ঊনবিংশ শতিকাৰ এচাম মধ্যবিত্ত অসমীয়াৰ বিহু-নিন্দা৷ মুকুল চন্দ্ৰ গোস্বামী


* আমাৰ জাতীয় উৎসৱ বিহু মূলতঃ অনার্য জনগোষ্ঠীৰ অৱদান বুলি বহুতো পণ্ডিতে মত পোষণ কৰিছে। ভিন ভিন নামেৰে আৰু সুকীয়া বৈশিষ্ট্যপূৰ্ণ পৰম্পৰাৰে অসমৰ সকলো জনগোষ্ঠীৰ মাজত প্রচলিত হৈ আহিছে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিমতে যেতিয়া অসমত ব্রিটিছ শাসনৰ সূচনা হ'ল, তেতিয়া এচাম অসমীয়াই পাশ্চাত্য শিক্ষাৰে শিক্ষিত হয়। কলকাতালৈ পঢ়িব যোৱা হ'ল, কিছুমান বিলাতলৈ গ'ল, বহুতে ব্ৰিটিছ চৰকাৰৰ তলত চাকৰি কৰিবলৈ ল'লে। অনেকে ব্ৰিটিছ পদানুসৰণ কৰি পাশ্চাত্য সংস্কৃতিৰ ভক্ত হৈ পৰিল আৰু আমাৰ থলুৱা সংস্কৃতিৰ প্ৰতি পিঠি দিবলৈ ধৰিলে। বিশেষকৈ সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ সংস্কৃতিক ঘৃণাৰে চকুৰে চাবলৈ ল'লে। এনে ফলশ্রুতিতে সৃষ্টি হ'ল এচামৰ বিহু বিদ্বেষ।

সুলেখক হলিৰাম ঢেকীয়াল ফুকনে বাংলা ভাষাত ৰচিত আৰু ১৮২৯ চনত প্রকাশিত তেওঁৰ 'অসম বুৰঞ্জী'ত বিহুক নিন্দা কৰি লিখিছিল- "বিহু অর্থাৎ বৈশাখেৰ সংক্ৰান্তিৰ দিন অবধি ৭ দিৱস পর্যন্ত চড়ক নাহইয়া বিহুৰ গান একটা হইয়া থাকে তাহাতে সাধাৰণ লোকেৰ স্ত্রীলোক ও লম্পট পুৰুষসকল একন হইয়া অত্যন্ত জগুপ্সিত নৃত্য-গীত কৰিয়া থাকে। পল্লীগ্রামে সর্বপেক্ষা এই পর্ব অধিক কিন্তু এই কু-ৰীতি কামৰূপে নাই সৌমাৰে অধিক।"

হলিৰামে ঢেকীয়াল ফুকনৰ পুত্ৰ ব্ৰিটিছ চৰকাৰৰ চাকৰিয়াল আনন্দৰাম ঢেকীয়াল ফুকনেও 'অৰুণোদই'ত বিহুৰ বিৰুদ্ধাচৰণ কৰি লিখিছিল- “এই অসম দেশৰ অনেক ঠাইত বছৰি বিহুত জিসকল ব্যভিচাৰ ক্ৰিয়া কৰে তাক সকলে জানে। এই কুৰিতি আন কোনো দেসত নাই আৰু সি অসমৰ মহা কলংক হৈছে। হায় হায়! লোকৰ কি ধৰম গিয়ান নিচেই গুচিল? সদ্‌ লোকসকলে কি এই কুচিত কথাত একে বেলিএ চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰলোক সকল, তোমালোকে এই কুকৰম একে বেলিয়ে চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰলোক সকল, তোমালোকে এই কুকৰম একে বেলিয়ে গুচাবৰ পুৰুষাৰ্থ কৰা।” বিহুৰ দৰে পৰম্পৰাক অবৈধ আখ্যা দি তেওঁ তাক সমাজৰ পৰা বহিষ্কাৰ কৰিবলৈ সকলোকে আহ্বান জনাইছিল।
আনকি আনন্দৰাম ঢেকীয়াল ফুকনৰ এই বিহু-বিদ্বেষৰ কথা তেওঁৰ জীৱন চৰিত প্রণেতা গুণাভিৰাম বৰুৱাইও উল্লেখ কৰিবলৈ বাধ্য হৈছে। 'আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱন চৰিত'ত গুণাভিৰাম বৰুৱাই অতি তাৎপর্যপূর্ণভাবে লিখিছে "-অশ্লীলতা তেওঁ বৰ ঘিণ কৰিছিল। বৈশাখৰ বিহুত নগাঁৱৰ স্থানে স্থানে অশ্লীল নৃত্য-গীত হৈছিল, সেইসকলক স্থানে শেষ তেওঁ নিবাৰণ কৰালে আৰু এইৰূপ কার্য যে অনিষ্টজনক তাক তেওঁ বুজাই দিছিল।" ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে আনন্দৰাম ঢেকীয়াল ফুকনে নগাঁৱৰ কোনো ঠাইত বিহু মৰাটো বন্ধ কৰাইহে এৰিছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্বাৱধানত পঢ়া-শুনা কৰা গুণাভিৰাম বৰুৱাৰো বিহু বিদ্বেষ কম নাছিল। ১৮৮৪ চনত প্রকাশিত তেওঁৰ 'অসম বুৰঞ্জী'ত তেওঁ বিহুক অসমৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰসংগত জোৰ কৰি লিখিছিল এইদৰে- "চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইত ইতৰ লোকসকলে স্ত্রী- পুৰুষ কোনো প্রকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে। যি সময়ত অবাচা আৰু অশ্লীল গীত গোৱা আৰু নির্লজ্জ ভাব-ভংগী দেখুওৱা হয়। এইটি নিয়ম শীঘ্রে দেশৰ পৰা গুচিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়।"

