★ (এক)
দক্ষতা আৰু প্ৰতিভাৰ মাজত পাৰ্থক্য আছেনে ?
উত্তৰটো হ’ল আছে ।
প্ৰতিভা হ’ল নিজৰ মাজত নিহিত হৈ থকা প্ৰাণশক্তি স্বৰূপ । এই প্ৰাণশক্তি বিষয়বস্তু কেন্দ্ৰিক , যেনে গান গোৱা, বাদ্যযন্ত্ৰ বজোৱা, খেলা, দৌৰা, সাঁতোৰা, বগোৱা, লিখা-মেলা, চিন্তা-চৰ্চা, বক্তিতা দিয়া, মনত ৰখা, গানিতক-বৈজ্ঞানিক-আধ্যাত্মিক-ৰাজনৈতিক ধাৰণা-দূৰদৰ্শীতা ইত্যাদি ইত্যাদি। কোনো বিষয়ত প্ৰতিভা থকা মানে হ’ল সেই বিষয়ত থকা সাধাৰণ সাৱললীতা । সেই সাধাৰণ সাৱললীতাক অসাধাৰণ পৰ্য্যায়লৈ লৈ যাবলৈ মানুহক লাগিব কঠোৰ অধ্যাৱসায়, নেৰা-নেপেৰা চেষ্টা, অহোপুৰুষাৰ্থ প্ৰয়োগ আৰু নিয়মিত অনুশীলন ।
প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটাই উক্ত বিষয়ত বিশেষ দখল দাখিল কৰাৰ নামেই হ’ল দক্ষতা অৰ্জন । সেয়ে দক্ষতা হ’ল কোনো বিষয়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ অবিৰত যাত্ৰাটোৰ এটা বিশেষ মাইলৰ খুটি য’ৰ পৰা আৰম্ভ হয় উক্ত বিষয়ত উক্ত যাত্ৰাকাৰীৰ উত্তৰণৰ প্ৰাকৃতিক শুভাৰম্ভ ।
অনুশীলন-অধ্যাৱসা আৰু আপ্ৰাণ প্ৰচেষ্টা কৰি কৰি কোনো এটা বিষয়ত কোনো মানুহে যেতিয়া সাৱললীতা অৰ্জন কৰে, সেয়াই হৈ পৰে সেই বিষয়ত সেই মানুহজনৰ দক্ষতা । আৰু এবাৰ দক্ষতা অৰ্জন হ’লে, দক্ষতা অৰ্জনকাৰীজনৰ বাবে উক্ত কাম হৈ পৰে নিজৰ নিউৰেল-নেটৱৰ্কৰ আয়ত্বাধীন । আৰু এবাৰ মানুহ এজনৰ বাবে কোনো বিষয় তেওঁৰ নিজৰ নিউৰেল-নেটৱৰ্কৰ আয়ত্বাধীন হৈ পৰিলে উক্ত বিষয় তেওঁৰ বাবে যেন হৈ পৰে প্ৰকৃতি-প্ৰদত্ত ।
সেয়ে ক’ব পাৰি যে কোনো বিষয়ত দক্ষতা অৰ্জন তেতিয়াহে হ’ব পাৰে, যেতিয়া বিষয়টো মানুহজনে ভালপায়, নিজৰ আত্মাত ধাৰণ কৰে ।
(দুই)
কোনো এখন শিক্ষানুষ্ঠানৰ দ্বাৰা দক্ষতা বিকাশ কৰিব পৰা যায় নে ?
