অসমত চাহ উদ্যোগ স্থাপন
অসমত ব্ৰিটিছসকলে ঊনবিংশ শতিকাত বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰথমে চাহ খেতিৰ সূচনা কৰি চাহ উদ্যোগ প্ৰতিষ্ঠা কৰে৷ অৱশ্যে ব্ৰিটিছে অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰাৰ পূৰ্বৰে পৰা অসমৰ কিছুমান জনগোষ্ঠীয় লোকৰ মাজত ঘৰুৱাভাৱে প্ৰস্তুত কৰা চাহৰ প্ৰচলন আছিল৷ এই প্ৰসংগত সংক্ষিপ্ত চাহ-কোষ গ্ৰন্থখনত উল্লেখ আছে এনেদৰে– ‘অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে থকা উপনৈ বুঢ়িদিহিঙৰ কাষৰীয়া চিংফৌ জনজাতিৰ লোকসকলে ঘৰুৱাভাৱে প্ৰস্তুত কৰা চাহ পানীয় হিচাপে সেৱন কৰিছিল আৰু সেই কথা ছাৰ আলেকজেণ্ডাৰ ব্ৰুছ আৰু ৰবাৰ্ট ব্ৰুছে ১৮১৫ চনত পোন প্ৰথমবাৰৰ বাবে পোহৰলৈ আনিছিল৷ কৰ্ণেল লেৰ্টাছে ১৮১৫ চনত অসমৰ পাহাৰীয়া জনজাতীয়সকলে চাহ খোৱাৰ কথা উল্লেখ কৰিছিল৷’১
ব্ৰিটিছ অধিকৃত অঞ্চলত চাহ খেতিৰ পৰীক্ষা-নিৰীক্ষা চলোৱাৰ ক্ষেত্ৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সৰ্বপ্ৰথমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ যদিও ১৮৩৩ চনলৈকে চীন দেশৰ সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেহা-বেপাৰৰ একচেটিয়া অধিকাৰ আছিল; কিন্তু সেই বছৰৰ চনদ অনুসৰি কোম্পানীয়ে এই অধিকাৰ হেৰুৱায়৷ ফলশ্ৰুতিত চীন দেশীয় চাহৰ ব্যৱসায়ৰ পৰা কোম্পানীৰ যি লাভ হৈছিল তাৰ পৰিমাণ ইয়াৰ ফলত যথেষ্ট হ্ৰাস পায়৷ এই ক্ষতি পূৰণ কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালকসকলে ভাৰতত উপলব্ধ চাহ গছৰ পৰীক্ষা-নিৰীক্ষা চলাবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিল৷২
ৰৰ্বাট ব্ৰুছক (Robert Bruce) অসমৰ থলুৱা চাহ গছৰ আৱিষ্কাৰক বুলি কোৱা হয়৷ তেওঁ ১৮২৩ চনত শিৱসাগৰৰ গড়গাঁও অঞ্চললৈ আহিছিল বেহা-বেপাৰৰ উদ্দেশ্যে৷ তাতেই তেওঁ উজনি অসমত চাহ গছ থকাৰ কথা এজন চিংফৌ মুখিয়ালৰ পৰা জানিব পাৰে৷ কিছুদিনৰ পাছত শদিয়াত থকা ৰবাৰ্ট ব্ৰুছৰ ভায়েক চি.এ. ব্ৰুছে (Charles Alexander Bruce) চাহ গছ আৰু ইয়াৰ গুটি সংগ্ৰহ কৰি কলিকতাৰ বোটানিকেল গাৰ্ডেনৰ ছুপাৰিণ্টেনডে্ণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰে৷ ১৮৩২ চনত অসমৰ সম্পদৰ বিষয়ে খবৰ ল’বলৈ আহোঁতে চি. এ. ব্ৰুছে চাহ গছৰ অস্তিত্ব আৰু চাহপাত তৈয়াৰ কৰা পদ্ধতিৰ প্ৰতি তদানীন্তন অসমৰ আয়ুক্ত জেনকিনচ্ চাহাবৰ [Francis Jenkins) দৃষ্টি আৰ্কষণ কৰে৷ ইয়াৰ ফলশ্ৰুতিত চাহ খেতিৰ সম্ভাৱনা সম্পৰ্কে ব্ৰিটিছ চৰকাৰৰ আগ্ৰহ আৰু উৎসাহ বাঢ়িবলৈ ধৰে৷ ১৮৩৪ চনত এই বিষয়ে অনুসন্ধান চলাবলৈ তদানীন্তন চৰকাৰে এখন চাহ কমিটি [Tea committee] গঠন কৰি দিয়ে৷ এই কমিটিৰ সম্পাদক জৰ্জ জে. গৰ্ডনক [George.Gordon) চাহ গছৰ সঁচ আৰু অভিজ্ঞ কৰ্মী আনিবলৈ চীন দেশলৈ পঠোৱা হয়৷ ইতিমধ্যে কলিকতাৰ পৰা এটি বিশেষজ্ঞ দলো অসমলৈ আহে৷ তেওঁলোকে মাটিৰ গুণাগুণ সম্পৰ্কে পৰীক্ষা চলোৱাৰ উপৰিও থলুৱা চাহ গছৰ সঁচো সংগ্ৰহ কৰে৷৩ এই চাহ কমিটিয়ে অসমৰ চাহ গছক প্ৰকৃত চাহ গছ বুলি স্বীকৃতি দিয়ে৷ ১৮৩৯ চনৰ মে’ মাহত ব্ৰুছে পঠোৱা ১২ বাকচ চাহ সেই বছৰৰ নৱেম্বৰ মাহত লণ্ডন পায়গৈ৷ সেই চাহৰ গুণাগুণ পৰীক্ষা কৰি লণ্ডনৰ চাহৰ সদাগৰবিলাকে চীনৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ চাহপাত সক্ষম বুলি ঘোষণা কৰিলে৷ আৰু তেতিয়াই লণ্ডনৰ সদাগৰবিলাকে চাহ কোম্পানী গঠন কৰিবলৈ আগবাঢ়ি আহিল৷৪ অৱশেষত আসাম কোম্পানী নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান গঠন কৰি ১৮৪০ চনৰ পৰা এই কোম্পানীয়ে অসমত ব্যৱসায়িকভাৱে চাহ খেতিৰ আৰম্ভ কৰে৷ আসাম কোম্পানীয়ে তেওঁলোকৰ কাৰ্যালয় নাজিৰাত স্থাপন কৰে৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ চাবুৱা, ডিব্ৰুগড় আৰু দুখন সৰু বাগিচাৰ বাহিৰে