ইতিপূর্বে উল্লেখিত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ লগতে 'হেমকোষ' প্রণেতা হেমচন্দ্ৰ বৰুৱা আছিল ব্ৰিটিছৰ তলতীয়া কৰ্মচাৰী তথা ব্ৰিটিছৰ পদানুসৰণকাৰী। তদুপৰি এই তিনিওগৰাকী বুদ্ধিজীৱী আছিল 'অৰুণোদই' যুগৰ অখ্রীষ্টিয়ান লেখক। এই তিনিওগৰাকীয়ে খ্রীষ্টিয়ান মিছনেৰীসকলৰ লগত লগ লাগি অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল। অথচ তেওঁলোকে বিহু সম্পর্কে কিয় এনে বিরূপ মন্তব্য কৰিছিল, সেয়া চিন্তাৰ বিষয়। হেমচন্দ্ৰ বৰুৱাই 'বিহু কি' প্ৰবন্ধত বিহুক তিৰস্কাৰ কৰি লিখিছিল- "ব'হাগৰ বিহু সাতদিনীয়া। এই কেইদিনৰ ভিতৰত সকলো বন্ধু-বান্ধৱ নিমন্ত্রিত হৈ বিহু খাবলৈ অহা-যোৱা কৰে আৰু সপ্তম দিনা চিৰ প্ৰচলিত, ঘৃণিত আৰু নিন্দনীয় নিয়ম মতেৰে লাজক কাতি কৰি থৈ অশ্লীল নাম কিছুমান গাই অশ্লীল অংগী-ভংগী বিশিষ্ট নাচ নাচি ব'হাগৰ বিহুক বিদায় দিয়ে।"

উক্ত তিনিওগৰাকীৰ উত্তৰ পুৰুষ অগ্নিকবি কমলাকান্ত ভট্টাচার্যইও বিহুক বৰ বেয়াকৈ নিন্দা কৰিছিল। তেওঁ তেওঁৰ 'অসমৰ উন্নতি' নামৰ প্ৰবন্ধত বিহুক নিষিদ্ধ কৰি তাৰ ঠাইত আন কিবা এটা ভাল উৎসৱ প্রচলন কৰাবলৈ উপদেশ দিছে এইদৰে "বিহু এটা আমাৰ বাবে বৰ বেয়া সংস্কাৰ আছে।... বিহুত যেনে নিলাজ কথাবোৰ বকে, শুনিলেই কাণত হাত দি শ্রীবিষ্ণু সুঁৱৰি পলাব লাগে। এইবিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ অপমানৰ কথা।.... বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজ ধবে, শিক্ষিত ডেকাসকল এবাৰ ভাবি চোৱাচোন। বিদেশীবিলাকে বিহু দেখি আমাক বৰ নিন্দা কৰে আৰু অসমৰ তিৰোতাৰ সতীত্বৰ বিষয় তেওঁলোকে সঁজাত নেমানে। স্কুলৰ ছাত্ৰবিলাকক বিহুৱে বৰ অনিষ্ট কৰিছে।.... শিক্ষিত ভাইসকল বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা।”

