ছ’চিয়েল মিডিয়া আৰু যুৱ প্ৰজন্মৰ ভূমিকা আৰু দায়িত্ব


একবিংশ শতিকাৰ আৰম্ভণিৰ পৰ্বৰে পৰা ছ’চিয়েল মিডিয়াই বিশ্বব্যাপী এক নতুন সামাজিক যোগাযোগ ব্যৱস্থাৰ সূচনা কৰিছে। এই সময়ছোৱাত ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম আদিৰ দৰে মাধ্যমসমূহক মানৱ জীৱনৰ চিন্তা-চেতনা, দৃষ্টিভংগী আৰু আচৰণ প্ৰকাশৰ এক মুক্ত মঞ্চ হিচাপে মানৱ সমাজে গ্ৰহণ কৰিছে। মানুহৰ ব্যক্তিগত অনুভৱ-অনুভূতি, সামাজিক অভিজ্ঞতা, ৰাজনৈতিক মতাদৰ্শ, সাংস্কৃতিক চিন্তা-চৰ্চা আৰু সৃষ্টিশীল প্ৰতিভাৰ প্ৰকাশ—এই সকলোবোৰৰ বাবে ছ’চিয়েল মিডিয়া এক শক্তিশালী আৰু প্ৰভাৱশালী মাধ্যমত পৰিণত হৈছে। বিশেষকৈ জ্ঞান-সম্প্ৰসাৰণ, সামাজিক-সাংস্কৃতিক বা শৈক্ষিক আলোচনাৰ বিস্তাৰ, গণতান্ত্ৰিক মত প্ৰকাশ আৰু সামাজিক আন্দোলন বা জনমত গঠনত এই মাধ্যমসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহু যুৱক-যুৱতীয়ে নিজৰ সৃষ্টিশীলতা, সাহিত্যিক বা সাংস্কৃতিক প্ৰতিভা, সমাজ সচেতন চিন্তা-চেতনা আদিৰ প্ৰচাৰ আৰু বিকাশৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াক এক ইতিবাচক আৰু ফলপ্ৰসূ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে।

কিন্তু সময় বাগৰি যোৱাৰ লগে লগে, বিশেষকৈ একবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰাই ছ’চিয়েল মিডিয়াৰ এই মৌলিক চৰিত্ৰসমূহলৈ পৰিৱর্তন অহা দেখা গৈছে। ব্যৱসায়িক স্বাৰ্থ, কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণ আৰু বিজ্ঞাপনভিত্তিক অৰ্থনৈতিক আৰ্হিৰ প্ৰভাৱত এই মাধ্যমসমূহ ধীৰে ধীৰে এক লাভকেন্দ্ৰিক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। ‘লাইক’, ‘ভিউচ’, ‘ফ’লোৱাৰ’ আৰু ‘এনগেজমেণ্ট’ক মুখ্য বিষয় হিচাপে গুৰুত্ব দিয়া এই ব্যৱস্থাই যিকোনো এটা বিষয়ৰ গুণগত মানতকৈ চাঞ্চল্য সৃষ্টি (ভাইৰেল), উগ্ৰতা আৰু সস্তীয়া মনোৰঞ্জনকহে অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ফলস্বৰূপে ছ’চিয়েল মিডিয়া এক জ্ঞানভিত্তিক সামাজিক মাধ্যমৰ পৰা আঁতৰি গৈ বহু ক্ষেত্ৰত বিভ্ৰান্তি, ভুল তথ্য, অপপ্ৰচাৰ আৰু কৃত্ৰিম উত্তেজনাৰ সৃষ্টি ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈছে।

