জাতি আৰু দেশৰ লগত সংপৃক্ত একো একোটি আন্দোলনে একো একোখন দেশৰ জনসাধাৰণৰ অন্তৰত মচিব নোৱৰা সাঁচ বহুৱাই যায়। বহির্শশত্ৰুৱে আক্ৰমণ কৰা সময়ত আৰু আভ্যন্তৰীণ কাৰণত জনজাগৰণ হয়। জনজাগৰণেই সময়ত আন্দোলনলৈ ৰূপান্তৰিত হয়। সুদীর্ঘ কাল ধৰি হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনে এই দেশৰ প্ৰত্যেকৰে অন্তৰত গভীৰ প্ৰভাৱ পেলাইছিল। আন্দোলনত সক্রিয়ভাবে জড়িত হৈ পৰা স্বাধীনতা সংগ্ৰামীসকলে পৰাধীন জাতিৰ মৰ্মবেদনা উপলব্ধি কৰাবলৈ আপ্রাণ চেষ্টা কৰিছিল। দেশক মনেচিতে ভাল পোৱা আন এচামে পৰোক্ষভাৱে সহায় কৰিছিল। এই ক্ষেত্ৰত কবি, সাহিত্যিক আৰু শিল্পীসকলৰ কথাই প্রথমে মনলৈ আহে। দেশ আৰু জাতিৰ দুৰ্যোগৰ সময়ত ৰচিত দেশপ্রেমমূলক গীত-মাতে বহুখিনি প্ৰভাৱ পেলায়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত সাহিত্যৰ সেই ফালৰ পৰা বিশেষ অৱদান আছে।
বিভিন্ন ভাষা-ভাষী তথা বিভিন্ন জাতি-উপজাতিৰে গঠিত ভাৰতৰ জনসাধাৰণ স্বাধীনতা আন্দোলনৰ সময়ত এক দেহ, এক মন, এক প্রাণ আদৰ্শৰে উদ্বুদ্ধ হৈ মুক্তিৰ সপোন ৰচিছিল। সেই সময়ত মুক্তিপ্রয়াসী জনগণক ভাৰতৰ বিভিন্ন প্রান্তৰ প্রতিভাশালী শিল্পী-সাহিত্যিকসকলে সকলো প্ৰকাৰৰ সংকীর্ণতাৰ পৰা মুক্ত বাখিবলৈ সততে চেষ্টা কৰিছিল। দেখা যায় সেই সময়ত ৰচিত স্বাধীনতা আন্দোলন সম্পর্কীয় ৰচনাত কবি-সাহিত্যিকলে ভাৰতৰ অখণ্ডতাক মুখ্য স্থান দিছিল। সেইবুলি নিজ নিজ ৰাজ্যৰ বীৰ-বীৰাঙ্গনাসকলৰ বা দেশহৈতিষীসকলৰ কীৰ্তি-কাহিনী উপেক্ষা কৰা নাছিল। বৰং নিজ নিজ ৰাজ্যৰ কীৰ্তিমন্ত লোকসকলৰ কাহিনী দেশবাসীৰ আগত দাঙি ধৰি গৌৰৱ অনুভৱ কৰিছিল। দেশবাসীয়েও পৰস্পৰে পৰস্পৰক বুজাত তেতিয়া সহায় হৈছিল। কিয়নো পিয়লি ফুকন, মণিৰাম, কুশল কোঁৱৰ, কনকলতাই যি আদৰ্শৰে উদ্বুদ্ধ হৈ দেশৰ কাৰণে প্রাণ উছৰ্গা কৰিছিল ক্ষুদিৰাম বসু, ভগৎ সিং, লক্ষ্মীবাই, নানা চাহেব, তান্তিয়া তোপীয়েও সেই আদর্শ লৈয়ে প্রাণ বলি দিছিল। কবি-সাহিত্যিকসকলে ভাৰত-মাতাৰ বন্দনা কৰাৰ লগতে নিজ নিজ ৰাজ্যৰ বীৰ-বীৰাঙ্গনাৰ শৌর্য-বীৰ্যৰ কাহিনী দাঙি ধৰি জনসাধাৰণক স্বদেশপ্ৰেমৰ মহামন্ত্ৰৰে উদ্বুদ্ধ কৰি তুলিছিল আৰু এই ক্ষেত্রত তেওঁলোক সফল হৈছিল।
পৰাধীন অৱস্থাত ভাৰতৰ বিভিন্ন প্ৰান্তত ৰচিত গীত-মাতৰ সেইফালৰ পৰা তাৎপর্য আছে। জাফৰ ইকবালৰ 'চাৰা জাহাসে অচ্ছা হিন্দুস্থান হমাৰা', বঙ্কিমচন্দ্ৰৰ 'বন্দেমাতৰম্' ৰবীন্দ্ৰনাথৰ 'যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে' বা 'আমি ভয় কৰব না, ভয় কৰব না, দুবেলা মৰাৰ আগে মৰব না ভাই, মৰব না,' দ্বিজেন্দ্রলালৰ 'বঙ্গ আমাৰ জননী আমাৰ' দক্ষিণ ভাৰতৰ কবি সুব্রমণিয়ামৰ 'ভাৰত সমাধ্যম', ভাল্লথলৰ 'মাতৃ বন্দনা', হিন্দী সাহিত্যিক তথা ৰাষ্ট্ৰীয় কবি হিছাপে সু-পৰিচিত মৈথিলীচৰণ গুপ্তৰ 'ভাৰত-ভাৰতী' আৰু ৰামধাৰী সিং দিনকৰৰ 'হুংকাৰ'ত যিদৰে দেশৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি, প্রগাঢ় শ্রদ্ধা আৰু স্নেহ-প্রীতি প্রকাশ পাইছে, ঠিক একেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ' মোৰ আপোনাৰ দেশ', অম্বিকাগিৰী ৰায়চৌধুৰীৰ 'জাগ জাগ ভাৰত সন্তান, হিন্দু-মুছলমান' আৰু জ্যোতিপ্ৰসাদৰ গীত-মাতত মাতৃভূমিৰ প্ৰতি নিবিড় ভালপোৱা, জনসাধাৰণৰ প্ৰতি অফুৰন্ত শ্রদ্ধা আৰু দেশৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতাৰ কথা সাৰ্থকৰূপে প্ৰকাশ কৰা হৈছে। এইখিনিতে আৰু উল্লেখ কৰা সমীচীন হ'ব যে পৰাধীন অৱস্থাৰ দেশপ্রেমমূলক ৰচনাসমূহত উগ্র জাতীয়তাবাদ বা সাম্প্রদায়িকতাৰ গোন্ধ সমূলি নাছিল। বেজবৰুৱাই 'বীণ বৰাগী'ৰ মাজেৰে অসমৰ বীৰ-বীৰাঙ্গনাসকলৰ শৌর্য-বীৰ্যৰ কাহিনী সোঁৱৰাই দি যিসকলৰ মহান আদর্শ ল'বলৈহে দেশবাসীক সকীয়াই দিছে। জ্যোতিপ্রসাদেও লাচিত বৰফুকন প্ৰমুখ্যে বীৰ পুৰুষসকলৰ বীৰত্বৰ কাহিনী দাঙি ধৰি ভাৰতৰ মুক্তি কামনা কৰিছিল।
গীত আৰু কবিতাৰ বাহিৰেও দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত বিভিন্ন প্রান্তীয় ভাষাত ৰচিত গল্প, উপন্যাস, নাটক, আত্মজীৱনী আদিত মুক্তি আন্দোলন সম্পর্কীয় নানা বিষয়বস্তুৱে ঠাই পাইছিল। চুবুৰীয়া বাংলা সাহিত্যত এনে বিষয়বস্তু লৈ ভালেসংখ্যক গল্প, উপন্যাস, নাটক আদি ৰচিত হৈছিল। ইয়াৰে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ 'পথেৰ দাবী' (১৯২৬)ত আন্দোলনত সন্ত্রাসবাদীসকলে লোৱা ভূমিকাৰ কথা আছে। ১৮৫৮ চনতে ৰচিত দীনবন্ধু মিত্ৰৰ 'নীল দর্পণ'ত বঙ্গদেশত হোৱা নীল আন্দোলনৰ কাহিনী আছে। এই নাটকখনত সাম্রাজ্যবাদীসকলৰ শোষণৰ চিত্ৰও হুবহু দাঙি ধৰা হৈছে। স্বাধীনতা আন্দোলনক লৈ হিন্দী সাহিত্যত প্রেমচন্দ্রই ভালেখিনি মনোগ্ৰাহী কাহিনী ৰচনা কৰি থৈ গ'ল। সেইদৰে উড়িয়া সাহিত্যত ফকীৰ মোহন সেনাপতি, কালিন্দী চৰণ পাণিগ্রাহী প্ৰমুখ্যে সাহিত্যিকসকলেও তেওঁলোকৰ ৰচনাত স্বাধীনতা আন্দোলনক স্থান দিছে। তামিল, তেলুগু, মালয়ালম প্রভৃতি দক্ষিণ ভাৰতৰ চহকী সাহিত্যতো স্বাধীনতা আন্দোলনৰ বিষয়ে নানা কাহিনী প্রকাশ পাইছে।
অসমীয়া সাহিত্যত দেশপ্ৰেমৰ বাণী পোনপ্ৰথম বলিষ্ঠ ৰূপত ফুটাই তুলিছিল কমলাকান্ত ভট্টাচার্যই। তেওঁৰ দেশপ্রেমমূলক ৰচনাই অসমবাসীৰ অন্তৰত প্ৰবল স্বদেশানুৰাগৰ ঢল বোৱাইছিল। ভট্টাচার্যই ক্ষোভেৰে আৰু বেজবৰুৱাই আশাৰে দেশপ্রেমমূলক কবিতা ৰচিছিল যদিও তেওঁলোকৰ সৃষ্টিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রতিফলন দেখদেখকৈ প্রকাশ পোৱা নাছিল। কিন্তু সঞ্জীবনী সুধাৰ দৰে এই কবিতাসমূহে কাম কৰিছিল। কমলাকান্ত-লক্ষ্মীনাথৰ দৰে স্বাধীনতা আন্দোলনৰ জড়িত নোহোৱা ৰাধানাথ ফুকনেও সেই সময়তে 'কিয়নো পাহৰা হেৰা অসমীয়া চিৰকাল তুমি আছিলা স্বাধীন'-এইবুলি সোঁৱৰাই দিবলৈ পাহৰা নাছিল। এইসকলৰ পিছত শৈলধৰ ৰাজখোৱা, নলিনীবালা দেবী, প্রসন্নলাল চৌধুৰী, ডিম্বেশ্বৰ নেওগ, বিনন্দচন্দ্ৰ বৰুবা, পার্বতিপ্রসাদ বৰুৱা আদি কবি-সাহিত্যিকসকলে ভালেসংখ্যক দেশপ্রেমমূলক গীত-কবিতা ৰচি জনসাধাৰণক নির্ভীক হ'বলৈ আৰু দেশৰ হকে সেৱা আগবঢ়াবলৈ প্ৰেৰণা যোগাইছিল। মন কৰিবলগীয়া এখেতসকলৰ কোনোজন হয়তো উচ্চপদস্থ চৰকাৰী বিষয়া, কোনো হয়তো চাহ-বাগিচাৰ মালিক আৰু কোনো হয়তো ওৰে জীৱন শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিল। শৈলধৰ ৰাজখোৱাৰ 'মৰিও নমৰে, পৰিও নপৰে, বাণ ভগদত্ত চুকাফা জাত, গৃহ-বিবাদত জলাকলা আজি, নহ'লে কোনেনো দিয়েহি হাত'। (পাষাণ প্রতিমা), বিনন্দচন্দ্ৰ বৰুৱাৰ 'বিলত নগৰ হয়, নগৰত নৈ বয়,/ধোদে তাত বান্ধে ৰাজ আলি;/ কাৰেঙৰ দেও-ইটা, শিল যেন চটা চটা,/ গাঁথে তাত হাঁহকণী ফালি, বনুৱাৰ নিছিগেই লালী।' (গড়গাঁও), পার্বতিপ্ৰসাদ বৰুৱাৰ 'নোবোলো তোক সোণৰ অসম মাটিৰ অসম আই,' প্রসন্নলাল চৌধুৰীৰ 'অগ্নিমন্ত্ৰ' আৰু ডিম্বেশ্বৰ নেওগৰ 'অসমা'ত সন্নিৱিষ্ট ভালেসংখ্যক কবিতাই প্ৰকাৰান্তৰে স্বাধীন আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ অসমবাসীক প্ৰেৰণা যোগাইছিল। স্বাধীনতা আন্দোলনৰ লগত সক্রিয়ভাৱে জড়িত নহ'লেও এখেতসকলে পৰাধীন জাতিৰ মর্মবেদনা উপলব্ধি কৰি এনেধৰণৰ দেশপ্রেমমূলক গীত-কবিতা ৰচিছিল।
স্বাধীনতা আন্দোলনত সক্রিয়ভাৱে জড়িত কবি-সাহিত্যিকসকলৰ ভিতৰত অম্বিকাগিৰী ৰায়চৌধুৰী আছিল অন্যতম। অসহযোগ আন্দোলনত যোগ দি কাৰাবাস খটা অম্বিকাগিৰীৰ গীত-কবিতাই সেই সময়ত জনসাধাৰণৰ মন উতলা কৰিছিল। তেওঁৰ প্ৰত্যেকটো শব্দই আছিল যথার্থতে একোটি স্ফুলিঙ্গ। ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত ভাৰতৰ জাতীয় কংগ্ৰেছৰ উদ্বোধনী গীতৰ ৰচক অম্বিকাগিৰীয়ে 'বিৰাট নৰনাৰায়ণ'ক উদ্দেশ্য কৰি এই আশা পোষণ কৰিছিল:
"ৰুদ্ধ-কণ্ঠ তেনে মুকলিত হ'ক আজি নৰ-নাৰায়ণ বন্দি;-
পতিত ভাৰতৰ দু-শ বছৰ ব্যাপী বিঘিনি বিমঙ্গলখণ্ডি-
গ্রহ-উপগ্রহ ধ্বনিত হ'ক আজি ভূলোক-খলোক নন্দি,
জ্বলক ভাৰত-মাতা বিশ্বত বিজয়ী বৰ্মেৰে সাজি অপৰূপ,
-বৰ্মেৰে সাজি অপৰূপ।"
পৰাধীন জাতিৰ মনোবেদনা হাড়ে-হিমজুৱে উপলব্ধি কৰা অম্বিকাগিৰীয়ে বঙ্গ-ভঙ্গৰ স্বদেশী আন্দোলনৰ সময়ত ৰচনা কৰা কোনো কোনো গীতৰ কাৰণে ব্ৰিটিছ সিংহও থৰহৰি কম্পমান হৈছিল। সেই সময়ত তেওঁ দুজনমান সতীৰ্থৰ সৈতে লগ লাগি এটা সন্ত্রাসবাদী দল গঠন কৰিছিল। তেতিয়া ৰচনা কৰা-"যায় যাব প্রাণ, আন ধৰি আন,/ফান্দত সুমাই ল'। বাধা-জঁট ভাঙি বুকু দাঙি। নিকিল্-কিলিয়া হ'।/ তই ভাই, নিকিল্-কিলিয়া হ'।। যাৰ য'ত আছে দা-কুঠাৰ যাঠী/ হাতে হাতে তুলি ল'/নকৰিবি ভয়, না সংশয়,/ বুকত সাহস ল'/" তই ভাই বুকত সাহস ল'/বিদ্রোহী কবিয়ে কেৱল সেইবুলি কৈয়ে ক্ষান্ত থকা নাছিল তেওঁ স্বাধীনতাৰ কাৰণে এনেদৰেও আহ্বান জনাইছিল:
"মাতিছে মাতিছে মিলন-শঙ্খে/মৃত্যু ভৰোৱা মাতেৰে-/
