সাম্প্ৰতিক সময়ত জাতি, জাতীয়তাবাদ আদি বিষয়বোৰ সম্পৰ্কে আলাপ-আলোচনা কৰাটো অত্যন্ত জটিল৷ কিন্তু জাতি সম্পৰ্কে যিমানবোৰ তাত্ত্বিক ব্যাখ্যা-বিশ্লেষণ হৈছে তাৰ ভিত্তিত এই কথা নিশ্চিত যে জাতি এটাৰ বুনিয়াদ গঢ় লৈ উঠাৰ বাবে সংহতি অপৰিহাৰ্য৷ স্বেচ্ছামূলকভাৱে সংগঠিত হোৱাৰ প্ৰৱণতাৰ পৰাই এটা জনগোট গঢ় লৈ উঠে৷ মানুহৰ জীৱনৰ বিভিন্ন দিশ আঁকোৱালি ল’ব পৰা এক নিবিড় বন্ধন– জীৱনযাত্ৰা, ভাষা আদিৰ মাজেৰে যিটো মূৰ্ত হৈ উঠে, সেই বন্ধনেই এটা জাতিৰ বুনিয়াদ গঢ়ি তোলে৷ এনেবোৰ ভিত্তি বা বুনিয়াদৰ ওপৰতে আধুনিক সময়ত একো একোটা জাতিয়ে মূৰ দাঙি উঠিছে৷ অসমতো ব্ৰিটিছ সাম্ৰাজ্যবাদী অৰ্থনীতি আৰু প্ৰশাসনৰ ছায়াত জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষ হয়৷
ব্ৰিটিছ অহাৰ আগতে জাতিৰ ধাৰণাটো স্পষ্ট জহ উঠা হলে আজি আমি যি অসম দেশ আৰু অসমীয়া জাতিৰ কথা উল্লেখ কৰোঁ তাৰ ভিতৰত ৰংপুৰ, কোচ-বেহাৰ, জলপাইগুৰি, ময়মনসিং আৰু শ্ৰীহট্ট অঞ্চলৰ কিছু অংশ আৰু তাৰ বাসিন্দা সকলো সোমাই পৰিলহেঁতেন৷ কাৰণ এটা সময়ত কামৰূপৰ সীমা কৰতোৱালৈকে বিস্তৃত আছিল আৰু আহোমৰ ৰাজত্বকালতো বঙালক কৰতোৱালৈকে খেদা হৈছিল৷ ব্ৰিটিছ অহাৰ পিছত হোৱা বিভাজন অনুসৰি একে বৈশিষ্ট হোৱা সত্ত্বেও গোৱালপাৰাৰ অধিবাসীসকল অসমীয়া আৰু ৰংপুৰ বা কোচ-বেহাৰৰ বাসিন্দাসকল বঙালী জাতিৰ মাজত সোমাই পৰিল৷ কৃষ্টি, সংস্কৃতি আদি বহু পৰিমাণে একে হোৱা সত্ত্বেও দুইখিনি মানুহ বৰ্ত্তমানে দুটা পৃথক জাতিৰ সভ্য৷ সেয়েহে তাহানিৰ আহোম প্ৰশাসনে চুই যোৱা সকলো অঞ্চলৰ বাসিন্দাই যে আধুনিক অৰ্থত অসমীয়া তেনে নহয়৷ গতিকে আহোমৰ দিনতে অসমীয়া জাতি গঢ় লৈছিল বুলি ভাবিব নোৱাৰি৷ কিন্তু এইটো ঠিক যে পুঁজিবাদে গঢ় লৈ নুঠিলেও আহোম ৰাষ্ট্ৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া ব্ৰিটিছ অহাৰ আগতেই আৰম্ভ হৈছিল৷ লগে লগে এই কথা স্বীকাৰ্য যে আহোম সামন্ত ৰাষ্ট্ৰৰ কেতবোৰ দিশে বিভিন্ন দন- খৰিয়াল সত্ত্বেও এক বুজাপৰাৰ মনোভাব গঢ়ি তুলিছিল৷ দীৰ্ঘদিনৰ ৰাজনৈতিক স্থায়ীত্বয়ো সংহতিৰ এই মনোভাব অধিক দৃঢ় কৰিছিল৷ এই সংহতিয়ে এক স্থায়ী সম্প্ৰদায় গঢ়িব নোৱাৰিলেও যে তাৰ ভেঁটি বান্ধিছিল তাক আমি অস্বীকাৰ কৰিব নোৱাৰো৷ অৱশ্যে নামনি অসমত এই প্ৰক্ৰিয়াই কোঁচ ৰাজশক্তিৰ ছত্ৰছায়াতে বিকাশ লাভ কৰিছিল৷ কিন্তু পৰিশেষত নামনি অসমকো আহোম ৰাজতন্ত্ৰই সামৰি লয় আৰু এই প্ৰক্ৰিয়াক অধিক সংহত কৰি তোলে৷
অসমৰ ৰাজনৈতিক ইতিহাসে দেখুৱাই যে ভালেমান জনগোষ্ঠীয় ৰজা বা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য থাকিলেও অসমখনক সামগ্ৰিকভাৱে একত্ৰিত কৰিছিল আহোম ৰাজতন্ত্ৰই৷ ছশ বছৰীয়া শাসনৰ দীঘলীয়া ইতিহাসৰ মাজেৰে তেওঁলোকে যিটো অঞ্চলত এক সাধাৰণ সংস্কৃতি (Common Culture) গঢ়ি তুলিছিল – ভাষা-জীৱনযাত্ৰা ইত্যাদিক লৈ সেই অঞ্চলটোৰ কিছু অংশ এৰা-ধৰা কৰি পৰৱৰ্তী সময়ত অসম নামৰ ভূখণ্ড তথা ৰাজনৈতিক পৰিচয় এটাই গা কৰি উঠিছিল৷ তাৰ ভিত্তিতেই স্বাধীনতাৰ পিছত অসমে ভাৰত গণৰাজ্যৰ অধীনৰ এখন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে৷
