অৱতৰণিকা
ষষ্ঠদশ শতিকাৰ অসমৰ সামাজিক আৰু
ধৰ্মীয় ক্ষেত্ৰখন মূলতঃ জাতিভেদ প্ৰথা, ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ কঠোৰতা আৰু লিংগভিত্তিক বৈষম্য (gender
discrimination)ৰে জৰ্জৰিত আছিল৷ সেই সময়ত তান্ত্ৰিক ধৰ্মৰ প্ৰভাৱত নাৰীক কেৱল ‘ভোগৰ সামগ্ৰী’ হিচাপে গণ্য কৰা হৈছিল। নাৰীৰ সামাজিক স্থান আছিল
পুৰুষতকৈ বহু পৰিমাণে নিম্ন স্তৰত৷ এই স্থৱিৰ, নৈৰাজ্যৰে ভৰা আৰু বৈষম্যমূলক পৰিৱেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মই এক আমূল আৰু
মানৱতাবাদী পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ এই আন্দোলনৰ মূল আধাৰ আছিল ‘এক
শৰণ নাম ধৰ্ম’ আৰু এই ধৰ্মই জাতি-বৰ্ণ-লিংগ নিৰ্বিশেষে সকলোকে ভক্তিৰ সমঅধিকাৰ
প্ৰদান কৰি এখন সাম্যবাদী সমাজ গঠনৰ দিশে আগুৱাই নিবলৈ যত্ন কৰিছিল৷
সমাজৰ অন্য প্ৰসংগৰ লগতে নাৰীৰ
আধ্যাত্মিক অধিকাৰৰ ক্ষেত্ৰতো এই আন্দোলনে এক বৈপ্লৱিক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ পূৰ্বতে নাৰীসকলক সামাজিক
আৰু ধৰ্মীয় ক্ৰিয়াকলাপৰ পৰা বঞ্চিত কৰি কেৱল গৃহস্থী জীৱনৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল যদিও শংকৰদেৱে প্ৰৱৰ্তন কৰা ভক্তি আন্দোলনে কিছু পৰিমাণে হ’লেও নাৰীকো পুৰুষৰ সমানে সমানে ঈশ্বৰ উপাসনাৰ পৰিৱেশ প্ৰদান কৰে। শঙ্কৰদেৱে
নাৰীক কেৱল ভক্তিৰ ক্ষেত্ৰতে নহয়, বৰং নৈতিক আৰু আধ্যাত্মিক দিশতো এক স্বতন্ত্ৰ আৰু স্বাধীন
সত্তা হিচাপে স্বীকৃতি দিবলৈ যত্ন কৰিছিল৷ তেওঁৰ মতে, আত্মাৰ কোনো লিংগ নাই আৰু আত্মাৰ দৃষ্টিত নাৰী-পুৰুষ সমান; সেয়েহে পুৰুষৰ যি আধ্যাত্মিক শক্তি বা
সামৰ্থ্য আছে, সেয়া নাৰীৰো আছে। আনকি মাধৱদেৱেও ‘পুৰুষ প্ৰকৃতি হৈবা একমতি’ বুলি নাৰীৰ
সামাজিক স্থান সুনিশ্চিত কৰিছিল৷
এই সামাজিক তথা ধৰ্মীয় সংস্কাৰ আন্দোলনৰ
ফলস্বৰূপে নামঘৰ, কীৰ্তন আৰু
ধৰ্মীয় আলোচনা-অনুষ্ঠানত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল যদিও কিছুমান সত্ৰীয়া
প্ৰতিষ্ঠানত পৰৱৰ্তী কালত পুৰুষতান্ত্ৰিক নীতি-নিয়মে পুনৰ প্ৰভাৱ বিস্তাৰ কৰিছিল৷ নাৰীক সত্ৰ বা নামঘৰৰ মূল কাম-কাজৰ পৰা
আঁতৰাই কেৱল সত্ৰ বা নামঘৰৰ এটা কোণত স্থান দিয়া হৈছিল। তথাপি শংকৰদেৱৰ আদৰ্শই নাৰীৰ বাবে এক ‘প্ৰতিবাদী আধ্যাত্মিক স্থান’ (Contested Spiritual Space) মুকলি কৰি দিছিল৷ ইয়াৰ উজ্জ্বল উদাহৰণ
আছিল আই কনকলতা, তেওঁ অসমৰ
ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ‘ধৰ্ম অধিকাৰিণী’ বা সত্ৰাধিকাৰৰ দায়িত্ব
গ্ৰহণ কৰি ১২ গৰাকী ধৰ্মাচাৰ্য নিযুক্তি দিবলৈ সক্ষম হৈছিল৷ একেদৰে, আই পদ্মপ্ৰিয়াই
সমাজৰ বাধা নেওচি শাস্ত্ৰ অধ্যয়ন কৰি অসমীয়া সাহিত্যৰ প্ৰথম মহিলা কবি হিচাপে
নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে বাঢ়ৈমৰা নাৰী সত্ৰ প্ৰতিষ্ঠাৰ
মাজেৰে নাৰী সৱলীকৰণৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল। তদুপৰি তেওঁ সেই সময়ৰ সমাজ
ব্যৱস্থাক আশ্বৰ্যান্বিত
কৰি নাৰী সবলীকৰণৰ দিশে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু শোষিত, নিপীড়িত নাৰীসকলক গোটাই গীত-মাত, নাম-কীৰ্তন শিকাই মানসিক আৰু
আধ্যাত্মিক উত্তৰণৰ প্ৰয়াস কৰিছিল৷ মুঠতে ক’ব পাৰি-সামাজিক আৰু আধ্যাত্মিক অধিকাৰৰ
ক্ষেত্ৰত নৱ বৈষ্ণৱ ধৰ্মই সমাজ ব্যৱস্থাত পুৰুষ-নাৰী উভয়ৰে দৃষ্টি
আৰু দৰ্শনত এক নতুন দিগন্তৰ সূচনা কৰিছিল। এই আন্দোলনে নাৰীক কেৱল এগৰাকী ‘গৃহিণী’ৰ পৰিৱৰ্তে এগৰাকী সামাজিকভাৱে দায়বদ্ধ
নাৰী হিচাপে আত্ম-প্ৰকাশৰ সুযোগ প্ৰদান কৰিছিল৷ যদিও আজিৰ তাৰিখতো বৰপেটাৰ দৰে
কিছুমান সত্ৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধ হৈ থকাৰ ঘটনাই পুৰুষতান্ত্ৰিক মানসিকতাকে
সূচায়, তথাপি শংকৰদেৱৰ মূল দৰ্শনে নাৰীক যি
আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰিছিল, সি আজিও অসমীয়া সমাজত
নাৰী মৰ্যাদাৰ এক শক্তিশালী ভিত্তি হৈ আছে।
শংকৰদেৱ আৰু মাধৱদেৱৰ উত্তৰকালৰ
উজনি অসমৰ বৈষ্ণৱ ধৰ্মৰ গুৰিধৰোতাসকলৰ ভিতৰত কাল সংহতিৰ প্ৰৱৰ্তক ভৱানীপুৰীয়া
গোপাল আতা আছিল এগৰাকী অন্যতম ব্যক্তি৷ তেওঁৰ দুহিতা আই পদ্মপ্ৰিয়া আছিল এই
আন্দোলনৰ এক প্ৰৱল আৰু বৌদ্ধিক সত্তাৰ অধিকাৰী৷ এইগৰাকী নাৰী আছিল মধ্যযুগীয় অসমৰ নাৰীশক্তিৰ এক প্ৰতীক স্বৰূপ তথা তেওঁ অসমৰ প্ৰথম মহিলা কবি
হিচাপে অসমৰ সমাজ জীৱনত পৃথক স্থান লাভ কৰিছে৷ পদ্মপ্ৰিয়াই নিজৰ বৌদ্ধিক
পাণ্ডিত্য আৰু প্ৰতিভাৰে দেখুৱাইছিল যে জ্ঞান আৰু ভক্তিৰ ক্ষেত্ৰত লিংগৰ কোনো
