শেহতীয়াকৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেখেতৰ এটা ভাষণ প্ৰসংগত অসমীয়া ভাষা-সাহিত্যৰ ডিজিটেল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা বিস্তৃত ৰূপত উল্লেখ কৰিছে আৰু তাৰ পাছতেই নব্য মাধ্যমত বিষয়টো সম্পৰ্কে যথেষ্ট চৰ্চা হৈছে৷ অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথাটো উপলব্ধি কৰাটো আমাৰ সমাজ আৰু উচ্চ শিক্ষাৰ জগতখনৰ বাবেই ধনাত্মক খবৰ বুলি অনুভৱ কৰিছোঁ৷ লগতে আশা কৰিছোঁ যিহেতু তেখেতে বিষয়টোৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰিছেই, সেয়েহে আগন্তুক দিনত এই ক্ষেত্ৰত বিভিন্ন গতিশীল পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যখনক ডিজিটেল ক্ষেত্ৰখনত সমৃদ্ধ কৰিবলৈ তেখেতে উপযুক্ত কাৰ্যপন্থা গ্ৰহণ কৰিব আৰু চৰকাৰখনেও এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷
তেখেতে
বক্তৃতাটোত উল্লেখ কৰা বিভিন্ন প্ৰসংগৰ লগতে সাম্প্ৰতিক সময়ত ৱিকিমিডিয়া
প্ৰকল্পসমূহৰ গুৰুত্ব আৰু অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত ‘ৱিকি-ক্লাৱ’ গঠনৰ
কথাটো উল্লেখ কৰিছিল৷ সেই প্ৰসংগৰেই জেৰ টানি এই লেখাটোত অসমত ‘ৱিকি-ক্লাৱ’ গঠনৰ
ধাৰণাটোৰ কথা সবিস্তাৰে আলোচনা কৰিব বিচাৰিছোঁ৷ প্ৰসংগতে উল্লেখ কৰি থও যে— অসমত
কেইজনমান মুষ্টিময়ে সদস্যই অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত নিজৰ ইচ্ছা আৰু আগ্ৰহৰ
বাবে কাম কৰি আছে৷ এইক্ষেত্ৰত আমি দীৰ্ঘদিন ধৰি এই বিষয়টোৰ গুৰুত্ব আৰু প্ৰয়োজনীতা
সম্পৰ্কে অসমৰ ৰাইজক অৱগত কৰিবলৈ যত্ন কৰি আহিছোঁ৷ কিন্তু সেয়া তেনেই কম পৰিসৰত৷
২০০১ চনতে জন্ম লাভ কৰা ‘অসমীয়া ৱিকিপিডিয়া’ত আজি পৰ্যন্ত বহুকেইজন ব্যক্তিয়ে
নিৰৱে তথা একক প্ৰচেষ্টাত কাম কৰি আহিছে৷ তেওঁলোককো লেখাটোৰ প্ৰাৰম্ভতেই স্মৰণ
কৰিছোঁ৷ আক্ষেপৰ কথা, তেওঁলোকৰ বিষয়ে অসমৰ ৰাইজে নাজানেও
বা জনাৰ আগ্ৰহো প্ৰকাশ নকৰে৷ মুঠতে এই কামটোৰ সামাজিক গুৰুত্ব অসমত আজি পৰ্যন্ত
উপলব্ধি কৰিব পৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷ কিন্তু মোবাইলটো হাতত লৈ যিকোনো এটা
তথ্য বিচাৰিলে এই মানুহকেইজনে সংৰক্ষণ কৰি থৈ যোৱা তথ্যকেইটাই ইণ্টাৰনেটে প্ৰথমতেই
প্ৰদান কৰে৷ এনে প্ৰেক্ষাপটত শিক্ষামন্ত্ৰী গৰাকীয়ে
ভাষা-সাহিত্য-সংস্কৃতিৰ ডিজিটেলকৰণৰ গুৰুত্ব উপলব্ধি কৰাটো আমাৰ জাতিটোৰ বাবেই
ইতিবাচক খবৰ বুলি অনুভৱ কৰিছোঁ৷ পলমকৈ হ’লে যে চৰকাৰখনে বুজি উঠিছে!
অসমত
বিচৰাধৰণে সম্ভৱ হৈ নুঠিলেও আমি এই কথাটো নিশ্চয়কৈ জানো যে— একবিংশ শতিকাটোৰ প্ৰথম
দশকৰ পৰাই দেশ-ৰাজ্যৰ সকলো সাহিত্যিক-সাংস্কৃতিক তথা ভাষিক সমল ছপা মাধ্যমৰ
সমান্তৰালভাৱে ইণ্টাৰনেটৰ জৰিয়তে উপলব্ধ আৰু সংৰক্ষণ কৰাৰ একধৰণৰ প্ৰক্ৰিয়াৰ আৰম্ভ
হৈছে৷ এই ইণ্টাৰনেট সেৱাৰ সহজলভ্যতাৰ বাবেই আজিৰ তাৰিখত আমি এটাও পুথিভঁৰাল(Library)ত
কায়িকভাৱে উপস্থিত নোহোৱাকৈয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ, তথ্য, আলোকচিত্ৰ, নথি-পত্ৰ
আৰু গৱেষণাৰ সমলৰ সৈতে পৰিচয় হোৱাৰ সুবিধা লাভ কৰিছোঁ৷ ফলত জ্ঞান অৰ্জন আৰু ইয়াৰ
সংৰক্ষণৰ বিষয়টো বৰ্তমান কেৱল
শিক্ষানুষ্ঠান, পাঠ্যক্ৰমৰ বিষয় বা পুথিভঁৰালৰ মাজতেই
সীমাবদ্ধ হৈ থকা নাই; ই এক বৃহৎ ডিজিটেল পৰিসৰলৈ বিস্তৃত
হৈছে। নব্য মাধ্যমৰ সূচল প্ৰয়োগ আৰু সহজলভ্যতাই এই দিশবোৰলৈ ব্যাপক আৰু ক্ষিপ্ৰ
পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ ইয়াৰ সমান্তৰালভাৱে মুক্ত জ্ঞান (Open
Knowledge) আহৰণৰ ধাৰণাটোৰ আৰম্ভণি আৰু ইয়াৰ সংৰক্ষণৰ বিষয়টোও
বৰ্তমান সময়ত প্ৰাসংগিক আৰু সমান্তৰালভাৱে জনপ্ৰিয় হৈ উঠিছে৷ মুক্ত জ্ঞানৰ
বিদ্যায়তনিক আৰু সামাজিক প্ৰয়োজনীয়তাও দিনকদিনে বাঢ়ি আহিছে৷ এ.আই.ৰ বিকাশ আৰু
ইয়াৰ প্ৰসাৰৰ ফলত মুক্ত জ্ঞান আহৰণ আৰু মুক্ত জ্ঞান সংৰক্ষণৰ চাহিদাও বহুগুণে
বৃদ্ধি পাইছে।
মুক্ত
জ্ঞানৰ মূল উদ্দেশ্য হৈছে পৰম্পৰাগত বা ছপা মাধ্যমত সংৰক্ষিত হৈ থকা জ্ঞানক অধিক
সহজলভ্য, পুনৰ্ব্যৱহাৰযোগ্য আৰু সহযোগিতামূলকভাৱে সকলোৰে বাবে নিজা নিজা ভাষাত
উপলব্ধ কৰি তোলা। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগতে অন্যান্য ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহত
২০০১ চনৰ পৰা ৱিকিমিডিয়া প্ৰকল্পই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
ৱিকিমিডিয়াৰ
সামগ্ৰিক প্ৰকল্পসমূহ পৰিচালনা কৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ মূল লক্ষ্যলৈ চালেও
আমি দেখোঁ যে— বিশ্বৰ মানৱ সমাজক মুক্ত অনুজ্ঞাপত্ৰ
(Licence) বা সাৰ্বজনীন স্বত্ব (Public Domain)ৰ অধীনত বিশ্বকোষ এখনত থাকিব পৰা যিকোনো বিষয়বস্তুৰ সংগ্ৰহ, সংৰক্ষণ তথা বিশ্বৰ সমাজ-সাহিত্য-সংস্কৃতিক বিশ্বব্যাপী প্ৰসাৰ-প্ৰচাৰ
কৰোঁৱা আদি কামবোৰেই তেওঁলোকৰ প্ৰধান লক্ষ্য৷ এই মুক্ত জ্ঞানৰ অংশ হিচাপেই সমগ্ৰ
বিশ্বত ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্প ক্ৰমে— ৱিকিপিডিয়া, ৱিকিমিডিয়া
কমন্স, ৱিকিচৰ্চ, ৱিকিডাটা,
