জুবিন গাৰ্গ আৰু চলচ্চিত্ৰ বুলি ক'লে চলচ্চিত্ৰৰ লগত জুবিন গাৰ্গৰ সম্পৰ্কৰ কথাই ক'ব লাগিব। চলচ্চিত্ৰৰ সৈতে তেওঁ জড়িত হৈ আছিল বিভিন্ন ভূমিকাত। সংগীত পৰিচালক
হিচাপে জুবিন গাৰ্গে কাম কৰিছিল অসমীয়া আৰু বঙালী চলচ্চিত্ৰ জগতত। আনহাতে, প্ৰযোজক, পৰিচালক, লেখক, অভিনেতা হিচাপে জড়িত হৈ আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ
সৈতে। আকৌ, চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে ভাৰতীয় বহুকেইটা
ভাষাত কণ্ঠদান কৰিছিল। এই বহুধাবিভক্ত সম্পৰ্কেৰে কলাৰ এই মাধ্যমটোত জড়িত হৈ থকা জুবিন গাৰ্গৰ ভূমিকা আৰু তাৰ
মূল্যায়ণ এক দীঘলীয়া আলোচনা আৰু বিশ্লেষণৰ বিষয় হৈ পৰে। আমাৰ এই লেখাটো কেৱল
তেওঁ নিজে প্ৰযোজনা কিম্বা পৰিচালনা, অথবা অভিনয়
কৰা কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰৰ আলোচনাতে সীমাবদ্ধ ৰাখিম।
এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে, যে ছবিত সংগীত পৰিচালনা কৰা বা গোৱাৰ উপৰিও তেওঁ চিনেমা নিৰ্মাণ, পৰিচালনা আৰু অভিনয়ৰ সিদ্ধান্ত কিয় লৈছিল। তেওঁৰ কথাৰ পৰাই গম পোৱা যায়, অহৰহ সংগীতৰ লগতে লাগি থকাৰ বিপৰীতে পৰিচালনা আৰু অভিনয় বাছি লৈছিল সেই ব'ৰডমৰ পৰা মুক্ত হৈ নতুন ক্ষেত্ৰ এখনত নিজৰ সৃষ্টিশীলতাক ব্যৱহাৰ কৰি চাবলৈ, আৰু প্ৰযোজনাত হাত দিছিল অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক এক বৃহৎ আয়তন প্ৰদান
কৰিবলৈ।
জুবিন গাৰ্গে প্ৰথমবাৰৰ বাবে পৰিচালক আৰু সংগীত
পৰিচালক লগতে নায়কৰ চৰিত্ৰত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথমখন অসমীয়া
চলচ্চিত্ৰ আছিল ২০০০ চনত মুক্তি লাভ কৰা ‘তুমি মোৰ মাথো মোৰ’। এটি
ৰোমান্টিক প্ৰেম কাহিনীৰ চলচ্চিত্ৰখনিত ঋষিৰাজ নামৰ এজন কলেজীয়া যুৱ গায়কৰ
চৰিত্ৰত অভিনয় কৰা জুবিন গাৰ্গৰ ছবিখনত পৰিচালনা আৰু অভিনয়ত পৰিপক্কতাৰ অভাৱ
নিশ্চয় দেখা যায়। বিশেষকৈ মন্থৰ চিত্ৰনাট্যই ঠায়ে ঠায়ে দৃশ্যসমূহৰ উপস্থাপনত
প্ৰভাৱ পেলাই আমনিদায়ক কৰি
তোলে। ঋষি নামৰ চৰিত্ৰটোৰ পিন্ধন-উৰণ, হবি, ধৰণ-কৰণত তেওঁৰ কৈশোৰ আৰু যুৱাৱস্থাৰ ব্যক্তিত্বৰ জিলিকণি দেখিবলৈ পোৱা যায়।
তেওঁৰ অভিনয়ত সচৰাচৰ সেই সময়ৰ অসমীয়া চলচ্চিত্ৰৰ নায়কসকলৰ দৰে নাটকীয় সংলাপ
প্ৰক্ষেপণৰ প্ৰৱণতা দেখা নাযায়। কাহিনীটো কেৱল ব্যক্তিগত প্ৰেমৰ কাহিনী হ'লেও, অসমত সেই সময়ত চলি থকা উগ্ৰবাদী কাৰ্যকলাপ বিৰোধী
