নগেন শইকীয়া

 


নগেন শইকীয়া (১৯৩৯) 
একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক, সম্পাদক আৰু অধ্যাপক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিৱেশনত সভাপতিত্ব কৰিছিল। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷

প্ৰকাশিত পুথি

  • মিতভাষ (১৯৯৫) (হিন্দী, ইংৰাজী আৰু নেপালী ভাষালৈ অনূদিত)
  • স্বপ্ন-স্মৃতি-বিষাদ (১৯৯৭)

গৱেষণামূলক গ্ৰন্থ

  • Background Of Modern Assamese Literature (১৯৮৮)
  • চিন্তা আৰু চিন্তামূলক চৰ্চা (১৯৮০)
  • উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট (১৯৮৮)
  • ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা (১৯৯৩)
  • অগ্নিগৰ্ভা অসম (১৯৯৩)
  • অসমীয়া কবিতা আৰু অন্যান্য বিষয় (১৯৯৬)
  • গৱেষণা পদ্ধতি পৰিচয় (১৯৯৬)
  • তুলনামূলক সাহিত্য বিচাৰ (১৯৯৬)
  • অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ (১৯৯৭-৯৮)
  • সাংবাদিকতাঃ এটি গধুৰ আৰু পৱিত্ৰ দায়িত্ব (২০০০)
  • এজন সন্ত তাঁতীৰ জীৱন (২০০১)
  • ব্যক্তিত্বৰ ভাস্কৰ্যৰ
  • অসমীয়া বৰ্ণমালাৰ (২০০১)
  • মহেশ্বৰ নেওগ
  • আনন্দ চন্দ্ৰ বৰুৱা
  • শঙ্কৰদেৱ

গল্পপুথি

  • কুবেৰ হাতীবৰুৱা (১৯৬৭)
  • ছবি আৰু ফ্ৰেম (১৯৬৯)
  • বন্ধ কোঠাত ধুমুহা (১৯৭১)
  • মাটিৰ চাকি (১৯৭৬)
  • অস্তিত্বৰ শিকলি (১৯৭৬)
  • অপাৰ্থিৱ পাৰ্থিৱ (১৯৮২)
  • আন্ধাৰত নিজৰ মুখ (১৯৯৫) (বঙালী আৰু হিন্দী ভাষালৈ অনূদিত)
  • হেমন্ত কালৰ এটি গধূলি (২০০১)
ভ্ৰমণ কাহিনী
  • আমেৰিকাত দহ দিন (১৯৮৮)
  • মহাচীনৰ দিনলিপি (১৯৯৪)

আত্মজীৱনীমূলক গ্ৰন্থ

  • স্বপ্ন আৰু স্মৃতিৰ (প্ৰথম খণ্ড)
  • ধূলিৰ ধেমালি (২০০২)

সম্পাদিত গ্ৰন্থ

  • অসম বন্ধু (১৯৮৪)
  • চন্দ্ৰধৰ বৰুৱা ৰচনাৱলী- প্ৰথম খণ্ড (১৯৭৫)
  • অসমীয়া গল্প কৌমুদী (১৯৭৪)
  • সাহিত্যৰ বাদ বৈচিত্ৰ্য (২০০৩)
  • প্ৰবন্ধ সঞ্চয়ন (১৯৭৮)
  • অধ্যয়ন পৰিচয় (১৯৭৮)
  • আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ (১৯৭৭)
  • আধুনিক অসমীয়া কবিতা মঞ্জৰী (১৯৮৫)
  • শ্ৰীশ্ৰী শংকৰদেৱ (১৯৮৫)
  • আমাৰ লিপি সমস্যা (১৯৭৫)
  • অধ্যয়ন চক্ৰ (১৯৭৫)
  • কীৰ্তন ঘোষা (১৯৭৫)
  • সংগীত সাধনা (১৯৮৬)
  • শিক্ষা সমস্যাত আলোকপাত (১৯৭১)
  • সেউজী পাতৰ মাজে মাজে (১৯৬৬)
  • হিতেশ্বৰ বৰুৱা স্মৃতিমাল্য (১৯৭৬)
  • অভিনয় শেষ হ’ল (১৯৮৫)
  • সৰ্বানন্দ সিংহ নগৰৰ অভিজ্ঞান (১৯৮১)
  • পদ্মনাথ গোহাঞি বৰুৱা স্মৃতিগ্ৰন্থ (১৯৭১)
  • জোনাকী (২০০১)
  • চন্দ্ৰ কুমাৰৰ কবিতা সমগ্ৰ (১৯৯৩)
  • স্নাতক কবিতা চয়ন (১৯৯৩)
  • মহেশ্বৰ নেওগ ৰচনাৱলীঃ তৃতীয় থণ্ড (১৯৯৬)
  • বেজবৰুৱা নিৰ্বাচিত ৰচনা (১৯৯৮)
  • চিঠি পালো পঢ়ি চালো (২০০১)
  • বকুল বনৰ গীত (২০০২)
  • আমাৰ ঐতিহ্য আৰু ভণ্ডামি (২০০৭)
  • মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন (২০০২)
  • জটায়ু (২০০৩)
  • অসমৰ সাংস্কৃতিক ঐতিহ্য (২০০৫)
  • বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰামধেনুৰ সম্পাদকীয় (২০০৭)
  • দেৱদত্ত দেৱ চৰিত্ৰ (২০০৩)
  • বৰগীত (২০০৩)
  • Assam And The Assamese Mind (1991)
  • Gramitical Notes Of The Assamese Language by Dr. Nathan Brown, Revised P H Moore
  • লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীক ছয়টা খণ্ডত প্ৰকাশ। (২০১১)