ৱিকিক’ড, ৱিকি বুকচ্ আদিৰ দৰে বিভিন্ন
প্ৰকল্পসমূহ গঢ় লৈ উঠিছে। প্ৰতিটো প্ৰকল্পৰ নিজস্ব উদ্দেশ্য আছে যদিও সকলোবোৰ
প্ৰকল্পৰে কেন্দ্ৰীয় লক্ষ্য হৈছে মুক্তভাৱে জ্ঞানৰ সৃষ্টি, সংৰক্ষণ আৰু সকলোৰে মাজত ইয়াৰ প্ৰসাৰ-প্ৰচাৰ কৰা৷
বিশ্বৰ
অন্যান্য প্ৰান্তৰ দৰে অসমৰ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস,
সাহিত্য, সংস্কৃতি আৰু লোকপৰম্পৰা আদি
বিষয়সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰতো এই ৱিকিমিডিয়া প্ৰকল্পসমূহৰ যথেষ্ট সম্ভাৱনা আৰু
প্ৰাসংগিকতা আছে। এই সম্ভাৱনা আৰু প্ৰাসংগিকতাক লক্ষ্য কৰি বিশ্বৰ অন্যান্য
প্ৰান্তত আৰম্ভ হোৱাৰ দৰে অসমৰ শিক্ষানুষ্ঠানসমূহতো এটা নতুন ধাৰণাৰ আৰম্ভ হোৱাৰ
যথেষ্ট প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ৷ সেইটো হ’ল— মহাবিদ্যালয় বা বিশ্ববিদ্যালয়
এখনক কেন্দ্ৰ কৰি একো একোটা ৱিকি-ক্লাৱ (Wiki Club) গঠন
কৰা।
কি
এই ৱিকি-ক্লাৱ?
এনে ক্লাৱ গঠন হ’লে আমাৰ কি লাভ হ’ব? ইয়াৰ
প্ৰয়োজনীয়তাই বা কি? বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহৰ
কোনবোৰ বিভাগ এই ক্লাৱৰ সৈতে সংযুক্ত হ’ব! এইধৰণৰ কথাবোৰেই আমাৰ এই আলোচনাটোত কৰিব
বিচৰা হৈছে৷
মুক্ত
জ্ঞানৰ মূল উদ্দেশ্য হৈছে সমাজ ব্যৱস্থাত এক সহজলভ্য জ্ঞান অৰ্জন পৰম্পৰা গঢ়ি
তোলা, য'ত যিকোনো ব্যক্তিয়ে যিকোনো ধৰণৰ জ্ঞান সহজে
লাভ কৰিব পাৰে, ইয়াৰ ব্যৱহাৰ কৰিব পাৰে, সংশোধন আৰু পুনৰ বিতৰণ কৰাৰ স্বাধীনতা লাভ কৰিব পাৰে। এই ধাৰণাক
বিশ্বজুৰি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে একবিংশ শতিকাৰ
প্ৰথমটো দশকৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
‘মুক্ত জ্ঞান’ বুলিলে আমি আইনী, প্ৰযুক্তিগত
আৰু আৰ্থিক বাধাৰ পৰা মুক্ত হৈ থকা জ্ঞানক বুজো। চমুকৈ ক’ব পাৰি, কোনো এটি জ্ঞান তেতিয়াহে মুক্ত বুলি গণ্য কৰা হ’ব, যেতিয়া সেই জ্ঞান যিকোনো ব্যক্তিয়ে কাৰো বাধা নোপোৱাকৈ ব্যৱহাৰ,
পৰিৱৰ্তন আৰু পুনৰ বিতৰণ কৰিব পাৰে।
অন্যহাতে
ৱিকিমিডিয়া ফাউণ্ডেশ্যন হৈছে— ৱিকিপিডিয়া আৰু অন্যান্য ৱিকিমিডিয়া প্ৰকল্পসমূহৰ
প্ৰযুক্তিগত আন্তঃগাঁথনি পৰিচালনা আৰু সুৰক্ষা কৰা এটা অলাভজনক সামাজিক
প্ৰতিষ্ঠান। ২০০৩ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াত এই সংস্থাটোৰ
প্ৰতিষ্ঠা কৰা হয়৷ সংস্থাটোৰ মূল উদ্দেশ্য হৈছে— ‘পৃথিৱীৰ
প্ৰতিজন মানুহক সকলো জ্ঞানৰ সমষ্টিত মুক্তভাৱে অংশগ্ৰহণ কৰাৰ ক্ষমতা আৰু সুযোগ
প্ৰদান কৰা।’ এই সংস্থাই বৰ্তমান সময়ত বিশ্বব্যাপী