বাকী কেইখন বাগান দহ বছৰৰ বাবে কোনো ভাড়া নোহোৱাকৈ আসাম কোম্পানীক দিয়ে৷ আসাম কোম্পানীয়ে ডিব্ৰnগড়ৰ ওচৰত আৰু বুঢ়িদিহিং আৰু টিংৰাই সংগম স্থলত চাহ ফেক্টৰী খোলে৷ ১৮৪১ চনৰ মাৰ্চ মাহত চিংফৌ মুখিয়ালৰ তত্ত্বাৱধানত ৩৫ বাকচ চাহ তৈয়াৰ কৰি কলিকতাত নিলামত বেচিলে৷ অসম কোম্পানীয়ে প্ৰথমে লাভৰ মুখ দেখা নাছিল যদিও ১৮৫১ চনৰ পৰা ক্ৰমশঃ লাভ হ’বলৈ ধৰে৷৫ ইয়াৰ পৰৱৰ্তী সময়ত নানা উত্থান-পতনৰ মাজেদি অসমৰ চাহ-খেতিয়ে বহল পৰিসৰত বিকাশ লাভ কৰে৷ এনেদৰেই চীন দেশৰ চাহ ব্যৱসায়ৰ একছত্ৰী অধিকাৰ ভংগ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল৷
চাহ শ্ৰমিকৰ প্ৰব্ৰজন
ভাৰতৰ অৰ্থনৈতিক দিশত বিশেষ অৰিহণা আগবঢ়োৱা অসমৰ চাহ উদ্যোগৰ লগত বৃহৎ সংখ্যক শ্ৰমিক জড়িত হৈ আছে৷ চাহ বাগিচাত নিয়োজিত এই বৃহৎ সংখ্যক শ্ৰমিকসকল অসমৰ থলুৱা শ্ৰমিকৰ বিপৰীতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমদানিকৃত শ্ৰমিকহে৷ চাহ বাগিচাৰ লগত জড়িত শ্ৰমিকসকলক বুজাবলৈ সাধাৰণতে চাহ জনগোষ্ঠী শব্দটো ব্যৱহাৰ কৰা হয়৷ অৱশ্যে চাহ জনগোষ্ঠী অভিধাৰ উপৰি অন্যান্য অভিধাও ক্ষেত্ৰ বিশেষে প্ৰয়োগ কৰা দেখা যায়৷ এই প্ৰসংগত মহেন্দ্ৰ বৰাই চাহপতীয়া, নগেন শইকীয়াই সেউজ অসমীয়া আদি অভিধা প্ৰদান কৰিছে৷ কিন্তু এই অভিধাসমূহৰ প্ৰতি আপত্তি দৰ্শাই দেৱব্ৰত শৰ্মাই ইয়াৰ পৰিৱৰ্তে [ঝাড়খণ্ডী] আদিবাসী অভিধা দিয়াৰ সম্পৰ্কে এইদৰে যুক্তি আগবঢ়াইছে– ‘মন কৰিবলগীয়া যে এই সকলো অভীধাই জনগোষ্ঠীটোক ‘চাহ’ৰ লগত সাঙুৰি, বান্ধি ৰাখিব বিচাৰিছে৷ অৰ্থাৎ চাহ বাগিচাৰ শ্ৰমৰ লগত তেওঁলোকক বন্দী কৰি ৰাখিব বিচৰা হৈছে তেওঁলোকৰ জাতীয় পৰিচয়ৰ জৰিয়তেও৷ কিন্তু প্ৰশ্ন হ’ল চাহ-খেতিৰ লগত জড়িত মানুহক যদি চাহ-জনজাতি আখ্যা দিয়া হয়, মূলতঃ ধান খেতি কৰা মানুহক তেনেহ’লে কি আখ্যা দিয়া হ’ব, ধান জনগোষ্ঠী? তেল-শ্ৰমিক সকলক তেল-জনজাতি, আন কাৰোবাক কপাহ-জনজাতি, ধপাত জনগোষ্ঠী? মুঠৰ ওপৰত এটা চিদাং, খাটাং কথা হ’ল কামৰ নাম, তাকো এটা মনুষ্যত্ব বিনাশী শ্ৰমৰ নামেৰে এটা জনগোষ্ঠীক পৰিচিত কৰোৱাটো অপমান, অপৰাধ৷ তথ্যগতভাৱে এইক্ষেত্ৰত মনত ৰাখিবলগীয়া আন এটা কথা হ’ল যে জনগোষ্ঠীটোৰ অধিকাংশ লোকেই এতিয়া চাহ-শ্ৰমিকৰ লগত জড়িত নহয়৷ প্ৰথম কথা চাহ-শ্ৰমিকতকৈ তথাকথিত প্ৰাক্তন চাহ শ্ৰমিকৰ সংখ্যা বেছি [প্ৰাক্তন চাহ শ্ৰমিকৰ ‘লেবেল’খন আৰু কেই প্ৰজন্মই পিছত কঢ়িয়াই ফুৰিব লাগিব? আমিনো নিজকে প্ৰাক্তন হালোৱা, প্ৰাক্তন পুৰোহিতৰ ঘৰৰ সন্তান বুলি নকওঁ কিয়?] তাতোকৈ ডাঙৰ কথা কোকৰাঝাৰ জিলাৰ ঝাৰখণ্ডী আদিবাসীক অসমলৈ চাহ বাগিচাত কাম কৰিবৰ বাবে অনাই হোৱা নাছিল৷ সেই জিলাত আজিৰ তাৰিখতো চাহ বাগান নগন্য৷ গতিকে উক্ত লাখ লাখ লোকক চাহ জনগোষ্ঠী বুলি কোৱাটো চূড়ান্ত ইতিহাসৰ অজ্ঞতাৰ পৰিচায়ক৷’৬
অৱশ্যে [ঝাড়খণ্ডী] আদিবাসী অভিধাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সমস্যা পৰিলক্ষিত হয়৷ কাৰণ চাহ বাগিচাৰ শ্ৰমিক কেৱল ঝাড়খণ্ডৰ পৰাই আগমন হোৱা নাছিল৷ ঝাড়খণ্ডৰ উপৰিও দক্ষিণ ভাৰতৰ তেলেংগানা আৰু মধ্যভাৰতৰ অন্যান্য ঠাইৰ পৰাও বহু শ্ৰমিকৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল৷ গতিকে কেৱল [ঝাড়খণ্ডী] আদিবাসী অভিধাই সকলো ঠাইৰ পৰা অহা শ্ৰমিকসকলক সামৰি ল’ব নোৱাৰে৷ এই শ্ৰমিকসকলৰ ঠাই ভিন্ন হোৱাৰ লগতে তেওঁলোকৰ জাতিগত ভিন্নতাও আছে৷ সেয়েহে, আদিবাসী অভিধাটোৱেও সকলো চাহ শ্ৰমিকক সাঙুৰি ল’বলৈ অসুবিধা হয়৷ বৰ্তমান সময়ত কেৱল চাহ খেতিতে আৱদ্ধ নাথাকি তেওঁলোকৰ মাজৰ একাংশই অন্যান্য বৃত্তিও গ্ৰহণ কৰিছে যদিও অধিকাংশই চাহ বাগিচাৰ লগতে জড়িত হৈ আছে৷ এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমদানিকৃত শ্ৰমিকক একেলগে প্ৰতিনিধিত্ব কৰিব পৰাকৈ umbrella term হিচাপে চাহ জনগোষ্ঠী অভিধাটো গৱেষণা গ্ৰন্থখনত গ্ৰহণ কৰা হৈছে৷
