নিৰুপমা মহন্তৰ ‘পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা’: বিস্মৃত নাৰী প্ৰতিভাৰ পুনৰুদ্ধাৰ

ষষ্ঠদশ শতিকাৰ অসমৰ সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰখন মূলতঃ জাতিভেদ প্ৰথাধৰ্মীয় আচাৰ-অনুষ্ঠানৰ কঠোৰতা আৰু লিংগভিত্তিক বৈষম্য (gender discrimination)ৰে জৰ্জৰিত আছিল এই স্থৱিৰপৰম্পৰাগত আৰু বৈষম্যমূলক পৰিৱেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মই এক আমূল আৰু মানৱতাবাদী পৰিৱৰ্তনৰ সূচনা কৰিছিল এই সূচনাৰ মূল আধাৰ আছিল ‘এক শৰণ নাম ধৰ্ম’ আৰু এই ধৰ্মই জাতি-বৰ্ণ-লিংগ নিৰ্বিশেষে সকলোকে ভক্তিৰ ক্ষেত্ৰত সমঅধিকাৰ প্ৰদান কৰি এখন সমতা আৰু আধ্যাত্মিক চেতনাৰে সমৃদ্ধ সমাজ গঠনৰ দিশে আগুৱাই নিবলৈ যত্ন কৰিছিল৷

শংকৰদেৱ পোনপটীয়াকৈ সমাজ সংস্কাৰৰ লগত জড়িত নাছিল যদিও ভক্তি আন্দোলনৰ মাধ্যমেৰে তেৰাই সমাজ ব্যৱস্থাৰ প্ৰচলিত বিশ্বাস, ৰীতি-নীতি আৰু সংস্কাৰত আঘাত কৰিছিল; যিয়ে তদানীন্তন পৰিৱেশত ধৰ্ম আৰু সাংস্কৃতিক আচৰণৰ মাজেদি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল৷ এই পৰিৱৰ্তনে সমসাময়িক সময়ছোৱাত আৰু তাৰ পৰৱৰ্তী সময়ত অসমত ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ৰূপ ললে৷ এই সামাজিক তথা ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ফলস্বৰূপে সমাজ ব্যৱস্থালৈ অহা বিভিন্ন পৰিৱৰ্তনসমূহৰ ভিতৰত নামঘৰকীৰ্তনঘৰ আৰু ধৰ্মীয় আলাপ-অনুষ্ঠানত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি পোৱা দেখা গৈছিল৷ যদিও কিছুমান সত্ৰীয়া প্ৰতিষ্ঠানত পৰৱৰ্তী কালত পুৰুষতান্ত্ৰিক নীতি-নিয়মে পুনৰ প্ৰভাৱ বিস্তাৰ কৰিছিল বা নাৰীক সত্ৰ বা নামঘৰৰ মূল কাম-কাজৰ পৰা আঁতৰাই কেৱল এচুকত স্থান দিয়া হৈছিলতথাপি শংকৰদেৱৰ সংস্কাৰধৰ্মী আদৰ্শই নাৰীৰ বাবে এক ‘প্ৰতিবাদী আধ্যাত্মিক স্থান’ (Contested Spiritual Space) মুকলি কৰি দিছিল  উদাহৰণ স্বৰূপে এই প্ৰসংগত আই কনকলতাৰ প্ৰসংগ আনিব পাৰি৷  তেওঁ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা ‘ধৰ্ম অধিকাৰিণী’ বা সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি ১২ গৰাকী ধৰ্মাচাৰ্য নিযুক্তি দিবলৈ সক্ষম হৈছিল একেদৰে আই পদ্মপ্ৰিয়াই সমাজৰ বাধা নেওচি শাস্ত্ৰ অধ্যয়ন কৰি অসমীয়া সাহিত্যৰ প্ৰথম মহিলা কবি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে বাঢ়ৈমৰা নাৰী সত্ৰ প্ৰতিষ্ঠাৰ মাজেৰে নাৰী সৱলীকৰণৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল তদুপৰি তেওঁ সেই সময়ৰ সমাজ ব্যৱস্থাক আশ্বৰ্যান্বিত কৰি শোষিতনিপীড়িত নাৰীসকলক গোটাই গীত-মাতনাম-কীৰ্তন শিকাই মানসিক আৰু আধ্যাত্মিক উত্তৰণৰ প্ৰয়াস কৰিছিল৷ মুঠতে ক’ব পাৰি—সামাজিক আৰু আধ্যাত্মিক অধিকাৰৰ ক্ষেত্ৰত নৱ বৈষ্ণৱ ধৰ্মই সমাজ ব্যৱস্থাত পুৰুষ-নাৰী উভয়ৰে দৃষ্টি আৰু দৰ্শনত এক নতুন দিগন্তৰ সূচনা কৰিছিল 

শংকৰদেৱ আৰু মাধৱদেৱৰ উত্তৰকালৰ উজনি অসমৰ বৈষ্ণৱ ধৰ্মৰ গুৰিধৰোতাসকলৰ ভিতৰত কাল সংহতিৰ প্ৰৱৰ্তক ভৱানীপুৰীয়া গোপাল আতা এগৰাকী অন্যতম ব্যক্তি আছিল৷ তেওঁৰ দুহিতা আই পদ্মপ্ৰিয়া আছিল এই আন্দোলনৰ এগৰাকী দৃঢ়চেতা আৰু বৌদ্ধিক সত্তাৰ অধিকাৰী এইগৰাকী নাৰীয়ে প্ৰথম মহিলা কবি হিচাপে অসমৰ সাহিত্যিক ইতিহাসত সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ পদ্মপ্ৰিয়াই নিজৰ বুদ্ধিমত্তা আৰু প্ৰতিভাৰে দেখুৱাইছিল যে— জ্ঞান আৰু ভক্তিৰ ক্ষেত্ৰত লিংগৰ কোনো ভূমিকা নাথাকে তেওঁ প্ৰতিষ্ঠা কৰা বাঢ়ৈমৰা সত্ৰ আছিল সেই সময়ৰ পুৰুষতান্ত্ৰিক ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ মাজত সমান্তৰাল আৰু বৈপ্লৱিক আৰ্হি এই সত্ৰত পদ্মপ্ৰিয়াই নিজে সত্ৰাধিকাৰৰ ভূমিকা পালন কৰি ধৰ্মীয় আৰু সাংগঠনিক দক্ষতা নাৰীৰ মাজতো যে বিদ্যমান সেই কথাৰ প্ৰমাণ কৰিছিল

