সম্পাদনা ৷ গ্ৰন্থ সম্পাদনা৷ প্ৰফু ৰিডিং ৷ ভুল শব্দ ইত্যাদি


সম্পাদনা কি?

 সম্পাদনা হৈছে কোনো লিখিত নথিপত্ৰ বা অন্য কামৰ পৰ্যালোচনা আৰু পৰিৱৰ্তন কৰি ইয়াক উন্নত কৰাৰ প্ৰক্ৰিয়া৷ (Editing is the process of reviewing and making changes to a written document or other work to improve it. )

বিষয় এটা সামাজিকভাৱে প্ৰকাশৰ বাবে  প্ৰস্তুত কৰা, প্ৰকাশৰ পূৰ্বে বিষয়টো শুদ্ধ হোৱাটো নিশ্চিত কৰা৷ (Preparing a topic for publication socially,, making sure that it is correct.)

'সম্পাদনা' শব্দটোৱে মূলতঃ কোনো কার্য্য সুচাৰুৰূপে আৰু ত্রুটিমুক্তভাৱে নিষ্পাদন কৰা কাৰ্য্যক বুজায়। গুণগত দিশৰ উৎকৰ্ষ সাধন ইয়াৰ প্রধান আৰু প্রাথমিক চর্ত। নির্দিষ্ট কার্য্য একোটা কলাসম্মত ৰূপত, ত্রুটিমুক্ত আৰু গুণগত উৎকৰ্ষৰে সমাধা হোৱাটোৱেই সম্পাদনাৰ মূল ভিত্তি। (সম্পাদনা আৰু প্ৰকাশন, পৃ.৩)

সাম্প্রতিক সময়ত সম্পাদনা বিষয়টোৱে বিভিন্ন ক্ষেত্ৰৰ সন্ধান দিয়ে। বৈদ্যুতিন মাধ্যমসমূহ বিশেষকৈ ৰেডিঅ', টেলিভিছন আদি; তথ্যচিত্র, চলচ্চিত্ৰৰ চিত্ৰনাট্য বা কাৰিকৰী সম্পাদনাৰপৰা ছপামাধ্যমৰ কাকত-আলোচনী-গ্রন্থৰ সম্পাদনালৈকে প্রতিটো ক্ষেত্র এই দিশটোৱে সামৰি লয়। 

  • To prepare a Writing, television, flim  or radio programme by cutting and arranging filmed material in a particular order.
  • Editing is the process of selecting and preparing writtenvisualaudible, or cinematic material used by a person or an entity to convey a message or information. The editing process can involve correction, condensation, organization, and many other modifications performed with an intention of producing a correct, consistent, accurate and complete piece of work.
  • Editing is the process of reviewing, revising, and refining written content to improve its clarity, coherence, accuracy, and overall quality. Editing involves checking for errors, inconsistencies, and areas for improvement, and making necessary changes to enhance the text's meaning, tone, and style.

 
"Encarta Dictionary definition of "editing"
 
1. prepare text for publication: to prepare a text for publication by correcting errors and ensuring clarity and accuracy

2. decide content of publication: to be in overall charge of the publication of a newspaper, magazine, or broadcast program

3. cut material: to remove material from something such as a publication, broadcast item, recording, or movie, e.g. because it is lengthy or offensive
was edited for bad language
has been edited down from 5 hours of live recording