অসমৰ ভাষিক দিশটোলৈ লক্ষ্য কৰিলে [যিটো জাতি এটাৰ বাবে অত্যন্ত জৰুৰী] আমি কেৱল দেখিম যে চৰ্যাপদৰ দিনৰ পৰাই এই ভাষাৰ এক লিখিত নিদৰ্শন আছে৷ অৱশ্যে চৰ্যাপদৰো আগৰ শিলালিপিৰ মাজতো অসমীয়া ভাষাৰ স্বকীয় চানেকি স্পষ্ট হৈ আছে৷ চৰ্যাপদ বঙালী সাহিত্যৰো অতি পুৰণি লিখিত নিদৰ্শন৷ পণ্ডিতসকলে চৰ্যাপদৰ মাজত অসমীয়া বাংলা দুয়োটা ভাষাৰে বৈশিষ্ট্য থকা বুলি মত প্ৰকাশ কৰিছে আৰু এইটোও কৈছে যে অসমীয়া আৰু বাংলা যিহেতু একেটা উৎসৰ পৰাই আহিছে এতেকে চৰ্যাপদত দুয়োটা ভাষাই স্বতন্ত্ৰ ৰূপ পোৱাৰ আগৰ সময়খিনিত ভাষাৰ চানেকি প্ৰতিফলিত হৈছে৷ সেই ফালৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ সৈতে বাংলা ভাষাৰ সম্পৰ্ক অতি নিবিড়৷ আনহাতে সাহিত্যৰ ৰূপ, ৰস, অলংকাৰ আৰু তত্ত্বৰ ক্ষেত্ৰটো অসমীয়া, বাংলা, উড়িয়া সাহিত্যই সৰ্বভাৰতীয় ধাৰাটোৰ পৰাই সাৰ-পানী গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত পাশ্চাত্য সাহিত্যৰ প্ৰভাৱপুষ্ট হৈ আগুৱাই গৈছে৷ কিন্তু অসমীয়া ভাষাৰ গঠন প্ৰণালীত অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষিক উপাদানবোৰ এনেদৰে সোমাই পৰিছে যে সংস্কৃতমূলীয় হ’লেও অসমীয়া ভাষাটোৰ বহুতো দিশ আন সংস্কৃতমূলীয় ভাষাৰ সৈতে একে নহয়৷ অসমীয়া ভাষাৰ এই ৰূপবোৰে ভাষাটোক এক স্বতন্ত্ৰ মৰ্যাদা দিয়াই নহয়, ইয়াক অসমৰ বিভিন্ন জনগোষ্ঠীৰ উমৈহতীয়া ভাষা হিচাপেও প্ৰতিষ্ঠা কৰিছে৷ ফলস্বৰূপে অসমীয়া ভাষাক কেন্দ্ৰ কৰি অসমীয়া জাতিৰ ভেটি গঢ় লৈ উঠিছে আৰু অসমীয়া জাতীয়তাও নিজস্ব পৰিচয়েৰে সমৃদ্ধ হৈ পৰিছে৷ উল্লেখনীয় যে এটা সময়ত (স্বাধীনতা আন্দোলনকালীন বা তাৰ পিছৰো ৰাজ্য গঠনৰ সময়লৈকে) অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়েই অসমীয়া ভাষাক নিজৰ বুলি গ্ৰহণ কৰিছিল আৰু সেই ভাষাতেই সাহিত্য-সংস্কৃতি চৰ্চা কৰিছিল৷ অৰুণাচল, নাগালেণ্ডত অসমীয়া ভাষাৰ আলমতে অৰুণামিজ আৰু নাগামিজ ভাষাই গঢ় লৈছিল৷ অৰুণাচলৰ লোকসকলেও অসমীয়া ভাষাত উৎকৃষ্ট সাহিত্য ৰচনা কৰি সাহিত্য অকাডেমি পৰ্যন্ত লাভ কৰিছিল৷ আনকি আজিও অৰুণাচল চৰকাৰে অসমীয়াক তৃতীয় ভাষা হিচাপে গ্ৰহণ কৰিছে৷ কেন্দ্ৰৰ ভুল নীতি আৰু অসমীয়া উগ্ৰ জাতীয়তাবাদীসকলৰ সংকোচনশীল মনোভাবৰ বাবেই আজি অসমীয়া ভাষাৰ পৰিসীমাৰ পৰা জনজাতীয় লোকসকল লাহে লাহে আঁতৰি যাবলৈ ধৰিছে৷ তথাপিও অসমীয়া ভাষাই বৰ্তমানলৈকে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এক সংযোগ সেঁতু হিচাপেই কাম কৰি আছে আৰু অসমীয়া জাতিৰ সম্প্ৰীতিৰ ভাবনাক ত্বৰান্বিত কৰি ৰাখিছে৷
অসমৰ জনগাঁথনিও নানাৰঙী৷ অসমলৈ বিভিন্ন সময়ত বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে বা স্থানান্তৰ হৈ আহি বহুতে ইয়াত থিতাপি লৈছেহি আৰু অসমীয়া জনজীৱনক চহকী কৰিছে৷ নৃতাত্ত্বিকভাৱেও অসমত বিভিন্ন গোষ্ঠীৰ লোক আছে৷ নৃতাত্ত্বিক হেডনে কছাৰী, কুকি, খাচি আদি লোকৰ মাজত প্ৰাক্ অষ্ট্ৰলইড উপাদান আছে বুলিছিল৷ পিছে নৃতাত্ত্বিক ভূৱন মোহন দাসে অসমত অষ্ট্ৰেলীয় জনসমষ্টি নাই বুলিছে আৰু ভাষিকভাৱে অষ্ট্ৰিক খাচি সকলো নৃতাত্ত্বিকভাৱে মংগোলীয় বুলি মত প্ৰকাশ কৰিছে৷ অসমত বসবাস কৰা চাহ বাগিছাৰ বনুৱাসকলৰ বহুতৰে মাজত অৱশ্যে অষ্ট্ৰিক উপাদান আছে৷ ঐতিহাসিক কনকলাল বৰুৱাই নৰকাসুৰক ভূমধ্যসাগৰীয় অৰ্থাৎ ককেচীয় লোক বুলিছে৷ ককেচীয়সকলৰ আলপাইন-আৰ্মেনীয়, ইৰান-চিথীয় আৰু ইণ্ডো আৰ্যসকলৰ অসমলৈ আগমন ঘটিছিল৷ আনহাতে অসমৰ আটাইতকৈ শক্তিশালী নৃগোষ্ঠীটো হ’ল কিৰাত বা মংগোলীয়সকল৷ নৃতাত্ত্বিক বিৰজাশংকৰ গুহ ডাঙৰীয়াই ভাৰতৰ লোকসলৰ বাবে যিখন নৃগোষ্ঠীয় তালিকা বা প্ৰজাতিকৰণ প্ৰস্তুত কৰিছিল তাৰে বেছিভাগ গোটেই অসমত দেখা পোৱা যায়৷ সেইফালৰ পৰাও অসমৰ জনগাঁথনিত এক সমন্বয়ৰ ছবি স্পষ্ট হৈ আছে আৰু এক অৰ্থত অসমখনক ভাৰতবৰ্ষৰ এক ক্ষুদ্ৰ তাঙৰণেই বুলিব পাৰি৷
