অসমৰ জনজাতীয় বিহু


* ব'হাগ উছৱৰ বতৰ। এই ব'হাগতে বসন্ত উৎসৱৰ মহাসমন্বয় ঘটে। নতুন বছৰটোক আদৰি জীৱনৰ কাম কাজৰ শুভাৰম্ভণি কৰিবলৈ ব'হাগত যে ক'ত কিমান উৎসৱ অনুষ্ঠিত হয় তাৰ সঠিক হিচাপ আজিও পোৱা হোৱা নাই, পোৱাটো সম্ভবো নহয়। 

ব'হাগত মানুহজন মাত্রেই নব নব চিন্তাৰ আঁচনি, গাঁওখন, অঞ্চলটো মানেই পৰম্পৰাগত আচাৰ অনুষ্ঠানৰ আলেখ-লেখ। এই ব'হাগত অনুষ্ঠিত বাৰেবৰণীয়া আচাৰ-অনুষ্ঠান তথা বসন্ত উৎসৱসমূহৰ ভিতৰত কিন্তু 'বিহু' সর্বোত্তম। বিহু মানেই চ'ত আৰু ব'হাগৰ সংক্ৰান্তিৰ দিনটোকে ধৰি সাদিনীয়াকৈ অনুষ্ঠিত কৃষি উৎসৱ। 

অসম তথা উত্তৰ পূৰ্বাঞ্চল বাৰেবৰণীয়া জাতি-জনজাতিৰ বাসস্থান। সেয়ে এই ঋতুকালীন বিহু উৎসৱটোও প্ৰায়বোৰ জাতি জনজাতিয়ে পালন কৰে যদিও তাৰ মাজত কিছু বৈসাদৃশ্যও পৰিলক্ষিত হয়। উৎসৱটোৰ মূল উদ্দেশ্য মানুহ আৰু প্ৰকৃতিৰ মংগল কামনা যদিও জাতি-জনজাতি ভেদে কিছুমান সুকীয়া সুকীয়া আচাৰ-অনুষ্ঠান ইয়াত সোমাই পৰিছে। এই প্ৰসংগতে কৈ থোৱা ভাল, প্রায়বিলাক জাতি জনজাতিয়ে অনুষ্ঠিত কৰি অহা এই বিহুৰ লগত অতীতৰে পৰাই ধর্মীয় কৃত্য, বিবিধ লোকাচাৰ তথা লোকবিশ্বাস, নৃত্য, বাদ্য আদি জড়িত হৈ আছে। গতিকে এইবোৰৰ বিষয়ে বহলাই আলোচনা কৰা আমাৰ উদ্দেশ্য নহয়। কম বেছি পৰিমাণে এইবোৰ আমাৰ বাবে জ্ঞাত তথা চিনাকী তথ্য। তদুপৰি ব'হাগ বিহু বুলি আমি সাধাৰণতে পালন কৰা আচৰণৰাজিও ইয়াত সুমুৱাই আলোচনা দীঘলীয়া কৰাৰ উদ্দেশ্য আমাৰ নাই। অসমৰ জনজাতিসকলৰ মাজত এই বিহুৰ পৰম্পৰাটো কেনেদৰে ৰক্ষিত হৈ আছে তাৰ আলোচনাহে আমাৰ এই নিবন্ধৰ প্ৰধান লক্ষ্য; অৱশ্যে তাৰ লগে লগে অন্যান্য আনুষংগিক কথাবোৰো ইয়াত নোসোমোৱাকৈ নাথাকিব।