শুদ্ধ উত্তৰটো হ’ল যে কোনো শিক্ষানুষ্ঠানে দক্ষতা বিকাশ কৰি দিব নোৱাৰে ।
কিন্তু শিক্ষানুষ্ঠানবোৰে দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় শৈক্ষিক আৰু সামাজিক পৰিৱেশ গঢ় দিব পাৰে ।
আৰু মানুহ পৰিৱেশ-পৰিস্থিতিৰ দাস, আজিৰ পৰিস্থিতিয়ে ইতিমধ্যে দক্ষ ব্যক্তিৰ বিচৰা-খোচোৰা আৰম্ভ কৰি দিছে । কোনো শিক্ষানুষ্ঠানে যদি এতিয়া পুথিগত বিদ্যা আৰু মুখস্থৰ আধাৰত গঢ় লৈ উঠা শিক্ষাব্যৱস্থাক কাটি কৰি থৈ ল’ৰা-ছোৱালীয়ে নিজে ভালপোৱা বিষয় পঢ়ি-বুজি, হাতে-কামে কৰি বিষয়টো খৰছি মাৰি জানি সম্পূৰ্ণ আত্মবিশ্বাসেৰে দক্ষ হৈ বাহিৰৰ পৃথিৱীখনলৈ ওলাই অহাৰ পৰিৱেশ এটা গঢ় দিব পাৰে, তেন্তে স্বত:স্ফৰ্তভাবে সমাজতো সামাজিক পৰিৱেশ এটাৰ জন্ম হব দক্ষতাৰ সমৰ্থনত ।
দক্ষতা বিকাশৰ এই কাম আৰম্ভ হ’ব লাগিব বুনিয়াদী বিদ্যালয় পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যন্ত । তেতিয়াহে আমাৰ দৰে দেশত দক্ষতা বিকাশৰ হকে জাগৰণ হ’ব । অন্যথা ডিগ্ৰীধাৰী বাবুৰহে’ সৃষ্টি হৈ থাকিব শিক্ষানুষ্ঠানবোৰত , আৰু, সমাজ আৰু দেশে এতিয়া ভুগি থকাৰ দৰেই ভুগি থাকিব লাগিব দক্ষ ব্যক্তিৰ অভাৱক । নিজগুনে, নিজ চেতনাৰে দক্ষ হৈ উঠা ব্যক্তিৰ নগন্য সংখ্যাক যথেষ্ঠ আৰু পৰ্য্যাপ্ত সংখ্যালৈ উন্নীতকৰণত অৰিহনা জগাব পাৰিব কেৱল শিক্ষানুষ্ঠানবোৰেহে’, চৰকাৰ আৰু প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থনত ।
(তিনি)
দক্ষতা বিকাশত শিক্ষানুষ্ঠানে জাগৰণ কেনেকৈ আনিব?
আমাৰ শিক্ষা ব্যৱস্থাত পাঁচটা তৰপ আছে - বুনিয়াদী, মাধ্যমিক, উচ্চ-মাধ্যমিক, উচ্চতৰ-মাধ্যমিক আৰু উচ্চ ।
কিছু বছৰ আগলৈকে এই পাঁচটা তৰপ বিভক্ত হৈ আছিল তলত দিয়া ধৰণে :
(১) প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ : বুনিয়াদী শিক্ষা
(২) পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ : মাধ্যমিক শিক্ষা
(৩) অষ্টম শ্ৰীণীৰ পৰা দশম শ্ৰেণীলৈ : উচ্চ-মাধ্যমিক শিক্ষা
(৪) একাদশ আৰু দ্বাদশ শ্ৰেণী : উচ্চতৰ-মাধ্যমিক শিক্ষা
(৫) স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি ইত্য্যদি : উচ্চ শিক্ষা
শিক্ষাৰ এই তৰপ কেইটা এতিয়াও প্ৰায় একেই আছে, যদি কৰৱাত কিবা অলপ সলনি হৈছেও, তথাপি ইয়াৰ মূল ধাৰা একেই আছে বা থাকিব ।