ব'লা আগুৱাই শত্রু দন্ত/চূর্ণিত কৰা দাপেৰে।/
আন চিন্তা দলিয়াই থৈ/হাতত অগ্নি অশনি লৈ/
দিওঁ লয় কৰি জীৱন আমাৰ/মহা-জীৱনৰ জয়েৰে।।”
অম্বিকাগিৰীৰ একে ধৰণৰ গীত ব্ৰিটিছ চৰকাৰে স্বাভাৱিকতে সহ্য কৰিব পৰা নাছিল। ওপৰত উল্লেখ কৰা দুয়োটি গীতেই 'অসমীয়া সাহিত্যত প্রথম সংগ্রামমুখী জাতীয়-গীত' বুলি অভিহিত কৰা হৈছে। ইয়াৰে 'যায় যাব প্রাণ' গীতটি 'বন্দিনী ভাৰত' আৰু 'মাতিছে...... মৃত্যু ভৰোৱা মাতেৰে' গীতটি 'কল্যাণময়ী', নাটকত সন্নিৱিষ্ট কৰা হৈছিল। উল্লেখযোগ্য যে তেওঁৰ 'বন্দিনী ভাৰত' নাটকখন ব্ৰিটিছ চৰকাৰে ১৯০৫ (?) চনত বাজেয়াপ্ত কৰিছিল। ইয়াৰ কেইবছৰমানৰ পিছত তেওঁৰে 'শতধাৰ' নামৰ আন এখন ৰাজনৈতিকধর্মী পুথিও ব্ৰিটিছ চৰকাৰে নষ্ট কৰি পেলাইছিল।
অম্বিকাগিৰীয়ে স্বাধীনতা লাভৰ আগমুহূৰ্তলৈকে ৰচা অলেখ গীত, কবিতা আৰু প্ৰবন্ধত কেৱল পৰাধীন জাতিৰ মনৰ কথাকে প্রকাশ কৰা নাছিল, দেশৰ যুৱক-যুৱতীসকলক স্বাৱলম্বী, কর্মঠ আৰু চৰিত্ৰৱান হ'বলৈয়ো আহ্বান জনাইছিল। আত্মনিৰ্ভৰশীল, চৰিত্ৰৱান আৰু কঠোৰ পৰিশ্ৰমী লোকেহে স্বাধীনতাৰ মৰ্ম উপলব্ধি কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল। ১৯৪০ চনতে তেওঁ অসমীয়া ডেকাক অলসতা তাগ কৰিবলৈ এইদৰে আহ্বান জনাইছিল: "জাগ ডেকা তেজ, জাগ আজি জাগ,/আগ্নেয়গিৰি উজাৰি জাগ/ এলাহৰ গাঁঠি ভাঙি গুৰি কৰি/কৰ্ম্ম ধাৰাৰে ধৰণী ঢাক।” কেৱল ডেকাশক্তিকে নহয় সমাজৰ সকলো শ্ৰেণীৰ লোককে 'জাগ্রত হোৱা ভাই' বুলি সম্বোধন ধৰি তেওঁ এইদৰে প্ৰশ্ন কৰিছিল:
"থাকিবানো কতকাল
তন্দ্রাভিভূত হৈ/জাগি উঠি মাতৃৰ দুৰ্দশা লোৱা চাই।”
ঠিক এনে ধৰণৰ মনোভাবকে প্রকাশ কৰিছে ১৯১৭ চনত ৰচনা কৰা-"ই যে অগ্নিবীণাৰ তান” নামৰ গীতটিত। গীতটিৰ প্ৰথম পংক্তিটোৱেই হ'ল:
"এইটো নহয় হাঁহি-তামাছাৰ ভাগৰ জুৰোৱা গান,
ই যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।"
গীতটিৰ জৰিয়তে ৰায়চৌধুৰীয়ে সমাজৰ পৰা অপমান, লাঞ্ছনাহীনতা, নীচতা, ভীৰুতা, দীনতা দূৰ হোৱাটো বিচাৰিছিল। কাজী নজৰুল ইছলামেও এখন বৈষ্যম্যহীন সমাজৰে পোষকতা কৰি সেই সময়ত অলেখ গীত ৰচিছিল। অম্বিকাগিৰীয়ে এখন শক্তিশালী অসম বা এখন শক্তিশালী ভাৰত গঢ়ি তুলিবৰ কাৰণে আমাৰ মনৰপৰা সকলো ধৰণৰ দুৰ্বলতা বিসর্জন দি আগুৱাই যাবলৈ আহ্বান জনাইছিল। পৰাধীন দেশৰ ডেকাশক্তিক তেওঁ এইদৰে সোঁৱৰাই দিছিল:
"আত্মবলৰ তেজাল-কোবাল বেগেৰে চালিত হৈ সাধনা-লব্ধ অজেয় আত্ম-বিজয় পতাকা বৈ জীৱন-মৰণ পণ কৰি পোৱা পথ ধৰি ধৰি ভাই। ব'লা আগুৱাই, ব'লা আগুৱাই ব'লা আগুৱাই ভাই।” (১৯১৫)
স্বাধীনতা আন্দোলনৰ প্ৰতি জনসাধাৰণৰ মন আকৰ্ষণ কৰিবৰ কাৰণে অম্বিকাগিৰীয়ে সকলো পন্থাই লৈছিল আৰু তেওঁ নকৰা কামো নাছিল। গুৱাহাটী, বৰপেটা আদিত তেওঁ শোভাযাত্রা উলিয়াইছিল। শোভাযাত্ৰাত গোৱা প্ৰায়বোৰ গীত তেৱেঁই ৰচনা কৰিছিল। এই গীতসমূহৰ সৰহভাগতে ভাৰতমাতাৰে জয়গান গোৱা হৈছে। উদাহৰণস্বৰূপে,
"এইহে তোমাৰ বাণী ভাৰত!/ এইহে তোমাৰ দান,-/ তোমাৰ হকে জীৱন ধাৰণ, তোমাৰ হকে প্রাণ।", "আজি দুশতাব্দী কাল-/তন্দ্রা-অলস ভাৰত আত্মা,/জাগিছে নিজঞ্জাল-”, “তোৰ জননী যে দাসী-/ তথাপি তোৰ নাই চেতনা হায়ৰে ভাৰতবাসী!-/তোৰ জননী যে দাসী-"। অসহযোগ আন্দোলনৰ সময়ত এনেধৰণৰ গীত ৰচি অম্বিকাগিৰীয়ে ভাৰতৰ মুক্তিয়েই অসমৰ মুক্তি এই কথাকে প্রকাশ কৰিছিল। 'অসম কেশৰী' আখ্যাৰে বিভূষিত অম্বিকাগিৰীয়ে সেই সময়ত কোনো কোনো ভাৰতীয়ই স্বাধীনতাৰ প্ৰতি কাণসাৰ নিদিয়া দেখি আক্ষেপ কৰিছিল। দেশৰ বিলাই-বিপত্তিৰো তেতিয়া সীমা নোহোৱা হৈছিল। অম্বিকাগিৰীৰ ভাষাত:
"যাৰ পথাৰৰ সোণালী শস্যৰ মধুৰ অমৃত খাই, জিলিকি আছিল যি জাতি এদিন অমৰ খিতাপ পাই-
তাক কিয় আজি দুর্ভিক্ষ দানবে কোবাই ভাঙিলে হাড়,
ঘৰে ঘৰে গাঁৱে গাঁৱে মৰ্মভেদী হাহাকাৰ!
হায়! এয়ে নে ভাৰতধাম।"
স্বাধীনতা আন্দোলনত সশ্রম কারাদণ্ড ভোগা অম্বিকাগিৰীৰ সৃষ্টি-প্রতিভাক কোনেও কেতিয়াও কধিব পৰা নাছিল। পাইখানা চাফা কৰা, শিল ভঙা আদি শাস্তি বিহোতে তেওঁ অসন্তুষ্ট হোৱা নাছিল বা ক্ষোভ প্রকাশ কৰাও নাছিল। তেতিয়া তেওঁৰ মুখত স্বতঃস্ফূর্ত ৰূপত ওলাইছিল: "বীৰ-বেশেৰে ধৰ ঝাড়ু ধৰ/জাতিৰ জীৱন কৰ মনোহৰ/সাৰি-পুচি চুকে-কোণে/য'ত যি আছে জাহি-জাবৰ নহ'লে যে বিশ্ব-সভাত নহ'ব তোৰ বহাৰ ঠাই।" ১৯২১ চনত কাৰাগাৰত থাকোঁতে তেওঁ মনৰ কথা এনেদৰে প্ৰকাশ কৰিছিল: "আৰু দেখাবি ভয় কাৰাগাৰ আৰু কি দেখাবি ভয়?/ তোৰ ৰঙা চকু যিমানে কৰিবি,/ সিমানেই মোৰ জয় কাৰাগাৰ, সিমানেই মোৰ জয়।” সেইদৰে কাৰাগাৰত শিল ভাঙোতে হাতুৰীৰ তালে তালে তেওঁ ৰচনা কৰিছিল: "তই ভাঙিব লাগিব শিল,-/ নোৱাৰো বুলিলে নহ'ব যে ভাই/ঢিলাতে পৰিব ঢিল।” অম্বিকাগিৰীৰ আন গীতসমূহৰ দৰে জেল জীৱনত ৰচনা কৰা গীতসমূহৰো সুকীয়া মূল্য আছে। স্বাধীনতা লাভৰ পিছত অম্বিকাগিৰীয়ে যি আশা কৰিছিল সেই আশা পূৰণ নহ'ল। সেয়ে মৃত্যুৰ আগলৈকে তেওঁ দেশ আৰু জাতিৰ দুৰৱস্থা দেখি আক্ষেপ কৰিয়েই গ'ল। এঠাইত তেওঁ কৈছেঃ "আজি যায়, যায়, যায়, সকলোখিনি দেখোঁ যায় যায়, বহুখিনি গৈ যিখিনি বাকী ৰ'ল, সিও খিনি দেখো যায়, যায়-
তথাপি কিয় তোৰ চেতনা নাই?
সকলোখিনি দেখোঁ যায় যায়।"
পৰাধীন জাতিৰ মনৰ কথা সাৰ্থকৰূপে প্ৰকাশ কৰা অম্বিকাগিৰীৰ দেশপ্রেমমূলক গীতসমূহৰ বিষয়ে মহাত্মা গান্ধীয়েও জানিছিল। কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে অম্বিকাগিৰীক গান্ধীজীৰ লগত পৰিচয় কৰাই দিওঁতে ৰায়চৌধুৰীৰ গীতত অহিংস ভাবধাৰাই স্থান পোৱাৰ কথা উল্লেখ কৰিছিল। সেই বিষয়ে কিঞ্চিৎ সন্দেহ উপজিলেও ৰায়চৌধুৰীৰ সৰহসংখ্যক গীতত অহিংসাৰ কথাই আছিল। অৱশ্যে তেওঁৰ উদ্দীপ্ত ভাষাই জনজাগৰণ সৃষ্টি কৰাত বহুখিনি সহায় কৰিছিল।
ৰায়চৌধুৰীক গান্ধীৰ লগত পৰিচয় কৰি দিয়া কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আছিল অসহযোগ আন্দোলনৰ অন্যতম কাণ্ডাৰী। নবীনচন্দ্ৰ বৰদলৈয়েও মুক্তি আন্দোলনক লৈ ভালেকেইটি সুমধুৰ গীত ৰচনা কৰিছিল। ৰায়চৌধুৰীৰ গীত, কবিতাৰ দৰে বৰদলৈৰ গীতৰ ভাষাই উদ্দীপ্ত হেন্দোলনিৰ সৃষ্টি নকৰিলেও শ্ৰোতাৰ মনৰ জগতত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁৰ "ডেকা-গাভৰুৰ দল/ বীৰ-বীৰাঙ্গনাৰ দল,/ নতুন তেজেৰে ৰাঙলী ৰূপহী/কৰহি ধৰণী তল।।/ খোজৰ ভৰত কঁপোক ধৰণী/ তৰুণ চকুত জ্বলোক অগনি/শত সহস্র মৃত্যু নেওচি / ব'ল আগুৱাই ব'ল।” এই গীতটোৱে স্বাধীনতা আন্দোলনৰ সময়ত প্রাণমন্ত্ৰৰ দৰে কাম কৰিছিল। এই গীতটোৰ বাহিৰে আন্দোলনৰ পটভূমিত ৰচনা কৰা বৰদলৈৰ আন কেইটিমান গীতে গহীন পৰিৱেশ একোটি সৃষ্টি কৰাৰ লগতে শ্ৰোতাৰ অন্তৰত চিন্তাৰ খলকনিও তুলিছিল। তেনে ধৰণৰ কেইটিমান গীতৰ পংক্তি হ'ল- "নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ।/ প্রতি ঘৰে ঘৰে অতি পয়োভৰ বিজয় নিচান উৰ।।", "স্বাধীন ভাৰত, স্বতন্ত্ৰ ভাৰত বতাহত বাজে সুৰ।/ ভাৰত সন্তান জীয়াই থাকোঁতে ই সুৰ নপৰে ওৰ।।", "পয়ত্রিশ কৌটি ভাই-ভনীটিয়ে গাই ভাৰতৰ জয়।/ সাগৰ খলকে পৃথিবী চমকে গোৱাঁ মাতিৰিৰ জয়।।" আৰু "কোন ক'ত আছ জনমভূমিৰ / ভকত সন্তান/ আজি আইৰ পূজা হ'ব/ আহ লৈ আহ/ কোনে কি কৰিবি দান/যাৰ আছে সোণ, যাৰ আছে ৰূপ/ আঁজলি ভৰাই আন/ যাৰ একো নাই দিয়ক মাথোন/ ব্যথিত হৃদয় দান।"
এই শতিকাৰ আগভাগত ইংৰাজ চৰকাৰে ছলে-বলে কৌশলে অসমক পিছপৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰোঁতে বিলাতত দৃঢ় কণ্ঠে মাত মাতি অসমৰ হক দাবী সাব্যস্ত কৰা বীৰ পুৰুষ কর্মবীৰ বৰদলৈৰ নির্ভীকতা বহু ক্ষেত্রত প্রকাশ পাইছিল। তেওঁৰ এনে নির্ভীকতাক বিপিনচন্দ্র পাল প্ৰমুখ্যে সেই সময়ৰ দেশৰ আগশাৰীৰ নেতাসকলেও ভূয়সী প্রশংসা কৰিছিল। সকলো ক্ষেত্ৰতে অসমৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ বিচৰা বৰদলৈয়ে অসমৰ বিভিন্ন জেলত থাকোঁতে ভালেকেইখন গ্রন্থও ৰচনা কৰি থৈ গ'ল। অসমৰ সৰ্বাংগীণ উন্নতি কামনা কৰি তেওঁ 'ভগৱতী'ক এইদৰে প্ৰাৰ্থনা জনাই 'গীত' ৰচিছিল-"কৰুণা-মূৰুতি এৰি ভগৱতী! শকতি ৰূপকে ধৰ-/ হাজাৰ-বিজাৰ তোৰে সন্তানে লভোক হেৰোৱা বল।/ ধনে-ধানে তোৰ উপচি পৰোক বীৰ সন্তানৰে দল,/ হিয়াৰ তেজেৰে ৰাজোক সদায় তোৰ চৰণৰে তল।"
কর্মবীৰ বৰদলৈৰ অভিন্ন হৃদয় দেশভক্ত তৰুণৰাম ফুকনে তেওঁৰ ৰচনাত স্বাধীনতা আন্দোলন সম্পর্কে আলোচনা কৰা চকুত নপৰে। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে উদাত্ত ভাষণ দি তেওঁ স্বাধীনতা আন্দোলনৰ প্ৰতি জনসাধাৰণৰ মন আকৰ্ষণ কৰিছিল। 'তৰিলে দেশ মৰিলে স্বর্গ'-এই মহামন্ত্ৰৰ স্ৰষ্টা দেশভক্ত ফুকনে অসমৰ দুৰ্দশা দেখি এইদৰে লিখিছিল:
"আই মোৰ অসম। নিছলী অসম/ দুখুনী
অসম আমাৰ দেশ।/ কিয়নো আই তোৰ এনুৱা বিলাই/ কিয়নো আই তোৰ এনুৱা বেশ।/
কিয়নো আই তই চকুলো টুকিছ/ নেবান্ধ আই তই মূৰৰ কেশ?”