এইগৰাকী বিদুষী নাৰীক কেন্দ্ৰ কৰি সত্ৰীয়া সংস্কৃতিৰ গৱেষক তথা লেখক নিৰুপমা মহন্তই ২০২২ চনত লিখি উলিয়াইছে ‘পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা’ শীৰ্ষক জীৱনভিত্তিক উপন্যাসখন৷ উপন্যাসখনত ষষ্ঠদশ শতিকাতে অসমৰ নাৰী সমাজক আধ্যাত্মিকভাৱে নেতৃত্ব দি নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ বিষয়ে সচেতন কৰোঁৱা ধৰ্মানুৰাগী নাৰী পদ্মপ্ৰিয়াৰ জীৱন আৰু দৰ্শন সম্পৰ্কে কলাত্মকভাৱে বৰ্ণনা কৰা হৈছে৷ অসমৰ সামাজিক তথা ধৰ্মীয় ইতিহাসত অৱহেলিত এইগৰাকী নাৰীৰ জীৱনগাথাক কেন্দ্ৰ কৰি ঔপন্যাসিকাই কিছু ঐতিহাসিক তথ্যৰ আলম লৈ এই উপন্যাসখন নিৰ্মাণ কৰিছে৷

উপন্যাসখনৰ আৰম্ভণিতেই আমি দেখিবলৈ পাওঁ ভৱানীপুৰীয়া গোপাল আতাৰ মৃত্যুৰ পিছত সত্ৰীয়া সমাজ ব্যৱস্থাত নেতৃত্বৰ সংকটে দেখা দিছে এগৰাকী নাৰীয়ে পুৰুষতন্ত্ৰৰ দ্বাৰা পৰিচালিত এটা ধৰ্মীয় অনুষ্ঠানৰ নেতৃত্ব লব পাৰেনে! এই প্ৰশ্নটোৱে সমসাময়িক সমাজখনক বিমোৰত পেলাইছে৷ উপন্যাসখনৰ  জৰিয়তে ঔপন্যাসিকে দেখুৱাইছে কেনেকৈ পদ্মপ্ৰিয়াই নিজৰ মেধাশক্তিকাব্যিক প্ৰতিভা আৰু অদম্য সাহসৰ জৰিয়তে সমাজৰ এই লিংগভিত্তিক শ্ৰম বিভাজন, সাংস্কৃতিক আধিপত্য’ ধৰ্ম আৰু সংস্কৃতিৰ পৰম্পৰাগত ব্যৱস্থাটোক প্ৰত্যাহ্বান জনাই নাৰী সমাজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ পদ্মপ্ৰিয়াই এই বৌদ্ধিক তথা সামাজিক সচেতনতাৰ দিশলৈ মন মেলাৰ অন্তৰালৰ কাৰক হিচাপে উপন্যাসখনত লিখিছে এইদৰে— ‘‘আপোনাসবে দেখি আহিছে আতাপুৰুষৰ জীৱিত কালৰে পৰা কালঝাৰ সত্ৰত পুৰুষৰ সমান্তৰালকৈ নাৰীসকলক লৈ আমি নিত্য আৰু নৈমিত্তিকভাবে নাম-প্ৰসংগ কৰি আহিছোঁ। সময়ে সময়ে মন কৰিছিলোঁ যে নাৰীসকল সমাজলৈ আনকি নামঘৰলৈ অহাৰ ক্ষেত্ৰতো প্রায়ে বাধাগ্রস্তভীতিগ্রস্ত আৰু সংকুচিত। লেটাৰ মাজত পলুটো সোমাই থকাৰ দৰে কেৱল সাংসাৰিকতাত সোমাই থাকি সন্তান জন্ম দিয়া এক ভোগৰ সামগ্ৰীৰূপে জীৱন পাত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হয়। তেওঁলোকক ধৰ্ম-কৰ্মৰ বাট দেখুওৱাৰমুক্তিৰ পথ দেখুওৱাৰ কথা কোনেও প্রয়োজনবোধ নকৰে। কতবোৰ নিষ্পেষিত নাৰীয়ে অজ্ঞান আন্ধাৰত খেপিয়াই ফুৰি পথভ্রষ্ট হৈ জীৱন নিপাত কৰে।’’ (পৃ.৯) ইয়াৰ পৰাই বুজিব পাৰি পদ্মপ্ৰিয়াই নাৰী সমাজৰ উত্তৰণ আৰু নাৰীয়ে ভুগি থকা অকথ্য দুখকষ্টৰ পৰিত্ৰাণৰ বাবে আৰু নাৰীৰ সামগ্ৰিক উত্তৰণৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছিল৷ তেওঁ বাঢ়ৈমৰা সত্ৰত স্থায়ীভাৱে কোনো পুৰুষেই থাকিব নোৱাৰিব বুলি কৰা নিয়মেও প্ৰমাণ কৰে যে পুৰুষৰ সহায় তথা সহযোগিতা অবিহনেও নাৰীয়ে নিজেই নিজৰ পথ মোকলাই ল’ব পাৰে৷ ষষ্ঠদশ শতিকাৰ সময়ছোৱাত পদ্মপ্ৰিয়াৰ এই নীতি পুৰুষশাষিত সমাজৰ বিপক্ষে একধৰণৰ বলিষ্ঠ পদক্ষেপ আছিল৷ পদ্মপ্ৰিয়াৰ বাঢ়ৈমৰা সত্ৰত থাকিবলৈ অহা সংগীসকলৰ জীৱন-যন্ত্ৰণাও আছিল তথৈবচ৷ স্বামীৰ গৃহৰ পৰা অৱহেলিতলাঞ্ছিত হৈ গুচি আহিবলগীয়া হোৱা দুৰ্ভগীয়া নাৰী ৰমলাপোৰোলা নদীৰ বলীয়া বানে ঘৰ-দুৱাৰপুত্ৰ-নাতি সকলোকে উটুৱাই নি দিশহাৰা কৰা বয়সস্থ মহিলা বা গিৰীয়েকৰ মৃত্যুৰ পাছত দুই পুত্ৰৰ অৰিয়াঅৰিত এটায়ো মাকৰ দায়িত্ব ল’ব নোখোজা মনোহাৰী নামৰ এগৰাকী মহিলা আদি আছিল এইক্ষেত্ৰত অন্যতম৷

