* ইংৰাজী ১৮৮৪ খ্ৰীষ্টাব্দত পদ্মাৱতী দেৱী ফুকননীয়ে ৰচনা কৰা ‘সুধমাৰ উপাখ্যান’ গ্ৰন্থখন অসমীয়া সমাজ আৰু সাহিত্যৰ ইতিহাসৰ কাৰণে ভালেমান দিশত গুৰুত্বপূৰ্ণ৷ ‘সুধমাৰ উপাখ্যান’ক উপন্যাস বোলাৰ সপক্ষে অসমৰ সৰহ-সংখ্যক সাহিত্য সমালোচকেই মত পোষণ নকৰে৷ উপন্যাস হ’ল সাহিত্যৰ আধুনিক উদ্ভাৱন; বিশেষকৈ ইউৰোপৰ সাহিত্য বলয়ত ইয়াৰ বীজ প্ৰস্ফূতিত হৈছে আৰু ইয়াৰ তত্ত্বও নিৰ্ধাৰণ কৰা হৈছে মূলতে ইউৰোপত৷ সেই তত্ত্বৰ তুলাচনীত ‘সুধমাৰ উপাখ্যান’ হিচাপে প্ৰতিপন্ন হোৱা নাই৷ ভাৰতীয় সাহিত্য পৰম্পৰাত ‘উপাখ্যান’ খ্যাত যি এক শ্ৰেণীৰ সাহিত্য আছিল তাৰ লগতো ‘সুধমাৰ উপাখ্যান’ অপাংক্তেয়৷ কাৰণ তেনে উপাখ্যানসমূহৰ বাঞ্ছনীয় বৈশিষ্ট্য আছিল ধৰ্মীয় আৱেশ বৰণ কৰা, কোনো বীৰ পুৰুষক কাহিনীৰ মূখ্য চৰিত্ৰ হিচাপে গ্ৰহণ কৰা আৰু প্ৰয়োজনত অলেীকিক বিৱৰণৰ আশ্ৰয় লৈ হ’লেও ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় প্ৰতিপন্ন কৰা৷ পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধমাৰ উপাখ্যান’ সেই অৰ্থৰ উপাখ্যান নহয়৷ সেই কাহিনীটো কুৰিটামান বছৰৰ পাচত ৰচনা কৰা হ’লে হয়তো ই উপন্যাসৰ মৰ্যাদা পালেহেঁতেন৷ অৱশ্যে ‘সুধমাৰ উপাখ্যান’ৰ এতিয়া যি মৰ্যাদা সেয়াও যথেষ্ট গুৰুত্বপূৰ্ণ৷ অসমীয়া উপন্যাসৰ বিৱৰ্তন অথবা ইতিহাস বিষয়ক যিকোনো প্ৰসংগ অৱতাৰণা কৰিবৰ বাবে সময়ত ‘সুধমাৰ উপাখ্যান’ৰ পৰাই জেৰ টানিব লাগে৷
উল্লিখিত কাৰণটো বাদ দিও অন্য ভালেকেইটা কাৰণ আছে যাৰ বাবে ‘সুধমাৰ উপাখ্যান’ অসমৰ বৌদ্ধিক মহলত সুদূৰ ভৱিষ্যতলৈ প্ৰাসংগিক হৈ থাকিব তাৰ মাজৰ এটা হ’ল ‘সুধমাৰ উপাখ্যান’ত প্ৰতিফলিত তদানীন্তন অসমীয়া নাৰী মানস৷ ১৮৫৩ চনত জন্ম গ্ৰহণ কৰা পদ্মাৱতী নামৰ নাৰীগৰাকীৰ পিতৃ আনন্দৰাম ঢেকিয়াল ফুকন আছিল ব্ৰিটিছৰ আশিসপুষ্ট মিছনেৰীসকলৰ প্ৰত্যাহ্বান জনাবৰ জোখাৰে বৌদ্ধিক সাহস থকা লোক৷ অৰ্থাৎ সমসাময়িক হেজাৰগৰাকী অসমীয়া ছোৱালীৰদৰে পদ্মাৱতীৰ প্ৰাক বৈবাহিক ঘৰুৱা পৰিৱেশ আছিল যথেষ্ট আগবঢ়া৷ তেওঁ পঢ়াশুনা কৰিবলৈ সুবিধা পোৱাৰ লগতে চিন্তা কৰাতো স্বাধীনতা লাভ কৰিছিল৷ অথচ তেওঁৰ ভাৱনাত বিৰাজ কৰা কিছুমান কথা