মামণি ৰয়ছম গোস্বামী আৰু সংস্কাৰ গল্পৰ আলোচনা

মামণি ৰয়ছম গোস্বামী (ইংৰাজীMamoni Raisom Goswami, জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণচেনাবৰ স্ৰোতনীলকণ্ঠী ব্ৰজমামৰে ধৰা তৰোৱালতেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাআধা লেখা দস্তাবেজসংস্কাৰউদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।

অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।

শৈশৱ
১৯৪২ চনত মামণি ৰয়ছম গোস্বামীৰ গুৱাহাটীত জন্ম হৈছিল। জন্মতে তেখেতৰ নাম আছিল ইন্দিৰা গোস্বামী। পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম অম্বিকা দেৱী। উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ অধ্যক্ষ থকাৰ উপৰিও পিছলৈ অসমৰ প্ৰথম শিক্ষাধিকাৰ হৈছিল।মামণি ৰয়ছমৰ সৰুকালচোৱা আমৰঙা সত্ৰত অতিবাহিত হৈছিল। তেখেতৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল।

শিক্ষা 
গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালীন অসমৰ ৰাজধানী শ্বিলঙৰ "পাইন মাউণ্ট স্কুল" আৰু পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা আই এ পাচ কৰে। ১৯৬০ চনত অসমীয়া ভাষা 'মেজৰ' হিচাবে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

বৈবাহিক আৰু বৃন্দাবনী জীৱন
১৯৬২ চনত হিন্দুস্তান কন্‌ষ্ট্ৰাক্‌শ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ মাধৱেন ৰয়ছম আয়েংগাৰ অসমলৈ আহিছিল। ১৯৬৩ চনৰ চ’ত মাহত মাধৱেনে মামণি ৰয়ছম গোস্বামীক বিয়াৰ প্ৰস্তাৱ দিছিল।[8] ১৯৬৫ চনৰ অক্টোবৰ মাহত জগলীয়াৰ পাৰৰ সত্ৰত মামণি ৰয়ছম গোস্বামী আৰু মাধৱেন আয়েংগাৰৰ হিন্দু ৰীতি-নীতি মতে বিবাহ সম্পন্ন হয়। তাৰ পিছত স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে বিবাহৰ ১৮ মাহৰ পাচতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মাধৱেনৰ অকাল মৃত্যু হয়।[8][9] এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰপ্ৰসাৰী প্ৰভাব পেলায়।

বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিছিল। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ কথাও ভাবিছিল। তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বাহিৰে অন্য কোনো সমল নাছিল। ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়। কিছুদিন পাছত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল। তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইন্‌ষ্টিটিউট অৱ অ'ৰিয়েণ্টেল ফিল'ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ ‌এখন অন্যতম শক্তিশালী উপন্যাস "নীলকণ্ঠী ব্ৰজ" ৰচনা কৰে। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল।

১৯৭১ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ইয়াৰেপৰাই তেওঁ সেই বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭২ চনত বৃন্দাবনৰ 'ইনষ্টিটিউট অৱ অৰিয়েন্টেল ফিল'ছফী'ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

অন্তিম সময়
মামণি ৰয়ছম গোস্বামী "হাওঁফাওঁৰ সংক্ৰমণ" আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল।[ সেয়ে তেওঁক গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।[15] ২০১১ চনৰ ২৯ নবেম্বৰ তাৰিখে পুৱা ৭ বাজি ৪৬ মিনিটত অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

শান্তিদূত
২০০৪ চনত মামনি ৰয়ছমে অসমৰ স্বাধীনতাকামী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল। সেই প্ৰয়াসলৈ সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ People's Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰে এবাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙেও ভাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে ড॰ গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মুখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখিছিল। অৱশ্যে ইয়াত সংগঠনটোৰ মুখ্য দাবী "সাৰ্বভৌম অসম"ৰ বিষয়ে উল্লেখ নাছিল।

সাহিত্য পঞ্জী

উপন্যাস

  • চেনাবৰ স্ৰোত (১৯৭২)
  • নীলকণ্ঠী ব্ৰজ (১৯৭৬)
  • অহিৰণ (১৯৮০)
  • মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
  • সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯)
  • ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
  • তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
  • মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮)
  • দাশৰথীৰ খোজ (১৯৯৯)
  • ছিন্নমস্তাৰ মানুহটো (২০০১)
  • থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)

অনুবাদ

  • প্ৰেমচন্দৰ চুটিগল্প (১৯৭৫)
  • আধা ঘণ্টা সময় (১৯৭৮)
  • জাতক কথা (১৯৯৬)
  • কলম (১৯৯৬)
  • আহ্নিক (২০০০)

ইংৰাজী

  • Ramayana from Ganga to Brahmaputra (১৯৯৬)