অসমত চাহ উদ্যোগৰ ক্ৰমবদ্ধৰ্মান প্ৰসাৰৰ লগে লগে ব্ৰিটিছ চাহ খেতিয়কসকলক বৃহৎ পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল৷ অসমৰ চাহ বাগিচাত নিয়োজিত চীনা শ্ৰমিক, থলুৱা শ্ৰমিক আৰু বহিৰ্ৰাজ্যৰ পৰা আমদানিকৃত শ্ৰমিকৰ বিষয়ে তলত আলোচনা কৰা হ’ল–
চীনা শ্ৰমিক
ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া চাহ কমিটিৰ সম্পাদক জৰ্জ জে. গৰ্ডনে চীন দেশৰ পৰা চাহ গছৰ সঁচ অনাৰ লগতে চাহ তৈয়াৰ কৰিব পৰা দক্ষ কম¹ও আনিছিল৷ চি. এ. ব্ৰুছে তেওঁৰ পৰীক্ষামূলক চাহ বাগিচাত কাম কৰোঁতে এই চীনা কম¹সকল তেওঁৰ লগত আছিল৷ চাবুৱাত চাহাবে চাহ খেতি কৰাওতেও এমং নামৰ এজন চীনা কম¹য়ে চাহ পাত তৈয়াৰ কৰিছিল৷ এই এমঙৰ লগত থকা কেইজনমান চীনা কম¹ মণিৰাম দেৱানৰ চাহ বাগিচাতো চাহপাত তৈয়াৰ কৰাৰ দায়িত্বত আছিল৷ আসাম কোম্পানীয়েও প্ৰথমছোৱাত চীনাসকলৰ বসতি থকা অঞ্চলৰ পৰা দক্ষ কৰ্মী আৰু সাধাৰণ বনুৱা অনাইছিল৷ পিছে এই চীনা কৰ্মী আৰুবনুৱাসকল আছিল ব্যয়বহুল৷ সেইকালত চাহ তৈয়াৰ কৰিব পৰা এজন অসমীয়া কৰ্মীক দিব লাগিছিল মাহে দহ টকা, কিন্তু একে দক্ষতাৰ চীনা কৰ্মীক মাহে চল্লিশ টকাৰ কমত পোৱা নগৈছিল৷ আকৌ তিনিবছৰৰ বাবে চুক্তিবদ্ধ কৰিলে এজন বনুৱাই দাবী কৰিছিল মাহে ষোল্ল টকা৷ অসমীয়া বনুৱাক কিন্তু চাৰি টকা দিলেই হৈছিল৷ এই ধৰণৰ লোকচানৰ উপৰি চীনা বনুৱাক অসমলৈ আনোতে যথেষ্ট খৰচ আৰু অসুবিধা হৈছিল৷ অসমলৈ অহাৰ বাটত তেওঁলোকে মাৰপিট কৰি কোম্পানীৰ লোকচানৰ পৰিমাণ আৰু বঢ়াইছিল৷৭ চীনা শ্ৰমিকৰ আমদানিৰ ক্ষেত্ৰত বিভিন্ন সমস্যা দেখা দিয়াত ব্ৰিটিছ চাহ খেতিয়কসকলে পৰৱৰ্তী সময়ত ইয়াৰ বিকল্প শ্ৰমিকৰ সন্ধানত ব্ৰতী হৈছিল৷
থলুৱা শ্ৰমিক
ব্ৰিটিছ চাহ খেতিয়কসকলে চীনা শ্ৰমিক সংগ্ৰহৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰাজিৰ বাবে অসমৰ থলুৱা লোকসকলক চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত কৰিব বিচাৰিছিল৷ কিন্তু আহোম যুগত ৰজাৰ ঘৰত কাম কৰাৰ বিনিময়ত হাজিৰা দিয়াৰ ব্যৱস্থা নাছিল৷ ইয়াৰ পৰিৱৰ্তে পাইক প্ৰথাহে প্ৰচলন আছিল৷ গাঁওসমূহত পাৰস্পৰিক সহায় সহযোগিতাৰে কামবোৰ সমাধা কৰিছিল৷ গতিকে হাজিৰাৰ বিনিময়ত কাম কৰাত অসমৰ থলুৱা মানুহবোৰ অভ্যস্ত নাছিল৷৮ সেয়ে ব্ৰিটিছে অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰি হাজিৰাৰ বিনিময়ত শ্ৰমিক নিয়োগ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল৷
সমকালীন সময়ছোৱাত ছুপাৰিনটেণ্ডেণ্ট চি.এ. ব্ৰুছে অসমৰ চাহ বাগিচাত কাম কৰা লোক বিচাৰি নাপাই হতাশ হৈ পৰিছিল৷ তদুপৰি যিকেইজন লোক চাহ বাগিচাত কাম কৰিবলৈ আহিছিল তেওঁলোকৰ কাম-কাজ অতি লেহেমীয়া আছিল৷ তদুপৰি সেই সময়ত অসমীয়াসকলৰ মাজত অতিপাত কানি খোৱাৰ অভ্যাস আছিল৷ তেওঁ অসমীয়া জাতিৰ এনে অধপতনৰ কাৰণে কানিকেই জগৰীয়া কৰিছিল৷৯ এই প্ৰসংগত টি কমিটিলৈ পঠোৱা প্ৰতিবেদনত চি.এ. ব্ৰুছে এইদৰে উল্লেখ কৰিছে–
এই প্লেগ মহামাৰী সদৃশ কানিয়ে সৌন্দৰ্যশালী অসমখনক জনশূন্য কৰি কেৱল মাত্ৰ বনৰীয়া জীৱ-জন্তুৰ লীলাভূমিলৈ পৰ্যবেসিত কৰিলে আৰু ধুনীয়া অসমীয়া জাতিটোক ভাৰতৰ ভিতৰতে আটাইততৈ ভীৰু কাপুৰুষ আৰু অধঃপতিত জাতি এটালৈ নমাই দিলে৷ তিৰোতা বিলাকৰ কমসংখ্যক সন্তান থাকে আৰু এই সন্তানবিলাকৰ অতি কমেহে বুঢ়া হোৱালৈকে জীয়াই থাকে৷ সাধাৰণতে ডেকা বয়সতে তেওঁলোক মৃত্যুমুখত পৰে৷ আন দেশৰ তুলনাত এই দুৰ্ভগীয়া দেশত অতি কম সংখ্যক বুঢ়া মানুহে দেখিবলৈ পোৱা যায়৷ আমাৰ দয়ালু সজাগ চৰকাৰে যদি একেটি মাত্ৰ কলমৰ খোছেৰে এই সকলোবোৰ অসৎ কাৰ্য বন্ধ কৰি অসমক বচায়, তেনেহ’লে ইয়াতকৈ ডাঙৰ কিবা আশীৰ্বাদ থাকিব পাৰিবনে?১০
