* অসমৰ সাম্প্ৰতিক সময়ৰ জটিল ৰাজনৈতিক পৰিস্থিতিত পূৰ্ববংগীয় মূলৰ মুছলমান সম্প্ৰদায়ৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ নো অৱদান কি- তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গ’লেই কোনে কোন ফালৰ পৰা গতা মাৰি দিয়ে তাৰ কোনো ভৰসা নাই। অসমীয়াৰ অভিমান-স্বাভিমানৰ কথা কওঁতে আমি সেয়েহে এই বিষয়ৰ পৰা নিৰাপদ দূৰত্বত থাকিব বিচাৰোঁ । কিন্ত এই সম্প্ৰদায়টোক বাদ দি বিংশ শতিকা-একবিংশ শতিকাৰ অসমৰ ৰাজনীতি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আলোচনা সম্ভৱ নে? ৰাজনৈতিকভাৱে অনুকুল নহয় বাবেই আমি এই বিষয়ৰ আলোচনাৰ পৰা আঁতৰি থাকিম নে? অসমীয়া জাতিক হাড়ে-হিমজুৱে ভালপোৱা আৰু জাতিৰ স্বাৰ্থত সংৰক্ষিণী সভা গঠন কৰা অম্বিকাগিৰী ৰায়চৌধুৰী আৰু বাগ্মীবৰ নীলমণি ফুকনৰ দৰে ব্যক্তিয়েও পূৰ্ববংগীয় মূলৰ মুছলমানসকলক লগত ল’লেহে যে ভাষাভিত্তিক অসমীয়া জাতীয়তাবাদ সুৰক্ষিত হ’ব সেই কথা ১৯৪০-৫০ ৰ দশকতেই কৈছিল। অসমীয়া জাতীয়তাবাদৰ লগত যে ধৰ্মৰ কোনো সম্পৰ্ক নাই সেই কথাও তেওঁলোকে আঙুলিয়াই দিছিল।
এই সম্পৰ্কে আটাইতকৈ স্পষ্ট, নিৰ্ভিক আৰু বাস্তৱসন্মত মতামত দিছিল হোমেন বৰগোহাঞিয়ে। ১৯৭০ চনৰ ১০ জুন তাৰিখৰ সাপ্তাহিক নীলাচল কাকতৰ “অসমৰ ন-অসমীয়া মুছলমান” শীৰ্ষক লেখাটো এই ক্ষেত্ৰত অন্যতম । এই লেখাৰ তলত উল্লিখিত কথাখিনি বিশেষভাৱে গুৰুত্বপূৰ্ণ :
‘পূৰ্ববংগৰ পৰা মাত্ৰ ত্ৰিশ-চল্লিশ-পঞ্চাশ বছৰৰ আগতে অসমলৈ অহা এই লোকসকলৰ সংখ্যা কেৱল শ শ বা হাজাৰ হাজাৰ নহয়, তেওঁলোকৰ সংখ্যা হ’ব লাখ লাখ। এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিশিচিহ্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি? ইয়াৰ একমাত্ৰ ভিত্তি হ’ল অসমীয়া ভাষা। তেওঁলোক ‘ন-অসমীয়া মুছলমান’- কাৰণ অসমীয়া ভাষাক নিজৰ ভাষাৰূপে গ্ৰহণ কৰি তেওঁলোকে উদাৰ অসমীয়া সমাজৰ নৱাগত সদস্যৰূপে ভুক্ত হৈছে। ৰাজস্থানৰ মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বংগদেশৰ হিন্দু-বাঙালীলোকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুতো মানুহেই অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে আৰু অসমৰ অন্নেৰে প্ৰতিপালিত হৈছে। কিন্তু তেওঁলোকে কোনেও অসমীয়া ভাষাক আপোন বুলি গ্ৰহণ কৰি নিজকে ‘ন-অসমীয়া’ বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিৱৰ্তে বৰং অসমৰ প্ৰতিখন চহৰতে (এতিয়া গাওঁতো) মাৰোৱাৰী হিন্দী স্কুল, বাঙালী স্কুল আদিহে গজি উঠা দেখিবলৈ পাইছোঁ। অথচ তেওঁলোকৰ সংখ্যা এই ‘ন-অসমীয়া’ মুছলমানতকৈ বহুগুণে কম । লাখ লাখ মানুহৰ এনে এটা বিশাল জনগোষ্ঠীয়ে এনেভাবে নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি আৰু সাংস্কৃতিক পৰিচয় মোহাৰি পেলাই নতুন এটা ভাষা-সংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্ব ইতিহাসত বিৰল বুলিয়েই ক’ব পাৰি। অসমীয়া ভাষাৰ ইতিহাসত আৰু এবাৰ মাত্ৰ এনে এটা ঘটনা ঘটিছিল- যেতিয়া বহিৰাগত বিজয়ী আহোমসকলে ৰজা হৈয়ো নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি প্ৰজাৰ ভাষা গ্ৰহণ কৰিছিল ।
পূৰ্ববংগীয় মুছলমান সকল স্ব-ইচ্ছাই অসমলৈ যে অহা নাছিল সেই কথাও আমি সকলোৱে জানো । তাৰ এক হৃদয়স্পৰ্শী বৰ্ণনাও ডাঙি ধৰিছে হোমেন বৰগোহাঞিয়ে তেওঁৰ ১৯৫০ ৰ দশকৰেই গল্প ‘ইছমাইল শ্বেখৰ সন্ধানত’। সামন্তীয় জমিদাৰী ব্যৱস্থাৰ উৎপীড়ণ আৰু সাম্ৰাজ্যবাদৰ চক্ৰান্তত পৰিয়েই তেওঁলোক অসমলৈ আহিছিল। মুছলীম লীগৰ সাম্প্ৰদায়িক ৰাজনীতিৰো বলি হৈছিল তেওঁলোক। তেওঁলোকৰ আগমনে থলুৱা অসমীয়া মানুহৰ মনত যে গভীৰ শংকা সৃষ্টি কৰিছিল সেই কথা অস্বীকাৰ কৰিলে ইতিহাসক অস্বীকাৰ কৰা হ’ব। মুছলিম লীগৰ নেতৃত্বত অসম মুলুকত ছৈয়দ ছাদুল্লা অথবা মৌলানা ভাছানীৰ দৰে ৰাজনৈতিক নেতাৰ নীতি আৰু চক্ৰান্তইও পৰিস্থিতি জটিল কৰি তুলিছিল। প্ৰতিপত্তিশীল মহলৰ ক্ষমতাৰ যুঁজত পৰি সৰ্বস্বান্ত প্ৰব্ৰজিত লোকসকল বাৰে বাৰে পীড়িত হৈছিল। তেওঁলোকৰ নিজা কোনো ৰাজনৈতিক স্থিতি নাছিল। ইতিহাসে তেওঁলোকক যিফালেই ঠেলি পঠিয়াইছিল তেওঁলোক সেইফাললৈকে গুছি গৈছিল। তেওঁলোকৰ বাবে জীয়াই থকাটোৱেই আছিল প্ৰধান আৰু অন্তিম লক্ষ্য। তাৰবাবে য’তেই সুবিধা পাইছিল তাতেই তেওঁলোক সংস্থাপিত হৈছিল। ৰাজনৈতিক পৃষ্ঠপোষকতা তেওঁলোকে নিশ্চয়কৈ লাভ কৰিছিল। কিন্তু সেই পৃষ্ঠপোষকতাৰ স্বাৰ্থ এই নিপীড়িতলোকৰ স্বাৰ্থ নাছিল। সেই স্বাৰ্থ আছিল অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰি মুছলিম লীগৰ শক্তি বৃদ্ধি কৰিব বিচৰাসকলৰহে।
অসমীয়া জাতিও ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দ্বাৰা বাৰে বাৰে পীড়িত হৈছিল। অৰ্থনৈতিক আৰু ৰাজনৈতিক শোষণৰ সমান্তৰালভাৱে অসমীয়া জাতিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যহ্বান আছিল ভাষা। ঊনবিংশ শতিকাৰ সাম্ৰাজ্যবাদী চক্ৰান্তই অসমীয়া ভাষাক প্ৰশাসনৰ পৰা কৰা বিতাড়ণৰ বিৰুদ্ধে অসমীয়াই কিধৰণে যুঁজ কৰিছিল সেই বিষয়ে বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। ঊনবিংশ শতিকাত এই যুঁজৰ সাৰথি আছিল ব্যপ্টিষ্ট মিশ্যনেৰীসকল। বিংশ শতিকাত অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ সহ:যোগী আছিল পূৰ্ববংগীয় মুছলমানসকল। অসমত স্থায়ীভাৱে থাকিবলৈ আহি অসমৰ অন্নেৰে প্ৰতিপালিত অন্য গোষ্ঠী- জনগোষ্ঠী যে অসমীয়া ভাষা-সংস্কৃতিৰ বিশ্বাসী সহ:যোগী হোৱা নাছিল বা হ’ব নোৱাৰে সেই কথা হোমেন বৰগোহাঞিয়ে স্পষ্টকৈ তাহানিতে কৈ থৈ গৈছে ।
