গদ্যব অন্যতম বৈশিষ্ট্য। বিষয়বস্তু ৰমণীয় আৰু স্পষ্ট ৰূপত প্ৰকাশ কৰা বৰগোহাঞিৰ গদ্যত অলংকাৰৰ প্ৰয়োগ অতিমাত্রা দেখা নাযায়। বিষয়ৰ প্রয়োজন অনুসৰি বিভিন্ন শব্দৰ সমাবেশে তেওঁৰ গদ্যক সংবেদনশীল আৰু চিত্তস্পর্শী কৰি তুলিছে। বৰগোহাঞিয়ে ব্যক্তিগত ভাবনাৰ বেখাচিত্ৰক নৈর্ব্যক্তিক ৰূপ দিবলৈ ৰচনাৰ মাজে মাজে কাব্যিক বিশিষ্টতাৰে সমৃদ্ধ ভাষা ব্যৱহাৰ কৰিছে।

এই সাহিত্যকসকলৰ উপৰি মহেন্দ্ৰ বৰা, লক্ষ্মীনন্দন বৰা, লক্ষ্যধৰ চৌধুৰী, শীলভদ্র (ৰেৱতীমোহন দত্তচৌধুৰী), নিৰুপমা বৰগোহাঞি, চন্দ্রপ্রসাদ শইকীয়া, মেদিনী চৌধুৰী আদি গদ্যলেখকসকলৰ বিচিত্র গদ্যৰীতিয়ে আধুনিক অসমীয়া গদ্যক সৌষ্ঠৱ আৰু সমৃদ্ধিশালী কৰাত অনবদ্য অবদান আগবঢ়াইছে। নগেন শইকীয়াৰ মিতভাষী গদ্য আৰু পোনপটীয়া স্পষ্ট গদ্যৰীতিয়ে আধুনিক অসমীয়া গদ্যক ঐশ্বর্যমণ্ডিত কৰি তুলিছে। উল্লিখিত গদ্যৰচকসকলৰ প্ৰত্যেকৰে ৰচনাৰীতিত এক নিজস্ব ধাৰা পৰিলক্ষিত হয়। প্রত্যেকগৰাকী লেখকেই একোটা সময়ক প্রতিনিধিত্ব কৰিছে।

বিজ্ঞানৰ তত্ত্ব আৰু বিষয়বস্তুকো লোকবোধ্য ৰূপ দিয়া কেইজনমান গদ্যকাৰ হৈছে- কুলেন্দু পাঠক, দীনেশ চন্দ্র গোস্বামী, ক্ষীৰধৰ বৰুৱা, প্ৰণৱজ্যোতি ডেকা, পৰমানন্দ মহন্ত, শান্তনু তামুলী আদি। বিজ্ঞানৰ কঠিন বিষয়ক ৰসাল ভাষাৰে পঢ়ুৱৈক আকর্ষণ কৰিব পৰাটোৱেই এই গদ্যলেখকসকলৰ সাৰ্থকতা। বিজ্ঞানভিত্তিক এনে ৰচনাৰাজিৰ ক্ষেত্রত এচাম পাঠক নির্দিষ্ট হৈ থাকে যদিও স্পষ্ট, সাৱলীল আৰু সৰল প্রকাশভংগীৰ বাবে বিজ্ঞানভিত্তিক ৰচনাৰাজিয়ে সকলো শ্ৰেণীৰ পাঠকৰ বাবেই সহজে আকর্ষণীয় আৰু বোধগম্য হৈ পৰিছে। এই শ্ৰেণীৰ ৰচনাৰ গদ্যলৈ লক্ষ্য কৰিলে বিষয়বস্তুৰ উপস্থাপনত এক সুসংগঠিত ৰূপৰ প্ৰকাশ ঘটা পৰিলক্ষিত হয়।