অনুবাদ সাহিত্য

  • Kashavsut by P. Machewe ( Sahitya Akademi) 1978 by S N Desai (National Book Trust)

বৃহৎ কৰ্ম

  • অসমীয়া মানুহৰ ইতিহাস (প্ৰায় দুহেজাৰ পৃষ্ঠা) গৰিয়সীত প্ৰকাশিত। বৰ্তমান কথা প্ৰকাশনৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশিত হৈছে।
  • বঙালী-অসমীয়া অভিধান

বঁটা আৰু সন্মান



মিতভাষ সম্পৰ্কে নগেন শইকীয়াৰ মন্তব্য
‘‘ব্ৰহ্মাৰ নিৰ্বিকাৰ স্বৰূপৰ জ্ঞানে মানুহৰ মনত সন্ন্যাসী প্ৰৱণতাৰ জন্ম দিব পাৰে কিন্তু জন্ম-মৃত্যুৰ অন্ধকাৰ সীমাত বন্দী পাৰ্থিৱ জীৱনৰ মায়া, অক্ষমতা আৰু শূন্যতাৰ অন্ত পেলাব নোৱাৰে। স্বপ্নাতুৰ মানুহৰ স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি আছে আকাশ। এই দুখ জীৱনৰ সকলো বাদ অপবাদৰ উৰ্ধত। এনে এক পটভূমিত বিভিন্ন সময়ত আহি আমনি কৰা অনুভৱসমূহ ধৰি ৰাখিবলৈ যত্ন কৰি দেখিলোঁ, এই অনুভূতিক প্ৰথাসিদ্ধ কোনোতো ধাৰাতে অন্তৰ্ভুক্ত কৰিব নোৱাৰি। সেয়ে এইসমূহৰ নাম মিতভাষ— ‘চমূ কথা’ৰে মোৰ অনুভৱৰ প্ৰকাশৰ বাট।’’



নগেন শইকীয়া ৷ কথা বৰেণ্যৰ পৰা

 চুটি লেখাত নগেন শইকীয়াক সামৰিব নোৱাৰি। মানুহজন এজন মানুহ নহয়। এজন শইকীয়া ড° নগেন শইকীয়া: বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক, পণ্ডিত, গৱেষক। এই পণ্ডিতজনে নিজৰ গৱেষণাৰ লগতে বহু গৱেষকৰ গৱেষণা তদাৰকী কৰিছে। সাহিত্য-সংস্কৃতিৰ বিস্তৰ অধ্যয়ন কৰা, আৰু বিশেষকৈ অসমীয়া সাহিত্য-সংস্কৃতিৰ তথ্য নখ দর্পণত ৰখা এইজন নগেন শইকীয়াই কিছুমান মূল্যবান কিতাপ সম্পাদনা কৰিছে। সম্পাদনা বৰ টান কাম। পাণ্ডিত্যৰ লগতে কঠোৰ শ্ৰম কৰিহে কিতাপ এখন সম্পাদনা কৰিব পাৰি। ড° শইকীয়াই আসাম বান্ধব, চন্দ্ৰকুমাৰৰ কবিতা, চন্দ্ৰধৰ বৰুৱাৰ কবিতা, জোনাকী আদিৰ সম্পাদনা কৰি যিবোৰ পাতনি লিখিছে তাৰ মাজত কঠোৰ পৰিশ্ৰম কৰা পণ্ডিতজন সোমাই আছে।