ভূমিকা নাই৷ পদ্মপ্ৰিয়াই প্ৰতিষ্ঠা কৰা বাঢ়ৈমৰা
সত্ৰ আছিল সেই সময়ৰ পুৰুষতান্ত্ৰিক ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ এক সমান্তৰাল আৰু বৈপ্লৱিক আৰ্হি। এই সত্ৰত পদ্মপ্ৰিয়াই নিজে সত্ৰাধিকাৰৰ ভূমিকা পালন কৰি দেখুৱাইছিল যে
ধৰ্মীয় আৰু সাংগঠনিক দক্ষতা নাৰীৰ মাজতো বিদ্যমান।
ঔপন্যাসিক নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰিয়া:
বাঢ়ৈমৰাৰ বসন্তবীণা’ উপন্যাসখনত এইগৰাকী ধৰ্মানুৰাগী তথা ষষ্ঠদশ শতিকাতে আধ্যাত্মিকভাৱে
বলিষ্ঠ নেতৃত্ব দি অসমৰ নাৰী শক্তিক জাগ্ৰত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা নাৰীৰ
বিষয়ে বৰ্ণনা আছে৷ অৱশ্যে উপন্যাসখন কেৱল এখন জীৱনীমূলক উপন্যাসে নহয়, বৰং ই মধ্যযুগীয় অসমৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ
বিৰুদ্ধে এগৰাকী নাৰীৰ সামাজিক আৰু আধ্যাত্মিক প্ৰতিবাদৰ এক নিৰ্ভৰযোগ্য দলিল আৰু সমসাময়িক সময়ছোৱাৰ অসমৰ
সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পুনৰ্নিৰ্মাণ। বাঢ়ৈমৰা সত্ৰত
নাৰীসকলক কেৱল ভক্তিৰ শিক্ষাই নহয়, বৰং আত্ম-নিৰ্ভৰশীলতাৰ শিক্ষাও দিয়া হৈছিল। বাঢ়ৈমৰা সত্ৰ আছিল সেই সময়ৰ পুৰুষপ্ৰধান সত্ৰীয়া ব্যৱস্থাৰ সমান্তৰালভাৱে গঢ়ি
উঠা এক নাৰীকেন্দ্ৰিক আধ্যাত্মিক বিপ্লৱ। এই আলোচনাত উপন্যাসখনৰ মাজেৰে প্ৰতিফলিত আই পদ্মপ্ৰিয়াৰ জীৱন সংগ্ৰাম, বাঢ়ৈমৰা সত্ৰৰ প্ৰতিষ্ঠা আৰু মধ্যযুগীয় ধৰ্মীয় তথা সত্ৰীয়া
ব্যৱস্থাত নাৰীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি সমাজতাত্ত্বিক ছিলভিয়া ৱালবিৰ ‘পুৰুষতন্ত্ৰৰ ছয়টা স্তৰ’ৰ (Six Structures of Patriarchy) তত্ত্বক আধাৰ হিচাপে লৈ এই আলোচনাত দেখুওৱা হৈছে যে কেনেকৈ পদ্মপ্ৰিয়াই
ধৰ্মীয় সংস্কৃতি, গোড়া পৰম্পৰা, ৰীতি-নীতি আৰু ৰাজহুৱা আধিপত্যৰ মাজতো নিজৰ আধ্যাত্মিক স্বকীয়তা
বৰ্তাই ৰাখিছিল৷
নৱ-বৈষ্ণৱ ধৰ্ম আৰু সমকালীন নাৰী সমাজ
ষষ্ঠদশ শতিকাত অসমৰ ইতিহাসত নৱ-বৈষ্ণৱ ধৰ্মই প্ৰথমবাৰৰ বাবে
এখন সাম্যবাদী সমাজ গঠনৰ সপোন দেখুৱাইছিল৷ মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা
‘এক শৰণ নাম
ধৰ্ম’ই জাতি-বৰ্ণৰ উপৰিও লিংগভিত্তিক বৈষম্য দূৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু
সমসাময়িক সমাজখনত পুৰুষতান্ত্ৰিক নীতি-পৰম্পৰা ইমানেই গভীৰ আছিল যে
ধৰ্মীয় সমতাৰ কথা কোৱাৰ পাছতো নাৰীক সামাজিক আৰু প্ৰতিষ্ঠানিকভাৱে মৰ্যাদা দিয়াৰ ক্ষেত্ৰত
সমাজ দ্বিধাগ্ৰস্ত আছিল। ‘সমাজ’ বুলি যিটো
অভিধা ব্যৱহাৰ কৰা হৈছে, সিও পুৰুষৰ দ্বাৰাই নিৰ্মিত আছিল৷ উপন্যাসখনৰ
আৰম্ভণিতেই আমি দেখিবলৈ পাওঁ ভৱানীপুৰীয়া গোপাল আতাৰ মৃত্যুৰ পিছত সত্ৰীয়া সমাজত গভীৰ নেতৃত্বৰ সংকটে দেখা দিছে। এই সমস্যাটোৱেই প্ৰবন্ধটোৰ মূল ‘প্ৰব্লেম ষ্টেটমেণ্’ বা ‘সমস্যা’। এগৰাকী নাৰীয়ে পুৰুষতন্ত্ৰৰ দ্বাৰা পৰিচালিত এটা ধৰ্মীয় অনুষ্ঠানৰ নেতৃত্ব ল’ব পাৰেনে? সেই সময়ৰ সমাজত ‘সত্ৰাধিকাৰ’ পদটো কেৱল পুৰুষৰ বাবে সংৰক্ষিত আছিল। পদ্মপ্ৰিয়াই
তেওঁৰ পিতৃক একাধাৰে গুৰু আৰু আদৰ্শ হিচাপে জ্ঞান কৰিছিল, কিন্তু পিতৃৰ মৃত্যুৰ পিছত সমাজৰ ভকত-বৈষ্ণৱসকলৰ মাজত যি সন্দেহ আৰু বিৰোধৰ সৃষ্টি হৈছিল, সি সেই সময়ৰ পুৰুষতান্ত্ৰিক মনোভাৱক প্ৰকট কৰি তোলে।
উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিকে দেখুৱাইছে কেনেকৈ পদ্মপ্ৰীয়াই নিজৰ মেধাশক্তি, কাব্যিক প্ৰতিভা আৰু অদম্য সাহসৰ জৰিয়তে সমাজৰ এই ‘লিংগভিত্তিক শ্ৰম
বিভাজন’ আৰু ‘সাংস্কৃতিক আধিপত্য’ক প্ৰত্যাহ্বান জনাইছিল। তেওঁৰ
এই যাত্ৰাটো কেৱল এজনী অকলশৰীয়া নাৰীৰ যাত্ৰা নহয়, বৰঞ্চ এগৰাকী নাৰীয়ে নিজৰ ‘আধ্যাত্মিক অধিকাৰ’ সাব্যস্ত কৰাৰ এক ঐতিহাসিক সংগ্ৰাম।
ঔপন্যাসিক নিৰুপমা মহন্তই উপন্যাসখনৰ
পদ্মপ্ৰিয়া চৰিত্ৰটোৰ জীৱন আৰু গতি-প্ৰকৃতিৰ বৰ্ণনাৰ মাজেৰে পুৰুষ প্ৰধান ব্যৱস্থাটোক প্ৰত্যাহ্বান জনাই
কিদৰে নিজৰ বৌদ্ধিক তথা আধ্যাত্মিক শক্তিৰে নাৰীৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি
তুলিবলৈ সক্ষম হৈছিল, তাৰো সৰস বৰ্ণনা কৰিছে৷ পদ্মপ্ৰিয়াই
এই বৌদ্ধিক তথা সামাজিক সচেতনতাৰ দিশলৈ মন মেলাৰ অন্তৰালৰ কাৰক হিচাপে উপন্যাসখনত লিখিছে
এইদৰে— ‘‘আপোনাসবে দেখি আহিছে আতাপুৰুষৰ জীৱিত কালৰে পৰা
কালঝাৰ সত্ৰত পুৰুষৰ সমান্তৰালকৈ নাৰীসকলক লৈ আমি নিত্য আৰু নৈমিত্তিকভাবে
নাম-প্ৰসংগ কৰি আহিছোঁ। সময়ে সময়ে মন কৰিছিলোঁ যে নাৰীসকল সমাজলৈ আনকি নামঘৰলৈ
অহাৰ ক্ষেত্ৰতো প্রায়ে বাধাগ্রস্ত, ভীতিগ্রস্ত আৰু সংকুচিত।