সম্পাদনাৰ প্ৰকাৰ:
১) বিষয়বস্তু সম্পাদনাঃ বিষয়বস্তু, গঠন আৰু সংগঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷
২) বাক্য সম্পাদনাঃ বাক্যৰ গঠন, ব্যাকৰণ, আৰু বাক্যৰ দৃষ্টিভংগী পৰীক্ষা কৰা হয়৷
৩) ব্যাকৰণগত সম্পাদনাঃ ব্যাকৰণ, বিৰাম চিহ্ন, বানান আদিৰ পৰীক্ষা কৰা হয়৷
৪) প্ৰুফৰিডিংঃ য’ত বানান, ব্যাকৰণ, আৰু ফৰ্মেটিংৰ ভুলৰ বাবে চূড়ান্ত পৰীক্ষা কৰা হয়৷
৫) বিষয়বস্তু সম্পাদনা, য’ত বিষয়বস্তুৰ সঠিকতা, প্ৰাসংগিকতা আৰু নিয়োজিততা নিশ্চিত কৰা হয়৷
৬) গাঁথনিগত সম্পাদনা: সামগ্ৰিক গঠন, প্ৰবাহ আৰু সংগঠন পৰীক্ষা কৰা হয়৷
৭) শৈলীগত সম্পাদনা: লিখাৰ শৈলী, আৰু লিখা বা কোৱাৰ ধৰণ-কৰণৰ পৰীক্ষা কৰা হয়৷
৮) কাৰিকৰী সম্পাদনা: কাৰিকৰী সঠিকতা, পৰিভাষা, আৰু সামঞ্জস্যতাৰ পৰ্যালোচনা কৰা হয়৷
৯) তথ্য-পৰীক্ষা: বাস্তৱিক তথ্য আৰু তথ্যৰ শুদ্ধ-অশুদ্ধ পৰীক্ষা কৰা হয়৷

Types of Editing:
1. Developmental Editing (Substantive Editing): Focuses on content, structure, and organization.
2. Line Editing: Examines sentence structure, grammar, and tone.
3. Copy Editing: Checks for grammar, punctuation, spelling, and consistency.
4. Proofreading: Final check for errors in spelling, grammar, and formatting.
5. Content Editing: Ensures accuracy, relevance, and engagement of content.
6. Structural Editing: Examines overall structure, flow, and organization.
7. Stylistic Editing: Enhances writing style, tone, and voice.
8. Technical Editing: Reviews technical accuracy, terminology, and consistency.
9. Fact-Checking: Verifies factual information and accuracy.


গ্ৰন্থ সম্পাদনা
গ্ৰন্থ সম্পাদনা হৈছে পাণ্ডুলিপি এটা পৰ্যালোচনা, সংশোধন আৰু পৰিশোধন কৰি প্ৰকাশৰ বাবে প্ৰস্তুত কৰা একপ্ৰকাৰৰ প্ৰক্ৰিয়া। গ্ৰন্থ সম্পাদনাৰ লক্ষ্য হৈছে লিখিত বিষয়বস্তু  এটি শুদ্ধকৈ, আকৰ্ষণীয় আৰু সঠিক ৰূপত প্ৰকাশিত হোৱা৷ (Book editing is the process of reviewing, revising, and refining a manuscript to prepare it for publication. The goal of book editing is to ensure the content is error-free, engaging, and polished.)


গ্ৰন্থ সম্পাদনাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ থাকে ?
  • বৌদ্ধিক সম্পদ অধিকাৰ আইন (কপিৰাইট আৰু অন্যান্য আইনসমূহ)
  • সম্পাদনা আৰু প্ৰাক্‌ মুদ্রণ স্তৰ (সম্পাদকৰ প্ৰকাৰ আৰু প্ৰকাৰ্য্য, লেখক-সম্পাদক-প্রকাশকৰ সম্পর্ক, গৃহ ৰীতি আদি)
  • পাণ্ডুলিপি সম্পাদনা আৰু প্রুফ চোৱাৰ নিয়ম
  • অলংকৰণ আৰু অংগসজ্জা (প্রাথমিক পৃষ্ঠাৰপৰা বেটুপাতলৈকে)
  • মুদ্রণ-উৎপাদন স্তৰ (গ্রন্থসজ্জা, গ্ৰন্থৰ বিভিন্ন অংশৰ পৰিচয় আদি)
  • মুদ্রণ (পদ্ধতি-প্রক্রিয়া, কাগজৰ আকাৰ-প্ৰকাৰ সম্পকীয় ধাৰণা)
  • গ্রন্থন বা বাইন্ডিং (প্ৰকাৰ, ধৰণ-কৰণ আৰু সামগ্ৰী) আদি

