যোগাযোগমূলক অসমীয়া ৷ অসমীয়া ভাষা ৷ কমিউনিকেশ্যন ৷ মৌখিক যোগাযোগ ৷ ভাষাভিন্ন যোগাযোগ

* যোগাযোগমূলক অসমীয়া 

- Comunication বা যোগাযোগ কি?

  • কোনো এটা বাৰ্তা প্ৰেৰণ কৰা, লাভ কৰা অথবা আনৰ লগত কোনো সূচনা, তথ্য, ধাৰণা, বিষয়, অনুভৱ-অনুভূতিৰ বিনিয়ম কাৰ্যই যোগাযোগ৷
  • বাৰ্তা এটা প্ৰেৰক(Sender)ৰ পৰা প্ৰাপক(Receiver)ৰ মাজলৈ লৈ যোৱাৰ এটা মাধ্যম৷
  • Communication, which is one of our most basic needs, is the process of conveying our thoughts, ideas and feelings to others using verbal as well as nonverbal signals. It involves sending and receiving information using a medium that is understood by both the sender and the receiver so that there is communication between them. 
  • Why is  Communication called Art?
  • content (what is being communicated), source/sender/encoder (by whom), form (of what kind, e.g. written, spoken, nonverbal), channel (through which medium e.g., air, print), destination! receiver/decoder (to whom), and the purpose (what the act of communication does for the sender, e.g. allows him/her to state a fact, give advice, make a request or ask questions).

যোগাযোগৰ বাবে প্ৰয়োজনীয় কেতবোৰ চৰ্তঃ (conditions required for communication:)
  1. উপযুক্ত পৰিৱেশ 
  2. পাৰস্পৰিক সহযোগিতা বা আগ্ৰহ 
  3. উপযুক্ত উপাদান (শব্দ, আখৰ, প্ৰতীক আদি৷) 
  4. অৰ্থ গ্ৰহণৰ শুদ্ধতা বা নিশ্চয়তা 
  5. প্ৰাপক বা গ্ৰাহকৰ সঁহাৰি৷
  • প্ৰভাৱশালী যোগাযোগ কি আৰু ই কেনেধৰণৰ হোৱা উচিত?
  • কথাতে বঁটা পায়, কথাতে কটা যায় বুলি কিয় কোৱা হয়?
  • শব্দ শক্তি বা শব্দ ব্ৰহ্ম বুলি কিয় কোৱা হয়?


- Communication বা যোগাযোগ কিয় লাগে?

  • তথ্য, বাৰ্তা আদিৰ আদান প্ৰদানৰ বাবে৷
  • জ্ঞান অৰ্জনৰ বাবে৷
  • জীৱন নিৰ্বাহৰ বাবে৷
  • জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে৷
  • সময়ৰ সঠিক ব্যৱহাৰৰ বাবে৷
  • সম্বন্ধ বা সম্পৰ্ক স্থাপনৰ বাবে৷


যোগাযোগৰ বাবে ভাষাৰ প্ৰয়োজন ক’ত? (Where is language needed for communication?)

  • ভাষা অবিহনে মানুহে যোগাযোগ কেনেকৈ কৰে বা কৰিছিল?
  • সংকেট বা সাংকেটিক চিহ্নৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ?
  • ভাষাৰ অবিহনে যোগাযোগ কেনেদৰে সম্ভৱ হ’লহেঁতেন?

 

- যোগাযোগ কেৱল মানুহেই কৰেনে? 

  • মানুহৰ বাহিৰে বেলেগ প্ৰাণীয়ে যোগাযোগৰ বাবে কি কৰে?
  • সেইধৰণৰ যোগাযোগ কাৰ্য সফল হয়নে?

- যোগাযোগৰ শ্ৰেণী বিভাজনঃ (Classification of communication)

  • আনুষ্ঠানিক যোগাযোগ (Formal Communication ) আৰু অনানুষ্ঠানিক (Informal Communication) যোগাযোগ
  • আনুষ্ঠানিক যোগাযোগৰ উদাহৰণঃ সভা-সমিতি, সাক্ষাৎকাৰ, চিঠি-পত্ৰ, ই-মেইল আদি৷
  • অনানুষ্ঠানিক যোগাযোগৰ উদাহৰণঃ সাধাৰণ মাত-কথা, ফোনকল, ব্যক্তিগত মেচেজ আদি৷


আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগক পুনৰ দুটা ভাগত বিভক্ত কৰিব পাৰি৷ সেয়া হ’ল > ভাষিক (Verbal Comunication)  আৰু ভাষাভিন্ন  (Non- Verbal Communication) যোগাযোগ৷

ভাষিক আৰু ভাষাভিন্ন যোগাযোগক পুনৰ দুটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল > লিখিত যোগাযোগ (Written Communication) আৰু মৌখিক যোগাযোগ (Oral Communication)


ভাষিক যোগাযোগ (Verbal Communication)
ভাষিক যোগাযোগত ভাষাৰ ব্যৱহাৰ কৰা হয়৷ ভাষাভিন্ন যোগাযোগ মানে ভাষাৰ সহায় নোলোৱাকৈ শৰীৰৰ বিভিন্ন অংগ, পতংগৰ ব্যৱহাৰ কৰি কৰা যোগাযোগ৷

