তুলনাত্মক সাহিত্য


* আৱশ্যকীয় তথ্য


তুলনাত্মক সাহিত্য
তুলনাত্মক সাহিত্য হৈছে এটি বিদ্যায়তনিক শৃংখলা (Discipline)৷ ই সাহিত্য অধ্যয়ন বা সমালোচনাৰ এটা পদ্ধতি৷ তুলনাত্মক সাহিত্য নিজে কোনো সৃষ্টিশীল সাহিত্য নহয়; অৰ্থাৎ গল্প, কবিতা, উপন্যাস, নাটক আদিৰ দৰে তুলনাত্মক সাহিত্য বুলি কোনো সৃষ্টিশীল বিধা নাই৷ 

তুলনাত্মক সাহিত্যক এটা মাল্টিডিচিপ্লেনাৰী অধ্যয়ন ক্ষেত্ৰ বুলি আমি ক’ব পাৰোঁ৷ তুলনাত্মক সাহিত্যৰ জৰিয়তে বিভিন্ন ভাষা, সংস্কৃতি আৰু বিভিন্ন সময়ত ৰচিত সাহিত্য কৰ্মৰ পাৰস্পৰিক সম্পৰ্কৰ অধ্যয়ন কৰা হয়। 

তুলনাত্মক সাহিত্যই জাতীয়, আঞ্চলিক বা ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি সাহিত্যৰ বিষয়বস্তু, ৰূপ, প্ৰভাৱ আৰু গ্ৰহণযোগ্যতাৰ সামগ্ৰিক বিশ্লেষণ কৰে।

তুলনাত্মক সাহিত্যৰ সংজ্ঞা
  • তুলনাত্মক সাহিত্য হৈছে ভিন্ন সংস্কৃতি আৰু ভাষিক পটভূমি দুটা বা ততোধিক জাতীয় গোটৰ সাহিত্যৰ এক অধ্যয়ন, য’ত পাৰস্পৰিক সম্পৰ্ক আৰু প্ৰভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা হয়৷
  • Guyardৰ মতে তুলাত্মক সাহিত্য হ’ল সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস৷

তুলনাত্মক সাহিত্যৰ বিভিন্ন সংহতি 
  • ফ্ৰান্স ধাৰা (সাহিত্যৰ মাজৰ প্ৰভাৱ আৰু উৎস অনুসন্ধানত গুৰুত্ব দিয়ে)
  • আমেৰিকান স্কুল (থীম, মিথ, ধাৰণা আৰু সাহিত্য তত্ত্বৰ তুলনাত গুৰুত্ব দিয়ে। ইয়াত আন্তঃবিষয়ক দৃষ্টিভংগী (Interdisciplinary approach) প্ৰধান। )
  • ৰাছিয়ান ধাৰা (সাহিত্যিক গাঁথনি, ৰূপ আৰু ভাষাৰ বৈশিষ্ট্যৰ তুলনামূলক বিশ্লেষণত গুৰুত্ব আৰোপ কৰা হয়। )
  • জাৰ্মান ধাৰা (বিশ্বসাহিত্য ধাৰণাত গুৰুত্ব দিয়ে। সাহিত্যক ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা মানৱীয় সৃষ্টিৰূপে বুজা হয়।)
  • ভাৰতীয় ধাৰা (ভাৰতীয় সংহতিত ৰস তত্ত্ব, ধ্বনি, অলংকাৰ, বক্রোক্তি আদি পৰম্পৰাগত কাব্যতত্ত্বৰ আধাৰত সাহিত্যৰ তুলনা কৰা হয়। সংস্কৃত কাব্যশাস্ত্ৰ আৰু বহুভাষিক ভাৰতীয় সাহিত্য পৰম্পৰাৰ আধাৰত এই সংহতি গঢ় লৈ উঠিছে।)

তুলনাত্মক সাহিত্য অধ্যয়নৰ পদ্ধতি
  • প্ৰসংগতত্ত্ব (Thematology)
  • বৰ্গ অধ্যয়ন (Genre Study)
  • ইতিহাসবিদ্যা (Historiography)
  • প্ৰভাৱ (Influence)
  • প্ৰতিগ্ৰহণ (Reception)
  • সাহিত্যিক ইতিহাস (Literary History)
  • অনুবাদ তত্ত্ব (Translation Theory)
  • শৈলীবিজ্ঞান (Stylistics)