স্বেচ্ছাসেৱী সদস্যসকলৰ সৈতে মিলি বহুতো মুক্ত জ্ঞান প্ৰদানৰ প্ৰকল্প পৰিচালনা কৰি
আহিছে। তদুপৰি এই ফাউণ্ডেশ্যনে প্ৰযুক্তিগত আন্তঃগাঁথনি, আইনী
সহায়, অনুদান আৰু বিভিন্ন সৰু বৰ ভাষা, জাতি, সম্প্ৰদায় আদিৰ বিকাশৰ ক্ষেত্ৰত নীতিগত
আৰু আইনী সমৰ্থন আগবঢ়ায় আহিছে।
এই
ফাউণ্ডেশ্যনৰ ৱেবচাইটত থকা তথ্য অনুসৰি ৱিকিমিডিয়াৰ বিষয়বস্তুৰ যিকোনো সম্পাদকীয়
সিদ্ধান্ত সংস্থাটোৱে অকলে গ্ৰহণ নকৰে; বিশ্বৰ বিভিন্ন
প্ৰান্তৰ স্বেচ্ছাসেৱী সম্পাদকৰ নীতি আৰু আলোচনাৰ মৰ্মেহে বিষয়বস্তুৰ সৃষ্টি,
সম্পাদনা, উৎস সংযোজন আৰু তাৰ
পৰ্যালোচনা কৰা হয়। ইয়াৰ ফলত ৱিকিমিডিয়া প্ৰকল্পসমূহ কেৱল এটা ৱেবছাইটৰ ব্যক্তিগত
সমল হৈ নাথাকি সমগ্ৰ বিশ্বৰ বাবেই প্ৰাসংগিক বিষয় হৈ পৰিছে৷ এই মুক্ত জ্ঞান প্ৰদান
আৰু সৃষ্টি আৰ্হিটোৰ আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে— ই জ্ঞানক গ্ৰহণ কৰাৰ
সমান্তৰালভাৱে মানুহক জ্ঞান সৃষ্টি আৰু সম্পাদনাৰ প্ৰক্ৰিয়াটোতো সমানে সমানে
অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই
দিশটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। সচেতন যিকোনো ব্যক্তিয়েই ৱিকিমিডিয়াৰ প্ৰকল্পসমূহত
সেৱা আগবঢ়াব পাৰে৷ কেৱল আগ্ৰহ আৰু ইচ্ছাহে ইয়াত মূল কথা৷
আজিৰ
তাৰিখত ইণ্টাৰনেটৰ
যিকোনো চাৰ্চ ইঞ্জিনে সৰ্বপ্ৰথম চাৰ্চ অপচন হিচাপে সদায় ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ তথ্যক অগ্ৰাধিকাৰ দিয়ে৷ গতিকে আমি অসমৰ দৰে ৰাজ্য বা
ৰাজ্যখনৰ বিভিন্ন সমলবোৰ এই মাধ্যমসমূহত সংৰক্ষণ কৰাটো সময়ৰ দাবী আৰু এই কামটো
সম্পন্ন কৰিব লাগিব উচ্চ শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলেই৷ তেনে প্ৰাসংগিকতাৰেই এই
লেখাটোত শিক্ষানুষ্ঠানসমূহত ‘ৱিকি-ক্লাৱ’ গঠন কৰি ইয়াৰ চৰ্চা আৰু সংৰক্ষণ কৰাৰ
ধাৰণাটো আগবঢ়োৱা হৈছে৷ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত যদি এনে ক্লাৱৰ জন্ম দিব
পৰা যায়, তেন্তে এনে ক্লাৱৰ জৰিয়তে মহাবিদ্যালয়
বিশ্ববিদ্যালয়সমূহত সম্পন্ন হোৱা গৱেষণা বা যিকোনো ঐতিহাসিক তথ্য, গুৰুত্বপূৰ্ণ লেখা, পুৰণি গ্ৰন্থ, আলোকচিত্ৰ, তথ্য আৰু সাংস্কৃতিক সম্পদসমূহৰ
উপযুক্ত ডিজিটেল সংৰক্ষণ কৰিব পৰা যাব আৰু অনুজ্ঞাপত্ৰ বা লাইচেঞ্চ, কপিৰাইট নীতি অনুসৰি মুক্ত জ্ঞানৰ পৰিসৰলৈ অনা সম্ভৱ হৈ পৰিব। তেতিয়া
এই সম্পদসমূহ জাতিটো আৰু ভাষাটোৰে উমৈহতীয়া সম্পদ হৈ পৰিব৷ এখন মহাবিদ্যালয় বা
বিশ্ববিদ্যালয়ে নিজৰ ৰাজ্যখনলৈ আগবঢ়াব পৰা এয়া কম অৱদান নহয়!