লিখিত যোগাযোগ (Written communication)
ভাৱ প্ৰকাশ  স্পষ্ট আৰু শৃংখলাবদ্ধ কৰিবলৈ কিছুমান বিৰাম চিহ্নৰ প্ৰয়োগ আৰু লেখাটো একঘেয়ামী নহ’বলৈ অনুচ্ছেদ (Paragraph)ৰ প্ৰয়োজন৷


বিৰাম চিহ্ন বা যতি চিন কি? (What is a punctuation mark?)
বক্তাই কথা কোৱাৰ মাজে মাজে ৰোৱা সাময়িক বিৰতি৷ এইবোৰ মূলতঃ এনেধৰণৰ-
পূৰ্ণ বিৰাম ঃ দাড়ি (৷), প্ৰশ্নবোধক চিন (?) আৰু ভাববোধক চিন (!)
লঘু বিৰাম ঃ কমা (,) উদাহৰণঃ তুমি, মই, ৰমেন আৰু যদু বজাৰলৈ যাম৷
অপূৰ্ণ বিৰাম ঃ চেমিকলন (;) উদাহৰণ- গান আৰু কবিতা থাকক; কাম আৰু আঁচনিৰ কথা পাতোঁ৷

অন্যান্য সাংকেতিক চিহ্ন
কলন ঃ   ঃ (উদাহৰণ ভাৰতীয় সাহিত্য ঃ)
উৰ্দ্ধকমা ঃ ’ ক’ত, দ’লহাট আদি৷
উদ্ধৃতি ঃ  ‘‘সত্যৰ সদায় জয়’’
বন্ধনী ঃ সৰু বন্ধনী বা ছন্দ বন্ধনী (), কুটিল বন্ধনী {}, বৰ বন্ধনী [] 
ফুলষ্টপ ঃ শব্দৰ সংক্ষিপ্ত ৰূপ বুজাবলৈ -- অ.ভা.উ.সা

লিখিত যোগাযোগৰ সুবিধা
  • লিখনৰ বাবে যথেষ্ট সময় পোৱা যায়৷ গতিকে ভালকৈ চিন্তা-চৰ্চা কৰি, বিবেচনা কৰি, সকলো দিশ সামৰি লৈ বিষয় এটা উপস্থাপন কৰিব পাৰি৷
  • পাঠকে লেখাৰ বিষয়টো বাৰে-বাৰে পঢ়িবলৈ বা বুজিবলৈ সুবিধা থাকে৷
  • লিখিত বিয়য়ত সৃষ্টিশীলতাৰ অধিক প্ৰয়োগ ঘটাব পাৰি৷
  • বিষয় এটা অধিক ৰূপত প্ৰভাৱ বিস্তাৰ ঘটোৱাব পাৰি৷

লিখিত যোগাযোগৰ অসুবিধা
  • লিখোঁতে-পঢ়োঁতে যথেষ্ট সময় খৰছ হয়৷
  • শাৰিৰীক অঙ্গী-ভঙ্গীৰ প্ৰয়োগ কৰিব যিহেতু নোৱাৰি৷ গতিকে কিছুমান সুক্ষ্ম অনুভূতি লিখাৰ মাধ্যমেৰে প্ৰকাশ কৰিব নোৱাৰি৷
  • ই গ্ৰাহক অৰ্থাৎ যিজনৰ সৈতে যোগাযোগ কৰা হয়, তেওঁৰ পৰা তাৎক্ষণিক প্ৰতিক্ৰিয়া লাভ কৰিব নোৱাৰি৷
  • লিখিত আকাৰে বাৰ্তা বা যোগাযোগ কৰিলে ই স্থায়ীত্ব লাভ কৰে৷ গতিকে এইক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা প্ৰয়োজন৷
মৌখিক যোগাযোগ
দৈনন্দিন জীৱনত মৌখিক যোগাযোগৰে প্ৰয়োজন সৰ্বাধিক৷
পঢ়াতকৈ শুনাৰ গুৰুত্ব আৰু প্ৰভাৱশালীতা সদায় বেছি৷
মৌখিক যোগাযোগৰ উদাহৰণ ঃ ব্যক্তিৰ সৈতে ব্যক্তিৰ কথোপকথন বা বাৰ্তালাপ, সভা-সমিতি, আলোচনা চক্ৰ, দলীয় আলোচনা (Group Discussion), সাক্ষাৎকাৰ, টেলিফোনিক বাৰ্তালাপ আদি৷

আৰু এক ধৰণৰ যোগাযোগ আছে৷ সেয়া হ’ল সামূহিক যোগাযোগ (Collective communication)
  • সামূহিক যোগাযোগৰ উদাহৰণ ঃ দলীয় আলোচনা, সভা, মিটিং, আলোচনা চক্ৰ, অধিৱেশন

ভাষাভিন্ন যোগাযোগ (Non-Verbal Communication)

Nonverbal communication means conveying information without using words. This might involve using certain facial expressions or hand gestures to make a specific point, or it could involve the use of eye contact, physical proximity etc.  