সাহিত্য কি?
  • সাহিত্য হৈছে ভাষাৰে নিৰ্মিত এটি কলা (Art)
  • সাহিত্য হ’ল জীৱনৰ অধ্যয়ন৷ ই হ’ল ভাষাৰ যোগেদি প্ৰকাশিত জীৱনৰ এক শিল্পৰূপ৷
  • মেথিউ আৰ্নল্ডে সাহিত্যক জীৱনৰ সমালোচনা বুলি অভিহিত কৰিছে৷


ভাৰতীয় সাহিত্য
ভাৰতীয় সাহিত্য বুলি ক’লে আমি চমুকৈ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত বিভিন্ন সময়ত ৰচনা কৰা সাহিত্যকে বুজিব পাৰোঁ৷ যেনেকৈ ভাৰতীয় ভাষা বুলি নিৰ্দিষ্ট কোনো ভাষা নাই, তেনেকৈ ভাৰতীয় সাহিত্য বুলিও নিৰ্দিষ্টকৈ তেনে কোনো সাহিত্য নাই৷ ই এটা ধাৰণাহে৷ ই বিমূৰ্ত৷ ইয়াক অনুধাৱন কৰিব পাৰি ৷ বা ভাৰতীয় সাহিত্য বুলি ক’লে আমি এটা Abstract ধাৰণাক হে বুজিব পাৰোঁ, যাৰ আদৰ্শ আছে, কিন্তু কোনো বাস্তৱ, শাৰিৰীক উপস্থিতি নাই৷

১৮২৩ চনত জাৰ্মান কবি ভেন শ্লেগেলে এই ধাৰণাটো প্ৰথম ব্যৱহাৰ কৰিছিল৷ অৱশ্যে তেওঁ সংস্কৃত সাহিত্যক বুজাবলৈ এই অভিধাটো প্ৰয়োগ কৰিছিল৷ 

ভাৰতবৰ্ষৰ দৰে এখন বহুভাষিক, বহু সাংস্কৃতিক দেশত বিভিন্ন আঞ্চলিক, ৰাজ্যিক, গোষ্ঠীগত, জাতিগত বা সামাজিক বৈচিত্ৰ্যতা থকাৰ পিচতো কেতবোৰ বিশেষ বিশেষত্বই ‘ভাৰতীয় সাহিত্য’ ধাৰণাটোক প্ৰতিনিধিত্ব কৰিব পাৰে৷ সেই বিশেষত্ববোৰৰ ভিতৰত-
  • ভাৰতবৰ্ষৰ ইতিহাস
  • মৌখিক পৰম্পৰা
  • ভাষিক-সাংস্কৃতিক পটভূমি আৰু ইয়াৰ ঐক্য
  • ধৰ্মীয় বা আধ্যাত্মিক দৰ্শনৰ প্ৰভাৱ (যেনে- হিন্দু, বৌদ্ধ, জৈন, ইছলাম, শিখ আৰু খ্ৰীষ্টান ধৰ্মীয় চিন্তাধাৰাই ভাৰতীয় সাহিত্যক গভীৰভাৱে প্ৰভাৱিত কৰিছে। 
  • আধ্যাত্মিকতা আৰু নৈতিকতা (যেনে- ধৰ্ম, কৰ্ম, মোক্ষ, নৈতিক দায়িত্ব আদিৰ দৰে বিষয় ভাৰতীয় সাহিত্যৰ কেন্দ্ৰীয় ভাব)  
  • শাস্ত্ৰীয় গ্ৰন্থ বা ৰামায়ণ-মহাভাৰতকেন্দ্ৰিক পৰম্পৰা (যেনে- বেদ উপনিষদ, পূৰাণ, ভাগৱত, ৰামায়ণ)
  • সংস্কৃত ভাষা-সাহিত্যৰ শ্ক্তিশালী উপস্থিতি (পুনৰকথন, ভাষান্তৰ, পুনৰ্সৃষ্টি আদিৰ ধাৰণাৰ বিকাশ)
  • অলংকাৰ বা নান্দনিক চেতনা (অলংকাৰ, ৰস আদিৰ ধাৰণা)
  • লোক সাহিত্যৰ শক্তিশালী পৰম্পৰা (কাহিনী, লোকগীত, কিম্বদন্তী, সাধুকথা, লোক-বিশ্বাস আদি)
  • ভক্তি আৰু ছুফী পৰম্পৰা (মধ্যযুগীয় ভাৰতীয় সাহিত্যত ভক্তি আৰু সুফী আন্দোলনে সাম্য, ভক্তি আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰে।)
  • সামাজিক চেতনা আৰু সংস্কাৰ (জাতিভেদ, নাৰীৰ সামাজিক অৱস্থা, সামাজিক বৈষম্যৰ বিৰুদ্ধাচৰণ)
  • ঔপনিবেশিক আৰু উত্তৰ-ঔপনিবেশিক অভিজ্ঞতা (ঔপনিবেশিক শাসন আৰু তাৰ প্ৰতিক্ৰিয়াই আধুনিক ভাৰতীয় সাহিত্যৰ বিষয়বস্তু আৰু দৃষ্টিভংগীলৈ অনেক বিষয় কঢ়িয়াই আনিছে)
  •  আঞ্চলিকতা আৰু স্থানীয় বাস্তৱতা (যেনে-প্ৰত্যেক ভাষাৰ সাহিত্যই নিজৰ অঞ্চলৰ সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক বাস্তৱতা প্ৰতিফলিত কৰে।)

