ঢলা-তিনিচুকীয়া লাইনত চন্দুৱাই চাৰিশ সাত চলায়, সিয়ে কোনোবা এপাকত ৰামৰতনক কাণে কাণে খবৰটো দি গ'ল, চাপাখোৱা আৰু দেওপানী, দুই ঠাই মিলি ত্রিছ-পঁয়ত্রিছটা, চব লাচ ডিফু আৰু দেওপানী নদীৰ পানীত!
দাংগা লাগিলে বা উগ্রপন্থীয়ে মানুহ মাৰিলে বনজুইৰ দৰে খবৰ বিয়পি পৰে, সঁচা-মিছা মিহলি খবৰ; সেয়ে বিশ্বাসী মানুহ পাই সি নিশ্চিত হ'ব বিচাৰিলে, 'হিন্দুনে? সর হিন্দুনে?'
বন্দুক-বাৰুদৰ আগত আৰু কি হিন্দু-মুছলমান?
চয়-নিশ্চয় ভাঙিবলৈ চন্দুৱা ৰৈ থকা নাই; তাৰ গাড়ী গুদাম বাগানত ল'ডিং হৈ আছে। তিনিচুকীয়া-ঢলা; আকৌ পুৱাতে গাখীৰ লৈ ঘূৰি আহিব ঢলা-তিনিচুকীয়া।
অকল ৰামৰতনেই নহয়, ঘটনাৰ দিনাই মোটামুটি পানীটেংকীৰ বিহাৰীপাৰাৰ আটায়ে খবৰ পাইছে।
প্রথমে বৰ চিন্তা কৰিবলগীয়া কথা বুলি অৱশ্যে কোনেও লোৱা নাছিল। 'দাংগা-ফাচাদ' আজিকালি ক'ত নালাগে? দুই-চাৰি দিন ৰাস্তা বন্ধ, গাড়ী বন্ধ, মহকুমা-জিলা বন্ধ; তাৰ পাছত সব আগৰ নিচিনা।
পানীটেংকীৰ বিহাৰীপাৰাত এনেবোৰ কথা সাঁজ লাগি ভগাৰ পাছত সমূহীয়াভাবেই আলোচনা হয়। বেলজোপাৰ সৈতে সৰু শিৱ মন্দিৰটোৰ 'অংগিনা'ত সন্ধিয়াৰ লগে লগে আৰম্ভ হয় তুলসী দাস, ৰহিমন-কবীৰ কথা। পাৰা বেলেগ বেলেগ হ'লেও অংগিনাৰ আড্ডাত হিন্দু-মুছলমান-দলিত আটায়ে মিহলি হৈ পৰে। ৰহিমন-কবীৰাৰ মাজে মাজে ঠাই উলিয়াই লয় মৈথিলী-ভোজপুৰী লেথেৰি নিছিগা 'কাহারতে'।
'আৰে, ভোগেন্দ্ৰ চাচা ক'ত?'
চাচা আৰু ক'ত?
কি গৰম, কি ঠাণ্ডা, দিনটোত দুই-তিনিবাৰ গা ধোরে ভোগেন্দ্র চাচাই। সন্ধিয়াও গাটো তিয়াইহে অংগিনাত বস্তা পাৰি বহেহি।
জল কে মঁজনি জো গাত হোই, মীনা নিত হী স্থায়ে।
জৈসে মীন তৈসে নৰা, ফিৰি ফিৰি জোমী আবে।।

ৰাম কিশোৰ শৰ্মা কিবা কম নেকি? ভোগেন্দ্র চাচাক জোকাই ল'ব নোৱাৰিলে আসৰ নজমে। 'মন মে মৈলা তীৰথি স্থাৱে, তিনি বৈকুণ্ঠ না জানা।' হয়তো কথাটো, বাৰে বাৰে গা ধুই থাকিলেই যদি মুক্তি পোৱা যায়, তেন্তে সকলোতকৈ আগতে দেখোন পানীৰ মাছেই বৈকুণ্ঠধাম লাভ কৰিব লাগিছিল। মাছ পানীতে থাকে, পাইছে নেকি মুক্তি? আৰে ভোগেন্দ্র চাচা-
চাপাখোৱা-দেওপানী বহু দূৰ। কিন্তু কাষৰে লাংচোৱাল আৰু বৰডুবিত যেতিয়া অগা-পিছাকৈ একে বীভৎস ঘটনা ঘটিল শিৱ মন্দিৰৰ অংগিনাৰ আলাপ-আলোচনাৰ ধৰণটো কিন্তু দিন-ৰাতিৰ দৰে তফাৎ হৈ গ'ল।
বৰডুবিত একেলগে চল্লিছটা। আটাইবোৰ ইটাভাতাৰ সাধাৰণ বনুৱা। একদম গৰিব, 'গাঁৱাৰ'- এইবোৰ মানুহৰ লগত কাৰ শত্রুতা থাকিব পাৰে। লাংচোৱাল, চাপাখোৱা, দেওপানীৰো আটায়ে সব্জি খেতি, আলু খেতিৰ কৃষাণ।

পানীটেংকীৰ নন্দবিহাৰী সিঙৰ গোটেই পৰিয়ালটোৱে এদিনো পলম নকৰাকৈ প্রথমে প্রথমে ৰে'লগাড়ীত উঠিল। সেইখন ৰে'ল বাৰাউনি-কাটিহাৰ হৈ নাযায়। কিন্তু ৰ'বলৈ আৰু 'টাইম' ক'ত! নিউ জলপাইগুৰিত নামিব; তাৰ পৰা বাৰাউনিৰ গাড়ী ধৰি দ্বাৰভাংগা-মধুবণী। আলিপুৰদুৱাৰ কোনোমতে পাৰ হ'লেই হ'ল; 'জান বাচেত' জাঁহা বাচে।'
নন্দবিহাৰীৰ পৰিয়ালটোক ৰে'লত তুলিবলৈ গৈ ৰামৰৰ্তনৰ চকু থৰ! এটা-দুটা পৰিয়াল নহয়, ডবাবোৰত ঠাহ খোৱা মানুহ। ল'ৰা-তিৰোতা, ডেকা-বুঢ়া গোটেই ভর্তি। গাড়ীখনৰ আধাতকৈ বেছি সিহঁতৰ দেশৱালী মানুহ। থকাবোৰ আছেই; কিন্তু যিবোৰ পলাইছে ডবাৰ ভিতৰত সোমায়ো সিহঁতৰ মৃত্যু-ভয় আঁতৰা নাই।