অসমত স্থায়ীভাৱে থাকিবলৈ অহা পূৰ্ববংগীয় মুছলমানসকলৰ ভৱিষ্যতদ্ৰষ্টাসকলে সেয়েহে বিংশ শতিকাৰ আৰম্ভণীৰ পৰাই নিজৰ অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাত গুৰুত্ব দিছিল। বিংশ শতিকাৰ একেবাৰে আৰম্ভণীতে পতা তেনে এখন বিদ্যালয় আছিল নগাওঁৰ আলিটেঙাণী প্ৰাথমিক বিদ্যালয়। ১৯২০ ৰ দশকত প্ৰতিষ্ঠা হ’ল আলিটেঙাণী এম ই আৰু আলিটেঙাণী হাইস্কুল। ১৯৪৭ চনত প্ৰতিষ্ঠা হৈছিল বৰ্তমানৰ মৰিগাওঁ জিলাৰ বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
এই বিদ্যালয় প্ৰতিষ্ঠা হোৱা ৭৭ বছৰ হ’ল । সেই উপলক্ষে ২১, ২২ আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হৈছিল বিদ্যালয়ৰ মহাৰজত জয়ন্তী। এই জয়ন্তী উদযাপনৰ অংশ হিচাপে ২২ ডিচেম্বৰ ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা ‘অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত পূৰ্ববংগীয় মুছলমানৰ অৱদান’ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ গৈ মই সঁচাকৈয়ে বিৰল অভিজ্ঞতাৰ সমুখীন হ’লোঁ। এতিয়া অসমৰ প্ৰায়বোৰ প্ৰসিদ্ধ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা শোচনীয়। ঘৰ দুৱাৰ থাকিলেও সেইবোৰ শিক্ষানুষ্ঠান সকলোৰে আদৰৰ স্থানীয় অনুষ্ঠান হৈ থকা নাই। এই ক্ষেত্ৰত বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় এক ব্যতিক্ৰম । সু-বিশাল চৌহদ আৰু খেলপথাৰ । বিদ্যালয়ৰ আন্ত:গাঁথনিও ভাল । বিদ্যালয় কতৃপক্ষই জনোৱা মতে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৮০০। অসমৰ কেইখন মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয়ত আজিৰ তাৰিখত ইমান সংখ্যক ছাত্ৰ-ছাত্ৰী আছে? এই বিদ্যালয়ত পঢ়ি গৈ অসমৰ সমাজ জীৱনত নিজাকৈ একোখন স্থান দখল কৰিবলৈ সক্ষম হোৱা বহুজনক লগ পালোঁ । তেওঁলোকৰ বহুজন কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। বহুকেইগৰাকী প্ৰতিষ্ঠিত চিকিৎসককো লগ পালোঁ ।
মই মোৰ ভাষণত এই সম্প্ৰদায়ৰ ইতিহাস সম্পৰ্কে চমুকৈ আলোকপাত কৰাৰ লগতে ব্ৰিটিছ আমোলত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰত্যাহ্বান সম্পৰ্কেও কিছু আলোচনা আগবঢ়ালোঁ। বিংশ শতিকাত অসমীয়া ভাষালৈ নামি অহা দূৰ্যোগৰ সন্ধিক্ষণত এই সম্প্ৰদায়ক বৃহত্তৰ অসমীয়া সমাজলৈ আদৰি অনাৰ প্ৰয়াস সম্পৰ্কেও ক’লোঁ। কি পৰিস্থিতিত এই