অসমীয়া কবিতাৰ গতি-প্ৰকৃতি৷ অসমীয়া কবিতাত প্ৰগতিশীল চেতনা ৷ ‘জয়ন্তী’ যুগৰ কবিতা৷

চল্লিশৰ দশকৰ আলোচনী

আৱাহন (১৯২৯), সম্পা.- দীননাথ শৰ্মা
সুৰভি (১৯৪০), সম্পা.- ৰঘুনাথ চৌধুৰী
বাঁহী (১৯৪৪), সম্পা.- মাধৱচন্দ্ৰ বেজবৰুৱা
পাৰিজাত শিশু আলোচনী (১৯৪০), সম্পা. দীননাথ শৰ্মা
ৰংঘৰ (১৯৪৮), সম্পা.- বিৰিঞ্চিকুমাৰ বৰুৱা
পছোৱা (১৯৪৮) সম্পা.- হেম বৰুৱা
জয়ন্তী (১৯৩৬), সম্পা.- ৰঘুনাথ চৌধাৰী
ৰামধেনু (১৯৫০), সম্পা.- ইন্দ্ৰকমল বেজবৰুৱা৷ 

জয়ন্তীঃ
১৯৩৬ত প্ৰকাশ হৈ ১৯৩৮ত বন্ধ হৈ গৈছিল৷ বিশ্বযুদ্ধ (প্ৰথম-১৯১৪-১৯১৮, দ্বিতীয়-১৯৩৯-১৯৪৫) যুদ্ধ আৰু বিয়াল্লিশৰ গণ আন্দোলনৰ পৰিৱেশত ১০৪৩ চনৰ পৰা জয়ন্তী পুনৰ প্ৰকাশ হয় ১৯৪৯ লৈকে৷ সম্পাদক আছিল কমল নাৰায়ণ দেৱ৷ সহযোগী আছিল চক্ৰেশ্বৰ ভট্টাচাৰ্য, ভবানন্দ দত্ত, অমূল্য বৰুৱা৷

ৰামধেনুঃ
১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী। ৰংঘৰ নামৰ শিশু আলোচনীখনৰ বিলোপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয়। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত ৰামধেনু আলোচনীয়ে কুৰি বছৰকাল ধৰি অসমীয়া ভাষা-সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ১৯৬১ চনত নিয়মীয়া প্ৰকাশ বন্ধ হোৱা ৰামধেনুৰ অন্তিম সংখ্যাটো ১৯৯৬ চনত প্ৰকাশ পায়। অসমীয়া সাহিত্যলৈ ৰামধেনুৰ লিখনি সমূহে কঢ়িয়াই অনা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ১৯৪০ চনৰ পৰা ১৯৭০ চনলৈকে সময়ছোৱাক ৰামধেনু যুগ বুলি কোৱা হয়।

সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজন৷ তেওঁ বৰ্তমান যুগ ((১৮২৬-১৯৪০))ক চাৰিটা ভাগত বিভক্ত কৰিছে৷

  • মিছনেৰী সাহিত্য (১৮২৬-১৮৩০)
  • হেমচন্দ্ৰ-গুণাভিৰামৰ যুগ (১৮৭০-১৮৯০)
  • ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ (১৮৯১-১৯৪০)
  • সাম্প্ৰতিক কাল (১৯৪০-বৰ্তমান)

ইয়াৰে সাম্প্ৰতিক কালটোক বহুতে বেলেগ বেলগ যুগেৰে নামকৰণ কৰিছে৷ যেনে-

আৱাহন যুগ (১৯২৯-১৯৪০)
যুদ্ধোত্তৰ যুগ বা ৰামধেনু যুগ (১৯৪১-১৯৭০)
জয়ন্তী যুগ (১৯৪৫-১৯৬০)


পৃষ্ঠভূমি
অৰুনোদই যুগত খ্রীষ্টীয়ান লেখকসকলৰ উপৰি হেমচন্দ্ৰ- গুণাভিৰামৰ সময়তে পৰম্পৰাগত কাব্যাদৰ্শৰ পৰা ফালৰিকাটি নতুন উন্মেষৰ বাবে প্ৰস্তুতিৰ কুচ্কাৱাজ আৰম্ভ হয়। মহেশ্বৰ নেওগৰ ভাষাত- 'ইয়াৰ পিছত আধুনিক কবিতাৰ প্ৰথম, অনুশীলনবোৰ নতুন অসমীয়া ভাষাত- বলদেৱ মহন্ত আদিৰ সুৱলা ল'ৰা-কবিতা, বমাকান্ত চৌধাৰী আৰু ভোলানাথ দাসৰ অমিত্রাক্ষৰ ছন্দ আৰু দেশপ্ৰেমৰ অগ্নিবীণাৰে কমলাকান্ত ভট্টাচাৰ্যৰ লিৰিক, বলিনাৰায়ণ বৰাৰ সামাজিক ব্যঙ্গ আৰু মফিজুদ্দিন হাজৰিকাৰ জ্ঞানমালিনীৰ কবিতা।' (পাতনি, সঞ্চয়ন, ২০১০, পৃষ্ঠা-১০)। 

বয়সত চন্দ্ৰ কুমাৰতকৈ কনিষ্ঠ হ'লেও ৰোমান্তিক মেজাজটোৰ পৰা কিছু দূৰৈত অৱস্থান কৰা মফিজুদ্দিন হাজৰিকাৰ কবিতাৰ মাজত থকা আধ্যাত্মিকতা আৰু চুফীবাদী সুৰৰ প্রাধান্যই তেওঁক ৰোমান্টিক পৰিমণ্ডলটোৰ পৰা আঁতৰাই প্রাক-ৰোমান্টিক থুলটোতহে অন্তর্ভুক্ত কৰিবৰ বাবে প্ৰৰোচিত কৰে। যি কি নহওক সাময়িক ভাবে অহা নতুনত্বই কাব্য প্রকাশত বৈষ্ণৱ আদৰ্শৰ পৰিৱৰ্তে অভিনৱ শিহৰণ আনিলেও প্রাক-ৰোমান্টিক যুগৰ কবিতাই এটা নির্দিষ্ট প্রবাহক আধাৰ কৰি লোৱা পৰিলক্ষিত নহ'ল, সামূহিক বৈশিষ্ট্যৰ ব্যতীত বিক্ষিপ্ত ভাবেহে ইবোৰৰ প্ৰকাশ ঘটিল। এই সময়তে ৰচিত ভোলানাথ দাস আৰু ৰমাকান্ত চৌধুৰীৰ কাব্য দুখনো বংগীয় কবি মাইকেল মধুসূদন দত্তৰ কাব্যৰ ওচৰ চপা আৰু পশ্চিমীয়া কাব্যৰ সাঁচত ঢলা। তথাপিও 'ভোলানাথৰ মেঘ, মধুহাসিআদি গীত-কবিতা ৰমন্যাসিক কবিতাৰ মঙ্গলাচৰণ বুলি ক'ব পাৰি।' (সত্যেন্দ্রনাথ শর্মা, ভূমিকা, কবিতামঞ্জৰী, সম্পা, নিৰ্মলপ্রভা বৰদলৈ, ২০০৮, পৃষ্ঠা-১)

অৰুনোদয়ৰ সাহিত্যিক সমৃদ্ধি যিয়েই নহওক, ইৰক্ষণশীল মনোভঙ্গীৰ পৰিৱৰ্তন ঘটোৱাৰ লগতে অসমীয়া মানুহৰ মনত ভাষিক জাতীয় চেতনাৰ উন্মেষত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেই সময়ৰ বৃটিছ চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবে ১৮৩৬ চনৰ পৰা অসমৰ স্কুল-আদালতৰ পৰা বহিষ্কৃত হৈ থকা অসমীয়া ভাষাই অৰুনোদয় কেন্দ্রিক আন্দোলন এটাৰ মাজেৰে কিছুসংখ্যক শিক্ষিত অসমীয়া মধ্যবিত্তৰ সাহচর্যত ১৮৭২ চনত হৃত মৰ্যাদা ঘূৰাই পুনৰ প্ৰতিষ্ঠা লভিবলৈ সমর্থ হয়। অসমীয়া ভাষাৰ এই বিপৰ্যয়ৰ সময়ছোৱাত খ্ৰীষ্টীয়ান আৰু অনা-খ্রীষ্টীয়ান লেখকৰ অসমীয়া সাহিত্য সাধনাই বিষেশ তাৎপর্য বহন কৰিছে। অৰুণোদয়ত লিখা অসমীয়া কবিতা উচ্চমানৰ নহ'লেও ইবোৰৰ ঐতিহাসিক গুৰুত্ব অনস্বীকার্য।

ঊনবিংশ শতিকাৰ নৱম দশকত কলিকতাত উচ্চ শিক্ষা ল'বলৈ যোৱা কিছুসংখ্যক অসমীয়া ছাত্ৰৰ সাহিত্যিক-উদ্যোগ অসমৰ জাতীয় জীৱনত এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে। নতুনৰ ৰ'দকাচলিত উম ল'বলৈ সুবিধা লাভ কৰা এই সমূহ ডেকা কলেজীয়া ছাত্রই ইতিমধ্যে পাশ্চাত্য চিন্তা-চেতনাৰে উজ্জিবীত কলিকতা মহানগৰীৰ বৌদ্ধিক ধমনীৰ স্পন্দন আত্মস্থ কৰি অসমীয়া কবিতালৈকো সুৱাগুৰি তুলি আনিলে তেতিয়াৰ অসমীয়া পঢ়ুৱৈৰ বাবে আচহুৱা ঊনবিংশ শতিকাৰ ইংৰাজী ৰোমন্টিক কবিতাৰ শিহৰণ। তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ উন্নতিকল্পে গঠন কৰা 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ উদ্যোগতে প্রকাশ কৰি উলিয়ালে ১৮৮৯ চনত জোনাকী আলোচনীখন। ইয়াৰ মাজেৰেই প্রচলিত পৰম্পৰাত কবিতাৰ আদৰ্শ হৈ ৰোৱা পূৰ্বৰ যুগধৰ্মক একাষৰীয়া কৰি আদৰি অনা হ'ল নতুনত্ব ৰোমান্টিকতা হ'ল যাৰ প্ৰাণ। ধর্মীয় পৰিমণ্ডলৰ পৰা কবিতা প্রায় মুক্ত হ'ল- ঈশ্বৰ বন্দনাৰ ঠাই অধিকাৰ কৰিলে মানুহৰ বন্দনাই। আধ্যাত্মিক সাহিত্যত নির্জীব হৈ থকা প্রকৃতিক সজীব-সৌন্দৰ্যৰ উপকৰণ হিচাপে লোৱা হ'ল, মানুহ আৰু প্ৰকৃতিৰ আন্তঃ সম্পর্কক নতুন দৃষ্টিৰে চোৱা হ'ল; অতীতমুখী দৃষ্টিৰ প্রতি শ্রদ্ধাশীলতা বৃদ্ধি পালে; বৃদ্ধি পালে আকাশলঙ্ঘী কল্পনা আৰু হৃদয়বৃত্তিৰ তীব্র উচ্ছাস; আধ্যাত্মিকতা ৰহিত অতিবাস্তৱতা বা অলৌকিকতাই গুৰুত্ব লভিলে; আৰম্ভ হ'ল বিস্ময় ভাবৰ নতুন জাগৰণ আৰু কাব্য প্ৰকৰণৰ পূৰ্বৰ ফৰ্মৰ সকলো বান্ধোন ছিঙি কবিতাইন ৰূপত ভুমুকি মাৰিলে। জোনাকীৰ মাধ্যমত প্ৰসাৰিত এই সময়ছোৱাৰ লীৰিকধৰ্মী কাব্য প্রবাহে অসমীয়া কবিতাক এক সমৃদ্ধিশালী স্থানত উপনীত কৰালে। বৰ্ডছৱর্থ, কলেৰিজ, শোলী, কীটচ্, বাইৰণ, কেম্পবেল, টমছন, আৰু এইসকল কবিৰ পূৰ্বসুৰী- বাৰ্ণছ, গ্রে, কলিন্থ, গ'ল্ডস্মিথ আদি কবিসকলৰ দ্বৰা অনুপ্রাণিত হৈ অসমীয়া কবিয়ে কাব্য- চৰ্চাৰ বাট চিকুণাইছিল। তাকে কৰোঁতে মূলতঃ ৰোমান্টিক আদর্শ গ্রহণ কৰিলেও কাব্যৰ উপকৰণবোৰ প্ৰায়ে অসমীয়া সমাজ-প্ৰকৃতিৰ পৰাই আহৰণ কৰিছিল। সেয়ে বর্ণনাত্মক খণ্ড কবিতা আৰু কাহিনীগীতে প্রাধান্য লাভ কৰা লিৰিকধৰ্মী কাব্যশৈলীৰ আধাৰত প্ৰকাশিত কবিতাসমূহ অৱশ্যেই পৰিচিত ভাষিক সৰলতাৰে স্পষ্ট আৰু ফটফটীয়া আছিল।

এই ধাৰাৰ কাব্যৰ শুভাৰম্ভ ঘটোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ৰোমান্টিকতাৰ উন্মুকনি ঘটি সি সমৃদ্ধিৰো বৰঘৰ চুইছিলগৈ। তেওঁৰ সোঁবে-বাঁৱে থকা এই নৱ যজ্ঞৰ সংগীসকলেও কাব্য-বহ্নিত ঘৃতাহুতি দি চৌপাশ পোহৰাই পেলাইছিল। তেওঁকে লৈ ত্রিমূৰ্তিৰ অন্য দুজন- বেজবৰুৱা, হেমচন্দ্র গোস্বামীৰ কাব্য-চর্চায়ো অসমীয়া কবিতাক প্রাণৱন্ত কৰি তুলিছিল। জোনাকী যুগৰ কবিসকলৰ কবিতাত কল্পনা আৰু আবেগৰ প্ৰাধান্য, প্রকৃতি প্রীতি, ৰহস্যবাদী অন্তৰাত্মাৰ অনুসন্ধান, মানৱতাবাদ, ব্যক্তিস্বাতন্ত্র্যৰ ঘোষণা, জাতীয় মুক্তিৰ আহ্বান, স্বদেশানুৰাগ, অতিন্দ্রীয়বাদ, প্ৰেমৰ ভিন্ন প্রকাশ, সৌন্দৰ্যৰ প্ৰতি গভীৰ আকৰ্ষণ আদি বিশেষত্ব প্রতিফলিত হৈছিল। অসমীয়াত্ব প্রতিফলিত হোৱা জাতীয় চেতনা সম্বলিত বেজবৰুৱাৰ পথেদিয়েই কমলাকান্ত ভট্টাচাৰ্যৰ দৰে কবিয়ে বাট বুলিছিল।

জোনাকী (১৮৮৯)ৰ দ্বিতীয়টো তৰঙ্গত ভাস্বত হৈ উঠা ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা, ৰঘুনাথ চৌধাৰী, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত ৰোমান্টিকতাই পৰিপূৰ্ণতা লাভ কৰে। চৌধাৰীৰ লিৰীকধর্মী, প্রকৃতি-আধাৰিত, গীতি-কবিতাসমূহত প্রাচ্য- পাশ্চাত্য ধ্যান-ধাৰণাৰ সংযোগ ঘটিছে আৰু তাৰ মাজেদি কবিৰ আত্মিক বিষাদেও প্রকাশ লভিছে। প্ৰকৰণত ইংৰাজী চনেটৰ আৰ্হিকে গ্ৰহণ কৰা দুৰ্গেশ্বৰ শৰ্মা, ভাঙনিৰ মাজতো মৌলিকতা অক্ষুণ্ণ ৰখাত প্রবৃত হোৱা আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতাই যুগটোক সমৃদ্ধ কৰিছিল।

অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈকে প্রায় দুকুৰি বছৰীয়া সময়ছোৱাক অসমীয়া কবিতাৰ ৰোমান্টিক যুগ বা আলোচনীভিত্তিক সাহিত্যিক পৰম্পৰাত জোনাকী যুগ বুলি অভিহিত কৰিছে। উল্লেখনীয় যে এই সময়ছোৱাত জোনাকীৰ উপৰিও বিজুলী, বাঁহী, ঊষা, আলোচনী, চেতনা আদি কাকত-আলোচনী প্রকাশ পাইছিল। পিছে এই আলোচনীসমূহে নিজা আদর্শ প্রতিষ্ঠাতকৈ জোনাকীয়ে দেখুওৱা বাটটোৰে অগ্ৰসৰ হৈছিল আৰু এই সহযোগীতাৰ বাবেই জোনাকীয়ে লাভ কৰিছিল যুগস্রষ্টাৰ আসন।

জোনাকীৰ দ্বিতীয় তৰঙ্গৰ অন্যতম প্রতিভা যতীন্দ্রনাথ দুৱৰাৰ কবিতাত ৰোমান্টিকতাৰ পৰিমণ্ডলতে প্রাধান্য লভিলে এটা বিশিষ্ট আপোন সুৰে। স্বচ্ছন্দ লিৰিকেল প্রবাহৰ মাজতে ইংৰাজ-জার্মান-কছ কবিকূলৰ উপৰি ওমৰ খায়াম-হাফেজৰ সুৰধ্বনিক আত্মস্থ কৰি নিৰ্মাণ কৰা যতিন্দ্ৰীয় সুৰ এটাৰে অসমীয়া কবিতাক তেওঁ সমৃদ্ধ কৰিলে। ১৯২১ চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱে তৎপৰৱৰ্তী সময়ত অসমীয়া কবিতাত বেজবৰুৱা, কমলাকান্ত ভট্টাচাৰ্যৰ মাজেদি প্রকাশিত হোৱা জাতীয়তাবাদী সুৰটো প্ৰৱল কৰিলে আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে কবিৰ কবিতাত ই প্রতিভাত হ'ল। অৱশ্যে ৰায়চৌধুৰীৰ কবিতাত জাতীয়তাবাদী সুৰ হৈ উঠিছে বিপ্লৱ-প্ৰতিবাদৰ বজ্র নিনাদ স্বৰূপ। এই জাতীয় চেতনাৰ পথটোতেই ডিম্বেশ্বৰ নেওগ, বিনন্দ চন্দ্ৰ বৰুৱা আদিৰো পদধ্বনি শুনা গ'ল। পদ্মধৰ চলিহা, মিত্রদেৱ মহন্তৰ কাব্য-চেতনাও কিছু ক্ষেত্রত এই সাঁচতে ঢলা। 

ধর্মেশ্বৰী দেৱী বৰুৱানী, আৰু নলিনীবালাদেৱীৰ কবিতাই বাট বুলিছিল মিষ্টিক সুৰটোক সাৰথি কৰি। বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আদিৰ কবিতাত ধৰা দিয়া ভিন্ন দৃষ্টিকোণৰ প্ৰেম সম্বলিত কাব্য প্রবাহে শেষ ৰোমান্টিক স্তৰত গনেশ গগৈ আৰু দেৱকান্ত বৰুৱাৰ মাজেদি পৰিব্যাপ্তি লভিছিল। বিশেষকৈ ৰবার্ট ব্রাউনিঙৰ নাটকীয় একোক্তিৰ আধাৰত প্রকাশিত প্রেম-উপলক্ষ কবিতাই দেৱকান্ত বৰুৱাৰ হাতত বিশিষ্ট ৰূপ লাভ কৰিছিল। অত্যধিক কল্পনা বিলাস, শব্দ-সাধনাৰো বিলাসিতা, অত্যধিক আবেগ প্রবণতা, অভিনবত্বহীন পুনৰাবৃত্তিয়ে ইতিমধ্যে অসমীয়া ৰোমান্টিক কবিতাক একঘেয়ামী কবি তুলিছিল আৰু ইয়েই যেন ৰোমান্টিক ভাব প্রবাহকো পৰিৱৰ্তিত সময়ত বোধ-উপলব্ধি প্ৰকাশৰ বাবে অনুপযুক্ত বুলি ভাবিবলৈ তৎপৰৱৰ্তী কবিসকলক বাধ্য কৰিছিল।