ইমান বেছি পুৰুষতান্ত্ৰিক সমাজ স্তাৱক আছিল যে সেয়া জনাৰ পিচত তদানীন্তন সমাজখনৰ সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা অশিক্ষিত নাৰীৰ চেতনা আৰু সামাজিক অবস্থাৰ কথা ভাবিবলৈকে শংকা হয়৷ বাঁহী’ আলোচনীত প্ৰকাশিত ‘বিধৱা’ নামৰ এটা প্ৰবন্ধত পদ্মাৱতী দেৱী ফুকননীয়ে লিখিছিল–‘‘স্ত্ৰী জীৱন ওপজাৰে পৰা মৰালৈকে স্বতন্ত্ৰ নহয়, বিশেষকৈ আমাৰ দেশৰ তিৰোতাৰ স্বতন্ত্ৰতা নাই৷ তিৰোতাই নোপোৱাটো মোৰ মনেৰে বৰ ভাল প্ৰথা৷ দুৰ্বলাৰ স্বাধীনতাই নুশুৱায়৷ সৰুটিৰে পৰা অধীনতা শিকি অহা বাবেহে তিৰোতাক বিনয়, নম্ৰতা, সহিষ্ণুতা এইসকল অলংকাৰে শোভা দিয়ে৷ [১৮৩৫ শক, শাওণ সংখ্যা] অথচ পদ্মাৱতী দেৱী ফুকননীক সমকালীন সমাজৰ প্ৰগতিশীল নাৰী হিচাপে জনা যায়৷ ৰায়বাহাদুৰ দুৰ্গাধৰ বৰকটকীয়ে তেওঁৰ বিষয়ে কৈছিল– ‘তেখেতৰ গাত পুৰণি কালৰ তিৰুতা আৰু বৰ্তমান যুগৰ তিৰুতাৰ আটাইবাৰে সদণ্ডণ একেলগে বিৰাজ কৰিছিল৷’ এই আটাইবাৰে কথা যুকিয়াই চোৱাৰ পিচত এটা কথা ভালদৰেই অনুধাবন কৰিব পাৰি যে পুৰুষৰ হাতৰ মুঠিত বন্দী তদানীন্তন নাৰীৰ মানসত সমাজপৰম্পৰাৰ বিৰুদ্ধে কোনো কথাতে উদ্ভৱ নহৈছিল, বৰঞ্চ তেনে পৰম্পৰাত জাহ যাব পৰাটো গৌৰৱৰ কথা বুলিহে প্ৰত্যেক নাৰীয়ে গণ্য কৰিছিল৷
পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ত সুধৰ্মাকে ধৰি তিনিটা নাৰী চৰিত্ৰৰ সবল বিচৰণ লক্ষ্য কৰা যায়৷ এই কেউটা নাৰী চৰিত্ৰৰ মানসত সমকালীন সমাজখনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে, ই এক মনযোগ আকৰ্ষণকাৰী বিষয়৷ সত্যবান নামৰ এজন সাউদৰ লগত বিবাহপাশত আবদ্ধ হোৱা সুধৰ্মা নামৰ নাৰীগৰাকী স্বামীৰ সত্তাৰ লগত সৰ্বতোপ্ৰকাৰে বিলীন হৈ গৈছে৷ লেখিকাই তেওঁৰ পৰিচয় দাঙি ধৰিছে এনেধৰণে– তেওঁ সতী,সাধবী, পতিব্ৰতা আছিল৷ স্বামীলৈ বৰ ভক্তি৷ [সুধৰ্মাৰ উপাখ্যান’পৃষ্ঠা-২] এই সুধৰ্মাই যিদিনা বিয়াত বহিছে ঠিক সেইদিনাৰ পৰা সত্যবানৰ আৱেগ অনুভূতিবোৰেই নিজক পৰিচালনা কৰিছে ৷ সত্যবানৰ কোনো এষাৰ কথা পোনাই দিয়াৰ প্ৰয়োজনো তেওঁ অনুভৱো কৰা নাই৷ ঘটনাক্ৰমে এদিন নাও দুৰ্ঘটনাত তেওঁলোকৰ বিচ্ছেদ হ’ল৷ এই বিচ্ছেদৰ পিচত অনুভৱ কৰিছে স্বামীবিহীনভাৱে জীয়াই থকাতকৈ তেওঁ মৰি থকাই ভাল আছিল৷ স্বামীক দেৱতা জ্ঞান কৰাটো আছিল সমকালীন নাৰীৰ ডাঙৰ বৈশিষ্ট্য৷ সকলো ধৰণৰ পবিত্ৰতা ৰক্ষাৰ বাবে তেনে নাৰীয়ে আত্মজাহ পৰ্যন্ত দিব পাৰিছিল৷ সতীত্বৰ ধাৰণাটো মনৰ পৰা শৰীৰলৈ শক্তিশালী ৰূপত প্ৰবাহিত হৈ আছিল৷