লেটাৰ মাজত পলুটো সোমাই থকাৰ দৰে কেৱল সাংসাৰিকতাত সোমাই থাকি সন্তান জন্ম দিয়া এক
ভোগৰ সামগ্ৰীৰূপে জীৱন পাত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হয়। তেওঁলোকক ধৰ্ম-কৰ্মৰ বাট
দেখুওৱাৰ, মুক্তিৰ পথ দেখুওৱাৰ কথা কোনেও প্রয়োজনবোধ নকৰে।
কতবোৰ নিষ্পেষিত নাৰীয়ে অজ্ঞান আন্ধাৰত খেপিয়াই ফুৰি পথভ্রষ্ট হৈ জীৱন নিপাত কৰে।’’
(পৃ.৯) ইয়াৰ পৰাই বুজিব
পাৰি তেওঁ নাৰী সমাজৰ উত্তৰণ আৰু তেওঁলোকে ভূগি থকা অকথ্য দুখ, কষ্টৰ পৰিত্ৰাণৰ বাবে আৰু নাৰীৰ সামগ্ৰিক উত্তৰণৰ বাবে কাম কৰিবলৈ আগবাঢ়ি
আহিছিল৷ তেওঁ বাঢ়ৈমৰা সত্ৰত স্থায়ীভাৱে কোনো পুৰুষেই থাকিব নোৱাৰিব বুলি কৰা
নিয়মেও প্ৰমাণ কৰে যে পুৰুষৰ সহায় তথা সহযোগিতা অবিহনেও নাৰীয়ে নিজেই নিজৰ পথ
মোকলাই ল’ব পাৰে৷ ষষ্ঠদশ শতিকাৰ সময়ছোৱাত পদ্মপ্ৰিয়াৰ এই
নীতি পুৰুষশাষিত সমাজৰ বিপক্ষে একধৰণৰ বলিষ্ঠ পদক্ষেপ আছিল৷ পদ্মপ্ৰিয়াৰ বাঢ়ৈমৰা
সত্ৰত থাকিবলৈ অহা সংগীসকলৰ জীৱন-যন্ত্ৰণাও আছিল তথৈবচ৷
স্বামীৰ গৃহৰ পৰা অৱহেলিত, লাঞ্চিত হৈ গুচি আহিবলগীয়া হোৱা
দুৰ্ভগীয়া ৰমলা, পোৰোলা নদীৰ বলীয়া বানে ধৰ-দুৱাৰ, পুত্ৰ-নাতি সকলোকে
উটুৱাই নি দিশহাৰা কৰা বয়সস্থ মহিলা, গিৰীয়েকৰ মৃত্যুৰ পাছত
দুই পুত্ৰৰ অৰিয়াঅৰিত এটায়ো মাকৰ দায়িত্বঃ ল’ব নোখোজা
মনোহাৰী নামৰ এগৰাকী মহিলা আদি আছিল এইক্ষেত্ৰত অন্যতম৷
নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰিয়া’
উপন্যাসখনত প্ৰতিফলিত হোৱা ১৬শ শতিকাৰ অসমীয়া সমাজখন আছিল মূলত এক জটিল পুৰুষতান্ত্ৰিক
গাঁথনিৰ দ্বাৰা পৰিচালিত৷ উপন্যাসখনত দেখা যায় যে পদ্মপ্ৰিয়াৰ
স্বামীগৃহত এগৰাকী বোৱাৰীৰ মৰ্যাদা কেৱল ৰন্ধা-বঢ়া আৰু স্বামীৰ আজ্ঞা পালনৰ মাজতে সীমাবদ্ধ আছিল৷ আনকি সত্ৰীয়া সমাজতো নাৰীক কেৱল সত্ৰ
বা নামঘৰৰ এটা চুকত স্থান দিয়া হৈছিল। সেইদৰে মধ্যযুগীয় অসমত ধৰ্মীয় প্ৰতিষ্ঠানসমূহ পুৰুষৰ
দ্বাৰাই নিয়ন্ত্ৰিত আছিল৷ সমাজত এক অন্ধবিশ্বাস প্ৰচলিত
আছিল যে নাৰীয়ে শাস্ত্ৰ পঢ়িলে সমাজ ‘ৰসাতল’লৈ
যাব৷ পদ্মপ্ৰিয়াই এই সাংস্কৃতিক
আধিপত্যক প্ৰত্যাহ্বান জনাই কৈছিল— ‘আত্মা এক, সেই বাবে পুৰুষৰ যি শক্তি সামৰ্থ্য
আছে, সি তিৰুতাৰো আছে৷" এইয়া আছিল পুৰুষতান্ত্ৰিক সমাজ
ব্যৱস্থাৰ বিৰুদ্ধে এগৰাকী নাৰীৰ এক বৌদ্ধিক বিদ্ৰোহ। এই উক্তিৰ
মাজেৰে ৱালবিৰ তত্ত্বৰ বিপৰীতে নাৰীৰ স্বতন্ত্ৰ সত্তাৰো বহিঃপ্ৰকাশ ঘটিছে। পদ্মপ্ৰীয়াৰ জীৱনত ‘ব্যক্তিগত পুৰুষতন্ত্ৰ’ (Private
Patriarchy) আৰু ‘ৰাজহুৱা পুৰুষতন্ত্ৰ’(Public
Patriarchy)ৰ সংযোগ অত্যন্ত গভীৰ। ঘৰখনত পিতৃৰ মৰম লাভ কৰিলেও বাহিৰৰ
সমাজখন আছিল তেওঁৰ বাবে কাঁইটীয়া। কিন্তু তেওঁ এই সকলোবোৰ বাধা নেওচি বাঢ়ৈমৰাত নিজৰ আধিপত্য স্থাপন কৰিছিল। পদ্মপ্ৰিয়াই নিজৰ
প্ৰাপ্যৰ প্ৰতি সচেতন হোৱাৰ সমান্তৰালভাৱে আশা কৰিছিল যে সমাজৰ অন্য নাৰীসকলে যাতে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ কথা বুজি
পায় (পৃ.১৬)৷ নাৰী যে অথৰ্ব নহয়, সমাজৰ
বাধা-নিষেধবোৰ আঁতৰাব পাৰিলে নাৰী যে স্ৰষ্টা, দ্ৰষ্টা, জগতৰ কল্যাণ কামিনী অমোঘ শক্তি স্বৰূপঃ হৈ
উঠিব পাৰে (পৃ.১৭)— তাৰ হকেই তেওঁ কাম কৰিবলৈ আগবাঢ়ি আহিছিল৷ তদুপৰি নাৰীশক্তিক মুক্ত আকাশ
দেখুৱাবলৈ, কল্যাণকামী ৰূপত থিয় হৈছিল আই পদ্মপ্ৰিয়া৷ তেওঁ
সেয়েহে হাতত ধৰি কোনোবা এজনীক যদি আখৰ শিকালে, কোনোবা এজনীক
আকৌ গীত-মাত আওঁৰাবলৈ, গাবলৈ শিকালে
আৰু পবিত্ৰভাৱে জীয়াই থকাৰ শিক্ষা দিলে৷ তদুপৰি তেওঁ সমসাময়িক বা পূৰ্বৰ দুই
এগৰাকী নাৰী যেনে শঙ্কৰদেৱৰ ধাতৃ চন্দৰী, ৰাধিকা শান্তি আদিৰ
উদাহৰণ দি নাৰী সমাজ যে যুগে যুগে নিজৰ মেধা, জ্ঞান আৰু
সামাজিক আৰু নৈতিক মূল্যক গুৰুত্ব দি আহিছে আৰু সমাজত উচ্চ স্থান লাভ কৰি আহিছে সেই
প্ৰসংগৰো উল্লেখ কৰিছে৷ নাৰীয়ে লিখা-পঢ়া শিকিলে, শাস্ত্ৰ পঢ়িলে নৰকগামী নহয়, প্ৰকৃততে বৈকুণ্ঠগামী
হয় (পৃ-২৪)— এই
ধাৰণাটো পদ্মপ্ৰিয়াই তেওঁৰ সত্ৰত থকা নাৰী সমাজক বুজাইছিল৷ সেইদৰে ৰজস্বলা হোৱাটো
যে পাপ নহয় এয়া প্ৰকৃতিৰ নিয়মহে, তাকো পদ্মপ্ৰিয়াই নাৰীসকলক
বুজাইছিল৷ এনেদৰেই সমাজৰ নিৰ্যাতিতা নাৰী সমাজক পদ্মপ্ৰিয়াই শিক্ষিত কৰি তুলিবলৈ প্ৰতিটো
পদক্ষেপৰ জৰিয়তে যত্ন কৰিছিল৷
যদিও পদ্মপ্ৰিয়াই প্ৰতিষ্ঠা কৰা
বাঢ়ৈমৰাৰ সত্ৰত থকা নাৰী সমাজে পদ্মপ্ৰিয়াক ‘লক্ষ্মী’, ‘সৰস্বতী’ যেন জ্ঞান
কৰিছিল (পৃ.১৯) তাৰ
বিপৰীতে কিন্তু পদ্মপ্ৰিয়াই নিজকে তেজ মঙহৰ সাধাৰণ নাৰী হিচাপেহে পৰিচয় দিব
বিচাৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে— ‘আপোনালোকৰ দৰে ময়ো