ভাষাৰ সহায় নোলোৱাকৈ কৰা যোগাযোগ৷ ভাষাভিন্ন যোগাযোগক তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি৷
  • শৰীৰ ভাষা সম্পৰ্কীয় যোগাযোগ (Kinesics)
  • স্থানিক দূৰত্ব সম্পৰ্কীয় যোগাযোগ (Proxemics, প্ৰক্সেমিক্স)
  • বাচনিক লক্ষণ (Vocal Feature)


শৰীৰ ভাষা সম্পৰ্কীয় যোগাযোগ (Body language)

  • ব্যক্তিগত বাহ্যিক ৰূপ (Appearance)
  • মুখভংগী (Facial Expressions)
  • চাক্ষুস অভিব্যক্তি (Eye Contact)
  • অংগ সঞ্চালন (Gesture)
  • দেহভংগী (Posture)

ব্যক্তিগত বাহ্যিক ৰূপ
  • সাজসজ্জা কেনেধৰণৰ, প্ৰসাধন বা মেক-আপ, কেশ-বিন্যাস আদি৷
মুখভংগী
  • হাঁহি, কান্দোন, আনন্দ, হতাশা, বিমৰ্ষ, সুখ-অসুখ, ভয়-আশ্চৰ্য, ক্ৰোধ, দৃঢ়তা, ইচ্চা-অৱজ্ঞা-অনিচ্ছা
চাক্ষুস অভিব্যক্তি
  • চকুৰ চাৱনি, বুদ্ধিমত্তা, ইতিবাচক নেতিবাচক দৃষ্টিভংগী, বক্তব্যৰ সততা, আন্তৰিক অনুভূতিৰ উমান আদি৷
অংগ সঞ্চালন (Gestures)
  • a movement of part of the body, especially a hand or the head, to express an idea or meaning.
  • How we use our Body Parts to Movement
  • কোনো ধাৰণা বা অৰ্থ প্ৰকাশ কৰিবলৈ শৰীৰৰ অংশ, বিশেষকৈ হাত বা মূৰৰ সঞ্চালন বা চাল-চলন৷
  • Example of  Gesture: thumps up, hand shake, হাত, ভৰি, মূৰ, চকু, আঙুলি আদিৰ সঞ্চালন৷
দেহভংগী (Posture)
  • the position in which someone holds their body when standing or sitting.
  • We whole completely Body in particular situation.
  • কোনোবাই থিয় হৈ বা বহি থকাৰ সময়ত নিজৰ শৰীৰটো এটা ভাজ বা ঠাচত ধৰি ৰখা অৱস্থা৷
  • Example of  Posture: বহি থকাৰ বিভিন্ন ধৰণ, থিয় হোৱাৰ বিভিন্ন ধৰণ, কথা কওঁতে চাল-চলনৰ ধৰণ৷

স্থানীক দূৰত্ব সম্পৰ্কীয় (Proxemics)
যোগাযোগৰ ক্ষেত্ৰত প্ৰেৰক আৰু গ্ৰাহকৰ মাজৰ দূৰত্ব ৷
জোখতকৈ বেছি ওচৰলৈ গৈ কথা কোৱা৷
জোখতকৈ বেছি দূৰৰ পৰা কথা কোৱা ৷

 

বাচনিক লক্ষণ (Vocal Feature) 

  • মাতৰ তীব্ৰতা (Volume)
  • কণ্ঠস্বৰৰ কম্পন (Pitch)
  • উচ্ছাৰণৰ স্পষ্টতা (Articulation)
  • উচ্ছাৰণৰ শুদ্ধতা (Correctness of pronunciation)
  • বেগ বা গতি (Pronunciation)
  • স্বৰ নিয়ন্ত্ৰণ (Voice modulation)
  • সাময়িক বিৰতি (Pause)
...................................................................................
Manners (মেনাৰছ্‌ বা আচৰণ)
  • Manners is the respect shown by people as social animals or the behaviour of individuals towards various issues in society.
  • আচৰণ হৈছে সামাজিক প্ৰাণী হিচাপে মানুহে কৰা সন্মান প্ৰদৰ্শন বা ব্যক্তিয়ে সমাজৰ বিভিন্ন বিষয়ৰ প্ৰতি কৰা ব্যৱহাৰ৷ 
  • Example of  Manners: বাৰ্তালাপত মনোযোগ নিদিয়া, উপৰলৈ চায় কথা কোৱা, কান-মূৰ-নাক খজুৱাই থকা, চেণ্ডেলেৰে শব্দ কৰি খোজ কঢ়া৷ তামোল খায় য’তে-ত’তে পিক পেলোৱা আদি৷



Respiration [ৰেচপাইৰেশ্যন] শ্বাস-প্ৰশ্বাস
কণ্ঠ উৎপাদন প্ৰক্ৰিয়াটোৰ আৰম্ভ হয় শ্বাস-প্ৰশ্বাস, উশাহ-নিশাহৰ ক্ৰিয়াৰ পৰা৷ উশাহ লোৱা কাৰ্যত বায়ুখিনি নাক বা মুখৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰি শ্বাসনলীৰ তললৈ গৈ হাওঁফাওঁত প্ৰৱেশ কৰে৷ হাওঁফাওঁৱে শব্দ সৃষ্টিৰ বাবে প্ৰধান ভূমিকা গ্ৰহণ কৰে আৰু  হাওঁফাওঁৰ পৰা বায়ু জোৰকৈ বাহিৰলৈ ওলাই যায়, আৰু নিৰ্দিষ্ট শব্দৰ সৃষ্টি হয়৷ 