এনে পৰিস্থিতিত একাংশ যুৱ-প্ৰজন্মই ছ’চিয়েল মিডিয়াৰ ইতিবাচক সম্ভাৱনাসমূহ— যেনে জ্ঞান অৰ্জন আৰু শিক্ষামূলক ব্যৱহাৰ, গঠনমূলক আলোচনা, সামাজিক দায়বদ্ধতা আদি দিশবোৰ এৰি নেতিবাচক দিশসমূহৰ প্ৰতি অধিক আকৃষ্ট হোৱা দেখা গৈছে। অতিমাত্ৰা বিনোদনমুখী বিষয়বস্তুৰ আগমণ, ভুৱা খবৰ, হিংসাত্মক বা বিদ্বেষমূলক মন্তব্য, আত্মপ্ৰদৰ্শন আৰু ভোগবাদী মানসিকতাৰ প্ৰসাৰ-প্ৰচাৰ এই মাধ্যমসমূহত বৃদ্ধি পাইছে। ইয়াৰ ফলত যুৱসমাজৰ চিন্তাধাৰা, মানসিক স্বাস্থ্য, সামাজিক মূল্যবোধ আৰু নাগৰিক দায়বদ্ধতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে৷ সেয়ে সাম্প্ৰতিক সময়ত ছ’চিয়েল মিডিয়াক কেৱল এক আধুনিক যোগাযোগ মাধ্যম হিচাপে নহয়, বৰং এক শক্তিশালী সামাজিক-সাংস্কৃতিক শক্তি হিচাপে সমালোচনামূলক দৃষ্টিৰে অনুধাৱন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ যুৱ-প্ৰজন্মৰ বাবে এই মাধ্যমৰ সচেতন ব্যৱহাৰ এই সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

ছ’চিয়েল মিডিয়াই যুৱ প্ৰজন্মৰ সন্মুখত যিদৰে অসংখ্য সুযোগৰ দুৱাৰ মুকলি কৰি দিছে, একে সময়তে বহু জটিল সমস্যাৰো সৃষ্টি কৰিছে। এই দ্বৈত বাস্তৱতাক বুজি নোলোৱাকৈ যুৱ প্ৰজন্মৰ মাজত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে মূল্যায়ন কৰা সম্ভৱ নহয়। ছ’চিয়েল মিডিয়াই চৰিত্ৰ সলনি কৰাৰ প্ৰেক্ষাপটত এই মাধ্যমসমূহৰ ব্যৱহাৰকাৰী সকলৰ মাজত আৰু সমাজ ব্যৱস্থাত ইয়াৰ ইতিবাচক-নেতিবাচক প্ৰভাৱ কেনেধৰণৰ হ’ব বা যুৱ প্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিব, সেয়া সাম্প্ৰতিক সময়ত আলোচনা কৰিবলগীয়া বিষয় হৈ পৰিছে৷ এই লেখাত অসমৰ প্ৰেক্ষাপটত বিষয়টো বিশ্লেষণ কৰিবলৈ যত্ন কৰা হৈছে৷

যুৱ প্ৰজন্ম বা কিশোৰ অৱস্থাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকল হ’ল এই মাধ্যমসমূহৰ আটাইতকৈ সক্ৰিয় ব্যৱহাৰকাৰী। সেয়েহে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা আৰু দায়িত্ব এক গুৰুত্বপূৰ্ণ শৈক্ষিক, সামাজিক আৰু নৈতিক উত্তৰণ-অৱনতিৰ বিষয় হিচাপে বিবেচিত হোৱা উচিত। ফেচবুক, এক্স (টুইটাৰ), ইনষ্টাগ্ৰাম, ইউটিউব, ৱাটছএপ, টেলিগ্ৰাম আদি এই শ্ৰেণীৰ অন্তৰ্গত একো একোটা ছ’চিয়েল মাধ্যম। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—দ্ৰুততা, ব্যাপকতা, আন্তঃকাৰ্যক্ষমতা, অংশগ্ৰহণমূলক স্বভাৱ আৰু মত প্ৰকাশৰ লগতে ব্যৱহাৰৰ সহজলভ্যতা। এই বৈশিষ্ট্যসমূহে যুৱ প্ৰজন্মক মত প্ৰকাশৰ অবাধ স্বাধীনতা প্ৰদান কৰাৰ লগতে এক শক্তিশালী মঞ্চৰ জন্ম দিছে আৰু একে সময়তে ছ’চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰৰ প্ৰশ্নটোও মানৱ সভ্যতাৰ সন্মুখত গুৰুত্বপূৰ্ণ কৰি তুলিছে।