অসমৰ এক অন্যতম জনজাতি বড়োসকলে ব'হাগ বিহুক বৈছাগু আখ্যা দিছে। আৰ্য্যগোষ্ঠীয় লোকসকলৰ দৰেই ব'হাগ বিহুৰ প্ৰায়বোৰ পৰম্পৰাই এই বৈছাণ্ডত পালন কৰা হয়। গৰু বিহুৰ কৰণীয় কৃত্যসমূহ কৰাৰ উপৰিও সন্ধিয়া গোহালিমদায় বা লাওখাৰ গোঁসাই অৰ্থাৎ গৰখীয়া ৰূপী গোপালৰ পূজাও বড়োসকলে এই বৈছাগুত অনুষ্ঠিত কৰে। প্ৰথম ব'হাগৰ দিনা বড়োসকলেও মানুহ বিহু পালন কৰে। মানুহ বিহুৰ দিনা পুৱাই ছিফুঙত ছত্রাৱলী সুৰ তুলি সকলোকে নতুন বছৰ আদৰিবলৈ আগজাননী দিয়া হয়। ছিফুঙৰ সুৰত সাৰ পাই জীয়ৰী-বোৱাৰী সকলোৱে ঢাৰি পাটি এৰি নতুন বছৰক আদৰাৰ যাৱতীয় প্রস্তুতি কৰে। আটায়ে গা-পা ধুই কাপোৰ পৰিধানেৰে গৃহদেৱতা বাথৌ আৰু গৃহদেৱী কামাখ্যাৰ নামত বলিবিধান দি পূজা আৰম্ভ কৰে। বিহু উপলক্ষে পূৰ্বপুৰুষৰ স্মৰণ, কুকুৰা মঙহৰ লগত 'নাঙলভাঙা' শাক ভাজি খোৱা, ওজা কবিৰাজক মান কাপোৰ দি মদ-পানী উপহাৰ দিয়া, সৰুৱে ডাঙৰক সেৱা সৎকাৰ কৰা, ডাঙৰে সৰুক আশীর্বাদ দিয়া ইত্যাদি কৃত্যৰাজিৰ উপৰিও বুঢ়ামেথা, ডেকা-গাভৰু সকলোৱে খাম, ছিফুং বজাই বজাই ঘৰে ঘৰে গীত পদ গোৱা পৰিলক্ষিত হয়। কামৰূপত প্রচলিত তেনে এটি গীত এনেধৰণৰ-

'হাৰত হাৰাট অই।'
ঐ আহা ঐ হুৰাই হুৰাই লিংগিৰি হৈ হৈ হৈ আ...। 
আহাৰ গিৰি কহায় গেলো চৰাই হালবায় 
দখিনা দিবাৰ এলাহতে বেৰাফালি চায় ঐ বেৰা ফালি চায়। 
দি দিব ঐ কিয়নো নিদিবো দিবাক লাগি মন মলাইছে আধলি হিকি দিব ঐ, আধলি হিকি দিব।' 

এই জাতীয় গীতবোৰ গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়ে আৰু তাৰ বিনিময়ত গিৰিহঁতে টকা কড়ি আগবঢ়ায়। এই মাগন মাগা গীতৰ দৰেই বড়ো ডেকা-গাভৰুসকলে ভালেমান প্রেম-প্রীতিৰ গীত গাই নৃত্য কৰে। চিফুং চেৰেন্দাৰ সুৰে সুৰে নৃত্য গীত কৰা বড়ো গাভৰুসকলে গোৱা তেনে এফাঁকি গীত এনেধৰণৰ- আংখৌ লাংফৈ আংখৌ লাংফৈ আদা জামফাই সেৰাওনি ছায়াৰাম বান্দাৰ বিবাৰ/ (মোক লৈ যোৱাহি মোক লৈ যোৱাহি/ককাইটি ডোঙৰ কাষৰ ছায়াৰাম মদাৰ ফুল/ককাইটি ছায়াৰাম মদাৰ ফুল।) 