অৰুনোদয়ৰ দিনৰ পৰাই অসমীয়া সাহিত্য আলোচনী নির্ভৰ হৈ পৰিছিল আৰু সেয়ে চল্লিশৰ পৰৱৰ্তী সময়ত নতুনকৈ প্রকাশ লভা জয়ন্তী (১৯৪৩) ৰ পাততে প্রতিবাদী চেতনা সম্বলিত অসমীয়া কবিততো নতুনত্বৰ ধ্বনি-প্রতিধ্বনি বাজি উঠিছিল পৰম্পৰাত পৰিৱৰ্তনৰ শিহৰণেৰে। লক্ষণীয় এয়ে যে ১৯২৯ চনত প্ৰথম প্ৰকাশৰ মুখ দেখা আবাহনে প্রকাশ কালৰ জোখেৰে চল্লিশৰ দশকটো চুইছিল; ১৯৪০ ত ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত ওলাইছিল সুৰভি, অনিয়মীয়াকৈ বাঁহীও চলি আছিল ১৯৪৪ চনলৈকে, ৰংঘৰওলাইছিল ১৯৪৮ চনত আৰু হেম বৰৱাৰ নেতৃত্বত ওলাইছিল পছোৱা ১৯৪৮-৪৯ চনত। সেয়ে হ'লেও ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত ১৯৪২ চনত বন্ধ হোৱা জয়ন্তীয়ে ১৯৪৩ ৰ পৰা কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ সম্পাদনাত নতুন ৰূপত প্রকাশ লভি প্রগতিশীল চেতনাক সাহিত্য প্রকাশৰ আলম্বন কৰি লোৱাৰ পৰা সাহিত্যৰ অন্য ৰূপবোৰৰ লগতে অসমীয়া কবিতালৈকো আমূল পৰিৱৰ্তন আহিল। তেওঁলোকৰ এই প্ৰচেষ্টাৰ অন্যতম সহযোগী আছিল অধ্যাপক ভবানন্দ দত্ত। এওঁলোক কেইজনৰ অক্লান্ত প্রচেষ্টাতেই অসমীয়া কবিতাৰ মাজলৈ বাস্তৱবাদী চিন্তাধাৰাৰ আগমন ঘটে যাক প্রগতিশীল কাব্য-চিন্তা বুলি অভিহিত কৰা হৈছে। এই সময়ৰ পৰাই অসমীয়া কবিতাৰ গতি আৰু প্রকৃতি সলনি হ'বলৈ ধৰে আৰু জয়ন্তীৰ উপৰি পছোৱাৰ মাজেৰে সি পৰিপুষ্টি লাভ কৰে। ১৯৪৩ চনৰ নৱেম্বৰ মাহত প্রকাশ পোৱা জয়ন্তীত ভবানন্দ দত্তই নচিকেতা ছদ্ম নামেৰে লিখা ৰাজপথ নামৰ কবিতাটিৰ মাজেৰেই আধুনিক অসমীয়া কবিতাৰ জয়যাত্ৰা আৰম্ভ হয় যদিও ১৯৩৫ চনত প্রকাশিত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ অভিযানে ইয়াৰ বাটটো চিকুণাই থৈছিল। জয়ন্তীতে আধুনিক অসমীয়া কবিতাৰ চৰ্চাই এক আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰিছিল। আত্ম প্রকাশৰ ব্যতিৰেকে প্রগতিশীল আখ্যা লভা সাম্যবাদ-মার্ক্সবাদ আধাৰিত শ্রেণী- দ্বন্দ্ব সম্বলিত দৃষ্টিভংগীৰে বক্তব্যধর্মী কাব্য প্রবাহ এটাৰ ইয়াতে আৰম্ভ হৈছিল। বাস্তববাদ আৰু প্রগতিবাদী চিন্তাক কাব্য-সাধনাত জীণ নিয়াব পৰা পাৰিপাৰ্শ্বিকতা এটাৰ সৃষ্টি কৰি আধুনিকতাক সমৃদ্ধ কৰা জয়ন্তীত অভিনৱ কাব্য-বিষয় আৰু কাব্য- কৌশলৰ সৰ্বতোপ্ৰকাৰৰ সমৃদ্ধি নঘটিলেও ই ষষ্ঠ দশকৰ ৰামধেনুৰ কাৰণে এক ধৰণৰ আৰ্হি প্ৰতিষ্ঠা কৰিলে বুলি ক'ব পাৰি। অৱশ্যে বাস্তবধর্মী পৰিধানেৰে আবৃত, বৈপ্লবিক সমাজ-চিন্তাৰ দ্বাৰা উদ্বুদ্ধ জয়ন্তীৰ কবিতাই বিষয়ত অভিনবত্ব আনিলেও কাব্য কৌশলত সৌকর্যৰে কালজয়ী কাব্যৰ যোগান ধৰিব নোৱাৰিলে। সেয়ে হ'লেও ভবানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা আৰু আব্দুল মালিকৰ কবিতাৰ মাজেদি বস্তুবাদ আৰু সাম্যবাদৰ আদৰ্শৰ আগমণ ঘটিল আৰু এই কাব্য প্রবাহৰ মাজত খুব স্পষ্ট নহ'লেও বক্তব্যৰ ব্যতিৰেকে এটি মননশীল ধাৰাৰো আগমন ঘটিবলৈ ধৰে। ইয়াৰ মাজতে হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, অজিত বৰুৱা আদি তেতিয়াৰ তৰুণচাম কবিৰ বাবে এখন উৎসাহী ক্ষেত্ৰৰ আধাৰ প্রতিষ্ঠা হ'ল, য'ৰ পৰাই তেওঁলোকে সমৃদ্ধ কৰিলে অসমীয়া কবিতাৰ দ্বিতীয়টো স্বর্ণযুগ- ৰামধেনু যুগ।

ৰামধেনুৰ পাততে যে অসমীয়া সাহিত্যৰ এটি গৰিমামণ্ডিত যুগৰ সৃষ্টি হৈছিল সেইকথা অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে উল্লেখ কৰি গৈছে। ৰামধেনুৰ মৃত্যুৰ প্রায় অৰ্দ্ধশতিকাৰ পিছতো ৰসজ্ঞ পাঠকে এতিয়াও কোৱা-কুই কৰে যে ৰামধেনু যুগৰ সমতুল্য আন এটা সাহিত্যিক যুগ যোৱা অর্ধশতিকাত সৃষ্টি নহ'ল। (হোমেন বৰগোহাঞি, ৰামধেনু সংকলনৰ পাতনি, ২০০৯, খণ্ড-১) 

যদিও মহেশ্বৰ নেওগৰ সম্পাদনাৰ কালৰ ৰামধেনু অসমীয়া সাহিত্যৰ যুগ পৰিৱৰ্তনৰ স্বাক্ষৰ বহনকাৰী জয়ন্তী আৰু পছোৱাৰ মাজেদি গা কৰি উঠা প্রগতিবাদী ধাৰাটোৰো সম্প্ৰসাৰক আছিল তথাপি এই আৰম্ভণি কালৰ ৰামধেনুত বাঁহী আৰু আৱাহন কালৰ পৰম্পৰাটোৰো সম্প্ৰসাৰণ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে নেওগৰ সম্পাদনাৰ ৰামধেনুত (৩য় বছৰ, ৯ম সংখ্যা, ১৯৫০-৫১ সংখ্যৰ) যেনেদৰে বিনন্দ বৰুৱাৰ পুৰণি আৰ্হিৰ কবিতা প্রকাশ হৈছিল তেনেদৰে নৱকান্ত বৰুৱাৰ আধুনিকতাবাদী কবিতাৰো প্ৰকাশ হৈছিল। আনহাতে সেই একেটা সংখ্যাতে নির্মলপ্রভা বৰদলৈয়ে পুৰণি ৰোমান্টিক কবিতাৰ আৰ্হিত লিখিছে আধুনিক অসমীয়া সাহিত্যিকসকলৰ অন্যতম আদর্শ বার্নাড শ্ব'ৰ নামত এটি কবিতা। একে বছৰতে একাদশ-দ্বাদশ যুক্ত সংখ্যাৰ প্রথম স্থানত আছে, মহেশ্বৰ নেওগৰে নিজৰে এটি পুৰণি প্ৰকৃতিৰ কবিতা সন্ধান; কিন্তু তাৰ পিছতে দ্বিতীয় স্থানত আছে হেম বৰুৱাৰ পোহৰতকৈ এন্ধাৰ ভাল। প্রকৃততে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাৰ পৰাহে নব্য দৃষ্টিভংগী আৰু নব্য বিচাৰ ধাৰা ৰামধেনুৰ মাজত সন্ধালনিকৈ প্রতিফলিত হ'বলৈ ধৰে। সেয়ে অসমীয়া সাহিত্যত ৰামধেনু যুগবুলি ক'লে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাৰ প্ৰায় দহ বছৰ কালকে প্রধানকৈ সূচিত কৰা হয়।

ৰামধেনুৱে অসমীয়া সাহিত্যৰ গতি পথত দিক নির্নায়কৰ ভূমিকা গ্রহণ কৰিছিল। আৱাহন, জয়ন্তী, পছোৱাত কবিতা লিখি আহা পূৰ্বৰ কবিসকলৰ কবিতা প্রকাশৰ উপৰি ৰামধেনুৰ পাতত বহুত নতুন কবিয়ে নতুন বিষয়, নতুন ভাব আৰু নতুন আংগিকেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে। ৰামধেনু যুগৰ অসমীয়া কবিৰ তালিকা যথেষ্ট দীঘল-শতাধিক কবি সম্বলিত। অৱশ্যে এই শতাধিক কবিৰ ভিতৰত কিছুসংখ্যক কবিৰ বাবে ৰামধেনুত কবিতা লিখাটো জিৰণিৰ মাজুলীৰ নিচিনাহে আছিল। সৰহ সংখ্যক কবিয়ে ৰামধেনুত ভুমুকি মাৰি কাপ-কাঠি সামৰিছিল, কিছুসংখ্যকে সাহিত্য-সাধনাৰ ক্ষেত্ৰখনত কাব্য চৰ্চাৰ পৰা গদ্য-সাধনালৈ যাত্রা কৰিছিল আৰু ভালেকেইজন কবিয়ে ৰামধেনুতেই বিশেষ প্রতিষ্ঠা লাভ কৰিছিল। অসমীয়া সাহিত্যত যুদ্ধোত্তৰ যুগৰ আধুনিকতাৰ লক্ষণবোৰ ৰামধেনুৰ পাততে স্পষ্ট হৈ উঠিছিল। ৰামধেনুৰ পূৰ্বৱৰ্তী আৱাহন (১৯২৯-৩৯)ৰ সময়ৰ অসমীয়া সাহিত্যিকসকলৰ চিন্তা-চেতনাক নিয়ন্ত্রণ কৰিছিল কিছুমান নব্য চিন্তাই আৰু যি চিন্তা-চেতনাৰ ভিত্তিভূমি আছিল ফ্ৰয়ডৰ দৰ্শন, মার্ক্সৰ চিন্তা, অক্টোবৰ বিপ্লব, আইষ্টাইনৰ তত্ত্ব আৰু প্ৰথম বিশ্বযুদ্ধৰ ভয়াৱহতা। কুৰি শতিকাৰ প্ৰথম তিনিটা দশকত ঘটা এইসমূহ ঘটনাই পৃথিৱীৰ প্ৰায়বোৰ দেশৰ ৰাজনীতি, অর্থনীতি, সাহিত্য-দর্শনত প্রভাৱ পেলাইছিল আৰু তাৰ ঢৌৱে আৱাহন যুগৰ সাহিত্যিকসকলকো চুই গৈছিল। এইসমূহ ঘটনাই লেখকসকলক প্রভাৱান্বিত কৰি আৱাহনৰ সময়ত গঢ় দিয়া দৃষ্টিভংগীকে ৰামধেনুলৈ সম্প্ৰসাৰিত কৰাত উৎসাহী কৰিছিল যদিও তাৰ লগত যুক্ত হৈছিল পৰৱৰ্তী দুটা দশকৰ ঐতিহাসিক অভিজ্ঞতা, সামাজিক চিন্তা আৰু সাহিত্যিক প্ৰভাৱ। ইয়াৰ উপৰি পাশ্চাত্যত গা কৰি উঠা বিভিন্ন সাহিত্যিক আন্দোলনেও অসমীয়া কবিকূলক স্পর্শ কৰিছিল আৰু তেওঁলোকেও কাব্যসৃষ্টিৰ ক্ষেত্ৰত সেই ধাৰাসমূহ অনুসৰণ কৰিছিল। মূলতঃ দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ অন্যান্য লেখকৰ লগতে অসমীয়া লেখকৰ চিত্ত-ভূমিকো জোঁকাৰি গৈছিল। তদুপৰি ১৯৪৭ চনলৈ তুমূল গতিত চলা ভাৰতৰ স্বাধীনতা আন্দোলনে ৰামধেনুৰ কবিসকলৰ বাবে এটা সম্পূর্ণ নতুন সামাজিক পটভূমি আৰু বৌদ্ধিক রাতাৱৰণৰ সৃষ্টি কৰিছিল। সেয়ে ৰামধেনুৰ কবিতাসমূহ নতুন ভাব, ভাষা, আংগিক আৰু জীৱন বীক্ষাৰে সমৃদ্ধ হৈছিল।

ষষ্ঠ দশকৰ অসমীয়া কবিসকলকলৰ সৰহভাগেই যে প্রধানকৈ টি এছ এলিয়টৰ দ্বাৰা প্ৰভাৱিত হৈছিল সেই কথা বিভিন্নজনে উল্লেখ কৰি গৈছে। এলিয়টৰ কাব্য- ৰীতি আৰু জীৱন জিজ্ঞাসাক অত্মস্থ কৰিব নোৱাৰিলেও কাব্য-কৌশল বা প্ৰকৰণৰ উপৰি এলিয়টৰ কবিতাৰ অনুপ্ৰেৰণাত যেন তেওঁলোকে এক নতুন মনোবল পাইছিল। সপ্তম দশকলৈকে অসমীয়া কবিতাৰ পৰিধি ইঙ্গ-ফৰাচী আধুনিকতাবাদৰ মাজত আৱদ্ধ হৈ আছিল যদিও দশকটোৰ শেষৰ ফালে অসমীয়া কবিতা এই আওতাৰ বাহিৰলৈ আহিছিল। নীলমণি ফুকনে লৰ্কাৰ কবিতা অনুবাদ কৰাটো আধুনিক অসমীয়া কবিতাৰ ইতিহাসৰ এটা টার্ণিং পইন্ট বুলি সমালোচক প্রভাত বৰাই উল্লেখ কৰিছে (গৰীয়সী, ছেপ্তেম্বৰ, ২০০৭)। কিয়নো তেতিয়াৰ পৰাই অসমীয়া কবিতাত অন্য এক পৰ্বান্তৰৰ সূচনা হৈছিল বুলি ভাবিব পাৰি। সেই অর্থত সপ্তম দশকটো অসমীয়া কবিতাৰ পৰ্বান্তৰৰ সময়।

যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ আধুনিকতা কেবল সময় সাপেক্ষ বিচাৰৰ আওতাত থ'লে ই প্রকৃত অর্থ বহন নকৰিব। কিয়নো ১৯২৬ চনৰ পৰৱৰ্তী অবস্থাৰ পৰাই যি আধুনিকতা অসমীয়া সাহিত্যলৈ অহা বুলি সাহিত্যৰ বুৰঞ্জীকাৰসকলে দেখুৱাইছে সেই আধুনিকতা ইয়াৰ সৈতে একে নহয়; বৰঞ্চ প্রাক-ৰোমান্টিক আৰু ৰোমান্টিকতাৰ বিৰোধতহে তাৰ জন্ম। পিছে সি একান্তই আমাৰ দেশ-মাটিত গঢ় লোৱা পাৰিপার্শ্বিকতা উদ্ভুত নহয়। অসমীয়া কবিতাৰ আধুনিকতা পাশ্চাত্য-আহৰিত আৰু আধুনিক বাংলা কাব্যস্রোতৰ ভাব-শক্তি আধাৰিত। অসমীয়া কবিতাৰ গতি প্রবাহত যুদ্ধোত্তৰ যুগৰ কবিতা, নতুন কবিতা, আধুনিক কবিতা, আধুনিকতাবাদী কবিতা আদি অভিধাৰে সূচিত কৰা নতুন চৰিত্ৰৰ কবিতা বা নতুন কাব্যিক যাত্রা অৱশ্যে হঠাতে আৰম্ভ হোৱা এটা কাব্যিক আন্দোলন নহয়; জয়ন্তীৰ পৰা প্রবাহিত তলসুতীয়া ধাৰা এটাৰ পৰিদৃশ্যায়নহে। জয়ন্তীতে উদ্ভাসি উঠা এই আধুনিকতাৰ বীজ ৰোপিত হৈছিল প্ৰকৃততে ৰোমান্টিকতাৰ মাজতে। নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ কবিতা পুথিখন প্রকাশ হোৱাৰ পূৰ্বলৈকে অসমীয়া কবিতাৰ ৰোমান্টিকতা আচ্ছন্ন আধুনিকতাৰ সৈতেহে মিতিৰালি আছিল। কিন্তু এই পুথিৰ প্রকাশে অসমীয়া কবিতাক প্রকৃতার্থত আধুনিক কৰি তুলিলে। (প্রসঙ্গ-মহেন্দ্ৰ বৰা, সাহিত্য আৰু সাহিত্য, ১৯৭৮, পৃষ্ঠা-১৮৪)। বিষয় বৈচিত্র্য আৰু ভাববস্তুৰ ক্ষেত্ৰত সাম্যবাদ আৰু পুঁজিবাদৰ সমর্থন-বিৰোধ আধাৰিত আধুনিক অসমীয়া কবিতা আৰু তাৰ প্ৰকৰণ পিছে সামগ্রিক ভাবে একে চৰিত্ৰৰ আছিল- শ্বর্ল ব'ডলেৰ, য়েছ, হুইটমেন, পুস্কিন আদি ফ্রান্স- ইংলেণ্ড-আমেৰিকা-ৰাচিয়া আদি বিদেশী কবিৰ কাব্যশৈলীত গঢ় লোৱা। সেয়ে নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, কেশৱ মহন্ত, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, হৰি বৰকাকতি, বীৰেশ্বৰ বৰুৱা আদিৰ কবিতাত ভাব, বিষয় বা চিন্তা-বৃত্তিৰ বৈচিত্র্য থাকিলেও প্ৰকৰণ ৰীতি প্রায় একে যেন অনুভব হয়।

'আধুনিক' শব্দটোৱেই অনেক সময়ত সময় সাপেক্ষ নহয়, ই কিছুমান বিশেষ লক্ষণৰ দ্বাৰাহে চিহ্নিত। তাৰো উহটোত আছে পৰিৱৰ্তনৰদ্বাৰা সাধিত ফচল। প্রচলিত পৰম্পৰাৰ পৰা আঁতৰি অহাৰ প্ৰৱণতা- গতিশীল সমাজব্যৱস্থা বা সভ্যতা-সংস্কৃতিৰ বিকাশৰ মন কৰিবলগীয়া লক্ষণ। এই লক্ষণবোৰ সময়ত ভাস্বত হ'লেও ইবোৰ আচলতে কাল আধাৰিত নহৈ গুণ-আধাৰিতহে। আধুনিক ইংৰাজী কবিতাৰ দুই এজন সংকলন কাৰকে সেই লক্ষণ বিলাকক এনেদৰে বৰ্ণনা কৰিছেঃ Imagery patterned increasingly on every day speech, absence of inversions, silted apostrophes, conventional end-rhymes, poetic language etc. Freedom from the ordinary logic of sequence, jumping from one image to the next, by association rather then by the usual cause- effect route. Emphasis on the ordinary, in reaction against the traditional poetic emphasis on the cosmic. আধুনিক কবিতাৰ বিশেষ লক্ষণসমূহৰ এই সাধাৰণীকৰণ সকলো ক্ষেত্ৰতে প্রজোয্য নহ'লেও মোটামুটি ভাবে এনে লক্ষণাক্রান্ত কবিতাকে আমি আধুনিক কবিতা বুলি ধৰি ল'ব পাৰোঁ। (হোমেন বৰগোহাঞি, পূর্বোক্ত প্রবন্ধ, পৃষ্ঠা-৩২২) আধুনিক বাংলা কাব্য পৰিচয় গ্রন্থত দীপ্তি ত্রীপাঠীয়ে বাংলা কবিতাত আধুনিকতাৰ আলোচনাৰ প্ৰসঙ্গত বিভিন্ন আলোচকৰ মতামতৰ ভিত্তিত সামগ্রিক ভাবে আধুনিক কবিতাৰ কিছু লক্ষণ দেখুৱাইছে। তেনে লক্ষণসমূহ আমি আধুনিক অসমীয়া কবিতা বিচাৰৰ প্ৰসঙ্গত প্ৰয়োগ কৰি চাব পাৰোঁ। কবিতাত ভাব আৰু আংগিকৰ দৃষ্টিকোণৰ পৰা জুকিয়াই উলিওৱা এই লক্ষণসমূহ হ'ল এনেধৰণৰ নগৰকেন্দ্রিক যান্ত্রিক সভ্যতাৰ অভিঘাত; বর্তমান জীৱনত ক্লান্তি আৰু নৈৰাশ্যবোধ; আত্মবিৰোধ আৰু অনিকেত মনোভাব; বিশ্বৰ বিভিন্ন সংস্কৃতি আৰু তাৰ ঐতিহ্যৰ লগত সচেতন ভাবে অংশ গ্রহণ; ফ্রয়ডীয় মনোবিজ্ঞানৰ প্ৰভাৱ। অবচেতন মনৰ ক্ৰিয়াক প্রশ্রয় দিয়াৰ ফলত মনত উদ্রেক হোৱা চিন্তাধাৰাৰ অসংলগ্নতা; ফ্ৰেজাৰ প্ৰমুখ্যে নৃতত্ববিদ আৰু প্লাঙ্ক, বোৰ, আইনষ্টাইন আদি আধুনিক পদার্থ বিজ্ঞানীৰ প্রভার; মার্ক্সীয় দর্শনৰ, বিশেষকৈ সাম্যবাদী চিন্তাধাৰাৰ প্ৰভাৱত নতুন সমাজ গঢ়াৰ আশা, মননধর্মীতা-অনেক সময়ত জ্ঞানৰ বিপুল ভৰত কবিতাত দুৰূহতাৰ সৃষ্টি; বিবিধ প্রতিষ্ঠিত মূল্যবোধ (যেনে প্রেম, সুন্দৰ, কল্যাণ, ধর্ম) ৰ ওপৰত সংশয় আৰু তাৰ ফলত উদ্ভৱ হোৱা অনিশ্চয়তাজনিত উদ্বেগৰ প্ৰকাশ; দেহজ কামনা-বাসনা আৰু তাৰ পৰা উৎপত্তি হোৱা অনুভূতিক স্বীকাৰ কৰি লোৱাৰ উপৰিও প্ৰেমৰ শৰীৰী ৰূপ প্রত্যক্ষ কৰা; ভগৱান আৰু প্রথাগত নীতি-ধর্মত অবিশ্বাস আদি।

কবিতাৰ ভাববস্তুৰ লগত কবিতাৰ শৈলী অঙ্গাঙ্গী ভাবে জড়িত হোৱাৰ খাতিৰত আধুনিক কাব্য প্ৰকৰণতো বহু পৰিৱৰ্তনে দেখা দিলে। সেয়েহে আধুনিক কাব্যৰ লক্ষণ আলোচনাৰ বেলিকা আঙ্গিকৰ বৈশিষ্ট্যও সমানে আলোচনা কৰা দৰ্কাৰ। আধুনিক কবিতাৰ আঙ্গিকৰ বৈশিষ্ট্যসমূহ এনেদৰে দেখুৱাব পাৰি- বাকৰীতি আৰু কাব্যৰীতিৰ মিশ্রণ। গদ্যৰ ভাষা, প্রবাদ, চলিত শব্দ, গ্রাম্য শব্দ আৰু বিদেশী শব্দৰ ব্যৱহাৰৰ দ্বাৰা গদ্য, পদ্য আৰু কথ্য ভাষাৰ ব্যৱধান বিলোপৰ চেষ্টা। অতি ব্যৱহৃত পদ্যগন্ধী শব্দকো গ্রহণ কৰি ভাষা সম্পর্কে থকা সকলো ধৰণৰ সূচিবায়ু পৰিহাৰ কৰা। প্রাচ্য আৰু পাশ্চাত্যৰ পুৰণি তথা বিখ্যাত কবিসকলৰ কাব্য অথবা ভাবনাৰ পৰা আহৰণ কৰা উদ্ধৃতিৰ যথেচ্ছা প্ৰয়োগেৰে সিদ্ধৰসক চূৰ্ণ কৰা বা অতীত ঐতিহ্যৰ লগত নতুন অনুভূতিৰ সমন্বয় সাধন কৰা। প্রচলিত কবি প্রসিদ্ধি, উপমা আৰু বৰ্ণনাৰ ব্যৱহাৰ কমাই অনা। প্রাচীন শব্দ তথা উপমাক অভিনৱ অর্থ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি তাৰ সহযোগত নতুন চিত্ৰকল্পৰ সৃষ্টি। শব্দ প্রয়োগ বা শব্দ গঠনৰ ক্ষেত্রত মিতব্যয়িতা আৰু অৰ্থঘনত্ব সৃষ্টিৰ চেষ্টা কৰা। এনে মিতব্যয়িতাৰ বাবে বাহুল্য বৰ্জনৰ ফলত কবিতাৰ মাজৰ চৰণৰ অনুল্লেখ আৰু যাৰ ফলত কবিতাৰ চৰণান্তৰ অসম্বন্ধযুক্ত যেন বোধ হোৱা। নামবাচক বিশেষ্য, বহুপদময় বিশেষণ, অব্যয় আৰু ক্ৰিয়াৰ পূৰ্ণৰূপৰ ব্যৱহাৰ। প্ৰচলিত ক্ৰিয়া পদৰ লগত সংস্কৃতবহুল বিশেষ্য বা বিশেষণৰ সংযোগ। প্রচলিত পয়াৰ, চনেট আৰু মাত্ৰা প্ৰধান ছন্দৰ ৰূপান্তৰ আৰু মধ্যমিলৰ (internal rhyme) সৃষ্টি। গদ্য ছন্দৰ ব্যৱহাৰ। ব্যঙ্গ, বিতর্ক, অদ্ভুত বিভৎস ৰসৰ বহুল ব্যৱহাৰ। শব্দালঙ্কাৰতকৈ বিৰোধাভাস, বক্রোক্তি, স্মৰণ প্ৰভৃতি আর্থালংকাৰৰ ব্যৱহাৰ। বিষয় বৈচিত্র্য আদি। (বাংলা কাব্যৰ পৰিচয়, দীপ্তি ত্রিপাঠী, ২০০৩, পৃষ্ঠা-৪)