স্থিতি এটা গীতৰ চিত্ৰায়ণত দেখিবলৈ পোৱা যায়। ব্যৱসায়িকভাৱে ছবিখন বিফল হৈছিল
যদিও সংগীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। একে বছৰতে মুক্তি পোৱা মুনিন বৰুৱাৰ
পৰিচালনাৰ হিট ছবি "হিয়া দিয়া নিয়া"ৰো জুবিন গাৰ্গে সংগীত পৰিচালনা
কৰিছিল। এই ছবিখনৰ সফলতাৰ অন্যতম কাৰক হৈ পৰিল ইয়াৰ সংগীতো। নাট্য আৰু
চৰিত্ৰসমূহৰ সৈতে খাপ খোৱা সাংগীতিক কম্পজিচন আৰু নেপথ্য গায়কীত জুবিন গাৰ্গে
নিজৰ এক অভিনৱ স্থান নিৰ্মাণ কৰি ল'লে এই দুখন
চিনেমাৰ জৰিয়তে৷
ইয়াৰ পিছত জুবিন গাৰ্গক দেখা গ'ল ড. ভবেন্দ্ৰনাথ শইকীয়াৰ কাহিনী আৰু মুনিন বৰুৱাৰ পৰিচালনাৰ
"দীনবন্ধু"(২০০৪) নামৰ চলচ্চিত্ৰখনত বিপুল নামেৰে এজন তবলাবাদক
যুৱকৰ ৰূপত। নিচেই কম সময় আৰু সংলাপেৰেও অভিনয়ত দৰ্শকৰ মনত এক ছাপ বহুৱাই যাবলৈ
সক্ষম হৈছিল তেওঁ "দীনবন্ধু"ত। তেওঁ এইখন চিনেমাৰ সঙ্গীত পৰিচালনাও
কৰিছিল। যাৰ বাবে তেওঁ ৫২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সংগীত
পৰিচালকৰ মনোনয়ন লাভ কৰিছিল। চিনেমাখনৰ অনিন্দিতা পালে গোৱা "ক'ৰ এজাক বৰষুণ" আৰু লগতে জুবিন
গাৰ্গে সংগত কৰা দ্বৈত কণ্ঠৰ "দিয়া মোক দিয়া" আদি গীত আজিও জনপ্ৰিয়।
ইয়াৰ পিছত জুবিন গাৰ্গৰ
চিনেমাত অভিনয়ৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ ৰয় মানৱ নামৰ এটি
চৰিত্রত এম মনিৰামৰ "মন যায়" (২০০৮) নামৰ চিনেমাখন। এইখন আছিল চাৰিজন
যুৱকৰ আশা, সপোন, প্রেম, স্বপ্নভংগ, ভুল,
অনুশোচনা, আদিক লৈ সমসাময়িক অসমৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিক পটভূমি হিচাপে লৈ এখন ড্রামা শৈলীৰ বাস্তৱবাদী
চিনেমা। চাৰিজন যুৱকৰ এজন “মানৱ “ৰ চৰিত্রটোত জুবিন গাৰ্গে অভিনয় কৰিছিল। বাস্তৱিক সংলাপ প্ৰক্ষেপণ আৰু বিশ্বাসযোগ্য
মেনাৰিজমেৰে তেওঁ অত্যন্ত জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব লগা "মানৱ" নামৰ
চৰিত্ৰটিৰ মানসিকভাৱে দ্যুদল্যমান অৱস্থাবোৰক, হতাশাবোৰক সাৰ্থক ৰূপত ফুটাই তুলিব পাৰিছিল। ছবিখনৰ সংগীত পৰিচালনাও আছিল জুবিন গাৰ্গৰে।
আন বহুকেইটা মন পৰশা গীতৰ উপৰিও "মন যায়" শীৰ্ষক গীতটি আজিও সৰ্বজন
সমাদৃত হৈ থকা এটি গীত কথা (দিগন্ত ভাৰতী), সুৰ আৰু গায়কীৰ বাবে। জিতেন বেজবৰুৱাৰ ভাষাত