ৰাভাসকলৰ মাজত বড়োসকলৰ দৰে ব'হাগ বিহুৰ পয়োভৰ নাই। অৱশ্যে পাতিৰাভাৰ লগতে ৰংদানি আৰু মায়তৰি ৰাভাসকলে ব'হাগ বিহু বিশেষভাৱে পালন কৰা দেখা যায়। এওঁলোকে ব'হাগ বিহুক 'বিছুৱা' বুলি কয়। 'বিছুৱাৰ' প্ৰথম দিনা ৰাভাসকলেও গৰু বিহু পালন কৰে। 'বিছুৱা' উপলক্ষে 'জাব্রে' নামৰ বিশেষ ঔষধি গছ সংগ্ৰহ কৰি আনি গোহালি ঘৰকে ধৰি অন্যান্য ঘৰতো বান্ধি থোৱাৰ নিয়ম আছে। এনে কৰিলে বতাহ বৰষুণৰ পৰা ঘৰ দুৱাৰ ৰক্ষা পৰে বুলি তেওঁলোকে বিশ্বাস কৰে। ঠাই বিশেষে এই 'জাব্রে' হিচাপে বেলেগ বেলেগ গছৰ ডালো ব্যৱহাৰ কৰা হয়। গৰুবিহুৰ দিনা গৰু-গাইক গা-পা ধুৱাই লাও-বেঙেনা খুওৱাৰ উপৰিও নিমখৰ টোপোলা খুৱাই পথাৰত নপঘাৰে এৰাল দিয়াৰ নিয়ম। সন্ধিয়া গোহালিত জাগ দিয়াৰ পৰম্পৰা নাই যদিও কোনো কোনো অঞ্চলত গোহালিদেও বা গৰখীয়া দেওৰ নামত পূজা এভাগি দিয়ে। গোহালি ঘৰত অৱশ্যে গৰু ধুওৱা লাও-বেঙেনা আৰু গৰুখেদা জাব্ৰেৰ অৱশিষ্ট অংশও গুজি বা ওলোমাই ৰখা নিয়ম আছে। মানুহ বিহুৰ দিনা ৰাভাসকলৰো মূল বিহু বা বিছুৱা। সেইদিনা জীয়ৰী বোৱাৰীয়ে ঘৰ-দুৱাৰ লিপি মচি পৰিষ্কাৰ কৰাৰ লগতে পুৰণি খদা এটাত এখদা গোবৰ লৈ তাত বুটি বাঢ়নী এটাৰি, দহিকটা সূতা একোচা দি পদূলি মুখত পেলাই থৈ আহে। এয়া নিঃসন্দেহে পুৰণিক বিদায় দিয়াৰ প্রতীকি প্রকাশ। তাৰ পিছত গা-পা ধুই যথাৰীতি ঘৰৰ লাইখুটা এটিত আসন পাতি পূৰ্বপুৰুষৰ নামত মদ ভাত অর্পণ কৰা হয়। খোছি পূজকসকলে এই মানুহ বিছুৱাৰ দিনাই মূল দেউৰীৰ ঘৰত সমবেত হৈ দেৱীজনাৰ পূজা এভাগ দিয়ে। দৰঙৰ টোটোলা ৰাভাসকলে আকৌ বাসুদেৱ আৰু সুবচনীৰ নামতো পূজা এভাগ কৰে। ৰাভাসকলৰ মাজতো 'নাঙলভাঙা' গছৰ পাতেৰে সৈতে সাতবিধ তিতা খোৱা পৰম্পৰা এই বিছুৱাতে পৰিলক্ষিত হয়। বিছুৱাৰ কেইদিন তিৰোতাসকলে তিৰোতাৰ ভাগে আৰু পুৰুষসকলে পুৰুষৰ ভাগে মদখাই বহুৰাঙী, খাপৰাঙী নতুবা বগেজাৰী গীত গাই নৃত্য কৰে। দৰঙৰ টোটোলা ৰাভাসকলৰ মাজত এই গীত 'আহুশালি গীত' নামেৰে পৰিচিত। তেনে গীতৰ দুফাঁকিমান এনেধৰণৰ-

