অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল। কথাটো তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ দৰে অসমৰ কোনো এটা প্ৰজন্মৰ বাবেই সহজে গ্ৰহণ
কৰিব পৰা বিধৰ নহয়। তেওঁৰ মৃত্যু আকস্মিক অথবা প্ৰাকৃতিক
যিয়ে নহওঁক সেই লৈ আইনী প্ৰক্ৰিয়া চলি আছে; কিন্ত মূল কথাটো হ'ল আমি জুবিনৰ কথা ক'বলৈও ভয় কৰোঁ, জুবিনৰ কথা লিখিবলৈও ভয় কৰোঁ। এই ভয়ৰ উৎপত্তি ক'ত? এই ভয়ৰ কাৰণ কি? আৰু এই ভয় কেতিয়াৰ পৰা আৰম্ভ হ'ল? এনেকুৱা অনেক কথাই আমাৰ মন-মগজুত
ক্ৰিয়া কৰে।দেখা যায় যে জুবিন গাৰ্গৰ জীৱিত
কালৰ পৰাই আমি জুবিন গাৰ্গৰ কথা লিখিবলৈ, ক'বলৈ
শংকা প্ৰকাশ কৰোঁ। তেওঁক লৈ হোৱা বিতৰ্কত বহুতেই
ভাগ লোৱাৰ পৰা বিৰত থকাটো বেছি সুবিধাজনক বুলি ভাৱোঁ। এই একেই ভয় জুবিনৰ
মৃ্ত্যুৰ পিছৰ পৰা যেন অত্যধিক হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত সামাজিক
মাধ্যমৰ যোগেদি ভাৱ-বাৰ্তাসমূহ দ্ৰুত প্ৰসাৰৰ লগে লগে আনকি যিজন শিল্পী জনতাৰ হৈও
ব্যক্তিসত্তা হিচাপে এটা পৰিয়ালৰ অংশীদাৰ তেওঁৰ কথা ক'বলৈ আত্মীয়ইও
যথেষ্ট ভাৱিব লগা হয়। আনহাতে, জুবিন গাৰ্গৰ
মৃত্যুৰ পিছত জুবিন সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু জুবিন গাৰ্গ
মানুহজনক অধ্যয়নৰ নতুন নতুন দৃষ্টিভংগী ওলাই অহা দেখা যায়। "মৃত্যুৰ পিছত হয়তো বহুতেই জুবিন গাৰ্গক নতুনকৈ আৱিস্কাৰ কৰিলে। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ লগে-লগে অসমত আৰম্ভ হোৱা জুবিন পূজা
(Zubin cult) আৰু যোৱাটো সপ্তাহত অসমত কোনেও কাহানিও নেদেখা এক পৰিস্থিতিৰ
উদ্ভৱ তথা বৃহৎসংখ্যক মানুহৰ সমদলত স্বতঃস্ফূর্ত অংশগ্রহণ, জীৱনত
শেষবাৰৰ বাবে জুবিনৰ মৃতদেহ চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা শাৰী পতা, মৃত্যুৰ ষড়যন্ত্র তত্বৰ ব্যাপক আলোচনা, কেইবাজনৰো আত্মহত্যা
ইত্যাদি সকলো মিলি জুবিনক এক প্রপঞ্চলৈ (phenomenon) পৰিণত কৰিলে"
('জুবিন প্ৰপঞ্চ', প্ৰফুল্ল নাথ, ছেপ্টেম্বৰ ২৫, ২০২৫); কিন্তু এই
আটাইবোৰ কথাৰ আৱৰ্তত আছে জুবিনক আচৰিত ধৰণে পৰিৱেষ্টিত কৰি ৰখা অভিলেখ সংখ্যক অনুৰাগীৰ
সমষ্টি আৰু তেওঁলোকে সৃষ্টি কৰা এটা অনুৰাগী সংস্কৃতি।
এতিয়া এই
আলোচনাত আমি ধৰি ল'ব পাৰোঁ যে জুবিন
গাৰ্গ বুলিলে এটা সময়ত বা সম্প্ৰতিও অনুৰাগী সংস্কৃতি(fandom/fan culture)
ৰ বাবে বহুত কথা আলোচনাৰ পৰা থমকি ৰ'ব লগা হয়;
কিন্তু নিৰ্মোহ বিশ্লেষণৰ বাবে কথাবোৰ পাতিব লাগিব, ক'ব লাগিব। জুবিন গাৰ্গেও তাকেই বিচাৰিছিল। আমি ক'বলৈ বেয়া
পোৱা অথবা ভয় কৰা শুদ্ধ কথাবোৰ ক'বলৈ জুবিন গাৰ্গে অবোধ শিশু
এটাৰ দৰেই দ্বিধাবোধ ৰখা নাছিল। তেওঁৰ কথাত আছিল যৌক্তিক(rational)চেতনা। গতিকে এতিয়া একে চেতনা ৰাখি আমি আলোচনা কৰিলেহে ‘জুবিন-চৰ্চা’ উত্তৰণমুখী হ'ব।
জুবিন গাৰ্গ অসমৰ বহুমুখী গায়কসকলৰ
ভিতৰত এজন, যি কম সময়ৰ ভিতৰতে বিপুল সংখ্যক অনুৰাগী
লাভ কৰিছিল আৰু এতিয়াও সেই অনুৰাগী বৰ্তি আছে। অসমীয়া জনগণে সদায় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক তেওঁলোকৰ একান্ত সাধনা আৰু অসমীয়া সংগীত
জগতলৈ আগবঢ়োৱা দৃষ্টান্তমূলক অৱদানৰ বাবে মনত ৰাখি আহিছে। এই আটাকেইজন শিল্পীৰ গানেই জনগণৰ
মাজত তেওঁলোকৰ জনপ্ৰিয়তা প্ৰতিষ্ঠা কৰিছিল আৰু সংগীতৰ জৰিয়তে এটা বিশ্বজনীন ভাৱাদৰ্শৰ
বাট মুকলি কৰিছিল। এই সাংস্কৃতিক
প্ৰতিৰূপ(cultural icon) হিচাপে পৰিগণিত শিল্পীসকলৰ
পিছতে/সমান্তৰালভাৱে(?) জুবিন গাৰ্গে অসমীয়াৰ
মাজত এক বিস্ময়কৰ প্ৰসিদ্ধি অৰ্জন কৰিছে বুলি ক'লেও বঢ়াই কোৱা
নহ'ব; কিন্তু জুবিন গাৰ্গৰ প্ৰসিদ্ধি অস্বাভাৱিকভাৱে
বিশেষ। কাৰণ তেওঁ
এক ভিন্ন যুগক প্ৰতিনিধিত্ব কৰে। সেই যুগক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁ কিছু নতুন ধাৰা আৰু