এজন নগেন শইকীয়াই অসমৰ ইমূৰৰপৰা সিমূৰলৈ আৰু দেশৰ ভিতৰে-বাহিৰে বিভিন্ন সভা-সমিতিত বক্তৃতা দিয়ে। এইজন শইকীয়া দীর্ঘ দিন ধৰি অসম সাহিত্য সভাৰ লগত জড়িত আৰু সাহিত্য সভাৰ সম্পাদক, সভাপতি। দীর্ঘদিনীয়া কার্যকালত অসমীয়া সাহিত্য-সংস্কৃতিৰ সাংগঠনিক দিশত এইজন শইকীয়াই কৰা কাম বহুব্যাপ্ত। 

সাহিত্য সভাই আয়োজন কৰা লেখক-শিবিৰ এইজন শইকীয়াৰে উদ্ভাৱন। সাহিত্য আৰু সমাজৰ সম্পৰ্ক ওত-প্রোত। সাহিত্যৰ সংগঠক এগৰাকী সামাজিক সমস্যাৰ প্ৰতি উদাসীন হ'ব নোৱাৰে। 

এই সংগঠকগৰাকীৰে আন এটা ৰূপ সাংসদ, ৰাজনীতিবিদ। ৰাজনীতি কৰিলেও সাহিত্য-সংস্কৃতিৰ গবেষকজন আৰু সৃষ্টিশীল লেখক এজন তেওঁৰ লগতে থাকে। এজনে ৰাজনীতি কৰি থাকোঁতে লগত থকাজনে মিত-ভাষ লিখি থাকে।

অসমীয়া মানুহে ভ্ৰমণ কৰি ভাল নাপায়। ড° নগেন শইকীয়াই প্ৰচুৰ ভ্ৰমণ কৰিছে। দেশৰ ভিতৰত ইঠাইৰপৰা সিঠাইলৈ বিভিন্ন কামত বাছেৰে, ৰেলেৰে, উৰাজাহাজেৰে তেওঁ ভ্ৰমণ কৰিয়েই আছে। তাৰ মাজতে সাহিত্য-সংস্কৃতিৰ কামত চীনদেশ, আমেৰিকা আদিলৈও গৈছে। ভ্ৰমণৰ অন্তত তেওঁ ভ্রমণ-সাহিত্যও ৰচনা কৰিছে। 

সাহিত্য-সংগঠন, সভা- সমিতি, ভ্রমণ, গৱেষণা আদিৰ মাজতে তেওঁ অসমীয়া মানুহৰ ইতিহাসো লিখি আছে। কাম কৰা মানুহৰ বাবেহে কাম কৰিবলৈ সময় ওলায়। অকাডেমিক কাম-কাজত ব্যস্ত মানুহে ৰাজহুৱা ৰাজনীতিৰ জগতলৈ ওলাই আহিবলৈ নিবিচাৰে। ড° নগেন শইকীয়াৰ দুয়োখন জগততে অবাধ বিচৰণ, কিন্তু তেওঁৰ সৃষ্টিশীল সাহিত্য ৰাজনৈতিক সাহিত্য নহয়। 

সাম্প্রতিক অসমীয়া প্রখ্যাত সাহিত্যিকসকলৰ ভিতৰত ড° শইকীয়াই বোধহয় ৰাজহুৱা সমস্যা আৰু সমাজজীৱনৰ লগত আটাইতকৈ বেছি গভীৰভাৱে জড়িত, কিন্তু তেওঁৰ সৃষ্টিশীল সাহিত্যৰ সাধাৰণ সুৰ - নিঃসঙ্গ, বিষণ্ণ, বিচ্ছিন্ন ব্যক্তিৰ কৰুণ একাকীত্বৰ সুৰ।