কি দিলুং নিদিলুং গাভৰু কি বুলিলং তোকে, 
ৰাতিও ঘুমটি নাহে সপোন দেখং তোকে। 

আকৌ-
একো শাক নাপাই নথাই ৰান্ধি থৈছোং জিম 
কাৰো আগত নকাবি ৰঙা ফালি দিম।

উল্লেখনীয় যে, কোনো কোনোৱে ৰাভাৰ 'বায়খো' উৎসৱকে বিহু বুলি ক'ব বিচাৰে। দৰাচলতে বায়খো হ'ল জেঠ মাহত অনুষ্ঠিত কৰা এক বিশেষ পূজাহে। এই বায়খোত গোৱা প্রেমমূলক ছাথাৰ গীতবোৰহে বিহুগীতৰ লগত মিলা প্রেম-আনন্দৰ গীত।

ডিমাচাসকলে বিহুক বিচু বা বুচু আখ্যা দিছে। ব'হাগ বিহুক বোলে বাঈশাগী বিচু। অন্যান্যসকলৰ দৰেই এই বিচুক ডিমাছাসকলেও সকলোৰে মংগল কামনা কৰি ভালদৰে আচাৰ-অনুষ্ঠান পালন কৰে। বিবিধ বনৰীয়া শাক যেনে- নৰসিংহ, লাইজাবৰি, হেলচী, চাঙেৰী, মছন্দৰী, বৰমানিমুনি আদি বাৰ বিধৰে আঞ্জা খোৱা; বিবিধ পিঠাপনা সজা; পঠা-খাহী, কুকুৰা, হাঁহ-পাৰ আদিৰ মাংস খোৱা; ঘৰুৱা মদ তৈয়াৰ কৰি খাবলৈ দিয়া আদি ভালেমান লোকাচাৰ এই বিচু উৎসৱত পৰিলক্ষিত হয়। বিচু উপলক্ষে ডিমাছাসকলে গাঁৱৰ মূল পথত এখন তোৰণ বা ফাংস্লা সজায়। তোৰণত এযোৰ কুকুৰাৰে পূজাও কৰা হয়। বিচুৰ দিনা ডেকা গাভৰুসকলে নৃত্য কৰি বিচুৰ বাবে ৰখা ম'হ এটা সেই তোৰণৰ তলেৰে পাৰ কৰাই নি যথাস্থানত বলি দিয়া হয়। ম'হটোৰ লগতে অন্যান্য হাঁহ, কুকুৰা, ছাগলী আদিও যথাৰীতি বলি দি সেইবোৰৰ মাংস খাবলৈ ৰন্ধা-বঢ়া কৰা হয়। ভোজভাত ৰন্ধা হ'লেই ডেকা-গাভৰুবিলাকে বিচু আৰম্ভ হ'ল বুলি জাননী দিয়েগৈ। আটায়ে ৰং ৰহইচৰে যথাৰীতি সেই ভোজভাত আৰু চুঙাত দিয়া মদ খাই বাদ্যযন্ত্ৰবোৰ বজাবলৈ ধৰে। বিচু উৎসৱৰ আটাই কেইদিন এই খোৱা-লোৱা চলে আৰু ডেকা-গাভৰুসকলে অতিথিসকলক অভ্যর্থনাৰ ব্যৱস্থা কৰে। বিচুৰ দ্বিতীয় দিনা বুচুমা বোলে। এই দিনটো ডিমাছাসকলে বৰ পবিত্র জ্ঞান কৰে। এই দিনটোত পূৰ্বপুৰুষসকলক মদ (জু) আৰু ভাত উচৰ্গা কৰাৰ উপৰিও শিৱ-পাৰ্বতীক এযোৰ কুকুৰা পোৱালী দি পূজা কৰা হয়। ল'ৰা-ছোৱালীবিলাকে বুচুমাৰ দিনা ডাঙৰক তথা পিতৃ-মাতৃক সেৱা সৎকাৰ কৰে। গাঁওবুঢ়াৰ ঘৰলৈ গৈও তামোল-পাণ দি সেৱা কৰে। পূজা সেৱাৰ অন্তত ডেকা-গাভৰুসকলে বিভিন্ন খেলা-ধূলাত অংশ লয় আৰু প্রতিযোগিতাৰ অন্তত গাঁওবুঢ়াৰ ঘৰলৈ গৈ পুৰস্কাৰ বিচাৰে। কুনাঙ অর্থাৎ গাঁওবুঢ়ায়ো বিজয়ীসকলক মদেৰে আপ্যায়ন কৰাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰে। গধূলি এই ডেকা-গাভৰুসকলেই নৃত্য-গীত কৰি বিচুৰ আনন্দ-উছাহত গা মন এবি দিয়ে। বিচুত ডেকা-গাভৰুসকলে বাইখন, বাইমাই, আওহাইবাণী আদি নৃত্য কৰে। নৃত্যৰ লগত ঢোল, মুৰী আদি বজোৱা নিয়ম। মুৰী বা পেঁপাতেই ভালেমান গীতৰ সুৰো ধ্বনিত হয়। তেনে এটি গীত এনেধৰণৰ-