ঘূৰি আহি পানীটেংকীৰ ৰঘুবীৰ কলনিত ৰামৰতনে কিন্তু তাৰ অভিজ্ঞতা ৰাজহুৱা নকৰিলে। জানিছেই আটায়ে। ইয়াৰ পাছত কথা বঢ়োৱা মানে মানুহবোৰক অস্থিৰ কৰি তোলা। আৰু ধাম-ধুম ৰে'লত উঠিবলৈ সিফালেও আটাইৰে কোনোবা নহয় কোনোবা থাকিব লাগিব। বেছিভাগৰে সাত জনম পাৰ হ'ল সেই 'ধুবুৰী' এৰি অহা।
হঠাতে বৰকৈ জাৰ নমা প্ৰথমটো নিশাৰ দৰে আজিও অংগিনাৰ জুইৰ ধুনিটো পিৰিপাৰাককৈ জ্বলি আছিল আৰু তাকে বেৰি-কুৰি একেবাৰে বুঢ়াৰ ভাগত পৰাকেইজনে কথাৰ মলহা মাৰি আছিল।
তেওঁলোকৰ আলোচনালৈ কাণ দিলে এনে লাগে যেন এই পৃথিৱীত কোনো অঘটন ঘটা নাই; ধুমুহা বৰষুণ হৈছিল হয়, কিন্তু এতিয়া আকাশত তৰা দেখা গৈছে। আগৰ কেইদিনৰ দৰে তেওঁলোকৰ আৰু এতিয়া শদিয়া-ডুমডুমা, লাংচোৱাল-বৰডুবিৰ ঘটনাত মূৰ ঘমোৱাৰ দৰকাৰ নাই। এতিয়া আকৌ সেই একে কবীৰ কীৰ্তন আৰু খহিমন-তুলসীদাস কথা। নতুবা এটাৰ পাছত এটাকৈ হাঁহিত পেটৰ নাড়ী-ছিগা কহারত আৰু ইয়াৰ সহজ-সৰল ব্যাখ্যা।
'মন কী ব্যাথা মন হী ৰাখে গই (গোপনে)', আজি 'কথা' কৈ আছিল আচৰফিলালে, আনবিলাক যেন কেবল নীৰৱ শ্রোতা, 'ধীৰয (ধৈৰ্য) ৰাখ', সি বাৰে বাৰে কৈ আছিল, 'সব ঠিক হো যাবে। সব আগৰ মতন হৈ যাব। আমাক কৰক, আমাৰ একো নকবিবি।...'
ৰহিমন ধাগা (সুতা) প্রেম কা মত তোড় চট্টকাই।
টুটে তো ফিৰ না জোড়ে গাঁঠ (গাঁথি) পৰ জাই।
'বাহ চাচা। বাহ।'
ভোগেন্দ্ৰ চাচাৰ বৰপেৰা লাহে লাহে মেল খাইছে।
ৰহিমন ধাগা (সুতা) প্রেম কা মত তোড় চট্টকাই।
টুটে তো ফিৰ না জোড়ে গাঁঠ (গাঁথি) পৰ জাই।
'বাহ চাচা। বাহ।'
ভোগেন্দ্ৰ চাচাৰ বৰপেৰা লাহে লাহে মেল খাইছে।
নাই। আৰু কাণত নোসোমাল ৰামৰতনৰ। ধুনিৰ চাৰিওফালে বহি আড্ডা পকাই থকা বুঢ়াগালক এৰি থৈ সি সোঁকাষৰ গলিটোৱেদি আগবাঢ়িল। ৰ'দ-বৰষুণ কথা নাই, সদায়ে পিছল থৈ থাকে এই গলিটো। সি সাৱধানে আগবাঢ়িল। ধনপত চমাৰ আৰু গোলাম খাঁ দুয়োটা মুছলিমপট্টিত থাকে। ভয়-দৰ নাই, লাঠী-কুস্তিত দুয়োটা ওস্তাদ। ধনপত ধনপতেই, বাকী গোলাম খাঁ মুছলমান হ'লেও তাক বিশ্বাসত ল'ব পাৰি।
সিহঁত তিনিওটাই মিলি আজি নিশাৰ পৰাই পানীটেংকীত পহৰাৰ ব্যৱস্থা কৰিব লাগিব।
সিহঁত তিনিওটাই মিলি আজি নিশাৰ পৰাই পানীটেংকীত পহৰাৰ ব্যৱস্থা কৰিব লাগিব।
পিছদিনা জীৱিকাস্থলীলৈ গৈ ৰামৰতনৰ এনে লাগিল, অন্ততঃ দেখা স্বৰূপত ইয়াত এতিয়াও 'পাগলা হাৱা'ৰ প্ৰভাৱ পৰা নাই। দুই-চাৰিজনক বাদ দি এই লাইনৰ ব্যৱসায়ী প্রায় গোটেইবোৰেই বিহাৰী মানুহ; কিন্তু মানুহবোৰৰ মতি-গতি দেখি ওপৰুৱাকৈ তাৰ মনত এনে ভাবেই দৃঢ় হ'ল।
তাৰ নিচেই কাষতে বহা চৌকতে এটা প্রায় পঁচিছ-ছাবিছ কেজি ওজনৰ পিঠীয়া কাটিছিল। দাম প্রতি কেজিত দুশ আশী টকা। মাছৰ বজাৰলৈ সোমাই অহা ব্যস্ত ঠেক গলিটোৰ মুখৰ বোকা ডোঙাৰ কাষতে খাৰা হৈ তাৰ সৰু ভায়েকটোৱে চিঞৰি আছিল, 'বর্গীবিল, বগীবিলকা পিঠীয়া। ওজন ত্রিছ কেজি। বিছ কেজি বুক। দচ কেজি এখনভী বাকী। দুই শ আশী। খানেৱালা হ্যায় ত' দুই শ ষাঠী। জন্দি কৰিব মালিক।'
'ক'ত তোৰ ত্ৰিছ কেজিৰ পিঠীয়া?'