ৰাজহুৱা জীৱনৰ ড° শইকীয়া আৰু চুটি গল্প, মিত-ভাষৰ নগেন শইকীয়া দুজন মানুহ। সাহিত্য-সমালোচনা কৰি, বিচাৰ-বিশ্লেষণ কৰি সুচিন্তিত পৰিষ্কাৰ মতামত দিব পৰা মানুহজনৰ নিজা সৃষ্টিশীল সাহিত্যত অনিশ্চয়তা আৰু সত্যৰ পৰিৱৰ্তনীয় গুণহে চকুত পৰে। 

শেহতীয়াকৈ দুই ধৰণৰ সাহিত্যকর্মই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰি আছে- 'অসমীয়া মানুহৰ ইতিহাস' আৰু 'মিত-ভাষ'। আমাৰ অসমৰ সম্পাদক হিচাপে কৰা কামৰ লগত এই দুই সাহিত্যকৰ্মৰ পোনপটীয়া সম্পর্ক নাই।

ড° নগেন শইকীয়া নিজক নিজে গঢ় দিয়া মানুহ। তেওঁৰ জন্ম, শিক্ষাজীৱন আদি সাধাৰণ। তেওঁ যি কৰিছে, দেশ আৰু জাতিৰ প্ৰতি যি অৱদান দিছে, সি নিজা চেষ্টা, কঠোৰ পৰিশ্ৰমৰ ফলতহে সম্ভৱ হৈছে। তেওঁ যি কাম কৰে প্ৰণালীবদ্ধ আৰু নিয়াৰিকৈ কৰে।

চুটি গল্প ড° শইকীয়াৰ প্ৰধান সৃষ্টিশীল সাহিত্য-কর্ম। চুটি গল্পতে তেওঁ সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছে। তেওঁৰ চুটি গল্পই চেতনা- স্রোত ৰীতিত লিখা চুটি গল্পৰ ধাৰাটোক সমৃদ্ধ কৰিছে। ৰামধেনুতে গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা শইকীয়াই প্রায় অর্ধশতিকা গল্প লিখি আছে। 

আধুনিক ইউৰোপীয় সাহিত্য আৰু দৰ্শনৰ অধ্যয়নে তেওঁক সৃষ্টিশীল সাহিত্যত নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ উদ্‌গনি দিছিল। আৱাহন-যুগৰ চুটি গল্পৰপৰা ৰামধেনু-যুগৰ গল্পৰ মূল পার্থক্য আছিল নির্মাণ-কৌশলত। আৱাহন-যুগৰ গল্পৰ নিৰ্মাণত থকা শিথিলতা ৰামধেনু- যুগত বহু পৰিমাণে কমিছিল।

 ৰামধেনুৰ শেষৰ চাম গল্পকাৰৰ এজন হিচাপে সাহিত্য-জীৱন আৰম্ভ কৰা শইকীয়াই চুটি গল্পৰ আংগিকলৈ বহু পৰিৱৰ্তন আনিছিল। বন্ধ কোঠাত ধুমুহা, অপার্থিব-পার্থিব আৰু আন্ধাৰত নিজৰ মুখ আদি গল্প-সংকলনে অসমীয়া চুটি গল্পৰ কাহিনী কোৱা ৰীতিলৈ বৈচিত্র্য আনিছিল। এই ৰীতিৰ ক্ষেত্ৰত সৌৰভ কুমাৰ চলিহাক তেওঁৰ পূর্বসূৰী বুলিব লাগিব।

শইকীয়াৰ গল্পত পৰম্পৰাগত আৰম্ভণি, মধ্যভাগআৰু পৰিণতি নাই, পঢ়ুৱৈক পোনপটীয়াকৈ চৰিত্ৰৰ চেতনালৈকে লৈ ই যোৱা হয়। শইকীয়াৰ ৰীতিক আভ্যন্তৰীণ স্বগতোক্তি বুলিও ক'ব পাৰি। কাহিনীকাৰৰ হস্তক্ষেপ নোহোৱাকৈ চৰিত্ৰৰ মনোজগতৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ - পূর্ণ প্রৱাহ গল্পত দাঙি ধৰা হয়। ইন্দ্রিয়গ্রাহ্য অনুভূতি চৰিত্ৰৰ চেতন আৰু অৰ্ধচেতন চিন্তাৰ লগত মিহলি হৈ যায়। যি ন্যূনতম হস্তক্ষেপ অবিহনে ।