যিটো বাটেৰে জোনাকীৰ মাজলৈ পাশ্চাত্যৰ ৰমন্যাসিক ভাবধাৰাৰ আগমন ঘটিছিল; অনুৰূপ ধৰণেৰে ৰামধেনুৰ মাজলৈকো পাশ্চাত্য প্ৰভাৱৰ মাজেৰে আধুনিকতাৰো আমদানি ঘটিছিল। অসমীয়া কবিতাৰ ক্ষেত্ৰত যিবোৰ বাস্তৱ-সজাগ কাব্যিক শিহৰণ সহজে আধুনিক বুলি গ্রাহ্য সেইবোৰৰ সৰহ ভাগেই পশ্চিমৰ মাটি ফুটি পশ্চিমীয়া জীৱনধাৰাৰ পৰা নিগৰি ওলোৱা। সেয়ে অসমীয়া কবিতাৰ বিৱৰ্তনক পশ্চিমীয়া মূল্যবোধৰ জীৱন দৰ্শনৰ যুগান্তকাৰী আবির্ভাবে নতুন গতি দি যোৱাৰ ফলত অসমীয়া কবিতাৰ আধুনিক জীৱন-চেতনাত আৰু কাব্য-কৌশলত দেশীয়া সাহিত্যিক সাংস্কৃতিক ঐতিহ্যৰ অনুপস্থিতিহে লক্ষ্য কৰিব পাৰি। অসমীয়া কবিতাত প্রকাশিত আধুনিকতাৰ দার্শনিক ভেটি ঠুনুকা আৰু আচহুৱা হোৱাৰ বাবেই আজিৰ অসমীয়া কবিতাৰ অসমীয়া ঐতিহ্যৰে এই বিসংযোগ। আধুনিক কবিতা জটিল হোৱাৰ ইও এক প্ৰধান কাৰণ। (কবীন ফুকন, অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড (সম্পা), হোমেন বৰগোহাঞি, ১৯৯৩, পৃষ্ঠা-৩০৯)। ধর্মীয় পৰিমণ্ডল এটাৰ পৰা আঁতৰি ঐহিকতাত সম্পূৰ্ণৰূপে অৱগাহন কৰাটো ভৰতীয় মানুহৰ বাবে সহজসাধ্য নাছিল; নাছিল অসমীয়া মানুহৰ বাবেও। পিছে secular ৰাষ্ট্ৰত বসবাসৰ বাহ্যিক চৰিত্ৰ হিচাপে ধর্মান্ধতাক ত্যাগ কৰিবলগীয়া হোৱা কথাটোৱে আধ্যাত্মিকতাক কিছু পৰিমানে বিসর্জন দিবলৈ উৎসাহিত কৰি অতীন্দ্ৰীয় ভাবনাকো নিয়ন্ত্রিত কৰা বুলি ভাবিব পাৰি।

সেয়ে এনে আধ্যাত্মিকতাৰ ঠাইত বিজ্ঞান মনস্কতাই সুৰুঙা উলিয়াই ল'লে আৰু কবিতায়ো বাহ্যিকতাৰ ঠাইত অর্ন্তমুখী চৰিত্ৰ লাভ কৰিলে। চহৰীয়া জীবন-চর্যা সম্পূর্ণরূপে নহ'লেও কিছু পৰিমাণে প্রকৃতি-বিমুখ হৈ মানবীয় সুখ-দুখ সম্পর্কিত হৈ পৰিল। পাশ্চাত্য আদর্শ কবিসকলৰ প্রধান সহগ হ'লেও কাব্যাদর্শ প্রকাশৰ বেলিকা যথাসাধ্য স্থানীয় প্রলেপ এটা দিয়াৰ যত্ন কৰিছিল; কিয়নো তেওঁলোকৰ কবিতাৰ পাঠক আছিল এখিনি অসমীয়া মানুহহে।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পাছত ১৯৬৪ খৃষ্টাব্দৰ পৰা ১৯৬৭ চনলৈ ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত ৰামধেনু ওলায়ে থাকিল যদিও ষষ্ঠ দশকৰ সামৰণিৰ লগে লগেই ৰামধেনু যুগৰো সামৰণি পৰা বুলি ধৰা হয়। বামধেনুৰ ১২শ বছৰ ১১শ সংখ্যাত সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই লিখিছে, 'অসমীয়া আধুনিক সাহিত্য এপিনে ৰস বিচাৰৰ কাঠগড়াত উঠিছে আৰু আন পিনেন পুরুষ এটিব আত্ম প্রতিষ্ঠাৰ ৰণভেৰী বাজি উঠিছে।.. আধুনিক সাহিত্য এতিয়া পুৰণি হ'বলে উপক্রম কৰিছে, কাৰণ নতুন পুৰুষে নতুন আশা-আকাংক্ষা লৈ সাহিত্য সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিছে (ৰামধেনু, একত্র সংকলন, পৃষ্ঠা-৩১৩৮)।' এনে উক্তিৰ মাজত অসমীয়া সাহিত্যত পৰ্বান্তৰ ঘটাৰ আগমনি সংকেত থাকিলেও ই এটা হঠাতে ঘটা ঘটনা নহয়। কোনো কোনো কবিৰ ক্ষেত্ৰত নতুন সুৰ এটা ধ্বনিত হোৱা যেন লাগিলেও ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে সেই সুৰটো প্ৰকৃততে অসমীয়া কবিতাৰ ঐতিহ্যবে সম্প্ৰসাৰণ মাত্ৰ। ৰামধেনু পৰৱৰ্তী কবিতাতো অসমীয়া কবিতাৰ প্ৰধান ধাৰা কেইটাৰেই সম্প্ৰসাৰণ ঘটিল ৰামধেনুতে নিজৰ কাব্য-সাধনাৰ বাট কটা ভালেকেইজন কবিৰ মাজেৰে। 'অসমীয়া আধুনিক কবিতাৰ তিনিটা গতি পৰিবৰ্তন চকুত পৰে। প্ৰথমটো ঐশী-চিন্তাৰ পৰা মানৱকেন্দ্রিক চিন্তালৈ অহা কল্পনাপ্রধান সৌন্দর্য প্রয়াসী ৰোমান্টিক কবিতা, দ্বিতীয়তো প্রগতিশীল কবিতা আৰু শেহতীয়াকৈ আধুনিকতাবাদী কবিতা।' (হবেকৃষ্ণ ডেকা, আধুনিক কবিতা, ২০১৩, পৃষ্ঠা-৫৩) অৱশ্যে আধুনিকতাবাদী কবিতাও একক বিশেষত্বযুক্ত হোৱাৰ সলনি ই প্রতীকবাদ, চিত্রকল্পবাদ, অভিব্যক্তিবাদ, অধিবাস্তববাদ, মনচ্ছায়াবাদ আৰু এছাডিটি আদিৰ এক মিশ্রিত ৰূপহে। অসমীয়া কবিয়েও পাশ্চাত্য কবিৰ আদৰ্শ আহৰণৰ মাজেদি এই 'বাদে' সৃষ্টি কৰা আন্দোলনৰ সৈতে পৰিচয় লভিছিল। এনে পৰিপ্ৰেক্ষিতত সময় আৰু পটভূমিৰ পৰিৱর্তনত অসমীয়া কবিতাত কিছু ৰূপান্তৰ ঘটিবলৈ ধৰিলে যদিও সি থাওকতে মনিব পৰাকৈ নির্দিষ্ট আৰু ভাস্বত নাছিল। ৰামধেনুৰ সমকালীন আৰু কিছু অব্যবহিত মণিদীপ, সাদিনীয়া নবযুগ, অসমীয়া, প্রকাশআদি আলোচনীয়েও এই ধৰাবাহিকতাকে বর্তাই ৰখাত অৰিহণা যোগালে। ১৯৫১ চনৰ পৰা প্ৰায় ১৯৭০ চনলৈকে পৰিব্যপ্ত আধুনিক অসমীয়া কবিতাৰ দ্বিতীয় পর্বত অসমীয়া কবিতা সমৃদ্ধিশালী স্থানত যে উপনীত হৈছিল তাক সকলোৱে একে মুখে স্বীকাৰ কৰিছে।

আধুনিকতাবাদী কবিসকলৰ মাজত শ্রেণী-চেতনাৰ ঠাইত ব্যক্তি চেতনাই গুরুত্ব লভিলে আৰু আবেগ-অনুভূতিৰ সৈতে জড়িত হ'ল বৌদ্ধিক ৰসায়ন। প্রগতিশীল কবিতাৰ পৰা ফালৰি কটা ব্যক্তি মনৰ আনুভূতিক তীব্ৰতাৰ মাজেৰে উপলব্ধি ঘটা আধুনিক জীৱনৰ বাস্তৱতাইহে কবিসকলক আকর্ষণ কৰিবলৈ ধৰিলে। ৰোমান্টিকতাকো বৌদ্ধিক ভাবে সংহত কৰাৰ প্ৰচেষ্টা কৰা হ'ল। নগৰকেন্দ্ৰিক আধুনিকতাৰ প্ৰতি সচেতন-সঁহাৰিৰে কাব্য-চর্চাত প্রবৃত হোৱা নৱকান্ত বৰুৱাৰ কবিতাতে আধুনিকতাৰ প্ৰায়বোৰ দিশ প্ৰকট হৈ উঠিল যাৰ বাবে তেওঁ হৈ পৰিল অসমীয়া আধুনিক কাব্য ঐতিহ্যৰ প্ৰতিভূ স্বৰূপ। অসমীয়া লোক-সাহিত্য, বৌদ্ধ-ইছলাম-খ্রীষ্টান আৰু ভাৰতীয় দর্শনত থকা বুৎপত্তি, দেশী-বিদেশী সাহিত্যৰ অভিজ্ঞতালব্ধ জ্ঞান আৰু সংস্কৃত শাস্ত্রত থকা বুৎপত্তিৰ সৈতে তেওঁৰ ভাবপ্ৰৱণতাৰ ৰসায়নত সৃষ্টি হোৱা কবিতাই বাস্তর জীৱন, বৃহত্তৰ মানৱ জীৱন, মানুহৰ প্ৰকৃতি আৰু প্ৰকৃতিৰ চাক্ষুষ আৰু অভ্যন্তৰীণ শিহৰণবোৰক সদর্থক কাব্যশৈলীৰে তুলি ধৰিলে। নির্জনতাৰ আত্মগত উপলব্ধিবে আৰম্ভ কৰিও কোলাহৰ মাজত অৱগাহন কৰা নীলমণি ফুকনৰ কবিতাই চাক্ষুষ আৰু ভাব-জগতৰ অপাৰ বৈচিত্র্য, কল্পনাৰ বিস্তাৰ, মানৱ জীৱনৰ বিশাল নিৰীক্ষণ বহন কৰিছে আৰু সকলো ইততি-বিততিৰ অন্তত এক সুস্থিৰ জীৱন স্বপ্নক সাৰথি কৰি লৈছে। সৃষ্টি কর্মক পাছলৈ গদ্য-চৰ্চালৈ পৰিৱৰ্তিত কৰা অমলেন্দু গুহৰ কবিতাও প্রগতিশীল চেতনাৰে উত্তৰাধিকাৰ সম্বলিত। এই ধাৰাৰে অন্যতম কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাও মানুহৰ দ্বাসত্বৰ পৰা মুক্তিৰ আহ্বানেৰে ধ্বনিত। ভাৰতীয় বেদান্ত দৰ্শনক আধাৰ কৰিও আধুনিকতাবাদী কাব্যিক শিহৰণবোৰ তুলি ধৰাত সিদ্ধহস্ত ভবেন বৰুৱাৰ কবিতাই বিষয় আৰু ভাবনাৰ বয়নত অত্যধিক গুৰুত দিয়া পৰিলক্ষিত হয়। আধুনিক অসমীয়া কবিসকলক সমালোচনাৰে পথ দেখুওৱাত এইগৰাকী কবি- সমালোচকে বিশেষ ভূমিকা পালন কৰিছিল। পঞ্চাশৰ দশকত বিশিষ্ট সমালোচক হীৰেন গোহাঁয়ে 'অর্থ আৰু অনর্থ- আধুনিক অসমীয়া কবিতা' শীর্ষক লেখাত বংগৰ আধুনিক কবিতাৰ নকলৰ প্ৰতি অসমীয়া কবিক সাৱধান হ'বলৈ সঁকিয়াই দিও কৈছিল- 'আধুনিক অসমীয়া সাহিত্যৰ আংগিকত 'অভিনৱ অৱদান' ইমান সংখ্যক হ'ব পাৰে যে আধুনিক অসমীয়া কবিসকলে কৰোঁ বুলিলে অসমীয়া কাব্যক বহুদূৰ আগবঢ়াই নিব পাৰে।' পাছতো তেওঁ ভালেমান কাব্য-সমালোচনাৰে আধুনিক অসমীয়া কবিতাৰ যাত্রাপথত দিকনিৰ্ণয়কাৰীৰ ভূমিকা পালন কৰিছিল আৰু নিজেও যি দুই- এটা কবিতা লিখিছিল তাতো তেওঁ সমাজবীক্ষা আৰু ব্যঙ্গক গুৰুত্ব দিছিল। 

কমসংখ্যক কবিতাৰেও অসমীয়া কবিতাত নিগাজি আসন পাতি বহিবলৈ সমর্থ হোৱা মহিম বৰাৰ কবিতাত মননশীলতাৰ কচৰৎ মনকৰিবলগীয়া। আধুনিক অসমীয়া কবিতাৰ প্রগতিশীল ধাৰাটোৰ দ্বিতীয় প্রজন্মৰ সাৰ্থক কবি কেশৱ মহন্ত। অননুকৰণীয় সাংগীতিক লহৰত বন্ধা তেওঁৰ কবিতাৰ মাজত প্ৰেম-অনুৰাগৰ উপৰি সাধাৰণ মানুহৰ প্ৰতি অনুকম্পা প্রকাশৰ লগতে শোষণ-নিষ্পেষণৰ প্ৰতি বিৰোধ-প্রতিবাদো ধ্বনিত হৈছে। এইটো থুলৰে অন্যতম কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাই সহজ-সবল অনাড়ম্বৰ ভাষাশৈলীৰ মাজেৰে উদ্ভাসিত কৰিছে যন্ত্রণাকাতৰ মানুহৰ জীৱনমর্ম। বিধ্বস্ত মানৱত্মাৰ হাহাকাৰ, সুদিন-প্রত্যাশী প্রাণৰ অসফল চিৎকাৰ তেওঁৰ ভালেমান কবিতাৰ সহগ। ঐতিহ্যৰ অপসাৰণ আৰু যান্ত্রিকতা সর্বস্ব আধুনিকতাৰ বিষক্রিয়াক লৈ তেওঁ ক্ষোভিত। এই ধাৰাৰ অন্যতম কবি ৰাম গগৈৰ কবিতাতো কৃষক-মহাজন, শ্রমিক- মালিকৰ দ্বন্দ্বই গুৰুত্ব লভিছে। সহজ প্রকাশভংগীৰে জনতাৰ দুখ বর্ণোৱা কবিয়ে তেওঁলোকৰ স্বাধিকাৰৰ বাবে সংগ্রামৰো পোষকতা কৰিছে। অৱনী চক্রবর্তীৰ কবিতাতো সামাজিক বাস্তৱতাৰ প্ৰতিফলন ঘটিছে আৰু তেওঁৰ কাব্যভাষা হৈ উঠিছে প্রতিবাদী আৰু সমালোচনাধর্মী। কবি ৰোহিনী কুমাৰ পাঠকৰ কবিতাও শোষিত মানুহৰ মুক্তিৰ স্বপ্ন সম্বলিত। কবি সমীন্দ্ৰ হুজুৰীৰ কবিতাতো শ্রেণী সংগ্রামজনিত চিন্তা-চৰ্চাৰ সুৰণ ঘটিছে। নিঃস্ব মানৱৰ কল্যাণৰ প্ৰতি আগ্ৰহ ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ মূল আৱহ হোৱাৰ দৰে ৰবীন্দ্ৰ বৰাৰ কবিতাও গঢ় লৈ উঠিছে সমাজ বাস্তৱতাৰ আধাৰতে।

আধুনিক কবিতাক প্ৰতিষ্ঠাৰ বাবে আন্দোলন গঢ়ি তোলোতা মহেন্দ্ৰ বৰাৰ সমালোচনা আৰু কবিতাই ৰামধেনু আৰু তৎপৰৱৰ্তী কালক কবিসকলক অনুপ্রাণিত কৰি ৰাখিছিল। ১৯৫৬ চনত নতুন কবিতাৰ প্রকাশেৰে তেওঁ আধুনিক অসমীয়া কবিতাৰ ভেটি সুদৃঢ় কৰিছিল। দেশী-বিদেশী ভাবাদর্শ আৰু ভাৰতীয় আদৰ্শৰ বয়নত গঢ়লোৱা তেওঁৰ কবিতা নিজে এগৰাকী ছান্দসিক হোৱাৰ সুবাদতে নিটোল গঢ়ৰ। বেজবৰুৱা আৰু যজ্ঞেশ্বৰ শৰ্মাৰ ব্যঙ্গৰ সুৰটোৰ উত্তৰাধিকাৰী হিচাপে বিৰেশ্বৰ বৰুৱাৰ কবিতাৰ মাজত বুদ্ধিদীপ্ততাৰ প্ৰতিফলন ঘটিছে। ফৰাচী আৰু ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞান সমৃদ্ধ অজিৎ বৰুৱাৰ কবিতা অসমীয়া কবিতাৰ আধুনিকতাৰ থুলটোৰ মাজত একক বিশিষ্ট। গ্রাম্যজ অনুষংগক কবিতাত জীণ নিয়াই এটা আপোন কাব্যভাষাৰে প্রকৃতি-জীৱন-জগতক কেনেকৈ বাত্ময় কৰি তুলিব পাৰি তাৰ সদৰ্থক অনুশীলন ধৰা পৰে হীৰেন্দ্ৰনাথ দত্তৰ কবিতাৰ মাজত। অর্ন্তজীৱনৰ অদেখাত আলোক সম্পাত, লোক-জীৱনৰ সৈতে নিবিড় সম্পর্ক, সাংস্কৃতিক উপকৰণসমূহৰ সদৰ্থক প্রয়োগ, ঐতিহ্যৰ প্রতি শ্রদ্ধা আদি বিশেষত্বক সংগীতময়তাৰ মাধ্যমত উপস্থাপন কৰিবলৈ সমৰ্থ হোৱা নিৰ্মলপ্রভা বৰদলৈৰ কবিতা মানুহৰ জীৱনৰ কৰণতম উপলব্ধিব সার্থক প্রকাশ। ৰোমন্টিকতাত অৱগাহন কৰিও বিশ্বমুখী আর্ন্তজাতিকতাক বুকুত ধাৰণ কৰা, প্রেমে-প্রতিবাদে সোচ্ছাৰ হৈ উঠা আৰু অসমীয়া কবিতাত শব্দ-অনুশীলনৰ নতুন ধাৰা এটা সৃষ্টি কৰি কবিতাক পাঠকমুখী কৰিবলৈ সচেষ্ট হৈ জনপ্রিয় হোৱা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাই অসমীয়া কবিতাক বিশেষ ভাবে সমৃদ্ধ কৰিছিল। কবি কবীন ফুকনৰ কবিতা তেওঁৰ সমকালীন কবিসকলৰ কবিতাৰ পৰা কিছু আছুতীয়া- একক। ই অৱশ্যেই তেওঁৰ কবিতাৰ শব্দ চয়ন আৰু শব্দ বয়নৰ ফলত সৃষ্টি হোৱা কাব্যশৈলীৰ খাতিৰত অহা একক বিশিষ্টতা। অপ্রচলিত আৰু আচহুৱা যেন বোধ হোৱা শব্দভাণ্ডাৰক নতুন অর্থবোধক আৰু আধুনিক চিন্তাৰ বাহক কৰি প্রয়োগ কৰিব পৰাতেই এই সার্থকতা। বিষয় আৰু ভাবৰ ফালৰ পৰাও তেওঁৰ কবিতা উচ্চস্তৰীয়।