অসমৰ এই লোকসকলৰ মাজত বিভিন্ন ধৰণৰ ধৰ্মীয় বিশ্বাস আছে৷ শাক্ত, শৈৱ দুয়োটা ধাৰাই অসমত শক্তিশালী ৰূপত চলিছিল আৰু বৌদ্ধ ধৰ্মৰো ক্ষীণ সুঁতি এটা ইয়াত প্ৰবাহিত হৈছিল৷ হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে তাত্ত্বিক ধাৰাটোৰ এটা প্ৰভাৱো অসমত আছে৷ অৱশ্যে নৱবৈষ্ণৱ আন্দোলনৰ বীজ কঢ়িয়াই আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত যি ধৰ্মীয় পৰম্পৰাৰ সৃষ্টি কৰিছিল সেই ধাৰাটোৱেই অসমৰ সমাজ-জীৱনৰ আটাইতকৈ ব্যাপক আৰু প্ৰভাৱশালী ধাৰা৷ আহোম ৰাজত্বৰ সময়ৰ পৰাই ইছলাম ধৰ্ময়ো অসমত খোপনি পুতিছে৷ অসমত থকা অন্যান্য জনগোষ্ঠীসমূহৰ নিজা নিজা ধৰ্মীয় বিশ্বাস আছে যদিও বেছিভাগেই হিন্দু ধৰ্মৰ বিশাল পৰিধিৰ ভিতৰত সোমাই আছে৷ আনহাতে অসমৰ প্ৰায়বোৰ জনজাতীয় সমাজতে শংকৰী ধৰ্মৰো এক প্ৰভাৱ আছে আৰু বহু জনজাতীয় লোকে নিজৰ আদিম ধৰ্মীয় নীতি এৰি মহাপুৰুষীয়া বা শংকৰী ধৰ্মমত গ্ৰহণ কৰিছে৷ ইংৰাজসকল অহাৰ পিছত খ্ৰীষ্টান ধৰ্ময়ো ভালেমান লোকক প্ৰভাৱিত কৰিছে৷ এই নানা ভাষাই অসমৰ সমাজ-জীৱনক সংকীৰ্ণ কৰা নাই, বৰং এক উদাৰ মানৱীয় দৃষ্টিৰে সমাজ এখনত সকলো জীয়াই থকাৰ এটা পৰিৱেশ ৰচনা কৰিবলৈহে উৎসাহিত কৰিছে৷ সেই ফালৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ধৰ্মীয় সংঘাতে ভয়াৱহ ৰূপ লৈ যিদৰে সমাজ জীৱনক বাৰে বাৰে আক্ৰান্ত কৰিছে তেনে ধৰণৰ ইতিহাস অসমত নাই৷ শেহতীয়া সময়বোৰত কেন্দ্ৰৰ অতিকেন্দ্ৰিক নীতিৰ প্ৰতাপত অসন্তুষ্ট জনগোষ্ঠীসমূহৰ আত্মপ্ৰতিষ্ঠাৰ সংঘাতে কেতবোৰ সংঘাতৰ সৃষ্টি কৰিলেও সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱন শান্তিপূৰ্ণ বুলিব পাৰি৷
আচলতে বহুভাষিক আৰু বহুসাংস্কৃতিক চৰিত্ৰ ভাৰতীয় জনজীৱনৰ এক এৰাব নোৱাৰা বৈশিষ্ট্য৷ সাম্প্ৰতিক সময়ত এনে বহুভাষিক, বহুসাংস্কৃতিক অৱস্থা এটা এখন আধুনিক ৰাষ্ট˜ৰ বাবে অতি প্ৰয়োজনীয় হোৱা সত্ত্বেও বহুতে ইয়াৰ বিৰোধিতা কৰে আৰু ই এখন সমৃদ্ধ, প্ৰভাৱশালী ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াকে বাধাগ্ৰস্ত কৰে বুলিও বিশ্বাস কৰে৷ আনকি আব্ৰাহম লিংকনৰ দৰে লোকেই এই বহুত্ববাদক ৰাষ্ট্ৰৰ বাবে মংগলজনক নহয় বুলি ভাবে৷ পৃথিৱীৰ ৰাজনৈতিক তথা সামাজিক চিন্তাৰ জগতত, এই লৈ যি ধৰণৰ মতবাদ বা বিশ্বাসেই নাথাকক কিয় ভাৰতবৰ্ষ বা অসমৰ জনগাঁথনি বা সামাজিক ভিত্তিয়েই এনেধৰণৰ যে এক বহুত্ববাদী ধাৰণাক অস্বীকাৰ কৰি আমি এখোজো আগুৱাব নোৱাৰিম এই কথা সঠিকভাৱে বুজিছিল বাবেই শক্তিশালী আহোমসকলে যুদ্ধ কৰি অসমখন দখল কৰিছিল যদিও আগতে থকা বাসিন্দাসকলৰ ওপৰত নিজৰ কৃষ্টি, সংস্কৃতি-ভাষা আদি জাপি দিয়া নাছিল৷ বৰং অসমৰ সকলো জনগোষ্ঠীৰে উমৈহতীয়া ভাষা অসমীয়া ভাষাক তেওঁলোকে গ্ৰহণ কৰিছিল, হিন্দু ধৰ্মৰ লগতে বৈষ্ণৱ মতাদৰ্শকো যথাযোগ্য সন্মান দিছিল আৰু জনগোষ্ঠীসমূহৰ নিজা শাসন ব্যৱস্থা, সংস্কৃতি আদি এনেদৰে বৰ্তি থাকক বুলি বিভিন্ন ক্ষুদ্ৰ ৰাজ্যবোৰক স্বীকৃতি দিছিল৷ ৰজা পোৱালি বা স্বায়ত্তশাসিত এনে বহু অঞ্চল আহোম ৰাজ্যৰ ভিতৰুৱা আছিল৷ আহোমৰ শাসনতন্ত্ৰত এই বহুত্ববাদী সমাজখনক বুজাৰ আৰু সেই হিচাপে চলিবলৈ চেষ্টা কৰাৰ অনেক উদাহৰণ আছে৷ সমাজৰ অভ্যন্তৰত প্ৰৱাহিত হৈ থকা এই চাৰিত্ৰিক বৈশিষ্ট্যক সঠিকভাৱে অনুধাৱন কৰি অসমৰ সমাজ জীৱনটোক আগুৱাই নিবলৈ বিভিন্ন মনীষীয়ে উল্লেখনীয় অৱদান আগবঢ়াইছে৷ অসমৰ সামাজিক জীৱনৰ সমন্বয়ৰ আলোচনাত আমি তেৰাসৱৰ কৃতিৰো এক লেখ লোৱা উচিত৷