প্ৰৱণতা প্ৰৱৰ্তন কৰি অসমীয়া সংগীতৰ নতুন শৈলী সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেয়েহে জুবিন গাৰ্গক প্ৰধানকৈ যুৱ
প্ৰজন্মই অনুসৰণ কৰে। জুবিন গাৰ্গৰ বহুমুখী প্ৰতিভা অথবা কলাৰ প্ৰতিটো দিশতে কৰ্ষণ কৰি চোৱাৰ
ধাউতিয়ে তেওঁক কেৱল সংগীত সাধনাতে নিমজ্জিত কৰি নাৰাখি কবিতা, চিনেমা ইত্যাদিলৈকে আগবঢ়াই নিছিল। অৱশ্যে চিনেমাৰ ক্ষেত্ৰত জুবিনৰ
ভূমিকা কোনোবাখিনিত পৰীক্ষণমূলক (experimental) স্তৰত আছিল বুলিও ক'ব পাৰি। একেজন মানুহে কৰিব পৰা ইমানবোৰ কামৰ
জোৰ আৰু জুবিন গাৰ্গে নিজে গঢ় দিয়া অসমৰ মাটিত অসমীয়া মানুহৰ বাবে একেবাৰে আচহুৱা
অথচ নতুন যেন লগা জীৱন শৈলীয়ে যুৱ প্ৰজন্মটোক এটা নতুন জুতি দিছিল। সেয়েহে জুবিন হৈ পৰিছিল তেওঁলোকৰ
অনুকৰণীয় আদৰ্শ।
বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ অথবা ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ দৰে জুবিন গাৰ্গৰ সৃষ্টিত
প্ৰগতিশীল চেতনা নাছিল বুলি এটা সময়ত জুবিনক যথেষ্ট সমালোচনা কৰা হৈছিল। কোনো কোনো সমালোচকে তেওঁক পোনেই ‘বাণিজ্যিক শিল্পী’(commercial artist) বুলি অভিহিত কৰিছিল। ইয়াৰ বিপৰীতে আন কিছুসংখ্যকে যুক্তি আগবঢ়ায় যে জুবিন এজন
শিল্পী হিচাপে নিজৰ ভূমিকা আৰু দায়িত্বৰ প্ৰতি সচেতন। এজন প্ৰকৃত শিল্পী হোৱাৰ বাবেই সমসাময়িক অসমৰ বঞ্চিত শ্ৰেণীৰ
প্ৰতি তেওঁ দায়বদ্ধতাৰে জড়িত হৈ আছিল। বহুতে তেওঁৰ দাতব্য কৰ্মৰাজিক এজন দায়িত্বশীল শিল্পীৰ প্ৰকৃত
চিন্তাৰ প্ৰতিফলন বুলি গণ্য কৰে। তেওঁ বহু সময়ত টকা নোলোৱাকৈ অনুষ্ঠান পৰিৱেশন কৰা আৰু বিনামূলীয়াকৈ
গীত ৰেকৰ্ডিং কৰাৰ কথাটোক এইসকল অনুৰাগীয়ে উজ্বল কৰি তোলে। বহুতো অনুৰাগীয়ে জুবিন গাৰ্গক ‘গণ শিল্পী’ ড° ভূপেন হাজৰিকাৰ লগতো তুলনা কৰে, কাৰণ অসমত তেওঁকো সমালোচনা কৰা হৈছিল যাৰ বাবে তেওঁ ৰাজ্য এৰি কলকাতাত থাকিব
লগীয়া হৈছিল।আনহাতে, জুবিন গাৰ্গৰ বহু অনুৰাগীয়ে তেওঁৰ ব্যক্তিত্ব,
পোনপটীয়া আচৰণ, স্পষ্টবাদীতা, তেওঁৰ মতাদৰ্শ আৰু জীৱনশৈলীৰ বাবে তেওঁক প্ৰশংসা কৰে। আজিৰ পৰা ঠিক ৭/৮ বছৰৰ আগতে এনে বহুতো অনুৰাগীক পোৱা গৈছিল যি জুবিন
গাৰ্গক লগ পোৱাটোকে কিংবদন্তি বিষ্ণুপ্ৰসাদ ৰাভাক তেখেতৰ জীৱনকালত লগ পোৱাত ব্যৰ্থ
হোৱাৰ ক্ষতিপূৰণ হিচাপে গ্ৰহণ কৰে। তেওঁলোকৰ বাবে তেওঁ বিষ্ণু ৰাভাৰ দৰেই গুৰুত্বপূৰ্ণ প্ৰতিৰূপ (icon)। জুবিনৰ অনুৰাগীসকলে তেওঁক বিষ্ণু ৰাভাৰ সমতুল্য অসমৰ সাংস্কৃতিক প্ৰতিৰূপ
হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অশেষ চেষ্টা কৰে।
জুবিন গাৰ্গৰ এনে জনপ্ৰিয় সংগ্ৰহণ (popular reception) তেওঁৰ অনুৰাগীসকলৰ কিছুমান অস্বাভাৱিক
কাৰ্যকলাপৰ পৰাই স্পষ্ট হৈ পৰে। জুবিন গাৰ্গৰ ৪৪ বছৰীয়া জন্মদিন উপলক্ষে ২০১৬ চনৰ ১৭ নৱেম্বৰৰ
পৰা ১৮ নৱেম্বৰলৈ নগাঁৱৰ নেহৰু বালিত জুবিন গাৰ্গৰ ফেনছ ক্লাবে কলাগুৰু মহোৎসৱ (উৎসৱ) উদযাপন কৰে। কলাগুৰু আছিল বিষ্ণুপ্ৰসাদ ৰাভাক
প্ৰদান কৰা উপাধি। বিষ্ণুপ্ৰসাদ
ৰাভাই অসমৰ সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক
জীৱনলৈ আগবঢ়োৱা বৈচিত্ৰ্যপূৰ্ণ অৱদানৰ বাবে জাতীয়তাবাদী বাগধাৰাত এক প্ৰতিৰূপকাত্মক
(আইকনিক) মৰ্যাদা লাভ কৰিছে; কিন্তু কলাগুৰু মহোৎসৱ উদযাপনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু সৃষ্টিৰ কথা
সন্নিবিষ্ট হোৱাৰ কোনো তথ্য পোৱা নাযায়। জুবিন গাৰ্গৰ জন্মদিনটো কলাগুৰু মহোৎসৱ হিচাপে উদযাপন কৰা
কথাটোৱে এই কথাও বুজাইছে যে জুবিনৰ অনুৰাগীয়ে তেওঁক বিষ্ণুপ্ৰসাদ ৰাভাৰ সমান স্থান
দিবলৈ বিচাৰে। ইয়াত বিষ্ণুপ্ৰসাদ
ৰাভাৰ আইকনিক ষ্টেটাছ জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ আইকন-শ্বিপৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনহাতে এই প্ৰসংগতে ২০১৯ চনৰ পৰা