আজিৰ যুৱ প্ৰজন্মক ‘নেটিজেন’ অভিধাৰে অভিহিত কৰা হয়। শিক্ষাগ্ৰহণ, বন্ধুত্ব গঢ়ি তোলা, মত প্ৰকাশ, সামাজিক আন্দোলনত অংশগ্ৰহণ আদি—এই সকলো ক্ষেত্ৰতে ছ’চিয়েল মিডিয়াই যুৱ প্ৰজন্মৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। শিক্ষাৰ ক্ষেত্ৰত অনলাইন পাঠ্যসামগ্ৰী, ৱেবিনাৰ, শৈক্ষিক গ্ৰুপ, ই-লাইব্ৰেৰী, মুক্ত পাঠ্যক্ৰম (MOOCs) আদিৰ জৰিয়তে জ্ঞান আহৰণ বৰ্তমান সময়ত সম্ভৱপৰ হৈ উঠিছে৷ অসমৰ দৰে ভৌগোলিকভাৱে বৈচিত্ৰ্যময় আৰু বহু অঞ্চলত শৈক্ষিক সুযোগ সীমিত থকা সমাজ ব্যৱস্থাত ছ’চিয়েল মিডিয়া বহু ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিকল্প গণমাধ্যম আৰু শিক্ষাৰ মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে। ইউটিউব বা টেলিগ্ৰামৰ জৰিয়তে বহু অসমীয়া যুৱক-যুৱতীয়ে প্ৰতিযোগিতামূলক পৰীক্ষা, ভাষা শিক্ষণ, সাহিত্যচৰ্চা, বিজ্ঞান-প্ৰযুক্তিৰ জ্ঞান আদিৰ প্ৰতি আগ্ৰহী হৈ উঠা দেখা গৈছে।  

আনহাতে, ছ’চিয়েল মিডিয়াৰ অতিমাত্ৰা ব্যৱহাৰ, ভ্ৰান্ত তথ্যৰ প্ৰসাৰ-প্ৰচাৰ, অপসংস্কৃতি, অনলাইন আসক্তি, তথ্যৰ অতিপ্ৰাচুৰ্য, ভুৱা খবৰ (fake news), বিভ্ৰান্তিকৰ ভিডিঅ’, ঘৃণামূলক বক্তব্য, আসক্তি (addiction) আদি সমস্যাই যুৱ প্ৰজন্মৰ মানসিক স্বাস্থ্য আৰু সামাজিক আচৰণত নেতিবাচক প্ৰভাৱ পেলাইছে। ‘লাইক’, ‘ভিউ’, ‘ফ’ল’ৰ সংখ্যা কেন্দ্ৰ কৰি আত্মমূল্যায়ন কৰা প্ৰৱণতাই বহু সময়ত আত্মবিশ্বাসহীনতা, হতাশা আৰু সামাজিক বিচ্ছিন্নতাৰ জন্ম দিছে। লাইক বা ভিউ পোৱাৰ আশাত নকৰিবলগীয়া কাম কৰিছে৷ সমাজৰ মূল্যবোধৰ কথা চিন্তা নকৰি বা সামাজিক সংৰচনাৰ প্ৰতি গুৰুত্ব নিদি কেৱল অৰ্থ উপাৰ্জন আৰু গ্লেমাৰ অৰ্জনৰ বাবে যি মন যায়, তাকে কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়া যিদৰে সম্ভাৱনা সেইদেৰ যুৱ প্ৰজন্মৰ বাবে ই সংকট স্বৰূপো৷

