* ১.০ অৱতৰণিকা
‘ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী’য়ে ব্যৱসায় আৰু ৰাজনৈতিক সহায়ৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহি পৰৱৰ্তী সময়ত ‘ইয়াণ্ডাবু সন্ধি’ৰ চুক্তি অনুসৰি ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ কাঢ়ি নিয়ে৷ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণে ব্ৰিটিছৰ এই পৰাধীনতাৰ শিকলি চিঙি স্বাধীন ৰাষ্ট্ৰ হ’বলৈ দেশজুৰি দীৰ্ঘ সময়ৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ গমধৰ কোঁৱৰৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ৰ বিংশ শতিকাৰ মহাত্মা গান্ধীৰ নেতৃত্বলৈকে এই দীৰ্ঘ সময়ছোৱাত ভাৰতবৰ্ষৰ জনসাধাৰণে নিজকে ব্ৰিটিছৰ বিৰুদ্ধে এক মহাশক্তি ৰূপে প্ৰস্তুত কৰি তোলে আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে৷
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দীৰ্ঘকালীন সময়ছোৱাত স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অসমৰ জনগণেও পূৰ্ণ সহযোগ কৰিছিল৷ অসংখ্য জনগণে দেশৰ বাবে মৃত্যুবৰণ কৰিছিল৷ পুলিচৰ হিংসা আৰু অন্যায়ৰ বলি হৈছিল৷ জীৱনৰ বাবে পংগু পৰ্যন্ত হ’ব লগা হৈছিল৷ দেশ, ৰাজ্য আজিৰ সামাজিক-ৰাজনৈতিক, আৰ্থ সামাজিক দিশবোৰৰ ব্যাপক পৰিৱৰ্তন হৈছিল৷ শিল্প-সাহিত্যৰ মাধ্যমেৰেও জনমত আৰু সজাগতা সৃষ্টি কৰি ব্ৰিটিছৰ শাসন ওফৰাবলৈ প্ৰস্তুতি চলিছিল৷ এই বিশাল আন্দোলনটোত অসম ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জিলাবোৰেও সমভাৱেই কষ্ট স্বীকাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ব্ৰিটিছৰ সামৰিক শক্তিৰ বিৰুদ্ধে একত্ৰভাৱে থিয় দিছিল৷ এই আলোচনাত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ লক্ষ্য ৰখা হৈছে আৰু বিশেষভাৱে লখিমপুৰ জিলাৰ মুক্তিযোদ্ধাসকলৰ সামগ্ৰিক কাৰ্যাৱলী, তেওঁলোকৰ অৱদান, গুৰুত্ব সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰা হ’ব৷
১.১ বিষয়ৰ পৰিচয়
প্ৰথম পৰ্বঃ ব্ৰিটিছৰ ভাৰত দখল
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালতে (১৬০৮ চন) গুজৰাটৰ চুৰাটত প্ৰথম বাণিজ্যিক কেন্দ্ৰ প্ৰতিস্থাপনৰ অনুমতি লাভ কৰিছিল আৰু পাছলৈ আগ্ৰা, আহমেদাবাদ, হুগলি, মাদ্ৰাজ আদি ঠাইবোৰতো এই কোম্পানীয়ে বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল৷১ ঠিক সেইদৰে এই কোম্পানীয়ে ১৭৫৭ চনত পলাশীৰ যুদ্ধত বংগৰ নবাব ছিৰাজোদ্দৌলাক পৰাজিত কৰি পূব ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োটা দিশকে নিজৰ অধীনলৈ আনে৷ ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰপৰা বংগ, উৰিষ্যা আৰু বিহাৰৰ ৰাজত্ব লাভ কৰে৷ পৰৱৰ্তী সময়ত এনেদৰে ৰাজ্য বিস্তাৰ কৰি ১৮২৬ চনত ব্ৰিটিছ বাহিনী আৰু ব্ৰহ্মদেশৰ লেগাইৰ ৰাজ্যপাল মহা মিন লা কিয়’ টিন’ৰ মাজত ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামৰ গাঁৱত সন্ধি হয় আৰু এই চুক্তিয়েই বিখ্যাত ‘ইয়াণ্ডাবু সন্ধি’৷ ইয়াৰ পাছত প্ৰায় ১৮৩৮ চনলৈকে পুৰন্দৰ সিংহ ৰজা হৈ আছিল সেই শাসন আছিল মূলতঃ ব্ৰিটিছ বাহিনীৰ৷ ইয়াৰ পাছতেই ইষ্ট ইণ্ডয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ শাসনভাৰ সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিয়ে আৰু পৰৱৰ্তী ১৮৫৮ চনত মহাৰাণী ভিক্তোৰিয়াই কোম্পানীৰপৰা ভাৰতবৰ্ষৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ নিয়ে৷
অসমৰ প্ৰেক্ষাপট
মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত সৃষ্টি হোৱা ‘মোৱামৰীয়া বিদ্ৰোহ’ (১৭৬৯-১৮০৫) দমনৰ উদ্দেশ্যেৰে আহোম ৰজা গৌৰিনাথ সিংহ আৰু অসমত বেপাৰকৰা ইংৰাজসকলে সেইসময়ৰ কলিকতাত থকা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ সহায় বিচাৰিছিল আৰু পৰৱৰ্তী সময়ত জেনেৰেল লৰ্ড কৰ্ণৱালিচৰ নিৰ্দেশমৰ্মে কেপ্টেইন থমাছ ৱেল্ছৰ নেতৃত্বত ৩৬০ জন (কিছুসংখ্যক গৱেষকৰ মতে এই তথ্যটো ৫৫০ জন হ’ব লাগে৷) সৈন্যৰ এটা দল অসমলৈ আহিছিল৷২ প্ৰকৃততে বৃটিছে ভাৰতবৰ্ষৰ অন্যান্য ঠাইবোৰ দখল কৰাৰদৰে অসম দখলৰ বাবেওনিৰৱে অথচ বলিষ্ঠভাৱে কৰা এই কাৰ্যটোৱেই আছিল অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্বপ্ৰথম আৰু গুৰুত্বপূৰ্ণ ঘটনা৷ কিয়নো এই সহায়ৰ চলেৰে প্ৰকৃততে ১৭৯৩ চনতে ব্ৰিটিছে অসমলৈ বহিৰাগত বণিক অহাৰ গোটেই জটিল পথটোৱেই মুকলি কৰি দিয়ে৷
ইয়াৰ পাছত আহোমে যোৰহাটত ৰাজধানী স্থাপন কৰে আৰু ১৮২৬ চনৰ ‘ইয়াণ্ডাবু সন্ধি’ৰ সময়লৈকে ‘যোৰহাট’ আছিল আহোমৰ শেষ ৰাজধানী৷ ইতিমধ্যেই ব্ৰহ্মদেশ (এতিয়াৰ ম্যানমাৰ)ৰ মান সৈন্যই ১৮১৭ চনত অসম আক্ৰমণ কৰে৷ মান সৈন্যই ১৮১৭ চনৰপৰা ১৮২৬ চনলৈকে সৰ্বমুঠ ৩ বাৰ অসম আক্ৰমণ কৰিছিল৷ পৰৱৰ্তী সময়ত ‘ইয়াণ্ডাবু সন্ধি’ৰ চৰ্ত মতে ব্ৰহ্মদেশ, অসম আৰু ইয়াৰ অধীনত থকা সকলোবোৰ অঞ্চল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়৷