ধ্বনি কি?
মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে প্ৰকাশ কৰে।  ভাষাৰ মূল হৈছে ধ্বনি। মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি। মানুহৰ মুখখন হ’ল ঘাই বাক্‌যন্ত্ৰ৷ ইয়াৰ প্ৰধান অংগবোৰ হ’ল : ওঁঠ, দাঁত, দাঁতৰ আলু, তালু, জিভা, কণ্ঠ আৰু নাক।  এই অংগবোৰৰ সহায়ত বায়ুপ্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়।  উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ৰূপ বেলেগ বেলেগ হয়।

মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যি শব্দ বা বৰ্ণৰ উচ্ছাৰণ হয় সেয়াই ধ্বনি৷ বা মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্‌ধ্বনি, বা চমুকৈ ধ্বনি বোলা হয়।

মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে। উদাহৰণ– অ, আ, ক খ৷ ধ্বনি হৈছে এনে কিছু বৰ্ণ বা শব্দৰ সমষ্টি যাৰ দ্বাৰা মানুহৰ এটা বিষয় সম্পৰ্কে বোধগম্য হয়৷ ধ্বনি দুই প্ৰকাৰৰ ৷
ক৷ স্বৰ ধ্বনি (১১)
খ৷ ব্যঞ্জন ধ্বনি (৪১)

Voice Production কণ্ঠ উৎপাদন
যোগাযোগত বা কণ্ঠ উৎপাদন হৈছে বিভিন্ন শাৰীৰিক গঠন আৰু শাৰীৰিক ব্যৱস্থাৰ সমন্বয়ৰ সৈতে জড়িত হৈ ভাষাৰ জৰিয়তে অৰ্থ, আৱেগ আৰু উদ্দেশ্য প্ৰকাশ কৰা শব্দ উৎপন্ন কৰা এটা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াটোৱে শ্বাস-প্ৰশ্বাস, ধ্বনি, প্ৰতিধ্বনি আৰু শব্দৰ উচ্ছাৰণৰ স্পষ্টতা (articulation), সুৰ, লহৰ, যতি, বিৰাম আদিক সামৰি লয়, কণ্ঠ উৎপাদন বা ভইচ্‌ প্ৰডাক্সন পদ্ধতিৰ সুপ্ৰয়োগে এটা ভাষাৰ এটা বাক্য বা শব্দৰ সৃষ্টি, সুৰ, লহৰ আদিৰ প্ৰয়োগ আৰু পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷


অসমীয়া ভাষাৰ বাক্য গঠন (Sentence Construction)



(https://rwc.byu.edu)

অসমীয়া ভাষাৰ বাক্যৰ গঠনৰ ধৰণঃ কৰ্তা+কৰ্ম+ক্ৰিয়া (উদাহৰণঃ মই ভাত খালোঁ৷ সি স্কুললৈ আহিল)
কৰ্তাঃ যি ক্ৰিয়া কৰে৷ কৰ্তাই উদ্দেশ্য৷
কৰ্মঃ কৰ্তাই যি কৰে বা যাৰ ওপৰত কৰে, সেয়াই কৰ্ম৷ কৰ্মই বিধেয়৷

এক বা একাধিক পদ উচ্চাৰণ কৰি কোনো এটা ক্ৰিয়া কৰ্মৰ পূৰ্ণ ভাৱ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয়৷

এটা বাক্যত এটা পদো থাকিব পাৰে, কেইবাটা পদো থাকিব পাৰে৷
উদাহৰণ ঃ 
  • ৰ, পঢ়্‌, যোৱা, আহা আদি
  • তুমি এতিয়া কামটো কৰা৷ তেওঁক মাতা আদি৷

বাক্য এটিত প্ৰধানকৈ দুটা অংশ থাকে– উদ্দেশ্য আৰু বিধেয়। উদ্দেশ্যত কৰ্তা আৰু কৰ্তাৰ অনুগামী শব্দবোৰ থাকে। আনহাতে বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। কোনো বাক্যত এটাতকৈ অধিক কৰ্তা, ক্ৰিয়া বা কৰ্ম থাকে।

পদ বা শব্দৰ কেৱল সংযোজন কৰিলেই ই বাক্য নহয়৷ বাক্য হ’বলৈ ই অৰ্থযুক্ত হ’ব লাগিব৷ বাক্য এটি হ'বলৈ পদবোৰ যেনে তেনে বহাই ল'লেই বাক্য হ'ব নোৱাৰে। আকৌ অর্থযুক্ত পদ হ'লেই নহ'ব, সেই পদবোৰ সংগতি লগাই যোগ্য পদ যোগ্য স্থানত বহুৱালেহে অর্থ বহনকাৰী বাক্য হ'ব পাৰে। গতিকে বাক্য ৰচনা কৰোঁতে দুটা কথাত গুৰুত্ব দিব লাগে। সেয়া হ’ল-

(ক) বাক্যত ব্যৱহৃত পদৰ ক্ৰম (Sequence of words)
(খ) পদবোৰৰ পাৰস্পৰিক সংগতি (Agreement of words)