প্ৰথমে অসমৰ সমাজ-জীৱনক সৰ্বাত্মকভাৱে প্ৰভাৱিত কৰি ৰখা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ বিষয়ে আলোচনা কৰিব পাৰি৷ শংকৰদেৱক যদিও এগৰাকী ধৰ্ম প্ৰচাৰক হিচাপেই মূল্যায়ন কৰা হয় তথাপি এই কথা উল্লেখ কৰিব লাগিব যে শংকৰদেৱৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত নিৰ্মিত এক উদাৰ আৰু অগ্ৰগামী চিন্তাৰ বাহক, যি যাগ-যজ্ঞৰ দৰে খৰচী অনুষ্ঠান; ব্ৰাহ্মণ্যবাদৰ কঠোৰ অনুশাসন আৰু জাতিভেদ তথা তন্ত্ৰৰ বীভৎসতাৰ বিপৰীতে এক নতুন সমাজচেতনাৰ জন্ম দিছিল৷ কিন্তু শংকৰদেৱে প্ৰাচীন পৰম্পৰাৰ সকলো বস্তু দলিয়াই পেলোৱা নাছিল, বৰং বহু প্ৰয়োজনীয় বিষয়ত তেওঁ যথাযোগ্য শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল৷ যেনে তেওঁ বিষ্ণুৰ লগত শিৱকো সমানে গুৰুত্ব দিছিল৷ সেয়েহে এই ধৰ্মমতে সৃষ্টি কৰা নতুন সামাজিক উত্থানটোৰ বিপৰীতে থিয় দিয়াসকলেও ইয়াৰ দৰ্শন বা চিন্তাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিছিল৷
শংকৰদেৱ প্ৰদৰ্শিত ধৰ্মৰ ক্ষেত্ৰত এক অতি উল্লেখনীয় দিশ হ’ল–তেওঁ এক সিদ্ধান্ত সজাই লৈ বা কাৰোবাৰ পৰা গ্ৰহণ কৰি সেই আৰ্হিৰে পথ দেখুৱাৰ পৰিকল্পনা কৰা নাছিল৷ বৰঞ্চ সেই সময়ৰ সামাজিক দ্বন্দ্বসমূহৰ ফলস্বৰূপে তেওঁৰ চিন্তাভাবনা বা কাম-কাজৰ তচৗপাশে সমবেত তহাৱা ৰাইজক তনতৃত্ব দিবলৈ জগ প্ৰচলিত চিন্তাভাবনা আৰু তীৰ্থভ্ৰমণ তথা অধ্যয়নৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ সাঁচত দি ততওঁৰ ধম¹য় তত্ত্ব গঢ়ি তুলিছিল৷ কৃষক তশ্ৰণীটোক বুকুৰ মাজত সুমুৱাই শান্তি-সম্প্ৰীতিৰ মাজেৰে সামাজিক তনতৃত্ব শক্তিশালী কৰি ততালাই উত্তম উপায় হিচাপে শংকৰদেৱে উপলব্ধি কৰিছিল আৰু সেই দিশলৈ নিজৰ চিন্তা আৰু কৰ্মক প্ৰসাৰিত কৰিছিল৷ তসয়েহে ধৰ্মপ্ৰচাৰতকৈ সন্মুখত থকা সমস্যাৰাজিৰ এক মানৱীয় সমাধান উদ্ভাৱনৰ দাবীয়েই ততওঁক এক নতুন ধাৰা প্ৰচাৰ কৰাৰ বাবে বেছিকৈ অনুপ্ৰাণিত কৰিছিল তযন লাগে৷ শংকৰী আদৰ্শই অহিংসাৰ মনোভাব তপাষণ কৰিছিল আৰু সকলো জীৱকে সমানভাৱে তচাৱাৰ আদৰ্শ শিকাইছিল৷ “যত জীৱ জঙ্গমযকীট পতঙ্গমযঅগ নগ জগ ততৰি কায়া [বৰগীত] বা ঈশ স্বৰূপে হৰিযসবঘটে জবঠহযজযচন গগন বিয়াপি [বৰগীত] ইত্যাদি গীত-মাতত গুৰুজনাৰ এই দৃষ্টিভংগীয়েই প্ৰকট জহ উঠিছে৷ তদুপৰি আনৰ ধৰ্মৰ প্ৰতিও ততওঁ অহিংসাৰ মনোভাব তপাষণ কৰিছিল৷ ‘পৰৰ ধৰ্মক নিহিংসিবা কদাচিত’বা ‘হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল’ আদি বক্তব্যই তসই কথাৰ প্ৰমাণ দাঙি ধৰে৷
শংকৰদেৱ পৰিচালিত ধৰ্মীয় আন্দোলনে সেই ধৰ্মীয় দিশতেই এক জাগৰণ আনিছিল তেনে নহয়৷ কাৰণ সেই সময়ৰ ধৰ্মীয় ধাৰাবোৰে সমাজৰ প্ৰতিটো দিশতেই প্ৰভাৱ পেলাইছিল৷ অৱধাৰিতভাৱেই ভক্তি আন্দোলনেও সমাজ গঠনত এক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ইয়াৰ ভিতৰত এক লক্ষণীয় দিশ হ’ল তেওঁ গঠন কৰা সমাজখনে এক সমন্বয়ৰ সংস্কৃতি গঢ়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা৷
শংকৰদেৱে যিখন সমাজত তেওঁৰ ধৰ্মীয় চিন্তাৰ পোহৰ বিলাইছিল সেইখন সমাজ আছিল এনেধৰণৰ–
কিৰাত কছাৰী খাসি গাৰো মিৰি
যৱন কঙ্ক গোৱাল৷
অসম মুলুক ৰজক তুৰুক
কুৱাচ ম্লেচ চণ্ডাল৷৷
আনো পাপী নৰ কৃষ্ণ সেৱকৰ
সঙ্গত পৱিত্ৰ হয়৷
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলয়৷৷