পৰাধীন জাতিৰ দুখ-দুর্দশাৰ কথা তেওঁ এনেদৰেই প্ৰকাশ কৰিছিল।
স্বাধীনতা আন্দোলনত কাৰাবাস খটা আন এগৰাকী সু-সাহিত্যিক হ'ল পদ্মধৰ চলিহা। অসহযোগ আন্দোলনৰ সময়ত চলিহাই সহজ-সৰল ভাষাত ভালেসংখ্যক দেশপ্রেমমূলক গীত ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা "সৌ যে উৰিছে স্বৰাজ নিচান/উন্নত শিৰে হোৱা আগুৱান"-গীতটো এসময়ত অকল অবিভক্ত শিৱসাগৰতে নহয়, সমগ্র অসমতে শোভাযাত্ৰাৰ সময়ত গোৱা হৈছিল। ক্ষুদ্র স্বার্থ বিসর্জন দি মাতৃভূমি উদ্ধাৰৰ অৰ্থে আগবাঢ়ি আহিবলৈ তেওঁ গীতসমূহৰ জৰিয়তে আহ্বান জনাইছিল। 'জয় জয় ভাৰত জননী' 'ভাৰতবৰ্ষ আমাৰ হৰ্ষ, আমাৰ গৰ্ব, আমাৰ মান, /শক্তি-দায়িনী মাতৃ আমাৰ, আমাৰ স্বৰ্গ তীর্থস্থান।', "ভাৰত ধাত্ৰী মোৰ, অসম মাতৃ মোৰ/ ধন্য জীৱন, ধন্য প্রাণ; বন্দে অসমম্/ বন্দে ভাৰতম্!/ ধৰা সমস্বৰে পুণ্য তান।” আদি সমস্বৰ গীত সেই সময়ত বিশেষ জনপ্রিয় হৈ পৰিছিল। অসমৰ বীৰ-বীৰাঙ্গনাসকলক লৈ ৰচনা কৰা গীতসমূহৰ জৰিয়তে তেওঁ যুৱক-যুৱতীসকলক সেইসকল প্ৰেৰণা ল'বলৈ আহ্বান জনাইছিল। পৰাধীন জাতিৰ অন্তৰত অতীতৰ বীৰ পুৰষসকলে প্ৰেৰণা দিয়ে। সেয়ে কবি-সাহিত্যিকসকলে স্বাধীনতা আন্দোলনৰ সময়ত ৰচনা কৰা সৰহসংখ্যক লেখাতে বীৰ-বীৰাঙ্গনাসকলৰ অতুলনীয় ত্যাগৰ কথাত গুৰুত্ব দিয়া দেখা যায়। পদ্মধৰ চলিহায়ো সৰহ ভাগ গীত আৰু কবিতাত লাচিত বৰফুকন, জয়মতী, ভগদত্ত আদিৰ বীৰত্ব আৰু দেশপ্ৰেমৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ তেনে এটা লেখাত ল'বলগীয়া গীত হ'ল, 'অসম গৌৰৱ।' ১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম এছ'চিয়েচনৰ মুকলি সভাত অম্বিকাগিৰীৰ নেতৃত্বত এই গীতটি গোৱা হৈছিল। পদ্মধৰ চলিহাৰ গীতত প্রবল আশাবাদো দেখা পোৱা যায়। উদাহৰণস্বৰূপে, "শৌর্যে-বীর্যে অসম জননী/কিহৰ শঙ্কা, কিহৰ ভয়/বজোৱা শঙ্খ বিজয় ডঙ্কা- বোলাহে অসম মাতৃৰ জয়", "ব'লা আগুৱাই বীৰ/কৰি ই লগন স্থিৰ/গাই গাই জননীৰ জয়গান।" আদি গীতৰ কথাই উল্লেখ কৰিব পাৰি। তেওঁ ঐক্য-সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিও ভালেমান গীত ৰচনা কৰিছিল। 'চেতনা-সংগীত' নামৰ গীতটোত তেওঁ সকলোৰে প্ৰতি এইদৰে আহ্বান জনাইছিল: "হিন্দু-মুছলমান, শূদ্র-ব্রাক্ষণ,/ ভাটি-উজানৰ ভিন্ন জ্ঞান, / কৰে সংকীৰ্ণ ক্ষুদ্র হৃদয়,/ কৰে বিদীর্ণ মাতৃপ্রাণ,/ উদাৰ ভাবেৰে বিশাল প্ৰেমেৰে কৰা হৃদয়ৰ পূৰ্ণস্থান।" আৰু তেওঁ লিখিছিল: "ক্ষুদ্র স্বার্থ দলাদলি দিয়া ভাই দলিয়াই,/ এক মন্ত্রে সাধো আহা
মাতৃৰ কল্যাণ"।
বিশেষ উপলক্ষত ৰচিত গীতৰ ভিতৰত কানি নিবাৰণী অভিযানৰ সময়ত ৰচনা কৰা গীত দুটিৰ জৰিয়তে তেওঁ কানীয়াক কানি ত্যাগ কৰিবলৈ কাতৰ আহ্বান জনাইছিল। স্বাধীনতা আন্দোলনত মুক্তিযোদ্ধাসকলে কানি নিবাৰণৰ কাৰণেও হাতত বিভিন্ন পন্থা লৈছিল।
পদ্মধৰ চলিহাৰ 'ফুলনি'ত (১৯১৫) সন্নিবিষ্ট দেশপ্রেমমূলক গীতৰ সংখ্যা প্রায় তিনিকুৰি হ'ব। ইয়াৰে সৰহসংখ্যকেই স্বাধীনতা আন্দোলনক কেন্দ্ৰ কৰি ৰচনা কৰা। 'ফুলনি'ৰ বাহিৰেও ১৯২১ চনত প্ৰকাশ পোৱা তেওঁৰ 'স্বৰাজ-সংগীত' নামৰ আনখন গীতৰ পুথিত থকা স্বদেশপ্রেমমূলক গীতসমূহেও সেই সময়ত সকলোৰে অন্তৰত প্রভাৱ পেলাইছিল।
পদ্মধৰ চলিহাৰ সুযোগ্য পুত্ৰ পৰাগ চলিহায়ো বিয়াল্লিছৰ আন্দোলনৰ সময়ত কেবাটাও দেশপ্রেমমূলক গীত ৰচি জনসাধাৰণক উদ্বুদ্ধ কৰিছিল। আন্দোলনত তেৱোঁ কাৰাবাস খাটিছিল। পৰাগ চলিহাৰ "উঠাহে উঠা মোৰ সুপ্তা জননী উঠা," বাজে ডঙ্কা নাই শঙ্কা/জাগা হুস্কাৰি জাগা!/ ভাৰত গগনে প্রলয় গৰজে/ এৰা দুৰ্ব্বল শঙ্কা:/ জাগা হুস্কাৰি জাগা!!" আৰু "উঠা! উঠা!! উঠা!!!! উঠা য'তে আছা/ভাৰতৰ যত সুসন্তান!/ আহা আগুৱাই সবে ভনী-ভাই। দিয়াহি যুঁজতে আত্মদান!!" আদি বাস্তৱিকতে উদ্দীপনাময় গীত। তেওঁ এই গীতসমূহৰ জৰিয়তে একতাৰ মহামন্ত্ৰৰে উদ্বুদ্ধ হ'বলৈয়ো সকীয়াই দিছে। সকলো ভেদা-ভেদ পৰিহাৰ কৰি স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিবলৈ তেওঁ আহ্বান জনাইছিল। বাপুজীয়ে ক'লে, "ইংৰাজ ভাৰত এৰা” নামৰ আন এটা আলোড়ন সৃষ্টি কৰা গীতত তেওঁ সাম্রাজ্যবাদীহঁতক এই দেশ ত্যাগ কৰিবলৈ সতৰ্ক কৰি দিছিল।
স্বাধীনতাৰ পিছত এনেধৰণৰ গীতৰ ভালেকেইটা সংকলন প্রকাশ পাইছে। ইয়াৰ ভিতৰত নেশ্যনেল বুক ট্রাষ্টে প্রকাশ কৰা ৫২ টা গীতৰ এটা উল্লেখযোগ্য সংকলন- 'স্বাধীনতা আন্দোলনৰ গীত'। যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তই সম্পাদনা কৰা এই সংকলনটি প্রসন্নলাল চৌধুৰী, বিষ্ণুপ্ৰসাদ ৰাভা, আনন্দিৰাম দাস, নগেন কাকতি আৰু অজ্ঞাতনামা গীতিকাৰৰ ১৩ টা গীত সন্নিৱিষ্ট কৰা হৈছে। জীৱকান্ত গগৈয়ে সংকলন কৰা 'স্বাধীনতা সংগ্ৰামৰ গীত'তো নির্বাচিত গীতে ঠাই পাইছে।
মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি হোৱা স্বাধীনতা অহিংস আন্দোলনে ১৯২১ চনৰ পৰা ব্যাপক ৰূপ ধাৰণ কৰে। ১৯৪২ চনত স্বাধীনতা আন্দোলনে শীর্ষ পর্যায় পায়। ব্রিটিছক 'ভাবত ত্যাগ' কৰিবলৈ 'কৰিম কিম্বা মৰিম' আদৰ্শৰে মুক্তি যুঁজৰ সেনাসকল ৰাজপথলৈ ওলাই আহিল। অসমো পিছপৰি নাথাকিল। বিয়াল্লিছৰ আন্দোলনত প্ৰাণ সঞ্চাৰ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিহৰণকাৰী গীতসমূহে।
অৱশ্যে অসহযোগ আন্দোলনৰ সময়ৰ পৰাই তেওঁৰ গীতৰ সুৰে জনমানসত প্রভাৱ পেলাইছিল। কিন্তু অম্বিকাগিৰীৰ গীতৰ দৰে তেতিয়া ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা নাছিল। বিয়াল্লিছৰ আন্দোলনক গণ-বিপ্লৱলৈ ৰূপান্তৰিত কৰাত জ্যোতিপ্রসাদ আগৰৱালাৰ বৰঙণি অসীম। সেই সময়ত তেওঁৰ গীতসমূহে জনজাগৰণ সৃষ্টি কৰাত প্রভূত বৰঙণি যোগাইছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয়ভাবে জড়িত থকা আৰু কাৰাবাস খটা জ্যোতিপ্রসাদে মুক্তিপ্রয়াসী জনতাৰ মনৰ কথা ভালদৰেই হৃদয়ঙ্গম কৰিব পাৰিছিল। স্বাধীনতা আন্দোলন সম্পৰ্কীয় ৰচনাৰ জৰিয়তে তেওঁ দেশপ্ৰেমৰ ঢল বোৱাইছিল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। অতুলনীয় সৃষ্টি-প্ৰতিভাৰ অধিকাৰী জ্যোতিপ্ৰসাদৰ গীতৰ ভাষা, সুৰ, ছন্দ সকলোবিলাকেই আছিল অভিনৱ। স্বাধীনতা আন্দোলনক লৈ ৰচনা কৰা তেওঁৰ-"কোন কোন আহিছা আইক পূজিবলৈ/ আইৰ পূজাৰ বেলি হ'ল! (সমনীয়া অ)/" "জননীৰ সন্তান জাগা/ জাগা শক্তিমান জাগা মুক্তিপ্রাণ।/মৃত্যু গচকি আমা জয় জিনি/ কৰি দুৰ্জয় অভিযান।", "মাতৃ পূজাৰ ভাগ ল'বলৈ বেলি কৰ কিয়?" আদি প্রাণ উতলোৱা গীত লিখি জ্যোতিপ্রসাদে আবাল-বৃদ্ধি-বনিতা সকলোকে মুক্তি আন্দোলনৰ প্ৰতি আকৰ্ষিত কৰিছিল। শ্রীকৃষ্ণৰ বংশীধ্বনি শুনি গোপীসকলে নিজৰ অস্তিত্ব পাহৰাৰ দৰে জ্যোতিপ্ৰসাদৰ স্বাধীনতা সম্পর্কীয় গীতেও জনসাধাৰণক দেশপ্রেমেৰে উদ্বাউল কৰি তুলিছিল। দেশৰ যুৱশক্তিক সাহসী তথা নির্ভীক হ'বলৈ আৰু দেশৰ মান ৰাখিবলৈ তেওঁ এইদৰে আহ্বান জনাইছিল: "বিশ্ব বিজয়ী নৱ জোৱান, বিশ্ব বিজয়ী নর জোৱান!/ শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা/ সন্তান তুমি বিপ্লৱৰ।।/সমুখ সমৰ সন্মুখতে/ মুক্তি যুঁজাৰু 'হোশিয়াৰ'/ মৃত্যু বিজয় কৰিব লাগিব/স্বাধীনতাৰ খুলি দুৱাৰ।” পৰাধীন ভাৰতত দেশৰ দুখ-দুর্দশা দেখি তেওঁৰ প্ৰাণেও হাহাকাৰ কৰি উঠিছিল। সেয়েহে তেওঁ কৈছেঃ "স্বাধীনতাৰ হকে প্রাণে পুৰি মাৰে। দেশৰ দুখে দেখি কান্দে হিয়াই ভিক্ষাৰ জুলি লৈ ওলায়ে আহিছোঁ বিমুখ নকৰিব আমাকে আই।” গীতৰ উপৰি ভালেসংখ্যক' কবিতাত জ্যোতিপ্রসাদে অসমৰ নমস্য লোকসকলৰ ত্যাগৰ কথা উল্লেখ কৰিছে আৰু সেইসকলৰ আদৰ্শৰে অনুপ্রাণিত হ'বলৈ উঠি অহা চামক আহ্বান জনাইছে। মহাত্মা গান্ধীৰ প্ৰতিও তেওঁৰ আছিল অচলা ভক্তি। গান্ধীৰ মহান ব্যক্তিত্বৰ বিষয়ে তেওঁ সহজ-সৰল ভাষাত এনেদৰে প্রকাশ কৰিছে: 'গান্ধী বাপু নহয় কম/ ব্রিটিছ সাম্ৰাজ্যৰ সাইলাখ যম।"
জ্যোতিপ্ৰসাদৰ নতুন প্ৰজন্মৰ ওপৰত আছিল অটল বিশ্বাস। তেওঁলোকৰ অন্তৰত কোনো ধৰণৰ নিৰাশাই ঠাই নাপাওক বুলিয়েই তেওঁ অলেখ প্ৰেৰণাদায়ক গীত ৰচিছিল। নতুন পুৰুষক তেওঁ কপালক ধিয়াই নাথাকি কামত মন-প্রাণ সঁপি দিবলৈ সোঁৱৰাই দিছিল। আনহাতে হীনতাতকৈ মৃত্যুও ভাল বুলি তেওঁ ভালেমান গীতত উল্লেখ কৰিছিল। স্বাধীনতা লাভ কৰাৰ সাতমাহ মান আগেয়ে ৰচনা কৰা "অসমৰ নবীন জোৱানৰ সংকল্প" নামৰ কবিতাটোৰ জৰিয়তে তেওঁ সকলো ধৰণৰ অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল। বিভিন্ন জাতি-উপজাতিৰে গঠিত হোৱা অসমীয়াক তেওঁ এইবুলি সোঁৱৰাই দিছিলঃ "যি কি ধৰ্ম নহওক তোৰ/ বামুণ-শূদিৰ যিয়েই নহর/ হিন্দু বা মুছলমান/ বৌদ্ধ হৱ, খৃষ্টান হৱ/ মাথোঁ মনত ৰাখিবি তই অসমৰ ন-জোৱান। নতুন পৃথিবী গঢ়িবলে' তোৰ/জাগে আদর্শ আতি মহান,/সাম্য-মৈত্রী-স্বাধীনতাৰ আৰু নৱ বিপ্লৱৰ/ কৰি যাৱ তই/ অভিনৱ অভিযান/ আন তই কোনো নহব, নহয়/ তই মাথোঁ হৱ/ নতুন দিনৰ/ নতুন মনৰ নৱজাগৰিত ন-জোৱান/ নৱ মানৱীয় ন-জোৱান।" স্বাধীন জাতি হিছাপে তিষ্ঠি থাকিবলৈ হ'লে মহৎ গুণবিলাক আয়ত্ত কৰা দৰকাৰ। স্বাধীনতা লাভৰ কাৰণে জ্যোতিপ্ৰসাদ প্রমুখ্যে সেই সময়ৰ কবি-গীতিকাৰ আৰু সাহিত্যিকসকলে যিদৰে কলমৰ মাধ্যমেৰে উদাত্ত আহ্বান জনাইছিল সেইদৰে ভাল গুণবিলাক ল'বলৈয়ো প্রতি মুহূর্ততে সকীয়াই দিছিল। মহৎ গুণবিলাক আয়ত্ত কৰিলেহে এখন সুন্দৰ ভাৰত বা এখন সুন্দৰ অসম গঢ়ি উঠিব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰিছিল।
(দুই)