প্ৰায়ে প্ৰশ্ন উঠা দেখা যায়— ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে যুৱ প্ৰজন্মৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত? এই প্ৰসংগত বহুতৰে মতামত বেলেগ বেলেগ হোৱাটো নিশ্চিত৷ তথাপিও আমি কিছু গুৰুত্বপূৰ্ণ বিষয়ত একমত হ’ব পাৰোঁ যে — যুৱ প্ৰজন্ম যিহেতু সমাজ ব্যৱস্থাৰ প্ৰধান চালিকা শক্তি। সেয়েহে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে সামাজিক অন্যায়, দুৰ্নীতি, বৈষম্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰি জনমত গঠন কৰিব পাৰে; নিজৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ দ্বাৰা ইতিবাচক মতামত আৰু গুৰুত্বপূৰ্ণ বিষয়ত যুক্তিনিষ্ঠ আলোচনা আগবঢ়াব পাৰে; শিক্ষামূলক আৰু গৱেষণাভিত্তিক সামগ্ৰীৰ প্ৰচাৰ কৰিব পাৰে; স্থানীয় ভাষা, সাহিত্য আৰু সংস্কৃতি বিশ্বজনীন পৰিসৰত উপস্থাপন কৰিব পাৰে। ৱিকিমিডিয়া প্ৰকল্পসমূহ (ৱিকিপিডিয়া, ৱিকিকমন্স, ৱিকিউদ্ধৃতি, ৱিকিউৎস আদি), ই-আলোচনীত লিখা-মেলা কৰাৰ লগতে ব্লগ আদি সৃষ্টিৰ জৰিয়তেও ইতিবাচক বিষয়বোৰৰ সৈতে নিজকে সংযুক্ত কৰিব পাৰে৷ তদুপৰি ‘ভাইৰেল’ বিষয়টোৰ প্ৰতি বৰ্তমান প্ৰজন্মটো অতিকৈ আসক্ত হৈ পৰা দেখা গৈছে৷ ভাল-বেয়া বিচাৰ নকৰি মুঠতে সকলো কথাতে এতিয়া যুৱ-প্ৰজন্মৰ ভাইৰেল হোৱাৰ মন-মানসিকতা দেখা গৈছে, ই কিন্তু সমাজলৈ বিপদহে কঢ়িয়াই অনা দেখা গৈছে৷ এই ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ লগতে অভিভাৱকসকলো সজাগ-সচেতন হোৱাৰ প্ৰয়োজন৷

ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে যুৱ-প্ৰজন্ম আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে কেইটামান কথাত বিশেষ মনোযোগ দিব লাগে৷ সেইকেইটাৰ ভিতৰত যেনে— তথ্যৰ শুদ্ধতা (fact-checking) পৰীক্ষা নকৰাকৈ কোনো সংবাদ বা মতামত নিজৰ ৱালত প্ৰচাৰ কৰিব নালাগে; ঘৃণা ভাৱ, বিদ্বেষমূলক মন্তব্য, ভুৱা আলোচনাৰ পৰা দূৰত থাকিব লাগে; ব্যক্তিগত গোপনীয়তা আৰু অন্য ব্যক্তিৰ প্ৰতি সন্মান ৰক্ষা কৰি চলিব লাগে; আইনী আৰু নৈতিক সীমাৰ ভিতৰত থাকিহে মতামত প্ৰকাশ কৰিব লাগে; নিজৰ অধ্যয়ন আৰু বাস্তৱ জীৱনৰ কৰ্তব্যক হে অগ্ৰাধিকাৰ দিব লাগে। এই দায়িত্বসমূহ মানি নচলিলে যুৱ প্ৰজন্মই নিজৰ জীৱনটো ধ্বংসৰ দিশলৈ ঠেলি দিয়াৰ দৰেহে হ’ব। তদুপৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে তলত উল্লেখ কৰা কৰণীয়সমূহ মানি চলা উচিত—

  • শিক্ষামূলক, গৱেষণামূলক আৰু জ্ঞানবৰ্ধক বিষয়বস্তুৰ অনুসৰণ কৰা৷
  • সামাজিক মাধ্যমত শুদ্ধ ভাষা আৰু শালীন শব্দ ব্যৱহাৰ কৰা।
  • তথ্য শ্বেয়াৰ কৰাৰ আগতে উৎস আৰু সত্যতা পৰীক্ষা কৰা।
  • সমাজ, সাহিত্য, সংস্কৃতি সম্পৰ্কীয় ইতিবাচক বিষয়বস্তুৰ প্ৰসাৰ-প্ৰচাৰ কৰা।
  • ডিজিটেল নাগৰিকত্ব (digital citizenship)ৰ নীতি-নিয়ম মানি চলা।