সংস্কৃত ভাগৱতৰ দ্বিতীয় স্কন্ধৰ পদ অনুবাদ কৰোঁতে মূলত থকা হুন, অন্ধ্ৰ, পুলিন্দ, পুক্কস, আভীৰ আদি বিভিন্ন জাতিৰ পৰিৱৰ্ত্তে শংকৰদেৱে বৰ্ণনা দিছে এই জাতিসমূহৰ৷ সমসাময়িক অসমৰ প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ মানুহ ততওঁৰ এই সমাজখনৰ মাজত তসামাই পৰিছে৷ অসমৰ জনগোষ্ঠীসমূহৰ সমন্বয়ৰ কাৰ্যকৰী লক্ষ্য নথকা হ’লে ততওঁ এনে নকৰিলেহেঁতেন৷ শংকৰদেৱৰ এনেবোৰ কাম আৰু তেওঁৰ জীৱন দৰ্শনে স্পষ্টভাৱে দেখুৱায় যে তেওঁ অসমৰ সমাজখনৰ বহুত্ববাদী চৰিত্ৰক অতি সুন্দৰভাৱে অনুভৱ কৰিছিল আৰু তেওঁৰ সৃষ্টি তথা কৰ্মৰ মাজত তাক প্ৰতিফলিত কৰিবলৈ যত্ন কৰিছিল৷
ঔপনিৱেশিক শাসনৰ হাত ধৰি অহা আধুনিক চিন্তা-ভাবনাৰ লগে লগে অসমৰ সমাজ-জীৱনৰ বিভিন্ন দিশত এক বিৰাট পৰিৱৰ্তনৰ সূচনা হয়৷ এনে পৰিৱৰ্তনে তাহানিৰ ৰাজনৈতিক ব্যৱস্থা মন্ত্ৰী আৰু বিষয়া-বৰ্গৰ ক্ষমতা হ্ৰাস কৰে আৰু নতুন শিক্ষাৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণী এটাই সমাজখনক নেতৃত্ব দিবলৈ আগুৱাই আহে৷ সমান্তৰালভাৱে আৰম্ভ হয় ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ এটা নতুন ধাৰা৷ ইতিমধ্যেই ১৮৩৬ চনত ব্ৰিটিছ প্ৰশাসনে অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষাক বহিষ্কাৰ কৰি তেওঁলোকৰ শাসন ব্যৱস্থা আৰু সুবিধাৰ বাবে বঙালী ভাষাৰ প্ৰচলন আৰম্ভ কৰে৷ জাতীয়তাবাদী ভাবধাৰৰ উন্মেষৰ প্ৰাক্ক্ষণত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ যোগাযোগৰ মাধ্যম হিচাপে প্ৰচলিত অসমীয়া ভাষা হঠাতে ব্যৱহাৰৰ পৰা আঁতৰি যোৱাত এক ব্যাপক জটিলতাৰ সৃষ্টি হয় আৰু অসমৰ নৱ্য শিক্ষিত শ্ৰেণীটোৱে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত ব্ৰতী হৈ পৰিব লগা হয়৷ ১৮৭২ চনত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হয় আৰু অসমীয়া জাতীয়তাবাদী চিন্তালৈ এক নতুন জোঁৱাৰ আহে৷ ইতিমধ্যেই প্ৰায় ৩৬ বছৰ কাল বঙালী ভাষাৰ প্ৰাধন্য থকাৰ বাবে ৰাজকীয় ক্ষেত্ৰবোৰত বঙালী লোকসকলে লাভ কৰি অহা সা-সুবিধাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় আৰু তেওঁলোকৰ প্ৰাধান্য লোপ পোৱাৰ আশংকাই একশ্ৰেণীৰ বঙালী লোকক উদ্বিগ্ন কৰি তোলে৷ তদুপৰি অসমীয়া ভাষাক প্ৰচলনৰ পৰা বিতাড়িত কৰাৰ ক্ষেত্ৰত বঙালী বাবুসকলৰ অভিসন্ধি থকা বুলি চলা প্ৰচাৰে বঙালী লোকসকলৰ প্ৰতি কিছু সন্দেহৰ সৃষ্টি কৰে৷ অৱশ্যে পিছলৈ এই গোটেই ষড়যন্ত্ৰৰ মূলতে যে ব্ৰিটিছ প্ৰশাসনহে আছিল, বঙালী লোকৰ কোনো দোষ নাছিল সেই কথা অসমীয়া গৱেষকসকলে প্ৰতিপন্ন কৰে৷ যিয়েই নহওক সেই সময়ত এনে ঘটনাই অসমীয়া জাতীয়তাবাদক ভালেখিনি প্ৰভাৱিত কৰিছিল আৰু জাতীয়তাবাদী চিন্তাৰ উন্মেষৰ এই প্ৰথম সময়ছোৱাতেই অসমীয়া লোকসকল কিছু দূৰলৈকে সংকোচনশীল হ’বলৈ বাধ্য হৈছিল৷ এনে পটভূমিতেই বেজবৰুৱাৰ দৰে ব্যক্তিয়েই বিভিন্ন লেঠাৰ মাজেৰে আধুনিক চিন্তাধাৰাক অসমীয়া সাহিত্যৰ মাজত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল আৰু যিমান দূৰলৈকে পাৰে জাতি বিদ্বেষৰ পৰা মুক্ত হৈ এখন সঁচা অৰ্থত আধুনিক সমাজ গঢ়াৰ পৃষ্ঠপোষকতা কৰে৷ বেজবৰুৱাৰ ভালেমান ৰচনাত জাত-পাত, ধৰ্ম ইত্যাদিৰ বিৰুদ্ধে প্ৰৱল বিক্ষোভ আছে৷ মাজে মাজে বঙালী ভাষাৰ ক্ষেত্ৰত তেওঁ কিছু কঠোৰ মনোভাব গ্ৰহণ কৰিলেও কোনো ক্ষেত্ৰতেই বঙালী ভাষা-সাহত্যৰ প্ৰতি হেয় মনোভাব পোষণ কৰা নাই৷ সম্পূৰ্ণভাৱে এক গণতান্ত্ৰিক দৃষ্টিভংগীৰে সকলো ধৰ্ম সম্প্ৰদায়ক লগত লৈ আধুনিকতাৰ বাটেৰে খোজ দিবলৈ বেজবৰুৱাই চেষ্টা কৰিছিল৷