"সামগ্ৰিকভাৱে ইয়াকেই ক'ব পাৰি যে 'মন যায়' গানটো হ'ল একবিংশ শতিকাৰ অসমীয়া যুৱপ্ৰজন্মৰ এক existential angstৰ মূৰ্ত
প্ৰকাশ। অসমীয়া সংগীতৰ ইতিহাসত ইয়াৰ জৰিয়তে এক নতুন সংবেদনশীলতাৰ সূচনা হ'ল।"
জুবিন গাৰ্গে ইয়াৰ পিছত আন বহুকেইখন অসমীয়া ছবিত সংগীত পৰিচালনা কৰিলে, গীত গালে, লগতে অভিনয়ো কৰিলে। তেওঁৰ অভিনয় কৰা আৰু
মুক্তি লভা এই ছবিবোৰত যেনে, গানে কি আনে, ৰ'দৰ চিঠি, প্ৰিয়াৰ প্ৰিয়, অহেতুক, ৰাজনীতি,মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰৰ পৰা শেষ ছবি ৰৈ ৰৈ বিনালেলৈকে আদিত দুই -এখন
ছবিৰ বাহিৰে বাকী প্ৰায় আটাইবোৰ ছবিতে মূল নায়ক বা অত্যন্ত গুৰুত্বপূৰ্ণ চৰিত্ৰ একোটা
ৰূপায়ণ কৰিলে। অৱশ্যে এজন অভিনেতা হিচাপে জুবিন গাৰ্গে "মন যায়"ৰ
"মানৱ" চৰিত্ৰটিৰ জৰিয়তে যি এক প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাৰ পৰিচয়
দিছিল, বিপুল
স্ক্ৰীণটাইম পোৱাৰ পাছতো "ৰৈ ৰৈ বিনালে"ৰ আগলৈকে অভিনীত ছবিবোৰত তেওঁ
অভিনয়ৰ সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। বোধহয় সৰল ৰৈখিক কাহিনী কথন, চিনেমা হিচাপে পৰিচালনাৰ
অপৰিপক্কতা, অথবা চৰিত্ৰ একোটাৰ বৈচিত্ৰ্যতাৰ অভাৱ আদি ভিন্ন
কাৰণৰ বাবে অভিনয়ত জুবিন গাৰ্গৰ কৰিবলগা বিশেষ নাছিল। ব্যতিক্ৰমী অভিনয় কৰিলে
এজন অন্ধ গায়কৰ ৰূপত "ৰৈ ৰৈ বিনালে"ত।
পিছে, তেওঁ
সংগীত পৰিচালনা কৰা আটাইবোৰ অসমীয়া চিনেমাৰ সঙ্গীতেই শ্ৰোতা-দৰ্শকৰ সমাদৰ পালে।
তাৰোপৰি, কেইখনমান
বাংলা ছবি শুধো তুমি, মন নিয়ে, কাশে আছ তুমি, সমসাৰা আদিৰো তেওঁ সংগীত পৰিচালনা কৰিলে।
জুবিন গাৰ্গে নিজে প্ৰযোজনা, পৰিচালনা আৰু মূল নায়কৰ চৰিত্ৰত অভিনয় কৰা
"মিছন চাইনা" (২০১৭), "কাঞ্চনজংঘা: ৰাইজ"(২০১৯), আৰু আংশিক প্ৰযোজনা, ৰাজেশ ভূঞা পৰিচালিত, মূল নায়কৰ চৰিত্ৰত অভিনয়
কৰা "ৰৈ ৰৈ বিনালে"(২০২৫)ৰ আলোচনা বিশেষকৈ কৰিব লাগিব। ইয়াৰে কেউখনৰে
কাহিনী জুবিন গাৰ্গৰ নিজৰ। ইয়াৰে শেষৰখন ছবি মুক্তি পাইছে তেওঁৰ দেহাৱসানৰ পিছৰ
মাহটোত।
একচন ধৰ্মী "মিছন চাইনা"ত এগৰাকী প্ৰাক্তন কৰ্ণেল গোস্বামীৰ ৰূপত
জুবিন গাৰ্গে অভিনয় কৰিছে। অভিনয়ত অত্যধিক আৱেগৰ অভাৱে সাধাৰণতে জুবিন গাৰ্গৰ
অভিনয়ক বাস্তৱধৰ্মী কৰি তোলাৰ বিপৰীতে এইখন ছবিত তেওঁৰ অভিনয় আছিল গভীৰতা বিহীন।
পুৰুষ সুলভ মন-মেজাজৰ এটা চৰিত্ৰৰ বাবে উপযুক্ত শক্তিশালী শাৰীৰিক গঠনো জুবিন গাৰ্গৰ নাছিল। ফলত, এই চৰিত্ৰটিত অভিনয়েৰে