ছ’চিয়েল মিডিয়াৰ বিভিন্ন এপচ্ ব্যৱহাৰ কৰোঁতে ‘ডিজিটেল সাক্ষৰতা’ৰ বিষয়টো সম্পূৰ্ণ ৰূপত বুজি পোৱাটো যুৱ-প্ৰজন্মৰ বাবে এক অত্যাৱশ্যক চর্ত হোৱা উচিত। ডিজিটেল সাক্ষৰতা মানে কেৱল মোবাইল বা এপ ব্যৱহাৰৰ কৌশল নহয়; ইয়াৰ অন্তৰ্ভুক্ত অন্যান্য বিষয়বোৰ হ’ল— তথ্যৰ প্ৰকৃত উৎস চিনাক্ত কৰা, ভুৱা আৰু সত্য তথ্যৰ মাজৰ পাৰ্থক্য বুজি উঠা, এলগ’ৰিদমৰ প্ৰভাৱ অনুধাৱন কৰা আৰু নিজৰ গোপনীয়তা সুৰক্ষিত কৰি ৰখাৰ জ্ঞান। যুৱ প্ৰজন্মই সমালোচনামূলক চিন্তাশক্তিৰে এই বিষয়বোৰৰ বিকাশ সাধন নকৰিলে ছ’চিয়েল মিডিয়াৰ এলগ’ৰিদমে আগবঢ়োৱা যিকোনো সহজ আৰু বিনোদনধৰ্মী বিষয় একোটাতে নিজে আবদ্ধ হৈ পৰাৰ সম্ভাৱনা থাকে। ই বহুমুখী চিন্তা, সহনশীলতা আৰু যুক্তিবাদী মনোভাৱক ক্ষতিগ্ৰস্ত কৰে। সেয়েহে শিক্ষানুষ্ঠান, শিক্ষক, অভিভাৱক আৰু সমাজে একেলগে যুৱ প্ৰজন্মক ডিজিটেল নৈতিকতা আৰু সমালোচনামূলক চিন্তাৰ বিষয়ে বুজোৱাটো সময়ৰ দাবী বুলি অনুধাৱন কৰা উচিত আৰু তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত।

ছ’চিয়েল মিডিয়াৰ আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখা যায় ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত। যুৱ প্ৰজন্মৰ ভাষা ব্যৱহাৰত ইংৰাজী বা হিন্দী ভাষাৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলত অসমৰ দৰে ৰাজ্যত মাতৃভাষাৰ শুদ্ধতা আৰু সৌন্দৰ্য হ্ৰাস হোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হয়। তথাপি, এই পৰিস্থিতিক কেৱল নেতিবাচক ৰূপে চোৱাৰ সলনি সুযোগ হিচাপেও বিবেচনা কৰিব পাৰি। যুৱ প্ৰজন্মই যদি সচেতনভাৱে অসমীয়া ভাষা, সাহিত্য, লোকসংস্কৃতি, সংগীত আৰু ইতিহাস সম্পৰ্কীয় বিষয়বস্তু ছ’চিয়েল মিডিয়াত উপস্থাপন কৰে, তেন্তে এই মাধ্যমেই ভাষা-সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ এক নতুন ক্ষেত্ৰ মুকলি কৰিব পাৰে। যুৱ প্ৰজন্ম বা বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে কোনবোৰ কাম কৰিব নালাগে— এই বিষয়তো মত-পাৰ্থক্য থকাটো স্বাভাৱিক৷ কিন্তু সকলোৱে মানি চলিবলগীয়া কিছু সাধাৰণ বিশেষত্ব হ’ল—

  • ভুৱা সংবাদ, উচটনিমূলক বিষয় শ্বেয়াৰ নকৰা।
  • কোনো ব্যক্তিকে অপমানসূচক, অশালীন বা হিংসাত্মক মন্তব্য নকৰা।
  • ছ’চিয়েল মিডিয়াত অতিমাত্ৰা সময় নষ্ট নকৰা।
  • অন্যৰ ব্যক্তিগত তথ্য অনুমতি অবিহনে প্ৰকাশ নকৰা।
  • অনলাইন ট্ৰ’লিং আৰু চাইবাৰ ক্ৰাইমত জড়িত নোহোৱা।