সুধৰ্মাৰ সখী আছিল লীলা৷ লীলাক সুধৰ্মাৰ ষ্টীল ফটোগ্ৰাফ বুলি ক’ব পাৰি৷ চিন্তা-চেতনা আৰু বিচৰণত অলপো পাৰ্থক্য নাই৷ আনকি দুয়োৰে স্বামী- বিচ্ছেদ, বিৰহ আৰু মিলনৰ পৰিক্ৰমাও একে৷ ‘সুৰ্ধমাৰ উপাখ্যান’ নামটো ‘লীলাৰ উপাখ্যানলৈ পৰিৱৰ্তিত কৰিলেও একো ক্ষতি নহ’ব৷ কাহিনীটোত থকা তৃতীয় নাৰী চৰিত্ৰটো হ’ল মনোৰমা৷ এই মনোৰমা হল স্বামীৰ চৰণত আত্মনিবেদন কৰাৰ পিচত স্বামীৰ নামত আত্মজাহ দিবলৈকো সাজু থকা সমকালীন অসমীয়া নাৰীৰ প্ৰতিভূ৷ মনোৰমাক বিয়া দিয়া হৈছিল মনমোহন নামৰ এজন নষ্ট চৰিত্ৰৰ ব্যক্তিলৈ৷ বিয়াৰ কাৰণটোও আচহুৱা৷ যি মনমোহনক মাক-দেউতাকে বছৰৰ পিচত বছৰ ধৰি উপদেশ আৰু নিৰ্দেশ দি সৎ পথলৈ আনিব নোৱাৰিলে, সেই মনমোহনক তেওঁৰ নৱপৰিণীতা পত্নীয়ে যাদু চমকেৰে ভাল মানুহ কৰি পেলাব লাগে৷ বিবাহপূৰ্বক সঁচা প্ৰেমে বহু পুৰুষ-স্ত্ৰীকে সৎ পথলৈ আনিব পাৰে৷ কিন্তু বিবাহোত্তৰ প্ৰেমে কাচিৎহে তেনে কাৰ্য সিদ্ধি কৰে৷ কালিদাস অথবা চাউলপুৰীয়াৰ পত্নীৰদৰে প্ৰত্যেকগৰাকী নাৰীয়ে বিদুষী আৰু বুদ্ধিসম্পন্ন নহয়/ পৰম্পৰাৰ ধবজাবাহী নাৰী মনোৰমাৰ বাবে স্বামীক পোনাই লোৱাটো আছিল একপ্ৰকাৰ অসম্ভৱ কাৰ্য ৷ সেই কাৰ্য অসম্ভৱেই হৈ থাকিল৷ অনেক অত্যাচাৰ মনোৰমাই সহ্য কৰিলে৷ আনৰ ঘৰত বন কৰিব লগা হ’ল, তাইৰ হাতৰ কাণৰ সকলো নি খৰচ কৰিলে, অৱশেষত চূড়ান্তভাৱে নিষ্ঠুৰ হৈ চকুত কাপোৰে বান্ধি নিশা হাবিৰ মাজত এৰি থৈ আহিল৷ মনোৰমাৰ দোষ কিন্তু একো নাছিল৷ এই সমস্ত অত্যাচাৰৰ পিচতো পিচে মনোৰমাৰ মনত স্বামীৰ প্ৰতি অলপো ক্ষোভ জগা নাই৷ জগা নাই সামান্য অভিমাননা৷ সমকালীন সমাজখনত সেয়াই আছিল স্বাভাৱিক৷ হাবিৰ মাজত কোনামেতে প্ৰাণ ৰক্ষা পৰা মনোৰমাই অন্য নাৰীৰ আগত বিলাপ কৰি কৈছে–এতিয়া মাকে হাবিত থোৱাত যেই কি নহওক তেওঁৰ চাগৈ কি গতি হৈছে৷ কোনেনো এমুঠি ভাত দিছে, মই থকাত কটনা কাটি, বৰা বানি, খুজি আনি কোনামেতে এমুঠি খাবলৈ উপায় কৰি দিও৷ এডাখেৰ কাপোৰ দিও কেতিয়াবা নৰিয়াও হয়, তেতিয়া ময় পতিপাল কৰাৰদৰে এতিয়ানো কোনে কৰিব? [পূৰ্ণপাঠ, সুধৰ্মাৰ উপাখ্যান, পৃষ্ঠা-১৭]