‘১৮৩৮ খ্ৰীষ্টাব্দৰ ১৬ ছেপ্তেম্বৰত আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহক সিংহানচ্যুত কৰি কোম্পানী চৰকাৰে সমগ্ৰ উজনি অসমক ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেংগল প্ৰেচিডেন্সিৰ প্ৰত্যক্ষ অধীনলৈ নিয়ে৷ এই সময়তে খ্ৰীষ্টান মিছনেৰীসকলে শিৱসাগৰত স্থাপন কৰা ‘প্ৰিণ্টিং প্ৰেছ’ৰপৰা ১৮৪৬ চনত ‘অৰুণোদয়’ সম্বাদ পত্ৰ প্ৰকাশ হৈছিল৷৩
দ্বিতীয় পৰ্বঃ স্বাধীনতাৰ বাবে অসমত প্ৰস্তুতি
‘ইয়াণ্ডাবু সন্ধি’ত ভাৰতৰ আহোম ৰাজত্বই নিজৰ ৰাজনৈতিক ক্ষমতা হেৰুৱাই সেই সময়ৰেপৰাই (১৮২৮ চনৰ পৰা ১৮৫৭ চনৰ ভিতৰত) হেৰুৱা স্বাধীনতা কাঢ়ি আনি অসমত পুনৰ আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিবলৈ অহৰহ সংগ্ৰাম চলাইছিল৷ গমধৰ কোঁৱৰ, জীউৰাম ডুলীয়া বৰুৱা, মণিৰাম দেৱান, পিয়লি ফুকন আদিয়ে এইক্ষেত্ৰত প্ৰধান নেতৃত্ব গ্ৰহণ কৰিছিল৷ ১৮৫৮ চনৰ পৰা ১৮৯৪ চনলৈকে ব্ৰিটিছ চৰকাৰৰ শোষণৰ বিৰুদ্ধে, ঘাইকৈ মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ গাঁৱে-ভুঞে বিভিন্ন ঠাইত ব্যাপক ৰুপত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল৷ প্ৰথম পৰ্যায়ত নগাঁৱৰ ফুলগুৰিত (১৮৬১), দৰং জিলাৰ পথৰুঘাটত (১৮৯৪), কামৰুপ জিলাৰ ৰঙিয়া (১৮৯৪), নলবাৰী, বজালী, বৰপেটা আৰু সেইদৰে বিভিন্ন জিলাৰ ভালেমান ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হয়৷ দৰং জিলাৰ পথৰুঘাটৰ গুলীচালনাৰ ঘটনাতেই প্ৰায় ১৪০ জন মান লোকে প্ৰাণ হেৰুৱাইছিল আৰু আন বহুতো লোক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল৷ ৰঙিয়াৰ কৃষক বিদ্ৰোহতো পুলিচৰ গুলীচালনাত প্ৰায় ২৭জন লোক নিহত হৈছিল আৰু বহু আহত হৈছিল৷
এই সময়ছোৱাৰ ভিতৰতেই ১৮৮৫ চনত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ গঠিত হৈছিল আৰু অসমেও ‘কংগ্ৰেছ’ নামৰ সংগঠনত অন্তৰ্ভুক্ত হৈছিল৷ কংগ্ৰেছৰ নেতৃত্ব আৰু পৰিচালনাতেই অসমৰ দৰং, কামৰুপ, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আদি বিভিন্ন জিলাত কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে ‘ৰায়ত সভা’ কিছুমান গঠিত হৈছিল আৰু সেইবোৰৰ যোগেদি থলুৱা ৰাইজে ব্ৰিটিছৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ১৮৮৫ চনৰ পৰাই নৱ্য জাতীয়তাবাদী ভাবধাৰাই অসমত গা কৰি উঠিবলৈ ধৰে৷ কলিকতালৈ আধুনিক পাশ্চাত্য শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা এচাম অসমীয়া যুৱকে জাতীয় চেতনাৰে সমৃদ্ধ হৈ অসমবাসীক সামাজিক, সাহিত্যিক তথা বৌদ্ধিকভাৱে নেতৃত্ব দিয়াত উঠি-পৰি লাগে৷ অন্যহাতে ১৮৭৩ চনত অফিচ-কাচাৰীত বাংলা শিক্ষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই পুনৰ প্ৰতিষ্ঠা লাভ কৰাত অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়নৰ চেষ্টাও এই সময়তে আৰম্ভ হয়৷ পানীন্দ্ৰনাথ গগৈ, হেমচন্দ্ৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱাৰ দৰে ব্যক্তিসকলে পাঠ্যপুথি প্ৰণয়নত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীৰ মূল নেতৃত্বত ১৮৮৯ চনত ‘জোনাকী’ আলোচনীখন প্ৰকাশ হয়৷ ১৯০০ চনত হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ প্ৰকাশ কৰে৷ ১৯০১ চনত কটন কলেজৰ প্ৰতিষ্ঠা হয়৷ ‘উষা’ (১৯০৭), ‘বাঁহী’ (১৯০৯) দৰে প্ৰভাৱশালী আলোচনীও এই সময়তেই প্ৰথম প্ৰকাশ হয়৷
১৮৯৪ চনৰ পৰা ১৯২০ চনলৈকে এই কালছোৱা আছিল অসমৰ বাবে আছিল জাতীয় নৱজাগৰণৰ সময়৷ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ৰাজনৈতিক আৰু সামাজিক শক্তিসমূহ সংগঠিত কৰাৰ বাবে এইখিনি সময়ক পৃষ্ঠভূমি নিমাৰ্ণৰ কাল বুলিব পাৰি৷ পৰৱৰ্তী সময়ত ১৯২১ চনৰ পৰা ১৯৪২ চনলৈকে এইখিনি সময়ৰ ভিতৰত অসমৰ স্বাধীনতা আন্দোলন ভাৰতবৰ্ষৰ গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘অসহযোগ আন্দোলন’৪ ৰাষ্ট্ৰীয় সংগ্ৰামৰ ঘাইসুঁতিৰ সৈতে ওতপ্ৰোতভাৱে চামিল হৈ পৰে৷ ১৯২১ চনত গান্ধীজী অসমলৈ আহে৷ তেওঁ তেজপুৰলৈ আহি স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীৰ সৈতে অসমৰ জনগণক সংযুক্ত কৰিবলৈ এই সময়ছোৱাতে যথেষ্ট কাম-কাজ কৰিছিল৷ লখিমপুৰৰ পদ্মনাথ গোহাঞি বৰুৱায়ো গান্ধীজী অসমলৈ আহোতে নেতৃত্ব গ্ৰহণ কৰিছিল৷ গান্ধীজী অসমলৈ অহাৰ পূৰ্বেই চন্দ্ৰনাথ শৰ্মাৰ দৰে উদ্যমী যুৱনেতাৰ নেতৃত্বত অসমত ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণৰ সৃষ্টি হৈছিল৷ তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ স্কুল বৰ্জন, আন্দোলন, প্ৰতিবাদ আদিৰ লগতে কানি বৰবিহৰ প্ৰচলন ৰোধৰ বাবেও কাম কৰিছিল৷ ১৯২১ চনতে অসমত ‘কংগ্ৰেছ কমিটী’ৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল৷ অন্যহাতে এইসকল প্ৰতিবাদকাৰী, পৰৱৰ্তী সময়ত মুক্তিযুদ্ধা হিচাপে পৰিচিত ব্যক্তিয়েই অসমৰ সামাজিক গাঁঠনিটোক নতুনকৈ নিৰ্মাণ কৰিবলৈ বিভিন্ন কাৰ্যপণ্ঠা গ্ৰহণ কৰিছিল৷ ৰাস্তা-পথ নিৰ্মাণ, বিদ্যালয় নিৰ্মাণ, সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিষ্ঠা আদিও এই সময়ছোৱাতেই ব্যাপকৰূপত আৰম্ভ হৈছিল৷