উপন্যাসখনৰ কাহিনীভাগত পোৱা যায় স্বামীগৃহত এগৰাকী বোৱাৰীয়ে পাবলগীয়া প্ৰকৃত মৰ্যাদাখিনি পদ্মপ্ৰিয়াই পোৱা নাছিল৷ তেওঁৰ মৰ্যাদা কেৱল ৰন্ধা-বঢ়া, সকলোকে সেৱা-শুশ্ৰষা কৰা আৰু স্বামীৰ আজ্ঞা পালনৰ মাজতে সীমাবদ্ধ আছিল সেই সময়ত নাৰীয়ে শিক্ষা গ্ৰহণ কৰা, শাস্ত্ৰ চৰ্চা কৰা আছিল নিষিদ্ধ৷ সমাজত অন্ধবিশ্বাস প্ৰচলিত আছিল যে নাৰীয়ে শাস্ত্ৰ পঢ়িলে সমাজ ৰসাতলে যাব৷ এই সাংস্কৃতিক আধিপত্যক প্ৰত্যাহ্বান জনাই কৈছিল— ‘আত্মা একসেই বাবে পুৰুষৰ যি শক্তি সামৰ্থ্য আছেসি তিৰুতাৰো আছে৷ এয়া আছিল পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এগৰাকী নাৰীৰ একপ্ৰকাৰৰ বৌদ্ধিক বিদ্ৰোহ। পদ্মপ্ৰিয়াই নিজৰ প্ৰাপ্য অধিকাৰৰ প্ৰতি সচেতন হোৱাৰ সমান্তৰালভাৱে আশা কৰিছিল যে সমাজৰ অন্য নাৰীসকলেও যাতে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ কথা বুজি পায় (পৃ.১৬)৷ নাৰী যে অথৰ্ব নহয়সমাজৰ বাধা-নিষেধবোৰ আঁতৰাব পাৰিলে নাৰী যে স্ৰষ্টাদ্ৰষ্টাজগতৰ কল্যাণ কামিনী অমোঘ শক্তি স্বৰূপঃ হৈ উঠিব পাৰে (পৃ.১৭)— তাৰ হকেই তেওঁ কাম কৰিবলৈ আগবাঢ়ি আহিছিল৷ ইয়াৰ বাবে তেওঁ হাতত ধৰি কোনোবা এজনীক যদি আখৰ শিকালেকোনোবা এজনীক আকৌ গীত-মাত আওঁৰাবলৈগাবলৈ শিকালে আৰু পবিত্ৰভাৱে জীয়াই থকাৰ শিক্ষা দিলে৷ তদুপৰি তেওঁ সমসাময়িক বা পূৰ্বৰ দুই এগৰাকী নাৰী যেনে শঙ্কৰদেৱৰ ধাতৃ চন্দৰীৰাধিকা শান্তি আদিৰ উদাহৰণ দি নাৰী সমাজে যে যুগে যুগে নিজৰ মেধাজ্ঞান আৰু সামাজিক আৰু নৈতিক মূল্যক গুৰুত্ব দি আহিছে আৰু সমাজত উচ্চ স্থান লাভ কৰি আহিছে সেই প্ৰসংগৰো উল্লেখ কৰিছে৷ নাৰীয়ে লিখা-পঢ়া শিকিলেশাস্ত্ৰ পঢ়িলে নৰকগামী নহয়প্ৰকৃততে বৈকুণ্ঠগামী হয়’ (পৃ-২৪)— এই ধাৰণাটো পদ্মপ্ৰিয়াই তেওঁৰ সত্ৰত থকা নাৰী সমাজক বুজাইছিল৷ সেইদৰে ৰজস্বলা হোৱাটো যে পাপ নহয় এয়া প্ৰকৃতিৰ নিয়মহেতাকো পদ্মপ্ৰিয়াই নাৰীসকলক বুজাইছিল৷ এনেদৰেই সমাজৰ নিৰ্যাতিতা নাৰী সমাজক পদ্মপ্ৰিয়াই শিক্ষিত কৰি তুলিবলৈ যত্ন কৰিছিল৷

যদিও পদ্মপ্ৰিয়াই প্ৰতিষ্ঠা কৰা বাঢ়ৈমৰাৰ সত্ৰত থকা নাৰী সমাজে পদ্মপ্ৰিয়াক ‘লক্ষ্মী’, ‘সৰস্বতী’ যেন জ্ঞান কৰিছিল (পৃ.১৯) ইয়াৰ বিপৰীতে অৱশ্যে পদ্মপ্ৰিয়াই নিজকে তেজ মঙহৰ সাধাৰণ নাৰী হিচাপেহে পৰিচয় দিব বিচাৰিছে আৰু উল্লেখ কৰিছে যে— ‘আপোনালোকৰ দৰে ময়ো জীৱনৰ অনেক ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আহি এই পৰ্যায়ত ভৰি দিছোহি৷ পাৰ্থক্য মাথোন ইমানেই— মই জীৱনৰ সংঘাতলৈ ভয় নকৰি সাহসেৰে সেইবোৰৰ সন্মুখীন হৈছোঁ৷’ (পৃ.২০) মানৱ জীৱন যে অসাৰ নহয় আৰু পুৰুষ-নাৰী সকলোৰে বাবেই যে ই সমানএই অধিকাৰৰ কথা নাৰীসকলৰ সন্মুখত পদ্মপ্ৰিয়াই দৃঢ়তাৰে তুলি ধৰিছিল৷

ভাৰতীয় সমাজ ব্যৱস্থাত পুৰুষতান্ত্ৰিক পৰম্পৰাই নাৰী আৰু পুৰুষৰ কৰ্মৰ বিভাজন স্পষ্ট কৰি দিছে আৰু নাৰীৰ বাবে ঘৰুৱা কৰ্ম নিৰ্দিষ্ট কৰি থোৱা হৈছিল৷ এই ‘পুৰুষতন্ত্ৰ’ৰ পৰিসীমা অতিক্ৰম কৰাটো এগৰাকী নাৰীৰ বাবে অতি দুৰহ আছিল৷ কিন্তু পদ্মপ্ৰিয়াই সেই বাধা সাহসেৰে অতিক্ৰম কৰি প্ৰথাগত ধাৰণাৰ মাজত এক ব্যতিক্ৰম ৰূপে অৱতীৰ্ণ হৈছিল৷ পদ্মপ্ৰিয়াই তেওঁৰ পিতৃ গোপাল আতাৰ সহায় তথা আদৰ্শৰেই বাট বুলি এই প্ৰচলিত ব্যৱস্থাটোক প্ৰত্যাহ্বান জনাই শাস্ত্ৰ অধ্যয়ন আৰু গীত ৰচনাৰ দিশত অগ্ৰসৰ হৈছিল৷ পদ্মপ্ৰিয়াই নাৰী সমাজৰ আগত নিজৰ প্ৰাপ্য অধিকাৰ আৰু গুৰুত্বৰ কথা বুজোৱাৰ পাচত তেওঁৰ শৃষ্যত্ব গ্ৰহণ কৰি এগৰাকী নাৰী (গোলাপী)য়ে উল্লেখ কৰিছে এনেদৰে ইমান দিনে আমি জানি আছিলো বোলে তিৰোতাবোৰ নৰকৰ দ্বাৰ। সিহঁতে শাস্ত্ৰ চুব নাপায়। নাৰীয়ে পঢ়া-লিখা কৰিলে নিজে নষ্ট যায় আৰু সমাজকো ৰৌ ৰৌ নৰকত পেলায়এতিয়া আমি আইগৰাকীয়ে শাস্ত্র পঢ়িগীতপদ ৰচনা কৰি বাঢ়ৈমৰাৰ মৰতকো সৰগত পৰিণত কৰা চকুৰ আগতে দেখা পালো। ক'লা কাপোৰেৰে ইমান দিনে আমাৰ চকুবোৰ ঢাকি ৰাখিছিলআইৰ কৃপাত খোল খাইছে। অকণ পোহৰ দেখিছোঁ। এৰাআমাক নো আৰু কি লাগে?’ (পৃ.২০) এই উপলব্ধি প্ৰকৃততে সমগ্ৰ নাৰী সমাজৰ মাজত উদয় হোৱাটো পদ্মপ্ৰিয়াই বিচাৰিছিল৷