'খিৰি লুংঘা খামাতাতে জবান খলাইবা মন।
ৰথীলুংঘা ডংবাহা জোৱান বিলাইবা হে হে হে হে হে হে হে হে হে মংলাচৰাও দাওহে দৈন মাটিই।'
(খেৰতলীত বহি জবান দিছিলি তই! বাঁহনীৰ তলীত থাকোতে কথা দিছিলি তই। হে হে হেই হে হেই হেৰা ডেকাসকল নিবিনে জীৱনৰ সংগী কৰি মোক)

ডিমাছাসকলে সাতবিহুৰ অন্তত গাজাওবাৰ ঘৰত ৰঙ-ধেমালিৰ জিখাওৱা উৎসৱ পাতে। তাৰ পিছত গৰবা পূজা পাতি গাঁৱৰ কল্যাণ কামনাৰে বিচু উৎসৱৰ সামৰণি মাৰে।

তিৱাসকলৰ মাজতো বিহু উৎসৱৰ পৰম্পৰা আছে। পাহাৰৰ তিৱাসকলে অৱশ্যে বিহু পালন নকৰে। তেওঁলোকে বিহুৰ সলনি ফাগুন মাহৰ শেষৰ কোনোবা এটি বুধবাৰে বা দেওবাৰে 'ছগ্রামিচৱা' নামৰ অন্য এক পূজা-উৎসৱহে পালন কৰে। এই 'ছগ্রা' মানে হ'ল সকলোৱে আৰু 'মিছৱা' মানে 'নাচ'; অর্থাৎ সকলোৱে মিলিজুলি কৰা নাচেই ছগ্রামিৱা। সন্দেহ নাই সাতদিন জুৰি পালন কৰা এই ছগ্রামিছৱা উৎসৱৰো মূল আকর্ষণ নৃত্য-গীত।