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন আৰু দেশপ্ৰাণ কুলধৰ চলিহা আছিল সেই সময়ত ‘অসম কংগ্ৰেছ’ৰ লাইখুঁটা সদৃশ৷ গান্ধীজী আৰু দেশৰ অন্যান্য নেতৃবৰ্গৰ লগতে অসমৰ কংগ্ৰেছী নেতাসকলৰ প্ৰায়ভাগেই ১৯২২ চনৰ বছৰটো ঘাইকৈ জেলতেই কটাইছিল৷ ১৯২২ চনৰ পৰা আন্দোলন আৰু বেছিকৈ প্ৰৱল হৈ উঠে৷ ব্ৰিটিছ চৰকাৰে ১৯৩০ চনত কংগ্ৰেছ আৰু ইয়াৰ স্বেচ্ছাসেৱক বাহিনীক নিষিদ্ধ হিচাপে ঘোষণা কৰে৷ তৎসত্বেও আন্দোলন পুৰ্ণোদ্যমে চলিয়েই থাকে৷ সেই সময়তে কংগ্ৰেছৰ বিভিন্ন সেৱাদলৰ সৃষ্টি হয়৷ ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশপ্ৰেমমূলক গীতৰ উদ্দীপ্ত সুৰে অসমৰ ৰাইজক বিপ্লৱী প্ৰেৰণাৰে উদ্ভাষিত কৰিছিল৷ জনমত গঠনত সহায় কৰিছিল৷ ১৯২৯ চনৰপৰা দেশত ‘আইন অমান্য আন্দোলন’ৰ সূত্ৰপাত ঘটে৷ ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে ব্ৰিটিছ চৰকাৰে অসমত দুহেজাৰৰো অধিক লোকক হয় গ্ৰেপ্তাৰ কৰি অথবা জৰিমনা ভৰাই শাস্তি দিছিল৷ এই সময়ছোৱাৰ পৰাই অসমত স্বাধীনতা সংগ্ৰামেবিশেষ ৰূপত অগ্ৰগতি লাভ কৰে আৰু ১৯৪২ চনৰ গণ আন্দোলনৰ সময়ছোৱাত ই সৰ্বাত্মক ৰুপ পৰিগ্ৰহণ কৰে৷
১৯৪২ চনৰ জ্জ্ব আগষ্টত ‘কৰিম কিম্বা মৰিম’ আদৰ্শেৰে কংগ্ৰেছে ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰাত অসমতো এই আন্দোলনে ব্যাপক প্ৰসাৰ লাভ কৰে৷ মৌলানা তৈয়বুল্লা, বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলী আহমেদ, দেৱেশ্বৰ শৰ্মা, গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মাৰ লগতে আন প্ৰায়সকল আগশাৰীৰ অসম কংগ্ৰেছৰ নেতাকে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে৷ এনে গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু জীৱন পণ কৰি হ’লেও স্বাধীনতা অৰ্জনৰ দুৰ্বাৰ স্পৃহাত অসমৰ নগৰে-চহৰে, গাঁৱে-ভুঞে হেজাৰ-হেজাৰ জনতাই অহিংস বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজপথলৈ ওলাই আহে৷ ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ স্তুপীকৃত ক্ষোভ আৰু প্ৰতিবাদে বিস্ফোৰণৰ ৰুপ ধাৰণ কৰে৷ গহপুৰ থানাত ত্ৰিৰংগা পতাকা তুলিবলৈ যাওঁতে সমদলৰ নেতৃত্বত থকা পাটগাভৰু কনকলতা আৰু তেওঁৰ এগৰাকী যুৱ সতীৰ্থ মুকুন্দ কাকতিয়ে পুলিচৰ গুলীত প্ৰাণ হেৰুৱায়৷ সেই চনৰে ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলিত পুলিচৰ গুলীচালনাত ১৩ জনকৈ লোক নিহত হয়৷ নগাওঁ জিলাৰ বেবেজীয়া আৰু ৰহাত পুলিচৰ গুলীত নিহত হয় হেমৰাম বৰা আৰু কলাই কোঁচ৷ বৰহমপুৰৰ গুলীচালনাৰ ঘটনাত ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, বলো সুত, ঠগী সুত আদিয়ে প্ৰাণ হেৰুৱায়৷ সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিয়ে৷ বীৰ কমলা মিৰিয়ে কাৰাগাৰৰ ভিতৰতে দেহত্যাগ কৰে৷ গোৱালপাৰা জিলাৰ দুখীয়া খেতিয়ক নিধানু ৰাজবংশীও পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়ে৷ জোঙালবলহুৰ গুলী চালনাৰ ঘটনাত শ্বহীদ হয় হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈ৷ বাৰপুজীয়াত অসীম সাহস দেখুৱাই জীৱন আহুতি দিয়ে শ্বহীদ তিলক ডেকাই৷ তেনেকৈয়ে প্ৰায় ২৪ জনৰো অধিক লোক বিয়াল্লিছৰ গণ আন্দোলনত অসমৰপৰা শ্বহীদ হয়৷ পুলিচৰ গুলীত আৰু লাঠীচালনাত আহত হয় অসংখ্যলোক৷ বহুতেই জীৱনটোৰ বাবেই বাবে ঘুণীয়া হয়৷ আন বহুতে কৰাবাস খাটিবলগীয়া হয়৷ সেইদৰে লোণ আইন অমান্য আন্দোলনৰ সময়ছোৱাতো ভাৰবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ দৰে অসমতো ইয়াৰ সৰ্বাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ তেজক পানী কৰি হাড়ক মাটি কৰি অহোপুৰুষাৰ্থ কৰিছিল৷ ইয়াৰে অনেক নেতৃস্থানীয় ব্যক্তিৰ নাম ইতিহাসত লিপিবদ্ধ হৈছে যদিও গ্ৰাম্যস্তৰৰ বহুতো ব্যক্তি, সংগঠনৰ নাম কালৰগৰ্ভত চিৰদিনৰ বাবেই হেৰাই গ’ল৷ স্বাধীনতা আন্দোলত অসম ৰাজ্যৰ ব্যাপক অংশগ্ৰহণে অসমীয়া মানুহৰ জাতীয়তাবাদী চিন্তা-চৰ্চাৰো প্ৰতিফলন ঘটোৱালে৷ এই জাতীয়তাবাদ আছিল ৰাষ্ট্ৰৰ সুৰক্ষা বা ৰাষ্ট্ৰৰ স্বাধীনতাৰ বাবে অসমীয়া মানুহৰ এক অৰ্থত ৰাষ্ট্ৰীয় চেতনাৰে জাতীয়তাবাদ৷
ভাৰতৰ স্বাধীনতা আন্দোলনত লখিমপুৰ জিলাৰ ভূমিকা