বিহুৰে অসমীয়া সমাজখন ধ্বংস কৰিলে বুলি অনুভৱ কৰা কমলাকান্ত ভট্টাচাৰ্যই বিহু গীতৰ সলনি বীৰ গীত অৰ্থাৎ বীৰ বীৰাংগনাসকলক সোঁৱৰণ কৰি লিখা গীত প্রচলন কৰিবলৈ আহ্বান জনাইছে- ১৮৮৭ চনত লিখা তেওঁৰ 'ব'হাগ বিহু' নামৰ কবিতাটিৰ জৰিয়তে-
বিহুৰ ধেমালিয়ে বছৰৰ পিছে,
সকলো মনত হয়, হৰষ ধৰিছে,
ভয় হয় সতীৰ বা কৰে মতিভ্ৰম

বিহুৰ গীতবোৰ নিলাজ অভং। নিলাজ গীতৰ ঠাই গাই বীৰ গীত উচটাই অসমক কৰা উছাহিত। প্রাক্ ৰোমাণ্টিক যুগৰ আন এগৰাকী সাহিত্যিক ৰত্নেশ্বৰ মহন্তই তেওঁৰ কবিতাৰ যোগেদি বিহুক দুৰাচাৰ বুলি অভিহিত কৰিছে এনেদবে- কিন্তু কোনে হৰি! লাজ পৰিহৰি চলালে বিহুত নিলাজ গীত। এবাঁ গাখীৰত কোন কাৰণত গোবৰৰ ছিটা মিহলি হ'ল কোন দুৰাচাৰে দুষ্ট ব্যৱহাৰে সমস্ত দেশক ডুবাই গ'ল।

ৰত্নেশ্বৰ মহন্তই আকৌ 'গাৰো বৃত্তান্ত' নামৰ প্ৰবন্ধ এটাত আমাৰ বিহুতকৈ গাৰোসকলৰ বিহুক বহু পৰিমাণে ভাল, ৰুচিসম্মত বুলি উল্লেখ কৰিছে এনেদবে- "গাৰোহঁত অসভ্য। ইহঁতৰ ৰুচিৰ অৱশ্যে সমালোচনা কৰিব নেপায়। কিন্তু অসভ্য গাৰোহঁতে বিহুত যি উৎসৱ কৰে আমাৰ সভ্য বিলাকৰ উৎসৱতকৈ বহুত গুণে ভাল। আমাৰ সভ্য ৰুচিৰ ভায়েকে ভনীয়েকক ঢোল কোবাই নচোৱাকে ভাল দেখে, ভায়েকৰ আগত ভনীয়েকে নিলাজ গীত গোৱাকো শলাগে, সৰ্বসাধাৰণৰ আগত বিহু হাটত বিহুনাম গাই উৎকট বিকটৰূপে চিঞৰি চিঞৰি টকা কোবাই অশ্লীল অংগী-ভংগী কৰি নচাকো অনেক ভদ্র সন্তানে হাবিয়াস কৰি চাবলৈ যায়, কিন্তু অসভ্য পর্বতীয়া গাৰো আৰু হানাহঁতৰ এনে নহয়। সিহঁতৰে বিহু আমোদ নির্দোষ, সভ্য আৰু গতিকেই আমাৰ দোষময় আৰু অসভ্য আমোদতকৈ উৎকৃষ্ট।"

অসমৰ প্ৰথম ইংৰাজী অসমীয়া অভিধান প্রণেতা বুধীন্দ্রনাথ দিলিহিয়াল ভট্টাচাৰ্যই বিহুৰ বিষয়ে ইংৰাজীতে দিয়া মন্তব্যই আমাক আৰু দুখ দিয়ে ১৮৯৮ চনৰ ২৪ আগষ্টত ইংলেণ্ডৰ 'The National Guardian' নামৰ কাকতত "The Assamese Bihoo' নামৰ প্ৰবন্ধৰ যোগেদি ব্ৰিটিছ চৰকাৰক এনেদৰে আবেদন জনাইছিল যে কিবা এখন আইন উলিয়াই বিহুক নিষিদ্ধ কৰিব লাগে- 'When the dancing waxes high, the dancers, both men and women become frenzied and behave very inde- cently. Some time it is amussing as well as sorrowful to hear that some of these girls have eloped and others abducted from these groups amid wailing and head breaking. The number of abduction cases in these days is very numerous, in some districts.