জীৱনৰ অনেক ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আহি এই পৰ্যায়ত ভৰি
দিছোহি৷ পাৰ্থক্য মাথোন ইমানেই- মই জীৱনৰ সংঘাতলৈ ভয় নকৰি
সাহসেৰে সেইবোৰৰ সন্মুখীন হৈছোঁ৷’ (পৃ.২০) মানৱ জীৱন যে অসাৰ নহয় আৰু পুৰুষ-নাৰী সকলোৰে বাবেই যে ই সমান; এই অধিকাৰৰ কথা
নাৰীসৱৰ সন্মুখত পদ্মপ্ৰিয়াই দৃঢ়তাৰে তুলি ধৰিছিল৷
সমাজবিজ্ঞানী চিলভিয়া ৱালবিয়ে
পুৰুষতন্ত্ৰক ‘এক সামাজিক
ব্যৱস্থা য’ত পুৰুষে নাৰীৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু শোষণ কৰে" বুলি
আখ্যা দিছে।’ ৱালবিয়ে পুৰুষতন্ত্ৰৰ ছটা স্তৰৰ কথা উল্লেখ কৰিছে— উৎপাদন
পদ্ধতি, ঘৰুৱা কাম-কাজ, ৰাষ্ট্ৰৰ
ভূমিকা, পুৰুষৰ হিংসা, যৌনতা আৰু
সংস্কৃতি৷ মধ্যযুগীয় অসমৰ সত্ৰীয়া সমাজত ‘সংস্কৃতি’ আৰু ‘ঘৰুৱা কাম-কাজ’ৰ স্তৰত পুৰুষতন্ত্ৰৰ প্ৰভাৱ
আছিল অতি প্ৰৱল। এই ‘পুৰুষতন্ত্ৰ’ৰ পৰিসীমা অতিক্ৰম কৰাটো এগৰাকী নাৰীৰ বাবে অতি দূৰঢ় আছিল৷ কিন্তু পদ্মপ্ৰিয়াই
সেই বাধা অতিক্ৰম কৰিব পাৰিছিল৷ নাৰীক কেৱল ‘ভোগৰ সামগ্ৰী’ আৰু ঘৰুৱা কামৰ
পৰিসীমাৰ ভিতৰত আবদ্ধ কৰি ৰখা প্ৰথাটোৰ বিৰুদ্ধে গৈ পদ্মপ্ৰীয়াই তেওঁৰ পিতৃ গোপাল আতাৰ সহায় তথা পিতৃৰ আদৰ্শৰেই বাট বুলি এই
পুৰুষতন্ত্ৰক প্ৰত্যাহ্বান জনাই শাস্ত্ৰ অধ্যয়ন আৰু গীত ৰচনাৰ দিশত অগ্ৰসৰ হৈছিল৷ পদ্মপ্ৰিয়াই নাৰী সমাজৰ
আগত নিজৰ প্ৰাপ্য অধিকাৰ আৰু গুৰুত্বৰ কথা বুজোৱাৰ পাচত তেওঁৰ শৃষ্যত্ব গ্ৰহণ কৰি
এগৰাকী নাৰী (গোলাপী)য়ে উল্লেখ কৰিছে এনেদৰে— ‘ইমান দিনে আমি জানি আছিলো বোলে তিৰোতাবোৰ নৰকৰ দ্বাৰ। সিহঁতে শাস্ত্ৰ চুব
নাপায়। নাৰীয়ে পঢ়া-লিখা কৰিলে নিজে নষ্ট যায় আৰু সমাজকো ৰৌ ৰৌ নবকত পেলায়, এতিয়া আমি আইগৰাকীয়ে শাস্ত্র
পঢ়ি, গীতপদ
ৰচনা কৰি বাঢ়ৈমৰাৰ মৰতকো সৰগত পৰিণত কৰা চকুৰ আগতে দেখা পালো। ক'লা কাপোৰেৰে ইমান দিনে আমাৰ
চকুবোৰ ঢাকি ৰাখিছিল, আইৰ কৃপাত খোল খাইছে। অকণ পোহৰ দেখিছোঁ। এৰা, আমাক নো আৰু কি লাগে?’ (পৃ.২০) এই উপলব্ধি প্ৰকৃততে সমগ্ৰ
নাৰী সমাজৰে হোৱাটো পদ্মপ্ৰিয়াই বিচাৰিছিল৷ পদ্মপ্ৰীয়াৰ মানসিক অৱস্থাও আছিল অত্যন্ত দৃঢ়। তেওঁ কৈছিল— ‘মই মোৰ পথ নিজেই বাছি ল’ম... মই কাৰো ওপৰত বোজা হৈ নাথাকো।" (পৃ.৯) এই দৃঢ়তা আছিল তেওঁৰ আধ্যাত্মিক জাগৰণৰো মুহূৰ্ত। তেওঁ বুজি পাইছিল
যে পিতৃৰ আদৰ্শ জীয়াই ৰাখিবলৈ হ’লে তেওঁ এখন সুকীয়া ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগিব। তেওঁৰ ধৈৰ্য আৰু আত্মশক্তিৰ
উৎস আছিল পিতৃৰ পৰা আদৰ্শ তথা সময়ে সময়ে পোৱা মহান উপদেশ৷
পদ্মপ্ৰিয়াৰ জীৱন আৰু যৌৱন
পদ্মপ্ৰিয়াৰ জন্ম হৈছিল বৰপেটাৰ
ভৱানীপুৰ সত্ৰত, গোপাল আতা আৰু
বৃন্দাৱতী আইৰ গৰ্ভত। বৃন্দাৱতীয়ে প্ৰথম পৰ্যায়ত সন্তান জন্ম দিব পৰা নাছিল বাবে
শাহুৱেক ব্ৰজাঙ্গীয়ে তাইক দেখিব নোৱাৰা পৰিৱেশ আৰু পুত্ৰক দ্বিতীয় বিবাহ কৰাবলৈ
বাধ্য কৰোঁৱা অৱস্থাটোৱে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৱে নাৰীক যে কেৱল
সন্তান জন্ম দিব পৰা এটা ‘মাধ্যম’ হিচাপেহে গণ্য কৰিছিল, সেই কথাটোক প্ৰতিনিধিত্ব
কৰিছে৷ অৱশ্যে গোপাল আতাই দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হোৱা পাছত দ্বিতীয় পত্নী
সুভাগী গৰ্ভৱতী হোৱাৰ সময়ছোৱাতে প্ৰথমাপত্নী বৃন্দাৱতীও গৰ্ভৱতী হয়৷ কেৱল সন্তান
নাই বুলিয়ে দ্বিতীয় বিবাহ কৰাবলৈ মাকে দিয়া উচতনি আৰু সতিনী চপোৱা কাৰ্যটো সেই সময়ৰ
সমাজ ব্যৱস্থাত যে তেনেই স্বাভাৱিক আছিল, বৰঞ্চ ‘পুৰুষৰ বহু বিবাহ শাস্ত্ৰ সন্মত’ ধৰণৰ নীতি হে আছিল, সেই কথাটোও উপন্যাসখনত বিতংভাৱে
উপস্থাপন কৰা হৈছে৷ ‘সতীনী’ কেন্দ্ৰিক সংঘাত আৰু পুৰুষৰ বহু-বিবাহ প্ৰথাই নাৰীৰ জীৱন কেনেকৈ ধ্বংস কৰিছিল, সেইটো দিশো নিৰুপমা মহন্তই উপন্যাসখনত মৰ্মস্পৰ্শীভাৱে উপস্থাপন কৰিছে।
গোপাল আতা আছিল শংকৰদেৱৰ অন্যতম
প্ৰধান শিষ্য৷ শঙ্কৰ-মাধৱৰ দৰেই গোপাল আতায়ো সমাজত ধৰ্মীয় সমতাৰ পোষকতা কৰিছিল৷ উপন্যাসখনত দেখা গৈছে
যে পদ্মপ্ৰিয়াই সৰুৰে পৰাই ঘৰখনত এক বৌদ্ধিক পৰিৱেশ পাইছিল৷ সেই সময়ৰ সমাজ ব্যৱস্থাত নাৰী শিক্ষা নিষিদ্ধ আছিল যদিও গোপাল আতাই নিজৰ কন্যাক শাস্ত্ৰ শিক্ষা দিছিল৷ পদ্মপ্ৰীয়াই পিতৃৰ কাষত বহি নাম-কীৰ্তন, ঝুনা আৰু দুলড়ী ছন্দৰ চৰ্চা কৰিছিল। আনকি পিতৃয়েই পদ্মপ্ৰিয়াক
বেদৰ যুগৰ ভাৰতবৰ্ষত গাৰ্গী, আত্ৰেয়ী, লোপমুদ্ৰা আদি নাৰীসকলে বেদৰ মন্ত্ৰ সুৰ লগাই গোৱাৰ কথা উল্লেখ কৰি তেওঁ যাতে
ডাঙৰ হ’লে গীত গোৱাৰ লগতে ৰচিবও
পাৰে, সেই