ভাৰতৰ স্বাধীনতা অন্দোলনৰ সময়ছোৱাত গীত আৰু কবিতা যিদৰে সৃষ্টি হৈছিল নাটকৰ সৃষ্টি সেইদৰে হোৱা নাছিল। এইখিনিতে আৰু ক'ব পাৰি সেই সময়ত স্বাধীনতা আন্দোলন জাগ্ৰত কৰি ৰখাত বিভিন্ন অঞ্চলৰ স্বভাৱ-কবিসকলেও বহুখিনি অৰিহণা যোগাইছিল। নাটক, অভিনয়ৰ দ্বাৰা সেই কাম আৰু সহজ হ'লহেঁতেন। বার্নার্ড শ্বয়ো প্ৰচাৰ মাধ্যম হিছাপে নাটককে উচ্চ স্থান দিছিল। পিছে ব্ৰিটিছ চৰকাৰে স্বাধীনতা আন্দোলনৰ লগত সম্পর্ক থকা নাটক অভিনয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল। উদাহৰণস্বৰূপে অম্বিকাগিৰীয়ে ১৯০৫ চনত ৰচনা কৰা 'বন্দিনী ভাৰতে' ছপাৰ মুখ নেদেখিলে। হাতে লিখা অৱস্থাত নাটকখন কলেজিয়েট হাইস্কুলত অভিনয় কৰি থকা অৱস্থাতে ব্ৰিটিছ চৰকাৰে বাজেয়াপ্ত কৰিলে। 'চেতনা'ত প্রকাশিত তেওঁৰে স্বাধীনতা আন্দোলন সম্পর্কীয় আন এখন নাটক 'বিশ্বনাট্য' (১৯২০) তেনেকৈয়ে থাকি গ'ল। স্বাধীনতা আন্দোলনৰ বিষয়বস্তু লৈ ৰচনা কৰা বহুখিনি নাটক ভাবতে স্বাধীনতা পোৱাৰ পিছতহে প্রকাশ পালে। ড° সত্যেন্দ্রনাথ শৰ্মাৰ ভাষাত, "স্বাধীনতাই স্বদেশপ্রীতিৰ মুক্ত প্রবাহৰ অন্তৰায় আঁতৰ কৰি দিলে। নৱলব্ধ স্বাধীনতাৰ উত্তাপে নাট্যকাৰসকলৰ অৱদমিত স্বদেশপ্রেমক পুনৰ সঞ্জীবিত কৰিলে।" অসমীয়া সাহিত্যতো স্বাধীনতা আন্দোলন সম্পর্কীয় লেখত ল'বলগীয়া নাটক 'লভিতা', 'পিয়লি ফুকন', 'মণিৰাম দেৱান', 'কুশল কোঁৱৰ,' 'জ্যোতি-ৰেখা,' 'আহুতি' আদি স্বাধীনতা পোৱাৰ পিছতহে প্রকাশ পাইছিল।
উল্লিখিত নাটককেইখনৰ বাহিৰে স্বাধীনতাৰ আগে-পিছে প্রকাশ পোৱা ৰমেশ চৌধুৰীৰ 'বিপ্লৱৰ শেষ' (১৯২২), অতুলচন্দ্ৰ হাজৰিকাৰ 'স্বদেশ মন্ত্ৰত আত্ম-বলিদান' (১৯২৩), দৈবচন্দ্র তালুকদাৰৰ 'বিপ্লৱ' (১৯৩৭), সত্যপ্ৰসাদ বৰুৱাৰ 'চাকৈ-চকোৱা' (১৯৪০), গোলোক খাওন্দৰ 'বিয়াল্লিছ-পঞ্চলিছ' (১৯৫০), লক্ষ্মী দত্তৰ 'মুক্তিৰ অভিযান' (১৯৫১?), লক্ষ্মীধৰ শৰ্মাৰ 'দেশৰ কথা' (?), বিষয়ৰাম মহাজনৰ 'নাৰী জাগৰণ' (?) পৰাগধৰ চলিহাৰ 'চাৰি হেজাৰ বছৰৰ অসম' (১৯৫২), লক্ষ্যধৰ চৌধুৰীৰ 'নিমিলা অংক' (?), উত্তম বৰুৱাৰ 'গোমধৰ কোঁৱৰ' (?), দ্বিজেন গোস্বামীৰ 'কাল ইয়াণ্ডাবু' (১৯৮১), উমাকান্ত শৰ্মাৰ 'শেষ পতাকা' (১৯৪৮) আৰু কমলেশ্বৰ চলিহাৰ আলোচনীত প্রকাশিত 'গান্ধী-থল-কমল' আদি নাটক আৰু নাটিকাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা কম-বেছি পৰিমাণে আছে।
স্বাধীনতা আন্দোলনে অসমৰ পৰ্বত-ভৈয়ামত যিদৰে আলোড়নৰ সৃষ্টি কৰিছিল সেইদৰে আমাৰ এতিয়াৰ চুবুৰীয়া ৰাজ্যকেইখনতো প্রভাৱ পেলাইছিল। ৰাণী গাইডালু, ইৰাৱত সিং, তিৰত সিং আদিৰ নেতৃত্বত নগাভূমি, মণিপুৰ আদি আন্দোলনৰ বিভিন্ন কার্যসূচী হাতত লোৱা হৈছিল। দুর্ভাগ্যৰ বিষয়, সেই কাহিনী অনাদৰ-অৱহেলাত থাকি গ'ল। আমাৰ প্ৰচাৰ মাধ্যমসমূহে যথাসময়ত সেই ঠাইৰ সংগ্ৰামী বীৰসকলক যথাযোগ্য মর্যাদা নিদিলে। অৱশ্যে তেতিয়া প্ৰচাৰ মাধ্যমে এতিয়াৰ দৰে বিস্তৃতি আৰু জনপ্রিয়তা লাভ কৰা নাছিল। ঊনবিংশ শতিকাৰ শেষ ভাগত ব্রিটিছ সিংহৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দিয়া মণিপুৰৰ 'ব্যাঘ্র বিজয়ী বীৰ' হিছাপে জনাজাত টিকেন্দ্ৰজিতৰ বিষয়ে অসমীয়া ভাষাত ৰচনা কৰা অতুলচন্দ্ৰ হাজৰিকাৰ 'টিকেন্দ্ৰজিৎ' নাটকখন প্রথম প্রকাশ পায় ১৯৫৯ চনত। টিকেন্দ্ৰজিতৰ পিতৃ চন্দ্ৰকীর্তি আছিল ব্রিটিছভক্ত। চন্দ্রকীর্তিয়ে নিজৰ ব্যক্তিগত স্বার্থক গুৰুত্ব দিয়া কাৰণে চতুৰ ব্ৰিটিছে অবাধ সুবিধা লৈছিল। তেওঁ শোষণৰ বাট মোকলাই দিছিল। টিকেন্দ্রজিতে পিতৃৰ এনে ভুলৰ প্ৰতিবাদ কৰিছিল। বদন বৰফুকন আৰু চন্দ্ৰকীৰ্তিৰ দৰে আগ-পিছ চিন্তা নকৰা ৰাজবিষয়াৰ কাৰণেই দেশত ইংৰাজে আধিপত্য বিস্তাৰ কৰাৰ সুবিধা পাইছিল।
তেনে পিতৃৰ পাপৰ প্রায়শ্চিত্ত হিছাপে জনতাৰ পক্ষত থিয় দি পিয়লি ফুকন, টিকেন্দ্রজিৎ আদিয়ে দেশৰ হকে সাহসেৰে প্ৰাণ উহুৰ্গা কৰিছিল।
অতুলচন্দ্ৰ হাজৰিকাই মণিপুৰৰ এইগৰাকী বীৰ টিকেন্দ্ৰজিতক যথাযোগ্য মর্যাদা দিলে। হাজৰিকাদেৱৰ এই নাটখন আকাশবাণীয়ে বিভিন্ন আঞ্চলিক ভাষাত সকলো কেন্দ্ৰৰ যোগেদি প্রচাৰ কৰাইছিল। নাটকখনত ৰজাসকলৰ ভোগ-বিলাসৰ বর্ণনা, মোহময়ী নাৰীয়ে ৰজ'ক বিভ্রান্ত কৰা কাহিনী আৰু মণিপুৰৰ আৰ্থিক দুৰৱস্থাৰ চিত্ৰ দাঙি ধৰা হৈছে। ইংৰাজৰ প্ৰতি বিদ্বেষ ভাব ফুটাই তোলাৰ লগতে নাট্যকাৰে ইংৰাজক বৰপীৰা দিয়া কাৰণে আমিয়েই যে দায়ী সেই কথাও উল্লেখ কৰিছে।
টিকেন্দ্রজিতে তেওঁৰ লাগী কুঁৱৰী চন্দ্ৰলেখাক কৈছে: "ৰাজপৰিয়ালৰ দুৰ্বলতা, অকর্মণ্যতা আৰু গৃহ-কন্দলৰ সুযোগ লৈয়েই সিহঁতে আমাৰ বৰঘৰৰ মাজমজিয়াত বৰপীৰা পাৰি বহিছে।” টিকেন্দ্ৰজিতৰ লগতে নাট্যকাৰে মণিপুৰৰ প্ৰাক্তন ৰাজমন্ত্ৰী ঠঙালৰ অতুলনীয় দেশপ্রেমো ফুটাই তুলিছে। ঠঙালে মণিপুৰৰ সন্মান অটুট ৰাখিবৰ কাৰণে টিকেন্দ্ৰজিতক "শত্ৰুৰ শোণিতেৰে হাত ৰাঙলী" কৰিবলৈ আহ্বান জনাইছে।
আনহাতে ফাঁচী-মঞ্চত প্রৱেশ কৰি টিকেন্দ্রজিতে কৈছেঃ "দেশৰ কাৰণে, জাতিৰ কাৰণে নিজৰ ৰজাৰ কাৰণে এইদৰে ডিঙিত চিপজৰি ল'বলৈ পোৱাটো সৌভাগ্যৰ কথা।.....মই আকৌ আহিম-আকৌ ডিঙিত চিপজৰি ল'ম। এজন টিকেন্দ্ৰজিৎ যাব, শশ টিকেন্দ্রজিৎ যুগে যুগে ভাৰতৰ সকলো ঠাইতে যেতিয়ালৈকে বগা বণিকৰ দল আমাৰ দেশৰ পৰা আঁতৰি নেযায়, তেতিয়ালৈকে এইদৰে আহি থাকিব, গই থাকিব”-এইষাৰ কথা পিয়লি ফুকন নাটৰ পিয়লিৰ উক্তিৰে যেন প্রতিধ্বনি। পিয়লি ফুকনৰ প্ৰায় একে পৰ্যায়ৰ নাটক টিকেন্দ্রজিৎ। পিয়লি ফুকন আছিল সাতঘৰীয়া আহোমৰ দুৱৰা বংশৰ আৰু টিকেন্দ্ৰজিৎ আছিল মণিপুৰৰ ৰাজপৰিয়ালৰ।
মণিপুৰৰ টিকেন্দ্ৰজিতৰ দৰে অসমৰ উত্তৰ কাছাৰ পাহাৰ জিলাৰ পৰাক্ৰমী বীৰ শম্ভুধন, ধন ফংলোচায়ো এই দেশত ইংৰাজৰ আধিপত্য বিস্তাৰত বাধা দিছিল। ব্ৰিটিছে যাতে এই ৰাজ্যৰ সম্পদ লুণ্ঠন কৰিব নোৱাৰে তাৰ বাবে তেওঁ উত্তৰ কাছাৰ পাহাৰ জিলাৰ মাজেদি ৰেল লাইন হোৱাটো কামনা কৰা নাছিল। ৰেল লাইন বহুওৱাত বাধা দিয়া কাৰণে তেওঁ ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰিল। এই অপৰাধত এইগৰাকী সাহসী বীৰক ১৮৮৩ চনৰ ফেব্ৰুৱাৰীত শিলচৰ জেলত নৃশংসভাবে হত্যা কৰা হৈছিল। এনে এগৰাকী লোকৰ বীৰত্বপূৰ্ণ কাহিনীক লৈ কৃষ্ণচন্দ্ৰ ৰায়মেধিয়ে 'শহীদ-শম্ভুধন' (১৯৮৬) নামেৰে ৰচনা কৰা নাটকখনৰ সেইফালৰ পৰা গুৰুত্ব আছে। পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কাহিনী নাট্যকাৰে পোহৰলৈ আনিলে। এইখিনিতে উল্লেখ কৰিব পাৰি যে উত্তৰ কাছাৰ পাহাৰ জিলাত এই নাটকখন ইতিমধ্যে কেবাবাৰো মঞ্চস্থ হৈছে।
শ্বহীদ শম্ভুধন আৰু টিকেন্দ্রজিতক স্বাধীন ভাবাদর্শেৰে উদ্বুদ্ধ কৰাত পিয়লি ফুকন আৰু মণিৰাম দেৱানৰ বহুখিনি অৰিহণা আছে বুলি ক'ব পাৰি। কিয়নো পিয়লি ফুকন আৰু মণিৰাম দেৱানে দেশৰ মুক্তিৰ কাৰণে উত্তৰ-পূব অঞ্চলত প্রথমে আত্মাহুতি দিছিল।
পৰাধীনতাৰ নাগপাশৰ পৰা অসম তথা ভাৰতক মুক্ত কৰিবলৈ দৃঢ় পদক্ষেপ লোৱা মণিৰাম-পিয়লিৰ সাহসিকতাপূর্ণ কাহিনী পোৱা যায় পিয়লি ফুকন আৰু মণিৰাম দেৱান নাটকত। নগাঁও নাট্য সমিতিয়ে উলিওৱা 'পিয়লি ফুকন' (১৯৪৮) নাটত নাট্যকাৰৰ নাম নথকাটো এটা মন কৰিবলগীয়া কথা। "কেইজনমান অভিনেতাৰ পৰিকল্পনা আৰু যুটীয়া চেষ্টাৰ ফলত.......এই নাটকৰ উৎপত্তি” বুলি 'নিবেদন'ত উল্লেখ কৰা হৈছে। সেইসকল অভিনেতা বা নাটকুশলী হ'ল-চন্দ্র ফুকন, সাবদা বৰদলৈ, দ্বিজেন গোস্বামী, ৰবীন খাউন্দ আৰু যুগল দাস। অসমৰ নাট্য-জগতত এওঁলোকৰ সুনাম আছে। বিভিন্ন মঞ্চত একাধিকবাৰ মঞ্চস্থ হোৱা আৰু ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰা পিয়লি ফুকন নাটে সৰ্বভাৰতীয় মর্যাদাও পাইছে। নেচনেল বুক ট্রাষ্টে নাটকখন বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ কৰিছে। পিয়লি ফুকন নাটৰ 'নিবেদন'ত "অভিনেতাসকল সাধাৰণতে নাট্যকাৰ নহয় আৰু 'পিয়লি ফুকন' পৈণত লেখাৰ পৰা ওলোৱা পুথিও নহয়" বুলি বিনয়েৰে কোৱা হৈছে যদিও নাটকখনৰ সৃষ্টিৰ লগত জড়িত কেউগৰাকীৰে নাটক সম্পৰ্কীয় প্ৰচুৰ জ্ঞান থকা কাৰণে নাটকখনে অসমীয়া নাট্য-সাহিত্যৰ বুৰঞ্জীত বিশেষ মর্যাদা পাইছে। বিশেষকৈ বিভিন্ন চৰিত্ৰৰ মুখত দিয়া নাটকখনৰ সংলাপসমূহ অতি হৃদয়স্পর্শী হৈছে। মুক্তি-প্রয়াসী জনগণৰ মৰ্মবেদনা, ইংৰাজ চৰকাৰৰ অভিসন্ধি আদিও নাটকখনত সার্থকভাৱে ফুটাই তোলা হৈছে। স্বদেশৰ প্ৰতি থকা পিয়লি ফুকনৰ অচলা ভক্তি এনেদৰে প্ৰকাশ কৰা হৈছে: "আৰতিৰ মঙ্গলবাদ্যত দেৱালয় মুখৰিত হওক অসমৰ পথাৰ নদন-বদন হৈ উঠক-গড়গাঁও নগৰ পুনৰ প্ৰজাৰে ভৰপূৰ হৈ দলদোপ-হেন্দোলদোপ হওক। অসম সোণৰ অসম প্ৰকৃতিৰ লীলাভূমি, দেৱৰো দুর্লভ-স্বর্গাদপি গৰীয়সী-জন্মভূমি এই অসম-যাৰ কাৰণে ধর্ম ত্যাজিলোঁ, ভাষা এৰিলোঁ, স্বজাতি-স্বজনক পাহৰি-নৈ, বন, পর্বত অতিক্রম কৰিলোঁ-বুকুৰ তেজেৰে চেনেহী জনমভূমিক সাৰুৱা কৰি শস্যৰ পথাৰ কৰিলোঁ-শিল ভাঙি দেৱালয় সাজিলোঁ-সেই অসমক ফিৰিঙি মেলেচৰ হাতত এৰি দি সিহঁতক সেৱা কৰি থকাতকৈ ডিঙিত চিত্জৰি লগাই মৰাটো শতগুণে বাঞ্ছনীয়।” আৰু কৈছেঃ "আমাৰ দেশত কি মহন্ত নাই, গোহাঁই নাই, সত্র নাই, ধর্ম নাই যে বিধর্মী পাদুৰীয়ে অসমীয়াক স্বৰ্গৰ পথ মুকলি কৰি দিব লাগে?” শয়নে-সপোনে অসমৰ কথা চিন্তা কৰা পিয়লিয়ে ফাঁচি-কাঠৰ ভেটিত উঠিও এইদৰে কৈছিল: "মোক স্বর্গ নালাগে-মোক বৈকুণ্ঠ নালাগে-মই সোণৰ সঁফুৰা, দেৱৰো দুর্গম অসমলৈ আকৌ আহিম-আকৌ জনম ল'ম। মই সিহঁতক জীৱন্তে পুৰি মাৰিম। সিহঁতে মোক এবাৰ ফাঁচি দিব-মই দুৱাৰ আহিম-দুবাৰ ফাঁচি দিব মই দহবাৰ আহিম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপজৰি ল'ম।” নাটকৰ শেষত থকা "বুকুৰে বঙহক কোনে কাঢ়ি নিলে"-এই হৃদয়বিদাৰক গীতটোৰ ৰচক আছিল যুগল দাস। গীতটোৰ সুৰ দিছিল শিল্পী-অভিনেতা কমলনাৰায়ণ চৌধুৰীয়ে। এবাৰ নগাঁৱত এই নাটকখন মঞ্চস্থ কৰোঁতে চৌধুৰীদেৱৰ কণ্ঠত গীতটো শুনি সকলো দর্শকে হুক্কাই কান্দিছিল আৰু নগাঁও নাট্য মন্দিৰ কাঁহ পৰি জীন গৈছিল। পিয়লি ফুকনৰ বিষয়ে প্রফুল্ল বৰুৱায়ো আন এখন চুটি নাটক ৰচনা কৰিছিল। নগাঁও নাট্য সমিতিখনতকৈ চাৰিমাহমানৰ আগেয়ে প্রকাশ পোৱা বৰুৱাৰ নাটকখনে অৱশ্যে বিশেষ জনপ্রিয়তা অর্জন কৰিব নোৱাৰিলে।