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ যৌথ সহযোগত ওদালগুৰিৰ টংলাত
কলাগুৰু সংগীত মহোৎসৱ পালন কৰি বিষ্ণু ৰাভা আৰু তেখেতৰ সৃষ্টিৰাজিৰ প্ৰতি সন্মান প্ৰদৰ্শন
কৰি অহাৰ কথাও উল্লেখ কৰিব পাৰি। প্ৰত্যেক বছৰেই জুবিন গাৰ্গে এই মহোৎসৱৰ উদ্বোধন কৰিছিল। আনহে নালাগে ২০২০ চনৰ জানুৱাৰী মাহত
অনুষ্ঠিত এই মহোৎসৱৰ ক্ষেত্ৰক জুবিনে কা-বিৰোধী মঞ্চ হিচাপে গণ্য কৰিছিল আৰু সেই অনুসৰি সেই থলীত No CAA বেনাৰেৰে এটা নিৰ্দ্দিষ্ট এলেকা নিৰ্মাণ কৰি লোৱা হৈছিল। এনেকুৱা কামবোৰ জুবিনৰ দৰে জুবিনৰ
অনুৰাগীসকলেও অগতানুগতিক ধৰণে কৰি আহিছিল।গতিকে এইটোও ক’ব পাৰি যে এটা সাংস্কৃতিক প্ৰতিৰূপ(আইকন)ৰ নিৰ্মাণ কৰিবলৈ আন এটা পূৰ্ব স্বীকৃত সাংস্কৃতিক
আইকনৰ আশ্ৰয় লোৱা বা তুলনা কৰাটোও অনুৰাগীসকলৰ ক্ৰিয়া - কলাপত
বিশেষভাৱে অৰ্থবহ হৈ পৰে।
জন ফিস্কেই তেওঁৰ প্ৰবন্ধ ‘The Cultural Economy of Fandom’ ত ফেণ্ডমক ঔদ্যোগিক
সমাজত জনপ্ৰিয় সংস্কৃতিৰ উচ্চ ৰূপ বুলি অভিহিত কৰিছে। গতিকে নগৰীয়া অথবা ঔদ্যোগিক সমাজত জনপ্ৰিয় সংস্কৃতিৰ এটা
সাধাৰণ বৈশিষ্ট্য হৈছে ফেণ্ডম। নান্দনিকতাৰ আভ্যন্তৰীণ নীতিৰ ওপৰত বৌৰ্ডিউৰ পূৰ্বৰ সমাজবিজ্ঞানসন্মত
ৰচনাসমূহৰ আধাৰত ফিস্কেই ফেণ্ডম বা অনুৰাগী সংস্কৃতিক এক অধীনস্থ সংস্কৃতি হিচাপে গণ্য
কৰিছে যি প্ৰভাৱশালী আৰু আনুষ্ঠানিক সংস্কৃতিৰ বিপৰীতে সুকীয়া বিশেষত্ব অৰ্জন কৰে। তেওঁৰ মতে, “Fandom is a
common feature of popular culture in industrial societies. It selects from the
repertoire of mass-produced and mass-distributed entertainment certain
performers, narratives or genres and takes them into the culture of a
self-selected fraction of the people. They are then reworked into an intensely
pleasurable, intensely signifying popular culture that is both similar to, yet
significantly different from, the culture of more ‘normal’ popular audiences”
(Fiske 1992, 30). ফিস্কেই এনে দৃষ্টিকোণৰ পৰা অনুৰাগী সংস্কৃতি অধ্যয়ন
কৰিবলৈ এক সাধাৰণ বিশ্লেষণাত্মক কাঠামো আগবঢ়াইছে। জুবিন গাৰ্গৰ ফেণ্ডমক জনপ্ৰিয় সংস্কৃতিৰ
অংশ হিচাপে গণ্য কৰা হয়। তেওঁৰ ফেন ক্লাবৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছিল আৰু ইয়াৰ মূলতে আছিল
ফেচবুকৰ দৰে ছ’চিয়েল নেটৱৰ্কিং
চাইটসমূহ। ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহৰ অনুৰাগীৰ সম্প্ৰদায় বা
গোটসমূহ ইয়াৰ বাহিৰত গঢ় লৈ উঠা অনুৰাগীসকলতকৈ অধিক সক্ৰিয় হৈ থাকে।
অনুৰাগী সংস্কৃতিৰ পৰিঘটনাটোৰ লগত
জড়িত হৈ আছে আনুষ্ঠানিক সংস্কৃতিৰ ক্ষেত্ৰ
(domain)ৰ বাহিৰত ফেণ্ডমৰ ভাৰ্চুৱেল ক্ষেত্ৰৰ সৃষ্টি। অনুৰাগী সংস্কৃতিয়ে তেওঁলোকৰ উপসংস্কৃতি
আৰু আনুষ্ঠানিক সংস্কৃতিৰ মাজত এক বিশেষ সীমাৰ সৃষ্টি কৰে। এই সীমা নিৰ্ধাৰণ কৰে এই ক্ষেত্ৰৰ আওঁতাত থকা অনুৰাগী আৰু
তাৰ বাহিৰত থকা অনুৰাগী নোহোৱা ব্যক্তিসকলৰদ্বাৰা।ফিস্কেই
মূলতঃ ফেণ্ডমৰ তিনিটা মূল বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছে। সেইবোৰ হ’ল বৈষম্য আৰু পাৰ্থক্য; উৎপাদনশীলতা আৰু অংশগ্ৰহণ;
আৰু উৎকৃষ্টতা আহৰণ। অনুৰাগীৰ কাৰ্যকলাপে বৈষম্য আৰু পাৰ্থক্য(Discrimination and Distinction)ৰ সৃষ্টি কৰে। অনুৰাগীৰ আন এটা কাৰ্য হ’ল উৎপাদনশীলতা আৰু অংশগ্ৰহণ (Productivity
and Participation)। জনপ্ৰিয় সংস্কৃতিৰ অংশ হোৱাৰ বাবে অনুৰাগী সংস্কৃতি সাংস্কৃতিক উদ্যোগ (cultural industry)ৰ উৎপাদনৰ বাহিৰেও অনুৰাগীৰদ্বাৰা
উৎপাদিত। গতিকে ই এক
উৎপাদনশীল কাৰ্য য'ত অনুৰাগীৰ অংশগ্ৰহণ
অন্তৰ্ভুক্ত কৰা হয়। ফিস্কে ফেণ্ডমৰ কাৰ্যকলাপৰ অংশ হিচাপে অনুৰাগীয়ে উৎকৃষ্টতা