তেওঁ চাপ বহুৱাব নোৱাৰিলে । তাৰোপৰি, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাত ছিৰিয়াছনেছৰ অভাৱে তুলনামূলকভাৱে
আন সমসাময়িক অসমীয়া চিনেমাৰ তুলনাত ব্যয়বহুল হোৱা স্বত্বেও কলাৰ গুণগত মানত এই
চিনেমা খন সাধাৰণ মানৰ এখন একচন মুভি হিচাপেহে পৰিগণিত হ'ল।
মিছন চাইনা" ৰ কাহিনী কেন্দ্রীভূত হৈছে এক অপহৰণ কাণ্ডৰ উদ্ধাৰ অভিযানত।
ৰোমাঞ্চ, একশ্যন
ধৰ্মী এই চিনেমাখনত কাহিনীৰ গভীৰতালৈ যাবলৈ একো নাই। সমসাময়িক সময়ৰ ৰাজনৈতিক
পৰিস্থিতিৰ লগতো কাহিনীৰ কোনো প্রত্যক্ষ সংযোগ স্থাপন কৰিব নোৱাৰি। জুবিন গাৰ্গে
হয়তো তেওঁৰ সপোন এজন সেনাবিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ পাই তৃপ্ত হৈছিল। কিন্তু
চৰিত্ৰসমূহৰ বিন্যাসত থকা সংগতিহীণতীই চিত্রনাট্য লিখোতে সন্ত্রাসবাদ, উগ্রবাদ আদি সম্পর্কে কোনো
গভীৰ চিন্তাৰ অভাবকে সূচায়। উদাহৰণস্বৰূপে, কাহিনীত প্রাক্তন সেনাবিষয়াগৰাকীৰ প্রেমিকাই
সন্ত্রাসবাদৰ ওপৰত পি. এইচ. ডি কৰি আছে। এটা দৃশ্যত কৰ্ণেল গোস্বামীয়ে এজন
উগ্রবাদীক ওলোটাকৈ ওলোমাই বান্ধি থৈছে। মন্দিৰৰ পৰা প্ৰসাদ লৈ অহা গৱেষিকা
প্রেমিকাগৰাকীয়ে এই দৃশ্য দেখিও কৰ্ণেলক কোনো প্রশ্ন নকৰাকৈ উদাসীন হৈ ৰয়।
অৱশ্যে মমতাময়ী হাতেৰে তেওঁ অলপ প্রসাদ ওলোমাই ৰখা ব্যক্তিজনক খুৱাই দিয়ে।
চিত্ৰনাট্যত এনে বহু অসাবধান মূহুর্তৰ সমাহাৰ ঘটিলেও সেই সময়ৰ অসমীয়া ব্যৱসায়িক
ছবিসমূহৰ তুলনাত মিছন চাইনাই চিনেমা হিচাপে সাধাৰণ দৰ্শকক সন্তুষ্ট কৰিছিল।
‘কাঞ্চনজংঘা" চিনেমাখনত জুবিন গাৰ্গ অৱতীৰ্ণ হৈছে "অনিৰ্বাণ
ভট্টাচাৰ্য" নামৰ এজন নিবনুৱা যুৱকৰ ৰূপত। সমাজৰ অন্যায়, ৰাজনৈতিক দুৰ্নীতি আদিৰ
বলি হোৱা চৰিত্ৰটো পিছে, ‘মন যায়"ৰ
বিশ্বাসযোগ্য পটভূমিৰ পৰা আতঁৰি আহি ই এখন দক্ষিণৰ তেনে শৈলীৰ চিনেমাৰ নকলেৰে
হিংসাৰে ভৰপূৰ সীমিত পৰিসৰত এখন প্ৰতিশোধমূলক মছলাদাৰ চিনেমা হে হৈ পৰিল। অসমীয়া
চিনেমা এখনৰ বেশ-ভূষা, চেটৰ সাজ-সজ্জা, মানুহৰ মনঃস্তত্ত্ব আদিত সম্পূৰ্ণ দক্ষিণ ভাৰতক
অনুসৰণ কৰা এই চিনেমাখন অসমীয়া চলচ্চিত্ৰ সাংস্কৃতিক আধিপত্যবাদৰ কবলত পৰাৰ এক
সঠিক উদাহৰণ। জুবিন গাৰ্গৰ অভিনয়ো নিৰ্জীৱ।
‘ৰৈ ৰৈ বিনালে" চিনেমাখন বহুতে জুবিন
গাৰ্গৰ ছেমি বায়'পিক বুলি ক’ব বিচাৰে। হয়, চিনেমাখনৰ অ'ত ত'ত জুবিন গাৰ্গৰ জীৱন দৰ্শন, ক্ষোভ ফুটি উঠিছে। পিছে