অসমীয়া কবিতাৰ এই প্রবাহৰ মাজতে গদ্যশিল্পী নগেন শইকীয়াই 'মিত-ভাষ' নাম দি আৰম্ভ কৰে অন্য এটি কাব্যধাৰা। অতিশয় ব্যঞ্জনাধর্মী ভাষা সম্বলিত মিত- ভাষবোৰত কবিৰ আত্মিক চেতনাই ভাৰতীয় আধ্যাত্মদর্শনৰ গাতে আঁউজি প্রকাশ লভা পৰিলক্ষিত হয়। short expression হিচাপে পৰিচিত এইসমূহ লেখা গদ্য- পদ্যৰ মাজৰ লেখা, য'ত জীৱন অভিজ্ঞতাৰ প্ৰকাশ লক্ষ্যণীয়। অৱশ্যে এই কাব্যশৈলীৰ অনুশীলনৰ প্ৰতি তৰুণৰ আগ্ৰহ চকুত পৰা বিধৰ নহয়। কবি-সমালোচক হৰেকৃষ্ণ ডেকাৰ কাব্য সাধনা ৰামধেনুতে আৰম্ভ হ'লেও উত্তৰ-ৰামধেনু কালৰেই নহয়, সাম্প্রতিক সময়ৰো তেওঁ এগৰাকী বিশিষ্ট কাব্যকাৰ। কাব্য বিষয়ৰ বৈচিত্র্যৰে মানৱ মনৰ গোপন কন্দৰৰ পৰা সামজিক কোলাহললৈ, মানুহৰ ক্ষুদ্ৰত্বৰ পৰা সামুদ্রিক বিশালতালৈ, মানুহৰ নৃসংশতাৰ পৰা শুভবোধলৈ কৰা পৰিক্ৰমাই তেওঁৰ কবিতাৰ মূল। 'আধুনিক' অসমীয়া কবিতাৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে আটাইকেইটা প্রজন্মক প্রতিনিধিত্ব কৰা তেওঁৰ কবিতা পৰিৱৰ্তিত সময়ৰ শিহৰণেৰে উজ্জিবীত। কাব্য প্ৰকাশৰ বাবে এটা আপোন শৈলী নিৰ্মাণ কৰি লোৱা কবিজনাৰ কবিতাত প্ৰখৰ পর্যবেক্ষণী গুণ চকুতলগা।

স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ অসমীয়া কবিতাৰ প্ৰবাহত ষাঠিৰ দশকৰ শেহৰ ফালে ৰামধেনু যুগৰ পৰিসমাপ্তিৰ লগে লগে পৰ্বান্তৰ ঘটিছিল আৰু তাৰ বাবে অনুকূল পটভূমি এটাও গঢ়লৈ উঠিছিল। স্বাধীনতা লাভে আনি দিয়া নতুন প্রেক্ষাপটত গা কৰি উঠা নতুন উপলব্ধি আৰু ৰাজনৈতিক অৱস্থাই কেইবাজনো কবিৰ মাজেৰে প্রকাশ লাভ কৰিছিল। অৱশ্যে ইয়াৰে সৰহ সংখ্যক কবিয়েই আছিল ৰামধেনুষ ছত্রছাঁয়াত জিৰোৱা আৰু সেই বর্ণালীৰ অনুভৱেৰে বোলোৱা কবি। ৰামধেনু আলোচনীখনৰ পিছত ভালেমান আলোচনীৰ প্ৰকাশ হ'ল যদিও কোনো এখন আলোচনীয়েই অন্য এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম নহ'ল এই কথা পূর্বতেই উনুকিয়াই অহা হৈছে। কিন্তু এই আলোচনীসমূহে অসমীয়া কবিতাৰ গতি প্ৰৱাহক নিৰৱচ্ছিন্ন কৰি ৰখাৰ উপৰিও আলোচনীৰ সংখ্যাধিক্যই বহু কবিৰ বাবে কাব্য প্রকাশৰ একোখন ক্ষেত্ৰৰ যোগান ধৰিলে। যদিও সংখ্যাগত কথাটো কবিতাৰ সুস্বাস্থ্যৰ বাবে সিমান দৰ্কাৰী নহয় তথাপি সংখ্যাধিক্যৰ মাজতে যে গুণগত ভাবে উচ্চমানৰ কবিতাৰো সৃষ্টি হৈ থাকে সেই কথাও বিচাৰ কৰি চোৱাটো দৰ্কাৰ।

ইতিমধ্যে 'অধুনিকতাবাদী' অসমীয়া কবিতাই এটা নির্দিষ্ট চৰিত্ৰ পৰিগ্ৰহ কৰিবলৈ লৈছিল আৰু সেই ঐতিহ্যৰ বাটতেই পৰৱৰ্তী এচাম কবিয়ে আপোন স্থিতি আৰু সমৃদ্ধিৰ অনুসন্ধান কৰিবলৈ লৈছিল। আনিছ উজ জামান, মোহন কৃষ্ণ মিশ্র, ববীন্দ্র বৰা, ৰাজেন্দ্ৰনাথ বৰদলৈ, জ্ঞান পূজাৰী আদি এইটো থুলৰ কবি। প্ৰধানকৈ চিত্রকল্পবাদী পৰম্পৰাটোৰ গাতে আঁউজি আনিছ উজ জামানৰ দৰে কবিয়ে কাব্যনুশীলন কৰিলেও পৰৱৰ্তী সময়ত নৈব্যক্তিক-দূৰগত অৱস্থান নকৰি সমাজ-বাস্তৱৰ শিহৰণকো প্ৰকাশৰ বাবে লোক-জীৱনৰ আনুষংগক আপোন কৰি ল'লে। সামাজিক দায়বদ্ধতাক কাব্য ৰচনাৰ মূলত ৰাখি আপোন মাটি আৰু মানুহৰ প্ৰতি থকা ভালপোৱাকে প্রকাশ কৰিছে কবি ৰাজেন্দ্ৰনাথ বৰদলৈয়ে। জাতীয় জীৱনৰ যন্ত্রণাদগ্ধ সময় এছোৱাৰ আতিক কাব্যৰ মূল হিচাপে লৈ আপোন কাব্যভাষাৰ মাধ্যমত ঐতিহাসিক প্রেক্ষাপটত বিপর্যস্ত্য মনৱতাৰ নিকৰুণ ছবি অংকণত সিদ্ধহস্ত হৈ উঠিছে কবি ৰফিকুল হোছেইন। ৰোমান্টিকতাৰ গাতে আঁউজি গীতিধর্মী কাব্যপ্রবাহত নাৰী মনৰ অর্ন্তজগতক বাত্ময় কৰা, প্ৰকৃতিৰ ভিন্নৰূপৰ বন্দনাৰে মুখৰিত কবি কৰবী ডেকা হাজৰিকাৰ কবিতাৰ মাজত নাৰীত্বৰ জয়গান আৰু কেতিয়াবা প্রতিৰোধী সুৰ এটাও শুনা যায়। প্রগতিশীল চিন্তা আধাৰিত হ'লেও স্বকীয় কাব্যভাষাৰে ব্যঞ্জনাঘন কথকতাক কাব্য-বৈভৱ কৰি তোলাত সিদ্ধহস্ত কবি হ'ল জ্ঞান পূজাৰী। তেওঁৰ কবিতাত আধুনিকতাৰ নেতিব প্ৰভাৱত বিতত মানুহৰ হাহাকাৰৰ নিৰ্মম ছবি ফুটি উঠিছে। প্রতিবাদৰ ভাষাকো কেনেকৈ কলাত্মক কৰি তুলিব পাৰি সেই কৌশল কবিৰ মজ্জাগত।

উৎসঃ অসমীয়া কবিতাঃ বিন্দুৰ পৰা সিন্ধুলৈ৷ পাতনি৷


অসমীয়া সাহিত্যত প্ৰগতিশীল আন্দোলন

ত্ৰিছৰ দশকতেই অসমীয়া সাহিত্যলৈ সীমিতভাবে প্রগতিবাদী ভাৱধাৰা আহিছিল যদিও এই ভাৱধাৰাই এটি সুস্পষ্ট আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰিছিল চল্লিছৰ দশকৰ অসমীয়া সাহিত্যত। পাশ্চাত্য সাহিত্যৰ প্রগতিবাদী আন্দোলনৰ দৰেই অসমীয়া সাহিত্যৰ এই আন্দোলনেও পুঁজিবাদৰ কুপ্ৰভাৱৰ বিপক্ষে থিয় দিছিল। ঔদ্যোগিক সভ্যতাৰ ছত্ৰছায়াত পুঁজিবাদৰ কুফল আৰু বেছি বেদনাদায়ক হৈ উঠিছিল পাশ্চাত্যত। চল্লিছৰ দশকৰ অসমক ঔদ্যোগিক সভ্যতাই যদিও তেনেকৈ স্পৰ্শ কৰা নাছিল বুলিব পাৰি, তথাপি ভাৰতৰ অন্য প্রদেশৰ দৰে এই প্রদেশো তেতিয়া অন্য এটা অশুভ শক্তিৰ গ্ৰাসত পৰিছিল। সেইটো হ'ল সাম্রাজ্যবাদী শাসন। পাশ্চাত্যৰ প্ৰগতিবাদী আন্দোলনে পুঁজিবাদৰ লগতে ঔদ্যোগিক সভ্যতাৰ কেতবোৰ অসৎ পৰিণামৰ বিৰুদ্ধেও উঠাৰ দৰে অসম তথা ভাৰতৰ প্ৰগতিবাদী আন্দোলনে পুঁজিবাদৰ লগতে সাম্রাজ্যবাদৰ বিপক্ষেও থিয় হৈছিল। ঔপনিবেশিক শাসনে অনা-সাম্রাজ্যবাদী শক্তিৰ বিপক্ষে অসমৰ প্রগতিবাদী সাহিত্যৰ আন্দোলনে যুঁজ দিবলৈ ওলাইছিল বাবেই সেই আন্দোলনত মার্ক্সবাদী সাহিত্যিকসকলৰ লগতে অনা-মার্ক্সবাদী বহুতো সাহিত্যিককো একেলগে কলম হাতত লোৱা দেখা পাওঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক ক্ষেত্রতো সমাজবাদী তথা সাম্যবাদী আদৰ্শৰ লোকসকলেও জাতীয় কংগ্ৰেছৰ পতাকাৰ তলতেই সেই সময়ত জাতীয়তাবাদীসকলৰ লগত একেলগে সংগ্রামত লিপ্ত হৈছিল। জাতীয় সংগ্ৰামৰ নেতৃত্ব দিয়া জাতীয় কংগ্রেছো তেতিয়া বেছ উদাৰ আছিল। সকলো আদৰ্শৰ লোককেই দেশৰ স্বাধীনতাৰ বাবে ইয়াৰ পতাকাৰ তলত যুদ্ধ কৰিবৰ বাবে ইয়াৰ মঞ্চখন খোলা ৰাখিছিল। অসমত সেই প্রগতিবাদী সাহিত্যিক আন্দোলনৰ সবাতোকৈ যশস্বী নেতা ভবানন্দ দত্তই সেয়ে লিখিছিল:

‘‘পণ্ডিত নেহৰুৱে মহাত্মা গান্ধীৰ নির্দেশিত কর্মপন্থাই ভাৰতৰ স্বাধীনতা আনিব পাৰিব বুলি বিশ্বাস কৰিব পৰা নাছিল। সেইকাৰণে তেখেতে মাক্সিজিম অধ্যয়ন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনক পৃথিবীৰ বিভিন্ন দেশৰ আৰু বিশেষকৈ এছিয়াৰ মুক্তি আন্দোলনৰ লগত অঙ্গাঙ্গীভাবে জড়িত বুলি উপলব্ধি কৰিলে আৰু ভাৰতব মুক্তিৰ পথ শ্রমিক কৃষকৰ শ্ৰেণী সংগঠনৰ ভিতৰেদি সংগ্রাম কৰাৰ দ্বাৰাহে বুলি বুজি কংগ্ৰেছৰ ভিতৰত শ্রমিক আৰু কৃষকৰ আন্দোলনৰ সুকীয়া স্বীকৃতি দিয়ালে আৰু সেই শ্রেণী-সংগঠনসমূহৰ অর্থনৈতিক দাবী স্বাধীন ভাৰতত কংগ্রেছে পূৰণ কৰিব বুলি প্রস্তাব পাচ কৰালে।'

গতিকে ইয়াত আচৰিত হ'বলগীয়া একো নাই যে মার্ক্সবাদী বা প্রগতিবাদীসকলে সাম্রাজ্যবাদী শোষণকাৰীৰ বিপক্ষে যুদ্ধ কৰাৰ বাবে এনে এটা দলতো ভুক্ত হ'ব পাৰিছিল।

অসমীয়া সাহিত্যত যিটো আন্দোলনক আমি প্রগতিবাদী আখ্যা দিছোঁ, সেইটো আন্দোলন আছিল প্রধানকৈ তিনিজন মানুহৰ হাতৰ কাম- যদিও এই আন্দোলনে সৃষ্টি কৰা সাহিত্যলৈ আৰু বহুতৰে অৰিহণা আছে। এই তিনিজন মানুহ একত্রিত হোৱাৰ কাহিনীটিও এক আমোদজনক কাহিনী। চল্লিছৰ দশকৰ আৰম্ভণিৰ প্রিনে (১৯৪৩ খৃঃ) তেতিয়ালৈকে ৰঘুনাথ চৌধাৰী সম্পাদিত ‘জয়ন্তী’ মাহেকীয়া আলোচনীখন যেতিয়া কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচৰ্য্যই যুটীয়াভাবে চৌধাৰীৰ ঠাইত সম্পাদন কৰিবলৈ লয় আৰু ভুবানন্দ দত্তই তেওঁলোকৰ লগত নিয়মিতভাবে সহযোগিতা কৰে, তেতিয়াই প্রগতিবাদী সাহিত্যৰ আন্দোলনৰ উন্মেষ হয়। 

অৱশ্যে বিহগী কবি চৌধাৰীয়ে জয়ন্তীৰ সম্পাদনাৰ ভাৰ উক্ত তৰুণ লেখকক এৰি দি এওঁলোকৰ পৰা আঁতৰি গৈছিল বুলি ধাৰণা কৰাৰ কোনো কাৰণ নাই। কিয়নো ভবানন্দ দত্ত বা চক্রেশ্বৰ ভট্টাচাৰ্য্যহঁত কটন কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাত 'প্রগতি সমিতি' বুলি তেওঁলোকৰ বৌদ্ধিক চৰ্চাৰ যি চ'ৰা আছিল, তাৰ বৈঠকবোৰ বহিছিল চৌধাৰীৰ ঘৰত। সেয়েহে তেখেত অসমীয়া প্রগতিবাদী সাহিত্যিক আন্দোলনৰ স্ৰষ্টা নহ'লেও, বা প্রগতিবাদী সাহিত্যলৈ তেখেতৰ অৰিহণা নাথাকিলেও, এই আন্দোলনৰ তেখেতক পৰোক্ষ পৃষ্ঠপোষক বুলি ক'ব পাৰি। কিয়নো চৌধাৰীদেৱে উদগ্‌নি দিয়া ছাত্ৰসকলৰ পৰাই সময়ত দুই-চাৰিজনে প্রকৃত অৰ্থত 'প্রগতিবাদী' সাহিত্যৰ পথ ল'লেগৈ। 

ছাত্ৰসকলৰ মাজত যেনেকৈ ভবানন্দ দত্ত আছিল তেনেকৈ প্রফুল্লদত্ত গোস্বামী, অতুলচন্দ্র বৰুৱা আদিও আছিল। গোস্বামী আৰু সমিতিৰ সম্পাদক। ৰঘুনাথ চৌধাৰীৰ চ'ৰা-ঘৰত কটন কলেজৰ নতুন মনোভংগীৰে ছাত্ৰসকলে বৈঠক পতা কালছোৱা আছিল ত্ৰিছৰ দশকৰ দ্বিতীয়ার্ধ। সাহিত্যত সমাজবাদী নহ'লেও আধুনিক ভাৱধাৰাৰে চিন্তা-চৰ্চা আৰু আলোচনা-সমালোচনাই আছিল এই সমিতিৰ বৈঠকবোৰৰ কাম। গুৰুভাৱৰ পূর্ব-নির্বাচিত গ্ৰন্থৰ আলোচনা-সমালোচনাও এই বৈঠকবোৰত হৈছিল।

বিহগী কবি চৌধাৰীদেৱৰ ঘৰত বহা প্রগতি সমিতিৰ ছাত্ৰ সভ্যসকলৰ দুজন সভ্য আছিল পিছৰ কালৰ নেতৃস্থানীয় প্রগতিবাদী লেখক ভবানন্দ দত্ত আৰু পিছলৈ প্রগতিশীল সাহিত্যৰ মুখপত্র জয়ন্তীৰ অন্যতম সম্পাদক চক্রেশ্বৰ ভট্টাচার্য্য। জয়ন্তীৰ অন্যগৰাকী সম্পাদক কমলনাৰায়ণ দেব প্রগতি সমিতিৰ সভ্য হৈ বা কটন কলেজৰ ছাত্ৰ হিচাপে চৌধাৰীৰ ঘৰত বহা প্রগতি সমিতিৰ বৈঠকবোৰত যোগ দিব পৰা নাছিল। কাৰণ তেওঁ অসমৰ বা গুৱাহাটীৰ লোক নাছিল; আৰু তেওঁৰ শিক্ষাও অসমৰ বাহিৰতেই হৈছিল। বিহাৰৰ এই সুশিক্ষিত তৰুণ বুদ্ধিজীবীজনে শিক্ষা-দীক্ষা শেষ কৰি ৰাষ্ট্ৰভাষা প্ৰচাৰৰ বাবেহে মহাত্মা গান্ধীৰ আশীর্বাদ লৈ গুৱাহাটীলৈ আহিছিল। তেওঁ অকল হিন্দী ভাষা-সাহিত্যবেই বিশিষ্ট পণ্ডিত নাছিল। প্রাচীন ভাৰতীয় সাহিত্য আৰু আধুনিক পাশ্চাত্য সাহিত্যৰ বিষয়েও তেওঁৰ প্রগাঢ় পাণ্ডিত্য আছিল। প্রগতিশীল ভাবধাৰাৰ এই হিন্দীভাষী তৰুণ বুদ্ধিজীবীজন হিন্দী প্রচাৰৰ বাবে অসমলৈ আহি লগ লাগিল সেই সময়ৰ প্রগতিবাদী ভাবধাৰাৰ প্রবক্তা তৰণ অসমীয়া বুদ্ধিজীবী ভবানন্দ দত্তৰ; আৰু লগতে চক্ৰেশ্বৰ ভট্টাচাৰ্য্যৰো। তাৰ কিছুদিনৰ ভিতৰতেই কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যই যুটীয়াভাবে ৰঘুনাথ চৌধাৰীৰ ঠাইত জয়ন্তীৰ সম্পাদনাৰ ভাৰ ল'লে। লগে লগে ভবানন্দ দত্তৰ পূৰ্ণ সহযোগত অসমীয়া সাহিত্যত প্রগতিবাদী আন্দোলনৰ সূত্রপাত হ'ল। 

ভবানন্দ দত্ত এই কাকতৰ সম্পাদক নহ'লেও, সম্পাদকদ্বয়ৰ দৰেই তেৱোঁ ইয়াৰ নিয়মীয়া লেখক আছিল। প্রগতিবাদী আন্দোলনৰ এই তিনিগৰাকী নেতাৰ ভিতৰত চক্ৰেশ্বৰ ভট্টাচাৰ্য্য আছিল কংগ্ৰেছৰ প্ৰত্যক্ষ সমর্থক। কমলনাৰায়ণ দেৱ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও গান্ধীৰ আশীর্বাদপ্রাপ্ত এগৰাকী ৰাষ্ট্ৰভাষাৰ প্ৰচাৰক হিচাপে তেৱোঁ আছিল এজন জাতীয়তাবাদী কর্মী। ভবানন্দ দত্ত আনহাতে আছিল এগৰাকী নিষ্ঠাবান মার্ক্সবাদী। ইপিনে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্রামৰো এজন নিষ্ঠাবান, নির্ভীক যোদ্ধা। প্রগতিবাদী সাহিত্যিক আন্দোলনৰ এই তিনিওগৰাকী নেতাই সাধাৰণতে জয়ন্তীত ছদ্মনামতহে লিখিছিল। কমলনাৰায়ণৰ লেখাবোৰ তাত প্রকাশিত হৈছিল 'সত্যকাম' ছদ্মনামত। সেইদৰে ভবানন্দ দত্তৰ লেখা প্রকাশিত হৈছিল 'নচিকেতা' নামত আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য্যৰ বোৰ প্ৰকাশিত হৈছিল 'দেবানাং-প্রিয়', উৎপল চৌধুৰী আৰু জ্ঞানদা চৌধুৰী- এই তিনি ছদ্মনামত।" এই তিনিগৰাকীৰ ভিতৰত কমলনাৰায়ণ দেবে প্রথমতে প্রগতিবাদী সাহিত্যৰ ধাৰণা, অসমীয়া পাঠকৰ মনত স্পষ্ট কৰিবলৈ - এটি প্রবন্ধ লিখে 'প্রগতিবাদী কবিতাৰ টেকনিক' নামত। এই প্রবন্ধত সত্যকামৰূপী কমলনাৰায়ণ দেৱে গান্ধীৰ আধ্যাত্মিকতা আৰু ৰবীন্দ্ৰনাথৰ অতীন্দ্রিয়বাদৰ বিপৰীতে প্রগতিবাদৰ প্ৰয়োজনীয়তা দোহাৰিছে-

‘‘প্রগতি পুৰণি সংস্কাৰৰ সদায় বিৰোধী।....... আমাৰ আৰ্থিক, সামাজিক, ধার্মিক আৰু ৰাজনৈতিক সমস্যাবোৰ ইমান বেছি জটিল, ভয়াবহ আৰু বিষম যে যেতিয়ালৈকে আমি সকলো প্ৰকাৰৰ কুসংস্কাৰৰ পৰা মুক্ত, স্বাধীন চিত্তেৰে এইবোৰৰ সমাধান চিন্তা নকৰোঁ, তেতিয়ালৈকে আমাৰ প্ৰগতিৰ পথ মুকলি নহ'ব।’’

ৰাজনৈতিক ক্ষেত্ৰত যিবোৰ প্রবৃত্তিয়ে গান্ধীবাদক (?) জন্ম দিলে প্রায় সেইবোৰ প্রবৃত্তিৰ দ্বাৰাই সাহিত্যৰ ক্ষেত্ৰত ছায়াবাদ (mysterism)ৰ প্রাদুর্ভাব হ'ল। দুয়োৰে মূলবর্তী ভাব একেটা স্কুলৰ বিৰুদ্ধে সূক্ষ্মৰ প্রতিক্রিয়া, অর্থাৎ স্কুলৰ পৰা আঁতৰি সূক্ষ্মৰ ফলে অগ্রগতি আৰু তাৰ উপলব্ধিৰ বাবে প্রযত্ন। গান্ধীজী (?)-ৰ লগত, আত্মাৰ বস্তু হৈ এই প্রবৃত্তিটোরে আধ্যাত্মিক ৰূপ ধাৰণ কৰিলে, আনফালে ৰবীন্দ্রনাথৰ লগত হৃদয়ৰ বোলত ৰঙচুৱা হৈ ই "ছায়াবাদৰ" অৱতাৰণা কৰিলে।