অসমত এখন সম্প্ৰীতিৰ সমাজ গঢ়াৰ বাবে এক গণতান্ত্ৰিক প্ৰগতিশীল সংস্কৃতিৰ হকে যিসকলে বৰঙণি আগবঢ়াই গৈছে তেনে সকলো ব্যক্তিৰে অৱদানৰ বিষয়ে আলচ কৰাটো এই ক্ষুদ্ৰ পৰিসৰৰ মাজত সম্ভৱ নহয়৷ তথাপি যিকেইগৰাকী ব্যক্তিৰ বিষয়ে এটা আভাস নিদিলে এই প্ৰবন্ধৰ মূল উদ্দেশ্য আৰু পৰিকল্পনাই আধৰুৱা হৈ ৰ’ব, সেইসকলৰ ভিতৰত জ্যোতিপ্ৰসাদৰ নাম অন্যতম৷ ততওঁ আছিল গতিশীল চিন্তাৰ বাহক, জন-গণতান্ত্ৰিক দৃষ্টিভংগীসমৃদ্ধ এক বহুমুখী প্ৰতিভা৷ তজ্যাতি প্ৰসাদৰ স্মৰণত হেমাঙ্গ বিশ্বাসে এটা কবিতাত লিখিছে–
দেশপ্ৰেম প্ৰবাহক বন্ধা নাই
জাতীয়তাৰ তঠক পুখুৰীত৷
বিহুৰ তপঁপাৰ সতে গাঁঠি দিলা
স্পেনিচ গীতাৰ৷ (কুলখুৰাৰ চোতাল)
বোধহয় হেমাঙ্গ বিশ্বাসৰ এই কবিতাফাঁকিয়েই তজ্যাতিপ্ৰসাদৰ দৃষ্টিভংগীৰ সম্যক পৰিচয় দিব পাৰিছে৷ অসমীয়া জাতীয় জীৱনৰ বাবে জীৱন-পাত কৰা তজ্যাতিপ্ৰসাদ ততনে ধৰণৰ জাতীয়তাবাদী নহয়, বৰং উদাৰতাৰে তচৗদিশৰ সমল তগাটাই নিজৰ জাতীয়তাক গঢ় দিব তখাজা আধুনিক মনৰ মানুহ৷ আনকি ততওঁ যিখন সমাজ বিচাৰে, তাতো বিহুৰ তপঁপা আৰু তস্পনিছ গীতাৰৰ দৰেই সমন্বয় ঘটিছে প্ৰাচ্য আৰু পাশ্চাত্যৰ, পুৰণি আৰু নতুনৰ৷
তজ্যাতিপ্ৰসাদ আছিল মাটিৰ মানুহ আৰু জনগণৰ শিল্পী৷ তসয়েহে ততওঁৰ জীৱন দৰ্শন বা দৃষ্টিভংগী গঢ় জল উঠিছে জনতাৰ স্বাৰ্থত আৰু জনতাৰ স্বাৰ্থতে তাৰ উত্তৰণ ঘটাবলৈ ততওঁ সদায় সাজুহৈ আছে৷ ততওঁৰ সপোন ভাঙিছে জনতাৰ হাঁহাকাৰত৷ তবাধহয় তজ্যাতিপ্ৰসাদৰ জীৱনৰ এই গতিশীলতাই আছিল ততওঁৰ মাজত থকা গণমুখী আৰু মানৱতাবাদী চৰিত্ৰৰ তশ্ৰষ্ঠতম নিদৰ্শন৷ লক্ষণীয় কথাটো হ’ল তজ্যাতিপ্ৰসাদে সমাজৰ বুকুলৈ অহা পৰিৱৰ্ত্তনৰ নতুন ধাৰাটো হৃদয়ঙ্গম কৰিব পাৰিছিল৷ পাশ্চাত্য চিন্তাৰ প্ৰভাৱত অসমৰ চিন্তা জগততো এক নতুনৰ উন্মেষ জহছিল বা বিজ্ঞানৰ প্ৰভাৱ পৰিছিল যদিও সি তততিয়াও ঠন ধৰি উঠা নাছিল৷ সাম্ৰাজ্যবাদী প্ৰশাসনৰ ছত্ৰছায়াত প্ৰতিপালিত অসমীয়া মধ্যবিত্তই এই নতুন উন্মেষৰ প্ৰভাৱতে সুন্দৰৰ ছবি তদখিছিল যদিও এই সুন্দৰৰ ধাৰণা আছিল প্ৰহেলিকাময়৷ সুন্দৰৰ প্ৰতিষ্ঠাৰ বাবে তয সকলো প্ৰকাৰৰ দীনতা-হীনতা বা জাতিগত জবষম্যৰ তহঙাৰ ভাঙি অৰ্থনৈতিক সমতাৰ তভটিত নতুন জীৱন ৰচিব লাগিব তাক ততওঁলোকে সঠিকভাৱে ধৰিব পৰা নাছিল৷ তজ্যাতিৰ সুন্দৰৰ ৰাজ্যত উচ্ছ-নীচৰ তভদা-তভদ নাই৷ ধন বা কুলৰ মৰ্যাদাৰে তাত মানুহৰ জীৱনৰ মূল্যায়ন নহয়৷ তদুপৰি ততওঁ বুজি পায় এই সুন্দৰৰ প্ৰতিষ্ঠাৰ বাবে এক অহৰ্নিশ সংগ্ৰামৰ প্ৰয়োজন৷ এই সংগ্ৰামেই ততওঁৰ জীৱনাদৰ্শক পৰিচালিত কৰিছে৷ আধুনিক চিন্তা আৰু বিজ্ঞানৰ প্ৰসাৰৰ ফলত সমাজলৈ অহা নতুন গণতান্ত্ৰিক আৰু মানৱীয় তচতনাক তজ্যাতিপ্ৰসাদে সঠিকভাৱে বুজিব পাৰিছিল বাবেই ততওঁৰ সৃষ্টি আছিল সমাজ আৰু সংহতিৰ বাবে ইতিবাচক৷
প্ৰাক্ স্বাধীনতা কালৰ পৰা স্বৰাজোত্তৰ কালৰ দুটা দশকলৈকে নিজৰ দুৰন্ত প্ৰতিভাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সমন্বয়ৰ গীত গাই বৰ অসমৰ তভটি বান্ধিব তখাজা আন এজন গণশিল্পী হ’ল বিষ্ণুপ্ৰসাদ ৰাভা৷ বহুমুখী প্ৰতিভাৰ ব্যক্তি ৰাভাদেৱে গীত-নাট, কাব্য-আলেখ্য, উপন্যাস, প্ৰবন্ধ আদি অসমীয়া সাহিত্যৰ প্ৰতিটো দিশতে নিজৰ বলিষ্ঠ সৃষ্টিশীলতাৰ স্বাক্ষৰ ৰাখি জথ জগছে৷ ৰাভাদেৱ আছিল এজন গণশিল্পী৷ তসয়ে ততওঁ অকল গ্ৰন্থৰ পৰা তপাৱা অভিজ্ঞতাৰেই নিজৰ ৰচনাক পুষ্ট কৰা নাছিল৷ অসমৰ বিভিন্ন গাঁৱে-ভূঞে, পাহাৰে-পৰ্বতে ঘূৰি বিভিন্নজন ব্যক্তিৰ লগত গঢ়ি ততালা নিবিড় সম্পৰ্ক আৰু তাৰ পৰা তপাৱা অভিজ্ঞতাই ততখেতৰ ৰচনাক সমৃদ্ধ কৰিছিল৷ স্বাধীনতা যুদ্ধৰ এক নিভ¹ক জসনিক হিচাপে থাকিও কংগ্ৰেছী ৰাজনীতিৰ পৰা মুক্ত জহ মাক্সৰ্বাদী দৰ্শনৰ প্ৰতি আকৃষ্ট জহ ততওঁ জনগণৰ স্বাৰ্থক খামুচি ধৰিছিল৷ ৰাভাদেৱে স্পষ্টভাৱে বুজি উঠিছিল তয তদশৰ প্ৰকৃত স্বাধীনতাৰ বাবে যিদৰে বিদেশী সাম্ৰাজ্যবাদী শক্তিক তখদি পঠিয়াব লাগিব সেইদৰে তদশৰ মাটিৰ পৰা উৎখাত কৰিব লাগিব ক’লা চামৰাৰ স্বাৰ্থম্বেষীসকলক আৰু তসয়েই স্বাধীনতাৰ বিজয়োল্লাসত ভাৰতবাসী মত্ত জহ থকা সময়তে ততখেতে সঠিক ভাৱে মন্তব্য কৰিব পাৰিছিল৷–
ৰাজ্যে আছে দুইটি পাঠা৷
একটি কালো একটি চাদা৷৷
তদশেৰ যদি মঙ্গল চাও৷
দুইটি পাঠাই বলি দাও৷৷
এই মহত্বম সত্যৰ আধাৰতেই ততখেতে জীৱনজুৰি নিজৰ সাহিত্য আৰু জীৱন সংগ্ৰামক গঢ়ি তুলিছে৷ সৰ্বহাৰাৰ মুক্তিৰ মাজেদি বিশ্বমানৱীয়তাৰ সপোন দেখা ৰাভা কিন্তু বিশ্বজনীন সপোনৰ মাজতে বিভোৰ জহ থকা নাছিল৷ অসমীয়া জাতিৰ আত্মপৰিচয়ক সৰ্বতোপ্ৰকাৰে সবল কৰি ততালাৰ মাজেদিয়েই ততখেতে বিশ্বৰ বৰ সভালৈ যাব বিচাৰিছিল– তজ্যাতিপ্ৰসাদৰ দৰে৷ তসয়েহে বিষ্ণুৰাভা সৰ্বহাৰাৰ তনতা জহও আছিল অসমীয়া জাতিৰ ত্ৰাণকৰ্ত্তা৷ অসমীয়া জাতীয়তাবাদৰ মাজত অসমৰ নিষ্পেষিত-অৱহেলিত কৃষক, বনুৱা আৰু জনজাতীয় তলাকসকলৰ আৰ্ত্ত আকুতি প্ৰতিধবনিত কৰাৰ বাবেও ততওঁ নিৰন্তৰ প্ৰচেষ্টা চলাইছিল৷ কিন্তু মাক্সৰ্বাদী বিপ্লবী বুলিয়েই ৰাভাৰ কণ্ঠ স্তব্ধ কৰাৰ প্ৰচেষ্টা চলালে জাতীয়তাবাদী চৰকাৰে৷ পিছে সময়ে আজি প্ৰমাণ কৰিছে তয ৰাভা অকল মাক্সৰ্বাদীসকলৰ বাবেই নহয়; সকলোবোৰ নিষ্পেষিত, নিৰ্যাতিত তলাকৰ বাবে তপ্ৰৰণাৰ উৎস, আনকি অস্তিত্বৰ সংকটত পৰা অসমীয়া জাতীয়তাবাদীসকলৰ কতো আজি নিনাদিত জহছে ৰাভাৰ অমোঘ বাণী৷
সৰ্বহাৰাৰ আন্তৰ্জাতিকতাবাদৰ হকে কাম কৰিলেও প্ৰতিটো মুহূৰ্ত্ততে ততওঁ অসম আৰু অসমীয়া সত্তাৰে মহিমামণ্ডিত জহ আছে৷ কিন্তু পাহৰিলে নহ’ব তয ততওঁৰ এই অসমীয়া জাতিৰ মূল কাণ্ডাৰী হ’ল কৃষক বনুৱাৰ শক্তি, বিভিন্ন জনগোষ্ঠেীৰ সন্মিলিত উদ্যোগ৷ অসমীয়া জাতীয়তাবাদে তাকে প্ৰতিফলিত কৰিব তনাৱাৰাত ততওঁ তক্ষাভ প্ৰকাশ কৰিছে, সম্ভাব্য বিদ্ৰোহৰ ইঙ্গিত দিছে, কিন্তু তকানো সময়তে ততওঁ এই জাতীয়তাৰ বন্ধনৰ পৰা আঁতৰি তযাৱাৰ মনোভাব প্ৰকাশ কৰা নাই৷ পিছে এই জাতীয়তাৰ মাজতে মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ ততওঁ বিচাৰে৷ এয়েই ৰাভাৰ শিল্প আৰু কৰ্মৰ মৰ্ম্মবাণী৷ সম্ভৱতঃ এইটোৱেই আছিল জাতীয় সংহতিৰ বাবে অতি প্ৰয়োজনীয় প্ৰচেষ্টা৷
অসমৰ সমাজ-জীৱনক প্ৰগতিৰ সঠিক বাট দেখুৱাওতাসকলৰ ভিতৰত আমি হেমাংগ বিশ্বাসৰ নাম ল’বই লাগিব৷ শ্ৰীহট্ট জিলাৰ পৰা আহি তেওঁ অসমীয়া জনজীৱনৰ সৈতে একাত্ম হৈ জনগণৰ সংগ্ৰামক আগুৱাই নিয়াৰ চেষ্টা কৰিছে৷ ১৯৪৫ চনত তেওঁ ‘সুৰমা ভেলী কালচাৰেল স্কোৱাড’লৈ এমাহৰো অধিক কাল অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে আৰু এই যাত্ৰাতেই তেওঁ ৰোগশয্যাত থকা জ্যোতিপ্ৰসাদক সাক্ষাত কৰে৷ এই সাক্ষাতত জ্যোতিপ্ৰসাদে নিজেও একেধৰণৰ গণসংস্কৃতি গঢ়াৰ সপোনৰ বিষয়ে হেমাংগ বিশ্বাসক অৱগত কৰে৷ পৰৱৰ্তী সময়ত ১৮৪৭ চনত শিলচৰত অনুষ্ঠিত ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি হিচাপে জ্যোতিপ্ৰসাদক নিৰ্বাচিত কৰা হয়৷ হেমাংগ বিশ্বাস ডাঙৰীয়াই যেনেকৈ জ্যোতিপ্ৰসাদৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা ব্যক্ত কৰিছে তেনেদৰে মঘাই ওজাক মঞ্চলৈ উলিয়াই আনি এক উল্লেখনীয় সাংস্কৃতিক দায়িত্ব পালন