কায়িকভাৱে আতঁৰি যোৱা জুবিন গাৰ্গক মানুহে নতুনকৈ যিমান জানিছে আৰু চিনিছে, তাৰ পৰা ক'ব পাৰি, জুবিনৰ আচল জীৱন বহু বেছি
বিশাল আৰু ৰোমাঞ্চকৰ।বোধহয়, চিনেমাখনত
“ৰৈ ৰৈ বিনালে” শীৰ্ষক গীতটিৰ recreationয়ে সেই বিশাল স্পিৰিটটোৰ
এক ৰূপ দাঙি ধৰিবলৈ সক্ষম হৈছে।
সঁচাকৈ ক'বলৈ গ'লে, কাহিনী, চিত্ৰনাট্য বা পৰিচালনাৰ
মানতকৈ এই তিনিওখন ছবিয়েই ব্যৱসায়িকভাৱে সফল হ'ল প্ৰতিখন চিনেমাৰে কেইটামান ৰোমান্টিক শ্ৰুতিমধুৰ
গীত, গীতসমূহৰ
সুন্দৰ লোকেশ্যনত কৰা দৃশ্যগ্ৰহণ,দৃষ্টিনন্দন পোছাক-পৰিচ্ছদ আৰু কেতবোৰ আকৰ্ষণীয় শ্বট
আদিৰ বাবে। তাতোকৈও ডাঙৰ কাৰণ জুবিন গাৰ্গৰ ষ্টাৰ পাৱাৰ। সাম্প্ৰতিক অসমৰ
সাংস্কৃতিক জগতত কোনো আন এগৰাকী সমকক্ষ শিল্পী নাই যাৰ জুবিন গাৰ্গৰ সমান ষ্টাৰডম
আছে। জুবিন গাৰ্গে নিজে তেওঁৰ এই শক্তিক সঠিকভাৱেই অনুধাৱন কৰিব পাৰিছিল আৰু তাক
সম্পূৰ্ণৰূপে কামত খটুৱাইছিল এই কেইখন চিনেমাৰ প্ৰমোচনত উদাহৰণস্বৰূপে, "মিছন চাইনা"ক তেওঁৰ
জীৱনৰ কেইবা বছৰৰ সাধনাৰ ফল আৰু অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত বাজেটৰ ফালৰপৰা এক
অভূতপূৰ্ব প্ৰয়াস হিচাপে প্ৰক্ষেপ কৰা হৈছিল।
জুবিন গাৰ্গৰ মন:স্তত্ব
আৰু তেওঁৰ চিনেমা :
জুবিন গাৰ্গে ব্যৱসায়িকভাৱে সফল চিনেমা নিৰ্মাণ কৰিব বিচাৰিছিল। অৱশ্যে তাৰে মাজতে তেওঁৰ জীৱনৰ কিছু অভিজ্ঞতা আৰু
জীৱন দৰ্শনৰ জিলিঙনিও নিজা কাহিনীৰ
চিনেমাত দেখিবলৈ পোৱা যায়। প্রথমখন চিনেমাত আওপকীয়াকৈ সন্ত্রাসবাদৰ বিৰোধিতা
কৰাৰ লগতে “কাঞ্চনজংঘা”ত তেওঁৰ চৰিত্ৰটোৱে সংলাপৰ জৰিয়তে প্রকাশ কৰিছিল জাতি - ধৰ্ম - ভগবান
আদিত বিশ্বাস নথকাৰ কথা। সাৰ্বিকভাবে তেওঁ মানবতাবাদৰ কথায়ে কব বিচাৰিছিল বুলি
সামৰণি মাৰিব খুজিলেও তেওঁৰ চিন্তাৰ মাজত থকা অসামঞ্জস্যতাকো কিন্তু দেখা পোৱা
যায়। উদাহৰণস্বৰূপে, জুবিন গাৰ্গৰ ঈশ্বৰ বিশ্বাস সম্পর্কে কেতবোৰ
সাক্ষাৎকাৰৰ পৰা এইকথা পৰিস্কাৰ হয় যে তেওঁ অজ্ঞেয়বাদী আছিল। তেওঁ আত্মা-পৰআত্মা
আদি বিশ্বাস নকৰিছিল। তেওঁ নিজৰ জাতি বা ধৰ্মীয় পৰিচয় থকাটো নিবিচাৰিছিল।কিন্তু “মিছন চাইনা”ৰ এটা দৃশ্যত দেখা যায় যে তেওঁ জেইলৰ এজন সংগীক ৰাধাকৃষ্ণণৰ এখন কিতাপ
পঢ়িবলৈ আগুৱাই দিছে - "An
Idealist View of Life "। যিখন আধ্যাত্মিকতাতকৈও বেছি ধাৰ্মিক জীৱন দৰ্শনেৰে
পৰিপুষ্ট এখন কিতাপ। আনহাতে এতিয়া সৰ্বত্ৰ জনপ্রিয় হোৱা আৰু “কাঞ্চনজংঘা” চিনেমাখনৰ প্রমোচনৰ সময়ত