অসমীয়া মানুহে চাহ বাগিছাত কাম কৰিবলৈ নহাৰ কাৰণ সম্পৰ্কে অঞ্জন বৰুৱাই চাহ শিল্পৰ কথা আৰু অসম নামৰ গ্ৰন্থত উল্লেখ কৰিছে এইদৰে–
১. সেই সময়ত গাঁৱত বাস কৰা লোকসকলৰ খেতিৰ মাটি যথেষ্ট পৰিমাণৰ আছিল আৰু লোকৰ তলত কাম কৰি শ্ৰমিক হিচাপে পেট প্ৰৱৰ্তনৰ কোনো প্ৰয়োজন নাছিল;
২. উজনি অসমৰ বহুতো মানুহ স্বাধীনচেতীয়া আছিল আৰু লোকৰ তলত কাম কৰাৰ অভ্যাস নাছিল৷ তেওঁলোকৰ আত্মমৰ্যাদাৰ ভাব অতি প্ৰবল আছিল৷ তিৰোতা সকলো আত্মমৰ্যাদাসম্পন্না আছিল৷ সেইকাৰণে কোম্পানীৰ চাহাবে অসমীয়া মাইকী মানুহক কোনোমতেই বাগানত কাম কৰিবলৈ সন্মত কৰিব নোৱাৰিছিল; তৃতীয় কানি খাই তেওঁলোক বৰ কানীয়া হৈ পৰিছিল৷১১
আনহাতে, ১৮২৬ আৰু¸ ১৮৫৩ চনৰ মধ্যৱৰ্তী ব্ৰিটিছ শাসনৰ কালছোৱাত অসমত, জনসংখ্যা প্ৰায় ১০ শতাংশ বৃদ্ধিৰ বিপৰীতে আফু খেতিৰ বৃদ্ধি প্ৰায় তিনিগুণ হৈছিল৷ চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ ভীষণ অভাৱ হোৱাত চাহ খেতিয়কসকলে মাটিৰ খাজানা বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ কৰিলে, যাতে বৰ্ধিত হাৰত খাজানা দিব নোৱাৰি দুখীয়া কৃষকসকল চাহ বাগিচাত হাজিৰা কৰিবলৈ গাঁও অঞ্চলৰপৰা ওলাই আহিবলৈ বাধ্য হয়৷ তদুপৰি ব্যাপকভাৱে কানি খোৱা অভ্যাসে খিলঞ্জীয়া লোকসকলক কৰ্মবিমুখ কৰি পেলাইছে বুলি আফু খেতি আৰু কানি বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈও তেওঁলোকে পৰামৰ্শ আগবঢ়ালে৷১২ চৰকাৰেও এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি প্ৰদান কৰি মাটিৰ খাজানা বৃদ্ধি কৰিলে৷ অৱশ্যে এনে ষড়যন্ত্ৰৰ পিছতো থলুৱা লোকসকলক চাহ বাগিচাৰ শ্ৰমিক হিচাপে আশানুৰূপভাৱে নিয়োজিত কৰিব নোৱাৰিলে৷
অসমৰ দৰং জিলা কছাৰী লোকসকল পৰিশ্ৰমী আৰু কানিৰ নিচাগ্ৰস্ততাৰ পৰা কিছু পৰিমাণে মুক্ত আছিল বাবে ব্ৰিটিছে তেওঁলোকক চাহ বাগিচাৰ কামত নিয়োগ কৰিবলৈ মনস্থ কৰিছিল৷ সেয়ে ব্ৰিটিছে কিছুমান বনুৱাক নানান প্ৰলোভনেৰে দৰঙৰ কছাৰী লোকক চাহ বাগিচালৈ আনিবলৈ দায়িত্ব দিছিল৷ তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি তথা প্ৰলোভনৰ দ্বাৰা কিছুসংখ্যক শ্ৰমিকক চাহ বাগিচালৈ আনিবলৈ সক্ষম হৈছিল৷ অৱশ্যে গাঁৱৰ মানুহবোৰে চাহ বাগিচাত যোগদান কৰাৰ ফলত গাঁৱত খেতি কৰিবলৈ মানুহৰ অভাৱ হ’ল৷ যাৰ বাবে উচিত খাজানা উঠাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হ’ল৷ সেয়ে মৌজাদাৰবিলাকে কোম্পানীৰ কামলৈ নাযাবৰ বাবে মানুহবোৰক বুজনি দিবলৈ ধৰিলে আৰু চৰকাৰকো আবেদন কৰিলে যাতে বাগিচাৰ কাৰণে মানুহে সংগ্ৰহ কৰিবলৈ দিয়া নহয়৷ মৌজাদাৰসকলৰ প্ৰতিবাদৰ কাৰণে কছাৰী শ্ৰমিক সংগ্ৰহত কিছু বাধা পৰিছিল৷ ১৮৫৯ চনত এই কছাৰী শ্ৰমিকসকলে অধিক হাজিৰাৰ দাবীত প্ৰতিবাদ কৰিছিল আৰু চুক্তিৰ সময় সম্পূৰ্ণ হোৱাৰ আগতেই ঘৰলৈ যাবলৈ ওলাইছিল৷ সেই সময়ত দৰং জিলাৰ মেজিষ্ট্ৰেট কেপ্টেইন হলৰইদে [Captain Charles Holroyd] প্ৰতিবাদকাৰীকেইজনক ধৰাই আনি শাস্তি দি শ্ৰমিকসকলৰ প্ৰতিবাদী আন্দোলন মষিমুৰ কৰিছিল৷১৩
প্ৰথম অৱস্থাত বাগিচাৰ সাধাৰণ কাম-কাজৰ কাৰণেও চাহ খেতিয়কসকলে নগা, চিংফৌ আৰু অসমীয়া বনুৱাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল৷ সমূহীয়া ভোজ দি বা নগা মুখিয়ালসকলক মণি, আইনা আদি উপহাৰ দি হাবি পৰিষ্কাৰ কৰিবলৈ নগা বনুৱা যোগাৰ কৰিছিল৷ চাহ খেতিয়কসকলে চিংফৌ সমাজৰ পৰা বনুৱা যোগাৰ কৰাটো বেছি কষ্টকৰ আছিল৷ অসমীয়াসকল কৃষিজীৱী বাবে তেওঁলোকে কেৱল আজৰি সময়তহে চাহ বাগিচাৰ কাম কৰিব পাৰিছিল৷ থলুৱা বনুৱাসকলক আকৃষ্ট কৰিবলৈ চাহ খেতিয়কসকলে বনুৱাৰ দৰমহাও বঢ়াই দিছিল৷ ১৮৩৯ চনত এজন বনুৱাৰ মাহেকীয়া দৰমহা আছিল দুটকা আঠ অনা; ১৮৫৮-৫৯ চনত তাৰ পৰিমাণ বাঢ়ি গৈ চাৰি টকা আঠ অনা হ’লগৈ৷ তদুপৰি থলুৱা বনুৱা সংগ্ৰহ কৰোঁতে ঠিকাদাৰসকলে অসৎ উপায়ো অৱলম্বন কৰিছিল৷ তেওঁলোকে গাঁৱে-গাঁৱে ঘূৰি ডেকাসকলক মদ খুৱাইছিল আৰু আগতীয়াকৈ ধন ধাৰে দি থলুৱা লোকক বাগিচাত চাকৰি কৰাবলৈ বাধ্য কৰাইছিল৷১৪ চাহ বাগিচাৰ কাষতে থকা চিংফৌ জনজাতিসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ক্ষেত্ৰতো চাহ খেতিয়কসকলৰ সমস্যা হৈছিল৷ চিংফৌ ৰাজ্যত ব্যক্তিগতভাৱে খোলা চাহ বাগিচাত মেনেজাৰ এজনক চিংফৌ শ্ৰমিকসকলে কৰা আক্ৰমণাত্মক আচৰণে ব্ৰিটিছ চাহ খেতিয়কসকলক শংকিত কৰি তুলিছিল৷ এই আক্ৰমণাত্মক আচৰণৰ বিষয়ে Percival Joseph Griffithsৰ The History of Indian Tea Industryত লিখিছে–