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সমসাময়িক সময়ছোৱাত অসম ৰাজ্যৰ জিলাসমূহৰ ভিতৰত লখিমপুৰ জিলাৰ অৱস্থা তথৈবচ আছিল৷ সেই সময়ত লখিমপুৰ জিলা বুলি ক’লে বৰ্তমানৰ ধেমাজি আৰু নতুনকৈ গঠন হোৱা বিশ্বনাথ জিলা পৰ্যন্ত আছিল৷ ‘লক্ষীমপুৰ’ শীৰ্ষক গ্ৰন্থখনত এই বিষয়ে উল্লেখ আছে এনেদৰে–‘১৮৩৮ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উজনি অসমৰ কৰতলীয়া শেষ ৰজা পুৰন্দৰ সিংহৰপৰা উজনি অসম ঘূৰাই লৈ দক্ষিণ পাৰত শিৱসাগৰ আৰু উত্তৰ পাৰত পশ্চিমে বিশ্বনাথ আৰু পূবে চিচি ধেমাজি অঞ্চল সামৰি লক্ষীমপুৰ জিলা গঠন কৰে৷ সেইদৰে ১৮৪২ চনত ব্ৰিটিছে শদিয়া আৰু মটক ৰাজ্য নিজ দখললৈ অনাৰ পিছত দিলাৰ আকাৰ বৃহৎ হোৱাত লক্ষীমপুৰৰ আওহটীয়া অৱস্থিতি, যাতায়াতৰ অসুবিধাৰ বাবে জিলাৰ সদৰ দক্ষিণ পাৰৰ ডিব্ৰুগড় চহৰলৈ স্থানান্তৰিত কৰিলে আৰু উত্তৰ পাৰৰ ভূখণ্ডৰ নম থ’লে লক্ষীমপুৰ৷’৫
এই জিলাখনেও ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সক্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল৷ স্বাধীনতাৰ বাবে বিভিন্ন সময়ত আয়োজন হোৱা প্ৰতিবাদ, আন্দোলন আদিত লখিমপুৰৰ পুৰুষ-নাৰী উভয়ে অংশগ্ৰহণ কৰিছিল৷ বহুতো ব্যক্তি জেলত থাকিবলগীয়া হৈছিল৷ পুলিচৰ মাৰ খাবলগীয়া হৈছিল৷অত্যাচাৰ সহিবলগীয়া হৈছিল৷ বন্দুকৰ গুলীত মৃত্যুবৰণ কৰিবলগা হৈছিল৷ বিশেষকৈ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লখিমপুৰ জিলাৰ জনসাধাৰণে ব্যাপক অংশগ্ৰহণ কৰিছিল৷ ১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহোতে এই লখিমপুৰৰ সুযোগ্য সন্তান পদ্মনাথ গোহাঞি বৰুৱাই নেতৃত্ব গ্ৰহণ কৰিছিল৷ এই বিষয়ে পদ্মনাথ গোহাঞি বৰুৱাই ‘অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ’ শীষক এটা লেখাত সবিস্তাৰে লিখিছে৷
১৯০৩ চনত ডিব্ৰুগড়ত মাণিক চনদ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, আৰু ফৈজনুৰ আলী আদিৰ নেতৃত্বত ‘অসম এছ’চিয়েছন’ প্ৰতিষ্ঠা কৰা হয় আৰু পৰৱৰ্তী সময়ত ১৯২০ চনত এই এছ’চিয়েছনেই ‘অসম প্ৰাদেশিক কংগ্ৰেছ কমিটীলৈ পৰিৱৰ্তন কৰা হয়৷৬ লখিমপুৰ জিলাতো ১৯২০ চনত জিলা কংগ্ৰেছ স্থাপন কৰা হয় আৰু এই সময়ৰপৰাহে জিলাখনত স্বাধীনতাৰ সংগ্ৰামখনৰ বিষয়ে জনসাধাৰণ বিশেষভাৱে সজাগ সচেতন হয়৷ এই সভাৰ বিষয়বীয়াসকল আছিল– সৰ্বেশ্বৰ বৰুৱা (সভাপতি), শশীধৰ ফুকন (সম্পাদক), মহমদুল হক বৰুৱা, ৰজনীকান্ত খাৰঘৰীয়া, চন্দ্ৰশেখৰ দাস, শিৱচন্দ্ৰ গোস্বামী, মমিকান্ত হাজৰিকা, হলধৰ ভূঞা, ধনীৰাম শইকীয়া, নীলকণ্ঠ গোহাঁই বৰুৱা, সোণাৰাম শইকীয়া, বেনীমাধৱ দস্তিখাৰ, ৰবিচন্দ্ৰ হাজৰিকা, নকুলেশ্বৰ খাটনিয়াৰ, মনীকান্ত হাজৰিকা, ধনীৰাম গগৈ, হাহিৰাম শইকীয়া, আব্দুল গনি হাজৰিকা, আব্দুল বাৰি আৰু চন্দ্ৰকুমাৰ দে৷৭
১৯২০ চনৰ অক্টোবৰ মাহত লখিমপুৰ জিলাত নগৰৰ পঞ্চানন দেৱালয়ৰ প্ৰাঙ্গণত অশ্বিনী কুমাৰ সৰকাৰৰ সভাপতিত্বত এখন ৰজাহুৱা সভা অনুষ্ঠিত হয় আৰু এই সভাত খিলাফট আন্দোলন, জালিৱানৱালাবাদৰ হত্যা, অমৃতসৰত জনতাৰ ওপৰত বীভৎস উৎপীড়ন আদি বিষয়বোৰ আলোচনা কৰি সেই সম্পৰ্কে প্ৰতিবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰস্তাৱসমূহ ভাৰত চৰকাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটী, মহাত্মা গান্ধী আৰু খিলাফটৰ প্ৰস্তাৱটো মঃ আলী ভাতৃদ্বয়লৈ পঠিওৱা হৈছিল৷৮
১৯২১ চনত মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল, সেই সময়ত যোৰহাটত অনুষ্ঠিত হোৱা এখন সভালৈ এই আওহটীয়া লখিমপুৰ জিলাৰপৰা ক্ৰমে– ৰূপৰাম দাস, খগেশ্বৰ খনিকৰ, আব্দুল বাৰি, নগেন্দ্ৰ নাথ শইকীয়া, তীৰ্থেশ্বৰ হাজৰিকা সহ বহুকেইজন ব্যক্তি খাবলু, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ খোজকাঢ়ি গৈছিল৷ সেই চনতেই লখিমপুৰ জিলাতো জিলা কংগ্ৰেছ কমিটী গঠন কৰা হয়৷ ১৯২৯ চনত লাহোৰত কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষত আইন অমান্য আন্দোলনৰ আৰম্ভ হয়৷ এই আন্দোলনৰ সময়ছোৱাতে লখিমপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন ছাত্ৰ দুৰ্যোধন হাজৰিকা আৰু থানেশ্বৰ বৰাই কাৰাবাস খাতিবলগা হৈছিল৷৯
মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা বিলাতী বস্তু বৰ্জন, হিন্দু মুছলমানৰ মাজত একতা স্থাপন আদি বিষয়বোৰ গাঁৱে-গাঁৱে প্ৰচাৰ কৰাৰ উপৰি ১৪৪ ধাৰা ভঙ্গ কৰি শোভাযাত্ৰা কৰি কানিৰ দোকান আৰু চৰকাৰী অফিচ আদিত পিকেটিং কৰিছিল৷ এই সময়তে লখিমপুৰলৈ গুৱাহাটীৰ খ্যাতনামা ব্যৰিষ্টাৰ তৰুণৰাম ফুকন, কুলধৰ চলিহা, পজিৰুদ্দিন আহমেদ আদি নেতাসকল জাহাজেৰে লখিমপুৰলৈ আহিছিল আৰু লখিমপুৰৰ কাছাৰীঘৰৰ সন্মুখৰ খেলপথাৰত এখন বিৰাট ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল৷ এই সভাতে বিলাতী কাপোৰবোৰ জনসাধাৰণে খুলি জ্বলাই দি প্ৰতিবাদ কৰিছিল৷ বহুতো কানীয়াই কানিৰ পট্টা চমজাই দি কানি খাবলৈ এৰিছিল৷ লখিমপুৰ চৰকাৰী উচ্ছ ইংৰাজী স্কুলৰ শিক্ষক মহিবুল হুছেইন আৰু হেম পূজাৰীয়ে চৰকাৰী চাকৰি ইস্তফা পৰ্যন্ত দিছিল৷১০