প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে নিজকে থিয় কৰাবলৈ নাৰীয়ে নিজৰ ভিতৰৰ শক্তিক সক্ৰিয় কৰিব লাগিব৷ সেয়েহে তেওঁ কৈছিল মই মোৰ পথ নিজেই বাছি ল... মই কাৰো ওপৰত বোজা হৈ নাথাকো।" (পৃ.) এই দৃঢ়তা আছিল তেওঁৰ আধ্যাত্মিক জাগৰণৰো মুহূৰ্ত। পদ্মপ্ৰিয়াই বুজি পাইছিল পিতৃৰ আদৰ্শ জীয়াই ৰাখিবলৈ হলে তেওঁ এখন সুকীয়া ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগিব।
পদ্মপ্ৰিয়াৰ জন্ম হৈছিল বৰপেটা জিলাৰ ভৱানীপুৰ সত্ৰত৷ পিতৃৰ নাম  গোপাল আতা আৰু মাতৃৰ নাম আছিল বৃন্দাৱতী৷ বৃন্দাৱতীয়ে প্ৰথম পৰ্যায়ত সন্তান জন্ম দিব পৰা নাছিল বাবে শাহুৱেক ব্ৰজাঙ্গীয়ে তাইক দেখিব নোৱাৰা পৰিৱেশ আৰু পুত্ৰক দ্বিতীয় বিবাহ কৰাবলৈ বাধ্য কৰোঁৱা অৱস্থাটোৱে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৱে নাৰীক যে কেৱল সন্তান জন্ম দিব পৰা একধৰণৰ সামগ্ৰী হিচাপেহে গণ্য কৰিছিলসেই কথাটোৰ প্ৰতিফলিত ঘটিছে৷ অৱশ্যে গোপাল আতাই দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হোৱা পাছত দ্বিতীয় পত্নী সুভাগী গৰ্ভৱতী হোৱাৰ সময়ছোৱাতে প্ৰথমাপত্নী বৃন্দাৱতীও গৰ্ভৱতী হয়৷ কেৱল সন্তান নাই বুলিয়ে দ্বিতীয় বিবাহ কৰাবলৈ মাকে দিয়া উচতনি আৰু সতিনী চপোৱা কাৰ্যটো সেই সময়ৰ সমাজ ব্যৱস্থাত যে তেনেই স্বাভাৱিক আছিল আৰু পুৰুষৰ বহু বিবাহ শাস্ত্ৰ সন্মত ধৰণৰ নীতি হে আছিল;  সেই কথাটোও উপন্যাসখনত বিতংভাৱে উপস্থাপন কৰা হৈছে৷  সতিনী কেন্দ্ৰিক সংঘাত আৰু পুৰুষৰ বহু-বিবাহ প্ৰথাই নাৰীৰ জীৱন কেনেকৈ ধ্বংস কৰিছিলসেইটো দিশো নিৰুপমা মহন্তই উপন্যাসখনত মৰ্মস্পৰ্শীভাৱে উপস্থাপন কৰিছে।

প্ৰতিবাদী ব্যক্তিৰ দৃঢ়তা এটা দিনত গঢ় নলয়৷ শৈশৱৰ পৰাই পদ্মপ্ৰিয়াই নিজৰ দৃঢ়তা কিদৰে গঢ়ি তুলিছে, ঔপন্যাসিকে সেয়া কাহিনীভাগত বৰ্ণনা কৰিছে৷ উপন্যাসখনত দেখা গৈছে যে পদ্মপ্ৰিয়াই সৰুৰে পৰাই দেউতাকৰ পৰা এক বৌদ্ধিক পৰিৱেশ পাইছিল সেই সময়ৰ সমাজ ব্যৱস্থাত নাৰী শিক্ষা নিষিদ্ধ আছিল যদিও গোপাল আতাই নিজৰ কন্যাক শাস্ত্ৰ শিক্ষা দিছিল পদ্মপ্ৰিয়াই পিতৃৰ কাষত বহি নাম-কীৰ্তনঝুনা আৰু দুলড়ী ছন্দৰ চৰ্চা কৰিছিল আনকি পিতৃয়েই পদ্মপ্ৰিয়াক বেদৰ যুগৰ ভাৰতবৰ্ষত গাৰ্গীআত্ৰেয়ীলোপমুদ্ৰা আদি নাৰীসকলে বেদৰ মন্ত্ৰ সুৰ লগাই গোৱাৰ কথা উল্লেখ কৰি তেওঁ যাতে ডাঙৰ হ’লে গীত গোৱাৰ লগতে ৰচিবও পাৰেসেই শিক্ষা দিছিল৷ এইধৰণৰ প্ৰগতিশীল শিক্ষাই পদ্মপ্ৰিয়াক সমাজৰ সংকীৰ্ণতাৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস যোগাইছিল। সমান্তৰালভাৱে পদ্মপ্ৰিয়া ঋতুমতী হোৱাত সমাজ আৰু ঘৰখনৰ নাৰীসকলে তাইৰ প্ৰতি বান্ধি দিয়া  কেতবোৰ নীতি-নিয়ম মানিব নোৱাৰোঁ বুলি সৰুতেই প্ৰতিবাদ কৰিছিল যদিও নাৰী সমাজেই একোগৰাকী সৰু ছোৱালীক পুষ্পিতা হোৱাৰে পৰাই নিৰ্দিষ্ট নীতি-নিয়মৰ মাজত ৰাখিবলৈ কৰা চেষ্টা আৰু লেটাৰ মাজত পলুটো আবদ্ধ হোৱাৰ দৰে নাৰীৰ চিন্তাসৃষ্টিশীলতাৰে প্ৰকৃতি মানৱ সত্তাক আবদ্ধ কৰি নিজকে পুৰুষৰ সেৱিকা ৰূপে গঢ় দিবলৈ যে বাধ্য কৰেসেই সম্পৰ্কে উল্লেখ কৰিছে৷