ভৈয়ামৰ তিৱাসকলে কিন্তু ছগ্রামিছৱাৰ পৰিৱৰ্তে বিহু উৎসৱহে জাক জমকতাৰে পালন কৰে। এওঁলোকে মাঘ বিহুক ডমাচি, কাতি বিহুক খাতি বিহু আৰু ব'হাগ বিহুক বৈচাক বিহু বোলে। এই বৈচাক উপলক্ষে তিৱাসকলে চ'ত মাহৰ প্ৰথম সপ্তাহৰ পৰাই মহাদেও, মহামাই, জংকং ভগৱতী, কালিখা, কেঁচাইখাতী, বসুন্ধৰী, গণেশ, কার্তিক আদি দেৱ-দেৱীসকলক বিধে বিধে পূজা কৰে। ব'হাগ বিহুৰ আগদিনা অর্থাৎ উৰুকাৰ দিনা লাগনিগছ তামোল-নাৰিকল আদিৰ গাত ধানখেৰেৰে বন্ধা নিয়মো তিৱাসকলৰ মাজত আছে। সচৰাচৰ মাঘবিহুতহে আন আন জাতিয়ে এই কৃত্য কৰা দেখা যায়।
বিহুৰ দিনা জীৱ-জন্তু আৰু মানুহৰ মংগলৰ বাবে পূজা কৰা, মহাদেওক কুকুৰাৰে বলি দি মাহ-প্ৰসাদৰ নৈবেদ্য আগবঢ়োৱা, গৰু-গাইক সৰিয়হৰ তেল আৰু ছাইৰে গাত চাপৰ মাৰি চিত্ৰ বিচিত্ৰ কৰা আৰু ঢোল, তাল, শিঙা বজাই নৈ বিললৈ গা ধুৱাবলৈ নিয়া আদি পৰম্পৰাবোৰো তিৱাসকলৰ বিহুত পৰিলক্ষিত হয়। গৰুক গা ধুৱাবলৈ নিওঁতেই ডেকা গৰখীয়াসকলে ঝুনাগীত আৰম্ভ কৰে। ডেকা-গাভৰুসকলে বিহুৰ এসপ্তাহ জুৰি বিহু হুঁচৰিও পৰিবেশন কৰে। তেনে দুফাঁকিমান গীত এনেধৰণৰ- 

ঐ চ'তৰে চকৰী ব'হাগ বগৰী
কেৰাণী নহ'লো মহৰী নহ'লো তোমাক কেনে কৰি পাম। 
লিটিং টিং বঙালৰে ভঙা টিং আলি বাটত নচুৱাই দিং।

আকৌ গাভৰুসকলে গায়:
ঐ কলঙত উঠিলে গেলাকৈ বৰালি তাকে চাই শুকুতা বাচো, ৰঙা টিপে টিপে পনীয়া তামোল খান নেখাই মই ধনাই তাক যাচো ঐ মতিলাল দেখিবলৈ ভাল খপোটা পৰিলে গাল। বিহুৰ পিছত তিৱাসকলৰ মাজত ভেটিভাৰ দিয়া ভেটিভাৰ কঢ়া অনুষ্ঠান অনুষ্ঠিত হয়। গোভা, নেলী, খলা আদি অঞ্চলত ৰজাঘৰলৈ চাউল, কপাহ, হালধি বেঙেনা, শুকান মাছ, গাজটেঙা আদিৰ ভেটি প্ৰজাসকলে নিয়ে। এই ভেটিভাৰক লৈয়ে ধেমেলীয়া অনুষ্ঠান অনুষ্ঠিত কৰি বিহু উৎসৱ সামৰা হয়। ৰজাঘৰলৈ নিয়া ভাৰবোৰ ৰজা, সেনাপতি, ৰাজকুঁৱৰী আদিৰ মাজত ভগোৱা নিয়ম। ইয়াৰ পিছত ডেকা ল'ৰাবিলাক কলপুলিৰ টুকুৰা ভাৰত লৈ তেওঁলোক দুভাগ হয় আৰু পৰস্পৰে ভাৰ কাঢ়ি কয়ঃ 'তাৱে ফাৰা পিচু লিউ পিচু লিউ উই' অর্থাৎ আজিৰ পৰা বিহু যা বিহু যা।