সমালোচকসকলে এটা কথা সততে উল্লেখ কৰে যে ‘সুধৰ্মাৰ উপাখ্যান’ ৰচনা কৰা হৈছিল নীতিশিক্ষা প্ৰচাৰৰ উদ্দেশ্যেৰে ১৯৬৭ খ্ৰীষ্টাব্দত প্ৰকাশিত গ্ৰন্থখনত দ্বিতীয় সংস্কৰণৰ পাতনিত ড॰ গোলোক চন্দ্ৰ গোস্বামীয়ে লিখিছে-‘অসমৰ উঠি অহা ল’ৰা- ছোৱালীবিলাকক নৈতিক শিক্ষা দিবৰ অভিপ্ৰায়েৰে তেখেতে ‘সুধৰ্মাৰ উপাখ্যান’ লিখে৷ উপাখ্যান কোৱাৰ ছলেৰে নীতিমূলক শিক্ষা দিয়াই তেওঁৰ মুখ্য উদ্দেশ্য৷ সুধৰ্মাৰ উপাখ্যানে সামগ্ৰিকভাৱে একপ্ৰকাৰৰ সততাৰ কথা কৈছে, যি সততা বিংশ শতিকাৰ মাজভাগৰ পৰা সংগঠিত নাৰী অধিকাৰ সুৰক্ষা সংস্থাসমূহে শোষণ আৰু নিপীড়ন বুলি ঘোষণা কৰিলে৷ গ্ৰন্থখনৰ ১৯ আৰু ২০ সংখ্যক পৃষ্ঠাত দুগৰাকী নাৰীৰ ছিৰিয়াছ কথোপকথন সন্নিৱিষ্ট হৈছে৷ এগৰাকী অভিজ্ঞ তথা পূজ্যা বৃদ্ধা আৰু আন গৰাকী তৰুণ বধূ৷ তেওঁলোকৰ কথোপকথনৰ কিয়দংশ এনেধৰণৰ–
বাচা, ধৰ্ম এটা নহয় ৷ ঈশ্বৰ আৰাধনাই প্ৰধান ধৰ্ম৷
দ্বিতীয়তে পতিব্ৰতা ধৰ্ম ৷
কেনে তিৰোতাৰ জন্মৰ সাৰ্থক ?
যি পতিপ্ৰাণা ভাৰ্যাই স্বামী শুশ্ৰুষাত কাল ক্ষয় কৰে আৰু যি তিৰোতাৰ সত কাৰ্যত স্বামীৰ ফালৰ পিতৃৰ ফালৰ মানুহবিলাকে সন্তোষ পায় সেই তিৰোতাৰে জন্ম সাৰ্থক৷ উক্ত ধাৰণাখিনি যে সমকালীন প্ৰতিগৰাকী নাৰীৰ মনোজগতত সযত্নে প্ৰতিপালিত হৈছিল তাত সন্দেহ নাই৷ কাৰণ ইবোৰক নীতিকথা বুলি অভিহিত কৰিবলৈকো কোনেও কুণ্ঠাবোধ কৰা নাই৷ নীতিকথাৰ প্ৰতি তেতিয়াৰ নাৰীয়ে আনুগত্য প্ৰকাশ নকৰাৰ কথা ভাবিবই নোৱাৰিছিল৷ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আগলৈকে অসমীয়া নাৰীয়ে সচেতনভাৱে নিজকে পুৰুষৰ সমানে সমানে মানবসত্তা বুলি ভাবিবই নোৱাৰিছিল৷ হয়তো নাজানিছিল৷ ফলস্বৰূপে নাৰীসকলৰ জীৱন অতিবাহিত হৈছিল পৰিশ্ৰম, সন্তান উৎপাদন আৰু স্বামীসেৱাত৷ পোন কথাত নাৰী আছিল যৌনসত্তা৷ ‘সুধৰ্মাৰ উপাখ্যান’ত এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন হৈছে৷
@ অৰবিন্দ ৰাজখোৱা
0 Comments