সম্পাদনা

  • এৰি অহা দিনবোৰ (ড॰ মলয়া খাউন্দৰ সৈতে, ১৯৯৩)
  • Indian folklore

বঁটা আৰু সন্মান
  • ১৯৮২- সাহিত্য অকাডেমি বঁটা ("মামৰে ধৰা তৰোৱাল"ৰ বাবে)[27]
  • ১৯৮৮- অসম সাহিত্য সভা বঁটা
  • ১৯৮৯- ভাৰত নিৰ্মাণ বঁটা
  • ১৯৯২- উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা
  • ১৯৯৩- কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা
  • ১৯৯৬- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
  • ২০০০- জ্ঞানপীঠ বঁটা
  • ২০০২- পশ্চিম বঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি. লিট. সন্মান
  • ২০০২- মহিয়সী জয়মতী বঁটা
  • ২০০২- পদ্মশ্ৰী বঁটা (ল'বলৈ অস্বীকাৰ কৰে)
  • ২০০৭- ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা ডি. লিট সন্মান
  • ২০০৮- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি. লিট সন্মান
  • ২০০৮- এছিয়াটিক চ'চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা
  • ২০০৮- প্ৰিন্স ক্ল'ছ বঁটা
  • ২০০৯- অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা
  • ২০০৯- দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মান
  • Inter Religious and International Federation for World Peaceৰ শান্তি দূত বঁটা
  • Ramayana From Ganga To Brahmaputra গ্ৰন্থৰ বাবে Florida International Universityৰ "আন্তৰ্জাতিক তুলসী বঁটা"
  • ২০১৩- মৰণোত্তৰভাৱে 'অসম ৰত্ন' বঁটা

সংস্কাৰ গল্পটোৰ কাহিনীভাগ

মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটো ৰচিত হৈছে পীতাম্বৰ নামৰ ব্যক্তি এজনক কেন্দ্ৰ কৰি৷ অৱশ্যে গল্পটো কিন্তু চৰিত্ৰ প্ৰধান চুটিগল্প নহয়, পৰিস্থিতি প্ৰধান চুটিগল্পহে৷ গ্ৰাম্য সমাজৰ এজন মুৰব্বী স্থানীয় ব্যক্তি পীতাম্বৰ মহাজনৰ বংশৰক্ষা কৰিবলৈ তেওঁৰ উত্তৰ পুৰুষৰ জন্ম নহ’ল৷ সেইবাবেই তেওঁ আজিকালি বৰ অস্থিৰ হৈ থাকে আৰু কিছু পৰিমাণে অস্বাভাৱিক হৈ পৰিছে৷ গাঁৱৰ মানুহৰ লগতে বংশ-পৰিয়ালৰ লোকেও তেওঁক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰথম গৰাকী ঘৈণীয়েকৰ মৃত্যুৰ দুমাহ নহওঁতেই পুত্ৰ সন্তানৰ হেঁপাহত তেওঁ দ্বিতীয় বিবাহো কৰিছিল৷ কিন্তু দ্বিতীয়গৰাকী পত্নীয়েও কোনো সন্তান জন্ম দিব নোৱাৰিলে আৰু তাই বতৰ্মান অসুখৰ বাবে শয্যাগত৷ সেই নিৰ্দিষ্ট দিনটোত ঘৰৰ সন্মুখতে তেওঁ বহি আছিল৷ গল্পকাৰৰ ভাষাত তেওঁ যেন ‘‘মাটিৰ তলত কুৰকি কুৰকি এই দৃষ্টিৰে কিবা বুটলিবলৈ চেষ্টা কৰিছিল৷’’ সেই অৱস্থাতে কৃষ্ণকান্ত পুৰোহিত আহি পীতাম্বৰৰ ঘা টুকুৰা খুচৰি দিয়েহি৷ আনকি বতৰ্মানৰ পৰিবাৰৰ মৃত্যু হ’লে বিবাহৰ চিন্তা কৰিছেনে নাই সেই কথাও সোধে৷ তেনে অৱস্থাতে দময়ন্তী নামৰ বিধবা ব্ৰাহ্মণ গৰাকী সেই ফালেদি পাৰ হৈ যায়৷ পুৰোহিতে তাইক কিবা সোধে৷ 
আমি প্ৰথমবাৰৰ বাবে তেতিয়াই দময়ন্তী নামৰ চৰিত্ৰটোৰ মুখামুখি হওঁ৷ কৃষ্ণকান্তৰ মুখেদি গম পাওঁ যে তাইৰ চৰিত্ৰ পূৰ্বেও ভাল নাছিল আৰু তাই বতৰ্মানো বহু ধৰণৰ অসামাজিক কামত লিপ্ত হৈ থাকে৷ সেই সময়তে কৃষ্ণকান্তই নিজৰ বিপদৰ কথা (দুই ভাইৰ কন্দলৰ ফলত সৃষ্টি হোৱা) কোৱাৰ লগতে দময়ন্তীৰ জৰিয়তে তেওঁৰ বংশৰক্ষা কৰাৰ প্ৰস্তাৱ দিয়ে৷ আনকি তাইক তেওঁৰ সৈতে বিয়াত বহিবলৈ আৰু তেওঁৰ সন্তান জন্ম দিয়াবলৈ মান্তি কৰোৱাৰ গধুৰ দায়িত্বটোও ল’ব বিচাৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দময়ন্তীৰ এজনী ছবছৰীয়া ছোৱালীও আছে৷ কৃষ্ণকান্ত পীতাম্বৰৰ ওচৰলৈ অহাৰ পাছতেই আমি গল্পটোৰ আন এটা চৰিত্ৰ- পীতাম্বৰৰ পৰিবাৰৰ লগত মুখামুখি হওঁ৷ অসুখৰ বাবে তাই বিছনাতে পৰি থাকে৷ কথা বতৰা একো নকয়, কিন্তু চকুৰ চাৱনিৰে নিজৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰে৷ এয়া অৱশ্যে গল্পকাৰৰ সফলতা৷ নিৰ্বাক চৰিত্ৰ এটাৰ চকুৰ চাৱনিৰে তাইৰ মানসিক স্থিতি ব্যক্ত কৰাত তেওঁ সফলতা লাভ কৰিছে৷ পৰৱৰ্তী সময়ত কৃষ্ণকান্তই সকলো বন্দবস্ত কৰি এদিন পীতাম্বৰক দময়ন্তীৰ কাষলৈ পঠিওৱাৰ দিন ঠিক কৰে৷ আনকি সেই সন্তানটো যাতে তাই নষ্ট কৰি পেলাব নোৱাৰে তাৰো উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে শয্যাগত ঘৈণীয়েকক কানিৰ বড়ি এটা খুৱাই দিয়াৰ দিহা দিয়ে৷ নিৰ্দিষ্ট দিনটোত পীতাম্বৰ দময়ন্তীৰ কাষলৈ যাবলৈ ওলায়৷ তাইৰ সৈতে একেলগে কটায় আৰু আমি পৰৱৰ্তী সময়ত আমি গম পাওঁ যে তাই গভৰ্ৱতী হৈছে৷ পীতাম্বৰেও সেই খবৰ কৃষ্ণকান্তৰ জৰিয়তে লাভ কৰে৷ 
তেওঁ এক সুন্দৰ দিবা স্বপ্নত ভোল যায়৷ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি দময়ন্তীৰ গভৰ্ত স্থিতি লোৱা শিশুটিক যুৱক হিচাপে দেখা পায়৷ আনকি পুৰণা পেৰাৰ মাজত পিতাকৰ অস্থিৰ মাজৰ পৰা বংশ পৰম্পৰাৰ চিহ্ন হিচাপে তেওঁ দি থৈ যোৱা সোণৰ মাদলিৰ সৈতে পোৱালমণি এধাৰি উলিয়াই আনি আনন্দত আত্মহাৰা হৈ থাকে৷ ঘৰত থকা শয্যাগত ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰে৷ মনৰ মাজত সমাজৰ সকলো সংস্কাৰ শেষ কৰি কেৱল মানুহৰ সমাজ গঢ়াৰ সপোনত বিভোৰ হয়৷ কাৰণ তেওঁৰ বংশৰক্ষাৰ বীজ বহন কৰা দময়ন্তী বাহ্মণ বিধৱা৷ তাই যেন সোনকালে আহি মহাজন পীতাম্বৰক বিয়া পাতিবলৈ ক’বহি এনে এটা হেঁপাহ খেদি খেদি দিন অতিবাহিত কৰে৷ দময়ন্তীক পীতাম্বৰে ঢেঁখালত লগ ধৰাৰ তিনিমাহৰ পাছৰ দিন এটাত আবেলিৰ পৰাই বিৰাট ধুমুহা আহে৷ সেই ধুমুহাৰ মাজতো পীতাম্বৰ অনাগত পুত্ৰ সন্তানৰ কল্পনাত বিভোৰ হৈ থাকে৷ হঠাৎ কৃষ্ণকান্ত পুৰোহিতৰ মাত শুনি বাহিৰলৈ আহে৷ তেতিয়াই কৃষ্ণকান্তৰ মুখেৰে ব্যক্ত হয় – ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ…৷’’ পীতাম্বৰৰ মূৰত যেন সৰগ ভাঙিহে পৰিল৷