Arivel Company was ahprarently started by a local proprietorin the territory of the singphoes but their manager quarelled with these people and was burnt out his house at night and the scheme was shortly afterwards abandoned.১৫
এইদৰে ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ প্ৰাৰম্ভিক কালছোৱাত অসমৰ থলুৱা লোকসকলক চাহ বাগিচাত নিয়োজিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল৷ অসমৰ থলুৱা লোকসকল হাজিৰাৰ বিনিময়ত কাম কৰাত অনভ্যস্ত হোৱাৰ লগতে তেওঁলোকৰ নিজৰ মাটিত খেতি-বাতি কৰিয়েই জীৱন-নিৰ্বাহ কৰিবলৈ সক্ষম আছিল৷ ঠিক সেইদৰে আত্মমৰ্যাদাৰ প্ৰতি সচেতন গাঁৱৰ মহিলাসকলো হাজিৰাৰ বিনিময়ত কাম কৰিবলৈ মান্তি হোৱা নাছিল৷ আনহাতে তদানীন্তন সময়ছোৱাত কানিৰ নিচাগ্ৰস্ততাইও অসমীয়া লোকসকলক কৰ্মবিমুখ কৰি তুলিছিল৷ তদুপৰি কিছুমান থলুৱা শ্ৰমিকৰ উগ্ৰ আচৰণো ব্ৰিটিছ চাহ খেতিয়সকলৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছিল৷ গতিকে ব্ৰিটিছ চাহ খেতিয়কসকলে অসমৰ থলুৱা শ্ৰমিকৰ জৰিয়তে চাহ উদ্যোগ চলোৱাৰ যি পৰিকল্পনা কৰিছিল, সেয়াও ফলপ্ৰসূ হৈ উঠা নাছিল৷
বহিৰ্ৰাজ্যৰ পৰা আমদানিকৃত শ্ৰমিক
অসমৰ চাহ বাগিচাৰ চাহিদা থলুৱা শ্ৰমিকেৰে পূৰণ কৰিব নোৱাৰাৰ বাবে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা পৰিশ্ৰমী শ্ৰমিকক আমদানি কৰিবলৈ সিদ্ধান্ত লয়৷ ব্ৰিটিছৰ ঔপনিৱেশিক শাসনকালত আৰকাঠিয়া আৰু গিৰমিটিয়া চালানত বৰ্তমানৰ ঝাড়খণ্ড, চত্তিছগড়, উৰিষ্যা, উত্তৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আদি বিভিন্ন ৰাজ্যৰ পৰা অসমৰ চাহ বাগিচাত কাম কৰিবলৈ শ্ৰমিকসকলক অনা হৈছিল৷ দ্বাৰকানাথ গাংগুলীৰ Slavery in British Dominion গ্ৰন্থত চাহ শ্ৰমিকৰ আমদানি সম্পৰ্কে এনেদৰে উল্লেখ আছে –
The latest published report on the labour emigration into Assam shows that in 1884, there were 1,80,831 adult labourers in the tea-garden; of which 1,02,557 were men and 78,274 women. Of this entire labour force, Assam supplies only 5.5 per cent; the Santhal Parganas which is firstly considered by the managers of tea-gardens to be the mainstay of their labour force, supplies 44.7 per cent; Bengal 27.2 per cent; the North-Western Provience 21.6 per cent and the rest are supplied by Nepal, Madras and Bombay. These emigrants as a role were reqruited from the lowest the most ignorant class of the people.১৬
অসমত বিশেষকৈ ঠিকাদাৰী প্ৰথা আৰু চৰ্দাৰী প্ৰথাৰে শ্ৰমিক সংগ্ৰহ কৰা হৈছিল৷ চাহ কোম্পানীবিলাকে শ্ৰমিক সংগ্ৰহ কৰিবলৈ কিছুমান ঠিকাদাৰ নিযুক্তি দিছিল৷ এই ঠিকাদাৰসকল ভাৰতৰ বিভিন্ন অঞ্চলৰ গাঁও আৰু নগৰলৈ গৈ শ্ৰমজীৱী দুখীয়া মানুহখিনিৰ মাজত সোমাই পৰিছিল৷ এই ঠাইসমূহত জমিদাৰী শোষণ ব্যৱস্থাই দৰিদ্ৰ ভূমিহীন মানুহবোৰক জৰুলা কৰি পেলাইছিল৷ ঠিকাদাৰসকলে এই সুযোগ গ্ৰহণ কৰি দুখ-কষ্টত জৰ্জৰিত মানুহবোৰৰ মাজত সোমাই নানা ধৰণৰ মিঠা কথাৰ প্ৰলোভন দেখুৱাই অসমৰ চাহ বাগিচাত কিদৰে সহজে টকা পইচা ঘটিব পাৰি তাৰ লোভনীয় বৰ্ণনা দিছিল৷ এনে লোভত আবদ্ধ হৈ দুখীয়া লোকসকলে নিজৰ দেশত এই দৰে টকা পইচাৰ অভাৱত জুৰুলা হোৱাতকৈ দেশ এৰি সুন্দৰ জীৱন লোৱাৰ সপোন দেখিছিল৷১৭ আনহাতে প্ৰলোভিত কৰিব নোৱাৰা শ্ৰমিকসকলক বলপূৰ্বকভাৱে, মাৰ-পিট কৰি ডিপোবিলাকলৈ অনা হৈছিল৷