বাক্যত ব্যৱহাৰ কৰিব লগীয়া পদবোৰৰ পাৰস্পৰিক সংগতি আৰু ক্রম ৰক্ষা কৰি প্ৰাসংগিক পূর্ণ অর্থ প্রকাশ কৰিবলৈ পদবোৰৰ তিনিটা কথালৈ মন কৰিব লাগে। যেনে-
(ক) যোগ্যতা
(খ) আকাংক্ষা
(গ) নৈকত্ৰ বা আসক্তি

(ক) যোগ্যতা
বাক্যত ব্যৱহাৰ কৰিবলৈ যি কোনো অর্থযুক্ত শব্দকে পদ ৰূপে গ্রহণ কৰিব নোৱাৰি। অর্থযুক্ত শব্দ বাক্যত ব্যৱহাৰ হ'লেও বাক্যৰ অন্যান্য পদৰ লগত অৰ্থৰ সংগতি থকা শব্দহে বাক্যটোত ব্যৱহাৰ হ'ব পাৰে। যি কোনো অৰ্থৰ শব্দ ব্যৱহাৰ কৰিলে পাৰস্পৰিক অৰ্থৰ সংগতি নথকাত বাক্যই কোনো অর্থকে দিব নোৱাৰে, তেতিয়া পাগলৰ প্ৰলাপৰ দৰে অর্থহীন বাক্যত পৰিণত হ'ব।

চকুৱে চাহ খায়। মূৰে খোজ কাঢ়ে। পানীয়ে পোৰে ইত্যাদি এইবোৰ বাক্য গঠনৰ ফালেদি উদ্দেশ্য, বিধেয় আছে কাৰণে বাক্য হ'ব লাগিছিল। বাক্য গঠন নিয়মমতে হৈছে। কিন্তু পদবোৰৰ অৰ্থ বিসংগতিহে আছে। চাহ 'চকুৰে' নাখায়, খোজ 'মূৰে' নাকাঢ়ে, 'পানীয়ে' পুৰিব নোৱাৰে, এনে অর্থ বিসংগতি থাকিলে বাক্যই অর্থ প্রকাশ কৰিব নোৱাৰে। 

কেতিয়াবা বিসংগতিপূর্ণ শব্দৰ আলংকাৰিক ব্যৱহাৰহে হ'ব পাৰে। যেনে-
আনন্দৰ যাতনা বেদনাশীল, চন্দ্ৰৰ উত্তাপ। ইত্যাদি।

গতিকে বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেক পদৰ পাৰস্পৰিক অর্থ সংগতি অর্থাৎ উচিত বা যোগ্য অর্থ বুজাব পৰা সংগতিয়ে পদবোৰৰ যোগ্যতা সূচায়।

(খ) আকাংক্ষা
উপযুক্ত অৰ্থৰ উপযুক্ত পদ বাক্যত ব্যৱহাৰ কৰিলেও কেতিয়াবা বক্তব্য কথাষাৰিৰ অৰ্থ পূৰ্ণ হৈ নপৰে। বক্তব্য কথাষাৰিৰ অৰ্থ সম্পূর্ণ কৰিবলৈ অন্যান্য পদ বা পদসমষ্টিৰ আৱশ্যকতা বোধ কৰা হয়। ‘মই ভাত খাই’- এই কথাষাৰি অসম্পূর্ণ। সম্পূর্ণ কৰিবলৈ আকাংক্ষা জাগিবই। মই ভাত খাই কিবা এটা কৰিম, হয় স্কুললৈ যাম, নহয় বল খেলিম বা অন্যান্য কিবা কৰিম। পিছৰ এইখিনি কথা লগাই দিলেহে বাক্যটোৰ ভাব সম্পূৰ্ণ হৈ পৰে। 

পদবোৰৰ অর্থ সংগতি যিদৰে নিতান্ত আবশ্যক, অর্থ সম্পূর্ণ কৰিবলৈ উপযুক্ত শব্দ বা পদসমষ্টিবো সমাবেশ কৰা আৱশ্যক। ভাব অনুযায়ী পদবোৰ এটিৰ পিছত এটিকে মণি বন্ধাৰ দৰে বান্ধ খায়, তেতিয়াহে প্রকৃত অর্থ প্রকাশ পায়। পদৰ অৰ্থ সংগতি ৰাখি বাক্যত অন্যান্য পদৰ আৱশ্যকতা বোধ কৰাই আকাংক্ষা।

(গ) নৈকট্য
পদৰ সংগতি ৰাখি আৰু অৰ্থৰ আৱশ্যকতা বুজি পদবোৰ ব্যৱহাৰ কৰিলেও সম্পূর্ণ অর্থ প্রকাশ নকৰিব পাৰে। যি পদৰ ওচৰত যি পদ বহুৱাব লাগে, যি পদৰ ওচৰত বিশেষ বিৰাম নোলোৱাকৈ পদ উচ্চাৰণ কৰিব লাগে, সেই পদ যদি সংগতিপূর্ণ পদৰ ওচৰত বহুওৱা বা উচ্চাৰণ কৰা নহয় নাইবা বিশেষ বিৰাম লৈ উচ্চাৰণ কৰা হয় তেতিয়া পূর্ণ অর্থ প্রকাশ কৰিব নোৱাৰে।
উদাহৰণঃ অঞ্জলিয়ে বৰ মনোযোগেৰে ব্যাকৰণ পঢ়িছে।