তদুপৰি
অসমৰ বিভিন্ন প্ৰাচীন আৰু কপিৰাইটমুক্ত পুথি, গ্ৰন্থ, আলোচনী,
সংবাদপত্ৰ, চিঠি-পত্ৰ, ব্যক্তিগত দলিল, আলোকচিত্ৰ আৰু অন্যান্য
সমলসমূহ আজি পৰ্যন্ত ডিজিটেল মাধ্যমত সংৰক্ষণ হোৱা নাই৷ অডিঅ’, ভিডিঅ’ মাধ্যমৰে লোককথা, সাধুকথা, লোকগীত, বিহুগীত, নিচুকনি
গীত, প্ৰবাদ-প্ৰবচন, সাঁথৰ,
আখ্যান, মিথ, কৃষি
আৰু পশুপালনকেন্দ্ৰিক পৰম্পৰাগত জ্ঞান, লোকবিশ্বাস,
উৎসৱ-পাৰ্বণ, নৃত্য, সংগীত আৰু বিভিন্ন সামাজিক আচাৰ-অনুষ্ঠানৰ
সংৰক্ষণ কৰাটো সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় কৰ্ম আছিল যদিও
অসমৰ দৰে ৰাজ্যত আমি এই কথাখিনি অনুধাৱন কৰিবই পৰা নাই৷ আমাৰ উচ্চ শিক্ষাৰ সৈতে
জড়িত বেছিভাগ ব্যক্তিয়েই এই নব্য মাধ্যমসমূহক লৈ তেনেই উদাসীন৷
বৰ্তমান
সময়ত ইণ্টাৰণেটত বা ৱিকিমিডিয়াৰ প্ৰকল্পসমূহত কেৱল যিকোনো এটা তথ্য কেৱল সংৰক্ষণ
কৰাই যথেষ্ট নহয়; সেই তথ্যটোক machine-readable বা
গাঁথনিগত ৰূপতো সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ‘ৱিকিডাটা’ (Wikidata)
প্ৰকল্পটোৰ জৰিয়তে এই কামটো সহজে সমাপন কৰিব পাৰি৷ অসমৰ
সমাজ-সাহিত্য-সংস্কৃতি, ঐতিহাসিক স্থান, শিক্ষানুষ্ঠান, গ্ৰন্থ, প্ৰকাশন, সাংস্কৃতিক অনুষ্ঠান আদি সম্পৰ্কীয়
তথ্য ৱিকিডাটাত সংযোজন কৰিলে সেই তথ্য ভৱিষ্যতৰ ডিজিটেল গৱেষণা, তথ্য-প্ৰযুক্তি আৰু অন্যান্য প্ৰাসংগিক কৰ্মতো ব্যৱহাৰযোগ্য হ’ব পাৰে।
মহাবিদ্যালয়
আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে ‘ৱিকি-ক্লাৱ’ গঠনৰ আন এটা গুৰুত্বপূৰ্ণ
সম্ভাৱনা হৈছে তেওঁলোকক বিদ্যায়তনিক গৱেষণাৰ প্ৰতি আকৰ্ষিত কৰা৷ উদাহৰণস্বৰূপে, কোনো
এজন শিক্ষাৰ্থীক অসমৰ এটা ঐতিহাসিক স্থানৰ বিষয়ে এটা প্ৰবন্ধ প্ৰস্তুত কৰিবলৈ দিলে
প্ৰথমে তেওঁ সেই স্থানটোৰ বিষয়ে গ্ৰন্থ, গৱেষণা-পত্ৰ,
চৰকাৰী নথিপত্ৰ, সংবাদপত্ৰ আৰু অন্যান্য
যিকোনো উৎস বিচাৰিব লাগিব। তাৰ পিছত তেওঁ তথ্যসমূহ পৰস্পৰৰ সৈতে মিলাই চাব,
ভুল তথ্য থাকিলে সেয়া বাদ দিব, প্ৰবন্ধটোত
উপযুক্ত উৎস উল্লেখ কৰিব আৰু তাৰ পিছত ৱিকিমিডিয়া প্ৰকল্পৰ উপযোগী হোৱাকৈ বিষয়টো