ইতিমধ্যে দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ উচ্চ শিক্ষাৰ ক্ষেত্ৰত লোৱা দেখা গৈছে । ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ আধাৰত গঢ় দিয়া স্নাতক উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত দক্ষতা বিকাশৰ বাবে বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে । গুৰু বা লঘু বিষয় নিৰ্বিশেষে স্নাতক পৰ্য্যায়ৰ যিকোনো পাঠ্যক্ৰমতে দক্ষতা বৃদ্ধিৰ হকে পঢ়িব লাগিব । Skill Enhancement Course নামেৰে ৪ ক্ৰেডিটৰ দুখন পেপাৰ পঢ়িব লাগিব প্ৰথম দুটা ষান্মাসিকতে । দুখন পেপাৰে দক্ষতা বৃদ্ধিৰ বাবে খুব বেছি এটা কৰিব নোৱাৰিলেও ছাত্ৰ-ছাত্ৰীবোৰক অন্তত দক্ষতাৰ এক বিশেষ ধাৰণা দিব, আৰু দক্ষতা বৃদ্ধি কৰাৰ এটা শৈক্ষিক মানসিক পৰিৱেশ দিব ।
ইতিমধ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ দামোদৰ মোদীৰ নেতৃত্বত দক্ষতা বিকাশৰ ধাৰণাটোৱে গা কৰি উঠিছে । তেখেতৰ প্ৰত্যক্ষ নিৰ্দেশত দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লব ধৰিছে কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰবোৰে । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰতিষ্ঠিত হব ধৰিছে দক্ষতা বিশ্ববিদ্যালয় । এই দক্ষতা বিশ্ববিদ্যালয়বোৰত দক্ষতা বৃদ্ধিৰ বাবে সকলো ধৰণৰ উচ্চ-শিক্ষাৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । উদ্যোগ-সাজু মানৱ সম্পদ (Industry Ready people) গঢ় দিয়াৰ যাৱতীয় সকলো কাম এই বিশ্ববিদ্যালয়বোৰত হব । উদ্যোগ-সাজু মানৱ সম্পদ ধাৰণাটোৰ লগত দক্ষতাৰ গাঢ় সম্পৰ্ক আছে, এটাই আনটোৰ পৰিপূৰক । সাধাৰণ ভাবে ক’বলৈ হ’লে , উদ্যোগে সদায়ে দক্ষতাৰ পৰিচায় বহন কৰে। উদ্যোগৰ পৰা ফচল (product) ওলাব লাগিব, সেই ফচলৰ গুনগত মান উন্নত হ’ব লাগিব, অন্যথা বজাৰ দখল কৰিব নোৱাৰিব । গুনগত মান উন্নত কৰি বজাৰ দখল কৰিব পৰা ফচল উলিয়াবলৈ উদ্যোগক লাগিব দক্ষ লোক ।
সেয়ে উদ্যোগবোৰৰ প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম যুগুত কৰি ব্যৱহাৰিক জ্ঞানৰ পাঠদান অপৰ্যাপ্ত ধৰণে দিয়াৰ ব্যৱস্থা কৰি উদ্যোগবোৰক দক্ষ মানৱ সম্পদ যোগান ধৰাৰ যি ব্যৱস্থা চৰকাৰে দক্ষতা বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্পন্ন কৰিব বিচাৰিছে, সেয়া প্ৰসংশনীয়, আদৰণীয় ।