এইটো এটা বাক্য। কাৰণ ইয়াত ব্যৱহাৰ হোৱা প্ৰত্যেকটি পদেই পাৰস্পৰিক সংগতিপূর্ণ আৰু আৱশ্যকতা অনুযায়ী পদবোৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু যদি এই বাক্যৰ পদবোৰে পাৰস্পৰিক সংগতি নাৰাখি যাৰ ওচৰত যি পদ বহুৱাব লাগে তেনেকৈ নবহুৱাই বিশৃংখলভাৱে পদবোৰ ব্যৱহাৰ কৰা হয়, তেতিয়া বাক্যটোৰ অৰ্থ প্রকাশ নহ'ব। যথা- "পঢ়িছে বৰ ব্যাকৰণ মনোযোগেৰে অঞ্জলিয়ে।” এইটো প্রকৃততে এটা বাক্য বুলিব নোৱাৰি।

গতিকে বাক্যত পদবোৰৰ ক্ৰম আছে। উদ্দেশ্য আৰু উদ্দেশ্যৰ সম্প্ৰসাৰক পদবোৰ বাক্যৰ আদিতে, ক্রিয়া পদ সদৌ শেষত ব্যৱহাৰ কৰা হয়। ক্রিয়া পদৰ সম্প্ৰসাৰক পদবোৰ উদ্দেশ্যৰ পিছত ক্রিয়া পদৰ আগত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি যি পদৰ লগত পদ এটাৰ সম্বন্ধ সেই পদটি যোগ্য পদটোৰ কাৰ্যতহে ব্যৱহাৰ কৰিব লাগে। উচ্চাৰণ কৰোঁতেও যদি দুটা পদ বিৰামহীনভাৱে উচ্চাৰণ কৰিলেহে অর্থ ওলায় তেনেকৈ উচ্চাৰণ কৰিব লাগে। তাকে নকৰি বিৰাম দি উচ্চাৰণ কৰিলে অর্থ বিসংগতি ঘটিব পাৰে।

কাৰণ- ন পতা ফুকন আৰু নপতা ফুকন। এই দুয়ো ক্ষেত্রত বিৰামে অৰ্থৰ পৰিৱৰ্তন ঘটায়৷

গতিকে পৰস্পৰ সম্বন্ধযুক্ত বা অর্থযুক্ত সংগতিপূর্ণ পদ এটিৰ পিছত এটিকে বাক্যৰ নিয়মমতে ব্যৱহাৰ কৰি পদবোৰৰ নৈকট্য বা আসত্তি (অর্থাৎ ওচৰ) ৰক্ষা কৰিলেহে অর্থ প্রকাশক বাক্য গঠিত হয়।


বাক্যত পদৰ ক্ৰম (Sequence of words in a sentence): 
পৰস্পৰ সংগতিপূর্ণ পদসমূহ নির্দিষ্ট ক্রম অনুযায়ীহে বাক্যত ব্যৱহাৰ হয়।

(১) উদ্দেশ্য বিধেয়ৰ আগত বহে। যেনে-
ৰীণাই হাঁহে। মীনাই নাচিছে। অঞ্জলিয়ে সদায় স্কুললৈ যায়।

(২) কেতিয়াবা বাক্যৰ উদ্দেশ্য নাইবা বিধেয় ক্ৰিয়া পদ উহ্য হৈ থাকে৷ যেনে- পঢ়া, খোৱা (ইয়াত ‘তুমি’ উহ্য হৈ আছে৷)
অন্য এটি উদাহৰণ-
ব্যাকৰণ পঢ়িছানে? ব্যাকৰণ পঢ়া নাই, সাহিত্যহে পঢ়িছোঁ। ইয়াৰ প্রথম বাক্যত 'তুমি' কর্তা পদ উহ্য আছে। দ্বিতীয় বাক্যত 'মই' উহ্য আছে।

(৩) কৰ্তাৰ সম্প্ৰসাৰক হ'লে সম্প্ৰসাৰক পদবোৰ উদ্দেশ্যৰ আগত বহে। 
উদাহৰণঃ 'চাকৰি বিচাৰি হাবাথুৰি খোৱা ডেকাজন আজি আমাৰ ঘৰত উপস্থিত হৈছে।' সাধু আৰু নম্ৰ মানুহে জীৱনত শক্তি পায়। ৰামৰ পুতেক হৰিয়ে খেলি আছে। মোৰ কলমটো ভাল।

বিশেষণৰ দৰে সম্বন্ধ পদ নামপদৰ আগত বহে। কেতিয়াবা পিছতো বহা দেখা যায়। যেনে-
ল’ৰাটো মোৰ। বোপাই মোৰ!
কলমটো মোৰ। কলমটো কাৰ? দোষ কাৰ? দোষ তাৰেই ইত্যাদি।