উপস্থাপন কৰিব। এই প্ৰক্ৰিয়াটো প্ৰকৃততে একধৰণৰ গৱেষণামূলক শিক্ষণৰ সৈতে জড়িত।
ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ তথ্য সংগ্ৰহৰ দক্ষতা, উৎস
নিৰ্বাচনৰ দক্ষতা, তথ্যৰ সত্যতা পৰীক্ষণ আৰু গৱেষণামূলক
লিখনৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ তদুপৰি তেওঁলোকে উদ্ধৃতি প্ৰদান, কপিৰাইট সচেতনতা, ডিজিটেল প্ৰকাশন আৰু
সহযোগিতামূলক কামৰ দক্ষতা সম্পৰ্কে অৱগত হ’ব৷
ডিজিটেল
যুগত তথ্যৰ অভাৱতকৈ তথ্যৰ অতিপ্ৰাচুৰ্যতা আৰু তাৰ সত্য-অসত্যই বহু সময়ত অধিক
সমস্যাৰ সৃষ্টি কৰে। ছ’চিয়েল মিডিয়া আৰু বিভিন্ন অনলাইন প্লেটফৰ্মত কোনো তথ্য
প্ৰকাশ পোৱাৰ অৰ্থ এইটো নহয় যে সেই তথ্য বিশ্বাসযোগ্য বা সিয়েই সত্য৷
‘ৱিকি-ক্লাৱ’ৰ জৰিয়তে এই বিষয়সমূহতো সজাগতা আনিব পাৰি৷ ৱিকিপিডিয়াৰ
দৰে সহযোগিতামূলক প্ৰকল্পসমূহত উৎস আৰু নিৰপেক্ষ উপস্থাপনৰ ওপৰত অধিক গুৰুত্ব
দিয়াৰ কাৰণে শিক্ষাৰ্থীসকলে তথ্যৰ উৎস সম্পৰ্কে অধিক সজাগ হোৱাৰ সুযোগ লাভ কৰিব।
অসমৰ
সাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবেও এই ৱিকি-ক্লাৱসমূহে বিশেষ কিছুমান পদক্ষেপ
গ্ৰহণ কৰিব পাৰে৷ বিভিন্ন জনগোষ্ঠীৰ লোকগীত, লোককথা, কৃষি-সংস্কৃতি,
পৰম্পৰাগত জ্ঞান, সাজ-পোছাক, অলঙ্কাৰ, খাদ্য, উৎসৱ,
বাদ্যযন্ত্ৰ, স্থাপত্য, লোকশিল্প আৰু মৌখিক ইতিহাস আদি বিষয়বোৰ নথিভুক্ত কৰাৰ কাম
শিক্ষাৰ্থীসকলে কৰিব পাৰে৷ বিশেষকৈ অডিঅ’ আৰু ভিডিঅ’ সমলৰ ক্ষেত্ৰত ‘ৱিকিমিডিয়া
কমন্স’ এটি গুৰুত্বপূৰ্ণ মাধ্যম।
মহাবিদ্যালয়
বা বিশ্ববিদ্যালয়সমূহত ৱিকি-ক্লাৱ স্থাপন কৰাৰ ক্ষেত্ৰত সাহিত্যৰ বিভাগসমূহে আগভাগ
ল’ব পাৰে৷ তদুপৰি ইতিহাস, নৃতত্ত্ব, সমাজবিজ্ঞান,
ৰাজনীতি বিজ্ঞান, সাংবাদিকতা, তথ্য-প্ৰযুক্তি, ভূগোল, পৰিৱেশ বিজ্ঞান, পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
আদি বিষয়ৰ শিক্ষাৰ্থীসকলেও নিজ নিজ বিষয় অনুসৰি ‘ৱিকিমিডিয়া প্ৰকল্প’ সমূহত কাম
কৰিব পাৰে৷ এইক্ষেত্ৰত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহে নিজ নিজ পৰিৱেশ অনুসৰি
আৱশ্যকীয় কাঠামো নিৰ্ধাৰণ কৰিব পাৰে।
সাধাৰণতে