কিন্তু এই ব্যৱস্থা অধিক হাৰত ফলপ্ৰসু হ’ব যদিহে বুনিয়াদী বিদ্যালয়ৰ পৰা দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয় । ইয়াত ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিৱেশটোৰ কথা নিবিড় ভাবে জড়িত হৈ আছে । শিক্ষালাভৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰায়ে যদি ছাত্ৰ-ছাত্ৰীবোৰক তেওঁলোকৰ প্ৰকৃতিগত-জন্মগত পাৰদৰ্শিতা অনুযায়ী তেওঁলোকক সেই বিশেষ বিষয়বোৰক বিশেষভাবে অধ্যয়ন কৰাৰ শৈক্ষিক পৰিৱেশ গঢ়ি দিয়া হয়, উপযুক্ত শিক্ষকৰ দ্বাৰা উপযুক্ত শিক্ষন আৰু প্ৰশিক্ষন দিয়া হয়, বুনিয়াদীৰ পৰা আৰম্ভ কৰি মাধ্যমিক, উচ্চ-মাধ্যমিক আৰু উচ্চতৰ-মাধ্যিমক পৰ্য্যায়ত, তেন্তে সেই বিষয়টোতে উচ্চ শিক্ষা লাভ কৰিলে ছাত্ৰ-ছাত্ৰীবোৰ দক্ষ হৈ নুঠাৰ কোনো অৱকাশে নাথাকিব ।
লিখনিটোৰ আৰম্ভনিতে কৈছিলো যে দক্ষতা নিৰ্ভৰ কৰে নিজৰ প্ৰকৃতিগন-জন্মগত গুনৰাজিৰ ওপৰত । মহাবিদ্যালয়-বিশ্ববিদ্যালয়বোৰে দক্ষতা বৃদ্ধিত অলংকৰণহে কৰিব পাৰিব, মূল অবয়ৱ আৰু আকৃতি-প্ৰকৃতিৰ গঢ় লব লাগিব শৈশৱৰে পৰা, বুনিয়াদী পৰ্য্যায়ৰে পৰা ।
এই ক্ষেত্ৰত দক্ষতা বিশ্ববিদ্যালয়বোৰৰ বিশেষ কৰণীয় আছে । তেওঁলোকে স্নাতক-স্নাতকোত্তৰ-গৱেষনা আদি যিবোৰ এখন বিশ্ববিদ্যালয়ৰ নিয়মীয়া কৰ্ম আৰু ৰুটীন সেয়া কৰিও, বিশ্ববিদ্যালয় প্ৰাংগনতে সকলো পৰ্য্যায়ৰ বিদ্যালয় খুলিব লাগিব উপযুক্ত শিক্ষক-প্ৰশিক্ষকৰ দ্বাৰা প্ৰকৃতিগত -জন্মগত প্ৰতিভাবোৰ চিনাক্ত কৰি দক্ষতালৈ ৰূপান্তৰিত কৰিবলৈ । বিদ্যালয়বোৰ বুনিয়াদী পৰ্য্যায়ৰ পৰা উচ্চতৰ পৰ্য্যায়লৈ হব লাগিব । তাৰপিছত উচ্চ শিক্ষা গ্ৰহণৰ বাবে দক্ষতা বিশ্ববিদ্যালয়ত তেওঁলোকৰ সেই ইতিমধ্যে আৰ্জিত দক্ষতা বিষয়ক পাঠ্যক্ৰমত যোগদান কৰিব।
দক্ষতা বিশ্ববিদ্যালয়ে এইদৰে বাট কাটিলে, সকলো শিক্ষানুষ্ঠানে সেই বাটে বাট বুলিব, আৰু দেশে দক্ষ ব্যক্তিৰ অভাৱ যে দূৰ কৰিব তাক ন দি কব পাৰি । সুখৰ বিষয় যে এই ধৰণৰ দক্ষতা কেন্দ্ৰিক স্কুলীয়া পাঠ্যক্ৰম দেশৰ কিছু দক্ষতা বিশ্ববিদ্যালয়েশুভাৰম্ভ ইতিমধ্যে কৰিছে ।
(চাৰি)
অসম দক্ষতা বিশ্ববিদ্যালয় সমীপেষু :
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ইতিহাস আৰম্ভ হৈছে ২০২০ চনৰ পৰা । অসম চৰকাৰে বিধান সভাত ২০২০ চনৰ চেপ্তেম্বৰ মাহত বিশ্ববিদ্যালয়খনৰ আইন প্ৰণয়ন কৰিছিল । ২০২৪ চনৰ অক্টোবৰ মাহত বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যাৱতীয় অনুমোদন লাভ কৰিছে ।
বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য হ’ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী । বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিশ্ববিদ্যালয় এইখন - মুখ্যমন্ত্ৰী হিচাপেও, আচাৰ্য্য হিচাপেও । আচাৰ্য্যৰ আশীষ , বিভাগীয় মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বুজৰবৰুৱাৰ প্ৰত্যক্ষ সহযোগ আৰু সন্মানীয় উপাচাৰ্য্য সুভাস চন্দ্ৰ দাসৰ সৱল নেতৃত্বত বিশ্ববিদ্যালয়খনে গতি লৈছে সাৱললীতাৰে।