এতিয়া গান্ধীজীৰ প্ৰতি বহুতৰে আশঙ্কা এই বুলিয়েই যে ই আত্মাৰ ফালে অত্যধিক উদগ্রীব, শৰীৰক ই তিৰস্কাৰ কৰে, অৰ্থাৎ ই আমাৰ জীৱনৰ স্থূল সত্যৰ পৰা দূৰলৈ আঁতৰি যাব লাগিছে; ঠিক এনেকুৱাকৈ "ছায়ানাদ"ৰ সূক্ষ্ম অন্তৰ্তত্বৰ প্রতিও বহুতৰে মাজত তীব্ৰ নিৰাশাৰ ভাব দেখা দিছে।

সাহিত্যৰ ক্ষেত্ৰত "ছায়াবাদ'ৰ দ্বাৰা মুষ্টিমেয় মানুহৰ কিছু পৰিমাণে মনোৰঞ্জন হ'ল যদিও জীবনৰ বাস্তবিক সমস্যাবোৰৰ সমাধান তাৰ দ্বাৰা নহ'ল। এই হেতুকে স্কুলে (?) এবাৰ আকৌ সুক্ষ্মৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিলে, সাহিত্যৰ ক্ষেত্ৰত এটা বিৰাট বিপ্লৱ হ'ল, আৰু তাৰ ফলত প্রগতিবাদৰ জন্ম।

প্রগতিবাদৰ স্বৰূপ এইদৰে নিৰ্ণয় কৰি কমলনাৰায়ণ দেবে প্রগতিবাদী সাহিত্যব সাতটা লক্ষণ নির্ধাৰণ কৰিছে। ইয়াত আমি তাৰে তিনিটালৈ আঙুলিয়ালেই যথেষ্ট হ'ব। 

(১) "যি আমাৰ চকুৰ আগত প্রত্যক্ষ, সেয়ে সত্য। এতেকে ভৌতিক জীৱনৰ সাধনাই তাৰ ঘাই উদ্দেশ্য। তাৰ বাহিৰত আধ্যস্থ পৰলোক আদি একোৰেই নাই। সেইবোৰ পলায়নৰেই ভিন ভিন বাট মাথোন।" 

(২) "সাহিত্যৰ প্রাণ সৌন্দর্য। সৌন্দৰ্যৰ আধাৰ সাম্য। এই সাম্যক জীৱনৰ বাস্তবিকতাত উপলব্ধি কৰিব লাগিব। ইয়াৰ বাবে আবশ্যক হৈছে সমাজত সাম্য স্থাপিত কৰা। এতেকে প্রগতিশীল সাহিত্যই দলিত, পীড়িত আৰু শোষিতসকলৰ ব্যথাক মুখৰিত কৰিব।... শোষক স্বাৰ্থৰ উন্মুলনেই প্রগতিবাদৰ অভিপ্রেত সংকল্প।" 

(৩) "কিন্তু শোষক শ্ৰেণীৰ অতুলনীয় সহায় শক্তি হৈছে প্রাচীন সংস্কৃতি। এতেকে তাৰ পুননির্মাণ আৰু ৰূপান্তৰ অনিবার্য। তাৰ বাবে জীৱনৰ আদৰ্শ (মূল্য) বদলাব লাগিব।... আজি আমাৰ সকলো আদর্শ (মূল্য)ৰ জোখ হ'ব কেৱল 'জনহিতা' ধর্ম, নীতি আৰু সদাচাৰৰ মূল্যাঙ্কণ হ'ব 'জনহিতা'। 

এই বিচাৰধাৰাৰ ওপৰত পাশ্চাত্যৰ মার্ক্সদৰ্শন আৰু ফ্রয়েডৰ মনোবিকলন শাস্ত্রৰ পর্যাপ্ত প্রভাৱ আছে।" এইখিনিতে লেখকে মার্ক্সীয় অর্থনৈতিক দর্শন আৰু ফ্রয়েডীয় মনস্তত্বৰ প্ৰভাৱ অসমীয়া সাহিত্যত পৰাটো কামনা কৰিছে।

এই যে মার্ক্স আৰু ফ্রয়েডৰ প্ৰভাৱলৈ প্রগতিবাদী সাহিত্যিকজনে একেটা উশাহতে স্বাগতম জনাইছে, ইয়েই বিশেষকৈ অসমৰ তৎকালীন আৰু পৰৱৰ্তী প্রগতিবাদী সাহিত্য আৰু আধুনিক সাহিত্যৰ মাজত থকা এটি স্ববিৰোধৰো আভাস দিছে। ফ্রয়েডীয় মনস্তত্বই সাধাৰণতে প্রকৃতিবাদকহে (naturalism) একপ্রকাৰ প্রশ্রয় দিয়ে।

উত্তৰাধিকাৰ সূত্রে বা প্রকৃতিগতভাবে আমাৰ মনটোৱে যেনেকৈ গঢ় লৈছে, সি তেনেই থাকিব। ব্যক্তিৰ তাত নিজস্বভাবে কৰিবলগীয়া কামেই আছে। মার্ক্সীয় দর্শনে আনহাতে ব্যক্তিৰ সংগ্ৰামী শক্তিৰ ওপৰত ইমান আস্থা স্থাপন কৰে যে প্রকৃতিবাদৰ স্থান তাত প্রায় নাই। ফ্রয়েডীয় দর্শন সেয়েহে প্রকৃতিবাদতকৈ বৰং আধুনিকতাবাদৰহে বেছি ওচৰ চপা। ফ্রয়েডীয় দর্শনে বৈজ্ঞানিক পদ্ধতিৰে মন অধ্যয়ন কৰে আৰু প্রগতিবাদো বৈজ্ঞানিক দৃষ্টিভঙ্গীবেই পৃষ্ঠপোষক এনে কথাৰ বাবেহে মাথোন প্রগতিবাদীসকল ফ্রয়েডীয় দৃষ্টিভঙ্গীৰ সমর্থক।

পাশ্চাত্যৰ আধুনিক বা আধুনিকতাবাদী সাহিত্যত ফ্রয়েডৰ স্থান উচ্চ। মার্ক্সৰ স্থান তাত নাই বুলিব পাৰি। আনহাতে পাশ্চাত্যৰ প্রগতিবাদী সাহিত্যত মার্ক্সৰ স্থানেই একক। ফ্রয়েডৰ স্থান তাত নাই বুলিব পাৰি। অসমীয়াত অকল কমলনাৰায়ণ দেবে বা প্রগতিবাদীসকলে প্রগতিবাদলৈ এই স্ববিৰোধযুক্ত ধাৰণা অনা নাছিল; আধুনিকতাবাদীসকলেও একমুখে মার্ক্স আৰু ফ্রয়েডৰ নাম আঁতৰাই এইদৰে অসমীয়া আধুনিকতাবাদ বা আধুনিকতাবাদলৈ এই স্ববিৰোধ আনিছিল। ইয়াৰ ফলতেই আধুনিকতাবাদ কি, প্রগতিবাদ কি, আধুনিকতাবাদী কবিতা প্রগতিবাদী সমালোচকে কিয় বেয়া বুলি কয়, অথবা প্রগতিবাদী কবিতা এটা আধুনিকতাবাদী সমালোচক এজনে কিয় বেয়া বুলি কয়- এইবোৰ কথা আমাৰ সাধাৰণ পাঠকসকলৰ বাবে এতিয়াও স্পষ্ট হোৱা নাই।

সি যি নহওক, সেই যুগত আমাৰ প্ৰগতিবাদী শিবিৰতো ফ্রয়েডৰ সমাদৰ আছিল বাবেই কমলনাৰায়ণ দেৱহঁতৰ জয়ন্তীয়ে আধুনিকতাবাদী নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা প্ৰমুখ্যে কবিসকলকো স্থান দিছিল। সেইদৰে পৰৱৰ্তী কালত ৰামধেনুত নৱকান্ত বৰুৱাৰ যেনে সমাদৰ আছিল, সমাজবাদী কবি হেম বৰুৱাৰো আছিল তেনে সমাদৰ। কিন্তু সেই যুগতেই ভবানন্দ দত্তৰ মনত আধুনিকতাবাদ আৰু প্রগতিবাদৰ প্রভেদ স্পষ্ট আছিল। সেয়েহে তেওঁ অসমীয়া আধুনিকতাবাদী সকলৰ গুৰু টি.এছ, এলিয়টক "naturalist আৰু পলায়নবাদী” বুলি গৰিহণা দিছিল। 

ইয়াৰ উপৰি ভবানন্দ দত্তই "জাতিৰ মুক্তি সংগ্ৰামৰ প্ৰেৰণা আৰু প্রগতিশীল সামাজিক মূল্যবোধ- এই দুটাৰ ভিতৰত কোনো বিৰোধ নাই" বুলি ঘোষণা কৰি, "তাৰ আপাত বিৰোধটোরে যোৱা কেবা দশক জুৰি আমাৰ ৰাষ্ট্ৰীয়, সামাজিক আৰু সাংস্কৃতিক চিন্তাধাৰাত খেলিমেলি লগাই আহিছে” বুলি ঘোষণা কৰিছিল। সেয়েহে ভবানন্দই মার্ক্সবাদী হৈয়ো স্বাধীনতাব আন্দোলনত প্রত্যক্ষ সংগ্রামী হিচাপে অবতীর্ণ হৈছিল অন্য বহুতো তৎকালীন প্রগতিবাদীৰ দৰে। আনকি টি.এছ, এলিয়টক তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ পিনে চাই, বিশ্বৰ বিভিন্ন ঠাইৰ, তেওঁ সমসাময়িক জনগণৰ আত্মপ্রতিষ্ঠাৰ সংগ্রামবোৰলৈ চাই তাৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰাৰ মানসিকতা নাই বাবে গৰিহণা দিছিল:

‘‘এলিয়েট হৈছে revivalist কবি, পলায়নবাদী, ৰোমান্টিক কবি। তেওঁ আকৌ ফিৰাই পাবলৈ বিচাৰে বিগত শতাব্দীৰ গৌৰৱমণ্ডিত ইংলণ্ডক, বিংশ শতিকাৰ জীৱনত তেওঁ দেখে কেবল বিফলতা, মূঢ়তা আৰু মনুষ্যত্বহীনতা। তেওঁৰ চকুত নপৰে ইংৰাজী (?) সাম্ৰাজ্যৰ বিৰুদ্ধে নিষ্পেষিত ভাৰতীয় জনসাধাৰণৰ জাগ্ৰত সংগ্ৰাম আৰু নৱজীৱনৰ প্ৰেৰণা। দেখা নাপায়, পৃথিবীৰ কোনে কোনে মুক্তিমন্ত্রত দীক্ষিত, শোষিত জনসাধাৰণৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, মানব সমাজৰ সকলো গ্লানি আৰু অভিশাপ দূৰ কৰি মানৱতাৰ নতুন উজ্জ্বল ইতিহাস ৰচনা কৰাৰ সাধনা।?’’ 

স্বাধীনতা সংগ্ৰামৰ এজন সক্রিয় কর্মী চক্ৰেশ্বৰ ভট্টাচাৰ্য্যই আকৌ লেখকসকলক তেওঁলোকৰ "সকলো প্রতিক্রিয়াশীল মনোভার পৰিত্যাগ কৰি সমাজৰ সংৰক্ষণশীল শক্তিবোৰৰ বিপক্ষে যুদ্ধ কৰিবলৈ আহ্বান জনাইছিল। "সাহিত্যৰ সমস্যা" বোলা প্রবন্ধটিত গান্ধী আৰু ৰবীন্দ্রনাথৰ উল্লেখ সশ্রদ্ধভাৱে কৰিছে আৰু দেশবাসীক তেওঁলোকৰ পৰা শিকিবলৈ আহ্বান কৰিছে। সাম্রাজ্যবাদী শক্তিসমূহে কেনেকৈ নৰহত্যাৰ যজ্ঞ পাতিছে আৰু গান্ধীয়ে কেনেকৈ তাৰ বিপক্ষে থিয় দিছে, ভট্টাচার্য্যই তালৈ আঙুলিয়াইছে। তদুপৰি ভট্টাচাৰ্য্যই আঙুলিয়াইছে হিন্দী কবি মহাদেৱী বৰ্মালৈ। মহাদেৱী বৰ্মাও ৰবীন্দ্রনাথৰ দৰে ৰহস্যবাদী কবি হৈয়ো পৰৱৰ্তী জীৱনত দলিত আৰু শোষিতসকলৰ সৈতে নিজকে একাত্ম কৰিছিল আৰু শোষণকাৰীসকলৰ বিৰুদ্ধে থিয় দিছিল।

প্রগতিবাদী আন্দোলনটিৰ পৰা এতিয়া আমি এই আন্দোলনে সৃষ্টি কৰা প্রগতিবাদী সাহিত্যলৈ যাওঁহক। পূর্বতেই কোৱা হৈছে, এই আন্দোলনৰ আগতেই অসমৰ বায়ু- পানী-মাটি এনে এক আন্দোলনৰ বাবে উপযোগী হৈ উঠিছিল। এক দশকৰ আগৰ পৰাই, অৰ্থাৎ তৃতীয় দশকৰ পৰাই অসমীয়া গল্পত আমি প্রগতিবাদী ভাব দেখা পাওঁ। 

দুৰ্গতজনৰ প্ৰতি সহানুভূতি, সমাজৰ সংকীর্ণতাবাদীসকলৰ প্ৰতি অসহিষ্ণুতা, নাৰীৰ সামাজিক স্থানৰ উন্নতি কামনা- এনেবোৰ ভাব লক্ষ্মীধৰ শৰ্মাৰ গল্পত আছে বাবেই অবশ্যে তাক প্রগতিবাদী আখ্যা দিয়া নগ'লহেতেন। কিয়নো এনেবাৰ ভাব ৰোমাণ্টিক সাহিত্যতো থাকে। কিন্তু লক্ষ্মীধৰ শৰ্মাৰ গল্পত এনেবোৰ ভাব যিদৰে ধৰা পৰিছে সি লেখকৰ বৈজ্ঞানিক সমাজবাদী দর্শনৰ অথবা এক শ্রেণীসচেতন বৈজ্ঞানিক গতিশীল মনোভঙ্গীৰ আভাস দিয়ে। 

তেওঁৰ 'বিদ্রোহিনী' চুটি গল্পটিত (ব্যৰ্থতাৰ দান, ১৯৪০, সংকলনটিত সংগৃহীত) আমি এগৰাকী তৰুণী বিধৱাক লগ পাওঁ। পুনৰ বিৱাহিত হোৱাৰ বাবে সমাজৰ বাধা থকা হেতু এওঁক উচ্চ শিক্ষাকেই দিয়া হ'ল। উচ্চ শিক্ষিত নাৰী হিচাপে এওঁ সমাজত নাৰীমুক্তিৰ কামত নিজকে ব্ৰতী কৰিছে। অকল ইয়াতেই তেওঁ ক্ষান্ত নাথাকি, সমাজৰ অনুমোদনৰ বিপক্ষে এক পুৰুষৰ প্ৰেমত পৰিছে আৰু সমাজৰ বিপক্ষে থিয় হৈ সেই পুৰুষৰ সৈতে পুনৰ বিৱাহিত হৈছে। এই পুনর্বিবাহিতা বিধৱাই এনে কৰি আকৌ সমাজক বুজায় দিছে সমাজৰ সংৰক্ষণশীলতাৰ কথা আৰু তাৰ প্রতি প্রগতিবাদী মনোভঙ্গী গ্রহণ কৰাৰ প্রয়োজনীয়তাৰ কথা। নাৰীমুক্তিৰ কথা তেওঁ এই প্রসঙ্গতে দোহাৰিছে আৰু এই কথাই এফালে আমাৰ সমসাময়িক স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰতেই গান্ধীৰ ভাবধাৰা আৰু আনফালে মার্ক্সৰ ভাৱধাৰাৰ পিনেও মনত পেলাই দিয়ে।

শৰ্মাৰ বিখ্যাত 'চিৰাজ' গল্পটিও প্রগতিবাদী ভাবধাৰাৰেই ৰচনা। ইয়াত দেখুৱা হৈছে শিক্ষিত উচ্চ মধ্যবিত্ত কন্দর্প আৰু অনিলহঁতৰ পৰিয়ালৰ লোকৰ সংকীর্ণ, সংৰক্ষণশীল মনোবৃত্তি আৰু তাৰ বিপৰীতে খাটি খোৱা কৃষক শ্ৰেণীৰ প্ৰতিভূ চিৰাজৰ মনৰ উদাৰতা। শৰ্মাৰ 'পৰাজয়' গল্পত প্রগতিবাদ অতি সুস্পষ্ট ৰূপত ফুটি উঠিছে। এই গল্পটি আনকি স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রতিও সমালোচনাশীল। ইয়াত এজনে শিক্ষিত ডেকাৰ প্ৰথমতে উচ্চবিত্ত শ্ৰেণীৰ দেশী তথা বিদেশী চাহ খেতিয়কবোৰৰ বিষয়ে একেদৰে মোহভঙ্গ হৈছে, আৰু তাৰ পিছত কংগ্ৰেছৰ জাতীয় নেতাবোৰৰ বিষয়েও মোহভঙ্গ হৈছে। চাহ খেতিয়কসকলৰ তেওঁলোকৰ বাগিচাৰ বনুৱাবোৰৰ প্ৰতি যি নিষ্ঠুৰতা, সেয়া, তেওঁ নিজৰ চকুৰেই দেখিলে যে, দেশীয় খেতিয়ক আৰু শ্বেতাংগ বিদেশী খেতিয়ক নির্বিশেষে সকলোৰে একেই। অসমৰ পৰা কলিকতালৈ গৈ তেওঁ তাৰ কাৰখানাবোৰত বনুৱাসকলৰ অমানুষিক দুখ কষ্ট দেখা পালে; আৰু তাৰ বিপৰীতে দেখা পালে কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বৰ বৰ নেতাসকলৰ আড়ম্বৰ। তেতিয়া তেওঁ অনুভৱ হ'ল-

‘‘কংগ্রেছ মধবিত্ত, কিন্তু বিলাসী ধনীব। মহাত্মা গান্ধীৰ বাহিৰে অন্য কোনো মানুহ যে দুখীয়া কাৰণে ব্যস্ত, এনে অনুমান নহ'ল। তাৰ উপৰি কুলী মজদুৰৰ বিষয়ে কথা কওঁতা কংগ্রেছত নাছিল।’’

গল্পৰ শেষত যেতিয়া তেওঁৰ কাৰাদণ্ড হ'ল, তেতিয়া তেওঁৰ এয়া উপলব্ধি: 

‘‘সঁচাকৈ বৰ দুখ লগা ভাৰতীয় সমাজ। কতো অকণমানো আলোকৰ ৰেখাপাত নাই, মাত্র অত্যাচাৰ, নিষ্পেষণ; সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক দুৰৱস্থা। মনুষ্যত্ব বিকাশৰ ব্যৱস্থা শূন্য। এই সমাজ, এই ৰাজনীতি, এই ধৰ্মৰ আৱশ্যকতা যে নাই, এই কথাই জেলত স্পষ্টকৈ মোৰ মনত ধৰা দিলে। ধর্ম, সমাজ, ৰাজনীতি সকলোৰে সমূল ধ্বংস আৱশ্যক। সকলোৰে ঠাইত এনে নীতি প্রবর্তন কৰিব লাগিব, যাৰ দ্বাৰা পৃথিৱীত কোটি কোটি দুখীয়াৰ হৃদয়ত ৰক্ত, মনুষ্যত্ব, দয়া, মায়া এজন ধনীয়ে নষ্ট কৰি দিব নোৱাৰে।"

ত্ৰিছৰ দশকৰ অসমীয়া সাহিত্যৰ প্রগতিবাদী ভাবধাৰাৰ ই এক সুন্দৰ উদাহৰণ। গৌৰীশংকৰ ভট্টাচাৰ্য্যৰ আৱাহনত প্রকাশ পোৱা গল্পবোৰো প্রগতিবাদী গল্পৰ নমুনা। তাৰে ভিতৰত 'প্ৰেমতকৈয়ো তীব্র' গল্পটি বিশেষভাবে উল্লেখযোগ্য। ইয়াৰ প্ৰায় এক দশক পিছত প্রগতিবাদী ভাবধাৰাই যেতিয়া এটা আন্দোলনৰ সৃষ্টি কৰিলে, তেতিয়া কিন্তু তাত এই ভাবধাৰা প্ৰকট হৈ পৰিল বিশেষকৈ কবিতাৰ ক্ষেত্ৰতহে। প্রথম অৱস্থাত এই আন্দেলনৰ বেলিকা ভবানন্দ দত্ত, অমূল্য বৰুৱা আৰু হেম বৰুৱায়েই এই ভাবধাৰাৰ কবিতা নতুন আংগিকত ৰচনা কৰিছিল। তেওঁলোকাৰ কবিতাৰ বেছিভাগ বিষয়বস্তুৱেই আছিল আর্থ-সামাজিক আৰু সি মূর্ত হৈছিল ইন্দ্রিয়গ্রাহ্য কল্পচিত্র আৰু প্রতীকৰ সহায়ত মুক্ত ছন্দত। এটি ক্রোধৰ ভাব আৰু প্ৰতিবাদৰ সুৰেৰে তেওঁলোকে অতি সোনকালে পাঠকসমাজৰ মনোযোগ আকর্ষণ কৰিলে। 

এই কবিতাৰ নমুনা হিচাপে নচিকেতা ছদ্মনামত প্রকাশিত ভবানন্দ দত্তৰ 'ৰাজপথ' কবিতাটিৰ অংশ-বিশেষলৈ আমি মন কৰিব পাৰোঁ।

বিচিত্র তোমাৰ লীলা,
দুকাষে তোমাৰ দালানৰ শাৰি, 
পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিওৰ গান 
অর্গেনত ৰবীন্দ্র-সংগীত; 
ডবল তলিচা পৰা মেহগনি পালেঙত 
বিৰহ কাতৰা কলেজ গার্লৰ 
অলসায়িত দেহা। 
আৰু তাৰ তলতেই ফুটপাথত 
(ধন্য তোমাৰ দয়া!) 
শূন্য ভিক্ষাৰ পাত্ৰ লৈ শুই পৰা 
মৃতপ্রায় কঙ্কালৰ শাৰি; 

কবিতাটি প্রকাশিত হৈছিল প্রগতিবাদী আন্দোলনৰ মুখপত্র হিচাপে দেৱ আৰু ভট্টাচাৰ্য্যৰ সম্পাদনাত ওলোৱা জয়ন্তীৰ প্ৰথম সংখ্যাতেই। অমূল্য বৰুৱাৰ 'কুকুৰ' কবিতালৈকেও আমি ইয়াত আঙুলিয়াব পাৰোঁ। তাৰ এটা অংশ-