ইয়াৰ পাছতেই গল্পটোৰ কাহিনীভাগ দ্ৰুত গতিৰে পৰিণতিৰ ফালে আগবাঢ়ি যায়৷ এদিন মাজৰাতি দময়ন্তীয়ে তাইৰ বাৰীৰ বিজুলী বাঁহৰ কাষৰ পৰা মাটি খন্দাৰ শব্দ শুনে৷ যি ঠাইত তাই পীতাম্বৰৰ উত্তৰ পুৰুষৰ মাংসপিণ্ডটো পুতি থৈ আহিছিল ঠিক সেই ঠাইতে৷ মাক-জীয়েক দুয়ো খিৰিকীৰে চাই দেখে যে পীতাম্বৰে এটা লণ্ঠন লৈ সেই নিৰ্দিষ্ট ঠাইডোখৰ খান্দি আছে৷ তাই পীতাম্বৰ মহাজনক কিয় তেনে কৰিছে সেই সুধিবলৈ আটাহ পাৰে৷ মহাজনে একো নকৈ এবাৰ উভতি চাই পুনৰ খান্দিবলৈ ধৰে৷ দময়ন্তীয়ে কয় – ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ পীতাম্বৰে মূৰ তুলি চাই কয়- ‘‘মোৰ সন্তান আছিল- এটা মাংসপিণ্ড টুকুৰাকে চুই চাম৷ মই মোৰ এই দুখন হাতেৰে মোৰ বংশধৰক চুই চাম৷’’ এনেদৰে অভাৱনীয় পৰিস্থিতি এটাত গল্পটোৰ পৰিসমাপ্তি ঘটিছে৷
 