স্বাধীনতা আন্দোলনৰ অসমৰ আন দুগৰাকী প্রখ্যাত শ্বহীদ 'মণিৰাম দেৱান' আৰু 'কুশল কোঁৱৰ'ক লৈ যশস্বী নাট্যকাৰ প্ৰবীণ ফুকন আৰু সুৰেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা নাট দুখন প্রকাশ পাইছিল যথাক্রমে ১৯৪৮ আৰু ১৯৪৯ চনত। মণিৰাম দেৱানত নাট্যকাৰ ফুকনে ইংৰাজৰ শোষণৰ বিৰুদ্ধে মণিৰামৰ ভূমিকা দাঙি ধৰিছে। কলকাতালৈ গৈ তেওঁ গৱৰ্ণৰ জেনেৰেলৰ ওৰত অসমৰ হক দাবী উত্থাপন কৰিছিল আৰু তাৰপৰাই অসমৰ জনসাধাৰণক সজাগ কৰি ৰাখিবৰ কাৰণে যুৱৰাজ কন্দপেশ্বৰ সিংহলৈ চিঠি দিছিল। "এইফালে দেশ ভাগিল, আমাৰো ঘৰ সাজিবলৈ গা দাঙক"-এই বুলি লিখা চিঠি দুর্ভাগ্যক্রমে সেই সময়ৰ অসমৰ শাসনকর্তা মিল্ক আৰু হলুইড চাহাবৰ হাতত পৰিল। ইয়াৰ ফলত মণিৰাম দেৱান ইংৰাজৰ শত্রু হিছাপে পৰিগণিত হ'ল আৰু শেষত চৰম শাস্তি ভোগ কৰিবলগীয়া হ'ল। সেই সময়ত সমগ্র দেশজুৰি ব্ৰিটিছৰ বিৰুদ্ধে জনজাগৰণ হৈছিল। অসমত জনজাগৰণ সৃষ্টি কৰাত অগ্রণী ভূমিকা লোৱা মণিৰাম দেৱানৰ দেশপ্ৰেমৰ বিষয়ে নাট্যকাৰ ফুকনে আলোচনা কৰাৰ লগতে সেই সময়ৰ ৰাজভক্ত বিষয়া হৰনাথ দাৰোগাৰ স্বৰূপো মনোগ্রাহীকৈ ফুটাই তুলিছে। তদুপৰি ইংৰাজ বিষয়াৰ দাম্ভিকতা আৰু তেওঁলোকে যুক্তিৰে বিচাৰ-বিশ্লেষণ নকৰা কথাও নাটকখনত দাঙি ধৰা হৈছে। ব্রিটিছৰ বিৰুদ্ধে যোৱা কোনো কামকেই তেওঁলোকে সহ্য কৰিব পৰা নাছিল। সেয়ে মণিৰাম দেৱানৰ ক্ষেত্ৰতো দাম্ভিক ব্রিটিছ বিষয়াই "hanging first trial afterwards"-এইবুলি ৰায় দিয়াহে নাট্যকাৰে দেখুৱাইছে। দেশৰ স্বাধীনতা আন্দোলনৰ পটভূমিতে ৰচনা কৰা যুগল দাসৰ '১৮৫৭' নাটকতো স্বাধীনতা সংগ্রামীসকলৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰা হৈছে।
নাট্যকাৰে দেশৰ বিভিন্ন ঠাইত হোৱা বিদ্রোহৰো আভাস দাঙি ধৰিছে। দেশৰ কাৰণে জীৱন উছৰ্গা কৰা আন এগৰাকী শ্বহীদ কুশল কোঁৱৰৰ হুবহু চিত্ৰ দাঙি ধৰা হৈছে 'কুশল কোঁৱৰ'ৰ নাটকত। নাট্যকাৰ সুৰেন্দ্ৰনাথ শইকীয়াই বিয়াল্লিছৰ আন্দোলনৰ লগতে সেই সময়ত আমাৰ সমাজ-জীৱনত দেখা দিয়া নানা অন্যায়-অনীতিৰ কথাও প্রকাশ কৰিছে। সেই সময়ত যুদ্ধৰ প্ৰভাৱে সমাজৰ বিস্তৰ ক্ষতি কৰিছিল। সকলোতে দুর্নীতি আৰু ব্যভিচাৰ হৈছিল। কুশল কোঁৱৰ নাটকত এই বিষয়তহে অধিক মনোনিৱেশ কৰা বুলি ড° সত্যেন্দ্রনাথ শর্মাই উল্লেখ কৰিছে আৰু লগতে এইদৰে যুক্তি দর্শাইছে: "চাৰিওফালে দুর্নীতি আৰু প্রলোভনৰ মাজত নিজৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি দাৰিদ্র্যকে আঁকোৱালি লৈ দেশসেৱাত আত্মনিয়োগ কৰা কুশল কোঁৱৰৰ চাৰিত্ৰিক মহত্ত্ব প্রদর্শন কৰিবলৈকে হয়তো নাট্যকাৰে সেই সময়ৰ দুর্নীতি আৰু ব্যাভিচাৰৰ চিত্র অঙ্কন কৰিছে।" নাটকখনত কোঁৱৰৰ গান্ধীৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ ভগৱৎপ্ৰেমৰো উল্লেখ কৰা হৈছে।
স্বাধীনতা আন্দোলনত প্রত্যক্ষভাৱে জড়িত উল্লিখিত বীৰকেইগৰাকীৰ জীৱনৰ আধাৰত ৰচিত নাটককেইখনৰ উপৰি আন্দোলনৰ পটভূমিতে ৰচনা কৰা আন কেইখনমান নাটকত মুক্তিপ্রয়াসী জনগণৰ অতুলনীয় দেশপ্রেম সার্থকভাৱে ফুটাই তোলা হৈছে। এই ফালৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'লভিতা'ই নিঃসন্দেহে শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে। ভাৰতে স্বাধীনতা লাভ কৰা বছৰতে প্ৰকাশ পোৱা লভিতা নাটৰ বিষয়বস্তু- "বিয়াল্লিছৰ আৰু দ্বিতীয় মহাসমৰৰ সময়ত অসমত হোৱা সঁচা ঘটনাৱলীৰ ওপৰত প্রতিষ্ঠিত” বুলি নাট্যকাৰে পাতনিত উল্লেখ কৰিছে। নাট্যকাৰে সেই সময়ৰ অসমৰ হুবহু চিত্ৰ প্ৰকাশ কৰিবলৈ যাওঁতে অসমীয়া যুৱক-যুৱতীৰ সৰলতা-দুৰ্বলতা এই দুয়োটা দিশো আঙুলিয়াই দিছে আৰু ভৱিষ্যতৰ কাৰণে নিজক প্রতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে। অসম আৰু অসমীয়াৰ সৰ্বাংগীণ উন্নতি কামনা কৰা জ্যোতিপ্ৰসাদে 'লভিতা'ত স্বাধীনতা আন্দোলনত গাঁৱৰ যুৱক-যুৱতীৰ অৱদানৰ কথা বিস্তৃতভাবেই আলোচনা কৰিছে। অসমীয়া মহিলাৰ সাহসো তেওঁ ফুটাই তুলিছে। শালনি বিমান-কোঠৰ ওচৰৰ গাঁও এখন উচ্ছেদ কৰিবলৈ ধৰোঁতে সেই ঠাইৰ মহিলাই বুকু পাতি থিয় দিছিল। মহিলাসকলক কোনো প্ৰকাৰে সৈমান কৰিব নোৱাৰি প্ৰবলপ্রতাপী ব্রিটিছ প্রশাসন স্থানীয় কংগ্ৰেছৰ শৰণাপন্ন হ'ব লগা হৈছিল। নাটকখনত এই কথা উল্লেখ কৰি নাট্যকাৰে সেই সময়ত কংগ্ৰেছৰ প্রতি জনসাধাৰণৰ অসীম আস্থা থকাৰ কথাকে প্রতিপন্ন কৰিছে। সেইদৰে 'দেশ বুলিলে আদেশ নালাগে' এই ভাবত উতলা হৈ গাঁৱৰ যুৱতীসকল আন্দোলনত জঁপিয়াই পৰাৰ মনোৰম চিত্ৰও তেওঁ দাঙি ধৰিছে। উদাহৰণস্বৰূপে গাঁৱৰ ছোৱালীক যেতিয়া দাৰোগাই-"স্বৰাজ লাগে, স্ববাজ লাগে। ফ্রেগ জোঁকাৰি স্ববাজ খাবলৈ আহিছ? গাঁৱত ধান বানোতে বানোতে জীবন গ'ল। এতিয়া গৱর্ণমেন্ট চলাবলৈ আহিছ" বুলি তুচ্ছ-তাচ্ছিল্য কৰিছিল তেতিয়া গাঁৱৰ ছোৱালীয়ে এনেদৰে উত্তৰ দিছিল-"চলাম, চলাম। এশবাৰ চলাম, হাজাৰবাৰ চলাম গৱৰ্ণমেন্ট। আমাৰ দেশ-আমাৰ মাটি-আমাৰ নৈ-আমাৰ পৰ্বত-আমাৰ আকাশ-সকলো আমাৰ।" এনে ধৰণৰ সংলাপ সৃষ্টি কৰি জ্যোতিপ্ৰসাদে গাঁৱৰ নিৰক্ষৰ মহিলা সংগ্রামীক মর্যাদা দিছে। স্বাধীনতা আন্দোলনত মন-প্রাণ সঁপি দিয়া লভিতাও নিজ আদৰ্শৰ পৰা এক বিন্দু লৰচৰ নহ'ল।
সকলো ধৰণৰ অন্যায়ৰ প্ৰতিবাদ কৰা লভিতাই যুক্তিৰে সকলোকে থকা-সৰকা কৰে। "গান্ধীৰ মানুহে ল'ৰা-ছোৱালীবোৰ বলিয়া কৰিলে" বুলি হয়ৰামে কওঁতে লভিতাই লগে লগে এনেদৰে উত্তৰ দিছে: "গান্ধী মহাত্মাইনো কি বেয়া কাম কৰিছে? আমাৰ দেশক গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে টাঁহি-মুহি খালে। সোপাকে সিহঁতৰ দেশলৈ কঢ়িয়াইছে। গান্ধীয়ে তেও সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে। আমাৰ মানুহক লোকৰ তলতীয়া-বহতীয়া গোলাম হৈ নাথাকি নিজে নিজে স্বৰাজ কৰিবলৈহে কৈছে।” জ্যোতিপ্ৰসাদ আগৰৱালাই এনে ধৰণৰ সংলাপৰ দ্বাৰাই স্বাধীনতা আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰিছে। নাটকখনত গান্ধীৰ অহিংস নীতিৰ কথা কেবাঠাইতো প্রকাশ কৰা হৈছে যদিও আজাদ হিন্দ ফৌজৰ কথাও উল্লেখ আছে। লভিতায়ো শেষত আজাদ হিন্দ ফৌজত যোগ দি ব্ৰিটিছৰ বিৰুদ্ধে বন্দুক হাতত তুলি ল'লে যদিও মৃত্যুবৰণ কৰিব লগা হ'ল। শত্ৰুৰ লগত যুঁজত তিষ্ঠিব নোৱাৰিলেও লভিতাই অসীম পৰাক্ৰম দেখুৱালে। মৃত্যুৰ আগ মুহূর্তত লভিতাই কৈছিলঃ "যাবৰ সময়ত মোৰ অসম আইৰ মাটিৰে কপালত এটা ফোঁট দিয়া-মোৰ দেশৰ মাটিৰে ফোঁট।” লভিতা স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত এখন শ্রেষ্ঠ নাটক আৰু ইয়াত নাট্যকাৰৰ অসম-প্রীতিও জলজল্-পটপকৈ প্রকাশ পাইছে।
স্বাধীনতা আন্দোলনৰ পটভূমিতে ৰচিত আন এখন উল্লেখযোগ্য নাটক হ'ল নাট্য প্রভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ 'জ্যোতি-ৰেখা'। ১৯৫৮ চনত প্রকাশ পোৱা এইখন নাটৰ তিনিটা বিশেষত্বৰ কথা প্রসিদ্ধ নাট্য-সমালোচক ড° হৰিচন্দ্ৰ ভট্টাচাৰ্যই আঙুলিয়াই দিছে। তেওঁৰ মতে- (ক) নাট্যকাৰৰ মূল উদ্দেশ্য আদর্শ চৰিত্ৰ সৃষ্টি; ৰাষ্ট্ৰীয় বাতাৱৰণ ইয়াৰ উদ্দীপন। (খ) ১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি '৪২ চনৰ গণ আন্দোলনলৈকে বহুতো চৰকাৰী চাকৰিয়ালে চাকৰি এৰি দেশৰ কামত লগাৰ বৃত্তান্ত আৰু (গ) নাট্যকাৰৰ কেউখন নাটৰ ভিতৰত মঞ্চোপযোগী নাট হিছাপে ই এখন উত্তম নাট। 'জ্যোতি-ৰেখা' নাটৰ জ্যোতি দাৰোগা আছিল যদিও তেওঁ পিছত পুলিচৰ চাকৰি এৰি দেশসেৱাত মন-প্রাণ উছৰ্গা কৰিলে। জ্যোতিৰ বন্ধু প্রকাশে আন্দোলনত অংশগ্রহণ কৰি পিছত পুলিচৰ হাতত মৃত্যুবৰণ কৰিলে আৰু ৰেখায়ো পুলিচৰ গুলীতে দৃষ্টি শক্তি হেৰুৱালে। ১৯৪০ চনতে প্রকাশিত তেওঁৰ 'চাকৈ-চকোৱা' নাটকতো স্বাধীনতা আন্দোলনত সংগ্রামী জনতাই কেনে ভূমিকা লৈছিল তাৰ আভাস দিয়া হৈছে। আনখন নাট 'নায়ক আৰু নায়িকা'ত বৰুৱাদেৱে ১৯৩০ চনৰ আন্দোলনৰ কথা পৰোক্ষভাৱে লিপিবদ্ধ কৰিছে।
শতাধিক মঞ্চোপযোগী পৌৰাণিক আৰু ঐতিহাসিক নাটক লিখি অসমৰ নাট সাহিত্যক চহকী কৰা অতুলচন্দ্ৰ হাজৰিকাৰ স্বাধীনতা আন্দোলনৰ পটভূমিতে ৰচিত আন দুখন নাটিকা হ'ল- 'কল্যাণী' (১৯৩৯) আৰু 'আহুতি' (১৯৫২)। অসহযোগ আন্দোলনৰ সময়ত অস্পৃশ্যতা নিবাৰণৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছিল। "অসম দেশত ভাৰতৰ আন আন প্ৰদেশৰ নিচিনা অস্পৃশ্যতাৰ উৎকট ব্যাধি নাই.........যখিনি আছে সেইখিনি থকাটোও বাঞ্ছনীয় নহয়” বুলি পাতনিত উল্লেখ কৰি নাট্যকাৰে অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজি কল্যাণীয়ে কেনেকৈ নিম্নবৰ্ণৰ লোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিলে তাকে দেখুৱাইছে। এক নির্দিষ্ট আদর্শত উদ্বুদ্ধ হৈ কল্যাণীয়ে শেষত প্রাণ বিসর্জন দিয়া বর্ণনা ইয়াত আছে।
হাজৰিকাৰ আনখন নাটিকা 'আহুতি'ত '৪২ৰ আন্দোলনে অসমৰ জাতীয় জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছিল তাৰ এখন চিত্ৰ দাঙি ধৰা হৈছে। মধুপুৰ চাহ-বাগিচাৰ মালিক ৰায়বাহাদুৰ মোহনচন্দ্ৰ দুৱৰাৰ পুতেক আলোক দুৱৰাই দেউতাকৰ লগত আপোচ নকৰি জনতাৰ পক্ষ ল'লে। বিলাতত উচ্চ শিক্ষা লৈ অহা আলোকে সুখ-সুবিধা নিবিচাৰিলে। সেই সময়ৰ 'মুনচিফ'ৰ দৰে লোভনীয় পদ প্রত্যাখ্যান কৰি দেউতাকৰ আশাত চেঁচাপানী ঢালিলে। অন্তৰতে গুজৰি-গুমৰি থকা মোহন দুৱৰাই
অৱশেষত আলোকক 'গান্ধীৰ চেলা' কেতিয়াৰ পৰা হ'লি বুলি প্রশ্ন কৰিছে। মোহন দুৱৰাৰ দৰে তেতিয়াৰ ব্ৰিটিছভক্ত বিষয়া-কর্মচাৰীয়ে গান্ধী আৰু স্বাধীনতা আন্দোলনৰ নাম ল'বই নুখুজিছিল। বৰং "গান্ধীয়ে ল'ৰা-ডেকা সকলোৰে মূৰ খালে” বুলিহে কৈছিল। 'আহুতি'ত নাট্যকাৰে ব্ৰিটিছভক্ত সুবিধাবাদী এচাম লোকৰ স্বৰূপ দাঙি ধৰিছে। অৱশ্যে সেইচাম লোকে পিছত নিজৰ ভুল উপলব্ধি কৰাৰ কথাও নাটিকাখনত আছে। সেই সময়ত দ্বিতীয় মহাযুদ্ধই অসমৰ সমাজ জীৱনক কলুষিত কৰাৰ কথাও নাটিকাখনত আছে। গাঁৱৰ ছোৱালী সোণতৰাই মিলিটেৰীৰ উপদ্ৰৱৰ বৰ্ণনা দিওঁতে কৈছে-"আপদীয়া যুদ্ধখনে আমাৰ দেশৰ মানুহক ধন দিছে, কিন্তু কাঢ়ি নিছে এটা ডাঙৰ বস্তু সেইটো হৈছে চৰিত্ৰ।" নাটিকাখনৰ নায়ক গান্ধীভক্ত আলোকে এনে এখন সমাজৰ পোষকতা কৰিছিল- "য'ত দুৱৰা নাই, চাহাব নাই, তেজপিয়া মহাজন নাই, সুতখোৰ কাবুলী নাই, চোৰাং বেপাৰ নাই।" আহুতি নাটিকা হ'লেও ইয়াত নাট্যকাৰে স্বাধীনতা আন্দোলনৰ আৰু আন্দোলনৰ লগত সম্পৰ্ক থকা প্ৰত্যেকটো বিষয়কে উপস্থাপন কৰিছে।