This notorious Bihoo greatly demoralise the Assamese, expecially the lower classes, where grown up girls are free in their movements as long as they live with their parents, But the Brahmins girls have no opportunity frequenting such places, as they are married young. The Sudra girls marry at an age rang- ing from 15 to 20 years, would it not be better for the Government to pass a law prohibiting this shameful Bihoo in Assam. By the by, there is one thing more to describe. On the first night of Bihoo the villagers, old any young, after taking their super more properly, breaking their fast, come out with few drums and bamboo clappers to sing religious hymns from house to home begging for pice. This contunes for two days. And the money which they colloct, is spent in buying salt which is shared among themselves. This is the famous Bihoo of the Assamese which is only observed by the lower classes."

কেৱল পইচাৰ কাৰণে ঘৰে ঘৰে বিহু বা হুঁচৰি মৰা, সংগৃহীত পইচাৰে নিমখ কিনা, সমাজৰ কেৱল নিম্ন শ্ৰেণীৰ লোকৰ মাজত বিহুৰ প্ৰচলন থকা আদি উক্ত তুলুঙা মন্তব্যই বিহু সম্পর্কে বুধীন্দ্রনাথ ভট্টাচাৰ্যৰ কাণ্ডজ্ঞানহীনতাৰে পৰিচয় দাঙি ধৰে।

কিন্তু লাহে লাহে প্রেক্ষাপট সলনি হ'ল। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, বেণুধৰ ৰাজখোৱা আদিকে ধৰি এচাম অসমীয়াই বিহুৰ সপক্ষে মাত মাতিবলৈ ধৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই বিহু বিদ্বেষীসকলক কটু সমালোচনা কৰি লিখিছিল- "আপোনাসকল 'চহৰীয়া' মানুহকেইটাই গোটেই অসম দেশখন নহয়। এচৰু শাকত আপোনালোকে এটা জালুক। বছৰেকৰ মূৰত গাঁৱৰ ইমানখন মানুহে মন মুকলি কৰি দি, নাচি-বাগি বং ধেমালি কৰি দুখীয়া জীৱনটো শঁতাই লয়, আপোনালোকে তাকো দেখিব নোৱৰা হ'ল। গাঁৱলীয়া মানুহ-মানুহ নহয়, আপোনালোকে চহৰীয়া মানুহকেইটাই মানুহ।" পদ্মনাথ গোহাঞি বৰুৱাই 'বিহু' নামৰ কবিতাৰ যোগেদি বিহুৰ সপক্ষে মাত মাতিছিল। ১৯১৪ চনত 'বিহু' নামৰ এখন সৰু কলেবৰৰ গ্ৰন্থ প্রকাশ কৰোতা সাহিত্যিক বেণুধৰ ৰাজখোৱাই বিহু সম্পর্কে অনেক ইতিবাচক মন্তব্য আগবঢ়াইছিল। অসমৰ প্ৰথমজন অভিযন্তা বলি নাৰায়ণ বৰাইও ১৮৮৫ চনত প্ৰথম বিহুৰ সপক্ষে প্রবন্ধ ৰচনা কৰি অতি আশাৰ বতৰা কঢ়িয়াই আনিছিল।

এনেদৰে এচামে বিহুৰ জয়গান গাই গঠনমূলক সমালোচনা কৰাৰ ফলত আন এচামৰ বিহু-নিন্দা লাহে লাহে তল পৰিল। সমাজে নতুন দৃষ্টিভংগীৰে বিহুক আঁকোৱালি লোৱাৰ ফলত বিহুৱে উচিত মর্যাদা লাভ কৰি বিহু আমাৰ জাতীয় উৎসৱ হৈ পৰিল।


উপৰোক্ত প্রবন্ধটি বাণীকান্ত মেধিৰ সম্পাদিত নুনমাটি বিহু সম্মিলনৰ ২০১৭ বৰ্ষৰ স্মৃতিগ্রন্থ গোমচেংৰ পৰা সংগ্ৰহ কৰা হৈছে।

Post a Comment

0 Comments