আলোচনাঃ
মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ শীষৰ্ক গল্পটোৱে ইতিমধ্যে পাঠক সমাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ভাষালৈ অনূদিতও হৈছে৷ এই গল্পটো বিভিন্ন ধৰণে ভিন্ ভিন্ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব পাৰি৷ উদগ্ৰ কামনা বাসনা সামাজিক সংস্কাৰত তীব্ৰ সংঘাত, দৰিদ্ৰৰ যাতনা আদি সাথৰ্কভাৱে ইয়াত ফুটাই তোলা হৈছে৷ মানৱীয় আকাংক্ষাৰ বিৰোধাত্মক দ্বন্দ্ব আৰু আমাৰ সমাজত প্ৰচলিত মৌলিক সংস্কাৰ এই গল্পটোৰ মূল বক্তব্য বুলি অভিহিত কৰিব পাৰি৷ এফালৰ পৰা চাবলৈ গ’লে গল্পটোৰ ‘সংস্কাৰ’ নামটোৰ মাজতে আমি বহুমাত্ৰিক দৃষ্টিকোণ সোমাই থকা দেখিবলৈ পাওঁ৷ গল্পটোৰ সংস্কাৰ কেইটাও মাত্ৰাত গ্ৰথিত হৈ আছে৷ বহু সমালোচকে দময়ন্তীয়ে সমাজ বিপক্ষে তীব্ৰ সংগ্ৰাম কৰাৰ কথাটোত সংস্কাৰৰ প্ৰসংগ টানি আনে৷ আনহাতে আমি কিন্তু পীতাম্বৰৰ কথাৰ মাজতো সংস্কাৰৰ ছৱি দেখিবলৈ পাওঁ৷ তেওঁৰ ‘পুত্ৰ’ কামনা এক ধৰণৰ সংস্কাৰ বাবে সৃষ্টি হোৱা মানসিকতা৷ ‘‘তিনিটা পুহকৰ লাগিলে ঘৰৰ চোতালৰ দূবৰি বনো জ্বলি-পুৰি শেষ হৈ যায়৷ তোমাৰ তিনিটা পুহকৰ লাগিছিল৷ চব জ্বলি-পুৰি শেষ হৈ গৈছে৷’’ – বুলি কৃষ্ণকান্তই ব্যক্ত কৰি সেই সংস্কাৰৰ কথাকে উনুকিয়াইছে৷ 
পীতাম্বৰৰ সন্তানৰ কামনা সৃষ্টি হৈছে সংস্কাৰৰ বাবে৷ পিতাকে দি যোৱা মণিধাৰি বাকচৰ মাজত থকা অস্থিৰ মাজৰ পৰা তুলি আনি সেই সংস্কাৰৰ কথাকেই ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে দময়ন্তীৰ গভৰ্ত থকা সন্তানটো ছোৱালীওটো হ’ব পাৰে৷ সেয়া কিন্তু পীতাম্বৰে এবাৰো ভবা নাই৷ পুতেকৰ হাতত ধৰি ধনশ্ৰী নদীৰ পাৰে পাৰে ঘূৰি ফুৰাৰ কল্পনাত মত্ত হৈ আছে৷ পীতাম্বৰৰ বংশৰক্ষাৰ বাবে কেৱল পুত্ৰ সন্তানৰ কামনা কৰাটোও বৈষম্যমূলক সংস্কাৰৰে ফল৷ আনহাতে নিজৰ স্বাথৰ্ৰ বাবেই তেওঁ – ‘‘উঃ সেইবোৰ শূদিৰ-বামুণ-গৰিয়া-মুছলমান নে খোলাকটিৰ তাল৷ মানুহহে লাগে আমাক কাটিলে তেজ ওলোৱা মানুহ৷’’ বুলিও চিন্তা কৰিছে৷ এনে বৈপৰীত্যৰ দ্বন্দ্ব মন কৰিবলগীয়া৷ এফালৰ পৰা চাবলৈ গ’লে এয়াও বংশৰক্ষাৰ সংস্কাৰৰ পৰাই সৃষ্টি হৈছে৷ পীতাম্বৰে স্বাভাৱিকভাৱে সমাজ সংস্কাৰৰ বাবে এনে চিন্তা কৰা নাই, এনে চিন্তাৰ মাজত সোমাই আছে তেওঁৰ স্বাৰ্থ৷ সেয়ে গল্পকাৰে শ্লেষাত্মকভাৱে ইয়াত সংস্কাৰৰ কথা উল্লেখ কৰিছে বুলি অনুধাৱন কৰাত আমাৰ অকনো অসুবিধা নহয়৷ আনহাতে আন এক দৃষ্টিকোণেৰে বিচাৰ কৰিলে আমাৰ চকুত পৰে যে দময়ন্তীয়ে প্ৰতিবাৰ গভৰ্পাত কৰা কথাটো নাৰীক যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি থকা পুৰুষকেন্দ্ৰিক মানসিকতাৰ বিৰুদ্ধে কৰা এক সজোৰ প্ৰতিবাদহে৷

মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ Lawrence Birken ৰ এষাৰ উক্তিৰ প্ৰতিফলন৷ Birken-এ কৈছিল— ‘‘ As economic man realised his freedom only by submitting to the low of market, so psychological man and women realize their freedom only by sumitting to the law of the sexual market.’ গোস্বামীৰ গল্পৰ চৰিত্ৰইও দেহেৰে উপলব্ধি কৰিব লগা কথা দেহেৰেই উপলব্ধি কৰে আৰু দেহেৰে প্ৰতিবাদ কৰিবলগীয়া কথা দেহেৰেই কৰে৷ দময়ন্তীয়েও নিজৰ জৈৱিক তাড়ণা দেহেৰেই উপলব্ধি কৰিছিল আৰু প্ৰতিবাৰ গভৰ্পাত কৰি পুৰুষতান্ত্ৰিক সমাজখনক ব্যঙ্গ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আনকি তাই পীতাম্বৰক ক’ব পাৰিছিল- ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ অৱশ্যে এই প্ৰতিবাদৰ লগত দময়ন্তীৰ অৰ্থনৈতিক কাৰণ এটাইও ক্ৰিয়া কৰি আছে৷ কিন্তু নিঃসংগ নাৰী হিচাপে অংকন কৰা দময়ন্তীৰ চৰিত্ৰত আমি দুৰ্দান্ত সাহস প্ৰত্যক্ষ কৰোঁ৷ এয়াই গোস্বামীৰ গল্পৰ নাৰী চৰিত্ৰৰ চিত্ৰণৰ বৈশিষ্ট্য৷ কিন্তু এই চৰিত্ৰটোৰ প্ৰধান দুবৰ্লতা হ’ল পুৰুষকেন্দ্ৰিক সমাজখনে সৃষ্টি কৰা বৰ্ণ বিভাজন ব্যৱস্থাক তাই অতিক্ৰম কৰি যাব পৰা নাই৷ অৱশ্যে এই বক্তব্যৰ মূল ভত্তি হ’ল কৃষ্ণকান্তৰ মুখত প্ৰকাশ হোৱা এষাৰ কথা- ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ…৷’’ কিন্তু মন কৰিবলগীয়া যে এই বক্তব্য প্ৰকাশ কৰিছে কৃষ্ণকান্তইহে, তাই নিজে নহয়৷ কৃষ্ণকান্তই সমগ্ৰ গল্পটোত দুবাৰ ‘চতুৰ্থ বৰ্ণ’ৰ কথা উল্লেখ কৰিছে৷ আনহাতে দময়ন্তীৰ গভৰ্ধাৰণৰ লগত তেওঁৰ আৰ্থিক স্বাৰ্থও সাঙোৰ খাই আছে৷ সেয়ে এই ভাষ্য দময়ন্তীৰ ভাষ্য বুলি বিবেচনা কৰাটোও কিন্তু নিৰাপদ নহয়৷ কাৰণ কৃষ্ণকান্ত চৰিত্ৰটোৰ মাজত বণৰ্বাদৰ অহংকাৰ স্পষ্ট ৰূপত ফুটি উঠিছে৷ এই দৃষ্টিকোণৰ পৰা দময়ন্তী চৰিত্ৰটোৰ এই দুবৰ্লতাটোক অগ্ৰাহ্য কৰিব পাৰি৷ দময়ন্তী চৰিত্ৰটোত সাধাৰণ নাৰীৰ মাজত দেখা পোৱা নাৰীসুলভ আচৰণ চকুত নপৰে যদিও আমি তাইৰ চৰিত্ৰটোৰ মাজত বাস্তৱ জগতত থাকিব পৰা চৰিত্ৰ এটাৰ বিশালতাৰ সম্ভাৱনীয়তাকো অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ইয়াতেই গল্পকাৰৰ সাথৰ্কতা লুকাই আছে৷ এক অথৰ্ত গল্পকাৰ সফল হৈছে৷ একোটা চৰিত্ৰৰ মাজত চিত্ৰিত হোৱা এনে বৈপৰীত্যই চৰিত্ৰবোৰক অধিক মনোগ্ৰাহী কৰি তোলে৷ আজিৰ সভ্যতাত আমি সকলোৱে নিজৰ দুটা বিপৰীত স্থিতিত বাস কৰোঁ৷ আমি ভাবো এটা, কৰো বেলেগ এটাহে৷ এনে মনোভাৱনা এই গল্পটোৰ মাজত সুন্দৰভাৱে প্ৰকাশ পাইছে৷

এই গল্পটোৰ আন এটা দিশ অতিকে মন কৰিবলগীয়া৷ ‘সংস্কাৰ’ গল্পটোত নাৰীয়ে পুৰুষকহে অৰ্থনৈতিক সমথৰ্ন আৰু যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে৷ এনে প্ৰকাশভংগী অসমীয়া সাহিত্যত বিৰল৷ গল্পটোত থকা বণৰ্বাদৰ কথাখিনি বাদ দিলে ই কেৱল সামাজিক সংস্কাৰকেই সূচিত নকৰে৷ এগৰাকী নাৰীৰ নিজে সিদ্ধান্ত লোৱাৰ সামৰ্থ থকাৰ পিছতো দেহ আৰু আত্মা দুয়ো ক্ষেত্ৰতে নিষ্পেষিত হৈ ৰৈছে আৰু তাই প্ৰতিবাৰতে পুৰুষকেন্দ্ৰিক সমাজখনক পদানত কৰি নিজৰ সংস্কাৰ সাধনেৰে সাহসৰ সম্ভাৱনীয়তাক প্ৰতিপন্ন কৰিছে৷