সম্প্ৰদায়টোক ‘ন-অসমীয়া’ বুলি কোৱা হ’ল সেই সম্পৰ্কেও চমুকৈ ক’লোঁ। পৰিবৰ্ত্তিত পৰিস্থিতিত ছৈয়দ আব্দুল মালিক, ড° মহেন্দ্ৰ বৰা, ড° নগেন শইকীয়া অথবা হোমেন বৰগোহাঞিকে প্ৰমুখ্য কৰি বহুজনে কিয় তেওঁলোকক ন-অসমীয়া বুলি কোৱাতকৈ অসমীয়া বুলি কোৱাটোহে যুগুত কথা বুলি কৈছিল সেই সম্পৰ্কেও উল্লেখ কৰিলোঁ। এই কথাবোৰ কৈ থাকোঁতে মোৰ মনত একুৰা জুইও জ্বলিছিল। মোৰ ভাৱ হৈছিল বাৰে বাৰে অসমীয়া অসমীয়া বুলি কৈ, অথবা এই সম্প্ৰদায়টোক বৰকৈ অসমীয়া সজাবলৈ গৈ মই ভাষিক আধিপত্যবাদৰ পোষকতা কৰিছোঁ নেকি। কাৰণ ভাষিক আধিপত্যবাদৰ অভিযোগ তুলিয়েই তাহানিৰ বৰ অসমৰ জনজাতীয় সম্প্ৰদায়সমূহ অসমৰ পৰা আঁতৰি গ’ল। অসম চুক্তিয়ে প্ৰতিশ্ৰুতি দিয়া ‘সাংবিধানিক সুৰক্ষা’ আদায় কৰাৰ বাবে যেতিয়া ‘অসমীয়া’ৰ সংজ্ঞা নিৰূপণৰ আখৰা চলিছিল তেতিয়া অসমৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাসমূহে স্পষ্টকৈ ক’লে যে তেওঁলোকে নিজকে অসমীয়া বুলি ক’ব নোখোজে কাৰণ তেওঁলোকৰ স্বকীয় ভাষা আছে। সেয়েহে ‘অসমীয়া’ৰ সংজ্ঞা লাহে লাহে ‘অসমৰ খিলঞ্জীয়া মানুহ’ৰ স্তৰলৈ ধাৱিত হ’ল। গতিকে এনেকুৱা পৰিস্থিতিত পূৰ্ববংগীয় মূলৰ মুছলমানসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি বাৰে বাৰে ৰাজহুৱাকৈ ক’বলগীয়া হোৱা পৰিস্থিতিটোও মোৰ বাবে বৰ সহজভাৱে ল’ব পৰা কথা নাছিল।
কিন্তু পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ বাবে সেইয়াই বাস্তৱ। অসমৰ প্ৰায় সকলোবোৰ জনজাতীয় জনগোষ্ঠীয়ে নিজা ভাষা-সংস্কৃতি আৰু ইতিহাসৰ আধাৰত স্বকীয় পৰিচয় আৰু ৰাজনৈতিক অধিকাৰ দাবী কৰি আহিছে। বৰ্ণবাদী অসমীয়া মধ্যবিত্তৰ ভাষিক আৰু ৰাজনৈতিক আধিপত্যবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰিয়েই তেওঁলোকে এনে পথ গ্ৰহণ কৰিছে । তাৰ প্ৰধান ভিত্তি হ’ল এইয়ে যে তেওঁলোক অসমৰ ভুমি পুত্ৰ। আজি যিসকলে নিজকে অসমীয়া বুলি দাবী কৰে তেওঁলোকতকৈও পুৰণি এই জাতি-জনগোষ্ঠীসমূহ। পূৰ্ববংগীয় মূলৰ মুছলমানসকলে তেনে দাবী কৰিব নোৱাৰে। আৰ্থ-ৰাজনৈতিক পৰিস্থিতি, জমিদাৰী ব্যৱস্থাৰ উৎপীড়ন আৰু সাম্ৰাজ্যবাদৰ চক্ৰান্তত পৰিহে তেওঁলোক অসমলৈ আহিল। বিজয়ী আহোমৰ দৰে অসমত তেওঁলোকৰ প্ৰবেশ ঘটাও নাছিল। হোমেন বৰগোহাঞিৰ উদ্ধৃতিৰে ইতিমধ্যে কৈ আহিছোঁ যে বিশ্বৰ ইতিহাসত এটা পৰাক্ৰমী আৰু বিজয়ী জাতিয়ে পূৰ্বৰ নিজা ভাষা-সংস্কৃতি বাদ দি য’ত নিজা সাম্ৰাজ্য বনালে তাৰেই ভাষা-সংস্কৃতি গ্ৰহণ কৰি যোৱাটোও এক বিৰল ঘটনা। এই ক্ষেত্ৰত আহোমসকল সঁচাই ব্যতিক্ৰম।