পৰৱৰ্তী সময়ত ১৯২১ চনৰ ২৬ জানুৱাৰীৰপৰা লখিমপুৰৰ কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে সভা, শোভাযাত্ৰা, স্কুল-কাছাৰীত আৰু কানি মহলত পিকেটিং কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ বাবে তেওঁলোকে জেল, জৰিমনা আৰু লাঠিৰ কোব খাবলগা হৈছিল৷ সেইসকলৰ ভিতৰত– সৰ্বেশ্বৰ বৰুৱা, শশীধৰ ফুকন, তীৰ্থেশ্বৰ হাজৰিকা, কনক গায়ন, দেৰাজুদ্দিন আহম্মদ, মহমদুল হক বৰুৱা, লক্ষীনাথ শৰ্মা বৰুৱা, আব্দুল বাৰী, গগণ ফুকন, ৰজনী খাৰঘৰীয়া, বদন বৰুৱা, জয়চন্দ্ৰ মহন্ত, অনিৰাম হাজৰিকা, লোকনাথ ফুকন, ইন্দ্ৰ খাৰঘৰীয়া, মনাই কৈৱৰ্ত, মুখেশ্বৰ মুক্তিয়াৰ, আব্দুল গণি হাজৰিকা, সোনাৰাম দত্ত, মোহন চন্দ্ৰ শইকীয়া, ধনীৰাম গগৈ সিদ্ধেশ্বৰ গগৈ পোনাৰাম আলি, দীনকান্ত গোস্বামী, জিন্নত আলি, ভোলানাথ দত্ত, দয়াৰাম মিৰি, আব্দুলা, টঙ্কেশ্বৰ গগৈ, গাজাধৰকুৰ্ম্মী, হোকোৰা কৈৱৰ্ত, প্ৰেমকান্ত কৈৱৰ্ত, ৰত্নধৰ বৰুৱা, লোকনাথ খাটনিয়াৰ, গোলাপ দত্ত, ঠানুৰাম তামুলী, মহাচল গোড়, জগমোহন গোড়, ঘনকান্ত হাজৰিকা, বানেশ্বৰ দাস, গগণ দাস, উমাকান্ত কলিতা, ঘনকান্ত দাস, খগেশ্বৰ খনিকৰ, দুতিৰাম কছাৰী, কুল প্ৰসাদ গোস্বামী, ফুলেশ্বৰ চুতীয়া, ধনপুৰ সুত, বিলাস ৰায় খেমানী, মনেশ্বৰ দেছুৱালী, কেশৱ চন্দ্ৰ গগৈ, চন্দ্ৰ শেখৰ দাস, শৰৎ কুমাৰ দাস, গণনাথ গোস্বামী, হীৰনাথ শৰ্মা, দুপৰ কোঁছ, উপেন্দ্ৰ নাথ বৰুৱা, খগেন গগৈ, যজ্ঞোৰাম ঠেঙ্গাল, নগেন শইকীয়া, মধ্যসিং দেউৰী, গণেশ শৰ্মা, বংশীধৰ দেউৰী, মহাৰথ ওজা, হলধৰ ভূঞা, জীউৰাম বৰা, যোগেশ্বৰ ৰাজখোৱা, হাহিৰাম শইকীয়া, মহিবুল হুছেইন, মহেশ্বৰ শৰ্মা, হেমকান্ত বৰপূজাৰী, হলধৰ গগৈ, তিলেশ্বৰ দত্ত আদিৰ নাম উল্লেখযোগ্য৷১১
১৯২৬ চনত মহাত্মা গান্ধী পুনৰ অসমলৈ আহে৷ পাণ্ডুত বহা নিখিল ভাৰত কংগ্ৰেত মহাসভাত গান্ধী, সৰোজনী নাইডু, মহাদেৱ দেশাই আদিয়ে অংশগ্ৰহণ কৰে৷ এই সভাত লখিমপুৰ জিলা কংগ্ৰেছৰপৰা সৰ্বেশ্বৰ বৰুৱা, শশীধৰ ফুকন, লক্ষী শৰ্মা বৰুৱা, ৰজনীকান্ত খাৰঘৰীয়া, হৰিপদ দত্ত, গম্ভীৰ চন্দ্ৰ দাস আদিকে ধৰি ৫৯ জন সদস্যই যোগদান কৰিছিলগৈ৷ সেইদৰে ব্ৰিটিছে ভাৰতবৰ্ষলৈ পঠিওৱা ‘চাইমন কমিচন’কো লখিমপুৰৰ পৰাও ক’লা পতাকা দেখুওৱা হৈছিল৷ সেইদৰে ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ নেতৃত্বত পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ উত্তৰ লখিমপুৰতো কংগ্ৰেছ কৰ্মীসকলে জাতীয় পতাকাৰ তলত সমবেত হৈ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷১২
১৯৩১-৩২ চনত লখিমপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি লক্ষীনাথ শৰ্মা বৰুৱা আৰু সম্পাদক আছিল দেৰাজুদ্দিন আহমেদ হাজৰিকা৷ এখেতসকলৰ নেতৃত্বতে লোণ কৰ উঠাই ল’বলৈ আৰু কানিংহাম চাকুৰ্লাৰ বাতিল কৰিবলৈ কাছাৰী ঘৰৰ সন্মুখত সবা অনুষ্ঠিত হৈছিল আৰু সেই প্ৰস্তাৱ ব্ৰিটিছলৈ পঠিওৱা হৈছিল৷১৩ থানেশ্বৰ বৰা, দুৰ্যোধন হাদজৰিকা, গঙ্গাধৰ হাজৰিকা, উমেশ বৰদলৈ, পদ্মেশ্বৰ হাজৰিকা, লীলা ভূঞাকে আদি কৰি অন্যান্য লোকসকলে ‘কাৰ্ণিংহাম চাৰ্কুলাৰ’ত চহী নকৰাৰ অভিযোগত আৰু নেতৃত্ব লোৱাৰ অভিযোগত উত্তৰ লক্ষীমপুৰ চৰকাৰী হাইস্কুলৰপৰা খেদি দিয়া হৈছিল আৰু তেওঁলোকে যোৰহাট বেজবৰুৱা হাইস্কুলত পঢ়িবলগা হৈছিলগৈ৷১৪
সেই সময়ত চিচিবৰগাঁৱৰপৰা পশ্চিমে হাৱাজানলৈকে মাত্ৰ এখনেই হাইস্কুল আছিল; সেইখনেই হ’ল বৰ্তমানৰ ‘লক্ষীমপুৰ চৰকাৰী হাইস্কুল’৷ অন্যহাতে মজলীয়া হাইস্কুলো মাত্ৰ দুখন আছিল৷ এখন ঢকুৱাখনাত আৰু আনখন ধলপুৰত৷ এই সময়ছোৱাতে জিলাখনৰ বিভিন্ন প্ৰান্ততত কংগ্ৰেছৰ দলীয় সভা আৰু ১৯৩২ চনত কংগ্ৰেছ দলক ব্ৰিটিঠ চৰকাৰে বে-আইনী ঘোষণা কৰাত অসম সংগ্ৰেছৰ ৰায়ত সভা আদি অনুষ্ঠিত হৈছিল৷ ১৯৩৬ চনত লখিমপুৰৰ দুলীয়া পথাৰত কংগ্ৰেছৰ ৰায়ত সভাৰ তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল৷১৫
সেইদৰে জৱাহৰলাল নেহৰু ১৯৩৭ চনৰ নৱেম্বৰ মাহত কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ অসমলৈ আহে আৰু তাৰপৰাই ফকৰুদ্দিন আলী আহমদ আৰু গোপীনাথ বৰদলৈৰ সৈতে যোৰহাট হৈ উঃ লখিমপুৰলৈ আহে৷ নেহৰু লখিমপুৰলৈ অহাৰপৰা এই অঞ্চলৰ সাংগঠনিক কাম-কাজ আৰু ক্ষিপ্ৰতৰ হৈ পৰে৷ এই কংগ্ৰেছ কৰ্মীসকলৰ একাংশই ১৯৩৯ চনত বিহপুৰীয়াত ‘লোহিত ডিক্ৰং হাইস্কুল’ প্ৰতিষ্ঠা কৰে৷ ইয়াৰ প্ৰধান উদ্যোক্তা আছিল গোলাপ শৰ্মা, লোকনাথ গোস্বামী, নৰেন্দ্ৰ নাথ বৰদলৈ আৰু যোগেশ্বৰ বৰুৱা আদি৷১৬