শিক্ষা দিছিল৷ এইধৰণৰ প্ৰগতিশীল শিক্ষাই পদ্মপ্ৰিয়াক সমাজৰ সংকীৰ্ণতাৰ বিৰুদ্ধে থিয় হ’বলৈ সৰুৰে পৰাই সাহস যোগাইছিল। সমান্তৰালভাৱে পদ্মপ্ৰিয়া
ঋতুমতী হোৱাত সমাজ আৰু ঘৰখনৰ নাৰীসকলে তাইৰ প্ৰতি বান্ধি দিয়া কেতবোৰ নীতি-নিয়ম মানিব নোৱাৰোঁ বুলি তাই সৰুতেই প্ৰতিবাদ কৰিছিল যদিও নাৰী সমাজেই
একোগৰাকী সৰু ছোৱালীক পুস্পিতা হোৱাৰে পৰাই নিৰ্দিষ্ট নীতি-নিয়মৰ
মাজত ৰাখিবলৈ কৰা চেষ্টা আৰু লেতাৰ মাজত পলুটো আবদ্ধ হোৱাৰ দৰে নাৰীৰ চিন্তা,
সৃষ্টিশীলতাৰে প্ৰকৃতি মানৱ সত্তাক আবদ্ধ কৰি নিজকে পুৰুষৰ সেৱিকা
ৰূপে গঢ় দিবলৈ যে বাধ্য কৰে, সেই সম্পৰ্কে উল্লেখ কৰিছে৷
বৈবাহিক সংঘাত: শাক্ত-বৈষ্ণৱ
মতাদৰ্শৰ দ্বন্দ্ব
পদ্মপ্ৰিয়াৰ জীৱনৰ আটাইতকৈ
দুখজনক আৰু সংগ্ৰামী অধ্যায়টো আছিল তেওঁৰ বৈবাহিক জীৱন৷ পদ্মপ্ৰিয়াৰ অনিচ্ছা স্বতেও এজন শাক্ত ধৰ্মাৱলম্বী পুৰুষ ভগীৰথৰ সৈতে বিয়া দিয়া হৈছিল। বিবাহৰ পূৰ্বে সেয়েহে তেওঁ নিজৰ ঘৰখনক সুখ দিবলৈকে বিয়াত
বহিছোঁ বুলিও প্ৰকাৰন্তৰে উল্লেখ কৰিছে৷ লগতে তেওঁ এই সতৰ্কবাণীও কৰিছিল যে— ‘মোক বলিৰ পঠা সজাবলৈ পৰিয়ালৰ সকলোৰে কৰা ইচ্ছাত মই সন্মতি দিছো, কিন্তু, মোৰ পিতৃৰূপী, গুৰুৰূপী গোপালদেৱে দিয়া জ্ঞান
আৰু আদৰ্শৰ বিভ্রাট ঘটা দেখিলে মোৰ ব্যৱস্থা মই নিজেই ল'ম।’ (পৃ.১২০) এফালে শাক্ত পৰম্পৰাৰ নীতি-পৰম্পৰা, বলিদান আৰু আনফালে শঙ্কৰদেৱৰ
বৈষ্ণৱ ধৰ্মৰ অহিংসা নীতিৰ মাজত পদ্মপ্ৰীয়াই তীব্ৰ মানসিক সংঘাত অনুভৱ কৰিছিল৷ স্বামীগৃহত তেওঁক ‘দাম্ভিক নাৰী’ বুলি আখ্যা দি অপমান কৰা হৈছিল। (পৃ.১২৪) শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ নীতি-নিয়ম বাদ দি শাক্তপন্থীয়
নীতিবোৰ পালন কৰিবলৈ বাধ্য কৰোঁৱা কাৰ্যই পদ্মপ্ৰিয়াক তীব্ৰ বিদ্ৰোহী কৰি তুলিছিল৷
তেওঁৰ এই বিদ্ৰোহ নাৰীৰ স্বতন্ত্ৰ পৰিচয় ৰক্ষাৰ সংগ্ৰামো
আছিল৷ তদুপৰি এই বিদ্ৰোহ পুৰুষৰ
আধিপত্যৰ বিৰুদ্ধে এগৰাকী সচেতন নাৰীৰ নৈতিক যুদ্ধ আছিল। তেওঁ স্পষ্টকৈ কৈছিল— ‘নাৰী মানেই নিজৰ এটা মন থকা জীৱ, আদর্শবিহীন
জড় পদার্থ নহয়"। তদুপৰি স্বামীগৃহত চলি থকা নিৰীহ
জীৱ বলিদান আৰু ধৰ্মীয় গোড়ামীৰ সৈতে তেওঁৰ বৈষ্ণৱীয় অহিংসা নীতিৰ তীব্ৰ সংঘাত
ঘটিছিল৷ পুৰুষতান্ত্ৰিক সমাজৰ মতে
এগৰাকী বোৱাৰীয়ে স্বামীৰ ধৰ্ম আৰু আজ্ঞা শিৰোধাৰ্য কৰা উচিত, কিন্তু পদ্মপ্ৰিয়াই নিজৰ আধ্যাত্মিক বিশ্বাসৰ সৈতে কেতিয়াও
আপোচ কৰা নাছিল। দুৰ্গা পূজাৰ সময়ত ঘৰখনৰ মানুহে ছাগলী বলি দিবলৈ অনা কাৰ্য দেখি পদ্মপ্ৰিয়া
বিদ্ৰোহী হৈ উঠিছে৷ ‘বোৱাৰী হ'ল বুলিয়েই তাইৰ বুকুত থিতাপি লোৱা গুৰু দুজনাৰ এক শৰণীয়া ভাৱনাবোৰ নিৰীহ
জীৱ বলিদানেৰে মানৱতাক কলুষিত কৰা পূজা-পার্বণৰ আগত বিসর্জন দিব নোৱাৰে তাই। নাৰী হ'লেই, বিবাহ পাশত আবদ্ধ হ'লেই নিজস্বতাখিনিক বিসর্জন দিব নোৱাৰে। প্ৰতিবাদ কৰিব তাই। বিনিময়ত বোৱাৰী
জীৱন বিসর্জন দিবলৈও তাই কুণ্ঠাবোধ নকৰে।’ (পৃ.১২৩) সেয়েহে অৱশেষত তাই প্ৰতিবাদ কৰি সেই দিনটোতে স্বামীগৃহ
ত্যাগ কৰি পিতৃৰ ওচৰলৈ ঘূৰি আহিছে, স্বামী গৃহৰ পৰা মাকৰ ঘৰলৈ
এইদৰে গুচি অহাটো মধ্যযুগীয় সমাজৰ বাবে এক বৈপ্লৱিক পদক্ষেপ আছিল। কিন্তু পদ্মপ্ৰিয়াই নিজৰ স্বকীয়তা ৰক্ষাৰ বাবে এই সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল৷ তেওঁ পিতৃৰ
গৃহলৈ ঘূৰি অহাৰ ঘটনাটোৱে প্ৰমাণ কৰে যে নাৰীৰ মৰ্যাদা যিকোনো সামাজিক বান্ধোনতকৈ
উৰ্ধত। তদুপৰি উপন্যাসখনত বৰ্ণিত বংশলতা
আৰু পূৰ্বপুৰুষৰ কাহিনীসমূহেও নাৰীৰ ওপৰত
হোৱা পাৰিবাৰিক নিৰ্যাতনৰ এক ঐতিহাসিক পটভূমি দাঙি ধৰিছে।
নাৰী
শক্তিৰ জাগৰণ কেন্দ্ৰ স্বৰূপে বাঢ়ৈমৰা সত্ৰ
পিতৃ গোপাল আতাৰ মৃত্যুৰ পাছত
পিতৃ গৃহত পদ্মপ্ৰিয়াই এক গভীৰ শূন্যতা অনুভৱ কৰিছিল৷ সত্ৰৰ উত্তৰাধিকাৰী পদক লৈ পুৰুষতান্ত্ৰিক সমাজত যি বিতৰ্ক হৈছিল, সেই ঘটনাই পদ্মপ্ৰিয়াক আৰু অতিষ্ঠ কৰি তুলিছিল৷ তেওঁ বুজি পাইছিল যে পুৰুষপ্ৰধান সত্ৰত নাৰীৰ আধ্যাত্মিক স্বাধীনতাৰ স্থান অতি সীমিত৷ সেয়েহে তেওঁ বাঢ়ৈমৰা জানৰ পাৰত এখন সুকীয়া ‘নাৰী সত্ৰ’ (বাঢ়ৈমৰা সত্ৰ) স্থাপন কৰাৰ সিদ্ধান্ত লয়। এই সত্ৰখন আছিল সেই সময়ৰ সমাজৰ দ্বাৰা নিৰ্যাতিত, অৱহেলিত আৰু নিঃসহায় নাৰীসকলৰ বাবে এক আশ্ৰয়স্থল৷ নিৰুপমা মহন্তই উপন্যাসখনত সুন্দৰকৈ বৰ্ণনা কৰিছে যে কেনেকৈ পদ্মপ্ৰিয়াই
সমাজৰ পৰা বহিষ্কৃত হোৱা নাৰীসকলক গীত-মাত, নাম-কীৰ্তন আৰু কাব্য চৰ্চাৰ মাজেৰে আত্ম-প্ৰতিষ্ঠাৰ পথ
দেখুৱাইছিল৷ বাঢ়ৈমৰা সত্ৰ প্ৰতিষ্ঠাৰে
পদ্মপ্ৰিয়াই প্ৰমাণ কৰিছিল যে ধৰ্মীয় পৰিচালনাৰ দায়িত্ব নাৰীয়েও অতি দক্ষতাৰে পালন কৰিব পাৰে।
পদ্মপ্ৰিয়াই বাঢ়ৈমৰা সত্ৰখনত