'সৈ চামনে ছাব। মমবাতি জ্বলিবতো খতম।'
সঁচাকৈয়ে মমবাতি জ্বলাৰ আগতেই পিঠীয়াৰ ফিছা, মূৰ চব খতম হৈ গ'ল। বাকী থাকিল তেল আৰু পেটু। সেইখিনিও ইতিমধ্যে গ'লেইহেঁতেন। এজনে কৈ গৈছে, আগধনো দি গৈছে এশ টকা। কমতো নহয়, কাচাকাচি দুই কেজি।
আনদিনাৰ দৰে আজিও ৰামৰতন চৌকতৰ কাষতে বহিছে। আজি কিন্তু তাৰ বজাৰ বেয়া। বজাৰত লোকেল মাছৰ দাম নকমে, সদায় বাড়ে। কিন্তু যিদিনা লোকেল 'এভেলভেল' হয়, সেইদিনা ৰামৰতন, আচৰফিলাল, হিমৎ- ইহঁত আটাইবোৰৰ বজাৰ মন্দা হৈ যায়। ইটোৱে সিটোৰ মুখলৈ চায়। আকাৰে-ইংগিতে মনৰ কথা পাতে।
বিক্রী নহ'লেও মাছ সতকাই বেয়া নহয়। বৰফৰ তলৰ মাছ বৰফৰ তললৈ যায়। বেয়া হয় কেৱল সিহঁতৰ বজাৰ। প্ৰতি কেজি মাছ কিমান দৰত বিক্ৰী কৰিব লাগিব-মুনিবে দৰ বান্ধি দিয়ে, তাৰ ওপৰত যি পায় সেইখিনি সিহঁতৰ নিজৰ কামাই। বহা ঠাই মালিকৰ, লাভ মালিকৰ; কামাইহে সিহঁতৰ নিজা।
ৰামৰতনে আজি বিক্ৰী কৰা মাছৰ পৰিমাণ মাত্ৰ দহ কেজি। মালিকৰ টকা ঘূৰাই দিয়াৰ পাছত তাৰ হাতত থাকিব মাত্র ত্রিছ টকা। সি আচৰফিলৈ চালে, তাৰ বিক্ৰী আৰু কম। সিও মন মাৰি চাই আছে চৌকতে বেচি শেষ কৰা পিঠীয়াটোৰ চকলা-চকল বাকলিবোৰলৈ। বিচাৰোঁতে বেটাই যদি অলপ জিন্দা তেজকে দিলেহেঁতেন!
এজন গ্রাহক আহিছিল। আচৰফিয়ে গ্রাহকজনক কথাৰে গঁঠাত ব্যস্ত হৈ পৰিল। 'মাছ' কিন্তু তাৰ টঙীজালত নফচিল, জাঁপ মাৰি সৰকি আহিল ৰামৰতনৰ কাষলৈ।
'ঐ! কিমান?'
'আঁচী টকা ছাৰ। একদম টাটকা।'
'আশী টকা? চালানি আশী টকা? চালা বিহাৰীৰ জাত।'
ৰামৰতনে গ্রাহকজনৰ মুখলৈ চালে, কিজানি সিহঁতৰ দৰেই মাছ খোৱা যোগ্যতা নথকা মানুহ। সি মৌন হৈ ৰ'ল। গ্রাহকজনে কিবা এসোপা বলকি বলকি মাছৰ বজাৰৰ পৰা আঁতৰি যাবলৈ ধৰিছে।
'হেই ডাংগৰীয়া। আহক। শুনি যাওক।' আচৰফিয়ে চিঞৰি উঠিল।
গ্রাহকজনে কিন্তু উভতিও নাচালে।
'মাছ খাব আহিছে?' আচৰফিয়ে ভোৰভোৰাবলৈ ধৰিলে, 'ৰামৰতন নাই শুনিছ। জাতিত ধৰি গালি পাৰিছে। কয় কি বেটাই, বিহাৰী। চাটু খোৱা বিহাৰী। শুনা নাই?'
'আৰে, বাদ দে য্যাৰ।'
হাৱা ভাল চলা নাই। ৰামৰতনে কথা আগবঢ়াব নিবিচাৰিলে।

হিমৎ বহে লাইনৰ একেবাৰে শেষত। সি সম্মুখৰ মাছকেইটাৰ ফিছা-ফানটাবোৰ টানি টানি শেষবাৰৰ বাবে বজাৰখন সজাবলৈ ধৰিছিল। তাৰ মাছকেইটা গোটেই লৰিছে। আধা গেলা মাছ এনেকৈ 'জিন্দা' বনাই থকা দেখিলে ৰামৰতনে সাধাৰণতে টিকাৰি মাৰে, বুঢ়ী মাইকীৰ ওঁঠমা লিপস্টিক। আজি কিন্তু সি সুৰ সলালে, 'কি হিমৎ। মাইকীৰ লগত গৰবৰ লগাইকিনি আহিছ?'