জুবিন গাৰ্গে নিজৰ বিষয়ে ঘোষণা কৰা উক্তিটো আছিল - "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। মই
কাঞ্চনজংঘা।" চিনেমাখনতো আনকি তেওঁৰ জীৱনৰ সঁচা ঘটনা এটিৰ উল্লেখ আছে - নিজৰ লগুণ
চিঙি আঁঠুৱাৰ ৰচী বনাই পেলোৱাৰ কথাটো।কিন্তু বাস্তৱ জীৱনত জুবিন গাৰ্গে নিজৰ জীৱন-দৰ্শন বুলি কোৱা এইখিনি কথা আৰু চিনেমাখনত সংলাপ
হিচাপে ব্যৱহাৰ কৰোঁতে থকা পটভূমি সম্পূৰ্ণ বেলেগ। বৰ্ণৰ উচ্চ-নীচ বিভাজনক এই উক্তিৰদ্বাৰা নাকচ কৰা যেন লাগিলেও কিন্তু উচ্চ বৰ্ণৰ এজন নিবনুৱা যুৱক হিচাপে ‘অনিৰ্বাণ ভট্টাচাৰ্য’ই ‘সংৰক্ষণ’ ব্যৱস্থাৰ বাবেই চৰকাৰী
চাকৰিৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভহে চিনেমাখনত প্রতিফলিত হৈছে। উচ্চ বৰ্ণক
প্রতিনিধিত্ব কৰি সুবিধাজনক এক স্থানৰ পৰা "মোৰ কোনো জাতি নাই" বুলি ক'বলৈ সহজ। ভাৰতীয় সংবিধানত
সামাজিক ন্যায়ৰ পৰিপ্ৰেক্ষিতত ড. আম্বেদকাৰে "Affirmative Action"ৰ জৰিয়তে
প্ৰৱৰ্তন কৰি যোৱা জাতিগত সংৰক্ষণৰ বিৰুদ্ধে উচ্চ বৰ্ণৰ একাংশ জ্যাত্যাভিমানী লোকে
যিটো নেৰেটিভ চলাব বিচাৰে যে, সংৰক্ষণ উঠাই পেলাব লাগে, সংৰক্ষণৰ বাবে উচ্চ বৰ্ণৰ
যোগ্য ব্যক্তি চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হয়- চিনেমাখনত সেইটো নেৰেটিভকে সাৰ-পানী যোগোৱা হৈছে।
গতিকে দেখা যায়, এই দুয়োখন চিনেমাই তেওঁৰ জীৱন দৰ্শনৰ সম্পূৰ্ণ
বিপৰীত নহলেও, এক অস্পষ্ট, কিছু ক্ষেত্ৰত বিভ্ৰান্ত চিত্ৰ এখনহে প্ৰতিফলিত
কৰিছে।
"ৰৈ ৰৈ বিনালে" জুবিন গাৰ্গৰ শেষৰখন চলচ্চিত্ৰ
আৰু বাস্তৱিকতে এইখন চিনেমাত হে প্ৰকৃত আৰু পৰ্দাৰ জীৱনৰ জুবিন গাৰ্গৰ জীৱনৰ
চিন্তাৰ বহু পৰিমাণে সমৰূপতা বিচাৰি পোৱা যায়। ছবিখনত এক ৰোমাণ্টিক প্ৰেমৰ কাহিনী
থাকিলেও চিত্ৰনাট্যত এনে বহুকেইটা দৃশ্যৰ অৱতাৰণা হৈছে য'ত এজন অন্ধ গায়কে (ৰাউল
নামৰ নায়কৰ নাম ভূমিকাত আছে জুবিন গাৰ্গ) বজাৰ নিৰ্ভৰ শিল্পৰ পণ্যকৰণক লৈ বিতুষ্ট
হৈছে, নাগৰিকৰ
স্বাৰ্থৰ বিপৰীতে যোৱা ৰাজনৈতিক নেতা আৰু ব্যৱস্থাক প্ৰশ্ন কৰিছে। আৰু মন্তব্য
কৰিছে যে শিল্পীৰ ৰাজনীতি থাকে আৰু এই ৰাজনীতি সদায়ে জনতাৰ পক্ষত, ৰজাৰ দৰে শাসন কৰিব বিচৰা
শাসকগোষ্ঠীৰ পক্ষ শিল্পীয়ে নলয়। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইন বিৰোধী
আন্দোলনৰ সময়ৰ পৰা আমৃত্যু জুবিন গাৰ্গে নিজৰ গীত আৰু চিনেমাৰে বাস্তৱ জীৱনত মানি