মন কৰিবলগীয়া যে দময়ন্তীয়ে বহুসময়ত মৌনতাৰেই বহু কথা ব্যক্ত কৰিছে৷ তাইৰ চকুৰ চাৱনি, শৰীৰৰ অভিব্যক্তিৰে গল্পটোক গভীৰ ব্যঞ্জনা প্ৰদান কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত আমি পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব৷ পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰ অসুখৰ বাবে শষ্যাগত অৱস্থাত আছে৷ সমগ্ৰ গল্পটোত তেওঁৰ মুখৰ এষাৰো বক্তব্য নাই৷ কেৱল চকুৰ চাৱনিৰেই বিভিন্ন সময়ত তেওঁৰ মনৰ ভাব, মনত চলি থকা দ্বন্দ্ব প্ৰকাশ কৰিছে৷ উদাহৰণস্বৰূপে- কৃষ্ণকান্তই পীতাম্বৰক দময়ন্তীৰ কথা প্ৰথমবাৰ কোৱাৰ সময়ত পীতাম্বৰৰ পৰিবাৰৰ কথা গল্পকাৰে প্ৰকাশ কৰিছে এনেদৰে- ‘‘…চকু দুটা ট-ট কৰে জ্বলি আছিল৷ কৃষ্ণকান্তই পীতাম্বৰক কি ক’ব বিচাৰিছে এই কথা জানিবলৈ তাই যেন উত্ৰাৱল হৈ আছে৷ দূৰৈৰপৰা অহা দৃষ্টিও যে এনে তীক্ষ্ন হৃদয়স্পৰ্শী হ’ব পাৰে এই কথা কৃষ্ণকান্তই আগে-পিছে গম পোৱা নাছিল৷’’ এনেদৰে প্ৰতিটো প্ৰসংগৰ কথা চকুৰ চাৱনিৰে ব্যক্ত কৰি গল্পকাৰে চৰিত্ৰটোৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰাত সফলতা লাভ কৰিছে৷ সেইফালৰ পৰা আমি ক’ব পাৰোঁ যে মামণি ৰয়ছম গোস্বামীৰ গল্পত নিৰৱতাৰ ভাষাও প্ৰচণ্ড শক্তিশালী৷

গল্পটোৰ প্ৰধান চৰিত্ৰ কৃষ্ণকান্ত প্ৰধানতঃ বংশৰক্ষাৰ বাবে দময়ন্তীৰ কাষ চাপিলেও তেওঁৰ মনতো যে জৈৱিক বাসনাই ভুমুকি মৰা নাছিল এনে নহয়৷ দেহেৰে উপলব্ধি কৰিবলগীয়া কথাখিনি কৃষ্ণকান্তইও দেহেৰেই উপলব্ধি কৰিছিল৷ এই গল্পটোত বীভৎসতাৰ দিশো দৃষ্টিগোচৰ হয়৷ জীৱনৰ পৰিস্থিতিত মানুহে বহুসময়ত এনে নিমৰ্ম কাৰ্য কৰে যে তাত ন্যায়-অন্যায়ৰ বিচাৰ অপ্ৰাসংগিক হৈ পৰে৷ সেই সময়ত বীভৎসতা নিমৰ্মতা অতিবাস্তৱ যেন লগা ঘটনাই একমাত্ৰ সত্য যেন বিবেচিত হয়৷ ‘সংস্কাৰ’ গল্পটোতো সেয়া প্ৰতিভাত হৈছে৷ কৃষ্ণকান্ত পুৰুহিতৰ ধূৰ্তালি, দময়ন্তীক পীতাম্বৰৰ সৈতে যোগাযোগ কৰাই দিবলৈ তেওঁ কৰা কাযৰ্কলাপ, পীতাম্বৰে দময়ন্তীক লগ ধৰি আহাৰ পাছত ঘৈণীয়েকৰ প্ৰতি কৰা ত্ৰুৰ আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰিলে বুলি গম পোৱাৰ পাছত তেওঁ কৰা আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰি সেয়া বাঁহৰ তলত পুতি থোৱা আদি বণৰ্নাই এই বিভৎসতাৰ দিশটো তুলি ধৰে৷ বাস্তৱক বুজি তাকে অসম্পাদিত যদিও কলাত্মক ৰূপত তুলি ধৰি পাঠকৰ মনোজগতখন আলোড়িত কৰিবলৈকে গল্পকাৰে এনে কৰিছে বুলি অনুধাৱন কৰিব পাৰি৷ অৰ্থাৎ জীৱনক গল্পকাৰে যি ৰূপৰে প্ৰত্যক্ষ কৰিছে সেই ৰূপতেই প্ৰকাশ কৰিছে৷ অৱশ্যে এটা কথা ঠিক যে এনে শ্বাসৰুদ্ধ বীভৎস ভয়ংকৰ পৰিৱেশো সমানে গুৰুত্ব সহকাৰে কলাত্মকভাৱে প্ৰকাশ কৰাত গল্পকাৰ গোস্বামী সফল হৈছে৷