দেশে স্বাধীনতা পোৱাৰ আগেয়ে স্বাধীনতা আন্দোলনৰ পটভূমিত মুনীন বৰকটকীয়ে ৰচনা কৰা 'জন্মভূমিতকৈও গৰীয়সী' নামৰ একাংকিকাখনত নাট্যকাৰে পৰাধীন জাতিৰ মৰ্মবেদনা এনেদৰে ফুটাই তুলিছেঃ "জন্মভূমিৰ মুক্তি নহয় মানে আমাৰ জননীৰ মুক্তি ক'ত? পৰাধীন স্বৰ্গত সোমাবৰ অধিকাৰ ক'ত? স্বৰ্গ স্বাধীনৰ কাৰণে, পৰাধীনৰ কাৰণে স্বৰ্গ নাই, আছে নৰক।” আৰু কৈছেঃ "আমাৰ মুক্তি বিশ্বমানৱৰ মুক্তিৰ এটা প্রয়াস মাথোন। আমাৰ মুক্তিৰ প্ৰয়োজন পৃথিৱীৰ নির্যাতিত গণ-নাৰায়ণৰ উদ্বোধনৰ কাৰণে, আমাক মুক্তি লাগে মানুহ হৈ জীয়াই থাকিবৰ কাৰণে।” মুক্তি-আন্দোলনত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰেই এই একাংকিকাখন ৰচনা কৰা হৈছিল।
স্বাধীনতা আন্দোলনৰ পটভূমিত আমাৰ ভাষাত কেবাখনো দীর্ঘাবয়বী অনবদ্য উপন্যাস আৰু ভালেসংখ্যক সুখপাঠ্য চুটিগল্প ৰচিত হৈছে। অৱশ্যে নাটকৰ দৰেই স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত শ্রেষ্ঠ উপন্যাসকেইখন স্বাধীনতাৰ পিছতহে প্রকাশ পায়। প্রাক্-স্বাধীনতা যুগত ৰচিত উপন্যাসৰ ভিতৰত প্ৰথমে 'আৱাহন 'ত (১৯৩১-৩২) ছোৱা ছোৱাকৈ প্রকাশিত 'অপূর্ণ'ত দৈবচন্দ্ৰ তালুকদাৰে গান্ধীজীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰিছে যদিও তেওঁৰে আনখন উপন্যাস 'বিদ্রোহী'ত গান্ধীনীতিৰ বিষয়ে আলোচনা কৰা নাই। উপন্যাসখনৰ নায়ক কনকে কেনেকৈ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক জাগ্ৰত কৰিছিল তাৰ বৰ্ণনা ইয়াত আছে। প্রায় একে সময়তে ৰচিত দণ্ডিনাথ কলিতাৰ 'সাধনা'ত (১৯২৮) ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত বহুখিনি কথাই ঠাই পাইছে। অলুকদাৰ-কলিতাৰ পিছত দীননাথ শৰ্মাৰ 'ঊষা' আৰু বীণা বৰুৱাৰ বিখ্যাত 'জীৱনৰ বাটত' (১৯৪৪) উপন্যাসতো ভাৰতৰ স্বাধীনতা আন্দোলনৰ আংশিক কাহিনী আছে। ১৯৩৮-৩৯ চনত 'আৱাহন' আলোচনীত ছোৱা ছোৱাকৈ প্রকাশ পোৱা শৰ্মাৰ 'ঊষা'ৰ এটি মুখ্য চৰিত্ৰ হামিদে অসহযোগ আন্দোলনত যোগদান কৰি কাৰাদণ্ড ভোগ কৰাৰ বিৱৰণ দিয়া হৈছে। 'জীৱনৰ বাটত' উপন্যাসতো প্রত্যক্ষভাৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রতিফলন দেখা পোৱা নাযায় যদিও স্বাধীনতাৰ পূৰ্বে মৈমনচিঙৰ পৰা অহা লোকে বিহমেটেকাৰ দৰে নগাঁৱৰ লাওখোৱা-লাহৰীঘাটকে ধৰি গোটেইখন ছানি ধৰাৰ বৰ্ণনা আছে। অসহযোগ আন্দোলনে গাঁও-ভূই তোলপাৰ লগোৱাৰ বৰ্ণনা লেখকে এইদৰে দাঙি ধৰিছে, "যুগ যুগ ধৰি অচেতন হৈ পৰি থকা গাঁওবাসী 'বন্দে মাতৰম', 'মহাত্মা গান্ধীৰ জয়, 'ভাৰত মাতা কী জয়' উদ্দীপ্ত মন্ত্রধ্বনিত সজাগ হ'ল। চুবুৰিয়ে চুবুৰিয়ে বিদেশী বস্তু-বর্জন, বিদেশী বস্ত্র-দাহন আন্দোলন তীব্র বেগেৰে চলিবলৈ ধৰিলে। কানিৰ দোকানে দোকানে পিকেটিং আৰম্ভ হ'ল।" ঔপন্যাসিকে স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিওঁতে যতৰত সূতা কটা আৰু তাঁতশালখনৰ কথাও বিশদভারে উল্লেখ কৰিছে। সেই সময়ত গান্ধীয়ে স্বাৱলম্বী হ'বলৈ সকলোকে আহ্বান জনাইছিল। আনহাতে স্বাধীনতা আন্দোলনত নির্যাতিত হোৱা নিমাখিত লোকৰ দুখজনক কাহিনীও ঔপন্যাসিকে মনোগ্রাহীকে উপস্থাপন কৰিছে। স্বাধীনতা অর্জন কৰা প্রসংগত ঔপন্যাসিকে এইদৰে উল্লেখ কৰিছে: “দেশৰ স্বাধীনতা ধনীৰ অৰ্থৰ অহঙ্কাৰেৰে, শক্তিমন্তৰ শক্তিৰে, বিদ্বানৰ বিদ্যা গৌৰৱেৰে আৰ্জিব নোৱাৰি। নিঃকিন, দীন-দৰিদ্র, আধামৰা অশিক্ষিত চহা-খেতিয়কৰ বুকুৰ তেজ দিহে ভাৰতৰ স্বাধীনতা আনিব পাৰিব।” উপন্যাসখনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে আংশিকভাৱে উল্লেখ কৰিলেও সেই সময়ৰ সমাজখনত ই কেনে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল তাৰ স্পষ্ট চিত্র এখন পোৱা যায়।
স্বাধীনতা লাভৰ পিছত দুগৰাকী প্রখ্যাত কাহিনীকাৰ চৈয়দ আব্দুল মালিক আৰু যোগেশ দাসে ৰচনা কৰা দুখন ৰসোত্তীর্ণ উপন্যাসত স্বাধীনতা আন্দোলনৰ কথা আছে। দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ 'ডাৱৰ আৰু নাই'ত (১৯৫৫) স্বাধীনতাৰ কাৰণে ত্যাগ আৰু কষ্ট কৰা এটি বিপ্লৱী চৰিত্ৰৰ চিত্ৰ ফুটাই তোলা হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত চৈয়দ আব্দুল মালিকৰ সুদীর্ঘ উপন্যাস 'ৰূপতীৰ্থৰ যাত্রী'ৰ দ্বিতীয় খণ্ডত (১৯৬৫) স্বাধীনতা আন্দোলনৰ বৰ্ণনাৰ লগতে সেই আন্দোলনত ৰূপকোঁৱৰৰ ভূমিকাৰ বিষয়ে বিশদ আলোচনা কৰা হৈছে। কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনকহে কেরল বিষয়বস্তু লৈ ৰচনা কৰা উপন্যাস আমাৰ সাহিত্যত মাত্র কেইখনমানহে আছে। ইয়াৰ ভিতৰত পশুপতি ভৰদ্বাজৰ 'ৰঙা ৰঙা তেজ' (১৯৬৭) ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ 'মৃত্যুঞ্জয়' (১৯৭০) আৰু চন্দ্রপ্রসাদ শইকীয়াৰ 'জন্মান্তৰ'ৰ (১৯৭৮) কথাই পোনপ্রথম মনলৈ আহে।
'মৃত্যুঞ্জয়ে' অসমীয়া সাহিত্য জগতলৈ সন্মানজনক জ্ঞানপীঠ বঁটা কঢ়িয়াই আনিছে। বিয়াল্লিছৰ আন্দোলনৰ পটভূমিত ৰচনা কৰা 'মৃত্যুঞ্জয়'ত অবিভক্ত নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে স্বাধীনতা আন্দোলনত কেনে সাহসিকতাপূর্ণ ভূমিকা লৈছিল তাৰ মনোগ্ৰাহী বর্ণনা আছে। উপন্যাসখনত পানীখাইতীত ৰেল বগৰোৱা ঘটনাটোক বিশেষ গুৰুত্ব দিয়া হৈছে। এই ৰেল বগৰোৱা ঘটনাই তেতিয়া ব্রিটিছ মছনদো কঁপাই তুলিছিল। ৰেল বগৰোৱাত উপন্যাসৰ নায়ক মহদা গোঁসাই আৰু আন কেইটিমান চৰিত্ৰ ৰূপনাৰায়ণ, ধনপুৰ, ভিভিৰাম, দধিমাষ্টৰ, আহিনা কোঁৱৰ, মাণিক বৰা আৰু মধু কেওটে লোৱা সক্রিয় ভূমিকাৰ কথা ঔপন্যাসিকে বিতংভাৱে আলোচনা কৰিছে। ৰেল বগৰোৱাক কেন্দ্ৰ কৰি তেওঁলোকৰ মনত উদ্ভৱ হোৱা হিংস-অহিংসৰ প্রশ্নয়ো উপন্যাসখনত প্রাধান্য পাইছে। এই দুয়োটা দিশ আলোচনা কৰি ঔপন্যাসিকে অহিংস নীতিকহে প্রাধান্য দিছে। মৃত্যুঞ্জয়ত ঔপন্যাসিকে অহিংস নীতিক গুৰুত্ব দিয়াৰ লগতে মানৱপ্রেম, অস্পৃশ্যতা দূৰীকৰণ, স্বাধীনতা আন্দোলনত নেতাজীৰ ভূমিকা, ধৰ্ম সম্পর্কে তেওঁৰ ধ্যান-ধাৰণা, নাৰী জীৱনৰ বিভিন্ন সমস্যা আৰু গাঁৱৰ সমাজখনৰ বিভিন্ন দিশ সহানুভূতিৰে বিশ্লেষণ কৰিছে। ৰূপনাৰায়ণৰ মুখেৰে এইদৰে কোৱাইছে: "দেশৰ স্বাধীনতা নহ'লে চাকৰি আৰু বিয়াৰ কোনো প্রয়োজন নাই।" উপন্যাসখনৰ শেষত তেওঁ "স্বাধীনতা পালে মানুহ আগতকৈ ভাল হ'ব নে বেয়া হ'ব"- এই প্রশ্ন উত্থাপন কৰি পাঠকৰ মনত উৎকণ্ঠা আনিবলৈ প্রয়াস কৰিছে।
ড° ভট্টাচাৰ্যৰ আনখন উপন্যাস 'ইয়াৰুইঙ্গম' (১৯৬১) নগা জনজীৱনৰ পটভূমিত ৰচিত হ'লেও ইয়াতো স্বাধীনতা আন্দোলনৰ কথাই ঠাই পাইছে। স্বাধীনতা আন্দোলনৰ বিষয়ে উল্লেখ কৰোতে তেওঁ গান্ধী আৰু সুভাষ বসুৰ নীতিৰ আলোচনা কৰিছে। সাহিত্য অকাডেমিৰ পুৰস্কাৰপ্ৰাপ্ত এই গ্রন্থত জাপানী আক্রমণ, দ্বিতীয় মহাযুদ্ধই আমাৰ সমাজ-জীৱনলৈ অনা পৰিৱৰ্তন আৰু নগাভূমিৰ একাংশই সুকীয়া ৰাজ্যৰ পোষকতা কৰা কাহিনী আছে। উপন্যাসখনৰ এটা প্রধান চৰিত্ৰ বিশ্বাং মহাত্মাৰ অনুগামী। সি সৰ্বভাৰতীয় দৃষ্টিৰে কথাবোৰ বিশ্লেষণ কৰে। এনে প্ৰসংগৰ মাজতে লেখকে পৰাধীন জাতিৰ মনৰ কথা প্রকাশ কৰিছে।
নামনিৰ ঐতিহ্যমণ্ডিত বৰনগৰ অঞ্চলত দ্বিতীয় মহাযুদ্ধ আৰু বিয়াল্লিছৰ আন্দোলনে কেনে এক অৱস্থাৰ সৃষ্টি কৰিছিল তাৰে জীৱন্ত বর্ণনা দাঙি ধৰিছে পশুপতি ভবদ্বাজে তেওঁৰ “ৰঙা ৰঙা তেজ' নামৰ উপন্যাসখনত। উপন্যাসৰ নায়ক শিৱনাথ প্রমুখ্যে কেইবাগৰাকী বিদ্রোহী সেই সময়ত হিংসাত্মক কার্যত সক্রিয় ভূমিকা লোৱা। পুৰুষৰ লগতে নাৰীয়েও সমানে অংশগ্রহণ কৰি ব্ৰিটিছ ৰাজক বিব্রত কৰাৰ কাহিনী এই উপন্যাসত দাঙি ধৰা হৈছে। উপন্যাসখনৰ সম্পৰ্কত কৃতী সমালোচক ড° গোবিন্দপ্রসাদ শৰ্মাই এইদৰে মন্তব্য কৰিছে, “১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত হিংসাত্মক আৰু কূটাঘাতী কার্যত লিপ্ত হোৱা কেতবোৰ স্বাধীনতা যোদ্ধাৰ দুঃসাহসিক কূটাঘাতী কাৰ্যৰ এয়া বাস্তৱিক ৰূপৰ বৃত্তান্ত। ইয়াৰ
স্বাধীনতা যুঁজাৰুসকলৰ হিংসাত্মক কার্যাবলী ঐতিহাসিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত।” এই ফালৰ পৰা উপন্যাসখনে অসমীয়া সাহিত্যত স্বাধীনতা আন্দোলনৰ পটভূমিত এটা সুকীয়া পৰিচয় বহন কৰিছে বুলিব পাৰি।
দেশৰ শেষ স্বাধীনতা আন্দোলন উত্তাল গতিত চলি থকা সময়তে ১৫ বছৰ বয়সত গ্ৰেপ্তাৰবৰণ কৰা এগৰাকী প্রখ্যাত সাহিত্যিক-সাংবাদিক চন্দ্রপ্রসাদ শইকীয়াৰ 'জন্মান্তৰ'ত স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশ সার্থকভাৱে প্রতিফলিত হৈছে। বৃহৎ