আহৰণ(Capital accumulation) কৰাৰ কথাও কয়। ইয়াৰ লগত অনুৰাগীৰ শক্তি বৃদ্ধিৰ
বাবে জ্ঞান বা উৎকৃষ্টতা আহৰণ কৰাটো জড়িত হৈ থাকে। অনুৰাগীৰ অনলাইন কাৰ্যকলাপত জুবিন গাৰ্গৰ অনুৰাগীৰ সংস্কৃতি
বেছি সক্ৰিয় হৈ থকা পৰিলক্ষিত হয়। এই অনুৰাগীসকল একোটা স্ব-ঘোষিত সম্প্ৰদায় বা গোট। এই অনুৰাগী-সম্প্ৰদায় আৰু তেওঁলোকৰ সাংস্কৃতিক স্থানক অসমীয়া সাংস্কৃতিক কাৰ্যক্ৰমৰ
বৃহত্তৰ ক্ষেত্ৰৰ ভিতৰত স্থাপন কৰাটো গুৰুত্বপূৰ্ণ।
ফেচবুকত ইতিমধ্যে জুবিনৰ ৫৫টাতকৈও
অধিক অনুৰাগী সম্প্ৰদায় বা অনুৰাগী পেজ উপলব্ধ। অনুৰাগীসকলে সাধাৰণতে বিভিন্ন মাধ্যম আৰু পদ্ধতিৰ জৰিয়তে
নিজৰ অনুৰাগী সংস্কৃতিৰ উদ্দেশ্যৰ পাৰ্থক্য সৃষ্টি কৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰত অনুৰাগীয়ে জুবিন গাৰ্গক প্ৰকৃত গায়ক
বুলি কৈ পাৰ্থক্য সৃষ্টি কৰে । অসমীয়া লোককথা, সমসাময়িক বিষয় সম্পৰ্কে থকা বোধ আৰু তেওঁৰ জীৱনৰ কিছু ঘটনাৰ অনুৰণন হোৱা
বাবে তেওঁৰ গীতক মহিমামণ্ডিত কৰে। জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ গীত পৰিৱশনৰ অনন্য শৈলী আৰু
গীতৰ কথাৰে তেওঁক এক ব্যতিক্ৰমী ধৰণৰ গায়ক হিচাপে তুলি ধৰিছে; কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত অনুৰাগীয়ে সৃষ্টি কৰা
এই পাৰ্থক্যবোৰ জুবিন আৰু বাকীসকলৰ মাজত বৈষম্য সৃষ্টিৰো এক উপায় হৈ পৰে। এই প্ৰসংগতে জুবিনৰ মৃত্যুৰ পিছত
আন এজন তাৰকা শিল্পী বলিউড প্ৰতিষ্ঠিত অসম সন্তান পাপনক লৈ জুবিনৰ অনুৰাগীয়ে কৰা ঋণাত্মক
মন্তব্যৰ কথা উল্লেখ কৰিব পাৰি। জুবিন অনুৰাগীৰ অনুৰাগে এনে পাৰ্থক্য সৃষ্টি কৰি আন শিল্পী
সত্তাৰ অৱস্থিতি নস্যাৎ কৰা দেখা যায়। আনহাতে অনুৰাগী সংস্কৃতিয়ে সৃষ্টি কৰা বৈষম্য সামাজিকভাৱে
প্ৰাসংগিক বৈষম্য (socially relevant
discrimination) ৰ লগতে নান্দনিক বৈষম্য (aesthetic
discrimination) হ'ব পাৰে। অনুৰাগীয়ে সামাজিক জগতত নিজৰ আত্মমূল্য
বৃদ্ধিৰ বাবে সৃষ্টি কৰা বৈষম্যক সামাজিক ভাৱে প্ৰাসঙ্গিক বৈষম্য বুলি ক'ব পাৰি। তেওঁলোকে জুবিন গাৰ্গক আইকন হিচাপে গণ্য কৰাৰ কেইবাটাও বৈধ
কাৰণ আগবঢ়াইছে। কাৰণসমূহ
হ’ল তেওঁ একেধাৰে গায়ক, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ
পৰিচালক, প্ৰযোজক, অভিনেতা আৰু এজন সমাজ
কৰ্মী। প্ৰচলিত সমাজ
ব্যৱস্থাৰ তথাকথিত নিয়মত কোনো যৌক্তিক কাৰণ নেদেখিলে সেই অনুসৰি আগবাঢ়িবলৈ জুবিনে
কেতিয়াও ইচ্ছা প্ৰকাশ কৰা নাছিল। এই ক্ষেত্ৰত তেওঁ স্পষ্টকৈ নিজৰ মতানৈক্য দেখুৱাইছিল। যেনে- মঞ্চত গীত পৰিৱেশনৰ বাবে সৃষ্টি কৰি দিয়া নৰ্মেটিভ
বুলি গণ্য কৰা আচৰণ বিধি, বিহুৰ অনুষ্ঠানত কেৱল অসমীয়া গান পৰিৱেশন,
স্থান অনুসৰি সাজ-পোছাকৰ নিয়ম মানি চলা ইত্যাদি
কথাবোৰ জুবিনে নাকচ কৰে আৰু তেওঁ এইক্ষেত্ৰত নিজৰ পছন্দক অগ্ৰাধিকাৰ দিছিল। এইটোও ঠিক যে ইয়াৰদ্বাৰা তেওঁ সমাজৰ
ক্ষতি কৰাৰো কোনো উদ্দেশ্য নাছিল। আনকি তেওঁ সমাজৰ কিছুমান প্ৰশ্নাতীত বিশেষ আধিপত্য লাভ কৰা
ৰীতি-নীতিৰ বিৰুদ্ধেও মাত মাতিছিল। এজন তাৰকা শিল্পী হিচাপে জুবিন গাৰ্গে
নিজে নিৰ্মাণ কৰি লোৱা তাৰকাত্ব (stardom)ৰ বাবে তেওঁৰ তেনে জেহাদসমূহ কিছুদিন সমালোচনাৰ অন্তত অনুৰাগী সংস্কৃতিৰ বাহিৰত
অৱস্থিত ব্যক্তিসকলেও গ্ৰহণ কৰি লৈছিল। তেওঁ উত্থাপন কৰা প্ৰশ্নসমূহ সৰ্বসাধাৰণ মানুহে অৱতাৰণা কৰিবলৈ
অপাৰগ, কাৰণ 'জুবিনীয়ান তাৰকাত্ব'ৰ বাহিৰত এনে জেহাদ স্বভাৱিকৰণ কৰাটো প্ৰায় অসম্ভৱ ধৰণৰ কথা। যিসকল জুবিনৰ অনুৰাগী তেনে সামাজিক
ব্যৱস্থাৰ প্ৰতি বিতুষ্ট তেওঁলোকৰ ইচ্ছাক জুবিনৰ কণ্ঠ(voice) ই প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। এইদৰে এই অনুৰাগীসকলে নিজৰ অনুৰাগী
সংস্কৃতিৰ সামাজিকভাৱে প্ৰাসংগিক বৈষম্যৰ সৃষ্টি কৰে।
অনুৰাগীয়ে সৃষ্টি কৰা বৈষম্যৰ আনটো