বহিৰ্ৰাজ্যসমূহৰ পৰা সংগৃহিত শ্ৰমিকসকলক নাও আৰু জাহাজেৰে নদী পথেৰে অসমলৈ অনা হৈছিল৷ শ্ৰমিকসকলে জাহাজত উঠা-নমা কৰিবৰ বাবে ঠায়ে ঠায়ে কিছুমান ঘাটৰ সৃষ্টি কৰা হৈছিল৷ এই ঘাটবোৰক ডিপো বুলি কোৱা হয়৷ এই ডিপো তিনি প্ৰকাৰৰ আছিল৷ প্ৰথম বিধক ডিবাৰ্কেন ডিপো বুলি কোৱা হৈছিল৷ এইবোৰত শ্ৰমিক জমা কৰি ৰখাৰ ব্যৱস্থা আছিল আৰু দ্বিতীয় বিধত কেৱল নমা ঘাট আছিল৷ থকাৰ কাৰণে কোনো ব্যৱস্থা নাছিল৷ ইয়াৰ বাহিৰেও পৰিদৰ্শন ঘাট বুলি অন্য এক ডিপো আছিল৷ এই ডিপোবিলাকত চৰকাৰী পৰিদৰ্শকসকলে স্বাস্থ্য আৰু তেওঁলোকৰ চুক্তি সম্বন্ধে কাগজ পত্ৰ পৰীক্ষা কৰিছিল৷ সাধাৰণতে অসমলৈ আহিবলৈ তিনিটা নদী পথ আছিল৷ দুটা ব্ৰহ্মপুত্ৰ নদীয়েদি আৰু আৰু তৃতীয় পথটো আছিল সুৰমা নদীয়েদি৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰা শ্ৰমিকসকলক জাহাজেৰে আৰু পিছলৈ ৰেল পথেৰে গোৱালণ্ডলৈ আনিছিল৷ ইয়াৰ পিছত যমুনা নদীয়েদি জাহাজ বা নাৱেৰে ধুবুৰীলৈ অনা হৈছিল৷ আন এটা পথ হ’ল কাটিহাৰ, পাৰ্বতীপুৰ, কাউনিয়াহৈ ৰেলেৰে কুড়িগ্ৰামলৈ; আৰু তাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে ধুবুৰীলৈ আনে৷ অঞ্জন বৰুৱাৰ ‘চাহ শিল্পৰ কথা আৰু অসম’ গ্ৰন্থত তিনিপ্ৰকাৰৰ ডিপো নিৰ্মাণ কৰা ঠাইসমূহৰ তালিকাখন এইদৰে পোৱা যায়–
ডেবাৰ্কেন ডিপো থকা ঠাই– তেজপুৰ, শিলঘাট, মাৰ্ঘেৰিটা, ককিলামুখ, ডিচাংমুখ আৰু ডিব্ৰুগড়৷
জাহাজবন্ধা ঘাটবোৰ আছিল– ৰঙামাটি, বিশ্বনাথ ঘাট, বিহালিমুখ, ধনশ্ৰীমুখ, কমলাবাৰী আৰু ডিখৌমুখ৷
পৰিদৰ্শনৰ ঘাটবোৰ আছিল– ধুবুৰী, গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়৷
সুৰমা উপত্যকাৰ বাবে সংগ্ৰহ কৰা শ্ৰমিকসকলক গোৱালণ্ডত গোট খুউৱা হৈছিল৷ ইয়াৰ পৰাই নাও আৰু জাহাজেৰে সুৰমা নদীয়েদি তেওঁলোকক বিভিন্ন বাগিচালৈ লৈ যোৱা হৈছিল৷ সুৰমা উপত্যকাৰ ডিবাৰ্কেন ডিপোসমূহ হ’ল– শিলচৰ, কাটিগড়া, চিলেট, ফেঁচুগজ, মৌলবী বজাৰ, হৰিগঞ্জ আৰু কৰিমগঞ্জ৷ সুৰমা উপত্যকাৰ ৰঙামাটিয়েই একমাত্ৰ জাহাজ বন্ধা ঘাট আছিল আৰু কৰিমগঞ্জতে শ্ৰমিকৰ স্বাস্থ্য আৰু শ্ৰমিকৰ নথি-পত্ৰ পৰীক্ষা কৰা ডিপো আছিল৷১৮
ঊনবিংশ শতিকাৰ শেষৰ দুই দশকত ব্ৰাহ্মধৰ্মৰ প্ৰচাৰক দ্বাৰকানাথ গাংগুলীয়ে অসমলৈ আহি ব্ৰিটিছৰ শোষণত জৰ্জৰিত চাহ শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হৈছিল৷ চাহ বনুৱাৰ জীৱন সম্পৰ্কে অনুধাৱন কৰিবলৈ তেখেতে প্ৰত্যক্ষভাৱে চাহ শ্ৰমিকৰ ওচৰলৈ যোৱাৰ লগতে চৰকাৰী নথিপত্ৰ আৰু প্ৰতিবেদন আদিৰ সহায় লৈছিল৷ দ্বাৰকানাথ গাংগুলীয়ে চাহ শ্ৰমিকৰ দাসত্ব জীৱনৰ বিষয়ে সমসাময়িক বাংলা পত্ৰিকা প্ৰবন্ধ লিখিছিল৷ এই প্ৰবন্ধসমূহৰ একত্ৰ সংকলন কৰি Slavery in British Dominion নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়৷ এই গ্ৰন্থতঅসমৰ বাগিচালৈ বহিৰ্ৰাজ্যৰ পৰাসংগৃহীত শ্ৰমিকক ৰেজিষ্টেচনৰ সময়ত সোধা প্ৰশ্ন আৰু তেওঁলোকৰ উত্তৰসমূহ এইদৰে উল্লেখ কৰিছে–
Ouestion for the Registering office Answer of the Coolies (Men & Women in one voice)
1.Where do you go? Answer- We go to Assam.
2. For how many years do you go? Answer- For five years.
3.What work will you do? Answer-.Men– We will hoe. Answer- Women– We will pick-up tealeaves
4. What will be the rate of your wages? Answer- Men– Five rupees for the three years and six rupees for last two years. Answer- Women– Four rupees for first three years and fives rupees for last two years.