১৯৩৯ চনৰ ৩ ছেপ্তেম্বৰত বৃটেইনে জাৰ্মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ ইয়াৰ আগতে ১৯৩৯ চনৰ ২৩ আগষ্ট তাৰিখে সাম্যবাদী ৰাছিয়াই জাৰ্মানৰ লগত চুক্তি কৰি জাৰ্মান, জাপান আৰু ইটালিৰ লগত একলগ হয়৷ ইফালে বৃটেইনে ভাৰতীয় প্ৰজাৰ মতামত নোলোৱাকৈ ভাৰতবৰ্ষ যুদ্ধৰত দেশ বুলি ঘোষণা কৰা কাৰ্যক নিখিল ভাৰত কংগ্ৰেছ কমিতিয়ে আপত্তি কৰে৷ এই বিষয়ে বৰলাটৰ লগত অনেক আলোচনা কৰাতো একো নোহোৱাত ১৯৪০ চনৰ ১১ অক্টোবৰত ৱাৰ্ধাত কংগ্ৰেছ কমিটী বহি যুদ্ধৰ বিৰোধিতা কৰাটো সিদ্ধান্ত কৰি একক সত্যাগ্ৰহ কৰা স্থিৰ কৰে৷ এই একক সত্যাগ্ৰহত লখিমপুৰেও অংশগ্ৰহণ কৰে আৰু তলত নাম দিয়া লোকসকলে সত্যাগ্ৰহ কৰি এবছৰকৈ সশ্ৰম কাৰাদণ্ড ভোগে৷ সত্যাগ্ৰহীসকল হ’ল ক্ৰমে– লীলা ভূঞা, মহেন্দ্ৰ নাথ তালুকদাৰ, যোগেশ্বৰ বৰুৱা, চেনী চন্দ্ৰ শইকীয়া, সূৰ্যপ্ৰসাদ গুপ্ত, উমাকান্ত ৰাজখোৱা, মানিক চন্দ্ৰ শৰ্মা, সোণাৰাম বৰা, গোলোক চন্দ্ৰ বৰুৱা, লক্ষীৰাম দত্ত, ডম্বৰুধৰ কাকতি, খগেশ্বৰ ভূঞা, গোলোক চন্দ্ৰ শইকীয়া, কামেশ্বৰ বৰা, পানীন্দ্ৰ বৰুৱা, হেমকান্ত দুৱৰা, থানেশ্বৰ গগৈ আৰু পূৰ্ণানন্দ দত্ত৷ ইয়াৰ বাহিৰেও তেজপুৰৰপৰা বাপুৰাম হাজৰিকা, ভূমিধৰ ডেকা, কনক চন্দ্ৰ সন্দিকৈয়ে আহি এই জিলাত সত্যাগ্ৰহ কৰি এবছৰকৈ কাৰাবৰণ কৰে৷ এই জিলাৰে মিনাৰাম শইকীয়াই যোৰহাটত সত্যাগ্ৰহ কৰি কাৰাবৰণ কৰে৷১৭
১৯৪২ চনৰ ৮ আগষ্টৰ ৰাতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিশেষ অধিৱেশনে বুৰঞ্জী বিখ্যাত ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে ৯ তাৰিখে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলক যাকে যতে পালে তাতেই পুলিচে আতক কৰি জেলত সুমুৱালে আৰু লগে লগেই ভাৰতবৰ্ষতে বিদ্ৰোহৰ অগনি জ্বলি উঠে৷ সেই প্ৰজ্বলিত অগনি আহি এই পিছপৰা লখিমপুৰো পায়হি৷ জিলা জৰুৰী শাখা কমিটিয়ে ১৪ আগষ্টত বিহপুৰীয়া থানা আৰু ১৫ আগষ্টত লক্ষীমপুৰ থানাত পতাকা উত্তোলন কৰাটো স্থিৰ কৰে৷ সেই সিদ্ধান্ত অনুসৰি অধিনায়ক থানেশ্বৰ গগৈৰ নেতৃত্বত ধলপুৰ শিবিৰৰ শান্তি সেনাসহ ধলপুৰ, নাৰায়ণপুৰ, খেৰাজখাত আৰু বিহপুৰীয়া মৌজাৰ সমূহ ৰাইজ আৰু কংগ্ৰেছ কৰ্মীয়ে এটা বিৰাট শোভাযাত্ৰা কৰি থানাত কংগ্ৰেছ পতাকা উত্তোলন কৰে৷ ১৫ তাৰিখে যোগেশ্বৰ বৰুৱাৰ নেতৃত্বত জাপিসজীয়া শিবিৰৰ শান্তি সেনা সহ আজাদ, কমলাবাৰী, পানীগাঁও আদিৰ ৰাইজ আৰু কংগ্ৰেছ কৰ্মীসকলৰ এটা বিৰাট সমদল নগৰ অভিমুখে আহোঁতে সমদলটো বাধা দি সৰ্বেশ্বৰ বৰুৱা, যোগেশ্বৰ বৰুৱা, ৰমেশ বিদ্যাৰ্থী, হেমচন্দ্ৰ হাজৰিকা, কনকেশ্বৰ দত্ত, তীৰ্থেশ্বৰ হাজৰিকা আৰু ৰত্নেশ্বৰ বৰাক আটক কৰে৷ বাৰীসকলৰ ওপৰত লাঠী চাৰ্জ কৰে৷ এই লাঠী চাৰ্জত ঘন দত্ত, নিৰণ ভূঞা, সাগৰ বৰা, ললিত শৰ্মা, কালিৰাম দত্ত, দেৱেন ফুকন, সৰুমাই দত্ত, নাৰায়ণ ফুকন, বলোৰাম কোঁচ, কণ শইকীয়া, ফটিক ভূঞা, সোণাৰাম দাস আদি আঘাতপ্ৰাপ্ত হয় আৰু সমদল ছত্ৰভংগ দিয়ে৷ পিছত আটক কৰাসকলক এৰি দিয়ে৷১৮
১৯ আগষ্টৰ দিনা ৰাতি মাধৱপুৰত চেনী চন্দ্ৰ শইকীয়াৰ ঘৰত কংগ্ৰেছৰ এক গোপন বৈঠক বহে৷ এই বৈঠকত সময়ে সময়ে জিলা কংগ্ৰেছ বহি আন্দোলন চলোৱাটো সম্ভৱ নোহোৱাৰ কাৰণে আন্দোলন পৰিচালনা কৰিবৰ বাবে ক্ৰমে– হেমচন্দ্ৰ হাজৰিকা, গোবিন্দ চন্দ্ৰ বৰা, লীলা ৰাম ভূঞা আৰু ইন্দ্ৰেশ্বৰ শৰ্মাক আন্দোলন চলোৱাৰ সৰ্বময় কতৃৰ্ত্ব দি পৰিচালক নিযুক্ত কৰে৷ এই সকলৰ ক্ৰমে অনুসাৰে এজনক আটক কৰিলে পিছৰ জনে কাম কৰিবলৈ আৰু শেষৰ জন আটক হ’লে তেওঁ অন্য এজনক পৰিচালনাৰ দায়িত্ব দিবৰ কাৰণে ক্ষমতা দিয়ে৷
পৰৱৰ্তী সময়ত জিলাখনত স্বদেশী লোকসকলে নতুন স্কুল, নতুন বজাৰ খোলা হয়৷ পিকেটিং কৰি কেইদিন মানৰ কাৰণে স্কুল বন্ধ কৰা হৈছিল যদিও পুলিচৰ অত্যাচাৰ আৰম্ভ হোৱাৰ লগে লগে পুনৰ আগৰ দৰে চলিবলৈ ল’লে৷ বাৰ্, লাইব্ৰেৰী বন্ধ কৰিবপৰা নগ’ল৷ পিকেটিং কৰা সকলক নানা অত্যাচাৰ চলাইছিল৷ লক্ষীনাথ শৰ্মা বৰুৱাক আধামৰা কৰি লগুন চিঙি পেলাইছিল৷ ৭ চেপ্তেম্বৰৰ দিনা পুৱাতে জাপিসজীয়া কেম্প ভাঙি তাত থকা শান্তি সেনা সকলৰ ওপৰত অত্যাচাৰ কৰে আৰু তাৰপৰা ঘূৰি আহি সৰ্বেশ্বৰ বৰুৱা, তীৰ্থেশ্বৰ হাজৰিকা আৰু ৰমেশ বিদ্যাৰ্থীক আটক কৰে৷ এই খবৰ পাই ধলপুৰৰ শান্তি সেনা ৰঙতিলৈ স্থানান্তৰ কৰে, নেতৃস্থানীয় লোকে আত্মগোপন কৰে৷ ৮ তাৰিখে পুৱাতে ধলপুৰ শিবিৰ পাই তাত কাকো নাপাই হাওহোৱাজান পাই আৰু তাত থকা তেজপুৰ এলেকাৰ শান্তিসেনাৰ শিবিৰ ভাঙি ঘূৰি আহি ধলপুৰৰ দোকানী পোহাৰীসকলৰ দোকান পোহাৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু ৰেৱতী মোহন দত্ত, অবিনাশ ঘোষ, দুৰ্গাচৰণ কৰ আৰু জিতেন দত্তক গুৰুত্বৰ ভাৱে আহত কৰে ৷ থানালৈ ঘূৰি যাওঁতে চেনীচন্দ্ৰ শইকীয়াক ঘৰতে পাই আটক কৰি লৈ যায়৷