'কি গৰবৰ আৰু। দিনভৰ খালী খেচছে। বাকচা-মোটকি লৈ দেশত পলাব লাগে। আৰে যাবি কানি হয়; কিন্তু যায় কৰি খাবি কি? বাপ-চণ্ডৰাৰ হোটেল আছে?'
ৰামৰতনে কাষৰকেইটালৈ চালে; নাই, কোনেও সিহঁতৰ কথালৈ কাণ দিয়া নাই।
'বাক্চা কৰিলি যে, ক'ৰবাত যাবিকানি?'
বাকী থকা মাছবোৰ বাকচৰ বৰফৰ তললৈ হেঁচুকি হেঁচুকি বামৰতনে ক'লে, 'মালিকে চমন দিছে, অলপ জন্দি জল্লিদল যায় কৰি লগ দিব কৈছে।'
'লেনা-দেনা?'
'নাইতো।'
আচৰফিয়ে ৰামৰতনৰ মুখলৈ চালে; তাৰ চকুত সন্দেহৰ ছাঁ।

মাছ বজাৰৰ আচল মালিক ৰঘুবীৰ প্ৰসাদ থাকে মূল বজাৰৰ পৰা এক, পৌনে এক কিলোমিটাৰ দূৰৰ পুৰণা ৰে'ল কলনিৰ একেবাৰে শেষৰ গলিত।
ছয়-সাত বছৰৰ আগলৈকে সিহঁতৰ দৰে ৰঘুবীৰ প্ৰসাদেও মাছৰ বজাৰত বহি মাখি খেদাইছিল; কিন্তু তেওঁৰ বুদ্ধি, সাহস আৰু 'তাকত' একদম মজবুত। এতিয়া মাছৰ বাহিৰেও আন বহুত কাৰবাৰ আছে। পানীটেংকীত মাটিও কৰিছে এক-ডেৰ বিঘা।
তাতে সৰু সৰু চালিঘৰ সাজি সেইবোৰ দেশীভাইকে ভাড়ালৈ দিছে। মানুহে কয় 'ৰঘুবীৰ কলনি'। পঁচিছ-ত্ৰিছটা সৰু সৰু পৰিয়াল থাকে ৰঘুবীৰ কলনিত।
এনে সময়ত ৰঘুবীৰ প্ৰসাদ 'বিজলী ভৱন'ৰ কাষৰ ৰাম মন্দিৰলৈ যায়। তালৈ গ'লে আৰু তেওঁক লগ ধৰা মস্কিল। কিন্তু আজি ৰামনামী কাপোৰ গাত লৈও ৰঘুবীৰ প্ৰসাদে কিজানি ৰামৰতনৰ বাবেই অপেক্ষা কৰিছিল।
'কোন? ৰামৰতন! আহ আহ, বহ ইয়াতে।'
ৰামৰতন নবহিল। ঠেক বাৰাণ্ডাখনৰ বাহিৰতে সি খাৰা হৈ থাকিল। শ্রী হ্যাক
'তোক এটা জৰুৰী কামত তলব কৰিছোঁ।' ৰঘুবীৰ প্ৰসাদে ইফালে সিফালে চাই
ক'লে, 'আহ। একদম নজদিগত আহ।'
ৰামৰতন কাষ চাপি আহিল।
'মাছৰ বেচায়টো মই চাৰিব বিচাৰিছোঁ, একদম চাৰি দিম।' অলপ সময় তভক মাৰি ৰৈ ৰঘুবীৰ প্ৰসাদে ক'লে, 'এতিয়া কাঁচা মাছৰ বেচাৰ ওপৰত সৱ অন্ধাৰ নজৰ লাগিছে। সৱ বেটাৰ পকিটত পিস্তল। ঝাল্লা কোন দেখিব?'
ৰামৰতনে আঁকৰাৰ দৰে তললৈ মূৰ কৰি ৰৈ থাকিল।
'মাছৰ বেচায় চাৰি দি মই ফ্রুট ছাপ্পাই ল'ম। এই বেচায়ত অচমীয়া সৱৰ নজৰ নাই। ঝামালা কম, প্রফিট বেছি।' সামান্য সময় মৌন হৈ থাকি ৰঘুবীৰে এইবাৰ আচল কথাটো উলিয়ালে, 'লেকিন তহঁত সৱ কি কৰিবি?'
'ফ্লুট' মানেতো ফল-মূল, কেইলা, সান্তাৰা, অপেল-কিচমিচ্, খেজুৰ গুড়-কেঁচা শুকান সর।
কি? মালিক টকা থকা মানুহ। টকা আছে, ব্যৱসায়ো চিনে। হয়তো। সিহঁত মখাই কৰিব
ভালেমান সময় মৌন হৈ ৰ'ল ৰঘুবীৰ। তাৰ পাছত পিতলৰ টেমাটো খুলি এখন জর্দা পাণ মুখত ভৰালে। দামী ফুৰফুৰীয়া গোন্ধ এটা ৰামৰতনৰ নাকৰ কাষে কাষে ওপঙি থাকিল।
আস্তে আস্তে ৰঘুবীৰে নিজৰ পৰিকল্পনাও তাৰ আগত দাঙি ধৰিলে, ফলমূলৰ তামাম খুচুৰা বিক্ৰীৰ কাৰণে কমচে কম ত্ৰিছ-চল্লিছটা মানুহ তেওঁক লাগিব। কিন্তু কথা হ'ল, এই ব্যৱসায় আৰম্ভ কৰিবলৈ পোনতেই তেওঁক এটা গুদামঘৰ লাগিব। গুদামঘৰ সাজিবলৈ আকৌ লাগিব মাটি। কিন্তু এই চহৰৰ ভিতৰতে ইমান মাটি তেওঁ পাব ক'ত?