5. At what price will rice be supplied to you? Answer- (Again men and women in one voice) At three rupees a mound.
6. If the price of rice be more than who will pay the extra amaunt? Answer-The Sarkar (meaning the employer) will pay.19
বহিৰাৰ্জ্যৰ পৰা সংগৃহিত শ্ৰমিকসকলক ডিপোৰ কৰ্মচাৰীসকলে ওপৰত উল্লেখ কৰাৰ ধৰণে ৰেজিষ্টেচনৰ সময়ত উত্তৰসমূহ দিবলৈ শিকাইছিল৷ তেওঁলোকেও অসমৰ চাহ বাগিচাৰ সম্পৰ্কে কোনো ধৰণৰ পূৰ্ব ধাৰণা নোহোৱাকৈয়ে বাধ্যত পৰি ৰেজিষ্টচনৰ সময়ত উত্তৰসমূহ দিছিল৷
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ শ্ৰমিকৰ আমদানি প্ৰক্ৰিয়াটো অতি অমানৱীয় আছিল৷ এই সম্পৰ্কে অমলেন্দু গুহৰ প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি ১৮চ্ছ-১৯৪৭ গ্ৰন্থত এইদৰে আছে–
বাহিৰৰ পৰা আমদানি কৰা গিৰ্মিটিয়া বনুৱাবোৰক অতি শোকলগা ধৰণে অসমলৈ অনা হৈছিল৷ তেনেদৰে আহিবলগীয়া হোৱাত বহুতো বনুৱাৰ বাটতে মৃত্যু হৈছিল৷ ১৮৫৯ চনৰ ১৫ ডিচেম্বৰত আৰু ১৮৬১ চনৰ ২১ নৱেম্বৰৰ মাজৰ বছৰ দুটাত আছাম কোম্পানীয়ে বাহিৰৰ পৰা অনা ২২৭২ জন গিৰ্মিটীয়া বনুৱাৰ ভিতৰত ২৫০ জন, অথাৰ্ৎ ১১ শতাংশৰ বাটতে মৃত্যু ঘটে৷ ১৮৬১ চনৰ ২ এপ্ৰিলৰ আৰু ১৮৬২ চনৰ চ্ছ ফেব্ৰুৱাৰীৰ মাজৰ কালছোৱাত ব্ৰহ্মপুত্ৰইদি উজাই পঠিওৱা দুটা দলৰ ১৫৬৯ জন গিৰ্মিটীয়া বনুৱাৰ ভিতৰত ১৩৫ জনৰ মৃত্যু হয় বা পানীত বুৰে; আৰু ১০৩ জন পলাই যায়৷ ১৮৬৩ চনৰ ৰ মে’ আৰু ১৯৬৬ চনৰ ৰ মে’ৰ মাজৰ তিনিটা বছৰত বাহিৰৰ পৰা অসমলৈ মুঠতে ৮৪৯১৫ জন বনুৱা আমদানি কৰা হৈছিল৷ ১৮৬৬ চনৰ ৩০ জুনৰ ভিতৰত ৩০,০০০ জনৰ অৰ্থাৎ প্ৰায় তিনিভাগৰ এভাগৰ মৃত্যু হয়৷ মৃত্যুহাৰৰ এনে আধিক্যৰ ফলত খৰচান্ত হ’বলগীয়া হৈছিল চাহ খেতিয়কসকল৷ কিয়নো প্ৰতিজন গিৰমিটীয়া বনুৱাৰ বাবদ আৰকাটি দালালবিলাকক তেওঁলোকে ১২ টকাৰ পৰা ২০ টকালৈকে কমিছন দিবলগীয়া হৈছিল৷ নানা ধৰণৰ প্ৰলোভন দেখুৱাই, ফুচুলাই আনকি জোৰ-জৱৰদস্তিৰে অপহৰণ কৰিও মুনিহ, তিৰোতা, আৰু শিশুবোৰক অসমৰ চাহ-বাগিচাত কাম কৰিবৰ বাবে ধৰি আনি গৰু-ছাগলীৰ দৰে বেচা-কিনা কৰা হৈছিল৷ এনে ভয়াবহ অৱস্থাৰ হাত সাৰিবৰ বাবে কিছুমান ধৰি অনা বনুৱা পলাই গৈছিল৷ এসময়ত পলৰীয়া কিনা গোলামক কৰাৰ দৰেই, পলাই যোৱা বনুৱাক খেদি খেদি গৈ ধৰি অনা হৈছিল আৰু চাবুকেৰে কোবোৱা হৈছিল৷২০
এইদৰেই বহিৰ্ৰাজ্যৰ পৰা শ্ৰমিকসকলক অসমলৈ অতি সংকটজনক ব্যৱস্থাৰে অনা হৈছিল৷ এই যাত্ৰা পথত তেওঁলোকক নূ্যনতম সুবিধাসমূহৰ পৰাও বঞ্চিত কৰা হৈছিল৷ খাদ্যৰ অনাটন, অস্বাস্থ্যকৰ পৰিৱেশ, বেমাৰ-আজাৰ আদি কাৰণবশতঃ বহু শ্ৰমিকৰ যাত্ৰা পথতেই মৃত্যু ঘটে৷ আনহাতে চৰ্দাৰসকলৰ শাৰীৰিক অত্যাচাৰ আৰু কষ্টকৰ যাত্ৰাৰ তিক্ত অভিজ্ঞাৰ বাবে কিছুমান শ্ৰমিকে পলাই যাবলৈও চেষ্টা কৰিছিল৷ অৱশ্যে এই পলাই যোৱা শ্ৰমিকসকলক ধৰি আনি অধিক শাস্তি প্ৰদান কৰা হৈছিল৷
ব্ৰিটিছৰ শাসন কালত আৰাকাটিৰ প্ৰৰোচনা বা প্ৰলোভনত পৰি আত্মীয়-স্বজনক এৰি চাহ শ্ৰমিকসকল অসমলৈ অহাৰ ঘটনাৰাজি তেওঁলোকৰ লোকগীতৰ মাজতো পোৱা যায়৷ যেনে–
নাহি জানি আসামেৰ হাল-জাল
আসাম দেশে গছে ফুলে সোণা
ফাঁকি দিয়ে অনাইলে আসাম [ঝুমুৰ গীত]২১
আৰকাঠিয়ে শ্ৰমজীৱী লোকসকলক অসমত সুথিৰ জীৱন যাপনৰ যি প্ৰলোভন দেখুৱাইছিল, সেই সপোন অসমলৈ আহি ভংগ হোৱাৰ উপক্ৰম হৈছিল৷ চাহ বাগিচাত শ্ৰমিকসকলৰ জীৱন নিম্নমানলৈ পৰ্য্যৱসিত হৈছিল৷ ভাৰতীয়সকলৰ মাজত ব্ৰিটিছসকলে সভ্যতাৰ পোহৰ বিলালেহি বুলি বিশ্বাস কৰা ব্ৰিটিছ অসামৰিক সেৱাৰ বিষয়াসকলকো শ্ৰমিক ব্যৱসায়ৰ জলন্ত সমস্যাটোৱে চিন্তিত কৰিছিল৷ চাহ বাগিচাত মকৰল কৰা ব্যৱস্থাটোৱে শ্ৰমিকসকলক দাসৰ পৰ্য্যায়লৈ নমাই অনা বুলি বৰ্ণনাবলৈ আনকি বংগৰ বিধান পৰিষদৰ অধ্যক্ষ হিচাপেও জৰ্জ কেম্পবেলে [George Campbell] কুণ্ঠাবোধ কৰা নাছিল৷ এখন অপ্ৰকাশিত স্মাৰক পত্ৰত ছাৰ বেম্পফিল্ড ফুলাৰে (Joseph Bampfylde Fuller]সেই শ্ৰমিকবোৰৰ দশা গঁৰালত বন্দী জন্তুৰ দৰে বুলি বৰ্ণনা কৰিছিল৷ হেনৰী কটনে (Henry Cotton] তেওঁৰ আত্মজীৱনীত প্ৰায় হাজাৰ মাইলতকৈও দূৰৰপৰা চাহ-বাগিচাত কম মজুৰি আৰু অন্যান্য দণ্ডমূলক চৰ্তত কাম কৰিবলৈ জাহাজ নাইবা ৰেলেৰে লৈ অহা বনুৱাসকলৰ সুৰক্ষাৰ প্ৰশ্নটো বৰ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছিল৷২২ তদুপৰি অসমৰ চাহ বাগিচাৰ অস্বাস্থ্যকৰ পৰিৱেশ, বেমাৰ-আজাৰ, বনৰীয়া জন্তুৰ আক্ৰমণ আদি নানান কাৰণবশতঃ অসমলৈ অহা প্ৰথমচাম শ্ৰমিকৰ ভিতৰত বহুত শ্ৰমিকৰ মৃত্যু হৈছিল৷ অঞ্জন বৰুৱাৰ চাহ শিল্পৰ কথা আৰু অসম গ্ৰন্থত এই সম্পৰ্কে এনেদৰে উল্লেখ আছে–