কলেবৰৰ ৩৮৩ পৃষ্ঠাৰ এই উপন্যাসত স্বাধীনতা আন্দোলনে এটি সম্ভ্রান্ত পৰিয়ালত কিদৰে প্ৰভাৱ পেলাইছিল তাৰ মনোৰম বৰ্ণনা আছে। আন কেবাগৰাকী ঔপান্যাসিকৰ দৰেই তেৱোঁ আন্দোলনত হিংসা আৰু অহিংস কার্যই জনসাধাৰণৰ মনত কেনেদৰে প্রভাৱ পেলাইছিল সেই বিষয়েও নিজস্ব দৃষ্টিভংগীৰে আলোচনা কৰিছে। তদুপৰি ঔপন্যাসিকে গাঁৱৰ মানুহৰ নিঃস্বার্থ ত্যাগ, সেই সময়ত হোৱা দুর্ভিক্ষ, মুক্তিযোদ্ধাসকলক জেলত কৰা অন্যায়-অতিচাৰ ফুটাই তুলিছে। 'জন্মান্তৰ'ত দুটা যুগৰ মাজৰ ব্যৱধানৰ চিত্ৰ কৃষ্ণৰাম বৰুৱা, পৰশুৰাম বৰুৱা, শংকৰ বৰুৱা আৰু প্ৰকাশৰ জৰিয়তে দাঙি ধৰা হৈছে। পৰশুৰাম বৰুৱাৰ বৰপুতেক মৌজাদাৰ শংকৰ বৰুৱাই জনসাধাৰণৰ লগত সু-সম্পর্ক ৰাখি চলিবলৈ বিচৰা নাছিল। তেওঁৰ সহোদৰ ভাই প্ৰকাশৰ কিন্তু জনসাধাৰণৰ লগত সু-সম্পর্ক আছিল। স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্রহণ কৰা উচ্চ শিক্ষিত প্রকাশে নিজৰ কৰ্ম, আদৰ্শ আৰু সাংগঠনিক দক্ষতাৰ কাৰণে অঞ্চলটোৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল। তেওঁৰ সহস্ৰ অনুগামীৰ ভিতৰত অকালতে বৈধব্যৰ জীৱন ল'ব লগা হোৱা ফুকন পৰিয়ালৰ সাদৰীও এগৰাকী আছিল। এই সাদৰীৰ প্ৰতি শংকৰ বৰুৱা এসময়ত আকৰ্ষিত হৈছিল যদিও সাদৰীক তেওঁ নিজৰ কৰি ল'ব নোৱাৰিলে। পিছত প্ৰকাশৰ আদৰ্শত অনুপ্রাণিত হৈ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্রহণ কৰিলে আৰু শেষত থানাত পতাকা উৰাবলৈ গৈ সাদৰীয়ে মৃত্যুবৰণ কৰিলে। সংক্ষেপতে উপন্যাসখনৰ কাহিনী এয়ে যদিও তাৰ মাজেদিয়েই লেখকে সাৱলীল ৰচনা ভংগীৰে স্বাধীনতা আন্দোলনৰ এক মনোমোহা চিত্র দাঙি ধৰিছে। জেলৰ অভিজ্ঞতা লোৱা আৰু সেই সময়ৰ বৰেণ্য দেশনেতাসকলৰ সান্নিধ্যলৈ অহা চন্দ্রপ্রসাদ শইকীয়াৰ আন দুখন উপন্যাস 'অগ্নিস্নান' আৰু 'এদিন'তো (১৯৫১) স্বাধীনতা আন্দোলনৰ কাহিনী আছে। 'এদিন' নামৰ উপন্যাসখনত এদিনৰ বিচিত্র অভিজ্ঞতাৰ মাজেদিয়েই আন্দোলনত অংশ লোৱা প্ৰশান্তৰ সংগ্রামময় কাহিনী ফুটাই তোলা হৈছে। ঘৰৰ আমতে গৈ স্বাধীনতা সংগ্রামত যোগ দি শেষত সি ক্ষয় ৰোগত আক্রান্ত হ'ল। পিছত তাৰ চিকিৎসাৰ ক্ষেত্ৰত কোনেও উৎসাজনক সঁহাৰি নেদেখুৱালে। ঔপন্যাসিকে বিল্পৱীৰ জীৱনৰ দুৰ্দশা এনেদৰেই প্ৰকাশ কৰিছে। 'এদিন' পঢ়িলে বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ 'ৰাজপথে ৰিঙিয়ায়' (১৯৫৫) উপন্যাসখনৰ কথা মনলৈ আহে। এটা দিনক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাসখনতো মোহন নামৰ বিপ্লৱী যুৱক এজনে প্রথম স্বাধীনতা দিৱসত তেওঁৰ মনত উদ্ভৱ হোৱা নানা প্রশ্ন উত্থাপন কৰাৰ কাহিনী আছে। মোহনৰ ভাষাতঃ "এই স্বাধীনতা বহুজনৰ বাবে নহয়, কেজনমানৰ বাবেই”। আনহাতে স্বাধীনতাৰ পিছত জাতীয় জীৱন তথা সমাজ-জীৱনত হোৱা নৈতিক অবক্ষয়কো লৈ ভালেকেইখন উপন্যাস আৰু বহুসংখ্যক গল্প আমাৰ সৃষ্টিধর্মী লেখকসকলে ৰচনা কৰিলে। এনে ধৰণৰ দুখন উল্লেখযোগ্য উপন্যাস হ'ল হোমেন বৰগোহাঞিৰ 'কুশলীৱ' (১৯৭০) আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াৰ 'উত্তৰকাল' (১৯৭২)।
স্বাধীনতা আন্দোলনৰ পটভূমিতে আমাৰ ভাষাত কেবাখনো লেখত ল'বলগীয়া জীৱনীকেন্দ্রিক উপন্যাস ইতিমধ্যে প্রকাশ পাইছে আৰু উপন্যাসকেইখনে সমাদৰো লাভ কৰিছে। এই উপন্যাসকেইখনৰ ভিতৰত স্বাধীনতা আন্দোলনত কাৰাবাস খটা যশস্বী কবি-সাহিত্যিক বীৰেন বৰকটকীৰ 'মৃত্যু গচকি আনা জয় জিনি' (১৯৮৮) এখন মনোৰম উপন্যাস। বীৰাঙ্গনা কনকলতাক লৈ উপন্যাসখন ৰচনা কৰা হৈছে।
সাহিত্য অকাডেমি বঁটাপ্রাপ্ত আন এখন পুষ্ট কলেবৰৰ সুখপাঠ্য উপন্যাস হ'ল নিৰুপমা বৰগোহাঞিৰ 'অভিযাত্রী' (১৯৯৪)। মুক্তি আন্দোলনৰ অগ্রগণ্য সংগ্রামী আৰু অসম মহিলা সভাৰ অন্যতম গুৰি ধৰোতা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বৰ্ণাঢ্য জীৱনক লৈ ৰচনা কৰা 'অভিযাত্রী' উপন্যাসখন অসহযোগ আন্দোলনৰ পৰা ভাৰত ত্যাগ আন্দোলনলৈকে (১৯২১-৪২) আজীৱন বিপ্লৱী আৰু দুর্দান্ত সাহসী মহিলাগৰাকীয়ে দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বার্থ ত্যাগ আকর্ষণীয়কৈ দাঙি ধৰা হৈছে। গান্ধীজীৰ অহিংস নীতি ব্যাখ্যা কৰাৰ লগতে ঔপন্যাসিকাই নাৰী-জীৱনৰ অলেখ অকথিত দুখ-দুর্দশাৰ চিত্ৰ ফুটাই তুলিছে। উপন্যাসখনৰ শেষৰফালে লেখিকাই স্বাধীনতাৰ পিছত হোৱা অভাৱনীয় পৰিৱৰ্তনৰ কথাও বৰ্ণনা কৰিছে। উপন্যাসখনৰ পাৰ্শ্ব চৰিত্ৰ অংকনতো লেখিকাই দক্ষতা দেখুৱাইছে। জ্যোতিপ্রসাদ, লক্ষ্মীধৰ শৰ্মা, অমিয় কুমাৰ দাস, ইন্দুপ্রভা বৰুৱা, ডাঃ ভুবনেশ্বৰ বৰুৱা, অমলপ্রভা দাস, পুষ্পলতা দাস, অতুল শইকীয়া, কালীচৰণ ভট্টাচাৰ্য, ধৰণীধৰ দাস, ললিত বৰুৱা প্ৰমুখ্যে মুক্তিযোদ্ধা তথা আগশাৰীৰ সমাজসেৱীসকলৰ খণ্ডিত কাহিনীয়েও উপন্যাসখন অধিক মনোগ্রাহী কৰি তুলিছে। স্বাধীনতা আন্দোলনত এখেতসকলৰ বহুখিনি অৱদান আছে।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সম্পূৰ্ণ চিত্র সকলো উপন্যাসতে প্রকাশ পোৱা নাই যদিও স্বাধীনতা আন্দোলনৰ লগত জড়িত বিশেষ একোটি সময়ৰ হৃদয়বিদাৰক চিত্ৰ আমাৰ কেইখনমান উপন্যাসত হুবহুরূপে প্রকাশ পাইছে। এই উপন্যাসকেইখনৰ ভিতৰত ধীৰেন বৰঠাকুৰৰ 'বাঈ চাহেবা' (১৯৮০) এখন অনবদ্য উপন্যাস। চিপাহী বিদ্রোহক মূল বিষয়বস্তু হিছাপে লৈ ৰচনা কৰা এইখনেই সম্ভৱতঃ প্ৰথম অসমীয়া উপন্যাস। ঝালীৰ পটভূমিত লিখা এই উপন্যাসত মুক্তিপ্রয়াসী জনগণৰ মনৰ আশা-আকাংক্ষা সার্থকৰূপে ফুটাই তোলা হৈছে। আনহাতে ব্ৰিটিছ চৰকাৰে বিভিন্ন প্ৰকাৰে এই দেশৰ জনসাধাৰণক তেওঁলোকৰ অধীনত ৰাখিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাইছিল। কানিৰ অবাধ প্ৰচলন কৰি আমাৰ মানুহক সোৰোপা আৰু অকর্মণ্য কৰি পেলাইছিল। ৰং বং তেৰাঙে 'ৰংমিলিৰ হাঁহি'ত (১৯৮১) স্বাধীনতাৰ আগৰ কাৰ্বি-সমাজ জীৱনৰ চিত্র আঁকোতে কার্বি আংলঙৰ জনসাধাৰণক কানিয়ে কিদৰে ক্ষতি কৰিছিল তাৰ দৃষ্টান্ত দিছে। 'ৰংমিলিৰ হাঁহি'ৰ এবছৰ পিছত প্ৰকাশ পোৱা বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ 'কালৰ হুমুনিয়া'ত (১৯৮২) চাহ-বাগিচাৰ মজদুৰক অত্যাচাৰ আৰু শোষণ কৰাৰ দুখজনক বর্ণনা আছে।
চাহ-বাগিচাৰ মজদুৰসকলৰ দৰেই অসমৰ খেতিয়ক ৰাইজকো নানা প্ৰকাৰে নির্যাতন কৰা হৈছিল। ব্ৰিটিছ চৰকাৰে কৰ-কাটল লগাই কৃষকসকলক পেপুৱা কৰিছিল। এই শোষণৰ বিৰুদ্ধে জাতি-বর্ণ-ধর্ম নির্বিশেষে খেতিয়ক ৰাইজ ঐক্যবদ্ধ হৈ সংগ্রাম কৰিছে। চিপাহী বিদ্রোহৰ পিছত মঙলদৈৰ পথৰুঘাট, বজালীৰ গোবিন্দপুৰ আৰু নগাঁৱৰ ফুলগুৰিত হোৱা কৃষক-বিদ্রোহে সমগ্ৰ অসমত আলোড়নৰ সৃষ্টি কৰিছিল। অত্যাচাৰী শাসকৰ বিৰুদ্ধে ব্যাপক জনজাগৰণ হৈছিল। সেই বিষয়েও আমাৰ সাহিত্যত চিন্তা-চর্চা নোহোৱা নহয়। ঐতিহাসিক পথৰুঘাটৰ ৰণক কেন্দ্ৰ কৰি জনপ্রিয় নাটক আৰু কাহিনী সাহিত্যৰ সৃষ্টি হৈছে। ফুলগুৰিৰ সংগ্ৰামী কৃষকৰ স্বাধীনতা স্পৃহাৰ কথা ইন্দ্ৰেশ্বৰ গোস্বামীয়ে তেওঁৰ 'কেঁচা মাটিৰ গোন্ধ' (১৯৮৯?) নামৰ ৩২২ পৃষ্ঠাৰ উপন্যাসখনত দাঙি ধৰিছে। ঔপন্যাসিকে ফুলগুৰিৰ কৃষক-বিদ্রোহক বিশেষ গুৰুত্ব দিছে যদিও ১৮২৬ চনৰ পৰা ১৮৬২ চনলৈকে অসমৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থাও বিশ্লেষণ কৰিছে।
নাটক আৰু উপন্যাসৰ উপৰি স্বাধীনতাৰ আগে-পিছে প্রকাশ পোৱা কোনো কোনো চুটিগল্পতো ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতিফলন হৈছে। আৱাহন যুগৰ এজন আগশাৰীৰ গল্পকাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীয়ে তেওঁৰ 'সোপাধৰা' গল্পত দেশীয় কৰ্মচাৰীসকলে ব্রিটিছক কৰা তোষামোদ স্বভাৱৰ আভাস দিছে। তেওঁৰে আন এটা গল্প 'ভাগ বাটোৱাৰা'ত ভাৰতৰ পৰা আফ্রিকালৈ বনুৱা চালান দিয়াৰ কথা আছে কিন্তু দেখ দেখ আন্দোলনৰ কথা উল্লেখ নাই। বেজবৰুৱায়ো পৰোক্ষভাৱে তেওঁৰ ভালেকেইটি গল্পত স্বাধীনতা আন্দোলনৰ আভাস দিছে। লক্ষ্মীধৰ শৰ্মা, ৰাধিকামোহন গোস্বামী, ত্রৈলোক্যনাথ গোস্বামী প্রমুখ্যে আৱাহন যুগৰ সমাজ সচেতন গল্পকাৰসকলে তেওঁলোকৰ কোনো কোনো গল্পত পৰাধীন জাতিৰ মনৰ কথা প্ৰকাশ কৰিছে। মুনীন বৰকটকীয়ে তেওঁৰ 'বিদ্রোহী' গল্পত 'স্বদেশৰ উন্নতিৰ হকে দুই-এজন মানুহ মাৰিছিল,' 'আমাৰ আত্মদানে এটা জাতিক নতুন জীৱন দিব,' 'চিৰকাল আমাৰ প্রাণত্যাগ জাতিয়ে সুঁৱৰি থাকিব'- এনে উক্তিৰ দ্বাৰা স্বাধীনতা আন্দোলনৰ কথাকে প্ৰকাশ কৰিছে। সেই সময়ৰ এগৰাকী সু-লেখক মহেন্দ্রমোহন চৌধুৰীয়ে (পিছলৈ ৰাজনীতিক) স্বাধীনতা আন্দোলনৰ পটভূমিত আৱাহনত লিখা 'মাতৃ-মূর্তি' নামৰ গল্পটোত মুক্তি যুদ্ধত কেনেকৈ দেশৰ যুৱক-যুৱতীসকল জঁপিয়াই পৰিছিল আৰু দেশৰ স্বাৰ্থৰ কাৰণে কোনো কোনোৱে চাকৰি ইস্তফা দিছিল সেই বিষয়ে উল্লেখ কৰিছে।
স্বাধীনতাৰ পিছত ৰচনা কৰা এনে বিষয়ৰ গল্পত আমাৰ গল্পকাৰসকলে সমাজ-জীৱনত হোৱা দ্রুত পৰিৱৰ্তন, মুক্তিযোদ্ধাৰ দুখ-দুর্দশা, ত্যাগৰ পৰিৱৰ্তে ভোগ-লালসাৰ প্রতি আসক্ত হোৱা কাহিনীত গুৰুত্ব দিয়া দেখা যায়। তেনে গল্পৰ ভিতৰত ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ 'কলং আজিও বয়,' যোগেশ দাসৰ 'ঐ মাহৰ পোন্ধৰ', চন্দ্ৰপ্ৰসাদ শইকীয়াৰ, 'অথিৰ এহু সংসাৰ', 'অঙ্গীকাৰ' আৰু 'দহন' উল্লেখযোগ্য গল্প।
যোগেশ দাসৰ 'গিৰি গুহা মেছ' নামৰ এটা গল্পত বিপ্লৱী চৰিত্ৰ এটিৰ আভাস দিয়া হৈছে। চৈয়দ আব্দুল মালিকৰ 'দুখন ভৰি' আৰু কেবাটাও গল্পত স্বাধীনতা আন্দোলনৰ আংশিক চিত্র ফুটি উঠিছে। অসহযোগ আন্দোলনৰ পটভূমিত ৰচনা কৰা ভট্টাচাৰ্যৰ 'কলং আজিও বয়' এটি সুখপাঠ্য গল্প। এই গল্পত কলংপৰীয়া ৰাইজৰ স্বাধীনতা, স্পৃহা, আন্দোলনত খেতিয়ক ৰাইজে লোৱা ভূমিকা, খেতিয়কৰ সমদল-যাত্ৰা জীৱন্ত হৈ পৰিছে। গল্পকাৰৰ ভাষাত: কলিয়াবৰৰ খেতিয়ক ৰাইজৰ সমদলৰ কোবত কলঙৰ পাৰৰ ৰাজআলি কঁপি গ'ল। "স্বৰাজ আমাৰ জন্ম স্বত্ব", সাম্রাজ্যবাদ ধ্বংস হওক" আৰু "মহাত্মা গান্ধী কী জয়” আদিৰ কঁপনিত কলঙৰ বায়ুমণ্ডল নাচি উঠিল। কলঙৰ পাৰ বহুত দিনৰ মূৰত ৰণৰ ধ্বনিৰে মুখৰিত হ'ল। সেইদিনা কাৰো চৰুলৈ জুই নগ'ল; গাভৰুৰ কাষৰ কলহ কাষতে ৰ'ল; গৰখীয়াই গৰু বান্ধি লৰি আহিল; ৰাজআলিৰ কাষে কাষে ৰাইজৰ জুম। হৈ-ধ্বনি। নতুন ভাবত মনিছৰ মন-প্রাণ হেন্দোলি উঠিল। ঘৰৰ মানুহ আহি গাঁৱত মিলিল, গাঁৱৰ মানুহ আহি নগৰত মিলিল, আৰু নগৰৰ মানুহ জিলা-প্রদেশত মিহলি হৈ এক অপূর্ব জনসোঁতৰ সৃষ্টি কৰিলে।” দেশৰ স্বাধীনতা আন্দোলনৰ মহামন্ত্রই জনগণক এনেকৈয়ে উদ্বুদ্ধ কৰিছিল। পিছে স্বাধীনতা পোৱাৰ তিনি বছৰৰ পিছত বিশেষ কোনো পৰিৱৰ্তন নোহোৱাত সংগ্রামী জনতাৰ মোহ ভংগ হ'ল। গল্পটোত সেই কাহিনীও আছে।