চলা ৰাজনৈতিক আদৰ্শ আৰু দৰ্শনৰ প্ৰতিফলন এইখন চিনেমাত আটাইতকৈ স্পষ্ট আৰু পৰিপক্ক
ৰূপত হৈছে। "মন যায়"ৰ পিছতে লেখত লবলগীয়াকৈ তেওঁ চৰিত্ৰটোত অভিনয়ো
কৰিছে। অৱশ্যে চিনেমা হিচাপে "ৰৈ ৰৈ বিনালে"ৰ চিত্ৰনাট্যই অ'ত-ত'ত উজুটি খাইছে।
চৰিত্ৰসমূহৰ মানসিক অৱস্থাক স্বাভাৱিকৰূপত বিকশিত হ'বলৈ সময় নিদি কেৱল সংলাপ
আৰু কিছু কৃত্ৰিম দৃশ্যৰে খৰ-খেদাকৈ আৰু উপৰুৱাকৈ কাহিনীভাগ আগবঢ়াই লৈ যোৱা হ'ল। লগতে আছিল নাৰীবাদৰ অলপ
আধৰুৱা, দুৰ্বল
উপস্থাপন । এনেবোৰ দৃশ্যত সংবেদনশীলতা আৰু পৰিপক্কতাৰ অভাৱ পৰিচালনাতো দেখা গ'ল। যাৰ ফলত আনকি দৰ্শকে
ৰাউল চৰিত্ৰটিৰ সৈতেও নিৰলে একাত্ম হোৱাৰ সুযোগ নেপায়। জুবিন গাৰ্গকে আদি কৰি
বাকীসকল অভিনয় শিল্পীৰ অভিনয়, জুবিন গাৰ্গৰ সংগীত, মনোমোহা লোকেশ্যনত
ৰোমান্টিক গীতসমূহৰ দৃশ্যগ্ৰহণ আদিয়েও চিত্ৰনাট্যৰ এই দৌৰা-দৌৰিৰ প্ৰৱণতা; আৰু পৰিচালনাৰ দুৰ্বলতাক
লুকুৱাই ৰাখিব পৰা নাই। এটা প্ৰেমৰ কাহিনীৰ সমান্তৰালকৈ এজন অন্ধ শিল্পীৰ সংঘাত
আৰু সংঘৰ্ষ হিচাপে সংগীত জগতৰ ৰাজনীতিক লৈ মসৃণভাৱে এইখন চিনেমা নিৰ্মাণ কৰিব পৰাৰ
থল আছিল। পিছে সেই সুবিধা থকা স্বত্বেও তাৰ সম্পূৰ্ণ সুযোগ চিত্ৰনাট্যত লোৱা দেখা
নগ'ল।
জুবিন গাৰ্গৰ ব্যক্তিত্ব masculine
নাছিল। তেওঁৰ
পৰিচালনাৰ প্ৰথমখন চিনেমা (তুমি মোৰ
মাথো মোৰ)ত দেখা যায়, হিৰোক প্ৰথম
চাৱনিতে নায়িকাইহে চকু টিপিয়াই জোকাইছে।বেকগ্ৰাউণ্ডত ঐনিতম বাজি উঠিছে আৰু হিৰো
জুবিনে লাজ কৰিছে। যিকোনো ভাৰতীয় প্ৰেমৰ চিনেমা এখনত যিটোৰ সম্পূৰ্ণ ওলোটা হ'লহেঁতেন। জুবিন গাৰ্গৰ মনত
থাকি যোৱা কেইবাখনো চিনেমাত তেওঁৰ চৰিত্ৰসমূহ ultra
masculine নহয়। বৰঞ্চ vulnerable হে।বোধহয় যদি চাও, তেন্তে দেখিম যে ‘মিছন চাইনা” আৰু “কাঞ্চনজংঘা” দুয়োখনতে
তেওঁ একো একোটা উচ্চ বৰ্ণৰ masculine
চৰিত্র বাচি লৈছে। প্রথমখনত এজন
আধ্যাত্মিক, মানসিকভাৱে সুস্থিৰ অথচ সময়ত
নিষ্ঠুৰ হৈ পৰিব পৰা এজন প্রাক্তন সেনা বিষয়াৰ ৰূপত। আৰু আনখনত নৈতিকভাৱে বলৱান
হৈয়ো মানসিকভাৱে বিধ্বস্ত ,অস্থিৰ, খঙাল, নৃশংস হৈ পৰা এজন খঙাল যুৱকৰ ৰূপত। ‘কাঞ্চনজংঘা”ৰ “অনিৰ্বান ভট্টাচাৰ্য” চৰিত্রটোৰ “মন যায়” ৰ “মানৱ”ৰ লগত কিছু সাদৃশ্য আছে। পিছে "মন যায়"ৰ ৰাজনৈতিক পৰিৱেশে হিংসাৰ পথ বাচি লবলৈ “মানৱ” ক বাধ্য কৰোৱাৰ দৰে পৰিপক্ক