মামণি ৰয়ছম গোস্বামীৰ গল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— তেওঁৰ প্ৰায়বোৰ চৰিত্ৰৰ মনোজগতখন শূন্যতাবোধে ক্ৰিয়া কৰি থকা যেন অনুভূত হয়৷ সুখ-দুখ প্ৰাপ্তি-অপ্ৰাপ্তি সমানে চহোৱা তেওঁৰ গল্পৰ উবৰ্ৰ ভূমিত অস্থিৰতাৰ প্ৰকাশ মনকৰিবলগীয়া৷ এই কথাষাৰ আমাৰ আলোচ্য গল্পটোতো সমানে প্ৰয়োজ্য৷ পীতাম্বৰ, দাময়ন্তী, কৃষ্ণকান্ত বা পীতাম্বৰৰ পৰিবাৰৰ চৰিত্ৰলৈ আমি সূক্ষ্মভাৱে লক্ষ্য কৰিলেই তেওঁলোকৰ প্ৰত্যেকৰে মনত যে কিবা নহয় কিবা বেলেগ ধৰণৰ শূন্যতাবোধে যে ক্ৰিয়া কৰি আছিল সেই কথা সহজেই অনুমান কৰিব পাৰোঁ৷ তেওঁলোকৰ মানৰ মাজত বৈ থকা বিষাদৰ অন্তঃসলীলা ফাল্গুক অনুধাৱন কৰিব পাৰোঁ৷

মামণি ৰয়ছম গোস্বামীৰ গল্পত প্ৰকৃতি জগতখনে এক বিশেষ ধৰণৰ বাঙ্ময় ৰূপ পৰিগ্ৰহ কৰে৷ ‘সংস্কাৰ’ গল্পটোতো পীতাম্বৰৰ আকাংক্ষাৰ লগত প্ৰকৃতি জগতখনে সমানে বাঙ্ময় হৈ পৰিছে৷ জাৰ্মান বন, কচু-ভতৰা, পানেৰী লতা, কলমৌ, হেলেচি, নলকচু বাৰিষাৰ বতৰত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ দৰে পীতম্বৰৰো জৈৱিক বাসনা তথা পুত্ৰ সন্তানৰ কামনা দময়ন্তীৰ কথা কৃষ্ণকান্তই কোৱাৰে পৰা দ্ৰুততৰভাৱে বৃদ্ধি পাইছে৷ ঠিক সেইদৰে কৃষ্ণকান্তৰো পীতম্বৰৰ পৰা সহায় লাভ কৰাৰ আকাংক্ষা স্বতঃস্ফূৰ্তভাৱে বাঢ়ি গৈছে৷ আনহাতে পীতাম্বৰৰ জীৱনলৈ অহা সংঘাত বোৰৰ আগজাননিও প্ৰকৃতিয়েই দিছে৷ উদাহৰণস্বৰূপে— পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ যাবলৈ ওলোৱাৰ দিনটোৰ কথা বণৰ্না কৰিবলৈ গৈ গল্পকাৰে লিখিছে- ‘‘আকাশত কাঠফুলাৰ বৰণ লোৱা কিছুমান ডাৱৰ বিচিত্ৰ অংগীৰে আকাশৰ পূব দিশত পৰিছিল৷ সেইবোৰক একোটা কামানৰ দৰে দেখা গৈছিল৷ আৰু সেই চন্দ্ৰমাক? কোনোবাই যেন ছাল বখলিয়াই থোৱা এজনী হৰিণা পহু৷ তাইৰ ফুটুকা-ফুটুকি ছালখন কামান কেইটাত যেন কোনোবাই মেৰিয়াই থৈছে৷ ছাল বখলিয়াই থোৱা হৰিণা পহু? লপথপ লপথপ তাইৰ মাংস- চকচকীয়া জলমলীয়া৷ আহঃ পীতাম্বৰ মহাজনৰ চকুত এই ছাল বখলিয়াই থোৱা হৰিণাজনী দময়ন্তীলৈ ৰূপান্তৰিত হ’ল৷ একেবাৰে নগ্ন হৈ থকা দময়ন্তী৷ সৌৱা গাভিনী ছাগলীৰ পেটৰ দৰে তাইৰ স্তনদ্বয়৷ সুস্বাদু বিজুলী বাঁহৰ গাঁজৰ দৰে তাইৰ শৰীৰৰ ৰং৷ আৰু তাইৰ ওঁঠ? কাটি থোৱা সফৰি-আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ৷…’’ এনেদৰে বিভিন্ন সময়ত প্ৰকৃতিজগতখন বাঙ্ময় হৈ উঠিছে৷ এই চিত্ৰকল্পটোত ব্যৱহাৰ কৰা ‘কামান’ শব্দটো গল্পকাৰে পূৰ্বেও দময়ন্তীৰ ৰূপৰ প্ৰসংগত উল্লেখ কৰিছে৷ কামান সাধাৰণতে ধবংসৰ প্ৰতীক৷ দময়ন্তীৰ ৰূপৰ গ্ৰাহত পৰাসকল কামানৰ আগত পৰাৰ দৰে ধবংস হৈ যায় এয়া তাৰেই প্ৰতীক৷