নিজৰ হৈ ৰঘুবীৰ প্ৰসাদে যেন ৰামৰতনকে কথাটো ভাবিবলৈ এৰি দিছে।
'সমজিছ ৰামৰতন?'
'হয় মালিক।'
'কি সমজিছ?'
নাই, একো বুজা নাই ৰামৰতনে, সি ফেলফেলকৈ চাই আছে ৰঘুবীৰ প্ৰসাদৰ মুখলৈ।
ৰঘুবীৰ প্ৰসাদে নিজৰ পৰিকল্পনা খোলোচা কৰিলে, তেওঁ পানীটেংকীৰ মাটিতে সেই গুদামঘৰ সাজিব। কিন্তু তাৰবাবে সিহঁতক থাকিবলৈ দিয়া ঘৰবোৰ ভাঙিব লাগিব। গুদামৰ দুয়োফালেও কিছুমান চালিঘৰ থাকিব, কিন্তু এতিয়া যিমানবোৰ মানুহ আছে সিমান থাকিব নোৱাৰিব।
গলহেঁকাৰি মাৰি ডিঙিটো পৰিষ্কাৰ কৰি ল'লে ৰঘুবীৰ প্ৰসাদে।
'কিন্তু মালিক?'
'তহঁত মোৰ নতুন বেচায়ত থকাবোৰ তাত থাকিব পাৰিবি। আৰু এক কথা।'
আৰু বা কি নতুন কথা আছে?
'গুদামৰ লগত এটা মন্দিৰ হ'ব, ৰাম মন্দিৰ। তহঁতৰ বুঢ়াবোৰে তাতে ৰামধুন গাব পাৰিব। দশেৰা-দেৱালীত ৰামলীলা ভী হ'ব। কিন্তু মস্কিল কি সমজিছ?'
দূৰলৈ পিকাই ওঁঠ দুখন মোহাৰি ল'লে ৰঘুবীৰ প্ৰসাদে।
মস্কিল আৰু কি? মন্দিৰ হ'লে 'দিনভৰ' কবীৰ কথা, তুলসীদাস কীর্তন হ'ব।
দশেবা-দেৱালী-হোলীত ৰামলীলা হ'ব। মস্কিল কি!
'আৰে বুৰ্বক, বুজা নাই আছে?' ৰঘুবীৰ প্ৰসাদে ৰামৰতনৰ মুখলৈ চাই ফিচিকে হাঁহিলে, 'মন্দিৰ থাকিলে কি মুছলমান ভিতৰত যাব পাৰিব?'
পৰদেশ কাৰণেহে। সিহঁতৰ নিজৰ ঠাইত মুছলমান-দলিত সৱ এনেয়েও জুই-পানী অলগ।
এইবাৰ মালিকৰ কথাবোৰ অলপ বুজা বুজা লাগিল। সি অকণমান হাউলি সম্ভ্রম প্রকাশ কৰিলে, 'হয় মালিক।'
ৰামৰতনে খোজ লৈছিলেই; এনেতে ৰঘুবীৰ প্ৰসাদে ফুচফুচাই কোৱাদি ক'লে, 'অলপ বুজি কৰি চলা-ফিৰা কৰিবি। হাৱা ভাল নাই আছে।'

এতিয়া ৰাস্তা প্রায় উকা হৈ পৰিছে।
মূল ৰাস্তাৰে গ'লে ইয়াৰ পৰা পানীটেংকীৰ ৰঘুবীৰ কলনিলৈ প্রায় এক-ডেৰ কিলোমিটাৰ ৰাস্তা। ভিতৰৰ বেঁকা-বেঁকি গলিয়ে গলিয়ে চমুৱাই গ'লে দূৰত্ব আধা কমে, কিন্তু এই এলেকাটোত দুই-এঘৰ পাঞ্জাবী-বঙালী বাদ দিলে বাকীখিনি অসমীয়া মানুহ। আজিকালি সন্ধিয়া এই গলিৰে অহা-যোৱা কৰাটো সিহঁতৰ কোনেও নিৰাপদ বুলি নাভাবে।
অৱশ্যে কেইখনমান গেলামালৰ দোকান লুটপাত কৰা আৰু কিছুমান ঠাইত ধুবী-নাপিতক কাম কৰাই পইচা নিদিয়াৰ বাহিৰে তেনেকুৱা কোনো ভয় কৰিব লগা ঘটনা ইয়াত এতিয়াও ঘটা নাই। মানুহবোৰ ঠায়ে ঠায়ে পলাইছে; কিন্তু হাৱাতহে পলাইছে। তাতে কোনোবাই উলিয়াইছে, হিন্দু বিহাৰী খেদিবলৈ মুছলমান দেশে টকা দিছে। ধুইৎ, সব গাজাখুৰি কথা! এইখন চহৰত হিন্দু বিহাৰী, মুছলমান বিহাৰী সমান সমান।
ৰামৰতন অলপ হ'লেও যুক্তিত চলা মানুহ। সেইকাৰণে ভয়-ডৰো আনতকৈ অলপ কম। আন্ধাৰ আৰু বিপদসংকুল হ'লেও সি চমু ৰাস্তাৰেহে অহা-যোৱা কৰে। আজিও সি মূল ৰাস্তা এৰি চমু গলিৰে খোজ ল'লে।
কেনিবা-কেনিবি লুকাই-চুৰকৈ পোহৰ সৰকি আহিছে। তথাপি সেইখিনিক গোটেই পোহৰ বুলিব নোৱাৰি। আন্ধাৰেই। আন্ধাৰেই গলিটো গিলি থৈছে।
এনেকুৱা আন্ধাৰত টেটুফালি ৰসিয়া গাবলৈ মজা; ভাগৰো পলাল, ভয়ো আঁতৰিল; আজি কিন্তু চিঞৰি গোৱা বাদেই, ঢিমা মাতেৰে গাবলৈও তাৰ সাহস নহ'ল। তথাপি খুপি খুপি গৈ থাকোঁতে মৰণত শৰণ দি তাৰ প্ৰিয় ৰসিয়া এটাকে সি গুণগুণাবলৈ ধৰিলে।
কোনো এজনী অবলা বিৰহত ভাগি পৰিছে; এইটো ৰামৰতনৰ প্ৰিয় ৰসিয়াবোৰৰ এটা।...মহিলাগৰাকীৰ গিৰীহঁত সংস্থাপনৰ আশাত দূৰ দেশলৈ গ'ল। বছৰৰ পাছত বছৰ পাৰ হৈছে। পিছে টকা-পইচাতো বাদেই, চিঠি এখনো অহা নাই। চিনাকি ডাৱৰ বৰষুণেও একো খবৰ-বাতৰি অনা নাই। শুনিছে, যুদ্ধও আৰম্ভ হৈছে সেই দেশত।...