১০ চেপ্তেম্বৰৰ দিনা ধলপুৰ মৌজাৰ মাউতৰ চুকত এজন যুজাৰু বিমান ভূপতিত হয়৷ বিমান খন ভূপতিত হোৱাৰ লগে লগেই গাঁৱৰ কিচু ডেকা ল’ৰাই কুঠাৰ মাৰি তাক চূৰ্ণ-বিচূৰ্ণ কৰে৷ পাইলত দুজনে তাৰপৰা খোজকাঢ়ি গৈ গহপুৰ থানাত খবৰ দিয়ে৷ গহপুৰ পুলিচ আহি ধলপুৰ পোৱাত তাত থকা কমল গগৈ, থানেশ্বৰ দত্ত, ঋষনাথ কোঁৱৰ আৰু মহেন্দ্ৰ হাজৰিকা আদি যুৱক কেইজনমানে পুলিচৰ টুপী কাঢ়ি মাৰপিট কৰিখেদাই দিয়ে৷
পিছদিনা বিহপুৰীয়া থানাৰপৰা পুলিচ মিলিটেৰী আহি ধলপুৰীয়া ৰাইজৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি দিয়ে৷ সকলো দোকান ভাঙি নষ্ট কৰি দিয়ে আৰু দোকানৰ মাল বস্তু আলিবাটত সিঁচি দি সেই সময়ত তাত উপস্থিত থকা মুলুক গাঁওবুঢ়াৰ আগতে মাৰপিট কৰা সকলোকে পুনৰ মাৰপিট কৰি আতঙ্কৰ সৃষ্টি কৰে৷ ইয়াৰ পিছত ধলপুৰ মজলীয়া স্কুল পঢ়াশালীৰ পৰিৱৰ্তে মিলিটেৰী কেম্প কৰিলে৷ এই কেম্পৰপৰাই ধলপুৰ, নাৰায়ণপুৰ, খেৰাজখাট মৌজাৰ পৰা বহু হাজাৰ টকা পাইকাৰী জৰিমনা আদায় কৰে৷১৯
লখিমপুৰ জিলাৰ পূব অঞ্চলৰ বৰদলনি, ঢকুৱাখনা, মাছখোৱা অঞ্চলত কাম কৰিবৰ কাৰণে ১০-৯-৪২ তাৰিখে যোগেশ্বৰ বৰুৱাক পৰিচালক হেম চন্দ্ৰ হাজৰিকাই তালৈ পঠায় আৰু জাপিসজীয়াৰ দায়িত্ব থানেশ্বৰ গগৈক দিয়ে৷ সেই অনুসৰি থানেশ্বৰ গগৈ জাপিসজীয়ালৈ যাওঁতে বাটতে ১৫-১৯-৪২ তাৰিখে পুলিচে পাই আটক কৰে৷ তেখেতক আটক কৰাত পৰিচালকে যোগেশ্বৰ বৰুৱাক প্ৰধান অধিনায়ক আৰু টুনিৰাম হাজৰিকাক সহকাৰী অধিনায়ক নিযুক্ত কৰে৷
পশ্চিম অঞ্চলৰ কৰ্মীসকলে পানবাৰীৰ পৰা পূবফালৰ ৰাইজৰ এটা শোভাযাত্ৰা বিহপুৰীয়া থানাৰ মুখে যোৱাটো স্থিৰ কৰিছিল৷ এই সমদল প্ৰস্তুত কৰিবৰ কাৰমে পূৰ্ণ দত্তক সাৰজান, কাচিকটা, চৌদ্ধপুনীয়া, শ্ৰীভূঞা আদি গাঁওসমূহৰ আৰু ডম্বৰুধৰ হাজৰিকাক কেন্দুগুড়ি, জাপজুপ, জামুগুড়ি আদি গাঁৱৰ আৰু লীলা ভূঞাক খ’ৰা পথাৰ অঞ্চলৰ দায়িত্ব দিয়ে৷ নিৰ্দিষ্ট দিনত পানবাৰী ফালৰটো মুহিৰাম হাজৰিকাৰ নেতৃত্বত, বদতিৰ ফালৰটো ডম্বৰু হাজৰিকা আৰু ফনিধৰ হাজৰিকাৰ নেতৃত্বত, ডিক্ৰংৰ পূব ফালৰটো মানিক চন্দ্ৰ শৰ্মা আৰু গোলাপ চন্দ্ৰ শইকীয়াৰ নেতৃত্বত আহে৷ বদতি আৰু খ’ৰা পথাৰৰ পৰা সমদল দুটা বাটতে পুলিচে ছত্ৰভঙ্গ দিয়াই যদিও বিশেষ কাৰো ক্ষয়ক্ষতি হোৱা নাছিল৷ কিন্তু কাছিকটাৰ ফালৰপৰা যোৱা সমদলটোৰ ওপৰত গুৰুত্বৰ ভাৱে মাৰপিট কৰাৰ ফলত মুহিৰাম হাজৰিকা, গোলোক বৰা, জিনাৰাম ভূঞা, লোকেশ্বৰী দাস, বন্তিৰাম চুতীয়া, ঘনকান্ত বাঢ়ৈ আৰু ভেকোলা বায়ন পুলিচৰ মাৰত অধিক জখম হোৱাত কেইদিনমানৰ পিছতে ঘৰতে মৃত্যুবৰণ কৰে৷ পৰিচালক হেমচন্দ্ৰ হাজৰিকা দেৱে প্ৰচাৰ কাৰ্য চলোৱাৰ লগতে বিহপুৰীয়াত হোৱা পুলিচৰ অত্যাচাৰৰ খা-খবৰ ল’বলৈ আহি গাঁৱে-ভূঞে সভা সমিতি পাতি থাকোতেই ২২-৯-৪২ তাৰিখে পুৱা তেখেত থকা ঘৰতে পুলিচে আটক কৰে৷ ৰত্নেশ্বৰ বৰা, তাৰা প্ৰসাদ শৰ্মা আৰু গোলাপ চন্দ্ৰ দত্তক মাৰপিট কৰে আৰু সকলোকে আটক কৰে৷ সেই দিনা আটক কৰা পাঁচোজনক বিচাৰ কৰি এবছৰকৈ সশ্ৰম কৰাদণ্ড বিহে৷ নাওবৈছাৰ ফালৰপৰা অহা শোভাযাত্ৰাও গৰিয়াজানৰ ওচৰতে পুলিচে বাধা প্ৰদান কৰি সুৰেশ চক্ৰৱৰ্তী আৰু যতীন নমশূদ্ৰক গুৰুতৰভাৱে আহত কৰে৷
ইয়াৰ পিছতেই প্ৰতিবাদী জনসাধাৰণ ১৩-১০-৪২ তাৰিখে ধলপুৰ মৌজাৰ উত্তৰ অঞ্চলৰ পৰা, ১৭-১০-৪২ তাৰিখে নাৰায়ণপুৰৰ পৰা, ২০-১০-৪২ তাৰিখে খেৰাজখাট মৌজাৰ পৰা ধলপুৰত থকা মিলিটেৰী কেম্প অভিমুখে আহে৷ ধলপুৰৰপৰা অহা শোভাযাত্ৰাত সুমলা সন্দিকৈ, দয়ানন্দ হাতীবৰুৱা, জীৱেশ্বৰ সন্দিকৈ, উপেন হাতীবৰুৱা,সিন্ধুৰাম খাউণ্ড, ফটিক বৰা আৰু দেহিৰাম বৰাক বেয়াকৈ আঘাট কৰে৷ দয়ানন্দ হাতীবৰুৱাক পুলিচে কপালত বন্দুকেৰে খুন্দামাৰি মাটিত পেলাই দিয়ে৷ বন্দুকৰ সেই খুন্দামৰা চিন আজিও দেখা পোৱা যায়৷ সিন্ধুৰাম খাউণ্ডক কৰঙ্গনত সঙ্গীনেৰে খোঁচমাৰি ইফালৰ পৰা সিফাল পোৱাই দিয়ে৷ খেৰাজখাটৰ শোভাযাত্ৰাত মালভোগ বৰুৱা আৰু তবোৰাম বৰাক মাৰপিট কৰি হাতৰ পৰা পতাকা কাঢ়ি লয়৷ ২১-৯-৪২ তাৰিখে জালভাৰী অঞ্চলৰ পৰাও এটা শোভাযাত্ৰা ঢকুৱাখনা থানা অভিমুখে যায়৷ এই শোভাযাত্ৰাত অনেকক মাৰপিট কৰাৰ উপৰি শোভাযাত্ৰাত নেতৃত্ব দিয়া মেঘ ভৰালী, শৈলেন শইকীয়া, ডিম্বেশ্বৰ দাস আৰু অকমান দত্তক আটক কৰি নি পিছত থানাৰ পৰা এৰি দিয়ে৷
হৰিপদ দত্ত আটক হোৱাৰ পিছত পৰিচালনাৰ দায়িত্ব পৰে গোবিন্দ বৰাৰ ওপৰত৷ তেখেতে ২২ আৰু ২৩ চেপ্তেম্বৰত কানিদুৱাৰৰ বালিৰ বলুকাত এখন গোপন বৈঠক বহুৱায়৷ এই বৈঠকত সকলো একলগ হোৱাত পুনৰ এটা শক্তি পায় আৰু আন্দোলনত অগ্ৰসৰ হ’বলৈ নতুন প্ৰেৰণা পায়৷ সভা ভগাৰ পিছত গোবিন্দ বৰা আহি নিজ ঘৰত ৰাতি থকাৰ কথা পুলিছে গম পাই পুৱাই আটক কৰি লৈ যায়৷ ইয়াৰ পিছতেই আন্দোলনৰ দায়িত্ব লীলা ভূঞাৰ ভাগত পৰে৷ ভূঞাই পুণাৰ্নন্দ দত্ত, অনন্ত দত্ত, চন্দ্ৰনাথ দত্ত, দয়ানন্দ হাতীবৰুৱা, মহেন্দ্ৰ ভূঞা, ঠানুৰাম গগৈক লগত লৈ গোটেই জিলা পৰিভ্ৰমন কৰি ৰাইজৰ মন আৰু কম¹সকলৰ প্ৰেৰণা আদি অধ্যয়ন কৰি শোভাযাত্ৰা, পিকেটিং আদিৰে আন্দোলন কৰা সম্ভৱ যেন নেদেখি অধিনায়ক যোগেশ্বৰ বৰুৱা আৰু সেই অঞ্চলৰ প্ৰধান কৰ্মী মেঘনাথ ভৰালী, কুল প্ৰসাদ শইকীয়া, দ্বাৰিকা ফুকন, কণপাই দত্তৰ লগত আলোচনা কৰি মাছখোৱা মৌজাৰ শিঙিয়াত ১৩-১২-৪২ তাৰিখে পুনৰ এখন গোপন কৰ্মী সন্মিলন পতাৰ স্থিৰ কৰে৷ সভাৰ যোগাৰ কৰাৰ দায়িত্ব শৈলেন শইকীয়া আৰু অকমান দত্ত আৰু সেই অঞ্চলৰ অন্যান্য কৰ্মীৰ হাতত ন্যস্ত কৰা হয়৷