নাৰী সমাজক গীত-মাত, ঘোষা আদি
শিকাই, প্ৰশিক্ষণ
দি, আচাৰ-ৰীতি, জীৱন-যাপনৰ নিৰ্দেশ দি নৈতিক আৰু
মানসিক উত্তৰণ ঘটোৱাৰ লগতে স্বাভিমানেৰে জীয়াই থকাৰ সাহস যোগাইছিল৷ পিতৃৰ দৰে তেওঁ
নিজেও স্ত্রী-শূদ্র, নাৰী-পুৰুষ, ব্রাহ্মণ-চণ্ডাল, ধনী-দুখীয়া, ৰজা-প্ৰজা আদি কাৰোৰে পাৰ্থক্য নাৰাখি এখন বৃহত্তৰ সমাজ গঢ় দিবলৈ যত্ন কৰিছিল৷
আনকি ৰজা পৰীক্ষিতে ৰাজ্যৰ প্ৰজাক বেদ নামানিলে, বলি-বিধানক সমৰ্থন নকৰিলে, মা দুৰ্গাক সেৱা আগনবঢ়ালে ডিঙি কটা হ’ব বুলি ঘোষণা
কৰাৰ পাছতো পদ্মপ্ৰিয়াৰ আৰু নাৰীসকলে কিন্তু তেওঁলোকৰ নিত্য ধৰ্মীয় কাম-কাজসমূহ অভয়ে চলাই গৈছিল৷ সেয়েহে ৰজাৰ চন্তৰীয়ে পদ্মপ্ৰিয়াৰ সত্ৰ ধ্বংস
কৰিবলৈ আহোঁতে পদ্মপ্ৰিয়াই কেৰেপ নকৰি ভগৱানক কাকুতি কৰি প্ৰাৰ্থনা কৰিছে আৰু
বৰগীত আওৰাইছে৷ তেওঁ নাৰী সমাজক এইবুলিও শিকাইছিল যে— ‘নাৰীৰ জীৱন অর্থহীন নহয়। নাৰী অথর্ব নহয়, প্ৰতিগৰাকী কোমলাঙ্গী নাৰীৰ এই সুকোমল মন আছে, যাৰ দ্বাৰা নাৰীয়ে পৰিয়ালটোক মৰমৰ বান্ধোনেৰে বান্ধি ৰাখে, সমাজখনত শান্তিৰ বাতাবৰণ এটাৰ সৃষ্টি কৰে। কিন্তু নাৰী কেৱল
সন্তান জন্ম দিয়া, পৰিয়াল
পৰিচৰ্যা কৰা আদি গৃহকর্মকাৰিণী এক যন্ত্ৰ নহয়, নাৰীৰ চিন্তন, মনন, কর্ম-কুশলতাই সামাজিক ক্ষেত্রখন আগবঢ়াই নিয়াত পুৰুষৰ দৰে ভূমিকা
গ্রহণ কৰিব পাৰে।’ (পৃ.১৬৫)
বাঢ়ৈমৰা সত্ৰৰ দৈনন্দিন কাৰ্যসূচী আছিল
অত্যন্ত শৃংখলাবদ্ধ। তাত নাৰীসকলে কেৱল ভক্তি মাৰ্গৰ চৰ্চাই কৰা নাছিল, বৰঞ্চ সাহিত্য, হস্তশিল্প আৰু শিক্ষাৰো পাঠ লৈছিল। পদ্মপ্ৰিয়াই এই সত্ৰখনক এটা ‘শিক্ষা কেন্দ্ৰ’ হিচাপে গঢ়ি তুলিছিল য’ত নাৰীসকলে ধৰ্মৰ লগতে গীত-পদ আদিৰ চৰ্চা কৰিছিল। এই সত্ৰখন আছিল নাৰীৰ ‘আত্মমৰ্যাদা’ৰ প্ৰাণকেন্দ্ৰ। উপন্যাসখনত বাঢ়ৈমৰাৰ
প্ৰকৃতি আৰু সত্ৰৰ আধ্যাত্মিক পৰিবেশৰ যি বৰ্ণনা আছে, সি পদ্মপ্ৰিয়াৰ অন্তৰৰ শান্তি আৰু সৃষ্টিশীলতাক সূচায়।
পদ্মপ্ৰিয়াৰ আধ্যাত্মিক উত্তৰণ কেৱল ভক্তিৰ মাজতে সীমাবদ্ধ নাছিল, বৰং সি সমাজ সংস্কাৰলৈও ধাৱিত হৈছিল৷ স্বামীগৃহৰ পৰা ঘূৰি অহাৰ পাছত তেওঁৰ মনত এক গভীৰ বৈৰাগ্য ভাব জাগ্ৰত হয়৷ তেওঁ উপলব্ধি কৰে যে পার্থিৱ সুখ-সম্পদ ক্ষণস্থায়ী৷ এই আধ্যাত্মিক উপলব্ধিৰ পাছতেই তেওঁ বাঢ়ৈমৰা জানৰ পাৰত এখন সুকীয়া সত্ৰ স্থাপন কৰে। পদ্মপ্ৰিয়াই কৰ্মৰ
মাজেৰে দেখুৱাই দিছিল যে নাৰীয়ে কেবল ৰন্ধা-বঢ়াতে ব্যস্ত নাথাকি ধৰ্মীয় পৰিচালনা
আৰু কাব্য চৰ্চাতো পুৰুষৰ সমানেই পাৰদৰ্শিতা দেখুৱাব পাৰে৷ বাঢ়ৈমৰা জানৰ সেউজ প্ৰকৃতিৰ মাজত বহি তেওঁ যি গীত-পদ ৰচনা কৰিছিল, সেইয়া আছিল
এগৰাকী নাৰীৰ পৰম আধ্যাত্মিক মুক্তিৰ সংগীত।
অসমৰ ধৰ্মীয় ইতিহাসত বাঢ়ৈমৰা
সত্ৰৰ প্ৰতিষ্ঠা তথা সত্ৰখনৰ ঐতিহাসিক গুৰুত্ব কেইবাটাও দিশৰ পৰা মন কৰিবলগীয়া৷
সেই সমূহৰ ভিতৰত—
- নাৰীকেন্দ্ৰিক আধ্যাত্মিকতা: এইখন সত্ৰ আছিল মূলত নাৰীসকলৰ দ্বাৰা পৰিচালিত এক আধ্যাত্মিক কেন্দ্ৰ। ইয়াত নাৰীসকলে পুৰুষৰ সমান্তৰালভাৱে ধৰ্ম চৰ্চা আৰু গীত-মাতৰ শিক্ষা লাভ কৰিছিল।
- নিৰ্যাতিত নাৰীৰ আশ্ৰয়স্থল: বাঢ়ৈমৰা সত্ৰ আছিল সমাজৰ দ্বাৰা অৱহেলিত, স্বামী বা শাহুৰৰ দ্বাৰা নিৰ্যাতিত নাৰীসকলৰ এক সুৰক্ষিত আশ্ৰয়স্থল।
- শিক্ষা আৰু সৃজনীশীলতা: পদ্মপ্ৰিয়াই এই সত্ৰত নাৰীসকলক শাস্ত্ৰ শিক্ষা দিয়াৰ লগতে গীত-পদ ৰচনাৰো প্ৰেৰণা দিছিল। ই আছিল মধ্যযুগীয় অসমত নাৰী শিক্ষাৰ এক অন্যতম প্ৰতিষ্ঠানিক প্ৰয়াস।
আই পদ্মপ্ৰিয়াৰ চৰিত্ৰ
বিশ্লেষণ: বিদ্ৰোহ, সংঘাত আৰু
আধ্যাত্মিক উত্তৰণ
নিৰুপমা মহন্তৰ উপন্যাসখনত আই পদ্মপ্ৰিয়াৰ
চৰিত্ৰটো কেৱল এগৰাকী ধৰ্মপ্ৰাণ নাৰী হিচাপেই নহয়, বৰং মধ্যযুগীয় পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে থিয় দিয়া
এগৰাকী সাহসী বুদ্ধিজীবী হিচাপে অংকিত হৈছে৷ ঔপন্যাসিকাই অতি সংবেদনশীল আৰু বিচক্ষণতাৰে পদ্মপ্ৰিয়া চৰিত্ৰটোক জীৱন্ত ৰূপ
দিবলৈ সক্ষম হৈছে৷ তেওঁ চৰিত্ৰটোৰ বিকাশত কল্পনাৰ আশ্ৰয় যিমান লৈছে, তাতকৈ অধিক নিৰ্ভৰ কৰিছে
চৰিত্ৰটোৰ বিষয়ে উল্লেখ থকা প্ৰাচীন ধৰ্মীয় গ্ৰন্থসমূহৰ ওপৰত৷ তেওঁ পাতনিত লিখিছে
এইদৰে— ‘আমাৰ ভাৱনাত সাৰ-পানী যোগাবলৈ
প্ৰয়াত মোহনচন্দ্ৰ মহন্ত আৰু ডাঃ নবীন চন্দ্ৰ বৰদলৈ সম্পাদিত (পাঁচখন প্রাচীন
চৰিতপুথিৰ পৰা সংগৃহীত) 'মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ চৰিত্ৰ' আৰু 'কথাগুৰু চৰিত'ৰ পৰা কিছু সমল পোৱা গ'ল। তদুপৰি প্রয়াত দীনচন্দ্ৰ মহন্তৰ 'শ্রীশ্রী গোপালদেৱৰ কথাচৰিত', মোহন চন্দ্র মহন্তৰ 'মাধৱ বৈকুণ্ঠে গৈলা', 'গোপাল উদয় ভৈলা' আদি গ্রন্থকেইখনিয়ে সমল সংগ্ৰহত