'কোন? কোন সেইটো?'
গলিটোৰ ঠিক আধামান পাৰ হৈয়ে ৰামৰতন থমকি ৰ'ল।
কোন হ'ব পাৰে?
এই ঠাইটুকুৰাত এনেয়েও ছুৰী দেখুৱাই পইচা-পাতি নিয়া, ঘড়ী সৰকাই নিয়া-এইবোৰ প্ৰায়ে ঘটি থাকে। কিন্তু তাৰ হাততনো কি আছে? টকা তেনেকৈ নাই, হাতত ঘড়ী বা অন্য কোনো মূল্যৱান বস্তুও নাই। কি নিব সিহঁতে?
'নৰকী! কোন সেইটো। নাম ক।'
চোৰ-ডকাইতে জানো কেতিয়াবা নাম সোধে? মনত গোট মাৰি থকা অন্যবিধৰ ভয় ভাবটো লাহে লাহে বহলি পৰিল; ৰসিয়া এৰি সি গলগলীয়া মাতেৰে ক'লে, 'ভাই, হামাৰ হাতমা টকা-কড়ি কিছু নাই, ঘড়ী ভী নাই। দুইটা খালী বস্তা আছে। এই দুইটা লেকিন দিব নাই পাৰিম।'
'বস্তা লগত আনিছ!'
দুটা হৃষ্ট-পুষ্ট মানুহ তাৰ কাষ চাপি আহিল। এটাই ক'লে, 'ঠিক আছে। তোক তোৰ বস্তাৰ ভিতৰতে ভৰাই দফনাব পৰা যাব। মূর্খ। তোক তোৰ নাম সুধিছোঁ। ক, সোনকালে ক।'
'মই হিন্দু বাবু।'
'হিন্দু-মুছলমান কি? নাম সুধিছোঁ। আৰে বেটা নাম নাই যদি জাতি ক। দেচুৱালী নে মানুহ?' বিনা
ৰামৰতনৰ মুখখন চাবলৈ সিহঁতৰ এটাই জুইশলা কাঠী এডাল জ্বলালে।
সেই পোহৰত ৰামৰতনে দেখিলে, দুখন অতি ভয়ংকৰ মুখ। মানুহ দুটাৰ এটা ৰফিক- সি পেছাত কচাই; আৰু নাহৰ, নাহৰ গাঞ্জা-চৰচৰ লাইনৰ মানুহ। সিহঁত দুটাই মিলি কৰিব নোৱৰা একো বেয়া কাম নাই। আৰু দুয়োটা একদম ল'কেল 'অচমীয়া'।

ৰামৰতনে তাৰ সৰল মগজুৰে বুজি পালে, সি এইবাৰ সঁচাকৈয়ে দুটা জল্লাদৰ মুখত পৰিছে। হিন্দু-মুছলমান নহয়, বিহাৰী-অসমীয়াও নহয়, সিহঁত খাঁটি জল্লাদ, কচাই। এতিয়া যিকোনো মুহূৰ্ততে সিহঁতৰ যিকোনো এটা বা দুয়োটা একেলগে তাৰ ওপৰত জপিয়াই পৰিব।
হাৱা ভাল চলা নাই। বস্তা দুটা দলিয়াই সি ৰুদ্ধশ্বাসে দৌৰিবলৈ ধৰিলে।
হাৱা ভাল চলা নাই। বস্তা দুটা দলিয়াই সি ৰুদ্ধশ্বাসে দৌৰিবলৈ ধৰিলে।
যোৱা দুটা নিশাৰ দৰে ঠাণ্ডাৰ প্ৰকোপত ৰঘুবীৰ কলনিৰ প্ৰায়বোৰ বাসিন্দা জঠৰ হৈ পৰিছিল। বেছি ভাগৰে আছিল উপযুক্ত পৰিমাণৰ গৰম কাপোৰৰ অভাৱ। কোনোবা এটাই পুৰণা টায়াৰ এটা জুইত জাপি দিছিল আৰু সেই পোহৰৰ গোন্ধ পায়েই প্রায় প্রতিটো পৰিয়ালৰ অন্ততঃ মুখিয়াল মানুহবোৰ চাপ খাই আহিছিল।
ৰামৰতনে দেখিলে, জুইকুৰাৰ চাৰিওফালে হিন্দু-অহিন্দু সিহঁতৰ আটাইবোৰ দেশৱালী মানুহ গোট খাইছে। বুঢ়াবোৰ আগৰ পৰাই আছিল, নতুনকৈ আনবোৰেও আহি লগ লৈছেহি।
ৰামৰতনে মন কৰিলে, ৰহিমন কথা, তুলসী দাস কীর্তন, কবীৰাৰ 'সাধু মহিমা' অংগলৈকে- এই আটাইবোৰ চৰ্চা, কাহিনী, গল্প-গুজৱৰ মাজতো কিন্তু এটা মানুহে ভিতৰি ভিতৰি চট্ফটাই আছে। মানুহটো দৌলত খাঁ; কর্ম আৰু জাত দুয়োফালৰ পৰা সি কচাই।
হয়, ৰামৰতনে ভবাই হয়।
'কীর্তন-কাহাৱত শুনি থাকিম।' ডেইলী বজাৰৰ কচাই দৌলত খাঁই হঠাতে ৰসভংগ কৰিলে, 'তোমালোকে জানিছে?' সি গলগলীয়া মাতেৰে ক'লে, 'হামি যদি ভুল নাই শুনিছে- এই ঠাণ্ডা মহিনাতে ৰঘুবীৰ কলনি ভাঙা যাব। এই কামৰ কাৰণে অভী হাৱা ঠিক চলিছে। দলিত, মুছলমানৰ কি? আমিসৱ এই কলনিৰ ভিতৰমা এনেই ভী নাথাকিছে।' অকণমান ৰৈ সি সামান্য জোৰ দি যোৰা লগালে, 'ৰঘুবীৰ কলনি মানেতো শৰ্মা, ঝা- সৱ ব্রাহ্মণ আৰু উঁচা জাত!'
কথাৰ সুৰ বুজি নাপায় ভোগেন্দ্র চাচাই ক'লে, 'অ'ৰে দৌলত ভৈয়া। বেদ, কোৰান, ধৰ্ম-জগত, স্ত্রী-পুৰুষ ভেদ! কৌন বাঁদ (ব্রাহ্মণ), কৌন নাদ (শূদ্র)?'
এক বুঁদ একৈ মল মূতৰ এক ছাঁম (ছাল) এক গুদা
এক জ্যোতি থৈ সব উতপনাঁ নাদ ৰূ বাঁদ সমানা।।
আনকালে ভোগেন্দ্ৰ চাচাৰ মুখতে ৰামকিশোৰ শৰ্মাই মুখ পাতি ধৰে। চাচাই 'মায়া' অংগত ধৰিলে তেওঁ ধৰে 'সাধু-অসাধু' অংগত। তেওঁ যদি ধৰে 'সাধু-অসাধু' অংগত-
শর্মাজী ভটীয়াই আহে 'উপদেশ' অংগলৈ, অথবা একেজাঁপে ৰহিমন-কথালৈ। কিন্তু আজি এই মুহূৰ্তত ৰামকিশোৰ শৰ্মা থৰ হৈ থকালৈ চাই তেওঁ বুজিলে, কথা অলপ বেলেগ। তেওঁ আজিকালি কাণেৰে কমকৈ শুনা হৈছে। নহ'লে এই কচাইটোৱেনো বা কিয় এনেকৈ উত্তেজিত হৈ পৰিব?
'কলনি ভাঙা যাব! কিয়?' এতিয়াও উম-ঘাম নোপোৱা মানুহবোৰৰ কিছুমানে একেলগে চিৎকাৰ কৰি উঠিল।
'ইয়াত এটা মন্দিৰ হ'ব। ৰাম মন্দিৰ।'
'ৰাম মন্দিৰ। কি ৰাম মন্দিৰ?'
'আৰে বাবা ৰাম মন্দিৰ।'
'কৌন থাকিব ৰাম মন্দিৰত?'
বুর্বকো যে থাকে। আকস্মিকতাই আঁকৰা কৰা মানুহবোৰলৈ চাই খং, ঘৃণা, শংকাৰ মাজতো দৌলত খাঁই ঘেটঘেটাই হাঁহিবলৈ ধৰিলে, 'আৰে ভৈয়া। কৌন থাকিব আৰু। ৰাম মন্দিৰমা থাকে পিতল ৰামজী, পিতল সীতা মায়া। লগত ৰামভক্ত হনুমান।...
না মই ভুল মাতিছে হনুমানজী?'
হনুমান বুলি কাক উপহাস কৰিছে জুমটোৰ প্রায় আটায়ে অনুমান কৰিব পাৰিলে।
নেণ্ডৰ নাথাকিলেও হনুমান হ'ল ৰামৰতন। সঁচাকৈয়ে ৰঘুবীৰ প্ৰসাদ যদি শ্ৰীৰাম, ৰামৰতনক ৰামভক্ত হনুমান বুলি মানিবই লাগিব।
'চম্ভালি কথা ক'বা।' ৰামৰতনে গৰগৰাই উঠিল।
দৌলতে ক'লে, 'তুমি আজি ভী ৰামজীৰ অংগিনাত পাও ৰাখিছা, কি কৈছে প্রভুজীয়ে?'
ইফালে-সিফালে চালে ৰামৰতনে। তেনে কৰোঁতে এবাৰত চৌকতৰ চকুৱে চকুরেও পৰিল। ইহঁতকেইটা মুছলিমপাৰাত থাকিলেও ৰাতি ৰাতি সব বহেহি অংগিনাত। হয়, এই চৌকত পাষণ্ডয়েই চাগে' দৌলত খাঁক খবৰটো দিছে। নহ'লে তাক কোনেও ৰঘুবীৰ প্ৰসাদৰ ঘৰলৈ যোৱা দেখা নাছিল।
'কোৱা।' আচৰফিয়ে উৎসাহ যোগালে।
'লুকাব আৰু কি?' আটাইয়ে শুনাকৈ ৰামৰতনে ক'লে, 'মালিক চালানি মাছ ব্যবসায় এৰি দিব।'
'আৰু একো নাই?'
'আৰু কি আছে?'
'কিয়, তোক যে মালিকে কৈছিল লোকেল মাছৰ কাৰবাৰটো নেৰে বুলি?'