তিৱাসকলৰ দৰেই দেউৰীসকলেও পৰম্পৰাগতভাৱে বিহু উৎসৱ পালন কৰে। দেউৰীসকলে ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা বিহু অনুষ্ঠিত কৰে আৰু এই বিহু আঠদিন ধৰি চলে। বিহুৰ প্ৰথম দিনা দেউৰীসকলে তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা অর্থাৎ হৰগৌৰীক পুজা শালত বলি বিধানেৰে সেৱা কৰে। পূজাত হাঁহ, পাৰ, ছাগলী, কুকুৰা আদিৰ উপৰিও সোণ-ৰূপৰ ফুল, টকা-কড়ি আদিও দিয়াৰ পৰম্পৰা আছে। দেউৰীসকলেও বিহু উপলক্ষে বিবিধ শাক, বনৰীয়া পোক, পানীৰ পোক, পশুপক্ষী, বাঁহগাজ আদি ঔষধৰূপে খায়। তদুপৰি চুজে নামৰ মদ তেওঁলোকৰ বিহুত অপৰিহাৰ্য। দেউৰীসকলে বিহু উপলক্ষে বাৰদিনমান হুঁচৰি গায়। বিহু হুঁচৰিৰ আৰম্ভণিতে উপাস্য দেৱতা কুন্দিমামাক নমস্কাৰ কৰি গায়-
য়ায় মহামায়া য়ায় দয়াময়
য়য় মামাৰু মামে।
নিয় উলি পুলি গেচ্ছহ কুৰহি
নেনে সেই চেচকুহ বাঘ
আকৌ চৰিত গায়-
হুৰে হুৰে বাই ডলা কপোৰ ঘূৰে।
হুৰে হুৰে নামক কোনে স্ৰজিলে। 
আইনো সৰচতী সেয়ে স্ৰজিলে। 
হুৰে হুৰে নামক স্ৰজিলে। 
আইনো চাৰিশাল সেয়ে স্ৰজিলে। 

দেউৰীসকলে গোৱা হুঁচৰিৰ মালিতাৰ মাজত পাৰিবাৰিক জীৱনৰ ছবি, আধ্যাত্মিক কথা, চহাজীৱনৰ কথা আদিৰো সম্ভেদ পোৱা যায়। কিছুমান হুঁচৰিত আকৌ গৃহস্থৰ জীয়ৰী বোৱাৰীক জোকোৱাৰ ইংগিতো আছে। মন কৰিবলগীয়া কথা, দেউৰীসকলৰ বিহু নৃত্য-গীতৰ ক্ষেত্ৰত যথেষ্ট মাৰ্জিত ৰুচি পৰিলক্ষিত হয়। গীতবোৰ দেউৰী বা দেউৰী-মিশ্রিত অসমীয়াত ৰচিত। এওঁলোকৰ মাজত গাভৰুৰ বিহু আৰু ডেকাৰ বিহু একে নহয়। ঠিক তেনেদৰে তিৰোতা আৰু পুৰুষৰ বিহুও সুকীয়া। হুঁচৰি গোৱাৰ ক্ষেত্রতো কিছুমান সুকীয়া নিয়ম আছে। এখন গাঁৱৰ লোকে অন্য এখন গাঁৱলৈ হুঁচৰি গাবলৈ যোৱাত বাধা নিষেধ আছে। দেউৰীসকলৰ নৃত্য-গীতবোৰ সাধাৰণতে উপাস্য দেৱ-দেৱীৰ লগতে, প্রকৃতি, জীৱ-জন্তু আৰু মানুহৰ মংগল কামনাৰে সমৃদ্ধ। এওঁলোকৰ বিহু বিদায়ৰ এসপ্তাহৰ মূৰত তেত্ৰিচকোটি দেৱতাৰ ৬৪ জনলৈ গাহৰি, কুকুৰা, হাঁহ বলি দিবলৈ মানস কৰি বছৰটোলৈ পূজা কৰে। এই অনুষ্ঠানটোকে বৰ পেহাবা বোলে।