সউ দল কুকুৰ। 
প্রত্যেকটো ৰাস্তাৰ 
আবর্জনাৰ দমবিলাকৰ কাষে কাষে 
সিহঁতৰ প্ৰত্যেকৰ মুখে মুখে 
ৰস নাইকিয়া শুকান এডোখৰ 
জাতি-বর্ণ বিচাৰ নোহোৱা হাড়; 
নাইবা কোনোটোৰ মুখত 
ফটা জোতাৰ একো টুকুৰা লেতেৰা চামৰা 
দুই-এটা ভাগ্যবানৰ বাহিৰে 
চুৱাপাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন। 
সিহঁতৰ পাছে পাছে ফুৰিছে 
গাৰ ছাঁৰ দৰে আন্ধাৰৰ বুভুক্ষা।
ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়, 
-'অহিংসা পৰম ধর্ম'- 
সিহঁতৰ অশৃঙ্খল, কোলাহলপূর্ণ হিংসামত্ত সমাজত 
ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্রাম।"

হেম বৰুৱা তেতিয়া যদিও এজন কংগ্রেছী স্বাধীনতা সংগ্রামী আছিল, তথাপি তেবোঁ এই আন্দোলনৰ এজন হোতা আছিল। তেওঁৰ 'দোল-পূর্ণিমা' কবিতাটিৰ অন্তনির্হিত শ্লেষ মন কৰিবলগীয়া। দোল-পূর্ণিমা যদিও আনন্দ-উৎসৱৰ সৈতে সংযুক্ত, ই যদিও মেলা, এই দোল-পূর্ণিমাৰ ৰাতিত প্রগতিবাদী কবিৰ চকুত পৰিছে বুভুক্ষু জনতাৰ এমুঠি ভাতৰ দাবীত উলিওৱা এটি শোভাযাত্রা।"

অৱশ্যে এই আন্দোলনৰ লগত জড়িত সকলো লেখকেই যে অর্থনৈতিক বৈষম্য আৰু শোষণ লৈয়েই সাহিত্য ৰচনা কৰিছিল সি নহয়। জয়ন্তীৰ অন্যতম লেখক জ্যোতিপ্রসাদ আগৰৱালাই ইয়াত লিখা কবিতা এটা হ'ল 'আজিৰ কবিতা'।" স্বাধীনতা আন্দোলনৰ প্ৰেৰণা আৰু আৱেগকেইহে লোৱা হৈছে এই কবিতাৰ বিষয় হিচাপে। কিন্তু তাতেই আকৌ জড়িত হৈছে প্রগতিবাদী ভাব। উদাহৰণস্বৰূপে, কবিয়ে ইয়াত আনন্দ প্রকাশ কৰিছে তেওঁৰ দিনৰ কবিতা কুঁৱৰীয়ে যন্ত্ৰৰ ওচৰলৈ, তৃতীয় শ্ৰেণীৰ ৰেলৰ ডবালৈ, কয়লাখনিৰ গৰ্ভলৈ আৰু কাৰখানালৈ যোৱা বাবে। কিন্তু এই কবিতা কুঁৱৰীৰ কপালত আছে সত্য-সেন্দুৰৰ ফোঁট আৰু এওঁ নাচে গান্ধীৰ সুৰে সুৰে, যতৰৰ ঘূৰণৰ তালে তালে।

জয়ন্তীৰ চুটি গল্পটো প্রগতিবাদী ভাবধাৰা প্ৰকাশিত হৈছিল, যদিও এই শাখাটি কবিতাৰ দৰে চকুত পৰা হৈ উঠিব পৰা নাছিল। জয়ন্তীৰ প্রগতিবাদী চুটি গল্প বুলিলে বিশেষকৈ চক্রেশ্বর ভট্টাচাৰ্য্যৰ চুটি গল্পলৈকেই আজি মনত পৰে। পূৰ্বতে উল্লেখ কৰা ছদ্মনাম তিনিটাতেই চক্রেশ্বৰ ভট্টাচাৰ্য্যই গল্পবোৰ প্ৰকাশ কৰিছিল। পিছত তেওঁ গল্পবোৰ ৰিক্সাৱালা নামৰ এটি সংকলনত সংগৃহীত হৈছিল। তেওঁৰ মৃত্যুৰ পিছতেই তেওঁৰ প্ৰগতিবাদী ভাবধাৰাৰ কথা-কবিতাবোৰৰ এটি সংকলনো প্রকাশ হৈছিল- ৰাজপথৰ শিল নামত (১৯৭১)। ছগনলাল জৈন, বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য্য আদিও আছিল জয়ন্তীৰ গল্পকাৰ।

জয়ন্তীৰ অসমীয়া সাহিত্যলৈ এক অতি মূল্যবান অৰিহণা হ'ল ইয়াত প্রকাশিত ভালেকেইটা চিন্তামূলক প্রবন্ধ। এই প্ৰবন্ধৰ আটাইবোৰ যে প্ৰগতিবাদী, তেনে নহয়। প্ৰবন্ধৰ ক্ষেত্ৰত জয়ন্তীৰ এজন সঘন অৰিহণাদাতা আছিল বাণীকান্ত কাকতি; আৰু তেখেতৰ প্ৰায়বোৰ প্ৰবন্ধৰ বিষয় আছিল ধর্ম। কিন্তু মন কৰিবলগীয়া যে, কাকতিয়ে ধৰ্মৰ বিচাৰ এই আলোচনীত কৰিছিল বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সামাজিক নৃ-তত্ত্বৰ আধাৰত।

এনেকৈয়ে অসমীয়া সাহিত্যৰ প্রগতিবাদী এই আন্দোলনটি চল্লিছৰ দশকত আৰম্ভ হৈ স্বাধীনতাৰ কিছু পাছলৈকেও চলি আছিল। পিছত হেম বৰুৱা সম্পাদিত পছোৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য সম্পাদিত ৰামধেনু আৰু দীননাথ শর্মা সম্পাদিত স্বাধীনোত্তৰ কালৰ আৱাহনতো এই আন্দোলনৰ ঢৌ দেখা গৈছিল। জয়ন্তীব বেছিভাগ লেখকেই এই আলোচনী বন্ধ হ'লত ইবোৰ আলোচনীত লিখিছিল। প্রগতিবাদী সাহিত্যৰ সেই আন্দোলন এতিয়াও চলি আছে বুলিব নোৱাৰি। পঞ্চাছৰ দশকতেই তাৰ অন্ত পৰিছে। অৱশ্যে পিছৰ দশকত হীৰেন গোহাঁই, অনিল ৰায়চৌধুৰী আৰু তাবকচন্দ্র গোস্বামী সম্পাদিত নতুন পৃথিবী ত্রৈমাসিক আলোচনীখনত আৰু এক আন্দোলনৰ সূচনা কৰা হৈছিল বুলি কোৱাৰ ঠাই আছে। কিন্তু সত্তৰৰ দশকৰ সামৰণিৰ লগে লগে সেই আন্দোলনৰো যেন সামৰণি পৰিল। অৱশ্যে প্রগতিবাদী সাহিত্যৰ সুঁতি এতিয়াও এক জীয়া সুতি। নতুন পৃথিবীত বাহিৰেও দুই-এক অন্য ক্ষণজীৱী আলোচনীত এই সাহিত্যই পৃষ্ঠপোষকতা লাভ কৰি আহিছে।

সামৰণিত ক'ব পাৰি, স্বাধীনতাৰ কাললৈকে অসমীয়া প্রগতিবাদী সাহিত্য এখন শ্রেণীহীন সুখী সমাজৰ আৰু দুৰ্গত লোকৰ উন্নতিৰ যুঁজত লিপ্ত হোৱাৰ লগতে দেশৰ ৰাজনৈতিক স্বাধীনতাৰ বাবেও ই উৎসাহী আছিল। যদিহে প্রগতিবাদী সাহিত্যিকসকলে তেতিয়া দেশৰ স্বাধীনতাৰ বাবে শ্রেণীহীন সমাজক লৈ উৎসাহী হোৱাৰ দৰে সমানে উৎসাহী নাছিল, তেন্তে এই কথা মনত ৰাখিব লাগিব যে দেশখনৰ স্বাধীনতা আন্দোলনৰ অবিসংবাদী নেতা মহাত্মা গান্ধী নিজেও ৰাজনৈতিক স্বাধীনতাৰ বাবে কেবল উৎসাহী নাছিল। সক্রিয় ক্ষেত্রত অসমীয়া প্রগতিবাদীসকলৰ বহুতৰেই স্বাধীনতা সংগ্রামলৈ অৰিহণা যথেষ্ট। কিন্তু তেওঁলোকৰ ৰচনাৰ উপৰিভাগত তাৰ বুৰবুৰণি যদি চমকপ্রদ নহয়, তেন্তে তাৰ কাৰণ হ'ল, তেওঁলোকে জনগণৰ সৰ্বাত্মক স্বাধীনতাৰ দৰে গভীৰতৰ কথাবোৰৰ ওপৰতহে বেছিকৈ গুৰুত্ব আৰোপ কৰিছিল।

উৎসঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, গোবিন্দপ্ৰসাদ শৰ্মাৰ লেখা


অসমীয়া প্ৰগতিবাদী কবিতা

কুৰি শতিকাৰ চল্লিশৰ দশকত ‘জয়ন্তী’ আলোচনীৰ জৰিয়তে অসমীয়া  কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰগতিশীল চিন্তাৰ ধল নামি আহে। জয়ন্তী সম্পৰ্কে হোমেন বৰগোহাঞিৰ অভিমত : ‘‘আধুনিক অসমীয়া কবিতাত জয়ন্তীয়ে এটা স্কুলৰ জন্ম দিয়ে আৰু সাম্প্ৰতিক অসমীয়া কাব্য আন্দোলন সেই স্কুলৰেই দুই-এজনৰ সচেতন চেষ্টাৰ ফল বুলিলেও অত্যুক্তি কৰা নহয়।’’ 

জয়ন্তী যুগৰ কবিতা আছিল বিদ্ৰোহৰ কবিতা। এই বিদ্ৰোহৰ সবল প্রকাশ পৰিলক্ষিত হয় কমল নাৰায়ণ দেৱ আৰু চক্রেশ্বৰ ভট্টাচাৰ্য সম্পাদিত (১৯৪৩-৪৬)ৰ জয়ন্তীৰ পাতত। ১৯৪৩ চনৰ পৰা জয়ন্তীয়ে (নৱেম্বৰ-ডিচেম্বৰ সংখ্যা) কবিতাৰ ক্ষেত্ৰখনত এটা নতুন ধাৰাৰ সূচনা কৰে। সামাজিক চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ সেই সময়ৰ কবিসকলে শোষিত-নিষ্পেষিতজনৰ হৃদয়ৰ ভাষাক কবিতালৈ প্ৰসাৰিত কৰাত কবিতাই পৰিগ্রহণ কৰিলে : সৰ্বহাৰা গণ জীৱনৰ মুকুতিৰ বাণীৰ স্বৰূপ। পুঁজিবাদী সমাজ ব্যৱস্থাৰ পৰিবৰ্তে এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে কবিসকল আগ বাঢ়িল প্ৰগতিবাদী চিন্তাৰ বাটেৰে। মহেন্দ্ৰ বৰাই ক’বৰ দৰে : ‘‘জয়ন্তী যুগৰ কাব্য বিপ্লৱৰ কাব্য। প্ৰতিবাদৰ কণ্ঠস্বৰ সেই কাব্যত বলিষ্ঠ। প্ৰখৰ সমাজ চেতনা আৰু তীক্ষ্ণ সমালোচনা জয়ন্তী যুগৰ কবিতাৰ এক বৈশিষ্ট্য।’’ জয়ন্তী যুগৰ এই নব্য ধাৰাৰ কবিতাই এক নতুন  কবি গোষ্ঠীক আগ বঢ়াই আনে। কল্পনাশ্রয়ী ৰোমাণ্টিক ভাব-বিলাসিতাৰ বিপৰীতে যুদ্ধোত্তৰ যুগৰ এইসকল কবি ঘাইকৈ দুটা সুঁতিত বিভাজিত হৈ পৰে। 
১। সামাজিক চেতনা আৰু প্ৰগতিশীল চিন্তাধাৰাৰে উদ্বুদ্ধ সাম্যবাদী ধাৰা আৰু 
২। নব্য ৰোমাণ্টিক ধাৰা।

সেই সময়ছোৱাত জয়ন্তী আলোচনীয়ে মুখ্যতঃ গুৰি ধৰিছিল প্ৰগতিবাদী ধাৰাৰ কবিতাসমূহক। সেই সময়ত জয়ন্তীৰ পাতত ভালেসংখ্যক কবিৰ কবিতা প্ৰকাশিত হৈছিল। তাৰ ভিতৰত উল্লেখযোগ্যসকল – ভবানন্দ দত্ত, চক্রেশ্বৰ ভট্টাচাৰ্য্য, হেম বৰুৱা, অমূল্য বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কেশৱ মহন্ত, ৰাম গগৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা, বীৰেন্দ্ৰ নাথ বৰকটকী, ভৱ প্ৰসাদ ৰাজখোৱা, যতি নাৰায়ণ শৰ্মা, নবকান্ত বৰুৱা, উগ্র কটকী আদি। সেই সময়ছোৱাতে (১৯৪৬ চনত) প্ৰকাশিত হয় এখন কাব্য সংকলন – ‘আধুনিক অসমীয়া কবিতা’। সম্পাদনা আছিল যতি নাৰায়ণ শৰ্মাৰ। 
আধুনিক কবিতাৰ সামগ্ৰিক বিচাৰ প্ৰসংগত হোমেন বৰগোহাঞিয়ে ইউৰোপীয় কাব্য আন্দোলনৰ দুই বিশিষ্ট ধাৰা : ১। প্রতীকবাদী আৰু ২। সাম্যবাদী ধাৰাৰ বিষয়ে উল্লেখ কৰিছে। 

আধুনিক কাব্য আন্দোলনৰ এই দুই বিশিষ্ট ধাৰাৰ ভিতৰত সাম্যবাদী চিন্তাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে উক্ত সংকলনখনৰ কবিতাসমূহ দাঙি ধৰিব পাৰি বুলি তেখেতে অভিমত ব্যক্ত কৰিছে। অসমীয়া সাহিত্যৰ বুৰঞ্জী (৬ষ্ঠ খণ্ডত)গোবিন্দ প্ৰসাদ শৰ্মাই উল্লেখ কৰা মতে সেই সময়ছোৱাৰ, অসমীয়া কবিতাৰ সমাজবাদী/প্রগতিবাদী ধাৰাৰ মুখ্য কবিসকল হ’ল : হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, ৰাম গগৈ, কেশৱ মহন্ত, চিন্ময় চৌধুৰী, অমলেন্দু গুহ, হেমাংগ বিশ্বাস, সদা শইকীয়া, হীৰেন গোহাঁই, অমিত সৰকাৰ। পঞ্চাশৰ পৰা ষাঠিৰ দশকলৈ অসমীয়া কবিতাৰ এই সমাজ সচেতন প্ৰগতিশীল ধাৰাটোৰ প্ৰৱাহ অব্যাহত ৰাখে। ৰাম গগৈ, কেশৱ মহন্ত, অমলেন্দু গুহ আদি কবিসকলে। আনহাতে, ষাঠিৰ দশকত এইসকল কবিৰ সৈতে একেটা শাৰীত সন্নিবিষ্ট হয়হি : নলিনীধৰ ভট্টাচাৰ্য, হেমাংগ বিশ্বাস, ৰবীন্দ্ৰ বৰা, ৰবীন্দ্ৰ চৰকাৰ, নিৰঞ্জন ফুকন আদি। এই সময়ৰ কবিতাসমূহ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত বিষয়/আংগিকৰ বৈচিত্র্যৰ লগতে বিভিন্ন সম্পৰীক্ষণ, সমাজ জীৱনলৈ আহিব ধৰা বিভিন্ন পৰিবৰ্তন সম্পৰ্কে সচেতনতা তথা সংগ্ৰামী চেতনাৰো বলিষ্ঠ প্রকাশ। কবীন ফুকনে অসমীয়া কাব্য ইতিহাসত ঘাইকৈ তিনিখন আলোচনীৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰাৰ লগতে অসমীয়া কাব্য প্ৰৱাহৰ সৃষ্টি আৰু বিকাশৰ প্ৰসংগতো মূলতঃ তিনিটা সুঁতিৰ সংমিশ্ৰণৰ কথা উল্লেখ কৰিছে।

১। ‘জয়ন্তী’ আলোচনীৰ উদ্যোগত ঠন ধৰি উঠা বাস্তৱবাদী বিপ্লৱকামী কবিতা বা সমাজমুখী কাব্যধাৰা।
২।‘পছোৱা’ আৰু ‘ৰামধেনু’ আলোচনী দুখনৰ কবিতাত বাস্তৱভিত্তিক সমাজ চেতনাৰ লগত ইউৰোপীয় প্রতীকবাদী আৰু কল্পচিত্রবাদী চেতনাৰ সংযোগত আত্মিক-সামাজিক জীৱন দৃষ্টিৰ সহগামী কাব্যধাৰা
৩।‘ৰামধেনু’ উত্তৰকালৰ সমাজমুখী কাব্যধাৰাৰ এক নতুন অভ্যুদয়।

মদন শৰ্মাই ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’ত উল্লেখ কৰিছে যে ষাঠিৰ দশকৰ শেষৰ ফাললৈ দেখা দিয়া ৰাজনৈতিক পৰিবৰ্তন, বিভিন্ন আন্দোলন, ঘাইকৈ সাম্যবাদী আৰু কৃষক আন্দোলনলৈ অহা পৰিবৰ্তন, ক্ৰমশঃ ঘনীভূত হৈ অহা অৰ্থনৈতিক সংকট আদিয়ে অসমীয়া কবিসকলৰ অনুভূতি আৰু চিন্তাৰ জগতখনত আলোড়ন তুলিলে। লক্ষণীয় যে শ্ৰেণীসংগ্ৰাম আৰু সমাজ পৰিবৰ্তনৰ আকাংক্ষাই সেই সময়ছোৱাৰ কবিসকলৰ সৃষ্টিৰ প্ৰেৰণাস্বৰূপ আছিল।

ষাঠিৰ দশকৰ আৰম্ভণিতে হীৰেন গোহাঁই আৰু ভবেন বৰুৱাই এক উচ্চ মানৰ সাহিত্যৰ মাপ-কাঠীৰে নতুনত্বৰ সন্ধানত ব্রতী হোৱা পৰিলক্ষিত হয়। মাৰ্ক্সীয় দৰ্শনৰ প্ৰগতিবাদী আদৰ্শৰ অনুগামী হীৰেন গোহাঁইৰ সবল ভূমিকাৰে ‘জয়ন্তী যুগ’ত প্রবলভাবে বিস্তাৰিত আৰু ‘ৰামধেনু যুগ’ত শীৰ্ণভাৱে প্ৰৱাহিত প্ৰগতিবাদী ধাৰাটো পুনৰ উজ্জীৱিত হৈ শক্তিশালী ধাৰা ৰূপে পৰিগণিত হ’ল। এনেদৰে ৭০ দশক পৰ্যন্ত যুদ্ধোত্তৰ অসমীয়া কবিতাই ৰূপান্তৰৰ বোৱঁতী সুঁতিৰে বৈ আহি, এক ঐতিহাসিক প্ৰৱাহ সৃষ্টি কৰিবলৈ সক্ষম হয়। ৭০ৰ দশকৰ আৰম্ভণিৰে পৰা ৰাজনৈতিক সচেতনতা আৰু বিপ্লৱী চিন্তা-চেতনাৰে দীক্ষিত এচাম সমাজ সচেতন কবিয়ে দায়বদ্ধতাৰে আধুনিক অসমীয়া কবিতাৰ যাত্ৰা অব্যাহত ৰাখিছে।
যুদ্ধোত্তৰ যুগৰে পৰা বৰ্তমানলৈ কাব্যসাধনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰগতিবাদী ধাৰাৰ উল্লেখনীয় কবিসকলৰ সৃষ্টিৰাজিৰ বিষয়ে এক আলোকপাত অসমীয়া কাব্যজগতত প্ৰগতিশীল ধাৰাৰ কবিতাত ধীৰেন্দ্রনাথ দত্ত এক উল্লেখনীয় নাম। ত্ৰিশৰ দশকত আত্মপ্ৰকাশ কৰা এইজন প্ৰগতিবাদী কবিয়ে চল্লিশৰ দশকলৈ নিৰৱচ্ছিন্ন সাধনাৰে অব্যাহত ৰাখিছিল নিজৰ কাব্যচৰ্চা। এখেতৰ বিষয়ে কবি অজিৎ বৰুৱাই কৈছে : ‘অসমীয়া কবিতাত মাৰ্ক্সীয় তত্ত্বৰ প্ৰথম আৰু পূৰ্ণ প্রকাশ ঘটে ধীৰেন্দ্রনাথ দত্তৰ কবিতাত।’

সাম্যবাদী চিন্তাধাৰাৰে বিকশিত তেওঁৰ কাব্যভাবনাত ফুটি উঠে সমাজৰ খাটিখোৱা শ্ৰেণীৰ প্রতি দৰদ আৰু বিদ্ৰোহী মনোভাবেৰে নতুন সমাজ গঢ়াৰ প্ৰৱণতা। কবীন ফুকনে ক’বৰ দৰে, ‘‘তেওঁ আছিল সাম্যবাদী গণ দৃষ্টিৰ প্ৰথম অসমীয়া আধুনিক কবি।’’ তেওঁৰ কবিতাতে প্রথমে পৰিলক্ষিত হয় শ্ৰেণী চেতনাৰ প্রকাশ আৰু শ্ৰেণী সংগ্ৰামৰ আহ্বান।

সমাজত বৰ্তি থকা বৰ্ণবিদ্বেষৰ নিষ্ঠুৰ অৱদমনৰ প্ৰতিবাদত সোচ্চাৰ হৈ উঠিছে তেওঁৰ কলম এনেদৰে:
‘‘মাটি ফালি তই আৰ্জি শস্য তয়েই পুহিছ
ছত্রিশ জাত,
তাৰ ফল পালি মহা হীন হ’লি শাস্ত্রৰ কঠিন
বান্ধোন গাত।’’