পূৰ্ববংগীয় মুছলমান তেনে ভাগ্যৰ অধিকাৰী নহয়। ইতিহাসত পীড়িত এটা সম্প্ৰদায়। তেওঁলোকৰ সাংখ্যাধিক্যৰ সুযোগ লৈ মুছলিম লীগৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলে তেওঁলোকক লৈ খেলা খেলিলে । তাৰ পীড়ণ তেওঁলোকে এতিয়াও বুকুত কঢ়িয়াই লৈ ফুৰিছে । নিজকে অসমীয়া বুলি বাৰে বাৰে প্ৰমাণ কৰিবলৈ তেওঁলোকে কি কৰা নাই। তাৰ পাছতো তেওঁলোক সন্দেহৰ আৱৰ্ত্তত। এনে সন্দেহ আৰু অবিশ্বাসৰ বিৰুদ্ধে এই সম্প্ৰদায়ৰ মাজৰ পৰা গঢ়ি উঠা প্ৰতিবাদেও তেওঁলোকক শংকিত কৰি তুলিছে। মিঞা কবিতাৰ বিতৰ্ক তাৰ অন্যতম নিদৰ্শন। বিদেশী বিতাড়নৰ বাবে গঢ়ি উঠা অসম আন্দোলনৰ উৎপীড়নৰ বলি হোৱাৰ পাছতো এই সম্প্ৰদায়ে বাৰে বাৰে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিবলগীয়া হোৱা পৰিস্থিতিও যে এক মৰ্মান্তিক ঐতিহাসিক বাস্তৱতা সেই কথা ইতিমধ্যে উল্লেখ কৰি আহিছোঁ ।
২২ ডিচেম্বৰৰ সভাত মোৰ ভাষণ শেষ হোৱাৰ পাছত সভাগৃহত উপস্থিত থকা প্ৰায় এহেজাৰৰো অধিকলোকে মোক থিয় হৈ সন্মান যাচিলে। অনুষ্ঠান পৰিচালনাৰ দ্বায়িত্বত থকাসকলে ঘোষণা কৰিলে তেওঁলোক জীৱনে মৰণে অসমীয়া। প্ৰেক্ষাগৃহত উপস্থিত ৰাইজক উদ্দ্যেশ্যি সুধিলে অহা লোক পিয়লত আপোনালোকে নিজৰ মাতৃভাষা কি বুলি ক’ব? সমস্বৰে সকলোৱে চিঞৰিলে ‘অসমীয়া অসমীয়া । ‘এই পৰিস্থিতিত মোৰ বুকুখন গৌৰৱত উফন্দি উঠা নাছিল। মই প্ৰশ্ন কৰিছিলোঁ কিয় এই হাজাৰ হাজাৰ লোকে মোৰ সমুখত নিজকে অসমীয়া বুলি প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে ? তাৰ কাৰণ এইয়ে নেকি যে মই তথাকথিত ‘মূলসুঁতিৰ অসমীয়া’ৰ এগৰাকী ‘প্ৰতিষ্ঠিত’ প্ৰতিনিধি? তাৰ বিপৰীতে যদি মই আজি এই সম্প্ৰদায়ৰ এজন হ’লোহেঁতেন আৰু মইয়ো নিজকে প্ৰেক্ষাগৃহত বহি অসমীয়া বুলি প্ৰমাণ কৰিবলৈ ৰাইজৰ স’তে চিঞৰিব লাগিলেহেঁতেন তেনেহ’লে মোৰ বুকুত কি একুৰা জুই জ্বলিলেহেঁতেন ?
কথাবোৰে মোক সঁচাকৈয়ে বিব্ৰত কৰি তুলিলে। সেয়েহে আহক আমি সকলোৱে এইবোৰ কথা হৃদয়ংগম কৰোঁ আৰু সংবেদনশীলতাৰে স্ব-জাতি আৰু মাতৃভাষাৰ উন্নয়নৰ হকে উদাৰতাৰে কাম কৰোঁ। সেই সভাত মই এটা কথা অৱশ্যেই স্পষ্টকৈ ক’লোঁ। নিজকে ‘অসমীয়া’ বুলি কোৱাৰ সমান্তৰালভাৱে এই সম্প্ৰদায়ে তেওঁলোকৰ মাজত সোমাই থকা মোল্লা-মাতব্বৰী মহলক উৎখাত কৰিব পাৰিব লাগিব। নহ’লে এই সম্প্ৰদায়ৰ অধিকাংশৰ মাজতেই ধৰ্মান্ধতাই বিৰাজ কৰিব আৰু তাৰ বলি হ’ব মহিলাসকলকে প্ৰমুখ্য কৰি নতুন প্ৰজন্মও। নকলেও হ’ব যে বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় তেনে পশ্চাদপদী চিন্তা-চেতনাৰ বিৰুদ্ধে এক সবল প্ৰতিপাদ।
(“আমাৰ অসম” কাকতৰ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখৰ “প্ৰথম কলম” ৷)
0 Comments