গ্ৰন্থ সম্পাদনাৰ প্ৰক্ৰিয়া (Book Editing Process)
  • প্রকাশকে গ্রহণ কৰা আঁচনিৰ আধাৰত যিবোৰ পাণ্ডুলিপি আহে, সেইবোৰৰ গ্ৰহণযোগ্যতা, প্ৰাসংগিকতা বিচাৰ কৰা;
  • পুংখানুপুংখকৈ পাণ্ডুলিপিসমূহ পঢ়ি, শুধৰাবলগীয়া অংশসমূহ চিনাক্ত কৰি লেখকৰ সৈতে আলোচনা কৰা;
  • পাণ্ডুলিপি খৰচি মাৰি পঢ়ি লেখকক শুধৰাবলৈ যাৱতীয় পৰামৰ্শ দিয়া;
  • লেখকৰপৰা ঘূৰি অহা কপি আৰু সম্পাদনা বিভাগত শুধৰোৱা কপিৰ উমৈহতীয়া আসোঁৱাহ দূৰ কৰি শুদ্ধীকৰণ, অক্ষৰ বিন্যাসৰ ব্যৱস্থা কৰা;
  • প্রুফ কপি সম্পাদকে নিৰীক্ষণ কৰি লেখক আৰু আৰ্হিপাঠ নিৰীক্ষকক নিৰীক্ষণ কৰিবলৈ দিয়া;
  • প্রুফ শুদ্ধিৰ পাছত পাণ্ডুলিপিৰ সামগ্রিক পৰিকল্পনা আৰু অলংকৰণ-অংগসজ্জাৰ ব্যৱস্থা কৰা;
  • প্রকাশন-গৃহৰ নিৰ্ধাৰিত নীতি অনুসৰি গৃহ ৰীতি (House Style) নিৰীক্ষণ, প্রাথমিক পৃষ্ঠাসজ্জা আদিৰ কাম তদাৰক কৰা;

(ইংৰাজীত-)
1. Manuscript evaluation
2. Content editing 
3. Copy editing
4. Proofreading
5. Fact-checking
6. Formatting and typesetting
7. Final review and approval


গ্ৰন্থ সম্পাদকৰ দায়বদ্ধতা ( Book Editor's Responsibilities)
  • বিষয়বস্তুৰ স্পষ্টতা ৰক্ষা কৰা, 
  • বিষয়বস্তুৰ পাৰস্পৰিক সংগতি ৰক্ষা কৰা,
  • তথ্যগত শুদ্ধতা নিৰ্ণয় কৰা,
  • উপস্থাপনত পুনৰাবৃত্তি-অস্পষ্টতা দূৰ কৰা,
  • উদ্ধৃতিৰ যথার্থতা নিৰ্ণয় কৰা,
  • ভাষাগত বিভ্রান্তি দূৰ কৰা।

(ইংৰাজীত-)
1. Improve clarity.
2. Ensure consistency in tone, style, and voice.
3. Check facts, research, and accuracy.
4. Enhance character development and dialogue.
5. Suggest reorganization or rewrites.
6. Ensure grammar, punctuation, and spelling accuracy.
7. Collaborate with author and publisher.



গ্ৰন্থ সম্পাদনাৰ পদ্ধতি (Book Editing Techniques)
1. Cutting (removing unnecessary content)
2. Rewriting (rephrasing for clarity)
3. Reorganizing (restructuring content)
4. Adding (providing additional context)
5. Clarifying (ensuring clear meaning)


গ্ৰন্থ সম্পাদনাৰ সজুঁলি (Book Editing Tools)
1. Style guides (e.g., Chicago, APA, MLA etc.)
2. Grammar and spell checkers (e.g., Grammerly, Quilbot)
3. Editing software (e.g., Adobe Acrobat)
4. Collaboration tools (e.g., Google Docs, Track Changes)


গ্ৰন্থ সম্পাদনাৰ সুবিধা বা লাভ (Benefits of Book Editing)
1. Improved manuscript quality.
2. Enhanced readability and engagement.
3. Increased author credibility.
4. Professional publication standards.
5. Better reader reviews and ratings.