আধুনিক ভাষা-সাহিত্যই প্রতিষ্ঠা লাভ কৰাৰে পৰা যোৱা প্ৰায় ডেৰশ বছৰত অসমীয়া গদ্য-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধি সাধনত বিশিষ্ট গদ্যলেখকসকলে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। এই সময়ৰ লেখকসকলৰ সাহিত্যত বিষয়বস্তুৰ বিভিন্নতাইও জুমুৰি দি ধৰিছে। আনহাতে বহুতে অভিযোগ কৰে যে, অসমীয়া গদ্য ভাষাত জতুৱা ঠাঁচ, নিভাঁজ ঘৰুৱা শব্দৰ ব্যৱহাৰ কমি যোৱাৰ ফলত অসমীয়া ভাষাৰ প্রাণশক্তি হ্রাস পোৱাৰ উপক্ৰম হৈছে। বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু আধুনিক চিন্তা-ভাবনাই অসমীয়া ভাষালৈ পৰিৱর্তন আনিলেও ভাষাৰ চালিকাশক্তি স্বরূপ জতুৱা ঠাঁচ, নিভাঁজ শব্দ, যোজনা-পটন্তৰ, শুদ্ধ বাক্যৰীতিৰ প্রয়োগে অসমীয়া গদ্যক সজীৱ কৰি ৰাখিব বুলি আশা কৰিব পাৰি। সেয়ে গদ্যৰ মাধ্যমত ভাব প্রকাশ কৰোঁতে অসমীয়া ভাষাৰ চালিকাশক্তি জতুৱা ঠাঁচটো পূৰা মাত্ৰাই ৰক্ষা কৰা উচিত।

এনেদৰে যোড়শ শতিকাৰ আদিভাগৰ পৰা অৰ্থাৎ বৈষ্ণৱ যুগ, আহোম যুগ, অৰুণোদয় যুগ, জোনাকী যুগ, আৱাহন যুগ অতিক্ৰম কৰি আহোঁতে অসমীয়া গদ্যই ভিন্ ভিন্ ৰূপ পৰিগ্ৰহ কৰি আহি বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। সাম্প্ৰতিক সময়তো অসমীয়া গদ্যই ভিন্নজন লেখকৰ হাতত ভিন্ন ধৰণে আত্মপ্রকাশ কৰিছে। প্রতিটো যুগতে আত্মপ্রকাশ কৰা গদ্যসমূহৰ একোটা যুগ ভাব শক্তি (spirit of the age) আছে। ভট্টদেৱৰ হাততেই পূর্ণতা লাভ কৰা অসমীয়া গদ্যই হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ হাতত ব্যাপক বিষয় বিস্তৃতি লাভ কৰি এক পূর্ণ ৰূপত প্রতিষ্ঠিত হৈছে। এনেদৰে বিভিন্নজন লেখকৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বলতেই আধুনিক অসমীয়া গদ্যশৈলীয়ে এক বলিষ্ঠ, প্রাণৱন্ত আৰু সমৃদ্ধিশালী ৰূপ পৰিগ্ৰহ কৰিছে।

@অর্পণা কোঁৱৰ
অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়


সহায়ক গ্ৰন্থপঞ্জী
প্ৰাচীন অসমীয়া গদ্যশৈলীঃ অৰ্পণা কোঁৱৰ, বনলতা, ২০১৪
আধুনিক অসমীয়া গদ্যশৈলী, অৰ্পনা কোঁৱৰ,  বনলতা, ২০২১
অসমীয়া গদ্য সাহিত্যৰ গতিপথ, হৰিনাথ শৰ্মাদলৈ, পদ্মপ্ৰিয়া লাইব্ৰেৰি, চতুৰ্থ প্ৰকাশ, ২০১৩
মধ্যযুগৰ সাহিত্যঃ বসন্ত কুমাৰ ভট্টাচাৰ্য
বুৰঞ্জী সাহিত্য, লীলা গগৈ, বনলতা, তৃতীয় প্ৰকাশ, ২০১৪
অসমীয়া কথা সাহিত্যঃ প্ৰফুল্ল কুমাৰ নাথ, বান্ধৱ, ২০১৪
অসমীয়া গদ্য সাহিত্যঃ পূণ্যশ্ৰী বেজবৰুৱা, লুণা বৰা, অসম বুক ট্ৰাষ্ট, ২০২১

Post a Comment

0 Comments