আৱশ্যকীয় তথ্য
  • ১৫৯৮ চনত ফ্ৰান্সিচ মেয়ৰ্ছে ‘ A Comparative Discourse of our Poets with the Greek, Latin and Italian Poets' শীৰ্ষক এখন গ্ৰন্থত তুলনামূলক সাহিত্যৰ ধাৰণাটোৰ ব্যৱহাৰ কৰে৷
  • ১৮৪৮ চনত মেথিও আৰ্নল্ডে Comparative Literature শব্দটো ব্যৱহাৰ কৰিছিল৷
  • ১৮৬১ চনত ফ্ৰান্সত ‘লিটাৰেটোৰ কঁপাৰে’ নামৰ এখন সংকলন প্ৰকাশ পায়৷
  • ১৮৭১ চনত আমেৰিকাৰ  কৰ্ণেল বিশ্ববিদ্যালয়ত তুলামূলক সাহিত্যৰ এটা বিভাগ প্ৰতিষ্ঠা কৰা হয়৷
  • ১৮৮৭ চনত  মিচিগান বিশ্ববিদ্যালয়ত তুলামূলক সাহিত্যৰ এটা বিভাগ প্ৰতিষ্ঠা কৰা হয়৷
  • ১৮৮৬ চনত এইচ. এম. পছনেটে Comparative Literature নামৰ পূৰ্ণাংগ গ্ৰন্থ এখন প্ৰণয়ন কৰে৷
  • ১৮৯০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য সম্পৰ্কীয় প্ৰথমটো অধ্যাপকৰ পদ সৃষ্টি কৰা হয়৷

ভাৰতবৰ্ষত তুলনামূলক সাহিত্যৰ বিকাশ
  • ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীয়ে Modern Indian Language বিভাগ প্ৰতিষ্ঠা কৰে৷ এই বিভাগেই ভাৰতীয় সাহিত্যসমূহক সামগ্ৰিকভাৱে চোৱাৰ আগ্ৰহ জন্মায়৷
  • ১৯৫১ চনত কলিকতা বিশ্ববিদ্যালয়ে তুলনামূলক সাহিত্য সম্পৰ্কে The study of Comparative Literature নামৰ এখন পুস্তিকা প্ৰকাশ কৰে৷
  • ১৯৫৬ চনত কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ প্ৰথম স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰম্ভ হয়৷
  • ১৯৬১ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই অধ্যাপক বুদ্ধদেৱ বসুৰ সম্পাদনাত প্ৰথম তুলনামূলক সাহিত্যৰ পত্ৰিকা প্ৰকাশিত হয়৷