দীঘলীয়া কষ্টকৰ যাত্ৰা অন্ত কৰি বাগানৰ কামত সোমোৱাৰ পিছতো বনুৱাই এক নতুন অস্বাস্থ্যকৰ পৰিৱেশত পৰি জীয়াতু ভুঞ্জিবলগীয়া হৈছিল৷ সেই সময়ত বাগানবিলাকত কোনো স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা নাছিল৷ নতুনকৈ অহা এই বনুৱাসকলে প্ৰায়ে কলেৰা, হাকোটাপেলু, গ্ৰহণী, বসন্ত, ইনফ্লুয়েঞ্জা আদি বেমাৰত ভুগিব লগা হৈছিল৷ ইয়াৰ উপৰিও অসমত মেলেৰিয়া বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল৷ বাগানত থকা ঘৰৰ ওচৰতো বনৰীয়া জন্তুৰ গ৭১্নত ভীতি বিহ্বল হৈ দিন-ৰাতি কটাবলগীয়া হৈছিল৷ বাগানত কাম কৰোঁতে জোকৰ কামোৰত থকা-সৰকা আৰু সাপৰ কামোৰত প্ৰাণ দিব লগা হৈছিল৷ অসমলৈ টকা ঘটিবলৈ অহা এই মানুহবোৰৰ বাবে অসমখন এখন যমপুৰীহে আছিল৷ ১৮৬৩-৬৬ চনৰ ভিতৰত ৮৭,৯১৫ জন বনুৱাই অসমত ভৰি দিছিল; তাৰে ভিতৰত ১৮৬৬ চনৰ ৩০ জুনৰ ভিতৰত বেমাৰত ৩০ হাজাৰ বনুৱাৰ মৃত্যু হয়৷২৩
এনেদৰে অসমৰ চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুৰ হাৰ ভয়াৱহভাৱে বৃদ্ধি পাইছিল৷ তদুপৰি বহুসংখ্যক শ্ৰমিকক নিযুক্তি দিয়া হৈছিল বাগিচাৰ অস্বাস্থ্যকৰ পৰিৱেশত, য’ত কাম কৰাৰ উপযুক্ত পৰিৱেশ নাছিল৷ শ্ৰমিকসকলৰ ইচ্চা নথকা সত্ত্বেও চুক্তিৰ ম্যাদ বঢ়াই দি তেওঁলোকক কাম কৰাবলৈ বাধ্য কৰাইছিল৷ ফলত শ্ৰমিকৰ ওপৰত বৰ্বৰতা বৃদ্ধি পাইছিল৷ চাহ বাগিচাৰ পৰা শ্ৰমিকসকল পলাই যোৱাটো এটা নিত্য-নৈমিত্তিক ঘটনা হৈছিল৷ বাগিচাৰ মালিকসকলে পলাই যোৱা শ্ৰমিকসকলক আৱদ্ধ কৰি ৰখা পাহাৰীয়া লোকসকলক পুৰষ্কৃত কৰিছিল আৰু এই পুৰষ্কাৰৰ ধন পলাই যোৱা শ্ৰমিকজনৰ মজুৰিৰ পৰা কৰ্তন কৰা হৈছিল৷২৪ অসম চৰকাৰে প্ৰকাশ কৰা বছৰেকীয়া প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল যে ১৮৭৯ চনত এনে ধৰণৰ পলৰীয়া শ্ৰমিকৰ সংখ্যা আছিল ৬,৪৩২ জন৷ কিন্তু প্ৰকৃত পলৰীয়া শ্ৰমিকৰ সংখ্যা তাতকৈ বেছি হ’ব বুলি অনুমান কৰা হয়৷ বহুতো পলৰীয়া শ্ৰমিকক পলাই যোৱাৰ সময়ত ওচৰত থকা বাগিচাৰ পৰা ধৰি আনিছিল৷ সেই সকলক নি(য় চৰকাৰী হিচাপত ধৰা হোৱা নাছিল৷ তেওঁলোকক পুনৰ চৰ্দাৰে ধৰি আনি কাম কৰিবলৈ বাধ্য কৰিছিল৷২৫
ঔপনিৱেশিক কালত অসমৰ চাহ বাগিচালৈ বহিৰ্ৰাজ্যৰ পৰা আগমন হোৱা এই চাহ শ্ৰমিকসকল বিভিন্ন জাতি-জনজাতিৰ অন্তৰ্গত আছিল৷ দেউৰাম তাচাৰ চাহবাগিচাৰ জাতি-জনজাতি গ্ৰন্থত উল্লেখ কৰা চাহ জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন জাতি-জনজাতিসমূহ হৈছে – মুণ্ডা, সাঁওতাল, উৰাং, চাঁওৰা, ভূঁইয়া, পাহাৰীয়া, মাল-পাহাৰীয়া, পৰজা, গৌড়, কন্ধ, বাইগা, খাড়িয়া, অসুৰ, কোল, ভূল, শবৰ, কৰুৱা, গৰাইত, ভূমিজ, ঘাটোৱাল, ভক্তা, গন্জু, বৰাইক, চিক্, কাঁৱ’ৰ, বাউৰী, খদাল, কুম্হাৰ, কেওঁট, কনধেৰ, কৈৰী, কাঁহাৰ, কাঁসাৰি, কয়া, ৰাজোৱাৰ, তুৰি, চুঁড়ি, বাগতি, মোদী, চৰাঁগ, হাজাম, ৰজক, দুচাদ, তংলা, পাছি, তেলী, বণিয়া, ভাট, চাষা, ৰাজপুত, গউ্ড়, গোৱালা, বাঢ়ৈ, প্ৰধান, মহান্তি, মাহ্লি, কুৰ্মি, পানিকা, পাতৰ, তাঁতি, হাৰি, চামাৰ, ঘাঁসী, ডোম, কমাৰ, পাইক, দেচুৱা, বেদিয়া, জাতাপ দৰা, তেলেগু, পাটোৱা, মালী, কিষাণ, বামুণ, জল্হা ইত্যাদি৷চ্ছ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আমদানিকৃত বিভিন্ন জাতি-জনজাতিৰ লোকসকলৰ একত্ৰ গোটক প্ৰতিনিধিত্ব কৰিবলৈ ‘চাহ জনগোষ্ঠী’ অভিধাটো ব্যৱহাৰ কৰা হয়৷ কালক্ৰমত এই চাহ জনগোষ্ঠীৰ লোকসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্চেদ্য অংশ হিচাপে পৰিগণিত হৈ পৰিল৷

0 Comments