পদ্মপ্ৰিয়াৰ বিবাহৰ মাজেৰে ঔপন্যাসিকাই আন এক সংঘাতৰ উপস্থাপন কৰিছে যি সংঘাতৰ উপস্থিতিয়ে চৰিত্ৰটোক অধিক দৃঢ় কৰি তুলিছে৷ পদ্মপ্ৰিয়াৰ অনিচ্ছা সত্ত্বেও এজন শাক্ত ধৰ্মাৱলম্বী পুৰুষ ভগীৰথৰ সৈতে বিয়া দিয়া হৈছিল বিবাহৰ পূৰ্বে সেয়েহে তেওঁ নিজৰ ঘৰখনক সুখ দিবলৈকে বিয়াত বহিছোঁ বুলিও প্ৰকাৰন্তৰে উল্লেখ কৰিছে৷ লগতে তেওঁ এই সতৰ্কবাণীও কৰিছিল মোক বলিৰ পঠা সজাবলৈ পৰিয়ালৰ সকলোৰে কৰা ইচ্ছাত মই সন্মতি দিছোকিন্তুমোৰ পিতৃৰূপীগুৰুৰূপী গোপালদেৱে দিয়া জ্ঞান আৰু আদৰ্শৰ বিভ্রাট ঘটা দেখিলে মোৰ ব্যৱস্থা মই নিজেই ল'ম।’ (পৃ.১২০) এফালে শাক্ত পৰম্পৰাৰ নীতিবলিদান আৰু আনফালে শঙ্কৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ অহিংসা নীতিৰ মাজত পদ্মপ্ৰিয়াই তীব্ৰ মানসিক সংঘাতৰ সন্মুখীন হৈছিল৷ স্বামীগৃহত  তেওঁক ‘দাম্ভিক নাৰী’ বুলি আখ্যা দি অপমান কৰা হৈছিল (পৃ.১২৪) শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ নীতি-নিয়ম বাদ দি শাক্তপন্থীয় নীতিবোৰ পালন কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই পদ্মপ্ৰিয়াক তীব্ৰ বিদ্ৰোহী কৰি তুলিছিল৷ তেওঁৰ এই বিদ্ৰোহ নাৰীৰ স্বতন্ত্ৰ পৰিচয় ৰক্ষাৰ সংগ্ৰামো আছিল তদুপৰি এই বিদ্ৰোহ পুৰুষৰ আধিপত্যৰ বিৰুদ্ধে এগৰাকী সচেতন নাৰীৰ নৈতিক যুদ্ধ আছিল তেওঁ স্পষ্টকৈ কৈছিল— ‘নাৰী মানেই নিজৰ এটা মন থকা জীৱআদর্শবিহীন জড় পদার্থ নহয় তদুপৰি স্বামীগৃহত চলি থকা নিৰীহ জীৱ বলিদান আৰু ধৰ্মীয় গোড়ামীৰ সৈতে তেওঁৰ বৈষ্ণৱীয় অহিংসা নীতিৰ তীব্ৰ সংঘাত ঘটিছিল৷ পুৰুষতান্ত্ৰিক সমাজৰ মতে এগৰাকী বোৱাৰীয়ে স্বামীৰ ধৰ্ম আৰু আজ্ঞা শিৰোধাৰ্য কৰা উচিতকিন্তু পদ্মপ্ৰিয়াই নিজৰ আধ্যাত্মিক বিশ্বাসৰ সৈতে কেতিয়াও আপোচ কৰা নাছিল৷ উপন্যাসখনত দেখা গৈছে দুৰ্গা পূজাৰ সময়ত ঘৰখনৰ মানুহে ছাগলী বলি দিবলৈ অনা কাৰ্য দেখি পদ্মপ্ৰিয়া বিদ্ৰোহী হৈ উঠিছে৷ ‘বোৱাৰী হ'ল বুলিয়েই তাইৰ বুকুত থিতাপি লোৱা গুৰু দুজনাৰ এক শৰণীয়া ভাবনাবোৰ নিৰীহ জীৱ বলিদানেৰে মানৱতাক কলুষিত কৰা পূজা-পার্বণৰ আগত বিসর্জন দিব নোৱাৰে তাই নাৰী হ'লেইবিবাহ পাশত আবদ্ধ হ'লেই নিজস্বতাখিনিক বিসর্জন দিব নোৱাৰে। প্ৰতিবাদ কৰিব তাই। বিনিময়ত বোৱাৰী জীৱন বিসর্জন দিবলৈও তাই কুণ্ঠাবোধ নকৰে।’ (পৃ.১২৩) সেয়েহে অৱশেষত তাই প্ৰতিবাদ কৰি সেই দিনটোতে স্বামীগৃহ ত্যাগ কৰি পিতৃৰ ওচৰলৈ ঘূৰি আহিছে৷ স্বামী গৃহৰ পৰা মাকৰ ঘৰলৈ এইদৰে গুচি অহাটো মধ্যযুগীয় সমাজৰ বাবে এক বৈপ্লৱিক পদক্ষেপ আছিল কিন্তু পদ্মপ্ৰিয়াই নিজৰ স্বকীয়তা ৰক্ষাৰ বাবে এই সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ পিতৃৰ গৃহলৈ ঘূৰি অহাৰ ঘটনাটোৱে প্ৰমাণ কৰে যে নাৰীৰ মৰ্যাদা যিকোনো সামাজিক বান্ধোনতকৈ উৰ্দ্ধত তদুপৰি উপন্যাসখনত বৰ্ণিত বংশলতা আৰু পূৰ্বপুৰুষৰ কাহিনীসমূহেও নাৰীৰ ওপৰত হোৱা পাৰিবাৰিক নিৰ্যাতনৰ এক ঐতিহাসিক পটভূমি দাঙি ধৰিছে।

পিতৃ গোপাল আতাৰ মৃত্যুৰ পাছত পিতৃ গৃহত পদ্মপ্ৰিয়াই এক গভীৰ শূন্যতা অনুভৱ কৰিছিল সত্ৰৰ উত্তৰাধিকাৰী পদক লৈ পুৰুষতান্ত্ৰিক সমাজত যি বিতৰ্ক হৈছিলসেই ঘটনাই পদ্মপ্ৰিয়াক অধিক অতিষ্ঠ কৰি তুলিছিল তেওঁ বুজি পাইছিল যে পুৰুষপ্ৰধান সত্ৰত নাৰীৰ আধ্যাত্মিক স্বাধীনতাৰ স্থান অতি সীমিত সেয়েহে তেওঁ বাঢ়ৈমৰা জানৰ পাৰত এখন সুকীয়া ‘নাৰী সত্ৰ’ (বাঢ়ৈমৰা সত্ৰ) স্থাপন কৰাৰ সিদ্ধান্ত লয় এই সত্ৰখন আছিল সেই সময়ৰ সমাজৰ দ্বাৰা নিৰ্যাতিতঅৱহেলিত আৰু নিঃসহায় নাৰীসকলৰ বাবে এক আশ্ৰয়স্থল নিৰুপমা মহন্তই উপন্যাসখনত সুন্দৰকৈ বৰ্ণনা কৰিছে যে কেনেকৈ পদ্মপ্ৰিয়াই সমাজৰ পৰা বহিষ্কৃত হোৱা নাৰীসকলক গীত-মাতনাম-কীৰ্তন আৰু কাব্য চৰ্চাৰ মাজেৰে আত্ম-প্ৰতিষ্ঠাৰ পথ দেখুৱাইছিল বাঢ়ৈমৰা সত্ৰ প্ৰতিষ্ঠাৰে পদ্মপ্ৰিয়াই প্ৰমাণ কৰিছিল যে ধৰ্মীয় পৰিচালনাৰ দায়িত্ব নাৰীয়েও অতি দক্ষতাৰে পালন কৰিব পাৰে