অসমত তুলনাত্মক সাহিত্যৰ ধাৰা
  • ১৯৮১ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সত্যেন্দ্ৰনাথ শৰ্মাদেৱে এলানি বক্তৃতা প্ৰদান কৰে৷
  • ১৯৮৯ঃ তুলনামূলক সাহিত্য সম্পর্কীয় অসমীয়া গ্রন্থৰ ক্ষেত্রত ড: প্রফুল্ল কটকীৰ ১৯৮৯ চনত প্রকাশিত ‘তুলনামূলক সাহিত্য’ নামৰ ৭১ পৃষ্ঠাৰ গ্ৰন্থখন প্রথম।
  • ১৯৯২ চনৰ ডিচেম্বৰ মাহত ডিব্রুগড় বিশ্ববিদ্যালয়ত ডঃ নগেন শইকীয়াৰ উদ্যোগত তুলনামূলক সাহিত্য সম্পর্কীয় এখনি (যত দূৰ মনত পৰে দুদিনীয়া) কর্মশালাৰ আয়োজন কৰি তদানীন্তন ভাৰতৰ আগশাৰীৰ প্রায় আটাইকেইজন তুলনাবিশাৰদ (ইন্দ্রনাথ চৌধুৰী, শিশিৰ কুমাৰ দাস, অমিয় দেব, স্বপন মজুমদাৰ, কে. আয়াপ্পা পাণিকৰ, চন্দ্র মোহন)ৰ দিগদর্শনত মুঠ ৮খন প্রশ্নপত্র থকা স্নাতকোত্তৰ পাঠ্যক্রমৰ ভিতৰত অন্তিম বর্ষৰ তিনিখন প্রশ্নপত্রৰ বাবে তুলনামূলক ভাৰতীয় সাহিত্যৰ পাঠ্যক্রমৰ খচৰা নির্মাণ কৰা হৈছিল। ১৯৯৩ চনৰ পৰা ইয়াৰ পাঠদান আৰম্ভ হৈছিল।
  • ১৯৯৩ঃ অসমৰ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পর্য্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ সর্বপ্রথম অন্তর্ভুক্তি ঘটিছিল৷ এই বিষয়ত ডঃ নগেন শইকীয়াৰ ভূমিকা অনন্য আৰু প্রায় একক বুলিব পাৰি।
  • ১৯৯৪ঃ ড: কটকীৰ ‘তুলনামূলক সাহিত্য’ গ্ৰন্থৰ পিছত ১৯৯৪ চনৰ মার্চ আৰু নবেম্বৰ মাহত ড: নীৰাজনা মহন্ত বেজবৰাৰ ক্রমে ‘তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা’ তথা ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ’ নামেৰে দুখন পুথি প্রকাশ পায়।
  • ১৯৯৯ঃ নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ অন্য এখন পুথি প্ৰকাশ হয়৷ এই পুথিখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ চতুর্থখন পুথি।
  • ২০০২ঃ অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পর্কীয় পঞ্চমখন গ্ৰন্থ হ’ল ‘পটভূমিকাত তুলনামূলক সাহিত্য’শীৰ্ষক গ্ৰন্থখন৷ এইখন গ্ৰন্থত ড: নীৰাজনা মহন্ত বেজবৰাই বিষয়টো সম্পর্কত পূর্বতকৈ বিশ্লেষণধর্মী তথা কার্য্যকৰী চিন্তা-চর্চা কৰা পৰিলক্ষিত হয়।
  • ২০০৩ চনত ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত তুলনামূলক সাহিত্য সম্পর্কে দুখন গ্ৰন্থ প্রকাশ পায়। প্রথমখন ড: কৰবী ডেকা হাজৰিকাই আৰু আনখন ড: দিলীপ বৰাই ৰচনা কৰিছে। হাজৰিকাৰ গ্ৰন্থখনৰ নাম হ’ল- ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ আৰু বৰাৰ গ্ৰন্থখনৰ নাম হ’ল-‘তুলনাত্মক সাহিত্য’
  • ২০০৫ঃ ড: প্রফুল্ল কুমাৰ নাথে ‘তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ নামৰ পুথিখন ৰচনা কৰে৷
  • ২০০৮ঃ ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱাই ২০০৮ চনত ‘তুলনামূলক সাহিত্য : বিকাশ আৰু বিবর্তন’ নামৰ গ্ৰন্থখন যুটীয়াভাৱে ৰচনা কৰে।
  • ২০১৩ঃ ড: পল্লৱী ডেকা বুজৰবৰুৱাই ৰচনা কৰা ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ এখন গ্ৰন্থ প্রকাশ পায়।
  • ২০১৫ ড: প্রফুল্ল কুমাৰ নাথে ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্রয়োগ’ নামৰ এখন পুথি ২০১৫ চনত ৰচনা কৰে।
  • ২০১৭ চনত ধ্ৰুৱজ্যোতি নাথৰ সম্পাদনাত ‘তুলনামূলক সাহিত্য : পটভূমিকাত অসম’ নামেৰে এখন তুলনামূলক সাহিত্য সম্পর্কীয় গ্ৰন্থ প্রকাশ পায়।
  • ২০১৮ চনত ড: প্রাণজিৎ বৰাৰ ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ’ আৰু ড: অনুৰাধা শর্মাৰ ‘তুলনাত্মক ভাৰতীয় সাহিত্য : প্রকল্প আৰু প্রয়োগ’ নামেৰে ক্ৰমে তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পর্কীয় তথা তুলনামূলক ভাৰতীয় সাহিত্যৰ প্রায়োগিক অধ্যয়ন সমন্বিত দুখন গ্ৰন্থ প্রকাশ পায়।
  • ২০১৯ঃ ড: নীৰাজনা মহন্ত বেজবৰাই ২০১৯ চনত তুলনামূলক ভাৰতীয় সাহিত্যৰ আভিমুখে শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে৷ এই গ্রন্থখন একে আষাৰতে ক’বলৈ গ’লে তুলনামূলক সাহিত্য সম্পর্কীয় একে লেখিকাৰ আগতে প্রকাশিত চাৰিখন পুথি আৰু অন্য বিদ্বান লেখক-লেখিকাসকলৰ দ্বাৰা প্রণীত পুথিসমূহত চর্চালৈ অনা প্রসঙ্গসমূহৰ সৰলীকৰণ তথা স্পষ্টীকৰণৰ প্রয়াস।
  • ২০২২ ড: নীৰাজনা মহন্ত বেজবৰা, ২০২২ চনত তুলনামূলক সাহিত্য : কি, কিয়, কেনেকৈ, শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে৷ চাৰিটা খণ্ডত প্রকাশিত এই পুথিখনিৰ প্রথম খণ্ডত সন্নিবিষ্ট তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় তথা দ্বিতীয় খণ্ডৰ ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস অংশ দুটি একে লেখিকাৰ ১৯৯৯ চনত প্রকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ প্রথম তিনিটি অধ্যায়ত থকা কথাখিনিৰ সামান্য পৰিৱর্তন আৰু কিঞ্চিৎ নতুন সংযোজন।
  • ২০২৫ চনত ড: ভাস্কৰ ভূঞাৰ দ্বাৰা ‘তুলনাত্মক সাহিত্য সিদ্ধান্ত আৰু প্ৰয়োগ’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ হয়৷