বিশ্ববিদ্যালয়খনৰ স্থায়ী চৌহদ হ'ব মঙ্গলদৈত । স্থায়ী চৌহদ নিৰ্মিয়মান অৱস্থাত আছে। আশা কৰা হৈছে যে অহা ২০২৫ বৰ্ষৰ শৈক্ষিক বছৰত স্থায়ী চৌহদত পাঠদান কাৰ্য্য আৰম্ভ হ'ব । বৰ্তমান গুৱাহাটী আই টি আই মহাবিদ্যালয় চৌহদত অস্থায়ীভাৱে চাৰিটা চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰিছে :
(১) PG certificate course in Artificial Intelligence
(2) PG certificate course in Data Science
(৩) Certificate course in Road Construction Technology
(৪) PG certificate course in Financial Services and Insurance
আটাইকেইটা বিষয়ে নিয়োগ লাভ আৰু নিজে কিবা এটা কৰাৰ (Startup) বাবে অত্যন্ত উপযোগী । খৰছ তুলনামুলকভাবে বহু কম, আটাইকেইটা বিষয়ৰে নামভৰ্তি খৰছ মাত্ৰ ১৪,১০০/ টকা । বাহিৰত কৰিব লাগিলে ২ ৰ পৰা ৩ লাখ মান টকা লাগে । চাৰিওটা বিষয়ৰে প্ৰথমটো ছাত্ৰ-ছাত্ৰীৰ দলৰ শিক্ষা প্ৰায় সমাপ্ত হৈছে । ভাল লগা কথাটো ব'ল যে প্ৰায় আটাই কেইজন ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে আই টি ফাৰ্ম, ব্যক্তিগত খণ্ডৰ বেঙ্ক, কনচট্ৰাকচন ফাৰ্মত নিয়াগৰ সুবিধা লাভ কৰিছে।
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ যিকোনো পাঠ্যক্ৰম হব উদ্যোগ কেন্দ্ৰিক । নিয়োগৰ সুবিধা, আত্ম-প্ৰতিষ্ঠাৰ সুবিধা আদিৰ ওপৰত লক্ষ্য ৰাখি পাঠ্যক্ৰমবোৰ আগবঢ়োৱা হব । অধিক তথ্যৰ বাবে লিখকক ফোন কৰিব পাৰিব, নতুবা বিশ্ববিদ্যালয়খনৰ ৱেবচাইটো পৰিদৰ্শন কৰিব পাৰিব।
(পাঁচ)
দক্ষতাৰ ধাৰণাটোৰ লগত দুটা মহান মহাভাৰতীয় চৰিত্ৰৰ কথা উনুকিয়াব খোজো :
প্ৰতিভাৰ উত্তীৰণ ঘটাই অতি দক্ষতা আহৰণ কৰিছিল কৰ্ণ আৰু অৰ্জ্জুনে । কিন্তু দক্ষতাৰ ৰণখনত অৰ্জুন আগবাঢ়ি থাকিল কৰ্ণতকৈ, সদায়ে । কিয়?
কাৰণ প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটাই আকাশলংঘী দক্ষতা আৰ্জনৰ পথত কৰ্ণই সদায়ে অৰ্জুনতকৈ শ্ৰেষ্ঠত্ব হ’ব বিচাৰিছিল । কিন্তু অৰ্জুনে এই যাত্ৰাটোত মহত্ব বিচাৰিছিল,নিজকে নিজতকৈ উন্নীত কৰাত মনোনিৱেশ কৰিছিল সকলো প্ৰতিকূলতা নেওচি ।
আজিৰ নৱ-প্ৰজন্ম অৰ্জুন হওঁক !
লেখকৰ ঠিকনা
অধ্যাপক (ড°) মনোজ কুমাৰ ডেকা
অধ্যাপক, তথ্য-প্ৰযুক্তিবিদ্যা বিভাগ,
অসম দক্ষতা বিশ্ববিদ্যালয়, গুৱাহাটী-১৬
ফোন - ৭০৮৬৪৬৭৯১৭
0 Comments