কৃষক, বনুৱা আদি শ্ৰমজীৱী লোকে কেনেকৈ অমানুষিক শ্ৰমেৰে আনৰ শস্যৰ ভঁৰাল ভৰাই নিজে লঘোনে থাকিব লগা হয়, সেই কথাত হাহাকাৰ কৰি উঠিছে তেওঁৰ হৃদয়ে। পুঞ্জীভূত বিদ্ৰোহী চেতনাৰে  দলিত, শোষিত, বঞ্চিত, নিষ্পেষিতজনৰ  মনতো তেওঁ  জগাই তুলিব খোজে নতুন সমাজ গঢ়াৰ সাহ। তেওঁৰ কবিতাতে প্ৰথমে পৰিলক্ষিত হৈছিল শ্ৰেণী চেতনাৰ প্রকাশ আৰু শুনিবলৈ পোৱা গৈছিল শ্ৰেণী সংগ্ৰামৰ আহ্বান।
‘‘উঠ খেতিয়ক নাঙল চলা, লগাই দে ভাই গণ্ডগোল
নতুন যুগৰ বাবুক দেখি ফাঁকত পৰি নকৰ ভুল।’

১৯৩৯ চনত ‘মিলন’ আলোচনীত প্ৰকাশিত, ধীৰেন্দ্রনাথ দত্তৰ ‘‘কাঠমিস্ত্রীৰ ঘৰ’’। কবিতাটো অসমীয়া প্ৰগতিবাদী কবিতাৰ ভিতৰতে উল্লেখনীয় এটি কবিতা।

কবিতাটোত নিষ্পেষিতসকলক নিজ অধিকাৰৰ প্রতি সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে – ‘‘উঠা মিস্ত্রী, কঁহাৰ কমাৰ/
আন্ধাৰৰ শেষ আহিল তোমাৰ
লোৱা অধিকাৰ নিজ বলে/
নিজে কৰা কৰ্মৰ, কাঠমিস্ত্রীৰ ঘৰ।’’

চল্লিশৰ দশকত প্ৰগতিশীল আলোচনী ‘জয়ন্তী’ৰ প্ৰথম সংখ্যাত প্রকাশ হয় ভবানন্দ দত্তৰ ‘ৰাজপথ’। মাৰ্ক্সবাদৰ অসমীয়া কবিতাত প্ৰসাৰ ঘটে কবি ভবানন্দ দত্তৰ এই কবিতাৰ জৰিয়তে। শ্ৰেণীবিভক্ত সমাজ ব্যৱস্থাই বাহাল ৰখা শ্ৰেণী বৈষম্যৰ প্রতি কটাক্ষ আছিল তেওঁৰ কবিতাৰ বৈশিষ্ট্য। ‘ৰাজপথ’ নামৰ কবিতাত ধনিক শ্ৰেণীৰ বিলাসবহুল জীৱন যাত্ৰাৰ সমান্তৰালভাৱে এখন বিপৰীতধৰ্মী ছবি ফুটি উঠিছে – দুখীয়া শ্ৰেণীৰ জীৱন যন্ত্ৰণাৰে। ‘ৰাজপথ’ কবিতাটোত শুনা যায় সেই প্ৰতিধ্বনি এনেদৰে –
‘‘পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অৰ্গেনত ৰবীন্দ্র সংগীত,
ডবল-দলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা
আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা-পাত্র লৈ শুই পৰা
মৃত-প্ৰায় কংকালৰ শাৰী’’

অসমীয়া কবিতাত সততে উপলব্ধ সুকোমল ভাব, উপস্থাপন শৈলীৰ ৰমণীয়তাৰ পৰিবৰ্তে ভবানন্দ দত্তৰ কবিতাৰ শৰীৰত জিলিকি উঠে একধৰণৰ ধাতৱ কাঠিন্য। ‘ৰাজপথ’ কবিতাটিতো ফুটি উঠিছে সেই শ্রেণীবিদ্বেষ, সমাজৰ দুই শ্ৰেণীৰ মানুহৰ জীৱন শৈলীৰ মাজৰ পাৰ্থক্যৰে।

ৰোমাণ্টিক যুগৰ মধ্যবিত্তীয় কাব্যিক মানসিকতাৰ মানৱতাবাদৰ বিপৰীতে চল্লিশৰ দশকৰ কবিসকলে নিৰ্যাতিত/নিপীড়িত জনগণৰ আন্তৰ্জাতিক মানৱতাক স্থান দিয়ে।

চল্লিশৰ দশকত এনে সমাজ চেতনাৰে বাস্তৱ পটভূমিত গঢ় লৈ উঠা  মাৰ্ক্সবাদী ধাৰাৰ কবিগোষ্ঠীৰ  এজন অন্যতম কবি অমূল্য বৰুৱাৰ কবিতাতো পৰিলক্ষিত হয় শ্ৰেণী বৈষম্যৰ প্রতি প্ৰতিবাদৰ উদাত্ত সুৰ। প্ৰথমে ৰোমাণ্টিক ভাব বিলাসত নিজৰ কাব্যানুভূতিক আবদ্ধ কৰি ৰখা এইজন কবিয়ে পিছলৈ বাস্তৱবাদৰ প্রতি আকৰ্ষিত হোৱাৰ মূলতে আছিল ‘জয়ন্তী’ৰ  ভূমিকা। দৰিদ্ৰতা আৰু বঞ্চনাৰ যন্ত্ৰণাই কোঙা কৰা সমাজৰ তৃতীয় শ্ৰেণীৰ মানুহৰ জীৱনৰ অন্ধকাৰ দৈনন্দিন আৰু বিভীষিকাময় দানৱীয় স্বৰূপ দেখি তেওঁৰ কবি-হৃদয়ে হাহাকাৰ কৰি উঠিছিল।

১৯৪৪ চনত ৰচিত ‘কয়লা’ কবিতাটোৰে তেওঁ প্ৰগতিশীল কবিতাৰ ধাৰাটোত প্ৰথম খোজ পেলাইছিল। প্ৰাক স্বাধীনতা কালত, ব্ৰিটিছৰ ছত্ৰছায়াত গঢ় লৈ উঠা চাহ উদ্যোগ আৰু কয়লা খনিৰ আৱিষ্কাৰৰ লগে লগে সেইসমূহত কাম কৰিবলৈ অহা শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষৰ অত্যাচাৰ উৎপীড়ন বাঢ়ি আহে। দুৰ্বিষহ এই শ্ৰমিক শ্ৰেণীৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচিত তেওঁৰ ‘কয়লা’ কবিতাটো।
‘‘কয়লা
মোৰ ভগ্ন অভীস্পাৰ ক’লা ক’লা দাগ
অন্তৰৰ ৰঙা শোণিতৰ পৰিচিতি যেন
মৰি যোৱা নিষ্ক্ৰিয় যাতনা।
সিহঁত মোৰ বৰ আপোন
সিহঁতে মোৰ বাবে গঢ়ি তোলে
এটা সভ্যতাৰ সুকীয়া সংস্কাৰ।’’

কবিগৰাকীৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্য সংকলন: ‘অচিনা’(১৯৬৪)ৰ বেশ্যা, কুকুৰ, কয়লা, বিপ্লৱী, সিহঁত তেতিয়া জীৱ, আজি আমাৰ বিহু, আন্ধাৰৰ হাহাকাৰ, আৰু ভাৰতীয় মুক্তিস্বপ্ন – এই আঠোটা কবিতাৰে তেওঁ লিপিবদ্ধ কৰি গৈছে সমাজৰ  বুভুক্ষিত, নিপীড়িত, অসহায় জীৱনৰ ছবি। কবিৰ মৰ্মন্তুদ অনুভৱৰ সাক্ষী এই কবিতাসমূহে তেওঁক এগৰাকী ‘প্ৰগতিবাদী কবি’ হিচাপে প্ৰতিষ্ঠিত কৰে। তথাকথিত সভ্যতাৰ  পোহৰৰ পৰা বঞ্চিত এইসকল লোকৰ বাবে দিন ৰাতিৰ পাৰ্থক্য নাই। নাই জীৱন অথবা মৃত্যুৰো। ভদ্র সমাজে নিৰাপদ দূৰত্বৰ পৰা জুমি চাই ‘‘সিঁহতৰ ক’লা ক’লা লেতেৰা জীৱনবোৰ, সিহঁতৰ আন্ধাৰৰ হাহাকাৰ।’’
কিন্তু সিহঁতো এই পৃথিৱীৰে বাসিন্দা। কবিৰ কলমেৰে প্ৰাণ পাই উঠে সেই জীৱনৰ কদৰ্য ৰূপ এনেদৰে:
‘‘সৰু সৰু অশৃংখল
মানুহৰ জীৱনৰে সিহঁতো এজাক
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল।’’
এলান্ধুকলীয়া সমাজব্যৱস্থাত বৰ্তি থকা আওপুৰণি ৰীতি-নীতি, ন্যায় ব্যৱস্থাৰ প্রতি বীতশ্ৰদ্ধ, খাটি দ্বন্দাত্মক গতি
সংগ্ৰাম লিপ্ত বিপ্লৱী।’’

প্ৰগতিবাদী ধাৰাৰ আন এজন উল্লেখনীয় কবি কেশৱ মহন্ত। তেওঁৰ কবিতাত আছে সহজ সৰল মানুহৰ, সৰলতা ভৰা জীৱনচৰ্যা আৰু যন্ত্ৰণাৰ সবল প্রকাশ। ১৯৪৬ চনত প্ৰকাশিত তেওঁৰ প্ৰথম কাব্য সংকলন ‘‘আমাৰ পৃথিৱী’’ত ধ্বনিত হৈছে প্রগতিবাদৰ সুৰ। তেওঁৰ কবিতাত শুনা যায় বিশ্ব মানৱৰ ব্যথাভৰা প্রাণৰ আকুতি মৰ্মস্পৰ্শী ভাষাৰে –
‘‘এটা পূৰঠ বীজৰ বেদনাত মই বাস কৰিছোঁ
যি বীজ মাতৃত্বৰ তপস্যাত মাটিৰ কোলাত মগ্ন
যি বীজৰ বেদনাত বাস কৰিছে
সমগ্ৰ কৃষ্ণ আফ্রিকা’’

তেওঁৰ এটি সৰ্বসমাদৃত কবিতা ‘‘সোণজিৰা মাহীৰ নাড়ী’’ত  সহজ সৰল মানুহৰ অভাৱ-অনাটনেৰে ভৰা দৈনন্দিন জীৱন যাত্ৰাৰ ছবিখনৰ মাজেৰে প্রতিফলিত হৈছে— মানৱীয় শুভ এষণাৰ দৃষ্টিভংগী। তেজক পানী কৰি, হাড়ক মাটি কৰি ভালদৰে দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ নোপোৱা সোণজিৰা মাহীজনীয়ে সুদূৰ কংগোৰ পেট্রিচ লুমুম্বাৰ মৰা কেঁচুৱাটোৰ কথা বাতৰিত পঢ়ি ভাবে,
‘‘কোন এই মৰা কেঁচুৱাটি ?
কোন তাৰ মাক ? তাৰ পিতাকেই বা কোন ?
জানোবা সিহঁতো কোনোবা মোৰে আপোন।’’

ৰামধেনু যুগৰ এজন অবিসম্বাদী প্রগতিবাদী কবি ৰাম গগৈ। ‘মাটি আৰু মানুহৰ কবি’ ৰাম গগৈৰ প্রথম কবিতা পুথি ‘‘মাটিৰ স্বপ্ন’’। শোষিত-নিষ্পেষিত মেহনতী জনতাৰ মুকুতিৰ আকাংক্ষা আৰু সামাজিক শ্ৰেণী-বৈষম্যই কবিক ক্ষোভিত কৰি তুলিছে। তেওঁৰ ‘পথাৰ’, ‘এটম বোমা’ আদি কবিতাত মানৱতাৰ সাৰ্থক প্রকাশ ঘটাৰ লগতে প্রতিফলিত হৈছে শ্রমজীৱী মানুহৰ জীৱন সংগ্রামৰ এখন জীয়া ছবি। তেওঁৰ কবিতাত সততে প্রতিধ্বনিত হয় – মহাজনী অৰ্থনীতিৰ কবলত পিষ্ট নিৰণ্ণ, বিমৰ্ষ কৃষক-শ্রমিকক পুঁজিপতি গোষ্ঠীৰ বিৰূদ্ধে ,স্বাধিকাৰৰ হেতু ঐক্যবদ্ধভাৱে বিদ্রোহৰ জাগৰণ তোলাৰ উদাত্ত আহ্বান। কবিতাৰ প্রেক্ষাপট ৰচিত হয় শ্রেণীচেতনা, সৰ্বহাৰা-দলিত-শোষিত শ্রেণীৰ প্রতি দৰদ আৰু সমাজ পৰিবৰ্তনৰ চিন্তনসমৃদ্ধ বলিষ্ঠ অভিব্যক্তিৰে। ‘ইতিহাস’ নামৰ কবিতাত কবিৰ সেই বৈপ্লৱিক চিন্তাৰ প্রতিফলন ঘটিছে এনেদৰে :
‘‘তুমি ইতিহাস।
মানুহৰ অবিৰাম প্রাণছন্দত তোমাৰ স্বীকৃতি আছে।
স্পষ্ট আৰু স্পষ্টতৰ। মাৰ্ক্স এংগেলছক লাল চালামেৰে
অভিবাদন আৰু বিপ্লৱী অভিনন্দন,
ইতিহাস নিৰ্দেশ, আমাক তোমাৰ নিৰ্দেশ লাগে
সংকেত আৰু নিৰ্ভুল ইংগিতৰ। আমি সদায় সাজু।’’

প্রগতিবাদী ধাৰাৰ কবিতাৰ এজন শক্তিশালী কবি হ’ল হেমাংগ বিশ্বাস। পঞ্চাশৰ দশকত আত্মপ্রকাশ কৰা ভাৰতীয় গণনাট্য সংঘৰ এজন অন্যতম হোতা হেমাংগ বিশ্বাসৰ কবিতাত দেখা যায় সাম্যবাদী আদৰ্শৰ  সবল উপস্থাপন। ১৯৭০ চনত প্রকাশিত হয় তেওঁৰ  কাব্য সংকলন ‘কুল খুড়াৰ চোতাল’। সৰ্বহাৰা শ্ৰেণীৰ যন্ত্রণাময় জীৱন সংগ্ৰাম আৰু নিৰ্যাতনৰ স্বৰূপ তেওঁৰ কবিতাৰ মূল উপজীব্য। ‘মঘাই উজাৰ ঢোল’ কবিতাত সাম্যবাদী চিন্তাৰে, বিদ্ৰোহী চেতনাৰ প্রকাশ ঘটিছে দীপ্তকণ্ঠেৰে —
‘‘ধুমুহাৰ বাঢ়নী লাগে
লাগে আজি মাটিহীন খেতিয়কৰ
ঢোলৰ চাপৰ
লাগে লক্ষ জনতাৰ কণ্ঠে কণ্ঠে
আদিম আৰণ্যক বাঘমৰা ৰিঙনিৰ গীত।’’

তেওঁৰ আন এটি উল্লেখ্য প্রগতিবাদী কবিতা ‘‘নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা’’।
সৰু সৰু মানুহৰ জীৱন সংগ্রাম, নৈৰাশ্য, শোষণ, বঞ্চনাৰ এখন বাস্তৱ ছবি তুলি ধৰিছে তেওঁৰ কবিতা ‘উভতনি’ত মৰ্মস্পৰ্শী আবেদনেৰে –
‘‘ৰেচনৰ লাইনৰ পৰা ল’ৰাটো
আজিও উভতি নাহিল।
লঘোনীয়া মাকজনী ভেলেঙী চকুৰে
বাট চাই থাকে –
সি আহিব।’’

প্রগতিবাদী ধাৰাৰ কবিতাত,  মধুৰ ব্যঞ্জনাত্মক ভাষা শৈলীৰে অনুপম হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্রতিবাদৰ শাণিত উগ্ৰতা নাই যদিও  বিচিত্ৰ প্রকাশ শৈলীৰে হৃদয় জোকাৰি যোৱা তাৰ তীৰ্যক আবেদন –
‘‘কাল সমুদ্ৰত আহিছে জোৱাৰ
যেন ক্ষুব্ধ অজগৰ
জনতাৰ প্রগলভ কণ্ঠত
দুৰ্মদ প্রতিবাদ।’’
(যন্ত্রণা)

শোষক শ্রেণীৰ প্রতি বিদ্বেষ আৰু শোষিতৰ প্রতি ব্যথা – এই দুই অনুভূতিৰ প্রকাশ তেওঁৰ কবিতাত বিৰিঙি উঠে অভিনৱ অভিব্যক্তিৰে
‘‘মোৰ হাতৰ কাচিখনলৈ চালেই গম পাবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ।’’

নৱ প্ৰভাতৰ আশাৰ কিৰণ প্ৰত্যাশী তেওঁৰ সাহসী মনৰ পৰিচয় বহন কৰা কবিতাৰ ভাব-ভাষা, প্ৰত্যয়দীপ্ত প্রকাশভংগীয়ে পাঠকৰ হৃদয় আলোড়িত কৰি তোলে
‘‘কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক
ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?
নলেগলে লগ লাগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ।’’

প্রতিবাদী কবিতাৰ ক্ষেত্ৰত জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ নাম উল্লেখ নকৰিলে আলোচনাটো আধৰুৱা হৈ ৰ’ব যেন বোধ হয়।
গণমুখী দৰ্শনৰ প্রতি গভীৰ আস্থাশীল জ্যোতিপ্রসাদৰ বিদ্ৰোহী চেতনাই গণমুকুতিৰ বাট বিচাৰি গুমৰি উঠিছিল গীতে-মাতে-নাটে-কবিতাই-সমগ্ৰ সত্তাৰে। সমাজৰ শোষক শ্ৰেণীৰ খাটিখোৱা মানুহৰ ওপৰত অন্যায় শোষণ, নিষ্পেষণ, হৃদয়হীনতাৰ কদৰ্য ৰূপৰ প্রতি জ্যোতিৰ কলমে সদায়ে ঘোষণা কৰি আহিছে বিদ্ৰোহ –
‘‘নৃশংসতাৰে যি মানুহক
খচকি খচকি
শুহি শুহি খায়
অসুৰৰ স্বৰ্গ ৰচি
প্রমোদৰ কাৰেঙত থাকি
মষিমূৰ কৰি পৃথিৱীৰ ন্যায়
নিৰ্বিকাৰে টোপনি যায়
সিহঁতৰ বাবে নাই নাই নাই
কোনো অনুকম্পা নাই।’’

বিষ্ণু ৰাভাৰ কবিতাত বিদ্ৰোহী চেতনা আছিল সমাজ সংস্কাৰৰ, গণ মুকুতিৰ আহিলা। শোষিত-নিষ্পেষিত শ্রেণীৰ প্রতি সংগ্ৰামী শিল্পীজনাৰ আছিল অকুণ্ঠ দৰদ। তেওঁৰ গীতত কবিতাত আছিল প্ৰতাৰিত, অৱদমিত জনতাৰ স্বাধিকাৰৰ প্রতি বিদ্ৰোহী চেতনাৰে জাগি উঠাৰ অগ্নিময় আহ্বান।
‘‘হেৰ হেৰ হেৰ অগনি যুগৰ ৰঙা ফিৰিঙতি শিখা
জ্বল জ্বল উঠ উঠ আন কাটি ৰুদ্র কপালৰ ৰক্ত চন্দ্র ক’লা ৰেখা
তুলি ল তই কৰালী কালীৰ ভীম ভয়ংকৰ খড়্গ
ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ।’’

প্ৰগতিবাদী কবিতাৰ ধাৰাত  বহু উল্লেখ্য কবিতা ৰচিত হৈছে। যিবোৰে অসমীয়া কাব্যজগতত প্ৰগতিবাদী ধাৰাৰ শক্তিশালী স্থিতিকে প্ৰতীয়মান কৰে। ওপৰত উল্লেখিত কবিসকলৰ উপৰিও এই ধাৰাত কাব্যচৰ্চা কৰা অন্যান্য কবিসকল হৈছে : ৰবীন্দ্র সৰকাৰ, অৱনী চক্রৱৰ্তী, পুণ্ডৰীকাক্ষ ভঁৰালী, জ্ঞান পূজাৰী, যতীন্দ্র কুমাৰ বৰগোহাঞি, ৰফিকুল হুছেইন, সনন্ত তাঁতী, সমীৰ তাঁতী, ৰাজু বৰুৱা আদি। সাম্প্ৰতিক সময়তো প্ৰগতিশীল ধাৰাত অনেক  কবিতা ৰচিত হৈছে। কিন্তু কেৱল উকা আদৰ্শমূলক কথা বা শ্লোগানধৰ্মিতাৰ প্রত্যক্ষ প্রভাৱসমৃদ্ধ সেই ৰচনাসমূহত কলাত্মক গুণৰ অভাৱ, ফলস্বৰূপে প্রগতিবাদী চিন্তাৰ মূল্যও হ্রাস পোৱা পৰিলক্ষিত হয়। তথাপি এই কথা ন’দি ক’ব পৰা যায় যে অসমীয়া কাব্যসাহিত্যত প্রগতিবাদী কবিতাৰ ধাৰা এক শক্তিশালী  ধাৰা আৰু প্রতিবাদী কবিতা হিচাপে প্রগতিবাদী কবিতাৰ স্থান সদায়ে উচ্চ।

প্রগতিবাদী ধাৰাৰ কবিতাৰাজিৰ লগতে বিদ্ৰোহী বা প্ৰতিবাদী কবিতাৰ শাৰীত সন্নিবিষ্ট কবিতাৰাজি হ’ল – দেশপ্রেমবোধক কবিতাসমূহ। দেশপ্রেমমূলক কবিতাত সদায়ে দুটা ৰূপ অন্তৰ্নিহিত হৈ ৰয় : বিদ্রোহ আৰু আশাবাদ। দেশৰ বাবেই অহৰহ চিন্তাক্লিষ্ট কবি কমলাকান্ত ভট্টাচাৰ্যৰ সীমাহীন খং/ক্ষোভ আছিল দেশৰ জনতাৰ প্রতি। পৃথিৱীৰ অন্য প্ৰান্তৰত প্ৰগতিৰ সুউচ্চ শিখৰলৈ ধাৱমান অন্যান্য দেশ-জাতি, কিন্তু অজ্ঞানতাৰ অসীম অন্ধকাৰত পতিত অসমীয়াৰ চেতনা এতিয়াও সুপ্তপ্রায়। ভট্টাচাৰ্যৰ কবিতাত সেই ক্ষোভৰ প্রকাশ ঘটিছে অগ্নিবৰ্ষী ভাষাৰে এনেদৰে –
‘‘নেলাগেনে লাজ       অসম সমাজ
      হাঁহে সভ্যজাতি অসভ্য বুলি
ক্লেশ অপমান          ভুগিছা কিমান
      নোচোৱানো কিয় এলাহ ভুলি ?’’