পদ্মপ্ৰিয়াই বাঢ়ৈমৰা সত্ৰখনত নাৰী সমাজক গীত-মাতঘোষা আদি শিকাইপ্ৰশিক্ষণ দিআচাৰ-ৰীতিজীৱন-যাপনৰ নিৰ্দেশ দি নৈতিক আৰু মানসিক উত্তৰণ ঘটোৱাৰ লগতে স্বাভিমানেৰে জীয়াই থকাৰ সাহস যোগাইছিল৷ পিতৃৰ দৰে তেওঁ নিজেও স্ত্রী-শূদ্রনাৰী-পুৰুষব্রাহ্মণ-চণ্ডালধনী-দুখীয়াৰজা-প্ৰজা আদি কাৰোৰে পাৰ্থক্য নাৰাখি এখন বৃহত্তৰ সমাজ গঢ় দিবলৈ যত্ন কৰিছিল৷ আনকি ৰজা পৰীক্ষিতে ৰাজ্যৰ প্ৰজাক বেদ নামানিলেবলি-বিধানক সমৰ্থন নকৰিলেমা দুৰ্গাক সেৱা আগনবঢ়ালে ডিঙি কটা হ’ব বুলি ঘোষণা কৰাৰ পাছতো পদ্মপ্ৰিয়া আৰু নাৰীসকলে তেওঁলোকৰ নিত্য ধৰ্মীয় কাম-কাজসমূহ অভয়ে চলাই গৈছিল৷ সেয়েহে ৰজাৰ চন্তৰীয়ে পদ্মপ্ৰিয়াৰ সত্ৰ ধ্বংস কৰিবলৈ আহোঁতে পদ্মপ্ৰিয়াই কেৰেপ নকৰি ভগৱানক কাকূতি কৰি প্ৰাৰ্থনা কৰিছে আৰু বৰগীত আওৰাইছে৷ তেওঁ নাৰী সমাজক এইবুলিও শিকাইছিল যে ‘নাৰীৰ জীৱন অর্থহীন নহয়। নাৰী অথর্ব নহয়প্ৰতিগৰাকী কোমলাঙ্গী নাৰীৰ এই সুকোমল মন আছেযাৰ দ্বাৰা নাৰীয়ে পৰিয়ালটোক মৰমৰ বান্ধোনেৰে বান্ধি ৰাখেসমাজখনত শান্তিৰ বাতাবৰণ এটাৰ সৃষ্টি কৰে। কিন্তু নাৰী কেৱল সন্তান জন্ম দিয়াপৰিয়াল পৰিচৰ্যা কৰা আদি গৃহকর্মকাৰিণী এক যন্ত্ৰ নহয়নাৰীৰ চিন্তনমননকর্ম-কুশলতাই সামাজিক ক্ষেত্রখন আগবঢ়াই নিয়াত পুৰুষৰ দৰে ভূমিকা গ্রহণ কৰিব পাৰে।’ (পৃ.১৬৫)

বাঢ়ৈমৰা সত্ৰৰ দৈনন্দিন কাৰ্যসূচী আছিল অত্যন্ত শৃংখলাবদ্ধ। সত্ৰখনত নাৰীসকলে ভক্তি মাৰ্গৰ চৰ্চা কৰাৰ লগতে সাহিত্যহস্তশিল্প আৰু জীৱন শিক্ষাৰো পাঠ লৈছিল। পদ্মপ্ৰিয়াই এই সত্ৰখনক এটা ‘শিক্ষা কেন্দ্ৰ’ হিচাপে গঢ়ি তুলিছিল আৰু এই কেন্দ্ৰত নাৰীসকলে ধৰ্মৰ লগতে গীত-পদ আদি সাংস্কৃতিক দিশৰ চৰ্চা কৰিছিল। উপন্যাসখনত বাঢ়ৈমৰাৰ প্ৰকৃতিজগত আৰু সত্ৰৰ আধ্যাত্মিক পৰিবেশৰ যি বৰ্ণনা  কৰা হৈছে, তাৰ জৰিয়তে পদ্মপ্ৰিয়াৰ অন্তৰৰ সৃষ্টিশীলতাৰ প্ৰমাণ পোৱা যায়

অসমৰ ধৰ্মীয় ইতিহাসত বাঢ়ৈমৰা সত্ৰৰ প্ৰতিষ্ঠা তথা সত্ৰখনৰ ঐতিহাসিক গুৰুত্ব কেইবাটাও দিশৰ পৰা মন কৰিবলগীয়া৷ সেই সমূহৰ ভিতৰত তলত উল্লেখ কৰা বিষয় তিনিটা মন কৰিবলগীয়া—
  • এইখন সত্ৰখন মূলত নাৰীসকলৰ দ্বাৰা পৰিচালিত এক আধ্যাত্মিক কেন্দ্ৰ আছিলএই সত্ৰখনত নাৰীসকলে পুৰুষৰ সমান্তৰালভাৱে ধৰ্ম চৰ্চা আৰু গীত-মাতৰ শিক্ষা লাভ কৰিছিল।
  • বাঢ়ৈমৰা সত্ৰখন সমাজৰ দ্বাৰা অৱহেলিতস্বামী বা শাহু-শহুৰৰ দ্বাৰা নিৰ্যাতিত নাৰীসকলৰ এক সুৰক্ষিত আশ্ৰয়স্থল আছিল
  • পদ্মপ্ৰিয়াই এই সত্ৰত নাৰীসকলক শাস্ত্ৰ শিক্ষা দিয়াৰ লগতে গীত-পদ ৰচনাৰো প্ৰেৰণা দিছিল। এই সত্ৰখন আছিল মধ্যযুগীয় অসমত নাৰী শিক্ষা প্ৰদানৰ এক অন্যতম প্ৰতিষ্ঠানিক প্ৰয়াস।
উপন্যাসখনত পদ্মপ্ৰিয়া চৰিত্ৰটোক এগৰাকী ধৰ্মপ্ৰাণ নাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে মধ্যযুগীয় সমাজ ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়া এগৰাকী সাহসী নাৰী হিচাপে অংকন কৰা হৈছে৷ এইক্ষেত্ৰত ঔপন্যাসিকাই অতি সংবেদনশীল আৰু বিচক্ষণতাৰে পদ্মপ্ৰিয়া চৰিত্ৰটোক জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে৷ তেওঁ চৰিত্ৰটোৰ বিকাশত কল্পনাৰ আশ্ৰয় যিমান লৈছেতাতকৈ অধিক নিৰ্ভৰ কৰিছে চৰিত্ৰটোৰ বিষয়ে উল্লেখ থকা প্ৰাচীন ধৰ্মীয় গ্ৰন্থসমূহৰ ওপৰত৷ তেওঁ পাতনিত লিখিছে এইদৰে আমাৰ ভাৱনাত সাৰ-পানী যোগাবলৈ প্ৰয়াত মোহনচন্দ্ৰ মহন্ত আৰু ডাঃ নবীন চন্দ্ৰ বৰদলৈ সম্পাদিত (পাঁচখন প্রাচীন চৰিতপুথিৰ পৰা সংগৃহীত) মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ চৰিত্ৰআৰু কথাগুৰু চৰিত'ৰ পৰা কিছু সমল পোৱা গ'ল। তদুপৰি প্রয়াত দীনচন্দ্ৰ মহন্তৰ শ্রীশ্রী গোপালদেৱৰ কথাচৰিত', মোহন চন্দ্র মহন্তৰ মাধৱ বৈকুণ্ঠে গৈলা', ‘গোপাল উদয় ভৈলাআদি গ্রন্থকেইখনিয়ে সমল সংগ্ৰহত সহায় কৰিলে। ইবোৰ গ্ৰন্থত ছেগা-চোৰোকাকৈ পোৱা দুই-এটা গীতৰ বাহিৰেও গজলা আতা প্রকাশন পৰিষদ'ৰ দ্বাৰা প্ৰকাশিত পদ্মপ্রিয়া' নামৰ সৰু গীতৰ পুথিখনিৰ পৰা ভালেকেইটা গীত-ঘোষা লাভ কৰা হ'ল। ইবোৰকে আশ্ৰয়ৰূপে লৈ ঘটনাক্ৰমত সংগতি ৰাখি প্রয়োজন সাপেক্ষে নিজস্ব উদ্ভাৱনী চিন্তাও সংযোজন কৰা প্ৰয়োজনবোধ কৰা হ'ল।’ (পৃ.অৱতৰণিকা)