চৰিত্রৰ দৰে এইখন চিনেমাই “অনিৰ্বান ভট্টাচাৰ্য” কআগুৱাই লৈ যোৱাত সম্পূর্ণ বিফল হ'ল। ভাৱ হয়, কিহৰ তাড়নাত জুবিনৰ এই
পৰিৱৰ্তন হৈছিল। Masculinity আৰু violence
এই দুটাৰ প্ৰতি তেওঁ পিছলৈ কিয় আকৰ্ষিত হৈছিল? “ৰৈ ৰৈ বিনালে”ত তেওঁ পুনৰ অনুভূতিপ্রৱণ এজন শিল্পীৰ ৰূপত পদাৰ্পণ কৰিছিল।
একবিংশ শতিকাত মুনিন বৰুৱাৰ উত্তৰসুৰী হিচাপে জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক
ব্যৱসায়িকভাৱে এটা নতুন গতি দিলে। ২০১৭ ৰ "মিছন ছাইনা"ৰ বাবে তেওঁ কোটিৰো
অধিক বিনিয়োগেৰে পোন প্ৰথমবাৰৰ বাবে ব্যয়বহুল প্ৰযোজনাৰ বাট মুকলি কৰিলে। ইয়াৰ
আগলৈকে একোখন অসমীয়া চিনেমা নিৰ্মাণ হৈছিল গড়ে প্ৰায় ৩০-৪০ লাখ টকাৰ ভিতৰত। বিগ
বাজেটৰ অসমীয়া চিনেমাও নিৰ্মাণ কৰিব পাৰি আৰু আত্মবিশ্বাসী এগ্ৰেছিভ প্ৰচাৰ কৌশলৰ
সমাহাৰ ঘটাই তেনে চিনেমা থিয়েটাৰত হিট কৰি তুলিবও পাৰি - এই বিশ্বাস তেওঁ নিজৰ
প্ৰযোজনাৰ চিনেমাসমূহেদি প্ৰমাণ কৰি দেখুৱালে। ১৯৩৫ চনৰ প্ৰথমখন ছবি
"জয়মতী"ৰ পৰা আজিলৈকে অতদূৰ বাট আহিও ব্যৱসায়িকভাৱে এতিয়াও ঠন ধৰি উঠিব নোৱাৰা অসমীয়া চলচ্চিত্ৰ জগতলৈ জুবিন গাৰ্গৰ এয়া অৱদান। প্ৰচলিত
বঁটা- বাহনৰ প্ৰতি জুবিন গাৰ্গৰ নিশ্চয় কোনো লোভ নাছিল, যদিও ৰীমা বৰাৰ ছুটি ছবি " Echoes of Silence" ত কৰা সংগীত পৰিচালনাৰ বাবে তেওঁ ২০০৯ চনত নন-ফিচাৰ শাখাৰ শ্রেষ্ঠ সংগীত পৰিচালকৰ
ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল বা আন বহুকেইটা বঁটা তেওঁ হিন্দী, অসমীয়া চলচ্চিত্ৰত গোৱা গীত বা অভিনয়ৰ বাবে লাভ কৰিছিল। তথাপিও হয়তো, পৰৱৰ্তী সময়ত কেৱল ব্যৱসায়িকভাৱে সফল চিনেমা নিৰ্মাণতে ক্ষান্ত নাথাকি
কলাত্মক আৰু সমাজ বাস্তৱৰ গভীৰ অনুধাৱনেৰে 'ভাল চিনেমা ' নিৰ্মাতাৰ ৰূপতো এদিন নিশ্চয় আমি জুবিন গাৰ্গক দেখা পালোহেঁতেন বুলি আশা কৰিছিলো।
জুবিন গাৰ্গ আৰু চলচ্চিত্ৰ - এই সম্পৰ্কে বিস্তাৰিত
আলোচনা আৰু গভীৰ গৱেষণাৰ থল নিশ্চয় আছে। আমি মাথো থাওকতে মনলৈ আহি থকা ভাৱখিনিহে
ইয়াত প্ৰকাশ
কৰিলো। এই বিষয়ত পৰৱৰ্তী আলোচনা সমূহলৈ অধীৰ আগ্ৰহেৰে বাট চালোঁ।
লেখকৰ পৰিচয়
সুজাতা হাতীবৰুৱা
সহকাৰী অধ্যাপক, পুঠিমাৰী কলেজ
বিঃদ্ৰঃ এই লেখাটো ড° ভাস্কৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘অস্তিত্ব অপৰাজেয়’ গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে৷

0 Comments