প্ৰুফ ৰিডিং বা আৰ্হি পাঠ
প্ৰকাশৰ বাবে যোগ্য বিবেচিত পাণ্ডুলিপি একোটা মুদ্রণ কক্ষত টাইপিং কৰাৰ পাছত সেই পাণ্ডুলিপি শুধৰণিৰ ব্যৱস্থা কৰা হয়। পাঠ একোটাৰ ভাষাগত, ব্যাকৰণগত বা বাক্যগত আসোঁৱাহসমূহ পাণ্ডুলিপি সম্পাদকে শুধৰাই পঠিওৱাৰ পাছতো টাইপিঙত বিভিন্ন প্ৰকাৰৰ খুঁত ৰৈ যায়। এনেধৰণৰ পাণ্ডুলিপিৰ আৰ্হিপাঠ শুধৰণি প্ৰক্ৰিয়াটোকেই প্রুফ চোৱা বুলি কোৱা হয়। বিয়া বা শ্রাদ্ধৰ চিঠি এখনৰপৰা গ্রন্থ একোখনলৈকে, সংবাদ পত্ৰৰ বাতৰি একোটাৰপৰা টেলিভিছনৰ ব্রেকিং নিউজৰ শাৰীলৈকে সকলোতে প্রুফ শুদ্ধিৰ প্ৰক্ৰিয়া জড়িত হৈ থাকে। প্রুফ শুদ্ধি বা প্রুফ চোৱাৰ প্ৰক্ৰিয়াত পাণ্ডুলিপি সম্পাদকজনৰ উপৰি লেখক বা অন্য বৃত্তিধাৰী প্রুফ শুদ্ধি নিৰীক্ষক জড়িত হৈ থাকে। (সম্পাদনা আৰু প্ৰকাশন, নৱ কুমাৰ চমুৱা, পৃ. ১৬৯)

প্ৰুফ ৰিডিং হৈছে লিখিত বিষয় বা পাঠ (text) এটাৰ পদ্ধতিগত মূল্যায়ন, বিশ্লেষণ আৰু ব্যাখ্যা কৰাৰ প্ৰক্ৰিয়া৷  প্ৰুফ ৰিডিঙৰ জৰিয়তে এটা লেখাৰ স্পষ্টতা, শুদ্ধতা, সঠিকতা, বাক্য আৰু শব্দৰ শুদ্ধা-শুদ্ধ আৰু সামগ্ৰিক মানদণ্ডৰ মূল্যায়ন কৰা হয়৷ (Professional Reading (Prof Reading) refers to the process of reading and evaluating written content, such as manuscripts, articles, or documents, for various purposes, including:)

আৰ্হিপাঠ শুধৰণিৰ বাবে সম্পাদক একোজনে মূলতঃ এই দিশকেইটাত গুৰুত্ব দিয়ে-
(ক) বানান ভুলৰ শুধৰণি;
(খ) শব্দ শুধৰণি;
(গ) বাক্য শুধৰণি;
(ঘ) পেৰাগ্রাফ শুধৰণি;
(ঙ) বিৰাম চিহ্নৰ সংশোধন


প্ৰুফ ৰিডিং বা আৰ্হিপাঠৰ প্ৰকাৰ (Type of Prof Reading)
  • সমালোচনাত্মক পঠন  Critical reading
  • বিশ্লেষণাত্মক পঠন Analytical reading
  • সম্পাদকীয় পৰ্যালোচনা Editorial review
  • বিষয়বস্তুৰ মূল্যায়ন Content evaluation
  • পাঠ বিশ্লেণ Text analysis
 