আমি বহুতেই ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ জৰিয়তে যে সমাজৰ ইতিবাচক দিশসমূহ সংৰক্ষণ আৰু প্ৰচাৰ কৰিব পাৰি— সেই কথাটো মন নকৰোঁ। এইটো বিষয় আমি বুজি উঠা দৰকাৰ যে— ৰাষ্ট্ৰৰ লগতে আমাৰ ৰাজ্যখনৰ বিভিন্ন সামাজিক সমস্যা, লোকজীৱন, জনজাতীয় ৰীতি-নীতি, সামাজিক ঐক্য আদি বিষয়ত ডকুমেণ্টেচন, ফটো-ভিডিঅ’ আৰ্হিৰে সংৰক্ষণ কৰাটো সম্ভৱ। যুৱ প্ৰজন্মই স্থানীয় সমস্যাক বিশ্বজনীন মঞ্চলৈ আনি নীতিনিৰ্ধাৰকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এই কামবোৰৰ প্ৰতি যদি আমি আগ্ৰহী হওঁ, তেন্ত সচৰাচৰ ৰীল, মনোৰঞ্জনমূলক কথা-বতৰা চাই সময় কটোৱাৰ দৰে কাম-কাজবিলাকৰ পৰা আমি আঁতৰি থাকিব পাৰিম৷ তদুপৰি সাম্প্ৰতিক সময়ত অসমীয়া তথা ভাৰতীয় ভাষা-সাহিত্যৰ সংৰক্ষণত ছ’চিয়েল মিডিয়াই এক নতুন দিশ মুকলি কৰিছে। ডিজিটেল মাধ্যমত কবিতা পাঠ, অনলাইন গল্প-পাঠ, সাহিত্যিক আলোচনা, পুৰণি পুথি আৰু পাণ্ডুলিপিৰ ডিজিটেল সংৰক্ষণ— এই সকলো কাম ছ’চিয়েল মিডিয়াৰ জৰিয়তে বৰ্তমান সম্ভৱ। যুৱ লেখক-গৱেষকসকলে ব্লগ, ফেচবুক পেজ, ইউটিউব চেনেল আদিৰ জৰিয়তে সাহিত্য চৰ্চাক জনপ্ৰিয় কৰি তুলিব পাৰে।

যুৱ প্ৰজন্ম সমাজৰ ভৱিষ্যৎ। সেয়েহে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ উপস্থিতি কেৱল ব্যক্তিগত স্বাৰ্থ বা বিনোদনৰ মাজতেই সীমাবদ্ধ হৈ থকা উচিত নহয়। সামাজিক দায়বদ্ধতাৰ দৃষ্টিকোণৰ পৰা চালে, ছ’চিয়েল মিডিয়া এক শক্তিশালী সামাজিক পৰিবৰ্তনৰ অস্ত্ৰ হ’ব পাৰে। অসমত হোৱা বানপানী, ভূমিস্খলন, বন্যপ্ৰাণী-মানৱ সংঘাত, ভাষা-সংস্কৃতি সংৰক্ষণ, পৰিৱেশ সুৰক্ষা, নিচামুক্ত সমাজ গঠন আদি বহু গুৰুত্বপূৰ্ণ সামাজিক বিষয় আছে। এই বিষয়সমূহত যুৱ প্ৰজন্মই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সচেতনতাৰ সৃষ্টি কৰিব পাৰে৷ বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে ফেচবুক বা হোৱাটছএপৰ জৰিয়তে ৰক্তদান শিবিৰ, বানাক্ৰান্তৰ সহায় অভিযান, যিকোনো বিষয়ৰ নিখোঁজ ব্যক্তিৰ সন্ধান আদিত গুৰুত্বপূৰ্ণ বিষয়ত সহায়ক হৈ পৰিছে৷ এইবোৰ ইতিবাচক উদাহৰণে দেখুৱায় যে সঠিক দিশনির্দেশনা আৰু উদ্দেশ্য থাকিলে ছ’চিয়েল মিডিয়া সমাজৰ কল্যাণৰ এক শক্তিশালী মাধ্যম হ’ব পাৰে।