ৰূপ হ’ল নান্দনিক বৈষম্য। ইয়াৰ দ্বাৰা ফেণ্ডমৰ সমলৰ নান্দনিক
তুলনা আৰু বিচাৰৰ বাবে এক স্বতন্ত্ৰ কাঠামো নিৰ্মাণ কৰা হয়। ইয়াত অনুৰাগী সংস্কৃতিৰ বিভিন্ন সমলক এটা আধিপত্যশীল পৰম্পৰা/ স্তৰবৃত্ত (hierarchy) স্তৰত
ৰাখিবলৈ যত্ন কৰা হয় যাতে কিছুমান সমলক ‘কেন’নাইজ কৰি বাকীবিলাকক ইয়াৰ আওঁতাত অন্তৰ্ভূক্ত কৰা নহয়।জুবিন গাৰ্গৰ অনুৰাগীসকল ধাৰাবাহিকভাৱে এনে নান্দনিক বৈষম্য সৃষ্টিত
জড়িত হৈ থকা দেখা যায়। তেওঁৰ কিছুমান অনুৰাগীৰ বাবে বহু গীত আন গায়কতকৈ ভাল বা বিশেষভাৱে
শুনিব লগীয়া। জুবিন গাৰ্গৰ
শ্ৰেষ্ঠতাৰ সন্দৰ্ভত প্ৰতিজন অনুৰাগীয়ে নিজৰ নিজৰ মতামত আগবঢ়ায়। বিশেষকৈ – "য়া আলী”, “আমি যেন যন্ত্ৰ”,
“পাখি পাখি এই মন", “অ মা”, “ৰুমাল” আৰু বিহুগীত যেনে “নাহৰ”,
“অই জান ঐ আকাশখন ধুনীয়া” ইত্যাদি গীতক তেওঁলোকে
আগস্থান দিয়ে। জুবিনৰ মৃত্যুৰ পিছত অনুৰাগীয়ে প্ৰতিটো অনুষ্ঠান অথবা অনুষংগতে জুবিনৰ
এটি ৰোমাণ্টিক গীত "মায়াবিনী
ৰাতিৰ বুকুত" পৰিৱেশন কৰাটো একধৰণৰ নীতিগত(ritualistic)
পৰম্পৰালৈ পৰিণত কৰিছে। এনেদৰে অনুৰাগীসকলে তেওঁলোকৰ তাৰকাৰ কৰ্মৰ স্তৰবৃত্ত(hierarchy) সৃষ্টি কৰে।বিশেষকৈ
জুবিনৰ এলবামবোৰৰ গীতৰ ভিতৰত "অনামিকা", "যন্ত্ৰ" আদি তেওঁৰ অনুৰাগীয়ে অধিক কেন’নাইজ কৰে। আনহাতে জুবিন গাৰ্গে মঞ্চত তেওঁৰ
পৰিৱেশন শৈলীক আবেদনক্ষম কৰি তোলাৰ ক্ষেত্ৰত পৰিধান কৰা সাজ-পোছাক, কথনভংগী, অনুষ্ঠান পৰিৱেশনৰ মাজতে সমাজৰ প্ৰতি প্ৰকাশ কৰা দাযিত্ববোধ ইত্যাদিও অনুৰাগীৰ
বাবে নান্দনিক বৈষম্যৰে ভাগ হ’ব পাৰে।
এই ফেণ্ডম নামৰ পৰিঘটনাটোও এক ধৰণৰ
সন্তুষ্টি লাভৰ লগত জড়িত হৈ থাকে। সেয়ে ফেণ্ডমৰ আনন্দ উৎপন্ন হয় অনুৰাগীৰ বাৰ্তালাপ (ফেন টকছ)ৰ জৰিয়তে। ইয়াৰ পৰা বুজা যায় জুবিনৰ ফেন
ক্লাবৰ বাবে ফেচবুকত গ্ৰুপ থকাৰ প্ৰয়োজনীয়তা ক'ত। এনে বাৰ্তালাপৰ
জৰিয়তে অনুৰাগীসকলে নিজৰ মাজতে আভ্যন্তৰীণ আনন্দ আৰু সন্তুষ্টি লাভ কৰে। একে সময়তে এনে কামে আনকো তেওঁলোকৰ
অস্তিত্বৰ বিষয়ে জানিবলৈ দিয়ে। কেতিয়াবা জুবিন গাৰ্গৰ অনুৰাগীয়ে ফেচবুকত পোষ্ট শ্বেয়াৰ
কৰে। আকৌ জুবিন
গাৰ্গে কিবা বিষয়ত মন্তব্য আগবঢ়ালে তাৰ লগত সঙ্গতি ৰাখি কোনো অনুৰাগীয়ে ছবি অংকন
কৰে ৷ জুবিনৰ ফেন কমিউনিটি গঠন হোৱাৰ পিছৰে পৰা এনে ফেন আৰ্ট চলি আহিছে। তেওঁৰ কোনোজন অনুৰাগীয়ে পেইন্টিং
কৰি ভাল পায় আৰু তেনে অনুৰাগীয়ে প্ৰায়ে জুবিনৰ পেইণ্টিং সৃষ্টি কৰে। কিছুমান অনুৰাগীয়ে টি–চাৰ্ট ডিজাইন কৰিছে য’ত তেওঁলোকে
জুবিনৰ ফটো ব্যৱহাৰ কৰিছে। এই টি–চাৰ্ট
পিন্ধাসকলে এক অনন্য পৰিচয় লাভ কৰে আৰু তেওঁলোকক আনতকৈ পৃথক কৰি তোলে। অৱশ্যে এনেকুৱা টি-চাৰ্ট পিন্ধা প্ৰথাটো ভাৰতীয় ক্ৰিকেটাৰসকলৰ ফটো,
বিপ্লবী চে গুৱেভাৰাৰ ফটো ইত্যাদিৰে আগতেই প্ৰচলন হৈ আছিল। আনকি বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো সম্বলিত
মবাইলৰ কভাৰ ইত্যাদিৰো প্ৰচলন আছিল। পশ্চিম বংগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ক্ষেত্ৰতো এই কথা
দেখা যায়। অৱশ্য পশ্চিমবংগৰ
ক্ষেত্ৰত অথবা ক্ৰিকেটাৰৰ ফটোৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত হোৱা এই ক্ৰিয়া সামগ্ৰিকভাৱে
বাণিজ্যিকীকৰণ (commercialization) ৰ লগত জড়িত; কিন্তু অসমৰ দৰে এখন ৰাজ্যত জুবিনৰ ছবি,
জুবিনৰ বিশেষ মন্তব্য, গীতৰ কলি ইত্যাদিৰে এই ধৰণৰ
পোছাক বা যাৱতীয় সামগ্ৰী, আনহে নালাগে ব্যক্তিগত গাড়ী ইত্যাদিৰ
ব্যৱহাৰ জুবিনৰ মৃত্যুৰ পিছত অভাৱনীয় ভাৱে বৃদ্ধি পোৱা দেখা গৈছে আৰু প্ৰতক্ষ্য ভাৱে
বজাৰ ব্যৱস্থাৰ লগত ই সম্পৰ্কিত নহয়। ইয়াত অৱশ্যে এটা প্ৰশ্ন হয় যে জুবিনৰ অনুৰাগী হ'বৰ বাবে এনেকুৱা এটা বাহ্যিক প্ৰদৰ্শন অনিবাৰ্য নে অনুৰাগী