সহায় কৰিলে। ইবোৰ গ্ৰন্থত ছেগা-চোৰোকাকৈ পোৱা দুই-এটা গীতৰ বাহিৰেও 'গজলা আতা প্রকাশন পৰিষদ'ৰ দ্বাৰা প্ৰকাশিত 'পদ্মপ্রিয়া' নামৰ সৰু গীতৰ পুথিখনিৰ পৰা
ভালেকেইটা গীত-ঘোষা লাভ কৰা হ'ল। ইবোৰকে আশ্ৰয়ৰূপে লৈ ঘটনাক্ৰমত সংগতি ৰাখি প্রয়োজন সাপেক্ষে নিজস্ব
উদ্ভাৱনী চিন্তাও সংযোজন কৰা প্ৰয়োজনবোধ কৰা হ'ল।’ (পৃ.অৱতৰণিকা)
ওপন্যাসিকাই পদ্মপ্ৰিয়া
চৰিত্ৰটোৰ জীৱন পৰিক্ৰমা বিদ্ৰোহৰ মাজেৰে আৰম্ভ
কৰি এক উচ্চস্তৰৰ আধ্যাত্মিক উপলব্ধিত সমাপ্ত কৰিছে। পদ্মপ্ৰিয়াৰ বিদ্ৰোহ আছিল মূলত সেই সময়ৰ নাৰী বিৰোধী সামাজিক নীতি-নিয়মৰ
বিৰুদ্ধে৷ উপন্যাসখনত দেখা যায় যে সমাজত
প্ৰচলিত ‘নাৰী শিক্ষাৰ বিৰোধী’ ধাৰণাটোক
তেওঁ কেতিয়াও স্বীকাৰ কৰা নাছিল৷ পিতৃ গোপাল আতাৰ কাষত বহি
শাস্ত্ৰ চৰ্চা কৰাৰ পৰাই তেওঁৰ মনত প্ৰশ্ন উদয় হৈছিল— কিয় কেৱল পুৰুষেই ধৰ্ম চৰ্চাৰ অধিকাৰী হ’ব? শংকৰদেৱৰ পুত্ৰদ্বয়ৰ মৃত্যুত শোকাগ্ৰস্ত দুই বোৱাৰীৰ ম্লান
মুখ দেখি তেওঁ উপলব্ধি কৰিছিল যে সমাজৰ সকলো নীতি-নিয়ম নাৰীৰ বিৰুদ্ধেহে তৈয়াৰ
কৰা হৈছে৷ এই উপলব্ধিৰ পৰাই তেওঁৰ মনত এক
বিদ্ৰোহী চিন্তাৰ জন্ম হৈছিল৷ তেওঁ
আনকি এসময়ত পুৰুষতান্ত্ৰিক সমাজৰ ‘ভোগৰ সামগ্ৰী’ হোৱাৰ পৰা বাচিবলৈ বিবাহ নকৰোৱাৰ
সংকল্প লৈছিল। এইধৰণৰ প্ৰগতিশীল চিন্তা তথা দৰ্শন ষষ্ঠদশ শতিকাৰ অসমীয়া নাৰীৰ বাবে আছিল
বৌদ্ধিক বিপ্লৱ স্বৰূপ৷
পদ্মপ্ৰিয়াৰ সাহিত্যিক অৱদান:
কাব্য-শৈলী আৰু বিষয়বস্তু
ষোড়শ শতিকাৰ অসমৰ নৱ-বৈষ্ণৱ
ধৰ্ম আন্দোলনৰ ইতিহাসত আই পদ্মপ্ৰিয়া আছিল এক অনন্য সৃজনীশীল প্ৰতিভাৰ অধিকাৰী
নাৰী। ভৱানীপুৰীয়া গোপাল আতাৰ দুহিতা পদ্মপ্ৰিয়াক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী
মহিলা কবি হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁৰ সাহিত্যিক অৱদান কেৱল ধৰ্মীয় চৰ্চাতে
সীমাবদ্ধ নাছিল, বৰং ই আছিল
মধ্যযুগীয় পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্বকীয় সত্তা আৰু বৌদ্ধিক অধিকাৰৰ এক
বলিষ্ঠ ঘোষণা। পদ্মপ্ৰিয়াৰ কাব্য-শৈলী আছিল মূলত ভক্তিপ্ৰধান আৰু শাস্ত্ৰীয় ছন্দৰ
ওপৰত আধাৰিত। তেওঁ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা শৈলীৰ দ্বাৰা অনুপ্ৰাণিত হৈ
বহুতো ঝুনা, দুলড়ী আৰু ভক্তিগীত আদি ৰচনা কৰিছিল। উপন্যাসখনত
উল্লেখ আছে যে তেওঁ দুলড়ী ছন্দত ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছিল, যাৰ মাজেৰে তেওঁৰ কাব্যিক সুষমা স্পষ্টকৈ ফুটি উঠিছিল। তেওঁৰ গীতসমূহৰ সুৰ
আৰু গায়কী ইমানেই প্ৰভাৱশালী আছিল যে ই নাৰীৰ লগতে পুৰুষ ভকতসকলৰ মন আলোড়িত কৰাৰ
লগতে বাঢ়ৈমৰা অঞ্চলত এক নতুন আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছিল।
পদ্মপ্ৰিয়াৰ ৰচনাসমূহৰ মূল
বিষয়বস্তু আছিল জীৱনৰ অসাৰতা, ঈশ্বৰ
ভক্তি আৰু পাৰ্থিৱ জগতৰ প্ৰতি থকা বৈৰাগ্য। তেওঁৰ কাব্যত ‘লিংগ-ভিত্তিক
ভক্তি’ (gendered devotion)ৰ এক সুক্ষ্ম ধাৰা দেখা যায়,
য’ত তেওঁ পুৰুষতান্ত্ৰিক সমাজৰ সংকীৰ্ণতাৰ মাজতো আধ্যাত্মিক মুক্তিৰ
পথ বিচাৰিছিল। তেওঁৰ কাব্যৰ এটি অন্যতম প্ৰখ্যাত পদ হ’ল— ‘পুত্ৰ
পতিধন সৱে অকাৰণ, যেন জলবিম্ব ভাসে। এই আছে নাই সৱে হ’ব ছাই,
সকলো কালৰ গৰাসে।।" (পৃ.১৩০) এই পদটোৱে কেৱল জীৱনৰ ক্ষণভঙ্গুৰতাকেই নহয়, বৰং সেই
সময়ৰ পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা ‘পুত্ৰ’
আৰু ‘পতি’ৰ সম্পৰ্ককো আধ্যাত্মিক দৃষ্টিৰে অসাৰ বুলি প্ৰমাণ কৰিছে। তেওঁৰ কাব্যশৈলীত শংকৰী সাহিত্যৰ প্ৰভাৱ স্পষ্ট হ’লেও তাৰ মাজতো এক
নিজস্ব অনুভৱ আৰু নাৰীসুলভ সংবেদনশীলতা বিদ্যমান।
পদ্মপ্ৰিয়াৰ সাহিত্য আছিল মূলতঃ
এগৰাকী নাৰীৰ আত্ম-প্ৰকাশৰ মাধ্যম (Self-expression)। তেওঁ নিজৰ
ৰচনাৰ জৰিয়তে দেখুৱাই দিছিল যে জ্ঞান আৰু ভক্তিৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ মাজত
কোনো প্ৰভেদ নাই। বাঢ়ৈমৰা সত্ৰত তেওঁ অৱহেলিত আৰু নিৰ্যাতিত নাৰীসকলক গীত-মাত আৰু
কাব্য চৰ্চাৰ শিক্ষা দি তেওঁলোকৰ মাজত মানসিক আৰু আধ্যাত্মিক উত্তৰণ ঘটাইছিল।
তেওঁৰ সাহিত্যই সেই সময়ৰ সমাজত নাৰীক কেৱল ‘ভোগৰ সামগ্ৰী’ হিচাপে গণ্য কৰা ধাৰণাটোক
প্ৰত্যাহ্বান জনাইছিল। সেইদৰে তেওঁৰ ৰচনাত বৈষ্ণৱ দৰ্শনৰ গভীৰ তত্ত্ব আৰু ভক্তিৰসৰ এক
অপূৰ্ব সংগম দেখা যায়।
নিৰুপমা মহন্তই উপন্যাসখনত পদ্মপ্ৰিয়াৰ
কাব্যিক প্ৰতিভাৰ আঁৰত থকা তেওঁৰ শৈশৱ আৰু কৈশোৰৰ বৌদ্ধিক পৰিৱেশৰ বিষয়টোকো
গুৰুত্ব দিছে। পিতৃ গোপাল আতাৰ কাষত বহি শাস্ত্ৰ চৰ্চা কৰাৰ পৰাই তেওঁৰ মনত যি
শব্দ আৰু সুৰৰ গুটি ৰোপণ হৈছিল, সেয়াই