 কাহিনী দুর্বোধ্য হোৱাৰ আশংকা, সেইখিনি হস্তক্ষেপহে ড° শইকীয়াৰ কাহিনীকাৰে কৰে, কিন্তু কাহিনীৰ পথ নির্দেশক হিচাপে মানসিক ক্রিয়া- প্ৰক্ৰিয়াৰ বিশৃংখল অৱস্থাক ন্যায়শাস্ত্রীয় যুক্তিৰে শৃংখলাবদ্ধ কৰিবলৈ লেখকে চেষ্টা নকৰে। শইকীয়াৰ গল্পত যুক্তি সমর্থিত যোগসূত্ৰেৰে - বান্ধ খাই নথকা টুকুৰা অভিজ্ঞতা, সংলাপ, দিবাস্বপ্ন আদিৰ প্রতীকি এই সমাহাৰে পৰম্পৰাগত নিটোল কাহিনীৰ ঠাই অধিকাৰ কৰিছে। 

তেওঁৰ বৃত্তান্তত ৰহস্যময় সময় আৰু স্মৃতি আৰু সিবিলাকৰ মাজত সোমাই থকা অতীতৰ অসংখ্য ঘটনা জীৱন্ত চিত্রকল্পলৈ সলনি হয়; এটা ইন্দ্রিয়ানুভূতিৰ লগত আঁজোৰ খাই আন এটা জাগি উঠে। চেতনাস্রোত ৰীতিয়ে গল্পকাৰক সূক্ষ্মভাৱে সমাজজীৱনক নিৰীক্ষণ কৰাৰ সুযোগ দিছে। এই ৰীতিৰ সহায়ত গল্পকাৰে, চৰিত্ৰৰ মনঃস্তত্ব বিশ্লেষণ কৰিছে। বন্ধ কোঠাত ধুমুহা, অপার্থিব-পার্থিব, আন্ধাৰত নিজৰ মুখ আদি গল্প- সংকলনে আধুনিক অসমীয়া চুটি গল্পৰ ধাৰাটোক বিশেষভাবে সমৃদ্ধ কৰিছে।

ড° শইকীয়াৰ 'মিতভাষ' ভাৰতীয় দর্শন, সংস্কৃতি-পৰম্পৰা আৰু পশ্চিমীয়া আধুনিকতাবাদৰ সংমিশ্রণত সৃষ্টি হোৱা একান্ত মিতব্যয়ী  স্পন্দিত গদ্যৰ কবিতা। অসমীয়া কবিতাত এই শিল্পৰূপটো নতুন। ইয়াৰ সম্পর্ক বিচাৰিলে দূৰ সম্পৰ্ক এটা যতীন দুৱৰাৰ 'কথা কবিতা'ৰ মাজত - বিচাৰি পাব পাৰি। 

ইয়াৰ নিৰ্মাণ-কৌশলত ফৰাছী প্রতীকবাদী আৰু ইংগ- এন মার্কিন চিত্রকল্পবাদীৰ কলা-কৌশল প্রয়োগ কৰা হৈছে। আনুভূতিক হু তীব্রতা আৰু অৱস্থিতিবাদী দার্শনিক চিন্তা 'মিতভাষ'ৰ বিশিষ্ট গুণ।

ড° নগেন শইকীয়া অসমীয়া সাহিত্য-সংস্কৃতিৰ এগৰাকী কাণ্ডাৰী। তেওঁ সৃষ্টিশীল সাহিত্যৰ ৰচনা আৰু সাহিত্য-সংস্কৃতিৰ গৱেষণাত নিজক অজস্ৰ প্রাত্যহিক কামৰ মাজতো ব্যস্ত ৰাখিব পাৰিছে। অতি কম সংখ্যক মানুহে ড° নগেন শইকীয়াৰ দৰে কৰ্মব্যস্ত জীৱন যাপন কৰিব পাৰে।