উপন্যাসখনত দেখা যায় যে তদানীন্তন ব্যৱস্থাত নাৰীক শিক্ষা গ্ৰহণ কৰিবলৈ নিদিয়া প্ৰথাটোক পদ্মপ্ৰিয়াই কেতিয়াও স্বীকাৰ কৰা নাছিল পিতৃ গোপাল আতাৰ কাষত বহি শাস্ত্ৰ চৰ্চা কৰাৰ পৰাই তেওঁৰ মনত প্ৰশ্ন উদয় হৈছিল— কিয় কেৱল পুৰুষেই ধৰ্ম চৰ্চাৰ অধিকাৰী হ’ব! শংকৰদেৱৰ পুত্ৰদ্বয়ৰ মৃত্যুত শোকগ্ৰস্ত দুই বোৱাৰীৰ হতাশাৰে ভৰা মুখ দুখন দেখিও পদ্মপ্ৰিয়াই উপলব্ধি কৰিছিল যে সমাজৰ সকলো নীতি-নিয়ম নাৰীৰ বিৰুদ্ধেহে তৈয়াৰ কৰা হৈছে নেকি! এই উপলব্ধিৰ মাজেৰেও পদ্মপ্ৰিয়াৰ মনত যে সমাজ ব্যৱস্থাৰ নীতি-নিয়মৰ বিৰুদ্ধে একধৰণৰ বিদ্ৰোহী চিন্তাৰ জন্ম হৈছিল, তাৰ উমান পাব পাৰি৷ তেওঁ আনকি এসময়ত পুৰুষতান্ত্ৰিক সমাজৰ ‘ভোগৰ সামগ্ৰী’ হোৱাৰ পৰা বাচি থাকিবলৈ বিবাহ নকৰোৱাৰ সংকল্প লৈছিল এইধৰণৰ প্ৰগতিশীল চিন্তা তথা দৰ্শন ষষ্ঠদশ শতিকাৰ অসমীয়া নাৰীৰ বাবে আছিল বৌদ্ধিক বিপ্লৱ স্বৰূপ৷
আই পদ্মপ্ৰিয়াৰ সাহিত্য ৰচনাৰ বিষয়বস্তু বুলিলে মানৱ জীৱনৰ অসাৰতাঈশ্বৰ ভক্তি আৰু পাৰ্থিৱ জগতৰ প্ৰতি থকা বৈৰাগ্য ভাৱ আদি বিষয়সমূহেই মূল আছিলতেওঁৰ কাব্যত ‘লিংগ-ভিত্তিক ভক্তি’ (gendered devotion)ৰ এক সুক্ষ্ম ধাৰা দেখা পোৱা যায়৷ এইধৰণৰ কাব্য সৃষ্টিৰ জৰিয়তে তেওঁ পুৰুষতান্ত্ৰিক সমাজৰ সংকীৰ্ণতাৰ মাজতো আধ্যাত্মিকভাৱে মুক্তিৰ পথ বিচাৰিছিল। তেওঁৰ কাব্যৰ এটি অন্যতম প্ৰখ্যাত পদ হ’ল—
 ‘পুত্ৰ পতিধন সৱে অকাৰণযেন জলবিম্ব ভাসে।
এই আছে নাই সৱে হ’ব ছাইসকলো কালৰ গৰাসে।’ (পৃ.১৩০)  

এই পদফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভঙ্গুৰতাৰ লগতে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা ‘পুত্ৰ’ আৰু ‘পতি’ৰ সম্পৰ্ককো আধ্যাত্মিক দৃষ্টিৰে অসাৰ বুলি প্ৰমাণ কৰিছে। তেওঁৰ কাব্যশৈলীত শংকৰী সাহিত্যৰ প্ৰভাৱ স্পষ্ট হলেও তাৰ মাজতো এক নিজস্ব অনুভৱ আৰু সংবেদনশীলতা দেখা যায় পদ্মপ্ৰিয়াৰ বাবে সাহিত্যআছিল মূলতঃ আত্ম-প্ৰকাশৰ মাধ্যম তেওঁ নিজৰ ৰচনাৰ জৰিয়তে জ্ঞান আৰু ভক্তিৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ মাজত যে কোনো প্ৰভেদ নাই; সেই কথাৰ প্ৰমাণ কৰিছেসেইদৰে  তেওঁৰ ৰচনাত বৈষ্ণৱ দৰ্শনৰ গভীৰ তত্ত্ব আৰু ভক্তিৰসৰ এক অপূৰ্ব সংযোগ দেখা পোৱা যায়।

নিৰুপমা মহন্তই উপন্যাসখনত পদ্মপ্ৰিয়াৰ কাব্যিক প্ৰতিভাৰ আঁৰত থকা তেওঁৰ শৈশৱ আৰু কৈশোৰৰ বৌদ্ধিক পৰিৱেশৰ বিষয়টোকো গুৰুত্ব দিছে। পিতৃ গোপাল আতাৰ কাষত বহি শাস্ত্ৰ চৰ্চা কৰাৰ পৰাই তেওঁৰ মনত শব্দ আৰু সুৰৰ যি গুটি ৰোপণ হৈছিলসেয়াই পৰৱৰ্তী কালত ‘বাঢ়ৈমৰাৰ বসন্তবীণা’ হৈ স্বাভিমানেৰে বাজি উঠিছিল বুলি ঔপন্যাসিকাই উল্লেখ কৰিছে ‘পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা’ উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিক নিৰুপমা মহন্তই ইতিহাসৰ বিস্মৃতিৰ পৰা এগৰাকী মহীয়সী নাৰীক উদ্ধাৰ কৰি আনি আধুনিক সাহিত্যত পুনৰ প্ৰতিষ্ঠা কৰিছে। উপন্যাসখনৰ জৰিয়তে এই কথা প্ৰতীয়মান হৈছে যে পদ্মপ্ৰিয়াৰ জীৱন সংগ্ৰাম আছিল আক্ষৰিক অৰ্থত পুৰুষতন্ত্ৰৰ বিৰুদ্ধে একপ্ৰকাৰৰ বৌদ্ধিক আৰু সামাজিক তথা আধ্যাত্মিক বিদ্ৰোহ। এই উপন্যাসখন মধ্যযুগীয় অসমৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এগৰাকী নাৰীৰ সামাজিক আৰু আধ্যাত্মিক প্ৰতিবাদৰ এখন নিৰ্ভৰযোগ্য দলিল আৰু সমসাময়িক 
সময়ছোৱাৰ অসমৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পুনৰনিৰ্মাণ বুলি কব পাৰি৷

অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ ফলস্বৰূপে গঢ়ি উঠা সত্ৰীয়া অনুষ্ঠানসমূহ মূলত ধৰ্মীয়সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ আছিল কিন্তু প্ৰতিষ্ঠানিক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে দেখা যায় যেএই ব্যৱস্থাটো মূলত তথাকথিত পুৰুষতান্ত্ৰিক আৰু বংশানুক্ৰমিক আধিপত্যৰ দ্বাৰা নিয়ন্ত্ৰিত নিৰুপমা মহন্তই উপন্যাসখনৰ জৰিয়তে দেখুৱাইছে যে পদ্মপ্ৰিয়াৰ জীৱন আৰু তেওঁ স্থাপন কৰা ‘বাঢ়ৈমৰা সত্ৰ’ই এই পৰম্পৰাগত প্ৰতিষ্ঠানিক বৈষম্যক প্ৰত্যাহ্বান জনাই এক নতুন ইতিহাসৰ সূচনা কৰিবলৈ সক্ষম হৈছিল উপন্যাসখনত পদ্মপ্ৰিয়া চৰিত্ৰটোৱে এগৰাকী সাধাৰণ নাৰীৰ পৰা এগৰাকী ‘আধ্যাত্মিক গুৰু’লৈ পৰিৱৰ্তিত হোৱা উত্তৰণৰ কাহিনী পোৱা যায়৷ যাৰ মূল বিন্দুত এগৰাকী নাৰী অধিকাৰকৰ্মীঅন্তনিৰ্হিত ৈহ আছে৷ এই উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিকে পুৰুষতান্ত্ৰিক ইতিহাস লেখনে পাহৰি যোৱা এগৰাকী নাৰীৰ আধ্যাত্মিক আৰু সামাজিক ক্ষমতাৰ পুনৰুদ্ধাৰৰ প্ৰয়াস কৰিছে ঔপন্যাসিকাই পদ্মপ্ৰিয়া চৰিত্ৰটোৰ জৰিয়তে প্ৰমাণ কৰিছে যে নাৰীৰ ইচ্ছা শক্তি আৰু বৌদ্ধিক প্ৰতিভাই সমাজৰ যিকোনো বাধা নেওচি আগবাঢ়ি যাব পাৰে৷

ঐতিহাসিকভাৱে শংকৰদেৱৰ বোৱাৰী আই কনকলতাই প্ৰথমবাৰৰ বাবে ‘ধৰ্ম অধিকাৰিণী’ হিচাপে দায়িত্ব গ্ৰহণ কৰি ১২ গৰাকী আতা বা ধৰ্মাচাৰ্য নিযুক্তি দিছিল পদ্মপ্ৰিয়াও এই পৰম্পৰাৰ এগৰাকী অবিচ্ছেদ্য অংশ আছিল। বাঢ়ৈমৰা সত্ৰই এই প্ৰতিষ্ঠানিক ধাৰাটোক অধিক গতিশীল আৰু সৰ্বসাধাৰণ নাৰীৰ বাবে মুকলি কৰি দিছিল পদ্মপ্ৰিয়াই বাঢ়ৈমৰা জানৰ পাৰত যি ‘বসন্তবীণা’ৰ সুৰ তুলিছিলসি আছিল নাৰীৰ অধিকাৰ আৰু আত্মপৰিচয়ৰ এক প্ৰতিধ্বনি এই বাঢ়ৈমৰা সত্ৰখন কেৱল সাধাৰণ সত্ৰ হৈ নাথাকি পুৰুষশাষিত সমাজৰ আৱৰণ ফালি নাৰীৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ এক মঞ্চ হৈ পৰিছিল যদিও কালৰ সোঁতত বৰ্তমান সময়ত বাঢ়ৈমৰা সত্ৰৰ ভৌতিক অস্তিত্ব ম্লান হৈছেতথাপি স্বকীয় প্ৰতিভাৰে বিকশিত মহিমামণ্ডিত বিদূষী নাৰী আই পদ্মপ্ৰিয়াৰ এই বৈপ্লৱিক পদক্ষেপ আজিও অসমীয়া সমাজৰ সামাজিক ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় হৈ জিলিকি আছে৷ পদ্মপ্ৰিয়াৰ এই লুপ্তপ্ৰায় কাহিনী উপন্যাসৰ মাজেৰে নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়া বাবে ঔপন্যাসিক নিৰুপমা মহন্ত নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ৷
 
গ্ৰন্থপঞ্জী
  • মূল গ্ৰন্থমহন্তনিৰুপমাঃ পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তবীণা,  বাণী মন্দিৰপ্ৰথম প্ৰকাশ২০২২
সহায়ক গ্ৰন্থ
  • বৰা, হেমঃ অসমীয়া সাহিত্যলৈ মহিলালেখকৰ অৱদান, শতাব্দী প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৯৯৪
  • নেওগমহেশ্বৰঃ গুৰু-চৰিত-কথা (সম্পা.) দ্বিতীয় প্ৰকাশগুৱাহাটী ইউনিভাৰ্ছিটি প্ৰেছ২০০৩
  • মহন্তবাপচন্দ্ৰঃ শংকৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থাঅসম প্ৰকাশন পৰিষদদ্বিতীয় প্ৰকাশ২০১২
  • মহন্ত, কেশদাঃ মহাপুৰুষীয়া সাহিত্য কেইটামান দিশ, নিজা প্ৰকাশ, প্ৰথম প্ৰকাশ, ১৯৮৭
  • Barua, Birinchi Kumar: Sankardeva: Vaishnava Saint of Assam, Assam academy for cultural relations, 1960
  • Sarma, S. N.: The Neo-Vaishnavite Movement and Satra Institution of Assam. Gauhati University, 1966
  • Saini, Angela. The Patriarchs: The Origins of Inequality. Beacon Press, 2023
  • Neog, Maheswar: Early History of the Vaishnava Faith and Movement in Assam (Sankardeva and His Times), Gauhati: Gauhati University Press, 3rd Edition, Delhi, 1985
  • Walby, Sylvia: Theorizing Patriarchy. Oxford: Basil Blackwell, 1990


Post a Comment

0 Comments