অসমীয়া সৃষ্টিধর্মী সাহিত্যত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতিফলন এনেদৰেই প্রকাশ পাইছে। আন্দোলনৰ প্ৰত্যক্ষ বিৱৰণো ভালেসংখ্যক গ্রন্থত লিপিবদ্ধ কৰা হৈছে। এই গ্রন্থসমূহৰ ভিতৰত বিজয়চন্দ্ৰ ভাগৱতীৰ 'ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৰূপৰেখা', হৰেন্দ্ৰনাথ বৰুৱাৰ 'ভাৰতৰ মুক্তি যুদ্ধত অসম', মহাদেৱ শৰ্মাৰ 'স্বাধীনতা সংগ্ৰামত অসম', পদ্ম বৰঠাকুৰৰ 'স্বাধীনতা ৰণৰ সংস্পৰ্শত', দেৱেশ্বৰ দলৈ আৰু তিলেশ্বৰ বৰদলৈৰ সম্পাদনাত প্রকাশ পোৱা 'স্বাধীনতা সংগ্ৰামত যোৰহাট', বেণুধৰ কলিতাৰ 'বিয়াল্লিছৰ গণ বিল্পৱত নগাঁও' লক্ষ্মীধৰ বৰাৰ 'মুক্তিযুঁজৰ সোঁৱৰণ', 'কৃষ্ণ শৰ্মাৰ ডায়েৰী' আদি উল্লেখযোগ্য। সেইদৰে ব্রজনাথ শৰ্মাৰ 'বিপ্লবী', বেণুধৰ শৰ্মাৰ 'কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত', অমিয় কুমাৰ দাসৰ 'জীৱন-স্মৃতি', দেৱেশ্বৰ শৰ্মাৰ 'হেৰাই যোৱা দিনবোৰ', তৈয়বউল্লাৰ 'কাৰাগাৰৰ চিঠি', পূর্ণচন্দ্ৰ শৰ্মাৰ 'মোৰ অতীতৰ সোঁৱৰণী', মহদানন্দ দেৱগোস্বামীৰ 'ভাৰতৰ মুক্তিযুদ্ধত পাণবাৰীত ৰেলগাড়ী বগৰোৱাৰ ইতিবৃত্ত' আদি আত্মজীৱনীমূলক তথা সোঁৱৰণী গ্ৰন্থসমূহৰ পৰাও ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ বিষয়ে বহুখিনি কথা জানিব পাৰি।
স্বাধীনতা আন্দোলনৰ কেইগৰাকীমান বীৰাঙ্গনা
অসমীয়া জাতিৰ স্বাধীনতা স্পৃহা হাড়ে-মগজুৱে লগা বুলি ড° সূৰ্যকুমাৰ ভূঞাই তেওঁৰ হাদিৰাচকীৰ পৰা গণ পৰিষদলৈ নামৰ মূল্যৱান প্রবন্ধটিত অলেখ উদাহৰণৰ সৈতে দাঙি ধৰিছে। স্মৰণাতীত কালৰ পৰাই অসমীয়াই নিজ দেশৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজি আহিছে। অসমীয়া মহিলাসকলেও দেশৰ সন্মান ৰক্ষাৰ কাৰণে পুৰুষৰ সমানে অংশগ্রহণ কৰি আহিছে। মূলাগাভৰু, ৰমণী গাভৰু, নংব্লক গাভৰু, জয়মতী কুঁৱৰী আদি বীৰাঙ্গনাসকলে নিজস্ব বিক্ৰমেৰে আৰু দৃঢ়তাৰে সকলোকে তবধ মনাইছিল। সাধাৰণ অসমীয়া নাৰীয়েও দেশৰ সংকটৰ সময়ত হাত সাবটি বহি থকা নাছিল। মিঞ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা জয়ধ্বজ সিংহ যেতিয়া পলাই ফুৰিছিল তেতিয়া ৰজাক ধিক্কাৰ দি অসমীয়া পোহাৰীয়ে কৈছিল- 'স্বৰ্গদেউ, তুমি ৰং-আনন্দতহে মন দিলা। এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাটি দিলাহেঁতেন তোমাৰ কিয় এনে অৱস্থা হ'ব'।
মহাত্মা গান্ধীৰ দিনত হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনতো আমাৰ অসমীয়া মহিলাসকল কোনোগুণে পিছপৰি থকা নাছিল। মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, মুকুন্দ কাকতি, তিলক ডেকা, কমলা মিৰি, মদন বৰ্মন, বাউতা কছাৰী, সৰুৰাম দত্ত, দয়াল পাণিকা, লেৰেলা কছাৰী, মঙ্গল কুৰকু, মহীৰাম কোচ, কলাই কোচ, হেম বৰা আদি বীৰপুৰুষসকলৰ লগতে ভোগেশ্বৰী ফুকননী, কনকলতা ফুলেশ্বৰী, নুমলী দেৱী আদিয়ে দেশৰ কাৰণে প্রাণ আহুতি দিলে। তেওঁলোকৰ সাহস আৰু পৰাক্ৰম দেখি প্রবল প্রতাপী ব্রিটিছেও তবধ মানিছিল। কেইগৰাকীমান বীৰাঙ্গনা নাৰীয়ে তাৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই গৈছে এইকেইগৰাকীৰ ভিতৰত প্ৰথমে কনকলতাৰ নাম ল'বই লাগিব।
১৯৪২ চনৰ বিছ ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল ষোল্ল বছৰীয়া গাভৰু কনকলতাই। স্বাধীনতাৰ স্পৃহাই শৈশৱতে উদ্বুদ্ধ কৰি তোলা এটি অভিজাত পৰিয়ালৰ ছোৱালী আছিল। মাক-দেউতাকৰ প্ৰথম সন্তান কনকলতা সকলোৰে মৰমৰ আছিল। পৰিয়ালৰ মৰম-স্নেহে তেওঁৰ স্বাধীন মনক বান্ধি ৰাখিব পৰা নাছিল। সেইদিনা দৰং জিলাৰ বিভিন্ন ঠাইৰ লগতে গহপুৰতো সংঘবদ্ধ আৰু শান্তিপূর্ণভাৱে থানা অধিকাৰ কৰি লোৱাৰ সিদ্ধান্ত কৰা হৈছিল। এই উদ্দেশে কলংপুৰ, ব্রহ্মজান, হেলেম আদি মৌজাৰ মুনিহ-তিৰোতা আদিৰে এটি শক্তিশালী বাহিনী গঠন কৰা হৈছিল। বাহিনীটোৰ তিৰোতা দলৰ নেতৃত্ব লৈছিল বীৰাঙ্গনা কনকলতাই আৰু পুৰুষৰ দলৰ নেতৃত্ব লৈছিল বীৰ মুকুন্দ কাকতিয়ে।
বাহিনীটোৰ সকলোৰে আগত আছিল অসমৰ জোৱান ডার্ক কনকলতা আৰু তেওঁৰ পিছত শ শ গাভৰু। বাহিনীটোৰ একেবাৰে শেষত আছিল মুকুন্দ কাকতি। দলটোৱে এমাইল শোভাযাত্রা কৰি অৱশেষত গহপুৰ থানাত উপস্থিত হ'ল। কনকলতাই একমুহূৰ্তৰ ভিতৰতে থানাৰ দুৱাৰ মুকলি কৰি দিলে। লগে লগে সোমাই আহিল শ শ ডেকা-গাভৰু। ব্ৰিটিছৰ আজ্ঞাবাহী আমাৰ দেশৰ কৰ্মচাৰীসকলে জনতাক ছত্রভঙ্গৰ আদেশ দিলে আৰু বন্দুক দেখুৱাই ভয় দেখুৱালে। কনকলতা কিন্তু অলৰ-অচৰ হৈ ৰ'ল। বীৰাঙ্গনা নাৰীৰ দৰেই তেওঁ-'মোৰ কৰ্তব্য কৰিবই লাগিব' বুলি আগুৱাই গ'ল। লগে লগে গুরুম গুরুম শব্দ হ'ল। গাভৰু কনকলতাৰ তেজেৰে গহপুৰ থানা ৰাঙলী হ'ল। মুকুন্দই এই দৃশ্য দেখি থিৰেৰে থাকিব নোৱাৰিলে। সমবেত জনতাক মহাত্মা গান্ধীৰ সেই অমৰ বাণী 'কৰিম কিম্বা মৰিম'ৰে উদ্বুদ্ধ হ'বলৈ আহ্বান জনাই কনকলতাৰ হাতৰ পৰা পতাকাখন তুলি ল'বলৈ ধৰোঁতে তেৱোঁ নিধন হ'বলগীয়া হ'ল। এইখিনিতে মনত পৰে ঢেকীয়াজুলিৰ আন এগৰাকী ষোল্ল বছৰীয়া গাভৰু ফুলেশ্বৰীলৈ (কোনো কোনোৱে তিলেশ্বৰী বুলিও কয়)। ঢেকীয়াজুলিৰ সহস্ৰ জনতাই সেইদিনা ব্রিটিছক জনাই দিছিল-'স্বৰাজ! আমাৰ জন্মস্বত্ব- স্বাধীন ভাৰত কি জয়।' হেজাৰ হেজাৰ জনতাৰ ৰণচণ্ডী মূর্তি দেখি থানাৰ কৰ্মচাৰীয়ে ৰাইফলৰ ট্রিগাৰ টিপিলে। থানাত পতাকা আঁৰি অহা নির্ভীক মনবৰ মাটিত ঢলি পৰিল।
কৰঙনত গুলী লাগি ঢলি পৰা ফুলেশ্বৰীক কোনেও নজনাকৈ কেপ্টেইন ফিছ চাহাবে ক'লৈ লৈ গ'ল আজিও তাৰ উত্তৰ পোৱা নগ'ল। সেইদিনা ঢেকীয়াজুলিত কেইবাজনো শ্বহীদ হয় বুলি জনা যায়।
স্বাধীনতা আন্দোলত নগাঁৱৰ নাৰী সমাজেও গুৰুত্বপূর্ণ ভূমিকা লৈছিল। ১৯৪২ৰ ষোল্ল ছেপ্টেম্বৰৰ দিনা বৰহমপুৰ ৰিজাৰ্ভৰ কংগ্ৰেছ কাৰ্যালয়ত ভোজ খাবৰ কাৰণে ৰাইজ সমবেত হৈছিল। ব্ৰিটিছ চোৰাংছোৱাই সভা-শোভাযাত্ৰাৰ প্ৰস্তুতি
চলোৱা কথা জানিব পাৰি অতর্কিতে কংগ্ৰেছ কার্যালয় ঘেৰি পেলালে। তাতেই আছিল ৰত্না ফুকননী। চৈধ্য বছৰীয়া ছোৱালী ৰত্নাই মুক্তিৰ নিচান লৈ তাত অবিচলভাৱে ৰৈ থাকিল। ৰত্নাৰ কুমাৰী হাতৰ কোমল মুঠিৰ খামোচৰ পৰা লৈ পতাকাখন পুলিচে টনা-আঁজোৰা কৰি থকা দেখা পাই আইতাক ভোগেশ্বৰীয়ে সহ্য কৰিব নোৱাৰি পতাকা আঁৰা ফলীয়া বাঁহটোৰেই ধনঞ্জয় মাৰ শোধাই দিলে। লগে লগে ভোগেশ্বৰীৰ বুকুৰ মাজেদি গুলী সৰকি গ'ল। লক্ষ্মী হাজৰিকা, ঠগী সূত, বলোৰাম সূত ইয়াৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি যাওঁতে তেওঁলোকেও প্রাণ এৰিলে। বৰহমপুৰ বিজার্ভ এইকেইগৰাকী শ্বহীদৰ কেঁচা তেজেৰে তুমৰলি হ'ল।
স্বাধীনতা আন্দোলনত আৰু কেইবাগৰাকী মহিলাই অশেষ কষ্ট আৰু নির্যাতন
ভোগ কৰিছিল। তাৰ ভিতৰত তিনিগৰাকী মহীয়সী মাতৃৰ ত্যাগ আৰু কষ্টৰ কাহিনী বহু পলমকৈ আলোচনা হৈছে। ইয়াৰে চন্দ্রপ্রভা শইকীয়ানীক লৈ এতিয়া ভালদৰে চিন্তা-চর্চা হৈছে। যশস্বী লেখিকা নিৰুপমা বৰগোহাঞিয়ে শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচনা কৰা 'অভিযাত্রী' উপন্যাসখনে সাহিত্য অকাডেমি বঁটা অর্জন কৰিছে। পুষ্পলতা দাসৰ বহুমুখী প্রতিভাৰ আধাৰত এই লেখককে ধৰি কেইবাগৰাকী সাহিত্যিকে জীৱনীমূলক প্রবন্ধ ৰচনা কৰিছে। ও কটোন সেটিনের উচ
চন্দ্রপ্রভা শইকীয়ানীয়ে ১৯২১ চনতে অসহযোগ আন্দোলনত যোগ দি কাৰাবৰণ কৰে। ১৯২৯ চনত আইন অমান্য আন্দোলনত সক্রিয় অংশগ্রহণ কৰি প্ৰায় দুবছৰ জে'লত কটায়। তেওঁ তেতিয়াই চাইকেলত উঠি গাঁৱে-ভূঞে ঘূৰি মহিলাসকলক একত্ৰিত কৰি সংগঠন শক্তিশালী কৰি তুলিছিল। ১৯৩৯ চনৰ সত্যাগ্রহ আন্দোলনতো তেওঁ গুৰুত্বপূর্ণ ভূমিকা লৈছিল। ১৯৪২ চনৰ গণ আন্দোলনত সক্রিয় অংশগ্রহণ কৰাৰ কাৰণে তেওঁৰ ওপৰত পুলিচে লাঠীচালনা কৰে। অসম মহিলা সমিতিৰ জন্মদাতা চন্দ্রপ্রভা শইকীয়ানীয়ে অসমৰ মহিলাক নানা প্ৰকাৰে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি তুলিছিল-তেওঁৰ প্ৰেৰণাতে কেইবাগৰাকীয়েও সাহিত্য ৰচনা কৰি খ্যাতি আৰ্জিছিল। অসমৰ উন্নতিয়েই ভাৰতৰ উন্নতি। এয়ে আছিল তেওঁৰ ধ্যান-ধাৰণা। সেই আদর্শকে লৈ তেওঁ ওৰে জীৱন দেশৰ সেৱা কৰি গ'ল।
কলিয়াবৰৰ আন এগৰাকী মহিলা গুণেশ্বৰী দেৱী বৰঠাকুৰক ১৯৩০ চনৰ পৰা ১৯৪২ চনলৈ কেইবাবাৰো সাম্রাজ্যবাদীহঁতে জে'লত ভৰালে। আন্দোলনৰ কাৰ্যসূচী দ্রুতগতিত চলাই নিয়া এইগৰাকী নাৰীয়ে অসাধাৰণ দক্ষতাৰ পৰিচয় দিছিল। তেওঁৰ গিৰিয়েক গণেশ চন্দ্ৰ বৰঠাকুৰে ১৯২১ চনৰ পৰা তেওঁৰ নিজা ঘৰত কলিয়াবৰৰ কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰি ৫০০ জনতকৈ অধিক যুৱকক স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ দিছিল। কামৰূপ মহিলা সমিতিয়ে গুণীৰ গুণ বুজি এইগৰাকী মহিলাক ১৯৪৫ চনৰ দুই ছেপ্টেম্বৰত এখন ৰাজহুৱা সভাত সম্বর্ধনা জনাইছিল। এই লেখকৰ 'শ্রদ্ধেয় স্মৰণীয়' (প্রকাশন পৰিষদ ২০০৫) গ্রন্থত সন্নিবিষ্ট 'অসমৰ প্ৰথম মহিলা ৰাজনৈতিক বন্দী আৰু তেওঁৰ স্বামীৰ কাহিনী' প্রবন্ধত বাহুল্যকৈ আলোচনা কৰা হৈছে।
স্বাধীনতা আন্দোলনৰ আন এগৰাকী তেজস্বিনী মহিলা পুষ্পলতা দাসে এহাতেদি দেশপ্রেমমূলক প্রবন্ধ লিখি অসমীয়া মহিলাক জাতীয় চৈতন্যৰে জাগ্ৰত কৰিছিল। আনহাতে, '৪০ আৰু '৪২ চনৰ আন্দোলনত সক্রিয় অংশগ্রহণ কৰি মুঠতে ৩ বছৰ ৯ মাহ ৩০ দিনৰ কাৰাবাস খাটিছিল। স্বাধীনতা অৰ্জনৰ পিছতো তেওঁ অসমৰ জীৱন-মৰণৰ কেইবাটাও সমস্যাত আগভাগ লৈছিল আৰু ৰাজ্যসভাৰ সাংসদ হিছাপে অসাধাৰণ বাগ্মিতাৰে কেন্দ্ৰীয় চৰকাৰক যুক্তি-তথ্যৰে পতিয়ন নিয়াইছিল। তেওঁৰ স্বামী অমিয় কুমাৰ দাসেও আজীৱন দেশৰ সেৱাই কৰি গ'ল।
এই কেইগৰাকী মহিলাৰ উপৰি অসমৰ বিভিন্ন ঠাইত ভালেকেইগৰাকী মহিলাই স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্রহণ কৰি দেশপ্ৰেমৰ নিদর্শন দেখুৱাই থৈ গৈছে। কোনোৱে আন্দোলনত সক্রিয় অংশগ্রহণ কৰিব নোৱাৰিলেও দেশপ্রেমমূলক ৰচনাৰ মাজেৰেই অসমীয়া নাৰীক স্বাধীনতা অৰ্জনৰ কাৰণে হাতে-কামে লাগিবলৈ প্ৰেৰণা যোগাইছিল।
প্রাসংগিক গ্রন্থপঞ্জী:
(১) অসমীয়া নাট্য সাহিত্য, ড° সত্যেন্দ্রনাথ শর্মা
(২) অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি, ড° হৰিচন্দ্ৰ ভট্টচার্য
(৩) অসমীয়া উপন্যাসৰ ভূমিকা: ড° সত্যেন্দ্রনাথ শর্মা
(৪) মণিৰাম দেৱান: বেণুধৰ শৰ্মা
(৫) অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড) সম্পাদক-হোমেন বৰগোহাঞি
(৬) ভাৰতে জাতীয়তা ও আন্তজার্তিকতা এবং ৰবীন্দ্রনাথ: নেপাল মজুমদাৰ
(৭) Profiles of Gandhi-by Norman Causins.
মূল উৎসঃ আন্দোলন আলোচনী আৰু ব্যক্তি, উপেন্দ্ৰ বৰকটকী, অসম প্ৰকাশন পৰিষদ, ২০০৮, ডিচেম্বৰ

0 Comments