- কথা বৰেণ্য, লিখকঃ আনন্দ বৰমুদৈ, পৃষ্ঠা-২১৪


নগেন শইকীয়াৰ উদ্ধৃতি

  • ভাষা থাকিলেহে জাতি থাকিব, মুখৰ মাতষাৰ হেৰালে পেটৰ ভাতে আমাক বচাব নোৱাৰে বা জাতি ৰক্ষা কৰিব নোৱাৰে৷
  • কোনোবাই ক’ৰবাত এনে এটা কাম আৰম্ভ কৰিবই লাগিব৷ এনে কামে যদি এক শতাংশ উদ্দেশ্যহে পূৰণ কৰে, বাকী নিৰান্নব্বৈ শতাংশ পূৰণ কৰাৰ প্ৰয়োজনীয়তা ই বঢ়াই তুলিব; যদি ই কোনো উদ্দেশ্য পূৰণ নকৰে বিদগ্ধজনৰ বাবে আমাৰ এই অসাফল্য নিজেই এটি প্ৰত্যাহ্বান হ’ব৷
  • মই আচলতে নিজকে শিক্ষাবিদ বুলি নাভাবোঁ, শিক্ষক বুলিহে ভাবোঁ। শিক্ষাবিদসকলে শিক্ষা সম্পৰ্কে জানে আৰু মই শিক্ষা সম্পৰ্কে জনাতকৈ শিক্ষক হিচাপে নিজকে পৰিচয় দি ভাল পাওঁ।
  • আমাৰ পুৰণিকলীয়া শিক্ষা বুলি কথা নাই, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ শিক্ষাই এক আগস্থান পাই আহিছে। কিন্তু কিছুদিনৰ পৰা পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা শিক্ষানীতিসমূহত মূল্যবোধৰ ওপৰত যেন কম গুৰুত্ব দিয়া হৈছে, সেয়া পৰিলক্ষিত হৈছে। ইয়াৰ ফলত আমাৰ ল’ৰা-ছোৱালীসমূহৰ যিটো ব্যক্তিত্ব সেয়া যেন সঠিকভাৱে সমাজে বিচৰাধৰণে গঢ় লৈ উঠা নাই। আমাৰ যিবিলাক অসামাজিক ঘটনা ঘটিবলৈ ধৰিছে, এই ঘটনাবিলাকৰ মূলতে মই মূল্যবোধৰ শিক্ষাৰ নাটনিকে ঘাই কাৰণ বুলি মই ভাবোঁ৷
  • মই ডিজিটেল ৱৰ্ল্ডৰ মানুহেই নহয়। মই নিজে অনুভৱ কৰো যে মই ডিজিটেল জগতৰ কিছু কাম শিকিব লাগিছিল ..... ৷
  • সাহিত্য সভা দৰাচলতে সাহিত্যিকসকলৰ অনুষ্ঠান হৈ থাকিব লাগে, অৰ্ধসাহিত্যিক বা অসাহিত্যিকৰ অনুষ্ঠান হ’ব নালাগে। কিন্তু সাহিত্য সভাত যিবোৰ নতুন নীতি-নিয়ম কৰিলে, সেই নিয়মবিলাক ৰাজনৈতিক দলৰ নীতি-নিয়মৰ দৰে হ’ল। তাৰ ফলস্বৰূপে সাহিত্য সভাৰ যিটো পূৰ্বৰ গৰিমা, সেইটো বহুপৰিমাণে হ্ৰাস পালে বুলি মই ভাবোঁ৷
  • যিবোৰ বাতৰিৰ সামাজিক মূল্য নাই, তেনেকুৱাধৰণৰ বাতৰি পৰিহাৰ কৰা উচিত। বেয়া ঘটনাসমূহ বাতৰিৰ মাধ্যমেৰে নিশ্চয়কৈ দাঙি ধৰিব লাগিব। কিন্তু এনেকুৱা বাতৰি সঘনাই দেখুৱাই থাকিলে তাৰ বেয়া প্ৰভাৱ এটাও সমাজত পৰে।
  • ভাৰতীয় গণতন্ত্ৰক মই ভিতৰৰ পৰা দেখিলোঁ। আৰু এটা কথা দেখিলোঁ মই যে, ভাৰতবৰ্ষত যিজনেই প্ৰধানমন্ত্ৰী হয়, তেওঁৰ নিৰ্দেশতেই গোটেই দেশখন চলে। গণতন্ত্ৰত যদিও মূল্যবোধৰ কথা আমি কওঁ, এই গণতন্ত্ৰও একপ্ৰকাৰ ৰাজতন্ত্ৰৰ লেখীয়াই। আগৰ ৰাজতন্ত্ৰত যিদৰে ৰজাৰ কথামতেই দেশ চলিছিল, এতিয়াও প্ৰধানমন্ত্ৰীজনে যি কথা কয়, সেই কথাটোকেই সৰ্বতোপ্ৰকাৰে সংসদত গৃহীত হয়গৈ।