সোণোৱাল কছাৰীসকলৰ বিহুও বিশেষত্বপূর্ণ। এওঁলোকে বিহুৰ সাতদিন আগৰ পৰাই হগ্রা নৃত্যৰ আয়োজন কৰে। আগৰ বছৰ যিঘৰ মানুহৰ ঘৰত বিহু সামৰিছিল, পিছৰ বছৰে সেই ঘৰৰ পৰাই বিহু আৰম্ভ কৰে। সোণোৱালসকলৰ বিহুৰ বহুৱা নৃত্যত গীত পদ গোৱাৰ নিয়ম নাই কিন্তু হগ্রা নৃত্যত হুঁচৰি গোৱা হয়। হুঁচৰি প্ৰধানতঃ দুই ভাগত বিভক্ত বৰগীত আৰু থিয়গীত। কোনো কোনোৱে পোহাৰী গীত নামৰ আৰু এক শ্ৰেণী গীত উল্লেখ কৰে। বৰগীতেৰে নৃত্য আৰম্ভ হয়। তেনে গীতৰ অংশ বিশেষ এনেধৰণৰ-

অ' হুৰে হুৰে বাঁহ জালত কাপোৰ ঘূৰে ৷
হুৰে হুৰে গীতক কোনে সজায়। 
মহাদেউ পার্বতী সিও সৰজায়। 
গজায় মনায় সিও সৰজায়।। 
খিৰিং ৰজা দেৱতা সৰজায়। 
চাৰিশাল গোসানী সিও সৰজায়।

সেইদৰে থিয়গীতবোৰ এনেধৰণ- 
ভোমোৰাই ও ওঁ হৈয়ো।
ছাদে ভোমোৰাক বিয়া কৰি নিয়া।। 
কঁঠাল গছৰ খাটলিকা মদাৰ গছৰ হলৌ। 
সাত সতিনী তাঁত লগাই কৰে জলৌ জপৌ।। 

বৰগীত আৰু থিয়গীত গোৱাৰ পিছত নাচৰ আৰম্ভ হোৱা গীত গোৱা হয়।
তেনে এফাঁকি গীত এনেধৰণৰ-
শ্ৰীশ্ৰীৰায়ে শ্রীনন্দৰাই ডাল ভাঙি ফলখাই হলৌবান্দৰাই।। 
ফৌমিৰি ফৌ দুলো লৌ মায় গৈছে মিছা মাৰিব নাকান্দিবা ফৌ।।

সোণোৱাল কছাৰীসকলৰ উপৰিও হাজং, মৰাণ, কাৰ্বি, মিচিং, চাক্কা আদি জনগোষ্ঠীসমূহৰ মাজতো কম বেছি পৰিমাণে এই বাৰেৰহণীয়া বিহু উৎসৱ পালন কৰা হয়। আনকি ডফলা নগাসকলৰ মাজতো নিশ্চয় এই বিহুৰ লেখীয়া উৎসৱ উদ্যাপিত হৈছিল। নহ'লে জানো বিহুগীতত গায়-

'নগাৰ চাঙতে পেঁপাটি বজালে ডফলাই ধৰিলে টকা ল'ৰা 
বুঢ়া জীয়াৰী ৰঙতে বলিয়া ব'হাগৰ বিহুৱা ডেকা।'

গতিকে পৰিষ্কাৰ কথা, ঋতুকালীন এই বিহু উৎসৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অতীতৰ পৰা আটাইৰে ৰং আৰু আনন্দৰ উৎসৱ ৰূপেই পালিত হৈ আহিছে। সময়ৰ সোঁতত ইয়াৰ ৰূপ, ৰং ৰস কিছু সলনি হ'লেও তাৰ আবেদন একেই আছে। বিহু সেয়ে জাতি-জনজাতিৰ প্ৰাণৰ উৎসৱ, ৰঙৰ মেলা, হেঁপাহৰ ভোগজৰা।

প্ৰসংগ পুথি
১. ড° বীৰেন্দ্রনাথ দত্ত (সম্পা): চিফুং গুংগাং
২. ড° নবীন চন্দ্র শর্মা (সম্পা): বসন্ত উৎসৱ আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য
৩. ড° উপেন ৰাভা হাকাচাম: অসমৰ জনজাতীয় সংস্কৃতি

লেখকঃ কনক চন্দ্ৰ চহৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়

Post a Comment

0 Comments