(৪) বিধেয়ৰ ক্ৰিয়া পদ বাক্যৰ শেষত বহে, ক্রিয়া পদৰ আগত ক্ৰিয়াৰ পূৰক পদবোৰ ব্যৱহাৰ হয়। সেই পদবোৰৰ সম্প্ৰসাৰকো সংগতি থকা পদৰ আগত বহে। যেনে-
মাধৱীয়ে হৰিৰপৰা অনা কিতাপখন বৰ আগ্ৰহেৰে পঢ়ি আছে। 'মাধবীয়ে' উদ্দেশ্য। বাকী অংশ বিধেয়। 'পঢ়ি আছে' ক্রিয়া পদ বাক্যৰ শেষত বহিছে। বিধেয়ৰ পূৰক 'কিতাপখন' আৰু 'আগ্ৰহেৰে'। ইহঁতৰ সম্প্ৰসাৰক হৈছে৷

(৫) পূর্ণ বাক্য এটা হওঁতে সাধাৰণতে কর্তা বা উদ্দেশ্য বাক্যৰ আদিতে, কর্ম মধ্যত আৰু ক্রিয়া সর্বশেষত থাকে। উদাহৰণ-
ৰামে ব্যাকৰণ পঢ়ে।

(৬) সম্বোধন পদ থাকিলে সাধাৰণতে এই পদ বাক্যৰ আদিতে ব্যৱহাৰ কৰা হয়। কিন্তু কেতিয়াবা অন্য ঠাইতো ব্যৱহাৰ হ'ব পাৰে। যেনে-
হে মধু। তুমি এইবাৰ ভালকৈ পাছ কৰিবা। 
মোক ৰক্ষা কৰা হৰি। সিহঁতৰ অত্যাচাৰ প্ৰভু, কিদৰে সহিম ইত্যাদি।

বাক্যৰ গঠন (structure) 
বাক্যৰ প্ৰকাৰ অনুযায়ী অসমীয়া বাক্যক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যেনে-
(১) সৰল বাক্য (Simple Sentence)
(২) জটিল বা মিশ্ৰ বাক্য (Complex Sentence)
(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।

সৰল বাক্য
যি বাক্যত একেটি মাথোন কর্তা আৰু একেটি সমাপিকা ক্রিয়া থাকে তাকে সৰল বাক্য বোলে।
উদাহৰণঃ অঞ্জলিয়ে কিতাপ পঢ়িছে। বীণাই নাচিছে। মাধৱে খেলিছিল। সিহঁতে ভাত খাব আদি৷

জটিল বা মিশ্ৰ বাক্য
মনৰ ভাব প্রকাশ কৰোঁতে মূল কথাখিনিৰ লগতে আন আন প্রাসংগিক কথা কোৱা হয়। মূল বা প্রধান একোটি বাক্যৰ লগতে এক বা একাধিক অপ্রধান বাক্য ব্যৱহাৰ কৰি সম্পূৰ্ণ ভাব প্রকাশ কৰিলে জটিল বা মিশ্র বাক্য বোলে। 
উদাহৰণঃ 
প্রথমে যিয়ে ব্যাকৰণ মনপুতি শিকে সেয়ে পাছলৈ তেওঁৱেই ভাষাটো সম্পূর্ণৰূপে আয়ত্ত কৰিব পাৰে।

যৌগিক বাক্য
যি বাক্যত দুটা বা ততোধিক সম্পূর্ণ স্বতন্ত্র সৰল বাক্য বা মিশ্র বাক্য থাকে তাকেই যৌগিক বাক্য কোৱা হয়। বিভিন্ন অব্যয় শব্দৰ সহায়ত বিভিন্ন সৰল বা মিশ্র বাক্য একে লগ লাগি একেটি বাক্য গঠিত হ'লে যৌগিক বাক্যত পৰিণত হয়। এনে যৌগিক বাক্যত-
(ক) দুটা বা ততোধিক সৰল বাক্য অব্যয় পদৰ সহায়ত যোগ হ'ব পাৰে। যেনে-
১। ৰূপজ্যোতিয়ে গা-পা ধুই কিতাপ-পত্র ল'লে আৰু স্কুললৈ গ'ল।
২। মীনাই হঠাতে হাঁহে, হঠাতে নাচে আৰু হুৰাওৰাৱে কান্দে।

(খ) দুটা বা ততোধিক মিশ্র বাক্য লগ লাগি যৌগিক বাক্য হ'ব পাৰে। যথা-
১। সি যে ব্যাকৰণ নাজানে মই নাজানো আৰু ময়ো যে নাজানো সি ক'ব নোৱাৰে৷
২। সি যে ব্যাকৰণ ভালকৈ জানে এই কথা মই জানো- কিন্তু সি অংক যে ভালকৈ নাজানে এই কথা হ'লে নাজানো আৰু কেতিয়াও কাৰো মুখত সি অংক নাজানে বুলি মই শুনাই নাছিলোঁ।

(গ) দুটা বা ততোধিক সৰল আৰু মিশ্র বাক্য যোগ হৈ যৌগিক বাক্য হ'ব পাৰে। যেনে-
১। ৰীণা আৰু বীণাই সদায় কাজিয়া কৰে সঁচা কিন্তু কোনোজনীয়ে যদি কিবা বস্তু পায় দুয়ো ভগাই লয়।
২। ৰীণাই যদি বীণাক মাতে তেন্তে বীণাই গালি পাৰে আৰু মাৰিবলৈ খেদি আহে৷
৩। তুমিয়েই মোৰ কথা নুশুনা আৰু তোমাৰ ভনীয়েৰাই যে মোৰ কথা শুনিব সেই কথাটো মই কেতিয়াও বিশ্বাস নকৰোঁ।