মাত্ৰেই এই ইউনিফৰ্মিটি থাকিবই লাগিব। আচলতে অনুৰাগীসকলৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে যিকোনো অনুষ্ঠানত
বা প্ৰাত্যহিক জীৱনত এনে টি-চাৰ্ট
পিন্ধে তেতিয়া ই তেওঁলোকক জুবিনৰ অনুৰাগী হিচাপে আনৰ পৰা পৃথক কৰি তোলে আৰু এক সুকীয়া
পৰিচয় প্ৰদান কৰি তেওঁলোকক এটা মনস্তাত্বিক সন্তুষ্টি দিয়ে। টি-চাৰ্ট পিন্ধাটো এটা প্ৰতিজ্ঞামূলক উৎপাদনশীলতা(Enunciative
Productivity)। কাৰণ ইয়াৰ
লগতে জুবিনৰ কোনো কোনো অনুৰাগীয়ে তেওঁৰদৰে পোছাক পিন্ধা আৰু চুলিৰ ষ্টাইল বনোৱা, শৰীৰত জুবিনৰ বা তেওঁৰ গীতৰ কলিৰ অথবা বিশেষ মন্তব্যৰ
টেটো বনোৱা ইত্যাদি কামসমূহো কৰি তেওঁলোকে নিজকে এটা বদ্ধ অন্তৰংগ গোট(close
group) হিচাপে উপস্থাপন কৰে। গতিকে জুবিনৰ প্ৰতি অনুৰাগ থকাৰ লগতে এনে গোটত অন্তৰ্ভুক্ত
হ'বলৈ হ'লে এই ক্ৰিয়া-কলাপসমূহো অনিবাৰ্য হৈ পৰে।
জুবিনৰ অনুৰাগীসকলে বিভিন্ন পাঠ(text) প্ৰস্তুত কৰি সেইবোৰ নিজৰ মাজতে প্ৰচাৰ কৰে। যেনে: জুবিন গাৰ্গক লৈ বহুত অনুৰাগীয়ে পোষ্টাৰ বনাই ফেচবুকত
দিয়ে। আকৌ ইতিমধ্যে
কৈ অহাৰ দৰে জুবিনৰ পেইন্টিং বনোৱাটো এক নতুন ধৰণৰ উৎপাদনশীল কাম। গতিকে অনুৰাগীসকলৰ এনে সৃজীশীল আৰু
উৎপাদনমূলক কামসমূহক পাঠ্য উৎপাদনশীলতা(Textual
Production) বুলিব পাৰি। ইয়াৰবাবে তেওঁলোকে ব্যবহাৰ কৰা ফেচবুক গ্ৰুপসমূহে তেওঁলোকৰ
তাৰকাৰ প্ৰতি সৃষ্টিশীলতা আৰু আবেগ দুয়োটাকে পোহৰাই তোলে। ফেন ক্লাবৰ সদস্যসকলে জুবিনৰ বিভিন্ন গীত সংগ্ৰহ কৰে আৰু
এইবোৰ সকলোৰে বাবে অডিঅ’ আৰু ভিজুৱেল মাধ্যমত
সুলভ কৰি তোলে। অনুৰাগীয়ে ব্যৱসায়িক উদ্দেশ্যত এনে চাইট নোখোলে, বৰঞ্চ ইয়াৰ জৰিয়তে তেওঁলোকে সেই গীতসমূহ সুৰক্ষিত
কৰি ৰখাৰ প্ৰয়াস কৰে। জুবিনৰ বিভিন্নজন অনুৰাগীৰ ভিতৰত এজন অনুৰাগী মাধৱে জুবিন
গাৰ্গৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰে। জুবিন গাৰ্গৰ আচৰণ, সাজ-পোছাক, চুলিৰ ধৰণ, কথা কোৱাৰ ধৰণ আৰু কণ্ঠও তেওঁ নকল কৰিবলৈ চেষ্টা কৰে। মাধৱে জুবিনৰ প্ৰতি গভীৰ ভালপোৱাৰে
তেওঁক আত্মীকৰণ কৰি লৈছে, কিন্তু জুবিনৰ প্ৰতি
তেওঁৰ আকৰ্ষণে তেওঁক জুবিনৰ ‘হাৰ্ট-কোৰ’
ফেন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেনে অনুকৰণমূলক ভিডিঅ’ নিৰ্মাণ কৰিবলৈও বাধ্য কৰে। আনহাতে জুবিন ফেনছ ক্লাবতো থিম গীত আছে। তেওঁলোকৰ জীৱনত যে জুবিনেই সুখ আৰু
প্ৰেৰণাৰ প্ৰতীক তাকে তুলি ধৰিবলৈ এনে গীতবোৰ সৃষ্টি কৰে। জুবিনৰ অনুৰাগীসকলে প্ৰস্তুত কৰা পাঠসমূহৰ দ্বাৰা এটা নতুন
প্ৰজন্মৰ জ্ঞানৰ সৃষ্টি কৰে যি নিজকে ‘জুবিন প্ৰজন্ম’ বুলি ক’বলৈ ভাল
পায়। সেয়েহে তেওঁলোকে
কয় Think Zubeen/ Talk Zubeen/Love Zubeen/Enjoy
Zubeen/Because we all are from Zubeen GENERATION.
এই লেখাত আমি ইতিমধ্যে যি ফেণ্ডমৰ
উৎকৃষ্টতাৰ সঞ্চয়ৰ কথা অৱগত কৰিছিলোঁ সেয়া অনুৰাগী সংস্কৃতিৰ মূলধনৰ দৰে। এই মূলধন আচলতে অনুৰাগীয়ে সৃষ্টি
কৰা জ্ঞানৰ সঞ্চয়। অনুৰাগী সংস্কৃতিৰ
আৱৰ্তৰ ভিতৰত সৃষ্টি কৰা পাঠ(গীত,
কবিতা, সৃষ্টিশীল কলা-কৰ্ম
ইত্যাদি)ৰ প্ৰশংসা আৰু জ্ঞানৰ জৰিয়তে অনুৰাগীৰ সাংস্কৃতিক পুঁজিৰ
সৃষ্টি হয়। সদৌ অসম জুবিন
অনুৰাগী ক্লাৱৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য প্ৰদানৰ বাবে শিবিৰৰ আয়োজন কৰা হয়। তেওঁলোকে গছপুলি ৰোপণ কৰি সেউজ অসম
গঢ়িবলৈ মানস কৰে। জুবিনৰ নাহৰৰ
প্ৰতি থকা ভাল পোৱা আৰু জুবিনে নাহৰ ৰোপণ কৰিবলৈ সকলোকে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি
জনাই অনুৰাগীয়ে তেওঁৰ জীৱিত কালতো নাহৰ পুলি ৰুইছিল আৰু মৃত্যুৰ পিছতো সেই কাম শ্ৰদ্ধা
হিচাপে কৰি থকা দেখা গৈছে। আনহাতে যোৰহাট আৰু শিৱসাগৰ ফেনছ ক্লাবে দৰিদ্ৰ ৰোগীক চিকিৎসাৰ
বাবে ধন দান কৰি সহায় কৰাৰ লগতে প্ৰতিভাৱান শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা লাভ কৰাত সহায়
কৰে। তেওঁলোকে