তুলনাত্মক সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা
  • তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে ভাৰতীয় সাহিত্য, ভাষা-সংস্কৃতিত প্ৰতিফলিত ‘ভাৰতীয়ত্ব’ (Indianness) ধাৰণাটোৰ সৈতে পৰিচিত কৰি দিয়াৰ চেষ্টা কৰা হয়৷ 
  • এই সাহিত্যই ভাৰতীয় প্ৰেক্ষাপটত জাতীয় সাহিত্যৰ স্বৰূপ চিনাৰ লগতে জাতীয় সংহতিৰ মনোভাৱক শক্তিশালী কৰি তোলাত সহায় কৰে৷ তদুপৰি ৰাষ্ট্ৰীয় সংহতি, সাংস্কৃতিক ঐক্য গঠনত সহায় কৰে৷
  • তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে ভাৰতবৰ্ষৰ বহুভাষিকতা আৰু বহুসাংস্কৃতিকতা সম্পৰ্কে বুজি উঠিব পাৰি৷
  • তুলনাত্মক সাহিত্যই সমগ্ৰ মানৱ জাতিৰ পাৰস্পৰিক বুজাবুজিক সুদৃঢ় আৰু শক্তিশালী কৰিবলৈ লগতে মানৱীয় প্ৰমূল্যসমূহৰ অনুসন্ধান কৰিবলৈ আৰু তাৰ বাবে এক ঐক্য সূত্ৰ বিচাৰি উলিয়াবলৈ সহায় কৰে৷
  • এই অধ্যয়নৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে বিভিন্ন আঞ্চলিক ভাষা-সাহিত্য-সংস্কৃতিৰ মাজৰ বৈশিষ্ট্য, স্বকীয়তা আৰু সাদৃশ্য-পাৰ্থক্যৰ তুলনাত্মক বিচাৰ-বিশ্লেষণ কৰিব পাৰি৷
  • তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন সংহতি বা স্কুলসমূহৰ বিষয়ে জনাৰ লগতে ভাৰতবৰ্ষৰ নিজা ‘ভাৰতীয় সংহতি’ বিকাশ আৰু 
  • তুলনাত্মক সাহিত্য অধ্যয়নে বিভিন্ন জাতি আৰু সংস্কৃতিৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু সহিষ্ণুতা বৃদ্ধি কৰে। ই এক জাতিকেন্দ্ৰিক বা ভাষাকেন্দ্ৰিক সংকীর্ণতা ভাঙি সাহিত্যক বিশ্বজনীন মানসিকতাৰ সৈতে সংযোগ কৰে। বিশ্বজনীন সাহিত্যৰ সৈতে জাতীয় সাহিত্যৰ সম্পৰ্কৰ অধ্যয়ন কৰে৷
  • বিশ্বৰ প্ৰেক্ষাপটত ভাৰতীয় সংহতিৰ গুৰুত্ব, মূল্য আৰু প্ৰয়োজনীয়তা বুজিবলৈ তুলনাত্মক সাহিত্যৰ অধ্যয়নৰ প্ৰয়োজন আছে৷