জতুৱা ঠাঁচ বা খণ্ডবাক্য

কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়।

আকৌ যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাকে খণ্ডবাক্য (Phrase) বোলে। জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ মাজত সামান্য পাৰ্থক্য আছে। জতুৱা ঠাঁচত কোনো শব্দ ধাতুৰ লগত লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে।

(যি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে ক্ৰিয়া বোলে। পুৰুষ, প্ৰকাশৰ ধৰণ, উদ্দেশ্য আৰু কাল অনুযায়ী ক্ৰিয়াৰ ৰূপৰ সলনি হয়। যেনে– মই  ভাত খাওঁ। তুমি ভাত খালা। তেখেতে ভাত খাব আদি।

ওপৰৰ বাক্যবোৰত থকা ‘খাওঁ, ‘খালা’, ‘খাব’ আদি ক্ৰিয়া পদ। এই পদবোৰৰ ‘খা’ ক্ৰিয়া পদৰ মূল ৰূপ ক্ৰিয়াৰ মূল ৰূপকে ধাতু (Root) বোলে। বাক্য এটিত ক্ৰিয়াৰ গুৰুত্ব যথেষ্ঠ কিয়নো ক্ৰিয়া নোহোৱাকৈ কোনো বাক্য হ’ব নোৱাৰে। বিভক্তি যোগ হৈ ক্ৰিয়া এটাই ভিন ভিন সময়ত ভিন ভিন ৰূপ লয়। কিন্তু প্ৰতিটো ক্ৰিয়াৰে একোটা মূল ৰূপ আছে।উদাহৰণ– কৰ, খা, ধৰ, কান্দ, চৰ, উৰ, উঠ, বহ, লিখ, দেখ, দে, যা  ইত্যাদ।)

আনহাতে খণ্ডবাক্যত এটা শব্দই ধাতুৰ বাহিৰে অন্য শব্দ (বিশেষ্য বা বিশেষণ) ৰ লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। তলত কিছুমান জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ দেখুৱা হ’ল–

বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমৰ লগতে সকলোকে মৰম – চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): জীৱ – জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা): পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।
দলনিত পোনা মেলা ( আলাই-আথানি কৰ): বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।
ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা): বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।
অজীন পাতকী (দুষ্ট): অজীন পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ): হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ’ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।
পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।


ডাকৰ বচন

অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে। অসমীয়া মানুহে, বিশেষকৈ অতীতত এই বহুচৰ্চিত বাস্তৱিক উপদেশৰ ভাণ্ডাৰৰ ৰচোতাৰ ওপৰত দাৰ্শনিক ব্যক্তিত্ব আৰোপ কৰি তেওঁক ডাকপুৰুষ বোলে। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ প্ৰৱচনসমূহক আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হয়। বৰ্তমান যুগ, ভাষা আৰু জীৱন প্ৰসংগ সলনি হোৱাৰ বাবে অনেক ডাকৰ বচনৰ প্ৰয়োগ কমি গৈছে যদিয়ো কিছুসংখ্যক ডাকৰ বচন এতিয়াও প্ৰচলিত আৰু জনপ্ৰিয়। এই বচনবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ডাকৰ বচনবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শমূলক উক্তি, য'ত ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, কৃষিনীতি, ৰন্ধন প্ৰক্ৰিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰ উল্লেখ আছে।


ফকৰা-যোজনা

ফকৰা-যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা- যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি।

  1. অধিক মাছত বগলী কণা: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰা অসুবিধা হয়।
    বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যধিক বিকল্পৰ ক্ষেত্ৰত বাছ-বিচাৰ কৰি থাকোঁতে বাছনিত ভুল হোৱাৰ বা বাছনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে।
  2. অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহ’লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।
  3. অধিক ভোজন পেটলৈ বেয়া:যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হ’ব পাৰে।
  4. অতি ভক্তি চোৰৰ লক্ষণ
  5. অতিপাত শলাগনি ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচটনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল।
  6. অভাৱত স্বভাৱ নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।
  7. অচিন কাঠৰ থোৰা নলগাবাঢেঁকীৰ থোৰাটো মজবুত হ’ব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাছনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।
  8. অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
  9. অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা: ঢেৰুৱা ঠাৰি যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই।
  10. অবাবত তৰ্ক কৰা মূৰ্খৰ চিন: মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।
  11. অকলশৰীয়া পহু, গায়ে মূৰে খহু: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হ’লেও চোৱা-চিতা কৰা মনুহৰ অভাৱ।
  12. অথাই সাগৰত কাঠীজাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা।
  13. অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়


সহায়ক গ্ৰন্থপঞ্জী
যোগাযোগ কলা, নীৰাজনা মহন্ত বেজবৰা, বনলতা, দ্বিতীয় প্ৰকাশ, ২০১২
ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ, অসম বুক ট্ৰাষ্ট, প্ৰথম সংস্কৰণ, জুন, ২০২১
অসমীয়া ব্যাকৰণ জ্যোতি, ভগৱান মৰল, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড, ২০০৯
Synergy, Board of editors, OLPL, Hyderabad, 2008



Post a Comment

0 Comments