এনেকুৱা ধৰণৰ সমাজ সেৱাৰ বাবে ফেচবুক পেজৰ জৰিয়তেই ইচ্ছুক ব্যক্তিসকলক অনুৰোধ জনায়। আনহাতে কা আন্দোলনৰ সময়ত জুবিনৰ
ভূমিকাৰ প্ৰতি জনোৱা সঁহাৰি, এশিঙীয়া
গঁড়ক বচাবলৈ জনোৱা আহ্বান ইত্যাদিৰ দৰে কাৰ্যকলাপসমূহৰ দ্বাৰা জুবিন গাৰ্গৰ অনুৰাগীসকলে
ৰাইজৰ মাজত এক নতুন জ্ঞান ব্যৱস্থাৰ সৃষ্টি কৰিছে আৰু এইদৰেই ই মূলধন(উৎকৃষ্টতা) সঞ্চয়ৰ ধাৰণা হৈ পৰিছে। এনেকুৱা কামেৰে অনুৰাগীয়ে জুবিন
গাৰ্গক সামাজিকভাৱে দায়বদ্ধ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰি থৈছে। বহুত ক্ষেত্ৰত অনুৰাগীয়ে চেয়াৰ
কৰা এই ধৰণৰ পোষ্টত জুবিন গাৰ্গে নিজেই মন্তব্য কৰি তেওঁলোকক সমাজসেৱা কৰিবলৈ উৎসাহিত
কৰিছিল। এই প্ৰতিটো
কাৰ্যকলাপেই হৈছে অনুৰাগীসকলে ইজনে সিজনৰ লগত যোগাযোগ আৰু সম্পৰ্ক স্থাপন কৰাৰ মাধ্যম। এইদৰে তেওঁলোকে বিভিন্ন প্ৰান্তত
থকা জুবিন গাৰ্গৰ বৈচিত্র্যময় অনুৰাগীৰ মাজত ঘনিষ্ঠতা গঢ়ি তোলে।
এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো অনুৰাগীৰ এইধৰণৰ উৎপাদনশীল ক্ৰিয়া-কলাপ হ্ৰাস হোৱা নাই। বৰঞ্চ অনুৰাগীৰ ক্ৰিয়া-কলাপ আৰু সেই সম্পৰ্কীয় আলাপ-আলোচনা ভাৰ্চুৱেল জগতৰ বাহিৰতো বেছি প্ৰসাৰ আৰু সক্ৰিয় হৈ পৰা দেখা গৈছে। আনহাতে পূৰ্বতে এটা বিশেষ বয়সানুভুক্ত ‘জুবিন প্ৰজন্ম’ (ZG)ৰ কণ্ঠ,ধাৰণা, কাম- কাজে মূল সুঁতিৰ সংস্কৃতিৰ বাহিৰত যি এটা নিৰ্দিষ্ট পৰিমণ্ডলত ব্যাপ্তি লাভ কৰিছিল, এতিয়া শিল্পীজনৰ মৃত্যুৰ পিছত বয়স নিৰ্বিশেষে সকলো প্ৰজন্মৰ মাজত গ্ৰহণযোগ্যতা লাভ কৰা দেখা গৈছে। জুবিনৰ কাম আৰু চিন্তা সম্পৰ্কে তেওঁৰ পিতৃ কপিল ঠাকুৰে কৈছে, "জুবিনৰ প্ৰথম প্ৰেম গান আৰু অসম। গানৰ ক্ষেত্রতদৃষ্টিভঙ্গী বিশ্বজনীন, কিন্তু অসমীয়া ৰূপে প্রৱল জাতীয়তাবাদী। স্বদেশ স্বজাতিৰ দুর্দিনত তেওঁ সদায় সমদলৰ আগশাৰীত বিদ্যমান। উদাসিনতাৰে সুবিধাজনক দূৰত্বত অৱস্থান কৰাৰ পৰিবৰ্ত্তে তেওঁ সদায় জনতাৰ কাষত থিয় হয়। নিজৰ মাধ্যমেৰে দুর্নীতি আৰু দুস্কৃতিৰ বিৰোধিতা কৰে। সপোন ৰচে জ্যোতি-বিষ্ণু-শঙ্কৰ-চুকাফাৰ জোনাকী দেশৰ। নৱ প্ৰজন্মক উৎসাহ যোগায় সংস্কৃতিৰ-বৌদ্ধিক জ্ঞানেৰে আগবাঢ়ি যাবলৈ"(পিতৃৰ দৃষ্টিত জুবিন, ৬১-৬২)। এইখিনিতে কৌতুহল হয় যে এনে চিন্তাসম্পন্ন জুবিনৰ অনুৰাগী সংস্কৃতি কিমান দূৰলৈকে আগবাঢ়িব আৰু ই আনুষ্ঠানিক/ আধিকাৰিক সংস্কৃতিৰ আওঁতাত সাঙোৰ খাই পৰিবনে? এই সম্পৰ্কে আমাৰ কিছু শৈক্ষিক আলোচনাত সহকৰ্মী ড° সিদ্ধাৰ্থ গোস্বামীয়ে মত প্ৰকাশ কৰি কৈছিল, "মানুহে নৈতিক আচাৰ বিধি বা ধৰ্মীয় কাম-কাজত যিমান দৃঢ়তা দেখুৱাব পাৰে অন্তৰ্জীৱনৰ সাধনাত বা কোনো এক দিশত হ'লেও একনিষ্ঠ সাধনাত তিলমানো দৃঢ়তা বা স্থিৰতা দেখুৱাব নোৱাৰে। আজিৰ দিনত বহু মানুহেই প্ৰতাৰক নিজেই নিজৰ। জুবিনৰ ক্ষেত্ৰতো যদি চাওঁ দেখিম যে জুবিনৰ শিল্প সাধনাৰ জীৱনটোক কেইজন অনুৰাগীয়ে কাৰ্যকৰীভাৱে গ্ৰহণ কৰিছে। বাহ্যিক ৰীতি-নীতিৰে তেওঁলোকে জুবিন অনুৰাগী হিচাপে নিজক সান্তনা দি আছে। জুবিনৰ বহু উজাগৰী নিশাৰ শ্ৰম গানবোৰত আছে আৰু অনুৰাগীসকলৰ শ্ৰম ক'ত থাকিব সেয়া অস্পষ্ট। তেওঁলোকে জুবিনক আঁতৰৰ পৰা চায়েই মেলানি মাগিব নে জুবিনৰ শক্তিৰে সন্মুখৰ ফালে গতি কৰি জাতিৰ শ্ৰীবৃদ্ধিত সহায় কৰিব সেয়া ভবাৰ অৱকাশ আছে যদিও ভাবিব বুলি মই ভাবিব পৰা নাই।" এই কথা আমি গ্ৰহণ কৰিবই লাগিব। আনহাতে এটা কথা ঠিক যে ‘জুবিন গাৰ্গৰ অনুৰাগী সংস্কৃতি’ বুলিলে এই অনুৰাগী সংস্কৃতিটোৰ অধিকাৰী হিচাবে জুবিন গাৰ্গক বুজোৱা নহয়। বৰঞ্চ জুবিনক কেন্দ্ৰ কৰি তেওঁৰ অনুৰাগীয়ে সৃষ্টি কৰিছে এই সংস্কৃতি। তদুপৰি অনুৰাগীৰ ক্ৰিয়া-কলাপৰ ভিত্তিত বহুতে এটা "জুবিনবাদ"ৰ আৰম্ভণিৰ প্ৰসঙ্গও উত্থাপন কৰিছে; কিন্তু এই জুবিনবাদৰ আধাৰ কি হ'ব সেয়াও স্পষ্ট নহয়। কাৰণ জুবিন গাৰ্গৰ কৰ্মৰাজি একমুখী নাছিল। বহুত ক্ষেত্ৰত সেয়া বিক্ষিপ্তও আছিল। গতিকে সেই আটাইখিনি কাম আৰু কথা একেলগ কৰি এটা নিৰ্দিষ্ট আদৰ্শ নিৰ্মাণ কৰি লোৱাটো বৰ সহজ সাধ্য নহয়। ইয়াতো দুটা কথা আছে। এটা হৈছে জুবিনৰ আদৰ্শৰ জৰিয়তে ঐতিহাসিকভাৱে সৃষ্টি হোৱা ‘জুবিনবাদ’ আৰু আনটো হৈছে সচেতনভাৱে ‘জুবিনবাদী’ হ'বলৈ কৰি থকা প্ৰয়াস। জুবিনবাদ নিৰ্মাণ কৰা যেনেদৰে সহজ নহয়, জুবিনবাদী হোৱাটোও একেষাৰে সম্ভৱ নহয়। এই কথাখিনি পাঠ(text) আৰু প্ৰেক্ষাপট(context) ৰ ভিত্তিত সকলোৱে বিশ্লেষণ কৰি চাব লাগিব। ইয়াত কোনো দ্বিধা (dilemma) অথবা স্ব-বিৰোধো থাকিব নালাগিব। তেতিয়াহে সম্ভৱ ক্ষেত্ৰত জুবিনবাদী হোৱাৰ সময় সাপেক্ষ বাট এটা মুকলি হ'ব। আনহাতে এই ধাৰাটোত অৰ্থাৎ শিল্পীজনৰ প্ৰতি অনুৰাগ প্ৰদৰ্শনতো কেতিয়াবা যেন এটা ইউনিফৰ্মিটি বিচাৰি থকা দেখা গৈছে। এনে ইউনিফৰ্মিটিয়ে জুবিন গাৰ্গক নিৰ্মোহ ভাৱে বিশ্লেষণ কৰাত হেঙাৰ সৃষ্টি কৰিব পাৰে। মন কৰিব লাগিব, তেওঁ নিজেও কৈছিল যে অসমৰ মানুহে ভালদৰে আলোচনা কৰিবও নাজানে আৰু সমালোচনাও কৰিব নাজানে আৰু তেওঁ ‘সমালোচনা আৰু আলোচনা’ দুয়োটা কথাই ভাল পায়। আনহাতে কোনো সময়ত এনেকুৱাও হৈছে যে জুবিনকেন্দ্ৰিক আৱেগবোৰত ‘জুবিন’ নাই। তেওঁক ভিত্তি হিচাপে লৈ আন কিছুমান কথাইহে বাট মেলিছে। অৱশ্যে আন কথাৰো বিশ্লেষণ হ'ব লাগিব; কিন্তু প্ৰাসংগিকভাৱে। কেৱল তথাকথিত আৱেগেৰে নহয়। মই ব্যক্তিগতভাৱে ভাৱো যে তথাকথিত ধৰণেৰে কেৱল শ্ৰদ্ধাঞ্জলি নিবেদন(সম্পূৰ্ণ সন্মান জনাই কথাষাৰ কৈছোঁ) কৰি থাকিলে জুবিনক এটা সময়ত অ-ঐতিহাসিককৰণ (dehistoricized) কৰি অতিমানৱীকৰণ (dehumanized) কৰা হ’ব। আৰু তেতিয়া আজি ‘সকলোৰে হৈ থকা জুবিন’ জন সাধাৰণ মানুহে চুব নোৱৰা আৰু ঢুকি নোপোৱা এটা সত্তালৈ পৰিণত হ’ব।
জুবিনৰ চৰ্চা হ'ব লাগিব তেওঁৰ সৃষ্টিৰাজি আৰু তাৰ অন্তৰালত থকা ‘মানুহ জুবিন’(জ্যোতিপ্ৰসাদ আগৰৱালাই “শিল্পীৰ পৃথিৱী”ত কোৱা ‘শিল্পী’)জনৰ আন্তঃসম্পৰ্কৰ অধ্যয়নেৰে। এই কথাটো কেন্দ্ৰত ৰাখিহে সেই চৰ্চা হ'ব প্ৰতিজন মানুহৰ বিশেষ ক্ষেত্ৰত থকা আগ্ৰহৰ ভিত্তিত: ধৰি লওঁক সংগীত চৰ্চা কৰা সকলে তেওঁৰ গীতৰ সাধনাৰে, শৈক্ষিক ক্ষেত্ৰত থকা সকলে শৈক্ষিক আলোচনাৰে, চিত্ৰ শিল্পৰ লগত জড়িতসকলে চিত্ৰ সাধনাৰে অথবা আলোচক-সমালোচকসকলে সময় উপযোগী আলোচনাৰে ইত্যাদি।
গ্ৰন্থপঞ্জী:
- কলিতা, জ্যোতি নৰায়ণ. অসমীয়া জনপ্ৰিয় গীত, দিক্ষীতা প্ৰকাশন: গুৱাহাটী, ২০১৭।
- গোহাঁই, হীৰেন (সম্পা.). জুবিন গাৰ্গৰ জগত, বৰ্ণ: গুৱাহাটী , ২০২৫।
- ঠাকুৰ, কপিল. পিতৃৰ দৃষ্টিত জুবিন, চন্দ্ৰ প্ৰকাশ:গুৱাহাটী, ২০২৫।
- নাথ, প্ৰফুল্ল. “জুবিন প্ৰপঞ্চ”, নৰ্থ-ইষ্ট নাও , ছেপ্টেম্বৰ ২৫, ২০২৫।
- Barman, Rini. “Fandom has Turned Zubeen Garg into a Figure of Sacred Perfection.” www .dailyo.in. Sep 2017.
- Booth, Paul. A Companion to Media Fandom and Fan Studies. New York: Verso, 2008.
- Fiske, John. Understanding Popular Culture. Boston: Unwin Hyman, 1989.
- Fiske, John. "The Cultural Economy of Fandom." in Adorning Aduience-Fan Cultural and Popular Media, by Lisa A Lewis, 30-49. london: Routledge, 1992.
- O’Briyan, J. “We Are Our Instrument”: Forming a Singer Identity.” Research Studies in Music Education.Vol.10(1), 2015.p.25-41.
- Kashyap, Archita. “Decoding the Stardom of Zubeen Garg – An Unpredictable Rockstar with a Heart of Gold.” www.firstpost.com. Nov 2017. (accessed on March 2018).
- Tomaselli, K.G. and Scott, D. eds. Cultural Icons. Left Coast Press:Walnut Creek,2009.
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়

0 Comments