পৰৱৰ্তী কালত ‘বাঢ়ৈমৰাৰ বসন্তবীণা’ হৈ স্বাভিমানেৰে বাজি উঠিছিল। ক’ব পাৰি— পদ্মপ্ৰিয়া আছিল এগৰাকী বিদূষী নাৰী যিয়ে সকলো সামাজিক বাধা নেওচি
নিজৰ সৃজনীশীলতাৰে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰিলে।
তেওঁৰ ৰচনাসমূহ বিশেষকৈ তেওঁৰ কাব্যই আজিও অসমীয়া সমাজত নাৰীৰ মৰ্যাদা, জ্ঞান আৰু আধ্যাত্মিক মুক্তিৰ প্ৰতীক হৈ আছে।
সামগ্ৰিক সিদ্ধান্ত
নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰিয়া: বাঢ়ৈমৰাৰ বসন্তবীণা’ উপন্যাসখনে ইতিহাসৰ বিস্মৃতিৰ গৰ্ভৰ পৰা
এগৰাকী মহীয়সী নাৰীক উদ্ধাৰ কৰি আধুনিক সাহিত্যত পুনৰ প্ৰতিষ্ঠা কৰিছে। পদ্মপ্ৰিয়াৰ জীৱন সংগ্ৰাম আছিল আক্ষৰিক অৰ্থত
পুৰুষতন্ত্ৰৰ বিৰুদ্ধে এক বৌদ্ধিক আৰু আধ্যাত্মিক বিদ্ৰোহ।
অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ
ফলস্বৰূপে গঢ়ি উঠা সত্ৰীয়া অনুষ্ঠানসমূহ মূলত ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ আছিল৷ কিন্তু প্ৰতিষ্ঠানিক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে দেখা যায় যে, এই ব্যৱস্থাটো মূলত পুৰুষতান্ত্ৰিক আৰু বংশানুক্ৰমিক আধিপত্যৰ
দ্বাৰা নিয়ন্ত্ৰিত আছিল৷ নিৰুপমা মহন্তৰ
উপন্যাসখনত পদ্মপ্ৰিয়াৰ জীৱন আৰু তেওঁ স্থাপন কৰা ‘বাঢ়ৈমৰা সত্ৰ’ই এই পৰম্পৰাগত প্ৰতিষ্ঠানিক বৈষম্যক প্ৰত্যাহ্বান জনাই এক নতুন
ইতিহাসৰ সূচনা কৰিছিল। উপন্যাসখনত পদ্মপ্ৰিয়াৰ চৰিত্ৰটোৱে এজন সাধাৰণ নাৰীৰ পৰা এগৰাকী ‘আধ্যাত্মিক
গুৰু’লৈ হোৱা উত্তৰণৰ কাহিনী অতি সফলভাৱে প্ৰকাশ কৰিছে। তেওঁ সমসাময়িক সমাজ ইতিহাসত
এগৰাকী নাৰী অধিকাৰ কৰ্মী হিচাপেই অৱতীৰ্ণ হৈছে৷ ক’ব পাৰি— নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰিয়া: বাঢ়ৈমৰাৰ বসন্তবীণা’
উপন্যাসখন কেৱল পদ্মপ্ৰিয়াৰ জীৱন গাঁথাৰ একক বৰ্ণনা নহয়, বৰং
ই মধ্যযুগীয় অসমৰ সামাজিক-সাংস্কৃতিক তথা ধৰ্মীয় গাঁথনিৰ এক
সমাজতাত্ত্বিক বিশ্লেষণ। পদ্মপ্ৰিয়া চৰিত্ৰটোৰ জৰিয়তে লেখিকাই প্ৰমাণ কৰিছে যে
নাৰীৰ ইচ্ছা শক্তি আৰু বৌদ্ধিক প্ৰতিভাই সমাজৰ যিকোনো বাধা নেওচি আগবাঢ়ি যাব পাৰে৷
ঐতিহাসিকভাৱে শংকৰদেৱৰ বোৱাৰী
আই কনকলতাই প্ৰথমবাৰৰ বাবে ‘ধৰ্ম অধিকাৰিণী’ হিচাপে দায়িত্ব গ্ৰহণ কৰি ১২ গৰাকী
আতা বা ধৰ্মাচাৰ্য নিযুক্তি দিছিল৷ পদ্মপ্ৰিয়াও এই পৰম্পৰাৰ এগৰাকী অবিচ্ছেদ্য অংশ আছিল। বাঢ়ৈমৰা সত্ৰই এই
প্ৰতিষ্ঠানিক ধাৰাটোক অধিক গতিশীল আৰু সৰ্বসাধাৰণ নাৰীৰ বাবে মুকলি কৰি দিছিল। পদ্মপ্ৰিয়াই বাঢ়ৈমৰা জানৰ পাৰত যি ‘বসন্তবীণা’ৰ সুৰ তুলিছিল, সি কেৱল ধৰ্মীয় সংগীত নাছিল, বৰং সি
আছিল নাৰীৰ অধিকাৰ আৰু আত্মপৰিচয়ৰ এক প্ৰতিধ্বনি৷ এই বাঢ়ৈমৰা সত্ৰখন কেৱল সাধাৰণ সত্ৰ হৈ নাথাকি পুৰুষশাষিত সমাজৰ আৱৰণ ফালি
নাৰীৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ এক মঞ্চ হৈ পৰিছিল৷ যদিও কালৰ সোঁতত বৰ্তমান সময়ত বাঢ়ৈমৰা সত্ৰৰ ভৌতিক অস্তিত্ব ম্লান হৈছে, তথাপি স্বকীয় প্ৰতিভাৰে বিকশিত মহিমামণ্ডিত বিদূষী নাৰী আই পদ্মপ্ৰিয়াৰ
এই বৈপ্লৱিক পদক্ষেপ আজিও অসমীয়া সমাজৰ সামাজিক ইতিহাসৰ এক গৌৰৱোজ্জ্বল
অধ্যায় হৈ জিলিকি আছে।
পৰিশেষত ক’ব পাৰি নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰীয়া: বাঢ়ৈমৰাৰ বসন্তবীণা’ উপন্যাসখন কেৱল ইতিহাসৰ চৰ্চা নহয়, বৰঞ্চ ই পুৰুষতান্ত্ৰিক ইতিহাস লেখনে
পাহৰি যোৱা এজনী নাৰীৰ আধ্যাত্মিক আৰু সামাজিক ক্ষমতাৰ পুনৰুদ্ধাৰ।
গ্ৰন্থপঞ্জী
মূল গ্ৰন্থ
মহন্ত, নিৰুপমাঃ পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তবীণা, বাণী মন্দিৰ, প্ৰথম প্ৰকাশ, ২০২২
সহায়ক গ্ৰন্থ
নেওগ, মহেশ্বৰঃ গুৰু-চৰিত-কথা (সম্পা.) দ্বিতীয় প্ৰকাশ,
গুৱাহাটী ইউনিভাৰ্ছিটি প্ৰেছ, ২০০৩
মহন্ত, বাপচন্দ্ৰঃ শংকৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থা, অসম প্ৰকাশন পৰিষদ, দ্বিতীয় প্ৰকাশ, ২০১২
Barua, Birinchi
Kumar: Sankardeva: Vaishnava Saint of
Assam, Assam academy for cultural relations, 1960
Sarma, S. N.: The Neo-Vaishnavite Movement and Satra
Institution of Assam. Gauhati University, 1966
Saini, Angela. The Patriarchs: The Origins of Inequality.
Beacon Press, 2023
Neog, Maheswar:
Early History of the Vaishnava Faith
and Movement in Assam ( Sankardeva and His Times), Gauhati: Gauhati
University Press, 3rd Edition, Delhi, 1985
Walby, Sylvia: Theorizing Patriarchy. Oxford: Basil
Blackwell, 1990
0 Comments