তদুপৰি লোকসংগীত, লোকনৃত্য, লোককথা, উৎসৱ-পাৰ্বণ আদি ভাৰতৰ লগতে অসমীয়া সংস্কৃতিৰ অমূল্য উপাদানসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাটো আজিৰ যুগত অতি প্ৰয়োজনীয়। ছ’চিয়েল মিডিয়াই এই ক্ষেত্ৰত এক আৰ্কাইভৰ ভূমিকা পালন কৰিব পাৰে। যুৱ প্ৰজন্মই ভিডিঅ’, পডকাষ্ট, ফটো আদিৰ জৰিয়তে স্থানীয় সংস্কৃতিক নথিভুক্ত কৰি ভবিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব পাৰে। এইক্ষেত্ৰত ৱিকিমিডিয়া মাধ্যমসমূহতো যুৱ প্ৰজন্মই আগভাগ লৈ কাম কৰিব পাৰে৷ এইবোৰ কাম এটা জাতি বা সংস্কৃতিৰ উত্তৰণৰ হকে কৰা নীৰৱ কিন্তু সবল কাম৷ এইবোৰ কামেহে জাতি আৰু সমাজ এখন বৰ্তি থকাত সহায় কৰে৷ অসমত এইধৰণৰ কাম-কাজ চলি আছে যদিও ইয়াৰ মাত্ৰা অতি কম৷ সেয়েহে আমাৰ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ ডিজিটেল উত্তৰণৰ ইতিহাসো বৰ সমৃদ্ধিালী নহয়৷         

সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ছ’চিয়েল মিডিয়া এক শক্তিশালী অস্ত্ৰ— এই অস্ত্ৰৰ সদ্ব্যৱহাৰে সমাজ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন বিষয়ক সমৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ অপব্যৱহাৰ হ’লে ই বিভ্ৰান্তি, বিভাজন আৰু অপসংস্কৃতিৰ জন্ম দিব পাৰে। সেয়েহে যুৱ প্ৰজন্ম, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে ছ’চিয়েল মিডিয়াক দায়িত্বশীল, সংবেদনশীল আৰু সৃষ্টিশীলভাৱে ব্যৱহাৰ কৰাটো সময়ৰ দাবী। সচেতন ব্যৱহাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়া মাথোঁ বিনোদনৰ মাধ্যম নহয়, বৰং সমাজ গঠনৰ এক গম্ভীৰ আৰু গৌৰৱময় মাধ্যম হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰে। লগতে এই কথাও আমি বুজি উঠা উচিত— ছ’চিয়েল মিডিয়া নি:সন্দেহে এক শক্তিশালী আৰু অনিবার্য সামাজিক বাস্তৱতা। ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰা বা অন্ধভাৱে গ্ৰহণ কৰা—দুয়োটা দৃষ্টিভংগী সমানেই ভয়ানক। প্ৰশ্নটো হ’ল, এই মাধ্যমক কোনে কেনেদৰে ব্যৱহাৰ কৰিছে আৰু কিহৰ বাবে ব্যৱহাৰ কৰিছে। যুৱ প্ৰজন্মই যদি ছ’চিয়েল মিডিয়াক কেৱল বিনোদন, আত্মপ্ৰদৰ্শন বা অপ্ৰমাণিত তথ্যৰ প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে, তেন্তে ই সামাজিক আৰু ব্যক্তিগত অৱনতিৰ কাৰণ হ’ব। কিন্তু একে সময়তে, যদি সচেতনতা, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ সৈতে এই মাধ্যমৰ ব্যৱহাৰ কৰা হয়, তেন্তে ছ’চিয়েল মিডিয়াই নিশ্চিত ৰূপত যুৱ প্ৰজন্মক জ্ঞানী, সংবেদনশীল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব।

অসমৰ সমাজ-সংস্কৃতি-ভাষা আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই ভূমিকা সফলভাৱে পালন কৰিবলৈ হ’লে ছ’চিয়েল মিডিয়াক উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ লগতে, ইয়াৰ সীমাবদ্ধতা আৰু বিপদ সম্পৰ্কেও সম্যক সচেতনতা অৱলম্বন কৰাটো একান্ত প্ৰয়োজন। এই দায়িত্বশীল দৃষ্টিভংগী গঢ়ি তুলিবলৈ যুৱ প্ৰজন্ম নিজেই আগবাঢ়ি আহিব লাগিব—কাৰণ ছ’চিয়েল মিডিয়াৰ ভৱিষ্যৎ চৰিত্ৰ বহু পৰিমাণে যুৱ প্ৰজন্মৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰশীল।


@ভাস্কৰ ভূঞা, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

Post a Comment

0 Comments