তুলনাত্মক সাহিত্যত অনুবাদৰ প্ৰয়োজনীয়তা
  • তুলনাত্মক সাহিত্য অধ্যয়নৰ জৰিয়তে আমাৰ সাহিত্য অধ্যয়নক যি বিশ্বমুখী মাত্ৰা প্ৰদান কৰিব বিচৰা হৈছে, তাৰ পৃষ্ঠভূমি নিৰ্মাণ কৰি দিছে অনুবাদ কৰ্মই৷
  • তুলনাত্মক সাহিত্যৰ মূল লক্ষ্য হৈছে বিভিন্ন ভাষা আৰু সাহিত্যিক পৰম্পৰাৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য অন্বেষণ কৰা। একে সময়তে সকলো ভাষাৰ সাহিত্য মূল ভাষাত পঢ়া সম্ভৱ নহয়; সেয়ে অনুবাদেই বিভিন্ন ভাষাৰ সাহিত্যক একে পাঠপৰিসৰত আনি তুলনামূলক অধ্যয়ন সম্ভৱ কৰি তোলে।
  • তুলনাত্মক সাহিত্যত অনুবাদে ভাষাৰ সীমাবদ্ধতা ভাঙি সাহিত্যক বিশ্বজনীন পৰিসৰ প্ৰদান কৰে। অনুবাদে ভাষাভিত্তিক অধ্যয়নৰ সংকীর্ণতা দূৰ কৰি বিভিন্ন ভাষাৰ সাহিত্যৰ মাজৰ আন্তঃসম্পৰ্ক গঢ়ি উঠাত সহায় কৰে৷
  • তুলনাত্মক সাহিত্যৰ বাবে অনুবাদ কেৱল এক প্ৰকাৰৰ সহায়ক মাধ্যম নহয়, বৰং অনুবাদ কাৰ্য হৈছে তুলনাত্মক সাহিত্য অধ্যয়নৰ মৌলিক আধাৰ। 
  • অনুবাদৰ জৰিয়তে বিভিন্ন সাহিত্যিক তত্ত্ব, সমালোচনামূলক ধাৰা আৰু গৱেষণামূলক পদ্ধতি আদি বিষয়বোৰ এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ বিস্তাৰিত হয়। ফলস্বৰূপে তুলনাত্মক সাহিত্য অধ্যয়নত নতুন তত্ত্বগত দৃষ্টিভংগী, পদ্ধতিগত বৈচিত্ৰ্যৰ আগমণ ঘটে৷

কৃষ্ণকান্ত সন্দিকৈৰ অনুবাদৰ কথা
কৃষ্ণকান্ত সন্দিকৈৰ ‘অনুবাদৰ কথা’ শীৰ্ষক প্ৰবন্ধটো ‘চেতনা’ আলোচনীত ১৯২০ চনত প্ৰকাশ পাইছে৷  (দ্বিতীয় বছৰ চতুৰ্থ সংখ্যা আৰু পঞ্চম সংখ্যাত)  লেখাটোত প্ৰথমতেই অনুবাদ সাহিত্যৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হৈছে৷

প্ৰথম বিশ্বযুদ্ধৰ পাছত চেক্ সাহিত্য বা জাৰ্মান সাহিত্য লৈ অহা সংকট আৰু তাৰ পাছত অনুবাদৰ জৰিয়তে চেক্ আৰু জাৰ্মান সাহিত্যৰ পুনৰুত্থানৰ উদাহৰণ দি লেখকে অনুবাদৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে৷

আৱশ্যকীয় তথ্য

গুণমালাৰ প্ৰথম স্তৱক-
নমো নাৰায়ণ সংসাৰ কাৰণ
ভকত তাৰণ, তোমাৰ চৰণ

কীৰ্তনৰ প্ৰথমটো কীৰ্তন-
জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি
ৰাম কেশৱ হৰি ৷৷১

পদঃ প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন৷
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ৷৷

নামঘোষাৰ প্ৰথমটো স্তৱক-
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি৷
সমস্ত-মস্তক-মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি৷৷১




Post a Comment

0 Comments