প্ৰফু ৰিডিং বা  আৰ্হিপাঠ চোৱাৰ সাংকেতিক চিহ্ন





(উৎসঃ বিজ্ঞান লেখকৰ হাতপুথি, দীনেশ চন্দ্ৰ গোস্বামী)

প্ৰশ্নঃ তলৰ দফাটো সংশোধন আৰু সম্পাদন কৰাঁ                                  

অৰুনোদই’ [১৮৪৬-১৮৮০ প্ৰায়] এখনা আলোচনী বা কাকত হিচাপেই নহয়, বৰঞ্চ আধুনিক অসমীয়া ভাষা-সাহিত্যক পৃষ্ঠভূমি প্ৰদান কৰা এটা যুগৰ মূলস্তম্ভ আছিল, যাৰ বিস্তাৰ আৰু আৰু ব্যাপ্তিৰ বাবেই পৰৱৰ্তী সময়ত এই সময়ছোৱাক ‘অৰুনোদই যুগ’ হিচাপে নামকৰণ কৰা হৈছে ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্য আৰু অসমীয়া জাতিৰ চিন্তা আৰু চৈতন্যৰ দিশটোক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত এই আলোচনীখন আৰু আলোচনীখনৰ সৈতে জড়িত ব্যক্তিসকলৰ অৱদান চিৰস্মৰণীয় ইতিমধ্যেই অসমীয়া   সাহিত্যত ‘অৰুনোদই’ক লৈ বিভিন্ন আলোচনা, পৰ্যালোচনা হৈছেলোচনীখনে অসমীয়া ভাষাৰ সাহিত্যিক বিধাসমূহক প্ৰতিষ্ঠা কৰোঁৱা আৰু তাৰ গুৰুত্ব অনুধাৱন কৰোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে.

        ‘অৰুনোদই’ আলোচনীখনে অসমীয়া সাহিত্যত সততে অনালোচিত আৰু উপেক্ষিত এটা সাহিত্যিক বিধা বা সাহিত্য লিখন শৈলী ‘চিঠি-পত্ৰ’ক বিশেষ স্থান আৰু গুৰুত্ব প্ৰদান কৰি থৈ গৈছে ‘অৰুনোদই’ আলোচনীৰা বিভিন্ন সংখ্যাত বহুকেইখন গুৰুত্বপূৰ্ণ চিঠি-পত্ৰ প্ৰকাশিত হৈছে ‘চিঠি-পত্ৰ’ যে সাহিত্যৰ অন্তৰ্গত এটি বিষয় হ’ব পাৰে বা পত্ৰ লিখন পদ্ধতি যে সৃষ্টিশীল সাহিত্য নিৰ্মাণৰ এটি আংগিকযশৈলী হ’ব পাৰে, তাৰ উদাহৰণ দিবলৈ ‘অৰুনোদই’ আলোচনীখনত প্ৰকাশিত চিঠি-পত্ৰবোৰই যথেষ্ট