দৌলত খাঁই আচল কথাটো যোৰা লগালে। কথা হ'ল এতিয়া কাণপুৰ আৰু অন্ধৰ চালানিতকৈ লোকেল মাছত লাভ বেছি। লোকেলত অসমীয়া ল'ৰাবোৰৰ গণ্ডগোল নাই। সিহঁতৰ দেশৱালী গুণ্ডাকেইটাও এই লাইনত অহা নাই। সি সুধিলে, 'আৰু কি কহিছে ৰামৰতন?'
ৰামৰতনে মূৰ তুলি আকৌ এবাৰ আটাইৰে মুখলৈ চালে। কোনে কি বনাইছে তাৰ কি আহে যায়? মালিকৰ লগত তাৰ উঠা-বহা পুৰণা। পেটৰ কথা উগাৰি সি মালিকক গাড্ডাৰি কৰিব নোৱাৰে। ল'কেল মাছৰ খুচুৰা কাৰবাৰটোৰ পৰা মুছলমানক গুচাই হিন্দুক দিম বুলি তাক আগতে এদিন খাটাং কৈ দিছে। ৰঘুবীৰ প্ৰসাদৰ মতে মুছলমানতকৈ হিন্দু ব্যৱসায়ত বেছি বিশ্বাসী।...তাৰ উপৰি মন্দিৰ হ'লেনো সিহঁতৰ কি বেয়া হ'ব?
বনোৱাৰী, সীতাৰাম, মধুকৰ- সিহঁত সৱ আহি জুমটোৰ মাজত সোমাইছেহি। আৰু সিফালে সৌ দুটা কোন? ৰামৰতনৰ চাৰিওফালৰ পৃথিৱীখন যেন মীনা বজাৰৰ বিশাল চকাবোৰৰ দৰে চক্চককৈ ঘূৰিবলৈ ধৰিছে।... এটা দেখোন ৰফিক। আনটো? তললৈ মূৰ গুঁজি বহি থকাটো?
'চালা বিহাৰী, চাটু খোৱা জাত।'
যদপি জগত দাৰুণ দুখঃ না না/সব সে কঠিন জাতি অপমানা। তুলসীদাসনে? হয় কিজানি, সন্ত তুলসীদাসৰে বাণী। ৰামৰতন শিয়ৰি উঠিল। ইয়াৰ পাছত কিজানি জুইৰ কাষত জুপুকা মাৰি থকা আটাইবিলাকে পাপীটোৰ ডিঙিত হেঁচা মাৰি ধৰিব।
কিন্তু সি ভবাৰ দৰে একো নঘটিল। কাৰণ সেই অতি কটু বাক্যটো নিন্দাসূচক হ'লেও তাৰ সুৰত কিবা একধৰণৰ সত্যও যেন মিহলি হৈ আছিল। আৰু সঙ্গে ডাঙৰ কথা- হাৱা ভাল চলা নাই।
ৰামৰতন সামান্য আগুৱাই আহিল।
সেইটো, জাতিত ধৰি গালি পৰাটো দেখোন নাহৰ গুণ্ডা, 'মাৱালী'। তাৰমানে সিহঁতে শুঙি শুঙি আহি ৰঘুবীৰ কলনি পাইছেহি।
আঃ! এতিয়া মাথা চাফা! দৌলত খাঁ আৰু আচিফ আহমেদ! এটা বিহাৰী, আনটো অসমীয়া; দুয়োটা একে কচাই, মুছলমান। আৰু সিহঁত দুয়োটা কচাই 'মাৱালী' নাহৰৰ পেট পোৱা মানুহ। চেৰাপৰ দোকানতো সিহঁত তিনিওটা একেলগে বহে।
'তহঁত চাটু খোৱাবোৰক সি ৰঘুবীৰে তাবত গাধা বনাইছে।'
'গাধা বনাইছে?'
নাহৰে নিচা কৰি আহিছে। কথাবোৰ জিভাত লাগি লাগি ধৰিছে। কথাৰ লগতে-সি হাতেৰেও অশ্লীল অংগ-ভংগী কৰিছে।
'ৰাম মন্দিৰ নহয় বে চাটু।' নাহৰে দৌলতৰ চকুত চকু থৈ ক'লে, ৰঘুবীৰে ইয়াত এটা বহুত ডাঙৰ গুদামঘৰ বনাব। কি কয়ৰে ৰফিক সেইটোক? আঃ! য়েৰ হাউছ, য়েৰ হাউছ।'
'ৱেৰ হাউছ?'
'আৰে য়েৰ হাউছ, গুদামঘৰ।' ধুনিৰ জুইত 'ৱাক থুই' কৰি সি লেবালেবকৈ ক'লে, 'একফালে আলু-পিঁয়াজ, সিটোফালে আপেল, সান্তাৰা- একদম ঠাণ্ডা গুদামঘৰ।'
সিহঁতৰ কথা-বতৰাই ভোগেন্দ্ৰ চাচাক অস্থিৰ কৰি তুলিছিল। লগুণডাল আঁজুৰি উলিয়াই কাণত দুপাকমান ঘূৰাই তেওঁ 'হে ৰাম, হে ৰাম' কৰি উঠিল আৰু জুইৰ তাপৰ পৰা হোঁহকি যাবলৈ বিচাৰিলে।
'লেকিন কলনিৰ মানুহ যাব ক'ত?'
'জ্বলি ছাই বনি যাব।' কৈ কৈ নাহৰে জেপৰ পৰা একজাপ টকা উলিয়ালে; কৈয়ো থাকিল- 'দেখিছ, বাপৰ জনমত দেখিছ ইমান টকা? সৱ চালা ৰঘুবীৰ বেটাৰ টকা। আচিফ আৰু মই জ্বলাম; গোটেই কলনি জ্বলাই দিম।'
0 Comments