মানুহৰ সমাজৰ মিথ্যাচাৰ, ভণ্ডামি দেখি ক্ষোভত অগ্নিশৰ্মা হৈ উঠা এজন কবি অম্বিকাগিৰী ৰায়চৌধুৰী। তেওঁৰ কবিতাত এফালে শুনা যায় ৰহস্যবাদী সুৰৰ প্ৰতিধ্বনি, আনফালে দেখা যায় বিদ্ৰোহ আৰু বিপ্লৱৰ ফিৰিঙতিৰে প্ৰজ্বলিত প্ৰতিবাদৰ লেলিহান অনল শিখা।
‘‘ই যে জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান,
ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান।
ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্রাৱণৰ মহাবান,
ই যে মাতৃ আদেশ, সন্তান প্ৰাণ দিবলকে বলিদান।’’

দেশৰ ৰাজনৈতিক ক্ষেত্ৰত নানা উত্থান-পতন, ৰাজনীতিজ্ঞৰ শঠতা-শত্রুতা-প্রৱঞ্চনাও কবিৰ কলমৰ প্ৰতিবাদী দৃষ্টিত ধৰাশায়ী হয়। ‘পোষ্টমৰ্টেম’ কবিতাত প্রদীপ প্রসাদ শইকীয়াই লিখিছে—
‘‘সংকেত: কলংপাৰত যুদ্ধকালীন তৎপৰতা
বিধানসভাত ‘নিৰ্ভীক মন্ত্ৰী’ৰ ‘আশ্বাস’
আৰু আয়োগৰ প্ৰতিবেদনত? ‘আশাৰ ৰেঙনি’।
অনিশ্চয়তা, আতংকত ‘ভীতিবিহ্বল’ ভুলৰ উন্মেষ,
সন্মুখত প্রেতৰ কঢ়া-আঁজোৰা।’’

ৰাজনীতিৰ ঘৃণ্য স্বৰূপ যেতিয়া গণতন্ত্ৰৰ প্রতি ভাবুকি হৈ উঠে, দেশপ্রেমো তেতিয়া হ’ব পাৰে অপৰাধ – এনে প্রহসনৰ স্বৰূপ প্রতিফলিত হৈছে জ্যোতিমালা গোহাঁইৰ কবিতাত, অসহনীয় অনুভৱৰ দ্যোতনাৰে প্রকাশিত বিদ্ৰোহী চেতনাৰে—
‘‘সত্য মানেই দেশদ্রোহ
চকু মেলিলেই বুকুত বুটজোতাৰ গচক
কণ্ঠত বেয়নেটৰ খোঁচ।’’

সাম্প্ৰতিক বহু কবিৰ কবিতাত এনেদৰে স্বদেশানুৰাগ ফুটি উঠা পৰিলক্ষিত হয়। য’ত কেৱল দেশৰ মাটি-পানী-বায়ুৰ বন্দনাই কবিতাৰ ভাষ্য নহয়, বৰঞ্চ অন্যায়-অবিচাৰৰ বিৰুদ্ধে জাগি উঠা প্ৰতিবাদী কণ্ঠই, কবিতাৰে বহন কৰি আহিছে স্বদেশ চেতনাৰ ইংগিত।

হীৰেন ভট্টাচাৰ্যৰ কবিতাত দেশপ্ৰেমৰ গাঢ় অভিঘাত মূৰ্ত হৈছে প্ৰতিবাদী কণ্ঠেৰে, উদাত্ত সুৰত বন্ধা দৃঢ়তা আৰু বীৰত্বব্যঞ্জক অভিব্যক্তিৰে :
‘‘দেশ বুলি ক’লে আদেশ নেলাগে
মোৰ তুম্ ৰলি তেজত তগ্ বগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা।’’

‘প্রতিবাদী কবিতা’ৰ প্ৰসংগত ক’বলৈ গ’লে আচলতে আৰু অনেক কথাই আহি পৰে। কবিয়ে প্রতিবাদ কৰে কাগজ-কলমেৰে। সেই প্ৰতিবাদৰ ঢৌ উঠে হৃদয়ত। কবিতাৰ মাধ্যমেৰে কৰা প্ৰতিবাদে কঁপাই তুলিব নোৱাৰে অত্যাচাৰী শাসকৰ মছনদ। ৰুদ্ধ কৰিব নোৱাৰে যুদ্ধ, প্ৰতিহত কৰিব নোৱাৰে শত্ৰু কিম্বা দুৰ্যোগৰ বিভীষিকাক৷ কিন্তু কবিতাই জগাই তুলিব পাৰে দলিত, শোষিত প্ৰাণৰ অৱদমিত তৃষাক, বিপ্লৱী চেতনাৰে জাগ্রত কৰিব পাৰে পুৰণিক ভাঙি নতুনক প্ৰতিষ্ঠা কৰাৰ দৃঢ়তা, মুমূৰ্ষু প্রাণক উজ্জীৱিত কৰি আনিব পাৰে জোৱাৰ নৱ উদ্দীপনাৰ। প্ৰতিবাদী কবিতা মূলতঃ হৃদয়বৃত্তিমূলক, য’ত অন্তৰ বিদীৰ্ণ কৰি যোৱা যন্ত্রণাৰ প্রকাশ, ভাবৰ ব্যাপ্তি ঘটে দ্রুততাৰে, সাৰ্বিকভাৱে। কবিতাৰ আছে সেই শক্তি যি জনমানসত তুলিব পাৰে বিপ্লৱৰ জোৱাৰ, অভিনৱ চেতনাৰ উন্মেষেৰে :

এই প্ৰতিবাদ হ’ব পাৰে কৌটিকলীয়া ৰীতি-নীতি- পৰম্পৰাৰে পৰিবেষ্টিত সমাজ ব্যৱস্থাৰ। নিৰুপায় ক্ষোভ আৰু প্ৰাণৰ গহনত লালিত অহেতুক কাৰুণ্যব্যঞ্জিত অনুভূতিৰ বিদ্ৰোহী চেতনাৰে দীপালীমা বৰুৱাৰ কবিতাত প্রকাশি উঠিছে এনেদৰে –
‘‘জনপথত খোজ দিয়াৰ যন্ত্ৰণা
হাঁহিমুখে মই দূৰলৈ ঠেলিম
প্রতিবাদৰ জুই যেন ভাষা
জিভাৰ আগত ৰাখিম।
আই, জিভাৰ আগতে ৰাখিম।’’

সাবিত্রী শইকীয়াৰ কবিতাত লোকভাষাৰ আলমেৰে, প্রতিবাদী সুৰেৰে প্রতিফলিত হৈছে মানুহৰ সমাজত বৰ্তি থকা বিশ্বাস-ভংগতা, স্বজাতিৰ মাজৰ অন্তৰ্কন্দল আদিৰ বিৰুদ্ধে জাগি উঠা উষ্মাৰ প্রকাশ এনেদৰে–
‘‘ক’ৰ পৰা আহিলি অজাতি কাউৰী
কিহেৰে বোলালি ঠোঁট
কুটুমেৰে কুটুমৰ ভোজ
মজিয়া ভকেভকায়
ৰণশিঙা কোনে বায়’’

দেশ-কাল-সমাজৰ অনেক সমস্যাৰে জৰ্জৰ মানুহৰ জীৱন। এনে অনেক নেতিৰে ভাৰাক্রান্ত সময়ে কবিক নিদিয়ে একাগ্র আত্মমগ্নতাৰ পৰিবেশ। সংবেদনশীল কবি-হৃদয়ত সততে উজাৰি উঠে সেই নেতিৰ বিৰুদ্ধে অপ্রতিৰোধ্য ক্ষোভৰ উজান, কিন্তু কবিয়ে কাৰ বাবে ৰচিব কবিতা? কাৰ সৈতে বিনিময় কৰিব অন্তৰ্দাহী ক্ষোভৰ প্রকাশ? যদি কবিতাই নাপায় কাংক্ষিত পাঠকৰ ইপ্সিত সঁহাৰি! এনে অভিব্যক্তিৰে ৰচিত গায়ত্ৰী সেনৰ কবিতাৰ এই পংক্তি –
‘কাৰ বাবে লিখিম কবিতা? পঢ়ে জানো তেওঁলোকে কবিতা!
মাটিৰ মোহ ত্যাগ কৰি আকাশত বিচৰণ কৰা এইবোৰ মানুহৰ চকু
শগুনৰ দৰে
যেন আমাৰ চকুবোৰ উলিয়াই নিব এতিয়াই!
কিমানৰ চকু লৈ গ’ল উলিয়াই – তাৰ খবৰ জানো আছে কাৰোবাৰ’’

বিদ্ৰোহ আৰু বিতৃষ্ণাৰ এই তীৰ্যক সুৰ সাম্প্ৰতিক কবিতাৰ বৈশিষ্ট্য। য’ত প্রতিবাদী কণ্ঠেৰে বাংময় হৈ উঠে বিক্ষোভৰ প্রচ্ছন্ন প্রকাশ। কিন্তু এই বিপ্লৱ, এই প্রতিবাদৰ যুক্তিযুক্ততাই বা কি? এই প্রশ্নৰ উত্তৰ হিচাপে  মাৰ্ক্সৰ {আৰম্ভণি পৰ্যায়ৰ ৰচনা ‘‘On the Jewish Question”(1844 )} এষাৰ কথা আওৰাব পাৰি : বুৰ্জোৱা সমাজে অসামৰিক (Civil) আৰু ৰাজনৈতিক পৃথিৱীৰ মাজত অপ্রতিৰোধ্য বিভাজনৰ সৃষ্টি কৰিছে। নাগৰিক সমাজ গঢ় লৈ উঠিছে শ্রমৰ জগতেৰে, প্ৰয়োজন আৰু ব্যক্তিগত অভিৰুচিৰে। মাৰ্ক্সৰ মতে এয়াই ‘স্বাভাৱিক মানুহ’ৰ প্ৰভাৱৰ ক্ষেত্র, কিন্তু ৰাজনৈতিক সমাজৰ সদস্য হিচাপে প্রতিজন ব্যক্তিৰ একোটাহঁত নিৰ্ধাৰিত তথা অৱশ্যে পালনীয় ভূমিকা থাকে। এই কথাৰ আঁত ধৰি সাধাৰণভাৱে এয়ে ক’ব পাৰি যে মানুহ যিহেতু সামাজিক জীৱ, সেয়ে সমাজজীৱনৰ অংশ হিচাপে প্ৰতিজন মানুহৰে কিছু উমৈহতীয়া কৰ্তব্য/দায়িত্ব  থাকে। নিজৰ মনৰ মাজত এখন কাল্পনিক পৃথিৱীৰ বাসিন্দা হ’লেও, বাস্তৱ জীৱনত কবিসকলো সমাজৰ অংগ। সমাজত প্রচলিত অন্যায়, অবিচাৰৰ প্রতি বিক্ষোভ আচৰাৰ, প্রতিবাদৰ তেওঁলোকৰো আছে দায়বদ্ধতা/ অধিকাৰ।

সমগ্ৰ বিশ্বৰ লগতে অসমতো কবিতাৰে প্ৰতিবাদৰ নিদৰ্শন অনেক আছে। বিগত সময়ত ‘অসম আন্দোলন’ৰ কালছোৱাত কবি হীৰেন ভট্টৰ কবিতাৰ পংক্তি দেশপ্রেমৰ শ্ল’গান হিচাপে ব্যৱহাৰ হৈছিল সৰ্বাত্মকভাৱে। ‘দেৱাল লিখন’ হৈ সৰ্বত্ৰ সমাদৃত হৈছিল – ‘দেশ বুলিলে আদেশ নেলাগে/ মোৰ তুম্ ৰলি তেজত তগ্ বগাই উঠে/এহেজাৰ এটা ৰণুৱা ঘোঁৰা’’ৰ দৰে  তীৰ্যক ভাষাৰে ৰচিত দেশপ্রেমবোধক উদাত্ত সুৰৰ তেজোদীপ্ত কবিতাৰ বাণী। মানুহৰ মুখে মুখে প্রচলিত হৈ,  বহুল প্রচাৰেৰে জনপ্রিয়তাৰ অভিলেখ ৰচা এই কবিতাই অৱশ্যে পিছলৈ কবিজনক সন্তুষ্টি প্রদানৰ পৰিবৰ্তে বিতত/বিতুষ্ট কৰিছিল যদিও সেয়া অন্য প্রসংগ৷ কিন্তু এই কথা প্রতীয়মান হ’ল যে দুশাৰীমান শব্দৰে ৰচিত বিশাল ভাবৰ, দেখাতে নিমাখিত যেন লগা এটি কবিতাৰ প্ৰচণ্ড শক্তিৰ আগত বিশাল জনসভাত ঘন্টাজুৰি আগ বঢ়োৱা উদাত্ত ভাষণ বা বহু পৃষ্ঠাজোৰা তত্ত্বগধুৰ প্রবন্ধৰো শক্তি বহুক্ষেত্রতে অসাৰ।সেই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে৷ কাৰণ কবিতাৰ আছে সেই শক্তি, যি মানুহৰ আবেগক উদ্বেলিত কৰি জগাই তুলিব পাৰে বিবেক, দৃঢ় আৰু ক্ষিপ্রতাৰে।

সাম্প্ৰতিক কালতো দেশ/সমাজ/জাতিৰ সংকটকালত কবিতাৰ সেই সক্ষমতা পুনঃ প্রতীয়মান কৰা হৈছে। আজিৰ কবিয়ে কবিতাক কেৱল অন্তৰ্মুখিতাৰে নিজৰ মাজতে আবদ্ধ ৰখা বিষয়টো সমৰ্থন নকৰে। বৰঞ্চ কবিসকল আজি কায়িকভাৱেও ওলাই আহিছে ৰাজপথলৈ। আজিৰ কবিতাক পিন্ধাই দিয়া হৈছে নিৰ্ভীকতাৰ কবচ। কণ্ঠত গুঁজি দিয়া হৈছে প্রতিবাদৰ অগ্নিশিখা। এইকথা প্রতীয়মান হ’ল সৌ সিদিনা এইখন অসমতে। নাগৰিকত্ব সংশোধনী আইন ২০১৬ৰ বিৰোধিতাৰে দেশৰ চুকে-কোণে সংগঠিত হোৱা জনচেতনাত কবিতা হৈ উঠিল প্রতিবাদৰ মুক্তকণ্ঠ। অভূতপূৰ্বভাৱে বাটে-ঘাটে, বজাৰে-হাটে কবিতাৰে গুঞ্জৰি উঠিল প্রতিবাদৰ জোৱাৰ। ছচিয়েল মিডিয়া ফেইচবুক/টুইটাৰ আদিৰ লগতে ইলেকট্ৰনিক মিডিয়াৰ জৰিয়তে  ব্যাপকভাৱে  ঘটিল এই বিদ্ৰোহী চেতনাৰ সম্প্রসাৰণ।

অভূতপূৰ্ব এই জোৱাৰ যেন ৮০ দশকৰ সুৰ-বাহিনীৰ অভিযান। ১৯৭৭ চনত জয়ন্ত হাজৰিকাই কেইবাজনো সতীৰ্থ সংগীত শিল্পীৰ সৈতে লগ হৈ, গোলাঘটীয়া ৰাইজৰ সহযোগত গঢ় দিয়া এই ‘সুৰ-বাহিনী’ৰ লক্ষ্য আছিল অতিকে মহৎ। কেইবাজনো সতীৰ্থ সংতীজ্ঞও এই অভিযানৰ অংশ হৈছিল। সুৰ-বাহিনীৰ শিল্পী-সেনানীয়ে বাটে-পথে গান গাই বানপীড়িত লোকৰ সাহায্যাৰ্থে অৰ্থ সংগ্রহ কৰাৰ উপৰিও ১৯৭৭ চনৰ ১৩ আগষ্টত মঘাই ওজাৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য বিচাৰি  ডিব্রুগড়ৰ ৰাইজৰো কাষ চাপিছিল। ‘সুৰ বাহিনী’ৰ বাবেই সৃষ্টি কৰা হৈছিল ৮টাকৈ  গীত – ‘‘লুইতৰ বলিয়া বান’’, ‘‘দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ’’, ‘‘আজি প্রাণৰ পাতিছোঁ মেলা’’, ‘‘ভয় নাই ভয় নাই’’, ‘‘একো নাই শূন্য হায়’’, ‘‘এতিয়াও ৰাতি নাই’’,  ‘‘অভিযাত্রী দূৰৈৰ যাত্রী’’, ‘‘এইটো প্রহৰ শূন্য প্রহৰ’’। সুৰ বাহিনী  সন্দৰ্ভত জয়ন্ত হাজৰিকাই কৈছিল : ‘‘মই এতিয়া কথা ক’ম। কথা ক’ম মোৰ সুৰেৰে। মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে সদায়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে’’। এনে এক মহৎ ভাবনাৰে গঢ় লৈ উঠা সুৰ বাহিনীৰ লক্ষ্য আৰু আদৰ্শৰ সততা সঁচাই অনন্য, অনুকৰণীয়। কিন্তু দুখৰ বিষয় যে এনে এক মহৎ অনুষ্ঠানৰো স্থায়িত্ব দীৰ্ঘদিনীয়া নহ’ল।

‘গান আৰু গায়ক’ৰ দৰেই ‘কবি আৰু কবিতা’ৰো আছে সেই শক্তি। জনতাৰ হকে, দেশৰ হকে মাত মতাৰ অধিকাৰ আছে কবিৰো। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে সংগঠিত কবি সমাজৰ ঐক্যবদ্ধ কণ্ঠই যেন সেই কথাকেই প্রতিষ্ঠা কৰিলে দৃঢ়তাৰে। কিন্তু এইখিনিতে স্মৰ্তব্য যে নিৰ্দিষ্ট লক্ষ্য আৰু সু-সংকলিত ইস্তাহাৰৰ অবিহনে কোনো অভিযানেই পূৰ্ণতা নাপায়। সবলভাৱে কোনো এক বিষয়কে উপস্থাপনৰ ক্ষেত্রত বাধ্যবাধকতা থকা কবিতাৰ ক্ষেত্রত এই কথাৰ গুৰুত্ব অধিক বিবেচ্য। কেৱল আবেগেৰে নহয়, কবি আৰু কবিতাৰ কাঠামোত বিবেকেৰে গঢ়ি তোলা হওক প্রগতিশীল চিন্তাৰ নিৰ্ভৰযোগ্য বুনিয়াদ। অনাগত সময়তো যেন অটুট থাকে কবিতাৰ এই সংগ্রামী দৃঢ়তা। তাৰ বাবে কবিতাত বাহাল থাকক সমাজ আৰু সভ্যতাৰ প্রতি দায়বদ্ধতাৰে নিহিত চিন্তাৰ প্রকাশ। নিৰ্যাতিত/নিষ্পেষিত শ্রেণীৰ প্রতি শ্রেণীচেতনা/ শ্রেণীসংগামৰ জৰিয়তে আহৰণ কৰিবলগীয়া স্বাধিকাৰৰ আহ্বানৰ লগতে  ব্যক্তিগত পৰিসৰতো কবিতা হওক মানুহে মানুহৰ দৰে মেৰুদণ্ড পোন কৰি শুভত্বৰ এষণাৰে নিজৰ বাটত আগ বাঢ়ি যোৱাৰ দৃঢ় প্রত্যয়।

কবিতাৰে ৰক্তক্ষয়ী বিদ্রোহৰ সূচনা নহয়। কবিতাই যুদ্ধৰ বাবে দুহাতত অস্ত্র তুলি নিদিয়ে সঁচা, কিন্তু জগাই তুলিব পাৰে মানুহৰ আত্মা। যি মানুহক দিয়ে মানুহ হিচাপে জী থকাৰ অনুপ্ৰেৰণা। দুৰ্লভ প্রতিভাৰ কবিয়ে কবিতাৰে একে সময়তে পাঠকৰ হৃদয় আৰু চিন্তাবৃত্তিক আলোড়িত কৰি কৰিব পাৰে সেই অসাধ্য সাধন, যি মানুহক প্রদান কৰে পৃথিৱীক ‘মানুহৰ পৃথিৱী’ ৰূপে স্বীকৃতি দিয়াৰ অনন্য অধিকাৰ। যুগে যুগে কবিতা হৈ ৰওক মানৱতাৰ সেই স্তুতি : অমৃত বন্দনা।

উৎসঃ মুক্তচিন্তা আলোচনী৷ প্ৰতিবাদী কবিতাঃ কবিতাৰে প্ৰতিবাদ-অনিতা গগৈ৷ 

পাদ টীকা :
কৰবী ডেকা হাজৰিকা: ‘অসমীয়া কবিতা’
কৰবী ডেকা হাজৰিকা: ‘কবিতাৰ ৰূপছায়া’
বৰগোহাঞি, হোমেন (সংক আৰু সম্পা.): ‘ৰামধেনু’, ৫ম বছৰ,১১শ সংখ্যা (সম্পাদনা: বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য)
বৰা, মহেন্দ্র: ‘নতুন কবিতা’, অৱতৰণিকা
বৰগোহাঞি, হোমেন (সম্পা): ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠ খণ্ড), গোবিন্দ প্রসাদ শৰ্মা, ‘‘ৰামধেনু যুগ,আধুনিক অসমীয়া সাহিত্য’’
কবীন ফুকন : ‘আধুনিক অসমীয়া কবিতা: প্রকৃতি আৰু পটভূমি’
বৰুৱা ভবেন : ‘অসমীয়া কবিতা:ৰূপান্তৰৰ পৰ্ব’
তাঁতি, সমীৰ আৰু অন্যান্য (সম্পা): ‘অমূল্য বৰুৱাৰ কবিতা’, অজিত বৰুৱা, ‘অসমীয়া মাৰ্ক্সবাদী কবিতাৰ পাতনি’ 
তফজ্জুল আলি (সম্পা) : ‘মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য’, মহেশ্বৰ নেওগ : ‘অসমীয়া সাহিত্যৰ এই যায় পঁচিশটা বছৰ’
কটকী চন্দ্র: ‘আধুনিক অসমীয়া কবিতা’
দেৱ কমল নাৰায়ন আৰু চক্রেশ্বৰ শৰ্মা (সম্পা)আলোচনী : ‘জয়ন্তী’, ষষ্ঠ বছৰ,৩য় সংখ্যা


উৎস
অসমীয়া কবিতাঃ বিন্দুৰ পৰা সিন্ধুলৈ৷ পাতনি৷ ৰাজীৱ বৰা৷ পাঞ্চজন্য বুক্‌ছ, ২০১৮
অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড,  সম্পাদকঃ হোমেন বৰগোহাঞি, ২০১৭
মুক্তচিন্তা আলোচনী৷ প্ৰতিবাদী কবিতাঃ কবিতাৰে প্ৰতিবাদ-অনিতা গগৈ৷  লিংক

Post a Comment

0 Comments