ডিব্ৰুগড়ত নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ আলোকচিত্ৰ

অসমীয়া মানুহৰ ইতিহাস গ্ৰন্থৰ বেটুপাত

নগেন শইকীয়াৰ ইংৰাজী গৱেষণা গ্ৰন্থ ‘Background Of Modern Assamese Literature ’ৰ
 অসমীয়া অনুবাদ, প্ৰথম প্ৰকাশ-২০২২, পূৰ্বাঞ্চল প্ৰকাশ


নগেন শইকীয়াৰ মিতভাষ

পাতবোৰ হালধীয়া হৈ শুকাই

পাতবোৰ হালধীয়া হৈ শুকাই তলত সৰি পৰিছে— ডালবোৰে জীৰ্ণ-শীৰ্ণ হৈ অসহায়ভাৱে হাত মেলি আছে— এখন উকা আকাশ আৰু তলত কঠিন মাটি— কদমত যোৱা ঘোঁৰাৰ ধূলিত পোত যোৱা পৃথিৱী— তথাপি শিপাডালে প্ৰাণ-পণে তলৰ গভীৰৰপৰা জীপ শুহি ল'বলৈ যত্ন কৰিছে। মই গছজোপাৰ কাষতে থিয় হৈ আছোঁ।
ধান দোৱা হৈ গ'ল

ধান দোৱা হৈ গ'ল (‘ধান কাটা হয়ে গেছে') —আহিনৰ সেউজীয়াৰ এতিয়া নৰাৰ মৰণ-গোন্ধ শুকান জলাশয়ত সিঁচৰতি হৈ পৰি আছে —এটা-দুটা শামুকৰ খোলা— সৰি পৰা চৰাইৰ পাখিত বিদায়ৰ হুমুনিয়াহ। —পথাৰখন আহি তেওঁৰ চকুৰ মণিত সোমাল আৰু তেওঁ ঢলি পৰিল।
কাঁইটডাল কোনে পুতি দিলে

কাঁইটডাল কোনে পুতি দিলে— দুপৰত তাৰ পাত ওলাবলৈ ধৰিলে সৰু-সৰু পাত। পাততো কাঁইট— চুলেই ওলাই আহে আঙুলিৰ বুকুৰ ভিতৰৰ তেজ— আবেলিৰ হেঙুলীয়া পোহৰত জিলিকি উঠিল— নীলা অপৰাজিতাৰ দৰে পাৰ হোৱা সময়ৰ সৰু সৰু ফুল— চকুৰ নিয়ৰৰ
দৰে তাৰ ৰূপ— মই তাৰ মাজতে টোপনি যাওঁ আৰু সাৰ পাওঁ...

বংগৰ নৱজাগৰণ আৰু আধুনিক অসমীয়া মন

  • বংগৰ নৱজাগৰণ (১৮০০-১৯৩০)
  • মিছনেৰীসকলৰ অৱদান
  • অৰুনোদইৰ প্ৰতিষ্ঠা
  • আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ অৱদান
  • বংগৰ চেৰিটি স্কুল আৰু  ফৰ্ট উইলিয়াম কলেজৰ প্ৰতিষ্ঠা
  • বংগত মিছনেৰী স্থাপন আৰু অসমলৈ প্ৰসাৰ
  • ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা
  • ৰাজা ৰামমোহন ৰায়ৰ সংস্কাৰধৰ্মী মনোভাৱৰ প্ৰসাৰ
  • ১৮৫৭ চন, কলিকতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা
  • কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰসকলৰ অৱদান
  • অঃভাঃউঃসা
  • জোনাকী (১৮৮৮)
  • গেইটৰ বুৰঞ্জী ‘A History of Assam’ৰ প্ৰকাশ
  • হেমকোষ প্ৰতিষ্ঠা
  • কামৰূপ অনুসন্ধান সমিতি, অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিষ্ঠা
  • আধুনিক সাহিত্যৰ বিভিন্ন বিধাবোৰৰ স্ষ্টি
  • জোনাকী যুগৰ ত্ৰিমূৰ্তিঃ বেজবৰুৱা, আগৰৱালা, গোস্বামী
  • ১৯১৬ অসম ছাত্ৰ সন্মিলন আৰু পৰৱৰ্তী সময়ত অসম সাহিত্য সভা স্থাপন
  • দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ আৰু সাহিত্যত বাস্তৱবাদী ধাৰাৰ বিকাশ



Post a Comment

0 Comments