এনে ক্লাৱত এজন বা দুজন শিক্ষক উপদেষ্টা, এজন সমন্বয়ক আৰু শিক্ষাৰ্থীৰে গঠিত
এটা কাৰ্যকৰী গোট থকা ভাল৷ বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ
সমান্তৰালভাৱে গৱেষকসকলো এই ‘ৱিকি-ক্লাৱ’ৰ অংশ হ’ব পাৰে আৰু তেওঁলোকেও নতুন
গৱেষণামূলক বিষয়, উৎস আৰু ডিজিটেল সমল সংৰক্ষণ কৰিব পাৰে৷
অসমত
ৱিকি-ক্লাৱ গঠন কৰা কাৰ্যটো বিদ্যায়তনিকভাৱে আৰু পাঠ্যক্ৰমৰ অংশ হিচাপেই চিহ্নিত
কৰিব পাৰি৷ শিক্ষাৰ্থীসকলক চেমিনাৰ, গৃহকাৰ্য কৰিবলৈ দিয়াৰ সমান্তৰালভাৱে
এনেধৰণৰ মাধ্যমসমূহত তথ্য সংৰক্ষণ কৰিবলৈ দিও তাৰ বাবে প্ৰয়োজনীয় নম্বৰ প্ৰদান
কৰিব পাৰি৷ সেইদৰে মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰে এই ক্লাৱ গঠনৰ বিষয়টো কোনো
সাময়িক ডিজিটেল সম্প্ৰসাৰণৰ ক্ষন্তেকীয়া কাৰ্যসূচী হিচাপে নলৈ ইয়াক মুক্ত জ্ঞান,
ডিজিটেল শিক্ষা, গৱেষণা আৰু সাংস্কৃতিক
সংৰক্ষণৰ এক দীৰ্ঘম্যাদী উদ্যোগ হিচাপে বিবেচনা কৰা উচিত। এই ক্লাৱৰ জৰিয়তে
একোখনকৈ ই-আলোচনী, এটা সামূহিক ব্লগ আদিও প্ৰকাশ কৰিব পৰা
যায়। এনে কৰিলে ইণ্টাৰনেটত অসমীয়া ভাষাত অধিক সমল সংৰক্ষণ হ’ব।
অসমীয়া
ভাষাৰ ডিজিটেল সমল বৃদ্ধি, অসমৰ স্থানীয় ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ
আৰু নথিভুক্তকৰণ আৰু নতুন প্ৰজন্মক মুক্ত জ্ঞানৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত
সাম্প্ৰতিক সময়ত ‘ৱিকি-ক্লাৱ’ গঠন কৰি তাৰ জৰিয়তে কাম কৰাটো এক ফলপ্ৰসূ আৰু
ইতিবাচক কাৰ্য হ’ব পাৰে। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহে যদি এই প্ৰচেষ্টাটোক
উৎসাহিত কৰে আৰু শিক্ষাৰ্থীসকলক সংগঠিতভাৱে অংশগ্ৰহণৰ সুযোগ দিয়ে, তেন্তে অসমৰ জ্ঞান আৰু তথ্যসমূহক ডিজিটেল
পৃথিৱীত অধিক সুসংগঠিতভাৱে উপস্থাপন কৰাৰ এক নতুন ক্ষেত্ৰৰ বাট মুকলি হ’ব। মই ভাবো এই সচেতনতা অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ
সোনকালেই আহক আৰু অসমত প্ৰকৃত অৰ্থতেই হাতে-কামে ডিজিটেল যুগৰ শুভাৰম্ভ হওক।
লেখকৰ ঠিকনাঃ ড° ভাস্কৰ ভূঞা, সহকাৰী অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়

0 Comments