কৰিছে৷ তেওঁ অসমীয়া ভাষাত লিখা যুগজয়ী কবিতাসমূহৰ [কুলখুৰাৰ চোতাল] পাতনিত লিখিছে ‘‘অসমীয়া মোৰ মাতৃভাষা নহয়৷ সেইকাৰণেই অসমীয়া ভাষাত বিশেষকৈ কাব্য সৃষ্টিত মোৰ সীমাৱদ্ধতা সম্বন্ধে মই সম্পূৰ্ণ সচেতন৷ কিন্তু কুলখুৰা বা বিষ্ণু ৰাভাক যি সমাজ, সংস্কৃতি আৰু ঐতিহ্যৰ পৰিৱেশত মই দেখিছোঁ, জানিছো আৰু ভাল পাইছো– সেই পৰিৱেশৰ পৰা আঁতৰাই বাংলা কাব্যৰ পৰিৱেশত তেওঁলোকক স্থানান্তৰিত কৰিলে লুইতৰ মাছ কলিকতাৰ ৰবীন্দ্ৰ সৰোবৰত জীয়াই ৰখা যেন লাগে৷ বঙালী পাঠক-মনত সেই অনুভূতিৰ অনুৰণন নেপাওঁ৷” কুলখুৰাৰ চোতালৰ এই পাতনি পঢ়িলেই আমি হেমাংগ বিশ্বাসৰ গণতান্ত্ৰিক তথা প্ৰগতিশীল মনটোৰ উমান পাওঁ৷ অসমৰ বিহু সংস্কৃতি সম্পৰ্কে হেমাংগ বিশ্বাসে যি মত পোষণ কৰিছিল সেইধৰণেই বিহু আজি অসমৰ জাতীয় সংস্কৃতি হৈ পৰিছে৷ পৰৱৰ্তী সময়ত অসম তথা ভাৰতৰ স্বনামধন্য শিল্পী ভূপেন হাজৰিকাদেৱকো জনগণৰ আদৰ্শৰে অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত হেমাংগ বিশ্বাসে বিশেষ ভূমিকা পালন কৰিছে৷ আনকি হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই একেলগে গোৱা ‘হাৰাধন-ৰঙমনৰ কথা’ গীতটো অসমৰ জনমানসত আজিও সমন্বয়ৰ এক যুগজয়ী সৃষ্টি হিচাপে বিবেচিত হৈ আছে৷
গীতটোত ৰংমনে কৈছে–
“মনৰে বননি চেনেহৰ নিজৰাৰ
পানীকে এটুপি পিওঁ৷
পোৰাকৈ ভেঁটিতে তুমি ঘৰ বান্ধা
আমি টঙাল তুলাই দিওঁ৷”
গীতটোত হাৰাধনে কৈছে–
“আবাৰ আমি বান্ধমু ঘৰ
আবাৰ গাইমু গান
দুঃখে যদি পাষান গলে
গলবে কি পৰাণ৷”
জ্যোতি-বিষ্ণু আৰু হেমাংগৰ মতাদৰ্শৰে পুষ্ট হৈ ভূপেন হাজৰিকাই অসমৰ পৰ্বত-ভৈয়াম সামৰি জাতি-জনগোষ্ঠী সকলোকে লৈ এখন নতুন অসম গঢ়িব বিচাৰিছিল৷ তেওঁ সঠিকভাৱেই বুজিছিল জনগণক আগুৱাই নিয়াৰ আচল বাট৷ পিছলৈ তেওঁৰ ৰাজনৈতিক চিন্তাধাৰাত কিছু পশ্চাদপদতা দেখা গ’লেও জীৱনৰ সৃষ্টিশীল সময়ছোৱাৰ বেছিভাগ সময়েই হাজৰিকাদেৱে প্ৰগতিশীল চিন্তাচৰ্চাৰ বাটেদিয়েই খোজ পেলাইছিল৷ ‘অগ্নি যুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িমযসৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম”– এইধৰণৰ গীতেৰে জীৱনৰ প্ৰথমটো পৰ্ব আৰম্ভ কৰা ভূপেন হাজৰিকাই “নানা জাতি উপজাতি/ৰহণীয়া কৃষ্টি/আঁকোৱালি লৈ হৈছিল সৃষ্টি/ এয়ে মোৰ অসম দেশ” বুলি অসমখনক জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ থলী কৰিব খুজিছিল৷ অসমৰ সমাজ-জীৱনলৈ নানান ঘাত-প্ৰতিঘাত অহাৰ পিছতো আজিও অসমীয়া সমাজখনে শংকৰ-মাধৱৰ পৰা জ্যোতি-বিষ্ণু হৈ ভূপেন হাজৰিকাই দেখুওৱা বাটেৰে আগবাঢ়িব খোজে৷
মাজে মাজে ৰাজনৈতিক চক্ৰান্তই সমন্বয়ৰ এই মহাযাত্ৰাত হেঙাৰ তৰিব খোজে, প্ৰতিহত কৰিব খোজে এই যাত্ৰাক৷ পিছে আজিলৈকে অসমীয়া জাতিয়ে এই সকলো ঘাত-প্ৰতিঘাত, বাধা-বিপত্তি নেওচি সম্প্ৰীতিৰ বাটেদিয়েই আগুৱাই গৈ আছে৷ সাম্প্ৰতিক সময়ত ধৰ্মীয় মতান্ধতাই সমাজখন চানি ধৰিছে৷ শাসকীয় পক্ষই ভাষিক সংঘাতৰো সৃষ্টি কৰি অসমৰ সমাজ-জীৱনক ভাগ ভাগ কৰিব খুজিছে৷ এই ধৰ্মান্ধ ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে কেৱল কৃষ্টি-সংস্কৃতি আৰু সমন্বয়ৰ গীত গালেই নহ’ব৷ তেওঁলোকৰ বিৰুদ্ধেও আৰম্ভ কৰিব লাগিব এক শক্তিশালী ৰাজনৈতিক সংগ্ৰাম৷ অসমৰ সমাজ-জীৱনৰ বহুত্ববাদী চৰিত্ৰ আৰু গণতান্ত্ৰিক পৰম্পৰাৰ মাজৰ পৰাই এই ৰাজনীতিয়ে পোখা মেলিব লাগিব৷ তেহে আমাৰ পূৰ্বসূৰীসকলে দেখুৱাই যোৱা সম্প্ৰীতিৰ সোণালী অসমখনত আমি শান্তিৰে বসবাস কৰিব পাৰিম৷

0 Comments