মামণি ৰয়ছমৰ ‘‘প্ৰায়বোৰ গল্পৰে কেন্দ্ৰবিন্দুত আছে সম্পকৰ্ৰ প্ৰতি আগ্ৰহ আৰু একে সময়তে মৃত্যুৰ অস্তিত্ব সম্পৰ্কে সচেতনতা৷’’ আমাৰ আলোচ্য ‘সংস্কাৰ’ গল্পটোৰ প্ৰসংগত আমি এই কথাষাৰৰ যথাথৰ্তা অনুধাৱন কৰিব পাৰোঁ৷ পীতাম্বৰৰ বংশৰক্ষাৰ কামনাৰ লগত সমানে সংলগ্ন হৈ আছে তেওঁৰ মৃত্যু সম্পৰ্কীয় ধাৰণা এটা৷ কাৰণ তেওঁ মৃত্যু সম্পৰ্কে সচেতন হৈয়েই তেওঁৰ উত্তৰ পুৰুষৰ কামনা কৰিছে৷ এই কথাষাৰতে আওপকীয়াকৈ তেওঁৰ সম্পকৰ্ৰ প্ৰতি আগ্ৰহৰ কথাও সোমাই আছে৷ সেয়েহে ক’ব পাৰি যে মামণি ৰয়ছম গোস্বামীৰ গল্পত দেখা পোৱা এই বিশেষ বৈশিষ্ট্যটোও ‘সংস্কাৰ’ গল্পটোত ৰক্ষিত হৈছে৷
মামণি ৰয়ছম গোস্বামীৰ আন প্ৰায়বোৰ গল্পৰ দৰে ‘সংস্কাৰ’ গল্পটোৰো পটভূমি অসমৰ গ্ৰাম্য সমাজ৷ প্ৰসংগক্ৰেম উল্লেখযোগ্য যে মামণি ৰয়ছম গোস্বামীৰ দুখনমান উপন্যাসৰ বাদে বেছিভাগ উপন্যাসৰে পটভূমি অসমৰ বাহিৰৰ৷ আনহাতে তেওঁৰ অধিকাংশ গল্পত প্ৰতিভাত হৈছে গ্ৰাম্য অসমৰ সুন্দৰ দৃশ্যপট৷ আমাৰ আলোচ্য গল্পটোতো গ্ৰাম্য সমাজখনৰ পৰা তুলি অনা প্ৰাকৃতিক পৰিৱেশৰ ইন্দ্ৰিয়গ্ৰাহ্য উপমাৰে সজোৱা (যেনে- শুকাই ককৰ্শ হোৱা বৰলৰ বাহৰ দৰে, কুঁহিয়াৰ চোবাই এৰা সিঠা এটুকুৰাৰ দৰে) ভাষাই গল্পটোত এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ ধ্বন্যাত্মক শব্দৰ প্ৰয়োগ (যেনে- হৰাৎ! হাৰাৎ! হুতুৰ হুতুৰ) কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগো (যেনে- ঢেঁখাল, কাঁথি, আপি, চান) এই গল্পটোৰ এক বিশেষ বিশেষত্ব৷
গোস্বামীৰ গল্পসমূহৰ বহুতো গল্প পৰিস্থিতি প্ৰধান৷ ‘সংস্কাৰ’ গল্পটোও পৰিস্থিতি প্ৰধান গল্প৷ পীতাম্বৰৰ বংশৰক্ষাৰ উদ্দেশ্যক কেন্দ্ৰ কৰিয়েই বিভিন্ন পৰিস্থিতি সৃষ্টি কৰি গল্পটোৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ অৱশ্যে তাত কোনোটো চৰিত্ৰই পৰিস্থিতিৰ আঁৰত হেৰাই যোৱা নাই৷ প্ৰতিটো চৰিত্ৰই স্বকীয়ভাৱে বিকশিত হৈছে, আনকি কথা নোকোৱাকৈ থকা পীতাম্বৰৰ শষ্যাগত পৰিবাৰগৰাকীও৷

গল্পকাৰে গল্পটোৰ শেষ অংশতো মূল উদ্দেশ্যৰ পৰা বিচলিত নহৈ পাঠকক প্ৰত্যয়জনকভাৱে বিস্ময়াভিভূত কৰি এক ধৰণৰ অগতানুগতিক ধৰণে গল্পটো পৰিসমাপ্তি ঘটাইছে৷ অৱশ্যে এই পৰিসমপ্তি অস্বাভাৱিক যেনো লগা নাই কাৰণ বাস্তৱক নগ্ন ৰূপেৰে অংকন কৰা মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ যাদুকৰী ভাষাৰে পাঠকক ধৰি ৰাখিব পাৰিছে৷ তাতেই গল্পকাৰৰ সাথৰ্কতা৷ ইয়াত বাস্তৱক অধিক কাষৰ পৰা চাবৰ বাবেই জীৱনৰ নগ্ন বাস্তৱতাকো অতি প্ৰত্যয়জনকভাৱে উপস্থাপন কৰিছে৷ আনন্দ বৰমুদৈয়ে মামণি ৰয়ছম গোস্বামীৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছে- ‘‘কাযৰ্কৰণ নীতি অনুসৰণ নকৰি ঘটনাৰ খণ্ডিত চিত্ৰ কাব্যিক ব্যঞ্জনাৰে একত্ৰিত কৰি ৰখাৰ বাবে তেওঁৰ গল্পৰ একোটা ঘটনাৰ পৰা একাধিক অৰ্থ উদ্ধাৰ কৰিব পাৰি৷’’ সংস্কাৰ গল্পটোৰ বিষয়ে কৰা আলোচনাখিনিয়েই এই বক্তব্যৰ সাথৰ্কতা প্ৰতিপন্ন কৰিছে৷ এনেদৰে বিচাৰ কৰিলে দেখা যায় যে মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটোক আমি অসমীয়া আধুনিক গল্পৰ এটা শ্ৰেষ্ঠ গল্প বুলি অভিহিত কৰিব পাৰোঁ৷

Post a Comment

0 Comments