        চিঠি একপ্ৰকাৰৰ সুকুমাৰ শিল্প চিঠি-পত্ৰৰ অধ্যয়নে চিঠি-পত্ৰৰ মাজত নিহিত হৈ থকা সমাজ-সাহিত্য-সংস্কৃতিৰ ইতিহাস অধ্যয়নৰ লগতে চিঠিৰ সৈতে সম্পৰ্কীয় ব্যক্তিসকলৰ ব্যক্তিগত তথা সামাজিক জীৱন আৰু কাৰ্যাৱলী অধ্যয়নতো সহায় কৰে চিঠি-পত্ৰৰ অধ্যয়ন বা ইয়াৰ সংৰক্ষণ বিষয়টোৱে বুৰঞ্জী বা ইতিহাস ধ্যয়নৰ লগতে আধনিক সমালোচনা সাহিত্যতো মান্যতা লাভ কৰিছে. এজন ব্যক্তিৰ এখন সামান্য চিঠিয়ে অনাৱিষ্কৃত হৈ থকা বা গুপ্ত হৈ থকা নতুন নতুন বিষয়ত পোহৰ পেলাব পাৰে, ইয়াৰ দ্বাৰা সমকালীন সমাজ-সভ্যতা-সংস্কৃতি সমৃদ্ধিশালী আৰু …..৫৬) নতুন তথ্যৰে পৰিপূৰ্ণ হয় ব্যক্তিগত জীৱনত   চিঠিয়ে লিখোঁতাজনক [প্ৰেৰক] চিঠি পাওঁতাজনৰ [প্ৰাপক] মনৰ সন্মুখত ঠিয় কৰাই দিয়ে চিঠি-পত্ৰৰ এনে গুৰুত্ব আৰু প্ৰাসংগিকতা থকাৰ সমান্তৰালভাৱে চঠিৰ আংগিক বা শৈলী [Stylee] ব্যৱহাৰ কৰিও অসমীয়া সাহিত্যত একশ্ৰেণীৰ সৃষ্টিশীল সাহিত্য প্ৰকাশ হৈ আহিছে বিভিন্ন সাহিত্যিক বিধা যেনে– উপন্যাস, গল্প, কবিতা, k প্ৰবন্ধ আদিত কিছু সংখ্যক লেখক-লেখিকাই লিখাৰ শৈলীটো পত্ৰধৰ্মী কৰি বা পত্ৰৰ আংগিক ব্যৱহাৰ কৰি ৰসাল আৰু মনোগ্ৰাহী কৰাৰ চেষ্টা কৰিছে ভাৰতীয়                       সাহিত্য বুলিয়েই নহয়, বিশ্বৰ বিভিন্ন ভাষা-সাহিত্যত চিঠি-পত্ৰৰ শৈলীয়ে ইতিমধ্যেই¸ প্ৰসাৰ আৰু গুৰুত্ব লাভ কৰিছে ‘পত্ৰ সাহিত্য’ক সাহিত্যিক বিধাহিচাপেও বশ্বৰ বিভিন্ন আলোচনা-সমালোচনা, বিদ্যায়তনিক ক্ষেত্ৰখনত গুৰুত্ব দিয়া হৈছে চিঠি-পত্ৰক কেন্দ্ৰ কৰি ৰচিত হোৱা এই শ্ৰেণীৰ সাহিত্যক ‘পত্ৰ সাহিত্য’ [Epistle Literature]অভিধাৰে চিহ্নিত কৰিব পাৰি এই শ্ৰেণীৰ সহিত্যই আংগিক অঅৰু সামগ্ৰিক বৈশিষ্ট্যৰ আদাৰত আধাৰত স্বয়ংসম্পূৰ্ণ বিষয় হিচাপে পৃথকতা দাবী কৰিবপৰাকৈ সক্ষম



বেছিকৈ উচ্চাৰণ ভুল হোৱা কেইটমান শব্দ
ভুল উচ্চাৰণ                শুদ্ধ ৰূপ
প্ৰকীত                            প্ৰকৃত
উপাধক্ষ্য                       উপাধ্যক্ষ
আৰ্শীবাদ                       আশীৰ্বাদ
উদেশ্য                           উদ্দেশ্য
উপক্কীত                         উপকৃত
অপতীৰ্ণ                         অপতৃণ
সিধান্ত                             সিদ্ধান্ত
নূন্যতম                          ন্যূনতম
অংকণ                           অংকন
অংগিকাৰ                     অংগীকাৰ
অকৰা                            অঁকৰা
অগ্নিবান                        অগ্নিবাণ


তথ্যউৎস
  1.  "Encarta Dictionary definition of "editing"". Archived from the original on 22 October 2009.
  2. বিজ্ঞান লেখকৰ হাতপুথি, দীনেশ চন্দ্ৰ গোস্বামী, অসম বুক হাইভ, ২০০৯
  3. সম্পাদনা আৰু প্ৰকাশন, নৱ কুমাৰ চমুৱা, নক্সা প্ৰকাশন, ২০২৩

Post a Comment

0 Comments