পশ্চিম অঞ্চলৰ কৰ্মী সন্মিলনৰ খবৰ দি পুনৰ ওপৰত নাম দিয়াকৰ্মী কেইজনৰ উপৰি টঙ্কেশৰ গগৈ আৰু শিশুৰাম বৰুৱাৰ লগত পাভ ৰিজাৰ্ভৰ মাজেৰে খাবলু মুখৰ বালি চাপৰিত ৰাতিটো কটাই কেকুঁৰি বেবেজীয়াই দি গৈ তিনিদিনৰ দিনা শিঙিয়া পাওঁগৈ৷ যথাসময়ত শিঙিয়াৰ জাৰণিৰ মাজত সন্মিলন বহে৷ পুলিচ মিলিটাৰীৰ অমানুসিক অত্যাচাৰত ৰাইজ আলিবাটলৈ ওলাব নোৱাৰা অৱস্থা হোৱাত তাতে কৰ্মীসকল পলাই পলাই ফুৰি নৈতিক সাহসো টুটি অহাত পুনৰ শোভাযাত্ৰা পিকেটিং আদি কৰি আন্দোলন পৰিচালনা কৰাত সম্ভৱ নোহোৱাত পৰিল৷ গতিকে আন্দোলন ১৯৪০-৪১ চনত গান্ধীজীৰ নেতৃত্বত চলা একক সত্যাগ্ৰহৰ আৰ্হিত কৰিবলৈ সিদ্ধান্ত কৰা হয়৷ সেই অনুসৰি সত্যাগ্ৰহীসকলে দণ্ডাধীশক দিব লগা জাননী আৰু তেওঁলোকে নিজে পালিব লগা নিয়ম কানুনসমূহ দিয়া হয় আৰু কম¹সকলৰ পৰা জাননী আদিত চহী কৰাই আন্দোলন সুশৃংখলভাৱে চলাবৰ কাৰণে জিলাখনত তিনিটা সমষ্টিত ভাগ কৰি পূব সমষ্টিত শিৱনাথ গোস্বামীক, মধ্য সমষ্টিত তীৰ্থ দত্তক আৰু পশ্চিম সমষ্টিত পূণাৰ্নন্দ দত্তক পৰিচালক পতা হয়৷ পিছত শিৱপ্ৰসাদ গোস্বামীয়ে হিংসাৰ পথ লোৱাত তেওঁৰ ঠাইত মেঘ ভৰালীক পৰিচালক নিযুক্তি দিয়া হয়৷২০
সত্যাগ্ৰহীসকলৰ চহী লৈ ফুঁৰোতেই ১৭-১২-৪২ তাৰিখে যোগেশ্বৰ বৰুৱাক পুলিচে আটক কৰে৷ এই সিদ্ধান্ত অনুসৰি নাৰায়ণপুৰৰ ভুলিৰাম বৰা, গোলোক চন্দ্ৰ বৰা, হৰকান্ত ভূঞা, সোণাৰাম শইকীয়া, তুলসী শইকীয়া, নন্দনাথ দলৈ, প্ৰিয়ৰাম দুৱৰা, মহেন্দ্ৰ নাথ ভূঞা, অৰুণ চন্দ্ৰ গগৈ, কালিৰাম শইকীয়া, ডোমাই শইকীয়া, কানুৰাম কোঁৱৰ, ধলপুৰৰ দেৱেন চুতীয়া, অনন্ত দত্ত, গজিন কোঁৱৰ, খেৰাজখাটৰ সুৰেণ বৰা, বোধেশ্বৰ বৰা চন্দ্ৰ নাথ দত্ত, মুহিৰাম হাজৰিকা, নাৰায়ণ হাজৰিকা, লোকেশ্বৰ কাকতি, কমলেশ্বৰ পাচনি, পূৰ্ণকান্ত তামুলী, চন্দ্ৰ নাথ দুৱৰা, বিহপুৰীয়াৰ লক্ষীধৰ শৰ্মা বৰুৱা, নাওবৈচাৰ হৰকান্ত দলৈ, কনক চন্দ্ৰ শইকীয়া তেলাবী কমলাবৰীয়াৰ অকনমান দত্ত, হেৰম্ব ফুকন, ললিত চন্দ্ৰ শৰ্মা বৰদলনি ঢকুৱাখনা অঞ্চলৰ পূৰ্ণকান্ত ভঁৰালী, দ্বাৰিকা ফুকন, জম্বৰু চেতিয়া, কনক চন্দ্ৰ দত্তই সত্যাগ্ৰহ কৰি প্ৰত্যেকেই এবছৰকৈ সশ্ৰম কাৰাদণ্ড ভোগ কৰে৷ সত্যাগ্ৰহ কৰিলে এবছৰ ফাতেকত দিয়া দেখি অন্য বাকী থকা কোনো কৰ্মীয়েই সত্যাগ্ৰহী পত্ৰত চহী কৰিবলৈ ভয় কৰে আৰু সমষ্টিৰ পৰিচালক পূৰ্ণ দত্তক দেখিলেই পুলিচ দেখিলে পলোৱাৰ দৰে পলাবলৈ লোৱাত দত্তই হতাশ হৈ তেখেতৰ লগত থকা অনন্ত দত্ত আৰু নিজেই সত্যাগ্ৰহ কৰি আটক হয়৷ তাৰ পাছতেই ২৭-৪-৪৩ তাৰিখৰ দিনা লীলা ভূঞাকো ঘৰৰপৰাই পুলিচে আতক কৰে৷
এনেদৰেই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ৰাজ্যৰ এখন প্ৰান্তীয় জিলা হিচাপে লখিমপুৰ জিলাৰ স্বাধীনতা সংগ্ৰামীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ তথ্য পোৱা যায়৷
[টোকাঃ লেখাটোত ‘লখিমপুৰ’ আৰু ‘লক্ষীমপুৰ’ দুয়োটা শব্দস্থান বিশেষে উল্লেখ কৰা হৈছে৷ ‘প্ৰসংগসূত্ৰ’ৰ ক্ষেত্ৰত মূল লেখকে ব্যৱহাৰ কৰা অনুসৰি ‘লক্ষীমপুৰ’ শব্দটো ব্যৱহাৰ কৰা হৈছে৷ অন্যথা ‘লখিমপুৰ’ শব্দৰ ব্যৱহাৰহে কৰা হৈছে৷– ভাস্কৰ ভূঞা]
প্ৰসংগসূত্ৰঃ
১ প্ৰান্তিক, জ্ঞানাঞ্জন, ৩২শ বছৰ, ২০শ সংখ্যা, পৃষ্ঠা-৪০, ১৬-৩০ ছেপ্তেম্বৰ, ২০১২
২ যোৰহাট, পৃষ্ঠা-৪৯
৩ যোৰহাট, পৃষ্ঠা-১১৪
৪ Roberts, "A Review of the Gandhi Movement in India," Political Science Quarterly, (1923) p. 229
৫ লক্ষীমপুৰ, পৃষ্ঠা-১৪৭
৬ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-৬
৭ অসম সাহিত্য সভাৰ একপঞ্চাশৎ বিহপুৰীয়া অধিৱেশনৰ স্মাৰক গ্ৰন্থ, পৃষ্ঠা-৫৯
৮ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-৬
৯ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-৭
১০ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-৯
১১ লক্ষীমপুৰ, পৃষ্ঠা-২৯৫
১২ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-২৩
১৩ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-২৭
১৪ লক্ষীমপুৰ, পৃষ্ঠা-২৯৪
১৫ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-২৭
১৬ ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা, পৃষ্ঠা-৩৬
১৭ লক্ষীমপুৰ, পৃষ্ঠা-২৯৫
১৮ লক্ষীমপুৰ, পৃষ্ঠা-২৯৬
১৯ লক্ষীমপুৰ, পৃষ্ঠা-২৯৬
২০ লক্ষীমপুৰ, পৃষ্ঠা-২৯৮
0 Comments